Indian Sociological Traditions Unit 3 এম. এন. শ্রীনিবাস

Indian Sociological Traditions Unit 3 এম. এন. শ্রীনিবাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Sociological Traditions Unit 3 এম. এন. শ্রীনিবাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Sociological Traditions Unit 3 এম. এন. শ্রীনিবাস Question Answer can be of great value to excel in the examination.

Indian Sociological Traditions Unit 3 এম. এন. শ্রীনিবাস

Join Telegram channel

Indian Sociological Traditions Unit 3 এম. এন. শ্রীনিবাস Notes cover all the exercise questions in UGC Syllabus. Indian Sociological Traditions Unit 3 এম. এন. শ্রীনিবাস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

এম. এন. শ্রীনিবাস

SOCIOLOGY

INDIAN SOCIOLOGICAL TRADITIONS

ভাৰতীয় সমাজতাত্ত্বিক পৰম্পৰা

অতি চমু প্রশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো ৰাছি উলিওৱাঃ

১। _______ হৈছে এম. এন. শ্ৰীনিবাস ধাৰণা অনুসৰি জাতি প্ৰণালীত সংঘটিত হোৱা সামাজিক গতিশীলতা।

(ক) সংস্কৃতকৰণ।

(খ) নগৰায়ন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) গ্ৰাম্যকৰণ। 

(ঘ) অনুকৰণ।

উত্তৰঃ (ক) সংস্কৃতকৰণ।

২। জাতিৰ জাতিগত তত্ত্ব কোনে প্ৰৱৰ্তন কৰে?

(ক) ডি. এন. মজুমদাৰ। 

(খ) এম. এন. শ্রীনিবাস।

(গ) ই. এম. ফষ্টাৰ।

(ঘ) ই. বি. টাইলৰ।

উত্তৰঃ (ক) ডি. এন. মজুমদাৰ।

৩। এম. এন. শ্রীনিবাসৰ মতামতত সামাজিক পৰিবৰ্তনৰ আধাৰ কি? 

(ক) সাংস্কৃতিক গতিশীলতা।

(খ) জাতিৰ গতিশীলতা।

(গ) গাঁথনিগত গতিশীলতা।

(ঘ) সামাজিক গতিশীলতা।

উত্তৰঃ (ঘ) সামাজিক গতিশীলতা।

৪। _________ একে ধৰণৰ অৰ্থনৈতিক পৰিস্থিতি ভাগ বতৰা কৰা ব্যক্তিসকলৰ এক সংগ্রহ।

(ক) জাতি।

(খ) সম্প্রদায়।

(গ) ধর্ম।

(ঘ) শ্রেণী।

উত্তৰঃ (ঘ) শ্ৰেণী।

৫। সমাজবিজ্ঞানী যাক ১৯৪৮ চনত ৰামপুৰাত লোকপিয়ল কৰাৰ কৰ্তৃত্ব দিয়া হৈছে— 

(ক) এম. এন. শ্রীনিবাস।

(খ) আগষ্টে কমটে।

(গ) ডি. পি. মুখার্জী।

(ঘ) ওপৰৰ কোনোটো নহয়।

উত্তৰঃ (ক) এম. এন শ্রীনিবাস।

৬। অনুসূচীত জাতিক কোনে হৰিজন বুলি কৈছিল?

(ক) চাইমন কমিছনে।

(খ) মহাত্মা গান্ধীয়ে।

(গ) আম্বেদকাৰে।

(ঘ) ব্ৰিটিছ সকলে।

উত্তৰঃ (গ) আম্বেদকাৰে।

৭। নিম্নলিখিত কোনটো সাংবিধানিক সংস্থা? 

(ক) অনুসূচীত জাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ।

(খ) ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ।

(গ) ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগ।

(ঘ) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ।

উত্তৰঃ (ক) অনুসূচীত জাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ।

(খ) উত্তৰ লিখাঃ

১। কিমান চনত এম. এন. শ্রীনিবাসৰ জন্ম হৈছিল? 

উত্তৰঃ ১৯১৬ চনৰ ১৬ নৱেম্বৰত এম. এন. শ্ৰীনিবাসৰ জন্ম হৈছিল।

২। কোন পৰিয়ালত এম. এন শ্রীনিবাসৰ জন্ম হৈছিল? 

উত্তৰঃ মহীশূৰৰ এটা ব্ৰাহ্মণ পৰিয়ালত এম. এন. শ্রীনিবাসৰ জন্ম হৈছিল।

৩। এম. এন. শ্রীনিবাসৰ সম্পূৰ্ণ নাম কি?

উত্তৰঃ এম. এন. শ্ৰীনিৱাসৰ সম্পূৰ্ণ নাম মহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিৱাস।

৪। কোন বিভাগত এম. এন. শ্রীনিবাসৰ দেউতাকে চাকৰি কৰিছিল? 

উত্তৰঃ শক্তি আৰু পোহৰ বিভাগত এম. এন. শ্রীনিবাসৰ দেউতাকে চাকৰি কৰিছিল।

৫। এম. এন. শ্রীনিবাসে কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল?

উত্তৰঃ এম. এন. শ্রীনিবাসে মহীশূৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। 

৬। কাৰ তত্ত্বাৱধানত শ্ৰীনিবাসে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে?

উত্তৰঃ জি. এছ. ঘূৰেৰ তত্ত্বাৱধানত শ্ৰীনিবাসে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 

৭। এম. এন. শ্রীনিবাসৰ গৱেষণা পত্ৰখন কিমান চনত গ্রন্থ আকাৰে প্ৰকাশিত হৈছিল?

উত্তৰঃ এম. এন. শ্রীনিবাসৰ গৱেষণা পত্ৰখন ১৯৪২ চনত গ্ৰন্থ আকাৰে প্ৰকাশিত হৈছিল।

৮। এম. এন. শ্রীনিবাসৰ গৱেষণা পত্ৰখনৰ নাম কি?

উত্তৰঃ এম. এন. শ্রীনিবাসৰ গৱেষণা পত্ৰখনৰ নাম ‘Marriage and Family among the coorgs’।

৯। কিমান চনত শ্ৰীনিবাসৰ গবেষণা গ্ৰন্থখন দুটা খণ্ডত জমা হৈছিল? 

উত্তৰঃ ১৯৪৪ চনত শ্রীনিবাসৰ গৱেষণা গ্ৰন্থখন দুটা খণ্ডত জমা হৈছিল।

১০। এম. এন. শ্রীনিবাসে কিমান চনত অক্সফোর্ড বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ গৈছিল? 

