Constitutional Government and Democracy in India Unit 2 Organs of Government – I

Join Telegram channel

Constitutional Government and Democracy in India Unit 2 Organs of Government – I Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 2 Organs of Government – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 2 Organs of Government – I Question Answer can be of great value to excel in the examination.

Constitutional Government and Democracy in India Unit 2 Organs of Government – I

Constitutional Government and Democracy in India Unit 2 Organs of Government – I Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 2 Organs of Government – I provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Organs of Government – I

POLITICAL SCIENCE

CONSTITUTIONAL GOVERNMENT AND DEMOCRACY IN INDIA

ভাৰতৰ সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ

  • The Legislature: Parliament-Composition, Powers and Functions
  • ভাৰতৰ কেন্দ্ৰীয় আইনপালিকা বা সংসদ
  • The Executive: President, Vice President and Prime Minister, Council of Ministers
  • কাৰ্যপালিকা: ভাৰতৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্রধানমন্ত্রী, কেন্দ্রীয় মন্ত্ৰী পৰিষদ

১। ভাৰতবৰ্ষৰ কেন্দ্রীয় বিধামণ্ডলৰ নাম কি?

উত্তৰঃ সংসদ।

২। ভাৰতবৰ্ষৰ সংসদ একসদনযুক্ত নে দ্বিসদনযুক্ত ?

উত্তৰঃ দ্বি-সদনযুক্ত।

৩। ভাৰতবৰ্ষৰ সদন দুটাৰ নাম কি ?

উত্তৰঃ উচ্চসদন ৰাজ্যসভা আৰু নিম্ন সদন লোকসভা। 

৪। ভাৰতৰ সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাক লৈ গঠিত। হয়নে নহয় লিখা।

উত্তৰঃ হয়।

৫। সংসদৰ কোনখন সদনত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি?

উত্তৰঃ  নিম্নসদন লোকসভাত।

৬। সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ লোকসভাৰ অধ্যক্ষই।

৭। বিত্তবিল কোনে উত্থাপন কৰিব পাৰে?

উত্তৰঃ বিত্তমন্ত্ৰীয়ে।

৮। ভাৰতীয় সংসদৰ স্থায়ী সদনটো কি?

উত্তৰঃ ৰাজ্যসভা।

৯। লোকসভাৰ কাৰ্যকাল কিমান?

উত্তৰঃ পাঁচবছৰ।

১০। লোকসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান?

উত্তৰঃ ২৫ বছৰ।

১১। কাৰ্যপালিকা কাক বোলে?

উত্তৰঃ কাৰ্যপালিকাৰ অৰ্থ হ’ল এজন ব্যক্তি বা এটি ব্যক্তিৰ সমষ্টি যিয়ে সংগঠনৰ দৈনন্দিন কাম-কাজ আৰু নীতি-নিয়মবোৰৰ বাস্তৱ ৰূপায়নক চোৱা-চিতা কৰে তাক কাৰ্যপালিকা বোলে।

১২। নামমাত্র কার্যপালিকা মানে কি?

উত্তৰঃ যি কাৰ্যপালিকাক সংবিধানৰ দৃষ্টিত শাসন বিভাগৰ মুৰব্বী বুলি ধৰা হয় আৰু যাৰ নামত শাসনৰ সক কাম পৰিচালনা কৰা হয় কিন্তু শাসনকার্য পৰিচালনাত অংশগ্ৰহণ নকৰে, তেনে কার্যপালিকাক নামমাত্র কার্যপালিকা বোলে।

১৩। প্রকৃত কার্যপালিকা কাক বোলে? 

উত্তৰঃ  যি কাৰ্যপালিকাই শাসনৰ গুৰিয়াল হিচাপে দেশৰ শাসনকার্য পৰিচালনা কৰে তাক প্রকৃত কাৰ্যপালিকা বোলে।

১৪। বহুব্যক্তি কাৰ্যপালিকা মানে কি?

