Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ

Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ and select need one.

Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ Solutions for All Subject, You can practice these here…

প্রশ্ন ৩। ৰচনাধর্মী প্রশ্ন

(ক) ফৰাচী বিপ্লৱৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

 উত্তৰ:- ১৭৮৯ খ্ৰীঃত ফ্রান্সত সংঘটিত বিপ্লৱক বিখ্যাত ফৰাচী বিপ্লৱ বুলি কোৱা হয়। এই বিপ্লৱ কোনো এটা নির্দিষ্ট কাৰণত হোৱা নাছিল। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, দার্শনিক আদি চিন্তাধাৰাই একেলগে ফৰাচী বিপ্লৱৰ ভেটি ৰচনা কৰিছিল। তলত এই বিপ্লৱৰ কাৰণসমূহ আলোচনা কৰা হ’ল—

(ক) সামাজিক কাৰণ :- অষ্টাদশ শতিকাৰ ফৰাচী দেশত প্ৰৱল শ্রেণী বিভাজন আছিল। প্রথম শ্ৰেণীৰ যাজক তথা উচ্চস্তৰীয় পুৰোহিতসকল আৰু দ্বিতীয় শ্রেণীৰ অভিজাত লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ তুলনাত নগণ্য আছিল যদিও এওঁলোকেই দেশৰ মুঠ মূলধনৰ এক-তৃতীয়াংশ ভোগ কৰিছিল। দেশৰ মুঠ জনসংখ্যাৰ ডেৰ শতাংশহে অভিজাত শ্ৰেণীৰ লোক হোৱা স্বত্বেও এওঁলোকেই সকলো ধৰণৰ সুবিধা আৰু মৰ্যাদাৰ অধিকাৰী আছিল। এওঁলোকে কৌশলেৰে সমাজৰ তৃতীয় শ্রেণীৰ অন্তৰ্ভূক্ত লোকসকলক ধন, সুবিধা তথা মর্যাদাৰপৰা আঁতৰাই ৰাখিছিল; কিন্তু সেই সময়ত ফ্ৰান্সৰ সমাজত তৃতীয় শ্ৰেণীত দেশৰ সৰহসংখ্যক শিক্ষিত লোক, শিল্পী, কাৰিকৰ আদি অন্তৰ্ভূক্ত আছিল আৰু এওঁলোকেই আছিল বিশাল ফৰাচী মধ্যবিত্ত শ্রেণীৰ সদস্য। সেইকাৰণে অপমানবোধৰ মাজত জীয়াই থকাতকৈ এওঁলোকে বিপ্লৱৰ পথকেই বাচি লৈছিল। 

(খ) অর্থনৈতিক কাৰণ :- ফৰাচী বিপ্লৱৰ সময়ত ৰাজকোেষ প্রায় উদং হৈ পৰিছিল। চতুৰ্দশ লুইয়ে কেইবাখনো যুদ্ধত লিপ্ত হৈ ৰাজভঁৰাল খালী কৰি পেলাইছিল। তেওঁৰ পিছৰ পঞ্চদশ লুইয়ে আকৌ কোনো ধৰণৰ নিয়ন্ত্ৰণ নৰখাকৈ ৰাজকোষৰ ধন ব্যয় কৰিছিল।

আকৌ সমাজৰ উচ্চশ্রেণীৰ লোকসকলে দেশৰ প্ৰায় তেত্রিছ শতাংশ মূলধন ভোগ কৰিছিল যদিও মুঠ কৰৰ মাত্ৰ চাৰি শতাংশহে এওঁলোকৰপৰা সংগৃহীত হৈছিল ; বাকী ছিয়ান্নব্বৈ শতাংশ কৰৰ বোজা আছিল সমাজৰ তৃতীয় শ্রেণীৰ লোকসকলৰ মূৰৰ ওপৰত।

সেই সময়ৰ কৰ সোধা বিষয়া সকলেও সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ চলাইছিল। যাজকসকলে স্বেচ্ছাই কৰ দিব লাগিছিল যদিও, তেওঁলোকে কৰ ফাকি দি স্বেচ্ছাই কৰ দানৰপৰা বিৰত আছিল আৰু ভুৱা হিচাপ দাখিল কৰিছিল।

