Indian Economy – II Unit 3 উদ্যোগত নীতি আৰু প্ৰদৰ্শন

Indian Economy – II Unit 3 উদ্যোগত নীতি আৰু প্ৰদৰ্শন, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Indian Economy – II Unit 3 উদ্যোগত নীতি আৰু প্ৰদৰ্শন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Indian Economy – II Unit 3 উদ্যোগত নীতি আৰু প্ৰদৰ্শন Question Answer can be of great value to excel in the examination.

Indian Economy- II Unit 3 উদ্যোগত নীতি আৰু প্ৰদৰ্শন

Join Telegram channel

Indian Economy – II Unit 3 উদ্যোগত নীতি আৰু প্ৰদৰ্শন Notes cover all the exercise questions in UGC Syllabus. Indian Economy – II Unit 3 উদ্যোগত নীতি আৰু প্ৰদৰ্শন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Policies and Performance in Industry

INDIAN ECONOMICS

(ভাৰতীয় অৰ্থনীতি)

অতি চমু প্রশ্নোত্তৰঃ

১। ঔদ্যোগিকৰণৰ প্ৰধান পাঁচটা কাৰক কি কি? (What are the five main factors of industrialization?)

উত্তৰঃ ঔদ্যোগিকৰণৰ প্ৰধান পাঁচটা কাৰক হ’ল— ভূমি, শ্রম, মূলধন, প্রযুক্তি আৰু সংযোগ।

২। ঔদ্যোগিকৰণৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? (What are the main features of industrialization?) 

উত্তৰঃ ঔদ্যোগিকৰণৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— অর্থনৈতিক বিকাশ, শ্রমিকৰ দক্ষতাৰ বিভাজন আৰু মানৱ নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীলতাৰ বিপৰীতে সমস্যা। সমাধানৰ বাবে প্ৰযুক্তিগত উদ্ভাৱনৰ ব্যৱহাৰ।

৩। সংস্কাৰৰ সময়ত ঔদ্যোগিক খণ্ডৰ বিকাশ কিয় হ্ৰাস পাইছে? (Why is the development of the industrial sector less during the reform?)

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ সংস্কাৰৰ সময়ত ঔদ্যোগিক খণ্ডৰ বিকাশ হ্রাস পাইছিল কাৰণ সম্ভীয়া আমদানি, আন্তঃগাঁথনিত অপর্যাপ্ত বিনিয়োগ আদিৰ দৰে বিভিন্ন কাৰণত ঔদ্যোগিক সামগ্ৰীৰ চাহিদা হ্রাস হোৱা। সম্ভীয়া আমদানিয়ে এনেদৰে ঘৰুৱা সামগ্ৰীৰ চাহিদা সলনি কৰিছে।

৪। ঔদ্যোগিকৰণ প্ৰক্ৰিয়াটোক কিয় বিপ্লৱ বুলি কোৱা হয়? (Why is the process of industrialization called revolution?) 

উত্তৰঃ ঔদ্যোগিকৰণ প্ৰক্ৰিয়াটোক বিপ্লৱ বুলি কোৱা হয় কিয়নো ই দ্রুত অধিৱেশনত নতুন উদ্ভাৱনা আৰু বিকাশ আনিছে আৰু লগতে আন দেশবোৰে নিৰ্দিষ্ট দেশৰ সৈতে অংশীদাৰিত্ব কৰাৰ বাবে দুৱাৰ মুকলি কৰে।

৫। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড (MSME) ৰ সংজ্ঞা দিয়া। (Define Micro, small and medium enterprises.)

উত্তৰঃ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডটো যোৱা পাঁচ দশকত ভাৰতীয় অর্থনীতিত এক অত্যন্ত জীৱন্ত আৰু গতিশীল খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। MSME খণ্ডই ২০০৮ চনত ভাৰতৰ অৰ্থনীতিক বৃহৎ মন্দাৱস্থাৰ পৰা ৰক্ষা কৰিছিল আৰু এতিয়াও অৰ্থনীতিৰ মেৰুদণ্ডৰ দৰে অৱদান আগবঢ়াই আছে।

৬। ভাৰতত প্ৰথম ঔদ্যোগিক নীতি কেতিয়া প্রণয়ন হৈছিল? (When was the first industrial policy formulated in India?) 

উত্তৰঃ ভাৰতত প্ৰথম ঔদ্যোগিক নীতি ১৯৪৮ চনৰ ৬ এপ্ৰিলত প্ৰণয়ন হৈছিল। 

৭। ১৯৪৮ চনৰ ঔদ্যোগিক নীতিখনৰ প্ৰধান দিশটো কি আছিল? (What was the main aspect of the industrial policy of 1948?)

উত্তৰঃ ১৯৪৮ চনৰ ঔদ্যোগিক নীতিখনৰ প্ৰধান দিশটো আছিল দেশৰ ঔদ্যোগিক উন্নয়নৰ গতি ত্বৰান্বিত কৰা, ৰাজহুৱা বেচৰকাৰী খণ্ডৰ অংশগ্ৰহণৰ জৰিয়তে মিশ্ৰ অৰ্থনীতিৰ ভোট সুদৃঢ় কৰা।

৮। দ্বিতীয় ঔদ্যোগিক নীতিখন কেতিয়া ঘোষণা কৰা হৈছিল? (When was the second industrial policy announced?) 

উত্তৰঃ ১৯৫৬ চনৰ ৩০ এপ্রিলত দ্বিতীয় ঔদ্যোগিক নীতিখন ঘোষণা কৰা হৈছিল।

৯। ঔদ্যোগিক বিবিধকৰণ কাক বোলে? (What is industrial regulation?)

উত্তৰঃ ঔদ্যোগিক বিবিধকৰণ হ’ল প্ৰতিযোগিতামূলক বজাৰ অৰ্থনীতিত সামগ্রী উৎপাদন কার্যকলাপত গাঁথনিগত বিস্তাৰৰ প্ৰক্ৰিয়া।

১০। ৰাজহুৱা খণ্ড মানে কি? (What does private sector mean?)

উত্তৰঃ ৰাজহুৱা খণ্ডত চৰকাৰ আৰু সকলো ৰাজহুৱাভাৱে নিয়ন্ত্রিত বা ৰাজহুৱাভাবে পুঁজি যোগান ধৰা সংস্থা, উদ্যোগ আৰু ৰাজহুৱা কাৰ্যসূচী, সামগ্রী বা সেৱা প্ৰদান কৰা অন্যান্য প্রতিষ্ঠান থাকে।

১১। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ যিকোনো এটা কাৰ্য লিখা। (Write a function in any of the private sector industries.)

উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ যথেষ্ট পৰিমাণে বিনিয়োগ হোৱা সত্বেও ই দেশৰ নীচ জাতীয় উৎপাদনত অতি অলপ পৰিমাণে বৰঙণি আগবঢ়াই আছে।

১২। MSME ৰ সম্পূৰ্ণ ৰূপটো কি? (What is the full form MSME?)

উত্তৰঃ MSME ৰ সম্পূৰ্ণ ৰূপটো হ’ল— Ministry of Micro Small & Medium Enterprises.

১৩। MSME ৰ এটা উদাহৰণ লিখা। (Give an example of MSME.) 

উত্তৰঃ MSME ৰ এটা উদাহৰণ হ’ল খাদী আৰু গাঁও উদ্যোগৰ বাবে জনমুৰি বিনিয়োগ কম প্ৰয়োজন আৰু গ্ৰাম্য অঞ্চলত বৃহৎ সংখ্যক মহিলাক নিযুক্তি দিয়ে।

১৪। প্রত্যক্ষ বিদেশী বিনিয়োগ কাক বোলে? (What is foreign direct investment?)

উত্তৰঃ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে আন এখন দেশত অৱস্থিত এটা প্ৰতিষ্ঠানৰ দ্বাৰা এখন দেশৰ ব্যৱসায়ত নিয়ন্ত্ৰণকাৰী মালিকীস্বত্বৰ ৰূপত বিনিয়োগ।

১৫। কোনখন আইনত প্ৰথমে মজলীয়া উদ্যোগসমূহক সামৰি লোৱা হৈছিল? (Which law first included middle industries?)

উত্তৰঃ MSMED আইন, ২০০৬ প্রথমে মজলীয়া উদ্যোগসমূহক সামৰি লোৱা হৈছিল।

১৬। ১৯৯০ চনৰ ঔদ্যোগিক নীতিৰ এটা বৈশিষ্ট্য লিখা। (Write a feature of 1990’s industrial policy.)

উত্তৰঃ ১৯৯০ চনৰ ঔদ্যোগিক নীতিৰ এটা বৈশিষ্ট্য হ’ল— ক্ষুদ্র উদ্যোগসমূহৰ কাৰখানা আৰু যন্ত্ৰপাতিৰ ওপৰত বিনিয়োগৰ সৰ্বোচ্চ সীমা বৃদ্ধি কৰা।

১৭। ১৯৯০ চনৰ ঔদ্যোগিক নীতিৰ এটা উদ্দেশ্য লিখা। (Write an objective of 1990’s industrial policy?) 

উত্তৰঃ ১৯৯০ চনৰ ঔদ্যোগিক নীতিৰ যিকোনো এটা উদ্দেশ্য হ’ল— কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধিৰ বাবে ঔদ্যোগিক খণ্ডৰ পুনৰ গঠন কৰা।

১৮। ১৯৯১ চনৰ ঔদ্যোগিক নীতি কাৰ নেতৃত্বত ঘোষণা কৰিছিল? (Who led the industrial policy of 1991?)

উত্তৰঃ ১৯৯১ চনৰ ঔদ্যোগিক নীতি নৰসিমহা ৰাওৰ নেতৃত্বত ঘোষণা কৰিছিল।

১৯। ১৯৮০ চনৰ ঔদ্যোগিক নীতিৰ এটা আৰ্থ-সামাজিক উদ্দেশ্য লিখা। (Write a socio-economic objective of the 1980’s industrial policy?)

উত্তৰঃ ১৯৮০ চনৰ ঔদ্যোগিক নীতিৰ এটা আৰ্থ-সামাজিক উদ্দেশ্য হ’ল— উদ্যোগসমূহৰ উৎপাদন ক্ষমতাৰ সৰ্বোচ্চ ব্যৱহাৰ কৰা।

২০। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ প্ৰধান সমস্যা লিখা। (Write the main problem of private sector industries.)

উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ প্ৰধান সমস্যা হ’ল- ৰাজহুৱা খণ্ডৰ বিশেষতঃ লোকচানৰ সম্মুখীন উদ্যোগসমূহ প্রাকৃতিক বা স্বাভাৱিক সুবিধাৰ অভাৱৰ সমস্যা সম্মুখীন হয়।

২১। ভাৰতত কিমান MSME খণ্ড আছে? (How many MSME are there in India?) 

উত্তৰঃ ভাৰতত প্ৰায় ৬.৩ কোটি MSME খণ্ড আছে।

২২। কিমান দেশ বিশ্ব বাণিজ্য সংস্থাৰ সদস্য? (How many countries are members of the World Trade Organization?)

উত্তৰঃ ২০০১ চনলৈ ১৪২ খন ৰাষ্ট্ৰ।

২৩। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য কি? (What is the most important function of the Reserve Bank of India?)

উত্তৰঃ কাগজী নোট ছপা কৰা।

২৪। শুড় কিয় আৰোপ কৰা হয়? (Why are tariffs imposed?)

উত্তৰঃ এখন দেশে শুল্ক আৰোপ কৰাৰ মুখ্য উদ্দেশ্য হ’ল– আমদানীৰ ওপৰত নিয়ন্ত্রণ ৰক্ষা কৰা আৰু দেশৰ ঘৰুৱা উদ্যোগসমূহক বাহিৰা প্ৰতিযোগিতাৰ পৰা মুক্ত ৰখা।

২৫। পৰিমাণগত প্রতিবন্ধকৰ অৰ্থ কি? (What does quantitative constraint mean?)

উত্তৰঃ পৰিমাণগত প্ৰতিবন্ধক হ’ল দেশীয় উদ্যোগত স্বাৰ্থ ৰক্ষাৰ বাবে ভাৰত চৰকাৰে আমদানিৰ ক্ষেত্ৰত আৰোপ কৰা এক প্ৰকাৰৰ সাংখ্যিক প্রতিবন্ধক।

২৬। ভাৰতত অর্থনৈতিক পুনর্গঠন বা অর্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ হৈছিল? (When did economic restructuring or economic reform begin in India?) 

উত্তৰঃ ১৯৯১ চনত।

২৭। ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেকৈ বাণিজ্যিক বেংকসমূহক নিয়ন্ত্রণ কৰে? (How does the Reserve Bank of India regulate commercial banks?)

উত্তৰঃ ৰিজাৰ্ভ বেংকৰ নীতি আৰু বিধিৰ দ্বাৰা বাণিজ্যিক বেংকসমূহ নিয়ন্ত্রণ হয়। বাণিজ্যিক বেংকসমূহে কিমান পৰিমাণৰ মুদ্ৰা নিজৰ হাতত জমা ৰাখিব, সুতৰ হাৰ নিৰ্ধাৰণ, বিভিন্ন খণ্ডলৈ কেনেকুৱা প্ৰকাৰৰ ঋণ যোগান ধৰিব, সেয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে ঠিক কৰে।

২৮। টকাৰ অৱমূল্যায়ন বুলিলে কি বুজা? (What do you mean by devaluation of money?) 

উত্তৰঃ মুদ্ৰাৰ মূল্যক কমাই দিয়াকে অবমূল্যায়ন বোলে। ১৯৯১ চনত লেন-দেনৰ ভাৰসাম্যতাৰ সংকট দূৰ কৰাৰ বাবে বিদেশী মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্য তৎকালীনভাৱে কমাই দিয়া বা হ্ৰাস কৰাকে টকাৰ অৱমূল্যায়ন বুলি জনা যায়। টকাৰ অৱমূল্যায়নৰ ফলত বিদেশী বিনিময়ৰ ভাণ্ডাৰৰ আগমন বৃদ্ধি কৰে।

২৯। নিৰ্বিনিয়োগৰ অৰ্থ কি? (What does disinvestment mean?)

