Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ

Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ Question Answer can be of great value to excel in the examination.

Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ

Join Telegram channel

Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ Notes cover all the exercise questions in UGC Syllabus. Indian Sociological Traditions Unit 5 বি. আৰ. আম্বেদকাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২১। দলিত  সম্প্রদায় সম্পৰ্কে  বহলাই আলোচনা কৰা। 

উত্তৰঃ জন্ম আৰু পেশাগত কাৰণত বৈষম্য আৰু বঞ্চনাৰ চিকাৰ হোৱা মানুহবোৰ আন্তৰ্জাতিক পৰিসৰত বিশেষভাৱে পণ্ডিতসকলৰ ওচৰত ‘দলিত’ নামেৰে পৰিচিত আছিল। বঙ্গদেশত দুইধৰণৰ দলিত জনগোষ্ঠী আছে (ক) বঙালী দলিত (খ) অবঙালী। বঙালী দলিত বুলিলে সমাজত যিসকল অস্পৃশ্য বুলি  পৰিগণিত তেওঁলোকক বুজায়। যেনে— কৰ্মকাৰ, মালাকাৰ, কামাৰ,কুমাৰ,মাছমৰীয়া, পাটনী, কৈবর্ত্য, কালু, কোল, কাহাৰ,বাউলিয়া,মাহাতো, ৰাজদাস, ৰাজবংশী, ৰায়, শব্দকাৰ,খবৰ, সন্ন্যাসী, কর্তাভজি, হাজৰা ইত্যাদি সম্প্ৰদায় সমাজত অস্পৃশ্যতাৰ চিকাৰ হৈ আহিছে। এই সকল সম্প্ৰদায় আকৌ বিপন্ন গোত্রত বিভক্ত। 

আকৌ বঙালী দলিত বুলিলে আমি বুজো ব্ৰিটিছ শাসনকালৰ মাজৰ সময়ছোৱাত (১৮৩৮ -১৮৫০) বিভিন্ন সময়ত পূর্ববঙ্গত পৰিষ্কাৰ – পৰিচ্ছন্নতা কৰ্মী চাহ বাগিচাৰ শ্ৰমিক, জংঘল চাফা কৰা, পয়ংনিষ্কাশন ইত্যাদি কামৰ বাবে  ভাৰতৰ উত্তৰ পদেশ, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, বিহাৰ, উড়িষ্যা, কোচবিহাৰ, ৰিচি, মাদ্ৰাজ আৰু অসমৰ পৰা হিন্দী, উৰিষ্যা, তেলেগু ভাষাভাষী মানুহৰ পূৰ্ব – পুৰুষসকলৰ লৈ আহিছিল। অভাৱে জুৰুলা কৰা অধিবাসীসকল দেশৰ সর্বত্রপৰিচ্ছন্নতা কৰ্মী আৰু সিলেটে চাহ – শ্ৰমিক হিচাপত কাম কৰে। ভূমিহীন আৰু নিজস্ব বস্তু ভেঁটিহীন এইসকল সম্প্ৰদায়  বঙ্গদেশৰ বিভিন্ন স্থানত চৰকাৰ কর্তৃক প্ৰদত্ত ভূমিত বসবাস কৰছিল। ইয়াৰ মাজত উল্লেখযোগ্য হ’ল হেলা, মুচি, ডোখ,বাল্মীকী, কাপুলং নায়ক, নুনিয়া পৰাধন, বাউৰি, বাঁশফোৰ।এইসকলৰ জনগোষ্ঠী তেলেগু, ভোজপুৰী, জোৱালপুৰী হিন্দী ভাষাত কথা পাতে আৰু এই সম্প্রদায়বিলাক মূলতঃ বঙালী দলিত শ্ৰেণী।

২২। দলিত আন্দোলনৰ সূচনা কোনে কৰিছিল আৰু কেনেকৈ কৰিছিল? 

উত্তৰঃ দলিত আন্দোলনৰ সূচনা কৰিছিল ভীমৰাও ৰামজী আম্বেদকাৰে।

১৯৩৫ চনত এখন সম্মিলনত বাবাসাহেব ভীমৰাও আম্বেদকাৰে ঘোষণা কৰে যে তেওঁ এজন হিন্দুধর্মীবলম্বী হিচাপত কেতিয়াও মৃত্যুবৰণ কৰিব নোৱাৰে কাৰণ হিন্দুধর্মই বর্ণভিত্তিক সমাজ ব্যৱস্থাৰ মাজেদি মানুহৰ মাজত বিভেদ আৰু বৈষম্য সৃষ্টি কৰিছে। ইয়াৰ প্ৰেক্ষিতত বিভিন্ন ধর্মীয় নেতৃবৃন্দ আম্বেদকাৰৰ লগত সাক্ষাৎ কৰে আৰু সকলোৱে তেওঁক নিজৰ নিজৰ ধৰ্মত ধৰ্মান্তৰিত হ’বৰ কাৰণে আহ্বান জনায়। ইয়াৰ পিছত বিভিন্ন বৈঠকত দলিতসকলৰ ধৰ্মান্তৰিত হোৱাৰ ইতিবাচক আৰু নেতিবাচক দিশবিলাক আলোচনা হয়। ১৯৩৫ চনৰ ২২ মে’ লক্ষ্ণৌত এটা ‘সর্বধর্ম সম্মিলন’ অনুষ্ঠিত হৈছিল। জগজীবন ৰাম আৰু বহু বিশিষ্ট দলিত নেতৃৰ্গই উক্ত সম্মিলনত যোগদান কৰে। এই সম্মিলনত ইছলাম, খ্ৰীষ্টান ধৰ্ম আৰু বৌদ্ধ ধর্ম আৰু বিভিন্ন ধৰ্মৰ প্ৰতিনিধিসকলে তেওঁলোকৰ ধৰ্ম গুণাৱলী দলিত নেতাসকলৰ ওচৰত ব্যাখ্যা কৰে।

দলিতসকলৰ বাবে একমাত্র বৌদ্ধধর্মই মঙ্গলপ্রদ, এই তত্ত্বৰ ওপৰত বহু গ্রন্থ প্ৰকাশৰ পিছত আম্বেদকাৰে ১৯৫৫ চনৰ ১৪ অক্টোবৰত নাগপুৰৰ দীক্ষাভূমিত আনুষ্ঠানিকভাৱে বৌদ্ধ ধর্মত দীক্ষিত হয়। তেওঁ এজন বৌদ্ধ ভিক্ষাৰীৰ পৰা ত্ৰিৰত আৰু পঞ্চশীল গ্ৰহণ কৰে। ইয়াৰ পিছত তাত উপস্থিত তেওঁৰ অনুগামী ৩৮০০০০ জনে অনুগামী বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। সেইদীক্ষানুষ্ঠানত আচার্য ঈশ্বৰদত্ত মেধাৰ্থী আৰু তাৰ শিষ্য ভোজদেব মুদিতও উপস্থিত হৈছিল ।

ইয়াৰ পৰৱৰ্তী কালছোৱাত বহু ধৰ্মান্তৰিত দলিতে ‘নিজক আম্বেদকাৰ বৌদ্ধ’ বুলি অভিহিত কৰিছে কাৰণ আম্বেদকাৰৰ দীক্ষাগ্ৰহণৰ মাধ্যমেদি এই আন্দোলনৰ সূচনা হৈছিল। আকৌ বহুতে এই আন্দোলনক নববৌদ্ধ আন্দোলন হিচাপে চিহ্নিত কৰে কাৰণ ইয়াৰ ফলত ভাৰতত অবলুপ্তপ্রায় বৌদ্ধ ধৰ্মৰ পুনর্জাগৰণ সম্ভৱ হৈছিল।

১০ জুন ১৯৩৬ চনত ভিক্ষু লোকনাথ বাবাসাহেব আম্বেদকাৰৰ দানৰৰ বাসভৱনত গৈ তেওঁৰ লগত সাক্ষাৎ কৰি তেওঁক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ কাৰণে তেওঁক অনুৰোধ জনায়। পিছত গণমাধ্যমৰ এক সাক্ষাৎকাৰত লোকনাথে জনায় যে আম্বেদকাৰ বৌদ্ধ ধৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু সমগ্ৰ দলিত সম্প্রদায়ক বৌদ্ধ ধৰ্মত দীক্ষিতকৰাৰ ইচ্ছা প্রকাশ কৰিছিল। ১৯৩৭ চনত লোকনাথে তেওঁৰ সিংহলত অৱস্থিত ছপাখানাৰ পৰা ভাৰতৰ নিপীড়িত আৰু দলিত সম্প্ৰদায়ৰ উদ্দেশ্যত এখন প্ৰচাৰপত্ৰ প্ৰকাশ কৰিছিল য’ত লিখিত আছিল যে বৌদ্ধ ধর্মই আপোনালোকক মোক্ষ প্ৰদান কৰিব।

২৩। দলিত শ্রেণী, তপশীল জাতি অথবা অস্পৃশ্য শ্ৰেণীৰ বৰ্ণনা কৰা। 

উত্তৰঃ ‘তপশীল জাতি’ এই শব্দৰ প্ৰয়োগ সৰ্বপ্ৰথম ১৯৩৫ চনত চাইমন কমিচনৰ দ্বাৰা কৰা হৈছে। এই শব্দৰ প্ৰয়োগ অস্পৃশ্য মানুহৰ বাবে কৰা হৈছিল। আম্বেদকাৰৰ নিচিনা আদি কালত ভাৰতত এইসকলক ‘ভগ্নপুৰুষ’ বুলি কোৱা হৈছিল। ১৯৩১ চনৰ জনগণনা অনুসৰি এইসকলক বাহিৰৰ জাতি বুলি সম্বোধিত কৰা হৈছিল। মহাত্মা গান্ধী হিতকক ‘হৰিজন’ নামে অভিহিত কৰিছিল। ব্ৰিটিছ যুগত অস্পৃশ্যসকলক দলিত শ্ৰেণী বুলি সম্বোধন কৰিছিল। অস্পৃশ্য জাতিসকলৰ নামকৰণক লৈ মতভেদো আছিল। এইসকলক অস্পৃশ্য, দলিত, হৰিজন আৰু তপশীল জাতি নামে সম্বোধিত কৰা হৈছিল। এই সকলৰ আৰ্থিক অৱস্থা অত্যন্ত বেয়া হোৱাৰ কাৰণে অস্পৃশ্য শব্দৰ পৰিৱৰ্তে ‘দলিত শ্ৰেণী’ শব্দটো প্ৰয়োগ কৰা হৈছে। ১৯৩১ চনৰ জনগণৰ  আগ পর্যন্ত ‘দলিত’ শব্দৰ প্ৰয়োগ হৈ আছিল। এই জনগণনাৰ সময়ত জনগণনাধিকাৰী ‘দলিত’ শব্দৰ পৰিৱৰ্তে ‘বাহিৰৰ জাতি’ শব্দটি প্ৰয়োগ কৰা হৈছিল। এই শব্দৰ প্ৰয়োগৰ কাৰণ আছিল এই জাতিবিলাকৰ ভাৰতীয় সামাজিক কাঠামোত কোনো স্থান নাছিল। 

১৯৩৫ চনত আইনে এই মানুহবোৰক কিছু বিশেষ সুবিধা প্রদানৰ বাবে এখন তালিকা তৈয়াৰ কৰিছিল য’ত বিভিন্ন অস্পৃশ্য জাতিবিলাকক সন্মিলিত কৰা হৈছিল। এই তালিকাৰ ওপৰত ভিত্তি কৰি আইনাত দৃষ্টিকোণৰ পৰা এই জাতিবিলাকৰ ক্ষেত্ৰত তপশীল জাতি শব্দটোৰ প্রয়োগ কৰা হয়। উক্ত তালিকাত যিবোৰ অস্পৃশ্য জাতিবিলাকক ৰখা হয় সেইবোৰক তপশীল জাতি কোৱা হৈছিল। এই শ্রেণীৰ মানুহবোৰক ‘দলিত’ বুলি মন কৰা হয়। 

