Indian Economy – II Unit 4 সেৱাখণ্ডত প্ৰৱণতা আৰু প্ৰদৰ্শন

Indian Economy – II Unit 4 সেৱাখণ্ডত প্ৰৱণতা আৰু প্ৰদৰ্শন, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Economy – II Unit 4 সেৱাখণ্ডত প্ৰৱণতা আৰু প্ৰদৰ্শন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Economy – II Unit 4 সেৱাখণ্ডত প্ৰৱণতা আৰু প্ৰদৰ্শন Question Answer can be of great value to excel in the examination.

Indian Economy- II Unit 4 সেৱাখণ্ডত প্ৰৱণতা আৰু প্ৰদৰ্শন

Join Telegram channel

Indian Economy – II Unit 4 সেৱাখণ্ডত প্ৰৱণতা আৰু প্ৰদৰ্শন Notes cover all the exercise questions in UGC Syllabus. Indian Economy – II Unit 4 সেৱাখণ্ডত প্ৰৱণতা আৰু প্ৰদৰ্শন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Trends and Performance in Services

INDIAN ECONOMICS

(ভাৰতীয় অৰ্থনীতি)

অতি চমু প্রশ্নোত্তৰঃ

১। সেৱাখণ্ড কি? (What is a service segment?)

উত্তৰঃ সেৱাখণ্ড হৈছে অৰ্থনীতিৰ খণ্ড যিয়ে সেৱা উৎপাদন আৰু প্ৰদান কৰে।

২। অর্থনৈতিক তত্ত্ব অনুসৰি অৰ্থনৈতিকৰ মুখ্য তিনিটা খণ্ড কি কি? (According to economic theory, what are the three parts of economics?)

উত্তৰঃ অর্থনৈতিক তত্ত্ব অনুসৰি অৰ্থনৈতিকৰ মুখ্য তিনিটা খণ্ড, হ’ল– প্রাথমিক খণ্ড, গৌণ খণ্ড আৰু তৃতীয় খণ্ড।

৩। সেৱাখণ্ডৰ উদাহৰণ দিয়া। (Give an example of a service segment?)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সেৱাখণ্ডৰ উদাহৰণ হ’ল– বেকে, শিক্ষা, স্বাস্থ্য, সামাজিক কাম, হোটেল ইত্যাদি।

৪। সেৱাখণ্ডৰ ভূমিকা কি? (What is the role of service segment?) 

উত্তৰঃ অৰ্থনীতিত উপাৰ্জনৰ বিতৰণত অসমতা হ্ৰাস কৰাত সেৱাখণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

৫। কোনটো খণ্ডক সেৱাখণ্ড বুলি কোৱা হয় আৰু কিয়? (Which segment is called service segment and why?) 

উত্তৰ  তৃতীয় খণ্ডক (Tertiary Sector) সেৱাখণ্ড বুলি কোৱা হয়। কিয়নো তৃতীয় খণ্ডই প্ৰাথমিক আৰু মাধ্যমিক খণ্ডক সমর্থন সেৱা প্ৰদান কৰে।

৬। কোনটো খণ্ডই GDP ত সৰ্বাধিক অৰিহণা যোগায়? (Which segment contributes to GDP?) 

উত্তৰঃ সেৱাখণ্ডই ভাৰতীয় GDP ত আটাইতকৈ বেছি অৰিহণা যোগায়।

৭। সেৱাখণ্ডক বহুলভাৱে কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু কি কি? (The service segment can be broadly divided into how many parts and what are they?)

উত্তৰঃ সেৱাখণ্ডক বহুলভাৱে দুটা ভাগ বিভক্ত কৰিব পাৰি। সেই দুটা হ’ল— অর্থনৈতিক খণ্ড আৰু সামাজিক খণ্ড।

৮। ভাৰতত সেৱাখণ্ডৰ বিকাশৰ হাৰ কিমান? (What is the growth rate of service segment in India?) 

উত্তৰঃ ২০২০ বিত্তীয় বৰ্ষত ভাৰতৰ সেৱাখণ্ডসমূহৰ আনুমানিক বৃদ্ধিৰ হাৰ আছিল প্ৰায় ৭ শতাংশ, যি আগৰ বছৰৰ তুলনাত বৃদ্ধিত ০.৭ শতাংশ হ্ৰাস চিহ্নিত কৰে।

৯। সেৱাখণ্ডৰ উচ্চ বিকাশৰ বাবে দায়বদ্ধতাৰ মুখ্য দুটা কাৰক লিখা। (Write two main factors of responsibility for the higher development of the service segment.)

উত্তৰঃ সেৱাখণ্ডৰ উচ্চ বিকাশৰ বাবে দায়বদ্ধতাৰ মুখ্য দুটা কাৰক হ’ল—

(ক) বিশ্বায়নৰ ফলত পৰিবহণ আৰু যোগাযোগৰ মাধ্যমৰ বিকাশ।

(খ) সেউজ বিপ্লবৰ ফলত কৃষিৰ বিকাশ।

১০। সেৱাখণ্ডৰ বিকাশৰ মুখ্য কাৰণ কি? (What are the main reasons for the development of the service segment?) 

উত্তৰঃ সেৱাখণ্ডৰ বিকাশৰ মুখ্য কাৰণবোৰৰ ভিতৰত আছে দ্রুত নগৰায়ন, ৰাজহুৱা খণ্ডৰ সম্প্ৰসাৰণ আৰু চূড়ান্ত উপভোক্তা সেৱাৰ চাহিদা বৃদ্ধি।

১১। বাণিজ্য গঠনৰ অৰ্থ কি? (What does trade formation mean?)

উত্তৰঃ বাণিজ্য গঠনৰ অৰ্থ হৈছে এখন দেশৰ আমদানি আৰু ৰপ্তানিৰ সামগ্ৰী আৰু সেৱাৰ অধ্যয়ন। অর্থাৎ ই আমদানিৰ সামগ্ৰী আৰু এখন দেশৰ ৰপ্তানিৰ সামগ্ৰীৰ বিষয়ে কয়।

১২। বৈদেশিক বাণিজ্যৰ তিনিটা প্ৰকাৰ কি কি? (What are the three types of foreign trade direction?) 

উত্তৰঃ বৈদেশিক বাণিজ্যৰ তিনিটা প্ৰকাৰ হ’ল— ৰপ্তানি বাণিজ্য, আমদানি বাণিজ্য আৰু গুদাম বাণিজ্য।

১৩। বৈদেশিক বাণিজ্যৰ দিশ বুলিলে কি বুজা?  (What do you mean by foreign trade?) 

উত্তৰঃ বৈদেশিক বাণিজ্যৰ দিশ মানে হৈছে ভাৰতে যিবোৰ দেশলৈ ইয়াৰ সামগ্ৰী ৰপ্তানি কৰে আৰু যিবোৰ দেশৰ পৰা ইয়াক আমদানি কৰে।

১৪। বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তক প্ৰধানতঃ কেইটা ভাগত বিভাজন কৰা হয়? (Into how many parts, the balance of payment in divided?) 

উত্তৰঃ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তক প্ৰধানত দুটা ভাগত বিভাজন কৰা হয়— যেনেঃ চলিত হিচাপ আৰু মূলধনী হিচাপ।

১৫। বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত বুলিলে কি বুজা? (What do you mean by The balance of payment?) 

উত্তৰঃ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত মানে হৈছে এক নিৰ্দিষ্ট সময়ত দেশলৈ প্রবাহিত হোৱা সকলো ধনৰ আৰু বাকী বিশ্বলৈ হোৱা ধনৰ প্ৰবাহৰ মাজৰ পাৰ্থক্য।

১৬। বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ চলিত হিচাপত কি লিপিবদ্ধ কৰা হৈছে? (What is recorded on current account of balance of payment?) 

উত্তৰঃ অৰ্থনীতিত, এখন দেশৰ চলিত হিচাপত সামগ্ৰী আৰু সেৱা দুয়োটাৰ ৰপ্তানি আৰু আমদানি আৰু মূলধনৰ আন্তৰ্জাতিক স্থানান্তৰৰ মূল্য নথিবদ্ধ কৰা হৈছে। ইইয়াৰ লেন-দেনৰ উদ্বৃত্তৰ তিনিটা উপাদানৰ ভিতৰত এটা, আন দুটা হৈছে মূলধন হিচাপ আৰু বিত্তীয় হিচাপ।

১৭। বাণিজ্যিক লেন-দেন উদ্বৃত্ত গুৰুত্বপূর্ণ কিয়? (Why the balance of payment is important?) 

উত্তৰঃ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তই এক নিৰ্দিষ্ট সময়ৰ বাবে সামগ্ৰী আৰু সেৱাৰ সকলো ৰপ্তানি আৰু আমদানিৰ লেন-দেন পৰীক্ষা কৰে। ই চৰকাৰক এটা নিৰ্দিষ্ট উদ্যোগৰ ৰপ্তানি বুদ্ধিৰ সম্ভাৱনা বিশ্লেষণ কৰাত আৰু সেই বিকাশক সমৰ্থন কৰিবলৈ নীতি প্রস্তুতি কৰাত সহায় কৰে। সেইবাবে বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত গুৰুত্বপূৰ্ণ।

১৮। সেৱা বাণিজ্যত কি অন্তর্ভুক্ত আছে? (What services are included in the trade? )

উত্তৰঃ সেৱাৰ বাণিজ্যত অন্তর্ভুক্ত থাকে সেৱা সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে পৰিশোধ আৰু প্রাপ্তি যেনে– বিত্তীয় সেৱা, পৰিবহণ সেৱা, আইন, ব্যৱস্থাপনাৰ পৰামৰ্শ আৰু পৰ্যটন।

১৯। সেৱা বাণিজ্য কিয় গুৰুত্বপূৰ্ণ? (Why is service trade important?)

উত্তৰঃ অৰ্থনৈতিক বিকাশত সেৱাৰ বাণিজ্য পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰমাণ হৈছে ৰপ্তানিৰ বৈচিত্র্যতা, সামগ্রী উৎপাদনৰ বাবে উৎপাদক হিচাপে সেৱাৰ ভূমিকা আৰু প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ গম্ভব্য স্থান হিচাপে সেৱাখণ্ডৰ গুৰুত্ব অপৰিহাৰ্য।

২০। সেৱাৰ কিমান শতাংশ বাণিজ্য? (What percentage of service trade?)

উত্তৰঃ ২২.৪%।

২১। বৈদেশিক লেন-দেনৰ উদ্বৃত্ত বা পৰিশোধৰ প্ৰধান বিষয়বস্তু কি? (What is the main content balance of payment?) 

উত্তৰঃ বৈদেশিক লেন-দেনৰ উদ্ধৃত বা পৰিশোধৰ প্ৰধান বিষয়বস্তু হ’ল আন্তর্জাতিক বাণিজ্য।

২২। এখন দেশৰ একে সময়তে বাণিজ্য ঘাটি আৰু ৰাহি চলিত হিচাপ থাকিব পাৰে নে? (Can a country have a trade deficit and a saving current account at the same time?)

উত্তৰঃ এখন দেশৰ বৈদেশিক বাণিজ্যত ঘাটিৰ বিপৰীতে একেলগে চলিত হিচাপত ৰাহিৰ সৃষ্টি হ’ব পাৰে।

২৩। বৈদেশিক লেন-দেনৰ উদ্বৃত্ত বা পৰিশোধৰ এটা উপাদান লিখা। (Write a element of balance of payment?)

উত্তৰঃ বৈদেশিক লেন-দেনৰ উদ্বৃত্ত বা পৰিশোধৰ এটা উপাদান হ’ল— স্বনিৰূপিত অন্তর্ভুক্ত বিষয়সমূহ।

২৪। বৈদেশিক মুদ্রা বজাৰৰ এটা মুখ্য অংশগ্ৰহণকাৰীৰ নাম লিখা। (Write the name of a major participant in the foreign exchange market.)

উত্তৰঃ বৈদেশিক মুদ্রা বজাৰৰ এটা মুখ্য অংশগ্ৰহণকাৰীৰ নাম হ’ল বাণিজ্যিক বেংক।

২৫। বৈদেশিক লেন-দেন পৰিশোধৰ এটা বৈশিষ্ট্য লিখা। (Write a feature of balance of Payments?)

উত্তৰঃ বৈদেশিক লেন-দেন পৰিশোধৰ এটা বৈশিষ্ট্য হ’ল— লেন-দেন পৰিশোধৰ সমতাৰ হিচাপ এখন দেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দেনা-পাওনা এই দুয়োটাৰ হিচাপেই অন্তর্ভুক্ত হয়।

২৬। চলিত হিচাপত অন্তর্ভুক্ত দুটা বিষয় কি কি? (What are the two issues included as current account?)

উত্তৰঃ চলিত হিচাপত অন্তৰ্ভুক্ত দুটা বিষয় হ’ল— বাণিজ্যৰ হিচাপ আৰু অদৃশ্যমান হিচাপ।

২৭। বৈদেশিক লেন-দেন পৰিশোধ আৰু বাণিজ্যৰ ভাৰসমতাৰ মাজত এটা পাৰ্থক্য লিখা। (Write a difference between balance of payments and the balance of trade?)

উত্তৰঃ বৈদেশিক লেন-দেন পৰিশোধ আৰু বাণিজ্যৰ ভাৰসমতাৰ মাজত এটা পাৰ্থক্য হ’ল—

এখন দেশৰ বাণিজ্যক সমতাৰ ক্ষেত্ৰত ঘাটি বা ৰাহি হ’ব পাৰে। আনহাতে লেনদেন পৰিশোধৰ সমতাৰ ক্ষেত্ৰত ঘাটি বা ৰাহি কোনোটোৱেই হ’ব নোৱাৰে।

২৮। লেন-দেন পৰিশোধৰ ভাৰসাম্যহীনতা কেতিয়া সৃষ্টি হয় ? (When is the disequilibrium in the balance of payments created?)

উত্তৰঃ যেতিয়া কোনো এক নির্দিষ্ট সময়কালত কোনো দেশৰ বৈদেশিক মুদ্ৰাৰ প্ৰতি চাহিদা দেশখনলৈ যোগান বৈদেশিক মুদ্ৰাৰ পৰিমাণতকৈ অধিক হয় বা কম হয় তেতিয়াই বাণিজ্যিক লেন-দেন ক্ষেত্ৰত ভাৰসাম্যহীনতা সৃষ্টি হয়।

২৯। লেন-দেন পৰিশোধৰ ভাৰসাম্যত ঘাটি কেতিয়া হয়? (When is the deficit of the balance of payments?) 

উত্তৰঃ যদি কোনো দেশৰ মুদ্ৰাৰ চাহিদা প্রদত্ত বিনিময় হাৰৰ হ্ৰাস হয়, তেতিয়া লেন-দেন পৰিশোধৰ ভাৰসাম্যত ঘাটি হয়।

৩০। ক্রয় ক্ষমতাৰ সমতা (Purchasing Power Parity) কাক বোলে? (What is Purchasing Power Parity?)

উত্তৰঃ ক্রয় ক্ষমতাৰ সমতা হ’ল বিভিন্ন দেশৰ দামৰ এক পৰিমাণ য’ত নিৰ্দিষ্ট মূল্যৰ দাম দেশৰ মুদ্ৰাৰ পূৰ্ণ ক্ৰয় ক্ষমতাৰ লগত তুলনা কৰা হয়। ক্রয় ক্ষমতাৰ সমতা মুদ্রাস্ফীতি আৰু বিনিময় হাৰ দাৰিদ্ৰ্য্য, শুল্ক আৰু অন্যান্য লেন-দেন ব্যয়ৰ কাৰণে বজাৰ বিনিময় হাৰৰ লগত বেলেগ হ’ব পাৰে।

৩১। চলিত হিচাপ কাক বোলে? (What is current account?)

উত্তৰঃ বস্তু আৰু সেৱাৰ মাধ্যমত হোৱা সকলো ধৰণৰ আমদানি আৰু ৰপ্তানিৰ লগতে হস্তাম্ভৰযোগ্য প্রদানসমূহক লিপিবদ্ধ কৰাকে চলিত হিচাপ বোলা হয়।

৩২। মূলধনী হিচাপ কাক বোলে? (What is capital account?) 

