Indian Sociological Traditions Unit 1 গোবিন্দ সদাশিৱ ঘূৰে, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Sociological Traditions Unit 1 গোবিন্দ সদাশিৱ ঘূৰে Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Sociological Traditions Unit 1 গোবিন্দ সদাশিৱ ঘূৰে Question Answer can be of great value to excel in the examination.
Indian Sociological Traditions Unit 1 গোবিন্দ সদাশিৱ ঘূৰে
Indian Sociological Traditions Unit 1 গোবিন্দ সদাশিৱ ঘূৰে Notes cover all the exercise questions in UGC Syllabus. Indian Sociological Traditions Unit 1 গোবিন্দ সদাশিৱ ঘূৰে provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
গোবিন্দ সদাশিৱ ঘূৰে
SOCIOLOGY
INDIAN SOCIOLOGICAL TRADITIONS
ভাৰতীয় সমাজতাত্ত্বিক পৰম্পৰা
অতি চমু প্রশ্নোত্তৰঃ
(ক) শুদ্ধ উত্তৰটো ৰাছি উলিওৱাঃ
১। পৰিৱৰ্তনৰ মাক্সিয়ান তত্ত্ব, ‘সেই পৰিৱৰ্তন বিপ্লৱৰ জৰিয়তে আহে’ ই ইংগিত দিয়ে—
(ক) বিদ্যমান গাঁথনিৰ পৰিৱৰ্ত্তন।
(খ) গোটেই গাঁথনিৰ পৰিৱৰ্তন।
(গ) বিদ্যমান গাঁথনিৰ এক আংশিক পৰিৱৰ্তন।
(ঘ) গাঁথনিগত উপাদানবোৰৰ এক নামমাত্র পৰিবৰ্তনা।
উত্তৰঃ (খ) গোটেই গাঁথনিৰ পৰিৱৰ্তন।
২। ধ্রুপদী আৰু আধুনিক সমাজতাত্ত্বিক দৃষ্টিকোণৰ মাজৰ মৌলিক পার্থক্যটোত দৃশ্যমান হয়—
(ক) মেক্ৰ’ৰ পৰা মাইক্ৰ’ তাত্ত্বিক দৃষ্টিকোণলৈ নীৰৱ পৰিৱৰ্তন।
(খ) মাইক্ৰ’ৰ পৰা মেক্রো দৃষ্টিকোণলৈ আমূল পৰিবৰ্তন।
(গ) মধ্য পৰিসৰৰ তত্ত্বৰ বিকাশ।
(ঘ) ওপৰৰ কোনোটোৱেই নহয়।
উত্তৰঃ (ক) মেক্ৰ’ৰ পৰা মাইক্ৰ’ তাত্ত্বিক দৃষ্টিকোণলৈ নীৰৱ পৰিৱৰ্তন।
৩। অনুসূচীত জাতি অনুসূচীত জনজাতিৰ তালিকাত কাকঅন্তুর্ভুক্ত কৰা হ’ব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ কৰি আছে?
(ক) ৰাজ্যপালৰ।
(খ) উপ – ৰাষ্ট্রপতিৰ।
(গ) ৰাষ্ট্ৰপতিৰ।
(ঘ) মুখ্যমন্ত্ৰীৰ।
উত্তৰঃ (গ) ৰাষ্ট্ৰপতিৰ।
৪। কোনটো অনুচ্ছেদে অনুসূচীত জাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ স্থাপন পৰিকল্পনা কৰিছে?
(ক) অনুচ্ছেদ ৩০০ য়ে।
(খ) অনুচ্ছেদ ৩৩২ য়ে।
(গ) অনুচ্ছেদ ৩৩৫ য়ে।
(ঘ) অনুচ্ছেদ ৩৩৮ য়ে।
উত্তৰঃ অনুচ্ছেদ ৩৩৮ য়ে।
৫। নিম্নলিখিত কোনটো সাংবিধানিক সংস্থা?
(ক) অনুসূচিত জাতিৰ বাবে ৰাষ্ট্রীয় আয়োগ।
(খ) ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ।
(গ) ৰাষ্ট্রীয় পিছপৰা শ্ৰেণী আয়োগ।
(ঘ) ৰাষ্ট্রীয় সংখ্যালঘু আয়োগ।
উত্তৰঃ (ক) অনুসূচিত জাতিৰ বাবে ৰাষ্ট্রীয় আয়োগ।
৬। _________ জাতি ব্যৱস্থাৰ আগশাৰীৰ।
(ক) জাতি প্ৰণালী।
(খ) জাতি বিভাজন।
(গ) আর্যসকলৰ প্ৰৱেশ।
(ঘ) বৰ্ণ প্ৰণালী।
উত্তৰঃ (ঘ) বৰ্ণ প্ৰণালী।
৭। ‘হোমো পদানুক্রম: জাতি প্ৰণালী আৰু ইয়াৰ প্ৰভাৱ’ নামৰ কিতাপখন কোনে লিখিছিল?
(ক) গোবিন্দ সদাশিৱ ঘূৰে।
(খ) ইৰাৱতী কার্ভে।
(গ) এম. এন শ্রীনিবাসে।
(ঘ) লুইচ ডুমন্টে।
উত্তৰঃ (ঘ) লুইচ ডুমন্টে।
৮। জাতি ব্যৱস্থাৰ সৈতে সম্পর্কিত বিশুদ্ধতা আৰু অশুদ্ধতাৰ ধাৰণা কোন প্রৱর্তন কৰিছিল?
(ক) এম. এন শ্রীনিবাসে।
(খ) লুইচ ডুমন্টে।
(গ) গোবিন্দ সদাশিব ঘূৰেয়ে।
(ম) আম্বেদকাৰে।
উত্তৰঃ (খ) লুইচ ডুমন্টে।
৯। কোনে মত প্ৰকাশ কৰিছিল যে ‘জাতি হৈছে বৈষম্যৰ এক বিশেষ প্ৰকাৰ’?
(ক) লুইচ ডুমণ্টে।
(খ) গোবিন্দ সদাশিৱ ঘুৰেয়ে।
(গ) ডেভিদ হার্ডিমেনে।
(ঘ) হাবাৰ্ট ৰাইজলিয়ে।
উত্তৰঃ (ক) লুইচ ডুমন্টে।
১০। “Cast and Race in India” নামৰ কিতাপখন কোনে ৰচনা কৰিছিল?
(ক) গোবিন্দ সদাশিৱ ঘূৰেয়ে।
(খ) ইৰাৱতী কার্ডে।
(গ) এছ. চি. ডুবে ডি. য়ে।
(ঘ) ডি. পি. মুখার্জীয়ে।
উত্তৰঃ (ক) গোবিন্দ সদাশিৱ ঘুৰেয়ে ।
১১। ঘুৰেয়ে মত প্ৰকাশ কৰিছিল যে জাতিৰ সদস্যপদ ৰ ওপৰত আধাৰিত _______।
(ক) বাসস্থান।
(খ) জন্ম।
(গ) জীৱিকা।
(ঘ) ছালৰ ৰং।
উত্তৰঃ (ক) বাসস্থান।
১২৷ ঘূৰেৰ কোনটো কামে ভাৰতৰ জাতি ব্যৱস্থাৰ বিশ্লেষণ কৰে?
(ক) হোমো পদানুক্রম: জাতি প্ৰণালী আৰু ইয়াৰ প্ৰভাৱ।
(খ) অস্পৃশ্য।
(গ) ভাৰতত জাতি আৰু শ্ৰেণী।
(ঘ) ভাৰতত জাতি আৰু জাতি।
উত্তৰঃ (ঘ) ভাৰতত জাতি আৰু জাতি।
১৩। অনুসূচীত জাতি শব্দটো ________ দ্বাৰা গঢ়ি উঠিছিল।
(ক) ঔপনিৱেশিক প্রশাসন।
(খ) ব্ৰিটিছ প্রশাসক।
(গ) সংবিধান।
(ঘ) চাইমন কমিছন।
উত্তৰঃ (খ) ব্ৰিটিছ প্রশাসক।
১৪। কোনটো অনুচ্ছেদ অস্পৃশ্যতাৰ বিলুপ্তিৰ সৈতে সম্পর্কিত?
(ক) অনুচ্ছেদ ১৬ দূৰত্ব শিক্ষা বিদ্যালয় সামাজিক স্তৰকৰণ আৰু অস্বাভাৱিক।
(খ) অনুচ্ছেদ ১১।
(গ) অনুচ্ছেদ ১৭।
(ঘ) অনুচ্ছেদ ১৮।
উত্তৰঃ (গ) অনুচ্ছেদ ১৭।
১৫। _________ ৰাজনৈতিক উদ্দেশ্যৰ বাবে জাতি সংগ্ৰহ কৰি আছে।
(ক) জাতিৰ ৰাজনীতিকৰণে।
(খ) ৰাজনীতিৰ জাতিকৰণে।
(গ) ৰাজনৈতিক জাতিয়ে।
(ঘ) শোষণে।
উত্তৰঃ (ক) জাতিৰ ৰাজনীতিকৰণে।
১৬। “Races and Culture of India” কিতাপখন ৰ লিখক কোন?
(ক) গুহা।
(খ) হাউবল ।
(গ) ডি. এন. মজুমদাৰ।
(ঘ) হার্বার্ট মীড।
উত্তৰঃ (গ) ডি. এন. মজুমদাৰ।
১৭। ভাৰতত জাতি ব্যৱস্থাৰ কথা উল্লেখ কৰা ঘূৰেৰ কিতাপখনৰ নাম কি?
(ক) “Indian Sadhus”.
(খ) “Cast system in India”.
(গ) “Cast and Race in India”.
(ঘ) “Kinship Organization in India”.
উত্তৰঃ (গ) Cast and Race in India”।
(খ) উত্তৰ লিখাঃ
১। গোবিন্দ সদাশিৱ ঘূৰেৰ জন্ম কোন চনত হৈছিল?
উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰেৰ জন্ম ১৮৯৩ চনৰ ১২ ডিচেম্বৰত হৈছিল।
২। গোবিন্দ সদাশিৱ ঘূৰেৰ জন্ম কোনখন চহৰত হৈছিল?
উত্তৰঃ গোবিন্দ সদাশিৱ ঘুৰেৰ জন্ম হৈছিল পশ্চিম ভাৰতৰ কংকন উপকূলীয় অঞ্চলৰ মালভান নামৰ চহৰত।
৩। গোবিন্দ সদাশিৱৰ পিতৃৰ জীৱিকা কি আছিল?
উত্তৰঃ গোবিন্দ সদাশিৱৰ পিতৃ এজন অতি প্রতিপত্তিশালী ব্যৱসায়ী আছিল।
8। ঘূৰেয়ে কিমান চনত এলফিনষ্ট’ন কলেজত নাম ভৰ্তি কৰে?
উত্তৰঃ ১৯১৩ চনত ঘুৰেয়ে এলফিনষ্ট’ন কলেজত নাম ভৰ্তি কৰে।
৫। গোবিন্দ সদাশিৱ ঘূৰে কোন বিষয়ত উচ্চমান স্নাতক ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰে সংস্কৃতত উচ্চমান স্নাতক ডিগ্ৰী লাভ কৰিছিল।
৬। কিমান চনত গোবিন্দ সদাশিৱ ঘূৰে বিদেশত সমাজতত্ত্ব অধ্যয়নৰ বাবে বৃত্তি লাভ কৰিছিল?
উত্তৰঃ ১৯১৮ চনত গোবিন্দ সদাশিব ঘুৰে বিদেশত সমাজতত্ত্ব অধ্যয়নৰ বাবে বৃত্তি লাভ কৰিছিল।
৭। ইংলেণ্ডত থকা সদাশিৱ ঘূৰে ক’ৰ বিদ্যাৰ্থী আছিল?
উত্তৰঃ এল. টি. হবহাউচৰ।
৮। কোন দুটা ভাৱধাৰাই ঘূৰেক যথেষ্ট প্ৰভাৱাম্বিত কৰিছিল?
উত্তৰঃ হিন্দু ভাৱাদৰ্শ আৰু জাতীয়তাবাদী ভাৱধাৰাই ঘূৰেক যথেষ্ট প্ৰভাৱাম্বিত কৰিছিল।
৯। কোনখন বিশ্ববিদ্যালয়ত ঘূৰে ডব্লিউ. এইচ. আৰ, ৰিভাৰ্চৰ তত্ত্বাৱধানত অধ্যয়ন কৰিছিল?
উত্তৰঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ত ঘূৰে ডব্লিউ. এইচ. আৰ ৰিভাৰ্চৰ তত্ত্বাৱধানত অধ্যয়ন কৰিছিল।
১০। কাৰ তত্ত্বাৱধানত জি. এছ. ঘূৰে ডক্টৰেট ডিগ্ৰী লাভ কৰে?
উত্তৰঃ জি. এছ. ঘূবেয়ে এ. চি. হেডনৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
১১। জি. এছ. ঘূৰেৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?
উত্তৰ: জি. এছ. ঘূৰেৰ গৱেষণা গ্ৰন্থখনৰ নাম ‘Caste and Race in India’।
১২। সমাজতত্ত্ব বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয় কোনখন?
উত্তৰঃ সমাজতত্ত্ব বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন হৈছে মুম্বাই বিশ্ববিদ্যালয়।
১৩। জি. এছ. ঘূৰে সমাজতত্ত্ব বিভাগত কোনটো পদত নিযুক্তি হৈছিল?
