অসমৰ হস্ত শিল্প | Handicrafts of Assam GK

অসমৰ হস্ত শিল্প সম্পৰ্কীয় সাধাৰণ জ্ঞান | General Knowledge Handicrafts of Assam – Today We Discuss Handicrafts of Assam GK Any Government competitive exam, we try to give you most Important MCQ type Question and Answer,

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

অসমৰ হস্ত শিল্প

অসমৰ হস্ত শিল্প সম্পৰ্কীয় সাধাৰণ জ্ঞান | Handicrafts of Assam GK we cover under the All Competitive exam Handicrafts of Assam GK as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams. You can follow these Apps and Youtube Channel prepares for all exams.

অসমৰ হস্ত শিল্প সম্পৰ্কীয় সাধাৰণ জ্ঞান

1. ‘হস্তশিল্প’  বুলিলে কি বুজা ?

উত্তৰঃ ঘৰুৱা পৰিৱেশত সাধাৰণ সঁজুলিৰ সহায়ত হাতেৰে সা-সামগ্ৰী তৈয়াৰ কৰা  শিল্পক ‘হস্তশিল্প’ বোলে।

2. বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্রতীকটো কি ?

উত্তৰঃ জাপি।

3. বিবাহিতা মহিলাই অসমত কিহৰ খাৰু পিন্ধে ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শঙ্খৰ খাৰু।

4. অসমীয়া সমাজত তামোল পাণেৰে আদৰণি জনাবৰ বাবে ব্যবহৃত হোৱা পাত্ৰটোক কি বুলি কোৱা হয় ?

উত্তৰঃ শৰাই।

5. ধাৰাৰ অসমীয়া স্থানীয় নাম কি ?

উত্তৰঃ কঠ।

6. গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্রসিদ্ধ ?

উত্তৰঃ মৃৎ শিল্পৰ বাবে।

7. অসমৰ গৌৰৱময় সূতাবিধ কি ?

উত্তৰঃ মুগা।

8. অসমৰ দুটা পৰম্পৰাগত কুমাৰ সম্প্ৰদায়ৰ নাম কি ?

উত্তৰঃ কুমাৰ আৰু হীৰা।

9. লণ্ডণত সংৰক্ষিত  অসমৰ তাঁতশালত বনোৱা বৃন্দাবনী বস্ত্ৰখন কোনে বনাইছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।

10. অসমৰ শুৱালকুছি কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ পাট আৰু মুগাৰ বস্ত্ৰ শিল্পৰ বাবে বিখ্যাত।

11. কাঠৰ সুন্দৰ খোদন কাৰ্য কৰা শিল্পীসকলক কি বুলি কোৱা হয় ?

উত্তৰঃ খনিকৰ।

12. অসমত কিমান প্রজাতিৰ বাঁহ পোৱা যায় ?

উত্তৰঃ অসমত মুঠ ৫১ প্ৰজাতিৰ বাঁহ পোৱা যায়।

13. অসমৰ সৰ্থেবাৰী কিহৰ বাবে  প্রসিদ্ধ ?

উত্তৰঃ কাঁহ-পিতলৰ সামগ্ৰীৰ বাবে ।

14. ‘অসমৰ শিপিনীয়ে তাঁত শালত সপোন ৰচে।’ – কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ মহামানৱ মহাত্মা গান্ধীয়ে।

15. অসমীয়া মহিলাৰ গৌৰৱময় পোছাক কোনটো ?

উত্তৰঃ মুগাৰ কােপাৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top