Indian Economy – II Unit 1 সমষ্টিবাদী অর্থবিজ্ঞানৰ নীতি আৰু প্ৰভাৱ

Indian Economy – II Unit 1 সমষ্টিবাদী অর্থবিজ্ঞানৰ নীতি আৰু প্ৰভাৱ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Economy – II Unit 1 সমষ্টিবাদী অর্থবিজ্ঞানৰ নীতি আৰু প্ৰভাৱ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Economy – II Unit 1 সমষ্টিবাদী অর্থবিজ্ঞানৰ নীতি আৰু প্ৰভাৱ Question Answer can be of great value to excel in the examination.

Indian Economy- II Unit 1 সমষ্টিবাদী অর্থবিজ্ঞানৰ নীতি আৰু প্ৰভাৱ

Join Telegram channel

Indian Economy – II Unit 1 সমষ্টিবাদী অর্থবিজ্ঞানৰ নীতি আৰু প্ৰভাৱ Notes cover all the exercise questions in UGC Syllabus. Indian Economy – II Unit 1 সমষ্টিবাদী অর্থবিজ্ঞানৰ নীতি আৰু প্ৰভাৱ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Macroeconomics Policies and Their Impact

INDIAN ECONOMICS

(ভাৰতীয় অৰ্থনীতি)

অতি চমু প্রশ্নোত্তৰঃ

১। নতুন ৰপ্তানি-আমদানি নীতি কেতিয়া ঘোষণা কৰা হৈছিল? (When was the new import-export policy announced?) 

উত্তৰঃ ২০০২ চনৰ ৩১ মাৰ্চত।

২। নতুন বৈদেশিক বাণিজ্য নীতি কেতিয়া ঘোষণা কৰা হৈছিল? (When was the new foreign trade policy announced?) 

উত্তৰঃ ২০০৪ চনৰ ৩১ আগষ্টত।

৩। কোনখন ৰাজ্যই প্রথমে FRBM আইন কার্যকৰী কৰিছিল? (Which state was the first to implement FRBM law?)

উত্তৰঃ কণার্টক।

৪। কেতিয়া ভাৰতে চলিত হিচাপত সম্পূৰ্ণ ৰূপান্তৰযোগ্যতা গ্রহণ কৰিছিল? (When did India take full transformation as usual?) 

উত্তৰঃ ১৯৯৪ চনৰ ১৯ আগষ্টত।

৫। ৰপ্তানি-আমদানি নীতি কেতিয়া ঘোষণা কৰা হৈছিল? (When was the export-import policy announced?)

উত্তৰঃ ১৯৯২ চনৰ ৩১ মার্চ।

৬। চলিত হিচাপত ৰূপান্তৰযোগ্যতা বুলিলে কি বুজা? (What do you mean by current account convertibility?) 

উত্তৰঃ চলিত হিচাপত ৰূপান্তৰযোগ্যতা বুলিলে বিভিন্ন সামগ্ৰী, সেৱা আৰু উৎপাদনৰ উপাদানৰ আয়ৰ আন্তঃৰাষ্ট্ৰীয় বিনিময়ৰ ক্ষেত্ৰত থকা সকলো নিয়ন্ত্ৰণ আঁতৰ কৰাকে বুজায় ৷

৭। চলিত হিচাপত টকাৰ ৰূপান্তৰযোগ্যতাৰ চূড়ান্ত পদক্ষেপ কেতিয়া গ্ৰহণ কৰা হৈছিল? (When was the final step in convertibility of rupee as usual taken?)

উত্তৰঃ ১৯৯৪ চনৰ আগষ্ট মাহত।

৮। মূলধনী হিচাপত ৰূপান্তৰযোগ্যতা বুলিলে কি বুজা? (What do you mean by convertible as capital?) 

উত্তৰঃ মূলধনী হিচাপত ৰূপান্তৰযোগ্যতা বুলিলে দেশৰ মূলধনৰ লেন-দেন যেনে– ঋণ আৰু বিনিয়োগৰ ক্ষেত্ৰত স্বল্পকালীন আৰু দীর্ঘকালীন দুয়োটাৰ একেই দৰত উদাৰনীতি গ্ৰহণ কৰা হয়।

৯। চলিত আৰু মূলধনী হিচাপৰ মাজৰ পাৰ্থক্য লিখা। (Write the difference between current and capital account.) 

উত্তৰঃ চলিত আৰু মূলধনী হিচাপৰ মাজৰ পাৰ্থক্য হ’ল– চলিত হিচাপত চলিত সময়ত সামগ্ৰী আৰু সেৱাৰ ব্যৱসায় নথিবদ্ধ কৰে। আনহাতে মূলধনী হিচাপত অৰ্থনীতিৰ ভিতৰত আৰু বাহিৰত মূলধনৰ চলাচল নথিবন্ধ হৈ থাকে।

১০। ভাৰতৰ বৈদেশিক বাণিজ্য নীতিৰ এটা বৈশিষ্ট্য লিখা। (Write a feature of India’s foreign trade policy.) 

উত্তৰঃ ভাৰতৰ বৈদেশিক বাণিজ্য নীতিৰ এটা বৈশিষ্ট্য হ’ল– ভাৰতীয় উদ্যোগসমুহক বৈদেশিক প্ৰতিযোগিতাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে আমদানি নিয়ন্ত্ৰণৰ বাবে সংৰক্ষণৰ নীতি গ্ৰহণ কৰিছিল ।

১১। ৰপ্তানি-আমদানি নীতি কিমান বছৰীয়া আছিল? (How many years was the export-import policy?) 

উত্তৰঃ ৰপ্তানি-আমদানি নীতি পাঁচ বছৰীয়া আছিল।

১২। ৰপ্তানি-আমদানি নীতিৰ এটা বৈশিষ্ট্য লিখা। (Write a feature of export-import policy.)

উত্তৰঃ ৰপ্তানি-আমদানি নীতিৰ এটা বৈশিষ্ট্য হ’ল– মূল্যভিত্তিক অগ্রিম অনুমতি প্ৰত্ৰৰ (License) প্ৰৱৰ্তন কৰি শুল্ক ৰেহাইৰ পৰিধি বিস্তৃত কৰা। এই নীতিৰ জৰিয়তে ৰপ্তানিকাৰীক আমদানি কৰাৰ ক্ষেত্ৰত অধিক নমনীয়তা প্রদান কৰা হয়।

১৩। মুদ্ৰা সংস্কাৰ কাক বোলে?  (What is currency reform?)

উত্তৰঃ মুদ্ৰা সংস্কাৰ হৈছে যিকোনো আন্দোলন বা তত্ত্ব, যিয়ে ধন যোগান ধৰা আৰু অৰ্থনীতিক বিত্তীয় যোগান ধৰাৰ এক প্ৰণালীৰ প্ৰস্তাৱ দিয়ে, যি বৰ্তমান প্ৰণালীতকৈ পৃথক।

১৪। ক’লা ধন বুলিলে কি বুজা? (What do you mean by black money?)

উত্তৰঃ ক’লা ধনৰ অৰ্থ হৈছে অসাধু ব্যৱস্থাৰ জৰিয়তে প্ৰাপ্ত অবৈধ ধন আৰু কৰ । কলা ধন থকা লোকসকলে কৰ পৰিশোধ নকৰে, হিচাপবিহীন আৰু অবৈধভাৱে ধন আয়ত্ত কৰে।

১৫। সমান্তৰাল অর্থনীতি কি? (What is a parallel economy?)

উত্তৰঃ সমান্তৰাল অর্থনীতি, ক’লা ধন বা হিচাপবিহীন ঋণৰ ওপৰত আধাৰিত, ভাৰতীয় অৰ্থনীতিৰ বাবে ই এক ডাঙৰ বিপদ। ই চৰকাৰৰ কৰ-ৰাজহৰ বৃহৎ লোকচানৰ কাৰণ।

১৬। বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন (Fiscal Responsibility and Budget Management Act) কেতিয়া প্ৰণয়ন কৰা হৈছিল? ভাৰতত কোনে ইয়াক প্ৰৱৰ্তন কৰিছিল? (When was the Fiscal Responsibility and Budget Management Act formulated? Who introduced it in India?) 

উত্তৰঃ FRBM আইনখন ২০০০ চনত তদানীন্ডন বিত্তমন্ত্রী যশবন্ত সিনহাই উত্থাপন কৰিছিল। ২০০৩ চনত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা বিধেয়কখন ২০০৪ চনৰ ৫ জুলাইৰ পৰা কার্যকৰী হয়।

১৭। FRBM আইনৰ মুখ্য বৈশিষ্ট্য এটা লিখা। (Write one of the main feature of FRBM?)

উত্তৰঃ FRBM আইনৰ মুখ্য বৈশিষ্ট্য এটা হ’ল – ৰাজহ ঘাটি, বিত্তীয় ঘাটি, কৰ ৰাজহ আৰু মুঠ বকেয়া দায়বদ্ধতা মধ্যম্যাদী বিত্তীয় নীতি বিবৃতিত মুঠ ঘৰুৱা উৎপাদনৰ শতাংশ হিচাপে প্ৰক্ষেপ কৰা হ’ব।

১৮। FRBM আইনৰ লক্ষ্য কি? (What is the aim of FRBM?)