উত্তৰঃ এম. এন. শ্রীনিবাসে ১৯৪৫ চনত অক্সফোর্ড বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ গৈছিল।

১১। কাৰ তত্ত্বাৱধানত শ্ৰীনিবাসে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? 

উত্তৰঃ জি. এছ. ঘূৰেৰ তত্ত্বাৱধানত শ্রীনিবাসে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।

১২। শ্রীনিবাসে কাৰ কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল? 

উত্তৰঃ শ্রীনিবাসে ‘Radcliffe Brown ‘ আৰু পাছত ‘Evans Pritchard ৰ ওচৰত শিক্ষা গ্ৰহণ কৰে।

১৩। অক্সফোর্ড বিশ্ববিদ্যালয়ৰ কোনটো বিভাগে শ্রীনিবাসক পুনৰ ডক্টৰেট উপাধি প্ৰদান কৰিছে? 

উত্তৰঃ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগে শ্রীনিবাসক পুনৰ ডক্টৰেট উপাধি প্ৰদান কৰিছে।

১৪। সমাজতত্ত্ববিদ এম. এন. শ্রীনিবাসে কিমান বাৰ ডক্টৰেট উপাধি লাভ কৰিছে?

উত্তৰঃ সমাজতত্ত্ববিদ এম. এন. শ্রীনিবাসে দুবাৰকৈ ডি. ফিল. বা ডক্টৰেট উপাধি লাভ কৰিছে।

১৫। কোন বিশ্ববিদ্যালয়ত শ্রীনিবাসক ভাৰতীয় সমাজতত্ত্বৰ প্ৰবক্তাৰূপে নিযুক্তি দিয়া হৈছিল? 

উত্তৰঃ শ্রীনিবাসক ‘অক্সফোর্ড বিশ্ববিদ্যালয়ত ভাৰতীয় সমাজতত্ত্বৰ প্ৰবক্তাৰূপে নিযুক্তি দিয়া হৈছিল।

১৬। কিমান চনত শ্ৰীনিবাস ভাৰতীয় সমাজতত্ত্বৰ প্ৰবক্তাৰূপে নিযুক্ত হৈছিল?

উত্তৰঃ ১৯৪৮ চনত শ্ৰীনিবাস ভাৰতীয় সমাজতত্ত্বৰ প্ৰবক্তাৰূপে নিযুক্ত হৈছিল।

১৭। কিমান চনত শ্ৰীনিবাসে পুনৰ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল?

উত্তৰঃ ১৯৪৭ চনত শ্ৰীনিবাসে পুনৰ ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

১৮। শ্রীনিবাসে ক্ষেত্র অধ্যয়নৰ কাম আৰম্ভ কৰা ঠাইখনৰ নাম কি?

উত্তৰঃ ৰামপুৰত শ্ৰীনিবাসে ক্ষেত্র অধ্যয়নৰ কাম আৰম্ভ কৰে।

১৯। কিমান চনত শ্ৰীনিবাসে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা পদত্যাগ কৰে?

উত্তৰঃ ১৯৫১ চনত শ্ৰীনিবাসে ‘অক্সফোর্ড’ বিশ্ববিদ্যালয়ৰ পৰা পদত্যাগ কৰে।

২০। শ্রীনিবাসে কোন বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগ আৰম্ভ কৰে? 

উত্তৰঃ শ্রীনিবাসে বৰোদাৰ মহাৰাজা চায়াজী ৰাও বিশ্ববিদ্যালয়ত সমাজতত্ত্ব বিভাগ আৰম্ভ কৰে।

২১। ‘Delhi School of Economics’— ৰ অধ্যাপক কোন?

উত্তৰঃ ‘Delhi School of Economics’— ৰ অধ্যাপক শ্রীনিবাস।

২২। কিমান চনত শ্ৰীনিবাসে Delhi school of Economics ত অধ্যাপক হিচাপে যোগদান কৰিছিল?

উত্তৰঃ ১৯৫৬ চনত শ্রীনিবাসে Delhi School of Economics ত অধ্যাপক হিচাপে যোগদান কৰিছিল।

২৩। কিমান চলত শ্রীনিবাস দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাংগালোৰলৈ আহিছিল? 

উত্তৰঃ ১৯৭১ চনত শ্রীনিবাস দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাংগালোৰলৈ আহিছিল।

২৪। কিহৰ বাবে শ্রীনিবাসে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাংগালোৰলৈ আহিছিল? 

উত্তৰঃ শ্রীনিবাসে বাংগালোৰত ‘Institution of Social Change and Development’ স্থাপন কৰিবৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাংগালোৰলৈ আহিছিল।

২৫। ছম. এন. শ্রীনিবাসৰ মৃত্যু কিমান চনত হৈছিল? 

উত্তৰঃ ভাৰতীয় সমাজতত্ত্ববিদ এম. এন শ্রীনিবাসৰ মৃত্যু হৈছিল ১৯৯৯ চনৰ ৩০ নৱেম্বৰত।

২৬। ডক্টৰেট ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা শ্ৰীনিবাসৰ গ্ৰন্থটোৰ নাম কি? 

উত্তৰঃ ডক্টৰেটৰ ডিগ্ৰীৰ বাবে প্ৰস্তুত কৰা শ্ৰীনিবাসৰ গ্ৰন্থটোৰ নাম হ’ল— Religion and Society Among the coorgs of South India’।

২৭। গাঁও অধ্যয়নৰ ক্ষেত্ৰত সহযোগ কৰা সমাজতত্ত্ববিদৰ নাম কি? 

উত্তৰঃ গাঁও অধ্যয়নৰ ক্ষেত্ৰত সহযোগ কৰা সমাজতত্ত্ববিদৰ নাম – D.N. Majumder।

২৮। কোন নৃতত্ত্ববিদে জাতিৰ অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব দিছিল? 

উত্তৰঃ নৃতত্ত্ববিদ ‘Louis Dumont’ এ জাতিৰ অধ্যয়নৰ ওপৰত অধিক গুৰুত্ব দিছিল।

২৯। শ্রীনিবাস কোনখন গাঁৱত পৰিক্ষণীয় অধ্যয়ন কৰিছিল?

উত্তৰঃ শ্রীনিবাস কৰ্ণাটকৰ পৰা ২২ মাইল দক্ষিণ – পূব দিশৰ এখন পিছপৰা গাঁও ৰামপুৰৰ এক তথ্যগষুৰ, পৰিক্ষণীয় অধ্যয়ন কৰে।

৩০। শ্রীনিবাসে কোন চনত সংস্কৃতিকৰণ অৱধাৰণাটো আগবঢ়ায়?