উত্তৰঃ জি. এছ. ঘূৰে সমাজতত্ত্ব বিভাগত ৰীডাৰ আৰু মূৰব্বী ৰূপে নিযুক্ত হৈছিল।
১৪। ঘূৰেয়ে কিমানখন গ্ৰন্থ অৱসৰৰ পাছত লিখিছিল?
উত্তৰঃ ঘূবেয়ে ৩০ খন গ্ৰন্থৰ ভিতৰত ১৭ খনেই তেওঁ অৱসৰৰ পাছত লিখিছিল।
১৫। ‘ভাৰতীয় সমাজতাত্ত্বিক সমাজ’ কিমান চনত প্ৰতিষ্ঠিত হৈছিল?
উত্তৰঃ ‘ভাৰতীয় সমাজতাত্ত্বিক সমাজ’ ১৯৫১ চনত প্ৰতিষ্ঠিত হৈছিল।
১৬। ‘ভাৰতীয় সমাজতাত্ত্বিক সমাজ’ৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ জি. এছ. ঘূৰে ভাৰতীয় সমাজতাত্ত্বিক সমাজৰ প্ৰতিষ্ঠাতা।
১৭। কিমান চনত সমাজতত্ত্ববিদ জি. এছ. ঘূৰেৰ মৃত্যু হয়?
উত্তৰঃ ১৯৮৩ চনত ৯০ বছৰ বয়সত বিখ্যাত ভাৰতীয় সমাজতত্ত্ববিদ ঘূৰে মৃত্যু হয়।
১৮। কিমান চনত সমাজতত্ত্ববিদ জি. এছ. ঘূৰে অৱসৰ গ্ৰহণ কৰিছিল?
উত্তৰঃ ১৯৫৯ চনত সমাজতত্ত্ববিদ জি. এছ. ঘূৰে অৱসৰ গ্ৰহণ কৰিছিল।
১৯। ১৯৩২ চনত কেম্ব্ৰিজত প্ৰকাশিত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ১৯৩২ চনত কেম্ব্ৰিজত প্ৰকাশিত গ্ৰন্থখনৰ নাম — ‘Caste and Race in India’।
২০। ঘূৰেৰ তত্ত্বাৱধানত প্রথম কোনে ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল?
উত্তৰঃ ঘূৰেৰ তত্ত্বাৱধানত প্রথম জি. আৰ. প্রধানে ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
২১। হাবার্ট বিজল কোন আছিল? ঘূৰে জাতি আৰু প্ৰজাতিৰ ক্ষেত্ৰত কাৰ দ্ধাৰা প্রভাৱান্বিত হৈছিল?
উত্তৰঃ হাবার্ট বিজলে আছিল এজন ব্ৰিটিছ ঔপনিৱেশিক শাসক তথা নৃতত্ত্ববিদ। ঘূৰে জাতি আৰু প্ৰজাতিৰ ক্ষেত্ৰত হাবার্ট বিজলেৰ দ্ধাৰা প্রভাৱান্বিত হৈছিল।
২২। ঘূৰেৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? গ্ৰন্থখন কেতিয়া প্ৰকাশিত হৈছিল?
উত্তৰঃ ঘূৰেৰ গৱেষণা গ্ৰন্থখন হ’ল ‘Caste and Race in India’ ১৯৩২ চনত কেম্ব্ৰিজতে প্ৰকাশিত হৈছিল।
২৩। জি. এছ. ঘূৰয়ে তেওঁৰ গৱেষণা গ্ৰন্থত আলোচনা কৰা বিষয় দুটা কি?
উত্তৰঃ জি. এছ. ঘূৰেৰ তেওঁৰ গৱেষণা গ্ৰন্থত আলোচনা কৰা বিষয় দুটা হ’ল জাতি আৰু প্ৰজাতি।
২৪। জি. এছ. ঘূৰেৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ জি. এছ. ঘূৰেৰ জন্ম হৈছিল পশ্চিম ভাৰতৰ কংকন উপকূলীয় অঞ্চলৰ মালভান নামৰ চহৰত।
২৫। ঘূৰে অধ্যয়ন কৰা সমাজতত্ত্বৰ দিশবোৰ কি কি আছিল?
উত্তৰঃ ঘূৰেৰ উল্লেখযোগ্য লিখনিসমূহ যদিও জাতি আৰু প্ৰজাতি সম্বন্ধীয় আছিল তথাপি তেওঁ স্বজন পদ্ধতি, পৰিয়াল আৰু বিবাহ, সংস্কৃতি, সভ্যতা আৰু নগৰৰ ঐতিহাসিক ভূমিকা, সংঘৰ্ষ আৰু সংহতিৰ সমাজতত্ত্ব আদি দিশৰ ওপৰতো অধ্যয়ন কৰিছিল।
২৬। প্ৰভাৱশালী জাতি (dominant caste) মানে কি?
উত্তৰঃ প্ৰভাৱশালী জাতি শব্দটোৱে বৃহৎ জনসংখ্যাৰ জাতিবোৰক বুজাইছিল। উদাহৰণস্বৰূপে, এনে প্ৰভাৱশালী জাতীবোৰৰ ভিতৰত বিহাৰ আৰু উত্তৰপ্রদেশৰ য়াদৱসকল, কৰ্ণাটকৰ ভোক্বালিয়াসকল, অন্ধ্ৰ প্ৰদেশৰ ৰেড্ডী আৰু খাম্মাসকল, মহাৰাষ্ট্ৰৰ মাৰাঠানকল, পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলৰ ঘাটিসকল আৰু গুজৰাটৰ পাটিদাৰসকল উল্লেখযোগ্য।
২৭। জাতি কি?
উত্তৰঃ জাতি হৈছে ভাৰতীয় হিন্দু সমাজৰ এক অৰীকৰণ ব্যৱস্থা, ইয়াৰ দ্বাৰা সমাজৰ ব্যক্তিসকলক উচ্চ আৰু নিম্ন হিচাপে কিছুমান স্তৰত বিভক্ত কৰা হৈছে। জাতি ব্যবস্থা জন্মৰ
ওপৰত আধাৰিত।
২৮। ভাৰতীয় জাতি ব্যৱস্থাত প্রধান জাতিকেইটা উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় জাতি ব্যৱস্থাৰ প্ৰধান জাতিকেইটা হ’ল – ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র।
২৯। ‘Caste’ শব্দটো কোন ভাষাৰপৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ কি?
উত্তৰঃ ইংৰাজী ‘caste’ শব্দটোৰ উৎপত্তি হৈছে পতুগীজ কাষ্টা (caste) শব্দৰ পৰা। এই শব্দৰ অৰ্থ হৈছে গোষ্ঠী, বংশ বা পৰিয়ালৰ সমষ্টি।
৩০। হাট্টনৰ মতে ভাৰতবৰ্ষত কিমান সংখ্যক জাতি-উপজাতি আছে?
উত্তৰঃ হাট্টনে caste in India নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে ভাৰতবৰ্ষত প্ৰায় তিনি হেজাৰটা জাতি আৰু উপজাতি আছে।
৩১। জাতিৰ উৎপত্তি সম্পৰ্কীয় বৃত্তিয়াত্মক সিদ্ধান্তৰ মুখ্য প্ৰৱৰ্তক কোন?
উত্তৰঃ জাতিৰ উৎপত্তি সম্পৰ্কীয় বৃত্তিয়াত্মক সিদ্ধান্তৰ মুখ্য প্ৰৱৰ্তক হ’ল — নেচফিল্ড।
৩২। জাতি ব্যৱস্থা অনুসৰি ব্যক্তিৰ সামাজিক প্ৰস্থিতি নিৰ্ধাৰণৰ ভিত্তি কি?
উত্তৰঃ জাতি ব্যৱস্থা অনুসৰি ব্যক্তিৰ সামাজিক প্ৰস্থিতি নিৰ্ধাৰণৰ ভিত্তি হ’ল জন্ম। জন্মৰ ওপৰত ভিত্তি কৰিহে এজন ব্যক্তিৰ সামাজিক স্থান নির্ণয় কৰা হয়। এজন ব্যক্তি যিটো জাতিত জন্মগ্ৰহণ কৰে তেওঁ সেইটো জাতিৰে ব্যক্তি হয়। তেওঁ অন্য জাতি হিচাপে চিনাকী দিব নোৱাৰে।
৩৩। বৰ্ণ আৰু জাতি সমার্থক নে? যদি নহয় কিয়?
উত্তৰঃ প্ৰাচীন কালত বৰ্ণ আৰু জাতিক প্ৰায় একেটা অৰ্থতে ব্যৱহাৰ কৰা হৈছিল। কিন্তু দুয়োটা সমাৰ্থক নহয়। কাৰণ ‘বৰ্ণ’ শব্দৰ অৰ্থ ‘বৰণ’ অথবা ‘ৰং’। জাতিৰ অৰ্থ হৈছে গোষ্ঠী, বংশ বা পৰিয়ালৰ সমষ্টি ।
৩৪। বর্ণ আৰু জাতি একেনে?
উত্তৰঃ বর্ণ আৰু জাতি একে নহয়। কিয়নো জাতি জন্মৰ ওপৰত আধাৰিত আৰু বৰ্ণ ব্যক্তিৰ গুণ আৰু কর্মৰ ওপৰত আধাৰিত।
৩৫। জাতিৰ মূল চৰিত্রটো কি?
উত্তৰঃ জাতিৰ মূল চৰিত্ৰটো হৈছে যে জাতি জন্মৰ ওপৰত আধাৰিত। এমন ব্যক্তি যিটো জাতিত জন্মগ্রহণ কৰে, তেওঁ সেইটো জাতিৰে সদৃশ্য হ’ব। নিজৰ ইচ্ছামতে তেওঁ আনৰ জাতিত অন্তর্ভুক্ত হ’ব নোৱাৰে।
৩৬। আধুনিক যুগত এজন ব্যক্তিৰ জাতি কিহেৰে নিৰ্ধাৰিত কৰা হয়?
উত্তৰঃ আধুনিক যুগত এজন ব্যক্তিৰ জাতি ব্যক্তিৰ কৰ্ম, গুণ আৰু দক্ষতাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। কোনো এজন ব্যক্তিৰ যদি গুণ, দক্ষতা ইত্যাদি থাকে, তেন্তে তেওঁ নিম্ন জাতিত জন্মগ্রহণ কৰিলেও সমাজত উচ্চ প্রস্থিতি লাভ কৰিব পাৰিব।
৩৭। গাঁৱৰ জনসাধাৰণৰ স্থিতিগত স্তৰৰ পাৰ্থক্যৰ ছয়টা অৱদান উল্লেখ কৰা।
উত্তৰঃ (ক) ধৰ্ম আৰু বৰ্ণ।
(খ) জমিৰ মালিকানা।
(গ) সম্পদ।
(ঘ) চৰকাৰি চাকৰি আৰু গাঁও সংগঠনৰ অৱস্থান।
(ঙ) বয়স। আৰু
(চ) স্বতন্ত্ৰ ব্যক্তিত্ব নিদর্শন।
চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰ
১। জাতিৰ বৈশিষ্ট্যবিলাক উল্লেখ কৰা।
উত্তৰঃ জাতি ব্যৱস্থাৰ নিৰ্দিষ্ট কিছুমান বৈশিষ্ট্য আছে। এইবিলাক মান্যভাগ, চাল-চলন, বৃত্তি, বিবাহ আদিৰ লগত সম্পর্কযুক্ত।
জাতি ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য, সমূহ এনেধৰণৰ—
(ক) জাতি জন্মৰ ওপৰত আধাৰিত এজন ব্যক্তি যিটো জাতিত জন্ম গ্ৰহণ কৰে তেওঁ সেইটো জাতিৰে সদস্য হয়।
(খ) জাতি অন্তৱর্তী বিবাহ সমূহ, এটা জাতিৰ ব্যক্তিসকলে নিজৰ জাতিৰ বাহিৰত বিবাহ কৰিব নোৱাৰে।
(গ) প্রত্যেক জাতিৰে একোটা নিৰ্ধাৰিত বৃত্তি থাকে, এই বৃত্তিৰ বাহিৰে ব্যক্তিয়ে অন্য জাতিৰ বৃত্তি গ্ৰহণ কৰিব নোৱাৰে।
(ঘ) প্রত্যেক জাতিয়ে অন্য জাতিৰ সৈতে খোৱা লোৱা কৰাত কিছুমান বাধা নিষেধ মানি চলে।
(ঙ) জাতিবোৰৰ মাজত এটা উচ্চ নীচ সংস্তৰণ আছে, য’ত ব্ৰাহ্মণৰ প্ৰস্থিতি সকলোতকৈ উচ্চ।
২। ভাৰতীয় জাতি গঠনৰ ক্ষেত্ৰত জাতি ব্যৱস্থাৰ যি কোনো দুটা বৈশিষ্ট্য লিখ।
উত্তৰঃ ভাৰতীয় জাতি গঠনৰ ক্ষেত্ৰত জাতি ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ’ল —
(ক) জাতি ব্যৱস্থাৰ দ্বাৰা বিভক্ত জাতিবোৰৰ মাজত উচ্চ-নীচৰ সংস্তৰণ আৰু নিজস্ব প্ৰস্থিতি আছে। এই সংস্তৰণৰ উচ্চতম হ’ল ব্ৰাহ্মণ আৰু নিম্নতম হ’ল শূদ্রসকল। ব্রাহ্মণসকলৰ পাছতেই ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ স্থান।
(খ) প্ৰত্যেক জাতিৰে অন্য জাতিৰ লগত খোৱা-লোৱা, চাল-চলন কৰা আদিত কিছু নহয় কিছু বাধা নিষেধ আছে। উদাহৰণস্বৰূপে, ব্রাহ্মণসকলে অন্য জাতিৰ সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰিব নোৱাৰে, খোৱা-লোৱাৰ ক্ষেত্ৰত কিছুমান কঠোৰ আৰু অলংঘনীয় বাধা নিষেধ আছে।
৩। কিহৰ ওপৰত নিৰ্ভৰ কৰি বিজলে জাতি আৰু প্ৰজাতিৰ আলোচনা কৰিছিল?