উত্তৰঃ ৰাজহুৱা উদ্যোগৰ পৰা চৰকাৰী ই কুইটি-শ্বেয়াৰ বিক্ৰীৰ মাধ্যমত ব্যক্তিগতখণ্ডলৈ মালিকানাস্বত্বৰ হস্তান্তৰ প্ৰক্ৰিয়াই হৈছে নিৰ্বিনিয়োগকৰণ।

৩০। সাংখ্যিক নিয়ন্ত্ৰণৰ অৰ্থ কি? (What does numerical control mean?)

উত্তৰঃ সাংখ্যিক নিয়ন্ত্রণ মানে হ’ল ঘৰুৱা উদ্যোগৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমদানিৰ ক্ষেত্ৰত যি কিছু সাংখ্যিক প্রতিবন্ধকতা আৰোপ কৰে।

৩১। ব্যক্তিগতকৰণ কি? (What is Privatization?)

উত্তৰঃ চৰকাৰী উদ্যোগত বে-চৰকাৰী খণ্ডই মালিকানাস্বত্ব অৰ্জন কৰাৰ প্ৰক্ৰিয়াই হৈছে উদ্যোগৰ ব্যক্তিগতকৰণ, অৱশ্যে অধিকতৰ প্রশস্ত অৰ্থত ব্যক্তিগতকৰণক বে-চৰকাৰী খণ্ডৰ দ্বাৰা ৰাজহুৱা উদ্যোগৰ পৰিচালনা নিয়ন্ত্ৰণৰ ব্যৱস্থাকে বুজায়।

চমু আৰু ৰচনাধর্মী প্রশ্নত্তৰঃ

১। পার্থক্য নির্ণয় কৰাঃ (Make a difference.)

(ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰী (Tactics and light selling)

(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্য (Bilateral and multilateral trade)

(গ) শুল্ক আৰু অনা-শুল্ক প্রতিবন্ধকতাসমূহ‌ (Customs and non-tariff barriers)

উত্তৰঃ (ক) কৌশল সম্বন্ধীয় আৰু লঘু বিক্ৰীঃ কৌশল সম্বন্ধীয় বিক্ৰী হ’ল যিবিলাক প্রতিষ্ঠানে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে আৰু উদাৰীকতাৰে বিশ্ব পৰিৱেশত বেছি দক্ষতাৰে প্ৰতিযোগিতা কৰিব পাৰে। আনহাতে লঘু বিক্ৰী হ’ল পৰম্পৰাগতভাৱে চলি অহা বিক্রী প্রক্রিয়া। ই কেবল ক্রেতা আৰু বিক্ৰেতাৰ মাজতে সীমাবদ্ধ।

(খ) দ্বিপাক্ষীক আৰু বহুপক্ষীয় বাণিজ্যঃ দ্বিপক্ষীয় বাণিজ্য হ’ল কেৱলমাত্ৰ দুখন দেশৰ মাজত গঢ় লৈ উঠা বাণিজ্য। আনহাতে বহুপক্ষীয় বাণিজ্য হ’ল দুখনতকৈ অধিক দেশৰ লগত চলা বাণিজ্য।

(গ) শুল্ক আৰু অনা শুল্ক প্রতিবন্ধকতাসমূহঃ শুল্ক হ’ল এক প্ৰকাৰৰ কৰ, য’ত সামগ্ৰীসমূহে কোনো এখন দেশৰ বাহিৰলৈ যাওঁতে বা দেশৰ ভিতৰলৈ সোমাওঁতে ইয়াক আৰোপ কৰা হয়। আনহাতে, অনা-শুল্ক প্রতিবন্ধকতা হ’ল কোনো এবিধ সামগ্রী আমদানি কৰোঁতে আৰোপ কৰা বাধা। ইয়াৰ প্ৰতিবন্ধকতাসমূহ হ’ল প্ৰশাসনীয় ব্যবস্থা যাক স্থানীয় বা ঘৰুৱা চৰকাৰৰ দ্বাৰা আৰোপ কৰা হয়।

২। অর্থনৈতিক সংস্কাৰ সংঘটিত কৰাৰ মুখ্য কাৰণসমূহ কি কি? (What are the main reasons for economic reform?)

উত্তৰঃ (ক) অত্যাধিক ৰাজহ ঘাটি।

(খ) লেন-দেনৰ উদ্বৃত্তৰ ঘাটি।

(গ) সামগ্ৰীৰ দৰ বৃদ্ধি।

(ঘ) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দুৰ্বল প্ৰদৰ্শন।

(ঙ) অত্যাধিক নিয়ন্ত্রণ।

৩। অর্থনৈতিক পুনর্গঠনৰ গুৰুত্বপূৰ্ণ এলেকাসমূহ কি কি? (What are the key areas of economic restructuring?) 

উত্তৰঃ (ক) অধিক হাৰে বৈদেশিক সম্পদ- বিনিয়োগ তথা প্রযুক্তি কৌশলৰ সদ্‌ ব্যৱহাৰ।

(খ) ৰাজহুৱা খণ্ডৰ কার্যক্রম এলেকাৰ সংবন্ধন তথ্য সংশোধন আৰু দক্ষতা বৃদ্ধি। 

(গ) বিত্তীয় খণ্ডৰ পুনর্গঠন তথা আধুনিকীকৰণ।

(ঘ) উদ্যোগিক উৎপাদনত আন্তর্জাতিক প্রতিযোগিতাৰ সৃষ্টি।

৪। অর্থনৈতিক সংস্কাৰৰ মূল উদ্দেশ্যসমূহ কি কি? (What are the main objectives of economic reform?)

উত্তৰঃ (ক) বিত্তীয় তথা মুদ্ৰাগত নীতিৰ পুনর্গঠন।

(খ) বৈদেশিক বিনিয়োগ আৰু বৈদেশিক ব্যৱসায় নীতিৰ পুনর্গঠন।

(গ) অবিৰত বহনযোগ্য অর্থনৈতিক উন্নয়ন।

(ঘ) জ্ঞানভিত্তিক উদ্যোগক শক্তিশালী কৰি তোলা।

(ঙ) পৰম্পৰাগত উদ্যোগসমূহক আধুনিক কৰি তোলা। 

৫। অর্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্ট্যসমূহ কি কি (What are the key features of economic reform?)

উত্তৰঃ (ক) অর্থনৈতিক উদাৰীকৰণ (Economic Liberalisation)। 

(খ) বিশ্বমুখী অর্থনীতি (Globalisation)।

(গ) ব্যক্তিগতকৰণ (Privatisation)।

(ঘ) নির্বিনিয়োগকৰণ (Disinvestment)।

৬। উদাৰীকৰণ বুলিলে কি বুজা? (What do you mean by liberalization?)

উত্তৰঃ ভাৰতীয় অর্থনীতিক বিশ্বৰ অৰ্থনীতিৰ লগত সংহতিপূৰ্ণ কৰি তুলিবলৈ ইয়াৰ ওপৰত থকা যাৱতীয় ধৰণৰ নিয়ন্ত্রণ প্রত্যাহাৰেই হৈছে উদাৰীকৰণ। অপ্রয়োজনীয় প্রশাসনিক নিয়ন্ত্ৰণৰ পৰা ভাৰতৰ ঔদ্যোগিক অর্থনীতিক মুক্ত কৰা, প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ পথত থকা বাধা সমূহকে দূৰ কৰা আৰু লোকচানমুখী ৰাজহুৱা সংস্থাসমূহৰ ওপৰত থকা বিত্তীয় হেচাঁক নাইকিয়া কৰা আছিল উদাৰীকৰণৰ বাবে নিতান্ত প্রয়োজনীয়।

৭। ব্যক্তিগতকৰণৰ দুটা সুবিধা লিখা। (Write two advantages of Privatization.)

উত্তৰঃ ব্যক্তিগতকৰণৰ দুটা সুবিধা হ’ল–

(ক) উদ্যোগসমূহৰ পৰিচালনাত ঔদ্যোগিক দক্ষতা যথেষ্ট পৰিমাণে বৃদ্ধি পাব।

(খ) অর্থনৈতিক দক্ষতাসম্পন্ন সুস্থ বিতৰণ নিশ্চিত হ’ব।

৮। ব্যক্তিগতকৰণৰ দুটা অসুবিধা লিখা। (Write two disadvantages of Privatization.)

উত্তৰঃ ব্যক্তিগতকৰণৰ দুটা অসুবিধা হ’ল–

(ক) গণতান্ত্রিক সমাজত শ্রমিকৰ স্বাৰ্থক উপেক্ষা কৰি উদ্যোগসমূহৰ ব্যক্তিগতকৰণ কেতিয়াও সম্ভৱ নহয়।

(খ) অতিশয় লোকচানমুখী ৰাজহুৱা উদ্যোগক ব্যক্তিগতকৰণ কৰাও সম্ভৱ নহয়। 

৯। পুনর্গঠন ভাৰতবৰ্ষত কিয় আৰম্ভ কৰা হৈছিল? (Why was the reconstruction started in India?) 

উত্তৰঃ ভাৰতত ১৯৯৯ চনৰ আগলৈ, আমদানিৰ তুলনাত ৰপ্তানি বৃদ্ধি নোপোৱাত বিদেশী বিনিময়ৰ ভঁৰাল কমি আহে আৰু উচ্চ মুদ্রাস্ফীতিৰ বাবে অৰ্থনীতিয়ে সমস্যাৰ সন্মুখীন হয়। ভাৰতবৰ্ষই ১৯৯৯ চনৰ বিত্তীয় সংকট আঁতৰাবলৈ আৰু বিশ্ববেংক তথা আন্তর্জাতিক মুদ্রা নিধিৰ হেঁচাৰ বাবে ইয়াৰ অৰ্থনৈতিক কৌশলসমূহ পৰিৱৰ্তন কৰিবলৈ পূণর্গঠন আৰম্ভ হয়।

১০। যিবিলাক ৰাজহুৱা খণ্ডৰ অধীনৰ উদ্যোগে লাভ অৰ্জন কৰি আছে, সেই বিলাকক ব্যক্তিগতকৰণ কৰিব লাগে। তোমালোকে সেই মতক সমৰ্থন কৰানে? (Do you support the idea that “those who have made a profit under the public sector need to be privatized”?) 

উত্তৰঃ নকৰো। কিয়নো ৰাজহুৱা খণ্ডৰ উদ্যোসমূহক সামান্য খৰচত গুণগত উৎপাদিত সামগ্রী সৰ্বসাধাৰণ ৰাইজক দিব পাৰে আৰু কোম্পানীসমূহৰ সকলো ষ্টক হলডাৰৰ (Stockholder) ওচৰত দায়বদ্ধ থাকে, যিবিলাক ব্যক্তিগতকৰণৰ পিছত সম্ভৱ নহয়।

১১। বহিঃসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলি তোমালোকে ভাবানে? উন্নত দেশসমুহে ইয়াৰ বিৰোধিতা কৰিছে কিয়? (Do you think outflows are good for India?Why have developed countries opposed it?) 

উত্তৰঃ বহিঃসোঁত ভাৰতবৰ্ষৰ বাবে ভাল বুলিয়ে ক’ব লাগিব। ভাৰতবৰ্ষ এখন জনবহুল দেশ আৰু ইয়াত জনসংখ্যা অধিক হোৱাৰ বাবে সম্ভীয়া শ্রমিক অধিক। গতিকে বহিঃসোঁতৰ ফলত ভাৰতৰ অসীম জনসংখ্যাই উন্নত মজুৰিৰ সৈতে নিয়োগৰ সুবিধা পাব আৰু মানৱ শক্তিৰ বিকাশ সাধন সম্ভৱ হ’ব। উন্নত দেশসমূহে ইয়াৰ বিৰোধিতা কৰিছে। কাৰণ, উন্নত দেশসমূহৰ বজাৰত উন্নয়নশীল দেশসমূহক সোমাবলৈ দিলে, তেওঁলোকৰ বাবে প্ৰতিযোগিতাৰ সৃষ্টি হ’ব আৰু ই আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত অশুভ প্রভাৱ পেলাব।

১২। ভাৰতৰ উদ্যোগসমূহক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি? (Indian industries are divided into how many parts and what are they?)

উত্তৰঃ ভাৰতৰ উদ্যোগসমূহক দুটা ভাগত ভাগ কৰা হয়। সেই দুটা হ’ল–

(ক) সংগঠিত উদ্যোগ।

(খ)অসংগঠিত উদ্যোগ। 

১৩। বিদেশী বিনিয়োগ কেই প্ৰকাৰৰ আৰু কি কি? (How many types of foreign investment and what are they?)

উত্তৰঃ বিদেশী বিনিয়োগ তিনি প্ৰকাৰৰ। যেনে–

(ক) প্রত্যক্ষ বিদেশী বিনিয়োগ (Foreign direct investment)।

(খ) বিদেশী পর্টফলিঅ’ বিনিয়োগ (Foreign Portfolio investment)।

(গ) বিদেশী প্রতিষ্ঠানগত বিনিয়োগ (Foreign Institutional investment)।

১৪। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক সক্ৰিয় কৰি তুলিবৰ বাবে ল’ব লগা যিকোনো দুটা ব্যৱস্থা লিখা। (Write down any two measures required to activate public sector industries.)

উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক সক্ৰিয় কৰি তুলিবৰ বাবে ল’ব লগা যিকোনো দুটা ব্যৱস্থা হ’ল—

(ক) ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ উৎপাদন ক্ষমতাৰ কাম্য ব্যৱহাৰ।

(খ) ৰাজহুৱা আৰু বেচৰকাৰী খণ্ডৰ মাজত থকা অনিষ্টকাৰী প্ৰতিযোগিতা দূৰ কৰা। 

১৫। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ অৱস্থা উন্নয়ন কৰিবলৈ ভাৰত চৰকাৰে লোৱা দুটা ব্যৱস্থা লিখা। (Write two measures taken by the Government of India to improve the condition of public sector industries.) 

উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ অৱস্থা উন্নয়ন কৰিবলৈ ভাৰত চৰকাৰে লোৱা দুটা ব্যৱস্থা হ’ল–

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অংশপত্ৰ বজাৰত বিক্ৰী কৰা।

(খ) ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত উদ্যোগৰ সংখ্যা ১৭ ৰ পৰা ৮ খনলৈ কমোৱা।

১৬। ভাৰতবৰ্ষৰ বহিঃসোঁতৰ উদ্দেশ্য পূৰণৰ বাবে কিছুমান লাগতিয়াল সুবিধা আছে। এই সুবিধাসমূহ কি কি? (There are some benefits to meeting the outflow of India. What are these benefits?)

উত্তৰঃ ভাৰতবৰ্ষৰ বহিঃসোঁতৰ উদ্দেশ্য পূৰণৰ বাবে কিছুমান লাগতীয়াল সুবিধা আছে এই সুবিধাসমূহ হ’ল–

(ক) ভাৰতবৰ্ষত মজুৰিৰ হাৰ কম।

(খ) ভাৰতবৰ্ষত বুদ্ধিমান মানৱ শক্তিৰ পৰিমাণ কম হোৱাৰ বাবে, ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰি।

(গ) প্ৰচুৰ পৰিমাণৰ অব্যবহৃত প্রাকৃতিসম্পদ।

(ঘ) কেঁচা সামগ্ৰীসমূহ সহজলভ্য।

১৭। চৰকাৰৰ নৱৰত্ন কৌশলে ভাৰতৰ ৰাজহুৱা। খণ্ডৰ অধীনত থকা উদ্যোগৰ চৰকাৰৰ নৱৰত্ন কৌশলে কেনেকৈ ভাৰতৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ উন্নয়নত সহায়ক হৈছে? (How has the government’s Navaratna strategy helped in the development of India’s public sector industries?)

উত্তৰঃ উন্নয়নত সহায়ক হৈছে। কিয়নো এই কৌশলৰ পিছত, প্ৰতিষ্ঠানসমূহে নিজৰ দক্ষতাৰে উন্নত ব্যৱসায়ৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে আৰু উদাৰীকৰণৰ বিশ্ব পৰিৱেশত বেছি দক্ষতাৰে প্রতিযোগিতা কৰিব পাৰে। এই কৌশল স্থাপন কৰাৰ উদ্দেশ্য আছিল ৰাইজক আন্তগাথনি আৰু প্ৰত্যক্ষ নিযুক্তি প্ৰদান কৰা। নৱৰত্ন মৰ্যাদা দিয়াৰ ফলত এই কোম্পানী বা উদ্যোগসমূহে অধিক ভাল ফল দেখুৱাব পাৰিছে।

১৮। কি কি প্ৰধান কাৰণৰ বাবে সেৱা খণ্ডৰ উচ্চ বিকাশ ঘটিছে? (What are the main reasons for the high growth of the service segment?)

উত্তৰঃ প্ৰধান কাৰণসমূহ হ’ল–

(ক) পৰম্পৰাগত সামগ্ৰীসমূহৰ ৰপ্তানি আৰু আমদানিৰ পৰিমাণ কম হোৱাৰ বাবে। 

(খ) উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বমুখীকৰণৰ প্ৰভাৱৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে।

(গ) দেশবিলাকে বহিঃসোঁতৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবেও সেৱা খণ্ডৰ বিকাশ ঘটিছে।

(ঘ) বিভিন্ন বাণিজ্যিক সংগঠন, বিত্তীয় প্ৰতিষ্ঠান ইত্যাদিবোৰে সেৱা খণ্ডৰ অন্তর্ভুক্ত বিষয়সমূহক গুৰুত্ব দিয়াৰ লগে লগে ইয়াৰ বিকাশ সাধন হৈছে।

১৯। পুনর্গঠনৰ কাৰ্যপ্ৰণালীৰ দ্বাৰা কৃষি খণ্ডই কিয় বিপৰীতমুখী প্ৰভাৱৰ সন্মুখীন হ’ব লগা হৈছে? (Why has the agricultural sector been affected by the restructuring process?)

উত্তৰঃ পুনর্গঠনে কৃষিৰ কোনো হিত সাধন কৰিব নোৱাৰৰ বাবে ইয়াৰ বিকাশৰ হাৰ কমি আহিছিল।

পুনর্গঠনৰ সময়ছোৱাত ৰাজহুৱা বিনিয়োগ, বিশেষকৈ আন্তঃগাঁথনি যাৰ ভিতৰত জলসিঞ্চন, শক্তি, ৰাস্তা, বজাৰ সংযোগ আৰু গৱেষণা ইত্যাদি কৃষিৰ ক্ষেত্ৰত কমোৱা হ’ল। আনহাতে, ৰাজসাহায্য উঠাই দিয়াৰ বাবে উৎপাদন ব্যয় বৃদ্ধি পালে। যাৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তিক খেতিয়ক সকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ল। ইয়াৰ উপৰিও কৃষিত ৰপ্তানিগত কৌশল নীতিয়ে উৎপাদনৰ ক্ষেত্ৰত ঘৰুৱা বজাৰৰ পৰা ৰপ্তানি বজাৰলৈ কৃষকসকলক আকৰ্ষণ কৰিলে। যাব ফলত খাদ্য শস্য উৎপাদনৰ পৰিৱৰ্তে নগদ শস্য উৎপাদনত কৃষকসকল কেন্দ্ৰীভূত হৈ পৰিল। আৰু খাদ্য শস্যৰ দামৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰি গোটেই কৃষি ক্ষেত্ৰতে বিপৰীতমুখী প্রভাৱ পেলালে।

২০। পুনর্গঠনৰ সময়চোৱাত উদ্যোগ খণ্ডৰ কাৰ্যক্ষমতা কিয় দুৰ্বল হৈছে? (Why has the efficiency of the industrial sector been weakened during the restructuring period?)

উত্তৰঃ পুনর্গঠনৰ সময়চোৱাত উদ্যোগ খণ্ডৰ কাৰ্যক্ষমতা দুৰ্বল হৈছে ইয়াৰ কাৰণ হ’ল— আমদানিকৃত সামগ্ৰীৰ মূল্য কম হোৱা আৰু আন্তঃগাঁথনিত উপযুক্ত বিনিয়োগ নোহোৱাৰ বাবে উদ্যোগজাত সামগ্ৰীৰ চাহিদা হ্রাস পাই আহিছে। বিনিয়োগৰ অভাৱত আন্তগাঁথনি ব্যবস্থা, যেনে শক্তি যোগানৰ নিচিনা ব্যৱস্থা অনুপযুক্ত হৈ আছে। আকৌ বিশ্বমুখীকৰণে এনেকুৱা কিছুমান অৱস্থাৰ সৃষ্টি কৰিছে, যাৰ ফলত বিদেশৰ সামগ্ৰী আৰু সেৱাই মুক্ত চলাচলৰ সুবিধা লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে উন্নয়নশীল দেশসমূহৰ স্থানীয় উদ্যোগ আৰু নিযুক্তিৰ সুবিধাৰ ওপৰত এক বেয়া প্ৰভাৱ পেলাইছে। কম মূল্যৰ আমদানিকৃত যন্ত্ৰৰ উপস্থিতিয়ে আৰু বিনিয়োগ কমি যোৱাৰ বাবে পূনর্গঠনৰ সময়ছোৱাত উদ্যোগ খণ্ডৰ বিকাশ লেহেমীয়া হৈছে।

২১। সামাজিক ন্যায় আৰু কল্যাণৰ প্ৰেক্ষাপট ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ সম্পৰ্কে আলোচনা কৰা। (Discuss India’s economic reforms in terms of social justice and welfare.)

উত্তৰঃ অৰ্থনৈতিক সংস্কাৰে বিশেষকৈ সামাজিক খণ্ডসমূহত ৰাজহুৱা ব্যয় সীমিত কৰিলে। সংস্কাৰৰ সময়ছোৱাত কৰৰ হাৰ কৰাই চৰকাৰী ৰাজহ বৃদ্ধি আৰু কৰ ফাঁকিৰ পৰিমাণ কমোৱাৰ লক্ষ্য লোৱা হৈছিল; কিন্তু ইয়াৰ ফলত চৰকাৰী কৰ ৰাজহ বৃদ্ধি নাপালে। আকৌ সংস্কাৰৰ নীতি হিচাপে আমদানি শুল্ক হ্ৰাস কৰা বাবে ইয়াৰ জৰিয়তে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণো কমি গ’ল। বিদেশী বিনিয়োগকাৰী সকলক আকৰ্ষণ কৰাৰ বাবে কৰৰ ক্ষেত্ৰত উৎসাহ দিয়াৰ ফলত কৰ ৰাজহৰ পৰিমাণ আৰু কমি গ’ল। এইটোৱে উন্নয়নমূলক আৰু কল্যাণমূলক ব্যয়সমূহৰ ক্ষেত্ৰত এক নেতিবাচক প্ৰভাৱ পেলালে। ভাৰতীয় সমাজত শিপাই থকা এটা সংকট হ’ল অসমতা সামাজিক ন্যায় আৰু কল্যাণৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ অর্থনৈতিক সংস্কাৰে আৰম্ভ কৰা গোলকীকৰণৰ প্ৰক্ৰিয়াই অসমতা বৃদ্ধিহে কৰিলে। এই ব্যৱস্থাই উচ্চ শ্ৰেণীৰ লোকসকলৰ আয় আৰু মান সমাপ্ত ভোগ্যসামগ্ৰী বৃদ্ধি কৰিলে কিন্তু কিছুমান নির্বাচিত খণ্ডতহে। সেইবোৰ ক্ৰমে দূৰসংযোগ বিত্ত, তথ্য প্রযুক্তিবিদ্যা আমোদ-প্রমোদ, ভ্ৰমণ আৰু অতিথি সেৱা, ভূ- সম্পত্তি আৰু বাণিজ্যতহে কেন্দ্রীভূত হ’ল। আনফালে ভাৰতীয় অৰ্থব্যৱস্থাৰ অতি গুৰুত্বপূৰ্ণ খণ্ডসমূহ যেনে- কৃষি আৰু উদ্যোগে সিমান সমাদৰ নাপালে। অথচ এই খণ্ডসমূহে হাজাৰ হাজাৰ লোকৰ জীৱিকাৰ পথ মুকলি কৰে।

২২। ভাৰতীয় উদ্যোগৰ স্থানীয়কৰণৰ ধৰণ আৰু ইয়াৰ ভাৰসাম্যহীনতাৰ বিষয়ে আলোচনা কৰা। (Discuss the type of localization of Indian industry and its balance.)

উত্তৰঃ আৰম্ভণিৰে পৰা ভাৰতৰ ঔদ্যোগিক কার্যকলাপ কিছুমান ডাঙৰ বন্দৰ আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ ওচৰে-পাজৰে যথেষ্ট পৰিমাণে কেন্দ্ৰীভূত হৈ আছিল। গতিকে ভাৰতীয় উদ্যোগৰ স্থানীয়কৰণৰ ধৰণ মুঠেই ভাৰসাম্য নাছিল। বৰং কিছুমান অঞ্চলত উদ্যোগসমূহ বৰ বেছি কেন্দ্ৰীভূত হৈ আছিল আৰু অধিক সংখ্যক অঞ্চল ঔদ্যোগিক উন্নয়নৰ ফলৰ পৰা বৰ বেছি পিছপৰা আছিল। ইয়াৰ ফলত ভাৰতৰ আঞ্চলিক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে।

প্ৰাক্‌ স্বাধীনতাৰ কালছোৱাত ভাৰতৰ বেছি সংখ্যক উদ্যোগ মুম্বাই আৰু বংগদেশত স্থাপিত হৈছিল। এনেকৈ স্বাধীনতাৰ পিছত ভাৰতৰ সৰহ সংখ্যক উদ্যোগ মুম্বাই, কলিকতা, আহমেদাবাদ, মাদ্ৰাজ, কানপুৰ আদি ঠাইত স্থাপিত হ’বলৈ আৰম্ভ হৈছিল। ৬০ ৰ দশকৰ শেষৰ ফালৰ পৰা দেশৰ পশ্চিম অঞ্চলত যেনে— মহাৰাষ্ট্ৰ আৰু গুজৰাটত উদ্যোগসমূহ কেন্দ্ৰীভূত হ’বলৈ আৰম্ভ হৈছিল।

ভাৰতৰ উদ্যোগক স্থানীয়কৰণৰ ধৰণৰ ফালে লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে প্রাকৃতিক সম্পদৰ ভিত্তিত লো আৰু তীখা উদ্যোগ প্রধানত বিহাৰ, পশ্চিমবঙ্গ, উৰিষ্যা আৰু মধ্যপ্রদেশত স্থাপিত হৈছিল। এনেদৰে কপাহ-কাপোৰ আৰু মৰাপাট উদ্যোগ দেশৰ বন্দৰ আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ ওচৰত স্থাপিত হৈছিল। চেনি উদ্যোগ উত্তৰ প্ৰদেশ আৰু চাহ উদ্যোগ অসম আৰু পশ্চিমবংগত কেন্দ্ৰীভূত হৈছে। ঔদ্যোগিক খণ্ডৰ মুঠ উৎপাদনত পূৰ্বাঞ্চলৰ বৰঙণি ১৯৬৮- ৬৯ চনত ২৩ শতাংশৰ পৰা কমি গৈ ১৯৮৪-৮৫ চনত ১৬ শতাংশ হৈছিল। আনহাতে, কম জনসংখ্যা আৰু প্ৰাকৃতিক সম্পদ থকা ৰাজ্য মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দেশৰ ঔদ্যোগিক উৎপাদনত বৰঙণি আশীৰ দশকত ৩৩ শতাংশলৈ বৃদ্ধি পাইছিল। এইদৰে স্বাধীনতাৰ পিছৰ কালছোৱাত পৰিকল্পনাৰ আৰম্ভণিৰ পৰাই ঔদ্যোগিক ফালৰ পৰা উন্নত অঞ্চলসমূহত বেছিকৈ উদ্যোগৰ কেন্দ্ৰীভূতকৰণ হৈছিল।

২৩। ভাৰতৰ অৰ্থনৈতিক উন্নয়নত উদ্যোগৰ গুৰুত্ব আৰু ভূমিকা সম্পর্কে আলোচনা কৰা। (Discuss the importance and role of initiatives in India’s economic development.)

