Constitutional Government and Democracy in India Unit 4 Federalism

Constitutional Government and Democracy in India Unit 4 Federalism Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 4 Federalism Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 4 Federalism Question Answer can be of great value to excel in the examination.

Constitutional Government and Democracy in India Unit 4 Federalism

Join Telegram channel

Constitutional Government and Democracy in India Unit 4 Federalism Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 4 Federalism provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Federalism

POLITICAL SCIENCE

CONSTITUTIONAL GOVERNMENT AND DEMOCRACY IN INDIA

ভাৰতৰ সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ

  • Federalism: Nature. Division of Powers, Emergency Provisions.
  • যুক্তৰাষ্ট্ৰীয়বাদঃ প্রকৃতি, ক্ষমতা বিভাজন,জৰুৰীকালীন ব্যৱস্থা।
  • Centre-State Relations – Conflicts and Accommodation, Fifth and Sixth Schedules of the Constitution.
  • কেন্দ্ৰ-ৰাজ্য সম্পর্ক—বিবাদ আৰু সহযোগিতা, সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচী।

১। যুক্তৰাষ্ট্ৰবাদ মানে কি?

উত্তৰঃ যুক্তৰাষ্ট্ৰবাদ এনে এক শাসন পদ্ধতি, য’ত দুই ধৰণৰ চৰকাৰ থাকে। কেন্দ্ৰীয় স্তৰত এখন চৰকাৰ থাকে। আনহাতে, ৰাজ্যিক স্তৰত ৰাজ্য চৰকাৰবোৰ থাকে। কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ৰাজ্য চৰকাৰেবোৰে নিজৰ সাংবিধানিক পৰিসৰৰ ভিতৰত স্বাধীনভাৱে কাৰ্য কৰে।

২। যুক্তৰাষ্ট্ৰৰ দুটা গুণ লিখা। 

উত্তৰঃ (ক) বৈচিত্ৰ্যৰ মাজত একতা স্থাপন কৰা হয়। 

(খ) বৃহৎ ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ উপযোগী।

৩। যুক্তৰাষ্ট্ৰৰ দোষ লিখা।

উত্তৰঃ (ক) জাতীয় সংহতি অটুট ৰাখিবলৈ অসুবিধা হয়। 

(খ) কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত সংঘাত আৰু বিৰোধৰ আশংকা থাকে।

৪। যুক্তৰাষ্ট্ৰীয় চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা চৰ্ত উল্লেখ কৰা।

উত্তৰঃ (ক) ভৌগোলিক অবিচ্ছিন্নতা

(খ) একজাতীয় অনুভূতি।

৫। ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (i) লিখিত সংবিধান আছে,

(ii) দুইধৰণৰ চৰকাৰ আছে – কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য সমূহৰ চৰকাৰ।

৬। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতবৰ্ষক ‘ৰাজ্যসমূহৰ সংঘ’ বুলি গণ্য কৰা হৈছে?

উত্তৰঃ অনুচ্ছেদ ১।

৭। ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ (ক) এক নাগৰিকত্ব।

(খ) কেন্দ্ৰীয় চৰকাৰৰ প্রাধান্য।

৮। অবশিষ্ট ক্ষমতা মানে কি?

উত্তৰঃ ভাৰতীয় সংবিধানৰ সপ্তম অনুসুচীত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণৰ উল্লেখ আছে। ইয়াত তিনিখন সূচী বা তালিকা আছে – কেন্দ্রীয় সূচী, ৰাজ্যিক সূচী আৰু সমবর্তী সূচী। এই তিনিওখন সুচীৰ অন্তৰ্ভুক্ত নোহোৱা বিষয় সমূহক অবশিষ্ট ক্ষমতা হিচাপে গণ্য কৰা হয়। অবশিষ্ট ক্ষমতা সমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰা হৈছে।

৯। কেন্দ্রীয় সূচীত থকা যিকোনো এটা বিষয়ৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ প্ৰতিৰক্ষা।

১০। ভাৰতৰ ক্ষমতা বিতৰণৰ কোনখন সূচীত শিক্ষা বিষয়টো অন্তর্ভুক্ত?

উত্তৰঃ সমৱৰ্তী সূচীত।

Short Question Answer

১। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ উমৈহতীয়া বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। দুখলপীয়া চৰকাৰ: যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে ― জাতীয়, সংসদীয় বা যুক্তৰাষ্ট্ৰীয় চৰকাৰ আৰু আঞ্চলিক, প্রাদেশিক বা ৰাজ্য চৰকাৰ।

২। লিখিত সংবিধান আৰু সংবিধানৰ প্ৰাধান্য: লিখিত সংবিধান যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। কাৰণ যুক্তৰাষ্ট্ৰত দুইখলপীয়া চৰকাৰৰ বিষয়ে সঠিক নীতি নির্দেশনা থকাটো জৰুৰী।

৩। ক্ষমতাৰ বিতৰণ: জাতীয় চৰকাৰ আৰু আঞ্চলিক চৰকাৰৰ মাজত ক্ষমতা বিতৰণ যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

৪। স্বাধীন ন্যায়পালিকা: স্বাধীন ন্যায়পালিকা যুক্তৰাষ্ট্ৰীয় সংবিধানৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

৫। নাগৰিকৰ দুই ধৰণৰ পৰিচয়: যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত নাগৰিকসকলৰ দুই ধৰণৰ ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিচয় থাকে।