উত্তৰঃ ১৯৫২ চনত।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। অধ্যাপক শ্রীনিবাসৰ মতে ‘সংস্কৃতিকৰণ’ কি?

উত্তৰঃ সমাজৰ নিম্ন জাতি হিচাপে পৰিগণিত লোকসকলে নিজৰ প্ৰচলিত পৰম্পৰাগত সামাজিক ৰীতি – নীতি, খোৱা – বোৱা, সাজপাৰ, ধৰ্ম – পদ্ধতি জীৱন – নিৰ্বাহৰ প্ৰণালী আদি ত্যাগ কৰি উচ্চ জাতিৰ সংস্কৃতি গ্ৰহণ কৰি পৰিচালিত হোৱা অৱস্থাটোকে অধ্যাপক শ্রীনিবাসে ‘সংস্কৃতিকৰণ’ বুলি অভিহিত কৰিছে।

২। শ্রীনিবাসে প্ৰণয়ন কৰা দুখন গ্ৰন্থৰ নাম কি?

উত্তৰঃ শ্রীনিবাসে প্রণয়ন কৰা সুখন গ্ৰন্থ হ’ল— 

(ক) Social Change in Modern India. 

(খ) Marriage and Family in Mysore.

৩। এম. এন. শ্রীনিবাসৰ মতে সামাজিক পৰিৱৰ্তন কি? 

উত্তৰঃ সমগ্ৰ সামাজিক গাঁথনি ইয়াৰ অস্তিত্বৰ বেছিভাগ সময়ত পৰিৱর্তনৰ অৱস্থাত থাকে। এই গাঁথনিগত উপাদানবোৰত যিকোনো ঔষধ, পৰিবর্তন বা প্রতিষ্ঠাপনৰ বাবে হোৱা পৰিবৰ্ত এই অৱস্থাক সামাজিক পৰিৱৰ্তনৰ প্ৰক্সিয়া বুলি কোৱা হয়।

৪। এম. এন. শ্রীনিবাসৰ মতে প্ৰভাৱশালী জাতি কোন?

উত্তৰঃ তেওঁ ইয়াক অর্থনৈতিক, আধ্যাত্মিক আৰু ৰাজনৈতিকভাৱে আন যিকোনো জাতিৰ ওপৰত এক নিৰ্দিষ্ট জাতি হিচাপে সংজ্ঞায়িত কৰিছিল। উদাহৰণ স্বৰূপে, ভাৰতত, ব্রাহ্মণ জাতিক এক প্রভাৱশালী জাতি হিচাপে গণ্য কৰা হয়, সেয়েহে ইয়াৰ আন জাতিতকৈ এক উৎকৃষ্ট সন্মান আছে। ১৯৮৭ চনৰ পৰা শ্ৰীনিবাসৰ প্ৰভাৱশালী জাতিৰ সংজ্ঞাই সমাজৰ ওপৰত অধিক প্ৰভাৱ পেলাইছিল।

৫। শ্রীনিবাসৰ সংস্কৃতিকৰণৰ সংজ্ঞাৰ ওপৰত যোগেন্দ্ৰ সিঙৰ মন্তব্যটো লিখা।

 উত্তৰঃ শ্রীনিবাসৰ সংজ্ঞাৰ ওপৰত যোগেন্দ্ৰ সিঙে মন্তব্য কৰিছে যে—

(ক) সংস্কৃতিকৰণ অনুকৰণ কৰা গোটটো কেৱল নিম্ন জাতিয়েই নহয়, এইটো জনজাতি বা অন্য গোটো হ’ব পাৰে। 

(খ) অনুকৰণ কেৱল ধর্ম সম্পৰ্কীয়ই নহয়, আদর্শগতও।

(গ) কেৱল ব্রাহ্মাণকেই অনুকৰণ কৰাৰ কোনো বাধ্যবাধকতা নাই।

৬। জাতি আৰু শ্ৰেণীৰ মাজত দুটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ জাতি আৰু শ্ৰেণীৰ মাজৰ দুটা পার্থক্য হৈছে— 

(ক) জাতি ব্যৱস্থাত খোৱা – বোৱা প্ৰচলনত বাধা আছে, কিন্তু শ্ৰেণীত নাই।

(খ) জাতি ব্যৱস্থা জন্মৰ আধাৰত প্ৰতিষ্ঠিত। সাধাৰণতে এজন ব্যক্তিয়ে জন্মসূত্রে কোনো জাতি গ্ৰহণ কৰাৰ বাদে জাতি গ্ৰহণৰ অন্য ব্যৱস্থা নাই। আনহাতে শ্ৰেণী ব্যবস্থা মতে ব্যক্তিয়ে নিজৰ যোগ্যতা আৰু দক্ষতা অনুযায়ী সামাজিক শ্ৰেণীত প্রতিষ্ঠিত হ’ব পাৰে।

৭। সংস্কৃতিকৰণৰ ফলত ভাৰতীয় সমাজত হোৱা কেতবোৰ পৰিৱৰ্তন উল্লেখ কৰা। 

উত্তৰঃ সংস্কৃতিকৰণৰ ফলত ভাৰতীয় সমাজত হোৱা পৰিবৰ্তন কেইটা হৈছে—

(ক) জনজাতীয় সমাজত পৰিবৰ্তন।

(ঘ) আর্থিক দিশত পৰিবৰ্তন। 

(গ) ৰাজনৈতিক দিশত পৰিৱৰ্তন।

(ঘ) সামাজিক পৰিৱৰ্তন।

(ঙ) ধর্মীয় নিশত পৰিৱৰ্তন।

৮। সামাজিক স্তৰক মার্ক্সে কেইটা ভাগত ভাগ কৰিছে? ভাগকেইটা কি কি? 