উত্তৰঃ ভাৰতৰ উদ্যোগসমূহক প্রধানত দুটা ভাগত অর্থাৎ— 

(ক) সংগঠিত উদ্যোগ। আৰু 

(খ) অসংগঠিত উদ্যোগ হিচাপে বিভাজন কৰিব পাৰি। ভাৰতৰ এই দুইধৰণৰ উদ্যোগ দেশৰ অৰ্থনৈতিক উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। ভাৰতৰ অৰ্থনীতি ঔদ্যোগিক খণ্ডৰ গুৰুত্ব আৰু ভূমিকাবোৰ তলত আলোচনা কৰা হ’ল—

(ক) প্রাকৃতিক সম্পদৰ ব্যৱহাৰঃ দেশৰ সংগঠিত আৰু অসংগঠিত খণ্ডত বিভিন্ন ধৰণৰ উদ্যোগ গঠিত হোৱাৰ ফলত ই দেশৰ বিপুল পৰিমাণ প্রাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ পথ মুকলি কৰিছে।

(খ) সুষম খণ্ডভিত্তিক উন্নয়নঃ আৰম্ভণিৰ পৰাই ভাৰতীয় অর্থনীতি কৃষিখণ্ডৰ ওপৰ অত্যাধিক নিৰ্ভৰশীল হোৱাৰ বাবে ই সুষম খণ্ডভিত্তিক উন্নয়ন অৰ্জন কৰিব পৰা নাছিল। ঔদ্যোগিক খণ্ডৰ যথেষ্ট পৰিমাণে উন্নয়নৰ ফলত সুষম খণ্ডভিত্তিক উন্নয়নৰ পথ যথেষ্ট সুগম কৰি তুলিছে আৰু কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীলতা যথেষ্ট কমাবলৈ সক্ষম হৈছে।

(গ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিঃ ঔদ্যোগিক খণ্ডই দেশৰ জাতীয় আয়ৰ প্ৰতি যথেষ্ট পৰিমাণ বৰঙণি আগবঢ়াই আছে। ২০০৫-০৬ চনত ঔদ্যোগিক খণ্ডই ভাৰতৰ জাতীয় আয়ত ২৪.১ শতাংশ বৰঙণি আগবঢ়াইছিল৷ গতিকে ঔদ্যোগিক উন্নয়ন দেশৰ ৰাষ্ট্ৰীয় আয় আৰু জনমুৰি আয় বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

(ঘ) নিয়োগৰ সুবিধা বৃদ্ধিঃ ঔদ্যোগিক উন্নয়ন দেশৰ ভালেখিনি জনসংখ্যা নিয়োগৰ সুবিধা আগবঢ়াই আছে। বৃহৎ আৰু ক্ষুদ্ৰ পৰিসৰৰ ঔদ্যোগৰ উন্নয়ন যথেষ্ট সংখ্যক নিয়োগৰ সুবিধা সৃষ্টি কৰিছে। ১৯৯৬-৯৭ চনত ক্ষুদ্র উদ্যোগসমূহে সৃষ্টি কৰা নিয়োগৰ পৰিমাণ আছিল ১৬০ লাখ।

(ঙ) বজাৰৰ উন্নয়নঃ বিভিন্ন ধৰণৰ উদ্যোগৰ উন্নয়নৰ ফলত দেশত কেঁচামালৰ বজাৰ আৰু সম্পূৰ্ণকৈ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰি আছে। তদুপৰি উদ্যোগত সম্ভীয়া বস্তু উৎপাদন কৰাৰ ফলত ই বজাৰৰ বৈচিত্র্য বৃদ্ধি কৰাত অৰিহণা যোগায়।

২৪। ঔদ্যোগিক বৈচিত্ৰ্যতাৰ ওপৰত এটা টোকা লিখা। (Write a note on industrial diversity.) 

উত্তৰঃ ঔদ্যোগিক বৈচিত্র্যতা হ’ল প্রতিযোগিতামূলক বজাৰ অৰ্থনীতিত সামগ্ৰী উৎপাদন কার্যকলাপত গাঁথনিগত বিস্তাৰৰ প্ৰক্ৰিয়া। গধুৰ উদ্যোগ নিৰ্মাণৰ জৰিয়তে আত্ম-নিৰ্ভৰশীলতা ভাৰতৰ ঔদ্যোগিকৰণ ৰণনীতিৰ মুখ্য উপাদান আছিল, ১৯৫০ দশকৰ মাজভাগত বিবিধকৰণৰ বাবে এক গুৰুত্বপূর্ণ অভিযান আৰম্ভ কৰা হৈছিল, যন্ত্ৰ সঁজুলি উদ্যোগ, গধুৰ বৈদ্যুতিক, যন্ত্র নিৰ্মাণ আৰু গধুৰ উদ্যোগৰ অন্যান্য শাখা স্থাপন কৰা হৈছিল। যন্ত্ৰ সঁজুলিৰ উৎপাদনৰ মূল্য ১৯৫০-৫১ চনত ৩ নিযুত টকাৰ পৰা ১৯৬০-৬১ চনত ৮ নিযুত টকা আৰু ১৯৭০-১৯৭১ চনত ৪৩০ নিযুত টকালৈ বৃদ্ধি হয়। 

কষ্টিক ছড়াৰ উৎপাদন ১৯৫০-৫১ চনত ১২ হাজাৰ টনৰ পৰা ১৯৭০-৭১ চনত ৩৭১ হাজাৰ টনলৈ বৃদ্ধি হৈছিল। আনহাতে সেই সময়ছোৱাত ছদা ছাইৰ উৎপাদন ৪৬ ৰ পৰা ৪৪৯ হাজাৰ টনলৈ বৃদ্ধি হৈছিল। ১৯৫৬-৫৭ আৰু ১৯৭০-৭১ চনৰ ভিতৰত ৰাসায়নিক ঔদ্যোগিক উৎপাদনৰ মূল্য বছৰি ১২.৬ শতাংশ হাৰত বৃদ্ধি পাইছিল। ১৯৬০ ৰ দশকৰ মাজভাগৰ পিছত ঔদ্যোগিক বিকাশত বিফলতা স্বত্বেও, ঔদ্যোগিক গাঁথনিৰ বৈচিত্ৰ্যতাৰ অগ্ৰগতি বজাই ৰখা হৈছিল। ঔদ্যোগিক উৎপাদন সূচকত মূলধন সামগ্ৰীৰ ওজন ১৯৫৬ চনৰ ৪.৭ শতাংশৰ পৰা ১৯৬০ চনত ১১.৮ শতাংশলৈ আৰু ১৯৭০ চনত ১৫.২ শতাংশলৈ বৃদ্ধি পাইছে।

ভাৰতে ইয়াৰ ঔদ্যোগিক গাঁথনিত প্রাপ্ত কৰা বৈচিত্ৰ্যকৰণ উৎপাদন মূল্য সংযোজনত উচ্চ আৰু মজলীয়া প্ৰযুক্তি উদ্যোগৰ তুলনামূলকভাৱে উচ্চ অংশত প্রতিফলিত হয়। ১৯৮৫ চনত এই অনুপাত ভাৰতৰ বাবে ৫৬ শতাংশ আছিল, যি হৈছে সকলো মুখ্য ঔদ্যোগিক দেশৰ ভিতৰত সৰ্বাধিক স্থান।

২৫। ভাৰতৰ নতুন ঔদ্যোগিক নীতিৰ ১৯৯২-৯৩, ১৯৯৩-৯৪ আৰু ১৯৯৪-৯৫ চনত আগবঢ়োৱা প্ৰধান সংস্কাৰমূলক ব্যৱস্থাসমূহ আলোচনা কৰা। (Discuss the major reform measures of India’s new industrial policy in 1992-93, 1993-94 and 1994-95.) 

উত্তৰঃ (ক) ১৯৯২-৯৩ চনৰ ঔদ্যোগিক নীতিৰ সংস্কাৰঃ ১৯৯২-৯৩ চনত মূলধনী বজাৰক চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা হৈছিল। FERA আইনখন সংশোধন কৰি FERA কোম্পানীসমূহৰ বিনিয়োগৰ ক্ষেত্ৰত থকা নিয়ন্ত্ৰণ যথেষ্ট পৰিমাণে দূৰ কৰা হ’ব। ১৯৯২ চনৰ এপ্ৰিল মাহত ঔদ্যোগিক আৰু বাণিজ্য নীতিৰ পৰিৱৰ্তন কৰি উদ্যোগসমূহ আমদানি কৰা আহিলা-পাতি সম্ভীয়া দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছিল।

(খ) ১৯৯৩-৯৪ চনৰ ঔদ্যোগিক নীতিৰ সংস্কাৰঃ ঔদ্যোগিক নীতিৰ সংস্কাৰ ১৯৯৩- ৯৪ চনত চলাই যোৱা হৈছিল। চৰকাৰৰ নতুন অর্থনৈতিক চিন্তাৰ সৈতে সামঞ্জস্য ৰাখি বে-চৰকাৰী খণ্ডৰ বিদ্যুৎ প্রকল্পসমূহক নিজস্ব ব্যৱহাৰৰ বাবে কয়লা খনিৰ কাম চলাই যোৱাত ১৯৯৩ চনৰ এপ্ৰিল মাহত এটি বিকল অনুমোদন জনাইছিল।

(গ) ১৯৯৪-৯৫ চনৰ ঔদ্যোগিক নীতিৰ সংস্কাৰঃ ১৯৯১ চনৰ জুলাই মাহত আৰম্ভ হোৱা ঔদ্যোগিক নীতিৰ সংস্কাৰৰ পৰ্যায় ১৯৯৪-৯৫ চনতো চলাই যোৱা হৈছিল। ১৯৯৪-৯৫ চনত যিবোৰ ঔদ্যোগিক নীতিৰ পৰিৱৰ্তন কৰা হৈছিল এইবোৰ হ’ল MODVAT ৰ সুবিধা আন কিছুমান খণ্ডত বিস্তাৰ কৰা আৰু আবকাৰী শুল্কৰ গাঁথনিত আমূল পৰিৱৰ্তন কৰা, সীমা শুল্কৰ হাৰক বেছিকৈ সৰলীকৰণ আৰু হ্ৰাস কৰা, বেংকৰ ঋণৰ ক্ষেত্ৰত থকা সুদৰ হাৰক নিয়ন্ত্রণমুক্ত কৰা, অধিক সংখ্যক ঔষধ আৰু ঔষধ প্ৰস্তুতকৰণ বিষয়ক ভেষজ সামগ্ৰীৰ ঔদ্যোগিক অনুজ্ঞা- পত্র বাতিলকৰণ আৰু টেলি যোগাযোগ খণ্ডৰ ক্ষেত্ৰত উদাৰ নীতি গ্ৰহণ কৰা।

১৯৯৪-৯৫ চনৰ বাজেটত ঔদ্যোগিক নীতিৰ সংস্কাৰৰ বাবে প্ৰচেষ্টা চলাই যোৱা হৈছিল। ঔদ্যোগিক উৎপাদন বৃদ্ধি কৰিবলৈ চৰকাৰ সীমা শুল্কৰ সৰ্বোচ্চ হাৰ ৮৫ শতাংশৰ পৰা ৬৫ শতাংশলৈ কমোৱা হৈছিল আৰু এইক্ষেত্ৰত প্ৰধান কেঁচামাল তীখা আৰু ৰাসায়নিক দ্ৰব্যৰ ওপৰত থকা সীমা শুল্ক কমাই দিয়া হৈছিল। ইয়াৰ লগতে মূলধন সামগ্ৰীৰ ওপৰত থকা সীমা শুল্কৰ হাৰো হ্ৰাস কৰা হৈছিল। আকৌ মূলধন সামগ্ৰীৰ ক্ষেত্ৰত আবকাৰী শুল্কৰ ৰেহাই আগবঢ়োৱাৰ বাবে MODVAT ৰ সুবিধা বিস্তাৰ কৰা হৈছিল।

২৬। ভাৰতীয় ৰাজহুৱা খণ্ডৰ ভূমিকা সম্পর্কে ব্যাখ্যা কৰা। (Explain the role of Indian public sector.)