তপশীল জাতিবোৰক এনে জাতিবিলাকৰ পৰিপ্ৰেক্ষিতত পৰিভাষিত কৰা হয় যিবোৰ ঘৃণিত পেচাৰ দ্বাৰা জীৱিকা অৰ্জন কৰে। কিন্তু অস্পৃশ্যতা নির্ধাৰণত এইটোৱে সৰ্বমান মাপকাঠি নহয়। ইয়াৰ কাৰণ হ’ল যে, বহু এনে জাতি আছে যিসকলে ঘূণিত পেচাৰ লগত জড়িত আছে, কিন্তু তথাপি সিহঁতৰ সংবিধানিক দিশৰ পৰা তপশীল জাতি বুলি ধৰা নহয়। অস্পৃশ্যতা সম্পর্ক প্রধানতঃ পবিত্রতা আৰু অপবিত্ৰতাৰ সৈতে। হিন্দু সমাজত কিছুমান পেচাক পবিত্র আৰু কিছুমান পেচাক অপবিত্ৰ বুলি ধৰা হৈছে। এনে অৱস্থাত এই পদাৰ্থৰ লগত সম্পর্কিত পেচাত নিযুক্ত জাতিবিলাকক অপবিত্ৰ বুলি ধৰা হৈছে আৰু সিহঁতক অস্পৃশ্য কোৱা হৈছে। 

অস্পৃশ্যতা সমাজৰ এনে এটা ব্যৱস্থা যাৰ অন্তৰ্গত অস্পৃশ্য জাতিৰ ব্যক্তিসকলক সবর্ণ হিন্দুবিলাকে স্পৰ্শ কৰা নাছিল।

অস্পৃশ্যতাৰ তাৎপৰ্য হ’ল ‘যি লোকৰ যোগ্য নাই”। অস্পৃশ্যতা এনে এটা ধাৰণা য’ত এজন ব্যক্তি আন এজন ব্যক্তিৰ ছায়া স্পৰ্শ কৰিলেও অপবিত্র হয়। সবর্ণ হিন্দুসকলে অপবিত্র হোৱাৰ পৰা বচাবলৈ অস্পৃশ্য – লোকসকলক বসবাসৰ বেলেগ ব্যৱস্থা কৰি দিছিল। সিহঁতৰ ওপৰত অযোগ্যতা আৰোপ কৰা হয় আৰু সিহঁতৰ সম্পৰ্কৰ পৰা বচাবৰ কাৰণে বিভিন্ন উপায় ঠিক কৰা হয়।

২৪। দলিত আন্দোলন সম্পর্কে বহলাই আলোচনা কৰা। 

উত্তৰঃ হিন্দু ধর্মশাস্ত্ৰই আজিও চাৰি বেদক জীবনৰ আদৰ্শস্বৰূপ হিচাপে অনুসৰণ কৰি চলি আছে। বৈদিক শাস্ত্ৰ আৰ্যসকলৰ দ্বাৰা ৰচিত হৈছিল। তেওঁলোক এটা সময়ত ভাৰতবৰ্ষত আহি নিজৰ স্থাপত্য গঢ়ি তোলে আৰু হিন্দ শাস্ত্ৰত নিজৰ স্বাৰ্থত নিয়ম শৃঙ্খলা বজায় ৰখাৰ কাৰণে ঋক, সাম, যজু, অথর্ববেদ নিৰ্মাণ কৰে। যি উদ্দেশ্যত তেওঁলোকে এই চতুর্বেদক নির্মাণ কৰিছিল সেই উদ্দেশ্য এশ শতাংশ কামত লাগিলেও কিছুমান ক্ষেত্ৰত ইয়াৰ অপব্যৱহাৰ দেখা যায় আৰু এই অপব্যৱহাৰ দেখা গৈছে বর্তমান হিন্দু সমাজত। যি ঋকবেদ হিন্দু সমাজৰ অমূল্যধন হিচাপে গ্রহণীয় সেই ঋকবেদেই হিন্দুসমাজৰ বর্ণবিভাজন এতিয়াও কৰি আছে। ব্ৰাহ্মণ, ক্ষত্রিয়, শূদ্র, বৈশ্য এই চতুৰ্বৰ্ণৰ হিচাপ নিকাচ ঋকবেদৰ পৰাই হিন্দুসমাজ জ্ঞাত হয় আৰু এই হিচাপে সেই সামাজিক সুযোগ – সুবিধাৰ আধাৰত নিৰ্মিত তাৰ কোনো সন্দেহ নাই। বিভাজন পদ্ধতি হিন্দু সমাজত প্ৰচলিত হয়। ঋকবদৰ আধাৰত আৰু তাৰ পিছত সামাজিক বৈষম্য ভেদত নিম্ন শ্ৰেণীৰ মানুহবোৰ বঞ্চিত হ’বলৈ ধৰে আৰু এনেদৰে এদিনৰ পিছত এদিন শোষিত হৈ এটা সময়ত সিহঁতে শাৰীৰিক আৰু মানসিক দুৰ্বলতা অৰ্জন কৰে।

ব্রাহ্মণ, ক্ষত্রিয়, শূদ্র, বৈশ্য এই চতুৰ্বৰ্ণৰ সামাজিক হিচাপ নিকাচ সম্পৰ্কত আমি সকলোৱেই জ্ঞাত। কিন্তু এই চতুকৰ্ণৰ বাহিৰেও এনেকুৱা কিছুমান মানুহৰ অস্তিত্ব আছে যি গোটেই ভাৰতবৰ্ষ জুৰি আছে। হিন্দু সমাজত চতুৰ্বৰ্ণৰ বাহিৰে যিসকল আছে তেওঁলোকক পঞ্চম স্থান দিব পৰা যায় আৰু সিহঁত ‘দলিত’ হিচাপে পৰিচিত। দলিত শব্দটো প্ৰাচীন সংস্কৃতৰ ক্ৰিয়া বিশেষণৰ পৰা গৃহীত হৈছে যাৰ অৰ্থ বিভাজিত, খণ্ডিত, তাড়িত। এই বিভাজিত শ্ৰেণীৰ উদ্দেশ্যত জ্যোতিবা ফুলে ঊনবিংশ শতিকাত অস্পৃশ্য প্রথাৰ ভিত্তিত ‘দলিত’ শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰে। ভাৰতবৰ্ষত দলিতসকলৰ অৱস্থা ইমানেই কৰুণ যে সিহঁতক মানুহ বুলি সম্বোধন কৰাও কঠিন হৈ পৰে। অস্পৃশ্য প্রথাৰ ভিত্তিত গঢ়ি উঠা এই দলিত গোষ্ঠী নিপীড়িত আৰু শোষিত।

১৯২৭ চনৰ ২৫ ডিচেম্বৰত ড° বাবাচাহেব আম্বেদকাৰ অস্পৃশ্যসকলৰ হৈ হিন্দুত্বৰ বিৰুদ্ধে দলিত আন্দোলন আৰম্ভ কৰে। কিন্তু উল্লেখনীয় যে এই আন্দোলনত তেওঁ দলিত শব্দটো ব্যৱহাৰ কৰা নাছিল। এই আন্দোলনক তেওঁ ‘সত্যাগ্রহ’ হিচাপে চিহ্নিত কৰে। তেওঁ মহাৰ গোষ্ঠীৰ হৈ অস্পৃশ্য প্ৰথাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিলেও পৰৱৰ্তীকালত এই আন্দোলনে বৃহৎ আকাৰ ধাৰণ কৰে। অকল মহাৰাষ্ট্ৰৰ মাজত সীমাবদ্ধ হৈ নাথাকি, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত এই আন্দোলন বিয়পি পৰে আৰু ইয়াৰ কাৰণো আছে। গবেষণাৰ পৰা জনা যায় অকল ভাৰতবৰ্ষত নহয় গোটেই বিশ্বত দলিতসকল বিয়পি আছে। আনকি ইয়াক পাশ্চাত্য দেশত বগা কলাৰ বিভেদ দেখা যায়। মহাৰাষ্ট্ৰৰ মহাৰ সম্প্ৰদায়ৰ হৈ যুদ্ধ কৰিব গৈ বিভিন্ন ৰাজ্যৰ দলিতসকল আত্মসমৰ্পণ কৰে। এই আন্দোলনত বাবাচাহেব অক্লান্তভাৱে যুদ্ধত যোগদান কৰে। 

সকলো বঞ্চিত, নিপীড়িত, অবহেলিত লোকসকল, আদি কৰ্ণাটক, আদি দ্রাবিড়, আদি অন্ধ্রবাসীসকল, যিসকল দলিত সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত, তেওঁলোকৰ প্ৰতিজন এই আন্দোলনত অংশগ্ৰহণ কৰে। ভাৰতবৰ্ষত আন কিছুমান দলিত সম্প্রদায়সকল ইয়াৰ প্ৰকোপ বেছি হোৱা কাৰণে তেওঁলোকে দেশ এৰি চিংগাপুৰ, মালেচিয়া, কানাডা, ইউনাইটেড কিংডম আদি বিভিন্ন স্থানত গৈ বসবাস আৰম্ভ কৰে। বাবাচাহেবৰ উদ্দীপনাত দলিতসকলৰ মাজত শিক্ষাৰ পসিৰ ঘটে আৰু লগতে ঐক্যতাৰ বাণী প্ৰচাৰ হয়। গাঁওবাসীসকলে নিজৰ অধিকাৰ কাঢ়ি লোৱাৰ বাবে শিক্ষাৰ প্ৰয়োজনীতা অনুভব কৰে। চাব গলৈ ৬০% শতাংশ শিক্ষিত দলিতসকল আছিল গাঁৱৰ। ফলত বাবাচাহেবৰ আন্দোলন আৰু বেছি তীব্ৰ গতিত আগবাঢ়ি যায়। হিন্দু সমাজৰ ভেদ -বিভাজনৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰে। তেওঁলোকে আন্দোলন কৰে বৰ্ণ বিভাজন সৃষ্টি কৰা বেদৰ বিৰুদ্ধে। বাবচাহেবৰ উদ্যোগত সেই পিছপৰি থকা মানুহবোৰক সমাজত যথাচিত স্থান নিবৰ বাবে ‘সত্যাগ্রহ’ আন্দোলনৰ আৰম্ভ হয়। বৰ্ণহিন্দু প্ৰথাৰ বিৰুদ্ধে যুঁজিব গৈ বাবাচাহেৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে।

ড° বি. আৰ. আম্বেদকাৰে দলিত আন্দোলন আৰম্ভ কৰে দীৰ্ঘদিনৰ প্ৰত্যাখ্যানৰ পিছত। এই প্রত্যাখ্যান কেৱল তেওঁৰ জীৱনত ঘটা ঘটনা নহয়, প্ৰজন্মৰ পিছত প্ৰজন্মই এই প্ৰত্যাখ্যানৰ চিকাৰ হৈছে। বৰ্ণ হিন্দু সমাজত দলিতসকল ইমানেই প্রত্যাখ্যাত আছিল যে জলপান কৰৰ উপৰতো বিধিনিষেধ আৰোপ কৰা হয়। মহাৰৰ চাভানৰ লেকৰ পৰা বৰ্ণ হিন্দু সমাজে দলিতসকলক জলপান নিষিদ্ধ কৰাৰ পৰাই বাবাচাহেবৰ আন্দোলনৰ সূত্ৰপাত ঘটে। বাবাচাহেব এক সত্যাগ্রহ সমিতিৰ আয়োজন কৰি দলিতসকলক সেইটো সভাত আহ্বান জনায়। ১৯২৭ চনৰ ২৫ ডিচেম্বৰত এই সভাত বাবাচাহেৰে বক্তৃতা দি দলিতসকলক একত্ৰিত কৰি এক তীব্ৰ বিক্ষোভত আলোড়িত কৰে।