উত্তৰঃ অৰ্থনীতিৰ ওপৰত ভিত্তি কৰি মার্ক্সে সামাজিক স্তৰ বা শ্ৰেণীক দুটা ভাগত ভাগ কৰিছে আৰু ভাগ দুটা হৈছে—

(ক) বুর্জোয়া বা পুঁজিপতি বা ধনীক শ্ৰেণী।

(খ) প্ৰতিটেৰিয়েট বা বনুৱা শ্ৰেণী।

৯। জাতি ব্যৱস্থাৰ আধাৰত শ্ৰীনিবাসৰ মন্তব্য ব্যাখ্যা কৰা।

উত্তৰঃ জাতি ব্যৱস্থা আলোচনাৰ বাবে শ্রীনিবাসে বিশেষকৈ মহীশূৰৰ কুৰ্গ জাতিৰ লোকৰ উদাহৰণ দাঙি ধৰিছে। শ্রীনিবাসৰ এই চিন্তাশীল সিদ্ধান্তসমূহ তেখেতৰ গ্ৰন্থ ‘Marriage and Family life in Mysore, ‘Religion and Society Among The coorgs of South India’ আদি গ্ৰন্থ সন্নিবিষ্ট হৈ আছে। শ্ৰীনিবাসে কুৰ্গসকলক অস্পৃশ্য জাতি বুলি উল্লেখ কৰি তেওঁলোকক জাতি ব্যৱস্থাৰ ভিতৰুৱা কৰিছে।

অধ্যাপক শ্রীনিবাসে ‘Religion and Society among the coorgs of South India’ নামৰ গ্ৰন্থত দেখুৱাইছে যে, যদিও কৰ্গসকল অস্পৃশ্য জাতিৰ আছিল, তথাপিতো ইংৰাজসকল ভাৰতলৈ অহাৰ পাছত কুৰ্গসকলে পৌৰাণিক বৃত্তি এৰি কৃষিকমত মনোনিবেশ কৰিলে। কুৰ্গসকল ব্ৰিটিছৰ নতুন অর্থনৈতিক ব্যৱস্থাৰ লগতো জড়িত হৈ পৰিল। কুৰ্গসকল ব্ৰিটিছৰ নতুন অর্থনৈতিক ব্যৱস্থাৰ লগতো জড়িত হৈ পৰিল। কুৰ্গসকলে ক্ৰমে ব্ৰাহ্মণসকলৰ আচাৰ -ব্যৱহাৰ, ৰীতি – নীতি গ্ৰহণ কৰিলে আৰু উচ্চ জাতিবিলাকে অপৱিত্ৰ বুলি কোৱা প্ৰথা আৰু খাদ্যবোৰো ত্যাগ কৰিলে। আনকি মাদক দ্রব্য সেৱন, মাংস ভক্ষণ আদিও ত্যাগ কৰি তেওঁলোকেও উচ্চ জাতৰ প্রস্থিতি পাব লাগে বুলি দাবী জনালে। এনেদৰে মহীশূৰৰ ৰামপুৰ। গাঁৱৰ তথাকথিত অস্পৃশ্যসকলে বিশেষ দক্ষতাৰে ব্ৰাহ্মণ্য ধর্ম পালন কৰিছে।

১০। নৃতত্ত্ববিদ ‘Louis Dumont’ ৰ মতক শ্ৰীনিবাসে বিৰোধিতা কৰাৰ কাৰণটো কি? 

উত্তৰঃ নৃতত্ত্ববিদ ‘Louis Dumont’ – এ গাঁৱৰ অধ্যয়নতকৈ জাতিৰ অধ্যয়নৰ ওপৰত বেছি গুৰুত্ব দিছিল। তেওঁ গাঁৱক অস্থায়ী ৰূপত অভিহিত কৰিছে আৰু গাঁৱৰ স্বকীয়তাৰ কথা

অস্বীকাৰ কৰিছে। তেওঁৰ মতে গাঁৱৰ সৃষ্টি আৰু পৰিবৰ্তন সঘনে হ’ব পাবে। Dumont ৰ মতে জাতি বা ধৰ্মৰ দৰে সংস্থাবোৰ গৰিতকৈ স্থায়ী আৰু অধিক সক্রিয়। কিন্তু শ্রীনিবাসে এই মতক বিৰোধিতা কৰিছে। তেওঁৰ মতে গাঁও হৈছে ঐক্য সংহতিৰ বাহক আৰু এক সামাজিক সত্তা। এওঁৰ মতে গাঁৱৰ সংহতিয়েই গ্ৰাম্য জীৱনৰ গুৰুত্বপূৰ্ণ দিশ। শ্ৰীনিবাসৰ মতে গ্রাম্য সমাজৰ পৰৱৰ্তনেহে সমাজৰ প্ৰকৃত পৰিৱৰ্তন আনে।

১১। এম. এন. শ্রীনিবাসৰ বিষয়ে চমু টোকা লিখা।

উত্তৰঃ বহুতো ভাৰতীয় সমাজতত্ত্ববিদে ভাৰতীয় সমাজৰ বিভিন্ন দিশৰ ওপৰত তথ্য গধূৰ অধ্যয়ন চলাই আহিছে। ইয়াৰ ভিতৰত এম. এন. শ্রীনিবাসৰ নামো উল্লেখযোগ্য। তেওঁ কর্ণাটকৰ পৰা ২২ মাইল দক্ষিণ – পূব দিশৰ এখন পিছপৰা গাঁও, নাম ৰামপুৰৰ এক তথ্য গধূৰ, পৰীক্ষণীয় অধ্যয়ন কৰে। তেওঁ এই গাঁৱৰ অতি পিছপৰা কুৰ্গ সকলৰ সামাজিক -সাংস্কৃতিক দিশৰ বিষয়ে উল্লেখনীয় গ্রন্থ ‘Remembered Village’ অত প্রণালীবদ্ধভাৱে উল্লেখ কৰাৰ উপৰি তেখেতৰ বহুতো লিখনিত সেই অধ্যয়ন প্রকাশ পাইছে। শ্রীনিবাস ভাৰতীয় সমাজৰ বিভিন্ন দিশ আৰু বিশেষকৈ পৰিৱৰ্তনৰ দিশৰ ওপৰত বিতং অধ্যয়ন কৰা এজন অগ্রণী ব্যক্তি। তেখেতৰ সংস্কৃতিকৰণ অৱধাৰণাই ভাৰতীয় সমাজতত্ত্বত এক নতুন দিগন্তৰ সূচনা কৰে ।

নিম্নশ্রেণীৰ মানুহে পৰম্পৰাগত পদ্ধতি ত্যাগ কৰি ব্ৰাহ্মণ বা উচ্চশ্ৰেণীৰ ৰীতি – নীতি আৰু পৰম্পৰা অনুকৰণ কৰাকে চমু অৰ্থত সংস্কৃতিকৰণ বুলিব পৰা যায়। ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে—