উত্তৰঃ ভাৰতৰ ৰাজহুৱা খণ্ডই দেশৰ অৰ্থনীতিক সঠিক ৰূপ দিয়াত এটি গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। 

ভাৰতীয় অৰ্থনীতিত ৰাজহুৱা খণ্ডই গ্ৰহণ কৰা ভূমিকাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ৰাজহুৱা খণ্ড আৰু আয়ঃ ভাৰতৰ ৰাজহুৱা খণ্ড অৰ্থনীতিত আয় সৃষ্টিৰ এটি নির্দিষ্ট ধনাত্মক ভূমিকা গ্ৰহণ কৰি আছে। প্রচলিত মূল্যত ভাৰতৰ নীট জাতীয় উৎপাদনত ৰাজহুৱা খণ্ডৰ বৰঙণি ১৯৫০-৫১ চনৰ ৭.৫ শতাংশৰ পৰা ২০০২-০৩ চনত ২৩.৬ শতাংশলৈ বৃদ্ধি পাইছিল। আকৌ অকল ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ নীট জাতীয় উৎপাদন বৰঙণিৰ পৰিমাণ ১৯৫০-৫১ চনৰ ৩.৫ শতাংশৰ পৰা বৃদ্ধি পাই ২০০৫-০৬ চনত ১১.১২ শতাংশ হৈছিল।

(খ) ৰাজহুৱা খণ্ড আৰু বুনিয়াদমূলক ব্যৱস্থাঃ বুনিয়াদমূলক সুবিধাৰ উন্নয়নৰ অবিহনে অর্থনৈতিক উন্নয়ন অৰ্জন কৰা অসম্ভৱ। বুনিয়াদমূলক খণ্ড যেনে— বিজুলী শক্তি, পৰিবহণ যোগাযোগমূলক আৰু গধুৰ উদ্যোগ, জলসিঞ্চন শিক্ষা, প্রযুক্তিগত প্ৰশিক্ষণ আদিৰ ওপৰত বিনিয়োগ দেশৰ কৃষি আৰু ঔদ্যোগিক খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি দেশৰ সাধাৰণ অৰ্থনৈতিক উন্নয়নৰ পথ মুকলি কৰিছে।

(গ) সবল ঔদ্যোগিক ভেঁটিঃ ৰাজহুৱা খণ্ডৰ আৰু এটি গুৰুত্বপূর্ণ ভূমিকা হ’ল যে ই দেশত সফলতাৰ সৈতে সৰল ঔদ্যোগিক ভেঁটি নিৰ্মাণ কৰি তুলিছে আৰু তীখা, কয়লা, অভিযান্ত্ৰিক গধুৰ বৈদ্যুতিক যন্ত্রপাতি, পেট্রোলিয়াম, ৰাসায়নিক, ঔষধ আদি বিভিন্ন ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ গঢ়ি উঠাৰ ফলত দেশৰ ঔদ্যোগিক ভেঁটি যথেষ্ট শক্তিশালী হৈ উঠিছে।

(ঘ) কেন্দ্ৰীয় ৰাজভঁৰালত বৰঙণিঃ ৰাজহুৱা খণ্ডৰ ঔদ্যোগসমূহ কেন্দ্ৰীয় ৰাজভঁৰালত লাভ্যাংশ, আবকাৰী শুল্ক, সীমা শুল্ক, কৰপোৰেট কৰ আদিৰ জৰিয়তে ভালেখিনি পৰিমাণৰ বৰঙণি আগবঢ়াই আছে। ষষ্ঠ পৰিকল্পনাৰ সময়ছোৱাত ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় ৰাজভঁৰালত আগবঢ়োৱা বৰঙণিৰ পৰিমাণ আছিল ২৭,৫৭০ কোটি টকা। আকৌ এই বৰঙণিৰ পৰিমাণ ১৯৮০-৮১ চনৰ ৭৬১০ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০০৩-০৪ চনত ৮৫,৪৪৫ কোটি টকা হৈছিল।

(ঙ) আয় আৰু সম্পদৰ কেন্দ্ৰীভূতকৰণত বাধা প্রদানঃ ভাৰতত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সম্প্ৰসাৰণ দেশৰ কেইজনমান মানুহৰ হাতত অৰ্থনৈতিক শক্তিৰ কেন্দ্ৰীভূতকরণ সফলতাৰ সৈতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু ই দেশৰ আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত থকা অসমতাৰ সমস্যা কিছু পৰিমাণে কমাবলৈ সক্ষম হৈছে।

২৭। নির্বিনিয়োজন অংশপত্ৰৰ বিক্রয়ৰ (Disinvestment) অর্থ কি? ইয়াৰ উদ্দেশ্যসমূহ লিখা। (What does it mean to sell disinvestment shares? What its objectives.) 

উত্তৰঃ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মালিকানা প্ৰথম অৱস্থাত চৰকাৰৰ হাতত থাকে। এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ নির্বিনিয়োজনৰ অৰ্থ হ’ল এই প্রতিষ্ঠানসমূহ অংশপত্ৰৰ এটা নির্ধাৰিত অংশ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীবোৰ, ক্ষুদ্র বিনিয়োগকাৰী পাৰস্পৰিক নিধি আৰু অন্যান্য ব্যক্তিবিশেষৰ মাজত বিক্রয়ৰ এটা বিশেষ ব্যৱস্থা। ইয়াৰোপৰি এই অংশপত্ৰৰ বিক্ৰীৰ উপৰি চৰকাৰে কেতিয়াবা এইবোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ ব্যৱস্থাপনা আকৌ বে-চৰকাৰী খণ্ডলৈ হস্তান্তৰ কৰে। এইধৰণৰ ব্যৱস্থাক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৌশলগত বিক্রয় বুলিও অভিহিত কৰা হয়।

ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ নিৰ্বিনিয়োজনৰ প্ৰধান উদ্দেশ্য হৈছে ইয়াৰ অংশপত্ৰ বিক্ৰয়ৰ জৰিয়তে যথেষ্ট পৰিমাণৰ সম্পদ সংগ্ৰহ কৰি এই প্রতিষ্ঠানসমূহ নিজা মূলধনী ব্যয়ৰ বাবে বিত্তীয় সংস্থান কৰা। এই নিৰ্বিনিয়োজনৰ পৰা পোৱা সম্পদ যিবোৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব পৰা যায় ৷ 

এইবোৰ হ’ল—

(ক) ৰুগ্ন ৰাজহুৱা খণ্ডৰ স্বেচ্ছাই অৱসৰ লোৱা কৰ্মচাৰীসকলক পাবলগীয়া দৰমহা আৰু বকেয়া ধন আদায় দিয়া।

(খ) এই প্রতিষ্ঠানবোৰৰ পৰা স্থানান্তৰিত হোৱা কৰ্মচাৰীসকলৰ পুনৰ সংস্থাপনৰ বাবে প্রয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। 

(গ) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰক পুনৰুজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ।

(ঘ) প্রতিষ্ঠানটোক অংশপত্ৰৰ গৰাকীসকলৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি কৰা আৰু প্ৰতিষ্ঠান টোৰ কাৰ্যক্ষমতা আৰু আৰ্থিক অৱস্থা উন্নত কৰা।

২৮। বিদেশী বিনিয়োগ কি? ইয়াৰ প্ৰকাৰসমূহ লিখা। (What is foreign investment? Write its types.)

উত্তৰঃ ভাৰতৰ বাহিৰৰ পৰা অহা পুঁজিৰ উৎসৰ সৈতে ভাৰতত কৰা যিকোনো বিনিয়োগ হৈছে বিদেশী বিনিয়োগ। এই সংজ্ঞা অনুসৰি বিদেশী কর্পোৰেট, বিদেশী নাগৰিকৰ লগতে অনাবাসী ভাৰতীয়সকলে কৰা বিনিয়োগবোৰ বিদেশী বিনিয়োগৰ শ্ৰেণীত পৰিব। সম্পত্তি, মালিকীস্বত্ব বা ব্যৱস্থাপনা বা সহযোগিতাত বিনিয়োগ কৰিব পাৰি। 

ইয়াৰ ওপৰত আধাৰিত কৰি বিদেশী বিনিয়োগবোৰ তলত দিয়া হৈছে—

(ক) প্রত্যক্ষ বিদেশী বিনিয়োগ।

(খ) বিদেশী পর্টফলিঅ’ বিনিয়োগ।

(গ) বিদেশী প্রতিষ্ঠানগত বিনিয়োগ।

(ক) প্রত্যক্ষ বিদেশী বিনিয়োগঃ এইটো হৈছে কোম্পানী বা ব্যক্তি এজনৰ দ্বাৰা কৰা বিনিয়োগ, যাক আমি এখন দেশত ব্যৱসায়িক স্বাৰ্থত মালিকীস্বত্ব নিয়ন্ত্ৰণ কৰাৰ ৰূপত পাওঁ। প্রত্যক্ষ বিদেশী বিনিয়োগ ব্যৱসায়িক কার্যকলাপ স্থাপনৰ ৰূপত হ’ব পাৰে বা একত্ৰীকৰণ আৰু অধিগ্ৰহণ, নতুন সুবিধা নিৰ্মাণ আদিৰ দ্বাৰা যুটীয়া উদ্যোগত প্ৰৱেশ কৰিও হ’ব পাৰে।

(খ) বিদেশী পর্টফলিঅ’ বিনিয়োগঃ বিদেশী পর্টফলিঅ’ বিনিয়োগ হৈছে ভাৰতীয় সুৰক্ষিত বিদেশী প্রতিষ্ঠান আৰু অনাবাসীসকলৰ দ্বাৰা বিতৰণ চৰকাৰী বন্ধন, কর্পোরেট বন্ধন, পৰিবৰ্তনযোগ্য সুৰক্ষিত, আন্তঃগাঁথনি সুৰক্ষিত আদিসহ এক বিনিয়োগ। ইয়াৰ উদ্দেশ্য হৈছে প্রত্যক্ষ বিদেশী বিনিয়োগতকৈ কম বিনিয়োগত ভাৰতত নিয়ন্ত্ৰণকাৰী আগ্ৰহ নিশ্চিত কৰা, প্ৰৱেশ কৰা আৰু প্ৰস্থানৰ বাবে অনুমতি প্ৰদান কৰা।

(গ) বিদেশী প্রতিষ্ঠানগত বিনিয়োগঃ বিদেশী প্রতিষ্ঠানগত বিনিয়োগ হৈছে বিদেশী প্ৰতিষ্ঠানবোৰৰ দ্বাৰা সুৰক্ষিত প্রকৃত সম্পত্তি আৰু অন্যান্য বিনিয়োগ সম্পদত বিনিয়োগ। বিনিয়োগকাৰীসকলৰ ভিতৰত আছে পাৰস্পৰিক পুঁজি কোম্পানী; হেজ পুঁজি কোম্পানী ইত্যাদি। ইয়াৰ উদ্দেশ্য হৈছে নিয়ন্ত্ৰণকাৰী আগ্ৰহ লোৱা নহয়, কিন্তু প্ৰতিৰক্ষা নিশ্চিত কৰা পৰ্টফলিঅ’ত বৈচিত্র্যতা অনা আৰু দ্ৰুত প্ৰৱেশ আৰু প্ৰস্থানৰ সৈতে উচ্চ লাভ প্রাপ্ত কৰা।

২৯। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কাৰ্যাৱলীবোৰ আলোচনা কৰা। (Discuss the functions of public sector industries.) 

উত্তৰঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কাৰ্যাৱলীবোৰ বিভিন্ন দিশৰ পৰা মূল্যায়ন কৰাৰ প্রয়োজন। 

ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কাৰ্যাৱলীবোৰ হ’ল—

(ক) নীট জাতীয় উৎপাদনত বৰঙণিঃ ৰাজহুৱা খণ্ডৰ উদ্যাগত যথেষ্ট পৰিমাণে বিনিয়োগ হোৱা সত্বেও ই দেশৰ নীট জাতীয় উৎপাদনত অতি কম পৰিমাণৰ বৰঙণি আগবঢ়াই আছে। যদি ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত বিনিয়োগৰ গড় বছৰি বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ উৎপাদনৰ মুঠ জাতীয় উৎপাদনত বৰঙণি অতি নিম্ন হাৰত অৰ্থাৎ ১৯৫০-৫১ চনত ৩ শতাংশৰ পৰা ১৯৭০-৭১ চনত ৭.৫ শতাংশ হাৰত আৰু ২০০৫-০৬ চনত ১১.১২ শতাংশ হাৰত বৃদ্ধি পাইছিল।

(খ) বৈদেশিক মুদ্রা অর্জনঃ ৰাজহুৱা উদ্যোগসমূহৰ বৈদেশিক মুদ্ৰাৰ আয়ৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি পাই ১৯৬৫-৬৬ চনৰ ৩৫ কোটি টকাৰ পৰা ১৯৬৯-৭০ চনত ১৭০ কোটি টকা আৰু ১৯৯২-৯৩ চনত ১০,৩৪৫ কোটি টকা হৈছিল। কিন্তু প্রকৃত নিৰিখত এই বৃদ্ধিৰ হাৰ ভালেখিনি কম হ’ব।

(গ) নিয়োগ সুবিধা সৃষ্টিঃ ভাৰতৰ বিভিন্ন পাঁচ বছৰীয়া পৰিকল্পনাত যদিও পৰিকল্পনাৰ মুঠ সম্পদৰ ৬০ শতাংশ ৰাজহুৱা খণ্ডৰ উন্নয়নৰ বাবে বিনিয়োগ কৰা হৈছে কিন্তু এই খণ্ডই ২০০৪ চনলৈকে মাথোন ১৮১.৯৭ লাখ মানুহক কৰ্ম-সংস্থাপনৰ সুবিধা প্ৰদান কৰিছে।

(ঘ) মুঠ ঘৰুৱা মূলধন গঠনত বৰঙণিঃ মুঠ ঘৰুৱা মূলধনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বৰঙণি অতি নিম্ন গতিত বৃদ্ধি পাই আছে অর্থাৎ প্রথম পৰিকল্পনাৰ ৩.৫ শতাংশৰ পৰা সপ্তম পৰিকল্পনাৰ সময়ছোৱাত ১০.৭ শতাংশ হৈছিল। তদুপৰি দেশৰ মুঠ মূলধন গঠনৰ পৰিমাণত ৰাজহুৱা খণ্ডৰ বৰঙণি প্রথম পৰিকল্পনাৰ সময়ছোৱাৰ ৩৩.৬৭ শতাংশৰ পৰা বৃদ্ধি পাই ষষ্ঠ পৰিকল্পনাত ৫০ শতাংশ হৈছিল আৰু ই আকৌ হ্ৰাস পাই ২০১১-১২ চনত ২২.৪ শতাংশ হৈছিল।

(ঙ) চৰকাৰী ৰাজভঁৰালত বৰঙণিঃ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ লাভ্যাংশ, কর্পোৰেট কৰ, আবকাৰী শুল্ক,সীমা শুল্ক আদিৰ জৰিয়তে চৰকাৰী ৰাজভঁৰালত আগবঢ়োৱা বৰঙণিৰ পৰিমাণ বৃদ্ধি পাই চতুৰ্থ পৰিকল্পনাৰ সময়ছোৱাত ৭৯৮৫ কোটি টকাৰ পৰা দশম পৰিকল্পনাৰ সময়ছোৱাত ৮৫,৪৪৫ কোটি টকা হৈছিল।

৩০। MSME খণ্ডৰ প্ৰগতিৰ বাবে লোৱা ব্যৱস্থাসমূহ লিখা। (Write the measures taken for the progress of the MSME.) 