কিছুমান গৱেষকৰ মতে জ্যোতিবা ফুলেই দলিত সাহিত্যৰ সূত্ৰপাত ঘটাইছে। আকৌ আন কাৰোবাৰ মতে, ভক্তি আন্দোলনেই ইয়াৰ জন্ম। আকৌ কোনোবাই কয় যে সন্ন্যাস কৰি চোখামেলাৰ কবিতাৰ মাধ্যমত দলিত সাহিত্য ভাৰতৰ ভূমিত পদার্পণ কৰে। এই বিভিন্ন তর্ক – বিতর্ক বিভিন্ন সাহিত্য সমাজত চলি থাকে। আনফালে বাবাচাহেবে গোটেই দলিত গোষ্ঠীক একত্ৰিত কৰিবৰ বাবে পত্র – পত্ৰিকাত বিভিন্ন ৰকমৰ লিখা – মেলা প্ৰকাশ কৰি থাকে। মাৰাঠী ভাষাত বিভিন্ন ৰচনা আৰু ইংৰাজীত তেওঁৰ লিখা প্ৰকাশ হোৱাৰ বাবে দলিত পাঠক মণ্ডলী একত্রিত হয়। বিভিন্ন ঠাইত দলিতক একলগ কৰাৰ বাবে বিভিন্ন সভাৰ আয়োজন কৰে আৰু তাত মূল্যৱান বক্তৃতা পৰিৱেশন কৰে। আম্বেদকাৰ ১৯৪৫ চনত মুম্বাইত ‘পিপলচ্ এডুকেশন ছোছাইটি’ প্রতিষ্ঠা কৰে। তেখেতৰ প্ৰচেষ্টাত এক অখণ্ড মানৱ গোষ্ঠী গঢ়ি উঠিব পাৰে। 

২৫। দলিতসকলৰ বিভিন্ন অযোগ্যতা সম্পৰ্কে বহলাই আলোচনা কৰা।

উত্তৰঃ ভাৰতত দলিত জাতিবিলাকৰ বহুত অযোগ্যতা আছে। কোনো শ্রেণী অথবা গোষ্ঠীক কিছুমান অধিকাৰ বা সুবিধা লাভ কৰাৰ অযোগ্য বুলি ধৰি লোৱা হয় আৰু এই অযোগ্যতাৰ কাৰণেই সিহঁতে জীৱনত প্ৰগতি আৰু ব্যক্তিত্ব বিকাশত সুযোগ নাপায়। এই অযোগ্যতাৰ কাৰণে সিহঁতক সকলো ধৰণৰ সুযোগ – সুবিধাৰ পৰা বঞ্চিত কৰিছে। স্মৃতিশাস্ত্ৰ ধর্মগ্ৰন্থ আৰু পুৰাণবিলাকত দলিতসকলৰ অযোগ্যতা তলত উল্লেখ কৰা হল—

দলিতৰ ধৰ্মীয় অযোগ্যতাঃ

(ক) দলিতক অপবিত্ৰ বুলি কোৱা হৈছে আৰু তেওঁলোকৰ ওপৰত কিছুমান অযোগ্যতা আৰোপ কৰা হৈছে। এইসকলক মন্দিৰত প্ৰৱেশ, পবিত্ৰ নদীঘটিত যোৱা আৰু পবিত্ৰ স্থানত খোৱা, আনকি নিজৰ ঘৰতো দেব – দেবী পূজা কৰাৰ কোনো অধিকাৰ দিয়া নাই।

(খ) দলিতসকলক সকলোবোৰ ধৰ্মীয় সা -সুবিধাৰ পৰা বঞ্চিত কৰা হয়। দলিত আৰু অস্পৃশ্যসকলক পূজা, আৰাধনা, ভজন কৰাৰ অধিকাৰ দিয়া নাই। আনকি দলিতৰ হৈ ব্ৰাহ্মণকো পূজা, শ্রাদ্ধ, যজ্ঞ কৰাৰ অনুমতি দিয়া নাই।

(গ) জন্মৰ পৰাই দলিতসকলক অপবিত্ৰ মন কৰা হৈছে আৰু এইটো কাৰণেই সিহঁতক শুদ্ধকৰণত কোনো অধিকাৰ দিয়া নাই।

দলিতৰ সামাজিক অযোগ্যতাঃ

(ক) বর্ণ হিন্দুসকলৰ লগত দলিতসকলৰ কোনো সামাজিক সম্পৰ্ক ৰখা অথবা তেওঁলোকক সন্মিলন, পঞ্চায়ত, উৎসৱত যোগদান কৰাৰ অধিকাৰ দিয়া নাই। উচ্চ জাতিৰ হিন্দুসকলৰ লগত ভোজন কৰাৰ অধিকাৰো তেওঁলোকক দিয়া নাই।

(খ) দলিত শ্ৰেণীক হিন্দুসকলৰ ব্যৱহৃত কুৱাৰ পৰা পানী লোৱাৰ অধিকাৰ দিয়া নাই। আনকি স্কুলত পঢ়া আৰু ছাত্ৰাবাসত থকাৰ অনুমতিও দিয়া নাছিল। উচ্চ জাতিৰ কামত লগা বস্তুবোৰ দলিতসকলে ব্যৱহাৰ কৰিব নোৱাৰিছিল। যেনেকৈ পিতল আৰু তামৰ বাচন দলিত সকলে ব্যৱহাৰ কৰিব নোৱাৰিছিল তেনেকৈ ভাল পোছাক আৰু সোণৰ গহনাও পিন্ধাৰ অধিকাৰ নাছিল।

(গ) দলিত শ্ৰেণীৰ শিক্ষা লাভৰ কোনো অধিকাৰ নাছিল। মেলা, বজাৰত যোগদান কৰাৰ অনুমতি নাছিল।

দলিত শ্ৰেণীৰ অৰ্থনৈতিক অযোগ্যতাঃ

(ক) দলিত শ্ৰেণীক সেইবোৰ কামৰ দায়িত্ব দিয়া হৈছে যিবোৰ বৰ্ণ হিন্দুসকলে নকৰে। এইসকলৰ অৰ্থনৈতিক অৱস্থা ইমানেই বেয়া যে এইসকলক হিন্দুসকলৰ জুঠা খোৱা বস্তু, হিন্দুৰ ফটা আৰু পৰিত্যাক্ত বস্তুলৈ নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব দিয়া হৈছিল । দলিত শ্ৰেণীক মল – মূত্ৰ পৰিষ্কাৰ কৰা, মৰাশ পেলাই দিয়া আৰু চামড়াৰ বস্তু তৈয়াৰ কৰাৰ কাম দিয়া হৈছিল। তেওঁলোক গাঁওসমূহত ভূমিহীন শ্ৰমিক ৰূপত কাম কৰে। এই সকলে পৰম্পৰাগ পেচা এৰি বেলেগ পেচা গ্ৰহণ কৰিব নোৱাৰে।

(খ) সম্পত্তি নথকাটোৱেও সিহঁতৰ এটা অযোগ্যতাৰ কাৰণ। দলিতসকলক ভূমি বা ধন সংগ্ৰহৰ অধিকাৰ দিয়া নাছিল। অত্যন্ত কম মূল্যৰ বিনিময়ত দলিতসকলক দাস হিচাপত উচ্চবর্ণৰ সেৱা কৰিব দিছিল ।

দলিত শ্ৰেণীৰ ৰাজনৈতিক অযোগ্যতাঃ 

ৰাজনৈতিক ক্ষেত্ৰতো দলিত শ্রেণীসকলক সকলোবোৰ অধিকাৰৰ পৰা বঞ্চিত ৰখা হৈছে। শাসনকাৰ্যত হস্তক্ষেপ কৰা, পৰামৰ্শ দিয়া, চাকৰি কৰা বা ৰাজনৈতিক সুৰক্ষা লাভ কৰাৰ কোনো অধিকাৰ দলিত শ্ৰেণীক দিয়া হোৱা নাই। সামান্য অপৰাধৰ বাবে দলিতসকলক কঠোৰ শাস্তি দিয়া হৈছিল।

দলিত শ্ৰেণীৰ উপৰোক্ত অযোগ্যতাবিলাক মধ্য যুগৰ সামাজিক ব্যৱস্থাৰ লগত জড়িত। বৰ্তমান এইবিলাক ইতিহাস হৈ গৈছে। বৰ্তমান দলিত শ্ৰেণীৰ সমস্যা সামাজিক আৰু অৰ্থনৈতিক, ধৰ্মীয় আৰু ৰাজনৈতিক নহয়। নিৰক্ষৰ আৰু চেতনাশূন্য হোৱাৰ কাৰণে সিহঁতৰ অৱস্থাৰ উন্নতি কৰিবলৈ সময় লাগিছিল। দলিত বা তপশিল জাতিবিলাকৰ বেছিভাগ মানুহ গাঁৱত কৃষি শ্রমিক হিচাপে আৰু শিল্পক্ষেত্ৰতো নগৰ বিলাকত, কাৰখানাত অথবা অন্য শ্রমিক হিচাপে কাম কৰে। এতিয়াও দলিতসকলে সৰু সৰু কাৰণত অমানৱীয় ব্যৱহাৰ পায়।

২৬। দলিত শ্ৰেণীৰ সাংবিধানিক ব্যৱস্থা সম্পৰ্কে এটা আলোচনা দাঙি ধৰা।

উত্তৰঃ দলিত শ্ৰেণীৰ কল্যাণৰ বাবে সংবিধানত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সংবিধানৰ অস্পৃশ্যতা দূৰীকৰণৰ আৰু পিছপৰি থকা শ্ৰেণী কল্যাণৰ দিশে মনোযোগ দিয়া হৈছে। সংবিধানৰ অনুচ্ছেদ ১৫(১) ত কোৱা হৈছে যে ৰাষ্ট্ৰ এখনৰ কোনো নাগৰিকৰ বিৰুদ্ধে কেৱল ধর্ম, বংশ, জাতি, লিঙ্গ, জন্মস্থান অথবা কোনো এটাৰ ভিত্তিত কোনো ভেদাভেদ কৰিব নোৱাৰিব। যিকোনো মনোৰঞ্জন স্থানত সিহঁতৰ প্ৰৱেশত কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব। জনসাধাৰণৰ ব্যৱহাৰ্য কুৱা, পুখুৰী, ৰাস্তা ব্যৱহাৰত বাধা আৰোপ কৰিব নোৱাৰিব। অনুচ্ছেদ ১৭ ত অস্পৃশ্যতা দূৰ কৰি ইয়াৰ প্ৰচলন নিষিদ্ধ কৰা হৈছে। অনুচ্ছেদ ১৯ ত অস্পৃশ্যসকলক যিকোনো পেচা গ্ৰহণৰ স্বাধীনতা দিয়া হৈছে। অনুচ্ছেদ ২৫ ত হিন্দুসকলৰ সাৰ্বজনীন ধর্মীয় স্থানৰ দুৱাৰ সকলো জাতিৰ বাবে মুক্ত ৰখাৰ ব্যৱস্থা কৰা হৈছে। অনুচ্ছেদ ২৯ ত পূর্ণ বা আংশিক চৰকাৰি সাহায্যপ্রাপ্ত শিক্ষা প্রতিষ্ঠানবিলাকত কোনো নাগৰিকক ধৰ্ম, জাতি, বংশ অথবা ভাষাৰ ভিত্তিত শিক্ষাৰ সুযোগ লাভত বঞ্চিত কৰিব নোৱাৰে। 

অনুচ্ছেদ ৪৭ ত কোৱা হৈছে যে দলিত জাতি অথবা আদিম জাতিবিলাক শিক্ষা আৰু অৰ্থনৈতিক মংগলৰ কথা চিন্ত কৰিব আৰু সকলোধৰণৰ সামাজিক অন্যায় আৰু শোষণৰ পৰাও সিহঁতক ৰক্ষা কৰিব। অনুচ্ছেদ ৩৩০,৩৩২ আৰু ৩৩৪ ত দলিত জাতিৰ আৰু আদিম জাতিৰ বাবে সংবিধান আৰম্ভ হোৱাৰ পিছৰ ৩০ বছৰলৈকে লোকসভা, বিধানসভা, গ্রাম পঞ্চায়তত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অনুচ্ছেদ ৩৩৫ ত কোৱা হৈছে যে ৰাষ্ট্ৰৰ বিভিন্ন পদৰ নিয়োগৰ ক্ষেত্ৰও তপশীল জাতি আৰু জনজাতিৰ কথা স্মৰণত ৰাখিব লাগিব। অনুচ্ছেদ ১৪৬ আৰু ৩৩৮ অনুসৰি তপশীল জাতিৰ কল্যাণৰ বাবে ৰাজ্যত পৰামৰ্শ পৰিষদ আৰু পৃথক পৃথক বিভাগৰ স্থাপনৰ ব্যৱস্থা হৈছে। এই সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা অস্পৃশ্যতা দূৰীকৰণ আৰু তপশীল জাতি আৰু পিছপৰি থকা শ্ৰেণীৰ উন্নতিৰ বাবে চৰকাৰৰ মাধ্যমত নানাবিধ ব্যৱস্থা কৰা হৈছে।