(ক) ঊর্ধমুখী গতিশীলতা।

(খ) সামাজিক স্থানৰ পৰিৱৰ্তন।

(গ) সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ ভিন্নতা। 

(ঘ) প্ৰতিযোগিতা আৰু মানসিক তৃপ্তি।

শ্রীনিবাসে গাঁও সম্পৰ্কীয় অধ্যয়নবোৰ নৃজাতীয় বিৱৰণ আৰু সামাজিক বিশ্লেষণৰ ভিত্তিত আগবঢ়াইছিল। তেওঁ গাঁৱৰ অধ্যয়নক সামাজিক বিশ্লেষণৰ এটা গোট হিচাপে ধৰি লৈছিল। শ্রীনিবাসৰ মতে গাঁও হৈছে ঐক্য সংহতিৰ বাহক আৰু এক সামাজিক সত্তা। এওঁৰ মতে গাঁৱৰ সংহতিয়েই গ্ৰাম্য সংহতিৰ বাহক আৰু এক সামাজিক সত্তা। এওঁৰ মতে গাঁৱৰ সংহতিয়েই গ্ৰাম্য জীৱনৰ গুৰুত্বপূৰ্ণ দিশ। গ্ৰাম্য সমাজৰ পৰিৱৰ্তনেহে সমাজৰ প্ৰকৃত পৰিবৰ্তন আনে। তেওঁৰ মতে অধ্যয়নবোৰ কেৱল আদিবাসী বা জনজাতি সমাজৰ মাজতে আৱদ্ধ নাৰাখি সকলো ধৰণৰ গাঁও অধ্যয়ন কৰিব লাগে, তেতিয়াই আধুনিকতাৰ পোহৰ গ্ৰামাঞ্চললৈও আহিব পাৰে, এতেকে শ্রীনিবাসৰ অধ্যয়নৰ প্ৰাণকেন্দ্ৰ হৈছে গাঁও। পৰম্পৰাগত ভাৰতীয় সমাজৰ সামাজিক সংৰচনাৰ গতিশীলতাৰ অৰ্থ প্ৰকাশ কৰিবলৈ পোন প্রথমে এম. এন. শ্রীনিবাসে ১৯৫২ চনত সংস্কৃতিকৰণ অৱধাৰণাটো আগবঢ়ায়।

অধ্যাপক শ্রীনিবাসে ‘Religion and Society Among the Coorgs of South India’ নামৰ গ্ৰন্থত দেখুৱাইছে যে, যদিও মহীশূৰৰ কুৰ্গসকল অস্পৃশ্য জাতিৰ আছিল, তথাপিতো ইংৰাজসকল ভাৰতলৈ অহাৰ পাছত কুৰ্গসকলে পৌৰাণিক বৃত্তি এৰি কৃষিকৰ্মত মনোনিবেশ কৰিলে। কুৰ্গসকল ব্ৰিটিছৰ নতুন অর্থনৈতিক ব্যৱস্থাৰ লগতো জড়িত হৈ পৰিছে। কুর্গসকলে ক্ৰমে ব্ৰাহ্মণসকলৰ আচাৰ – ব্যৱহাৰ, ৰীতি -নীতি গ্ৰহণ কৰিছে আৰু মাদকদ্ৰব্য সেৱন, মাংস ভক্ষণ আদি ত্যাগ কৰি তেওঁলোকে উচ্চশ্ৰেণীৰ প্ৰস্থিতি পাব লাগে বুলি দাবী কৰিছে। মহীশূৰৰ ৰামপুৰা গাঁৱৰ তথাকথিত অস্পৃশ্যসকলে বিশেষ দক্ষতাৰে ব্ৰাহ্মণ্য ধর্ম পালন কৰিছে। এইদৰেই সমাজৰ নিম্নশ্রেণী হিচাপে পৰিগণিত লোকসকলে নিজৰ প্ৰচলিত পৰম্পৰাগত সামাজিক ৰীতি – নীতি, খোৱা -বোৱা, সাজপাৰ, ধৰ্ম পদ্ধতি, জীৱননিৰ্বাহৰ প্ৰণালী আদি ত্যাগ কৰি উচ্চশ্ৰেণীৰ সংস্কৃতি গ্ৰহণ কৰি পৰিচালিত হোৱা অৱস্থাটোকে অধ্যাপক শ্রীনিবাসে ‘সংস্কৃতিকৰণ’ বুলি অভিহিত কৰিছে।

১২। সংস্কৃতিকৰণৰ ফলত ভাৰতীয় সমাজত হোৱা পৰিৱৰ্তনবোৰ আলোচনা কৰা। 

উত্তৰঃ সংস্কৃতিকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজলৈ অনা কিছুমান পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰা হ’ল—

(ক) জাতি ব্যৱস্থাত পৰিৱৰ্তনঃ ভাৰতীয় সমাজত সংস্কৃতিকৰণ প্ৰক্ৰিয়াই পৰম্পৰাগত জাতি ব্যৱস্থাত পৰিৱৰ্তন সাধন কৰিছে। জাতি ব্যৱস্থাত জন্মই ব্যক্তিৰ সামাজিক স্থানৰ নিৰ্ণয কৰে। যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি কোনো ব্যক্তিক উচ্চ স্থান দিয়া নহয়। তদুপৰি জাতি ব্যৱস্থাত সামাজিক আদান – প্ৰদান আৰু খোৱা – লোৱাৰ ক্ষেত্ৰত কিছুমান বাধা নিষেধ মানি চলা হয়। ভাৰতলৈ মুছলমানৰ আগমনৰ পিছৰে পৰা জাতি ব্যৱস্থাত কেৰোণ সোমাইছিল। ইংৰাজসকলৰ ঔপনিৱেশিক শাসন প্ৰতিষ্ঠাৰ পিছৰে পৰা জাতি ব্যৱস্থাৰ ভাঙোন অধিক হয়। প্রশাসন ব্যৱস্থা, পাশ্চাত্যকৰণ, নতুন দৰ্শনৰ উদ্ভৱ, গোষ্ঠীগত আন্দোলন, নাৰী আন্দোলন, অস্পৃশ্যতা বৰ্জন আদি দিশত ইংৰাজসকলে ভাৰতীয়সকলক নতুন পথৰ সন্ধান দিলে আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, ধর্মীয় আদি দিশত সমান সুবিধা লাভ কৰিব পৰা হ’ল। ফলত নিম্নস্তৰৰ লোকসকলৰ মাজতো শ্ৰেণী সচেতনতাই দেখিব পৰা যায়। সমাজত বন্ধ স্তৰীকৰণ প্ৰক্ৰিয়াৰ ঠাইত মুক্ত স্তৰীকৰণ প্ৰক্ৰিয়াই গঢ় লৈ উঠিল। সেইবাবেই যোগ্যতা অনুসৰি সকলো মানুহে সামাজিক স্থান পৱির্তন ঘটাব পৰা হৈছে। নিম্ন জাতিৰ মানুহবিলাক সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ সামাজিক স্থানৰ উন্নতি সাধিবলৈ চেষ্টা কৰিছে। সেই কাৰণেই সংস্কৃতিকৰণৰ প্ৰভাৱত লাহে লাহে জাতি ব্যৱস্থাৰ ঠাইত শ্ৰেণী ব্যৱস্থাই গঢ় লৈ উঠিল।