উত্তৰঃ যেতিয়া ৰাষ্ট্ৰৰ শাসন বিভাগৰ দায়িত্ব সমক্ষমতাসম্পন্ন একাধিক লোকৰ হাতত অৰ্পণ কৰা হয় তেতিয়া তাক বহুব্যক্তি কার্যপালিকা বা সমষ্টিগত কাৰ্যপালিকা বোলে।

১৫। একক কাৰ্যপালিকা মানে কি?

উত্তৰঃ যি কাৰ্যপালিকাত সকলো কার্যবাহী ক্ষমতা একেজন ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হয় অর্থাৎ এজন ব্যক্তিৰ দ্বাৰা সীমিত কার্যপালিকাক একক কাৰ্যপালিকা বোলে।

১৬। ৰাজ্যসভা আৰু লোকসভাৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ (ক) সংবিধান অনুযায়ী ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলক সংসদ বুলি জনা যায়। ইয়াৰ দুখন সদন আছে। ৰাজ্যসভা আৰু লোকসভা। উভয় সদনৰ মাজত সম্পর্ক নিবিড়। সেইবোৰ এইদৰে উল্লেখ কৰিব পাৰি।

(i) সাধাৰণ আইন প্রণয়নৰ ক্ষেত্ৰত দুয়োখন সদন সমান ক্ষমতাৰ অধিকাৰী। উভয় সদনৰ সন্মতি সাপেক্ষেহে কোনো বিধেয়ক আইনত পৰিণত হ’ব পাৰে।

(ii) লোকসভা আৰু ৰাজ্যসভা উভয়ে ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে।

(iii) ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক অপসাৰিত কৰাৰ কাৰণে লোকসভা আৰু ৰাজ্যসভাৰ অনুমোদনৰ প্ৰয়োজন।

(iv) সংবিধান সংশোধনৰ ক্ষেত্ৰত দুয়োখন সদনৰ সন্মতিৰ প্রয়োজন।

(v) ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিলে উভয় সদনৰ দ্বাৰা অনুমোদন হ’ব লাগে। 

(vi) কেন্দ্ৰীয় মন্ত্ৰীপৰিষদ গঠনৰ ক্ষেত্ৰত লোকসভাৰ লগতে ৰাজ্যসভাৰো অংশ থাকে। উভয় সদনৰ পৰাই মন্ত্ৰীসকলক বাছি লোৱা হয়।

এইদৰে দেখা যায় যে ভাৰতীয় সংসদৰ উভয় সদনৰ মাজত ওচৰ সম্বন্ধ আছে।

(খ) সাধাৰণতে, সংসদৰ দুয়োখন সদন সমান মর্যাদা আৰু সমান ক্ষমতাৰ অধিকাৰী যদিও তুলনামূলকভাৱে লোকসভা অধিক ক্ষমতাশালী। ভাৰতৰ ৰাষ্ট্ৰ শাসন কার্যত লোকসভাৰ গুৰুত্ব ৰাজ্যসভাতকৈ অধিক। ৰাষ্ট্ৰৰ বিত্তীয় ব্যৱস্থা লোকসভাই নিয়ন্ত্রণ কৰে। অৰ্থ সংক্রান্ত বিষয়ত ৰাজ্যসভাৰ কোনো সক্রিয় ভূমিকা নাই। কেন্দ্ৰীয় মন্ত্রীপৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ থাকে। লোকসভাই মন্ত্রীসভা ভঙা-পতা কৰিব পাৰে। ৰাজ্যসভাৰ এই ক্ষমতা নাই। লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ পৰাই মন্ত্রীপৰিষদ গঠন হয়। তদুপৰি লোকসভা গণতান্ত্রিক আৰু জনপ্রিয় সদন। লোকসভাৰ জৰিয়তে জনমত প্রতিফলিত হয়। গতিকে দেখা যায় যে, লোকসভা ৰাজ্যসভাৰ তুলনাত অধিক শক্তিশালী।

