Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি

Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি

Join Telegram channel

Table of Contents

SEBA Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science MCQ Chapter 11 কাৰ্য্য আৰু শক্তি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাৰ্য্য আৰু শক্তি

Chapter – 11

Multiple Choice Questions & Answers

বহুবিকল্প বাছনি প্রশ্নোত্তৰ:

1‌. যদি কোনো এটা বস্তুৰ ওপৰত বল প্রয়োগ কৰাৰ ফলত বস্তুটোৰ সৰন সংঘটিত নহ’ল তেনেহ’লে সম্পাদিত কাৰ্য হ’ব—

(a) আধা।

(b) দুগুণ।

(c) শূন্য।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) শূন্য।

2. কাৰ্যৰ একক হ’ল—

(a) Nm বা জুল 

(b) kgm

(c) kgms⁻¹

(d) kg

উত্তৰঃ (a) Nm বা জুল।

3. বস্তু এটাৰ ওপৰত 0.5 বল প্রয়োগ কৰাত বলৰ দিশত বস্তুটোৰ সৰন 2m হ’ল। তেন্তে কার্য হ’ব—

(a) 10 J

(b) 1 J

(c) 0.1 J

(d) 100 J

উত্তৰঃ (b) 1 J 

4. বস্তু এটাৰ গতি শক্তি নিৰ্ভৰ কৰে—

(a) কেৱল ইয়াৰ ভৰৰ ওপৰত।

(b) কেৱল ইয়াৰ বেগৰ ওপৰত।

(c) ভৰ বা বেগৰ ওপৰত নিৰ্ভৰ নকৰে।

(d) ভৰ আৰু বেগ দুয়োটাৰ ওপৰত।

উত্তৰঃ (d) ভৰ আৰু বেগ দুয়োটাৰ ওপৰত।

5. 6kg ভৰৰ বস্তু এটাই 2ms⁻¹ বেগত গতি কৰিলে ইয়াৰ গতি শক্তি হ’ব—

(a) 6 J

(b) 9 J

(c) 12 J  

(d) 15 J

উত্তৰঃ (c) 12 J  

6. কোনো এটা বস্তুৰ ভৰ দুগুণ কৰিলে ইয়াৰ গতিশক্তি হ’ব—

(a) দুগুণ।

(b) তিনিগুণ।

(c) চাৰি গুণ।

(d) আধা।

উত্তৰঃ (a) দুগুণ।

7. 0.5kg ভৰৰ এটা 2m উচ্চতাৰ পৰা মাটিত পৰিবলৈ দিয়া হ’ল। বস্তুটোৱে লাভ কৰা গতি শক্তি হ’ল—

(a) 9.8N

(b) 196.6N

(c) 196.6N

 (d) 9.8N

উত্তৰঃ (d) 9.8N 

8. এজন মানুহে গধুৰ বস্তু এটা লৈ ওপৰলৈ উঠিছে মানুহজনে সম্পাদন কৰা কাৰ্য্য হ’ব—

(a) ধনাত্মক।

(b) ঋণাত্মক।

(d) ওপৰৰ এটাও নহয়।

(c) শূন্য।

উত্তৰঃ (a) ধনাত্মক।

9. m ভৰৰ বস্তু এটাৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান শূন্য হ’লে কাৰ্য্য হ’ব—

(a) দুগুণ।

(b) আধা।

(c) শূন্য।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) শূন্য।

10. কোনো এটা বস্তু ওপৰলৈ পঠিয়ালে বস্তুটোৰ গতি শক্তি–

(a) একে থাকে।

(b) বৃদ্ধি পায়।

(c) হ্রাস পায়।

(d) দুগুণ হয়।

উত্তৰঃ (c) হ্রাস পায়।

11. সমান ভৰৰ বস্তু দুটা ক্ৰমে 2h আৰু 6h উচ্চতাত ৰখা হৈছে ইহঁতৰ স্থিতি শক্তিৰ অনুপাত হ’ব—