২৭। দলিত বিষয়ক লৈ গান্ধীজী আৰু আম্বেদকাৰৰ বিতৰ্ক আলোচনা কৰা। 

উত্তৰঃ দলিত বিষয়টো লৈ গান্ধীজী আৰু আম্বেদকাৰ বিতৰ্ক আলোচনা কৰাৰ পূৰ্বে দলিত সকলৰ বিষয়ে জনাটো প্রয়োজন। ভাৰতীয় সমাজত অতি প্রাচীনকালৰ পৰাই বৰ্ণভেদ প্রথা আৰু জাতিভেদ প্রথা প্রচলিত আছিল। এই প্রথাত সর্বনিম্ন স্থানত যিবোৰৰ স্থান আছিল সেইবোৰ আছিল শূদ্র, চতুর্বর্ণ যুক্ত হিন্দু সমাজৰ বাহিৰত বা সর্বনিম্ন স্তৰত অৱস্থানকাৰী শূদ্রসকলৰ তলতো এটা স্তৰ আছে যিবোৰক অবর্ণ বা অতিশূদ্র কোৱা হৈছে। সমাজত এইসকল আছিল অস্পৃশ্য। এই সকল সমাজৰ বিভিন্ন নিম্নমানৰ কামৰ লগত জড়িত আছিল। ঔপনিৱেশিক ভাৰতত সমাজৰ এই সুযোগ সুবিধাহীন অৱহেলিত মানুহবোৰেই দলিত নামত পৰিচিত হয়। দলিত কথাটো ১৯৩০ ৰ দশকত প্রথম ব্যৱহৃত হৈছিল। বহুতে আকৌ তপশীল জাতি বা জনজাতি ভুক্ত সকলোকেই দলিত বুলি আখ্যায়িত কৰিব বিচাৰে।

ভাৰতৰ এই তথাকথিত দলিত অথবা অনুন্নত শ্ৰেণীৰ মানুহবোৰৰ বিৰুদ্ধে অনাচাৰ, বিভিন্ন মানবিক অধিকাৰৰ পৰা সিহঁতক বঞ্চিত কৰা অথবা অস্পৃশ্যতা দেশৰ সকলো মানুহে মানি ল’ব নোৱাৰে। ইয়াৰ বিৰুদ্ধে বহুবাৰ প্ৰতিবাদ উঠিছে আৰু ১৮৮০ ৰ পৰা ১৮৯০ ৰ মাজত কিছুমান সমাজ সংস্কাৰক গোষ্ঠী অস্পৃশ্যতা মোকাবিলাক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবীত আগুৱাই আহিছে। দলিত মতাদৰ্শ আৰু অধিকাৰক লৈ ভাৰতীয় আন্দোলনৰ প্ৰাণপুৰুষ গান্ধীজী আৰু দলিত আন্দোলনৰ সৰ্বশ্ৰেষ্ঠ সংগ্রামী নেতা আৰু বিশিষ্ট চিন্তাবিদ ড° বি. আৰ. আম্বেদকাৰৰ দৃষ্টিভংগীৰ মাজত কিছুমান পার্থক্য লক্ষ্য কৰা যায়—

ড° আম্বেদকাৰ নিজে দলিত সম্প্ৰদায়ৰ মানুহ আৰু তেখেত বিভিন্নভাৱে অনাচাৰৰ চিকাৰ হৈছিল। তেওঁ দলিত সম্প্রদায়ক পূৰ্ণ অধিকাৰ আৰু মৰ্যাদাত প্ৰতিষ্ঠিত কৰিব বিচাৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে হিন্দুসমাজত প্ৰচলিত বৰ্ণাশ্ৰম প্ৰথাৰ কাৰণেই দলিত সমাজৰ ওপৰত সকলো অনাচাৰ আৰু অত্যাচাৰ হৈছে। এই ব্যৱস্থাই সমাজক দুৰ্বল, পংগু কৰি তুলে আৰু মৃত্যু মুখলৈ ঠেলি নিয়ে। আন পক্ষত গান্ধীজীৰ আছিল বর্ণাশ্রম ব্যৱহাৰ সমৰ্থক আৰু প্রবল অস্পৃশ্যতা বিৰোধী। তেওঁৰ ওচৰত দলিতসকল আছিল ‘হৰিজন বা ঈশ্বৰৰ সন্তান’। তেওঁ দলিত সম্প্রদায়ক পূর্ণ অধিকাৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে প্ৰচেষ্ট আছিল। তেওঁৰ চেষ্টাতেই জাতীয় কংগ্ৰেছ প্রথম দলিত সমস্যা সমাধানৰ উদ্যোগী হয়। তেওঁ বর্ণাশ্রম ব্যৱস্থাক অক্ষুণ্ণ ৰাখি অস্পৃশ্যতা দূৰ কৰিব বিচাৰিছিল। ১৯৩১ চনৰ ১৪ আগষ্টত গান্ধী – আম্বেদকাৰ সাক্ষাৎকাৰত ড৹ আম্বেদকাৰে তেওঁক কলে — “আমাৰ বিশ্বাস অস্পৃশ্যতা বর্ণাশ্রম ধৰ্মত অৱশ্যম্ভাৱী পৰিণতি। যিমান দিন বর্ণাশ্রম থাকিব সিমান দিন হিন্দুধর্মত অস্পৃশ্যতা থাকিব। আপুনি বর্ণশ্ৰম বিচাৰে অথচ নিবিচাৰে এইটো এটা অবাস্তৱ কথা।”

অনুন্নত সম্প্রদায়ক জাতীয় আন্দোলনৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যে ব্ৰিটিছ প্ৰধানমন্ত্রী আৰ. ম্যাকডোনাল্ডে ১৯৩২ চনত ‘সাম্প্ৰদায়িক বটোৱাৰ’ৰ নীতি ঘোষণা কৰিছিল। ইয়াৰ ফলত অনুন্নত সম্প্ৰদায়ৰ বাবে পৃথক নির্বাচনমণ্ডলী গঠনৰ প্ৰস্তাৱ কৰা হয়। এই প্রস্তাৱ কার্যকৰী হোৱাৰ পিছত হিন্দু সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি হৈছিল আৰু অনুন্নত সম্প্রদায় বর্ণ হিন্দুসকলৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। গান্ধীজী এই নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু ইয়াৰ প্ৰতিবাদত ২০ ছেপ্তেম্বৰৰ পৰা অনশন আৰম্ভ কৰিছিল। এইটো সময়ত তপশীল নেতা ড৹ আম্বেদকাৰ তেওঁৰ লগত আলোচনা কৰিছিল আৰু ২৫ ছেপ্তেম্বৰত পুনা চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ ফলত হিন্দুসকলৰ ক্ষেত্ৰত যৌথ নিৰ্বাচনৰ নীতি স্বীকৃতি হয় আৰু সাম্প্রদায়িক ভাগ বটোৰাৰ মাধ্যমত প্রাপ্ত দ্বিগুণ আসন তপশীল সম্প্ৰদায়ৰ কাৰণে সংৰক্ষিত কৰা হয় আৰু এনেকৈয়ে গান্ধী আৰু আম্বেদকাৰৰ বিতৰ্কৰ অবসান ঘটে।

২৮। জনজাতিৰ সংজ্ঞা দিয়া। জনজাতিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন জনজাতিৰ লোক বাস কৰে। জনজাতি লোক বুলিলে সাধাৰণতে সেইসকল লোকক বুজায় যিসকলে স্মৰণীয় কালৰে পৰা বিভিন্ন অঞ্চলত বাস কৰি আহিছে, যাক আদিমবাসী লোক বুলিও কোৱা হয়। বিভিন্ন নৃতাত্ত্বিকে জনজাতিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ডি. এন. মজুমদাৰে জনজাতিৰ সংজ্ঞা এনেদৰে দিছে – “কোনো বিশেষ অঞ্চলত থকা, আন্তঃবৈবাহিক, বিশেষীকৰণ নথকা, জনজাতীয় মুৰব্বীৰ দ্বাৰা পৰিচালিত বংশগত বা আন ভাষাৰ ভিত্তিত সংগঠিত আন জনজাতি বা জাতিৰ পদৰ পৰা দূৰত চিহ্নিত হোৱা সামাজিক গোটকে জনজাতি বুলিব পাৰি।”

ৰাল্‌ফ লিন্টনৰ মতে “জনজাতি এটা বিশেষ অঞ্চল জুৰি বাস কৰা আৰু সংস্কৃতিৰ সাদৃশ্য থকা তথা একেলগে থকাৰ ফলত সৃষ্টি হোৱা একতাৰ মনোভাৱৰ দ্বাৰা চিহ্নিত এটা সামাজিক গোট।” এল.  এম. লুইচে বিশ্বাস কৰে যে জনজাতীয় সমাজৰ পৰিসৰ সৰু আৰু তেওঁলোকৰ সামাজিক আইনগত আৰু ৰাজনৈতিক জীৱন একোটা ভৌগোলিক এলেকাত সীমিত। তেওঁলোকৰ নীতি শিক্ষা ধর্ম তথা বিশ্ব দর্শন একে পর্যায়ৰে হয়। জনজাতীয় ভাষাসমূহ অলিখিত হোৱা হেতুকে কাল আৰু স্থানৰ মাজত সংযোগৰ পৰিসৰো ঠেক হোৱা দেখা যায়। আনহাতে, এনে সমাজবোৰৰ জীৱন যাত্ৰাৰ পদ্ধতি অতি সৰল আৰু বাহুল্যহীন, জটিল আৰু স্বনিৰ্ভৰশীল হোৱা দেখা যায়; যিবোৰ গুণ আধুনিক সমাজত একেবাৰেই দেখা নাযায়।

অধ্যাপক সুৰজিত সিনহাৰ মতে “সাধাৰণভাবে জনজাতি হ’ল এখন হাবি, পাহাৰ বা সমতলত বিচ্ছিন্ন হৈ থকা আৰু ব্রাহ্মাণিক শ্রেণীভিত্তিক সভ্যতাৰ প্ৰভাৱৰ বাহিৰত থকা প্ৰাক্ আক্ষৰিক গোট”।

জনজাতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল—

(ক) প্রত্যেক জনজাতিৰে একোটা নাম থাকে, যাৰ পৰা তেওঁলোকে নিজকে চিহ্নিত কৰে। 

(খ) তেওঁলোক ৰাজনৈতিকভাৱে স্বায়ত্তশাসিত আৰু প্ৰত্যেক জনজাতিৰ এক নিৰ্দিষ্ট বাসস্থান থাকে।

(গ) ৰাজনৈতিকভাৱে সংগঠিত এটা সম্প্রদায়।

(ঘ) তেওঁলোকৰ নিজা ভাষা থাকে।

(ঙ) প্রত্যেকৰে কিছুমান নিৰ্দিষ্ট আচৰণ বিধি আৰু ৰীতি – নীতি, পৰামৰ্শাৱলী থাকে। 

(চ) বেছিভাগ জনজাতীয় ভাষাৰ লিপি নাথাকে। 

(ছ) পৰিৱৰ্তিত সমাজ ব্যৱস্থাক জনজাতীয় লোকসকলে সহজে গ্ৰহণ কৰি নলয় । 

(জ) তেওঁলোকে নিষিদ্ধতা বিশ্বাস কৰে, যিবোৰ কিছুমান নিষেধাজ্ঞা বা বাধা – নিষেধ। এইবোৰ সাধাৰণতে মুখে মুখে চলি অহা কিন্তু একোখন আইন সদৃশ।

২৯৷ নৃতাত্ত্বিক দৃষ্টিকোণৰ পৰা জনজাতিক কেনেদৰে চিনাক্তকৰণ কৰা হয়?