উত্তৰঃ বিজলেয়ে জাতি আৰু প্ৰজাতিৰ আলোচনা মানুহৰ শাৰীৰিক বৈশিষ্ট্য যেনে মূৰৰ আকাৰ, নাকৰ দৈৰ্ঘ্য, হনু, ওঠ, চকুৰ পতা আদিৰ গঠন, চুলিৰ গঠন, কাণৰ গঠন ইত্যাদিব ওপৰত নিৰ্ভৰ কৰি আলোচনা কৰিছিল।
8। প্রজাতীয় অধ্যয়ন সম্পর্কে বিজলেৰ মতামত আলোচনা কৰা।
উত্তৰঃ বিজলেৰ মতে প্ৰজাতীয় অধ্যয়নৰ বাবে ভাৰতবৰ্ষ এক অদ্বিতীয় গৱেষণাগাৰ, কাৰণ ভাৰতবৰ্ষ বিভিন্ন প্ৰজাতিৰ সংগমস্থল। বিভিন্ন প্ৰজাতিৰ সংমিশ্ৰণতেই জাতিৰ উৎপত্তি হৈছে, কাৰণ জাতিৰ মাজত ভিন্ন ভিন্ন প্ৰজাতিৰ গুণসমূহ পোৱা যায়। তেওঁৰ মতে সমাজৰ নিম্ন জাতিৰ লোকসকলেই ভাৰতৰ আদিম বাসিন্দা। বিজলেৰ মতে ইন্দো আৰ্য প্ৰজাতিৰ লোক পাৰস্যৰ পৰা ভাৰতলৈ আহি পাৰসা সমাজৰ আৰ্হিতেই ভাৰততে ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ জাতিৰ সৃষ্টি কৰি কৰ্মবিভাজন ঘটায়। আদিবাসীসকলৰ লগত থকা সাংস্কৃতিক আৰু শাৰীৰিক পাৰ্থক্যৰ বাবেই আৰ্যসকলে আদিবাসীসকলৰ কন্যা বিবাহ কৰিছিল। কিন্তু আৰ্যসকলে আদিবাসীসকললৈ বিবাহ দিয়া নাছিল আৰু ইয়াৰ ফলতেই সমাজত অনুলোম বিবাহ, প্রতিলোম বিবাহ, আন্তঃবিবাহ আদি পদ্ধতিৰ সৃষ্টি হয় আৰু এইবোৰেই জাতি ব্যৱস্থাৰ অন্যতম উপাদান হৈ পৰিল।
৫। গোবিন্দ সদাশিৱ ঘূৰে সম্পৰ্কে এটি চমুটোকা লিখা।
উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰেঃ ঘূৰে চমুকৈ জি. টি. ঘূৰে। তেওঁৰ জন্ম হৈছিল পশ্চিম ভাৰতৰ কংকন উপকূলীয় অঞ্চলৰ মালভান নামৰ চহৰত ১৮৯৩ চনৰ ১২ ডিচেম্বৰত। তেওঁৰ পিতৃ আছিল এজন অতি প্রতিপত্তিশালী ব্যবসায়ী। ঘুৰেয়ে ১৯১৮ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা বিদেশত সমাজতত্ত্ব অধ্যয়নৰ বাবে বৃত্তি লাভ কৰে। ঘূৰে বিখ্যাত সমাজতত্ত্ববিদ এল টি হবহাউচৰ লগত শিক্ষা গ্ৰহণ কৰিছিল, তেওঁ ১৯২৩ চনত কেম্ব্রিজতেই এ. চি. হেডনৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণা গ্রন্থ প্রথম মুম্বাই বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয় আৰু ঘূৰেই আছিল ইয়াৰ মূল ব্যক্তি।
ঘূৰেয়ে ভাৰতত সমাজতত্ত্ব বিষয়টো প্ৰতিষ্ঠা কৰাৰ উপৰি বিষয়টোক স্বকীয়তা প্ৰদান কৰি একে স্থানত ৰাখি থৈ গ’ল। তেওঁৰ অধ্যয়ন আৰু লিখনিসমূহৰ পৰিসৰ আছিল বিস্তৃত। ঘূৰেৰ লিখনিসমূহ যদিও জাতি আৰু প্ৰজাতি সম্বন্ধীয় আছিল তথাপি তেওঁ স্বজন পদ্ধতি, পৰিয়াল আৰু বিবাহ, সংঘৰ্ষ আৰু সংহতিৰ সমাজতত্ত্ব আদি দিশৰ ওপৰতো অধ্যয়ন কৰিছিল। হিন্দু ভাবাদর্শ আৰু জাতীয়তাবাদী ভাৱাধাৰাই তেওঁক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল। তেওঁ জনজাতি আৰু আদিবাসীসকলৰ সংস্কৃতিৰ ওপৰত গভীৰ অধ্যয়ন কৰিছিল।
৬। “জাতি ব্যৱস্থা ভাৰতীয় সমাজৰ অন্যতম বৈশিষ্ট্য”- জাতি ব্যবস্থা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ জাতি ব্যৱস্থা হৈছে ভাৰতীয় সমাজৰ অন্যতম বৈশিষ্ট্য। এই জাতি ব্যৱস্থাই ভাৰতীয় সমাজক ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ হিচাপে চাৰিটা ভাগত বিভক্ত কৰিছে। এই চাৰিওটা জাতি সমাজৰ চাৰিটা স্তৰ বা সংস্তৰণৰূপে বিভক্ত। এই চাৰিওটা জাতিৰ মাজত উচ্চ-নীচৰ প্রভেদ আছে। উদাহৰণস্বৰূপে, জাতি ব্যবস্থা মতে ব্ৰাহ্মণৰ প্ৰস্থিতি সকলোৰে উচ্চত আৰু শূদ্রৰ প্রস্থিতিয়ে সর্বনিম্ন। জাতি ব্যবস্থা অনুযায়ী এটা জাতিৰ লোকে ইচ্ছা কৰিলেই অন্য এটা জাতিলৈ গতি কৰিব বা ৰূপান্তৰিত হ’ব নোৱাৰে। যেনে, এজন শূদ্র জাতৰ লোকে ব্ৰাহ্মণৰ শিক্ষা-দীক্ষা, গুণাগুণ দক্ষতা আদি আহৰণ কৰিলেও ব্ৰাহ্মণ হিচাপে উচ্চ জাতিলৈ গতি কৰিব নোৱাৰে।
৭। শ্যামাচৰণে দাঙি ধৰা ভাৰতীয় সমাজৰ প্ৰৱণতা আৰু পৰিৱৰ্তন সম্পর্কে আলোচনা কৰা।
উত্তৰঃ সমসাময়িক ভাৰতীয় সমাজৰ কেইবাটাও অত্যন্ত বিস্ময়কৰ নিশসমূহৰ লগত বিভিন্ন দ্বন্দ আছে। বিশাল দাৰিদ্ৰৰ সাগৰত কিছু চমকপ্ৰদ সমৃদ্ধিৰ দ্বীপ আছে। ই নিজৰ আধ্যাত্মিকতালৈয়ে গর্বিত, তেতিয়া ইয়াৰ অভিজাত ধনী আৰু শক্তিশালী মন্তব্য অনৈতিক যেন লাগে। ১৯৪৮ চনত ভাৰতীয় ইউনিয়ন কর্তৃক গৃহীত পুলিছ পদক্ষেপ হায়দরাবাদ ৰাজ্যৰ ভাগ্য আৰু অৱস্থান পৰিৱৰ্তন কৰিছিল। প্ৰথম সুনির্দিষ্ট পৰিৱৰ্তনটো হ’ল – পূৰ্বৰ শাসনকালত যিসকল মুছলমানে বিশেষ সুবিধাপূর্ণ পদত অধিষ্ঠিত হৈছিল আৰু প্ৰশাসনৰ অধীনত বাধ্য হৈ শ্ৰম আৰু চৰকাৰী কৰ্মকৰ্তাসকলৰ দ্বাৰা অতিথিপৰায়ণতা জোৰ কৰি নিষিদ্ধ কৰা হৈছে। কতলীয় সম্পদ বিলুপ্তি ভূমি সংস্কাৰৰ পথ এটা ডাঙৰ পদক্ষেপ আছিল। সেই সময়ত চৰকাৰে কল্যাণ আৰু দেশ গঠনৰ কাৰ্যক্ৰম আৰু তীব্ৰ কৰিছে। অৱশ্যে ৰাজনৈতিক দলসমূহে যথেষ্ট ৰাজনৈতিক তৎপৰতা অৰ্জন কৰিছে, ১৯৫১ চনত ইয়াৰ সমাপ্তি ঘটে।
৮। প্ৰামাণিক নামৰ এজন দাৰ্শনিকে ঘূৰেৰ লেখনি সমূহক বিশেষকৈ ছয়টা ভাগত ভাগ কৰিছে ভাগ কেইটা কি কি?