২। ভাৰতীয় সংবিধানৰ অযুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। সংবিধানৰ প্ৰাধান্য: যুক্তৰাষ্ট্ৰত সংবিধানক দেশৰ আইন বুলি কোৱা হয় যদিও ভাৰতীয় সংসদে মূল গাঁথনিৰ বাহিৰে সকলো অংশ সংশোধন কৰিব পাৰে। গতিকে ভাৰতত সংবিধানৰ পৰিৱৰ্তে সংসদৰ ওপৰত অধিক প্রাধান্য দিয়া হৈছে। ইয়াক ভাৰতীয় সংবিধানৰ এটা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য বুলি ক’ব পাৰি।

২। একনাগৰিকত্ব: যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা থাকে। ভাৰতৰ সংবিধানে দেশৰ নাগৰিকসকলক দ্বি-নাগৰিকত্ব প্রদান কৰা নাই।

৩। অংগৰাজ্যৰ মর্যাদাৰ অসমতা: এখন যুক্তৰাষ্ট্ৰৰ অংগ ৰাজ্যবোৰে যি মর্যাদা ভোগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মর্যাদা ভোগ কৰা নাই।

৪। ৰাজ্যপালৰ নিযুক্তি: যুক্তৰাষ্ট্ৰীয় বিধান মতে ৰাজ্যৰ মুৰব্বী ৰাজ্যপালগৰাকীক সেই ৰাজ্যৰ জনসাধাৰণে নিৰ্বাচিত কৰিব লাগে। কিন্তু ভাৰতত সেই নীতি প্রযোজ্য নহয়।

৫। মিশ্র সংবিধান: সাধাৰণতে যুক্তৰাষ্ট্ৰৰ সংবিধান দৃঢ় বা অ নমনীয়। ইয়াক সংশোধনৰ বাবে জটিল পদ্ধতি অনুসৰণ কৰিব লাগে। কিন্তু ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধান সংশোধন পদ্ধতি দৃঢ় নহয়।

৩। “ভাৰতবৰ্ষ এখন অৰ্দ্ধযুক্তৰাষ্ট্ৰ”। — মন্তব্য দিয়া।

উত্তৰঃ ভাৰতবৰ্ষক প্রকৃত যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব নোৱাৰি। দৰাচলতে ভাৰতবৰ্ষক এখন অৰ্দ্ধযুক্তৰাষ্ট্ৰ বুলি কোৱাটোহে সমীচিন। ভাৰতীয় সংবিধানত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে। যেনে – দুই প্ৰকাৰৰ চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন, উচ্চতম ন্যায়ালয় ইত্যাদি। কিন্তু এইবোৰ বৈশিষ্ট্য থকা সত্বেও ভাৰতবৰ্ষত একাত্মক বৈশিষ্ট্য বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ প্ৰাধান্য বেছি। উদাহৰণস্বৰূপে― অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। ৰাজ্যসমূহত ৰাজ্যপালক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি, এক নাগৰিকত্ব, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ ইত্যাদি বৈশিষ্ট্যই ভাৰতবৰ্ষক অধিক একাত্মক ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিছে। সেইবাবে ভাৰতবৰ্ষক এখন অৰ্দ্ধযুক্তৰাষ্ট্ৰ বুলি কোৱা হয়।

৪। একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজত পাঁচটা পার্থক্য লিখা।

উত্তৰঃ (ক) একাত্মক আৰু যুক্তৰাষ্ট্ৰৰ মাজত মৌলিক পার্থক্য হ’ল ক্ষমতা বিভাজন নীতি। একাত্মক চৰকাৰৰ সকলো যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ সাংবিধানিক বিভাজন থাকে।

(খ) একাত্মক চৰকাৰত সংবিধান লিখিত বা অলিখিত হ’ব পাৰে। যুক্তৰাষ্ট্ৰীয় চৰকাৰত সংবিধান লিখিত হ’বই লাগিব।

 (গ) একাত্মক চৰকাৰত সংবিধান নমনীয় হয়। কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰত সংবিধান অনমনীয় হয়।

৫। ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰৰ বিষয়ে বহলাই আলোচনা কৰা? (Federal features of the Indian Constitution)

উত্তৰঃ ভাৰতীয় সংবিধানৰ কোনো অংশত যুক্তৰাষ্ট্ৰ বুলি উল্লেখ নাই যদিও ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰৰ বাবে প্রয়োজনীয় সকলোবোৰ বৈশিষ্ট্য বিদ্যমান। ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্য আৰু ৭ খন কেন্দ্রীয় শাসিত অঞ্চল লৈ গঠিত।

ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল—

১। লিখিত সংবিধান (Written Constitution): যুক্তৰাষ্ট্ৰৰ বাবে আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ’ল এখন লিখিত সংবিধান। কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিৰ দৰে ভাৰতবৰ্ষৰো এখন লিখিত সংবিধান আছে। ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰাৰ সময়ত ২২ টা অধ্যায়, ৩৯৫ টা অনুচ্ছে আৰু ৮ টা অনুসূচী আছিল। ভাৰতৰ সংবিধানখন পুংখানুপুংখভাৱে লিখি উলিওৱা এখন বৃহৎ দলিলৰ নিচিনা। ভাৰতীয় সংবিধানপ প্রায় ৯০০০ শব্দৰে লিখা পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ লিখিত সংবিধান। ইয়াত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ সম্পৰ্কৰ বিষয়ে সুস্পষ্টভাৱে বর্ণিত আছে।

২। দুই তৰপীয়া চৰকাৰ (Two sets of Government): যুক্তৰাষ্ট্ৰৰ বাবে আন এটা প্রয়োজনীয় বৈশিষ্ট্য হ’ল দুই তৰপীয়া চৰকাৰ। ভাৰতীয় সংবিধানে দ্বৈত শাসনতন্ত্র (Dual Polity) প্ৰৱৰ্তন কৰিছে। ভাৰতত এখন কেন্দ্ৰীয় চৰকাৰ আৰু ২৮ ধন ৰাজ্যিক চৰকাৰ আছে। ভাৰতবৰ্ষৰ ৰাজ্যবোৰ সংবিধানৰ দ্বাৰা সৃষ্টি— কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰক সৃষ্টি কৰা নাই। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক পোনপটীয়াভাৱে বিলোপ সাধন কৰিব নোৱাৰি।

৩। ক্ষমতাৰ বিভাজন (Division of Powers): কেন্দ্র আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন যুক্তৰাষ্ট্ৰৰ আন এটা প্রধান বৈশিষ্ট্য। ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্যক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰি দিছে। এই সূচী তিনিখন হ’ল— 

(ক) কেন্দ্রীয় সূচী (Union List). 