উত্তৰঃ বিভিন্ন নৃতাত্ত্বিকে জনজাতিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ৰাল্‌ফ লিণ্টনৰ মতে জনজাতি বিশেষ অঞ্চল জুৰি বাস কৰা আৰু সংস্কৃতিৰ সাদৃশ্য থকা তথা একেলগে থকাৰ ফলত সৃষ্টি হোৱা একতাৰ মনোভাৱৰ দ্বাৰা চিহ্নিত এটা সামাজিক গোট। ডি. এন.  মজুমদাৰে জনজাতিৰ সংজ্ঞা এইদৰে দিছে— কোনো বিশেষ অঞ্চলত থকা, আন্তঃবৈবাহিক বিশেষীকৰণ নথকা, জনজাতীয় মুৰব্বীৰ দ্বাৰা পৰিচালিত বংশগত বা আন ভাষাৰ ভিত্তিত সংগঠিত আন জনজাতিৰ বা জাতিৰ পৰা দূৰত চিহ্নিত হোৱা সামাজিক গোটকে জনজাতি বুলিব পাৰি। এল. এম. লুইচে বিশ্বাস করে যে জনজাতীয় সমাজৰ পৰিসৰ সৰু আৰু তেওঁলোকৰ সামাজিক আইনগত আৰু ৰাজনৈতিক জীৱন একোটা ভৌগোলিক এলেকাত সীমিত। তেওঁলোকৰ নীতি শিক্ষা ধর্ম তথা বিশ্ব দর্শন একে পৰ্যায়ৰ হয়। জনজাতীয় ভাষাসমূহ অলিখিত হোৱা হেতুকে কাল আৰু স্থানৰ মাজত সংযোগৰ পৰিসৰো ঠেক হোৱা দেখা যায়। আনহাতে এনে সমাজবোৰৰ জীৱন যাত্ৰাৰ পদ্ধতি অতি সৰল আৰু বাহুল্যহীন, জটিল আৰু স্বনিৰ্ভৰশীল হোৱা দেখা যায়; যিবোৰ গুণ আধুনিক সমাজত দেখা নাযায়।

নৃতাত্ত্বিক সন্মিলনে জনজাতি সম্পর্কে আগবঢ়োৱা সংজ্ঞাটো এটা প্ৰায় শুদ্ধ সংজ্ঞা বুলি বিবেচনা কৰা হয়। তেওঁলোকৰ মতে এটা জনজাতি হ’ল সম্পূৰ্ণৰূপে এক পৰিকল্পিত সমাজ। এনেকুৱা সমাজৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) ই স্ব – যুগমীয়াকৰণৰ সু – ব্যৱস্থা, যিয়ে সামুহিকভাৱে জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সম্পদসমূহ নিজ এলেকাৰ অধীনত সুচাৰু ৰূপে ব্যৱহাৰ কৰে।

(খ) ই এটা সম্পূর্ণ সংস্কৃতি।

(গ) প্রত্যেক জনজাতিৰ তেওঁলোকৰ ৰাজনৈতিক স্ব – শাসন চিহ্নিত কৰিবলৈ এক নিৰ্দিষ্ট, বাসভূমি থাকে।

(ঘ) সংস্কৃতিৰ বিভিন্নতা দেখুৱাবলৈ তেওঁলোকৰ নিজা ভাষা বা লিপি থাকে।

৩০। ভৌগোলিক ভিত্তিত জনজাতিৰ শ্ৰেণীবিভাগ সম্পর্কে এটা ভাষ্য প্ৰস্তুত কৰা। 

উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন জনজাতিৰ লোকে বসবাস কৰে। এই জনজাতি লোকসকলক আদিবাসী লোক বুলি কোৱা হয়। অক্সফ’ৰ্ড অভিধানে জনজাতিৰ সংজ্ঞা এইদৰে দিছে – “এজন দলপতিৰ অধীনত থকা আৰু সাধাৰণতে একেই পূর্ব পুৰুষৰ পৰা উদ্ভব হোৱা বুলি ভবা আদিম বা বৰ্বৰ অৱস্থাত থকা লোকৰ এটা গোটকে জনজাতি বোলে।” ভাৰতবৰ্ষৰ জনজাতিসকলক বহু ভাগত ভাগ কৰা হৈছে। বিভিন্ন নৃতত্ত্ববিদে ভৌগোলিক ভিত্তিত জনজাতিক তিনিটা শ্ৰেণীত বিভক্ত কৰিছে। নৃতত্ত্ববিদ গুহই কৰা তিনিটা শ্ৰেণীৰ ভাগটি এটি উল্লেখযোগ্য বিভাগ। সেই কেইটা হ’ল—

(ক) ভাৰতবৰ্ষৰ পূব সীমান্তৰ পাৰ্বত্য উপত্যকাৰ উত্তৰ আৰু উত্তৰ পূব অঞ্চল। 

(খ) ভাৰত উপদ্বীপ আৰু ইণ্ডো গঙ্গা সমতল।

(গ) দাক্ষিণাঞ্চল।

সাম্প্রতিক কালত নৃতত্ত্ববিদ এল. পি.  বিদ্যাৰ্থীয়ে কৰা জনজাতিৰ শ্ৰেণী বিভাজনটো এটা উল্লেখযোগ্য তথা বিজ্ঞানসন্মত বিভাজন। তেওঁ জনজাতিসকলক ভাৰতবৰ্ষৰ অবায়বিক অঞ্চলৰ ভিত্তিত পাঁচটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল—

(ক) হিমালয় অঞ্চল।

(খ) মধ্য ভাৰত অঞ্চল। 

(গ) পশ্চিম ভাৰত অঞ্চল।

(ঘ) দক্ষিণ ভাৰত অঞ্চল।

(ঙ) দ্বীপ অঞ্চল।

(ক) হিমালয় অঞ্চলঃ হিমালয় অঞ্চলক পুনৰ তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ’ল—

(১) উত্তৰ পূব হিমালয় অঞ্চল।

(২) কেন্দ্রীয় হিমালয় অঞ্চল।

(৩) উত্তৰ পশ্চিম হিমালয় অঞ্চল।

(১) উত্তৰ পূব হিমালয়অঞ্চলঃ উত্তৰ পূব হিমালয় অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য আৰু উত্তৰ বংগৰ পাৰ্বত্য অঞ্চল সন্নিবিষ্ট কৰা হয়। ইয়াত বসবাস কৰা মুখ্য জনজাতিবোৰ হ’ল— বড়ো, খাছী, মিছিং, গাৰো, আবৰ, নগা, মেইটে, কাৰ্বি, মিজো, চাকমা আদি।

(২) কেন্দ্রীয় হিমালয় অঞ্চলঃ কেন্দ্রীয় হিমায়ল অঞ্চলত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ তৰাই অঞ্চল সন্নিৱিষ্ট কৰা হয়। এই অঞ্চলৰ বিশিষ্ট জনজাতীয় গোষ্ঠীসমূহ হ’ল – চাওতাল,ওৰাও মুণ্ডা, খৰিয়া ইত্যাদি।

(৩) উত্তৰ পশ্চিম হিমালয় অঞ্চলঃ উত্তৰ পশ্চিম হিমালয় অঞ্চলৰ ভিতৰত হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু জম্মু – কাশ্মীৰ এই কেইখন ৰাজ্য অন্তৰ্ভুক্ত। এই অঞ্চলৰ উল্লেখযোগ্য জনজাতিসকল হ’ল গাদ্দী, গুজ্জৰ, পাঙ্কাৱাল, কিনাউৰ বা কিন্নৰ, লাহাউলা, লাড্ডাখী, বাকাউল, ব্ৰ’কপা, চাংপা, বাল্টি, ভগ্‌ৰা ইত্যাদি ।

(খ) মধ্য ভাৰত অঞ্চলঃ দেশৰ সবাতোকৈ বেছি সংখ্যক জনজাতীয় লোক এই অঞ্চলৰ অন্তর্ভুক্ত। এই অঞ্চলত বিহাৰ, পশ্চিমবঙ্গ, উৰিষ্যা আৰু মধ্যপ্রদেশ – এই ৰাজ্যকেইখন পৰে। এই অঞ্চলৰ উল্লেখযোগ্য জনজাতি হ’ল – ওৰাং, চাওতাল, গণ্ড ইত্যাদি।

(গ) পশ্চিম ভাৰত অঞ্চলঃ ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, দাদৰা আৰু নগৰ হাভেলী এই কেইখন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইখন ইয়াৰ অন্তৰ্ভুক্ত। এই অঞ্চলৰ জনজাতি মুঠ জনসংখ্যা হ’ল ৯৮. ৮৬ লাখ। গুজ্জৰ, ভীল আৰু মিনাসকল এই অঞ্চলৰ বাসিন্দা ।

(ঘ) দক্ষিণ ভাৰত অঞ্চলঃ ভাৰত উপদ্বীপৰ বাকীখিনি অঞ্চল যেনে— অন্ধ্রপ্রদেশ, তামিলনাডু, কৰ্ণাটক আৰু কেৰেলা ইয়াৰ অন্তৰ্ভুক্ত। এই অঞ্চলত জনজাতীয় লোকৰ সংখ্য তাকৰ। আৰান্দান, কাদাৰ ইৰুলা, কোটা, পাল্লিয়েন আৰু টোডা জনজাতিসকল এই অঞ্চলৰ উল্লেখযোগ্য বাসিন্দা।

(ঙ) দ্বীপ অঞ্চলঃ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষাদ্বীপ এই অঞ্চলৰ ভিতৰ পৰে। জাৰৱা, ওঙ্গাঁ, আন্দামানী আদি এই অঞ্চলৰ কিছুমান জনজাতি। জনসংখ্যা হিচাপে গণ্ড জনজাতীয় গোষ্ঠীৰ সংখ্যা সকলোতকৈ বেছি। ইয়াৰ পিছতেই ভিসকল। জনসংখ্যাৰ উচ্চ আৰু নিম্ন সংখ্যা হিচাপে ভাৰতবৰ্ষৰ জনজাতিসকলক ভাগ কৰিব পাৰি। সকলোতকৈ বেছি জনসংখ্যা থকা গোষ্ঠীসমূহ হ’ল— গণ্ড, ভিল, চাওতাল, মিনা ইত্যাদি। আনহাতে কম জনসংখ্যা থকা জনজাতীয় গোষ্ঠীসমূহ হ’ল — জাৰৱা, ওঙ্গাঁ, আন্দামানী আৰু আবানদান।

৩১। ব্ৰিটিছৰ জনজাতীয় নীতিৰ বিষয়ে এটি চমু টোকা লিখা। 

উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত জনজাতীয় লোকে বাস কৰে। দেশৰ সকলোতকৈ বেছি। জনজাতীয় লোক থকা অঞ্চলটো হ’ল মধ্য ভাৰত অঞ্চল য’ত বিহাৰ, পশ্চিমবঙ্গ, উৰিষ্যা আৰু মধ্যপ্রদেশ অন্তর্ভুক্ত হয়। এই জনজাতিৰ লোকসকল ভাৰতৰ অতি প্রাচীন মানৱ। 

জনজাতীয় লোকসকলৰ বাবে ব্ৰিটিছে কোনো সু – নিৰ্দিষ্ট নীতি প্রয়োগ কৰা নাছিল। ব্ৰিটিছে এই জনজাতীয় লোকসকলক বর্বৰ হিচাপে বিবেচনা কৰিছিল। ব্ৰিটিছে জনজাতীয় লোকসকলক অস্ত্ৰ বলৰ দ্বাৰা শান্ত কৰি ৰাখিব বিচাৰিছিল। অৱশ্যে পাছত শিক্ষাৰ জৰিয়তে চুবুৰীয়া সু – সভ্য জাতিসমূহৰ সৈতে মিলি যাব পৰাকৈ সু – সভ্য কৰি তুলিবলৈ চেষ্টা কৰিছিল ।