উত্তৰঃ এখন দেশে দ্রব্য-সামগ্ৰীৰ ৰপ্তানি আৰু আমদানিৰ অৰ্থে প্ৰয়োজন হোৱা বিত্ত যোগানৰ অৰ্থে ব্যক্তিগত, চৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ পৰা আহৰণ কৰা পুঁজিকে মূলধনী হিচাপ বোলা হয়।

৩৩। বাণিজ্যৰ ভাৰসমতা (Balance of trade) কাক বোলে? (What is Balance of trade?)

উত্তৰঃ বাণিজ্যৰ ভাৰসাম্যতা মানে হ’ল এক নির্দিষ্ট সময়ত এখন দেশৰ আমদানি আৰু ৰপ্তানিৰ মূল্যৰ মাজৰ পাৰ্থক্য আৰু এখন দেশৰ অৰ্থ প্ৰদানৰ লেন-দেন পৰিশোধৰ বৃহত্তম উপাদান।

৩৪। লেন-দেন উদ্বৃত্ত (BOP) কি? (What is balance of payment?)

উত্তৰঃ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ লগত বিশ্বৰ আনবোৰ দেশৰ আৰ্থিক লেন- দেন পুঙ্খানুপুঙ্খ খতিয়ানকে আন্তর্জাতিক বাণিজ্যৰ লেন-দেন পৰিশোধৰ সমতা বোলা হয়।

৩৫। লেন-দেন উদ্বৃত্তৰ দুটা মুখ্য হিচাপ কি কি? (What are the two main accounts of transaction superplus?)

উত্তৰঃ বৈদেশিক লেন-দেন উদ্বৃত্তৰ মূল হিচাপ দুটা হ’ল চলিত হিচাপ আৰু মূলধনী হিচাপ।

৩৬। বিশ্ব বাণিজ্য সংস্থা (WTO) কেতিয়া গঠন কৰা হৈছিল? (When was the World Trade Organization formed?)

উত্তৰঃ ১ জানুৱাৰী ১৯৯৫ চনত।

৩৭। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত? (Where is the WTO headquarters?)

উত্তৰঃ জেনেভা, চুইজাৰলেণ্ড।

৩৮ । ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? (When did India start economic reforms?)

উত্তৰঃ ১৯৯১ চনত।

৩৯। বিশ্ব বাণিজ্য সংস্থাৰ দুটা উদ্দেশ্য লিখা। (Write two objectives of the World Trade Organization?)

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ দুটা উদ্দেশ্য হ’ল—

(ক) প্রত্যেক দেশকে সুবিধা প্ৰদানৰ বাবে বিশ্ব বাণিজ্যৰ প্ৰসাৰ কৰা। 

(খ) পৃথিৱীৰ সম্পদসমূহৰ বিস্তাৰিত আৰু সৎ ব্যৱহাৰ কৰা।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কার্য উল্লেখ কৰা। (Mention the three functions of the WTO.)

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা কাৰ্য হ’ল—

(ক) বাণিজ্য শুল্ক আৰু অন্যান্য বাণিজ্যিক বাধাসমূহ হ্ৰাস কৰা।

(খ) বহনক্ষম উন্নয়নৰ বাবে বিশ্বৰ সমাদৰপূৰ্ণ ব্যৱহাৰ সহজ কৰি তোলা। 

(গ) আন্তর্জাতিক বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত বিভেদমূলক ব্যৱস্থাসমূহ দূৰ কৰা।

২। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিটা আইনগত ব্যবস্থা কি কি? (What are the three main legal provisions of the WTO?)

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ প্ৰধান তিনিটা আইনগত ব্যবস্থাসমূহ হ’ল—

(ক) শুষ্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি।

(খ) সেৱা আৰু বাণিজ্যসংক্রান্ত সাধারণ চুক্তি।

(গ) বুদ্ধি-বৃত্তি সম্পর্কিত সম্পত্তিৰ অধিকাৰসমূহৰ সাধাৰণ চুক্তি।

৩। ভাৰতৰ বৈদেশিক বাণিজ্যৰ গঠনৰ বিষয়ে বিশদভাবে আলোচনা কৰা। (Discuss in detail the structure of India’s foreign trade.) 

উত্তৰঃ বৈদেশিক বাণিজ্যৰ গঠন দেশৰ বাণিজ্যৰ উন্নয়নৰ এটি গুৰুত্বপূর্ণ লক্ষণ। বাণিজ্যৰ গঠনৰ অৰ্থ হ’ল দেশৰ আমদানি আৰু ৰপ্তানিৰ বিভিন্ন ধৰণ আৰু পৰিমাণৰ গাঁথনিক আলোচনা কৰা। কোনো এটি দেশৰ বৈদেশিক বাণিজ্যৰ গঠন ইয়াৰ উৎপাদন গাঁথনিত সৃষ্টি হোৱা বৈচিত্র্য আৰু বিশেষীকৰণক প্ৰতিফলিত কৰে। সময়ৰ পৰিবৰ্তনৰ লগে লগে যিকোনো দেশে ইয়াৰ বাণিজ্যৰ ধৰণ বা আর্থিক এনেদৰে পৰিবৰ্তন কৰিব বিচাৰে যাতে ই নিজা সামগ্রীৰ ক্ষেত্ৰত উন্নত বাণিজ্যৰ চৰ্ত অৰ্জন কৰিব পাৰে আৰু দেশক এখন প্রাথমিক সামগ্ৰীৰ উৎপাদনকাৰী দেশৰ পৰা এখন সম্পূর্ণ প্রস্তুতকাৰী সামগ্রীৰ উৎপাদনকাৰী দেশত ৰূপান্তৰিত কৰিব পাৰে।

ভাৰতৰ আমদানি বাণিজ্যৰ গঠনঃ স্বাধীনতাৰ ঠিক পৰবর্তী কালছোৱাত ভাৰতৰ আমদানিৰ প্রধান সামগ্ৰীবোৰ আছিল খাদ্য -শস্য,দালি জাতীয় শস্য,ভক্ষ্য তেল, যন্ত্ৰপাতি,ধাতু নির্মিত দ্রৱ্য,ৰাসায়নিক দ্রৱ্য,ঔষধ, ৰং,সূতা, কাগজ,লো নগকা ধাতু,মটৰগাড়ী ইত্যাদি।

পৰিকল্পনাৰ আৰম্ভণিৰে পৰা দেশত বিভিন্ন ধৰণৰ মৌলিক, মূলধনী সামগ্ৰী আৰু যন্ত্র শাস্ত্র বা অভিযান্ত্ৰিক উদ্যোগ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ ফলত দেশে বিভিন্ন ধৰণৰ সঁজুলি আৰু যন্ত্রাংশ যথেষ্ট পৰিমাণে আমদানি কৰিবলগীয়া হৈছিল আৰু ইয়াক প্ৰতিপালনমূলক আমদানি বুলি কোৱা হৈছিল। তলৰ তালিকাখনত  ১৯৬০-৬১ চনৰ পিছত ভাৰতৰ আমদানিৰ গঠনত হোৱা পৰিৱৰ্তন দেখুওৱা হ’লঃ

ওপৰৰ তালিকাখনত দেশৰ আমদানিক চাৰিটা ভাগত ভাগ কৰা হৈছেঃ

(ক) খাদ্য সামগ্রী।

(খ) কেঁচামাল আৰু মধ্যৱৰ্তী প্রস্তুতকাৰী সামগ্ৰী।

(গ) মূলধনী সামগ্রী।

(ঘ) অন্যান্য সামগ্রী। 

এই তালিকাৰ পৰা পৰিলক্ষিত হৈছে যে ভাৰতৰ মুঠ আমদানিৰ পৰিমাণ 1960-61 চনৰ 1795 কোটি টকাৰ পৰা 1970-71 চনত অলপ কমি 1634 কোটি টকা হৈছিল। 1960-61 চনত ভাৰতৰ মুঠ আমদানিৰ পৰিমাণৰ ওপৰত উল্লেখিত এই চাৰিটা শ্ৰেণীৰ অংশ আছিল যথাক্রমে 15.9%, 43.2%, 31.2% আৰু 9.7%। আকৌ 1970-71 চনত এই চাৰিটা শ্ৰেণীৰ অংশ আছিল যথাক্রমে 14.8%, 54.3%, 24.7% আৰু 6.2%। 

1970-71 চনৰ পিছত তেল উৎপাদনকাৰী দেশসমূহে 1973-74 আৰু 1978-79 চনত খনিজ তেলৰ মূল্য বৃদ্ধি কৰাৰ ফলত ভাৰতৰ মুঠ আমদানিৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। এইদৰে 1980-81 চনত ভাৰতৰ মুঠ আমদানি ব্যয়ৰ পৰিমাণ উল্লেখযোগ্যভাৱে বৃদ্ধি পাই 12,549 কোটি টকা হৈছিল আৰু ইয়াৰে মাজত পেট্রোলিয়াম সামগ্ৰীৰ আমদানিৰ পৰিমাণ আছিল 5264 কোটি টকা যি মুঠ আমদানিৰ পৰিমাণৰ প্ৰায় 42% আছিল। 70 দশকত পেট্রোলিয়ামজাত সামগ্ৰীৰ আমদানিৰ বছৰি বৃদ্ধিৰ হাৰ আছিল 44.2% আৰু তুলনামূলকভাবে আন আন সামগ্ৰীৰ বছৰি বৃদ্ধিৰ হাৰ আছিল 23.4% । পেট্রোলিয়াম সামগ্ৰীৰ বাহিৰে আন যিবোৰ সামগ্ৰীৰ আমদানি। উচ্চ হাৰত বৃদ্ধি পাইছে এইবোৰ হ’ল মুক্তা আৰু গহনাৰ মূল্যৱান পাথৰ, সাৰ, লো আৰু তীখা আৰু মূলধনী সামগ্ৰী।

80 দশকত চৰকাৰে গ্ৰহণ কৰা আমদানিৰ উদাৰ নীতিৰ ফলত দেশৰ মুঠ আমদানি ব্যয়ৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাই 1985-86 চনত 19,658 কোটি টকা, 1990-91 চনত 43,193 কোটি টকা আৰু 2011-12 চনত 23, 45, 465 কোটি টকা হৈছিল। এইদৰে পেট্রোলিয়াম সামগ্ৰীৰ আমদানিৰ ওপৰত মুঠ ব্যয়ৰ পৰিমাণ 2011-12 চনত বৃদ্ধি পাই হৈছিল 7, 43,075 কোটি টকা।

ভাৰতৰ ৰপ্তানি বাণিজ্যৰ গঠন (Composition of Export): স্বাধীনতাৰ সময়ছোৱাত ভাৰতৰ ৰপ্তানি সামগ্ৰীৰ মাজত মৰাপাট, কপাহী, কাপোৰ আৰু চাহপাত প্ৰধান আছিল যি দেশৰ আয়ৰ 60% বৰঙণি আগবঢ়াইছিল। কিন্তু এই প্রাথমিক সামগ্ৰীৰ ৰপ্তানি কৰা বৰ অসুবিধাজনক, কাৰণ ইয়াত বাণিজ্যৰ চৰ্ত সদায় ৰপ্তানিকাৰী দেশৰ বিৰুদ্ধে যায়।

ভাৰতৰ ৰপ্তানি বাণিজ্যৰ গঠনত পৰিবৰ্তনৰ ক্ষেত্ৰত তলত উল্লেখিত বিষয়সমূহ পৰিলক্ষিত হৈছেঃ

(ক) প্ৰথম অৱস্থাত মৰাপাট আছিল ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত এটি অন্যতম প্রধান সামগ্রী আৰু ই দেশৰ ৰপ্তানি আয়ত 213 কোটি টকা অর্থাৎ 20% বৰঙণি আগবঢ়াইছিল। কিন্তু ইয়াৰ বগুণি ক্রমান্বয়ে হ্রাস পাই 1970-71 চনৰ 12.4% আৰু 2011-12 চনত 0.15% মাথোন হৈছিল।

(খ) চাহ আছিল ভাৰতৰ দ্বিতীয় সবাতোকৈ গুৰুত্বপূৰ্ণ ৰপ্তানিকাৰী সামগ্ৰী যি 1960-61 চনত দেশৰ মুঠ ৰপ্তানি আয়ত 187 কোটি টকা অর্থাৎ 18.7 শতাংশ বৰঙণি আগবঢ়াইছিল। ইয়াৰ বৰঙণি ক্রমান্বয়ে কমি গৈ 1970-71 চনত 9.6% হৈছিল আৰু ইয়াৰ পিছত 1990-91 চনত 3.3% আৰু 2011-12 চনত 0.28% মাথোন হৈছিল।

(গ) দেশৰ মুঠ ৰপ্তানি আয়ত কপাহী কাপোৰৰ বৰঙণি কিছু পৰিমাণে কমি 1960-61 চনৰ 8.7% ৰ পৰা 1991-92 চনত 6.4% আৰু 2011-12 চনত 1.47% হৈছিল।

(ঘ) হস্তশিল্পজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাই 1970-71 চনৰ মাথোন 73 কোটি টকাৰ পৰা 2011-12 চনত 5,383 কোটি টকা হৈছিল, যি দেশৰ মুঠ ৰপ্তানি আয়ৰ ক্ষেত্ৰত দ্বিতীয় স্থান অৰ্জন কৰি প্ৰায় 0.52% বৰঙণি আগবঢ়াইছিল।

(ঙ) যন্ত্রপাতি আৰু ইঞ্জিনিয়াৰিং সামগ্ৰীৰ ৰপ্তানি যথেষ্ট পৰিমাণে বৃদ্ধি পাই 1960-61 চনৰ মাথোন 22 কোটি টকাৰ পৰা বৃদ্ধি পাই 2011-12 চনত 2,79,702 কোটি টকা হৈছিল, যি দেশৰ মুঠ ৰপ্তানি আয়ত 2011-12 চনত 19.1% বৰঙণি আগবঢ়াইছিল।

(চ) তৈয়াৰী পোছাকৰ ৰপ্তানিৰ পৰিমাণো যথেষ্ট পৰিমাণে বৃদ্ধি পাই 1970-71 চনৰ 29 কোটি টকাৰ পৰা 2011-12 চনত 65,613 কোটি টকা হৈছিল, যি দেশৰ মুঠ ৰপ্তানি আয়ত 2011-12 চনত 4.42% বৰঙণি আগবঢ়াই পঞ্চম স্থান অধিকাৰ কৰিছিল।

৪। ভাৰতৰ বৈদেশিক বাণিজ্যৰ দেশানুযায়ী গতিপথৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। (Discuss the changing direction of India’s foreign trade in the country.)