(গ) ফৰাচী দার্শনিকসকলৰ লেখনীৰ প্ৰভাৱ :- নৱজাগৰণৰপৰাই ফৰাচী দেশত এক প্ৰৱল যুক্তিবাদৰ সৃষ্টি হৈছিল। মন্টেস্কু, ভল্টেয়াৰ, কছো আদি ফৰাচী দার্শনিকসকলৰ লেখনীত সততে জনসাধাৰণৰ কল্যাণৰ উপায় চৰ্চিত হৈছিল। এওঁলোকে ক্ষমতালোভী, সুবিধাভোগী লোকসকলৰ দুৰ্নীতি সম্পর্কে জনসাধাৰণক এক প্ৰকাৰ জাগ্ৰত কৰি তুলিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) অন্যান্য বিপ্লৱৰ প্ৰভাৱ :- ১৬৮৮ খ্রীষ্টাব্দৰ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ আৰু ১৭৭৬ খ্ৰীষ্টাব্দৰ আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ সফলতায়ো ফৰাচী বিপ্লৱীসকলক উৎসাহিত কৰিছিল।

(ঙ) তৎকালীন কাৰণ :- ৰজাৰ দ্বাৰা ষ্টেছ্ জেনেৰেল তথা সংসদৰ অধিৱেশন আহ্বানেই হ’ল ফৰাচী বিপ্লৱৰ তৎকালীন আৰু অন্যতম প্রধান কাৰণ৷ ১৭৫ বছৰৰ পিছত ৰজাই ষ্টেটছ্ জেনেৰেল আৰু সংসদ অধিবেশন আহ্বান কৰাৰ ফলত বিপ্লৱী মনোভাৱাপন্ন লোকসকলে ইয়াক ৰজাৰ দুৰ্বলতা বুলি ধৰি লৈছিল।

(চ) ৰাজনৈতিক কাৰণ :- ৰজাৰ স্বেচ্ছাচাৰিতা ফৰাচী বিপ্লৱৰ এটা মুখ্য কাৰণ। তেওঁলোকে ভগৱান প্রদত্ত ক্ষমতাৰ (Theory of Divine Right) বিশ্বাস কৰিছিল। চতুর্দশ লুইয়ে সগৌৰৱে ‘ময়েই বাষ্ট’ বুলি ঘোষণা কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত দুৰ্বল আৰু অকামিলা ৰজা পঞ্চদশ লুইয়ে ৰাজকাৰ্যতকৈ আমোদ-প্রমোদতহে অধিক গুৰুত্ব দিছিল। ১৭৭৪ চনত ফ্ৰান্সৰ সিংহাসনৰ অধিকাৰী হোৱা ষোড়শ লুই নামতহে ৰজা আছিল; তেওঁৰ পত্নী ৰাজনৈতিক জ্ঞানশূন্য মেৰীয়ে ৰাজকাৰ্যত হস্তক্ষেপ কৰি ৰাজ্যশাসনৰ মৰ্যাদা ক্ষুণ্ণ কৰিছিল। ৰজাই ভুল নীতিৰে নিজৰ সুবিধাৰ অনুকূলে আইন, বিশেষকৈ কৰ সম্পৰ্কীয় আইন নিৰ্ধাৰণ কৰিছিল। বিচাৰৰ ব্যৱস্থাও আছিল প্ৰৱল ত্রুটিপূর্ণ। অঞ্চলভেদে বেলেগ বেলেগ আইন প্রচলিত হৈছিল আৰু প্ৰতিপত্তিশীল লোকসকলে যাকে ইচ্ছা তাকে গ্রেপ্তাৰ কৰিব পাৰিছিল। এনেদৰে বহুতো কাৰণে ফৰাচী বিপ্লৱ সংঘটিত হোৱাৰ উপযুক্ত পৰিৱেশ গঢ়ি তুলিছিল।