(খ) ৰাজ্যিক সূচী (State List). 

(গ) সমৱৰ্তী সূচী (Concurrent List). 

বর্তমান কেন্দ্রীয় সূচীত ৯৮ টা (পূৰ্বতে ৯৭ টা), বাজ্যিক সূচীত ৬১ টা(পূৰ্বতে ৬৬ টা) আৰু সমৱৰ্তী সূচীত ৫২ টা (পূৰ্বতে ৪৭ টা) বিষয় অন্তর্ভুক্ত কৰা আছে। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সূচীভুক্ত বিষয়ত, ৰাজ্যিক চৰকাৰে ৰাজ্যিক সূচীভুক্ত বিষয়ত আৰু সমৱৰ্তী সূচীভুক্ত বিষয়ৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় চৰকাৰক আইন ৰচনা কৰাৰ ক্ষমতা দিয়া হৈছে। এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল যে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতাৰ বিভাজন পৰিৱৰ্তন কৰিবলৈ হ’লে সংবিধান সংশোধন কৰিব লাগে, ইয়াৰ বাবে অধিক সংখ্যক ৰাজ্যিক বিধানমণ্ডলে সম্মতি প্রদান কৰিব লাগে। এক কেন্দ্ৰীয় ৰাষ্ট্ৰৰ দৰে কেন্দ্রীয় বিধানমণ্ডলে অকলে ক্ষমতাৰ বিভাজন পৰিৱৰ্তন কৰিব নোৱাৰে।

৪। স্বাধীন ন্যায়পালিকা (Independent Judiciary): যুক্তৰাষ্ট্ৰৰ বাবে স্বাধীন ন্যায়পালিকা অতি প্রয়োজন। কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত নাইবা একাধিক ৰাজ্যিক চৰকাৰৰ মাজত উদ্ভৱ হোৱা বিবাদ মীমাংসাৰ বাবে এটা স্বাধীন নিৰপেক্ষ ন্যায়ালয় অপৰিহাৰ্য। ইয়াৰ উপৰি সংবিধান ব্যবস্থা দিয়াৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট গুৰুত্ব আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতৰ সংবিধানত উচ্চতম ন্যায়ালয় প্রতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতৰ উচ্চতম ন্যায়ালয় হ’ল সংবিধান অভিভাৱক আৰু চৰম ব্যাখ্যাকৰ্তা। ইয়াৰ ওপৰত চৰকাৰসমূহৰ মাজত হোৱা বিবাদ-বিচাৰ কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে সংবিধান বহির্ভূত আইন ৰচনা কৰিলে উচ্চতম ন্যায়ালয়ে তেনে আইন অসাংবিধানিক বুলি ঘোষণা কৰি নাকচ কৰিব পাৰে।

৫। সংবিধানৰ অনমনীয়তা (Rigidity of the Constitution): যুক্তৰাষ্ট্ৰৰ বাবে সংবিধান অনমনীয় হোৱা প্রয়োজন। ভাৰতীয় সংবিধানৰ ৩৬৮ নং অনুচ্ছেদত বিশেষ সংবিধান সংশোধন পদ্ধতিৰ বিষয়ে বর্ণিত আছে। যুক্তৰাষ্ট্ৰীয় বিষয় সংশোধনৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া কঠোৰ নিয়মাৱলীৰ বিষয়ে ইয়াত উল্লেখ আছে। যুক্তৰাষ্ট্ৰীয় বিষয়ৰ লগত সম্পর্ক থকা অনুচ্ছেদসমূহ সংশোধন কৰিবলৈ হ’লে কেন্দ্রীয় সংসদ উভয় সদনৰ মুঠ সদস্যৰ সৰহসংখ্যক আৰু উপস্থিত সদস্যৰ দুই তৃতীয়াংশৰ দ্বাৰা গৃহীত হোৱা প্ৰস্তাৱত আধাতকৈ অধিক ৰাজ্যিক বিধানমণ্ডলে অনুমোদন জনাব লাগে, ই অতি জটিল পদ্ধতি। ইয়াৰ দ্বাৰা ভাৰতীয় সংবিধানৰ অনমনীয়তা প্রমাণ হয়।

৬। সংবিধানৰ শ্ৰেষ্ঠতা (Supremacy of the Constitution): যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত সংবিধানৰ শ্ৰেষ্ঠতা অতি প্রয়োজন। যুক্তৰাষ্ট্ৰই সংবিধানৰ পৰা অস্তিত্ব লাভ কৰে। যুক্তৰাষ্ট্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে প্রশাসনিক, বিধায়িনী আৰু ন্যায়িক ক্ষমতাসমূহ সংবিধানৰ পৰা আহৰণ কৰে। উভয় চৰকাৰ সংবিধানৰ অধীনস্থ আৰু সংবিধানৰ দ্বাৰা নিয়ন্ত্রিত। ভাৰতৰ সংবিধানখন সার্বভৌম। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে সংবিধানক উপেক্ষা কৰি কোনো কার্য কৰিব নোৱাৰে। সংবিধআন বহির্ভূত কোনো কাৰ্য চৰকাৰে কৰিলে উচ্চতম ন্যায়ালয়ে তেনে কাৰ্য নাকচ কৰিব পাৰে।