উত্তৰঃ FRBM আইনৰ লক্ষ্য হৈছে ভাৰতৰ বিত্তীয় ব্যৱস্থাপনা প্ৰণালীত স্বচ্ছতা প্ৰৱৰ্তন কৰা। এই আইনৰ দীৰ্ঘম্যাদী উদ্দেশ্য হৈছে ভাৰতে বিত্তীয় স্থিৰতা অৰ্জন কৰা আৰু ভাৰতত মুদ্রাস্ফীতিৰ মোকাবিলা কৰাৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকক নমনীয়তা প্রদান কৰা।

১৯৷ কেতিয়া ভাৰতৰ সম্পূৰ্ণ চলিত হিচাপক পৰিৱৰ্তনযোগ্য কৰা হৈছে? (When has the current account of India been changed?)

উত্তৰঃ ১৯৯৪ চনৰ পৰা চলিত হিচাপ লেন-দেনত ভাৰতীয় টকা সম্পূৰ্ণৰূপে পৰিৱৰ্তনযোগ্য কৰা হৈছে।

২০। চলিত হিচাপৰ ৰূপান্তৰযোগ্যতা আৰু মূলধনী হিচাপৰ ৰূপান্তৰযোগ্যতাৰ মাজৰ এটা পার্থক্য লিখা। (Write a difference between convertible current account and convertible capital account?)

উত্তৰঃ চলিত হিচাপৰ ৰূপান্তৰযোগ্যতাই নিজৰ টকাক আন আন্তর্জাতিকভাৱে স্বীকৃত মুদ্ৰালৈ ৰূপান্তৰ কৰাৰ স্বাধীনতাক বুজায় আৰু ইয়াৰ বিপৰীতে কোনো প্রতিবন্ধকতা অবিহনে তাক পৰিশোধ কৰা হয়। আনহাতে, মূলধন হিচাপৰ ৰূপান্তৰযোগ্যতা হৈছে কোনো বাধা অবিহনে বিনিয়োগ লেন-দেন কৰাৰ স্বাধীনতা।

২১। তলৰ কোনটো পূৰ্ণ মূলধন হিচাপৰ ৰূপান্তৰযোগ্যতাৰ সুবিধা নহয? (Which of the following is not a convertible benefit of a full capital account?)

(ক) আমদানিত উদ্‌গনি দিয়ে (Encourages import) 

(খ) ৰপ্তানি বৃদ্ধি কৰে (To increase exports)

(গ) ফক্সেলৈ সহজ প্রবেশাধিকাৰ (Easy access to Forex)

(ঘ) ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্য আৰু মূলধন প্ৰবাহৰ প্ৰচাৰ। (Promoting trade and capital flows between states)

উত্তৰঃ (ক) আমদানিত উদ্‌গনি দিয়ে।

২২। কোনটো হিচাপ বৰ্তমান পূৰ্ণ ৰূপান্তৰযোগ্য?

(Which account is currently fully convertible?) 

উত্তৰঃ ভাৰতত বৰ্তমান চলিত হিচাপ সম্পূৰ্ণৰূপে ৰূপান্তৰযোগ্য আৰু মূলধন হিচাপ আংশিকভাৱে ৰূপান্তৰযোগ্য।

২৩। মূলধন হিচাপ কিয় সম্পূৰ্ণৰূপে ৰূপান্তৰযোগ্য নহয়? (Why capital account is not fully convertible?)

উত্তৰঃ মূলধন হিচাপ সম্পূৰ্ণৰূপে ৰূপান্তৰযোগ্য নহয়। কাৰণ মূলধনৰ আন্তৰ্জাতিক চলাচল সদায় মুক্ত নহয়, দেশবোৰে তেওঁলোকৰ বজাৰসমূহক মূলধনৰ অনিয়মীয়া প্ৰবাহৰ পৰা সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজন অনুসৰি মূলধনৰ প্ৰবাহ সীমিত কৰে। উদাহৰণস্বৰূপে ভাৰতত বিদেশী মূলধনৰ চলাচলৰ ওপৰত প্ৰতিবন্ধকতা আছে আৰু টকা মূলধন হিচাপত সম্পূৰ্ণৰূপে ৰূপান্তৰযোগ্য নহয়।

চমু আৰু ৰচনাধৰ্মী প্রশ্নো উত্তৰ

১। স্বাধীনতাৰ পিছত ভাৰতৰ বৈদেশিক বাণিজ্য নীতি সম্পৰ্কে ব্যাখ্যা কৰা। (Explain India’s foreign trade policy after independence.)

উত্তৰঃ ভাৰত চৰকাৰৰ বৈদেশিক বাণিজ্য নীতিৰ দুটা অংশ। এটা হ’ল আমদানি নীতি আৰু আনটো হ’ল ৰপ্তানি নীতি। স্বাধীনতাৰ পিছৰ পৰা ১৯৮০ৰ দশকৰ প্ৰথম ভাগলৈকে এই দুটা নীতি পৃথকভাবে বিবেচনা আৰু নিৰ্ধাৰিত কৰা হয়। কিন্তু বাস্তৱত এই দুটা বিষয় পৰস্পৰৰ লগত অংগাংগিকভাৱে জড়িত হোৱাৰ বিষয়টো ভাৰত চৰকাৰে উপলব্ধি কৰে। ১৯৮০ ৰ দশকৰ প্ৰথম ভাগৰ পৰা এই দুটা নীতিক সূক্ষ্মভাৱে বিবেচনা কৰি এটা যৌথ আমদানি-ৰপ্তানি নীতি গ্ৰহণ আৰু অনুসৰণ কৰা আৰম্ভ হয়। 

১৯৯০ ৰ দশকৰ আৰম্ভণিত ভাৰতে যি নতুন অর্থনৈতিক নীতি গৃহীত কৰে তাৰ প্ৰভাৱত ভাৰতৰ বাণিজ্য নীতি বা আমদানি-ৰপ্তানি নীতিৰ উল্লেখযোগ্য পৰিবৰ্তন ঘটে। ভাৰত চৰকাৰে ১৯৯১ চনৰ জুলাই মাহত নতুন বাণিজ্য নীতি ঘোষণা কৰে। ১৯৯১ চনৰ নতুন বাণিজ্য নীতি ঘোষণাৰ সময়ত ভাৰতীয় অর্থনীতিয়ে বিভিন্ন দিশত অর্থনৈতিক সংকটৰ মাজেদি অতিক্ৰম কৰিছে। 

১৯৯১ চনৰ বাণিজ্য নীতিৰ আৰু পৰৱৰ্তীকালৰ বাণিজ্য নীতিৰ উল্লেখযোগ্য বিষয়বোৰ হ’ল–

(ক) ১৯৯১ চনত ভাৰতীয় টকাৰ অৱমূল্যায়নৰ লগে লগে ১৯৬৬ চনৰ পৰা প্ৰচলিত নগদ ক্ষতিপূৰণ ব্যৱস্থা বন্ধ কৰি দিয়া হয়। 

(খ) বাণিজ্য নীতিৰ পৰিৱৰ্তনৰ মাজেদি ভাৰতীয় অৰ্থনীতিৰ বাধা-নিষেধ আঁতৰ কৰি অবাধ অর্থনীতিৰ দিশত লৈ যোৱাৰ বাবে ৰপ্তানিৰ লগত যুক্ত আমদানি লাইচেঞ্চ বা আমদানি পূৰণ লাইচেঞ্চ নীতিৰ পৰিৱৰ্তন কৰা হয়। নতুন ব্যৱস্থাত আমদানি পূৰণ লাইচেঞ্চ (REP)ৰ নাম বদলি কৰি আমদানি-ৰপ্তানি চার্টিফিকেট বা এক্সিম স্ক্রিপ (Exim Scrip) ৰখা হয়। এই ব্যৱস্থা প্ৰৱৰ্তনৰ মূল উদ্দেশ্য হ’ল দ্ৰৱ্য আমদানি-ৰপ্তানি অধিকত সচল কৰাৰ বাবে আর্থিক প্ৰতিষ্ঠানবোৰক বাণিজ্যত অংশগ্ৰহণৰ সুযোগ দিয়া। এই স্ক্রিপলৈ অবাধ বাণিজ্য কৰা যাব আৰু আৰ্থিক প্রতিষ্ঠানবোৰে এই বাণিজ্যত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰিব।

(গ) ৰপ্তানি শিল্পৰ লগত সংযুক্ত বাণিজ্য গোষ্ঠীবোৰক অতিৰিক্ত লাইচেঞ্চ দিয়াৰ যি নীতি প্রচলিত আছিল সেয়া পৰিৱৰ্তন কৰি ৩০ শতাংশ এক্সিম স্ক্রিপ প্ৰচলিত হ’ব বুলি ঘোষণা কৰা হয়।

২। ১৯৮৫ চনৰ পিছত গ্ৰহণ কৰা ৰপ্তানি-আমদানি নীতিৰ বিষয়ে ব্যাখ্যা কৰা। (Explain the export-import policy adopted after 1985.)