Sl. No.Contents
Chapter 1আমেৰিকাৰ স্বাধীনতা যুদ্ধ
Chapter 2ফৰাচী বিপ্লৱ
Chapter 3শিল্প-বিপ্লৱ
Chapter 4ৰুছ-বিপ্লৱ
Chapter 5১৮৫৭ চনৰ ভাৰতৰ বিদ্রোহ
Chapter 6উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক উত্থান

(খ) ৰজাৰ স্বেচ্ছাচাৰিতা আৰু দার্শনিক-বুদ্ধিজীৱীসকলৰ লেখনীয়ে কেনেকৈ ফৰাচী বিপ্লৱীসকলক প্রভাৱিত কৰিছিল; আলোচনা কৰা।

উত্তৰ :- ফ্ৰান্সৰ বুৰবন বংশৰ ৰজাসকলে নিজকে ঈশ্বৰৰ প্ৰেৰিত দূত বুলি বিবেচনা কৰি নিজস্ব অভিকচি অনুসৰি দেশ শাসন কৰিছিল৷ এই শাসনৰ প্ৰধান উদ্যোক্তা আছিল চতুর্থ লুই। এওঁ অসাধাৰণ ব্যক্তিত্ব আৰু অফুৰন্ত কৰ্মশক্তিৰ অধিকাৰী আছিল আৰু এক দীঘলীয়া সময় ৰাজত্ব কৰিছিল। এওঁৰ দেশ শাসনৰ ‘কালছোৱাত দেশত বিশেষ বেমেজালিয়ে দেখা দিয়া নাছিল। কিন্তু তেওঁৰ পাছত সিংহাসন আৰোহণ কৰা পঞ্চদশ লুই এগৰাকী অপদাৰ্থ আৰু দুৰ্বল ৰজা আছিল। তেওঁৰ হৈ তেওঁৰ দুৰ্নীতিপৰায়ণ আৰু স্বাৰ্থলোভী বিষয়াবর্গইহে দেশ শাসন কৰিছিল। ফলত সকলো ফালৰপৰা দেশৰ অৱস্থা শোচনীয় হৈ পৰে। 

এওঁৰ মৃত্যুৰ পাছত এওঁৰ নাতিয়েক ষোড়শ লুই ৰজা হয়। কিন্তু ৰজাৰ দায়িত্ব পালন কৰিবলৈ এওঁৰ কোনো প্রয়াস নাছিল। তেওঁ দুৰ্বল, মূর্খ আৰু মেৰুদণ্ডহীন ৰজা হোৱাৰ বাবে ৰাজকাৰ্যৰ কোনো সিদ্ধান্ত নিজে ল’ব নোৱাৰিছিল। ৰজা একমাত্র বিশ্বাসী আছিল তেওঁৰ পত্নী মেৰি এণ্টয়নেট। এওঁ এগৰাকী ৰাজকন্যা আছিল যদিও তেওঁৰ কোনো ৰাজনৈতিক জ্ঞান নাছিল। কিন্তু ফৰাচী ৰাজকাৰ্যত তেওঁ সততে হস্তক্ষেপ কৰিছিল। দেশৰ চৰম বিত্তীয় সংকটৰ সময়তো তেওঁ লাহ বিলাসতে গুৰুত্ব দিছিল। ৰজা ৰাণীৰ ৰাজ্য শাসনৰ প্ৰতি থকা উদাসীনতা আৰু অক্ষমতাই লোকসকলক বিপ্লৱী কৰি তুলিছিল।

