Class 9 Elective Home Science Chapter 4 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Class 9 Elective Home Science Chapter 4 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Questipon Answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Home Science Chapter 4 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Notes, Elective Home Science Class 9 SEBA Notes in Assamese Medium and select need one.

Class 9 Elective Home Science Chapter 4 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Home Science Chapter 4 বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ Solutions for All Chapters, You can practice these here.

বস্ত্ৰ আৰু পোছাক-পৰিচ্ছদ

Chapter – 4

TEXTUAL QUESTION ANSWER

১। খালী ঠাই পূৰণ কৰা:

(ক) সাজ-পাৰে শৰীৰৰ ___________ বৃদ্ধি কৰে।

উত্তৰঃ সাজ-পাৰে শৰীৰৰ আকৃতি বৃদ্ধি কৰে।

(খ) সাজ-পাৰে শাৰীৰিক আৰু মানসিক _________ সম্পাদনত সহায় কৰে।

উত্তৰঃ সাজ-পাৰে শাৰীৰিক আৰু মানসিক স্বাস্থ্য সম্পাদনত সহায় কৰে।

(গ)________ অনুসৰি সাজ-পাৰ বেলেগ বেলেগ হয়।

উত্তৰঃ সময় অনুসৰি সাজ-পাৰ বেলেগ বেলেগ হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) কপাহী আৰু লিনেন কাপোৰে _______ শুহি ল’ব পাৰে।

উত্তৰঃ কপাহী আৰু লিনেন কাপোৰে গাম শুহি ল’ব পাৰে।

(ঙ) আঁহ আৰু তত্ত্বৰ মাজত _______তাৰতম্য আছে।

উত্তৰঃ আঁহ আৰু তত্ত্বৰ মাজত মূলগত তাৰতম্য আছে।

(চ) কাপোৰ ধোৱাৰ আগতে _______ আঁতৰাব লাগে।

উত্তৰঃ কাপোৰ ধোৱাৰ আগতে ডাঠ মাটিবালি আঁতৰাব লাগে।

(ছ) অচিনাক্ত দাগ আঁতৰাবলৈ সৰ্বপ্ৰথমে ________ ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ অচিনাক্ত দাগ আঁতৰাবলৈ সৰ্বপ্ৰথমে ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে।

(জ) পানীত তিয়ালে দাগ _________আঁতৰি যোৱাত সহায় কৰে।

উত্তৰঃ পানীত তিয়ালে দাগ অপসাৰণ আঁতৰি যোৱাত সহায় কৰে।

(ঝ) দাগ __________বস্তুৰ পৰা কাপোৰৰ পৃষ্ঠত সৃষ্টি হোৱা এক চিহ্ন।

উত্তৰঃ দাগ বহিৰাগত সংস্পৰ্শত বস্তুৰ পৰা কাপোৰৰ পৃষ্ঠত সৃষ্টি হোৱা এক চিহ্ন।

(ঞ) দাগ ____________মুহূৰ্তত আঁতৰাবলৈ সহজ।

উত্তৰঃ দাগ তাৎক্ষণিকভাৱে মুহূৰ্তত আঁতৰাবলৈ সহজ।

(ট) ৰঙৰ দ্বাৰা _________আদি দাগ চিনাক্ত কৰিব পাৰি।

উত্তৰঃ ৰঙৰ দ্বাৰা দাগৰ বৰণ, ঘ্ৰাণ,আৰু স্পৰ্শ আদি দাগ চিনাক্ত কৰিব পাৰি।

(ঠ) চৰ্বীৰ দাগ ____________ৰ দ্বাৰা আঁতৰাব পাৰি।

উত্তৰঃ চৰ্বীৰ দাগ দ্ৰাৱক আৰু শোষক ৰ দ্বাৰা আঁতৰাব পাৰি।

(ড) তৰকাৰীৰ দাগ _________ দ্বাৰা চিনাক্ত কৰিব পাৰি।

উত্তৰঃ তৰকাৰীৰ দাগ হালধী দ্বাৰা চিনাক্ত কৰিব পাৰি।

(ঢ) কণীৰ এলবুমিন অংশৰ দাগ _________ দ্বাৰা চিনাক্ত কৰিব পাৰি।

উত্তৰঃ কণীৰ এলবুমিন অংশৰ দাগ uv আলো দ্বাৰা চিনাক্ত কৰিব পাৰি।

২। চমু উত্তৰ দিয়া:

(ক) মানৱ জীৱনৰ অপৰিহাৰ্য মৌলিক উপাদানসমূহ কি কি?

উত্তৰঃ অন্ন, বস্ত্র, বাসস্থান- এই তিনিটা মানৱ জীৱনৰ অপৰিহাৰ্য মৌলিক উপাদান।

(খ) আঁহ আৰু তত্ত্বৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ সুতা উৎপাদনৰ মূল আহিলাকে আঁহ আৰু তত্ত্ব বোলা হয়। আঁহ আৰু তত্ত্বৰ মাজত দীঘৰ তাৰতম্য আছে। আঁহ (Staple fibre) বোৰ চুটি। সাধাৰণতে ০.৫ চেন্টিমিটাৰৰ পৰা ৫৬ চেন্টিমিটাৰলৈ দীঘল হ’ব পাৰে। চিল্কৰ বাহিৰে প্ৰকৃতিৰ পৰা পোৱা আন আঁহবোৰ এই শ্ৰেণীৰ। বস্ত্ৰৰ প্ৰস্তুতকৰণৰ আৰম্ভণি পৰাই অকল প্রাকৃতিক সূতাৰ কাপোৰ তৈয়াৰ কৰা হৈছিল। সেইবোৰ হৈছে- কপাহী, লিনেন, উল আৰু চিল্ক। কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে আজিৰ মানুহে দৈর্ঘ্যত দীঘল বহু ধৰণৰ কৃত্ৰিম তত্ত্ব প্ৰস্তুত কৰিবলৈ ল’লে। মানৱসৃষ্ট তত্ত্ব (Filament) বোৰ দীঘল হোৱাৰ বাবে ইয়াৰপৰা প্ৰস্তুত কৰা কাপোৰ উজ্জ্বল আৰু মিহি হয়। বয়ন আঁহ হ’বলৈ হ’লে কিছুমান সাধাৰণ ধৰ্ম বহন কৰিব লাগে। সেইবোৰ হৈছে- দৈর্ঘ্য (Length), শক্তি (Strength), সুক্ষ্মতা (Fit- ness), নমনীয়তা (Pliability), সমনতা (Uniformity), স্থিতিস্থাপকতা (Resiliency), সংবদ্ধতা (Cohesiveness), সছিদ্রতা (Porosity)। 

(গ) সূতাৰ আঁহত থাকিবলগীয়া ধর্মসমূহ কি কি?

উত্তৰঃ সূতাৰ আঁহত থাকিবলগীয়া ধর্মসমূহ হৈছে – দৈর্ঘ্য (Length), শক্তি (Strength), সুক্ষ্মতা (Fit- ness), নমনীয়তা (Pliability), সমনতা (Uniformity), স্থিতিস্থাপকতা (Resiliency), সংবদ্ধতা (Cohesiveness), সছিদ্রতা (Porosity)। এই ধৰ্মবোৰৰ উপৰি কীট-পতংগৰ আক্ৰমণৰপৰা ৰক্ষা কৰিব পৰা ক্ষমতা, বৰমোঁহাৰপৰা ৰক্ষা পাব পৰা ক্ষমতা আদি থাকিব লাগিব। 

(ঘ) উদ্ভিজ আঁহ কাক বোলে? ইয়াৰ ভাগসমূহ কি কি?

উত্তৰঃ উদ্ভিদৰ বিভিন্ন অংশৰপৰা প্ৰস্তুত কৰা আঁহকেই উদ্ভিজ আঁহ বোলে। উদ্ভিজ আঁহসমূহক তিনি ভাগত ভাগ কৰা হৈছে। 

ভাগকেইটা হ’ল-

(i) গুটি আঁহ (Seed fibre) – কপাহ, শিমলু।

(ii) গা-গছৰ আঁহ (Bust fibre) – শণ, মৰাপাট, ৰেমি।

(iii) পাতৰ আঁহ (Leaf fibre) – কেতেকী, মাটিকঠাল।

(ঙ) কৃত্রিম আঁহ বুলিলে কি বুজা?

উত্তৰঃ কৃত্রিম আঁহ বুলি ক’লে প্রকৃত অৰ্থত আমি পৰীক্ষাগাৰত বিভিন্ন মৌলৰ ধাৰাবাহিক হিচাপে বিশ্লেষণ কৰি তৈয়াৰ কৰা আঁহকে বুজোঁ। 

(চ) ফ্লানেলেট কাপোৰ কি সূতাৰ অন্তৰ্গত? এই কাপোৰ কোন সময়ৰ বাবে উপযোগী?

উত্তৰঃ ফ্লানেলেট কাপোৰ কপাহী সূতাৰে তৈয়াৰ কৰা হয়। এই কাপোৰ শীতকাল সময়ৰ বাবে উপযোগী।

(ছ) উল প্রস্তুত কৰিব পৰা বিভিন্ন জন্তুবোৰ কি কি?

উত্তৰঃ ভেড়াৰ নোমৰ পৰাই ঊল তৈয়াৰ হয় বুলি জনা যায় যদিও আলপাকা, লেমা, এংগোৰা শহা, এংগোৰা ছাগলী, কাশ্মীৰী ছাগলী, মেৰিনো ভেড়া, ভিকুনা আদি বিভিন্ন ঠাইৰ নোমাল জন্তুৰ পৰাও উল প্রস্তুত কৰিব পাৰি।

(জ) সূতা কি? ইয়াৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ বহুতো আঁহ একেলগে কৰিলে যি বস্তুৰ প্রস্তুত হয় সেইটোৱেই হৈছে সূতা। সূতা দুটা ভাগত ভাগ কৰা হৈছে। 

সেইকেইটা হল –

১। সৰল সূতা।

২। আলংকৰিক সূতা।

(ঝ) বস্ত্ৰ প্ৰস্তুত কৰাৰ বিভিন্ন পদ্ধতিসমূহ উল্লেখ কৰা।

উত্তৰঃ বস্ত্ৰ প্ৰস্তুত কৰিবলৈ বোৱন, গোঠন, ক্রচেটিং, ফেলটিং আদি পদ্ধতি ব্যৱহাৰ কৰা হয়।

(ঞ) প্রাকৃতিক আঁহ বুলিলে কি বুজা?

উত্তৰঃ আমি প্ৰকৃতিৰ বিভিন্ন উৎস যেনে – উদ্ভিদ জগত, প্রাণী জগত আৰু খনিজ সম্পদৰ পৰা এনে সুক্ষ্ম আঁহৰ গঠন পাওঁ যাৰ সহায়ত সূতা কাটি, কাপোৰ তৈয়াৰ কৰি পোছাক-পৰিচ্ছদ তৈয়াৰ কৰা হয় আৰু আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰকৃতিৰ পৰাই এইবোৰ আঁহে সূতা কাটি কাপোৰ তৈয়াৰ কৰিবলৈ আৱশ্যকীয় সকলো ধৰ্ম্ম বহন কৰি আনে। এনে আঁহকে প্রাকৃতিক আঁহ বুলি কোৱা হয়।

(ট) প্রাকৃতিক আঁহৰ উৎস কি কি?

উত্তৰঃ প্রাকৃতিক আঁহৰ উৎসসমূহ হল উদ্ভিদ জগত, প্রাণী জগত আৰু খনিজ সম্পদৰ পৰা এনে সুক্ষ্ম আঁহৰ গঠন পাওঁ যাৰ সহায়ত সূতা কাটি, কাপোৰ তৈয়াৰ কৰি পোছাক-পৰিচ্ছদ তৈয়াৰ কৰা হয় আৰু আমি ব্যৱহাৰ কৰিব পাৰোঁ।

(ঠ) প্রাকৃতিক আৰু কৃত্রিম আঁহৰ পাৰ্থক্য দেখুওৱা।

উত্তৰঃ প্রাকৃতিক আঁহ: আমি প্ৰকৃতিৰ বিভিন্ন উৎস যেনে – উদ্ভিদ জগত, প্রাণী জগত আৰু খনিজ সম্পদৰ পৰা এনে সুক্ষ্ম আঁহৰ গঠন পাওঁ যাৰ সহায়ত সূতা কাটি, কাপোৰ তৈয়াৰ কৰি পোছাক-পৰিচ্ছদ তৈয়াৰ কৰা হয় আৰু আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰকৃতিৰ পৰাই এইবোৰ আঁহে সূতা কাটি কাপোৰ তৈয়াৰ কৰিবলৈ আৱশ্যকীয় সকলো ধৰ্ম্ম বহন কৰি আনে। এনে আঁহকে প্রাকৃতিক আঁহ বুলি আখ্যা দিয়া হয়। আঁহৰ সাধাৰণ ধৰ্ম্মসমূহ হৈছে দৈর্ঘ্য, শক্তি, মসৃণতা, উজ্জ্বলতা, ভাঁজ গ্রহিতা, সংবন্ধন ক্ষমতা, তাপ পৰিবাহিতা, বিদ্যুৎ পৰিবাহিতা, জলীয় বাষ্প শোষণ ক্ষমতা, নমনীয়তা, স্থিতিস্থাপকতা ইত্যাদি।

কৃত্রিম আঁহ: কৃত্রিম আঁহ বুলি ক’লে প্রকৃত অৰ্থত আমি পৰীক্ষাগাৰত বিভিন্ন মৌলৰ ধাৰাবাহিক হিচাপে বিশ্লেষণ কৰি তৈয়াৰ কৰা আঁহকে বুজোঁ। এই প্রণালীত মৌলসমূহৰ বিশ্লেষণ ঘটাই এটা ডাঙৰ মৌল তৈয়াৰ কৰা হয় আৰু ইয়াক সৰু সৰু ফুটা থকা স্পিনাৰেটৰ মাজেৰে পাৰ কৰি তত্ত্ব আকাৰে তৈয়াৰ কৰা হয় আৰু আৱশ্যক অনুযায়ী চুটিকে কটা হয়। সকলো কৃত্রিম আঁহ থার্মপ্লাষ্টিক অর্থাৎ এনে আঁহ তাপৰ সংস্পৰ্শত আহিলে প্রথমতে কোমল হয় আৰু লাহে লাহে গলি ধৰে। অধিক সময় থাকিলে গলি জ্বলিবলৈ আৰম্ভ কৰে। সকলো কৃত্রিম আঁহে তাপৰ কু-পৰিবাহী, এই আঁহৰ কাপোৰ গৰম জলবায়ুৰ বাবে আমনিদায়ক।

(ড) খনিজ আঁহৰ কাপোৰ আমি কি কি কামত ব্যৱহাৰ কৰিব পাৰো।

উত্তৰঃ খনিজ আঁহৰ কাপোৰ আমি তলৰ দিয়া কামত ব্যৱহাৰ কৰিব পাৰো।

১। অগ্নি প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থকাৰ বাবে জুই নুমুৱাৰ সময়ত এই কাপোৰ পৰিধান কৰা দেখা যায়। 

২। নাটঘৰৰ স্ক্ৰীণ হিচাপেও এই কাপোৰ ব্যৱহাৰ কৰা হয়।

৩। সাগৰৰ পাৰৰ আৱাসী অঞ্চলত পৰ্দাৰ বাবে ব্যৱহাৰ কৰা হয়, সাগৰীয় বতাহ নিমখীয়া হোৱা বাবে এনে কাপোৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে।

(ঢ) কৃত্রিম আঁহৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ কৃত্রিম আঁহ বুলি ক’লে প্রকৃত অৰ্থত আমি পৰীক্ষাগাৰত বিভিন্ন মৌলৰ ধাৰাবাহিক হিচাপে বিশ্লেষণ কৰি তৈয়াৰ কৰা আঁহকে বুজোঁ। এই প্রণালীত মৌলসমূহৰ বিশ্লেষণ ঘটাই এটা ডাঙৰ মৌল তৈয়াৰ কৰা হয় আৰু ইয়াক সৰু সৰু ফুটা থকা স্পিনাৰেটৰ মাজেৰে পাৰ কৰি তন্তু আকাৰে তৈয়াৰ কৰা হয় আৰু আৱশ্যক অনুযায়ী চুটিকে কটা হয়।

(ণ) প্রাকৃতিক আঁহৰ তালিকা প্রস্তুত কৰা।

উত্তৰঃ আমি প্ৰকৃতিৰ বিভিন্ন উৎস যেনে উদ্ভিদ জগত, প্রাণী জগত আৰু খনিজ সম্পদৰ পৰা এনে সুক্ষ্ম আঁহৰ গঠন পাওঁ যাৰ সহায়ত সূতা কাটি, কাপোৰ তৈয়াৰ কৰি পোছাক-পৰিচ্ছদ তৈয়াৰ কৰা হয় আৰু আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰকৃতিৰ পৰাই এইবোৰ আঁহে সূতা কাটি কাপোৰ তৈয়াৰ কৰিবলৈ আৱশ্যকীয় সকলো ধৰ্ম্ম বহন কৰি আনে। এনে আঁহকে প্রাকৃতিক আঁহ বুলি আখ্যা দিয়া হয়। আঁহৰ সাধাৰণ ধৰ্ম্মসমূহ হৈছে দৈর্ঘ্য, শক্তি, মসৃণতা, উজ্জ্বলতা, ভাঁজ গ্রহিতা, সংবন্ধন ক্ষমতা, তাপ পৰিবাহিতা, বিদ্যুৎ পৰিবাহিতা, জলীয় বাষ্প শোষণ ক্ষমতা, নমনীয়তা, স্থিতিস্থাপকতা ইত্যাদি। 

(ত) গৰম জলবায়ুৰ বাবে কেনে পোছাক আৰামদায়ক?