উত্তৰঃ ১৯৮৫ চনত পোনপ্ৰথমবাৰৰ বাবে চৰকাৰে ৰপ্তানি-আমদানি নীতি ঘোষণা কৰিছিল। আৰু ১৯৮৮ চনত তিনি বছৰৰ বাবে আকৌ এই নীতি ঘোষণা কৰিছিল। আকৌ ১৯৯০ চনত এই নীতিক সংশোধন কৰা হৈছিল।

১৯৯১ চনৰ জুলাই-আগষ্ট মাহত নৰসিমহা ৰাও চৰকাৰে ১৯৯০ চনৰ ৰপ্তানি-আমদানি নীতিৰ পৰ্যালোচনা কৰি ইয়াৰ কিছুমান সংস্কাৰৰ কথা ঘোষণা কৰিছিল। এই সকলো সংস্কাৰমূলক ব্যৱস্থাসমূহে ৰপ্তানিৰ উৎসাহক টনকিয়াল কৰিছিল, আমদানিৰ লাইচেঞ্চৰ ভালেখিনি অংশ পূৰ কৰিছিল আৰু আমদানি সংকোচনৰ ভালেখিনি অংশ পৰিহাৰ কৰিছিল।

এই নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল–

(ক) নতুন নীতিত ৰপ্তানিকাৰীসকলক মাচুল মুক্ত সঁজুলি যোগান ধৰিবলৈ অগ্রিম লাইচেঞ্চ দিয়াৰ ব্যৱস্থাক টনকিয়াল কৰা হৈছিল।

(খ) মূলধনী দ্ৰব্যৰ আমদানিৰ নিয়মাৱলী সৰলীকৰণ কৰা হৈছিল।

(গ) এই নীতিৰ উদ্দেশ্য হ’ল বাণিজ্যৰ নিয়ন্ত্ৰণ ক্ৰমান্বয়ে কমাই Canalisation ৰ পথ মুকলি কৰা।

(ঘ) নগদ ক্ষতিপূৰ্ণ জাতীয় সুবিধাৰ অবিলুপ্তি ঘটোৱা হৈছিল।

(ঙ) ৰপ্তানি কাৰ্যাৱলীত জড়িত অঞ্চল আৰু ১০০ শতাংশ ৰপ্তানিকাৰী ঔদ্যোগিক গোটক বিভিন্ন অনুমোদন জনোৱা হৈছে।

১৯৯২ চনৰ ৩১ মাৰ্চত চৰকাৰে এখন নতুন পাঁচ বছৰীয়া ৰপ্তানি-আমদানি নীতি ঘোষণা কৰিছিল। এই নীতিৰ সময়কাল অষ্টম পৰিকল্পনাৰ দৰেই আছিল। এই নতুন নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল ভাৰতৰ বৈদেশিক বাণিজ্যক বিশ্বমুখী কৰিবলৈ গঠনমূলক ব্যৱস্থা স্থাপন কৰা, ভাৰতীয় উদ্যোগসমূহৰ উৎপাদনশীলতা বৃদ্ধি, আধুনিকীকৰণ আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা, ভাৰতীয় সামগ্ৰীসমূহৰ উৎপাদনৰ ক্ষেত্ৰত আন্তর্জাতিকভাৱে স্বীকৃত গুণমান অৰ্জনৰ বাবে উৎসাহ প্ৰদান কৰা, ভাৰতীয় সামগ্ৰীৰ ভাবমূর্তি বিদেশৰ বজাৰত উন্নীত কৰা, দেশৰ গৱেষণা আৰু উন্নয়ন ব্যৱস্থা উন্নত কৰা, আমদানি আৰু ৰপ্তানিৰ সৈতে জড়িত নিয়মাৱলী সৰলীকৰণ আৰু স্বাভাৱিক কৰা।

এই নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল–

(ক) অন্যান্য লাইচেঞ্চিং ব্যৱস্থাৰ পৰিৱৰ্তে অগ্রিম লাইচেঞ্চ আৰু বিশেষ আমদানি লাইচেঞ্চ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা।

(খ) ঋণাত্মক বা তালিকাত থকা সামগ্ৰীসমূহক বাদ দি মূলধনী দ্রব্য আৰু অন্যান্য সামগ্ৰীৰ মুক্তভাৱে আমদানি কৰিবলৈ অনুমোদন জনোৱা হৈছে।

(গ) হোটেল, পর্যটন শিল্প আৰু খেল-ধেমালিৰ লগত যুক্ত প্ৰতিষ্ঠানৰ বাবে বিশেষ আমদানিৰ সুযোগ-সুবিধা আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰা হৈছে।

(ঘ)ঋণাত্মক তালিকা যথাসম্ভৱ সাধাৰণ আঁচনিৰ মাধ্যমত প্ৰয়োগ কৰা হ’ব।

(ঙ) মূলধনী দ্ৰব্যৰ আমদানিৰ ক্ষেত্ৰত থকা উদাৰতা আৰু বৃদ্ধি কৰা হ’ব আৰু ইয়াক ঋণাত্মক তালিকাত কেতিয়াও ৰখা নহ’ব। পুৰণি মূলধনী দ্ৰৱ্যৰ আমদানিত অনুমতি প্রদান কৰা হৈছিল।

৩। মূলধনী হিচাপে টকাৰ ৰূপান্তৰযোগ্যতাৰ বিষয়ে আলোচনা কৰা আৰু এই প্ৰসংগত তাৰাপোৰে কমিটিৰ প্ৰতিবেদনখন ব্যাখ্যা কৰা। (Discuss the convertibility of money as capital and explain the report of the Tarapore Committee in this regard.)

উত্তৰঃ মূলধনী হিচাপত ৰূপান্তৰযোগ্যতা বুলিলে দেশৰ মূলধনৰ লেন-দেন যেনে– ঋণ আৰু বিনিয়োগৰ ক্ষেত্ৰত স্বল্পকালীন আৰু দীৰ্ঘকালীন দুয়োটাৰ একেই দৰত উদাৰনীতি গ্ৰহণ কৰাক বুজায়। মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা অর্জন বুলিলে দেশৰ মূলধনী লেন-দেন যেনে— ঋণ আৰু বিনিয়োগ, হ্রস্বকালীন আৰু দীর্ঘকালীন বা লাভজনক মূলধনী প্ৰবাহৰ ক্ষেত্ৰত মুক্ত আৰু উদাৰনীতিৰ প্ৰয়োজনীয় ক্ষমতা অৰ্জন কৰাক বুজায়। যেতিয়া দেশে বৃহৎ পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় ভাণ্ডাৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব তেতিয়া এই ব্যৱস্থাহ সুবিধা আগবঢ়াবলৈ সক্ষম হ’ব। বিত্তীয় ব্যৱস্থাৰ ওপৰত আস্থা আৰু দৃঢ় সমষ্টিবাদী অর্থনৈতিক পৰিবেশ সৃষ্টি কৰি অনতি পলমে মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা প্ৰবৰ্তনৰ বাবে প্রয়োজন।

মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা ভাৰতত বসবাসকাৰীৰ বৈদেশিক বিত্তীয় বজাৰসমূহত প্ৰবেশৰ দুৱাৰমুখ ক্ৰমান্বয়ে বিস্তৃত কৰি পৰ্যায়ক্রমে প্ৰবৰ্তন কৰিব পৰা সম্ভৱ হ’ব। মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা তেতিয়া অকল গ্ৰহণীয় হ’ব যেতিয়া দেশত উপযুক্ত সমষ্টিবাদী অৰ্থনৈতিক নীতি গ্ৰহণ, ৰাজহ ঘাটিৰ হাস, মুদ্রাস্ফীতিৰ হাৰৰ নিয়ন্ত্ৰণ, পৰিবৰ্তনযোগ্য বিওীয়  ব্যৱস্থা আদি প্ৰাক্ চৰ্তসমূহ পূৰণ কৰা সম্ভৱপৰ হ’ব।

সাম্প্রতিক কালত মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা প্ৰৱৰ্তনৰ পথ মুকলি কৰা হৈছে। আৰু এই উদ্দেশ্যেৰে চৰকাৰে বিদেশী বিনিয়োগকাৰী প্ৰতিষ্ঠান, অনাবাসী ভাৰতীয় (NRI) আৰু বিদেশী কৰপোৰেট সংস্থা (OCBS) সমূহক যিকোনো ভাৰতীয় কোম্পানীবোৰৰ ক্ৰয় কৰাৰ ওপৰত থকা নিয়ন্ত্ৰণ কিছু পৰিমাণে শিথিল কৰিছে। ইয়াৰোপৰি ৪ নিযুত আমেৰিকাৰ ডলাৰলৈকে বিদেশত কৰিব পৰা ভাৰতীয় বিনিয়োগক কিছুমান চতৰ সৈতে RBI ৰ দ্বাৰা আপোনা-আপুনি অনুমোদন জনোৱা হৈছে।

আকৌ ২০০২-০৩ চনৰ বাজেটত মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা অৰ্জনৰ বাবে সাৱধানতাৰ সৈতে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে অনাবাসী ভাৰতীয় মানুহক সিহঁতৰ ভাৰতীয় আয়ক নিজা দেশত ওভতাই পঠোৱাৰ বাবে অনুমোদন জনাইছে।

মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতাৰ ওপৰত তাৰাপোৰে কমিটিৰ প্ৰতিবেদন:

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্রাক্তন ডেপুটি গভর্ণৰ শ্ৰী এচ.এচ. তাৰাপোৰেৰ নেতৃত্বত ভাৰতত মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতাৰ ৰূপায়ণৰ সমস্যাৰ ওপৰত এটি প্রতিবেদন দাখিল কৰিবলৈ তাৰাপোৰে কমিটি গঠন কৰিছিল। এইমতে ১৯১৭ চনৰ ৩ জুন তাৰিখে তাৰাপোৰে কমিটি ইয়াৰ প্ৰতিবেদনখন দাখিল কৰিছিল আৰু ১৯৯৯-২০০০ চনৰ ভিতৰত তিনিটা পৰ্যায়ত মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা ৰূপায়ণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। তাৰাপোৰে কমিটি সহস্ৰাব্দৰ (Millennium Development Goal) আৰম্ভণিত ভাৰতক টকাৰ ৰূপান্তৰযোগ্যতাৰ বাটত পথ প্ৰদৰ্শন কৰিবলৈ বিস্তাৰিত ব্যৱস্থাৱলী আগবঢ়াইছে আৰু লগতে ভাৰতীয় বৈদেশিক মুদ্ৰাৰ বজাৰক বিশ্বৰ বজাৰৰ সৈতে একত্ৰীকৰণ আৰু বিশ্বায়ন কৰাৰ বাট দেখুৱাইছে।