উত্তৰঃ MSME খণ্ডৰ বাবে ছয়টা বিষয়ৰ ওপৰত বিশেষ গুরুত্ব দিয়া হৈছে। এইবোৰ হ’ল— 

(ক) বিত্ত আৰু ঋণ। 

(খ) প্রযুক্তি।

(গ) আন্তঃগাঁথনি। 

(ঘ) বজাৰ আৰু সংগ্ৰহমূলক ব্যৱস্থা। 

(ঙ) দক্ষতাৰ উন্নয়ন আৰু প্ৰশিক্ষণ।

(চ) আনুষ্ঠানিক গাঁথনি।

MSME খণ্ডৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে কিছুমান আঁচনি তলত দিয়া ধৰণৰ—

(ক) সামগ্ৰী আহৰণৰ নীতিঃ ভাৰত চৰকাৰে ২০১২ চনৰ ১ এপ্রিল তাৰিখে অতি ক্ষুদ্র ক্ষুদ্র উদ্যোগ (MSE) অধিসূচনা ২০১২ ৰ জৰিয়তে উৎপাদন কৰা বিভিন্ন সামগ্ৰী আৰু পৰিসেৱাবোৰ চৰকাৰৰ দ্বাৰা আহৰণ কৰিবলৈ এটি ৰাজহুৱা আহৰণ নীতিৰ সূচনা কৰিছিল। এই অধিসূচনা অনুসৰি সকলো কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগসমূহ, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বছৰি প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী আৰু পৰিসেৱাৰ মুঠ মূল্যৰ ন্যূনতম ২০ শতাংশ এই MSE উদ্যোগসমূহৰ পৰা আহৰণ কৰিব লাগিব।

(খ) MSE থূপৰ উন্নয়ন আঁচনিঃ MSE মন্ত্রালয়ে MSE উদ্যোগবোৰৰ সঠিক উন্নয়নৰ বাবে সঠিক খৰচৰ ভিত্তিত MSE থূপৰ উন্নয়ন আঁচনি গ্ৰহণ কৰিছিল। MSME উদ্যোগসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ ইয়াৰ প্ৰয়োজনীয় আন্তঃগাঁথনি ব্যৱস্থাৰ উন্নতিৰ জৰিয়তে MSE থূপৰ উন্নয়ন আঁচনি ৰূপায়ণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

(গ) ঋণ নিশ্চয়তা আঁচনিঃ চৰকাৰে MSE উদ্যোগবোৰৰ বাবে উপযুক্ত ঋণৰ প্ৰবাহ আগবঢ়াবলৈ এটি ঋণ নিশ্চয়তা তহবিল আঁচনি গ্ৰহণ কৰিছিল আৰু কোনো জামিন নোলোৱাকৈ অতি ক্ষুদ্র উদ্যোগবোৰক ১০০ লাখ টকালৈকে ঋণৰ সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে।

(ঘ) উদ্যোগবোৰৰ বাবে ঋণৰ লগত সম্পৰ্কিত মূলধনী ৰাজসাহায্য আঁচনিঃ এই আঁচনিৰ জৰিয়তে MSE উদ্যোগসমূহৰ প্ৰযুক্তি উন্নয়নৰ বাবে সৰ্বোচ্চ ১০০ লাখ টকাৰ ঋণৰ সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত ১৫ শতাংশলৈকে মূলধনী ৰাজসাহায্য আগবঢ়াই ইয়াৰ প্ৰকল্প আৰু যন্ত্ৰপাতিবোৰ ক্ৰয় কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

৩১। চমুটোকা লিখা। (Write short notes.) 

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ উন্নয়ন (Development of public sector industries)।

উত্তৰঃ প্ৰাক্‌ স্বাধীনতাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ অৰ্থনৈতিক কাৰ্যাৱলীত ৰাজহুৱা খণ্ডৰ অংশগ্ৰহণ প্ৰায় অনুপস্থিতিত আছিল। যিকেইখন প্ৰতিষ্ঠান চৰকাৰী পৰিচালনা আৰু নিয়ন্ত্ৰণত চলাই যোৱা হৈছিল সেইবোৰ আছিল ৰেলৱে, পোর্ট ট্রাস্ট, আকাশী পৰিবহণ আৰু অর্ডিনাঞ্চ ফেক্টৰীসমূহ। বৰ্তমান সময়ছোৱাত ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ দেশৰ ঔদ্যোগিক খণ্ডৰ ক্ষমতা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। এই উদ্যোগসমূহক প্রধানতঃ বিভাগীয় উদ্যোগ, বিত্তীয় প্রতিষ্ঠান আৰু অনা বিভাগীয় উদ্যোগ এই কেইটা ভাগত বিভাজন কৰা হৈছে। এই অনা বিভাগীয় উদ্যোগসমূহ ৰাজহুৱা খণ্ডৰ মুঠ উৎপাদনৰ ৫০ শতাংশ, মুঠ বিনিয়োগৰ ৭৫ শতাংশ আৰু মুঠ নিয়োগৰ দুই-তৃতীয়াংশ পৰিমাণ আগবঢ়াই আছে। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ মুঠ পেট্রোলিয়াম, লিগনাইট, তাম আৰু সীহ উৎপাদনৰ সম্পূর্ণ অংশ, জিংক উৎপাদনৰ ৯৮ শতাংশ, কয়লা উৎপাদনৰ ৭০ শতাংশ, তীখা আৰু এলুমিনিয়াম উৎপাদনৰ ৫০ শতাংশ আৰু মুঠ সাৰ উৎপাদনৰ এক-তৃতীয়াংশ উৎপাদন কৰি আছে।

(খ) MSME খণ্ড (MSME Sector।)

উত্তৰঃ MSME ৰ সম্পূৰ্ণ অৰ্থ হ’ল Micro, Small & Medium Enterprises অর্থাৎ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। MSME য়ে ভাৰতীয় অর্থনীতিত এটি গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আছে। এই উদ্যোগসমূহে (MSME) দেশৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদনত প্ৰায় ৮ শতাংশ বৰঙণি আগবঢ়াই আছে। MSME উদ্যোগসমূহৰ চতুৰ্থ সর্ব-ভাৰতীয় পিয়লৰ প্ৰতিবেদনৰ পৰা দেখা গৈছে যে দেশত মুঠ MSME ঔদ্যোগিক গোটৰ সংখ্যা হৈছে ২৬ নিযুত, যি প্রায় ৬০ নিযুত সংখ্যক মানুহক নিয়োগৰ সুবিধা আগবঢ়াইছে আৰু ইয়াৰে ২৮ শতাংশ হৈছে প্ৰস্তুতকাৰক ঔদ্যোগিক খণ্ডত আৰু ৭২ শতাংশ হৈছে পৰিসেৱা খণ্ডত। MSMED আইন ২০০৫ জাৰীকৰণৰ পিছত এইটোৱেই হৈছে প্ৰথম পিয়ল য’ত মজলীয়া উদ্যোগসমূহক ইয়াৰ ভিতৰত সামৰি লোৱা হৈছিল। এই MSME খণ্ডটোৰ ভিতৰত পঞ্জীয়নভুক্ত উদ্যোগ আৰু অসংঘটিত খণ্ডক সামৰি লোৱা হৈছে। ইয়াৰ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰক ইয়াৰ প্ৰকল্প আৰু যন্ত্ৰপাতিৰ ওপৰত কৰা বিনিয়োগৰ আৰ্হিৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মুঠ MSME পঞ্জীয়নভুক্ত গোটৰ ৪৫ শতাংশ গাঁও অঞ্চলত অৱস্থিত।

৩২। বেচৰকাৰী সংস্থা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? (What do you mean by private company? What are its features?)

উত্তৰঃ বেচৰকাৰী সংস্থাবোৰ হৈছে ব্যক্তিগত, জনসেবামূলক, বৃত্তিগত সংস্থা যিবোৰৰ উদ্দেশ্য হৈছে জনহিতকৰ কাম কৰা। ই হৈছে ব্যক্তিৰ দ্বাৰা সংগঠিত এক সংস্থা যিবোৰে চৰকাৰৰ কোনোধৰণৰ প্ৰতিনিধিত্ব নকৰে। অৱশ্যে চৰকাৰৰ দৰে এই সংস্থাবোৰেও ৰাজনীতিৰ সৈতে অন্য এক দিশৰ পৰা বুজা পৰা কৰে। ই এক জনসাধাৰণৰ মাধ্যম যাৰ দ্বাৰা ব্যক্তি বা জনসাধাৰণে তেওঁলোকৰ সমস্যাসমূহ চৰকাৰক অৱগত কৰিব পাৰে। ইয়াৰোপৰি বেচৰকাৰী সংস্থাই জনসাধাৰণৰ সমস্যাগত দিশসমূহ পর্যালোচনা কৰি সামর্থ্য অনুযায়ী সহায় সহযোগ আগবঢ়ায়। বেচৰকাৰী সংস্থাবোৰে মানৱপ্ৰেমী; বিদ্যায়তনিক বিশেষজ্ঞ আৰু অন্যান্য সংগঠনক লৈ গঠিত হয় আৰু ই সাধাৰণতে মানৱ অধিকাৰ লিংগ বৈষম্য, স্বাস্থ্য, গ্রামোন্নয়ন, সামাজিক কল্যাণ, দুৰ্নীতি বিৰোধী পৰিৱেশ আৰু স্থানীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

বেচৰকাৰী সংস্থাসমূহে চৰকাৰ, বেচৰকাৰী এজেঞ্চী, কর্পোৰেট গোষ্ঠী; সাধাৰণ জনতা ইত্যাদিৰ পৰা পুঁজি লাভ কৰে। ইব্যক্তিগত সুবিধা আগবঢ়োৱাৰ পৰিবৰ্তে কেৱল সামাজিক সমস্যাসমূহ সমাধানৰ ওপৰতহে গুরুত্ব দিয়ে। কেইটামান উল্লেখযোগ্য বেচৰকাৰী সংস্থা হ’ল— CK7 এমনেষ্টি ইন্টাৰনেচনেল, গিভ ফাউন্ডেচন, গ্রীণপিচ, হেল্পএজ ইণ্ডিয়া, প্রথম, স্মাইল ফাউণ্ডেচন ইত্যাদি।

বেচৰকাৰী সংস্থাৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ—

(ক) স্বেচ্ছাকৃত সংস্থাঃ বেচৰকাৰী সংস্থাসমূহ হৈছে স্বেচ্ছাকৃত সংস্থা যিবোৰ ব্যক্তিৰ সামুহিক ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি সংগঠিত হয়। ইয়াত কোনো ব্যক্তিৰ ব্যক্তিগত স্বার্থ জড়িত নাথাকে। সমুহীয়া স্বার্থই হৈছে ইয়াৰ মূল ভেঁটি।

(খ) স্বতন্ত্রঃ বেচৰকাৰী সংস্থাসমূহ হৈছে এক স্বতন্ত্র সংস্থা যিবোৰ চৰকাৰী হস্তক্ষেপৰ পৰা মুক্ত। এই সংস্থাসমূহে নিজস্ব নীতি আৰু প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত হয়।

(গ) সেৱামুখীঃ বেচৰকাৰী সংস্থাসমূহ কোনো লাভমুখী ব্যৱসায়ীক সংগঠন নহয়। বৰং বেচৰকাৰী সংস্থাসমূহে সামাজিক কল্যাণ সাধনৰ লগতে স্পর্শকাতৰ বিষয়সমূহত গুৰুত্ব আৰোপ কৰে। উদাহৰণস্বৰূপে শিশু শিক্ষা, বন্যপ্রাণী সুৰক্ষা, পৰিৱেশ, নাৰীসকলৰ সামাজিক মর্যাদাৰ উন্নীতকৰণ ইত্যাদি।

(ঘ) নিজা পুঁজিঃ বেচৰকাৰী সংস্থাসমূহ তেওঁলোকৰ নিজস্ব পুঁজিৰ দ্বাৰা পৰিচালিত হয়। এই সংস্থাসমূহে প্ৰায়ে জনসাধাৰণৰ পৰা বৰঙণি সংগ্ৰহ কৰে। আনহাতে, কিছুমান বেচৰকাৰী সংস্থা ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ দ্বাৰা বিত্তীয়ভাৱে পৰিচালিত হয়। অন্য কিছুমান বেচৰকাৰী সংস্থা আন্তঃৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ দ্বাৰাও পৰিচালিত হয়।

৩৩। উন্নয়নশীল অৰ্থনীতিত চৰকাৰী বিত্তৰ ক্ৰমবৰ্ধমান গুৰুত্ব সম্পর্কে আলোচনা কৰা। চৰকাৰৰ আয়ৰ প্ৰধান দুটা উৎসৰ বিষয়ে লিখা। (Discuss the growing importance of public finances in developing economies. Write about the two main sources of government revenue.) 