উত্তৰঃ গৰম দিনৰ কাপোৰসমূহে তাপ পৰিবাহিত কৰে, তাপ সংৰক্ষণ কৰি ৰাখিব নোৱাৰে। কপাহী, লিনেন আদি এই শ্ৰেণীৰ কাপোৰ। জহকালি আমাৰ শৰীৰৰ পৰা ওলোৱা ঘাম কপাহী, লিনেন কাপোৰে শুহি ল’ব পাৰে। কিন্তু কৃত্ৰিম আঁহৰ দ্বাৰা প্ৰস্তুত কৰা কাপোৰে ঘাম শুহি ল’ব নোৱাৰে। গতিকে কৃত্ৰিম কাপোৰ গৰম দিনৰ বাবে উপযোগী নহয়। পাটৰ কাপোৰৰ তাপ মোচন আৰু তাপ সংৰক্ষণ দুয়োটা ক্ষমতাই থকাৰ বাবে জাৰ-জহ দুয়োটা সময়ৰ বাবেই উপযোগী।

(থ) কৃত্রিম আঁহৰ কাপোৰৰ অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ কৃত্রিম আঁহৰ কাপোৰৰ অসুবিধাসমূহ হল –

১। সকলো কৃত্রিম আঁহ থার্মপ্লাষ্টিক অর্থাৎ এনে আঁহ তাপৰ সংস্পৰ্শত আহিলে প্রথমতে কোমল হয় আৰু লাহে লাহে গলিব ধৰে। অধিক সময় থাকিলে গলি জ্বলিবলৈ আৰম্ভ কৰে।

২। সকলো কৃত্রিম আঁহে তাপৰ কু-পৰিবাহী, এই আঁহৰ কাপোৰ গৰম জলবায়ুৰ বাবে আমনিদায়ক।

৩। কৃত্ৰিম আঁহৰ চৰ্বীৰ প্ৰতি আসক্তি বেছি। এই আঁহে এবাৰ চৰ্বী শোষণ কৰিলে আঁতৰাবলৈ কষ্টকৰ।

৪। এই আঁহৰ কাপোৰ সহজে বীজাণুৰ দ্বাৰা আক্ৰান্ত নহয়। আৰু সহজে বৰমোহি নাযায়। কীট পতঙ্গৰ আক্রমণো সহজে প্ৰতিৰোধ কৰিব পাৰি।

৫। এই আঁহৰ কাপোৰে উচ্চ উষ্ণতা সহিব নোৱাৰে বাবে এই আঁহৰ কাপোৰ বীজাণুনাশক কৰিব নোৱাৰি। সেয়েহে কাপোৰ ধোওঁতে প্ৰতিটো স্তৰতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে পুনৰ বীজাণুৰ দ্বাৰা আক্রান্ত নহয়।

(দ) প্রাণীজ আঁহৰ ধৰ্মসমূহ উল্লেখ কৰা।

উত্তৰঃ প্রাণীজ আঁহৰ ধৰ্মসমূহ হল –

১। এই আঁহৰ ঘনত্ব মধ্যমীয়া। সেয়েহে ওজনত পাতল আৰু ভ্ৰমণৰ সাজ-পোছাকৰ বাবে সুবিধাজনক।

২। সকলো প্রাণীজ আঁহ তাপৰ কু-পৰিবাহী, এনে আঁহৰ কাপোৰে তাপ পৰিবহন কৰিব নোৱাৰে। সেয়েহে এই কাপোৰ শীতকালৰ পোছাকৰ বাবে আৰামদায়ক। শীতকালত এনে আঁহৰ কাপোৰে শৰীৰৰ উষ্ণতা ধৰি ৰাখি শৰীৰক উম দিয়ে আৰু শীতৰ উপশম ঘটায়।

৩। এই আঁহ অতি নমনীয় আৰু স্থিতিস্থাপক, সেয়েহে এই আঁহৰ কাপোৰ সহজে সোঁত-মোচ নাখায় আৰু খালেও কিছু সময় ওলোমাই থ’লে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। এনে আঁহৰ কাপোৰ সামান্যভাৱে ইস্ত্রী কৰিলে বা নকৰিলেও হয়। এই গুণৰ বাবে প্রাণীজ আঁহৰ কাপোৰ শীতকালত ভ্ৰমণৰ সাজ- পোছাকৰ বাবে সুবিধাজনক।

৪। প্রাণীজ আঁহৰ ঊলৰ শক্তি কম, কিন্তু চিল্ক আঁহ অধিক শক্তিশালী। ঊল পানীত তিতিলে শতকৰা ৪০ ভাগ শক্তিৰ হ্রাস হয়। সেয়েহে এই আঁহৰ কাপোৰ সাৱধানেৰে ধুব লাগে। এনে আঁহৰ কাপোৰ শুষ্ক ধোৱন পদ্ধতিৰে ধূলে সুফল পোৱা যায়।

৫। এই আঁহে জলীয় বাষ্প অতি লাহে লাহে শোষণ কৰে আৰু লাহে লাহে এৰি দিয়ে। এই গুণৰ বাবে চিল্কৰ আঁহ গ্রীষ্ম কালতো ব্যৱহাৰ কৰিব পাৰি।

৬। এই আঁহে উচ্চ-উষ্ণতা সহিব নোৱাৰে। শুকান অৱস্থাত সোনকালে নষ্ট হয়। সেয়ে এনে আঁহৰ কাপোৰ সমভাৱে সেমেকা অৱস্থাত মৃদু উষ্ণতাত ইস্ত্রী কৰিব লাগে।

৭। এনে আঁহে ঘৰ্ষণ প্ৰতিৰোধ কৰিব নোৱাৰে। ঘৰ্ষণ প্রয়োগ কৰিলে এনে আঁহৰ কাপোৰ উৱলি নষ্ট হয়। ঊলৰ ক্ষেত্ৰত ঘৰ্ষণ প্রয়োগ কৰিলে জমাট বান্ধে। ঊলৰ জমাট কাপোৰ (felting) তৈয়াৰ কৰিবলৈ ঘৰ্ষণ পদ্ধতি প্রয়োগ কৰা হয়।

৮। শৰীৰৰ পৰা ওলোৱা ক্ষাৰুৱা ঘামে এই কাপোৰ নষ্ট কৰে।

৯। এই আঁহৰ কাপোৰ সাধাৰণতে বৰমোঁহি নাযায়, চিল্ক কাপোৰ বহুত দিন সেমেকি থাকিলে আৰু যদি মাৰ দিয়া থাকে, তেতিয়া নষ্ট হয় আৰু বৰমোঁহে।

১০। এই আঁহৰ কাপোৰ কীট-পতঙ্গৰ দ্বাৰা আক্ৰান্ত হয়, সেই বাবে সংৰক্ষণ কৰোঁতে সাৱধান হ’ব লাগে।

(ধ) থার্ম’প্লাষ্টিক আঁহ কি?

উত্তৰঃ সকলো কৃত্রিম আঁহবোৰে হৈছে থার্মপ্লাষ্টিক আঁহ। অর্থাৎ এনে আঁহ তাপৰ সংস্পৰ্শত আহিলে প্রথমতে কোমল হয় আৰু লাহে লাহে গলিব ধৰে। অধিক সময় থাকিলে গলি জ্বলিবলৈ আৰম্ভ কৰে আৰু তাপ আঁতৰাৰ পাছত আকৌ কঠিন হয়। এই ধৰণৰ প্লাষ্টিকক পুনৰ গলোৱা আৰু আকৃতি দিব পাৰি, যাৰ বাবে ই পুনৰ ব্যৱহাৰযোগ্য আৰু বিভিন্ন প্ৰয়োজনীয়তাত ব্যৱহাৰ কৰিব পৰা যায়। এই জাতীয় প্লাষ্টিক বিভিন্ন ধৰণৰ হয়, যেনে পলিথিন (PE), পলিপ্ৰ’পিলিন (PP), পলিভিনাইল ক্ল’ৰাইড (PVC), আৰু পলিথিন টেৰেফথেলেট (PET)।

(ন) উদ্ভিদ জগতৰ পৰা আমি কি কি আঁহ পাওঁ?

উত্তৰঃ উদ্ভিদ জগতৰ পৰা আমি পোৱা আঁহবোৰ হৈছে – কপাহ, শিমশীতকালৰলু, কেপক, ৰেমি, শণ, মৰাপাট, নাৰিকল ইত্যাদি।

(প) শীতকালৰ পোছাকৰ বাবে কি আঁহ নিৰ্বাচন কৰিবা?

উত্তৰঃ পোছাকৰ বাবে কপাহ আঁহ নিৰ্বাচন হয়। কপাহী সূতাৰপৰা আকৌ বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰিব পাৰি। সেইবোৰৰ ভিতৰত অৰ্গেণ্ডি, ফ্লানেলেট, মছলিন আদি উল্লেখযোগ্য। তাৰ ভিতৰত ফ্লানেলেট: শীতকালত এই কাপোৰ ব্যৱহাৰ কৰা হয় আৰু শিশুৰ বাবে ই উপযোগী।

(ফ) কৃত্ৰিম আঁহৰ কাপোৰ গৰম জলবায়ুৰ বাবে কিয় আৰামদায়ক নহয়?

উত্তৰঃ কৃত্ৰিম আঁহৰ জলীয় বাষ্প শোষণ কৰিব পৰা ক্ষমতা কম। এই আঁহত জলীয় বাষ্প কাপোৰৰ পৃষ্ঠত বিয়পি পৰে। ইংৰাজীত ইয়াক উইকিং (Wicking) ধর্ম বুলি কোৱা হয়। এই ধৰ্মৰ বাবে কৃত্ৰিম আঁহৰ কাপোৰ ধূলে পানীভাগ কাপোৰৰ উপৰিভাগতে থাকে, মেলি দিলে টোপ টোপকৈ পৰি পৃষ্ঠৰপৰা সোনকালে আঁতৰি যায় আৰু কাপোৰখন সোনকালে শুকায়। সেয়েহে এই কাপোৰে শৰীৰৰ ঘাম শোষণ কৰিব নোৱাৰে, ঘাঁমৰ তৰল ভাগ কাপোৰৰ পৃষ্ঠত বিয়পি পৰে আৰু চিচিপিয়া তিতা অনুভৱ হয়। ইয়াক শুকাবলৈ শৰীৰৰ উষ্ণতা ব্যৱহাৰ কৰিব লগা হয়, ফলত শৰীৰৰ উষ্ণতা হ্রাস হয়। কিয়নো সিঁহতৰ বস্ত্ৰত কিছু বৈশিষ্ট্য থাকে যাৰ বাবে সেইবোৰ গৰম পৰিৱেশত কম উপযোগী হয়। ইয়াৰ বাবে কৃত্ৰিম আঁহৰ কাপোৰ গৰম জলবায়ুৰ বাবে আৰামদায়ক নহয়।

(ব) নৱজাত শিশুৰ পোছাকৰ বাবে কি আঁহৰ কাপোৰ নিৰ্বাচন কৰিবা?

উত্তৰঃ নৱজাত শিশুৰ পোছাকৰ বাবে কপাহ আঁহ নিৰ্বাচন হয়। কপাহী সূতাৰপৰা আকৌ বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰিব পাৰি। সেইবোৰৰ ভিতৰত অৰ্গেণ্ডি, ফ্লানেলেট, মছলিন আদি উল্লেখযোগ্য। তাৰ ভিতৰত ফ্লানেলেট: শীতকালত এই কাপোৰ ব্যৱহাৰ কৰা হয় আৰু শিশুৰ বাবে ই উপযোগী। নৱজাত শিশুৰ পোছাকৰ বাবে কাপোৰ নিৰ্বাচনৰ সময়ত কোমলতা, শোষণক্ষমতা, আৰু হাইপ’আলাৰ্জেনিক গুণ সম্পন্ন আঁহৰ কাপোৰ বাছনি কৰাটো অত্যন্ত গুৰুত্বপূর্ণ। 

৩। চমুকৈ লিখা:

(ক) পোছাক-পৰিচ্ছদ পৰিধান কৰাৰ কাৰণসমূহ কি কি?

উত্তৰঃ পোছাক-পৰিচ্ছদ পৰিধান কৰাৰ কাৰণসমূহ হল –

১। লজ্জা নিবাৰণৰ বাবে।

২। বাহিৰা আঘাত আৰু শীত-তাপৰপৰা ৰক্ষা পাবৰ বাবে।

৩। দৈহিক আৰু মানসিক আৰামৰ বাবে।

৪। সৌন্দর্য বৃদ্ধিৰ বাবে।

৫। শৰীৰৰ তাপমাত্রা নিয়ন্ত্ৰণ কৰিবৰ বাবে।

(খ) ঠাণ্ডা দিনত নোমাল সাজ-পাৰ পৰিধান কৰিলে আমি কিয় গৰম অনুভৱ কৰোঁ?

উত্তৰঃ শীতৰপৰা ৰক্ষা পাবলৈ তাপৰ কুপৰিবাহী আঁহৰ তৈয়াৰী গৰম, নোমেৰে তৈয়াৰী কাপোৰ পৰিধান কৰিবলৈ ল’লে। শীতকালত শৰীৰৰপৰা তাপ ওলাই গ’লে আমি ঠাণ্ডা অনুভৱ কৰোঁ। শীতকালি চিল্ক বা নোমাল কাপোৰ তাপৰ কু-পৰিবাহী হোৱা বাবে আমাৰ শৰীৰত উম দিয়ে ইয়াৰ কাৰণ হ’ল আমি পিন্ধা সাজ-পাৰ আৰু ছালৰ মাজত এটা সূক্ষ্ম বায়ুস্তৰ থাকে। শৰীৰৰ পৰা ওলোৱা উত্তাপে এই বায়ুস্তৰটোক উত্তপ্ত কৰি তোলে আৰু শীতকালি আমি পৰিধান কৰা চিল্ক বা নোমাল কাপোৰৰ মাজেৰে এই বায়ুস্তৰ ওলাই যাব নোৱাৰি তাতে আৱদ্ধ হৈ বয়। সেয়েহে আমি গৰম অনুভৱ কৰো।

(গ) জহকালি কপাহী আৰু লিনেন কাপোৰ কিয় পৰিধান কৰা হয়?