এই পৰামৰ্শৱলীৰ উদ্দেশ্য হ’ল প্ৰকৃত আৰু বিত্তীয় খণ্ডসমূহক বিত্তীয় বজাৰৰ সৈতে একত্রিত কৰা। কিন্তু মানুহৰ মনত এতিয়াও প্রশ্ন আহিছে যে টকাৰ সম্পূৰ্ণ ৰূপান্তৰযোগ্যতা ইয়াৰ প্ৰাক্ চৰ্তসমূহ পূৰণ কৰি অৰ্জন কৰা সম্ভৱপৰ হ’ব নে নহয়।

এই কমিটিয়ে ইয়াৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা অৰ্জন কৰিব লাগিলে ৰাজহ ঘাটিৰ পৰিণাম ২০০০ চনৰ ভিতৰত ৩.৫ শতাংশ কমাব লাগিব, মুদ্রাস্ফীতিৰ হাৰ গড়ে ৩ ৰ পৰা ৫ শতাংশৰ ভিতৰত ৰাখিব লাগিব আৰু বিত্তীয় ব্যৱস্থাক অধিক কাৰ্যকৰী আৰু শক্তিশালী কৰি তুলিব লাগিব।

এই কমিটিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিত্তীয় ব্যৱস্থাৰ বিভিন্ন অংশগ্ৰহণকাৰীৰ মাজত সমান সুবিধা সৃষ্টি, মূলধনৰ পৰ্যাপ্ত মান সৃষ্টি, সুবিবেচিত নিয়মাৱলী আদিৰ প্ৰবৰ্তন কৰিব লাগিব। ২০০৬ চনত দ্বিতীয়বাৰৰ বাবে গঠন কৰা দ্বিতীয় তাৰাপোৰে কমিটি ইয়াৰ প্ৰতিবেদনখন ২০০৬ চনৰ ৩১ জুলাই তাৰিখত দাখিল কৰিছিল। এই প্ৰতিবেদনখনত টকাৰ সম্পূৰ্ণ ৰূপান্তৰযোগ্যতা প্ৰবৰ্তনৰ ক্ষেত্ৰত তথা ঝুকিৰ কথা মনত ৰাখি মূলধনী হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা ৩ টা পৰ্যায়ত ৰূপায়ণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এই তিনিটা পৰ্যায় হ’ল – প্রথম পর্যায় (২০০৬–০৭), দ্বিতীয় পর্যায় (২০০৭-০৮ চনৰ পৰা ২০০৮-০৯) আৰু তৃতীয় পর্যায় (২০০৯-১০ চনৰ পৰা ২০১০-১১)।

৪। চলিত হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা কি আৰু ইয়াৰ অৰ্জনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী আলোচনা কৰা। (Discuss what is the current convertibility of money and the measures taken by the government to achieve it.)

উত্তৰঃ টকাৰ সম্পূৰ্ণ ৰূপান্তৰযোগ্যতা অৰ্জনৰ ক্ষেত্ৰত চলিত হিচাপত ৰূপান্তৰযোগ্যতা অর্জন কৰা হ’ল ইয়াৰ পৰৱৰ্তী পৰ্যায়। চলিত হিচাপত ৰূপান্তৰযোগ্যতা বুলিলে বিভিন্ন সামগ্ৰী, সেৱা আৰু উৎপাদন উপাদানৰ আয়ৰ আন্তঃৰাষ্ট্ৰীয় বিনিয়মৰ ক্ষেত্ৰত থকা সকলো নিয়ন্ত্ৰণ আঁতৰ কৰাকে বুজায়। বিনিময় হাৰৰ একক হাৰ নিৰ্ধাৰণ আৰু ১৯৯৩-৯৪ চনৰ আৰম্ভণিত বৈদেশিক মুদ্ৰাৰ বাজেট ৰদ কৰণৰ জৰিয়তে আমদানিৰ ওপৰত বৈদেশিক মুদ্ৰাৰ নিয়ন্ত্ৰণ দূৰীকৰণ চলিত হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা অৰ্জনৰ প্ৰথম পদক্ষেপ বুলি ক’ব পৰা যায়। 

১৯৯৪- ৯৫ চনৰ বাজেটখন এই দিশত পৰৱৰ্তী পৰ্যায় দেখুৱাইছে আৰু এইদৰে ৰিজার্ভ বেংকে বিভিন্ন অদৃশ্য লেন-দেনৰ ক্ষেত্ৰত থকা নিয়ন্ত্ৰণসমূহ শিথিলকৰণৰ সিদ্ধান্ত ঘোষণা কৰিছে। ১৯৯৪ চনৰ আগষ্ট মাহত অদৃশ্য লেন-দেনক আৰু বেছি উদাৰমুখী কৰা আৰু IMF ৰ অষ্টম অনুচ্ছেদৰ নিয়মাৱলী গ্ৰহণৰ জৰিয়তে চলিত হিচাপত টকাৰ ৰূপান্তৰযোগ্যতাৰ চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এই ব্যৱস্থা গ্ৰহণৰ জৰিয়তে চলিত আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ ক্ষেত্ৰত থকা বিনিময় হাৰৰ নিয়ন্ত্ৰণ পৰিত্যাগৰ মাধ্যমত লেন-দেনৰ ভাৰসাম্যৰ পৰিচালনাৰ উদ্দেশ্য গ্ৰহণ কৰিছিল। 

চলিত হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা অৰ্জনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী: 

১৯৯৩ চনৰ মাৰ্চ মাহত চলিত হিচাপত টকাৰ ৰূপান্তৰযোগ্যতা অৰ্জনৰ বাবে এটি বৃহৎ পদক্ষেপ গ্রহণ কৰা হৈছিল যেতিয়া ভাৰত চৰকাৰে বৈদেশিক মুদ্ৰাৰ বাজেটৰ অবিলুপ্তি ঘটাইছিল, বৈদেশিক মুদ্ৰাৰ বিনিময়ৰ একক হাৰ নিৰ্ধাৰণ কৰিছিল আৰু বৈদেশিক মুদ্ৰাৰ নিয়ন্ত্ৰণৰ পৰা বাণিজ্য হিচাপত থকা লেন-দেনক যুক্ত কৰা হৈছিল। চলিত হিচাপত টকাৰ ৰূপাম্ভৰযোগ্যতা অৰ্জনৰ বাবে ১৯৯৪-৯৫ চনৰ বাজেটৰ ঘোষণা অনুসৰি ১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখত ভাৰতৰ ৰিজাৰ্ভ বেংকে নির্ধারিত সময়সীমালৈকে বৈদেশিক মুদ্ৰাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উদাৰনীতি যিসকল বিষয়ত ঘোষণা কৰিছিল এইবোৰ হ’ল—

(ক) বৈদেশিক মুদ্রা অৰ্জনকাৰীৰ বৈদেশিক মুদ্ৰাৰ।

(খ) মল ভ্ৰমণৰ বাবে নির্দিষ্ট অংশ।

(গ) বিদেশত গৈ অধ্যয়ন।

(ঘ) দানৰ উদ্দেশ্য প্রেৰিত টকা।

(ঙ) দান বা বৰঙণি।

(চ) বিদেশী প্রতিষ্ঠান আগবঢ়োৱা কিছুমান সেৱাৰ লগত জড়িত লেন-দেন। 

ইয়াৰ পিছত ১৯৯৪ চনৰ ১৯ আগষ্টত ভাৰতৰ ৰিজাৰ্ভ বেংকে যি আন কিছুমান ব্যৱস্থাৱলী। গ্ৰহণ কৰিছিল এইবোৰ হ’ল :

(ক) চলিত হিচাপৰ লেন-দেন আৰু বেছি শিথিলকৰণ।

(খ) অতিৰিক্ত পৰিমাণ বৈদেশিক মুদ্ৰাৰ উপযুক্ত আৰু প্ৰকৃত অনুৰোধক সুবিধাজনক ভাবে সঁহাৰি আগবঢ়োৱা।

(গ) বৈদেশিক মুদ্রা অনাবাসী একাউন্ট আঁচনি ১৯৯৪ চনৰ ১৫ আগষ্টত অবিলুপ্তি ঘটোৱা হৈছল।

(ঘ) অনাবাসী টকা জমা আঁচনিত সঞ্চিত সুদক সিহঁতৰ দেশত ওভতাই পঠোৱাৰ বাবে ১৯৯৪ চনৰ ১ অক্টোবৰৰ পৰা অনুমতি প্ৰদান কৰা।

এতিয়ালৈ ৯৭ খন দেশ এই অষ্টম অনুচ্ছেদৰ মৰ্যাদা অৰ্জন কৰিছে। ১৯৮৬ চনলৈকে ষাঠিখন দেশে এই মর্যাদা অর্জন কৰিছিল, ১৯৮৬-১২ চনৰ ভিতৰত ১৪ খন দেশে এই মর্যাদা অর্জন কৰিছিল আৰু ১৯৯৩ চনৰ জানুৱাৰী মাহৰ পৰা ১৯৯৪ চনৰ ৬ অক্টোবৰৰ ভিতৰত ২৩ খন দেশে এই মর্যাদা অৰ্জন কৰিছে। ভাৰতৰ বাহিৰে আন যিসকল দেশ ৬ অক্টোবৰৰ ভিতৰত এই অষ্টম অনুচ্ছেদৰ মৰ্যাদা অৰ্জন কৰিছিল এইবোৰ হ’ল– বাংলাদেশ, ঘানা, গ্রেনাডা, কেনিয়া, নেপাল ল্যাটভিয়া, লিথুলীয়া, পাকিস্তান, শ্রীলংকা, উগাণ্ডা, এষ্টোনীয়া, প্যাৰাগুয়ে আৰু পশ্চিম সাথোৱা।

গতিকে চলিত হিচাপত টকাক ৰূপান্তৰযোগ্যতা ৰপ্তানিৰ ক্ষেত্ৰত নিয়মাৱলী আৰু বেছিকৈ সৰলীকৰণ কৰাত সহায় কৰিব আৰু ই চলিত হিচাপত চলি থকা বেআইনী লেন-দেনৰ সমাপ্তি ঘটাব।

৫। ভাৰতৰ বিত্তীয় সংস্কাৰ কেনেধৰণৰ আছিল আলোচনা কৰা। (Discuss what was the financial reform of India.)

