⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Notes | ভাৰতৰ সংবিধানৰ ৰচনা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Question Answer can be of great value to excel in the examination.

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution

Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution Notes cover all the exercise questions in UGC Syllabus. The Constitutional Government and Democracy in India Unit 1 The Constituent Assembly and the Constitution provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

The Constituent Assembly and the Constitution

CONSTITUTIONAL GOVERNMENT AND DEMOCRACY IN INDIA

ভাৰতৰ সাংবিধানিক চৰকাৰ আৰু গণতন্ত্ৰ

  • Framing of the Constitution- Acts of 1909,1919, 1935, and 1947.
  • The Preamble and major features of the Constitution
  • Evaluation of Fundamental Rights and Directive Principles of State Policy
  • মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতি,দুয়োটাৰ মাজৰ বিতর্ক

Very Short Question Answer

১। সংবিধানৰ কোনটো অনুচ্ছেদত সংশোধন পদ্ধতি উল্লেখ কৰা আছে ?

উত্তৰঃ ৩৬৮ নং অনুচ্ছেদ।

২। ভাৰতীয় সংবিধান সংশোধন পদ্ধতি কেইটা ?

উত্তৰঃ তিনিটা। 

৩। ভাৰতীয় সংবিধানৰ কোন সংশোধনী মতে মৌলিক কর্তব্যসমূহ সংবিধানত সন্নিবিষ্ট কৰা হৈছে ?

উত্তৰঃ ৪২ তম সংশোধনী।

৪। ভাৰতীয় সংবিধান সংশোধন প্ৰক্ৰিয়াত জনসাধাৰণে অংশগ্রহণ কৰিব পাৰে নে নোৱাৰে ?

উত্তৰঃ নোৱাৰে।

৫। ভাৰতীয় সংবিধান সংশোধনৰ নমনীয় পদ্ধতিটো উল্লেখ কৰা।

উত্তৰঃ নমনীয় পদ্ধতি অনুসৰি সংসদৰ উভয় সদনৰ সাধাৰণ সংখ্যাগৰিষ্ঠ ভোটৰ সমৰ্থনত কিছুমান অনুচ্ছেদ সংশোধন কৰিব পাৰি।

৬। ভাৰতীয় সংবিধানৰ যিকোনো এটা বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ লিখিত সংবিধান।

৭। ভাৰতীয় সংবিধানৰ যিকোনো এটা একাত্মক বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ একক নাগৰিকত্ব।

৮। ভাৰতবৰ্ষৰ সংবিধানখন বলবৎ হোৱাৰ পিছত প্ৰথম সংশোধন কিমান চনত হৈছিল ?

উত্তৰঃ ১৯৫১ চনত।

৯। ভাৰতীয় সংবিধান সংশোধনৰ পদ্ধতি কেইটা আছে ?

উত্তৰ তিনিটা।

১০। ভাৰতবৰ্ষত বর্তমান কেইখন ৰাজ্য আছে ?

উত্তৰঃ ২৯ হন।

১১। ভাৰতৰ সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয় ?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

১২। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?

উত্তৰঃ ডঃ বি.আৰ. আম্বেদকাৰ।

১৩। সংবিধান সভাৰ নিৰ্বাচিত সভাপতি কোন আছিল ?

উত্তৰঃ ডঃ ৰাজেন্দ্র প্রসাদ।

১৪। প্রস্তাবনা মানেনো কি ?

উত্তৰঃ প্রস্তাবনা হ’ল সংবিধানৰ দর্শন।

১৫। —— তম সংশোধনীয়ে ভাৰতীয় সংবিধানৰ প্রস্তাবনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন কৰিছে।

উত্তৰঃ ৪২ তম সংশোধনী।

১৬। ভাৰতীয় সংবিধানৰ যিকোনো এটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ অতিকেন্দ্ৰিক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা।

১৭। তলত উল্লেখ কৰা কোনবিধ কার্য সংবিধানৰ নহয় ?

(ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে।

(খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে।

(গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে।

(ঘ) সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে।

উত্তৰঃ (খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত

১৮। সংবিধান কাক বোলে ?