উত্তৰঃ কপাহী বা লিনেন কাপোৰৰ জৰিয়তে তাপ পৰিবাহিত হৈ বায়ুমণ্ডললৈ যায় আৰু কাপোৰত থকা বায়ু চলাচল কৰি আমাৰ শৰীৰৰ পৰা ওলোৱা উত্তাপ উলিয়াই দিয়ে। সেইবাবে জহকালি চিল্ক কাপোৰৰ পৰিৱৰ্তে কপাহী বা লিনেন পিন্ধিহে আমি আৰাম পাওঁ ইয়াৰ বাবে জহকালি কপাহী আৰু লিনেন কাপোৰ পৰিধান কৰা হয়।

(ঘ) বস্ত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত কি কি বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে?

উত্তৰঃ বস্ত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূর্ণ বিষয় মনত ৰাখিব লাগে। বিশেষকৈ প্ৰাসঙ্গিকতা, আৰাম, গুণগত মান, আৰু বাজেট বিবেচনা কৰা উচিত। 

কিছুমান প্ৰধান বিষয় হ’ল:

১। আৰাম: কাপোৰৰ কোমলতা, শ্বাস-প্ৰশ্বাসৰ ক্ষমতা, আৰু সঠিক ফিটিং। কাপোৰটো যন্ত্ৰণা নকৰিব লাগে আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে আৰামদায়ক হব লাগে।

২। আঁহৰ প্ৰকাৰ: কাপোৰৰ আঁহ কি প্ৰকাৰৰ সেয়া গুৰুত্বপূৰ্ণ। প্ৰাকৃতিক আঁহ (যেনে কপাহ, শণ) সাধাৰণতে অধিক আৰামদায়ক হয়, যেতিয়া কৃত্ৰিম আঁহ (যেনে পলিয়েষ্টাৰ, নাইলন) নিৰ্মাণৰ ক্ষেত্ৰত কম খৰচৰ।

৩। বৈশিষ্ট্য আৰু প্ৰয়োজন: বস্ত্ৰৰ উপযোগিতা কিয় প্রয়োজনীয়। উদাহৰণ স্বৰূপে, শীতৰ বাবে উষ্ণ কাপোৰ, গৰমৰ বাবে শীতল কাপোৰ, অথবা খেলাধুলাৰ বাবে বিশেষ টেকনলজিক সৈতে কাপোৰ।

৪। বৰঙণ আৰু আকাৰ: বস্ত্ৰৰ বৰঙণ, ডিজাইন, আৰু ফিটিং আপোনাৰ ব্যক্তিগত পচন্দ আৰু উপযুক্ততাৰ সৈতে মিলে নে।

৬। মূল্য আৰু বাজেট: বস্ত্ৰৰ মূল্য আৰু আপোনাৰ বাজেটৰ মাজত সমন্বয় কৰা। কেতিয়াবা অধিক মূল্যমানে বেছি মানদণ্ডৰ কাপোৰ পোৱা যায়, যাৰ বাবে সেইবোৰ লম্বা সময়ৰ বাবে উপযুক্ত হয়।

৭। পৰিৱেশগত প্ৰভাৱ: পৰিৱেশৰ ওপৰত প্ৰভাৱ বিবেচনা কৰি নিৰ্বাচন কৰা। অৰগেনিক কপাহ বা পুনৰব্যৱহাৰযোগ্য আঁহৰ কাপোৰ।

(ঙ) আঁহ কাক বোলে? ইয়াৰ ভাগ কেইটা উদাহৰণসহ লিখা।

উত্তৰঃ আঁহ হৈছে সৰু, পাত্ৰকাকৃতিৰ, লোমশ ধাতু অথবা প্ৰাকৃতিক পদাৰ্থ। যিবোৰে একেলগ হৈ পোহাৰ, দাগ, ৰশি আদি গঠন কৰে। 

আঁহবোৰ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়:

১। প্ৰাকৃতিক আঁহ (Natural Fibers):

(ক) উদ্ভিদৰ আঁহ (Plant Fibers)।

তুলা (Cotton): তুলাৰ গুটিৰ পৰা পোৱা হয়। তুলাৰ বস্ত্ৰ গৰম বতৰত অত্যন্ত আৰামদায়ক।

লিনেন (Linen): চণৰ গছৰ পৰা পোৱা হয়। ইয়াৰ বস্ত্ৰ পাতল আৰু ঠাণ্ডা অনুভৱ কৰায়।

প্ৰাণীৰ আঁহ (Animal Fibers):

চুলি (Wool): ভেড়াৰ চুলিৰ পৰা পোৱা হয়। ঠাণ্ডা বতৰত তাপ নিধাৰণ কৰিবলৈ উপযোগী।

ৰেচম (Silk): ৰেচম কীৰ্ত্তৰ লাৰ্ভাৰ পৰা পোৱা হয়। মসৃণ আৰু উজ্জ্বল পোহাৰ, সাধাৰণতে বিশেষ অনুষ্ঠানত ব্যৱহাৰ হয়।

২। কৃত্ৰিম আঁহ (Man-made or Synthetic Fibers):

পলিয়েষ্টাৰ (Polyester): ৰাসায়নিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে তৈয়াৰ কৰা হয়। টেকসই আৰু সহজে ধুব পৰা।

নাইলন (Nylon): পলিয়েমাইডৰ পৰা তৈয়াৰ কৰা হয়। অতি মজবুত আৰু স্থিতিস্থাপক।

এক্ৰিলিক (Acrylic): পলিমাৰ পদ্ধতিত তৈয়াৰ কৰা হয়। চুলিৰ বিকল্প হিচাপে ক্ৰমান্বয়ে ব্যৱহাৰ কৰা হয়।

(চ) প্রাণীজ আঁহ বুলিলে কি বুজা? প্রাণীজ আঁহৰ ভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ প্রাণীজ আঁহৰ মূল উপাদান হৈছে প্রটিন। প্রটিন হ’ল কার্বন, হাইড্র’জেন, অক্সিজেন আৰু নাইট্ৰ’জেনৰ এক যৌগিক যৌগ। কিছুমান প্রটিন আঁহত চালফাৰো পোৱা যায়। প্রাণীজ আঁহ মূলতঃ দুই 

প্ৰকাৰৰঃ (ⅰ) জন্তুৰ নোমৰপৰা পোৱা আঁহ উল। আৰু 

(ii) লেটাৰ পোৱা আঁহ চিল্ক।

(ছ) দহন পৰীক্ষাত কি কি পর্যবেক্ষণ কৰিবা।

উত্তৰঃ 

আঁহজুইৰ শিখাৰ ওচৰতজুইৰ শিখাতশিখাৰ পৰা আতৰাই অনাৰ পিছত গোন্ধঅৱশেষ
কপাহতৎক্ষণাত জ্বলি উঠেউজ্জ্বল শিখা- ৰ দহিবলৈ আৰম্ভ কৰেউজ্জ্বল শিখাৰে জ্বলি থাকেকাগজ পোৰাৰ দৰে গোন্ধপাতল ধোৱা বৰণীয়া ছাই, আঁহৰ আকাৰত পোৱা যায়
শনতৎক্ষণাত জ্বলি উঠেউজ্বল শিখাৰে জ্বলিবলৈ ধৰেউজ্জ্বল শিখাৰে জ্বলি থাকেকাগজ পোৰাৰ গোন্ধধোঁৱা বৰণীয়া ছাই
ঊলধোঁৱা ওলাইলাহে লাহে জ্বলিবলৈ ধৰেউজ্জ্বল শিখাৰে জ্বলিবলৈ ধৰেনুমাই যায়
দৰে উগ্র
চুলি পোৰাৰদৰে গোন্ধ ক’লামণিৰ
দানা বান্ধে, ভাঙিলে গুড়ি হয়
পাটধোঁৱা ওলাইলাহে লাহে জ্বলিবলৈ ধৰেনুমাই যায়চুলি পোৰাৰগোন্ধ ওলায়পোৰাৰ অংশত মণিৰদৰে দানা বান্ধে, ভাঙিলে গুড়ি হয়
নাইলনকোমল হয় লাহে লাহে সংকুচিত হয়
জ্বলি উঠেআৰু গলিবলৈ আৰম্ভ কৰেনুমাই যায়ৰাসায়নিক গোন্ধ ওলায়গোটা লাগে দানা বান্ধে নাভাঙে
টেৰিলিন ডেক্ৰনসঙ্কুচিত হয়লাহে লাহে জ্বলি উঠে আৰু গলিৰ আৰম্ভ কৰেকষ্টৰে জ্বলি থাকেমৃদু গোন্ধকঠিন
মণিৰ
দৰে
দানা
বান্ধে
ৰেয়নতৎক্ষণাৎ লাহে লাহে সংকুচিত হয়উজ্বল শিখাৰে জ্বলি থাকেজ্বলি থাকে, শিৰাৰ উজ্জ্বলতা কমি যায়কাগজপোৰাৰগোন্ধপাতল
ধোঁৱা
বৰণীয়া
ছাই

(জ) চাক্ষুষ পৰীক্ষাত আঁহৰ কি কি পৰ্যবেক্ষণ কৰিবা?

উত্তৰঃ 

আঁহদৈর্ঘ্য মি. মি.উজ্জ্বলতাবৰণস্পর্শানুভূতি
কপাহ১০-১৬কমবগা, নীল বগা, ধোঁৱা বৰণীয়া ৰঙচুৱা বগামসৃণ
শন২৫০-৭৫০উজ্জ্বলৰঙচুৱা বগাখৰখৰীয়া, মিহি
পাট২০০-১৫০০অধিক উজ্জ্বলপাট-বগা, ঘী ৰঙৰ, সোণবৰণীয়া, ৰঙচুৱা বগা, এৰী-বগা, ৰঙচুৱামসৃণ
ঊল২৫-৫৪০মধ্যমীয়া, প্ৰকাৰ অনুযায়ী কম- বেছি হয়জন্তুৰ বৰণ অনুযায়ী বগা, ক’লা, মুগাবৰণীয়াখহতা
মানৱসৃষ্ট আঁহআৱশ্যক অনুযায়ী যিকোনো দৈর্ঘ্যত তৈয়াৰ কৰা হয়অধিক উজ্জ্বল আৱশ্যক অনুযায়ী কম বেছি কৰা হয়তৈয়াৰ কৰোতে আৱশ্যকীয় ৰং মিশ্রিত কৰা হয়মসৃন, মিহি

(ঝ) অণুবীক্ষণ যন্ত্ৰৰ তলত আঁহ পর্যবেক্ষণ কৰিলে আমি কি দেখিবলৈ পাওঁ?

উত্তৰঃ আঁহ অণুবীক্ষণ যন্ত্ৰৰ তলত পৰ্যবেক্ষণ কৰিলে ইয়াৰ বিশেষ আভ্যন্তৰীণ গঠন দেখিবলৈ পোৱা যায়। আঁহ অনুযায়ী এই গঠন বেলেগ বেলেগ হয় আৰু ইয়াৰ দ্বাৰাই আঁহৰ চিনাক্তকৰণ কৰা হয়। এই আঁহৰ গঠন দৈর্ঘ্যৰ দিশত পর্যবেক্ষণ কৰাৰ উপৰিও আঁহডাল ঘূৰণীয়াকৈ কাটি তাৰ মধ্যভাগ (Cross Section) পৰ্যবেক্ষণ কৰিব পাৰি।

অণুবীক্ষণ যন্ত্ৰৰ সহায়ত আঁহ চিনাক্তকৰণ চিত্ৰ:

(ঞ) দহন পৰীক্ষাত কি কৰা হয়?

উত্তৰঃ দহন পৰীক্ষাত আঁহৰ ৰাসায়নিক সংগঠন অনুযায়ী বেলেগ বেলেগ আচৰণ পৰিলক্ষিত হয়। এই আচৰণ অনুযায়ী আঁহৰ চিনাক্তকৰণ হয়। এই পৰীক্ষাৰ দ্বাৰা আঁহৰ গোষ্ঠিহে নিৰ্দ্দিষ্ট কৰা হয়। উদাহৰণস্বৰূপে সকলো উদ্ভিদৰ মূল উপাদান হৈছে চেলুল’জ। সেয়েহে উদ্ভিজ আঁহৰ দহন পৰীক্ষাই চেলুল’জৰ ধৰ্ম প্ৰদৰ্শন কৰে। অৰ্থাৎ জুইৰ শিখাত ধৰিলে তৎক্ষণাত উজ্জ্বল শিখাৰে সৈতে জ্বলি উঠে। জুইৰ উৎসৰ পৰা আঁতৰাই আনিলেও উজ্জ্বল শিখাৰে জ্বলি থাকে। শিখাৰ মাজে মাজে ফিৰিঙতি দেখা যায়। কাগজ পোৰাৰ দৰে গোন্ধ ওলায়। পোৰাৰ শেষত ধোঁৱা বৰণীয়া, পাখিৰ দৰে পাতল, ছাই হৈ যায়। সেইদৰে প্ৰাণীজ আঁহ জুইৰ শিখাৰ ওচৰত ধৰিলে লাহে লাহে জ্বলি উঠে, শিখাৰ পৰা আঁতৰাই আনিলে নুমাই যায়। প্রাণীজ আঁহৰ মূল উপাদান হৈছে প্রটিন। সেয়েহে এই আঁহ পুৰিলে চুলি পোৰাৰ দৰে বেয়া গোন্ধ ওলায় আৰু পোৰা অংশৰ ওপৰত মণিৰ দৰে দানা বান্ধে। এইবোৰ ভাঙি দিলে গুড়ি হৈ যায়। সেইদৰে জুইৰ শিখাৰ ওচৰত কৃত্ৰিম আঁহ ধৰিলে প্ৰথমতে কোমল হয় আৰু লাহে লাহে সঙ্কুচিত হয়। অধিক সময় থাকিলে আঁহ গলিব ধৰে। কেতিয়াবা উজ্জ্বল শিখাৰে জ্বলি উঠে আৰু আঁহ গলি টোপাল ৰূপে পৰি যায়। গলাৰ লগে লগে টান দানা বান্ধে, ভাঙিলে ভঙা নাযায়। কৃত্রিম আঁহ পুৰিলে কেতিয়াবা ৰাসায়নিক গোন্ধ পোৱা যায়।

(ট) আঁহ চিনাক্তকৰণৰ প্ৰয়োজনীয়তা কিয় হয়?

উত্তৰঃ অতীজৰপৰা আৰম্ভ কৰি কুৰিশতিকাৰ আগভাগলৈ বস্ত্র শিল্পত আমি চাৰি প্ৰকাৰৰ আঁহ ক্ৰমে কপাহ (Cotton) শণ (Flax) ৰেচম বা পাট (Silk) আৰু পশম বা উল (Wool) ৰ আঁহ ব্যৱহাৰ কৰা দেখি আহিছো। সেয়েহে আঁহ চিনাক্ত কৰণ অতি সহজসাধ্য আছিল। আধুনিক জীৱন-যাত্রা জটিল হৈ অহাৰ লগে লগে বেলেগ বেলেগ উদ্দেশ্য সাধনৰ বাবে বেলেগ গুণ বিশিষ্ট বস্ত্ৰৰ প্ৰয়োজন আহি পৰিছে। আনহাতে বস্ত্ৰ উৎপাদনৰ বিভিন্ন কৌশলো উদ্ভাৱিত হৈছে। ফলত বজাৰত নতুন নতুন বিভিন্ন ধৰণৰ আঁহ আৰু তাৰে তৈয়াৰী কাপোৰ ওলাই আছে। এই আঁহ বা কাপোৰৰ চিনাক্তকৰণ অতি জটিল।

(ঠ) আঁহ চিনাক্ত কৰিবৰ বাবে কি কি পৰীক্ষাৰ সহায় ল’বা?