উত্তৰঃ ভাৰত চৰকাৰে অৰ্থনৈতিক বিকাশ, মূল্যস্থিৰতা আৰু মুদ্রাস্ফীতি নিয়ন্ত্রণ, সামাজিক স্থিৰতাৰ লক্ষ্যবোৰ প্ৰাপ্ত কৰিবলৈ সময়ে সময়ে ভাৰতত বিত্তীয় সংস্কাৰ আৰম্ভ কৰিছে কিন্তু ১৯৯১ চনৰ অৰ্থনৈতিক সংকটৰ পিছত বৃহৎ‍ বিত্তীয় সংস্কাৰ আৰম্ভ কৰা হৈছিল। কৰৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰা আৰু ৰাজহুৱা ব্যয়ৰ মানদণ্ড উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

বিত্তীয় সংস্কাৰ ১৯৫০ ৰ দশক: ১৯৫০ আৰু ১৯৬০ ৰ দশকত অর্থনৈতিক নীতিৰ উদ্দেশ্য আছিল মুখ্যতঃ ৰাজহুৱা বিনিয়োগ বৃদ্ধি আৰু সামগ্রিক অর্থনৈতিক পৰিকল্পনাৰ জৰিয়তে অৰ্থনীতিৰ বিকাশৰ হাৰ বৃদ্ধি কৰা। ব্যক্তিগত ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে, অর্থনৈতিক বিকাশক উৎসাহিত কৰাৰ বাবে, বৃহৎ পৰিমাণৰ ৰাজহুৱা বিনিয়োগ কৰিবলৈ সক্ষম কৰাৰ বাবে, চৰকাৰলৈ সম্পদ স্থানান্তৰ কৰাৰ বাবে কৰ এক সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছিল। তদুপৰি, কৰ নীতি বা অর্থনৈতিক উদ্দেশ্য প্রাপ্ত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল:

(ক) কৰ প্ৰদানৰ জৰিয়তে নিযুক্তিৰ প্ৰচাৰ কৰা।

(খ) উপাৰ্জন আৰু সম্পদৰ ওপৰত প্ৰগতিশীল কৰৰ জৰিয়তে বৈষম্য হ্ৰাস কৰা।

(গ) আমদানি শুল্ক বৃদ্ধিৰ জৰিয়তে পৰিশোধন ভাৰসাম্যৰ ওপৰত চাপ হ্ৰাস কৰা।

(ঘ) ব্যৱহাৰ সামগ্ৰীৰ ওপৰত আবকাৰী শুল্কৰ কৰ ৰেহাইৰ জৰিয়তে মূল্য স্থিৰ কৰা। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে দুয়োৰে বিত্তীয় ঘাটি অত্যাধিক নাছিল। এইটো সাধাৰণতে ৰাজহ উদ্বৃত্তৰ এটা সময় আছিল।

বিত্তীয় সংস্কাৰ ১৯৭০ ৰ দশক: ১৯৭০ ৰ দশকত বিত্তীয় নীতিয়ে সচেতনভাৱে অধিক সমতা আৰু সামাজিক ন্যায় প্রাপ্ত কৰাৰ ওপৰত গুৰুত্ব দিছিল আৰু এই দিশত কৰ আৰু ব্যয় নীতি দুয়োটা নিয়োগ কৰা হৈছিল। সেই অনুসৰি, আয়কৰ হাৰ অতি উচ্চ স্তৰলৈ বৃদ্ধি কৰা হৈছিল, আয়কৰৰ সৰ্বাধিক প্রাম্ভিক হাৰ ৯৭ শতাংশলৈ বৃদ্ধি কৰা হৈছিল আৰু সম্পদ কৰৰ ঘটনাৰ সৈতে, ই আনকি ১০০ শতাংশ অতিক্রম কৰিছিল।

বিত্তীয় সংস্কাৰ ১৯৮০ ৰ দশক: ১৯৮০ৰ দশকত ভাৰতীয় ৰাজহুৱা বিত্তীয় পৰিস্থিতি বিশৃংখল অৱস্থাত আছিল আৰু বিত্তীয় আৰ্হিয়ে অর্থনীতি আৰু বাজেটৰ মাজৰ সম্পৰ্কক অস্থিৰ কৰি তুলিছিল। ইয়াৰ ফলত নিৰন্তৰ ডাঙৰ ঘাটি হৈছিল যিবোৰ আপাত দৃষ্টিত অসহিষ্ণু আছিল। ১৯৮০ ৰ দশকত যথেষ্ট বিত্তীয় অৱনতি ঘটিছিল আৰু অৱশেষত বহনক্ষম হৈ পৰিছিল, অৱশ্যে আন্তঃগাঁথনিত ৰাজহুৱা বিনিয়োগ বৃদ্ধিৰ সৈতে বিকাশৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিল। এই পৰ্যায়ত চৰকাৰৰ ব্যয়ক এক সঁজুলি হিচাপে দেখা গৈছিল যাৰ মুঠ চাহিদা, সম্পদ আৱন্টন আৰু উপাৰ্জন বিতৰণৰ জৰিয়তে ইয়াৰ ঘাটি হ্ৰাস কৰিবলৈ চেষ্টা কৰিছিল। 

ৰাজহ বৃদ্ধি আৰু ঘৰুৱা উদ্যোগৰ সুৰক্ষাৰ বাবে শুল্ক বৃদ্ধি কৰা হৈছিল। ১৯৮০ৰ দশকত চৰকাৰী বাজেটত এক গাঁথনিগত পৰিৱৰ্তন হৈছিল। ১৯৭৯-৮০ চনত কেন্দ্ৰৰ বাজেটত ৰাজহ ঘাটিৰ উত্থান ১৯৮০ ৰ দশকত বৃদ্ধি হৈ আছিল, যাৰ ফলত বৰ্ধিত ৰাজহ ঋণ আৰু সুত পৰিশোধ আৰু ইয়াৰ ফলত উন্নয়নমূলক প্রয়োজনীয়তা পূৰণৰ বাবে সম্পদৰ উপলব্ধতাৰ ওপৰত উদ্বে বৃদ্ধি হৈছিল। ১৯৮০ৰ দশকত বজাৰৰ ঋণৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ লগতে এনেধৰণৰ ঋণৰ প্ৰতি ৰিজাৰ্ভ বেংকৰ সমৰ্থন বৃদ্ধি পাইছিল, এনেদৰে মুদ্রানীতিৰ সৈতে আপোচ কৰা হৈছিল।

৬। ক’লা ধন কাক বোলে? চমুকৈ বুজাই লিখা। (What is black money? Explain briefly.)

উত্তৰঃ ক’লা ধনৰ কোনোধৰণৰ স্বীকৃত সংজ্ঞা নাই। ইয়াক যিকোনো ধন হিচাপে ভালদৰে বুজিব পাৰি যিয়ে ইয়াৰ উৎপত্তি, চলাচল বা ব্যৱহাৰত আইন ভংগ কৰে। ক’লা ধনৰ অৰ্থৰ ভিতৰত পৰিব। অৰ্থাৎ ক’লা ধন হিচাপে শ্রেণীবদ্ধ কৰিব লগা যিকোনো ধন দুটা শ্ৰেণীৰ যিকোনো এটাৰ অধীনত পৰিব লাগিব:

প্রথমতে, দেশত প্ৰচলিত যিকোনো আইনৰ দ্বাৰা অবৈধ বুলি নিৰ্ধাৰণ কৰা যিকোনো কাৰ্যকলাপৰ জৰিয়তে উপাৰ্জন কৰা যিকোনো ধন।

দ্বিতীয়তে, শ্ৰেণীত কৰ কৰ্তৃপক্ষৰ জনোৱা নোহোৱা আইনী কাৰ্যকলাপৰ পৰা উপাৰ্জন সৃষ্টি। কৰা হয় আৰু ইয়াৰ সৈতে সম্পর্কিত যিকোনো অডিট ট্রেইল আঁতৰোৱা হৈছে, যাৰ ফলত এক বা একাধিক কৰ ফাঁকি দিয়া হৈছে।

