Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য

Geography of Assam GK – [Part 3]

1. ‘অসম’ শব্দৰ অৰ্থ কি?

উত্তৰঃ অসমান।

2. কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম ‘অসম’ বুলি নামাকৰণ হোৱা আৰম্ভ হয়?

উত্তৰঃ ত্ৰয়োদশ শতাব্দীৰ পৰা (আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা)।

3. অসমৰ অতি প্রাচীন নাম কি আছিল?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

4. মহাভাৰতত অসমৰ প্রাচীন নাম কি আছিল বুলি কোৱা হৈছে?

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ।

5. ‘প্রাগজ্যোতিষপুৰ’ নামৰ অৰ্থ কি?

উত্তৰঃ পূৱ দিশৰ জ্যোতিষ শাস্ত্ৰ চৰ্চাৰ নগৰ।

6. প্রাচীন অসমৰ কোনখিনি সময়ক  ‘অন্ধকাৰ যুগ’ বুলি কোৱা হয়?

উত্তৰঃ চতুৰ্থ শতিকা।

7. অসমৰ প্রাচীন নাম কি আছিল?

উত্তৰঃ কামৰূপ।

8. ভৌগোলিক অবস্থান অনুসৰি অসম কিমান ডিগ্ৰী  অক্ষৰেখাৰ পৰা কিমান ডিগ্ৰী অক্ষৰেখালৈ  বিস্তৃত ?

উত্তৰঃ ২৪ ডিগ্ৰি উত্তৰ  অক্ষাংশৰ পৰা ২৮ ডিগ্ৰি উত্তৰ  অক্ষাংশলৈ বিস্তৃত।

9. অসমৰ প্রাকৃতিক বিভাগ কেইটা আৰু কি কি?

উত্তৰঃ অসমৰ প্ৰাকৃতিক বিভাগ চাৰিটা, যেনেঃ ব্রহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কার্বি আংলং উপত্যকা আৰু  উত্তৰ  কাছাৰ পাহাৰীয়া অঞ্চল।

10. ভৌগোলিক অৱস্থান অনুসৰি অসম কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পৰা কিমান ডিগ্ৰী দ্ৰাঘিমাৰেখালৈ  বিস্তৃত ?

উত্তৰঃ ৯০ ডিগ্ৰি পূৱ দ্ৰাঘিমাৰ পৰা ৯৫ ডিগ্ৰী পূৱ দ্ৰাঘিমালৈ বিস্তৃত।

11. অসমৰ উত্তৰে  কোনখন ভাৰতীয় প্রদেশ অৱস্থিত ?

উত্তৰঃ অৰুণাচল প্ৰদেশ।

12. অসমৰ দক্ষিণে থকা ভাৰতীয় প্রদেশ কেইখন কি কি?

উত্তৰঃ মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।

13. ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?

উত্তৰঃ ২.৪ শতাংশ ।

14. মাটিকালিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান  কিমান?

উত্তৰঃ দ্বাদশ।

15. বৰ্তমান অসমৰ ৰাজধানী কত ?

উত্তৰঃ গুৱাহাটীৰ দিছপুৰত।

16. অসমত মুঠ কেইখন উন্নয়ন খণ্ড  আছে?

উত্তৰঃ ২১৯খন।

17. অসমৰ মুঠ গাওঁ পঞ্চায়ত  কেইখন?

উত্তৰঃ ২২০২ খন।

18. অসমত মুঠ গাওঁ ৰ সংখ্যা কেইখন?

উত্তৰঃ ২৬,৩৯৫ খন।

19. অসমত মুঠ স্টেটেটৰি  নগৰ  কেইখন?

উত্তৰঃ ৮৮ খন।

20. অসমত মুঠ পিয়ল নগৰ  কেইখন ?

উত্তৰঃ ১২৬ খন।

1 thought on “Geography of Assam GK – অসমৰ ভৌগোলিক তথ্য”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top