উত্তৰঃ সংবিধান হ’ল সেইবিলাক বিধি-নিয়মৰ সমষ্টি যা দ্বাৰা চৰকাৰৰ ক্ষমতা, শাসিতৰ অধিকাৰ আৰু শাসক-শাসিতৰ মাজত সম্পর্ক স্থিৰ কৰা হয়।

১৯। সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা।

২০। সংসদীয় চৰকাৰত কাৰ্যপালিকা বিধিগতভাৱে __________ৰ ওচৰত দায়বদ্ধ থাকে। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ বিধানমণ্ডলৰ ওচৰত।

২১। ভাৰতীয় সংবিধানৰ যিকোনো এটা মূল লক্ষ্য লিখা। 

উত্তৰঃ সকলোৰে বাবে সমান মর্যাদা আৰু সুযোগ প্রদান কৰা।

২২। সংবিধান শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে ?

উত্তৰঃ ‘কনষ্টিটুৱেৰ (Constituere)

২৩। সংবিধান হৈছে ৰাষ্ট্ৰৰ মৌলিক আইন। শুদ্ধ নে অশুদ্ধ ?

উত্তৰঃ শুদ্ধ।

২৪। লিখিত সংবিধানৰ এটা গুণ লিখা। 

উত্তৰঃ লিখিত সংবিধানৰ প্রতি জনসাধাৰণৰ সমৰ্থন থাকে।

২৫। অলিখিত সংবিধানৰ এটা দোষ লিখা।

উত্তৰঃ অলিখিত সংবিধানসমূহ অধিক গতিশীল হয়।

২৬। গ্রেট বৃটেইনৰ সংবিধান নমনীয় হয় নে নহয় ?

উত্তৰঃ হয়।

২৭। সংবিধান কি ?

উত্তৰঃ সংবিধান এখন দেশৰ মৌলিক আইন। ইয়াত দেশৰ শাসন ব্যৱস্থাৰ মৌলিক নীতিসমূহ লিপিবদ্ধ কৰা থাকে।

২৮। ভাৰতীয় সংবিধানৰ প্রস্তাবনাৰ খচৰা কোনে প্রস্তুত কৰিছিল ?

উত্তৰঃ খচৰা সমিতিয়ে।

২৯। ভাৰতীয় সংবিধান ১৯৪৯ চনৰ_______ তাৰিখে

গ্ৰহণ কাৰ হৈছে । (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ ২৬ নৱেম্বৰত।

৩০। ভাৰতীয় সংবিধান ১৯৫০ চনৰ “________তাৰিখৰ পৰা কাৰ্যকৰী হৈছে। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ ২৬ জানুৱাৰী।

৩১। সংবিধান সভাৰ সভাপতি কোন আছিল ?

উত্তৰঃ ড০ ৰাজেন্দ্র প্রসাদ।

৩২। সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?

উত্তৰঃ ড০ বি.আৰ. আম্বেদকাৰ।

৩৩। প্ৰস্তাৱনাৰ যিকোনো এটা নীতিৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ সার্বভৌমত্ব।

৩৪। ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।

উত্তৰঃ লিখিত সংবিধান।

৩৯। ভাৰতীয় সংবিধানৰ এটা একাত্মক বা অ-যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা।

উত্তৰঃ একক নাগৰিকত্ব। 

৪০। সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা কিমান আছিল ?

উত্তৰঃ ৭ জন।

৪১। অধিকাৰ মানে কি ?

উত্তৰঃ সাধাৰণতঃ অধিকাৰ মানে কিছুমান বৈধ দাবী।

৪২। মৌলিক অধিকাৰৰ অৰ্থ লিখা।

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বসবাস কৰা নাগৰিকসকলৰ স্বতন্ত্রতা ৰক্ষা আৰু প্ৰতিভা বিকাশৰ বাবে কিছুমান অধিকাৰ ভোগ কৰিব দিয়া অতিশয় প্রয়োজন। এনেবোৰ অধিকাৰক সাধাৰণতে মৌলিক অধিকাৰ বোলা হয়।

৪৩। ভাৰতীয় সংবিধানত কিমান বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে।

উত্তৰঃ বৰ্তমান ৬ টা মৌলিক অধিকাৰ।

৪৪। কোনটো অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে ?

উত্তৰঃ সম্পত্তিৰ অধিকাৰ।

৪৫। সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ বাবে মৌলিক কর্তব্য সংযোগ কৰিছে ?