(a) 3 : 1

(b) 1 : 3

(c) 1 : 9

(d) 9 : 1

উত্তৰঃ (b) 1 : 3 

12. কোনো এটা বস্তু ওপৰৰ পৰা তলত সৰি পৰিলে বস্তুটোৰ স্থিতি—

(a) বৃদ্ধি পায়।

(b) একে থাকে।

(c) দুগুণ হয়।

(d) হ্রাস পায়।

উত্তৰঃ (d) হ্রাস পায়।

13. এক কিলোৱাট ঘণ্টাক জুলত প্ৰকাশ কৰিলে হ’ব—

(a) 36 × 10⁶J

(b).36×10⁶J

(c) 3.6×10⁶J

(d) 36 × 10⁻⁶J

উত্তৰঃ (c) 3.6×10⁶J

14. বৃত্তাকাৰ পথত গতি কৰা বস্তু এটাই সম্পাদিত কৰা কাৰ্যৰ পৰিমাণ—

(a) 1 J

(b) 2 J

 (c) 3 J

(d) 0

উত্তৰঃ (d) 0

15. এটা বস্তুৱে 5 চেকেণ্ডত 15 জুল কাৰ্য্য সম্পাদন কৰে ইয়াৰ ক্ষমতা হ’ব—

(a) 30W

(b) 3W

(c) 0.3W

(d) 30W

উত্তৰঃ (b) 3W

16. কার্য এটা সম্পাদন কৰিবলৈ লগা সময় বৃদ্ধি পালে ইয়াৰ ক্ষমতা—

(a) বৃদ্ধি পায়।

(b) একে থাকে।

(c) হ্রাস পায়।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (c) হ্রাস পায়।

17. যিকোনো বিন্দুত বস্তুৰ স্থিতি শক্তি যি পৰিমাণে কমে সেই একে পৰিমাণে তাৰ গতিশক্তি—

(a) কমে।

(b) একে থাকে।

(c) বাঢ়ে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) বাঢ়ে।

18. 60 ৱাটৰ বাল্ব এটা দিনে 6 ঘণ্টাকৈ ব্যৱহাৰ কৰিলে বাল্বটোৱে এদিনত ব্যয় কৰা শক্তি হ’ব—

(a) 36kwh 

(b) 3.6kwh

(c) 63kwh

(d) 0.36kwh

উত্তৰঃ (d) 0.36kwh

19. 12kg ভৰৰ বস্তু এটা 480J স্থিতি শক্তি পাবলৈ কিমান উচ্চতাত ৰাখিব লাগিব? 

(a) 0.4m

(b) 4m

(d) 0.40m

(c) 40m

উত্তৰঃ  (b) 4m

20. 1 ৱাট ঘণ্টা = ———

(a) 3600 J

(b) 60J

(c) 36 × 10³J 

(d) 33.6 × 10³J

উত্তৰঃ (a) 3600 J

অতি চমু প্রশ্ন উত্তৰ:

1. কাৰ্য কাক বোলে?

উত্তৰঃ বস্তুৰ ওপৰত প্ৰয়োগ হোৱা বল আৰু বলৰ দিশত হোৱা সৰণৰ পূৰণফলক কাৰ্য্য বোলে।

2. কাৰ্য্য কি প্ৰতীকৰ সহায়ত লিখা হয়?

উত্তৰঃ w

3. কাৰ্য W, বল F আৰু সৰণ S হলে, ইহঁতৰ মাজৰ সম্পৰ্কটো হ’ব?

উত্তৰঃ W = F ×  S

4. কাৰ্য্যৰ S.I একক কি হ’ব ?

উত্তৰঃ নিউটন × মিটাৰ।

5. নিউটন × মিটাৰৰ নাম কি? 

উত্তৰঃ জুল।

অর্থাৎ জুল = নিউটন × মিটাৰ।

6. কার্য সংঘটিত হ’বলৈ প্ৰয়োজনীয় চৰ্ত দুটা লিখা। 

উত্তৰঃ (i) বস্তু এটাত বল প্রয়োগ হ’ব লাগিব। 

(ii) বস্তুটোৰ সৰণ হ’ব লাগিব।

7. বস্তু এটাৰ ওপৰত 5 N বল প্রয়োগ কৰা হৈছে। বলৰ দিশত বস্তুটোৰ 2m সৰণ হ’ল। কাৰ্য কি হ’ব? 

উত্তৰঃ  W = F × S

= 5N x 2m 

= 10NM

= 10 জুল।

8. ঋণাত্মক কার্য কেতিয়া সংঘটিত হয়? 

উত্তৰঃ প্ৰয়োগ কৰা বলৰ দিশ সৰণৰ বিপৰীত হ’লে সম্পাদিত কার্য ঋণাত্মক হয়। 

9. ধনাত্মক কার্য কেতিয়া সংঘটিত হয়?

উত্তৰঃ প্ৰয়োগ কৰা বলৰ দিশ সৰণৰ দিশত থাকিলে সম্পাদিত কার্য ধনাত্মক হয়। 

10. শক্তিৰ বৃহত্তম উৎসটো কি?