উত্তৰঃ দেশানুযায়ী বাণিজ্যৰ গতিপথৰ আলোচনা দেশৰ বৈদেশিক বাণিজ্যৰ যি অঞ্চলৰ পৰা সৃষ্টি হৈছে সেই আঞ্চলিক গতিধাৰাক প্ৰতিফলিত কৰে। ভাৰতৰ বৈদেশিক বাণিজ্যৰ দেশানুযায়ী গতিধাৰাক আৰু ইয়াৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা বৰ গুৰুত্বপূৰ্ণ। প্রাক্-স্বাধীনতাৰ কালছোৱাত ভাৰতৰ বৈদেশিক বাণিজ্যৰ গতিধাৰা ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা ঔপনিৱেশিক উদ্যমৰ দ্বাৰা নিৰ্ধাৰিত হৈছিল। এইদৰে ভাৰতৰ বহিঃবাণিজ্যৰ প্ৰধানতঃ ব্ৰিটেইন আৰু ইয়াৰ সহযোগী কমনৱেলথ দেশসমূহৰ সৈতে সংগঠিত হৈছিল। 

স্বাধীনতাৰ পিছত কিছু বছৰলৈকে এই গতিধাৰা চলিয়ে আছিল। 1950-51 চনত বৃটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ মুঠ ৰপ্তানি আয়ত 42% বৰঙণি আগবঢ়াইছিল আৰু ভাৰতত মুঠ আমদানিৰ প্ৰয়োজনৰ প্রায় 39% এই দুখন দেশৰ দ্বাৰা পূৰণ কৰা হৈছিল। সময়ৰ পৰিৱৰ্তনৰ সৈতে বিভিন্ন দেশৰ লগত ৰাজনৈতিক আৰু কূটনৈতিক সম্পর্ক ক্ৰমান্বয়ে স্থাপিত হৈছিল আৰু ইয়াৰ ফলত বিভিন্ন দেশসমূহৰ সৈতে নতুন বাণিজ্যিক সম্পর্ক স্থাপিত হৈছিল। পৰিকল্পনাৰ 4 টা দশক সম্পূর্ণ হোৱাৰ পিছত ভাৰতৰ বহিঃবাণিজ্যৰ দেশানুযায়ী গতিপথৰ উল্লেখযোগ্য পৰিৱৰ্তন হৈছিল। গতিকে ভাৰতৰ বহিঃবাণিজ্যৰ দেশানুযায়ী গতিপথত সম্পূর্ণ বৈচিত্র্য সৃষ্টি হৈছিল।

ভাৰতৰ আমদানিৰ দেশানুযায়ী গতিপথঃ ভাৰতৰ আমদানিৰ দেশানুযায়ী গতিপথ ইতিমধ্যে যথেষ্ট পৰিৱৰ্তন হৈছে। 1960-61 চনৰ পিছৰ পৰা ভাৰতৰ আমদানিৰ দেশানুযায়ী গতিপথৰ পৰিৱৰ্তন হোৱা দেখা যায়। বিভিন্ন দেশসমূহক ৫ টা খণ্ডত সামৰি লৈ ইয়াৰ পৰা খণ্ডভিত্তিক অধ্যয়ন কৰিলে দেখা যায় যে পাঁচটা খণ্ডৰ মাজত (OECD, OPEC, পূর্ব ইউৰোপ, উন্নয়নশীল দেশ আৰু অন্যান্য দেশসমূহ) যদিও OECD ৰ দেশসমূহৰ ভাৰতৰ আমদানিত থকা বৰঙণিৰ পৰিমাণ সদায় বেছি আছিল কিন্তু ইয়াৰ বৰঙণি ক্রমান্বয়ে কমি 1960-61 চনৰ 78% ৰ পৰা 2000-01 চনত 39.9% হৈছিল। OPEC দেশসমূহৰ ভাৰতৰ মুঠ আমদানিত বৰঙণিৰ পৰিমাণ 1960-61 চনত 4.6% ৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাই 2000-01 চনত 5.1% হৈছিল। পূৰ্ব-ইউৰোপীয় দেশসমূহৰ ভাৰতৰ মুঠ আমদানিত বৰঙণিৰ পৰিমাণ 1960-61 চনৰ মাথোন 3.4% ৰ পৰা বৃদ্ধি পাই 1970-71 চনত 13.5% হৈছিল কিন্তু ইয়াৰ পিছত এই বৰঙণি কমি গৈ 2000-01 চনত মাথোন 1.3% হৈছিল। ভাৰতৰ মুঠ আমদানিৰ ক্ষেত্ৰত উন্নয়নশীল দেশসমূহৰ বৰঙণি 1960 61 চনৰ 12%ৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাই 1990-91 চনত 18.4% হৈছিল আৰু 2001 চনত এই বৰঙণিৰ পৰিমাণ আছিল 17.5%। ভাৰতৰ মুঠ আমদানিত অন্যান্য দেশসমূহৰ বৰঙণি 1960-61 চনৰ 2% ৰ পৰা 2000-01 চনত 36.2% হৈছিল।

ভাৰতৰ মুঠ আমদানিত ব্ৰিটেইনৰ বৰঙণি 1950-51 চনৰ 20.8% অর্থাৎ সকলো দেশৰ মাজত সৰ্বোচ্চ আছিল, কিন্তু এই বৰঙণিৰ পৰিমাণ ক্ৰমান্বয়ে কমি 1970-71 চনত 8% আৰু 2000-01 চনত 6.3% আছিল। ভাৰতৰ মুঠ আমদানিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰঙণি যদিও 1960-61 চনৰ পিছৰ পৰা সৰ্বোচ্চ আছিল কিন্তু প্ৰথম অৱস্থাত এই বৰঙণিৰ পৰিমাণ 1950- 51 চনৰ 18% ৰ পৰা বৃদ্ধি পাই 1960-61 চনত 29% হৈছিল আৰু ইয়াৰ পিছত এই বৰঙণি ক্রমে কমি গৈ 2000-01 চনত 6% শতাংশ হৈছিল।

ইয়াৰ পৰা আন এটি গতিধাৰা পৰিলক্ষিত হৈছে যে 1960-61 চনৰ পিছত সমাজতান্ত্রিক দেশসমূহ বিশেষকৈ চোভিয়েট যুক্তৰাষ্ট্ৰৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছিল। এইদৰে ভাৰতৰে মুঠ আমদানিত চোভিয়েট যুক্তৰাষ্ট্ৰৰ বৰঙণি 1960-61 চনৰ মাথোন 1.4% ৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পাই 1980-81 চনত 8.2% হৈছিল আৰু ই তেতিয়া তৃতীয় স্থান অধিকাৰ কৰিছিল। আকৌ 1984-85 চনত ভাৰতৰ মুঠ আমদানিত চোভিয়েট যুক্তৰাষ্ট্ৰৰ বৰঙণি 10.4% লৈ বৃদ্ধি পাই প্ৰথম স্থান অধিকাৰ কৰিছিল। কিন্তু এই আগৰ চোভিয়েট যুক্তৰাষ্ট্ৰৰ ভাৰতৰ মুঠ আমদানিত বৰঙণিৰ পৰিমাণ ক্ৰমে হ্ৰাস পাই 1990-91 চনত 6% আৰু 2000-01 চনত 1% হৈছিল।

ভাৰতৰ ৰপ্তানি বাণিজ্যৰ দেশানুযায়ী গতিপথঃ পৰিকল্পনা যোৱা চাৰিটা দশকত ভাৰতৰ ৰপ্তানি বাণিজ্যৰ দেশানুযায়ী গতিপথৰ যথেষ্ট পৰিৱৰ্তন হৈছে। 1960-61 চনৰ পিছত ভাৰতৰ ৰপ্তানি বাণিজ্যৰ দেশানুযায়ী গতিপথৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

বিভিন্ন দেশসমূহ পাঁচটা খণ্ডত সামৰি লৈ (OECD, OPEC, পূৰ্ব ইউৰোপ, উন্নয়নশীল দেশ আৰু অন্যান্য দেশসমূহৰ) ইয়াৰ খণ্ডভিত্তিক অধ্যয়ন কৰিলে দেখা যায় যে পাঁচটা খণ্ডৰ মাজত OECD দেশসমূহৰ ভাৰতৰ ৰপ্তানি বাণিজ্যত থকা বৰঙণিৰ পৰিমাণ সদায় বেছিয়ে আছিল কিন্তু ইয়াৰ বৰঙণি ক্রমান্বয়ে অলপ কমি 1960-61 চনৰ 66.1% ৰ পৰা 2000-01 চনৰ 52.7% হৈছিল। ভাৰতৰ মুঠ ৰপ্তানি বাণিজ্যত OPEC দেশসমূহৰ বৰঙণি সামান্য পৰিমাণে বৃদ্ধি পাই 1960-61 চনৰ 4.1% ৰ পৰা 2000-01 চনত 10.9% হৈছিল। কিন্তু ভাৰতৰ ৰপ্তানি বাণিজ্যৰ দেশানুযায়ী গতিপথৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন পৰিলক্ষিত হৈছিল। 

পূর্ব ইউৰোপীয় দেশসমূহৰ ক্ষেত্ৰত য’ত ভাৰতৰ মুঠ ৰপ্তানি বাণিজ্যত এই দেশসমূহৰ বৰঙণিৰ পৰিমাণ উল্লেখযোগ্য পৰিমাণে বৃদ্ধি পাই 1960-61 চনৰ 7% ৰ পৰা 1980-81 চনত 22.1% হৈছিল আৰু ইয়াৰ পিছত এই বৰঙণি ক্রমে হ্ৰাস পাই 1990-91 চনত 17.9% আৰু 2000-01 চনত 2.4% হৈছিল। ভাৰতৰ ৰপ্তানি বাণিজ্যত উন্নয়নশীল দেশসমূহৰ বৰঙণি ক্রমান্বয়ে বৃদ্ধি পাই 1960-61 চনৰ 14.8% ৰ পৰা 2000-01 চনত 26.7% হৈছিল।

আকৌ বিভিন্ন দেশসমূহৰ মাজত ব্রিটেনৰ ভাৰতৰ ৰপ্তানি বাণিজ্যত আগবঢ়োৱা বৰঙণি পৰিমাণ 1950-51 চনত যথেষ্ট বেছি অৰ্থাৎ 23.3% পৰা আৰু বৃদ্ধি পাই 1960-61 চনত 26.9% শতাংশ হৈছিল আৰু ই তেতিয়া প্ৰথম স্থান অধিকাৰ কৰিছিল। ভাৰতৰ মুঠ ৰপ্তানি বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৰঙণিৰ পৰিমাণ আগৰ পৰাই যথেষ্ট বেছি আছিল আৰু এই বৰঙণিৰ পৰিমাণ 1960-61 চনৰ 16% ৰ পৰা বৃদ্ধি পাই 1987-88 চনত 18.6% আৰু 2000-01 চনত 20.9% হৈছিল। গতিকে 1970-71 চনৰ পিছৰ পৰা ভাৰতৰ ৰপ্তানি বাণিজ্যত আগবঢ়োৱা বৰঙণিৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম স্থান অধিকাৰ কৰি আছিল।

সমাজতান্ত্রিক দেশসমূহৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপনৰ ফলত ভাৰতৰ ৰপ্তানি বাণিজ্যত চোভিয়েট যুক্তৰাষ্ট্ৰৰ বৰঙণিৰ পৰিমাণ 1960-61 চনৰ 4.5% ৰ পৰা বৃদ্ধি পাই 1980-81 চনত 18.3% আৰু 1985-86 চনত 18.4% হৈছিল আৰু এই দুটা বছৰত প্ৰথম স্থান অধিকাৰ কৰিছিল। কিন্তু ইয়াৰ পিছত ভাৰতৰ ৰপ্তানি বাণিজ্যত ইয়াৰ বৰঙণি ক্রমান্বয়ে হ্রাস পাই 2000-01 চনত মাথোন 2% হৈছিল।

৫। স্বাধীনতাৰ পিচত ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ বিষয়ে লিখা। (Write about the balance of payment in India after independence?)

উত্তৰঃ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত দেশৰ অৰ্থনৈতিক অৱস্থাক প্ৰতিফলিত কৰে। কোনো এখন দেশৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত হ’ল এক এনেকুৱা বিস্তাৰিত আৰু পদ্ধতিগত হিচাপৰ প্রণালী য’ত এটি নির্ধাৰিত সময়ছোৱাত কোনো এখন দেশৰ সকলো বাসিন্দা আৰু বাকী বিশ্বৰ মাজত সংঘটিত হোৱা সকলো বিভিন্ন লেন-দেনক অন্তর্ভুক্ত কৰা হয়। বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তক প্ৰধানতঃ 

(ক) চলিত হিচাপ। আৰু

(খ) মূলধনী হিচাপত বিভাজন কৰা হয়।

ভাৰতত পৰিকল্পনাৰ প্ৰৱৰ্তনৰ পিছত বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ অৱস্থা ইয়াৰ আমদানি আৰু ৰপ্তানিৰ পৰিমাণৰ একেৰাহে পৰিৱৰ্তন হোৱাৰ ফলত যথেষ্ট পৰিমাণে পৰিৱৰ্তনৰ সন্মুখীন হৈছে।

(ক) প্ৰথম চাৰিটা পৰিকল্পনাৰ কালছোৱাত ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ অৱস্থাঃ প্রথম পৰিকল্পনাৰ কালছোৱাত ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত যথেষ্ট সন্তোষজনক আছিল। কাৰণ এই সময়ছোৱাত ইয়াৰ চলিত হিচাপত থকা মুঠ ঘাটিৰ পৰিমাণ আছিল। 42.3 কোটি টকা। দ্বিতীয় পৰিকল্পনাৰ সময়ছোৱাত এই বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত ঘাটিৰ পৰিমাণ আছিল 1725 কোটি টকা। তৃতীয় পৰিকল্পনাৰ সময়ছোৱাত দেশৰ BOP ৰ চলিত হিচাপত হোৱা ঘাটিৰ পৰিমাণ 1941 কোটি টকা আৰু এই ঘাটি প্রধানতঃ বিদেশৰ পৰা বিভিন্ন আঁচনিত লোৱা ঋণৰ জৰিয়তে পূৰণ কৰা হৈছিল। চতুর্থ পৰিকল্পনাৰ সময়ছোৱাত চৰকাৰ ৰপ্তানি প্ৰসাৰ আৰু আমদানি পৰিহাৰৰ বাবে বিকল্প সামগ্ৰীৰ উৎপাদন ব্যৱস্থাসমূহ দেশৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ ক্ষেত্ৰত সৃষ্টি হোৱা ঘাটি দূৰ কৰিবলৈ প্ৰৱৰ্তন কৰিছিল। তদুপৰি অদৃশ্য হিচাপত 1973-74 চনত 1980 কোটি টকাৰ প্ৰাপ্তিৰ ফলত এই পৰিকল্পনাৰ শেষত BOP ত 100 কোটি টকাৰ উদ্বৃত্ত সৃষ্টি হৈছিল।

(খ) পঞ্চম পৰিকল্পনাৰ সময়ছোৱাত ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তঃ পঞ্চম পৰিকল্পনাৰ সময়ছোৱাত বিদেশৰ বজাৰ পেট্রোলিয়ামজাত সামগ্ৰীৰ যথেষ্ট মূল্যবৃদ্ধিৰ ফলত বাণিজ্যিক উদ্বৃত্তৰ ক্ষেত্ৰত 3179 কোটি টকাৰ ঘাটিৰ সৃষ্টি হৈছিল কিন্তু অদৃশ্য হিচাপত 6221 কোটি টকা প্ৰাপ্তিৰ ফলত পঞ্চম পৰিকল্পনাৰ শেষত 3082 কোটি টকাৰ উদ্বৃত্ত হৈছিল।

(গ) ষষ্ঠ আৰু একাদশ পৰিকল্পনাৰ কালছোৱাত ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তঃ 1979-80 চনৰ পিছৰ পৰা ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ অৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈ যথেষ্ট পৰিমাণৰ ঘাটিৰ সন্মুখীন হৈছিল।

1980-81 চনৰ 5967 কোটি টকাৰ পৰা 1984-85 চনত 6721 কোটি টকা সৃষ্টি হোৱাৰ ফলত ভাৰতে ষষ্ঠ পৰিকল্পনাৰ সময়ছোৱাত মুঠ 11,384 কোটি টকা পৰিমাণৰ বাণিজ্যিক লেন-দেন উদ্বৃত্তত ঘাটিৰ সৃষ্টি হৈছিল। আকৌ বাণিজ্যিক উদ্বৃত্তৰ ক্ষেত্ৰত একেৰাহে সৃষ্টি হোৱা ঘাটিৰ ফলত সপ্তম পৰিকল্পনাৰ সময়ছোৱাত দেশৰ বাণিজ্যিক লেন-দেন উদ্বৃত্ত মুঠ 38,313 কোটি টকাৰ ঘাটি সৃষ্টি হৈছিল য’ত গড় বছৰি ঘাটিৰ পৰিমাণ আছিল 7662 কোটি টকা। আকৌ 1990-91 চনত বাণিজ্যিক লেন-দেন উদ্বৃত্তৰ ঘাটিৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাই হৈছিল 17,369 কোটি টকা। ইয়াৰ পিছত এই ঘাটিৰ পৰিমাণ হ্ৰাস পাই 1991-92 চনত হৈছিল 2237 কোটি টকা আৰু 1992-93 চনত এই ঘাটিৰ পৰিমাণ আকৌ বৃদ্ধি পাই হৈছিল 12,764 কোটি টকা ৷ ইয়াৰ পিছত 1995-96 চনত মাটিৰ পৰিমাণ বৃদ্ধি পাই হৈছিল 19607 কোটি টকা আৰু 1997-98 চনত 20,885 কোটি টকা আৰু 2000-01 চনত হ্ৰাস পাই 11,431 কোটি টকা হৈছিল।

ষষ্ঠ আৰু একাদশ পৰিকল্পনাৰ সময়ছোৱাত আমদানিৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি হৈছিল আৰু ৰপ্তানি অতি নিম্ন হাৰত বৃদ্ধিৰ ফলত দেশৰ বাণিজ্যিক লেন-দেন উদ্বৃত্তত এই ব্যাপক ঘাটিৰ সৃষ্টি হৈছিল। এই পৰিকল্পনাৰ সময়ছোৱাত বাণিজ্যিক উদ্বৃত্তৰ ঘাটিৰ পৰিমাণ ইমানে ব্যাপক আছিল যে ই অদৃশ্য সামগ্ৰীৰ সৃষ্টি হোৱা নীট প্রাপ্তিৰ দ্বাৰা পূৰাব পৰা নাই।

৬। সাম্প্ৰতিক কালত ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ ক্ষেত্ৰত সৃষ্টি হোৱা বর্ধিত পৰিমাণ ঘাটিৰ প্ৰধান কাৰণসমূহ ব্যাখ্যা কৰা। ভাৰতৰ এই বর্ধিত বাণিজ্যিক লেন-দেনৰ সমস্যা সমাধানৰ উপায়সমূহ ব্যাখ্যা কৰা। (Explain the main reasons for the recent increase in the crisis of balance of payment in India? Explain the ways to solve the problem of this increased balance of payment in India.) 