১৭। ‘ৰাজ্যসভা এখন স্থায়ী সদন’- তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰঃ ভাৰতীয় সংসদৰ উচ্চসদন ৰাজ্যসভা এখন স্থায়ী সদন। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ছয় বছৰ। সকলো সদস্যৰ কার্যকাল একে সময়তে সম্পূর্ণ নহয়। প্রত্যেক দুবছৰৰ অন্তত এক তৃতীয়াংশ সদস্যই অৱসৰ লয় আৰু এক তৃতীয়াংশ সদস্যৰ বাবে। নির্বাচন আৰু এক তৃতীয়াংশ সদস্যৰ বাবে নির্বাচন অনুষ্ঠিত হয়। গতিকে ৰাজ্যসভা কেতিয়াও ভঙ্গ নহয়। ৰাজ্যসভাই ধাৰাবাহিকভাৱে কাৰ্যনিৰ্বাহ কৰি থাকে।

১৮। লোকসভাৰ গঠন ক্ষমতা আৰু কার্যাৱলী আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় নিম্ন সদনক লোকসভা বুলি কোৱা হয়। বৰ্তমান লোকসভৰ সদস্য-সদস্যা ৫৪৫ জন। লোকসভাই জনসাধাৰণক প্রতিনিধিত্ব কৰে। লোকসভাৰ কাৰ্যপৰিচালনাৰ বাবে এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ থাকে।

লোকসভাৰ ক্ষমতা আৰু কাৰ্য:

(১) আইন প্রণয়ন ক্ষমতা: লোকসভাই কেন্দ্রীয় সূচীভূক্ত সমবর্তীসূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব।

(২) প্রশাসনীয় ক্ষমতা: সংসদীয় শাসন ব্যৱস্থাত নিম্ন সদনৰ প্ৰধান কৰ্তব্য হৈছে শাসন বিভাগত নিয়ন্ত্ৰণ কৰা। ভাৰতৰ নিম্নসদন লোকসভা এই ক্ষমতাৰ অধিকাৰী।

(৩) বিত্তীয় ক্ষমতা: লোকসভাই ভাৰতৰ ৰাজকোষ নিয়ন্ত্রণ কৰে। লোকসভাৰ সন্মতি অবিহনে চৰকাৰে অৰ্থসংগ্ৰহ আৰু ব্যয় কৰিব নোৱাৰে।

(৪) সংবিধান সংশোধন ক্ষমতা: লোকসভা আৰু ৰাজ্যসভা উভয়ে লগ লাগি সংবিধান সংশোধন কৰিব পাৰে। 

(৫) নির্বাচনী ক্ষমতা: লোকসভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনত সক্রিয় অংশগ্ৰহণ কৰিব পাৰে। 

(৬) ন্যায়িক ক্ষমতা: লোকসভাই ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সংবিধান অৱমাননা কৰাৰ অভিযোগত মহাভিযোগ প্রস্তাব আনিব পাৰে।

১৯। লোকসভাৰ অধ্যক্ষৰ কাৰ্যাৱলী বর্ণনা কৰা?