১৮৩১ চনৰ ছোটা নাগপুৰ অঞ্চলৰ ক’ল বিদ্ৰোহৰ সময়ৰ পৰা ব্ৰিটিছ চৰকাৰে জনজাতিৰ বিভিন্ন উত্থানৰ সন্মুখীন হৈছিল। ব্ৰিটিছ চৰকাৰে ৰাজ্যখনৰ গৱৰ্ণৰ জেনেৰেলৰ বাবে এজন প্রতিনিধি নিয়োগ কৰিছিল। ইয়াৰ পাছত ১৮৫৫ চনত ভূমি মূল্য নিৰ্দ্ধাৰণক লৈ চাওতাল বিদ্ৰোহ আৰম্ভ হয়। এই দুয়োটা পৰিঘটনাতেই ব্ৰিটিছ চৰকাৰে প্ৰশাসনীয় ব্যৱস্থা আৰু ভূমিৰ লগত চৰকাৰে প্ৰশাসনীয় ব্যৱস্থা আৰু ভূমিৰ লগত জড়িত আইন সলনি কৰিবলগীয়া হয়। ভাৰত চৰকাৰৰ ১৮৭০ চনৰ ধাৰা মতে সংসদে গৱৰ্ণৰ জেনেৰেল ইন কাউন্সিলৰ স্থানীয় আৰু ৰাজ্যিক চৰকাৰে প্ৰণয়ন কৰা আইন বলবৎ কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। এই আইনৰ অধীনত বহুতো ব্যৱস্থা লোৱা হয়। ১৮৭৪ চনত ভাৰতীয় আইন প্ৰণয়নকাৰী পৰিষদে তালিকাভুক্ত জিলা আইন গৃহীত কৰে, যাৰ দ্বাৰা স্থানীয় চৰকাৰক এই তালিকাভুক্ত অঞ্চলত প্ৰযোজ্য আইনসমূহ পর্যলোচনা কৰি প্ৰয়োজন সাপেক্ষে বিলোপ অথবা সংশোধন কৰি ব্যৱস্থা ল’বলৈ কৰ্তৃত্ব দিয়া হৈছিল।

ব্ৰিটিছ প্ৰণালীৰ মুখ্য উদ্দেশ্য আছিল শান্তি আৰু সুৰক্ষা প্ৰদান কৰা আৰু মানুহৰ অগ্ৰগতিৰ বাবে ভৈয়ামৰ লোকৰ সৈতে একতাৰ মনোভাৱেৰে মিলামিছা কৰা। ব্ৰিটিছৰ বন নীতিও মৌলিকভাৱে বেলেগ নহয়। লাহে লাহে এই এলেকাসমূহৰ জৰীপ আৰম্ভ কৰা হয় আৰু যেতিয়া য’ত সম্ভৱপৰ হয় তেনেকৈ ভূমি ৰাজহ আৰোপ কৰা হয়। ১৮৭৬ চনত চৰকাৰে চাওতাল পৰগণাত ব্যক্তিগতভাৱেই হওঁক বা ন্যায়ালয়ৰ আদেশ মর্মেই হওঁক, ভূমিৰ বিক্ৰী বন্ধ কৰি দিয়ে। মন্টেগ’ আৰু লর্ড চেমচফ’ডে তেওঁলোকৰ সংস্কাৰমূলক বিৱৰণতো এই অঞ্চলৰ কিছুমান পিছপৰা এলেকাৰ আদিম অধিবাসীৰ অৱস্থিতি স্বীকাৰ কৰিছে, য’ত কোনো ৰাজনৈতিক অনুষ্ঠানৰ উপাদান বিচাৰি পোৱা যায়। তেওঁলোকে অভিমত নিছিল যে পিছপৰা শ্ৰেণীৰ প্ৰশাসন সেই অঞ্চলৰ মুৰব্বীয়ে সম্পাদন কৰিছিল। ১৯১৯ চনত ভাৰত চৰকাৰৰ আইনৰ অধীনত ৫২ A (২) দফা অনুসৰি গৱৰ্ণৰ জেনেৰেলক চেক্রিটেৰী অৱ চৌৰ অনুমোদন সাপেক্ষে যিকোনো অঞ্চল পিছপৰা বুলি ঘোষণা কৰিব পৰা ক্ষমতা প্ৰদান কৰিছিল। সেই হিচাপে চৰকাৰে যথেষ্ট সংখ্যক অঞ্চল পিছপৰা অঞ্চল হিচাপে ঘোষণা কৰিছিল আৰু কিছু প্ৰশাসনীয় সংস্কাৰ হৈছিল।

৩২। আম্বেদকাৰে কিয় জীৱনৰ শেষছোৱা সময়ত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল? 

উত্তৰঃ ধৰ্ম হ’ল মানৱ সৃষ্ট এক বিশ্বাস। এই বিশ্বাস নৈতিকতাৰ লগত জড়িত। প্রকৃত ধর্ম সদায় সার্বজনীন আৰু সত্যৰ সন্ধানী। প্রকৃত ধৰ্মৰ ভিত্তি হ’ল সামাজিক ন্যায় আৰু ই ভ্রাতৃত্ব, সত্য আৰু সুখ বৃদ্ধি কৰে। হিন্দু ধৰ্মৰ প্ৰতি আম্বেদকাৰৰ আস্থা নোহোৱা হৈছিল। তেখেত এজন দলিত সম্প্ৰদায়ৰ মানুহ আছিল আৰু দলিত হিচাপে তেওঁ সৰুৰে পৰা জীৱনৰ শেষ মুহূৰ্তলৈকে নানা ধৰণৰ অন্যায় – অত্যাচাৰৰ সম্মুখীন হ’বলগীয়া হৈছিল। হিন্দু ধৰ্ম আৰু সমাজে নিৰ্মাণ কৰা উচ্চ – নিম্ন ভাৱৰ তেওঁ ঘোৰ বিৰোধী আছিল কাৰণ হিন্দু সমাজত কেতিয়াও সমতাৰ বাস নাছিল। ইয়াত জন্মৰ ভিত্তিত মানুহক স্তৰত বিভক্ত কৰি নিৰ্যাতনৰ বলি কৰা হৈছিল। আনহাতে, বৌদ্ধ ধর্ম একতা আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খোৱা আছিল। বৌদ্ধ ধৰ্মই আম্বেদকাৰক আকৰ্ষিত কৰিছিল। সেয়েহে তেখেতে জীৱনৰ শেষছোৱা সময়ত বৌদ্ধধৰ্ম গ্ৰহণ কৰিছিল লগতে দলিত বা নিম্ন শ্রেণীৰ লোকসকলকো বৌদ্ধ ধৰ্মত যোগদান কৰিবলৈ আহ্বান জনাইছিল।

৩৩। সমালোচক হিচাপে হিন্দু সমাজ ব্যৱস্থাৰ প্ৰতি থকা আম্বেদকাৰৰ ধাৰণাৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ আম্বেদকাৰৰ মতে হিন্দু সমাজ ব্যবস্থা বর্ণ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। এই সমাজত সকলো ব্যক্তি জন্মৰ দ্বাৰা নিৰ্ধাৰিত স্থানত থাকি জীৱন – যাপন কৰিব লাগে। হিন্দু সমাজ ব্যৱস্থা ব্ৰাহ্মণসকলে ৰীতি – নীতি বনোৱা ধৰ্মগ্ৰন্থৰ দ্বাৰা পৰিপূৰ্ণ। ইয়াত কিছু সংখ্যক লোকক এইখিনিও অধিকাৰ প্ৰদান কৰা হোৱা নাই যে সিহঁতে স্বাধীনভাৱে চলা ফুৰা কৰিব পাৰে। তেওঁৰ মতে হিন্দু সমাজ ব্যৱস্থা অগণতান্ত্রিক পদ্ধতিৰ দ্বাৰা গঠিত। ইয়াত সমতা, ন্যায়, ভ্রাতৃত্ববোধৰ কোনো স্থান নাই। এই হিন্দু সমাজ ব্যৱস্থাত উচ্চ শ্ৰেণীৰ লোকসকলে নিম্নশ্রেণীৰ লোকক অৱদমিত কৰি ৰাখে। ড° আম্বেদকাৰে নিজে এটা নিম্ন শ্ৰেণীত জন্মগ্ৰহণ কৰিছিল; সেই হিচাপে তেখেতে নিজৰ জীৱনত বহুতো লাঞ্চনাৰ মাজেৰে শিক্ষা – দীক্ষা গ্ৰহণ কৰিছিল। হিন্দু সমাজ ব্যৱস্থাত শূদ্র, নিম্ন শ্ৰেণীৰ লোকসকলে হাতত বা ডিঙিত এডাল ক’লা সূতা পৰিধান কৰিব লাগিছিল যাতে বর্ণ হিন্দুৰ উচ্চ লোকসকলে ভুলবশতঃ নিম্ন শ্ৰেণীৰ লোকসকলক স্পর্শ নকৰে। ইয়াৰ উপৰি নিম্নসকলে উচ্চ শ্রেণীয়ে ব্যৱহাৰ কৰা আলিবাট আদিও ব্যৱহাৰ কৰিব নোৱাৰিছিল। আম্বেদকাৰে নিম্ন শ্ৰেণীৰ ওপৰত চলি অহা শোষণৰ বিৰুদ্ধে প্রতিবাদ জনাইছিল। তেওঁৰ মতে হিন্দু সমাজ ব্যৱস্থাৰ উন্নতিৰ বাবে ইয়াক অত্যাধিক পৰিমাণে সংশোধনৰ প্ৰয়োজন। সংশোধন হিচাপে ব্ৰাহ্মণসকলৰ দ্বাৰা ৰচিত ধৰ্মগ্ৰন্থ যিমানবিলাক আছে সকলো সংশোধন কৰি এখন ধৰ্মগ্ৰন্থ কৰিব লাগিব। তাৰোপৰি পূজা পাতল কৰাৰ অধিকাৰ অকল ব্ৰাহ্মণ জাতিৰ হাততে ন্যস্ত আছিল। 

আম্বেদকাৰৰ মতে পূজা – অৰ্চনা কৰাৰ অধিকাৰ দিয়াৰ আগতে সেই ব্যক্তিজনৰ নিৰ্দিষ্ট এটা অৰ্থতা থকাৰ দৰকাৰ কিন্তু এইটো জন্মৰ ভিত্তিত প্রতিষ্ঠিত হ’লে নহ’ব। লগতে অসবর্ণ বিবাহ, মিলি – জুলি খোৱা মিলা কৰা আদিক স্বীকাৰ কৰিব লাগিব। তেওঁৰ মতে অস্পৃশ্যতাই হিন্দু সমাজ ব্যৱস্থাক এদিন নিঃশেষ কৰি পেলাব। হিন্দু ধৰ্মৰ প্ৰতি তেওঁৰ একেবাৰে আস্থা নাছিল। সেইকাৰণে জীৱনৰ শেষ সময়ছোৱাত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল আৰু অনুপ্ৰেৰণা জগাইছিল। তেওঁ বিশ্বাস কৰিছিল যে বৌদ্ধধর্ম ভ্ৰাতৃত্ববোধ, সমতা আদিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। হিন্দু সমাজ ব্যৱস্থাৰ দৰে বৌদ্ধ সমাজত উচ্চ – নীচ ভাব নাছিল আৰু জাতি বা বৰ্গৰ ভিত্তিত সমাজ বা মানুহবোৰ বিভিন্ন স্তৰত বিভক্ত নাছিল। হিন্দু সমাজ বন্ধ স্তৰীকৰণৰ আছিল য’ত এটা শ্ৰেণী নিজৰ দক্ষতা, অৰ্হতা বা কৌশলৰ দ্বাৰা আন এটা শ্ৰেণীত পদোন্নতি কৰিব পৰা নাছিল। আনহাতে, আন সমাজত মানুহবোৰ বেলেগ ধৰ্মৰ পৰা আগমন হ’ব পাৰিছিল কিন্তু হিন্দু সমাজত মিছনাৰী পদ্ধতি নাছিল ইয়াত কোনো বেলেগ সম্প্ৰদায়ৰ মানুহে ইচ্ছাকৃতভাৱে হিন্দুধর্ম বা সমাজত আগমন কৰিব নোৱাৰিছিল। আম্বেদকাৰে হিন্দু সমাজ ব্যৱস্থাক এক ব্যাধিস্বৰূপে মানিছিল।