উত্তৰঃ আঁহ চিনাক্ত কৰিবৰ বাবে –

১। পর্যবেক্ষণ অথবা চাক্ষুষ পৰীক্ষা।

২। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰা পৰীক্ষা।

৩। দহন পৰীক্ষা।

(ড) দাগৰ সংজ্ঞা লিখা।

উত্তৰঃ দাগ হৈছে সাজ-পোছাকৰ পৃষ্ঠত বহিৰাগত সামগ্ৰীৰ সংস্পৰ্শত সৃষ্টি হোৱা এক অশোভনীয় চিহ্ন। এই চিহ্ন এটা সৰু বিন্দুৰপৰা আৰম্ভ কৰি সম্পূৰ্ণ কাপোৰত লাগিব পাৰে অথবা সৰু-ডাঙৰ অসংখ্য চিহ্ন হ’ব পাৰে। এই দাগ পোছাক ব্যৱহাৰ কৰি থকা সময়ত যেনে খাওঁতে, কাম কৰোঁতে, ভ্ৰমণ কৰোঁতে, খেলোঁতে আদি বিভিন্ন সময়ত যিকোনো অসতর্ক মূহুৰ্তত লাগিব পাৰে। কেতিয়াবা অসাবধানতাৰে কাপোৰ সংৰক্ষণ কৰিলে বহু সময় সেমেকা অৱস্থাত ৰাখিলেও বৰমোহি দাগ লাগিব পাৰে। শৰীৰৰ পৰা ওলোৱা ঘাঁমৰ পৰাও দাগৰ সৃষ্টি হয়। সেয়েহে এই দাগৰ উৎসও বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে, যেনে- 

(১) উদ্ভিজ দাগ (Vegetable Stains).

(২) প্রাণীজ দাগ (Animal Stains).

(৩) খনিজ দাগ (Mineral Stains).

(৪) চর্বী বা তেল জাতীয় দাগ (Grease Stains).

(৫) ৰঙৰ দাগ (Dyes or Paint Stains).

(ঢ) দাগৰ চিনাক্ত কেনেদৰে কৰিবা?

উত্তৰঃ কাপোৰত লগা দাগৰ চিনাক্ত কৰিব পৰা যায় দাগৰ বৰণ, ঘ্রাণ আৰু স্পৰ্শৰ দ্বাৰা। দাগ নতুন নে পুৰণা, দাগৰ উৎস, লগতে প্ৰতিকাৰ- সকলোবোৰ নিৰ্ণয় কৰিব পাৰি।

১। বৰণ (Colour): প্রত্যেক দাগৰ নিজস্ব বৰণ থাকে আৰু সেই বৰণৰ সহায়ত চিনাক্ত কৰিব পৰা যায়। উদাহৰণ স্বৰূপে তৰকাৰিৰ দাগ। তৰকাৰিৰ দাগত হালধী থাকে বাবে তৎক্ষণাৎ চিনাক্ত কৰিব পাৰি। সেইদৰে ঘাঁহ, পাতৰ দাগ সেউজীয়া ইত্যাদি।

২। ঘ্রাণ (Smell): সকলো বস্তুৰ নিৰ্দ্দিষ্ট গোন্ধ আছে, সেয়েহে যিকোনো বস্তু কাপোৰত লাগিলে, কিহৰ গোন্ধ নিৰ্ণয় কৰিব পাৰি। যেনে কণীৰ গোন্ধ, মাছৰ গোন্ধ, তৰকাৰিৰ গোন্ধ, দৰবৰ গোন্ধ ইত্যাদি।

৩। স্পর্শ (Touch): কিছুমান বস্তু কাপোৰত লাগিলে, পৃষ্ঠত লগা অংশৰ পৰিৱৰ্তন হয়। কেতিয়াবা শুকাই খৰখৰিয়া হয়, কেতিয়াবা খামুচি ধৰে, কেতিয়াবা কাপোৰখনে শোষণ কৰি লয়, কেতিয়াবা কাপোৰৰ পৃষ্ঠত একেদৰে ৰৈ যায়। যেনে- নেইল পলিচ্, কণী, লিপষ্টিক, পেইন্ট, পানীত গোলা বেচন বা চাউলৰ গুড়িৰ লেইৰ দাগ ইত্যাদি।

(ণ) দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা যিকোনো দুটা প্ৰণালীৰ বিষয়ে লিখা।

উত্তৰঃ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা যিকোনো দুটা প্ৰণালীৰ হল –

১। জুবুৰিওৱা পদ্ধতি (Dip method): এই পদ্ধতিত দাগ লগা অংশ দাগ আঁতৰাবলৈ তৈয়াৰ কৰি লোৱা দ্ৰৱণত সম্পূৰ্ণ সংস্পৰ্শত অহাকৈ জুবুৰিয়াব লাগে। এইদৰে কিছু সময় থৈ দিয়াৰ পিছত, দাগ কুমলিলে সেই অংশ ঘঁহিব লাগে। আৱশ্যক মতে ব্ৰাছ মৰাও হয়। দাগ আঁতৰিলে অথবা পাতল হ’লে কেবাবাৰো চাবোন পানীত ধুই পৰিষ্কাৰ পানীত আওডালিব লাগে।

২। টোপাল পদ্ধতি (Drop method): এই পদ্ধতিত কাপোৰৰ দাগ লগা অংশ এটা পাত্ৰৰ কেন্দ্ৰত থকাকৈ টানকৈ বান্ধি ল’ব লাগে। এতিয়া দাগৰ ওপৰত টোপ-টোপকৈ বিৰঞ্জক ড্ৰপাৰৰ সহায়ত দিয়া হয়। এনে কৰিলে দাগ গলি আঁতৰি যাব। পিছত কাপোৰখন ঠাণ্ডা পানী আৰু চাবোন পানীৰে ভালদৰে ধুব লাগে। অথবা দাগৰ ওপৰ আৰু তল উভয় দিশত শোষক গুড়ি দি তাৰ ওপৰত বিৰঞ্জক দি ভালদৰে ঘঁহিব লাগে। দাগ গলাই শোষক পাউডাৰৰ দ্বাৰা শোষণ কৰি আঁতৰোৱা হয়।

(ত) দাগৰ শ্ৰেণী বিভাজন কৰা।

উত্তৰঃ দাগৰ বিভিন্ন প্ৰকাৰৰ হয় –

১। উদ্ভিজ দাগ (Vegetable Stains).

২। প্রাণীজ দাগ (Animal Stains).

৩। খনিজ দাগ (Mineral Stains).

৪। চর্বী বা তেল জাতীয় দাগ (Grease Stains).

৫। ৰঙৰ দাগ (Dyes or Paint Stains).

১। উদ্ভিজ দাগ (Vegetable Stains): উদ্ভিজ দাগসমূহ হৈছে গছ-পাত, ফল-ফুল, শিপা, ঘাঁহ-বন আদিৰ ৰসৰপৰা, তামোল-পাণৰ পিক্, চাহ, কফি, কোকো, শেলাই, বিভিন্ন পাচলি আদিৰপৰা সৃষ্টি হোৱা চিহ্ন। এই দাগসমূহ প্রকৃতিত অম্লজাতীয়। এনে দাগ আঁতৰাবলৈ সাধাৰণতে ক্ষাৰ জাতীয় বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

২। প্রাণীজ দাগ (Animal Stains): প্রাণীজ দাগ বুলি ক’লে আমি তেজ, কণী, গাখীৰ, মাছ-মাংস, পোক-পৰুৱা, পখিলা, পখিলাৰ কণী ইত্যাদি বিভিন্ন প্ৰাণীৰ পৰা সৃষ্টি হোৱা চিহ্নকে বুজোঁ। এই দাগ প্রটিন জাতীয়, সেয়েহে এই দাগ আঁতৰাবলৈ উত্তাপ অর্থাৎ গৰম পানী, গৰম ইস্ত্রী আদি ব্যৱহাৰ কৰিব নালাগে। এনে দাগ পৰিষ্কাৰ কৰিবলৈ সাধাৰণতে ক্ষাৰ জাতীয় বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

৩। খনিজ দাগ (Mineral Stains): খনিজ দাগ সাধাৰণতে লো, মামৰ, বোকা, ৰঙীন মাটি, বিভিন্ন খনিজ লৱণ, আয়ডিন, চিয়াহী, দৰব ইত্যাদিৰ পৰা লগা দাগ। আৱশ্যক অনুযায়ী অম্ল বা ক্ষাৰ জাতীয় বিৰঞ্জক এই দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

৪। চবী বা তেলজাতীয় দাগ (Grease Stains): বিভিন্ন প্ৰকাৰৰ তেল যেনে- মিঠাতেল, নাৰিকল তেল, তিল তেল, বাদাম তেল, ইত্যাদি যিকোনো তেল কাপোৰত লাগিলে দাগৰ সৃষ্টি কৰে। সেইদৰে ঘাঁ, মাখন, ক্রীম, গৰু, ছাগলী, গাহৰী আদিৰ চৰ্বী সাগৰীয় মাছৰ চৰ্বী, কড লিভাৰ তেল ইত্যাদি। এই দাগ আঁতৰাবলৈ চৰ্বী শোষক মানে যিকোনো গুড়ি যেনে- ফ্রেঞ্চ চক্, সাজি মাটি, মুখত ঘঁহা পাউডাৰ, নিমখ, ভঁজা আতাৰ ভূচি, ময়দা, বেচন, চাউলৰ গুড়ি, পাউৰুটিৰ গুড়ি, গন্ধকৰ গুড়ি, ইত্যাদি অথবা চর্বী দ্রাবক যেনে পেট্র’ল, বেনযাইন, কার্বন টেট্রাক্লবাইড, ট্রাইক্ল’ৰ ইথিলিন, টাৰপেনটাইন বেনথল, বেনযিন, পাৰক্ৰ’ৰ ইথিলিন, এচিটন, এলক’হল, ইত্যাদি ব্যৱহাৰ কৰা হয়।

৫। ৰঙৰ দাগ (Dyes or Paint Stains): এই প্ৰকাৰৰ দাগসমূহ হৈছে বিভিন্ন প্ৰকাৰৰ ৰং যেনে- প্রাকৃতিক ৰং, কৃত্ৰিম ৰাসায়নিক ৰং, বিভিন্ন প্ৰকাৰৰ পেইন্ট, যেনে কাঠত লগোৱা, লোহাত লগোৱা, ঘৰত লগোৱা আদিৰ উপৰিও বাৰ্ণিছ জাতীয় দাগ, দৰবৰ দাগ, লিপষ্টিক, নেইলপলিচ ইত্যাদি। এই ক্ষেত্রত আগতীয়াকৈ দাগৰ প্রকৃতি জানি লৈ বিৰঞ্জক দ্ৰব নিৰ্বাচন কৰি লব লাগে।

(থ) উদ্ভিজ দাগ বুলিলে কি বুজা?

উত্তৰঃ উদ্ভিজ দাগসমূহ হৈছে গছ-পাত, ফল-ফুল, শিপা, ঘাঁহ-বন আদিৰ ৰসৰপৰা, তামোল-পাণৰ পিক্, চাহ, কফি, কোকো, শেলাই, বিভিন্ন পাচলি আদিৰপৰা সৃষ্টি হোৱা চিহ্ন। এই দাগসমূহ প্রকৃতিত অম্লজাতীয়। 

(দ) কেনে প্ৰকাৰৰ দাগক প্রাণীজ দাগ কোৱা হয়।

উত্তৰঃ প্রাণীজ দাগ বুলি ক’লে আমি তেজ, কণী, গাখীৰ, মাছ-মাংস, পোক-পৰুৱা, পখিলা, পখিলাৰ কণী ইত্যাদি বিভিন্ন প্ৰাণীৰপৰা সৃষ্টি হোৱা চিহ্নকে বুজোঁ। 

(ধ) চর্বী জাতীয় দাগ কোনবোৰ?

উত্তৰঃ বিভিন্ন প্ৰকাৰৰ তেল যেনে- মিঠাতেল, নাৰিকল তেল, তিল তেল, বাদাম তেল, ইত্যাদি যিকোনো তেল কাপোৰত লাগিলে দাগৰ সৃষ্টি কৰে। সেইদৰে ঘাঁ, মাখন, ক্রীম, গৰু, ছাগলী, গাহৰী আদিৰ চৰ্বী সাগৰীয় মাছৰ চৰ্বী, কড লিভাৰ তেল ইত্যাদি চর্বী জাতীয় দাগ হয়।

(ন) দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা বিভিন্ন দ্রব্য সমূহৰ বিষয়ে লিখা।

উত্তৰঃ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা বিভিন্ন দ্রব্য সমূহৰ বিষয়ে তলত লিখা হল –

১। আম্লিক দ্ৰব্য: এনে দ্রব্য বিশেষকৈ মামৰ, চিয়াহী, তামোল-পাণৰ পিক্ আদিৰ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

(ক) অক্জেলিক এচিড (Oxalic acide): এই প্ৰকাৰ বিৰঞ্জক সাধাৰণতে মামৰ, চিয়াহী, তামোল পাণৰ পিক্, চাহ-কফিৰ পুৰণা দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

(খ) নেমুটেঙাৰ ৰস (Lemon juice): ইয়াৰ প্ৰতিক্রিয়া অক্‌ঞ্জেলিক এচিডৰ দৰে একে।

(গ) এচেটিক এচিড (Acetic Acidic): এইবিধ দ্রব্য মামৰৰ দাগ আঁতৰাবলৈ, কাপোৰত নীল বেছি হ’লে আঁতৰাবলৈ, কাপোৰ ক্ষাৰীয় দ্রব্যত ধুলে প্রশমন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এচেটিক এচিডৰ ৬% দ্ৰৱণক ভিনেগাৰ বুলি কোৱা হয়।

২। ক্ষাৰজাতীয় দ্রব্য (Alkaline Reagents):

(ক) কাপোৰ ধোৱা চ’ড়া (Washing Soda): এচিড জাতীয় দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

(খ) বোৰাক্স (Borax): বোৰাক্স মৃদু বিৰঞ্জক প্রাণীজ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়। কাপোৰৰ মাৰ আঁতৰাবলৈয়ো ব্যৱহাৰ কৰা হয়।

(গ) এমোনিয়া (Ammonia): মৃদু ক্ষাৰ জাতীয় দ্রব্য। উলৰ কাপোৰৰ দাগ আঁতৰাবলৈ উৎকৃষ্ট দ্রব্য। প্রটিন জাতীয় দাগ বিশেষকৈ তেজৰ দাগ আঁতৰাবলৈ ব্যৱহাৰ হয়।

(ঘ) এমোনিয়াম কার্বনেট (Ammonium Carbonate): প্রাণীজ আঁহৰ দাগ আঁতৰাবলৈ উৎকৃষ্ট। এচিড ব্যৱহাৰ কৰিলে প্রশমন কৰিবলৈ ব্যৱহাৰ হয়।

বিৰঞ্জক দ্রব্য (Bleaching agent): যিবোৰ দ্ৰব্যৰ সহায়ত মলিন বগা কাপোৰ উজ্জ্বল বগা আৰু বহিৰাগত সামগ্ৰীৰপৰা উৎপন্ন হোৱা ৰঙীন দাগ বংবিহীন কৰা হয়, তেনেবোৰ দ্রব্যকে বিৰঞ্জক দ্ৰব্য আৰু ব্যৱহাৰ কৰা প্রণালীক বিৰঞ্জীকৰণ প্ৰণালী বুলি কোৱা হয়।

বিৰঞ্জক দুই প্ৰকাৰৰ-

(ক) অক্সিডাইজিং বা জাৰক বিৰঞ্জক। আৰু

(খ) বিজাৰক বিৰঞ্জক।

(ক) অক্সিডাইজিং বা জাৰক বিৰঞ্জক (Oxidising agent): এই প্ৰকাৰ দ্রব্যই দাগৰ সৈতে ক্ৰিয়া কৰি জায়মান অক্সিজেন (Nacesnt oxygen) উৎপন্ন কৰে আৰু দাগ ৰংবিহীন কৰে। 

কেই প্ৰকাৰমান জাৰক দ্রব্য হৈছে-

১। সূৰ্য্যৰ পোহৰ (Sunlight)

২। চ’ডিয়াম হাইপ’ক্লৰাইট অথবা জেভেলি ওৱাটাৰ (Sodium hypochlorite or Javelle Water)

৩। চ’ডিয়াম পাৰব’ৰেট (Sodium Perborate)

৪। হাইড্রজেন পেৰ’ক্সাইড (Hydrogon peroxide)

জেভেলি ওৱাটাৰ বা চ’ডিয়াম হাইপ’ক্লৰাইট প্রস্তুত প্রণালী: উপকৰণ 

(ক) ১ চামুচ কাপোৰ ধোৱা চ’ডা, ১ লিটাৰ গৰম পানী।

উপকৰণ: 