উত্তৰঃ প্ৰামাণিক নামৰ এজন দার্শনিকে ঘূৰেৰ লেখনি সমূহক বিশেষকৈ ছয়টা ভাগত ভাগ কৰিছে সেইকেইটা হ’ল —
(ক) জাতি।
(খ) জনজাতি।
(গ) স্বজন পদ্ধতি, পৰিয়াল আৰু বিবাহ।
(ঘ) সংস্কৃতি, সভ্যতা আৰু নগৰৰ ঐতিহাসিক ভূমিকা।
(ঙ) ধর্ম।
(চ) সংঘৰ্ষ আৰু সংহতিৰ সমাজতত্ত্ব।
৯। বৰ্ণ পদ্ধতি আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে লিখা।
উত্তৰঃ ১৯৬৬ চনত ডুমন্টে ‘দ্য কাস্ট চিষ্টেম’ আৰু তাৰ প্ৰভাৱ নামে এটা কাৰ্য তৈয়াৰ কৰিছিল। ইয়াৰ এটা অনন্য ধাৰণা, আদৰ্শ আৰু প্ৰক্ষেপণ আছিল। ই বর্ণ সম্পর্কিত বহুত তথ্য প্ৰদান কৰে। তেওঁৰ কাম অন্যৰ সৈতে এই ধাৰণাতে বেলেগ যে ই শ্রেণীবিন্যাসৰ মূল ব্যাখ্যামূলক উপায় ব্যৱহাৰ কৰে যাতে ই সম্পূর্ণ নতুন মডেল দিয়ে।
পূৰ্বৱৰ্তী ভাৰতীয় সমাজতকৈ ভিন্ন আধুনিক ভাৰতীয় সমাজত মূল ধাৰণাটি হ’ল সমতা। শ্রেণীবিন্যাসে ভাৰতীয় সমাজক পূৰ্বৰ সমাজতকৈ বেলেগে কৰাত সহায়তা কৰে। যদি এটা সাম্যবাদী ব্যৱস্থা বিদ্যমান থাকে তেতিয়া তাৰ বিপৰীতে থকা লোকৰ গোষ্ঠী আৰু বিদ্যমান থাকে। সাধাৰণতে অসুবিধাজনক দিশে থকা মানুহেই তাৰ বিপৰীত হয়। যদি তেওঁলোকে সুবিধাবোৰ ত্যাগ কৰি আছে তেতিয়া তাৰ সমৰ্থন কৰিব আৰু যদি নাই তেনেহ’লে তাৰ বিৰোধিতা কৰিব শ্ৰেণীবিন্যাসত যিবোৰ ব্যক্তি বা গোষ্ঠীৰ লোকক নিম্ন স্থানত নিযুক্তি কৰা হৈছে। তেওঁলোকক অসুবিধাজনক বুলি কোৱা হয় আৰু উচ্চ স্থানত নিযুক্ত ব্যক্তিসকলে তেওঁলোকৰ শোষণ কৰে।
১০। জাতি আৰু বৰ্ণৰ মাজত পাৰ্থক্য নির্ণয় কৰা।
উত্তৰঃ ‘বর্ণ’ আৰু ‘জাতি’ — এই দুয়োটা অৱধাৰণাকে বহুতে প্রায় একে অৰ্থতে ব্যৱহাৰ কৰিব বিচাৰে। কিন্তু দুয়োটা সমার্থক নহয়।
জাতি আৰু বৰ্ণৰ মাজৰ পাৰ্থক্যসমূহ এনেধৰণৰ —
(ক) বৰ্ণ – ব্যৱস্থা অনুসৰি প্ৰাচীন ভাৰতীয় সমাজক ব্রাহ্মাণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ —এই চাৰিটা প্ৰধান ভাগত বিভক্ত কৰা হৈছে। কিন্তু,জাতি ব্যবস্থা অনুসৰি ভাৰতবৰ্ষত হাজাৰ হাজাৰ জাতিৰ সৃষ্টি হৈছে।
(খ) জাতি ব্যবস্থা জন্মৰ ওপৰত আধাৰিত। এজন ব্যক্তি যিটো জাতিত জন্মগ্ৰহণ কৰে, তেওঁ সেইটো জাতিৰে সদস্য হয়। কিন্তু বৰ্ণ ব্যক্তিৰ কৰ্মৰ ওপৰত আধাৰিত বৰ্ণ ব্যৱস্থা মতে ব্যক্তিয়ে নিজৰ ভিত্তিত যিকোনো বর্ণ গ্ৰহণ কৰিব পাৰে।
(গ) জাতি ব্যৱস্থামতে এটা জাতিয়ে অন্য এটা জাতিৰ লগত খোৱা – লোৱা, বিয়া – বাৰু, সামাজিক চাল – চলন, আদান – প্রদান আদিত কিছুমান বাধা নিষেধ আছিল। কিন্তু, বৰ্ণ – ব্যৱস্থা অনুসৰি সমাজৰ লোকসকলক চাৰিটা ভাগত বিভক্ত কৰিলেও এটা বৰ্ণই আন এটা বৰ্ণৰ লগত মিলা – মিছা কৰাৰ সুবিধা নাছিল।
(ঘ) জাতি – ব্যৱস্থাত ব্ৰাহ্মণৰ স্থান উচ্চ আৰু অস্পৃশ্যসকলৰ স্থান একেবাৰে নিম্নস্তৰত নিৰ্ধাৰিত হৈ থাকে। কিন্তু, বর্ণ – ব্যৱস্থাত ব্রাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ মাজত সামাজিক চাল – চলনত বিশেষ বাধা – নিষেধ নথকাৰ বাবে এটাৰ পৰা আনটোৰ প্ৰস্থিতি অতি উচ্চ বা অতি নিম্ন হিচাপে পৰিগণিত হোৱা নাছিল।
(ঙ) জাতি সামাজিক গতিশীলতাৰ কোনো সুবিধা নাথাকে। ই হৈছে এক মুক্ত স্তৰীকৰণ ব্যবস্থা।
১১। ‘ঘূৰেৰ যুক্তিবাদী এনে ভাৱধাৰাই ভাৰতত জাতীয়তাবাদী চিন্তাধাৰাৰ বিকাশ ঘটিছিল’— মন্তব্যটো আলোচনা কৰা।
উত্তৰঃ ঘূৰেক হিন্দু ভাবাদর্শ আৰু জাতীয়তাবাদী ভাৱধাৰাই যথেষ্ট প্ৰভাৱাম্বিত কৰিছিল। তেওঁ ‘জনজাতি’ আৰু ‘আদিবাসী’ সকলৰ সংস্কৃতিৰ ওপৰত গভীৰ অধ্যয়ন কৰিছিল। বহুতো জাতি আৰু জনজাতি বিচিত্ৰতাৰে গঢ়ি উঠা ভাৰতীয় সমাজত ১৯৩০-৪০ চনৰ ভিতৰত কিছু বেমেজালি আহি পৰিছে। ব্ৰিটিছ শাসক আৰু নেতৃত্ববিদসকলে ভাৰতীয় জনজাতীয় সমাজ আৰু আদিবাসী সমাজৰ ওপৰত অধ্যয়ন চলাই ভুল পথে পৰিচালিত কৰিছিল। তেওঁলোকে জনজাতিৰ লোকসকলক ‘আদিবাসী’ লোক বুলি বৰ্ণনা দিব বিচাৰিছিল আৰু তেওঁলোকে হিন্দু মূল সুঁতিৰ পৰা বহু আঁতৰত বুলি ব্যাখ্যা দিছিল। তেওঁলোকৰ মতে হিন্দু সমাজ আৰু সংস্কৃতিৰ সংস্পৰ্শত জনজাতিসকল শোষণৰহে বলি হৈছে আৰু তেওঁলোকৰ নিজা সংস্কৃতিৰ অৱনতি ঘটিছে। এইক্ষেত্ৰত জনজাতিসকলক ৰাষ্ট্ৰই সুৰক্ষা দিয়াৰ প্ৰয়োজন বুলি তেওঁলোকে যুক্তি দিছিল। ঘূৰে হৈ পৰিছিল জাতীয়তাবাদী ভাৱধাৰাৰ অগ্ৰণী ব্যক্তি।
তেওঁলোকৰ মতে হিন্দু ধৰ্মৰো ভালেমান বৈশিষ্ট্য সংস্কৃতিৰ পৰা পিছপৰা। এইবোৰৰ সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তা আছে। জনজাতিসকল কোনো সুকীয়া সংস্কৃতিৰ ব্যক্তি নহয়। তেওঁলোক অৱহমান কালৰ পৰাই হিন্দুৰ লগত অবিৰাম সমাজক আন্তঃক্ৰিয়াৰে চলি আছে। ঘূৰে আৰু তেওঁৰ সমৰ্থকসকলৰ মতে পিছপৰা সংস্কৃতি কেৱল জনজাতি সমাজতেই নাছিল, আন বহুতো পিছপৰা নিপীড়িত জনগণৰ মাজতো তেনেধৰণৰ হিন্দু সংস্কৃতিৰ প্ৰচলন আছিল। ঘুৰেৰ যুক্তিবাদী এনে ভাবধাৰাই ভাৰতত জাতীয়তাবাদী চিন্তাধাৰাৰ বিকাশ ঘটিছিল।
১২। জি. এছ. ঘূৰেৰ শিক্ষা জীৱন সম্পৰ্কে বহলাই লিখা।
উত্তৰঃ গোবিন্দ সদাশিৱ ঘূৰে চমুকৈ জি. এছ. ঘূৰে তেওঁ জন্মগ্ৰহণ কৰিছিল পশ্চিম ভাৰতৰ কংকন উপকূলীয় অঞ্চলৰ মালতান নামৰ চহৰত ১৮৯৩ চনৰ ১২ ডিচেম্বৰত। ঘূৰেয়ে ১৯১৩ চনত বম্বেৰ এলফিনষ্ট’ন কলেজত নাম ভর্তি কৰে আৰু ১৯১৬ চনত সংস্কৃতত অনার্চসহ স্নাতক ডিগ্রী লাভ কৰে। বম্বে বিশ্ববিদ্যালয়ৰ পৰা ১৯১৮ চনত তেওঁ বিদেশত সমাজতত্ত্ব অধ্যয়নৰ বাবে বৃত্তি লাভ কৰে আৰু সমাজতত্ত্ববিদ এল. টি. হবহাউচৰ লগত শিক্ষা গ্ৰহণ কৰে। পাছত ঘূৰে কেম্ব্রিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যায় আৰু তাত ডব্লিউ. এইচ. আৰ. ৰিভাৰ্চৰ তত্ত্বাৱধানত অধ্যয়ন কৰে। তাতেই ঘূৰে বিৰিণবাদী দৃষ্টিভংগীৰ প্ৰতি আগ্ৰহী হৈ পৰে।
জি. এছ. ঘূৰেয়ে ১৮২৩ চনত কেম্ব্রিজতেই এ. চি. হেডেনৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণা গ্রন্থ ‘Caste and Race in India’ খনক কেম্ব্রিজৰ বিখ্যাত প্রকাশকে প্ৰকাশ কৰি উলিয়ায়। ভাৰতৰ ভিতৰত প্ৰথম মুম্বাই বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয় আৰু ঘূৰে আছিল ইয়াৰ মূল ব্যক্তি। তেওঁ ১৯২৪ চনৰ জুন মাহত বম্বে বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগত ৰীডাৰ আৰু মুৰব্বী ৰূপে নিযুক্ত হয় আৰু সুদীর্ঘ ২৫ বছৰ কাল তাতেই কটায়। ১৯৩৬ চনত তেখেতৰ তত্ত্বাৱধানতেই বম্বে বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰম আৰম্ভ হয় আৰু ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম জি. আৰ. প্ৰধানে ঘূৰে তত্ত্বাৱধানত প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰে। ঘূৰে ১৮৫১ চনত ‘ভাৰতীয় সমাজতাত্ত্বিক সমাজ’ প্রতিষ্ঠা কৰে আৰু এই অনুষ্ঠানত তেওঁ সভাপতিৰ দায়িত্ব বহন কৰে। তেওঁৰ তত্ত্ববধানতে ১৯৫২ চনৰ পৰা ‘Indian Sociological Society ‘ৰ মুখপত্র ‘Sociological Bulletin, ৰ প্ৰকাশ আৰম্ভ হয়। ১৯৫১ চনত তেখেতে বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও সমাজতাত্ত্বিক বিদ্যায়তনিক দিশত শেষ সময়লৈকে তেওঁ সক্ৰিয় হৈ আছিল। ঘূৰেৰ ৩০ খন গ্ৰন্থৰ ভিতৰত ১৭ খনেই তেওঁ অৱসৰৰ পাছত লিখিছিল। ১৯৮৩ চনত ৯০ বছৰ বয়সত বিখ্যাত ভাৰতীয় সমাজতত্ত্ববিদ জি. এছ. ঘুবে মৃত্যু হয়।
১৩। জাতি আৰু প্ৰজাতি সম্পৰ্কে ঘূৰেৰ দৃষ্টিভংগী আলোচনা কৰা।
উত্তৰঃ জি. এছ. ঘূৰে তেওঁৰ ‘Caste and Race in India গবেষণা গ্রন্থত জাতি আৰু প্ৰজাতিৰ ওপৰত কিছুমান গুৰুত্বপূর্ণ বিষয় আলোচনা কৰিছিল, অৱশ্যে তেওঁ এই ক্ষেত্ৰত হাবার্ট বিজলেৰ দ্বাৰা কিছু প্ৰভাৱান্বিত হৈছিল। বিজলে আছিল এজন ব্ৰিটিছ ঔপনিবেশিক শাসক তথা নৃতত্ত্ববিদ ।