সপ্তদশ শতিকাৰ শেষ অষ্টাদশ শতিকাৰ আৰম্ভণিত ফ্ৰান্সত কেইবাগৰাকীও বিশ্ববিশ্রুত দাৰ্শনিকৰ আৱিৰ্ভাব হৈছিল। এওঁলোকে ফ্ৰান্সৰ সামাজিক জীৱনৰ অধ্যয়ন কৰি ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ হকে বহুতো উপায়-উপদেশ দাঙি ধৰিছিল। এই প্রথম শ্ৰেণীৰ দার্শনিকসকলৰ ভিতৰত মন্টেস্কু, ভল্টেয়াৰ, কচো, ভেনিছ, ডিডেৰ, জন এলেমবার্ট, বেৰন হ’লবাক আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। এওঁলোকৰ লেখনীয়ে ফ্ৰান্সৰ ৰাজনৈতিক সংস্কাৰ সাধনৰ বাবে পঢ়ুৱৈ সমাজক অনুপ্ৰেৰণা জগাইছিল। আমি জানো যে বিপ্লৱৰ সময়ছোৱাত ফৰাচী দেশৰ সমাজখন তিনিটা শ্ৰেণীত বিভক্ত আছিল আৰু তৃতীয় শ্ৰেণীৰ মধ্যবিত্ত লোকসকল আছিল যথেষ্ট শিক্ষিত। এওঁলোক প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ লোকসকলৰ দ্বাৰা শোষিত এই মধ্যবিত্ত শ্ৰেণীটোৱে দার্শনিকসকলৰ লেখনী অধ্যয়ন কৰি ফ্ৰান্সৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ পৰিৱৰ্তনৰ বাবে আশাবাদী হৈ উঠিছিল।

মণ্টেস্কু (১৬৮৯ খ্রীঃ—১৭৫৫ খ্ৰীঃ) :- বিশ্ববিখ্যাত গ্রন্থ ‘দ্য স্পিৰিট অৱ দ্য লজ’ৰ প্ৰণেতা মণ্টেস্কুৱে ফ্ৰান্সত সীমিত ৰাজতন্ত্র প্রতিষ্ঠাৰ পোষকতা কৰিছিল। তেওঁৰ মতে দেশৰ পৰিস্থিতিৰ লগত খাপ খুৱাই চৰকাৰ গঠিত হ’লেহে দেশবাসীৰ কল্যাণ সম্ভৱপৰ। তেওঁ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ওপৰত জোৰ দিছিল। তেওঁৰ মতে চৰকাৰত কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা – এই তিনিটা বিভাগে পৃথকে পৃথকে কার্য কৰা উচিত। ইয়াৰ যি কোনো দুটা বা তিনিওটা বিভাগৰ ক্ষমতা এজন ব্যক্তি বা এটা মাত্ৰ অনুষ্ঠানৰ হাতত অর্পিত হ’লে জনসাধাৰণৰ স্বাধীনতা বিপদাপন্ন হোৱাৰ আশংকা থাকে বুলি মণ্টেস্কুৱে দৃঢ় পোষণ কৰিছিল।

ভল্টেয়াৰ (১৬৯৪ খ্রী:- ১৭৭৮ খ্ৰীঃ) :- অষ্টাদশ শতিকাৰ খ্যাতনাম ফৰাচী দার্শনিক ভল্টেয়াৰৰ লেখনীয়ে ফ্ৰান্সৰ উপৰিও ইউৰোপৰ বহুত দেশৰ জনতাৰ অন্তৰত গভীৰভাৱে ৰেখাপাত কৰিছিল। তেওঁ প্ৰচলিত ধৰ্ম ব্যৱস্থা তথা যাজকসকলৰ দুৰ্নীতিৰ কঠোৰ সমালোচনা কৰিছিল। তেওঁ ফ্রান্স তথা ইউৰোপৰ ধর্মীয় দুর্নীতি, কুসংস্কাৰ, অন্ধবিশ্বাসৰ বিৰুদ্ধে গোটেই জীৱন প্ৰত্যাহ্বান জনাইছিল।

ভল্টেয়াৰে গণতন্ত্রক সমৰ্থন কৰা নাছিল যদিও স্বেচ্ছাচাৰিতাৰো বিৰুদ্ধাচৰণ কৰিছিল। তেওঁ প্ৰজাহিতৈষী ৰজাৰ শাসনেই উত্তম শাসন বুলি মত পোষণ কৰিছিল৷