৩৪। জাতিভেদৰ বিষয়ত আম্বেদকাৰৰ ধাৰণা আলোচনা কৰা। 

উত্তৰঃ আম্বেদকাৰৰ মতে, জাতিপ্ৰথা ভাৰতীয় সমাজ ব্যৱস্থাৰ এটা গুৰুতৰ ব্যাধি। এই ব্যাধিৰ নিৰাময় অনতিপলমে কৰা উচিত। জাতিভেদ প্রথাই ভাৰতীয় সমাজ ব্যৱস্থালৈ ধ্বংস মাতি আনিব । ভাৰতত প্ৰচলিত জাতি প্রথাই দেশৰ পিছপৰা অংশৰ যথেষ্ট ক্ষতি সাধন কৰিছে। এই প্রথাই হিন্দু সমাজক বিভিন্ন গোটত ভাগ কৰিছে। জাতিভেদ প্ৰথাৰ সৃষ্টি হৈছে বৰ্ণবাদৰ পৰা আৰু বৰ্ণবাদ অনুযায়ী ভাৰতীয় সমাজৰ জনসাধাৰণক চাৰিটা ভাগত বিভক্ত কৰা হৈছে। ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র। সমাজৰ এই ব্ৰাহ্মণ শ্ৰেণীটোৱে উচ্চ স্তৰত বসবাস কৰে। শ্ৰেণী বিভক্ত অনুসৰি ক্ৰমান্বয়ে বৈশ্য আৰু শূদ্ৰসকল বাস কৰে। শূদ্রসকল সমাজৰ অতিকৈ নিম্নস্তৰৰ শ্রেণী। বাকী তিনি বৰ্গৰ শ্ৰেণীৰ মানুহে এই সকলক নিৰ্যাতন কৰে। ড° আম্বেদকাৰ নিজে এজন দলিত সম্প্ৰদায়ৰ লোক আছিল। এজন দলিত আৰু পিছপৰা সম্প্ৰদায়ৰ ব্যক্তি হিচাপে নিজৰ জীৱনত তেখেতে বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। তেতিয়াৰ সমাজত ব্ৰাহ্মণসকলে নিম্ন শ্ৰেণীৰ ‘ছা’টোকো স্পৰ্শ নকৰিছিল বা কোনো কাৰণত স্পর্শ হ’লেও অপবিত্র বুলি ভাবিছিল আৰু নিজকে গো – মূত্র বা গংগাজলৰ সৈতে পবিত্ৰ কৰিছিল। আনকি তেওঁলোকে একেটা পুখুৰী বা কুঁৱা ব্যৱহাৰ নকৰিছিল। ল’ৰা – ছোৱালীবিলাকক বিদ্যালয়ত একেটা শ্ৰেণী বা একেখন মেজ ব্যৱহাৰ কৰিব দিয়া নহৈছিল। অস্পৃশ্য ব্যক্তিয়ে হাতত বা ডিঙিত এডাল ক’লা সূতা বান্ধিব লাগিছিল যাতে ভুলবশতঃ সিহঁতক কোনেও স্পৰ্শ নকৰে।

হিন্দুসকলৰ সকলো কাম – কাজ জাতি প্ৰথাৰ জৰিয়তে পৰিচালনা কৰা হৈছিল। নিম্ন শ্রেণী বা অস্পৃশ্যসকলৰ খাদ্য, পোছাক, উৎসৱ, বিবাহ, মৃত্যু, জীৱিকা, জীৱন – যাত্রা এই সকলো বিলাকত জাতি প্ৰথাৰ কঠোৰ নিয়ন্ত্ৰণ আছিল।

আম্বেদকাৰৰ মতে সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকল যেন এখন বেলেগ পৃথিৱীত বসবাস কৰিছিল। উচ্চ শ্ৰেণীৰ সৈতে কোনো বিষয়তে তেওঁলোকৰ যোগাযোগ নাছিল। জাতিবাদৰ এই উচ্চ আৰু নিম্ন ভাৱৰ ঘোৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে জাতি বিনে হিন্দুৱে চিন্তা কৰিব নোৱাৰে। এইয়া হ’ল তেওঁলোকৰ পূৰ্ণাঙ্গকাৰক অংশ। তেখেতৰ মতে ভাৰতবৰ্ষই যদি এখন স্বাধীন গণতান্ত্রিক দেশ হিচাপে জীয়াই থাকিব বিচাৰে; তেতিয়াহ’লে জাতি প্রথাক যিকোনো প্ৰকাৰে বিলোপ কৰিব লাগিব। এই প্রথাই ভাৰতক সকলো প্ৰকাৰে দুৰ্বল কৰি পেলাইছে আৰু ইয়াৰ জনসাধাৰণক দাসত্বৰ পিনে আগুৱাই নিছে। নিম্ন দলিতসকলক জাতি প্ৰথাৰ নামত উচ্চ – শ্ৰেণীৰ হিন্দু সমাজে যিদৰে নিৰ্যাতন আৰু শোষণ কৰি আহিছে তাৰ অৱসান নঘটালে ইয়াৰ ফলাফল ভয়াবহ হ’ব। জাতি প্রধান কু – প্রথাবিলাকক আঁতৰ কৰাত তেওঁ বহুতো পৰিমাণে সমৰ্থ হৈছে লগতে এই কু – প্রথাবিলাক জনসাধাৰণৰ আগত ভালদৰে দাঙি ধৰাত সফল হৈছে। 

৩৫। “আম্বেদকাৰ আছিল অস্পৃশ্যসকলৰ সামাজিক ধৰ্মগুৰু” — এই উক্তিৰ বিচাৰ কৰা আৰু মনুস্মৃতিৰ বিৰুদ্ধে তেওঁৰ ধাৰণা ব্যাখ্যা কৰা?

উত্তৰঃ আম্বেদকাৰে ভাৰতীয় সমাজত জাতিৰ ভিত্তিত সৃষ্টি হোৱা অস্পৃশ্যতা বর্জনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতীয় সমাজ ব্যবস্থাত জাতিৰ ভিত্তিত মানুহক চাৰিটা ভাগত ভাগ কৰা হৈছিল তাৰ একেবাৰে তলত ক্ষুদ্র শ্ৰেণীক অস্পৃশ্যতাৰ নামত অত্যাচাৰ কৰা হৈছিল তেওঁলোকৰ অর্থনৈতিক, সামাজিক আনকি ৰাজনৈতিক অৱস্থা অতিকৈ শোচনীয় আছিল। অস্পৃশ্যসকলক সমতাৰ অধিকাৰ প্ৰদান কৰাৰ বাবে আম্বেদকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল।

আম্বেদকাৰে দলিতসকলক দমন আৰু শোষণৰ পৰা মুক্ত কৰিব পাৰিছিল। শিক্ষা, নিযুক্তি, পদোন্নতি আদিৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। নিম্ন শ্ৰেণীৰ হিন্দু সমাজক মূল সূঁতিলৈ অনাৰ বাবে আম্বেদকাৰৰ অৱদান অতুলনীয়।

মনুস্মৃতি হ’ল মনুৰ দ্বাৰা ৰচিত প্রাচীন হিন্দু শাস্ত্ৰ। ইয়াক বৈদিক ঋষিসকলৰ বাবে দিয়া কিছুমান ধর্মোপদেশ হিচাপে জ্ঞান কৰা হয়। ই নৈতিকতা, ধর্মনিষ্ঠা আৰু সামাজিক আচাৰৰ ওপৰত ৰচিত এখন গ্রন্থ। মনুস্মৃতিত জাতিৰ কথা উল্লেখ আছে। ইয়াত উল্লেখ থকা অনুযায়ী ৰূপক হিচাপে লৈ মনুই মানৱ শৰীৰক মূলতঃ চাৰিটা আংগিক ভাগত বিভক্ত কৰিছে— মস্তক বা মূৰ, বাহু, গা আৰু ভৰি। তেওঁৰ মতে ব্ৰাহ্মণসকল সমাজৰ মস্তকস্বৰূপ যি সমাজৰ বাবে বুদ্ধিৰ কাম কৰে আৰু আঁচনিৰ সৃষ্টি কৰে। ক্ষত্ৰিয়সকলে বাহুৰ দৰে সমাজক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্বত থাকে। বৈশাসকলে সমাজত ভৰণ পোষণৰ ব্যৱস্থা কৰে। ইয়াৰ ভিতৰত অন্তর্ভুক্ত লোকসকল হৈছে কৃষক, উৎপাদনকাৰীসকল, বণিক বা সদাগৰ সকল আদি। শূদ্রসকল হৈছে সমাজৰ ভৰিৰ দৰে পৰিশ্ৰমী অংগ। সমাজৰ আটাইতকৈ পৰিশ্ৰমী কামবোৰৰ দায়িত্ব শূদ্রসকলৰ।

আম্বেদকাৰে মনুৰ এই জাতিৰ ওপৰত উল্লেখ কৰা ধাৰণাৰ সমালোচনা কৰিছিল। ড৹ আম্বেদকাৰে কৈছিল যে প্ৰত্যেক ব্যক্তিয়ে সমানভাৱে জন্মগ্ৰহণ কৰে। জাতিৰ ভিত্তিত ইয়াক বিভক্ত কৰাটো একে বাৰে সমীচীন নহয়। তেওঁৰ মতে মনুৱে সৃষ্টি কৰা জাতি প্ৰথাৰ ফলত হিন্দু সমাজত শোষণৰ সৃষ্টি হৈছে আৰু এই শোষণে এক প্ৰকাৰৰ মানুহক উন্নতিত বাধা প্রদান কৰিছে। তেওঁ নিজেও এজন দলিত সম্প্ৰদায়ৰ লোক আছিল আৰু দলিত হিচাপে জন্মাৰে পৰা তেখেতে বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। আম্বেকাৰে বিশ্বাস কৰিছিল যে যদি সমাজত ব্ৰাহ্মণসকলক উচ্চতম স্থানত ৰাখি ধর্মীয় উপসনাৰ দায়িত্ব অর্পণ কৰা কাম নিয়া হয় তেতিয়াহ’লে এইটো কেতিয়াও যুক্তিপূৰ্ণ নহ’ব কাৰণ তাত এটা যুক্তিযুক্ত কৌশলগত অৰ্থতা নির্ধাৰণ কৰিব লাগিব। যিটো বাকী শ্ৰেণীৰ লোকেও যাতে চেষ্টা কৰিব পাৰে। কাৰণ জন্মৰ ওপৰত ভিত্তি কৰি দায়িত্বপূর্ণ কাম দিয়াটো একেবাৰে নিন্দনীয় বিষয়। আম্বেদকাৰে মনুক জাতি ব্যৱস্থা ফলত সৃষ্টি হোৱা অন্যায়ৰ বাবে দোষী সাব্যস্ত কৰিছিল।

আনহাতে মনুৱে তেওঁৰ গ্ৰন্থ ‘মনুস্মৃতিত নাৰীৰ ওপৰতো অভিমত প্ৰকাশ কৰিছিল যে নাৰীৰ প্রকৃতি কেনেকুৱা হোৱা উচিত যেনে— বিবাহৰ ওপৰত নাৰীৰ কি ধাৰণা, নাৰীৰ পৰাধীনতা, হীন্যতা ইত্যাদি। যিবোৰৰ অস্বীকাৰ কৰি আম্বেদকাৰে কৈছিল যে নাৰীৰ পতনৰ বাবে মনু দায়ী। মনুৱে নাৰীক কেৱল পুৰুষৰ মন ভুলোৱা সামগ্ৰী হিচাপে মানিছিল। নাৰীৰ স্বাধীনতাক মনুৱে অস্বীকাৰ কৰি নাৰীক এক বন্ধ পৰিপদ ৰাস্তালৈ ঠেলি দিছিল যিটো বৰ্তমান সমাজত একেবাৰে গ্ৰহণযোগ্য নহয়। ড৹ আম্বেদকাৰে নাৰীৰ উন্নতিৰ বাবেও অশেষ কষ্ট কৰিছিল আৰু সংবিধানত নাৰীৰ বাবে বহুতো পদক্ষেপ লৈছিল।