বিজলে জাতি আৰু প্ৰজাতিৰ আলোচনা মানুহৰ শাৰীৰিক বৈশিষ্ট্য, যেনে মূৰৰ আকাৰ, নাকৰ দৈৰ্ঘ্য, হনু, ওঁঠ, কাণৰ গঠন ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি আলোচনা কৰিছিল। তেওঁৰ মতে প্রজাতীয় অধ্যয়নৰ বাবে ভাৰতবৰ্ষ এক অদ্বিতীয় গৱেষণাগাৰ, কিয়নো ভাৰতবৰ্ষ বিভিন্ন প্ৰজাতিৰ সংগমস্থল। তেওঁৰ মতে সমাজৰ নিম্ন জাতিৰ লোকসকলেই ভাৰতৰ আদিম বাসিন্দা বিভিন্ন প্ৰজাতিৰ সংমিশ্ৰণতেই জাতিৰ উৎপত্তি হৈছে, কাৰণ জাতিৰ মাজত ভিন ভিন প্ৰজাতিৰ গুণসমূহ পোৱা যায়। বিজলীৰ মতে ইন্দো আৰ্য প্ৰজাতিৰ লোক পাৰস্যৰ পৰা ভাৰতলৈ আহি পাৰস্য সমাজৰ আৰ্হিতেই ভাৰততো ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ জাতিৰ সৃষ্টি কৰি কৰ্ম বিভাজন ঘটায়। আদিবাসীসকলৰ লগত থকা সাংস্কৃতিক আৰু শাৰীৰিক পাৰ্থক্যৰ বাবেই আৰ্যসকল আদিবাসীসকলৰ লগত মিলি যোৱা নাছিল। আৰ্যসকলৰ লগত সৰহ সংখ্যক তিৰোতা অহা নাছিল বাবেই আৰ্যসকলে আদিবাসীসকলৰ কন্যা বিবাহ কৰিছিল। কিন্তু আৰ্যসকলে আদিবাসীসকললৈ নিজৰ কন্যা বিবাহ দিয়া নাছিল। ইয়াৰ ফলতেই সমাজত অনুলোম বিবাহ, প্রতিলোম বিবাহ, আন্তঃবিবাহ আদি পদ্ধতিৰ সৃষ্টি হৈছে। এইবোৰৰ পাছতে জাতি ব্যৱস্থাৰ অন্যতম উপাদান হৈ পৰিল।
অধ্যাপক ঘূৰেয়ে বিজলেৰ মতক আংশিকভাৱে সমৰ্থন জনাইছে। তেওঁৰ মতে বিজলেৰ ধাৰণা উত্তৰ ভাৰততহে সত্য। ভাৰতৰ অন্যান্য ঠাইত প্ৰজাতিবোৰৰ মাজত পূৰ্বৰে পৰা থকা সমিলমিল মনোভাৱৰ বাবেহে আন্তঃবিবাহ আদিৰ প্ৰচলন হৈছিল। অৱশ্যে ভাৰতলৈ আৰ্যসকলৰ আগমনৰ বিষয়ে বুৰঞ্জীবিদসকলৰ মাজতো মতানৈক্য আছে। মতানৈক্য থাকিলেও ঘুৰেয়ে এইবোৰ অধ্যয়ন কৰি ভাৰতীয় জাতি গঠনৰ ক্ষেত্ৰত এক উল্লেখনীয় সংজ্ঞা আগবঢ়াইছে। এই সংজ্ঞাৰ ভিত্তিত তেওঁ জাতিব্যৱস্থাৰ ছটা বৈশিষ্টাৰ কথা আলোচনা কৰিছে—
প্রথমতে, জাতি ব্যবস্থাই ভাৰতীয় সমাজখনক নানা খণ্ড – উপখণ্ডত বিভক্ত কৰিছে। এই খণ্ড – উপখণ্ডসমূহ নির্দিষ্ট প্রস্থিতি বা ভূমিকাৰে পৰিচালিত হয়। এই জাতিসমূহে নিজৰ জাতিৰ পালনীয় কৰ্তব্যসমূহ নকৰিলে অর্থান্ত, উদ্ধাৰণি, ভোজ, শাৰীৰিক শাস্তি, প্রায়শ্চিত্ত, জাত্যাকৰণ আদিৰ সম্মুখীন হ’ব লাগে।
দ্বিতীয়তে, জাতি ব্যৱস্থাৰ দ্বাৰা বিভক্ত জাতিবোৰৰ মাজত উচ্চ-নীচৰ সংস্তৰণ আৰু নিজস্ব প্ৰস্থিতি আছে। এই সংস্তকাৰ উচ্চতম হ’ল ব্ৰাহ্মাণ আৰু নিম্নতম হ’ল শূদ্রসকল। ব্ৰাহ্মণসকলৰ পাছতেই ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ স্থান।
তৃতীয়তে, প্ৰতিটো জাতিয়ে নিজৰ ভিতৰত বিবাহ সম্পন্ন কৰিবলৈ বিচাৰে। ফলত বিবাহৰ ক্ষেত্ৰত প্ৰত্যেক জাতিৰে কিছুমান নিজস্ব ৰীতি-নীতিৰ সৃষ্টি হৈছে, যিবোৰ জাতিটোৰ সকলোৱে মানি চলে।
চতুৰ্থতে, প্ৰতিটো জাতিয়ে অন্য জাতিৰ লগত খোৱা – লোৱা, চাল – চলন কৰা আদিৰ ক্ষেত্ৰত কিছু কিছু বাধা নিষেধ আছে যেনে—ব্রাহ্মণসকলে অন্য জাতিৰ সৈতে বা সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰিব নোৱাৰে। খোৱা – লোৱাৰ ক্ষেত্ৰত কিছুমান কঠোৰ আৰু অলংঘনীয় বাধা নিষেধ আছে।
পঞ্চমতে, প্রত্যেক জাতিৰে একোটা বৃত্তি থাকে। উদাহৰণস্বৰূপে ব্ৰাহ্মণৰ বৃত্তি যাগ-যজ্ঞ, পূজা-পাতল কৰা বা ক্ষত্ৰিয়ৰ বৃত্তি যুদ্ধ – বিগ্ৰহ কৰা। প্রত্যেক জাতিৰ ব্যক্তিসকলে নিজস্ব বৃত্তি গ্ৰহণ কৰাটোকে কামনা কৰে জি. এছ. ঘূৰেয়ে দাঙি ধৰা জাতিৰ সংজ্ঞাই পৰৱৰ্তীকালত জাতি ব্যৱস্থাক পদ্ধতিগতভাৱে অধ্যয়ন কৰাত সহজ হৈ উঠিছে।
১৪। ঘূৰেৰ জাতীয়তাবাদী চিন্তাধাৰাৰ দিশটো বহলাই লিখা।
উত্তৰঃ জি. এছ. ঘূৰেয়ে ভাৰতত সমাজতত্ত্ব বিষয়টো প্ৰতিষ্ঠা কৰাৰ উপৰিও বিষয়টোক স্বকীয়তা প্ৰদান কৰি এক স্থানত ৰাখি থৈছে। তেওঁৰ অধ্যয়ন আৰু লিখনিসমূহৰ পৰিসৰ আছিল বিস্তৃত। জি. এছ. ঘূৰেৰ অধীনত বহুতো ভাৰতীয় ছাত্ৰই সমাজতত্ত্ব বিষয়ত গৱেষণাৰ সুবিধা পাইছিল। ঘূৰেৰ উল্লেখযোগ্য লিখনিসমূহ যদিও জাতি আৰু প্ৰজাতি সম্বন্ধীয় আছিল তথাপি তেওঁ স্বজন পদ্ধতি, পৰিয়াল আৰু বিবাহ, সংস্কৃতি, সভ্যতা আৰু নগৰৰ ঐতিহাসিক ভূমিকা, সংঘর্ষ আৰু সংহতিৰ সমাজতত্ত্ব আদি দিশৰ ওপৰতো অধ্যয়ন কৰিছিল। হিন্দু ভাবাদর্শ আক জাতীয়তাবাদী ভাৱধাৰাই ঘূৰেক যথেষ্ট পৰিমাণত প্ৰভাৱান্বিত কৰিছিল। জি. এছ. ঘূৰে ‘জনজাতি আৰু ‘আদিবাসী’ সকলৰ সংস্কৃতিৰ ওপৰত গভীৰ অধ্যয়ন কৰিছিল যদিও বহুতো জাতি আৰু জনজাতি বিচিত্ৰতাৰে গঢ়ি উঠা ভাৰতীয় সমাজত ১৯৩০-৪০ চনৰ ভিতৰত কিছু বেমেজালি আহি পৰিছে। ব্ৰিটিছ শাসক আৰু নৃতত্ত্ববিদসকলে ভাৰতীয় জনজাতীয় সমাজ আৰু ‘আদিবাসী’ সমাজৰ ওপৰত অধ্যয়ন চলাই ভুল পথে পৰিচালিত কৰিছিল। তেওঁলোকে জনজাতিসকলক ‘আদিবাসী’ লোক বুলি বৰ্ণনা নিব বিচাৰিছিল আৰু তেওঁলোকে হিন্দু মূল সুঁতিৰ পৰা বহু আঁতৰত বুলি ব্যাখ্যা দিছিল।
তেওঁলোকৰ মতে হিন্দু সমাজ আৰু সংস্কৃতিৰ সংস্পৰ্শত জনজাতিসকল শোষণৰহে বলি হৈছে আৰু তেওঁলোকৰ নিজা সংস্কৃতিৰ অৱনতি ঘটিছে। এই ক্ষেত্ৰত জনজাতিসকলক ৰাষ্ট্ৰই সুৰক্ষা দিয়াৰ প্ৰয়োজন বুলি তেওঁলোকে যুক্তি দিছিল। কিন্তু দেশৰ জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ ব্যক্তিসকলে জনজাতিসকলক একাষৰীয়া কৰি ৰখাতকৈ আধুনিকীকৰণৰ জৰিয়তে দেশৰ ঐক্য প্ৰতিষ্ঠা কৰাতহে অধিক গুৰুত্ব দিছিল। ঘূৰে হৈ পৰিছিল জাতীয়তাবাদী ভাৱধাৰাৰ অগ্ৰণী ব্যক্তি। তেওঁলোকৰ মতে হিন্দু ধৰ্মৰো ভালেমান বৈশিষ্ট্য আৰু সংস্কৃতি পিছপৰা। সেইবাবেই এইবোৰক সংস্কাৰ সাধনৰ বিশেষ প্রয়োজনীয়তা আছে। জনজাতিসকল কোনো সুকীয়া সংস্কৃতিৰ ব্যক্তি নহয়। তেওঁলোক অৱহমান কালৰপৰাই হিন্দুৰ লগত অবিৰাম সামাজিক আন্তঃক্ৰিয়াৰে চলি আছে। ঘূৰে আৰু তেওঁৰ সমৰ্থকসকলৰ মতে পিছপৰা সংস্কৃতি কেৱল জনজাতি সমাজতেই নাছিল, আন বহুতো পিছপৰা নিপীড়িত জনগণৰ মাজতো তেনেধৰণৰ হিন্দু সংস্কৃতিৰ প্ৰচলন আছিল। জি. এছ. ঘূৰেৰ যুক্তিবাদী এনে ভাৱধাৰাই – ভাৰতত জাতীয়তাবাদী চিন্তাধাৰাৰ বিকাশ ঘটিছিল।
১৫। ঘূৰেয়ে উল্লেখ কৰা জাতি ব্যৱস্থাৰ পাঁচখন বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰঃ ঘূৰেৰ উল্লেখিত জাতি ব্যৱস্থাৰ পাঁচখন বৈশিষ্ট্য হ’ল –
(ক) প্ৰতিটো জাতিৰ অন্য জাতিৰ লগত খোৱা -লোৱা, চাল – চলন কৰা আদিতে কিছু নহয় কিছু বাধা নিষেধ আছে। উদাহৰণস্বৰূপে, ব্রাহ্মণসকলে অন্য জাতিৰ বা সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰিব নোৱাৰে। খোৱা – লোৱাৰ ক্ষেত্ৰত কিছুমান কঠোৰ আৰু অলংঘনীয় বাধা নিষেধ আছে।
(খ) জাতি ব্যৱস্থাৰ দ্বাৰা বিভক্ত জাতিবোৰৰ মাজত উচ্চ – নীচৰ সংস্কৰণ আৰু নিজস্ব প্ৰস্থিতি আছে। এই সংস্তৰণৰ উচ্চতম হ’ল ব্ৰাহ্মণ আৰু নিম্নতম হ’ল শূদ্ৰসকল। ব্ৰাহ্মণসকলৰ পাছতেই ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ স্থান।
(গ) জাতি ব্যৱস্থাই ভাৰতীয় সমাজখনক নানা খণ্ড – উপখণ্ডত বিভক্ত কৰিছে। এই খণ্ড – উপখণ্ডসমূহ নির্দিষ্ট প্রস্থিতি বা ভূমিকাৰে পৰিচালিত হয়। এই জাতিসমূহে নিজৰ জাতিৰ
পালনীয় কৰ্তব্যসমূহ নকৰিলে অর্থদন্ত, উদ্ধাৰণি, ভোজ, শাৰীৰিক শাস্তি, প্রায়শ্চিত্ত, জাত্যাকৰণ আদিৰ সম্মুখীন হ’ব লাগে।
(ঘ) প্ৰতিটো জাতিয়ে নিজৰ ভিতৰতে বিবাহ সম্পন্ন কৰিবলৈ বিচাৰে। ফলত বিবাহৰ ক্ষেত্ৰত প্ৰত্যেক জাতিৰে কিছুমান নিজস্ব ৰীতি – নীতিৰ সৃষ্টি হৈছে, যিবোৰ জাতিটোৰ সকলোৱে মানি চলে।
(ঙ) প্রত্যেক জাতিৰে একোটা বৃত্তি থাকে। যেনে, ব্ৰাহ্মণৰ বৃত্তি যাগ – যজ্ঞ, পূজা – পাতল কৰা বা ক্ষত্ৰিয়ৰ বৃত্তি যুদ্ধ – বিগ্ৰহ কৰা। প্রত্যেক জাতিৰ ব্যক্তিসকলে নিজস্ব বৃত্তি গ্ৰহণ কৰাটোকে কামনা কৰে।
১৬। সামাজিক শ্ৰেণীৰ যিকোনো পাঁচটা বৈশিষ্ট্য লিখা।
উত্তৰঃ সামাজিক শ্ৰেণীৰ পাঁচটা বৈশিষ্ট্য হ’ল—
(ক) গতিশীলতাঃ শ্ৰেণী ব্যৱস্থা মতে এটা শ্ৰেণীৰ লোক আন এটা শ্ৰেণীলৈ পৰিৱৰ্তিত হ’ব পাৰে। সামাজিক শ্ৰেণী ব্যৱস্থাত গতিশীলতা পৰিলক্ষিত হয়। সাধাৰণতে, প্ৰত্যেক শ্রেণীয়েই ক্রমোন্নতিৰ বাবে প্রচেষ্টা চলায়।