উত্তৰঃ লোকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত আলোচনা কৰা হ’ল–

(ক) অধ্যক্ষই লোকসভাৰ বৈঠকত সভাপতিত্ব কৰে। সভাপতিৰূপে তেওঁ লোকসভাৰ কাৰ্যাৱলী পৰিচালনা কৰে। অধ্যক্ষই হ’ল লোকসভাৰ পৰিচালক, নিয়ন্ত্ৰক আৰু অভিভাৱক। ৰাষ্ট্ৰপতিয়ে আহ্বান কৰা সংসদৰ যুটীয়া অধিৱেশনত তেওঁ সভাপতিত্ব কৰে। লোকসভাৰ অধিৱেশনত কি কি বিষয় উত্থাপন হ’ব, সদস্যসকলে কি কি প্রশ্ন সুধিব পাৰিব, কাক কিমান সময় দিয়া হ’ব আদি সকলোবোৰ অধ্যক্ষই নিৰ্ধাৰণ কৰে। সভাস্থগিত প্রস্তাব উত্থাপন কৰিবলৈ বা আলোচনা কৰিবলৈ অধ্যক্ষই অনুমতি দিব লাগে। অধ্যক্ষই লোকসভাৰ অধিৱেশন স্থগিত ৰাখিব পাৰে। কিমান দিন লোকসভা স্থগিত থাকিব সেইটো অধ্যক্ষই থিৰাং কৰে। সদনত অধ্যক্ষই দিয়া ৰায় চূড়ান্ত ৰায় বুলি গণ্য কৰা হয়। এই বিষয়ত ন্যায়লয়ে প্রত্যাহ্বান জনাব নোৱাৰে।

(খ) অধ্যক্ষই লোকসভাৰ অধিৱেশনত আইন-শৃংখলা ৰক্ষা কৰে। সভাৰ কাৰ্য পৰিচালনাত ব্যাঘাত জন্মোৱা সদস্যক অধ্যক্ষই সভাত উপস্থিত থকাৰ পৰা সাময়িকভাৱে বঞ্চিত কৰিব পাৰে। কোনো সদস্যই আইন-শৃংখলা ভংগ কৰিলে বা অশোভনীয় আচৰণ কৰিলে অধ্যক্ষই তেনে সদস্যক সভাকক্ষ ত্যাগ কৰিবলৈ আদেশ দিব পাৰে বা আইন-শৃংখলা ৰক্ষাকাৰীৰ যোগেদি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কোনো সদস্যৰ বক্তব্য অসংসদীয় হ’লে তেনে। বক্তব্য সভাৰ কাৰ্যবিৱৰণীৰ পৰা বাদ দিবলৈ অধ্যক্ষই নির্দেশ দিব পাৰে। প্রয়োজন সাপেক্ষে অধ্যক্ষই সভাস্থগিত বা পৰিসমাপ্তিৰ আদেশ দিব পাৰে।

(গ) লোকসভাৰ অধিৱেশনৰ বিষয়ত অধ্যক্ষই সিদ্ধান্ত গ্রহণ। কৰে। লোকসভাৰ অধিৱেশন কেতিয়া বহিব, কিমান দিন বহিব ইত্যাদি বিষয়বোৰ অধ্যক্ষই নিশ্চিত কৰে। যিকোনো এটা বিষয়ৰ আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণৰ বাবে অধ্যক্ষই নিশ্চিত কৰে। যিকোনো এটা বিষয়ৰ আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণৰ বাবে অধ্যক্ষই ভোটগ্রহণৰ নির্দেশ দিব পাৰে। সপক্ষে আৰু বিপক্ষে ভোটদানৰ সংখ্যা কিমান হ’লে অধ্যক্ষই নিৰ্ণায়ক ভোট দিব পাৰে।

(ঘ) লোকসভাৰ সদস্যসকলৰ বিশেষাধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিয়াটো অধ্যক্ষৰ এটা প্রধান কাৰ্য। লোকসভাৰ সদস্যৰ অধিকাৰ উপভোগত বাধাৰ সৃষ্টি হ’লে অধ্যক্ষই তেনে বাধা আঁতৰাবলৈ যাৱতীয় ব্যবস্থা গ্রহণ কৰে।