উত্তৰঃ শক্তিৰ বৃহত্তম প্রাকৃতিক উৎস হৈছে সূৰ্য্য।

11. শক্তি আহৰণৰ উৎসবোৰ লিখা। 

উত্তৰঃ সূৰ্য, পৰমাণুৰ নিউক্লিয়াচ, ভূগৰ্ভ আৰু জোৱাৰৰ পৰা শক্তি আহৰণ কৰিব পাৰি। 

12. শক্তিৰ S. I. একক কি?

উত্তৰঃ জুল।

13. শক্তিৰ ডাঙৰ একক কি?

উত্তৰঃ কিল’জুল।

14. জুল আৰু কিল’জুলৰ সম্পৰ্কটো লিখা।

উত্তৰঃ 1 কিল’জুল = 1000 জুল।

15. শক্তিৰ প্ৰকাৰবোৰ লিখা।

উত্তৰঃ যান্ত্রিক শক্তি (স্থিতিশক্তি + গতিশক্তি), তাপশক্তি‚ ৰাসায়নিক শক্তি‚ বৈদ্যুতিক শক্তি আৰু পোহৰ শক্তি।

16. সুষম বেগ v, ভৰ m আৰু গতিশক্তি E হ’লে, ইহঁতৰ মাজৰ সম্পৰ্কটো কি হ’ব?

উত্তৰঃ E = 1 / 2 mv²

17. 15 Kg ভৰৰ বস্তু এটাই 4 ms⁻¹ সুষম বেগেৰে গতি কৰিছে। বস্তুটোৱে লাভ কৰা গতিশক্তি কিমান হ’ব?

উত্তৰঃ গতিশক্তি 

E = 1 / 2 mv²

= 1 / 2 × 15 × 4²

= 15 × 4 × 2

= 120J

18. স্থিতিশক্তি বুলিলে কি বুজা? 

উত্তৰঃ বস্তুৱে তাৰ অৱস্থান বা অবয়ব বিন্যাসৰ বাবে আহৰণ কৰা শক্তিক স্থিতিশক্তি বোলে।

19. m ভৰৰ বস্তু এটা মাটিৰ পৰা h  উচ্চতালৈ উঠাওতে কাৰ্য্যৰ পৰিমাণ কিমান হ’ব? 

উত্তৰঃ কাৰ্য w = mgh [g → মাধ্যকৰ্ষণিক ত্বৰণ ] 

20. শক্তিৰ সংৰক্ষণৰ সূত্ৰটো লিখা।

উত্তৰঃ শক্তিৰ ৰূপান্তৰ ঘটিলে মুঠ শক্তিৰ কোনো পৰিবৰ্তন নহয়। ইয়েই শক্তিৰ সংৰক্ষণ সূত্র। 

নাইবা

শক্তি সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। মাথো এটা শক্তিৰ পৰা আন এটা শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াকেই শক্তিৰ সংৰক্ষণ সূত্ৰ বোলে। 

21. স্থিতি শক্তি + গতিশক্তি = ______? 

উত্তৰঃ স্থিতিশক্তি + গতিশক্তি = ধ্রুবক।

22. স্থিতিশক্তি + গতিশক্তি = _____?

উত্তৰঃ  স্থিতিশক্তি + গতিশক্তি = যান্ত্রিক শক্তি।

23. ক্ষমতা কাক বোলে?

উত্তৰঃ কাৰ্য্য সম্পাদনৰ হাৰক ক্ষমতা বোলে। 

24. ক্ষমতাৰ S.I. একক কি?

উত্তৰঃ ৱাট।

25. ৱাটৰ মান কি?

উত্তৰঃ ৱাট = জুল ছেকেণ্ড⁻¹

বা ৱাট = JS⁻¹

26. ক্ষমতাৰ এটি ডাঙৰ এককৰ নাম লিখা।

উত্তৰঃ কিল’ৱাট।

27. ৱাট আৰু কিল’ৱাটৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ 1000 ৱাট = 1 Kilowatt

28. ৱাটৰ প্ৰতীক কি?

উত্তৰঃ W

29. কিল’ৱাট ঘণ্টা কি?

উত্তৰঃ শক্তিৰ ডাঙৰ একক।

30. কিল’ৱাট ঘণ্টা আৰু জুলৰ মাজৰ সম্পৰ্কটো লিখা।

উত্তৰঃ কিল’বাট ঘণ্টা = 3.6 × 10⁶J

31. বৈদ্যুতিক শক্তিত ইউনিট কাক বোলে?

উত্তৰঃ বৈদ্যুতিক শক্তিক ইউনিটত প্ৰকাশ কৰা হয়।

1 ইউনিট = 1 কিল’ৱাট ঘণ্টা।

32. 1 kwh কাক বোলে?

উত্তৰঃ 1kw হাৰত এঘণ্টাত ব্যয় হোৱা শক্তিক 1kwh

বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top