৭। দ্বি-সদনীয় বিধানমণ্ডল (Bicameral Legislature): যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আন এটা বৈশিষ্ট্য হ’ল দ্বি-সদনযুক্ত বিধানমণ্ডল। ভাৰতীয় সংবিধানে কেন্দ্ৰত দ্বি-সদনযুক্ত বিধানমণ্ডলৰ ব্যৱস্থা কৰিছে। বিধানমণ্ডলৰ উচ্চ সদনক ৰাজ্যসভা আৰু নিম্নসদনক লোকসভা বোলা হয়। ৰাজ্যসভাই অংগ-ৰাজ্যসমূহক প্রতিনিধিত্ব কৰে। ইয়াৰ সদস্যসকলক অংগ-ৰাজ্যৰ বিধানসভাৰ সদস্যসকলে নির্বাচিত কৰে আৰু তেওঁলোকে ৰাজ্যৰ স্বাৰ্থৰ লগত জড়িত বিষয়সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্রতিফলিত কৰে। ভাৰতৰ দ্বি সদনীয় বিধানমণ্ডল ব্যৱস্থাই ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় প্ৰকৃতি প্ৰতিফলিত কৰিছে।

ওপৰত উল্লেখিত বৈশিষ্ট্যবোৰৰ পৰা ভাৰতীয় সংবিধানখন যে যুক্তৰাষ্ট্ৰীয় সংবিধান তাক নিশ্চিত কৰিব পৰা যায়। কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বণ্টন আৰু দ্বৈত শাসনতন্ত্ৰ ব্যবস্থাই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি স্বীকৃতি দিয়াত সমল যোগাইছে। 

৬। ভাৰতীয় সংবিধানৰ একাত্মক বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰা ? (Unitary Features of the Indian Constitution)

উত্তৰঃ সংবিধানৰ প্ৰণেতাসকলে ভাৰতবৰ্ষৰ সংবিধানখন যুক্তৰাষ্ট্ৰীয় সংবিধান হিচাপে প্রতিষ্ঠা কৰিব বিচাৰিছে যদিও তেওঁলোকে যুক্তৰাষ্ট্ৰীয় সংবিধানৰ সকলোবোৰ বৈশিষ্ট্য সংবিধানখনত সমাবেশ ঘটোৱা নাই। ভাৰতবৰ্ষৰ সংবিধানখনৰ একাত্মক সংবিধান বুলি বহুত ৰাজনৈতিক পণ্ডিতে মত পোষণ কৰিছে। কে পি মুখার্জীৰ মতে ভাৰতবৰ্ষ কোনো পৰিস্থিতিতে যুক্তৰাষ্ট্ৰৰ নহয়। পি টি চেকোৰ মতে ভাৰতত যুক্তৰাষ্ট্ৰৰ গাঁথনিযুক্ত একাত্মক চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছে। ভাৰতবৰ্ষৰ সংবিধানখন গাঁথনিৰ ফালৰ পৰা যুক্তৰাষ্ট্ৰীয় আৰু ব্যৱহাৰিক ফালৰ পৰা একাত্মক।

ভাৰতৰ সংবিধানৰ একাত্মক বৈশিষ্ট্য আৰু কেন্দ্ৰীয় প্ৰৱণতাৰ বিষয়ে তলত বর্ণনা কৰা হ’ল―

১। শক্তিশালী কেন্দ্রীয় চৰকাৰ (A strong Central Government): ভাৰতবৰ্ষৰ সংবিধানত উল্লেখিত ব্যৱস্থাৱলীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক যথেষ্ট শক্তিশালী কৰি ইয়াৰ একাত্মক চৰিত্ৰৰ প্ৰত্যক্ষ প্রমাণ দাঙি ধৰিছে। সংবিধানৰ ক্ষমতা বণ্টন ব্যৱস্থাই ৰাজ্যিক চৰকাৰৰ তুলনাত কেন্দ্রীয় চৰকাৰক যথেষ্ট পরিমাণে শক্তিশালী কৰিছে। ভাৰতবৰ্ষৰ সংবিধানে কেন্দ্ৰীয় চৰকাৰক বেছি শক্তিশালী কৰি গঢ়ি তোলা বুলি কোৱাৰ কাৰণবোৰ তলত বৰ্ণনা কৰা হ’ল—

(ক) ভাৰতৰ কেন্দ্ৰীয় সংসদে কেন্দ্রীয় সূচীভুক্ত বিষয়বোৰৰ ওপৰত একচেতীয়া আইন প্রণয়নৰ সম্পূৰ্ণ ক্ষমতা পাইছে। এই সূচীত অন্তৰ্ভুক্ত বিষয়বোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু যথেষ্ট ৰাজহ উপাৰ্জনৰ বিষয়।

(খ) সমৱৰ্তী সুচীভুক্ত বিষয়বোৰৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিধানমণ্ডলক আইন প্রণয়নৰ অধিকাৰ দিয়া হৈছে যদিও কেন্দ্রীয় সংসদে বেছি অগ্ৰাধিকাৰ লাভ কৰিছে। সমৱৰ্তী সূচীভুক্ত একেটা বিষয়ত কেন্দ্রীয় সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলে পৰস্পৰবিৰোধী আইন প্রণয়ন কৰিলে কেন্দ্ৰীয় সংসদে প্রণয়ন কৰা আইন অগ্রাধিকাৰ পায়।