(খ) ১/২ চামুচ ক্লৰাইড অৱ লাইম, ২ লিটাৰ পানী। দ্রৱন ‘ক’ আৰু ‘খ’ তৈয়াৰ কৰি অকনো নলৰোৱাকৈ পৃথকে পৃথকে থৈ দিয়া হয়। দ্ৰৱনকেইটা ফফটিয়া পৰিষ্কাৰ হ’লে এটা ৰঙীণ বটলত পৰিস্ৰবনৰ দ্বাৰা প্ৰথমতে দ্ৰৱণ ‘ক’ আৰু পিছত দ্ৰৱণ ‘খ’ ভৰাই ভালদৰে জোকাৰি মিহলোৱা হয়। এই দ্ৰৱন এন্ধাৰ ঠাইত সংগ্ৰহ কৰিব লাগে।

(খ) বিজাৰক বিৰঞ্জক দ্রব্য (Reducing agent): এই প্ৰকাৰ দ্ৰবই দাগৰ সৈতে ক্ৰিয়া কৰি অক্সিজেন ভাগ আঁতৰাই দাগ ৰঙবিহীন কৰে। উদাহৰণ-

১। চডিয়াম হাইড্রছালফেট (Sodium hydrosulphate)

২। চডিয়াম বাইছালফেট (Sodium bisulphate)

৩। চডিয়াম থায়োছালফেট (Sodium-thio-sulphate):

8। কাপোৰ নিৰ্বাচন কৰোঁতে গুৰুত্ব দিবলগীয়া কাৰকসমূহৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ সাজ-পাৰ বা পোছাক-পৰিচ্ছদ নির্বাচন কৰোঁতে আমি সদায় আর্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিহে কৰিব লাগে। আমাৰ সমাজত বিভিন্ন আর্থিক শ্ৰেণীৰ লোকে বাস কৰে। সেয়েহে কাপোৰৰ নিৰ্বাচনত কিছু বিভেদতা দেখা যায়। কিন্তু গুণগত মানৰ পোছাক এযোৰ দীর্ঘস্থায়ী হয়। প্রত্যেকৰে লক্ষ্য গুণগত মানৰ পোছাক হোৱা উচিত। কম মূল্যৰ পোছাক অতি কম সময়ৰ বাবেহে ব্যৱহাৰ কৰিব পৰা যায়, যাৰ ফলত সঘনাই কিনিব লাগে। প্রতিদিনে আমি দামী দামী সাজ-পাৰেৰে নিজক সজালেও কোনো ক্ষতি নহয়। দুই-তিনিসাজ কাপোৰেৰেই আমি পৰিৱৰ্তন কৰি আৰু মিলাই ধুনীয়াকৈ চলি যাব পাৰোঁ। ৰুচিবোধ থাকিলে কম মূল্যৰ ধুনীয়াকৈ আৰু দুয়ো প্ৰকাৰে পোছাক নিৰ্বাচন কৰি নিজক সজাই তুলিব পৰা যায়। সীমিত আয়েৰে সংসাৰ চলাবলগীয়া লোকসকলে কাপোৰ কিনোতে গুণগত মানৰ কাপোৰ নিৰ্বাচন কৰি কম খৰচতে ধুনীয়া কাপোৰ নিৰ্বাচন কৰিব পৰা হ’ব লাগে। ৰেহাই মূল্যত কেতিয়াবা যথেষ্ট ভাল কাপোৰ পোৱা যায়। এনে ধৰণে কিনি থ’ব পাৰিলে আর্থিক দিশৰপৰা যথেষ্ট লাভবান হোৱা বুলি ভবা যায়। কিন্তু সদায় বেহাই মূল্যৰ কাপোৰ গুণগত মানৰ নহবও পাৰে।

৫। আমাৰ সাজ-পোছাক তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰাকৃতিক আঁহ আৰু তন্তুৰ নাম লিখা। প্রাকৃতিক আঁহৰ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ বর্ণোৱা।

উত্তৰঃ আমাৰ সাজ-পোছাক তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰাকৃতিক আঁহবোৰ হৈছে –

(ক) উদ্ভিজ আঁহ (Vegetable fibre).

(খ) প্রাণীজ আঁহ (Animal fibre).

(গ) খনিজ আঁহ (Mineral fibre).

তন্তুৰ নাম হল –

(ক) উদ্ভিজ আঁহ (Vegetable fibre): উৎস অনুসৰি উদ্ভিজ আঁহসমূহক তিনি ভাগত ভাগ কৰা হৈছে। 

ভাগকেইটা হ’ল-

(i) গুটি আঁহ (Seed fibre) – কপাহ, শিমলু।

(ii) গা-গছৰ আঁহ (Bust fibre) – শণ, মৰাপাট, ৰেমি।

(iii) পাতৰ আঁহ (Leaf fibre) – কেতেকী, মাটিকঠাল।

(খ) প্রাণীজ আঁহ (Animal fibre) – প্ৰাণীৰপৰা পোৱা আঁহ দুই ধৰণৰ-

(i) নোম আঁহ (Hair fibre) – ঊল।

(ii) লেটা আঁহ (Cocoon fibre) – পাট, মুগা, এড়ি, তচৰ।

(গ) খনিজ আঁহ (Mineral fibre) – খনিৰপৰা আঁহৰ আকাৰত একপ্ৰকাৰ আঁহেই পোৱা যায়, এই এবেচটচ্ নামে জনা যায়।

প্রাকৃতিক আঁহৰৰ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ হল —

সুবিধাসমূহ:

১। প্রাকৃতিক আঁহৰসমূহ পৰিৱেশৰ ক্ষতি কমায়, যিহেতু ইয়াত ৰাসায়নিক বা কৃত্ৰিম পদাৰ্থৰ ব্যৱহাৰ কম হয়।

২।প্রাকৃতিক আঁহৰসমূহ অধিক স্বাস্থ্যকৰ, কাৰণ ইয়াত ৰাসায়নিক প্ৰসাধনৰ ব্যৱহাৰ কম।

৩। অধিকাংশ প্রাকৃতিক আঁহৰ অধিক শক্তিশালী আৰু অধিক দিনৰ বাবে টিকে।

৪। এগৰাকী কৃষক বা স্থানীয় উৎপাদকৰ পৰা আহৰণ কৰি স্থানীয় অৰ্থনীতিৰ উন্নতি সাধন হয়।

৫। প্ৰাকৃতিক আঁহৰ বহুতো বিশেষ গুণাগুণ থাকে, যেনে তুলা গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰম।

অসুবিধাসমূহ:

১। প্রাকৃতিক আঁহৰ উৎপাদন কেতিয়াবা সীমিত হয় আৰু সৰ্বদা বজাৰত উপলব্ধ নহয়।

২। কেতিয়াবা প্রাকৃতিক আঁহৰৰ মূল্য অধিক হয়, যিহেতু ইয়াৰ উৎপাদন খৰচ বেছি।

৩। প্রাকৃতিক আঁহৰ কেতিয়াবা অধিক শোষণ ক্ষমতাযুক্ত হয়, যাৰ ফলত বতৰত সোনকালে শেৱাই।

৪। কিছু প্রাকৃতিক আঁহৰৰ পৰিস্কাৰ আৰু ৰক্ষণাবেক্ষণ অধিক মনোযোগ আৰু সময়ৰ প্ৰয়োজন।

৫। কিছু প্রাকৃতিক আঁহৰ চাহিদা যদি অত্যাধিক হয়, তেন্তে ইয়াৰ উৎপাদনৰ বাবে পৰিৱেশৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

৬। প্রাকৃতিক আৰু কৃত্ৰিম আঁহৰ পাৰ্থক্য দেখুওৱা। বস্ত্ৰ শিল্পত ব্যৱহৃত তিনিবিধ প্রাকৃতিক আঁহৰ নাম উল্লেখ কৰি ধৰ্মসমূহ লিখা।

উত্তৰঃ প্রাকৃতিক আৰু কৃত্ৰিম আঁহৰ পাৰ্থক্য হল – আমি প্ৰকৃতিৰ বিভিন্ন উৎস যেনে উদ্ভিদ জগত, প্রাণী জগত আৰু খনিজ সম্পদৰ পৰা এনে সুক্ষ্ম আঁহৰ গঠন পাওঁ যাৰ সহায়ত সূতা কাটি, কাপোৰ তৈয়াৰ কৰি পোছাক-পৰিচ্ছদ তৈয়াৰ কৰা হয় আৰু আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰকৃতিৰ পৰাই এইবোৰ আঁহে সূতা কাটি কাপোৰ তৈয়াৰ কৰিবলৈ আৱশ্যকীয় সকলো ধৰ্ম্ম বহন কৰি আনে। এনে আঁহকে প্রাকৃতিক আঁহ বুলি আখ্যা দিয়া হয়। আঁহৰ সাধাৰণ ধৰ্ম্মসমূহ হৈছে দৈর্ঘ্য, শক্তি, মসৃণতা, উজ্জ্বলতা, ভাঁজ গ্রহিতা, সংবন্ধন ক্ষমতা, তাপ পৰিবাহিতা, বিদ্যুৎ পৰিবাহিতা, জলীয় বাষ্প শোষণ ক্ষমতা, নমনীয়তা, স্থিতিস্থাপকতা ইত্যাদি।

আঁহৰ এই ধৰ্মসমূহ অনুকৰণ কৰি বিজ্ঞানীসকলে পৰীক্ষাগাৰত বিভিন্ন প্ৰকাৰৰ আঁহ তৈয়াৰ কৰি উলিয়াইছে। এনে আঁহ তৈয়াৰ কৰিবলৈ তেওঁলোকে বিভিন্ন কেঁচা সামগ্ৰী, ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি বিভিন্ন পদ্ধতিৰে নতুন নতুন আঁহ তৈয়াৰ কৰি আহিছে। 

কৃত্রিম আঁহ বুলি ক’লে প্রকৃত অৰ্থত আমি পৰীক্ষাগাৰত বিভিন্ন মৌলৰ ধাৰাবাহিক হিচাপে বিশ্লেষণ কৰি তৈয়াৰ কৰা আঁহকে বুজোঁ। এই প্রণালীত মৌলসমূহৰ বিশ্লেষণ ঘটাই এটা ডাঙৰ মৌল তৈয়াৰ কৰা হয় আৰু ইয়াক সৰু সৰু ফুটা থকা স্পিনাৰেটৰ মাজেৰে পাৰ কৰি তন্তু আকাৰে তৈয়াৰ কৰা হয় আৰু আৱশ্যক অনুযায়ী চুটিকে কটা হয়।

৭। প্রাকৃতিক আঁহ কোনবোৰ? বহু ব্যৱহৃত কেইবিধমান উদ্ভিজ আঁহৰ নাম লিখা।

উত্তৰঃ প্রাকৃতিক আঁহ বোৰ হৈছে উদ্ভিদ জগত, প্ৰাণী জগত আৰু খনিজ সম্পদ।

বহু ব্যৱহৃত কেইবিধমান উদ্ভিজ আঁহৰ নাম হল – কপাহ, শিমলু, কেপক, ৰেমি, শণ, মৰাপাট, নাৰিকল ইত্যাদি।

৮। ‘সাজ-পাৰে আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতা সম্পাদনত সহায় কৰে’- বহলাই লিখা।

উত্তৰঃ সাজপাৰে আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতা সম্পাদনত সহায় কৰে। আমাৰ দৈনন্দিন আৰু সামাজিক জীৱনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত, বিভিন্ন ধৰণৰ সাজ-পাৰ পৰিধান কৰোঁ। দেশ, কাল আৰু পাত্র ভেদেও সাজ-পাৰৰ বিভিন্নতা দেখা যায়। পোছাক-পৰিচ্ছদ পৰিধান কৰাৰ ক্ষেত্ৰত বয়স আৰু কাম-কাজৰ ধৰণৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয়। বেছি ৰং-চঙীয়া বা বেছি নক্সা (Design) থকা সাজ- পাৰে সৰু ল’ৰা- ছোৱালীক ধুনীয়া কৰি তোলে। কিন্তু বয়সস্থ লোকক তেনে সাজ-পাৰে শুৱনি কৰি নোতোলে। বয়সস্থ লোকৰ বাবে পাতল ৰং, কম নক্সা থকা সাজ-পাৰহে উপযুক্ত হয়। কাম অনুযায়ীও সাজ-পাৰ বেলেগ বেলেগ হোৱা দেখা যায়। সেয়েহে শ্রমিক, খেলুৱৈ, সৈনিক, চিকিৎসক আদি প্রত্যেকৰে পোছাক-পৰিচ্ছদ বেলেগ বেলেগ।

সাজ-পাৰৰ দ্বাৰা মানুহৰ স্বভাৱ, মন, ৰুচিবোধ আৰু প্ৰকৃতিৰ বিষয়ে জানিব পাৰি। পৰিপাটিকৈ পিন্ধা সাজ-পাৰে এজন পুৰুষ বা এগৰাকী মহিলাৰ মিতব্যয়িতা, শৃংখলাবদ্ধতা আদিৰ পৰিচয় দিয়ে। আনহাতে, অপৰিপাটিকে পিন্ধা অতি দামী সাজ-পাৰেও মানুহৰ অমিতব্যয়িতা বা শৃংখলাহীনতাৰ পৰিচয়হে দাঙি ধৰে। 

৯। ‘উদ্ভিজ আঁহৰ তৈয়াৰী পোছাক গৰম জলবায়ুৰ বাবে আৰামদায়ক’- আলোচনা কৰা।

উত্তৰঃ উদ্ভিদৰ বিভিন্ন অংশ যেনে- পাত, গুটি, গা-গছ আদিৰপৰা আঁহ উলিয়াই সূতা প্ৰস্তুত কৰা হয়। এই উদ্ভিদ আঁহসমূহ হৈছে- কপাহ, শিমলু, কেপক, ৰেমি, শণ, মৰাপাট, নাৰিকল ইত্যাদি। 

এই আঁহসমূহৰ বিষয়ে কিছু কথা জানো আঁহা:

কপাহ: প্রায় ৫০০০ বছৰৰ আগৰপৰাই ভাৰতবৰ্ষত কপাহী কাপোৰৰ প্ৰচলন চলি আহিছে। কপাহৰপৰা কপাহী কাপোৰ প্ৰস্তুত কৰা হয়। কপাহৰ জন্ম ভাৰতবৰ্ষতেই বুলি জনা যায়। কপাহ খেতিৰ বাবে আলতীয়া, ক’লা, পলসুৱা আৰু ওখ মাটি আৰু সেমেকা জলবায়ুৰ প্রয়োজন। কপাহ গছত লগা কৰ পুৰঠ হ’লে ফাটিবলৈ আৰম্ভ কৰে আৰু লগে লগে সেইবোৰ তুলি আনি, বাকলি গুচাই, দুদিন ৰ’দাব লাগে। আগৰ দিনত নেওঠনীৰ সহায়ত কপাহৰপৰা গুটিবোৰ পৃথক কৰা হৈছিল। গুটি গুচোৱা কপাহখিনি আকৌ ৰ’দত দি, ভালদৰে ধুনি, আঁহবোৰ টান আৰু মজবুত হ’বৰ বাবে ঠাণ্ডা ঠাইত থ’ব লাগে। এই ধুনি থোৱা কপাহৰ পৰাই টাকুৰী বা যতৰৰ সহায়ত সূতা কটা হয়। কিন্তু আজিকালি সূতাৰ উদ্যোগত যন্ত্ৰৰ সহায়ত কটা সূতাৰহে প্ৰচলন বেছি।

অর্গেণ্ডি: অর্গেণ্ডি কাপোৰ স্বচ্চ আৰু বৰ পাতল। ৰাসায়নিক প্ৰক্ৰিয়াৰ সহায়ত এই কাপোৰ খমখমীয়া কৰি তোলা হয়। কপাহৰ আঁহবোৰ বেছিকৈ পাক দি এই কাপোৰ তৈয়াৰ কৰা হয়।