উত্তৰঃ ৪২ তম সংশোধনী (১৯৭৬ চন)।

৪৬। মৌলিক অধিকাৰৰ যিকোনো এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ মৌলিক অধিকাৰ সংবিধানৰ এক অপৰিহাৰ্য অংগ। 

৪৭। মৌলিক অধিকাৰসমূহৰ যিকোনো এটা সীমাবদ্ধতা লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ নাগৰিকক সংবিধানে প্রদান কৰা মৌলিক অধিকাৰসমূহক কেন্দ্ৰীয় সংসদ সংবিধান সংশোধনৰ জৰিয়তে সীমাবদ্ধ কৰিব পাৰে।

৪৮। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি বুলিলে কি বুজি পোৱা ? 

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ চতুর্থ অধ্যায়ত নির্দেশাত্মক নীতি সন্নিৱিষ্ট কৰা হৈছে। এই নীতিবোৰ চতুর্থ অধ্যায়ত সন্নিবিষ্ট কৰি চৰকাৰক সেইবোৰ পালন কৰিবৰ বাবে নির্দেশ দিয়ে। সংবিধানত নির্দেশাত্মক নীতি অন্তভুক্তিৰ জৰিয়তে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে।

৪৯। ভাৰতৰ সংবিধানত উল্লেখ থকা বর্তমান মৌলিক কৰ্তব্যৰ সংখ্যা কিমান ?

উত্তৰঃ ১১ টা।

৫০। মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজত থকা যিকোনো দুটা পার্থক্য লিখা।

উত্তৰঃ ১। মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত আটাইতকৈ তাৎপর্যপূর্ণ প্রভেদ এই যে মৌলিক অধিকাৰসমূহ বাদযোগ্য কিন্তু নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয়।

২। মৌলিক অধিকাৰে চৰকাৰী কাৰ্যৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰিছে। কিন্তু নিৰ্দেশাত্মক নীতিসমূহে চৰকাৰী দায়িত্বৰ পৰিসৰ বৰ্ষিত কৰিছে। 

৫১। ভাৰতীয় সংবিধানৰ ৰজ্ব নং অনুচ্ছেদত সন্নিবিষ্ট কৰা দুটা অধিকাৰ উল্লেখ কৰা।

উত্তৰঃ ১। সংস্থা বা সংঘ গঠনৰ অধিকাৰ

২। নিৰস্ত্ৰ আৰু শান্তিপূর্ণভাৱে সমবেত হোৱাৰ অধিকাৰ। 

৫২। দক্ষিণ আফ্ৰিকাৰ সংবিধানত অন্তর্ভুক্ত পাঁচটা অধিকাৰ উল্লেখ কৰা।

উত্তৰঃ ১। মর্যাদাৰ অধিকাৰ।

২। বাসস্থানৰ অধিকাৰ।

৩। শিক্ষাৰ অধিকাৰ।

৪। সামাজিক সুৰক্ষাৰ অধিকাৰ।

৫। তথ্য জনাৰ অধিকাৰ।

৫৩। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন সম্পর্কে এটি চমু টোকা লিখা।

উত্তৰঃ ১৯৯৩ চনৰ মানব অধিকাৰ সংৰক্ষণ আইন অনুসৰি ভাৰতবৰ্ষত এখন ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগ গঠন কৰা হৈছে। এই আয়োগ গঠন কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এজন ইয়াৰ অধ্যক্ষ হয়। উচ্চতম ন্যায়ালয়ৰ এজন কর্মবত ন্যায়াধীশ বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ’ব। মানব অধিকাৰৰ ওপৰত জ্ঞান আৰু বাস্তব অভিজ্ঞতা থকা দুজন লোক ইয়াৰ সদস্য হ’ব। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আৰু ৰাষ্ট্ৰীয়

অনুসূচিত জাতি আৰু জনজাতি আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ সকলো ইয়াৰ সদস্য হ’ব।

৫৪। নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নে ?

উত্তৰঃ নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয়। এই নীতিসমূহ চৰকাৰে কাৰ্যকৰী কৰিবলৈ বাধ্য নহয়। এই নীতিসমূহ অৱজ্ঞা কৰিলেও চৰকাৰৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা ল’ব পৰা নাযায়।

৫৫। সংবিধানে কি কাৰ্য কৰে ?

উত্তৰঃ (ক) সংবিধানে সমন্বয় আৰু প্ৰতিশ্রুতিক অনুমোদন দিয়ে।

(খ) সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ বিস্তৃত নির্দেশনা।

৫৬। আমাক সংবিধানৰ কিয় প্রয়োজন হয় ?