কচো :- জিয়েন জেকুইন ৰুচোক ফৰাচী বিপ্লৱৰ জন্মদাতা বুলি কোৱা হয়। তেওঁ আছিল বিপ্লৱকালত জনপ্ৰিয়তাৰ শীৰ্ষত অৰোহণ কৰা দার্শনিক। তেওঁৰ ‘কন্‌ট্ৰাষ্ট ছচিয়েল’ বা ‘ছচিয়েল কনট্ৰেষ্ট’ নামৰ গ্ৰন্থত ফ্রান্স তথা ইউৰোপৰ অন্যান্য দেশতো প্ৰৱল আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁ কৈছিল যে দেশৰ সর্বাধিক সার্বভৌম ক্ষমতাৰ অধিকাৰী হৈছে দেশৰ জনসাধাৰণ আৰু জনসাধাৰণৰ মৰ বিৰুদ্ধে কাম কৰা ৰজাক জনতায়ে পদচ্যুত কৰিব পাৰে। তেওঁৰ এই মতবাদে তদানীন্তন বাজতন্ত্ৰৰ ‘ৰজাৰ ঈশ্বৰ প্রদত্ত ক্ষমতা’ৰ ধাৰণাৰ ভেঁটি কঁপাই তুলিছিল। 

ডিডেৰ’ আৰু এলেমবাৰ্ট :- ডিডেৰ’ আৰু এলেমবার্ট এখন বিশ্বকোষ প্রণয়ন কৰিছিল। এই বিশ্বকোষত তেওঁলোকৰ উপৰিও বিভিন্ন লেখকৰ শক্তিশালী প্ৰৱন্ধ প্রকাশিত হৈছিল। এই লেখনীবিলাকত ফ্রান্স আৰু অন্যান্য ইউৰোপীয় দেশৰ তদানীস্তন ধর্মীয়, সামাজিক, ৰাষ্ট্ৰীয় দুৰ্নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰা হৈছিল। এইবোৰেও ফৰাচী বিপ্লৱৰ পটভূমি ৰচনাত বিশেষভাৱে অৰিহণা আগবঢ়াইছিল।

(গ) ফ্ৰান্সৰ জাতীয় সভাৰ কাৰ্যাৱলীৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰ :-  ফ্ৰান্সত অৰাজকতা চলি থকা অৱস্থাত তৃতীয় সম্প্ৰদায়ৰ নেতৃত্বত জাতীয় সভা গঠন কৰা হয়। ফ্রান্সত সামন্তবাদৰ অস্ত পৰে আৰু উচ্চ সম্প্রদায়ক দিব লগা কৰৰ বোজাৰপৰা তৃতীয় সম্প্ৰদায়ৰ লোকসকল মুক্ত হ’ল। ফ্রান্সত পুৰণি শাসন ব্যৱস্থাৰ অন্ত পৰে আৰু প্ৰথমবাৰৰ বাবে সমতা স্থাপন হয়।

জাতীয় সভাৰ এক গুৰুত্বপূৰ্ণ কাম হ’ল জনসাধাৰণৰ মৌলিক অধিকাৰ সম্পর্কীয় এখন ঘোষণা পত্ৰ গ্ৰহণ। আমেৰিকাৰ বিপ্লৱীসকলৰ আৰ্হিত ৰচিত এই ঘোষণা পত্ৰখন ‘মানৱ আৰু নাগৰিক অধিকাৰ ঘোষণা’ (Declaration of the Rights of Man and Man the Citizen) বুলি কোৱা হয়। ঘোষণা পত্ৰখনত আইনৰ চকুত সমতা, বাক্‌স্বাধীনতা, সংবাদপত্ৰৰ স্বাধীনতা, ধৰ্ম পালনৰ স্বাধীনতা, নিয়মতান্ত্রিক বিচাৰ আদি বিষয় সন্নিৱিষ্ট কৰা হয়।

জাতীয় সভাৰ দ্বিতীয় গুৰুত্বপূৰ্ণ কাম হ’ল প্ৰশাসনীয় সংস্কাৰ। পুৰণি শাসন ব্যৱস্থা তুলি দি তাৰ ঠাইত প্রায় সমান সমানকৈ সমগ্ৰ ফ্ৰান্সক ৮৩টা ‘ডিপার্টমেন্ট’ বা প্ৰদেশত ভাগ কৰা হয়। প্রত্যেক ডিপার্টমেন্ট বা প্রদেশক কিছুমান ‘কেন্টন’ বা জিলাত আৰু জিলাবোৰক ‘কমিউন’ত ভাগ কৰা হয়। এই শাসনকেন্দ্ৰবোৰৰ শাসনকর্তাসকলক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা ব্যৱস্থা লোৱা হয়।