ফ্লানেলেট: কপাহী সূতাৰে তৈয়াৰী কাপোৰত বিশেষ সম্পূৰ্ণকৰণ প্ৰক্ৰিয়া প্ৰয়োগ কৰি কাপোৰখন কিছু নোমাল কৰি তোলা হয়। সেয়েহে, এইবিধ কাপোৰ পিন্ধিলে আমি গৰম অনুভৱ কৰো। শীতকালত এই কাপোৰ ব্যৱহাৰ কৰা হয় আৰু শিশুৰ বাবে ই উপযোগী।

মছলিন: এছিয়া মহাদেশৰ তুৰস্কৰ মোচল নামৰ ঠাইত এই কাপোৰ প্ৰথমে প্রস্তুত হৈছিল বাবে এই কাপোৰ মছলিন নামেৰে জনাজাত। অলপ দেখনিয়াৰ কৰিবৰ বাবে এই কাপোৰৰ মাজে মাজে ৰেচমী সূতা আৰু গুণা মিহলাই বোৱা হয়। মোচলৰ কপাহ উৎকৃষ্ট জাতৰ। গতিকে এই কপাহৰ পৰাই উৎকৃষ্ট মানৰ কপাহী কাপোৰ প্রস্তুত কৰা হয়।

শণ: তিচি গছৰ ডালৰ ভিতৰৰ আঁহবোৰৰ পৰা শণ সূতা প্রস্তুত কৰা হয়। শণ সূতাৰে তৈয়াৰী কাপোৰক লিনেন বোলা হয়। তিচি গছৰ আঁহক শণ বা ফ্লাক্স (Flax) বোলা হয়। তিচি গছবোৰ অতি ওচৰা-ওচৰিকৈ বোৱা হয়- যাতে তাৰ ডাল বাঢ়িব নোৱাৰে। ইয়াৰ ফুলবোৰ নীলা বৰণীয়া।

১০। কপাহেৰে তৈয়াৰী কেইপ্ৰকাৰমান কাপোৰৰ নাম লিখা।

উত্তৰঃ কপাহী সূতাৰপৰা বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰিব পাৰি। সেইবোৰৰ ভিতৰত অৰ্গেণ্ডি, ফ্লানেলেট, মছলিন আদি।

১১। প্রাণীজ আঁহৰ বিভিন্ন ব্যৱহাৰিক দিশসমূহ বর্ণনা কৰা।

উত্তৰঃ প্রাণীজ আঁহৰ বিভিন্ন ব্যৱহাৰিক দিশসমূহ হৈছে:

১। এই আঁহৰ ঘনত্ব মধ্যমীয়া। সেয়েহে ওজনত পাতল আৰু ভ্ৰমণৰ সাজ-পোছাকৰ বাবে সুবিধাজনক।

২। সকলো প্রাণীজ আঁহ তাপৰ কু-পৰিবাহী, এনে আঁহৰ কাপোৰে তাপ পৰিবহন কৰিব নোৱাৰে। সেয়েহে এই কাপোৰ শীতকালৰ পোছাকৰ বাবে আৰামদায়ক। শীতকালত এনে আঁহৰ কাপোৰে শৰীৰৰ উষ্ণতা ধৰি ৰাখি শৰীৰক উম দিয়ে আৰু শীতৰ উপশম ঘটায়।

৩। এই আঁহ অতি নমনীয় আৰু স্থিতিস্থাপক, সেয়েহে এই আঁহৰ কাপোৰ সহজে সোঁত-মোচ নাখায় আৰু খালেও কিছু সময় ওলোমাই থ’লে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। এনে আঁহৰ কাপোৰ সামান্যভাবে ইস্ত্রী কৰিলে বা নকৰিলেও হয়।

৪। প্রাণীজ আঁহৰ উলৰ শক্তি কম, কিন্তু চিল্ক আঁহ অধিক শক্তিশালী। উল পানীত তিতিলে শতকৰা ৪০ ভাগ শক্তিৰ হ্রাস হয়। সেয়েহে এই আঁহৰ কাপোৰ সাৱধানেৰে ধুব লাগে। এনে আঁহৰ কাপোৰ শুষ্ক ধোৱন পদ্ধতিৰে ধূলে সুফল পোৱা যায়।

৫। এই আঁহে জলীয় বাষ্প অতি লাহে লাহে শোষণ কৰে আৰু লাহে লাহে এৰি দিয়ে। এই গুণৰ বাবে চিল্কৰ আঁহ গ্রীষ্ম কালতো ব্যৱহাৰ কৰিব পাৰি।

৬। এই আঁহে উচ্চ-উষ্ণতা সহিব নোৱাৰে। শুকান অৱস্থাত সোনকালে নষ্ট হয়। সেয়ে এনে আঁহৰ কাপোৰ সমভাৱে সেমেকা অৱস্থাত মৃদু উষ্ণতাত ইস্ত্রী কৰিব লাগে।

১২। কৃত্ৰিম আঁহৰ সাধাৰণ ধৰ্মসমূহ লিখা।

উত্তৰঃ কৃত্ৰিম আঁহৰ সাধাৰণ ধৰ্মসমূহ হৈছে:

১। সকলো কৃত্রিম আঁহ থার্মপ্লাষ্টিক অর্থাৎ এনে আঁহ তাপৰ সংস্পৰ্শত আহিলে প্রথমতে কোমল হয় আৰু লাহে লাহে গলিব ধৰে। অধিক সময় থাকিলে গলি জ্বলিবলৈ আৰম্ভ কৰে।

২। সকলো কৃত্রিম আঁহে তাপৰ কু-পৰিবাহী, এই আঁহৰ কাপোৰ গৰম জলবায়ুৰ বাবে আমনিদায়ক।

৩। এই আঁহৰ জলীয় বাষ্প শোষণ কৰিব পৰা ক্ষমতা কম। এই আঁহত জলীয় বাষ্প কাপোৰৰ পৃষ্ঠত বিয়পি পৰে। ইংৰাজীত ইয়াক উইকিং (Wicking) ধর্ম বুলি কোৱা হয়। এই ধৰ্মৰ বাবে কৃত্ৰিম আঁহৰ কাপোৰ ধূলে পানীভাগ কাপোৰৰ উপৰিভাগতে থাকে, মেলি দিলে টোপ টোপকৈ পৰি পৃষ্ঠৰপৰা সোনকালে আঁতৰি যায় আৰু কাপোৰখন সোনকালে শুকায়।

৪। এই আঁহৰ কাপোৰে উষ্ণতা সহিব নোৱাৰে। উষ্ণতাৰ সংস্পৰ্শত প্রথমতে কোমল হয় আৰু উষ্ণতা বঢ়াৰ লগে লগে গলিব আৰম্ভ কৰে। এই আঁহৰ কাপোৰ ইস্ত্রি কৰোঁতে সামান্য উষ্ণতা ব্যৱহাৰ কৰিব লাগে অথবা ইস্ত্রি নকৰিলেও হয়।

৫। কৃত্ৰিম আঁহৰ কাপোৰ অধিক নমনীয় আৰু স্থিতিস্থাপক। এই গুণৰ বাবে কৃত্ৰিম আঁহৰ কাপোৰ সহজে সোঁত মোচ নহয়। হ’লেও পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। সেইবাবে এনে আঁহৰ কাপোৰ ভ্ৰমণৰ সাজ-পোছাকৰ বাবে সুবিধাজনক।

৬। এই আঁহৰ কাপোৰ ওজনত পাতল। কপাহৰ আঁহৰ লগত তুলনা কৰিলে একে ওজনৰ এযোৰ কপাহী কাপোৰৰ তুলনাত দুযোৰ বা তিনিযোৰ কৃত্ৰিম আঁহৰ কাপোৰ সমান হ’ব। সেয়েহে ভ্ৰমণৰ বাবে এনে আঁহৰ কাপোৰ সুবিধাজনক। কম ওজনত অধিক সংখ্যক কাপোৰ কঢ়িয়াব পৰা যায়।

৭। এই আঁহৰ কাপোৰৰ মাজেৰে বায়ু চলাচল কৰিব নোৱাৰে। সেয়েহে গৰমৰ দিনত এই কাপোৰ পিন্ধিলে অসহ্যকৰ অনুভূতি হয়। বায়ু চলাচল কৰিব নোৱাৰাৰ বাবে শৰীৰত ঘামচি ওলায়। আনকি শৰীৰত ফোঁহা হোৱাৰো সম্ভাৱনা থাকে।

১৩। কৃত্ৰিম আঁহৰ কাপোৰ গৰম জলবায়ুৰ পোছাকৰ বাবে আৰামদায়ক নে?

উত্তৰঃ কৃত্ৰিম আঁহৰ কাপোৰ গৰম জলবায়ুৰ পোছাকৰ বাবে আৰামদায়ক নহয়।

১৪। দাগ কাক বোলে? কাপোৰৰপৰা দাগ আঁতৰাবলৈ কি কি দ্রব্য ব্যৱহাৰ কৰিবা?

উত্তৰঃ দাগ হৈছে সাজ-পোছাকৰ পৃষ্ঠত বহিৰাগত সামগ্ৰীৰ সংস্পৰ্শত সৃষ্টি হোৱা এক অশোভনীয় চিহ্ন। এই চিহ্ন এটা সৰু বিন্দুৰপৰা আৰম্ভ কৰি সম্পূৰ্ণ কাপোৰত লাগিব পাৰে অথবা সৰু-ডাঙৰ অসংখ্য চিহ্ন হ’ব পাৰে। 

কাপোৰৰপৰা দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা দ্রব্যবোৰ হল –

১। আম্লিক দ্ৰব্য।

(ক) অঞ্জেলিক এচিড।

(খ) নেমুটেঙাৰ ৰস।

(গ) এচেটিক এচিড।

২। ক্ষাৰজাতীয় দ্রব্য।

(ক) কাপোৰ ধোৱা চ’ডা।

(খ) বোৰাক্স।

(গ) এমোনিয়া।

(ঘ) এমোনিয়াম কার্বনেট।

৩। বিৰঞ্জক দ্রব্য।

(ক) অক্সিডাইজিং বা জাৰক বিৰঞ্জক।

(খ) বিজাৰক বিৰঞ্জক দ্ৰব্য।

৪। চব্বী জাতীয় দাগ আঁতৰোৱা দ্রব্য।

(ক) দ্ৰাৱক।

(খ) শোষক।

১৫। উৎস অনুসৰি দাগৰ শ্ৰেণী বিভাজন কৰা।

উত্তৰঃ দাগৰ উৎস বিভিন্ন প্ৰকাৰৰ যেনে –

১। উদ্ভিজ দাগ (Vegetable Stains).

২। প্রাণীজ দাগ (Animal Stains).

৩। খনিজ দাগ (Mineral Stains).

৪। চর্বী বা তেল জাতীয় দাগ (Grease Stains).

৫। ৰঙৰ দাগ (Dyes or Paint Stains).

১। উদ্ভিজ দাগ (Vegetable Stains): উদ্ভিজ দাগসমূহ হৈছে গছ-পাত, ফল-ফুল, শিপা, ঘাঁহ-বন আদিৰ ৰসৰপৰা, তামোল-পাণৰ পিক্, চাহ, কফি, কোকো, শেলাই, বিভিন্ন পাচলি আদিৰপৰা সৃষ্টি হোৱা চিহ্ন। এই দাগসমূহ প্রকৃতিত অম্লজাতীয়। এনে দাগ আঁতৰাবলৈ সাধাৰণতে ক্ষাৰ জাতীয় বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

২। প্রাণীজ দাগ (Animal Stains): প্রাণীজ দাগ বুলি ক’লে আমি তেজ, কণী, গাখীৰ, মাছ-মাংস, পোক-পৰুৱা, পখিলা, পখিলাৰ কণী ইত্যাদি বিভিন্ন প্ৰাণীৰপৰা সৃষ্টি হোৱা চিহ্নকে বুজোঁ। এই দাগ প্রটিন জাতীয়, সেয়েহে এই দাগ আঁতৰাবলৈ উত্তাপ অর্থাৎ গৰম পানী, গৰম ইস্ত্রী আদি ব্যৱহাৰ কৰিব নালাগে। এনে দাগ পৰিষ্কাৰ কৰিবলৈ সাধাৰণতে ক্ষাৰ জাতীয় বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

৩। খনিজ দাগ (Mineral Stains): খনিজ দাগ সাধাৰণতে লো, মামৰ, বোকা, ৰঙীন মাটি, বিভিন্ন খনিজ লবণ, আয়ডিন, চিয়াহী, দৰব ইত্যাদিৰ পৰা লগা দাগ। আৱশ্যক অনুযায়ী অম্ল বা ক্ষাৰ জাতীয় বিৰঞ্জক এই দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

৪। চর্বী বা তেলজাতীয় দাগ (Grease Stains): বিভিন্ন প্ৰকাৰৰ তেল যেনে- মিঠাতেল, নাৰিকল তেল, তিল তেল, বাদাম তেল, ইত্যাদি যিকোনো তেল কাপোৰত লাগিলে দাগৰ সৃষ্টি কৰে। সেইদৰে ঘাঁ, মাখন, ক্রীম, গৰু, ছাগলী, গাহৰী আদিৰ চৰ্বী সাগৰীয় মাছৰ চৰ্বী, কড লিভাৰ তেল ইত্যাদি। এই দাগ আঁতৰাবলৈ চৰ্বী শোষক মানে যিকোনো গুড়ি যেনে- ফ্রেঞ্চ চক্, সাজি মাটি, মুখত ঘঁহা পাউডাৰ,নিমখ, ভঁজা আতাৰ ভূচি, ময়দা, বেচন, চাউলৰ গুড়ি, পাউৰুটিৰ গুড়ি, গন্ধকৰ গুড়ি, ইত্যাদি অথবা চর্বী দ্রাবক যেনে পেট্র’ল, বেনযাইন, কার্বন টেট্রাক্লৰাইড, ট্রাইক্ল’ৰ ইথিলিন, টাৰপেনটাইন বেনথল, বেনযিন, পাৰক্ৰ’ৰ ইথিলিন, এচিটন, এলক’হল, ইত্যাদি ব্যৱহাৰ কৰা হয়।

৫। ৰঙৰ দাগ (Dyes or Paint Stains): এই প্ৰকাৰৰ দাগসমূহ হৈছে বিভিন্ন প্ৰকাৰৰ ৰং যেনে- প্রাকৃতিক ৰং, কৃত্ৰিম ৰাসায়নিক ৰং, বিভিন্ন প্ৰকাৰৰ পেইন্ট, যেনে কাঠত লগোৱা, লোহাত লগোৱা, ঘৰত লগোৱা আদিৰ উপৰিও বাৰ্ণিছ জাতীয় দাগ, দৰবৰ দাগ, লিপষ্টিক, নেইল পলিচ ইত্যাদি। এই ক্ষেত্ৰত আগতীয়াকৈ দাগৰ প্রকৃতি জানি লৈ বিৰঞ্জক দ্ৰব নিৰ্বাচন কৰি লব লাগে।

১৬। দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক দ্রব্যসমূহৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ কাপোৰ আৰু দাগৰ প্রকৃতি অনুযায়ী বেলেগ বেলেগ ৰাসায়নিক দ্ৰব্যৰ আৱশ্যক হয়। যেনে এচিড জাতীয় দ্রব্য কপাহী, লিনেন আদি কাপোৰৰ বাবে অনিষ্টকাৰী। 

দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক দ্রব্যসমূহৰ বিভিন্ন প্ৰকাৰৰ তলত দিয়া হ’ল-

(১) আম্লিক দ্রব্য (Acidic reagents): এনে দ্রব্য বিশেষকৈ মামৰ, চিয়াহী, তামোল-পাণৰ পিক্ আদিৰ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

(ক) অঞ্জেলিক এচিড (Oxalic acide): এই প্ৰকাৰ বিৰঞ্জক সাধাৰণতে মামৰ, চিয়াহী, তামোল পাণৰ পিক্, চাহ-কফিৰ পুৰণা দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