(খ) উচ্চ – নীচ ভাবঃ এটা শ্ৰেণীৰ লোকসকলে আন এটা শ্ৰেণীৰ লোকসকলতকৈ নিজকে উচ্চ বা নিম্নশ্রেণী প্ৰস্থিতিৰ বুলি বিবেচনা কৰে। উপসংস্কৃতিৰ দ্বাৰাই এই উচ্চ – নীচ প্রকাশ পায়। সাধাৰণতে উচ্চশ্ৰেণীৰ ব্যক্তিৰ উচ্চাত্মক ভাব আৰু নিম্নশ্রেণীৰ ব্যক্তিৰ নিম্নাত্মক ভাব দেখা যায়।
(গ) উপশ্রেণীঃ শ্ৰেণী ব্যৱস্থাৰ মাজত কেতবোৰ উপশ্রেণীৰো সৃষ্টি হোৱা দেখা যায়। কালমার্ক্সে শ্রেণী ব্যৱস্থাক অৰ্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত কৰি মূলতঃ দুটা ভাগত ভাগ কৰিছে। ভাগ দুটা হ’ল বুর্জোৱা বা পুঁজিপতি অৰু প্ৰলিটেৰিয়েট বা সাধাৰণ বনুৱা। কিন্তু এই দুটা শ্ৰেণীৰ মাজতো উচ্চ – মধ্য শ্রেণী, নিম্ন – মধ্য শ্রেণী, নিম্নশ্রেণী আদি দেখা যায়।
(ঘ) জীৱন – শৈলীঃ প্ৰতিটো সামাজিক শ্ৰেণীৰ জীৱন – নির্বাহ পদ্ধতি বা জীৱন – শৈলী সুকীয়া। উদাহৰণস্বৰূপে, ধনী শ্রেণীয়ে ব্যৱহাৰ কৰা ঘৰ -দুৱাৰ, সাজ – সজ্জা, আচবাব পত্ৰ আদিৰ বিভিন্নতা পৰিলক্ষিত হয়। এনেদৰেই শ্রেণী ভেদে পৃথক-পৃথক জীৱন – শৈলী পৰিলক্ষিত হয়।
(ঙ) ক্ষণস্থায়ীত্বতাঃ ক্ষণস্থায়ীত্ব হৈছে শ্ৰেণী ব্যৱস্থাৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য। শ্ৰেণী ব্যৱস্থাটো জাতি প্রথা বা সামন্ত প্ৰথাৰ দৰে দীৰ্ঘস্থায়ী ব্যবস্থা নহয়। গতিশীলতা বা মুক্ত স্তৰীকৰণৰ ব্যৱস্থা থকাৰ বাবেই এটা শ্ৰেণীৰ ব্যক্তি অন্য এটা শ্ৰেণীলৈ সহজে গতি কৰিব পাৰে।
১৭। জাতি আৰু শ্ৰেণী ব্যৱস্থাৰ মাজৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।
উত্তৰঃ জাতি ব্যৱস্থা আৰু শ্ৰেণী ব্যৱস্থাৰ মাজত মূল পার্থক্যসমূহ হ’ল—
(ক) জাতি ব্যৱস্থা হৈছে বন্ধ স্তৰীকৰণ ব্যৱস্থাত প্ৰতিনিধিত্ব কৰিব পৰা প্রশস্ত উদাহৰণ আনহাতে, শ্ৰেণী ব্যৱস্থা হৈছে মুক্ত স্তৰীকৰণ ব্যৱস্থাত প্ৰতিনিধিত্ব কৰিব পৰা প্ৰশান্ত উদাহৰণ।
(খ) প্ৰতিটো জাতিৰ বাবে নিৰ্ধাৰিত বৃত্তি আছে। যেনে — ব্ৰাহ্মণৰ কাম যাগ – যজ্ঞ, পূজা – সেৱা কৰা। সেইদৰে শ্ৰেণী ব্যৱস্থাৰ নিৰ্ধাৰিত বৃত্তি নাই।
(গ) জাতি ব্যৱস্থাত সামাজিক চাল – চলন, খাদ্য – জ্ঞান, বিবাহ পদ্ধতি, ধর্ম পদ্ধতি আদিত কিছুমান বাধা নিষেধ আছে। কিন্তু শ্ৰেণী ব্যৱস্থাত তেনে বাধা নিষেধ বা ৰীতি – নীতি নাই। উদাহৰণস্বৰূপে, এজন ব্রাহ্মণে কি খাব বা কি মাখাব তাৰ সুস্পষ্ট ৰীতি আছে। কিন্তু ধী শ্রেণীয়ে কি খাব বা নাখাব তাৰ সুস্পষ্ট ৰীতি – নীতি নাই।
(ঘ) এটা জাতিৰ ব্যক্তিসকলে সেই জাতিটোৰ ব্যক্তিসকলৰ ভিতৰতে বিবাহ কার্য সম্পন্ন কৰে। উদাহৰণস্বৰূপে, ব্রাহ্মণসকলে ব্রাহ্মণসকলৰ ভিতৰত বিবাহ কার্য সম্পন্ন কৰে। কিন্তু শ্রেণী ব্যৱস্থাত একে শ্ৰেণীৰ ভিতৰতে বিবাহ হ’বলগীয়া কোনো বাধ্যবাধকতা নাই। ধনী শ্ৰেণীয়েও দুখীয়া শ্ৰেণীৰ লগত বিবাহ কাৰ্য সমাপন কৰিব পাৰে।
(৫) জাতি ব্যৱস্থা জন্মৰ আধাৰত প্রতিষ্ঠিত হয়। সাধাৰণতে এজন ব্যক্তিয়ে জন্ম সূত্রে কোনো জাতি গ্ৰহণ কৰাৰ বাদে জাতি গ্ৰহণৰ অন্য ব্যৱস্থাই নাই। আনহাতে শ্রেণী ব্যৱস্থা মতে ব্যক্তিয়ে নিজৰ যোগ্যতা আৰু দক্ষতা অনুযায়ী সামাজিক শ্ৰেণীত প্রতিষ্ঠিত হ’ব পাৰে।
(চ) জাতি ব্যৱস্থাটো এখন নির্দিষ্ট সমাজত বা নির্দিষ্ট ৰাষ্ট্ৰতহে দেখা যায়। কিন্তু শ্রেণী ব্যৱস্থা সমগ্ৰ বিশ্বজুৰি দেখা যায়। অর্থাৎ জাতি ব্যৱস্থাৰ এটা নিৰ্দিষ্ট পৰিসীমা আছে। কিন্তু শ্ৰেণী ব্যৱস্থাৰ নিৰ্দিষ্ট পৰিসীমা নাই। উদাহৰণস্বৰূপে — ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ, এই জাতি ব্যবস্থা বা সামাজিক স্তৰীকৰণ ভাৰততহে আছে। কিন্তু সমাজত ধনী আৰু দুখীয়া হিচাপে সমগ্ৰ বিশ্বতে স্তৰীকৰণ আছে।
(ছ) ধৰ্মৰ লগত জাতি ব্যৱস্থাৰ নিকট সম্বন্ধ আছে। প্রত্যেক জাতিৰ আচৰণবিধি, মূল্যবোধ আদি ধৰ্মীয় দিশৰ ওপৰত প্ৰতিষ্ঠিত। কিন্তু শ্ৰেণী ব্যৱস্থাটোৰ কৰ্মৰ লগত বিশেষ সম্বন্ধ নাই। উদাহৰণস্বৰূপে প্ৰতিটো জাতিৰ ব্যক্তিসকল একোটা নিৰ্দিষ্ট কৰ্মৰ ব্যক্তি। কিন্তু ধনীশ্রেণী বা দুখীয়া শ্ৰেণীৰ সু – নিৰ্দিষ্ট কৰ্ম নাই।
১৮। শ্ৰেণী ব্যৱস্থা বুলিলে কি বুজা? শ্ৰেণীৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ শ্ৰেণী ব্যৱস্থা হৈছে স্তৰীকৰণ ব্যৱস্থাৰ প্ৰশস্ত উদাহৰণ। শ্ৰেণী ব্যৱস্থাৰ জৰিয়তেও সমাজৰ মানুহক উচ্চ – নিম্নভাৱে শ্ৰেণীকৰণ কৰা হৈছে। কিন্তু এই শ্ৰেণীকৰণ জাতি ব্যৱস্থা বা সামন্ত প্ৰথাৰ দৰে জন্মৰ ভিত্তিত প্রতিষ্ঠিত অর্থাৎ বন্ধ স্তৰীকৰণ নহয়। শ্ৰেণী ব্যৱস্থাত কোনো এটা শ্ৰেণীত প্রতিষ্ঠিত হোৱাৰ মূল ভিত্তি ব্যক্তিৰ দক্ষতা। গতিকে, এই ব্যৱস্থা মতে ব্যক্তিয়ে সহজে এটা স্তৰৰ পৰা আন স্তৰলৈ পৰিৱৰ্তিত হ’ব পাৰে। শ্ৰেণী ব্যৱস্থাই দ্রুত সামাজিক গতিশীলতাত ইন্ধন যোগাইছে। আধুনিক সমাজৰ অন্যতম বৈশিষ্ট্যৰ ভিতৰত শ্ৰেণী ব্যবস্থা অন্যতম। গতিকে, সামাজিক শ্ৰেণী ব্যৱস্থাৰ বিশেষ অধ্যয়ন কৰাটো সমাজতত্ত্বৰ অন্যতম কাম।
শ্ৰেণীৰ বৈশিষ্ট্যসমূহ হ’ল—
(ক) গতিশীলতাঃ শ্ৰেণী ব্যৱস্থা মতে এটা শ্ৰেণীৰ লোক আন এটা শ্ৰেণীলৈ পৰিৱৰ্তিত হ’ব পাৰে। গতিকে সামাজিক শ্ৰেণী ব্যৱস্থাত গতিশীলতা পৰিলক্ষিত হয়। সাধাৰণতে প্ৰতিটো শ্ৰেণীয়েই ক্রম উন্নতিৰ বাবে প্ৰচেষ্টা চলায়। যেনে — কোনো এটা দুখীয়া শ্ৰেণীৰ পৰিয়ালক ধনীক শ্ৰেণীলৈ পৰিৱর্তিত হোৱা বা গতিশীলতা লাভ কৰা দেখা যায়। সেইদৰেই এটা ধনী শ্ৰেণীৰ ব্যক্তি স্থায়ীভাৱে ধনী হৈ নাথাকিবও পাৰে।
(খ) ক্ষণস্থায়ীত্বতাঃ শ্ৰেণী ব্যৱস্থাৰ আন এটা উল্লেখনীয় বৈশিষ্ট্য হৈছে ক্ষণস্থায়ীত্ব। শ্ৰেণী ব্যৱস্থাটো জাতিপ্রথা বা সমাপ্ত প্ৰথাৰ দৰে দীর্ঘস্থায়ী ব্যৱস্থা নহয়। গতিশীলতা বা মুক্ত স্তৰীকৰণৰ ব্যৱস্থা থকাৰ বাবেই এটা শ্ৰেণীৰ ব্যক্তি অন্য এটা শ্ৰেণীলৈ সহজে গতি কৰিব পাৰে। ফলত শ্রেণী ব্যৱস্থাত ক্ষণস্থায়ীত্বতা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে এজন ধনী মানুহৰ প্ৰস্থিতিও ক্ষণস্থায়ী হ’ব পাৰে। কাৰণ দুৰ্ভাগ্য, অপযশ আদিয়ে তেওঁৰো প্ৰস্থিতি নিম্নতম কৰিব পাৰে।
(গ) জীৱন শৈলীঃ প্ৰতিটো সামাজিক শ্ৰেণীৰ জীৱন – নিৰ্বাহ পদ্ধতি বা জীৱন – শৈলী সুকীয়া সুকীয়া। উদাহৰণস্বৰূপে, ধনী শ্ৰেণীয়ে ব্যৱহাৰ কৰা ঘৰ – দুৱাৰ, সাজ – সজ্জা, আচবাব – পত্ৰ আদিৰ বিভিন্নতা পৰিলক্ষিত হয়। এইদৰেই শ্রেণীভেদে পৃথক – পৃথক জীৱন – শৈলী পৰিলক্ষিত হয়।
(ঘ) উচ্চ – নীচ ভাবঃ এটা শ্ৰেণীৰ লোকসকলে অন্য এটা শ্ৰেণীৰ লোকসকলতকৈ নিজকে উচ্চ বা নিম্নশ্রেণী প্ৰস্থিতিৰ বুলি বিবেচনা কৰে। উপসংস্কৃতিৰ জৰিয়তে এই উচ্চ – নীচ প্ৰকাশ পায়। ঘাইকৈ জীৱন – নিৰ্বাহৰ মানদণ্ড, সংস্কৃতি আদিত এই ভাব পৰিলক্ষিত হয়। সাধাৰণতে উচ্চ শ্ৰেণীৰ ব্যক্তিৰ উচ্চাত্মক ভাব আৰু নিম্নশ্রেণীৰ ব্যক্তিৰ নিম্নাত্মক ভাব দেখা যায়।
(ঙ) যুক্তিসংগত ভিত্তিঃ শ্ৰেণী ব্যৱস্থাটো ঘাইকৈ অর্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে প্ৰতিটো শ্ৰেণীৰ একোটা যুক্তিসংগত ভিত্তি আছে। এজন ব্যক্তিক ধনী বা দুখীয়া হিচাপে শ্ৰেণীকৰণ কৰিবলৈ নিৰ্দিষ্ট ভিত্তি বা যুক্তি আছে। কিন্তু জাতি ব্যৱস্থাত এজন ব্যক্তিক বৈশ্য বা শূদ্র জাতিভুক্ত হিচাপে শ্ৰেণীকৰণ কৰিবলৈ জন্মৰ বাহিৰে অন্য বিশেষ যুক্তি নাই। আনহাতে সকলো জাতৰ শিশুৰ জন্ম প্ৰক্ৰিয়া একেই।
(চ) জন্মৰ ওপৰত কম গুৰুত্বঃ সামাজিক শ্ৰেণী ব্যৱস্থাত জন্মৰ ওপৰত কম গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। জন্মৰ দ্বাৰাই কোনো ব্যক্তিক সামাজিক শ্ৰেণীত প্রতিষ্ঠিত কৰিলে এইটো স্থায়ী হৈ নৰয়। যেনে, দুখীয়া বা নিম্ন পৰিয়ালত জন্মগ্ৰহণ কৰা বহু ব্যক্তিয়ে নিজৰ দক্ষতাক প্ৰতিভাৰ জৰিয়তে সমাজৰ প্ৰস্থিতি গ্ৰহণ কৰি উচ্চ শ্ৰেণীৰ ব্যক্তি হিচাপে প্রতিষ্ঠিত হোৱা বহুত উদাহৰণ আছে। সেইদৰেই ধনী শ্ৰেণীত বা উচ্চ শ্ৰেণীত জন্মগ্ৰহণ কৰা বহুত ব্যক্তিয়ে নিজৰ প্ৰস্থিতি ৰক্ষা কৰিব নোৱাৰি তললৈ আহে।