(গ) ভাৰতীয় সংবিধানৰ অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্ৰণয়নৰ ক্ষমতা কেন্দ্ৰীয় সংসদৰ ওপৰত ন্যক্ত কৰিছে। সাধাৰণতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অৱশিষ্ট বিষয়বোৰৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা ৰাজ্যিক বিধানমণ্ডলসমূহে ভোগ কৰে। 

(ঘ) বিশেষ পৰিস্থিতিত ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত কেন্দ্রীয় সংসদে আইন প্রণয়ন কৰিব পাৰে।এনে ব্যৱস্থাবোৰৰ জৰিয়তে সংবিধানে কেন্দ্রীয় সংসদক অধিক গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাৰ উপৰি ভাৰতবৰ্ষক একাত্মক ৰাষ্ট্ৰত পৰিণত কৰিব বিচাৰিছে যেন লাগে।

২। সংবিধানৰ জৰুৰী ব্যৱস্থাৱলী (Emergency

Provisions of the Constitution): ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্রদান কৰি একাত্মক ৰূপ প্রতিফলিত কৰিছে। সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰ ৰাষ্ট্ৰপতিয়ে বাহ্যিক আক্রমণ নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জাতীয় জৰুৰী অবস্থা ঘোষণা কৰিলে কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভুক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্রণয়নৰ অধিকাৰ লাভ কৰে আৰু ভাৰতীয় সংবিধান সম্পূর্ণ একাত্মক সংবিধানত পৰিণত হয়। সংবিধানৰ ৩৫৬ নং অনুচ্ছেদৰ অধীনত কোনো ৰাজ্যযত ৰাষ্ট্ৰপতি শাসন প্রবর্তিত হ’লেও কেন্দ্রীয় সংসদে ৰাজ্যখনৰ আইন প্রণয়নৰ ক্ষমতা লাভ কৰে। সংবিধানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে আর্থিক জরুৰী অবস্থা ঘোষণা কৰি আর্থিক দিশলৈ ৰাজ্যসমূহলৈ নির্দেশ পঠিয়াব পাৰে।

৩। একক সংবিধান (Single Constitution): আদৰ্শ যুক্তৰাষ্ট্ৰত কেন্দ্ৰ আৰু ৰাজ্যিক গোটবোৰৰ পৃথক সংবিধান থাকে। আমেৰিকা আৰু চুইজাৰলেণ্ড যুক্তৰাষ্ট্ৰত ৰাজ্যিক গোটবোৰৰ পৃথক পৃথক সংবিধান থাকে। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষৰ জম্মু আৰু কাশ্মীৰৰ বাহিৰে আন ৰাজ্যবোৰৰ পৃথক সংবিধান নাই। একাত্মক ৰাষ্ট্ৰৰ দৰে সমগ্ৰ ভাৰতৰ বাবে মাত্র এখন সংবিধান আছে।

৪। একক নাগৰিকত্ব (Single Citizenship): আদৰ্শ যুক্তৰাষ্ট্ৰৰ আন এটা বৈশিষ্ট্য হ’ল দ্বি-নাগৰিকত্ব। আমেৰিক যুক্তৰাষ্ট্ৰৰ নাগৰিকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্রহণ কৰাৰ উপৰি জন্মগ্রহণ কৰা অংগ ৰাজ্যখনৰ নাগৰিকত্ব লাভ কৰে। কিন্তু ভাৰতৰ সংবিধানত এনে ব্যবস্থা দেখা নাযায়। ভাৰতত দ্বি নাগৰিকত্বৰ পৰিৱৰ্তে একক নাগৰিকত্বৰ ব্যৱস্থা আছে। ভাৰতীয় নাগৰিকসকলে জন্মগ্রহণ কৰা ৰাজ্যখনৰ বাবে পৃথক নাগৰিকত্ব ল’ব নালাগে। সংবিধানৰ প্ৰণেতাসকলে একাত্মক ৰাষ্ট্ৰৰ আৰ্হিত এক নাগৰিকত্বৰ নীতি গ্ৰহণ কৰিছে।

৫। ৰাজ্যসভাত ৰাজ্যসমূহৰ সমান প্রতিনিধিত্বৰ অভাৱ (Absence of equal representation of the State’s in the Rajya Sabha): আদর্শ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্রীয় বিধানমণ্ডলৰ দ্বিতীয় সদনত সাধাৰণতে প্ৰতিখন অংগৰাজ্যৰপৰা সমান সংখ্যক প্রতিনিধি নির্বাচন কৰি পঠিওৱাৰ ব্যৱস্থা থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰ চিনেট (দ্বিতীয় সদন)ত ডাঙৰ-সৰু প্ৰতিখন কেণ্টন (অংগৰাজ্য)ৰ পৰা দুজনকৈ প্রতিনিধি নির্বাচিত কৰি পঠিয়ায়। কিন্তু ভাৰতবৰ্ষৰ সংসদৰ দ্বিতীয় সদন ৰাজ্যসভাত ৰাজ্যৰ জনসংখ্যাৰ ভিত্তিতহে প্রতিনিধি পঠোৱা হয়। ভাৰতৰ ৰাজ্যবোৰৰ পৰা ৰাজ্যসভাত সমান প্রতিনিধি পঠোৱাৰ ব্যৱস্থা সংবিধানত নাই।’