(খ) নেমুটেঙাৰ ৰস (Lemon juice): ইয়াৰ প্ৰতিক্রিয়া অক্‌জেলিক এচিডৰ দৰে একে।

(গ) এচেটিক এচিড (Acetic Acidic): এইবিধ দ্রব্য মামৰৰ দাগ আঁতৰাবলৈ, কাপোৰত নীল বেছি হ’লে আঁতৰাবলৈ, কাপোৰ ক্ষাৰীয় দ্রব্যত ধুলে প্রশমন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এচেটিক এচিডৰ ৬% দ্ৰৱণক ভিনেগাৰ বুলি কোৱা হয়।

(২) ক্ষাৰজাতীয় দ্রব্য (Alkaline Reagents):

(ক) কাপোৰ ধোৱা চ’ডা (Washing Soda): এচিড জাতীয় দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

(খ) বোৰাক্স (Borax): বোৰাক্স মৃদু বিৰঞ্জক প্রাণীজ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়। কাপোৰৰ মাৰ আঁতৰাবলৈয়ো ব্যৱহাৰ কৰা হয়।

(গ) এমোনিয়া (Ammonia): মৃদু ক্ষাৰ জাতীয় দ্রব্য। উলব কাপোৰৰ দাগ আঁতৰাবলৈ উৎকৃষ্ট দ্রব্য। প্রটিন জাতীয় দাগ বিশেষকৈ তেজৰ দাগ আঁতৰাবলৈ ব্যৱহাৰ হয়।

(ঘ) এমোনিয়াম কার্বনেট (Ammonium Carbonate): প্রাণীজ আঁহৰ দাগ আঁতৰাবলৈ উৎকৃষ্ট। এচিড ব্যৱহাৰ কৰিলে প্রশমন কৰিবলৈ ব্যৱহাৰ হয়।

বিৰঞ্জক দ্রব্য (Bleaching agent): যিবোৰ দ্ৰব্যৰ সহায়ত মলিন বগা কাপোৰ উজ্জ্বল বগা আৰু বহিৰাগত সামগ্ৰীৰপৰা উৎপন্ন হোৱা ৰঙীন দাগ ৰংবিহীন কৰা হয়, তেনেবোৰ দ্রব্যকে বিৰঞ্জক দ্ৰব্য আৰু ব্যৱহাৰ কৰা প্রণালীক বিৰঞ্জীকৰণ প্ৰণালী বুলি কোৱা হয়।

বিৰঞ্জক দুই প্ৰকাৰৰ-

(ক) অক্সিডাইজিং বা জাৰক বিৰঞ্জক। আৰু

(খ) বিজাৰক বিনঞ্জক।

(ক) অক্সিডাইজিং বা জাৰক বিৰঞ্জক (Oxidising agent): এই প্ৰকাৰ দ্রব্যই দাগৰ সৈতে ক্ৰিয়া কৰি জায়মান অক্সিজেন (Nacesnt oxygen) উৎপন্ন কৰে আৰু দাগ ৰংবিহীন কৰে। 

কেই প্ৰকাৰমান জাৰক দ্রব্য হৈছে-

(১) সূৰ্য্যৰ পোহৰ (Sunlight).

(২) চ’ডিয়াম হাইপ’ক্লৰাইট অথবা জেভেলি ওৱাটাৰ (Sodium hypochlorite or Javelle Water).

(৩) চ’ডিয়াম পাৰব’ৰেট (Sodium Perborate).

(৪) হাইড্রজেন পেৰ’ক্সাইড (Hydrogon peroxide).

জেভেলি ওৱাটাৰ বা চ’ডিয়াম হাইপ’ক্লৰাইট প্রস্তুত প্রণালী:

উপকৰণ 

(ক) ১ চামুচ কাপোৰ ধোৱা চ’ডা, ১ লিটাৰ গৰম পানী।

উপকৰণঃ (খ) ১/২ চামুচ ক্লৰাইড অব লাইম, ২ লিটাৰ পানী। দ্ৰৱন ‘ক’ আৰু ‘খ’ তৈয়াৰ কৰি অকনো নলৰোৱাকৈ পৃথকে পৃথকে থৈ দিয়া হয়। দ্ৰৱনকেইটা ফট্ফটিয়া পৰিষ্কাৰ হ’লে এটা ৰঙীণ বটলত পৰিস্ৰৱনৰ দ্বাৰা প্ৰথমতে দ্রৱণ ‘ক’ আৰু পিছত দ্ৰৱণ ‘খ’ ভৰাই ভালদৰে জোকাৰি মিহলোৱা হয়। এই দ্ৰৱন এন্ধাৰ ঠাইত সংগ্ৰহ কৰিব লাগে।

(খ) বিজাৰক বিৰঞ্জক দ্রব্য (Reducing agent): এই প্ৰকাৰ দ্ৰবই দাগৰ সৈতে ক্ৰিয়া কৰি অক্সিজেন ভাগ আঁতৰাই দাগ ৰঙবিহীন কৰে। উদাহৰণ-

(১) চডিয়াম হাইড্রছালফেট (Sodium hydrosulphate).

(২) চডিয়াম বাইছালফেট (Sodium bisulphate).

(৩) চডিয়াম থায়োছালফেট(Sodium-thio-sulphate): বিজাৰক বিৰঞ্জক জাৰক বিৰঞ্জকৰ দৰে শক্তিশালী নহয়। এই বিৰঞ্জক ব্যৱহাৰ কৰি দাগ আঁতৰালেও অক্সিজেনৰ সংস্পৰ্শত পুনৰ ঘূৰি আহিব পাৰে।

১৭। ‘জেভেলি ৱাটাৰ’ কিদৰে তৈয়াৰ কৰিবা?

উত্তৰঃ জেভেলি ৱাটাৰ’ কিদৰে তলত দিয়া ধৰণে তৈয়াৰ কৰিব পাৰি:

উপকৰণ – (ক) ১ চামুচ কাপোৰ ধোৱা চ’ডা, ১ লিটাৰ গৰম পানী।

উপকৰণ: 

(খ) ১/২ চামুচ ক্লৰাইড অৱ লাইম, ২ লিটাৰ পানী। দ্ৰৱন ‘ক’ আৰু ‘খ’ তৈয়াৰ কৰি অকনো নলৰোৱাকৈ পৃথকে পৃথকে থৈ দিয়া হয়। দ্ৰৱনকেইটা ফফটিয়া পৰিষ্কাৰ হ’লে এটা ৰঙীণ বটলত পৰিস্ৰৱনৰ দ্বাৰা প্ৰথমতে দ্ৰৱণ ‘ক’ আৰু পিছত দ্ৰৱণ ‘খ’ ভৰাই ভালদৰে জোকাৰি মিহলোৱা হয়। এই দ্ৰৱন এন্ধাৰ ঠাইত সংগ্ৰহ কৰিব লাগে।

১৮। কাপোৰৰ পৰা দাগ আঁতৰোৱাৰ দুটা কাৰণ দর্শোৱা?

উত্তৰঃ কাপোৰৰ পৰা দাগ আঁতৰোৱাৰ দুটা কাৰণ হল- 

১। কাপোৰত দাগ থাকিলে ই কাপোৰৰ সৌন্দৰ্য হ্ৰাস কৰে। 

২। দাগবোৰ সময়মতে আঁতৰালে কাপোৰৰ বস্ত্ৰৰ দীৰ্ঘজীৱন বৃদ্ধি পায় আৰু কাপোৰ অধিক দিনৰ বাবে ব্যৱহাৰযোগ্য হৈ থাকে।

১৯। দাগ আঁতৰোৱা নিয়মসমূহ উল্লেখ কৰা।

উত্তৰঃ দাগ আঁতৰাৱলৈ চেষ্টা কৰা নিয়মসমূহ উল্লেখ হল –

(১) দাগ লগাৰ লগে লগে অর্থাৎ নতুন হৈ থাকোতেই আঁতৰাবলৈ চেষ্টা কৰিব লাগে।

(২) দাগ লগা কাপোৰখনৰ প্ৰকৃতি যেনে- কপাহ, চিক্ল, উল, কৃত্রিম ইত্যাদি নির্ণয় কৰি ল’ব লাগে। কাপোৰৰ প্ৰকৃতি অনুযায়ী দাগ আঁতৰোৱা পদ্ধতিও বেলেগ বেলেগ হয়।

(৪) ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰিলে কাপোৰৰ প্ৰকৃতি অনুযায়ী নির্বাচন কৰিব লাগে, অৰ্থাৎ ক্ষাৰজাতীয় দ্রব্য প্রাণীজ আঁহৰ বাবে হানিকাৰক।

(৬) দাগ ঘর্ষণ পদ্ধতিৰে আঁতৰাব বিচাৰিলে দাগৰ পৰিসীমাৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে কেন্দ্রলৈ ঘূৰণীয়াকৈ ঘাঁই যাব লাগে।

(৮) দাগ আঁতৰি যোৱাৰ লগে লগে, দাগ লগা অংশ প্ৰথমতে পৰিষ্কাৰ পানীৰে ধুই পিছত চাবোন পানীৰে ধুই ৰাসায়নিক দ্রব্য সম্পূৰ্ণৰূপে আঁতৰাই শেষত সম্পূৰ্ণ কাপোৰখন ধুব লাগে।

(৯) দাগ আঁতৰাবলৈ কাপোৰ অনুযায়ী এচিড বা ক্ষাৰ ব্যৱহাৰ কৰা হয়। সেয়েহে দাগ আঁতৰোৱাৰ শেষত ক্ষাৰ ব্যৱহাৰ কৰিলে এচিডৰ দ্বাৰা আৰু এচিড ব্যৱহাৰ কৰিলে ক্ষাৰৰ দ্বাৰা প্রশমন কৰিব লাগে।

(১০) দাগৰ ওপৰত বিৰঞ্জক ব্যৱহাৰ কৰিলে সময়ৰ প্ৰতি সচেতন হ’ব লাগে। আৱশ্যকীয় সময়তকৈ অধিক সময় থ’ব নালাগে। অধিক সময় ৰাখিলে কাপোৰৰ জমিন আৰু ৰং নষ্ট হৈ যায়।

২০। দাগৰ প্ৰকৃতি চিনাক্ত কৰাৰ চাৰিটা উপায় দর্শোৱা।

উত্তৰঃ দাগৰ প্ৰকৃতি চিনাক্ত কৰাৰ চাৰিটা উপায় হল- 

১। বৰণ (Colour): প্রত্যেক দাগৰ নিজস্ব বৰণ থাকে আৰু সেই বৰণৰ সহায়ত চিনাক্ত কৰিব পৰা যায়। উদাহৰণ স্বৰূপে তৰকাৰিৰ দাগ। তৰকাৰিৰ দাগত হালধী থাকে বাবে তৎক্ষণাৎ চিনাক্ত কৰিব পাৰি। সেইদৰে ঘাঁহ, পাতৰ দাগ সেউজীয়া ইত্যাদি।

২। ঘ্রাণ (Smell): সকলো বস্তুৰ নিৰ্দ্দিষ্ট গোন্ধ আছে, সেয়েহে যিকোনো বস্তু কাপোৰত লাগিলে, কিহৰ গোন্ধ নির্ণয় কৰিব পাৰি। যেনে কণীৰ গোন্ধ, মাছৰ গোন্ধ, তৰকাৰিৰ গোন্ধ, দৰবৰ গোন্ধ ইত্যাদি।

৩। স্পর্শ (Touch): কিছুমান বস্তু কাপোৰত লাগিলে, পৃষ্ঠত লগা অংশৰ পৰিৱৰ্তন হয়। কেতিয়াবা শুকাই খৰখৰিয়া হয়, কেতিয়াবা খামুচি ধৰে, কেতিয়াবা কাপোৰখনে শোষণ কৰি লয়, কেতিয়াবা কাপোৰৰ পৃষ্ঠত একেদৰে ৰৈ যায়। যেনে- নেইল পলিচ্, কণী, লিপষ্টিক, পেইন্ট, পানীত গোলা বেচন বা চাউলৰ গুড়িৰ লেইৰ দাগ ইত্যাদি।

২১। দাগ আঁতৰোৱাৰ বাবে আৱশ্যকীয় প্রাথমিক প্ৰস্তুতিৰ বিষয়ে লিখা।

উত্তৰঃ দাগ আঁতৰোৱাৰ বাবে আৱশ্যকীয় প্রাথমিক প্ৰস্তুতিবোৰ হল –

(১) জুবুৰিওৱা প্ৰস্তুতি (Dip method): এই প্ৰস্তুতি দাগ লগা অংশ দাগ আঁতৰাবলৈ তৈয়াৰ কৰি লোৱা দ্রৱণত সম্পূর্ণ সংস্পৰ্শত অহাকৈ জুবুৰিয়াব লাগে। এইদৰে কিছু সময় থৈ দিয়াৰ পিছত, দাগ কুমলিলে সেই অংশ ঘঁহিব লাগে। আৱশ্যক মতে ব্রাছ মৰাও হয়। দাগ আঁতৰিলে অথবা পাতল হ’লে কেবাবাৰো চাবোন পানীত ধুই পৰিষ্কাৰ পানীত আওডালিব লাগে।

(২) স্পঞ্জ প্ৰস্তুতি (Sponging method): এই প্ৰস্তুতি দাগৰ ওপৰত প্ৰকৃত বিৰঞ্জক দ্রব্য প্রয়োগ কৰি দাগ কোমলাই শোষকৰ দ্বাৰা শোষণ কৰাই দাগ আঁতৰোৱা হয়। ইয়াৰ বাবে-

(ক) কেবাতৰপো কাপোৰ ডাঠকৈ জাপি লোৱা হয়। ইয়াৰ ওপৰত দাগ লগা অংশ পাৰি লৈ তাৰ বিপৰীত দিশৰ পৰা বিৰঞ্জক দ্রব্য দাগৰ ওপৰত স্পঞ্জেৰে ঘঁহা হয়। এই দ্রব্য লাগি কাপোৰখনে সম্পূর্ণৰূপে দাগ আৰু দ্রব্য শুহি লোৱালৈকে কেবাবাৰো বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

(খ) কাপোৰৰ সলনি আমি ব্লটিং কাগজো কেবা তৰপকৈ জাপি দাগৰ তলত পাৰি ল’ব পাৰো। এতিয়া দাগৰ ওপৰত বিৰঞ্জক দি ঘঁহিব লাগে। দাগ গলিলে ব্লটিং কাগজেৰে শোষণ কৰে।

(গ) দাগৰ তলত কোমল কাপোৰ জাপি লোৱা হয় আৰু এখন কাপোৰ জাপি বিৰঞ্জক দ্রব্যত তিয়াই দাগৰ ওপৰত বাহিৰৰ পৰা কেন্দ্ৰলৈ ঘূৰণীয়াকৈ ঘঁহা হয়। ঘঁহা কাপোৰ আৰু তলত পৰা কাপোৰ আৱশ্যক অনুযায়ী সলনি কৰি ল’ব পৰা যায়। এইদৰে স্পঞ্জ পদ্ধতিৰ দ্বাৰা দাগ আঁতৰোৱা হয়।

(৩) টোপাল পদ্ধতি (Drop method): এই পদ্ধতিত কাপোৰৰ দাগ লগা অংশ এটা পাত্ৰৰ কেন্দ্ৰত থকাকৈ টানকৈ বান্ধি ল’ব লাগে। এতিয়া দাগৰ ওপৰত টোপ-টোপকৈ বিৰঞ্জক ড্ৰপাৰৰ সহায়ত দিয়া হয়। এনে কৰিলে দাগ গলি আঁতৰি যাব। পিছত কাপোৰখন ঠাণ্ডা পানী আৰু চাবোন পানীৰে ভালদৰে ধুব লাগে। অথবা দাগৰ ওপৰ আৰু তল উভয় দিশত শোষক গুড়ি দি তাৰ ওপৰত বিৰঞ্জক দি ভালদৰে ঘঁহিব লাগে। দাগ গলাই শোষক পাউডাৰৰ দ্বাৰা শোষণ কৰি আঁতৰোৱা হয়।

(৪) ভাপ পদ্ধতি (Steam method): উল, চিল্ক অথবা ৰঙীন কাপোৰত দাগ লাগিলে এই পদ্ধতিৰ দ্বাৰা আঁতৰোৱা হয়। ইয়াৰ বাবে এটা কেল্লী বা আন পাত্ৰত পানী গৰম কৰি ভাপ তৈয়াৰ কৰা হয়। দাগৰ ওপৰত এটোপাল বিৰঞ্জক দি ভাপৰ সন্মুখ বা ওপৰত ধৰিব লাগে। ভাপেৰে সংপৃক্ত অৱস্থা পালে ভাপৰ পৰা আঁতৰাই সেই অংশত জোৰেৰে পানী পৰাকৈ টেপৰ তলত ধৰিব লাগে। এইদৰে ভাপ পদ্ধতিৰে দাগ আঁতৰাব পাৰি।

২২। দাগৰ মূল শ্ৰেণীসমূহৰ বিষয়ে লিখা।

উত্তৰঃ দাগৰ মূল শ্ৰেণীসমূহ হল –

১। উদ্ভিজ দাগ (Vegetable Stains).