উত্তৰঃ ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ ক্ষেত্ৰত যি বর্ধিত সমস্যাৰ সৃষ্টি হৈছিল এইবোৰ তলত আলোচনা কৰা হ’লঃ

(ক) ভাৰতৰ এই বাণিজ্যিক লেন-দেন উদ্বৃত্তৰ বৰ্ধিত সমস্যাৰ প্ৰধান গুৰুত্বপূৰ্ণ কাৰণ হ’ল স্বর্গীয় ৰাজীৱ গান্ধীর নেতৃত্বত কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা উদাৰ আমদানিৰ নীতি অর্থাৎ 1985 চনত ঘোষণা কৰা আমদানি-ৰপ্তানি নীতিৰ ফলত সৃষ্টি হোৱা ব্যাপক আমদানিৰ প্ৰবাহ।

(খ) এই ভয়ংকৰ সমস্যাৰ আন এটি কাৰণ হ’ল ভাৰতত আগৰ পৰাই থকা ব্যাপক আমদানিৰ ভেঁটি। সপ্তম পৰিকল্পনাৰ সময়ছোৱাত ৰপ্তানিৰ বছৰি বৃদ্ধিৰ হাৰ 18.7% অৰ্জন কৰা সত্ত্বেও আৰু আমদানিৰ বছৰি বৃদ্ধিৰ হাৰতকৈ ই বেছি হোৱা সত্বেও আৰম্ভণিতেই ব্যাপক পৰিমাণৰ আমদানি ভেঁটি থকাৰ বাবে দেশৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্ত এটি ভয়ংকৰ অৱস্থাৰ সম্মুখীন হৈছিল। বৰ্তমান সময়ছোৱাত এই একেই অৱস্থা পৰিলক্ষিত হৈছে।

(গ) সাম্প্ৰতিক কালত ভাৰতৰ এই বর্ধিত BOP সমস্যাৰ তৃতীয় কাৰণ আছিল সর্বোৎকৃষ্ট উপভোগৰ প্ৰয়োজন পূৰণৰ বাবে দেশে গ্ৰহণ কৰা আমদানিৰ প্ৰগাঢ় ঔদ্যোগিক উন্নয়নৰ ফলত সৃষ্টি হোৱা বৰ্ধিত পৰিমাণৰ আমদানি।

(ঘ) 1987-91 চনৰ সময়ছোৱাত ভাৰতীয় টকাৰ ডলাৰ আৰু অন্যান্য বৈদেশিক মুদ্ৰাৰ সৈতে হোৱা দ্রুত অৱমূল্যায়নৰ ফলত আৰু বৰ্তমানে টকাৰ মূল্যৰ পতনৰ ফলত ভাৰতৰ আমদানিৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

(ঙ) 1990-91 চনত সৃষ্টি হোৱা ক্রমান্বয়ে বেয়াৰ পিনে যোৱা বাণিজ্যিক লেন-দেনৰ ঘাটি প্রধানতঃ উপসাগৰীয় যুদ্ধ আৰু পেট্রোলিয়ামজাত সামগ্ৰীৰ ক্ৰমান্বয়ে মূল্য বৃদ্ধিৰ ফলত সৃষ্টি হৈছিল।

(চ) বাণিজ্যিক লেন-দেনৰ বৰ্ধিত ঘাটি সাম্প্ৰতিক কালত বিদেশৰ পৰা প্ৰেৰণ কৰা টকাৰ পৰিমাণ হ্রাস আৰু বর্ধিত পৰিমাণৰ সুদৰ পৰিশোধৰ পৰা সৃষ্টি হৈছিল। 

(ছ) 1990-91 চনত বাণিজ্যিক লেন-দেন চলিত হিচাপত থকা ঘাটি চৰকাৰৰ বিত্তীয় ঘাটি পূৰণৰ ক্ষমতা যথেষ্ট পৰিমাণে কমাই দিছে। দেশৰ ভিতৰত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ সৈতে হোৱা বর্ধিত মুদ্রাস্ফীতি আৰু ব্যাপক ৰাজস্ব ঘাটি আন্তঃৰাষ্ট্ৰীয় বিশ্বাসক যথেষ্ট ক্ষতিগ্রস্ত কৰিছিল। ইয়াৰ ফলত বাণিজ্যিক ঋণৰ প্ৰবাহ কমি গৈছিল আৰু অনাবাসী ভাৰতীয়ৰ জমাৰ ক্ষেত্ৰত বহিঃপ্রবাহ সৃষ্টি হৈছিল। এই ভয়ংকৰ অৱস্থাৰ সম্মুখীন হ’বলৈ ভাৰতে IMF ৰ পৰা 1.2. শত কোটি ডলাৰ পৰিমাণ ঋণ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল আৰু বিভিন্ন ব্যবস্থা গ্রহণ কৰিছিল।

(জ) সাম্প্রতিক কালত হোৱা বিশ্বজনীন মন্দা অৱস্থাত এই বর্ধিত বাণিজ্যিক ঘাটি আৰু বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ ক্ষেত্ৰত অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ই ৰপ্তানিৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত সৃষ্টি হৈছে।

(ঝ) 2011-12 আৰু 2012-2013 চনত দেশৰ বাণিজ্যিক লেন-দেনৰ চলিত হিচাপত উচ্চ পৰিমাণ ঘাটি হোৱাৰ প্ৰধান কাৰণ হ’ল বর্ধিত পৰিমাণ সোণৰ আমদানি আৰু আকৰিক খনিজ তেলৰ আমদানি, বিভিন্ন সামগ্ৰীসমূহৰ যথেষ্ট মূল্য বৃদ্ধি আৰু লগতে দেশৰ ৰপ্তানি পৰিমাণৰ নিম্নগতি।

(ঞ) 1991-92 চনত যদিও আমদানিৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰা হৈছিল কিন্তু এই বছৰত ৰপ্তানি বাণিজ্যিক অৱস্থা নৈৰাশ্যজনক আছিল আৰু বিশ্বৰ বজাৰত মন্দা অবস্থা আগৰ চোভিয়েটভ যুক্তৰাষ্ট্ৰৰ সৈতে হোৱা বাণিজ্য হঠাতে পতন হোৱাৰ ফলত ভাৰতৰ ৰপ্তানি বাণিজ্যিৰ পৰিমাণ ডলাৰৰ হিচাপত কমি গৈছিল।

ভাৰতৰ ৰাণিজ্যিক লেন-দেনৰ উত্তৰ (BOP) ক্ষেত্রত হোৱা বর্ধিত মাটিৰ সমস্যা সমাধানৰ উপায়ঃ 

ভাৰতৰ বাণিজ্যিক লেন-দেনৰ উদ্বৃত্তৰ ক্ষেত্ৰত অবিৰতভাৱে হোৱা বর্ধিত পৰিমাণ ঘাটি সঞ্চিত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ব্যৱহাৰ কৰি বা IMF ৰ ঋণ গ্ৰহণ কৰি বা বৈদেশিক ঋণ বা অনুদানৰ জৰিয়তে সম্পদৰ অন্তঃপ্রৱাহ সৃষ্টি কৰি সমাধান কৰিব পৰা নাযায়। ভাৰতত অবিৰতভাৱে হৈ থকা বাণিজ্যিক লেন-দেনৰ ঘাটি যিসকল মৌলিক কাৰণত সৃষ্টি হৈছে সেইবোৰ নিষ্ঠাৰ সৈতে সমাধান কৰাৰ প্ৰয়োজন।

গতিকে বর্তমান এই অৱস্থাত এই সমস্যাৰ চূড়ান্ত সমাধান নিৰ্ভৰ কৰিছে, এফালে দেশৰ আমদানি ব্যয়ৰ পৰিমাণ কঠোৰ হস্তে সংকুচিত কৰাৰ ওপৰত আৰু আনফালে ৰপ্তানি বাণিজ্যিক সর্বোচ্চ প্ৰসাৰৰ ওপৰত।

(ক) আমদানি নিয়ন্ত্রণঃ বৰ্তমান এই পৰিস্থিতি ভাৰতত যিসকল সামগ্ৰীৰ উৎপাদনৰ ক্ষমতা আছে সেইবোৰ সামগ্ৰীৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীল কমোৱা উচিত। এইদৰে দেশত খাদ্য-শস্য, ভক্ষ্য তেলৰ উৎপাদন বৃদ্ধি কৰি ইয়াৰ আমদানি সম্পূৰ্ণৰূপে বন্ধ কৰা উচিত। গতিকে ভাৰতত লো-তীখা, কাগজ আৰু সাৰ আদি উদ্যোগত বৰ্ধিত উৎপাদন ক্ষমতাৰ ব্যৱহাৰ কৰি এইবোৰ সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা উচিত। সোণ-ৰূপ আৰু পেট্রোলিয়ামজাত সামগ্ৰীৰ ঘৰুৱা বর্ধিত চাহিদাৰ কৰ্তন কৰা উচিত। ইয়াৰ উপৰি বিলাসবহুল সামগ্ৰীৰ আমদানি কঠোৰভাবে দমন কৰা উচিত। লগতে দেশে আমদানি বিকল্প ব্যৱস্থাসমূহ বেছিকৈ প্ৰয়োগ আৰু বিদেশী কোম্পানীৰ সহায়ত কোম্পানীৰ স্থাপন অপ্রয়োজনীয় ক্ষেত্ৰত নিৰুৎসাহিত কৰা উচিত।

(খ) ৰপ্তানি বাণিজ্যিক প্ৰসাৰঃ ভাৰতৰ বাণিজ্যিক লেন-দেনৰ ঘাটিৰ সমস্যাৰ উপযুক্তভাৱে সমাধান কৰিবলৈ ভাৰতত অচিৰাচৰিত নতুন নতুন সামগ্ৰীৰ যেনে– ইঞ্জিনিয়াৰিং সামগ্রী, তৈয়াৰী খাদ্য, ফল আৰু হস্তশিল্প তাঁত সামগ্ৰী আদিৰ ৰপ্তানি বৃদ্ধি কৰাৰ প্ৰয়োজন। তদুপৰি ভাৰতে ইয়াৰ ৰপ্তানি সামগ্ৰীৰ বজাৰ অচিৰাচৰিত অঞ্চলত সম্প্ৰসাৰণ কৰা প্ৰয়োজন আৰু ঘৰুৱা উপভোগৰ পৰিমাণ কমাই ৰপ্তানিৰ বাবে পৰ্যাপ্ত উদ্বৃত্ত সৃষ্টি কৰা প্রয়োজন।

ভাৰতৰ 1992-93, 1993-94 আৰু 2012-13 চনৰ বাজেটত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমদানি নীতি যথেষ্ট সৰলীকৰণ আৰু উদাৰ কৰা হৈছে। ভাৰতৰ ৰপ্তানিকাৰী উদ্যোগসমূহৰ প্রয়োজনীয় যন্ত্রপাতি আৰু কেঁচামাল আমদানিৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হৈছে। গতিকে এইটো লক্ষ্য ৰখা প্রয়োজন যে এই আমদানিৰ উদাৰনীতি ৰপ্তানিভিত্তিক উদ্যোগ আৰু আমদানি বিকল্প সামগ্রী উৎপাদনকাৰী উদ্যোগৰ মাজতেই যাতে সীমাবদ্ধ থাকে।

৭। সেৱাখণ্ড বা পৰিৱেশখণ্ডৰ মুখ্য ভূমিকাৰ ওপৰত আলোচনা কৰা। (Discuss the main role of service segment or environment segment.)

উত্তৰঃ সেৱাখণ্ড হৈছে অৰ্থনীতিৰ খণ্ড, যিয়ে সেৱা উৎপাদন আৰু প্ৰদান কৰে। 

সেৱাখণ্ডৰ মুখ্য ভূমিকা হৈছেঃ

(ক) এই খণ্ডটোৱে প্ৰাথমিক আৰু মাধ্যমিক খণ্ডৰ বিকাশত সহায় কৰে।

(খ) এই খণ্ডৰ সৈতে সম্পর্কিত কার্যকলাপবোৰে ভাল উৎপাদন নকৰে কিন্তু সেইবোৰ হৈছে উৎপাদন প্ৰক্ৰিয়াৰ বাবে এক সহায় বা সমর্থন।

(গ) ই অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰে যি শিক্ষক, চিকিৎসক, উকীল আদিৰ সেৱাৰ দৰে সামগ্রী উৎপাদনত পোনপটীয়াকৈ সহায় নকৰিব পাৰে।

(ঘ) সাম্প্রতিক সময়ত তথ্য-প্ৰযুক্তি আদিৰ ওপৰত আধাৰিত কিছুমান নতুন সেৱা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

(ঙ) সেৱাখণ্ডত অন্তর্ভুক্ত থাকে পৰিবহণ, সঞ্চয়, যোগাযোগ, বেংকিং আদি। 

(চ) সেৱাখণ্ড ভাৰতৰ সৰ্ববৃহৎ উৎপাদক হৈ পৰিছে কিয়নো বিভিন্নধৰণৰ সেৱা যেনেঃ চিকিৎসালয়, শিক্ষানুষ্ঠান, ডাক আৰু টেলিফোন সেৱা আৰক্ষী, আদালত আদিৰ প্ৰয়োজন।

(ছ) উপাৰ্জন বৃদ্ধিৰ সৈতে অধিক সেৱাৰ চাহিদাও বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে ৰেষ্টুৰেণ্ট, পৰ্যটন, মল আৰু শ্বপিং কমপ্লেক্স, স্কুল ইত্যাদি।

যিকোনো দেশতে অর্থনৈতিক বিকাশ অর্থনীতিৰ তিনিটা খণ্ডৰ বিকাশ আৰু বিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে শেহতীয়া বছৰবোৰত উন্নয়নশীল দেশবোৰত সেৱাখণ্ড অতি দ্রুত হাৰত বৃদ্ধি পাইছে আৰু উৎপাদন, উপাৰ্জন আৰু নিযুক্তিৰ ক্ষেত্ৰত এক মুখ্য অংশত অৰিহণা যোগাই আছে। আনকি কৃষি আৰু ঔদ্যোগিক খণ্ডৰ তুলনাত সেৱাখণ্ডত প্ৰতিজন শ্রমিকৰ উৎপাদনশীলতা অধিক হৈ আহিছে। ইতিমধ্যে উন্নত দেশসমূহত সেৱাখণ্ড প্ৰভাৱশীল। যদি কৃষিখণ্ড স্থবিৰ হৈ আছে, নতুন সেৱা কার্যকলাপ উদ্ভৱ হৈছে আৰু সেৱাখণ্ডত যোগ দিছে তেতিয়া অৰ্থনীতিৰ বিকাশ ঘটে। সেয়েহে সেৱাখণ্ডই যিকোনো দেশৰ অৰ্থনৈতিক বিকাশত মুখ্য ভূমিকা পালন কৰি আছে। অৰ্থনীতিৰ বিভিন্ন দিশত ইয়াৰ অৱদানৰ দ্বাৰা সেৱাখণ্ডৰ গুৰুত্ব অনুমান কৰিব পাৰি।

সেৱাখণ্ডৰ কাৰ্যকলাপ হিচাপে বাণিজ্যই উৎপাদক আৰু উপভোক্তাসকলৰ মাজত সামগ্রী আৰু সেৱাৰ আদান-প্ৰদানত সহায় কৰে। ঘৰুৱা বাণিজ্য মানে দেশৰ সৈতে সামগ্ৰী আৰু সেৱাৰ আদান-প্রদানক বুজায়। যিয়ে এই কার্যকলাপত নিয়োজিত লোকসকলক উপার্জন আৰু নিযুক্তি প্ৰদান কৰে ৷ দেশৰ উন্নয়নত বৈদেশিক বাণিজ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

সেৱাখণ্ডৰ কার্যকলাপ হিচাপে বিত্ত যিকোনো অর্থনৈতিক কার্যকলাপ কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বিত্ত হৈছে ব্যক্তিগত, ব্যৱসায়িক গৃহ আৰু চৰকাৰৰ দ্বাৰা প্রয়োজনীয় মুদ্রা সম্পদৰ পুঁজি। মূলধনী সামগ্রী ক্রয় কৰাৰ বাবে মানুহক তেওঁলোকৰ বৰ্তমানৰ প্রয়োজনীয়তা বা দৈনন্দিক ব্যয় পূৰণ কৰিবলৈ পূজাৰ প্ৰয়োজন।

সেৱাখণ্ডৰ কার্যকলাপবোৰত সাধাৰণতে অন্যান্য খণ্ডৰ কাৰ্যকলাপতকৈ তুলনামূলকভাৱে কম মূলধন বিনিয়োগৰ প্ৰয়োজন হয়। কিন্তু এই কাৰ্যকলাপৰ বেছিভাগৰ বাবে অপাৰেচন সেৱাখণ্ডৰ বাবে তুলনামূলকভাৱে কম স্থানৰ প্ৰয়োজন হয়। এক জ্ঞান নিবিড় খণ্ড আৰু বেছিভাগ সেৱাখণ্ডৰ কাৰ্যকলাপ বিকাশৰ বাবে, যথেষ্ট মানৱ সম্পদৰ উন্নয়নৰ বাবে প্রয়োজনীয়।

৮। পৰিষেৱা খণ্ডৰ বিকাশ আৰু গতিধাৰাৰ ওপৰত আলোচনা কৰা। (Discuss the development and dynamics of the service segment.)