ইয়াত বিভিন্ন পৰিস্থিতি আছে য’ত উৎপন্ন হোৱা ধনক ক’লা ধন বুলি ক’ব পাৰি–

পৰিস্থিতি (১) — উৎকোচ, ৰেকেটাৰিং, নকল জালিয়াতিৰ সৰবৰাহ, চিকিউৰিটি জালিয়াত আৰু আত্মসাৎ কৰাৰ দ্বাৰা উৎপন্ন হোৱা যিকোনো ধনক শ্ৰেণী অনুসৰি ক’লা ধন হিচাপে শ্রেণীবদ্ধ কৰা হ’ব।

সংক্ষিপ্ত ৰূপত ক’বলৈ গ’লে, ক’লা ধনৰ উপাৰ্জন সাধাৰণতে ভূগর্ভস্থ, সমান্তৰাল অর্থনৈতিক কাৰ্যকলাপৰ পৰা নগদ ধনত প্ৰাপ্ত কৰা হয় আৰু সেয়েহে কৰ দিয়া নহয়। ক’লা ধন প্রাপ্তকর্তাই সাধাৰণতে ইয়াক লুকুৱাই ৰাখে, ইয়াক কেৱল ভূগর্ভস্থ, সমান্তৰাল অৰ্থনীতিত ব্যয় কৰে বা ধন ৰপ্তানিৰ জৰিয়তে ইয়াক বৈধতাৰ ৰূপ দিয়াৰ চেষ্টা কৰে।

৭। সমান্তৰাল অর্থনীতি কি আৰু ইয়াৰ অস্তিত্ব কি? (What is parallel economy and what is its existence?) 

উত্তৰঃ সাধাৰণতে অর্থনীতি ক’লা ধন বা হিচাপবিহীন ধনৰ লেন-দেন কৰিব নোৱাৰি। কিয়নো ই চৰকাৰৰ সৃষ্টি আকৰ্ষণ কৰিব আৰু কৰ কৰ্তৃপক্ষই এনে ক’লা ধনৰ উৎপাদন ৰক্ষা কৰিব। সেয়েহে, ইয়াক এৰাই চলিবলৈ, এক সমান্তৰাল অর্থনীতি বিদ্যমান।

‘সমান্তৰাল’ (Parallel) শব্দটোৰ অৰ্থ হৈছে একেধৰণে বা একে সময়তে কিবা এটা সংঘটিত হোৱা।

দেশৰ অৰ্থনীতি’ত সামগ্ৰী আৰু সেৱা ক্রয়, বিক্ৰী আৰু সৃষ্টি কৰা লোক গঠন কৰা হয়। এই বিত্তীয় লেন-দেনবোৰ সাধাৰণ লোক আৰু দেশক সহায় কৰাৰ বাবে গঠন কৰা হয়। এতিয়া, যদি আমি একেটা কাম কৰো তেন্তে ক্রয়, বিক্ৰী আৰু সৃষ্টি এক অর্থনৈতিক ব্যৱস্থা কিন্তু ক’লা ধনেৰে আৰু চৰকাৰক অন্তৰ্ভুক্ত নকৰাকৈ বা চৰকাৰৰ অজ্ঞাতে যাৰ মূল অৰ্থ হৈছে আমি এক অনুৰূপ বা একেধৰণৰ প্ৰণালী সৃষ্টি কৰি আছো যি দেশ আৰু লোকসকলক ইয়াৰ উপযুক্ত অংশ নিদিয়াকৈ চৰকাৰী ব্যৱস্থাৰ সমান্তৰালভাৱে কাম কৰে, লগতে এই লেন-দেনবোৰ ৰাষ্ট্ৰীয় উপার্জন তথ্যৰ সৈতে সংকলিত নহয়। সেয়েহে ইয়াক সমান্তৰাল অর্থনীতি বুলি কোৱা হয়।

এই সকলোবোৰ বুজি পোৱাৰ পিছত, ইয়াত এটা প্রশ্ন উত্থাপিত হয়, সমান্তৰাল অর্থনীতি বগা অৰ্থনীতিৰ বাবে কিয় ক্ষতিকর? 

ইয়াক চমুকৈ স্পৰ্শ কৰিবলৈ, সমান্তৰাল অর্থনীতিয়ে বগা অৰ্থনীতিৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে তাক তলত উল্লেখ কৰা হ’ল–

(ক) অৰ্থনীতিৰ প্ৰকৃত আকাৰৰ নিম্ন অনুমান।

(খ) কৰ ফাঁকি যাৰ ফলত চৰকাৰৰ ৰাজহ হেৰুওৱা।

(গ) ন্যায় নীতি হ্ৰাস কৰা।

(ঘ) ধনী আৰু দৰিদ্ৰৰ মাজত ব্যৱধান বঢ়োৱা।

(ঙ) অত্যাধিক ব্যৱহাৰ ব্যয়।

(চ) উৎপাদনৰ ওপৰত প্ৰভাৱ।

৮। মুদ্রা সংস্কাৰ কি? ইয়াৰ সীমাবদ্ধতাৰ ওপৰত চমুকৈ আলোচনা কৰা। (What is currency reform?  Briefly discuss its limitations.)

উত্তৰঃ মুদ্ৰা সংস্কাৰ হৈছে যিকোনো আন্দোলন বা তত্ত্ব যিয়ে ধন যোগান ধৰা আৰু অৰ্থনীতিক বিত্তীয় যোগান ধৰাৰ এক প্ৰণালীৰ প্ৰস্তাৱ দিয়ে, যি বৰ্তমানৰ প্ৰণালীতকৈ পৃথক। মুদ্রা সংস্কাৰকসকলে অন্যান্য প্রস্তাৱবোৰৰ ভিতৰত নিম্নলিখিত যিকোনো এটাৰ ওকালতি কৰিব পাৰে:

(ক) সোণৰ মানদণ্ডলৈ ঘূৰি অহা।

(খ) সংকটৰ সময়ত বেংকিং ব্যৱস্থাৰ কেন্দ্ৰীয় বেংকৰ সমৰ্থন বিলুপ্ত কৰা আৰু বেংক চলাৰ সম্ভাৱনা আঁতৰাবলৈ ব্যক্তিগত মালিকানাধীন বেংকিং প্রৱৰ্তন কৰা সম্ভৱতঃ চৰকাৰৰ নিৰ্দেশনাত চৰকাৰ বা কেন্দ্ৰীয় বেংকৰ দ্বাৰা জাৰি কৰা আৰু নিয়ন্ত্ৰণ কৰা সাৰ্বভৌমত্ব ধনৰ সৈতে একত্ৰিত কৰা হয়।

(গ) চৰকাৰ নিয়ন্ত্ৰিত আৰু সম্পূৰ্ণ মালিকানাধীন কেন্দ্ৰীয় বেংকৰ দ্বাৰা সুদমুক্ত ঋণ জাৰি কৰা। এনে সুদমুক্ত কিন্তু পৰিশোধযোগ্য ঋণ ৰাজহুৱা আত্মঃগাঁথনি আৰু উৎপাদনশীল ব্যক্তিগত বিনিয়োগৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই প্ৰস্তাৱটোৱে মুদ্রাস্ফীতি সৃষ্টি কৰা ঋণমুক্ত ধন পৰিহাৰ কৰিব বিচাৰে।

(ঘ) সামাজিক ঋণ জাৰি কৰা “ঋণমুক্ত” বা “বিশুদ্ধ” ধন পোনপটীয়াকৈ নতুন ধনৰ সলনি কোষাগাৰৰ পৰা জাৰি কৰা সুদ-ধাৰক বণ্ডৰ ৰূপত কেন্দ্ৰীয় বেংকৰ পৰা আহৰণ কৰা হয়। এই পোনপটীয়া নগদ পৰিশোধবোৰ কিছুমান মুদ্ৰা সংস্কাৰকসকলে বিশ্বাস কৰে যে তেওঁলোকে এক ভগ্নাংশ সংৰক্ষিত আধাৰিত মুদ্ৰা প্ৰণালীত ভুগি থকা মুঠ লোকচানৰ বাবে লোকসকলক “পূৰ্ণ” বা ক্ষতিপূৰণ দিবলৈ কৰা হ’ব।

যদিও মুদ্রা সংস্কাৰৰ প্ৰবক্তাসকলে নথিপত্ৰৰে ভৰপুৰ বহুতো কিতাপ, প্রতিবেদন আৰু নীতি পত্ৰ প্ৰস্তুত কৰিছে; যিসকলে বৰ্তমানৰ বেংকিং প্ৰণালীটো সংৰক্ষণ কৰিব বিচাৰে তেওঁলোকে বেছিভাগেই নীৰৱতাৰ সৈতে ঋণ হিচাপে ধন উৎপাদনৰ সমালোচনাৰ সন্মুখীন হৈছে। সংস্কাৰৰ বিৰোধীসকলে মুখ্যতঃ কেইটামান ক্ষেত্ৰত তেওঁলোকৰ যুক্তিযুক্ত কৰিছে য’ত বিষয়টো সংসদীয় বিতৰ্কত উত্থাপন কৰা হৈছে। 

ঋণ বা ভগ্নাংশ সংৰক্ষিত বেংকিঙৰ ওপৰত আধাৰিত কৰি বৰ্তমানৰ ধন সৃষ্টিৰ প্ৰণালীটো ৰাখিবলৈ মুখ্য যুক্তিবোৰ তলত দিয়া হৈছে– 

(ক) আন দেশৰ তত্ত্বাৱধায়ক বেংকিং প্রণালীলৈ সলনি কৰিলে চৰম অনিশ্চয়তাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব।