২০। সংসদ আইন প্রণয়ন পদ্ধতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ সাধাৰণ বিধেয়ক সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পাৰি। সাধাৰণ বিষয়ক মন্ত্রী নাইবা সংসদৰ আন সদস্যসকলে উত্থাপন কৰিব পাৰে। মন্ত্রীসকলে উত্থাপন কৰা বিষোকক চৰকাৰী বিষেয়ক আৰু মন্ত্ৰীৰ বাহিৰে আন সদস্যসকলে উত্থাপন কৰা বিষেয়কক বে-চৰকাৰী বিধেয়ক বোলা হয়। সংসদত সাধাৰণ বিধেয়ক উত্থাপন কৰিবলৈ ইচ্ছা কৰা সদস্যসকলে নিজৰ উদ্দেশ্য ব্যক্ত কৰি বিষেয়কখন উত্থাপন কৰিব বিচৰা সদনৰ পৰা অনুমতি ল’ব লাগে। সদনখনৰ পৰা অনুমতি লাভ কৰাৰ পিছত সদস্য গৰাকীয়ে সেই সদনখনত বিধেয়কখন উত্থাপন কৰিব পাৰে। সাধাৰণ বিষেয়ক এখন আইনত পৰিণত হ’বৰ বাবে তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে। এই জৰ তিনিটা হ’ল – 

(১) প্রথম পাঠ। 

(২) দ্বিতীয় পাঠ।আৰু 

(৩) তৃতীয় পাঠ ইত্যাদি।

২১। বিধান পৰিষদৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত প্রত্যেক ৰাজ্যৰ বাবে একোখন বিধানমণ্ডল গঠন কৰাৰ বিষয়ে লিপিবদ্ধ কৰা আছে। ৰাজ্যিক বিধানমণ্ডল এক সদনীয় নাইবা দ্বি-সদনীয় হ’ব পাৰে। দ্বি-সদনযুক্ত বিধানমণ্ডলৰ উচ্চ সদনক বিধান পরিষদ আৰু নিম্ন সদনক বিধানসভা বোলা হয়।

বর্তমান ভাৰতবৰ্ষত পাঁচখন ৰাজ্যত দ্বি-সদনযুক্ত বিধানমণ্ডল আছে। এই ৰাজ্যকেইখন হ’ল – বিহাৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্রদেশ তথা জম্মু আৰু কাশ্মীৰ।

সংবিধানৰ ১৭১ নং অনুচ্ছেদত বিধান পৰিষদৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে বর্ণিত আছে।

বিধান পৰিষদৰ সদস্যপদৰ প্ৰাৰ্থী হ’বৰ বাবে-

(১) ভাৰতীয় নাগৰিক হ’ব লাগিব।

(২) তেওঁৰ বয়স কমেও ৩০ বছৰ পূৰ্ণ হ’ব লাগিব। 

(৩)সংসদে আইনৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া অৰ্হতাসমূহ থাকিব লাগিব। 

(৪) তেওঁ মানসিক বিকাৰাক্ত নাইবা দেউলীয়া হ’ব নালাগিব।

(৫) তেওঁ কেন্দ্ৰীয় নাইবা ৰাজ্যিক চৰকাৰৰ অধীনত লাভজনক চাকৰিত নিয়োজিত ব্যক্তি হ’ব নালাগিব।

(৬) তেওঁ কেন্দ্রীয় সংসদ নাইবা বিধান পৰিষদৰ সদস্য হ’ব নালাগিব। 

কাৰ্যকাল: ৰাজ্যৰ বিধান পৰিষদ স্থায়ী সদন। ইয়াৰ কার্যকাল ৬ বছৰ।

ক্ষমতা আৰু কার্যাবলী: বিধান পৰিষদে বিভিন্ন কার্য সমাধান কৰে। 

১। আইন প্রণয়ন ক্ষমতা আৰু কাৰ্য: সাধাৰণ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা যায়।

২। দ্বিতীয় ক্ষমতা আৰু কাৰ্য: বিধান পৰিষদৰ বিত্তীয় ক্ষেত্ৰত ক্ষমতা অতিশয় সীমিত। অর্থ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা নাযায়। বিধানসভাত গৃহীত অর্থ বিধেয়ক বিধানপৰিষদলৈ অনুমোদনৰ বাবে পঠিওৱা হয়।