(ছ) সম্বন্ধ সীমাবদ্ধতাঃ সামাজিক শ্ৰেণীবিলাকৰ মাজত সীমাবদ্ধতা পৰিলক্ষিত হয়। প্ৰতিটো শ্ৰেণী আন্তঃক্রিয়াবাহী বাবেই আৰু প্ৰতিটো শ্ৰেণীৰেই শ্ৰেণী সচেতনতা, উচ্চ – নীচ ভাব, উপসংস্কৃতি থকাৰ বাবেই সম্বন্ধৰ সীমাবদ্ধতা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে, উচ্চ শ্ৰেণীৰ মানুহে সাধাৰণতে উচ্চ শ্ৰেণীৰ লগতহে বা নিম্ন শ্ৰেণীৰ লোকে নিম্ন লোকৰ লগতহে সম্বন্ধ কৰিব বিচাৰে। গতিকে শ্ৰেণী ব্যৱস্থাই সামাজিক সম্বন্ধৰ সীমাবদ্ধতা আনিছে।
(জ) শ্রেণী সচেতনতাঃ প্ৰতিটো সামাজিক শ্ৰেণীয়ে নিজৰ নিজৰ প্ৰস্থিতিৰ বিষয়ে সদায় সচেতন হৈ থাকে। বিশেষকৈ যিবিলাক ধনীশ্রেণী আছে সেই শ্ৰেণীৰ মানুহে নিজৰ প্ৰস্থিতি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰে। সেই ধৰণেই দুখীয়া শ্ৰেণীটোৱেও ধনীক শ্ৰেণীলৈ উন্নীত হ’বলৈ সচেতন হৈ থাকে আৰু নিজেও দুখীয়া শ্ৰেণীৰ বুলি সচেতন হৈ থাকে। ফলত প্ৰতিটো – শ্ৰেণীৰ বিশেষ কিছুমান আচৰণবিধি গা কৰি উঠে। সামাজিক চাল – চলনৰ ক্ষেত্ৰতো অন্তঃক্রিয়াবাহিকতা ৰক্ষা কৰি শ্ৰেণী সচেতনতা বজাই ৰাখে। এই শ্ৰেণী সচেতনতাই শ্রেণী সংঘবদ্ধতা আনে বুলি কাৰ্ল মার্ক্সে মত প্ৰকাশ কৰে।
(ঝ) উপসংস্কৃতিঃ প্ৰতিটো সামাজিক শ্ৰেণীয়ে নিজৰ প্ৰস্থিতি অনুযায়ী চাল – চলন, সামাজিক আদান – প্ৰদান কৰে। যেনে ধনী শ্ৰেণীয়ে ফুৰা -চকা কৰোঁতে ব্যক্তিগত বিলাসী গাড়ী ব্যৱহাৰ কৰে। তেনেদৰে টেলিফোন, দূৰদৰ্শন, উন্নতমানৰ সাজ – পোছাক, সোন – ৰূপৰ অলংকাৰ আদি ব্যৱহাৰ কৰে। এইবোৰৰ যোগেদি একোটা উপসংস্কৃতি গঢ়ি উঠে। ৰুচি, অভিৰুচি, ভাৱ – চিন্তা আদিৰ যোগেদি উপসংস্কৃতি প্ৰকাশ পায়। অর্থাৎ প্ৰতিটো শ্রেণীয়েই একোটা উপসংস্কৃতি ৰক্ষা কৰি চলে।
(ঞ) উপশ্রেণীঃ শ্ৰেণী ব্যৱস্থাৰ মাজত উপশ্রেণীৰো সৃষ্টি হোৱা দেখা যায়। কার্ল মার্ক্সে শ্ৰেণী ব্যৱস্থাক অৰ্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত কৰি মূলতঃ দুটা ভাগত ভাগ কৰিছে। এই ভাগ দুটা হৈছে বুজোৱা বা পুঁজিপতি আৰু পলিটেৰিয়েট বা সাধাৰণ বনুৱা। কিন্তু এই দুটা শ্ৰেণীৰ মাজতো উচ্চ – মধ্যশ্রেণী, নিম্ন – মধ্যশ্রেণী, নিম্নশ্রেণী আদি দেখিবলৈ পোৱা যায়।
১৯। জি. এচ. ঘূৰেয়ে সমাজতত্ত্বলৈ আগবঢ়োৱা মূল্যবান গ্রন্থবোৰ ৰ বিষয়ে আলোচনা আগবঢ়োৱা।
উত্তৰঃ Caste and Race in India (1932, 1969), Culture and Society (1947), Indian Sadhus (1953), Bharatnatyam and Its Costume (1958), Family and kin in Indo -European Culture (1955, 1961), Cities and Civilization (1962), God and Men (1962), Anatomy of a Rural Urban Community (1962), Scheduled Tribes (1943, 1959, 1963), Religious Consciousness (1965), Indian Costume (1966), Social Tensions in India (1968), I and other Explorations (1973), Whither India (1947), Indian Acculturation (1977), Vedic India (1979), Bringing Cauldron of North East India (1980) আদি হ’ল ঘুৰেয়ে সমাজতত্বলৈ আগবঢ়োৱা অমূল্য অবদান। Indian Sadhus (1953), Gods and Men (1962), Religious Consciousness (1965), Indian Accumulation (1977), Vedic India (1979) আৰু The Legacy of Ramayana (1979) আদি। ওপৰত উল্লেখিত সকলো গ্রন্থতেই ঘূৰীৰ ধৰ্মীয় সমাজতত্ত্ব বিষয়ক আসক্তি প্রতিফলিত হৈছে। তেওঁৰ Gods and Men শীর্ষক গ্ৰন্থত ঈশ্বৰ তত্ত্ব সম্বন্ধে হিন্দু সমাজৰ ধাৰণা – প্রকৃতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে।
ঠিক একেদৰে তেওঁৰ Religious Consciousness গ্ৰন্থত পুৰণি তিনিটা মানৱ সভ্যতা যেনে, মেচোপটেমিয়ান, ইজিপ্তিটিয়ান আৰু হিন্দু সভ্যতাৰ বিষয়ে উল্লেখ কৰি বিভিন্ন ধৰণৰ পৌৰাণিক বিশ্বাস; কল্পনা, জন্ম-মৃত্যু, ঈশ্বৰ তত্ত্ব সম্পর্কে থকা দৃষ্টিভংগী, মন্দিৰ, স্থাপত্যবিদ্যা আদিৰ বিষয়ে বহুলভাৱে আলোচনা আগবঢ়াইছে। আকৌ Indian Sadhus নামৰ গ্ৰন্থৰ যোগেদি সৃষ্টিতত্ব, হিন্দু ধৰ্মৰ দৰ্শনৰ সৈতে সংপৃক্ত উদাসীনতা আৰু এই উদাসীনতাই হিন্দু সমাজক কেনেকৈ উজ্জীৱিত কৰে তাক তেওঁ বিতংভাৱে আলোচনা কৰি সমাজতত্ত্বৰ ধৰ্মীয় দিশত উল্লেখনীয় অৰিহণা আগবঢ়াইছে।
২০। জি. এছ. ঘূৰেৰ কেইটামান মূল অৱধাৰণা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ জি. এছ. ঘূৰেৰ কেইটামান মূল অৱধাৰণা সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল—
(ক) জাতি আৰু স্বজন পদ্ধতি (Caste and Kinship System): ঘূৰেয়ে তেওঁৰ ‘Caste and Race in India’ নামৰ গ্ৰন্থত জাতি আৰু স্বজন পদ্ধতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছে। তেওঁ বিশেষকৈ ভাৰতীয় জাতি আৰু স্বজন পদ্ধতিৰ বিষয়ে ঐতিহাসিক, নৃতাত্ত্বিক আৰু সামাজিক দৃষ্টিভংগীৰে অধ্যয়ন কৰাত মনোনিৱেশ কৰিছিল। জাতি ব্যৱস্থাৰ স্পষ্ট ৰূপত প্ৰতিফলিত কৰিবলৈ তেওঁৰ ঐতিহাসিক সমল যেনে, ৰামায়ণ, মহাভাৰত, সাধুকথা ইত্যাদি, সংৰচনা আৰু সাংস্কৃতিক দৃষ্টিভংগীৰে বিচাৰ বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ঘূৰেয়ে ভাৰতীয় জাতি ব্যৱস্থা সম্পর্কে বিস্তাৰিত ভাৱে বুজিবৰ বাবে ছয়টা চৰিত্ৰৰ কথা উল্লেখ কৰিছে।
(খ) সমাজৰখণ্ড-বিভাজনঃ জাতি ব্যৱস্থাই ভাৰতীয় সমাজখন নানা ধৰণেৰে খণ্ড – বিখণ্ড কৰি ৰাখিছে। প্ৰতিটো খণ্ড উপখণ্ডৰ সৈতে প্ৰস্থিতি আৰু ভূমিকা জড়িত হৈ থকাৰ বাবে নিজস্ব জাতিগত ৰীতি – নীতিবোৰ পালনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। আনহাতে জাতিবোৰৰ মাজত জাতিগত ৰীতি -নীতি কঠোৰ বাধ্যবাধকতাৰ মাজত পালন কৰাৰ বাবেই জাতিবোৰৰ মাজত সমূদায় ভাবাপন্ন মনোভাব বর্তাই ৰখাটো সম্ভৱপৰ নহয়।
(গ) সংস্তৰণঃ জাতি সংৰচনাত প্ৰতিটো জাতিৰে কিছুমান উচ্চ – নিম্ন সংস্তৰণ আছে। হিন্দু জাতি ব্যৱস্থাই সমাজক ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ ভাগত সংস্তাৰিত কৰিছে। এই সংকৰণ ব্যৱস্থাত ব্ৰাহ্মণসকলৰ সামাজিক প্ৰস্থিতিয়েই আটাইতকৈ উচ্চ বুলি গণ্য কৰা হয়। অন্যহাতে ক্ষত্রিয়, বৈশ্য আৰু শূদ্র সকলক ক্রমান্বয়ে নিম্ন স্থানত অধিষ্ঠিত কৰা হৈছে।
ঘ) সামাজিক আৰু ধৰ্মীয় নির্যোগ্যতা আৰু বিভিন্ন স্তৰৰ বিশেষাধিকাৰঃ স্পৃশ্য আৰু অস্পৃশ্য, পবিত্ৰতা আৰু অপবিত্ৰতা আদি ধাৰণাবোৰ জাতি ব্যৱস্থাৰ এক অন্যতম বৈশিষ্ট্য। উচ্চ জাতি হিচাপে পৰিচিত ব্ৰাহ্মণ সকল পবিত্ৰ হিচাপে বিবেচনা কৰা হয় আৰু এওঁলোকে নিম্ম জাতিবোৰতকৈ অধিক সামাজিক সা – সুবিধা, অধিকাৰ আদি ভোগ কৰিব পাৰে।
(ঙ) খোৱা – বোৱা আৰু সামাজিক চালচলনৰ ওপৰত বাধাঃ জাতি ব্যৱস্থা অনুসৰি জাতিবোৰৰ মাজত সামাজিক চাল – চলন, খোৱা – বোৱা তথা সামাজিকভাৱে আদান -প্ৰদানৰ ক্ষেত্ৰত কিছুমান বাধ্য – বাধকতা মানি চলা হয়। কোন জাতিয়ে কেনেধৰণৰ আহাৰ কাৰ পৰা গ্ৰহণ কৰিব সেই সম্পৰ্কে জাতিবোৰৰ মাজত কিছুমান নীতি – নিয়ম সৃষ্টি কৰি লৈছে আৰু যিকোনো পৰিস্থিতিতে ইয়াক ভংগ কৰিবলৈ তৎপৰ নহয়।
(চ) বৃত্তি আৰু জীৱিকা অৱলম্বনত থকা ৰাধাঃ প্রত্যেক জাতিৰে একোটা জাতিগত বৃত্তি নিৰূপণ কৰা থাকে। জাতি ব্যৱস্থা অনুসৰি জাতিবোৰৰ মাজত বৃত্তি পৰিৱৰ্তন কৰিব নোৱাৰি। বৃত্তি প্রত্যেক জাতিয়ে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। এই বত্তিবোৰৰ উচ্চ – নিম্ন সংস্তৰণ থাকে। সাধাৰণতে ব্ৰাহ্মণসকলে শিক্ষাদান, পুৰোহিত আদি কাৰ্য সম্পাদনা কৰে। এইবোৰ কার্য সমাজে উচ্চ আৰু পবিত্ৰ হিচাপে বিবেচনা কৰে। অন্যহাতে মলমূত্ৰ চাফা কৰা, বোৱা – কটা, কাপোৰ কানি যোৱা আদি কাৰ্যবোৰ নিম্ন জাতিৰ লোকে সমাপণ কৰিবলগীয়া হয়। জাতিৰ সদস্যসকলে জাতিগত বৃত্তিবোৰৰ কেতিয়াও পৰিৱৰ্তন হোৱাটো নিবিচাৰে।