জাতীয় সভাৰ আন এক উল্লেখনীয় কাম হৈছে আর্থিক সংস্কাৰ। আর্থিক দুৰৱস্থাই আছিল ফৰাচী বিপ্লৱৰ এটা প্ৰধান কাৰণ। এই আর্থিক দুৰৱস্থা আঁতৰাবলৈ বিপ্লৱী সদস্যসকলে গীৰ্জাৰ বিপুল সা সম্পত্তি বাজেয়াপ্ত কৰি তাৰ ঠাইত এছাইনেট (Assignat) নামৰ এবিধ কাগজী মুদ্ৰাৰ প্ৰচলন কৰে। ইয়াৰ পাছত সভাই ধর্মসহিষ্ণুতা নীতি গ্ৰহণ কৰি কেথলিক গীৰ্জাৰ পূৰ্বৰ মৰ্যাদা বিনষ্ট কৰিলে। ধর্মযাজকসকলক চৰকাৰী কৰ্মচাৰীত পৰিণত কৰা হ’ল।

জাতীয় সভাৰ সৰ্বশেষ কাৰ্য হ’ল সংবিধান ৰচনা। ১৭৯১ চনত ৰচিত হোৱা সংবিধানখনেই হৈছে’ ইউৰোপ মহাদেশৰ প্ৰথম লিখিত সংবিধান। এই সংবিধানখন মন্টেস্কু’ব ক্ষমতা বিভাজন মতবাদৰ ওপৰত প্রতিষ্ঠিত। সেই মতে, বিধানমণ্ডল, কার্যপালিকা আৰু ন্যায়পালিকা—এই তিনিটা পৃথক কৰা হয়। বিধায়িনী ক্ষমতা দুবছৰৰ বাবে এক সদনযুক্ত বিধানসভাৰ ওপৰত ন্যস্ত কৰা হ’ল। কাৰ্যপালিকাৰ ক্ষমতা বুৰবন ৰজাৰ হাততে অৰ্পণ কৰা হ’ল আৰু তেওঁৰ ক্ষমতা সীমিত কৰা হ’ল। ন্যায়পালিকা বিভাগো নতুনকৈ গঠন কৰাৰ প্ৰস্তাৱ লোৱা হয়। বিচাৰকসকলক নিৰ্বাচনৰদ্বাৰা নিয়োগ কৰি তেওঁলোকৰ কাৰ্যকাল দুবছৰৰপৰা চাৰিবছৰলৈ বৃদ্ধি কৰা হয়।

১৭৮৯ চনৰপৰা ১৭৯১ চনলৈ এই দুবছৰৰ ভিতৰত জাতীয় সভাৰ সদস্যসকলে ফ্রান্সত আমূল পৰিৱৰ্তন সাধন কৰে। এওঁলোকৰ কার্যাৱলীত খুঁত আছিল যদিও অনভিজ্ঞ লোকৰদ্বাৰা অতি কম সময়ৰ ভিতৰত এখন নতুন ফ্রান্স গঠন কৰিব পৰাটো তেওঁলোকৰ মহান কৃতিত্ব বুলি ক’ব পাৰি।

(ঘ) ফৰাচী বিপ্লৱৰ ফলাফলবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰ :- ১৭৮৯ চনৰ ফৰাচী বিপ্লৱে বহুতো পৰিৱৰ্তনৰ সূচনা কৰিছিল।

(১) এই বিপ্লৱে স্বেচ্ছাচাৰী ৰাজতান্ত্রিক ব্যৱস্থাৰ অৱসান ঘটালে। ৰজাৰ ঈশ্বৰ প্রদত্ত ক্ষমতাৰ ধাৰণা বিলুপ্ত হ’ল। ৰজাৰ ক্ষমতা সম্পূর্ণ কমি গ’ল৷ এই বিপ্লৱে ফ্ৰান্সত সম্পূৰ্ণকৈ প্ৰতিষ্ঠা কৰিব নোৱাৰিলেও গণতান্ত্রিক আদর্শ প্রতিষ্ঠিত হ’ল।