(খ) এটা সংস্কাৰে কেন্দ্ৰীয় বেংকৰ বাবে মূল্যৰ স্থিৰতা সুৰক্ষিত কৰা মুদ্ৰা নীতি ৰূপায়ণ কৰাটো কঠিন কৰি তুলিব।

(গ) ঋণমুক্ত ধন সৃষ্টি কৰিলে কেন্দ্ৰীয় বেংকৰ বাবে পিছত ধনৰ যোগান হ্ৰাস কৰাটো কঠিন হৈ পৰিব।

(ঘ) ৰাজনৈতিক কাৰ্যসূচীত যিকোনো উদ্দেশ্যৰ বাবে অধিক ধন উৎপাদন কৰাৰ বাবে কেন্দ্ৰীয় বেংকটো কথোপকথনৰ সম্মুখীন হ’ব পাৰে। এনেধৰণৰ চাপৰ পৰা মুদ্রাস্ফীতি হ’ব।

(ঙ) বিত্ত খণ্ড দুর্বল হ’ব কিয়নো ইয়াৰ লাভ হ্ৰাস হৈছে। এটা সংস্কাৰে বিদেশত বিত্তীয় সংকটৰ বিৰুদ্ধে সম্পূৰ্ণ সুৰক্ষা প্ৰদান নকৰে।

(চ) এটা সংস্কাৰৰ ফলত কেন্দ্ৰীয় বেংকত ক্ষমতাৰ এক অস্বাস্থ্যকৰ ঘনত্ব হ’ব। সমালোচকসকলে সন্দেহ কৰে যে কেন্দ্ৰীয় বেংকে ব্যক্তিগত বেংকতকৈ প্রয়োজনীয় ধন যোগান ভালদৰে নিৰ্ধাৰণ কৰিব পাৰে।

৯। বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যবস্থাপনা আইন (FRBM) কি? এই আইনৰ উদ্দেশ্যবোৰ কি কি? (What is Fiscal Responsibility and Budget Management Act? What are the objectives of this act?)

উত্তৰঃ বিতীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন (FRBM) ২০০৩ ত বিত্তীয় ঘাটি হ্ৰাস কৰিবলৈ বিত্তীয় অনুশাসন স্থাপন কৰে। FRBM বিধেয়ক খন ২০০০ চনত তদান্তীস্তন। বিত্ত মন্ত্রী যশৱন্ত সিনহাই উত্থাপন কৰিছিল। ২০০৩ চনত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা বিধেয়কখন ২০০৪ চনৰ ৫ জুলাইৰ পৰা কাৰ্যকৰী হয়।

FRBM আইনৰ লক্ষ্য হৈছে ভাৰতৰ বিত্তীয় ব্যৱস্থাপনা প্ৰণালীত স্বচ্ছতা প্ৰৱৰ্তন কৰা। এই আইনৰ দীৰ্ঘম্যাদী উদ্দেশ্য হৈছে ভাৰতে বিত্তীয় স্থিৰতা অৰ্জন কৰা আৰু ভাৰতত মুদ্রাস্ফীতিৰ মোকাবিলা কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক নমনীয়তা প্ৰদান কৰা। বিগত বছৰবোৰত ভাৰতৰ ঋণৰ অধিক ন্যায়সংগত বিতৰণ প্ৰৱৰ্তন কৰিবলৈ FRBM আইন প্ৰণয়ন কৰা হৈছিল।

FRBM আইনৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—

FRBM আইনে চৰকাৰে বছৰি কেন্দ্ৰীয় বাজেট নথি-পত্ৰৰ সৈতে নিম্নলিখিতবোৰ সংসদত ৰখাটো বাধ্যতামূলক কৰিছিল: 

(ক) মধ্যম্যাদী বিত্তীয় নীতি বিবৃতি।

(খ) সমষ্টিক অর্থনৈতিক পৰিকাঠামো বিবৃতি।

(গ) বিত্তীয় নীতি ৰণনীতি বিবৃতি।

FRBM আইনে প্রস্তাৱ দিছিল যে ৰাজহ ঘাটি, বিত্তীয় ঘাটি, কৰ ৰাজহ মুঠ বকেয়া দায়বদ্ধতা মধ্যম্যাদী বিত্তীয় নীতি বিবৃতিত মুঠ ঘৰৱা উৎপাদনৰ শতাংশ হিচাপে প্ৰক্ষেপ কৰা হ’ব। FRBM আইন ২০০৩ চনত চৰকাৰৰ বাবে অর্থনীতিত বিত্তীয় অনুশাসন স্থাপন, ৰাজহুৱা পুঁজিৰ ব্যৱস্থাপনা উন্নত কৰা আৰু বিত্তীয় ঘাটি হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিত্তীয় পৰিস্থিতিৰ অৱনতিৰ বাবে উদ্বিগ্ন হৈ ২০০৩ চনত ভাৰত চৰকাৰে বিত্তীয় দায়বদ্ধতাৰ বাবে খচৰা আইনৰ পৰামৰ্শ দিবলৈ এখন সমিতি গঠন কৰিছিল। 

সমিতিৰ পৰামৰ্শৰ ওপৰত আধাৰিত কৰি ভাৰত চৰকাৰে ডিচেম্বৰ ২০০০ চনত বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা (FRBM) আইন উত্থাপন কৰিছিল। এই আইনখনত বিভিন্ন বিত্তীয় সূচকৰ বাবে সাংখ্যিক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। আইনখন বিত্ত সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। স্থায়ী সমিতিয়ে পৰামৰ্শ দিছিল যে আইনখনত প্ৰস্তাৱিত সাংখ্যিক লক্ষ্যসমূহ আইনৰ অধীনত প্ৰস্তুত কৰিব লগা নিয়মসমূহত অন্তর্ভুক্ত কৰিব লাগে। স্থায়ী সমিতিৰ পৰামৰ্শবোৰ বিবেচনা কৰি, এপ্রিল ২০০৩ চনত এখন সংশোধিত আইন উত্থাপন কৰা হৈছিল। আইনখন ২০০৩ চনৰ মে মাহত লোকসভাত আৰু ২০০৩ চনৰ আগষ্টত ৰাজ্যসভাত গৃহীত হৈছিল। ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত ই আগষ্ট ২০০৩ চনত এক আইনত পৰিণত হয়। FRBM আইন ২০০৩ চনত আৰু সংশোধন কৰা হৈছিল।

১০। বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইনখনৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা। (Discuss the limitations of Fiscal Responsibility and Budget Management Act.)

উত্তৰঃ বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন ২০০৩ বা সংশোধিত FRBM বিধেয়ক ২০০০ হৈছে চৰকাৰৰ দ্বাৰা বিত্তীয় ঘাটি হ্ৰাস কৰা আৰু চৰকাৰৰ বিত্তীয় কার্যকলাপ ত স্বচ্ছতা অনাৰ দায়িত্ব নিৰ্ধাৰণ কৰাৰ এক বিশ্বাসযোগ্য প্রচেষ্টা। 

বিভিন্ন অর্থনীতিবিদে উল্লেখ কৰা সংশোধিত FRBM বিধেয়ক ২০০০ বা FRBM আইনৰ সীমাবদ্ধতাবোৰ হ’ল–

(ক) স্থিৰ বিকাশৰ ঘাটি (Stable Growth Deficit): Chelliah য়ে উল্লেখ কৰিছে যে ভাৰতত ঘৰুৱা বিত্তীয় সঞ্চয়ৰ পৰিপ্ৰেক্ষিতত, সামগ্ৰিকভাৱে চৰকাৰী খণ্ডৰ স্থিৰ বিকাশ ঘাটি হয়। সামগ্রিক বিত্তীয় ঘাটি GDP ৰ ৬% হ’ব লাগে। সেয়েহে FRBM বিলত উল্লেখ কৰা বিত্তীয় ঘাটি GDP অনুপাতৰ ২% লক্ষ Chelliah ৰ মতে উৎপাদনশীল বিনিয়োগৰ দৃষ্টিকোণৰ পৰা বাঞ্ছনীয় নহয়।

(খ) সামাজিক খণ্ডৰ অৱহেলা (Neglect of Social Sector): FRBM বিধেয়কত সামাজিক খণ্ডৰ উন্নয়ন সম্পৰ্কীয় একো উল্লেখ কৰা নাই। অৱশ্যে, দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে স্বাস্থ্য, শিক্ষা আদিৰ দৰে সামাজিক খণ্ডত বিনিয়োগ অতি গুৰুত্বপূৰ্ণ।

(গ) ৰাজসাহায্যৰ সমস্যা (Problems of Subsides): চৰকাৰে ৰাজসাহায্য হ্রাস কৰি ৰাজহ ঘাটি হ্ৰাস কৰিবলৈ সক্ষম হ’ব পাৰে। অৱশ্যে, ৰাজসাহায্য অব্যাহত ৰখাৰ বাবে চৰকাৰৰ ওপৰত তীব্ৰ চাপ থকাৰ সম্ভাৱনা আছে। ইয়াৰ অৰ্থ হৈছে ৰাজসাহায্যৰ বাবে উৎপাদনশীল এলেকাবোৰৰ ব্যয় হ্রাস হ’ব পাৰে।