৬। ৰাজ্যসমূহৰ বাবে ৰাজ্যপালৰ নিযুক্তি (Appointment of the Governor for States): ভাৰতৰ ৰাজ্যবোৰৰ সাংবিধানিক মুৰব্বী হ’ল ৰাজ্যপাল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালসকলৰ নিযুক্তি দিয়ে আৰু তেওঁৰ সন্তুষ্টিৰ ওপৰত ৰাজ্যপালসকলৰ কাৰ্যকাল নিৰ্ভৰ কৰে। ৰাজ্যপালসকলে কেন্দ্রীয় চৰকাৰৰ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰাজ্যপালে ৰাজ্যখনৰ শাসন ব্যৱস্থাৰ বিষয়ে ৰাষ্ট্ৰপতিক অৱগত কৰি থাকিব লাগে। ৰাজ্যপালৰ প্রতিবেদনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্রবর্তন কৰিব পাৰে আৰু সেই সময়ত তেওঁ ৰাষ্ট্ৰপতিৰ এজেন্ট হিচাপে ৰাজ্যৰ শাসনযন্ত্র পৰিচালনা কৰে। ৰাজ্যপালে কেতিয়াবা ৰাজ্যিক বিধানমণ্ডলে গ্রহণ কৰা বিধেয়ক ৰাষ্ট্ৰপতিৰ সন্মানৰ বাবে সংৰক্ষিত ৰাখিব পাৰে। এনে ব্যৱস্থাৰ সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় বিৰোধী। আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজ্যপালসকল ৰাষ্ট্ৰপতি নাইবা কেন্দ্ৰীয় চৰকাৰৰ দ্ৰুত নহয়। তেওঁলোকক কেণ্টনৰ জনসাধাৰণে নির্বাচিত কৰে। ৰাজ্যৰ ৰাজ্যপালসকলৰ নিযুক্তি আৰু তেওঁলোকে গ্ৰহণ কৰা ভূমিকালৈ লক্ষ্য কৰিলে ভাৰতক একাত্মক ৰাষ্ট্ৰৰ বুলি ক’ব পাৰি।

৭। সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহ (Common All India Services): সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহৰ জৰিয়তে বাচনি কৰা ভাৰতীয় প্ৰশাসনীয় সেৱা ভাৰতীয় আৰক্ষী সেৱা আদিৰ লোকসকলক ৰাজ্যৰ উচ্চস্থানীয় প্রশাসনিক পদবীবোৰত নিয়োগ কৰা ব্যৱস্থাই ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপ ওলাই পৰিছে। তেওঁলোকক কেন্দ্রীয় লোকসেৱা আয়োগে বাছনি কৰে আৰু কেন্দ্রীয় গৃহ মন্ত্রাণালয়ে প্রশিক্ষণ দিয়ে, কিন্তু ৰাজ্যসমূহত নিয়োগ কৰা হয়। এনেদৰে নিয়োজিত বিষয়াসকল সাময়িকভাৱে ৰাজ্যিক চৰকাৰৰ নিয়ন্ত্রণাধীন হৈ থাকিলেও কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বেছি দায়বদ্ধ হৈ থাকে। সৰ্বভাৰতীয় সেৱাৰ জৰিয়তে নিয়োজিত বিষয়াসকলৰ ৰাজ্যিক প্ৰশাসনত উপস্থিতিয়ে ৰাজ্যৰ ওপৰত কেন্দ্ৰৰ প্ৰভাৱ দৃঢ়তৰ কৰি তুলিছে।

৮। কেন্দ্ৰৰ বিত্তীয় শ্রেষ্ঠত্ব (Financial Superiority of the Centre): ভাৰতৰ অংগৰাজ্যবোৰৰ কেন্দ্ৰৰ ওপৰত বিত্তীয়

নির্ভৰশীলতা ভাৰতীয় সংবিধানৰ আন এটা একাত্মক বৈশিষ্ট্য। সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় সম্পৰ্কৰ বিষয়ে বিষদভাৱে আলোচনা কৰা আছে। কিন্তু সংবিধানে বিত্তীয় ক্ষেত্ৰত ৰাজ্যতকৈ কেন্দ্ৰক অগ্ৰাধিকাৰ দিছে। ৰাজ্যবোৰে অনুদান, ঋণ আদিৰ বাবে প্ৰায় কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰ দ্বাৰা কেন্দ্ৰই সদায় ৰাজ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে সুযোগ পায়। বৰ্তমান ৰাজ্যবোৰে বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰ ফলস্বৰূপে বিত্তীয় অনুদানৰ বাবে বেছিকৈ কেন্দ্ৰৰ ওচৰ চাপিবলগীয়া হয় আৰু সেই অনুপাতে কেন্দ্ৰৰ নিয়ন্ত্ৰণ ৰাজ্যবোৰৰ ওপৰত বৃদ্ধি পাইছে।

৯। অখণ্ড ন্যায়পালিকা ব্যৱস্থা (Integrated Judicial System): ভাৰতৰ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যৰ বাবে অখণ্ড ন্যায়পালিকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। উচ্চতম ন্যায়ালয়ক শীর্ষত উচ্চ ন্যায়ালয়ক মধ্যবর্তী স্থানত আৰু নিম্ন আদালতক তলত স্থান দি অধিক্রম পদ্ধতিৰে ভাৰতীয় ন্যায়িক ব্যবস্থা সংবিধানে কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভাৰতৰ আটাইবোৰ ন্যায়ালয়ে কার্য পালন কৰিব পাৰে। উচ্চতম ন্যায়ালয়ে সমগ্র দেশৰ উচ্চ ন্যায়ালয়ৰ মোকৰ্দমাৰ ৰায়ৰ বিৰুদ্ধে আপীল বিচাৰ কৰিব পাৰে। এনে ধৰণৰ ন্যায়িক ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিপন্থী। আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বৈত ন্যায়পালিকাৰ ব্যৱস্থা আছে। অংগ-ৰাজ্যৰ ন্যায়ালয়ৰসমূহে নিজস্ব আইনৰ অধীনত আৰু ফেডাৰেল ন্যায়ালয়ে ফেডাৰেল আইনৰ অধীনত মোকদমা নিষ্পত্তি কৰে। কিন্তু ভাৰতৰ ৰাজ্যিক ন্যায়ালয়ৰ নিজস্ব ন্যায়িক ব্যবস্থা নাই। এনে ধৰণৰ ন্যায়িক ব্যৱস্থা একাত্মক সংবিধানৰ ন্যায়িক ব্যৱস্থাৰ অনুৰূপ।