(২) ফৰাচী বিপ্লৱে ফ্ৰান্সৰ শ্ৰেণী-বৈষম্য আঁতৰালে। ঝচোৰ আদৰ্শেৰে উদ্বুদ্ধ হৈ ফ্রান্সবাসীয়ে সম্পত্তিৰ ভেটিত সৃষ্টি হোৱা প্ৰভেদ নাইকিয়া কৰিবলৈ উঠি পৰি লাগিল ৷ জাতীয় সভাই বিশেষ অধিকাৰপ্ৰাপ্ত যাজক আৰু অভিজাত সম্প্রদায় দুটাৰ লগত তৃতীয় সম্প্ৰদায়ৰ মাজত থকা বৈষম্য আঁতৰাই সামাজিক ন্যায় প্রতিষ্ঠা কৰিলে। নতুন সংবিধানে মানুহক নিজা সম্পত্তিৰপৰা বঞ্চিত কৰাটো ৰোধ কৰিলে। অভিজাত আৰু যাজকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰি দুখীয়া শ্ৰেণীক উছৰ্গা কৰা হ’ল।

(৩) ফৰাচী বিপ্লৱে ফ্ৰান্সত সামন্তবাদৰ অৱসান ঘটালে। কৃষকসকলে নিজৰ কচি আৰু সামৰ্থ অনুসৰি খেতি কৰিবলৈ সক্ষম হ’ল। তেওঁলোকে তিনি তৰপীয়া কৰ প্ৰদানৰপৰাও মুক্ত হ’ল।

(৪) ফৰাচী বিপ্লৱে ফ্ৰান্সৰ ধৰ্মীয় চৰিত্ৰ সলনি কৰি পেলালে। যাজকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ফলত তেওঁলোকেৰ প্রতিপত্তি নাইকিয়া হ’ল। বাষ্ট্রই ধর্ম বিষয়ত হস্তক্ষেপ কৰা আৰু ৰাষ্ট্ৰীয় ধৰ্মৰ পোষকতা কৰাও বন্ধ হ’ল।

৫) এই বিপ্লৱে ফ্ৰান্সৰ উপৰিও ইউৰোপৰ অন্যান্য দেশৰ জনসাধাৰণকৌ মুক্তিব আদর্শ দেখুৱালে। এইবোব দেশৰ জনসাধাৰণ সচেতন হৈ উঠাত ৰজাসকলে জনতাৰ কাৰণে কল্যাণকৰ কাৰ্য হাতত ল’বলৈ বাধ্য হ’ল। 

(৬) ফৰাচী বিপ্লৱে এজন সৰ্বকালৰ অন্যতম মহান নেতাৰ জন্ম দিলে এইজন হ’ল নেপোলিয়ন বোনাপার্ট। বিপ্লৱৰ পাছত ফ্ৰান্সত বহুতো খেলিমেলি উদ্ভৱ হৈছিল বাবে জনসাধাৰণে এজন শক্তিশালী নেতাৰ অভাৱ অনুভ কৰিছিল। এই অভাৱ নেপোলিয়নে দূৰ কৰিছিল। 

(ঙ) নেপোলিয়নে কেনেকৈ ফ্ৰাসত ক্ষমতা হস্তগত কৰিছিল সেই বিষয়ে চমু আভাস দিয়া ৷

উত্তৰ :-  ফ্রান্স দেশৰ এগৰাকী প্রতিভাশালী পুৰুষ হৈছে নেপোলিয়ন বোনাপাৰ্ট। এওঁৰ নেতৃত্বত ফৰাচী বিপ্লৱৰ গতিপথ সলনি হৈছিল। নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হয় ভূমধ্যসাগৰৰ কৰ্ছিকা নামৰ এটা সৰু দ্বীপত। বাল্যকালত তেওঁৰ স্বপ্ন আছিল নিজ মাতৃভূমিক বিদেশী ফৰাচী শাসনৰপৰা মুক্ত কৰা, কিন্তু ফৰাচী বিপ্লৱ আৰম্ভ হোৱাৰপৰা তেওঁৰ দৃষ্টি সুদূৰপ্ৰসাৰী হৈ পৰিল। শিক্ষা সাং কৰি নেপোলিয়নে ফৰাচী সৈন্যবাহিনীত যোগদান কৰে আৰু নিজৰ সাহস আৰু দক্ষতাৰ পৰিচয় দাঙি ধৰে। 