(ঘ) ৰাজহ বৃদ্ধি কৰাৰ প্ৰয়োজন (Need to increase Revenue): ৰাজহ ঘাটি ব্যয় ৰাজহৰ আন্তঃক্ৰিয়াৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়, কৰ আৰু অ-কৰ দুয়োটাই প্ৰায়ে ৰাজহ পক্ষৰ অৱহেলাৰ প্ৰতি ব্যয়ৰ পৰিচয়ৰ দিশত মনোযোগ দিয়া হয়। কৰবিহীন ৰাজহ বৃদ্ধি কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ সেৱাবোৰৰ সঠিক মূল্য নিৰ্ধাৰণ কৰা প্ৰয়োজন; যিটো কঠিন হ’ব পাৰে কিয়নো বর্তমান সমাজে ৰাজসাহায্য প্রাপ্ত শিক্ষা, স্বাস্থ্য, খাদ্য সামগ্ৰী আদিৰ সৈতে অভ্যস্ত হৈ পৰিছে।

(ঙ) উন্নয়নৰ প্ৰয়োজনীয়তাৰ প্ৰতি অৱহেলা (Neglect of Development Needs): আজি ভাৰতত চৰকাৰৰ মূলধন ব্যয়ৰ স্তৰ শোচনীয়ভাৱে কম। এই মূলধন ব্যয়ে ব্যক্তিগত বিনিয়োগৰ দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰে আৰু এনেদৰে দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অৰিহণা যোগায়। যদি FRBM বিধেয়কৰ প্ৰয়োজনীয়তা অনুসৰি ৰাজহ ঘাটি শূন্যলৈ আৰু GFD ক GDP ৰ ২% লৈ হ্ৰাস কৰিব লাগে, তেন্তে মূলধন ব্যয় ত্যাগ কৰা হ’ব আৰু এনেদৰে দেশৰ বিকাশত অধিক বাধা আহিব।

(চ) সমতা আৰু বিকাশৰ অবহেলা (Neglect of equity and growth): সমালোচকসকলৰ মতে সংশোধিত FRBM আইন ২০০০ বা FRBM আইন ২০০৩ মানব উন্নয়ন আৰু আন্তঃগাঁথনি খণ্ড দুয়োটাতে বিনিয়োগৰ বিপৰীতে যথেষ্ট পৰিমাণে ভৰপূৰ। সংশোধিত FRBM বিধেয়ক ২০০০ বা FRBM আইন ২০০২ ৰ এটা মুখ্য অমীমাংসিত তাৎপর্য আছিল বিদ্যুৎ উৎপাদন, পৰিবহণ আদিৰ ক্ষেত্ৰত সময় সীমাবদ্ধ। নিম্নতম উন্নতিৰ বাবে কোনো লক্ষ্যৰ সম্পূৰ্ণ অনুপস্থিতি যি সমতা আৰু উচ্চ অর্থনৈতিক বিকাশৰ দিশৰ পৰা অতি গুৰুত্বপূর্ণ।

(ছ) ৰাজ্য চৰকাৰৰ অনা-বৃত্তক্ষেত্র (Non-Coverage of State Governments): বিধেয়কখনৰ ব্যৱস্থাসমূহে কেৱল কেন্দ্ৰীয় চৰকাৰৰ ওপৰতহে প্ৰতিবন্ধকতা আৰোপ কৰে কিন্তু ৰাজ্য চৰকাৰসমূহ ইয়াৰ পৰিসৰৰ বাহিৰত আছে। ৰাজ্য চৰকাৰৰ ঘাটি এক ডাঙৰ সমস্যা। উদাহৰণস্বৰূপে, মহাৰাষ্ট্ৰ ৰাজ্যই ইতিমধ্যে ডিচেম্বৰ ২০০৪ লৈকে ১ লাখ কোটি টকাৰ ঘাটি অতিক্ৰম কৰিছে। সেয়েহে ৰাজ্য চৰকাৰৰ বাবে বিত্তীয় দায়বদ্ধতা আইনৰ প্ৰয়োজন আছে।

১১। বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যবস্থাপনা আইনৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the features of Fiscal Responsibility and Budget Management Act.)

উত্তৰঃ বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যবস্থাপনা আইনৰ বৈশিষ্ট্যসমূহ হ’ল–

(ক) ব্যতিক্রমী ভিত্তি (Exceptional Grounds): সংশোধিত FRBM বিধেয়ক ২০০০ বা FRBM আইন ২০০৩ ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল যে ই স্পষ্টকৈ কৈছিল যে চৰকাৰৰ ৰাজহ ঘাটি আৰু বিত্তীয় ঘাটি কেৱল দেশৰ দ্বাৰা সম্মুখীন হোৱা ৰাষ্ট্ৰীয় সুৰক্ষা বা ৰাষ্ট্ৰীয় দুৰ্যোগৰ ভিত্তিৰ নিয়মত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিব পাৰি।

(খ) ৰাজহুৱা ঋণ (Public Debt): সংশোধিত FRBM বিধেয়ক ২০০০ বা FRBM আইন ২০০৩ ৰ আনটো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিব লাগে যে মুঠ দায়বদ্ধতা (বৰ্তমানৰ বিনিময় হাৰত বাহ্যিক ঋণসহ) ২০০৪-২০০৫ বিত্তীয় বৰ্ষৰ বাবে GDP ৰ ৯% অতিক্ৰম কৰিব নালাগে। পৰৱৰ্তী বছৰত এই সীমা GDP ৰ কমেও এক শতাংশ বিন্দু হ্রাস হ’ব লাগে।

(গ) RBI ৰ পৰা ধাৰ লোৱা (Borrowing from the RBI): সংশোধিত FRBM বিধেয়কে ২০০০ বা FRBM আইন ২০০৩ ৰ আনটো গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল চৰকাৰে RBI ৰ পৰা কৰা ঋণৰ সৈতে সম্পর্কিত। সংশোধিত FRBM বিধেয়ক ২০০০ বা FRBM আইন ২০০৩ ত স্পষ্টকে কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণতে RBI ৰ পৰা ধাৰ নল’ব। অৱশ্যে কেন্দ্রীয় চৰকাৰে যিকোনো বিত্তীয় বৰ্ষত নগদ প্ৰাপ্তিৰ ওপৰত অস্থায়ী অতিৰিক্ত নগদ পৰিশোধ পুৰণ কৰাৰ বাবে অগ্রিম যোগে RBI ৰ পৰা ঋণ ল’ব পাৰে, যি চুক্তি অনুসৰি হ’ব পাৰে।

(ঘ) বন্ধকৰ সীমা (Limits on Guarantees): ই ২০০৪-২০০৫ চনৰ পৰা আৰম্ভ হোৱা যিকোনো বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা বন্ধকবোৰ GDP ৰ ০.৫% লৈ সীমিত কৰে।

(ঙ) মধ্যম্যাদী বিত্তীয় নীতি বিবৃতি (Medium term fiscal policy statement): সংশোধিত FRBM বিধেয়ক ২০০০ ৰ FRBM আইন ২০০৩ ৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল কেন্দ্ৰীয় চৰকাৰে বাৰ্ষিক বিত্তীয় বিবৃতিৰ সৈতে সংসদৰ দুয়োখন সদনত মধ্যম্যাদী বিত্তীয় নীতি বিবৃতি উপস্থাপন কৰিব লাগে। মধ্যম্যাদী বিত্তীয় নীতি বিবৃতিটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বিত্তীয় সূচক বাবে প্রকল্পিত হ’ব লাগে।

এই বিত্তীয় সূচকবোৰ নিম্নলিখিত ধৰণৰ—

(১) GDP ৰ শতাংশ হিচাপে ৰাজহ ঘাটি।

(২) GDP ৰ শতাংশ হিচাপে বিত্তীয় ঘাটি।

(৩) GDP ৰ শতাংশ হিচাপে কৰ ৰাজহ।

(৪) GDP ৰ শতাংশ হিচাপে মুঠ বকেয়া দায়বদ্ধতা।

(চ) ৰাজহ ঘাটি (Revenue Deficit): সংশোধিত FRBM বিধেয়ক ২০০০ বা RBM আইন ২০০৩ ৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল কেন্দ্ৰীয় চৰকাৰে ৰাজহ ঘাটি হ্ৰাসৰ সৈতে সম্পর্কিত কিছুমান নির্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা উচিত। 

ৰাজহ ঘাটি হ্রাস সম্পৰ্কীয় পদক্ষেপবোৰ হৈছে: 

(১) চৰকাৰে ২০০৪-২০০৫ চনৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিত্তীয় বৰ্ষৰ শেষত ৰাজহ ঘাটি GDP ৰ ০.৫% বা অধিক পৰিমাণে হ্ৰাস কৰিব লাগে।

(২) পাঁচ বছৰৰ ভিতৰত ৰাজহ ঘাটি শূন্যলৈ হ্ৰাস কৰিব লাগে।

(ছ) বিত্তীয় ঘাটি (Fiscal Deficit): কেন্দ্ৰীয় চৰকাৰে বিত্তীয় ঘাটি হ্ৰাসৰ সৈতে কিছুমান নির্দিষ্ট ব্যৱস্থা লোৱা উচিত। 

বিত্তীয় ঘাটি হ্রাস সম্পর্কিত পদক্ষেপবোৰ হৈছে—

(১) চৰকাৰে ২০০৪-২০০৫ চনৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিত্তীয় বৰ্ষৰ শেষত মুঠ বিত্তীয় ঘাটি GDP ৰ ৩.৩% বা অধিক পৰিমাণে হ্ৰাস কৰিব লাগে।

(২) কেন্দ্ৰীয় চৰকাৰে ২০০৬ চনৰ ৩১ মাৰ্চলৈকে মুঠ বিত্তীয় ঘাটি GDP ৰ ২% সমান পৰিমাণলৈ হ্ৰাস কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top