উত্তৰঃ পৰিষেৱা খণ্ড সাধাৰণতে বিভিন্ন ধৰণৰ কাৰ্যাৱলীক যেনে– তথ্য-প্রযুক্তি পৰিষেৱাৰ পৰা অসংগঠিত খণ্ডই আগবঢ়োৱা সাধাৰণ সেৱাসমূহক সামৰি লৈছে। পৃথিৱীৰ বিভিন্ন দেশত পৰিষেৱা খণ্ডৰ কিছুমান প্ৰাকৃতিক সুবিধা থকাৰ বাবে ইয়াৰ কাৰ্যাৱলী দ্ৰুতগতিত আৰু একেৰাহে বিকাশগ্রস্ত হৈছে। কোনো দেশৰ উন্নয়নৰ প্ৰথম পৰ্যায়ত প্রস্তুতকাৰী উদ্যোগত উৎপাদিত সামগ্ৰীৰ বিকাশ পৰিষেৱা খণ্ডতকৈ আগত সম্প্ৰসাৰিত হয়। দেশৰ উন্নয়নৰ লগে লগে প্রস্তুতকাৰী উদ্যোগবোৰৰ আৰু অধিক বিকাশ পিছপৰি যায় আৰু এই সময়ত পৰিষেৱা খণ্ড ইয়াৰ উৎপাদন আৰু নিয়োগৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আৰম্ভ কৰে। এইদৰে প্ৰস্তুতকাৰী উদ্যোগসমূহ ক্ৰমান্বয়ে পৰিষেৱাকেন্দ্ৰিক হৈ ইয়াক প্ৰতিযোগিতামূলক আৰু উন্নয়ন অৱস্থাৰ সম্মুখীন হ’বলৈ সহায় কৰে। ভাৰতৰ পৰিষেৱা খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় তুলনামূলক বিশ্লেষণ তলত দিয়াধৰণে সমীচীন হ’ব।

(ক) পৰিষেৱা খণ্ডৰ পৰা সৃষ্টি হোৱা আয়ঃ ভাৰতৰ পৰিষেৱা খণ্ডৰ কাৰ্যাৱলীত পৃথিৱীৰ কিছুমান সর্বোচ্চ উন্নত দেশবোৰৰ তুলনা কৰিব পৰা যায়। 2011 চনত বিশ্বৰ মুঠ ঘৰৱা উৎপাদনৰ 70,202 শত কোটি ডলাৰৰ মাজত ইয়াৰ 67.5% পৰিষেৱা খণ্ডৰ পৰা সৃষ্টি হৈছে আৰু 2011 চনত এই একেই অনুপাত আছিল 68.1%। আকৌ এই একেই ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৱস্থা উন্নয়নশীল দেশবোৰৰ তুলনাত অকল ওপৰতেই নহয় ই বিশ্বৰ ওপৰৰ স্তৰত থকা উন্নত দেশবোৰৰ অতি ওচৰৰ অৱস্থাতে আছে। 2011 চনত বিশ্বৰ সৰ্বোচ্চ 15 খন উচ্চমানৰ GDP থকা দেশবোৰৰ মাজত ভাৰতবৰ্ষ সৰ্বাধিক GDP ৰ ক্ষেত্ৰত নৱম স্থান আৰু মুঠ পৰিষেৱা খণ্ডৰ আয়ৰ ক্ষেত্ৰত দশম স্থান অধিকাৰ কৰি আছে। যেতিয়া উন্নত দেশবোৰ যেনে— ব্ৰিটিছ যুক্তৰাষ্ট্ৰ (UK), আমেৰিকা যুক্তৰাষ্ট্ৰ (USA) আৰু ফ্ৰান্সৰ মুঠ ঘৰুৱা উৎপাদন (GDP) পৰিষেৱা খণ্ডই 78% বৰঙণি আগবঢ়াইছে। 

সেই সময়ত 2011 চনত ভাৰতবৰ্ষত এই একেই বৰঙণিৰ পৰিমাণ আছিল 58.2% আৰু চীন 41.7%। আকৌ 2001-2011 চনৰ সময়ছোৱাত ভাৰতবৰ্ষত ইয়াৰ পৰিষেৱা খণ্ডৰ দেশৰ মুঠ উৎপাদনত (GDP), বৰঙণি বৃদ্ধিৰ পৰিমাণ সর্বোচ্চ আছিল আৰু তুলনামূলকভাৱে ইয়াৰ পাছৰ দেশবোৰ আছিল স্পেইন আৰু কানাডা (5.3% বিন্দু), ব্ৰিটিছ যুক্তৰাষ্ট্ৰ (4.5% বিন্দু) আৰু ইটালি (3.2% বিন্দু)। 2010-11 চনৰ সময়ছোৱাত পৰিষেৱা খণ্ডই অৰ্জন কৰা গড় বছৰি মিশ্ৰ বিকাশৰ হাৰ আছিল চীনত 11.1% আৰু ভাৰতত 9.2% যাক আমি উচ্চ বিকাশৰ হাৰ বুলি ক’ব পাৰো। পৰিষেৱা খণ্ডৰ বৰঙণিৰ প্ৰকৃত মূল্য আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত চীনে ভাৰততকৈ 2011 চনত যথেষ্ট আগবাড়ি আছিল। এই 2011 চনত পৰিষেৱা উৎপাদনৰ প্ৰকৃত মূল্যৰ বিকাশৰ হাৰ চীনত আছিল 4.9% আৰু ভাৰতত আছিল 7.4% কিন্তু তুলনামুলকভাৱে এই একেই হাৰ আছিল ভাৰতত 9.2%, ব্ৰিটিছ যুক্তৰাষ্ট্ৰত 2.3%, আমেৰিকা যুক্তৰাষ্ট্ৰত 2.11%, ব্রাজিলত 3.8%, ৰাহিয়াত 5.5% আৰু কানাডাত 2.7%।

(খ) পৰিষেৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যঃ পৰিষেৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভিন্ন সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত প্ৰায় একেধৰণৰ গতি বা অৱস্থা পৰিলক্ষিত হৈছে। 2000 দশকৰ সময়ছোৱাত ইয়াৰ গড় বছৰি বিকাশৰ হাৰ আছিল 9.5%। অৱশ্যে 2001 আৰু 2009 চনত বিশ্ব অর্থনৈতিক সংকটৰ বাবে এই বছৰবোৰত ইয়াৰ নিম্ন গতি পৰিলক্ষিত হৈছিল। 2010 চনত বিশ্বৰ মুঠ পৰিষেৱা ৰপ্তানিৰ মূলা আছিল 3,695 শতকোটি ডলাৰ যি অৰ্থনৈতিক সংকটৰ আগৰ বছৰৰ অৰ্থাৎ 2008 চনৰ মুঠ পৰিষেৱা ৰপ্তানিৰ মূল্য 3,842 শতকোটি ডলাৰতকৈ অলপ কম আছিল। বাণিজ্যিক পৰিষেবাৰ আটাইতকৈ দ্রুতগতিত বিকাশ হৈছিল এছিয়াত যত পৰিষেৱাৰ ৰপ্তানিৰ পৰিমাণ 2010 চনত 22% হাৰত বৃদ্ধি পাইছিল আৰু এই ক্ষেত্ৰত চীন আৰু ভাৰতবৰ্ষৰ নেতৃত্বত এই প্রগতি অর্জন সম্ভৱপৰ হৈছিল।

(গ) পৰিষেৱাৰ খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগঃ প্রাক্ মন্দা সময়ছোৱাত পৰিষেৱা খণ্ডৰ পৰিমিত আৰু গ্ৰহণীয় বিকাশ অৰ্জনৰ ফলত পৃথিৱীৰ বিভিন্ন দেশত এই খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নিমজ প্ৰবাহৰ বাট মুকলি কৰিছিল। অৱশ্যে, গোটেই বিশ্বত হোৱা অর্থনৈতিক আৰু বিত্তীয় সংকট এই প্রত্যক্ষ বিদেশী বিনিয়োগৰ সৰ্বাধিক প্রবাহত এটি সেমেকা প্রভাৱ সৃষ্টি কৰিছিল। এই সংকটৰ ফলত FDI ৰ সৰ্বাধিক প্ৰবাহৰ সৈতে পৰিষেৱা খণ্ডত FDI প্ৰবাহৰ পৰিমাণৰ নিম্নগতি 2010 চনলৈকে পৰিলক্ষিত হৈছিল। অৱশ্যে গোটেই বিশ্বত পৰিষেৱা খণ্ডত প্ৰত্যক্ষ বিনিয়োগৰ প্ৰবাহ 2009 আৰু 2010 চনত চূড়ান্ত হাৰ হ্ৰাস পোৱাৰ পিছত 2011 চনত পুনৰায় বৃদ্ধি পাই ইয়াৰ পৰিমাণ 570 শতকোটি ডলাৰ হৈছিল আৰু ই আগৰ বছৰৰ তুলনাত 15% হাৰত বৃদ্ধি পাইছিল।

গতিকে পৰিষেৱা খণ্ডৰ কাৰ্যাৱলীৰ আন্তৰাষ্ট্ৰীয় তুলনামূলক বিশ্লেষণ পৃথিৱীৰ বিভিন্ন দেশত পৰিষেৱা খণ্ডৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ বিষয়টো প্ৰকাশ কৰিছে। পৃথিৱীৰ বিভিন্ন দেশত পৰিষেৱা খণ্ডৰ GDP ত বৰ্ধিত বৰঙণি পৰিষেৱা খণ্ডৰ বৰ্ধিত হাৰত বিকাশ, পৰিষেৱাৰ বাণিজ্যৰ পৰিমাণ বৃদ্ধি আৰু পৰিষেৱা খণ্ডত বৰ্ধিত হাৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণৰ বৃদ্ধি গোটেই বিশ্বত পৰিষেৱা খণ্ডৰ গুরুত্ব বৃদ্ধিৰ বিষয়টোক প্রতিফলিত কৰিছে।

৯। অদৃশ্য বাণিজ্য সম্পর্কে চমুকৈ লিখা। (Write briefly about the invisible trade?)

উত্তৰঃ অদৃশ্য বাণিজ্য হৈছে এক আন্তর্জাতিক লেন-দেন য’ত মূল সামগ্ৰীৰ আদান-প্রদান। অন্তর্ভুক্ত নহয়। গ্রাহক সেৱা, বিদেশী বেংকিং লেন-দেন আৰু চিকিৎসা, পর্যটন উদ্যোগ সকলোবোৰ অদৃশ্য বাণিজ্যৰ উদাহৰণ। দৰাচলতে, মূল্যৰ সৈতে সম্পর্কিত কিন্তু ভৌতিক সামগ্ৰীৰ সৈতে সম্পর্কিত নোহোৱা যিকোনো লেন-দেনক এক অদৃশ্য ব্যৱসায় বুলি কোৱা হয়। ইয়াৰ সকলো প্ৰকাৰৰ অদৃশ্য বাণিজ্য বিশ্ব বাণিজ্যৰ বৰ্ধিত শতাংশক প্রতিনিধিত্ব কৰে। দৰাচলতে আন্তর্জাতিক সীমা অতিক্ৰম কৰা বেছিভাগ ব্যৱসায়ীক সেৱা হৈছে অদৃশ্য বাণিজ্যৰ উদাহৰণ। অদৃশ্য বাণিজ্যৰ ধাৰণাটো ব্যৱসায়িক কার্যকলাপবোৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় য’ত আৰ্থিক বিনিময় অন্তর্ভুক্ত থাকে কিন্তু ভৌতিক সামগ্ৰীৰ আদান-প্রদান নহয়। এখন দেশৰ এটা প্ৰতিষ্ঠানৰ দ্বাৰা আন এখন দেশৰ কোম্পানীৰ পৰা বীমা আঁচনি ক্রয় কৰাটো এনে লেন-দেন।

শিক্ষা হৈছে অদৃশ্য বাণিজ্যৰ উদাহৰণ। শিক্ষাৰ্থীসকলে বিশেষ শৈক্ষিক ক্ষেত্ৰত তেওঁলোকৰ দক্ষতাৰ বাবে বিখ্যাত প্রতিষ্ঠানবোৰত শিক্ষাৰ প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰিবলৈ আন দেশলৈ ভ্ৰমণ কৰিব পাৰে। এবাৰ তেওঁলোকে স্নাতক হোৱাৰ পিছত, তেওঁলোকে থাকিব পাৰে বা ঘৰলৈ যাব পাৰে। যদি তেওঁলোক ঘৰলৈ যায়, তেওঁলোকে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা আন এক অমূর্ত বিনিময়ত সীমাৰ ওপৰেৰে স্থানান্তৰ কৰিব।

১০। সেৱা বাণিজ্য সম্পর্কে চমুকৈ লিখা। (Write briefly about the service trade?)