মনু আৰু আম্বেদকাৰৰ ভাৱধাৰা একেবাৰে অমিল আছিল। আম্বেদকাৰে মনুৰ ধাৰণাক বিৰোধিতা কৰি কৈছিল যে তেখেতৰ বক্তব্য প্রাচীন আৰু আধুনিকতাৰ উদয় নোহোৱা সমাজৰ নিচিনাহে যেন বোধ হয়। এনে বর্ণনা বর্তমান সমাজৰ পক্ষে গ্রহণযোগ্য নহয়।

৩৬। অস্পৃশ্যসকলৰ ত্ৰাণকর্তা হিচাপে আম্বেদকাৰৰ বিষয়ে এটি টোকা লিখা। 

উত্তৰঃ বাবাচাহেব আম্বেদকাৰক অস্পৃশ্যসকলৰ “কাণ্ডাৰী” বুলি কোৱা হয়। দলিত সমাজৰ সংস্কাৰৰ বাবে তেওঁ নানা চেষ্টা কৰিছিল। তেওঁলোকে যাতে শিক্ষা – দীক্ষাৰ ক্ষেত্ৰত আগুৱাই যায় তাৰ বাবে তেওঁ গুৰুত্ব দিছিল। তেওঁৰ উদ্যোগতে ভাৰতীয় সংবিধানত অস্পৃশ্যতাক এক অপৰাধ বুলি গণ্য কৰা হৈছিল । এতিয়া হৰিজনসকল অস্পৃশ্যতাৰ পৰা আইনগতভাৱে মুক্ত। তেওঁলোকক কোনেও অস্পৃশ্য বুলি কোনো অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। হৰিজনসকল (অস্পৃশ্য) ৰাজনৈতিক ক্ষেত্ৰত যাতে সু – প্রতিষ্ঠিত হ’ব পাৰে আৰু সকলো ৰাজনৈতিক কার্যাৱলীত সমানে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে আম্বেদকাৰে হৰিজনৰ প্ৰতিনিধিত্বক নিশ্চিত কৰিবৰ বাবে চিন্তা কৰিছিল। এই উদ্দেশ্যে তেওঁ হৰিজনৰ বা নিম্ন শ্ৰেণীৰ বাবে পৃথক নির্বাচক মণ্ডলৰ দাবী জনাইছিল। আম্বেদকাৰৰ অত্যাধিক প্ৰচেষ্টাৰ ফলতেই প্ৰায় সকলো ধৰণৰ ৰাজনৈতিক অনুষ্ঠানত দলিতসকলৰ বাবে (নিম্ন শ্ৰেণীৰ) আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যাতে তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থ ৰক্ষা কৰিব পাৰে। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ সংবিধানত দলিতসকলৰ বাবে শিক্ষা, নিযুক্তি, পদোন্নতি আদিৰ ক্ষেত্ৰতো বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। 

দলিতসকল অর্থনৈতিক ক্ষেত্ৰত বৰ পিছপৰা তথা সৰহভাগৰে আৰ্থিক অৱস্থা বৰ শোচনীয়। আছিল; তাৰ ফলত আর্থিক ক্ষেত্ৰত তেওঁলোকক সকলোৱে শোষণ কৰিছিল। এই শোষণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেখেতে হৰিজনসকলৰ অৰ্থনৈতিক বিকাশৰ বাবে সংবিধানৰ নিৰ্দেশ অনুযায়ী বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

আগতে দলিতসকলক কোনো ক্ষেত্রতে সমান সুযোগ – সুবিধা বা সমান অধিকাৰ দিয়া নহৈছিল। আনকি তেওঁলোকক তেওঁলোকৰ নিম্নতম প্ৰাপ্যখিনিৰ পৰাও বঞ্চিত কৰা হৈছিল। কিন্তু আম্বেদকাৰে দলিতসকলক দমন আৰু শোষণৰ পৰা মুক্ত কৰি সামাজিক, ৰাজনৈতিক আমি সকলো দিশতে তেওঁলোকক সমতাৰ অধিকাৰ প্ৰদান কৰাৰ উপৰিও বহুতো ধৰণৰ বিশেষ অধিকাৰ প্ৰদান কৰিছিল যাতে তেওঁলোকৰ দ্রুত উন্নতি সাধন হ’ব পাৰে। তেওঁৰ মতে যি সমাজ ব্যৱস্থাত দলিতৰ কোনো স্বাধীনতা নাই, তেনেক্ষেত্ৰত তেওঁলোকৰ বাবে দেশৰ স্বাধীনতাৰ কোনো গুৰুত্ব নাই। সেয়েহে তেখেতে ভাৰতৰ স্বাধীনতাতকৈ দলিত সমস্যা সমাধানত বেছি গুৰুত্ব দিছিল আৰু দলিতসকলক মুক্ত কৰিব বিচাৰিছিল। এইটো ঠিৰাং যে বাবাচাহেব আম্বেদকাৰ অবিহনে দলিতসকলে ইমান সোনকালে সামাজিক লাঞ্ছনাৰ পৰা মুক্তি লাভ কৰিব নোৱাৰিলেহেঁতেন। অস্পৃশ্যসকলৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা অতুলনীয়।

৩৭। পুনা চুক্তিৰ প্ৰতি আম্বেদকাৰৰ প্ৰতিক্ৰিয়া আলোচনা কৰা? 

উত্তৰঃ ভাৰতীয় হিন্দু সমাজ এক বন্ধ স্তৰীকৰণ ব্যৱস্থাৰ অন্তৰ্গত। ইয়াত জন্মৰ ভিত্তিত মানুহক তুলনা কৰা হয়। ইয়াত এক শ্ৰেণীৰ মানুহে আন এক শ্ৰেণীৰ তলতীয়া হিচাপে জীৱন অতিবাহিত কৰিব লাগে। শোষণৰ দ্বাৰা পৰিপূৰ্ণ নিম্ন দলিত শ্ৰেণীৰ উন্নতিৰ বাবে আম্বেদকাৰে অশেষ যত্ন কৰিছিল।

স্বাধীনতাৰ পিছত ৰামচ্ মেকডনাল্ডে তেওঁৰ আঁচনিত সাম্প্রদায়িক প্ৰস্তাৱ প্ৰস্তুত কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ হৰিজনসকলক ভাৰতৰ এক নিম্ন সংখ্যালঘু বৰ্ণ হিচাপে স্বীকৃতি দিব বিচাৰিছিল আৰু এজন হৰিজনৰ দুটা ভোটক প্রাধান্যতা দিছিল। তেওঁ সাধাৰণ সমষ্টিত ভোট দিয়াৰ লগতে বিশেষ সমষ্টিতো ভোট দিয়াৰ অধিকাৰ আছিল। আম্বেদকাৰে এই ঘোষণাক সমৰ্থন কৰিছিল, কাৰণ হৰিজনসকলক পৃথক ভোটাধিকাৰ দিয়া ব্যৱস্থাই তেওঁলোকক এক পৃথক মৰ্যাদাৰ সৃষ্টি কৰিছিল। হিন্দু উচ্চ বৰ্ণৰ পৰা দলিতসকলক পৃথক কৰাৰ বাবে তেখেতে সন্তুষ্টি লাভ কৰিছিল আনহাতে মহাত্মা গান্ধীয়ে এই সাম্প্ৰদায়িক বঁটাৰ তীব্ৰ বিৰোধিতা কৰি সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা দিছিল। এই বঁটাৰ বিৰুদ্ধে আমৰণ অনশন কৰি গান্ধীজীয়ে কংগ্ৰেছ নেতাসকলক চিন্তিত কৰে। গান্ধীজীৰ ১৯৩২ চনৰ ২২ চেপ্তেম্বৰৰ পৰা কৰা অনশনে আম্বেদকাৰক “পুনা চুক্তি”ত স্বাক্ষৰদান কৰিবলৈ বাধ্য কৰালে। “পুনা চুক্তি”ৰ অন্তৰ্গত কিছুমান চৰ্ত তলত উল্লেখ কৰা হ’ল—

(ক) কেন্দ্রীয় আইনসভাত শতকৰা ২০ শতাংশ ভাগ আসন হৰিজনসকলৰ বাবে সংৰক্ষণ কৰা হ’ব।

(খ) স্বায়ত্ত্বশাসিত অঞ্চলবিলাকত হৰিজনসকলৰ প্ৰতিনিধি থাকিব।

(গ) ভোটদান ব্যৱস্থা যুটীয়া নির্বাচক মণ্ডলীৰ দ্বাৰা বাহাল থাকিব। কিন্তু এই নির্বাচনৰ আগতে প্রত্যেক সংৰক্ষিত আসনৰ বাবে চাৰিজন প্ৰাৰ্থীক নিৰ্বাচিত কৰিব লাগিব।

(ঘ) নিম্ন আৰু দলিত শ্ৰেণীৰ শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব আৰু শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকক বিশেষ সুবিধা দিয়া হ’ব। 

এতেকে দেখা যায় যে “পুনা – চুক্তি” হৰিজনসকলৰ বাবে সুবিধাজনক আছিল। আম্বেদকাৰে এই চুক্তিত সন্মতি অবিহনে ভাৰতবৰ্ষত আজি বিভক্ত হিন্দু সমাজ বিৰাজ কৰিলেহেঁতেন। হৰিজনসকল এই চুক্তিৰ দ্বাৰা অধিক উপকৃত হৈছিল।”পুনা – চুক্তি”ক হৰিজনসকলৰ স্বাৰ্থৰক্ষ ক্ষেত্ৰত এটা বৃহৎ পদক্ষেপ বুলি ক’ব পাৰি।

৩৮। অস্পৃশ্য বা দলিতসকলৰ উন্নতিৰ বাবে আম্বেদকাৰে কেনেধৰণৰ ব্যৱস্থা হাতত লৈছিল?

উত্তৰঃ আম্বেদকাৰ আছিল এজন দলিত সম্প্রদায়ত জন্মগ্ৰহণ কৰা এজন বিশিষ্ট আইনজ্ঞ। দলিত (নিম্ন) সম্প্রদায়ৰ লোক হিচাপে ড° বাবাচাহেবে অস্পৃশ্যতা বর্জনেৰ, ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁৰ উদ্যোগতে ভাৰতীয় সংবিধানত অস্পৃশ্যতাক এক অপৰাধ বুলি গণ্য কৰা হৈছিল। ভাৰতীয় সংবিধানত দলিত শ্ৰেণীৰ লোকসকলৰ বাবে সমতা, ন্যায়, আৰু স্বাধীনতাৰ অধিকাৰৰ লগতে বিশেষ কিছুমান সংৰক্ষণৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ উপৰি আম্বেদকাৰে হৰিজনসকলৰ ৰাজনৈতিক অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ৰাজনৈতিক ক্ষেত্ৰত সু – প্রতিষ্ঠিত কৰিবলৈ পৃথক নির্বাচক মণ্ডলৰ দাবী জনাইছিল। নিম্ন শ্ৰেণীৰ লোকসকলক হিন্দু সমাজৰ মূল সূঁতিলৈ অনাৰ বাবে আম্বেদকাৰৰ অৱদান অতুলনীয়। এই শ্ৰেণীৰ লোকসকলৰ উন্নতিৰ বাবে তেখেতে হংৰাজ চৰকাৰৰ সহায় বিচাৰিছিল। আম্বেদকাৰ অবিহনে দলিতসকল হয়তো আজি স্বাধীনভাৱে হিন্দু সমাজত সকলো লাঞ্ছনাৰ পৰা মুক্ত হৈ জীয়াই থাকিব নোৱাৰিলেহেঁতেন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top