৩। কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ: চৰকাৰ তথা কাৰ্যপালিকাৰ ওপৰত বিধান পৰিষদৰ নিয়ন্ত্রণ অতিশয় নগণ্য। ৰাজ্যিকমন্ত্ৰী পৰিষদখন বিধান পৰিষদৰ ওচৰত দায়বদ্ধ নহয়। গতিকে বিধান পৰিষদে মন্ত্ৰীসকলৰ বিৰুদ্ধে অনাস্থা প্রস্তাব উত্থাপন কৰি ইয়াৰ পতন ঘটাব নোৱাৰে।

২২।  কাৰ্যপালিকাৰ গুৰুত্বপূৰ্ণ কাৰ্যবোৰ আলোচনা কৰা। 

উত্তৰঃ (ক) প্রশাসনীয় কার্য: কার্যপালিকাই বিধানমণ্ডলে প্রণয়ন কৰা আইনসমূহ কাৰ্যকৰী কৰি ৰাষ্ট্ৰৰ আভ্যন্তৰীণ শান্তি শৃংখলা ৰক্ষা কৰে। 

(খ) ৰাজনৈতিক কার্য: কাৰ্যপালিকাই কূটনৈতিক বিষয়াসকলক নিয়োগ কৰে। আন্তর্জাতিক সম্মিলনত কাৰ্যপালিকাই নিজৰ ৰাষ্ট্ৰক প্রতিনিধিত্ব কৰে।

(গ) ন্যায়িক কার্য: ন্যায় পালিকাই উচ্চ পর্যায়ৰ বিষয়াসকলক নিয়োগ কৰে। কাৰ্যপালিকাই কোনো অপৰাধত অভিযুক্ত দোষীৰ শাক্তিৰ পৰিমাণ হ্রাস বা ক্ষমা কৰিব পাৰে।

(ঘ) বিত্তীয় ক্ষমতা: কাৰ্যপালিকাই ৰাষ্ট্ৰৰ আয়-ব্যয়ৰ হিচাপ ৰখাৰ উপৰিও কৰ-কাটল আৰোপ আৰু সংগ্ৰহ কৰাৰ দায়িত্ব পালন কৰে।

(ঙ) প্ৰতিৰক্ষা: বহিঃআক্রমণৰ পৰা নিজ ৰাষ্ট্ৰক ৰক্ষণাবেক্ষণ দিয়া ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অটুট ৰখা ইত্যাদি কাম কাৰ্যপালিকাই সম্পাদন কৰে।

(চ) আইন প্রণয়ন: আধুনিক ৰাষ্ট্ৰত কাৰ্যপালিকাই আইন সংগত কাৰ্য পৰিচালনা কৰে।

২৩। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ৰাষ্ট্ৰৰ প্ৰধান।

অৰ্হতা: ভাৰতৰ ৰাষ্ট্ৰপতি হ’বলৈ হ’লে, এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব লাগিব। তেওঁ ৩৫ বছৰ বয়স পূৰ্ণ কৰিব লাগিব। লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ অৰ্হতা থাকিব লাগিব। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত কোনো পদবীত থাকিব নোৱাৰিব।

কার্যকাল: ৰাষ্ট্রপতিজন পাঁচ বছৰৰ কাৰ্যকালৰ বাবে পৰোক্ষভাৱে নির্বাচিত হয়। 

ক্ষমতা আৰু কার্যাবলী:

(১) কাৰ্যকৰী ক্ষমতা: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রী আৰু কেন্দ্রীয় মন্ত্রীসভাৰ অন্যান্য মন্ত্ৰী আৰু লগতে কেন্দ্রীয় চৰকাৰৰ আন কিছুমান গুৰুত্বপূর্ণ বিষয়া যেনে: মহান্যায়বাদী, নিয়ন্ত্রক আৰু মহালেখা পৰীক্ষক আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু আন ন্যায়াধীশসকলক নিযুক্তি দিয়ে।