উত্তৰঃ উন্নয়নশীল অৰ্থনীতিত চৰকাৰী বিত্তৰ ক্ৰমবৰ্ধমান গুৰুত্ব সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ’ল-

(ক) উন্নয়নশীল অর্থনীতিত অব্যৱহৃত আৰু অৰ্দ্ধব্যৱস্থাত সম্পদসমূহ উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ আৰু উপযুক্ত বণ্টনৰ দ্বাৰা সম্পদৰ ব্যৱহাৰ কাম্য কৰি তুলিবলৈ চৰকাৰী বিত্ত প্রয়োগ কৰিব পাৰি।

(খ) উন্নয়নশীল অর্থনীতিত মূলধন গঠনৰ দিশত থকা কেতবোৰ প্ৰতিবন্ধ কতাৰ বাবে মূলধন গঠনৰ হাৰ কম হয়। এই প্রতিবন্ধকতা আঁতৰ কৰি মূলধন গঠন দ্ৰুত কৰি তুলিবলৈ চৰকাৰী বিত্ত প্ৰয়োগ কৰিব পাৰি।

(গ) উন্নয়নশীল অর্থনীতিত বেচৰকাৰী উদ্যোক্তাৰ পুঁজিৰ সামৰ্থ্য তুলনামূলকভাৱে কম আৰু তেওঁলোকে হ্রস্বকালত মুনাফা আশা কৰে। বেচৰকাৰী উদ্যোক্তাৰ দ্বাৰা অৱহেলিত হোৱা অর্থনৈতিক বুনিয়াদ গঠনৰ দিশতো চৰকাৰী বিত্তই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।

(ঘ) উন্নয়নশীল দেশত বৰ্তি থকা আর্থ-সামাজিক প্রতিবন্ধকতাসমূহ আঁতৰ কৰি অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰি তুলিবলৈ চৰকাৰী বিত্তৰ প্ৰয়োগ কৰিব পাৰি।

(ঙ) উন্নয়নশীল অর্থনীতিত জনবাহুল্যতাই বিভিন্ন আনুষংগিক সমস্যাৰ সৃষ্টি কৰে। এই সমস্যাসমূহ নিৰাময় কৰি অৰ্থনৈতিক আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰি জনকল্যাণ বৃদ্ধিৰ বাবে চৰকাৰী বিত্তই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।

(চ) উন্নয়নশীল অর্থনীতিত ৰাজহুৱা খণ্ডটো নিজে পৰিচালিত হ’বলৈ চৰকাৰী বিত্তৰ প্ৰয়োগ কৰাৰ লগতে বেচৰকাৰী খশুকো নিয়ন্ত্ৰণ কৰিব লগা হয় আৰু বেচৰকাৰী খণ্ডৰ বিকাশৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়।

(ছ) উন্নয়নশীল অর্থনীতি এখন দেশত আঞ্চলিক বৈষম্যতা দূৰ কৰি সম উন্নয়নৰ বাবে কিছুমান আঞ্চলিক অগ্ৰাধিকাৰ প্ৰদান কৰি উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে বৈষম্যমূলক আঁচনি ৰূপায়ণ কৰাত চৰকাৰী বিও প্ৰয়োগ কৰা হয়। 

(জ) উন্নয়নশীল অর্থনীতিত অর্থনৈতিক বুনিয়াদৰ সুবিধা যেনে- পৰিবহণ, যোগাযোগ, শক্তি ইন্ধন ইত্যাদি যথেষ্ট দুৰ্বল হোৱাৰ বাবে কৃষি আৰু উদ্যোগৰ সম্প্ৰসাৰণ অসম্ভৱ। এনে সুবিধা বৃদ্ধিয়ে চৰকাৰী আৰু বেচৰকাৰী উভয়খণ্ডকে উপকৃত কৰে। সেয়েহে এই বুনিয়াদী সা-সুবিধা বৃদ্ধিত উপযুক্তভাৱে চৰকাৰী বিত্ত প্রয়োগ কৰিব পাৰি।

(ঝ) উন্নয়নশীল দেশসমূহে সন্মুখীন হোৱা নিবনুৱা সমস্যা ৰোধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰী বিত্তৰ আশ্ৰয় লোৱা হয়। চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি অৰ্থনৈতিক উন্নতিৰ লগত সংগতি ৰক্ষা কৰি নিয়োগ বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(ঞ) উন্নয়নশীল অর্থনীতিত বিদেশী শত্ৰুৰ পৰা সমাজখন নিৰাপদ কৰাৰ বাবেও চৰকাৰী বিত্তই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।

গতিকে উন্নয়নশীল দেশত চৰকাৰী বিত্তৰ ভূমিকা কোনো গুণে কম নহয়। বৰঞ্চ এনেবোৰ অৰ্থনীতিত চৰকাৰী বিত্তই তুলনামূলকভাৱে অধিক ভূমিকা পালন কৰিব লগা হয়। কাৰণ উন্নত দেশৰ দৰে উন্নয়নশীল দেশবোৰত স্বয়ংক্রিয়ভাবে অর্থনৈতিক কার্যকলাপ পৰিচালনা হোৱাৰ পৰিৱেশ নাথাকে। সেয়েহে বিভিন্ন দিশত অর্থনৈতিক কার্যকলাপৰ পৰিচালনা চৰকাৰে মধ্যস্থতা কৰিব লগা হয়।

৩৪। ভাৰতবৰ্ষৰ ঔদ্যোগিক অঞ্চলবিলাকৰ ওপৰত এটি টোকা লিখা। (What a short note on the industrial zones of India.)

উত্তৰঃ ঔদ্যোগিকৰণৰ এলানি ভিন্নসুৰী কাৰকৰ দ্বাৰা বিভিন্ন মাত্ৰাত প্ৰভাৱান্বিত ভাৰতৰ উদ্যোগসমূহ দেশৰ সকলো ঠাইতে সম ৰূপত বিস্তৃতি লাভ কৰা দেখা যায়। উদ্যোগ পুঞ্জীভৱনৰ ওপৰত ভিত্তি কৰি ভাৰতত সৰ্বমুঠ ৮ টা ঔদ্যোগিক অঞ্চল পোৱা যায়।

(ক) মুম্বাই-পুনে ঔদ্যোগিক বলয়ঃ মুম্বাই চহৰাঞ্চলৰ পৰা থানে-কল্যাণ পিম্পৰী হৈ পুনে ৰেলপথকেন্দ্ৰীক এই ঔদ্যোগিক বলয়টোৱে নাচিক আৰু শোলাপুৰ জিলা দুখনকে সামৰি লৈছে। কপাহ খেতি অঞ্চলত অৱস্থিত এই বলয়ত কপাহী বয়ন শিল্পৰ মাধ্যমত ঔদ্যোগিকৰণ আৰম্ভ হৈছিল। ১৮৬৯ চনত চুয়েজ খাল মুকলি কৰাৰ লগে লগে এই ঔদ্যোগিক বলয়ৰ নাভিবিন্দু মুম্বাই বন্দৰ হৈ অঞ্চলটোলৈ যন্ত্ৰপাতিৰ আমদানি আৰু বস্ত্ৰ সম্ভাৰ ৰপ্তানিৰ পথ অধিক সুচল হৈ পৰে। কপাহী বয়ন উদ্যোগৰ প্ৰায় সমান্তৰালভাৱেই অঞ্চলটোত ৰাসায়নিক খণ্ডৰ উদ্যোগেও মূৰ দাঙি উঠে। মুম্বাই হাই অৱস্থানত খনিজ তেলৰ উদ্‌ঘাটন আৰু টুম্বেত পাৰমাণৱিক শক্তিৰ উৎপাদন গোট স্থাপনৰ লগে লগে এই অঞ্চলত নতুন এলানি উদ্যোগ ধূপ খাই পৰে। বৰ্তমান অঞ্চলটোত পৰম্পৰাগত বয়ন উদ্যোগৰ উপৰিও অভিযান্ত্ৰিক সৰঞ্জাম, খনিজ তেলৰ শোধন, পেট্ৰ’ৰাসায়নিক, চামৰা, প্লাষ্টিক, চিন্থেটিক সুতা, ঔষধ, ৰাসায়নিক সাৰ, বৈদ্যুতিক সৰঞ্জাম, জাহাজ নির্মাণ, মটৰগাড়ী, খাদ্য প্ৰস্তুতকৰণ, তথ্য প্রযুক্তি সৰঞ্জাম প্রভৃতি বিভিন্ন ধৰণৰ উদ্যোগ থুপ খোৱা দেখা যায়।

(খ) হুগলী বলয়ঃ হুগলী নদীৰ দুয়োপাৰে বাঁশবেৰিয়াৰ পৰা দক্ষিণে বিৰলা নগৰ পৰ্যন্ত প্রায় ১০০ কিঃমিঃ দীঘল এই উদ্যোগ বলয়টো প্ৰকৃততে কলিকতাকেন্দ্রিক। ১৮৫৫ চনত হাওড়াৰ ১৭ কিঃমিঃ উত্তৰে বিচৰা নামৰ ঠাইত দেশৰ প্ৰথমটো মৰাপাট কল স্থাপন কৰা হয়। দেশ বিভাজনৰ ফলত কলিকতাকেন্দ্ৰিক মৰাপাট উদ্যোগ কিছু পৰিমাণে সংকটৰ সন্মুখীন হয়। কিন্তু ইতিপূর্বে এই উদ্যোগ বলয়ত ঠন ধৰি উঠা কপাহী বয়ন উদ্যোগৰ পৰিসৰ বহুখিনি বৃদ্ধি পায়। এই উদ্যোগ বলয়ৰ শ্ৰীৰামপুৰ, বেলঘেৰীয়া, নৈহাটী, শ্যামনগৰ প্ৰভৃতি অৱস্থানত উন্নতমানৰ কাগজৰ উদ্যোগ আৰু কলিকতাকেন্দ্ৰীক ছপাশাল উদ্যোগ দেশৰ ভিতৰতে শীর্ষ স্থানীয় হৈ পৰে। অভিযান্ত্ৰিক সৰঞ্জাম, ৰাসায়নিক দ্ৰৱ্য, ঔষধ, ৰাসায়নিক সাৰ, যন্ত্রপাতি, খাদ্য প্ৰস্তুতকৰণ, গাড়ী নির্মাণ প্রভৃতি উদ্যোগসমূহেও এই বলয়ত থিতাপি লয়।

(গ) বেংগালুৰু-চেন্নাই ঔদ্যোগিক বলয়ঃ বেংগালুৰু আৰু চেন্নাই সংযোগী ঔদ্যোগিক বলয়টোৰ ১৯৪৭ চনৰ পাছৰ সময়ছোৱাত ক্ষিপ্ৰ উন্নতি আৰু সম্প্ৰসাৰণ ঘটা দেখা যায়। এই বলয়টোত কপাহী বয়ন খণ্ডই শিল্প উদ্যোগৰ বাটকটীয়া। বেংগালুৰু চহৰৰ শিল্প উদ্যোগ ঘাইকৈ যন্ত্রপাতিকেন্দ্ৰীক। ইয়াত উৰাজাহাজ, ঘড়ী, ঔষধ, চিমেণ্ট, দূৰভাষ যন্ত্ৰ, ৰেলৰ চকা, অনাতাঁৰ সৰঞ্জাম, ৰবৰৰ সৰঞ্জাম, কাগজ, জুইশলা, চামৰা প্ৰভৃতি উদ্যোগসমূহ এই বলয়ত দেখা যায়।

(ঘ) আহমেদাবাদ-চুৰাট ঔদ্যোগিক বলয়ঃ গুজৰাটৰ আহমেদাবাদ আনন্দ নড়িয়াদ -বড়োদৰা সংযোগী ১০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ চোৱাক অৱলম্বন কৰি গঢ় লৈ উঠা এই উদ্যোগ বলয়টো সম্প্রতি দক্ষিণে তাপ্তী নদীৰ তীৰৰ সূৰত বন্দৰৰ পৰা বীৰংগম-ৰাজকোট হৈ জামনগৰ পর্যন্ত ৫৬০ কিঃমিঃ দীঘল বলয় এটাত পৰিণত হৈছে। ১৮৬০ চনৰ পাছৰ পৰা এই উদ্যোগ বলয়টোৱে ভাৰতৰ সৰ্বাধিক কাপোৰ উৎপাদনকাৰী কপাহী বয়ন শিল্পৰ বলয় হিচাপে স্বকীয় স্থিতি অক্ষুণ্ণ ৰাখিছে। ইফালে, কাম্বে উপসাগৰৰ কাষে পাজৰে খনিজ তেলৰ উদ্‌ঘাটন আৰম্ভ হোৱাৰ পাছত অংকলেশ্বৰ, বড়োদৰা আৰু জামনগৰ প্ৰভৃতি ঠাইত পেট্ৰ’কেমিকেল্‌ছ উদ্যোগে গা কৰি উঠিছে। 

কোয়ালি আৰু জামনগৰ তেল শোধানগাৰৰ কেঁচামাল আৰু কাণ্ডালাৰ বন্দৰগাৰ এনে উদ্যোগৰ প্ৰধান অৱস্থাপক বুলিব পাৰি। পৰম্পৰাগত বয়ন শিল্প আৰু পেট্ৰ ৰাসায়নিক শিল্পৰ উপৰিও এইটো বলয়ৰ প্ৰধান শিল্প উদ্যোগৰ পৰিসৰত মটৰগাড়ী, ট্রেক্টৰ, ডিজেলৰ পাম্পছেট, বয়ন উদ্যোগৰ যন্ত্রপাতি, কাৰিকৰী সৰঞ্জাম, ঔষধ আৰু খাদ্য প্ৰস্তুতকৰণৰ লগত জড়িত উদ্যোগসমূহ অগ্রগণ্য। দেশৰ ভিতৰতে সৰ্বাধিক গাখীৰ উৎপাদনৰ অঞ্চলৰূপে খ্যাত এই অঞ্চলটোৰ আনন্দ, মহেশানা আৰু হিম্মত নগৰত একোটাকৈ সুবৃহৎ কলেৱৰৰ দুগ্ধজাত দ্রব্য প্ৰস্তুতকৰণ কাৰখানা আছে।