১০। ৰাজ্যবোৰৰ ওপৰত কিছুমান বিশেষ কেন্দ্ৰৰ নিয়ন্ত্ৰণ (Control of the Union over States in Certain matters): কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ নিৰ্দেশ প্ৰেৰণ কৰি ৰাজ্যবোৰক নিয়ন্ত্রণ কৰিব পাৰে। এনে নিৰ্দেশবোৰ হ’ল―

(ক) ৰাজ্যিক কার্যবাহী ক্ষমতা ব্যৱহাৰ কৰোঁতে যাতে কেন্দ্রীয় চৰকাৰৰ কাৰ্যবাহী ক্ষমতা প্রয়োগত বাধাগ্রস্ত নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক নির্দেশ দিব পাৰে।

(খ) কেন্দ্ৰীয় সংসদে ৰাজ্যিক কার্যবাহী ক্ষমতা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰণয়ন কৰা আইন মানি চলিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ নির্দেশ দিব পাৰে।

(গ) জাতীয় আৰু সামৰিক স্বাৰ্থত প্রয়োজন হলে পৰিবহণৰ উন্নতিৰ বাবে পথ নিৰ্মাণ আৰু মেৰামতিৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক দিব পাৰে।

(ঘ) ৰাজ্যৰ ভিতৰত ৰে’লসেৱাৰ নিৰাপত্তাৰ ব্যৱস্থা ল’বৰ বাবে ৰাজ্যিক চৰকাৰক নিৰ্দেশ দিব পাৰে।

(ঙ) জৰুৰী অৱস্থাৰ সময়ত ৰাজ্যৰ কাৰ্যবাহী ক্ষমতা ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিৰ্দেশ দিব পাৰে।

কেন্দ্ৰীয় চৰকাৰৰ এনেধৰণৰ নিৰ্দেশনালৈ লক্ষ্য কৰিলে ভাৰতক এখন একাত্মক ৰাষ্ট্ৰ বুলি কোৱাৰ যথেষ্ট থল আছে।

১১। সংবিধানৰ বেছিভাগ অনুচ্ছেদ কেন্দ্রীয় সংসদে অকলে সংশোধন কৰিব পাৰে (Most of the Articles of the Constitution can be amended by the Union Parliament alone): ভাৰতীয় সংবিধানৰ সৰহ সংখ্যক অনুচ্ছেদ কেন্দ্রীয় সংসদে অকলে সংশোধন কৰিব পাৰে। সংবিধানৰ মাত্ৰ ৩৬৮ (২) নং অনুচ্ছেদত উল্লেখিত কিছুমান বিষয় সংশোধনীৰ ক্ষেত্ৰত মুঠ ৰাজ্যিক বিধানসভাৰ আধা সংখ্যকৰ অনুমোদন প্রয়োজন হয়। সংবিধান সংশোধনৰ ক্ষেত্ৰত সংবিধানে ৰাজ্যক নগণ্য আৰু কেন্দ্রীয় সংসদক অধিক ক্ষমতা প্রদান কৰি কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাত সহায় কৰিছে।

১২। কেন্দ্রীয় সংসদে ৰাজ্যসমূহৰ সীমা পৰিৱৰ্তন কৰিব পাৰে (The Union Parliament can change the boundaries of the state): সংবিধানৰ ৩ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় সংসদে ৰাজ্যসমূহৰ বিনা সন্মতিত ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰিব পাৰে। ১৯৫৬ চনত কেন্দ্ৰীয় সংসদে ৰাজ্যিক পুনৰগঠন আইন অনুসৰি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যবোৰৰ সীমাৰ পৰিৱৰ্তন কৰিছিল। ভাৰতৰ সংবিধানে কেন্দ্ৰীয় সংসদৰ ওপৰত নতুন ৰাজ্যৰ গঠন, ৰাজ্যৰ নামৰ সলনিকৰণ, লীমাৰ পৰিৱৰ্তন আৰু নিৰ্ধাৰণ ক্ষমতা ন্যস্ত কৰিছে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত অংগৰাজ্যৰ সম্মতি নোহোৱাকৈ কেন্দ্রীয় সংসদে (কংগ্ৰেছ) অকলে অংগৰাজ্যবোৰৰ সীমাৰ কোনোধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপ আৰু কেন্দ্ৰৰ প্ৰৱণতা পৰিলক্ষিত হৈছে।

১৩। উমৈহতীয়া নির্বাচন আয়োগ (Common Election Commission): কেন্দ্রীয় সংসদ আৰু ৰাজ্যিক বিধানমণ্ডল আদিৰ নির্বাচন পৰিচালনাৰ বাবে সংবিধানত পৃথক নির্বাচন আয়োগৰ ব্যৱস্থা নাই। ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রীৰ পৰামর্শ অনুযায়ী নির্বাচন আয়োগৰ মুখ্য নির্বাচনী বিষয়াগৰাকী নিযুক্তি দিয়ে। কেন্দ্রীয় সংসদ আৰু ৰাজ্যক বিধানমণ্ডলৰ সাধাৰণ নির্বাচন, মধ্যবর্তীকালীন নির্বাচন, উপ-নির্বাচন, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আদি নির্বাচন আয়োগে পৰিচালনা কৰে। কেন্দ্ৰীয় সংসদে নির্বাচন সংক্রান্ত বিধি ৰচনা কৰিব পাৰে। এই আয়োগ কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা সম্পূর্ণ মুক্ত নহয়।