উত্তৰঃ সেৱা বাণিজ্য হৈছে উৎপাদক আৰু উপভোক্তাৰ মাজত সেৱা বুলি কোৱা এক অমূর্ত সামগ্ৰীৰ বিক্ৰী আৰু বিতৰণ। বিভিন্ন দেশত অৱস্থিত এজন উৎপাদক আৰু উপভোক্তাৰ মাজত হোৱা সেৱাৰ বাণিজ্যিক আন্তর্জাতিক সেৱা বাণিজ্য বুলি কোৱা হয়। আন্তর্জাতিক বাণিজ্য সেৱাৰ ওপৰত সেৱা বাণিজ্য সাধাৰণ চুক্তিৰ যোগান চাৰিটা পদ্ধতিৰ দ্বাৰা সংজ্ঞায়িত কৰা হয়।

(ক) সীমাপাৰ বাণিজ্যঃ যাক এখন দেশৰ ভূখণ্ডৰ পৰা আন দেশৰ ভূখণ্ডলৈ সেৱা প্ৰদান কৰা বুলি কোৱা হয়, যেনে— আন এখন দেশত অৱস্থিত কোম্পানী এটাৰ বাবে এখন দেশত দূৰৱৰ্তীভাৱে হিচাপ সেৱা প্ৰদান কৰা বা দুটা আন্তৰ্জাতিক গন্তব্য স্থানত উৰা বিমানবন্দৰ।

(খ) বিদেশত ব্যৱহাৰঃ এই পদ্ধতিটোৱে আন যিকোনো দেশৰ সেৱা উপভোক্তা, যেনে— পর্যটন, টেলিমেডিচিন বা বিদেশত অধ্যয়নৰ বাবে এখন দেশৰ সেৱাৰ যোগান সামৰি লয়।

(গ) বাণিজ্যিক উপস্থিতিঃ যি আন যিকোনো দেশৰ এলেকাত এখন দেশৰ সেৱা যোগান কৰ্তাই প্ৰদান কৰা সেৱাসমূহ সামৰি লয়, যেনে— বেংকে আন এখন দেশত ইণ্টাৰনেট সেৱা আগবঢ়োৱা, ভৌতিক শাখা খোলা বা ইন্টাৰনেট সেৱা প্ৰদান কৰা।

(ঘ) প্রাকৃতিক ব্যক্তিৰ উপস্থিতিঃ যি আন যিকোনো দেশৰ এলেকাত প্রাকৃতিক ব্যক্তিৰ উপস্থিতিৰ জৰিয়তে এখন দেশৰ সেৱা যোগান কৰ্তাই প্ৰদান কৰা সেৱাসমূহ সামৰি লয়, যেনে – কামৰ দায়িত্বৰ বাবে এজন কৰ্মচাৰীক এখন দেশৰ পৰা আন এখন দেশলৈ স্থানান্তৰ কৰা ব্যৱসায়।

১১। বৈদেশিক লেন-দেন পৰিশোধৰ সমতা সম্পর্কে চমুকৈ লিখা। (Write briefly about the balance of Payments?) 

উত্তৰঃ বৈদেশিক লেন-দেন পৰিশোধৰ সমতা আন্তৰাষ্ট্ৰীয় বাণিজ্য অধ্যয়নৰ এটা প্ৰধান- বিষয়বস্তু। বৈদেশিক লেন-দেন বিবৃতিয়ে এখন দেশৰ বাসিন্দাসকলে বিশ্বৰ আন আন দেশৰ লগত কৰা দ্ৰৱ্য-সামগ্ৰী, সেৱাসমূহ আৰু পৰিসম্পত্তিবোৰৰ লেন-দেনক তালিকাভক্ত বা লিপিবদ্ধ কৰে। বৈদেশিক লেন-দেনৰ (Balance of Payment) বিবৃতিৰ দুটা হিচাপ থাকে ইয়াৰ এটা হ’ল চলিত হিচাপ আনটো হ’ল মূলধনী হিচাপ।

সেৱাৰ মাধ্যমত হোৱা বাণিজ্যক অদৃশ্যমান বাণিজ্য বুলি কোৱা হয়। এই অদৃশ্যমান বাণিজ্যই উৎপাদনৰ উপাদানৰ আয় (যেনে— সুদ, লাভ আৰু বিদেশত থকা দেশীয় পৰিসম্পদৰ বাবদ হোৱা লাভৰ পৰা বিদেশীয়ে ভাৰতত থকা পৰিসম্পদৰ পৰা পোৱা আয়ক বিয়োগ কৰি পোৱা আয়) আৰু অনা উপাদানৰ আয় (যেনে— জাহাজ, বেংক, বীমা, পর্যটন, সেৱা আদি) অন্তৰ্ভুক্ত কৰে।এখন দেশৰ বাসিন্দাসকলে যিবোৰ আয় মুক্তভাৱে লাভ কৰে যাৰ বিনিময়ত বর্তমান বা ভৱিষ্যতেও কোনো মূল্য প্ৰদান কৰিব নালাগে, তেনেবোৰক প্ৰান্তিক হস্তান্তৰযোগ্য প্রদান বোলে।

এখন দেশৰ লগত আন এখন দেশৰ নির্দিষ্ট সময়কালত সকলো প্ৰকাৰ অৰ্থনৈতিক লেন-দেনৰ প্ৰণালীবদ্ধ হিচাপেই লেন-দেন পৰিশোধ সমতাৰ অন্তৰ্ভুক্ত হয়। অর্থাৎ লেন-দেন পৰিশোধৰ সমতাৰ বিষয়টোৱে দুখন দেশৰ মাজত অর্থনৈতিক লেন-দেনসমূহ অন্তর্ভুক্ত কৰে। লেন-দেন পৰিশোধৰ সমতাৰ হিচাপত এখন দেশৰ আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ দেনা-পাওনা এই দুয়োটাৰ হিচাপেই অন্তৰ্ভুক্ত হয়। সাধাৰণতে পৰিশোধৰ লেন-দেনৰ হিচাপ এক বাৰ্ষিক হিচাপ।

১২। বৈদেশিক লেন-দেন পৰিশোধৰ (Balance of Payment) বৈশিষ্ট্যসমূহ লিখা। (Write the features of Balance of Payment.)

উত্তৰঃ বৈদেশিক লেন-দেন পৰিশোধৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) পৰিশোধ সমতা হৈছে এখন দেশৰ লগত পৃথিৱীৰ আন দেশসমূহৰ অৰ্থনৈতিক লেন-দেনৰ এক প্ৰণালীবদ্ধ হিচাপৰ ব্যাখ্যা।

(খ) এনে হিচাপৰ এক নিৰ্দিষ্ট সময়কাল আছে। সাধাৰণতে পৰিশোধৰ লেন-দেনৰ হিচাপ এক বার্ষিক হিচাপ।

(গ) লেন-দেন পৰিশোধৰ হিচাপত সকলো প্ৰকাৰৰ হিচাপ অন্তর্ভুক্ত হয়। অর্থাৎ চলিত আৰু মূলধনী হিচাপৰ দৰে সকলো প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ হিচাপ এনে হিচাপৰ অন্তর্ভুক্ত।

(ঘ) লেন-দেন পৰিশোধৰ সমতাৰ হিচাপ এখন দেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দেনা-পাওনা এই দুয়োটাৰ হিচাপেই অন্তর্ভুক্ত হয়।

(ঙ) লেন-দেন পৰিশোধৰ সমতাৰ হিচাপ দ্বি-পাক্ষিক হিচাপ ৰক্ষণ পদ্ধতি। কাৰণ ইয়াত দেনা-পাওনাৰ দুয়োটাৰ হিচাপেই অন্তৰ্ভুক্ত হয় আৰু দেনা আৰু পাওনা সদায় এটা আনটোৰ সমান।

১৩। বৈদেশিক লেন-দেন পৰিশোধৰ ভাগ দুটা কি কি? চমুকৈ লিখা। (What are the two parts of balance of payments? write briefly.) 

উত্তৰঃ এখন দেশৰ আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ হিচাপত সংঘটিত হোৱা অর্থনৈতিক লেন-দেনসমূহৰ সংক্ষিপ্ত ব্যাখ্যাই হৈছে লেন-দেন পৰিশোধৰ সমতা। এনে পৰিশোধ সমতাৰ ব্যৱস্থাত দুটা ভাগ থাকে। 

যেনে— 

(ক) চলিত হিচাপ (Current Account),।

(খ) মূলধনী হিচাপ (Capital Account)।

(ক) চলিত হিচাপঃ চলিত হিচাপত বস্তু আৰু সেৱাৰ মাধ্যমত হোৱা সকলো ধৰণৰ আমদানি আৰু ৰপ্তানিৰ লগতে হস্তাম্ভৰযোগ্য প্রদানসমূহক লিপিবদ্ধ কৰা হয়। চলিত হিচাপত দুটা বিষয় অন্তৰ্ভুক্ত হৈ থাকে। এই বিষয় দুটা হৈছে— বাণিজ্যৰ হিচাপ আৰু অদৃশ্যমান হিচাপ। বাণিজ্যৰ হিচাপত কেৱল ৰপ্তানি আৰু আমদানি হোৱা দ্ৰৱ্যসমূহৰ লেন-দেনৰ হিচাপ অন্তর্ভূক্ত হয়। আনহাতে অদৃশ্যমান হিচাপত এখন দেশে দ্রব্য-সামগ্ৰী ৰপ্তানি আৰু আমদানিৰ ক্ষেত্ৰত যিবোৰ সেৱা আগবঢ়াই উক্ত সেৱাসমূহৰ হিচাপ অন্তৰ্ভুক্ত হয়। উদাহৰণস্বৰূপে দ্ৰৱ্য-সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ অৰ্থে প্ৰয়োজন হোৱা বেংক আৰু বীমাৰ সেৱা, ঋণৰ সুত, ভ্ৰমণকাৰীৰ ওপৰত কৰা ব্যয়, পৰিবহণৰ ব্যয় আদিৰ পৰা যি আয়-ব্যয় হয় সেইখিনি এনে অদৃশ্যমান হিচাপৰ অন্তৰ্ভুক্ত হয়।

(খ) মূলধনী হিচাপঃ ঋণৰ দেনা-পাওনাৰ বিষয়টো মূলধনী হিচাপৰ অন্তৰ্ভুক্ত। মূলধনী হিচাপত সকলো ধৰণৰ পৰিসম্পত্তিৰ আন্তৰ্জাতিক ক্ৰয় আৰু বিক্ৰী যেনে— মুদ্রা, মজুত, প্রতিজ্ঞাপত্ৰ আদিক লিপিবদ্ধ কৰা হয়। এখন দেশে দ্রব্য-সামগ্ৰীৰ ৰপ্তানি আৰু আমদানিৰ অর্থে প্রয়োজন হোৱা বিত্ত যোগানৰ অৰ্থে ব্যক্তিগত, চৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ পৰা আহৰণ কৰা পুঁজি এনে মূলধনৰ হিচাপৰ অন্তৰ্ভুক্ত হয়। 

তালিকাত পৰিশোধৰ লেন-দেনৰ সমতাৰ অন্তৰ্ভুক্ত মূল বিষয়সমূহ উল্লেখ কৰা হ’ল—

উল্লেখযোগ্য যে এখন দেশৰ চলিত হিচাপ আৰু মূলধনী হিচাপৰ মাজত সমতা স্থাপন হোৱাটো অপৰিহাৰ্য।

উল্লেখযোগ্য যে এখন দেশৰ চলিত হিচাপ আৰু মূলধনী হিচাপৰ মাজত সমতা স্থাপন হোৱাটো অপৰিহাৰ্য।

১৪। বাণিজ্যৰ ভাৰসমতা (Balance of trade) সম্পর্কে চমুকৈ লিখা। (Write briefly about the balance of trade.)

উত্তৰঃ বাণিজ্যৰ ভাৰসমতা এক নির্দিষ্ট সময়ত এখন দেশৰ আমদানি আৰু ৰপ্তানিৰ মূল্যৰ মাজৰ পাৰ্থক্য আৰু এখন দেশৰ অৰ্থ প্ৰদানৰ লেন-দেন পৰিশোধৰ বৃহত্তম উপাদান। বাণিজ্যৰ ভাৰসমতাৰ প্ৰত্যেয়টোৱে কেৱল দৃশ্যমান আনদানি আৰু ৰপ্তানিকৃত দ্ৰব্যৰ হিচাপহে অন্তর্ভুক্ত কৰে। এখন দেশৰ বাণিজ্যৰ ভাৰসমতাৰ ক্ষেত্ৰত ঘাটি বা ৰাহি হ’ব পাৰে। বাণিজ্যৰ ভাৰসমতাক বাণিজ্য সমতা বা আন্তৰাষ্ট্ৰীয় সমতা বুলিও কোৱা হয়। এখন দেশৰ মূল্যৰ দিশে ৰপ্তানি কৰা অধিক দ্ৰব্য আৰু সেৱাৰ আমদানি কৰে তাতে বাণিজ্যৰ ঘাটি হয়। আনহাতে দেশত আমদানি কৰা অধিক দ্ৰব্য আৰু সেৱাৰ ৰপ্তানি কৰে তাতে বাণিজ্য ৰাহি হয়। মুঠ ৰপ্তানিৰ মানক বিয়োগ কৰি মুঠ আমদানিৰ মান হিচাপে বাণিজ্যৰ ভাৰসমতা গণনা কৰা সূত্ৰটো সৰল কৰা হয়।

বাণিজ্যৰ ভাৰসমতাৰ প্ৰকাৰসমূহ হ’ল—

(ক) অনুকূল বাণিজ্যৰ ভাৰসমতা।

(খ) প্ৰতিকূল বাণিজ্যৰ ভাৰসমতা।

(গ) ভাৰসাম্য বাণিজ্যৰ ভাৰসমতা।

দেশৰ ৰপ্তানি-আমদানিতকৈ অধিক হয় তেতিয়া অনুকূল বাণিজ্যৰ ভাৰসমতাৰ স্থিতি হয়।

ৰপ্তানি হোৱা সামগ্ৰীৰ মুঠ মূল্যতকৈ অধিক আমদানিকৃত সামগ্ৰীৰ মুঠ মূল্যকে প্রতিকূল বাণিজ্যৰ ভাৰসমতা বুলি কোৱা হয়। ৰপ্তানি হোৱা সামগ্ৰীৰ মুঠ মূল্য আৰু আমদানিকৃত সামগ্ৰীৰ মুঠ মানৰ মাজৰ সাম্যকে বাণিজ্যৰ ভাৰসাম্যতা বুলি কোৱা হয়।

১৫। বৈদেশিক লেন-দেনৰ পৰিশোধ আৰু বাণিজ্যৰ ভাৰসমতাৰ মাজত পাৰ্থক্য কি? (What is the difference between the balance of payment and the balance of trade?) 

উত্তৰঃ বৈদেশিক লেন-দেনৰ পৰিশোধ আৰু বাণিজ্যৰ ভাৰসমতাৰ মাজত পাৰ্থক্য হ’ল—

(ক) বাণিজ্যক ভাৰসমতাৰ প্ৰত্যেয়টোৱে কেৱল দৃশ্যমান আমদানি ৰপ্তানিকৃত হিচাপহে অন্তৰ্ভুক্ত কৰে। আনহাতে বৈদেশিক লেন-দেন পৰিশোধৰ সমতাৰ প্ৰত্যয়টোৱে দৃশ্যমান আৰু অদৃশ্যমান এই দুই প্ৰকাৰৰ বৈদেশিক বাণিজ্যৰ বিষয়ে অন্তৰ্ভুক্ত কৰে।

(খ) বাণিজ্যক ভাৰসমতাই এখন দেশৰ আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ আংশিক ছবি এখন দিব পাৰে। আনহাতে লেন-দেনৰ পৰিশোধৰ সমতা হিচাপে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় লেন-দেন বিষয়টোৰ ওপৰত এখন ছবি দাঙি ধৰে।

(গ) এখন দেশৰ বাণিজ্যিক সমতাৰ ক্ষেত্ৰত ঘাটি বা ৰাহি হ’ব পাৰে। আনহাতে লেন-দেন পৰিশোধৰ সমতাৰ ক্ষেত্ৰত ঘাটি বা ৰাহি কোনোটোৱেই হ’ব নোৱাৰে।

(ঘ) দ্রব্য সম্পর্কিত লেন-দেন বাণিজ্য ভাৰসমতাত অন্তর্ভুক্ত। আনহাতে দ্ৰব্য আৰু সেৱা সম্পর্কিত লেন-দেন পৰিশোধৰ সমতাত অন্তর্ভুক্ত।

(ঙ) বাণিজ্যৰ ভাৰসাম্যত নিগুটৰ প্ৰভাৱ ধনাত্মক, নেতিবাচক বা শূন্য হ’ব পাৰে। আনহাতে লেন-দেন পৰিশোধৰ সমতাৰ নিগুটৰ প্ৰভাৱ সদায় শূন্য হয়।

১৬। লেন-দেন পৰিশোধৰ ভাৰসাম্যহীনতা বুলিলে কি বুজা? ব্যাখ্যা কৰা। (What do you mean by disequilibrium in the balance of payments? Explain.)