(খ) সামাজিক পৰিবৰ্তনঃ সংস্কৃতিকৰণ প্রক্রিয়াই ভাৰতীয় লোকৰ সামাজিক জীৱনতো পৰিবৰ্তন সাধন কৰিছে। পৰম্পৰাগত ভাৰতীয় সমাজত পৰিয়াল পদ্ধতি, বিবাহ পদ্ধতি, সামাজিক আদান – প্রদান, খোৱা – বোৱা, সামাজিক অনুষ্ঠান, ধর্মীয় কাম – কাজ আদিত জাতি ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ৰীতি – নীতি পালন কৰা হৈছিল। মানুহৰ বৃত্তি, আচাৰ ব্যৱহাৰ আদিতো কিছুমান বাধা নিষেধ আছিল। কিন্তু সংস্কৃতিকৰণৰ ফলত বহুতো নিম্ন জাতিৰ প্ৰস্থিতি উন্নত হোৱাত বিয়া – বাৰু, খোৱা – বোৱা, স্বজন পদ্ধতি, সামাজিক কাম – কাজ আদিত থকা বহুতো বাধা নিষেধ শিথিল হৈ পৰিছে। ব্যক্তিগত প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বহুতো ৰীতি – নীতিৰ পৰিৱৰ্তন হৈছে।

(গ) ৰাজনৈতিকপৰিৱৰ্তনঃ বৰ্তমানৰ ভাৰতীয় সমাজৰ ৰাজনৈতিক পদ্ধতিৰ লগত পৰম্পৰাগত ভাৰতীয় সমাজৰ ৰাজনৈতিক পদ্ধতি নিমিলে। ৰজা – মহাৰজাসকলৰ শাসনৰ প্ৰচলন থকাৰ বাহিৰেও জনজাতীয় আৰু অতি পিছপৰা সমাজবোৰত কিছুমান সুকীয়া ৰাজনৈতিক পদ্ধতিৰ প্ৰচলন আছিল। কিন্তু বৰ্তমানৰ সৰ্বভাৰতীয় ৰাজনৈতিক পদ্ধতিত সকলো জাতিৰ লোকৰে সমান অধিকাৰ আছে। নিম্ন জাতিৰ লোকে ব্যক্তিগত প্ৰচেষ্টাৰে আগবাঢ়ি আহি ভাৰতীয় সমাজৰ ৰাজনৈতিক ক্ষমতাও লাভ কৰিবলৈ সমৰ্থ হৈছে। সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ ফলত ভাৰতীয় সমাজত ৰাজনৈতিক পৰিৱৰ্তন দেখা দিছে।

(ঘ) আৰ্থিক দিশৰ পৰিৱৰ্তনঃ সংস্কৃতিকৰণে ভাৰতীয় সমাজৰ আৰ্থিক দিশতে যথেষ্ট পৰিৱৰ্তন সাধন কৰিছে। প্ৰাচীন ভাৰতীয় সমাজত মানুহে ইচ্ছা কৰা মতে বৃত্তি অবলম্বন কৰিব নোৱাৰিছিল। তদুপৰি সামাজিকভাৱে পিছপৰা সমাজবিলাক ব্যৱসায় – বাণিজ্য, উদ্যোগ আদি অর্থনৈতিক দিশতো অনগ্ৰসৰ আছিল। তেনে সমাজবিলাকে বিনিময়ৰ মাধ্যমেৰে আৰ্থিক প্রয়োজনীয়তা পূৰণ কৰিছিল। কিন্তু বৰ্তমান সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে বহুতো নিম্ন জাতৰ লোকে পৰম্পৰাগত বৃত্তি ত্যাগ কৰি উদ্যোগ, বাণিজ্যত অন্যান্য আধুনিক বৃত্তি গ্রহণ কৰিছে। বিনিময় ব্যৱস্থাৰ পৰিৱৰ্তে নগত ঋণৰ প্ৰচলন হৈছে। যিকোনো জাতিৰ ব্যক্তিয়ে যোগ্যতা আৰু অৰ্থতাৰ জৰিয়তে যিকোনো বৃত্তিক আহৰণ কৰিব পাৰিছে। ফলত ভাৰতীয় সমাজত অর্থনৈতিক দিশত পৰিবৰ্তন ঘটিছে, অর্থনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ঘটিছে।

(ঙ) জনজাতীয় সমাজৰ পৰিৱৰ্তনঃ সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ ফলত ভাৰতীয় জনজাতী সমাজৰ বিভিন্ন দিশত পৰিৱৰ্তন হৈছে। প্ৰায়বোৰ জনজাতিৰেই একো একোটা সুকীয়া ৰাজনৈতিক ব্যৱস্থা, অর্থনৈতিক ব্যৱস্থা, বিশেষ পৰম্পৰা, সুকীয়া ভাষা বা দোৱান ধৰ্ম আদি থাকে। তদুপৰি প্ৰাক স্বাধীন কালত প্ৰায়বোৰ জনজাতিয়েই শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, ভৌগোলিক বিচ্ছিন্নতা, অর্থনৈতিক অনগ্ৰসৰতা, ঔদ্যোগিক অনগ্ৰসৰতা, অস্বাস্থ্যকৰ পৰিৱেশত বসবাস আদি  থাকে।‌‌‌‌‌‌ সমস্যাৰে জুৰুলা আছিল। কিন্তু বর্তমান সময়ত জনজাতিয়ে নতুন পথৰ সন্ধান পাইছে যেনে – আধুনিক শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি, ৰাজনৈতিক সুবিধা, নিয়োগ শিক্ষা সামাজিক দিশৰ সুৰক্ষা, অর্থনৈতিক সা-সুবিধা আদি। যাতায়াতৰ উন্নতি, শিক্ষা সা – সুবিধা আদি। যাতায়াতৰ উন্নতি, শিক্ষাৰ উন্নতি,উদ্যোগৰ প্রতি আগ্রহ, নগৰীকৰণ, সাংবিধানিক সুবিধা আদিৰ জৰিয়তে জনজাতিসকল অজনজাতিসকলৰ ওচৰ চাপি অহাৰ সুবিধা পাইছে। জনজাতিসকলে ঐক্যবদ্ধভাৱে নিজৰ সমস্য সমাধানৰ চেষ্টা চলাইছে। জনজাতিসকলে উচ্চ প্ৰস্থিতি আহৰণ কৰিবলৈ সংস্কৃতিকৰণ প্ৰক্ৰিয়া সহায় লৈছে। সেয়ে সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ ফলত ভাৰতীয় সমাজত পৰিৱৰ্তন ঘটিছে। বহুতো জনজাতিত তেওঁলোকৰ পৰম্পৰাগত ৰাজনৈতিক পদ্ধতি, ৰীতি – নীতি, ধর্ম বিশ্বাস, বৃত্তি আদিৰ পৰিৱৰ্তন ঘটিছে।