১৪। বিলগ্ন হোৱাৰ অধিকাৰ অনুপস্থিতি (Absence of right to Secede): যুক্তৰাষ্ট্রীয় সংবিধান কিছুমানত অংগ-ৰাজ্যক বিলগ্ন হোৱাৰ অধিকাৰ প্ৰদান কৰা দেখা যায়। তদানীন্তন ৰুছ সাধাৰণতন্ত্ৰৰ সংবিধানত অংগৰাজ্যৰ বিলগ্ন হোৱাৰ অধিকাৰ থকা হেতুকে কিছুমান অংগৰাজ্য আঁতৰি গৈ নতুন ৰাষ্ট্ৰৰ সৃষ্টি কৰিছে। কিন্তু ভাৰতৰ সংবিধানে অংগৰাজ্যবোৰক বিলগ্ন হৈ নতুন ৰাষ্ট্ৰ গঠনৰ ক্ষমতা প্ৰদান কৰা নাই।

১৫। ৰাজ্যসমূহৰ ক্ষেত্ৰাধিকাৰৰ ওপৰত সীমাবদ্ধতা (Limitations upon the Jurisdiction of States): ভাৰতবৰ্ষৰ সংবিধানে ৰাজ্যিক সূচীভুক্ত বিষয়সমূহৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা ৰাজ্যিক বিধানমণ্ডলৰ ওপৰত ন্যস্ত কৰিছে। কিন্তু এনেবোৰ ক্ষমতাৰ ওপৰত কেতিয়াবা সীমাবদ্ধতা আনি ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপৰ পৰিচয় দিয়া দেখা যায়। উদাহরণস্বৰূপে―

(ক) ৰাজ্যিক বিধানমণ্ডলৰ দ্বাৰা গৃহীত বিধেয়ক ৰাজ্যপালে কেতিয়াবা ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে সংৰক্ষিত ৰাখিব পাৰে আৰু উপ- ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদনপ্রাপ্ত বিধেয়ক আইনত পৰিণত হোৱাৰ পাছত তেনে আইন কেৱল কেন্দ্রীয় সংসদে সংশোধন কৰিব পাৰে।

(খ) দুখন বা ততোধিক ৰাজ্যিক চৰকাৰৰ অনুৰোধ সাপেক্ষে কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত প্ৰণয়ন কৰা আইন কেৱল কেন্দ্রীয় সংসদে সংশোধন কৰিব লাগে।

(গ) জৰুৰী অৱস্থাৰ সময়ত কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়নৰ ক্ষমতা লাভ কৰে। 

(ঘ) ৰাজ্যসভাই ৰাজ্যিক সূচীভুক্ত কোনো বিষয়ৰ ৰাষ্ট্ৰীয় গুৰুত্ব থকা দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনত প্ৰস্তাৱ গ্ৰহণ কৰি আইন প্রণয়নৰ অধিকাৰ কেন্দ্ৰীয় সংসদক প্রদান কৰিব লাগে।

১৬। কেন্দ্রীয় নিয়ন্ত্রণাধীন পৰিকল্পনা (Centralised Planning): ভাৰতীয় সংবিধানে কেন্দ্ৰীয় নিয়ন্ত্রণাধীন অর্থনৈতিক পৰিকল্পনাৰ ব্যৱস্থা কৰিছে। ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা ৰচনা কৰিবৰ বাবে পৰিকল্পনা আয়োগ গঠন কৰা হয়। ইয়াৰ মুৰব্বী হ’ল প্রধানমন্ত্রী। দেশৰ পাঁচ বছৰীয়া পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় ধনৰ যোগান ধৰে কেন্দ্রীয় চৰকাৰে। দেশৰ পৰিকল্পনা ৰচনা কৰাত ৰাজ্যসমূহৰ বৰ বেছি। হাত নাথাকে। পৰিকল্পনা আয়োগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক নিয়ন্ত্ৰণ কৰিব পাৰে।

১৭। অনুসন্ধান আয়োগ গঠন (Formation of Inquiry Commission): কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ যিকোনো মুখ্যমন্ত্রী নাইবা অন্যান্য মন্ত্ৰীসকলৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ নাইবা দুৰ্নীতিৰ অনুসন্ধান কৰিবৰ বাবে অনুসন্ধান আয়োগ গঠন কৰিব পাৰে। এনে ব্যৱস্থা হ’ল ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ একাত্মক চৰিত্ৰ। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক মন্ত্ৰীসকলক নিয়ন্ত্রণ ৰাখিব পাৰে। 

ভাৰতীয়া সংবিধানৰ ওপৰোক্ত বৈশিষ্ট্যসমূহৰ পৰা দেখা যায় যে ভাৰতীয় যুক্তৰাষ্ট্ৰত ভালেমান একাত্মক বৈশিষ্ট্য আছে। এনেবোৰ একাত্মক বৈশিষ্ট্যৰ বাবে ভাৰতবৰ্ষক অৰ্দ্ধযুক্তৰাষ্ট্ৰীয় বুলি কোৱাৰ যথেষ্ট থল আছে আৰু ইয়াৰ বাবে কেন্দ্ৰ-প্ৰৱণতা বৃদ্ধি পাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top