উত্তৰঃ ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হ’লে প্রত্যেক ৰাষ্ট্ৰৰ একোখন সংবিধান থকাটো অতিশয় প্রয়োজন। সংবিধান গণতন্ত্রৰ মূল আধাৰ বুলি গণ্য কৰা হয়। ৰাষ্ট্ৰ এখনত গণতন্ত্রক জীয়াই ৰাখিবলৈ হ’লে ৰাষ্ট্ৰখনৰ বাবে সংবিধান এখনৰ অতিশয় প্রয়োজন।

৫৭। আমাৰ সংবিধানখন কোনে প্রণয়ন কৰিছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ বাবে সংবিধান এখন ৰচনা কৰাৰ দায়িত্ব ‘সংবিধান সভা’ৰ ওপৰত ন্যস্ত কৰা হৈছিল। সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে এই সভাই প্রস্তুতি চলাইছিল। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন চূড়ান্তভাৱে গ্ৰহণ কৰাৰ সময়ত সংবিধান সভাৰ ২৮৪ জন সদস্য উপস্থিত থাকি তেওঁলোকে স্বাক্ষৰ নান কৰিছিল। সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্রসাদ। আনহাতে সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি আছিল ড০ বি.আৰ. আম্বেদকাৰ।

৫৮। ভাৰতীয় সংবিধানৰ যিকোনো দুটা উৎসৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ: (ক) বৃটিছ সংবিধান।  

(খ) ভাৰত চৰকাৰ আইন ১৯০৯, ১৯১৯, ১৯৩৫ আৰু ভাৰত স্বাধীনতা আইন ১৯৪৭

৫৯। তলত উল্লেখ কৰা কোনবোৰ মুক্তি সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব বেছি নিৰ্দ্ধাৰণ কৰা। 

(ক) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল।

(খ) সংসদ সকলোতকৈ সংবিধান প্রণেতাসকল বিশিষ্ট নেতা।

(গ) সংবিধানে সংসদৰ গঠন আৰু ক্ষমতা নিৰ্ধাৰিত কৰে। 

(ঘ) সৰ দ্বাৰা সংবিধান সংশোধন কৰিব নোৱাৰে।

উত্তৰঃ (খ) সংসদ সকলোতকৈ সংবিধান প্রণেতাসকল বিশিষ্ট নেতা।

(গ) সংবিধানে সংসদ গঠন আৰু ক্ষমতা নিৰ্ধাৰিত কৰে। 

৬০। সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ কেন্দ্রবিন্দু। ব্যাখ্যা কৰা।

উত্তৰঃ এখন দেশৰ সংবিধানে জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত কৰে। গণতান্ত্রিক দেশ এখনৰ সংবিধানে জনসাধাৰণৰ কল্যাণৰ দিশটোক মুখ্যস্থান দিয়ে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে স্বাধীনতা, সমতা আৰু ন্যায় পাব পাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা অন্তর্ভুক্ত কৰা হয়।

৬১। ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া যিকোনো দুটা প্ৰমূল্যৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ (১) ব্যক্তি স্বাধীনতা। 

(২) সামাজিক ন্যায়।

৬২। সংবিধানৰ প্ৰধান কাম কি ?

উত্তৰঃ সংবিধানৰ প্ৰধান কামেই হ’ল স্বেচ্ছাচাৰিতাৰ অৱসান ঘটোৱা।

৬৩। সংবিধান দর্শন বুলিলে কি বুজি পোৱা ?

উত্তৰঃ দৰ্শন এক গতিশীল ধাৰণা। যিবোৰ প্ৰমূল্যৰ আধাৰত ভাৰতীয় সংবিধান নির্মাণ হৈ উঠিছে সেই প্রমূল্য সমূহক আমি ভাৰতীয় সংবিধানৰ দৰ্শন বুলি অভিহিত কৰিব পাৰোঁ। ইয়াৰ উপৰিও ভাৰতীয় সংবিধান বহুতো ঘটনা পৰিঘটনা আৰু কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে।

৬৪। সংবিধানৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ লর্ড ব্রাইচে কয়, “সংবিধান হ’ল সেইবিলাক আইন আৰু প্ৰথাৰ সমষ্টি, যিবিলাকৰ দ্বাৰা ৰাষ্ট্ৰৰ জীৱন পৰিচালিত হয়।”

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top