উত্তৰঃ যদি হিচাপ ৰক্ষণ পদ্ধতিৰ দৃষ্টিকোণৰ পৰা এখন দেশৰ পৰিশোধৰ লেন-দেন সদায় ভাৰসমতাৰ অৱস্থাত থকাটো বাঞ্ছনীয়। কিন্তু বাস্তৱ ক্ষেত্ৰত দেশখনৰ লেন-দেন পৰিশোধৰ ক্ষেত্ৰত ভাৰসাম্যহীনতাই দেখা দিব পাৰে। যেতিয়াই দেশখনৰ বৈদেশিক বাণিজ্যৰ পাওনাতকৈ দেনাৰ পৰিমাণ অধিক হয় বা দেনাতকৈ পাওনাৰ পৰিমাণ অধিক হয় তেতিয়াই লেন-দেন পৰিশোধৰ ক্ষেত্ৰত ভাৰসাম্যহীনতাই দেখা দিয়ে। যেতিয়া এখন দেশৰ দেনাতকৈ পাওনাৰ পৰিমাণ অধিক হয় তেতিয়া লেন-দেন পৰিশোধৰ ভাৰসাম্যহীনতা দেশখনৰ অনুকূলে যায়। কাৰণ এই ক্ষেত্ৰত দেশখনে বৈদেশিক বাণিজ্যৰ পৰা ৰাহি উপাৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে যেতিয়া দেশখনৰ বৈদেশিক বাণিজ্যৰ পাওনাতকৈ দেনাৰ পৰিমাণ অধিক হয় তেতিয়া উক্ত ভাৰসাম্যহীনতা দেশখনৰ প্ৰতিকূলে যায়। তেনে ভাৰসাম্যহীনতাই লেন-দেন পৰিশোধৰ ঘাটি নামেৰে জনা যায়। সমীকৰণৰ সহায়ত লেন-দেন পৰিশোধৰ ভাৰসমতা নিৰ্ণয় কৰিব পৰা যায়। 

এইক্ষেত্ৰত ব্যৱহাৰ কৰা সমীকৰণটো হৈছে—

B = R – P

ইয়াত, B = পৰিশোধৰ লেন-দেন ভাৰসামতা

R = বিদেশৰ পৰা আহৰণ কৰা উপাৰ্জন

P = বিদেশীক পৰিশোধ কৰা দেনা 

বৈদেশিক বাণিজ্যৰ লেন-দেন ভাৰসাম্যহীনতাৰ প্ৰত্যেয়টোৰ বিভিন্ন সংজ্ঞা পোৱা যায়। যেতিয়া কোনো এক নির্দিষ্ট সময়কালত এখন দেশৰ বৈদেশিক মুদ্ৰাৰ প্ৰতি চাহিদা দেশখনলৈ যোগান হোৱা বৈদেশিক মুদ্ৰাৰ পৰিমাণতকৈ অধিক হয় বা কম হয় তেতিয়াই বাণিজ্যক লেন-দেন ক্ষেত্ৰত ভাৰসাম্যহীনতাৰ সৃষ্টি হয়।

১৭। বৈদেশিক বাণিজ্যৰ লেন-দেন ভাৰসাম্যহীনতাৰ প্ৰকাৰবোৰ কি কি? আলোচনা কৰ। (What are the types of disequilibrium in the of balance of payment?)

উত্তৰঃ বৈদেশিক বাণিজ্যৰ লেন-দেন ভাৰসাম্যহীনতাৰ প্ৰকাৰবোৰ হ’ল—

(ক) প্ৰাকৃতিক কাৰণ বা প্রাকৃতিক ভাৰসাম্যহীনতাঃ কিছুমান প্রাকৃতিক দুৰ্যোগৰ কাৰণে যেতিয়া বাণিজ্যক লেন-দেন ক্ষেত্ৰত ভাৰসাম্যহীনতাৰ সৃষ্টি হয় তাকেই প্রাকৃতিক ভাৰসাম্যহীনতা বুলি কোৱা হয়। উদাহৰণস্বৰূপে– বানপানী, খৰাং বতৰ আদিৰ কাৰণে এখন দেশৰ উৎপাদন বা ৰপ্তানিৰ পৰিমাণ হ্ৰাস হ’লে দেশখনৰ বৈদেশিক বাণিজ্যৰ লেন-দেন ক্ষেত্ৰত ভাৰসাম্যহীনতাৰ সৃষ্টি হয়।

(খ) দীর্ঘকালীন ভাৰসাম্যহীনতাঃ যেতিয়া এখন অর্থনীতিয়ে উন্নয়নৰ এটা স্তৰৰ পৰা আন এটা স্তৰলৈ গতি কৰে তেতিয়া দেশখনত বৈদেশিক বাণিজ্যৰ লেন-দেন এক দীর্ঘকালীন ভাৰসাম্যহীনতাৰ সৃষ্টি হয়।

(গ) মৌলিক ভাৰসাম্যহীনতাঃ যেতিয়া এখন অর্থনীতিয়ে অবিৰতভাৱে এক দীর্ঘ সময়ৰ কাৰণে বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত ঘাটিৰ সন্মুখীন হয় তেতিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মতে উক্ত দেশখনে এক মৌলিক ভাৰসাম্যহীনতাৰ সম্মুখীন হোৱা বুলি ধৰা হয়। এনে ভাৰসাম্যহীনতাৰ কাৰণ অতি গভীৰ।

(ঘ) ক্ষণিক ভাৰসাম্যহীনতাঃ কেতিয়াবা এখন দেশৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত সৃষ্টি হোৱা ভাৰসাম্যহীনতা সাময়িক হোৱাও পৰিলক্ষিত হয়। বিশেষকৈ এখন দেশ যেতিয়া যুদ্ধত অবতীর্ণ হয় তেতিয়া দেশখনৰ ৰপ্তানিৰ পৰিমাণ হ্রাস হয় আৰু আমদানিৰ পৰিমাণ বৃদ্ধি হয়। তেতিয়া দেশখনৰ বৈদেশিক বাণিজ্যৰ লেন-দেন সাময়িক ভাৰসাম্যহীনতাৰ সৃষ্টি হয়।

(ঙ) সাংগঠনিক ভাৰসাম্যহীনতাঃ দেশ আৰু বিদেশৰ অৰ্থনীতিৰ সাংগঠনিক পৰিৱৰ্তনে এখন দেশৰ আমদানি আৰু ৰপ্তানিৰ চাহিদা আৰু যোগানৰ পৰিৱৰ্তন ঘটাই বৈদেশিক লেন- দেন ক্ষেত্ৰত যেতিয়া ভাৰসাম্যহীনতা সৃষ্টি কৰে তাকেই সাংগঠনিক ভাৰসাম্যহীনতা বুলি কোৱা হয়।

১৮। উন্নয়নশীল অৰ্থনীতিৰ প্ৰসংগত বৈদেশিক লেন-দেন বিবৃতিৰ ধাৰণাটো লিখা। (Write the concept of balance of payment statement in the context of developing economy.)

উত্তৰঃ এক নিৰ্দিষ্ট সময়ত কোনো এখন দেশৰ পৰা অন্য এখন দেশৰ সৈতে অৰ্থনৈতিক লেন-দেন ধাৰাবাহিক হিচাপক সেই দেশৰ বৈদেশিক লেন-দেন বিবৃতি বোলা হয়। এই হিচাপৰ পৰাই দেশ এখনৰ বাণিজ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্থিতি বুজিব পাৰি। আন্তৰাষ্ট্ৰীয় লেন-দেন উদ্ভৱ হোৱাৰ কাৰণ হৈছে দ্ৰব্যৰ প্ৰবাহ, সেৱাৰ প্ৰবাহ আৰু সম্পদৰ প্ৰবাহ। বৈদেশিক লেন- দেন বিবৃতিত অন্তর্ভুক্ত হোৱা আর্থিক বিনিময় দুখন দেশৰ ব্যক্তিৰ মাজত হ’ব পাৰে। এনে বিনিময়ৰ বাবে হস্তান্তৰ মূল্য দিব লাগে।

১৯। বৈদেশিক বাণিজ্যৰ লেন-দেনৰ ভাৰসাম্যহীনতাৰ চাৰিটা কাৰণ দৰ্শাৱা। (Show four reasons for the disequilibrium in the balance of payments.)

উত্তৰঃ বৈদেশিক বাণিজ্যৰ লেন-দেনৰ ভাৰসাম্যহীনতাৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) ৰাষ্ট্ৰীয় আয়ৰ পৰিৱৰ্তনংশংশঃ ৰাষ্ট্ৰীয় আয়ৰ হ্রাসবৃদ্ধিয়েও বৈদেশিক বাণিজ্যত হীনডেঢ়ি ঘটায়। ৰাষ্ট্ৰীয় আয়ৰ পৰিৱৰ্তনৰ ফলত এখন দেশৰ আমদানি আৰু ৰপ্তানিৰ বজাৰত চাহিদা আৰু যোগানৰ পৰিৱৰ্তন ঘটে। ইয়াৰ পৰিণতিত বৈদেশিক বাণিজ্যৰ লেন-দেন ভাৰসাম্য বিনষ্ট হয়।

(খ) উন্নয়ন ব্যয়ৰ বৃদ্ধিঃ অনুন্নত আৰু উন্নয়নশীল দেশসমূহত উন্নয়নৰ অৰ্থে ব্যাপক পৰিমাণে বিনিয়োগ ঘটোৱা হয়। এই দেশসমূহে উন্নয়নৰ আঁচনি ৰূপায়ণৰ বাবে ব্যাপক পৰিমাণে মূলধনী দ্রব্য, কেঁচামাল, প্রযুক্তিবিদ্যা বিদেশৰ পৰা আহৰণ কৰে। ইয়াৰ ফলত দেশৰ আমদানিৰ পৰিমাণ বৃদ্ধি হৈ বৈদেশিক বাণিজ্যত ঘাটিৰ সৃষ্টি কৰে।

(গ) সামাজিক কাৰণঃ অৰ্থনৈতিক উন্নয়নৰ লগে লগে এখন দেশৰ মানুহৰ ৰুচি, পছন্দ আৰু ফেছনৰ পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনে আমদানিত অৰিহণা যোগায় আৰু বৈদেশিক বাণিজ্যত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে।

(ঘ) জনসংখ্যাৰ বৃদ্ধিঃ উন্নত দেশৰ তুলনাত অনুন্নত দেশসমূহত উচ্চ হাৰত জনসংখ্যা বৃদ্ধি হয়। উচ্চ হাৰত জনসংখ্যা বৃদ্ধি ঘটিলে অনুন্নত দেশবোৰত আমদানিৰ পৰিমাণ বৃদ্ধি পায়। এনে অৱস্থাত এই দেশবোৰত বৈদেশিক বাণিজ্যৰ লেন-দেনৰ ঘাটি বৃদ্ধি পায়। ইয়াৰ ফলতো বৈদেশিক বাণিজ্যৰ লেন-দেনৰ ক্ষেত্ৰত ভাৰসাম্যহীনতাই দেখা দিয়ে।

২০। ভাৰতৰ বৈদেশিক লেন-দেনৰ ভাৰসাম্যহীনতাৰ বিষয়ে এটা বিৱৰণ দিয়া আৰু সাম্প্ৰতিক কালত চৰকাৰে গ্ৰহণ কৰা ৰপ্তানি বৃদ্ধিমূলক প্রধান ব্যৱস্থাসমূহ আঙুলিয়াই দিয়া। (Give an account of the disequilibrium in the balance of payments and show the major measures taken by the government in recent times to increase exports.) 

উত্তৰঃ স্বাধীনতাৰ পূৰ্বে ভাৰতৰ বৈদেশিক লেন-দেনত প্ৰায় প্ৰতিবছৰে ৰাহি হৈছিল। স্বাধীনোত্তৰ কালত ভাৰতৰ দ্রুত অর্থনৈতিক উন্নয়নে বৈদেশিক বাণিজ্যৰ ৰেহৰূপ সম্পূৰ্ণৰূপে সলনি কৰি দিলে। ইয়াৰ মূল কাৰণ হ’ল মূলধন সামগ্ৰী, কেঁচা সামগ্ৰী আদিৰ আমদানি। আনকি কৃষি প্রধান দেশখনে বর্ধিত জনসংখ্যাৰ বাবে খাদ্যসামগ্রী ও আমদানি কৰিব লগা হ’ল। আনহাতে ৰপ্তানিও আশানুৰূপভাৱে বৃদ্ধি পোৱা নাই। এনে অৱস্থাত বৈদেশিক লেন-দেনত ঘাটি হোৱাটো স্বাভাবিক।

বৈদেশিক লেন-দেন পৰিশোধৰ পৰিসংখ্যাৰ ওপৰত চকু ফুৰালে দেখা যায় যে ১৯৯১-৯২ চনত বৈদেশিক বাণিজ্যত ২২৩৭ কোটি টকাৰ ঘাটি হৈছিল। ১৯৯২-৯৩ চনত ঘাটিৰ পৰিমাণ বৃদ্ধি হৈ ১২,০০০ কোটি টকা স্পৰ্শ কৰিলে। ১৯৯১-৯২ চনত সংঘটিত উপসাগৰীয় যুদ্ধৰ ফলত তেলৰ মূল্য অভাবনীয়ভাৱে বৃদ্ধি পোৱাত আৰু লগতে প্রবাসী ভাৰতীয়সকলে প্ৰেৰণ কৰা ধনৰ পৰিমাণ কমি যোৱাত বাণিজ্যিক ঘাটিৰ পৰিমাণ বাঢ়ি গৈছিল।

১৯৯৩-৯৪ চনত ভাৰতৰ বৈদেশিক লেন-দেনত ঘাটিৰ পৰিমাণ ১৮৮ কোটি টকালৈ নামি আহিল। সেই বছৰত ৰপ্তানি ৩০ শতাংশ বৃদ্ধি পাইছিল আৰু আমদানি বাঢ়িছিল মাত্র ১৫ শতাংশ। ১৯৯৪-৯৫ চনত ঘাটিৰ পৰিমাণ পুনৰ বৃদ্ধি হৈ ৬৫৩৭ কোটিৰ মাত্ৰা স্পৰ্শ কৰিলে। এই সময়ছোৱাত আমদানি বৃদ্ধি হৈছিল ২৩ শতাংশ আৰু ৰপ্তানি বৃদ্ধি হৈছিল ১৮ শতাংশ।

১৯৯৭-৯৮ চনত বৈদেশিক লেন-দেনত দেখা দিয়া ঘাটিৰ পৰিমাণ আছিল ২৪,০৭৫ কোটি টকা ১৯৯৮-৯৯ আৰু ১৯৯৯-২০০০ চনত ঘাটিৰ পৰিমাণ হৈছিল যথাক্রমে ৩৮,৫৮০ আৰু ৫৫,৬৭৫ কোটি টকা। ২০০০-২০০১ চনত ঘাটি প্রায় অর্ধেকলৈ নামি আহিল। এই বছৰত ঘাটিৰ পৰিমাণ আছিল ২৭,৩০৮ কোটি টকা।

২১। বৈদেশিক বাণিজ্যৰ ভাৰসাম্যহীনতা সংশোধনৰ তিনিটা ব্যৱস্থা উল্লেখ কৰা। (Mention three measures to correct the disequilibrium in the balance of payments.)

উত্তৰঃ (ক) দেশীয় মুদ্ৰাৰ বহির্মূল্যৰ সংকোচনঃ দেশীয় মুদ্ৰাৰ বহিমূল্যৰ সংকোচন ঘটালে ৰপ্তানিৰ মূল্য হ্রাস আৰু আমদানির মূল্য বৃদ্ধি পায়। ৰপ্তানি বৃদ্ধি আৰু আমদানি হ্ৰাসে দেশখনৰ বৈদেশিক বাণিজ্যৰ ঘাটি হ্ৰাস কৰাত সহায় কৰে।

(খ) আমদানি শুক্ল আৰোপঃ আমদানি দ্ৰব্যৰ ওপৰত উচ্চহাৰত শুল্ক ধাৰ্য কৰিও আমদানি হ্ৰাস কৰিব পৰা যায়। আমদানি হাস হলে বৈদেশিক বাণিজ্যৰ ঘাটিও হ্ৰাস হ’ব।

(গ) ৰপ্তানি উন্নয়নঃ এই ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া আন এক ফলপ্ৰসু কাম হ’ল ৰপ্তানি বৃদ্ধি কৰা। ৰপ্তানিৰ গুণগত মান উন্নত কৰা, ৰপ্তানি উদ্যোগসমূহক উদগনিমূলক সাহায্য প্রদান কৰা, কৰ ৰেহাই আদি ব্যৱস্থা গ্ৰহণ কৰি ৰপ্তানি বৃদ্ধি কৰিব পৰা যায়।

২২। লেন-দেন সমতা বুলিলে কি বুজা? বাণিজ্যিক সমতা আৰু লেন-দেন সমতাৰ মাজত পার্থক্য কি? (What do you mean by transaction parity? What is the difference between commercial parity and transaction parity?)