তেওঁ ইংৰাজ বাহিনী, পেৰিছ কমিউন আদিৰ লগত যুদ্ধ কৰি নিজৰ সামৰিক প্ৰতিভাৰ পৰিচয় দিয়ে। ইয়াৰ পিছত ইটালী, অষ্ট্রিয়া, আদিত সামৰিক সফলতা লাভ কৰি ইংৰাজ বাহিনী উচ্ছেদ কৰিবলৈ ইজিপ্তলৈ যায় আৰু ইংৰাজ সেনাপতি লৰ্ড নেলচনৰ হাতত নীল নদৰ যুদ্ধত পৰাস্ত হৈ বহুত দিন সন্ধানহীন হয়। ১৭৯৯ চনৰ শেষৰফালে তেওঁ পুনৰ দেশলৈ উভতি আহে আৰু ফ্ৰান্সৰ ডাইৰেক্টৰিব কুশাসনৰ অন্ত পেলাই কনছুলেট নামৰ এক নতুন শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰে। নেপোলিয়নৰ বলপূর্বক ক্ষমতা দখলৰ কাৰ্য ১৮ ক্ৰমেয়াবৰ ঘটনা নামে জনাজাত।

ডাইৰেক্টৰি শাসনৰ বিফলতাই ফ্ৰান্সত একনায়কত্ববাদী শাসনৰ পথ প্রশস্ত হয়। ক্ৰমেয়াৰৰ ঘটনাৰ পাছত এখন নতুন সংবিধান প্ৰৱৰ্তন কৰা হয়। সংবিধানখনৰ মতে তিনিজন কনছালৰ হাতত দেশৰ সৰ্বোচ্চ ক্ষমতা অর্পণ কৰা হয়। নেপোলিয়ন হ’ল প্রথম কনছাল আৰু লাহে লাহে তেওঁৰ ক্ষমতা বৃদ্ধি পাই যোৱাত ১৮০৪ চনত ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰি সম্রাট নেপোলিয়ন নামে প্রসিদ্ধ হয়। শাসন কার্যত দেখুওৱা সফলতা আৰু কৃতিত্বৰ বাবে জনসাধাৰণে তেওঁক আদৰি লয়। তেওঁ নিজকে ‘বিপ্লৱৰ সন্তান’ হিচাপে ঘোষণা কৰে যদিও ব্যক্তি স্বাধীনতা দিয়া নাছিল। নিজ প্রতিভাৰ বলেতে তেওঁ ক্ষমতা লাভ কৰিছিল আৰু আনৰ প্ৰতিভাকো স্বীকৃতি দিছিল। ফ্ৰান্সৰ আইন সংশোধন কৰি সামাজিক ক্ষেত্ৰত ন্যায়প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।

বৈদেশিক ক্ষেত্ৰত তেওঁ অনাহকতে ইউৰোপৰ বিভিন্ন দেশৰ সৈতে যুদ্ধত প্রবৃত্ত হৈ নিজৰ পতনৰ পথ মুকলি কৰিছিল। ইংলেণ্ডৰ নেতৃত্বত সমগ্র ইউৰোপৰ দেশসমূহ একত্ৰিত হৈ নেপোলিয়নৰ বিপক্ষে থিয় দিয়ে। অৱশেষত ৱাটাৰলু যুদ্ধত নেপোলিয়নৰ পৰাজয় ঘটে। তেওঁ ইংৰাজৰ হাতত আত্মসমর্পণ কৰে। ছেণ্টহেলেনা নামৰ এটা দ্বীপত তেওঁক জীৱনৰ বাকী কালছোৱা বন্দী কৰি থয়। ১৮২১ চনৰ ৫ মে’ তাৰিখে বন্দী অৱস্থাতে নেপোলিয়নে মৃত্যুবৰণ কৰে।

7 thoughts on “Class 9 History Elective Chapter 2 ফৰাচী বিপ্লৱ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top