(ছ) বিবাহৰ ক্ষেত্ৰত থকা বাধাঃ জাতিবোৰৰ মাজত বিবাহ কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত কঠোৰ বাধা – নিষেধ থাকে। জাতি হৈছে এটা অন্তঃবিবাহী সমূহ। অর্থাৎ প্রত্যেক জাতিয়ে নিজৰ জাতিৰ ভিতৰতে বিবাহ কাৰ্য সম্পন্ন হোৱাটো বিচাৰে। নিজৰ জাতিৰ বাদে অন্য জাতিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাটো অপৰাধ হিচাপে গণ্য কৰে।
ঘূৰীৰ মতে জাতি ব্যৱস্থা আৰু স্বজন পদ্ধতিৰ মাজত ওতঃপ্রোত সম্বন্ধ আছে। জাতিৰ অন্তঃবিবাহ আৰু গোত্র বহিবিবাহৰ যোগেদি জাতি আৰু স্বজন পদ্ধতিৰ সম্বন্ধ প্ৰতিফলিত হয় বুলি ঘূৰেয়ে মতপোষণ কৰিছে। ব্ৰাহ্মণসকলে গোত্রক সম্পূর্ণভাৱে বহিবিবাহী গোট হিচাপে ধৰি লয় আৰু ক্রমে ক্রমে অব্রাহ্মাণ সকলেও গোত্রক বহিবিবাহী হিচাপে মানি লয়। ইয়াৰ মূল কথাটো হৈছে যে এটা গোত্ৰৰ সকলোবোৰ সদস্যই পাৰস্পৰিকভাৱে ইজনে সিজনৰ সৈতে বান্ধ খাই থাকে। সেইবাবে একেটা গোত্ৰৰ দুজন ব্যক্তিৰ মাজত বৈবাহিক সম্বন্ধ স্থাপনে অন্তঃবিবাহী সম্বন্ধ গঢ়ি তোলে। ইয়াৰ দ্বাৰাই স্বজন সম্বন্ধ প্রকাশ ঘটে বুলি ঘুৰেয়ে মত প্ৰকাশ কৰিছে।
২১। চমু টোকা লিখাঃ
(ক) জনজাতি।
উত্তৰঃ জি. এচ. ঘূৰেয়ে জনজাতিৰ বিষয়ে আলোচনা কৰিছিল। ‘Scheduled Tribe’ নামৰ গ্ৰন্থত ঘূৰেয়ে মহাৰাষ্ট্ৰৰ কলিচ নামৰ এটা জনজাতি সম্পৰ্কে বিস্তৃত অধ্যয়ন কৰিছিল। এই অধ্যয়নত ঘূৰেয়ে বিশেষকৈ জনজাতি সমাজৰ ঐতিহাসিক, প্রশাসনিক আৰু সামাজিক দিশ সন্দৰ্ভত ব্যাখ্যা কৰিছে। এটা সময়ত বেছিভাগ প্রতিষ্ঠিত নৃতত্ত্ববিদ আৰু প্রশাসক সকলে মত প্ৰকাশ কৰিছিল যে ভাৰতীয় জনজাতিসকলৰ সমাজ আৰু সংস্কৃতি তথা জীৱন ধাৰণ পদ্ধতিত এটা সুকীয়া পৰিচয় বিৰাজমান আৰু সেইবাবে তেওঁলোকৰ সেই সুকীয়া পৰিচয় যিকোনো কাৰণ বা পৰিস্থিতিতেই বৰ্তাই ৰাখিবলৈ দিব লাগে। কিন্তু ঘূৰেয়ে এনেধৰণৰ মতামতক যুক্তিৰে খণ্ডন কৰিছিল আৰু কৈছিল— ভাৰতীয় জনজাতি সকল প্ৰকৃততে পিছপৰা হিন্দুহে। হিন্দু সমাজৰ সৈতে দীর্ঘকাল সংস্পৰ্শলৈ নহাৰ বাবেহে তেওঁলোক পিছপৰি ৰ’ব লগা হৈছে। যেনে, চানথাল, ভীল, গোণ্ড আদি। Verrier Elwin নামৰ এজন দার্শনিকে তেখেতৰ Loss of Nerve নামৰ গ্ৰন্থত উল্লেখ কৰিছে জনজাতিসকলক পৃথকভাৱে জীৱন নিৰ্বাহ কৰিবলৈ দিয়াটো বাঞ্চনীয়। কিন্তু ঘুৰেয়ে তেনে মতক আগ্ৰাহ্য কৰি কৈছিল — জনজাতিসকলক হিন্দু সমাজৰ পৰা নিলগত অৱস্থান কৰাটো কেতিয়াও সমীচিন হ’ব নোৱাৰে।
তেওঁলোক হিন্দু সমাজৰ সৈতে সংপৃক্ত হোৱাটো উচিত হ’ব। সাম্প্রতিক সময়ত জনজাতি সকল পিছপৰা হিন্দু হিচাপে জনা যায়। হিন্দু সমাজৰ সৈতে সমনে হোৱা সংস্পৰ্শই তেওঁলোকৰ দৈনন্দিন জীৱনত হিন্দু সমাজৰ সামাজিক প্ৰমূল্য, সংস্কৃতি তথা জীৱন শৈলীৰ বহুবোৰ দিশ প্ৰতিফলিত হৈছে। বৰ্তমান সময়ত আধুনিক শিক্ষাৰ প্ৰসাৰ আৰু পৌৰাণিক কৃষি পদ্ধতিৰ পৰিৱৰ্তনৰ বাবে জনজাতি সমাজখন উন্নতিৰ দিশলৈ ধাৱমান হোৱা দেখা গৈছে। জনজাতি সমাজখ উন্নয়নৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত হিন্দু সমাজৰ বিভিন্ন ধৰণৰ সংস্কাৰমুখী সংগঠন; যেনে, আর্য সমাজ, ৰামকৃষ্ণ মিছন আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ঘূৰেৰ মতে হিন্দু সমাজৰ প্ৰভাৱত পৰি জনজাতীয় সমাজখনৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, ধর্মীয়, শৈক্ষিক সাংস্কৃতিক আদি দিশত বিস্তৰ পৰিবৰ্তন হৈ আহিছে আৰু সমাজখন উন্নয়নৰ দিশে দোপত দোপে আগবাঢ়িছে। জনজাতি সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ অন্তৰালত আর্থিক দিশো বহু পৰিমাণে জড়িত হৈ আছে বুলি ঘূৰেয়ে মত প্ৰকাশ কৰিছে।
(খ) গ্ৰাম্য নগৰীকৰণঃ
উত্তৰঃ ঘূৰেয়ে ভাৰতবৰ্ষৰ গ্ৰাম্য নগৰীকৰণ প্ৰক্রিয়া সম্বন্ধেও আলোচনা কৰিছে। ঘূৰেৰ মতে বর্তমান সময়ত নগৰীকৰণ প্ৰক্ৰিয়া গ্ৰাম্য অঞ্চলৰ পৰাই আৰম্ভ হৈছে। কৃষি উন্নয়নে অতিৰিক্ত খাদ্য – শস্য বিনিময়ৰ বাবে বজাৰ ব্যৱস্থা আবশ্যক কৰি তুলিছে আৰু তাৰ ফলস্বৰূপেই বহু গাঁৱৰ এক অংশত বজাৰ ব্যৱস্থাৰ কাম – কাজ আৰম্ভ হৈছে। এনেধৰণৰ ব্যৱস্থাই নগৰৰ সূত্ৰপাত ঘটাইছিল আৰু ক্ৰমান্বয়ে প্রশাসনিক, বিচাৰ ব্যৱস্থা আৰু অন্যান্য সমূহৰ বিকাশ সাধন হৈছিল। অতি চমু অৰ্থত ইয়াকে ক’ব পাৰি ঘূৰেৰ গ্ৰাম্য নগৰীকৰণৰ দৃষ্টিভংগীয়ে নগৰীকৰণৰ দেশীয় অথবা থলুৱা উৎসক প্ৰতিফলিত কৰে। উপনিবেশিক সময়ত নগৰসমূহৰ বিকাশ সাধনে ভাৰতীয় মানুহৰ জীৱন শৈলী পৰিৱৰ্তন কৰিছিল। নগৰ আৰু চহৰ সমূহ ক্ৰমান্বয়ে হস্তশিল্প আৰু খাদ্য দ্রব্য তৈয়াৰ কৰা কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। এই কেন্দ্ৰ সমূহে কেঁচা সামগ্রী উৎপাদনৰ বাবে গ্ৰাম্য অঞ্চলসমূহক ব্যৱহাৰ কৰিছিল আৰু উদ্যোগৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ ব্যৱস্থাৰ পোষকতা কৰিছিল। এনেদৰে নগৰীয়া অৰ্থনীতিৰ উৎপত্তিয়ে গ্রাম্য অর্থনীতিক দমন কৰি ৰাখিছিল।
নগৰীকৰণে গ্ৰাম্য অঞ্চলৰ পৌৰাণিক পদ্ধতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। ঘূৰেৰ মতে নগৰীয়া সমাজত গঢ়ি উঠা উচ্চ শিক্ষা ব্যবস্থা, গৱেষণা, বিচাৰ ব্যৱস্থা, স্বাস্থ্য সেৱা, মুদ্ৰণ আৰু মনোৰঞ্জনৰ মাধ্যম সমূহে নতুন দিশ উন্মোচিত কৰিছে আৰু ইয়ে সাংস্কৃতিক বিকাশত অভূতপূর্ব অৰিহণা আগবঢ়াইছে। সেয়েহে চহৰ সমূহে সাংস্কৃতিক ঐক্যতা কার্য সমাপন কৰিব লাগে। ঘূৰেৰ মতে নগৰ পৰা পৰিকল্পনাকাৰী সকলে খোৱা পানীৰ যোগান, জনবহুলতা, যান – যঁট, ৰাজহুৱা বিহনৰ নিয়ম, ৰেল লাইনৰ বিস্তাৰ, গছ কটা, শদ্ধ প্ৰদূষণ আৰু পদপথৰ দৰে সমস্যা সমাধান কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।
(গ) ধর্মীয় সমাজতত্ত্বঃ
উত্তৰঃ ধৰ্ম হৈছে মানৱ জীৱনৰ আধাৰ। ঘূৰেৰ মতে ধর্ম হৈছে সমান আৰু সাংস্কৃতিক জীৱনৰ কেন্দ্ৰৰূপ। ঘূৰেয়ে ভাৰতীয় ধর্মীয় বিশ্বাস আৰু অনুশীলনৰ বিষয়ে অধ্যয়ন কৰি ছয়খন মহৎ গ্রন্থ প্রস্তুত কৰি উলিয়াইছিল। সেইকেইখন গ্রন্থ হৈছে Indian Sadhus (1953), Gods and Men (1962), Religious Consciousness (1965), Indian Accumulation (1977), Vedic India (1979) আৰু The Legacy of Ramayana (1979) আদি। ওপৰত উল্লেখিত সকলো গ্রহতেই ঘূৰেৰ ধৰ্মীয় সমাজতত্ত্ব বিষয়ক আসক্তি প্ৰতিফলিত হৈছে। তেওঁৰ Gods and Men শীর্ষক গ্ৰন্থত ঈশ্বৰ তত্ত্ব সম্বন্ধে হিন্দু সমাজৰ ধাৰণা – প্ৰকৃতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে। ঠিক একেদৰে তেওঁৰ Religious Consciousness গ্ৰম গ্ৰন্থত পুৰণি তিনিটা মানৱ সভ্যতা যেনে, মেচোপটেমিয়ান, ইজিপ্তিটিয়ান আৰু হিন্দু সভ্যতাৰ বিষয়ে উল্লেখ কৰি বিভিন্ন ধৰণৰ পৌৰাণিক বিশ্বাস, কল্পনা, জন্ম – মৃত্যু, ঈশ্বৰ তত্ত্ব সম্পর্ক থকা দৃষ্টিভংগী, মন্দিৰ, স্থাপত্যবিদ্যা আদিৰ বিষয়ে বহুলভাৱে আগবঢ়াইছে। আকৌ Indian Sadhus নামৰ গ্ৰন্থৰ যোগেদি সৃষ্টিতত্ব, হিন্দু ধৰ্মৰ দৰ্শনৰ সৈতে সংপৃক্ত উদাসীনতা আৰু এই উদাসীনতাই হিন্দু সমাজক কেনেকৈ উজ্জীৱিত কৰে তাক তেওঁ বিতংভাৱে আলোচন কৰি সমাজতত্ত্বৰ ধৰ্মীয় দিশত উল্লেখনীয় অৰিহণা আগবঢ়াইছে।
ইয়াৰ উপৰিও জি. এচ. ঘূৰেয়ে সংস্কৃতি আৰু সভ্যতা, ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতি আদি বিষয় বিশদভাৱে আলোচনা কৰিছে। তেওঁ প্ৰতিটো অধ্যয়ন ভাৰতীয় সমাজ আৰু সংস্কৃতি, জাতি ব্যৱস্থা, সভ্যতা, ইতিহাস বিষয়ক গভীৰ অধ্যয়ন। এই অধ্যয়নে ভাৰতীয় সমাজৰ বিভিন্ন দিশ উন্মোচিত কৰি ভাৰতীয় সমাজতত্ত্বৰ ভঁৰাল চহকী কৰি তুলিছে।