উত্তৰঃ এখন দেশে কৰা লেন-দেন পদ্ধতিগতভাৱে ৰক্ষা কৰা হিচাপকেহ লেনদেন সমতা বোলে। দেশ এখনে বর্হিদেশৰ লগত দ্রব্য- সামগ্ৰী আৰু মূলধনৰ আদান-প্ৰদানৰ পদ্ধতিগত হিচাপ ৰক্ষাক বৈদেশিক লেনদেন পৰিশোধৰ সমতা বোলা হয়। অর্থাৎ এখন দেশে আন্তৰাষ্ট্ৰীয়ভাৱে কৰা লেন-দেন পদ্ধতিগতভাৱে ৰক্ষা কৰা হিচাপকেহে বৈদেশিক লেন-দেন পৰিশোধৰ সমতা বোলে।

এখন দেশৰ বহির্দেশৰ লগত দৃশ্যমান  দ্ৰৱা আৰু সামগ্ৰীৰ আদান-প্রদান, অদৃশ্যমান সেৱাৰ আদান-প্রদান আৰু মূলধন স্থানান্তৰকৰণ এই তিনি প্ৰকাৰৰ আদান-প্ৰদানৰ উপাদান থাকে। বর্তমান বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই আন্তর্জাতিক লেন-দেন বাবে প্রতিবছৰে দেশখনৰ পৰা সম্পদ বিদেশলৈ প্রৱাহিত হয় আৰু বিদেশৰ পৰাও দেশখনলৈ সম্পদৰ আগমণ ঘটে। এই আদান-প্রদান বৈদেশিক লেনদেন পৰিশোধৰ সমতাৰ হিচাপত অন্তৰ্ভুক্ত কৰা হয়। এই হিচাপত দেনা আৰু পাওনা এই দুটা পক্ষ থাকে। পাওনাৰ পক্ষত দেশখনলৈ আগমণ ঘটা সম্পদ আৰু দেনাৰ পক্ষত দেশখনৰ পৰা প্ৰৱাহিত হোৱা সম্পদৰ হিচাপ অন্তৰ্ভুক্ত কৰা হয়। 

বাণিজ্যিক সমতা আৰু লেন-দেন সমতাৰ মাজত পাৰ্থক্যঃ

(ক) দেশ আমদানি আৰু ৰপ্তানিবলৈ যি হিচাপ সংৰক্ষণ কৰা হয় তাক বাণিজ্যিক ভাৰসমতা বোলা হয়। আনহাতে, এখন দেশে কৰা লেন-দেন পদ্ধতিগতভাৱে ৰক্ষা কৰা হিচাপকেহ লেন দেন সমতা বোলে।

(ক) বাণিজ্যিক সমতাত ঘাটি ৰাহিৰ উদ্ভৱ হ’ব পাৰে। কিন্তু লেন দেন পৰিশোধ সমতাত ইয়াৰ কোনোটোৱে হ’ব নোৱাৰে।

(গ) বাণিজ্যিক সমতাই এখন দেশৰ আন্তৰাষ্ট্ৰীয় লেন-দেন আংশিক ছবি এখন দিব পাৰে। কিন্তু লেন দেন পৰিশোধ সমতাৰ হিচাপে দেশখনৰ আন্তৰাষ্ট্ৰীয় লেন-দেন এক পূর্ণাংগ ছবি দাঙি ধৰে।

(ঘ) বাণিজ্যিক সমতাই দ্ৰব্যৰ আমদানি আৰু ৰপ্তানিৰ মাজত উদ্ভৱ হোৱা সমতাক বুজায়। আনহাতে লেন দেন পৰিশোধ সমতা প্রত্যেকটো দৃশ্যমান আৰু অদৃশ্যমান এই দুয়োপ্ৰকাৰৰ বৈদেশিক বাণিজ্যৰ বিষয় অন্তর্ভুক্ত কৰে।

(ঙ) বাণিজ্যিক সমতাতকৈ লেন দেন পৰিশোধ সমতাৰ পৰিসৰ বহল।

২৩। ভাৰতৰ প্ৰতিকূল লেন-দেন পৰিশোধৰ ক্ষেত্ৰত দেখা দিয়া ঘাটিৰ সমস্যা সমাধাৰনৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা চাৰিটা ব্যৱস্থা চমুকৈ লিখা। (Briefly describe the four measures taken by the Government of India to address the issue of deficit in the balance of payment for adverse transactions in India.)

উত্তৰঃ (ক) ৰপ্তানি বৃদ্ধিঃ প্রতিকূল লেন-দেন সমস্যা সমাধানৰ কাৰণে ভাৰত চৰকাৰে ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত কিছুমান ব্যৱস্থা লৈছে। যেনে— ৰপ্তানিকাৰী উদ্যোগসমূহক অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰা, ৰপ্তানি কৰ উঠাই দিয়া বা কমোৱা, আমদানি ৰপ্তানি বেংকৰ জৰিয়তে ঋণৰ ব্যৱস্থা কৰা আদি ব্যৱস্থা লোৱা হৈছে।

(খ) আমদানি বিকল্পঃ ভাৰতৰ আমদানি প্রতিকল্প ব্যৱস্থাৰ প্ৰধান উদ্দেশ্য দুটা। এটা হৈছে গুৰুত্বপূৰ্ণ আমদানিৰ বাবে বৈদেশিক মুদ্রা সংৰক্ষণ কৰা আৰু দ্বিতীয়তে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। এই উদ্দেশ্য দুটা বাস্তৱত ৰূপায়িত কৰিবলৈ বৰ্দ্ধিত আমদানি ব্যয়ৰ পৰিমাণ হ্রাস কৰি আমদানি প্রতিকল্প সামগ্রী দেশৰ ভিতৰতে উৎপাদন কৰা ব্যৱস্থা কৰা। ১৯৬৬ চনত ভাৰতীয় মুদ্ৰাৰ বিনিময় হ্ৰাস কৰা এই দিশত এটা পৰোক্ষ পদক্ষেপ আছিল। পৰিকল্পনাৰ সময়চোৱাত লোৱা আমদানি নিয়ন্ত্ৰণ আৰু শুল্ক নীতিসমূহে আমাৰ আমদানি বিকল্প ব্যৱস্থাক উৎসাহ প্ৰদান কৰিছে। যন্ত্র-পাতি, মটৰগাড়ীৰ অংশ, বৈদ্যুতিক যন্ত্র-পাতি, ঔষধ, ৰাসায়নিক দ্ৰৱা আদিৰ ওপৰত আমদানি শুল্ক ধার্য কৰা হৈছে।

(গ) বিনিময় নিয়ন্ত্রণঃ ভাৰতীয় টকাৰ বিনিময় মূল্য আমেৰিকাৰ ডলাৰৰ মূল্যত শতকৰা ১৮ ৰ পৰা ২০ ভাগ কমোৱা হ’ল ১৯৯১ চনত। ভাৰতীয় টকাৰ মূল্য কমোৱা হৈছিল ৰপ্তানি, বৃদ্ধি কৰা আৰু আমদানি হ্ৰাস কৰাৰ সংক্ৰান্তত। 

(ঘ) ১৯৯১ চনৰ নতুন বাণিজ্য নীতিঃ ভাৰতৰ নতুন বাণিজ্য নীতিয়ে ৰপ্তানিৰ বাধাসমূহ

দূৰ কৰি আমদানি আৰু ৰপ্তানি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই নীতিয়ে আমদানিৰ পৰিমাণ কমাবলৈ আৰু ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

২৪। বাণিজ্যিক সমতা আৰু বানিজ্যিক লেন-দেনৰ পৰিশোধৰ সমতাৰ মাজত পার্থক্য দেখুওৱা। (Show the difference between commercial parity and commercial transaction parity.)

উত্তৰঃ (ক) বাণিজ্যিক সমতা ৰপ্তানি আৰু আমদানিকৃত দ্ৰৱ্যৰ দৰে দৃশ্যমান দ্ৰৱ্যৰ খতিয়ান । আনহাতে বাণিজ্যিক লেন-দেন পৰিশোধৰ সমতাই আমদানি ৰপ্তানিৰ উপৰিও বেংকবীমা সেৱা, মূলধনৰ প্ৰবাহ আদি অদৃশ্যমান সেৱাকাৰ্যকো সামৰি লয়।

(খ) বাণিজ্যিক সমতাই এখন দেশৰ আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ আংশিক ছবি এখনহে দাঙি দৰে। আনহাতে আন্তর্জাতিক বাণিজ্যিক লেন-দেন পৰিশোধ সমতাই আন্তঃৰাষ্ট্ৰীয় লেন-দেনৰ এখন পূর্ণাংগ ছবি দাঙি ধৰে।

(গ) এখন দেশৰ বাণিজ্যিক পৰিশেষ ৰাহিও হ’ব পাৰে, ঘাটিও হ’ব পাৰে। কিন্তু আন্তর্জাতিক বাণিজ্যিক লেন-দেন পৰিশোধ ৰাহি বা ঘাটি হ’ব নোৱাৰে। পৰিশোধৰ লেন-দেন সমতা সামগ্রিকভাবে ভাৰসাম্য অৱস্থাত থাকিব লাগে।

২৫। আন্তর্জাতিক বাণিজ্যিক লেন-দেনৰ পৰিশোধ হিচাপৰ চলিত হিচাপ আৰু মূলধন হিচাপৰ পাৰ্থক্য দেখুওৱা। (Distinguish between current accounts and capital accounts of the balance of payments.)

উত্তৰঃ আন্তর্জাতিক বাণিজ্যিক লেন-দেনৰ পৰিশোধ হিচাপৰ চলিত হিচাপত প্রবাহমান সকলো বিষয়েই সন্নিবিষ্ট থাকে। এটা নিৰ্দিষ্ট বছৰত দুখন দেশৰ মাজত চলা বাণিজ্যিক দৃশ্যমান আৰু অদৃশ্যমান সকলো বিষয় ইয়াৰ অন্তৰ্ভুক্ত। 

চলিত হিচাপত তলত দিয়া বিষয়বোৰ থাকে–

(ক) আমদানি আৰু ৰপ্তানি দ্রৱ্য।

(খ) সেৱাৰ আমদানি আৰু ৰপ্তানি।

(গ) একপক্ষীয় হস্তান্তৰ।

মূলধন হিচাপত ঋণৰ দেনা পাওনাৰ বিষয়টো অন্তৰ্ভুক্ত হয়। এটা বছৰৰ ভিতৰত ব্যক্তিগত, চৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ পৰা আহৰণ কৰা পুঁজি মূলধন হিচাপৰ অন্তৰ্ভুক্ত।

২৬। চমুটোকা লিখাঃ বিশ্ব বাণিজ্য সংস্থা। (Write short note World trade organization.)

উত্তৰঃ ১৯৮৬ চনৰ ৮ চেপ্তেম্বৰত উৰুগুৱেত GATT ৰ অষ্টমলানি আলোচনা চক্ৰ অনুষ্ঠিত হয় যাক ‘উৰুগুৱে ৰাউণ্ড’ নামে জনা যায়। GATT গঠন কৰাৰ পাছৰ পৰা বিশ্ববাণিজ্যৰ গাঁথনিত সদস্য ৰাষ্ট্ৰসমূহৰ জাতীয় আয়ত গৌণ আৰু সেৱা খণ্ডৰ আপেক্ষিক অবস্থান উন্নত হ’বলৈ ধৰে আৰু কৃষিজাত প্ৰৱাৰ ঠাইত যন্ত্ৰজাত দ্ৰব্যৰ আদান-প্ৰদান যথেষ্ট পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত GATT ৰ উৰুগুৱে আলোচনা সমিতি ১৫ টা বিষয়ৰ ওপৰত মনোনিবেশ কৰাৰ লগতে তিনিটা নতুন দিশ যেনে–

(ক) বৌদ্ধিক সম্পত্তি ভিত্তিক ক্ষমতাৰ বাণিজ্যিক দিশ।

(খ) বাণিজ্য সম্পর্কিত বিনিয়োগৰ দিশ আৰু

(গ) সেৱাবিশেষ বাণিজ্যক ইয়াৰ অন্তৰ্ভূক্ত কৰা হয়।

উৰুগুৱে ৰাউণ্ডে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আনিব খোজা প্ৰভাৱিত পৰিৱৰ্তনে চূড়ান্তৰূপ প্ৰদান কৰোতে প্ৰায় আঠ বছৰ সময়ৰ প্ৰয়োজন হয়। শেষত GATT ৰ মুখ্য পৰিচালক আৰ্থাৰ ডানকালে উমৈহতীয়া সমর্থন থাকিব পৰা বিষয়বোৰ বাছি লৈ এখন খচৰা চূড়ান্ত আইন প্রস্তুত কৰে। ১৯৯৪ চনৰ এপ্ৰিলত ১০৪ খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ভাৰতে ১৯৯৪ চনৰে ৩০ ডিচেম্বৰত এই প্ৰস্তাৱৰ সমৰ্থনত স্বাক্ষৰ কৰে। ইয়াৰ যোগেদি বিশ্ব বাণিজ্য সংস্থা গঠনৰ পথ প্ৰশস্ত হয়।

বিশ্ব বাণিজ্য সংস্থা গঠনে কোনো দেশকে সন্তুষ্ট কৰিব পৰা নাই। বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ পৰৱৰ্তী বিশ্ববাণিজ্যৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ নিজৰ মাজত, উন্নয়নশীল দেশবোৰৰ নিজৰ মাজত উন্নত আৰু উন্নয়নশীল দেশৰ মাজত সততে বিবাদৰ সূত্ৰপাত হৈছে। সমালোচকসকলে বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যকলাপৰ মূল্যায়ন কৰি তলত উল্লেখ কৰা দুৰ্বলতাসমূহ আঙুলিয়াই দিছে।

(ক) বিশ্ব বাণিজ্য সংস্থাই কৃষিজাত সামগ্ৰীক লৈ যিবোৰ বিধি ব্যৱস্থাপনা গ্ৰহণ কৰিছে সেইবোৰেও উন্নত দেশৰ স্বাৰ্থ পূৰণ হোৱাতহে সহায় কৰিছে।

(খ) বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ মীমাংসা প্রক্রিয়া সমানে শক্তিশালী হোৱা দুই বা ততোধিক পক্ষৰ ক্ষেত্ৰতহে উপযুক্ত।

(গ) বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম-কানুনবিলাক এনেদৰে প্ৰস্তুত কৰা হৈছে যাৰ ব্যৱহাৰে উন্নয়নশীল দেশৰ তুলনাত উন্নত দেশসমূহ অধিক উপকৃত কৰে।

(ঘ) বিশ্ববাণিজ্য সংস্থাই উন্নয়নশীল দেশৰ নীতি নিৰ্দ্ধাৰণ অৰ্থাৎ উন্নয়নশীল দেশ এখনে অৰ্থনৈতিক উন্নয়নৰ বাবে শুল্ক নিৰ্দ্ধাৰণ, অনুদান প্রদান ইত্যাদিৰ মাধ্যমত নিজকৈ অনুসৰণ কৰিব পৰা কৌশলসমূহৰ ক্ষেত্ৰত থকা স্বতন্ত্রতা ভংগ কৰিছে।

(ঙ) বিশ্ব বাণিজ্য সংস্থা গঠনৰ পাছৰ পৰা শুল্ক আৰু অনাশুল্ক প্ৰতিবন্ধকতাসমূহৰ এনেকৈ পুনৰ গঠন কৰা হ’ল যাৰ পৰিণামস্বৰূপে উন্নয়নশীল দেশসমূহৰ ৰপ্তানিৰ পথ ৰোধ হোৱাৰ বিপৰীতে উন্নত দেশসমূহৰ পৰা আমদানি কৰাৰ পথ মুকলি ৰাখিবলগীয়া হ’ল। সেইবোৰে উন্নয়নশীল দেশসমূহক অধিক লোকচানৰ সন্মুখীন কৰাইছে।

(চ) ইয়াৰ জৰিয়তে ধনী দেশসমূহ অধিক লাভৱান হৈছিল কাৰণ এইবোৰ দেশে ৰপ্তানিকৃত দ্ৰৱ্যৰ উৎপাদনত ৰাজসাহায্য দিয়াৰ পৰিমাণ একবাৰে নগণ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top