(ঙ) ছোটনাগপুৰ ঔদ্যোগিক বলয়ঃ ছোটনাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিমবংগৰ পশ্চিম সীমান্তৰ আচানচোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ-বোকাৰো টাটা নগৰ হৈ উৰিষ্যাৰ উত্তৰ অংশৰ বৰকেল্লা হৈচম্বলপুৰ পৰ্যন্ত বিস্তৃত। এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি, জলবিদ্যুৎ, তাপবিদ্যুৎ আৰু ঘাইকৈ লো তীখা শিল্প। দামোদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লো অঞ্চলটোৰ শিল্প উন্নয়নৰ প্ৰাথমিক তথা মৌলিক অৱস্থাপক। ভাৰতৰ সৰ্বমুঠ ১০ টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্ৰই এই অঞ্চলত অৱস্থিত। লো তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্রিক উদ্যোগ, যন্ত্রপাতি, ৰাসায়নিক সাৰ, চিমেণ্ট, কাগজ, ৰেল-ইঞ্জিন, বৈদ্যুতিক সৰঞ্জাম, ধাতুৰ আচবাব প্রভৃতি অনেক ধৰণৰ উদ্যোগ সুপ্রতিষ্ঠিত হৈ আছে।

(চ) বিশাখাপট্টনম-গুণ্টৰ ঔদ্যোগিক বলয়ঃ বিশাখাপট্টনম বন্দৰগাহৰ পৰা বিজয়ৱাৰা গুন্টুৰ হৈ কুৰ্ণুল পৰ্যন্ত প্ৰায় ৬৩০ কিঃমিঃ দীঘল ঔদ্যোগিক অঞ্চলটো ঘাইকৈ বিশাখাপট্টনম কাকীনাড়া আৰু মছলি পট্টনম বন্দৰ তিনিটাৰ পশ্চাৎভূমিকেন্দ্রিক। কৃষি আৰু খনিজাত দ্রব্যই এইটো অঞ্চলৰ উদ্যোগ সম্ভাৱনাৰ ঘাই পৰিসৰ। ১৯৪১ চনত বিশাখাপট্টনম পোটাশ্রয়টোত জাহাজ নির্মাণ উদ্যোগ স্থাপন কৰা হয়। কাকীনাড়া বন্দৰৰ সমীপৰ তাতীপাকা নামৰ ঠাইত আমদানিকৃত খাৰুৱা তেলৰ শোধনাগাৰ স্থাপন কৰাৰ ফলত পেট্ৰ ৰাসায়নিক উদ্যোগৰ সম্প্ৰসাৰণ আৰম্ভ হয়। অঞ্চলটোৰ আনবোৰ প্ৰধান উদ্যোগৰ ভিতৰত কাগজ, কপাহী বয়ন শিল্প, চেনি, মৰাপাটৰ বয়ন উদ্যোগ, ৰাসায়নিক সাৰ, চিমেণ্ট, এলুমিনিয়াম, লঘু অভিযান্ত্রিক আহিলা-পাতি আৰু খাদ্য প্ৰস্তুতকৰণ আদিয়েই প্রধান।

(ছ) গুৰগাওঁ-দিল্লী- মীৰাট ঔদ্যোগিক বলয়ঃ 

খনিজ আৰু শক্তিসম্পদ অৱস্থানৰ পৰা ভালেখিনি নিলগত দেশৰ ৰাজধানীকেন্দ্রিক গুড়গাওঁ দিল্লী-মীৰাট ঔদ্যোগিক বলয় ঘাইকৈ বজাৰ অঞ্চলৰ আধাৰত মূৰ দাঙি উঠিছে। সেয়েহে কম পৰিমাণৰ কেঁচামালৰ পৰা অধিক মূল্যৱান দ্ৰব্য প্ৰস্তুত কৰাই হৈছে এই অঞ্চলটোৰ সকলো শ্ৰেণীৰ উদ্যোগৰে এক উমৈহতীয়া বৈশিষ্ট্য। ১৯৬০ চনৰ পৰৱৰ্তী চাৰিটা দশকত এইটো বলয়ত ঔদ্যোগিক কাম-কাজৰ পৰিসৰ দেশৰ আন যিকোনো বলয়ৰ তুলনাত ক্ষিপ্ৰভাৱে বৃদ্ধি ঘটিছে। বৈদ্যুতিক সরঞ্জাম, লঘু যন্ত্রপাতি, বস্ত্র উদ্যোগ, ইলেক্ট্রনিক্‌চ সৰঞ্জাম প্রভৃতি এইটো অঞ্চলৰ প্ৰধান ঔদ্যোগিক কাম-কাজৰ ভিতৰত পৰে। তদুপৰি অঞ্চলটোত চেনি, চিমেণ্ট, খাদ্য প্ৰস্তুত, ট্ৰেক্টৰ, চাইকেল, কৃষি সঁজুলি, ঊণ আৰু কৃত্রিম আঁহৰ বয়ন উদ্যোগ প্রভৃতি বজাৰকেন্দ্ৰিক নানাবিধ উদ্যোগ গঢ় লোৱা দেখা যায়।

(জ) কোল্লম-তিৰুৱন্তপুৰম ঔদ্যোগিক বলয়ঃ দক্ষিণ সীমান্তত তিৰুৱস্তমপুৰম চহৰৰ পৰা ৬৫ কিঃমিঃ উত্তৰৰ কোল্লম পর্যন্ত ঘনীভূত উদ্যোগ মণ্ডল ৰূপত গঢ় লোৱা অঞ্চলটো অধিক উত্তৰ দিশলৈ এলেপণী, এর্নাকূলম, অলৱাই হৈ ত্ৰিমূৰ জিলা পৰ্যন্ত এৰাধৰা অৱস্থানৰ মাজেৰে আগবাঢ়ি গৈছে। কপাহী বয়ন শিল্প, গ্লাচ, ৰাসায়নিক সাৰ, চিমেণ্ট, এলুমিনিয়াম প্রভৃতি উদ্যোগসমূহ বজাৰৰ চাহিদাভিত্তিক গঢ় লোৱা দেখা যায়। ইফালে চেনি, ৰবৰ, জুইশলা, কাগজ, নাৰিকল তেল আৰু মীনকেন্দ্ৰিক আন এলানি উদ্যোগ অঞ্চলটোত উৎপন্ন হোৱা কেঁচামালৰ আধাৰত মূৰ দাঙি উঠে।

৩৫। উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবোৰৰ বিষয়ে বৰ্ণনা কৰা। (Describe the factors required for setting up an industry.)

উত্তৰঃ উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ

(ক) কেঁচামালঃ উদ্যোগত ব্যৱহাৰ হোৱাৰ ফলত ওজন অথবা পৰিমাণ কমি যোৱা লক্ষণৰ অথবা অতি কম সময়ৰ ভিতৰতে নষ্ট হোৱা জাতৰ কেঁচামালৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ নিশ্চিতভাৱেই কেঁচামালৰ উৎপাদনস্থলীৰ মাজে মাজে গঢ় লয়। উত্তৰ প্ৰদেশৰ কুঁহিয়াৰ খেতিৰ এলেকাটোত চেনি উদ্যোগ; গুজৰাটৰ মহেশানা, হিম্মত নগৰ আৰু আনন্দ নগৰত দুগ্ধ উদ্যোগ আছে। উজনি অসমৰ চাহ বাগিছাৰ মাজে মাজে চাহ প্ৰস্তুতকৰণৰ কাৰখানা আদি কেঁচামালৰ উপলব্ধতাৰ বাবেই গঢ় লৈ উঠিছে।

(খ) শক্তি সম্পদঃ অধিক পৰিমাণে শক্তি নিৰ্ভৰ উদ্যোগসমূহ শক্তি সম্পদৰ নাতি দূৰত গঢ় লয়। উদাহৰণস্বৰূপে, ভাৰতৰ ৰাসায়নিক সাৰৰ বৃহত্তৰ কাৰখানাটো দামোদৰ উপত্যকাৰ কয়লা আৰু জলবিদ্যুৎ উৎপাদনস্থলীত অৱস্থান কৰা দেখা যায়।

(গ) বজাৰঃ উদ্যোগৰ পৰিসজ্জিত দ্ৰৱ্যসমূহৰ পৰিবহণ ব্যয় কেঁচামালৰ কম পক্ষেও সমান হ’লে উদ্যোগটো বজাৰ অৱস্থানত গঢ় লয়। সেয়েহে, গধুৰ যন্ত্রপাতি, গুৰু ৰাসায়নিক দ্রব্য, বস্ত্ৰ উদ্যোগ, তেল শোধনাগাৰ প্রভৃতি উদ্যোগসমূহ বজাৰ এলেকাত অৱস্থান কৰা দেখা যায়।

(ঘ) পৰিবহণঃ কেঁচামাল আৰু পৰিসজ্জিত সম্ভাৰৰ সৰবৰাহৰ সুবিধা গ্ৰহণ কৰি একোটা অঞ্চলত ঠাইখনৰ লগত খাপ নোখোৱা ধৰণৰ উদ্যোগ কিছুমানো গঢ় লৈ উঠে। ভূপাল, জবলপুৰ, বৰোদৰা, কানপুৰ, লুধিয়ানা প্রভৃতি ভাৰতৰ এক শ্ৰেণীৰ ঔদ্যোগিক চহৰ গঢ়ি উঠাৰ প্ৰধান কাৰণ হ’ল— এনে চহৰসমূহ একাধিক গুৰুত্বপূৰ্ণ ৰেলপথৰ জংচনত অৱস্থিত।

(ঙ) শ্রমিকঃ শ্রমিক বল যিকোনো উদ্যোগৰ অপৰিহাৰ্য কাৰক। পূৰ্বতে শ্রমিকৰ অভাৱে সম্ভাৱনা থকা স্বত্বেও একোটা উদ্যোগ গঢ়ি উঠাত বাধাই দেখা দিছিল। কিন্তু, বর্তমান পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে এইটো কাৰকৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পাই আহিছে।

(চ) ঐতিহাসিক পৃষ্ঠভূমিঃ ভাৰতৰ ঔদ্যোগিক কাম-কাজৰ আঞ্চলিক বিস্তাৰৰ ওপৰত কিছুমান প্ৰাচীন পৰম্পৰা আৰু ব্ৰিটিছ যুগৰ ঔপনিৱেশিক আদৰ্শ জড়িত হৈ আছে। গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কপাহী বয়ন উদ্যোগ, মির্জাপুৰ আৰু ভদোহিৰ দলিচা উদ্যোগ, মুর্শিদাবাদকেন্দ্রিক বয়ন উদ্যোগ অথবা মুৰাদাবাদৰ পিতল উদ্যোগ মধ্যযুগীয় পৰম্পৰাৰ পৃষ্ঠভূমিত সম্প্ৰসাৰণ ঘটা দেখা যায়।

(ছ) ঔদ্যোগিক নীতিঃ কল্যাণমুখী গণতান্ত্রিক ৰাষ্ট্ৰ হিচাপে দেশখনৰ বিভিন্ন অঞ্চলত সমপ্ৰায় পৰ্যায়ৰ ঔদ্যোগিক বিকাশ ঘটোৱাৰ স্বাৰ্থত ভাৰতৰ নিজস্ব কিছুমান ঔদ্যোগিক নীতি আছে। এনে উদ্যোগ নীতিৰ আধাৰতে অত্যন্ত পিছপৰা জনজাতি এলেকাৰ মাজত ছত্তীছগড়ৰ ভিলাই আৰু উৰিষ্যাই ৰুৰকেল্লাত দুটা বৃহৎ উদ্যোগ স্থাপন কৰা হয়।

৩৬। ভাৰতৰ অৰ্থনৈতিক উন্নয়নত উদ্যোগৰ গুৰুত্ব বা ভূমিকা লিখা। (Write about the importance or role of industry in the economic development.) 

উত্তৰঃ উদ্যোগিক খণ্ডৰ গুৰুত্ব বা ভূমিকাবোৰ হ’ল—

(ক) উদ্যোগসমূহে দেশৰ বিপুল পৰিমাণৰ প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ পথ মুকলি কৰিছে।

(খ) উদ্যোগিক খণ্ডৰ উন্নয়নৰ ফলত সুষম খণ্ডভিত্তিক উন্নয়নৰ পথ সুগম হৈছে আৰু কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীলতা যথেষ্ট কমাবলৈ সক্ষম হৈছে।

(গ) ই মূলধন গঠন পৰিমাণ আৰু নিৰিখ যথেষ্ট পৰিমাণে বৃদ্ধি কৰাত সহায় কৰিছে।

(ঘ) উদ্যোগিক উন্নয়নে দেশৰ ৰাষ্ট্ৰীয় আয় আৰু জনমুৰি আয় বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াইছে। ২০০৭-০৮ চনত জাতীয় আয়লৈ ২৪.১% বৰঙণি আগবঢ়াইছে।

(ঙ) বৃহৎ আৰু ক্ষুদ্ৰ পৰিসৰৰ উদ্যোগৰ উন্নয়নে যথেষ্ট সংখ্যক নিয়োগৰ সুবিধাৰ সৃষ্টি কৰিছে।

(চ) সংগঠিত খণ্ডৰ উদ্যোগসমূহ যেনে– চাহ, মৰাপাট, বস্ত্ৰ ইত্যাদিয়ে দেশৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

(ছ) উদ্যোগিক উন্নয়নে দেশৰ সম্পদৰ পৰিমাণ বৃদ্ধি আৰু ৰাইজৰ কল্যাণ বৃদ্ধিৰ পথ সুগম কৰাত সহায় কৰিছে। 

(জ) উদ্যোগিক উন্নয়নে দেশত কেঁচামালৰ বজাৰ আৰু সম্পূৰ্ণ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিত সহায় কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top