(২) সামৰিক আৰু বৈদেশিক পৰিক্ৰমা: ৰাষ্ট্ৰপতিজন ভাৰতৰ সামৰিক দলৰ মুখ্য সেনাধ্যক্ষ। যুদ্ধ আৰু শান্তিৰ ঘোষণা ৰাষ্ট্ৰপতিৰ নামত কৰা হয়। সকলো সন্ধি আৰু আন্তঃৰাষ্ট্ৰীয় চুক্তি ৰাষ্ট্ৰপতিৰ লগত আলোচনা কৰা হয়।

(৩) ন্যায়িক ক্ষমতা: ৰাষ্ট্ৰপতিয়ে ‘ক্ষমা প্ৰদানৰ বিশেষাধিকাৰ’ উপভোগ কৰে। তেওঁ অপৰাধীক ক্ষমা প্ৰদান কৰা বা শাস্তি স্থগিত ৰখা বা শান্তি লাঘৱ কৰাৰ ক্ষমতা আছে।

(৪) জৰুৰী অৱস্থা ঘোষণাৰ ক্ষমতা: সংবিধানে ৰাষ্ট্ৰপতিক জৰুৰী অৱস্থাৰ লগত মোকাবিলা কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ক্ষমতা প্ৰদান কৰিছে। এই ক্ষমতাসমূহ তেওঁ তিনিটা পৰিস্থিতিত প্রয়োগ কৰিব পাৰে।

(৫) বিধায়িনী ক্ষমতা: ৰাষ্ট্ৰপতিৰ সংসদৰ দুয়ো সদনৰ অধিৱেশন আহ্বান কৰা আৰু স্থগিত কৰাৰ ক্ষমতা আছে। সংসদত গৃহীত হোৱা বিধেয়ক এখন ৰাষ্ট্ৰপতিৰ সন্মতি পোৱাৰ পাছতহে আইনত পৰিণত হয়। ৰাষ্ট্ৰপতিয়ে সংসদ অধিবেশন নবহা অৱস্থাত অধ্যাদেশ জাৰি কৰিব পাৰে।

২৪।কেন্দ্রীয় মন্ত্রীসভা আৰু ভাৰতৰ প্ৰধানমন্ত্রীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে কেন্দ্রীয় মন্ত্রীসভা নিয়োগ কৰে। তেওঁ লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজকন প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। প্রধানমন্ত্রী হ’ল কেন্দ্রীয় মন্ত্রীসভাৰ প্রধান। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামর্শমতে অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে আৰু তেওঁলোকৰ মাজত দপ্তৰ বিতৰণ কৰে। চৰকাৰৰ কাম- কাজ সমূহ বিভিন্ন বিভাগত ভাগ কৰা হয় আৰু প্ৰত্যেকটো বিভাগ এজন নির্দিষ্ট মন্ত্ৰীৰ অধীনত ৰখা হয়। কেন্দ্রীয় মন্ত্রীসভাই যেতিয়ালৈকে লোকসভাৰ সংখ্যাগৰিষ্ঠ সমর্থন লাভ কৰি থাকে তেতিয়ালৈকে ক্ষমতাত থাকে। কেন্দ্রীয় মন্ত্রীসভাত তিনি ধৰণৰ মন্ত্রী থাকে কেবিনেট মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু উপমন্ত্রী। কেবিনেট মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক লৈ ‘কেবিনেট’ বোলা এক সৰু গোট গঠন হয়। প্রধানমন্ত্রীৰ নেতৃত্বাধীন কেবিনেট মন্ত্রীসভাৰ সকলোতকৈ শক্তিশালী গোট আৰু চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটে গ্রহণ কৰে। প্রধানমন্ত্রীয়ে মন্ত্রীসভাৰ প্ৰধান হিচাপে দেশৰ প্ৰকৃত প্ৰশাসনৰ বাবে দায়িত্বশীল। তেওঁক ভাৰতৰ মুখ্য প্রশাসক হিচাপে গণ্য কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top