(চ) ধর্মীয় দিশত পৰিৱৰ্তনঃ প্রাচীন ভাৰতীয় সমাজত মূলতে হিন্দু ধর্মৰহে প্ৰচলন আছিল। পৰৱৰ্তীকালত ইয়াতেই বৌদ্ধ ধৰ্মৰ জন্ম হয়। মুছলমানৰ ভাৰত আগমনৰ পিছৰে পৰা ভাৰতত ইছলাম ধৰ্মৰো প্ৰসাৰ হ’ল ৷ ইংৰাজ আগমনৰ পিছত ভাৰতীয় সমাজত খ্ৰীষ্ট্রান ধর্মই খোপনি পুতিলে। লাহে লাহে পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মই ভাৰতীয় সমাজত সিঁচৰিত হৈ পৰিল। বহুতো জনজাতি আৰু বহুতো নিম্ন জাতিয়ে সংস্কৃতিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কিছুমান নিজা – নিজ পৰম্পৰাগত ধৰ্ম বিশ্বাস ত্যাগ কৰি হিন্দু, বৌদ্ধ বা খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। বহুতো নিম্ন প্ৰস্থিতিৰ লোকে পৰম্পৰাগত বিশ্বাসৰ পৰিৱৰ্তন ঘটাই উচ্চ সম্প্ৰদায়ৰ লোক বুলি নিজকে চিনাকি দিব পাৰে। স্বাধীনোত্তৰ যুগত ভাৰতবৰ্ষই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হৈ পৰাত যিকোনো লোকে ইচ্ছা কৰা মতে ধৰ্ম গ্ৰহণ আৰু ধৰ্ম প্ৰচাৰ কৰাৰ অধিকাৰ পায় আৰু তাৰ ফলতে নিম্ন জাতিৰ লোকে সংস্কৃতিকৰণৰ জৰিয়তে ধর্মীয় দিশত যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ ফলত ধৰ্মীয় ৰীতি – নীতিৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন হৈছে।

১৩। শ্রীনিবাসৰ সমাজতাত্ত্বিক কিছু বৰঙণিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ শ্রীনিবাসৰ সমাজতাত্ত্বিক কিছু বৰঙণিৰ বিষয়ে আলোচনা কৰা হ’ল— 

(ক) সামাজিক পৰিবৰ্তন (Social Change): সমাজ পৰিৱৰ্তনশীল। মানৱ সমাজৰ বিভিন্ন সময়ত বিভিন্ন পৰিৱৰ্তন হৈ আহিছে। শ্ৰীনিবাসৰ মতে সামাজিক পৰিৱৰ্তনৰ অৰ্থ হ’ল সামাজিক সংৰচনাত হোৱা পৰিৱৰ্তন। পৰিবৰ্তনৰ প্ৰভাৱ সমাজ আৰু সংস্কৃতিৰ ওপৰত পৰা দেখা যায় যাৰ ফলস্বৰূপে সংস্কৃতিৰ ৰূপান্তৰ ঘটে বুলি শ্ৰীনিবাসে মতপোষণ কৰিছে।

(খ) সংস্কৃতকৰণ (Sanskritization): ভাৰতীয় সমাজ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰিবলৈ শ্ৰীনিবাসে সংস্কৃতিকৰণ অৱধাৰণাটো উদ্ভাৱন কৰিছিল। সংস্কৃতকৰণৰ শব্দগত অর্থ হৈছে সংস্কাৰ, উন্নত বা মার্জিত হোৱা। অর্থাৎ ভাৰতত বসবাস কৰা নিম্ন জাতি সমূহে সমাজ সংস্কাৰ কৰি উচ্চ পর্যায়লৈ পৰ্যবসিত হোৱা প্ৰক্ৰিয়াক শ্রীনিবাসে সংস্কৃতকৰণ হিচাপে আখ্যা দিছে। সংস্কৃতকৰণ অৱধাৰণাটো এম. এন. শ্রীনিবাসে ১৯৫২ চনত উল্লেখ কৰিছিল। প্ৰকৃততে ভাৰতীয় জাতি ব্যৱস্থাৰ মাজত কেনেদৰে সামাজিক গতিশীলতা বা পৰিৱর্তনশীলতা সূচনা হৈছে তাক বুজাবৰ বাবেহে সংস্কৃতকৰণৰ অৱধাৰণাটো ব্যৱহাৰ কৰিছিল। শ্ৰীনিবাসে প্রথমে সংস্কৃতকৰণক ব্ৰাহ্মণ্যকৰণ বুলিহে অভিহিত কৰিছিল কাৰণ ভাৰতীয় নিম্ন জাতি সমূহে উচ্চ জাতি বিশেষকৈ ব্রাহ্মণসকলৰ সামাজিক আৰু সাংস্কৃতিক দিশ গ্ৰহণ কৰি নিজৰ সামাজিক প্ৰস্থিতি উন্নীত কৰিবলৈ বিচৰা প্ৰক্ৰিয়াক তেখেতে ব্ৰাহ্মাণ্যাকৰণ বুলি কৈছিল। যিহেতু নিম্নজাতি বিলাকে কেৱল ব্ৰাহ্মণসকলৰ আচাৰ, ৰীতি – নীতি, ধৰ্মীয় ব্যবস্থা তথা সংস্কৃতিক অনুকৰণ নকৰে, আন উচ্চ জাতিবোৰৰ পৰাও সামাজিক ও সাংস্কৃতিক কিছু সমল গ্ৰহণ কৰে। সেয়ে পৰৱৰ্তী সময়ত শ্ৰীনিবাস ব্রাহ্মণ্যকৰণৰ ঠাইত সংস্কৃতকৰণ শব্দটো প্ৰয়োগ কৰিছিল।

সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিম্ন জাতিৰ লোকসকলে বা জনজাতি লোকসকলে সমাজত উচ্চ হিচাপে পৰিগণিত হোৱা জাতিবিলাকৰ সামাজিক প্রথা, ৰীতি – নীতি, ভাৱাদর্শ, জীৱন – নিৰ্বাহৰ পদ্ধতি আদি গ্ৰহণ কৰি নিজৰ সামাজিক প্ৰস্থিতি উন্নত কৰিবলৈ প্ৰয়াস কৰাকে সংস্কৃতিকৰণ হিচাপে এম. এন. শ্রীনিবাসে আখ্যা দিছে। এই ক্ষেত্ৰত তেওঁ মহীশূৰৰ কূূৰ্গ নামৰ জনজাতিসকলৰ উদাহৰণ দাঙি ধৰি কেনেকৈ কূৰ্গ সকলে পৰম্পৰাগত বৃত্তি – বা ৰীতি – নীতি, খাদ্যভ্যাস তথা সংস্কৃতি ত্যাগ কৰি উচ্চ জাতিৰ সংস্কৃতি গ্ৰহণ কৰি নিজৰ মাজতে কিদৰে পৰিৱৰ্তন সম্ভৱ কৰি তুলিলে তাকে ব্যাখ্যা কৰিছে। এইটো উল্লেখযোগ্য যে সংস্কৃতকৰণ প্রক্রিয়া কেৱল ভাৰতীয় সমাজ ব্যৱস্থাতে সম্ভৱপৰ হয়। সংস্কৃতকৰণৰ জৰিয়তে ভাৰতৰ জাতি -জনজাতিসকলৰ মাজত সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, ধর্মীয় শিক্ষা আদি দি দিশত পৰিৱর্তন সম্ভৱ হৈছে।

আনহাতে, এম. এন. শ্রীনিবাসে সংস্কৃতকৰণৰ উপৰিও পশ্চিমীয়াকৰণৰ সম্বন্ধেও আলোচনা কৰিছে। আধুনিক ভাৰতীয় সমাজৰ সামাজিক সংস্কৃতিক দিশৰ পৰিৱৰ্তন সূচনা কৰাৰ ক্ষেত্ৰত পশ্চিমীয়াকৰণৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ বিবেচনা কৰিছে। তেওঁৰ মতে পশ্চিমীয়াকৰণ হৈছে এনে প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ যোগেদি ভাৰতবৰ্ষৰ উচ্চ জাতিবোৰে পশ্চিমীয়া সমাজৰ সভ্যতা, সংস্কৃতি তথা জীৱন নিৰ্বাহৰ পদ্ধতি অনুকৰণ কৰি ভাৰতীয় সমাজলৈ অনা পৰিৱর্তনৰ প্রক্রিয়া। 

(গ) প্রভৃত্বশালী জাতি (Dominant Caste): শ্রীনিবাসে প্রভুত্বশালী জাতিৰ বিষয়েও বহুল ব্যাখ্যা আগবঢ়াইছে। শ্রীনিবাসক প্রভুত্বশালী জাতিৰ ধাৰণাটোৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। এই ধাৰণাটোৱে সংস্কৃতকৰণ প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এম. এন. শ্রীনিবাসে প্রভুত্বশালী জাতিৰ সম্পৰ্কত ছয়টা বৈশিষ্ট্য নিৰাপণ কৰিছে। এই কেইটা হ’ল—

(১) প্রভূত্বশালী জাতিবোৰৰ বৃহৎ পৰিমাণৰ আবাদী ভূমি থাকে।

(২) প্রভূত্বশালী জাতিসমূহৰ জনসংখ্যা অধিক দেখা যায়।

(৩) স্থানীয় জাতি সংস্কৰণৰ ক্ষেত্ৰত তেওঁলোকৰ সামাজিক স্থান উচ্চ হিচাপে গণ্য কৰা হয়।

(৪) পশ্চিমীয়া শিক্ষাৰে প্ৰভূত্বশালী জাতিবিলাক প্রভাবিত হয়।

(৫) এই জাতিবিলাকে প্রশাসনীয় বিভাগত বিভিন্ন চাকৰিৰ সুবিধা পায়।

(৬) প্রভৃত্বশালী জাতিৰ আয়ৰ প্ৰধান উৎস হৈছে নগৰ অঞ্চল সমূহ।

সাধাৰণতে গ্রাম্য অঞ্চলবিলাকত প্রভুত্বশালী জাতি সমূহে অন্যান্য জাতিৰ তুলনাত সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, ধর্মীয় আদি দিশত উচ্চ স্থান গ্ৰহণ কৰা দেখা যায়। অন্য নিম্ন শ্রেণীৰ লোকসকলে তেওঁলোকক অর্থাৎ প্রভূত্বশালী জাতিৰ লোকসকলক প্ৰসংগ সমূহ হিচাপে অনুকৰণ কৰে আৰু আচৰণ কৰিব বিচাৰে।

(ঘ) গাঁও অধ্যয়ন (Village Study): এম. এন. শ্রীনিবাসৰ অধ্যয়নৰ প্ৰধান কেন্দ্র বিন্দু আছিল ভাৰতীয় গ্ৰাম্য সমাজ। ভাৰতীয় গ্ৰাম্য সমাজৰ বিভিন্ন দিশ সম্বন্ধে Remembered Village (1976) নামৰ গ্ৰন্থৰ যোগেদি ব্যাখ্যা আগবঢ়াইছে। ভাৰতীয় সমাজ এখন জাতিভিত্তিক সমাজ। তেওঁ বিশেষকৈ ভাৰতবৰ্ষৰ ধৰ্ম, পৰিয়াল, জাতি আৰু গাঁওৰ সম্বন্ধে আলোচনা অব্যাহত ৰাখিছিল। তেওঁ মহীশূৰৰ ৰামপুৰা গাঁৱৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক, ধর্মীয় দিশৰ পৰিৱৰ্তন সম্পর্কে ব্যাখ্যা কৰাৰ লগতে পৰম্পৰা সৰ্বস্ব ভাৰতীয় সমাজৰ বিষয়ে আলোচন কৰি কেনেকৈ জাতি ব্যৱস্থা, ধৰ্ম, আৰু গ্ৰাম্য সমাজ আদিত পৰিৱর্তন সম্ভৱ হৈছে তাক তেওঁ বিস্তৃত ভাৱে বৰ্ণনা কৰিছে।

ওপৰোক্ত আলোচনাৰ পৰা এইটো প্ৰতীয়মান হয় যে এম. এন. শ্রীনিবাসে ভাৰতীয় সমাজন প্ৰতিটো দিশ সংৰচনাত্মক কার্যাত্মক দৃষ্টিভংগীৰে অধ্যয়ন কৰিছে তাত কোনো সন্দেহৰ অৱকাশ নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top