২। প্রাণীজ দাগ (Animal Stains).

৩। খনিজ দাগ (Mineral Stains).

৪। চর্বী বা তেল জাতীয় দাগ (Grease Stains).

৫। ৰঙৰ দাগ (Dyes or Paint Stains).

১। উদ্ভিজ দাগ (Vegetable Stains): উদ্ভিজ দাগসমূহ হৈছে গছ-পাত, ফল-ফুল, শিপা, ঘাঁহ-বন আদিৰ ৰসৰপৰা, তামোল-পাণৰ পিক্, চাহ, কফি, কোকো, শেলাই, বিভিন্ন পাচলি আদিৰপৰা সৃষ্টি হোৱা চিহ্ন। এই দাগসমূহ প্রকৃতিত অম্লজাতীয়। এনে দাগ আঁতৰাবলৈ সাধাৰণতে ক্ষাৰ জাতীয় বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

২। প্রাণীজ দাগ (Animal Stains): প্রাণীজ দাগ বুলি ক’লে আমি তেজ, কণী, গাখীৰ, মাছ-মাংস, পোক-পৰুৱা, পখিলা, পখিলাৰ কণী ইত্যাদি বিভিন্ন প্ৰাণীৰপৰা সৃষ্টি হোৱা চিহ্নকে বুজোঁ। এই দাগ প্রটিন জাতীয়, সেয়েহে এই দাগ আঁতৰাবলৈ উত্তাপ অর্থাৎ গৰম পানী, গৰম ইস্ত্রী আদি ব্যৱহাৰ কৰিব নালাগে। এনে দাগ পৰিষ্কাৰ কৰিবলৈ সাধাৰণতে ক্ষাৰ জাতীয় বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

৩। খনিজ দাগ (Mineral Stains): খনিজ দাগ সাধাৰণতে লো, মামৰ, বোকা, ৰঙীন মাটি, বিভিন্ন খনিজ লবণ, আয়ডিন, চিয়াহী, দৰব ইত্যাদিৰ পৰা লগা দাগ। আবশ্যক অনুযায়ী অম্ল বা ক্ষাৰ জাতীয় বিৰঞ্জক এই দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

৪। চর্বী বা তেলজাতীয় দাগ (Grease Stains): বিভিন্ন প্ৰকাৰৰ তেল যেনে- মিঠাতেল, নাৰিকল তেল, তিল তেল, বাদাম তেল, ইত্যাদি যিকোনো তেল কাপোৰত লাগিলে দাগৰ সৃষ্টি কৰে। সেইদৰে ঘী, মাখন, ক্রীম, গৰু, ছাগলী, গাহৰী আদিৰ চৰ্বী সাগৰীয় মাছৰ চৰ্বী, কড লিভাৰ তেল ইত্যাদি। এই দাগ আঁতৰাবলৈ চৰী শোষক মানে যিকোনো গুড়ি যেনে- ফ্রেঞ্চ চক্, সাজি মাটি, মুখত ঘঁহা পাউডাৰ,নিমখ, ভঁজা আতাৰ ভূচি, ময়দা, বেচন, চাউলৰ গুড়ি, পাউৰুটিৰ গুড়ি, গন্ধকৰ গুড়ি, ইত্যাদি অথবা চর্বী দ্রাবক যেনে পেট্র’ল, বেনযাইন, কার্বন টেট্রাক্লৰাইড, ট্রাইক্ল’ৰ ইথিলিন, টাৰপেনটাইন বেনথল, বেনযিন, পাৰ্ক’ৰ ইথিলিন, এচিটন, এলক’হল, ইত্যাদি ব্যৱহাৰ কৰা হয়। এইবিলাকৰ সহায়ত চব্বীভাগ শোহাই অথবা গলাই কাপোৰৰ পৃষ্ঠ পৰিষ্কাৰ কৰা হয়। তৰকাৰীৰ দাগৰ তেল ভাগো প্রথমতে এইদৰে আঁতৰাই, পিছত চাবোন পানীৰে ধোৱা হয়। আৱশ্যক অনুসৰি যিকোনো এক প্ৰকাৰৰ গুড়ি ছটিয়াই ভালদৰে ঘঁহি ঘঁহি চর্বী ভাগ শোহাই লোৱা হয়। চর্বী কাপোৰত ৰৈ গ’লে দ্রাৱকেৰে গলাই পুনৰ গুড়ি ছটিয়াই শোহাই লোৱা হয়।

৫। ৰঙৰ দাগ (Dyes or Paint Stains): এই প্ৰকাৰৰ দাগসমূহ হৈছে বিভিন্ন প্ৰকাৰৰ ৰং যেনে- প্রাকৃতিক ৰং, কৃত্ৰিম ৰাসায়নিক ৰং, বিভিন্ন প্ৰকাৰৰ পেইন্ট, যেনে কাঠত লগোৱা, লোহাত লগোৱা, ঘৰত লগোৱা আদিৰ উপৰিও বাৰ্ণি জাতীয় দাগ, দৰবৰ দাগ, লিপষ্টিক, নেইলপলিচ ইত্যাদি। এই ক্ষেত্রত আগতীয়াকৈ দাগৰ প্রকৃতি জানি লৈ বিৰঞ্জক দ্ৰব নিৰ্বাচন কৰি লব লাগে।

২৩। কাপোৰৰ পৰা চৰ্বীৰ দাগ আঁতৰাবলৈ কি কি দ্রব্য ব্যৱহাৰ কৰিবা?

উত্তৰঃ কাপোৰৰ পৰা চৰ্বীৰ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা দ্রব্য হল –

(ক) দ্রাৱক (Solvent): দ্রাৱকে চর্বী বা তেলজাতীয় দাগৰ সৈতে ক্ৰিয়া কৰি চৰী ভাগ গলাই কাপোৰৰপৰা উলিয়াই আনে। যেনে- পেট্রল, বেঞ্জিন, মিথিলিটেড স্পিৰিট, টিনপেনচাৰ, এচিটন, কার্বন টেট্রাক্লৰাইড, টাৰ্পেন্টাইন, পেৰাফিন, এমিল এচিটেট, পাৰক্ল’ৰ ইথিলিন।

(খ) শোষক (absorbent): যিকোনো পাউডাৰ অথবা গুড়িয়ে কাপোৰত লগা তেল বা চর্বী শোষণ কৰি কাপোৰখন পৰিষ্কাৰ কৰে,যেনে- আতাৰ ভুচি, চাউলৰ গুড়ি, দাইলৰ বেচন, পাউৰুটিৰ গুড়ি আদি শুকানকৈ ভাজি দাগৰ ওপৰত চটিয়াই ঘঁহি পৰিষ্কাৰ কৰা হয়। তাৰোপৰি ফ্রেঞ্চচক্ পাউডাৰ, মেগনেচিয়াম চিলিকেট ইত্যাদিও ব্যৱহাৰ কৰা হয়।

২৪। কপাহৰ কাপোৰৰ পৰা দাগ আঁতৰাবলৈ কি বিৰঞ্জক ব্যৱহাৰ কৰিবা?

উত্তৰঃ কপাহৰ কাপোৰৰ পৰা দাগ আঁতৰাবলৈ জাৰক বিৰঞ্জক ব্যৱহাৰ কৰিম।

২৫। দাগ আঁতৰোৱাৰ পদ্ধতিসমূহৰ যিকোনো দুটা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ দাগ আঁতৰোৱাৰ পদ্ধতিসমূহৰ যিকোনো দুটা পদ্ধতি হল-

১। জুবুৰিওৱা পদ্ধতি (Dip method): এই পদ্ধতিত দাগ লগা অংশ দাগ আঁতৰাবলৈ তৈয়াৰ কৰি লোৱা দ্ৰৱণত সম্পূর্ণ সংস্পৰ্শত অহাকৈ জুবুৰিয়াব লাগে। এইদৰে কিছু সময় থৈ দিয়াৰ পিছত, দাগ কুমলিলে সেই অংশ ঘঁহিব লাগে। আৱশ্যক মতে ব্রাছ মৰাও হয়। দাগ আঁতৰিলে অথবা পাতল হ’লে কেবাবাৰো চাবোন পানীত ধুই পৰিষ্কাৰ পানীত আওডালিব লাগে।

২। ভাপ পদ্ধতি (Steam method): ঊল, চিল্ক অথবা ৰঙীন কাপোৰত দাগ লাগিলে এই পদ্ধতিৰ দ্বাৰা আঁতৰোৱা হয়। ইয়াৰ বাবে এটা কেল্লী বা আন পাত্ৰত পানী গৰম কৰি ভাপ তৈয়াৰ কৰা হয়। দাগৰ ওপৰত এটোপাল বিৰঞ্জক দি ভাপৰ সন্মুখ বা ওপৰত ধৰিব লাগে। ভাপেৰে সংপৃক্ত অৱস্থা পালে ভাপৰ পৰা আঁতৰাই সেই অংশত জোৰেৰে পানী পৰাকৈ টেপৰ তলত ধৰিব লাগে। এইদৰে ভাপ পদ্ধতিৰে দাগ আঁতৰাব পাৰি।

২৬। দাগ আঁতৰাবলৈ অনুকৰণ কৰা নীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ কাপোৰৰ পৰা সফলতাৰে দাগ আতঁৰোৱাৰ মূল নীতি হৈছে- দাগ বা চেকাক স্থায়ী ৰূপ নিদিয়া। দাগ সদায় লগাৰ লগে লগে অর্থাৎ সতেজ অৱস্থাত আঁতৰাবলৈ চেষ্টা কৰিব লাগে। এনে স্তৰত দাগ সহজতে দ্ৰৱীভূত হৈ কাপোৰৰপৰা আঁতৰি যায়। কাপোৰত লগা যিকোনো দাগ অতি সাৱধানেৰে আঁতৰোৱাৰ চেষ্টা কৰিব লাগে। সাধাৰণ সাৱধানতা অৱলম্বন নকৰাকৈ দাগ আঁতৰাবলৈ চেষ্টা কৰিব নালাগে। এনে কৰিলে কেতিয়াবা গোটেই কাপোৰখনো নষ্ট হ’ব পাৰে। দাগ আঁতৰাবলৈ চেষ্টা কৰোঁতে উল্লেখিত নিয়মসমূহ পালন কৰিব লাগে।

২৭। দাগৰ পৰা সৃষ্টি হোৱা কু-প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ দাগৰ পৰা সৃষ্টি হোৱা কু-প্ৰভাৱসমূহ হল –

১। অশোভনীয় কৰি তোলা।

২। পোছাকৰ সজীৱতা হ্রাস কৰে।

৩। পোছাকত দাগ অধিক সময় থাকিলে দাগ স্থায়ী হয় আৰু পোছাক ব্যৱহাৰৰ অনুপযোগী কৰি তোলে।

৪। দীর্ঘদিন ধৰি দাগ কাপোৰত থাকিলে কাপোৰৰ সেই অংশ ফালি যায়।

৫। দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা বিৰঞ্জকৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে কাপোৰৰ সেই অংশৰ ৰং আৰু শক্তিৰ ক্ষয় হয়। বাকী অংশৰপৰা পৃথক হয় আৰু বিসদৃশ হৈ পৰে।

৬। দাগৰ উৎস অধিক শক্তিশালী হ’লে, দাগ লগাৰ লগে লগে সেই অংশ নষ্ট হৈ যায়।

২৮। অচিনাকী দাগ কেনেদৰে আঁতৰাবা?

উত্তৰঃ অচিনাকী দাগ যেনে: 

অম্ল: সকলো প্ৰকাৰৰ কাপোৰত লাগে।এম’নিয়াৰ দ্বাৰা এই দাগ গুচোৱা হয়।

ক্ষাৰ: সকলো প্ৰকাৰৰ কাপোৰত লাগে। ভিনেগাৰ, নেমুটেঙাৰ ৰসেৰে প্রশমিত কৰা হয়।

সুৰা: সকলো প্ৰকাৰৰ কাপোৰত লাগে। চেঁচা পানীৰে ধুই ভিনেগাৰৰ পাতল দ্ৰৱণত তিওৱা হয়। পুনৰ চেঁচা পানীৰে ধোৱা হয়।

২৯। চমুটোকা লিখা:

১। খনিজ আঁহ।

উত্তৰঃ খনিৰ পৰা আঁহৰ আকাৰত একপ্ৰকাৰ আঁহেই পোৱা যায় আৰু এই আঁহক এবেচটছ নামে জনা যায়। এবেছৰ অগ্নি প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থকাৰ বাবে জুই নুমুৱাৰ সময়ত এই কাপোৰ পৰিধান কৰা দেখা যায়। আনহাতে, নাটঘৰৰ স্ক্ৰীণ হিচাপেও এই কাপোৰ ব্যৱহাৰ কৰা হয়। সাগৰৰ পাৰৰ আৱাসী অঞ্চলত পৰ্দাৰ বাবে ব্যৱহাৰ কৰা হয়, সাগৰীয় বতাহ নিমখীয়া হোৱা বাবে এনে কাপোৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে। 

২। লিনেন।

উত্তৰঃ লিনেন কাপোৰত দাগ আঁতৰাবলৈ ঠাণ্ডা পানীত বহুসময় তিয়াই থ’লে দাগ কুমলিব আৰু কেবাবাৰো ঠাণ্ডা পানীৰে ধুব লাগে। কেতিয়াবা দৰবৰ ৰং ৰৈ যায়, তেতিয়া কেইটোপালমান হাইড্ৰ’জেন পেৰক্সাইড দি কিছুসময় থৈ পুনৰ পৰিষ্কাৰ পানীৰে ধুব লাগে।

৩। অর্গেণ্ডি।

উত্তৰঃ অর্গেণ্ডি কাপোৰ স্বচ্চ আৰু বৰ পাতল। ৰাসায়নিক প্ৰক্ৰিয়াৰ সহায়ত এই কাপোৰ খমখমীয়া কৰি তোলা হয়। কপাহৰ আঁহবোৰ বেছিকৈ পাক দি এই কাপোৰ তৈয়াৰ কৰা হয়।

৪। মছলিন।

উত্তৰঃ এছিয়া মহাদেশৰ তুৰস্কৰ মোচল নামৰ ঠাইত এইকাপোৰ প্ৰথমে প্রস্তুত হৈছিল বাবে এই কাপোৰ মছলিন নামেৰে জনাজাত। অলপ দেখনিয়াৰ কৰিবৰ বাবে এই কাপোৰৰ মাজে মাজে ৰেচমী সূতা আৰু গুণা মিহলাই বোৱা হয়। মোচলৰ কপাহ উৎকৃষ্ট জাতৰ। গতিকে এই কপাহৰ পৰাই উৎকৃষ্ট মানৰ কপাহী কাপোৰ প্রস্তুত কৰা হয়।

৫। ৰেমি।

উত্তৰঃ চীন দেশত হোৱা ‘চীনা ঘাঁহ’ৰপৰা এইবিধ সূতা প্ৰস্তুত কৰা হয়। ভাৰততো এইবিধ সূতা পোৱা যায় যদিও ইয়াৰ প্ৰচলন ভাৰতত কম। ইয়াত থকা গমৰ নিচিনা আঠাবোৰ সূতা প্ৰস্তুত কৰাৰ আগতেই পৃথক কৰি লোৱা হয় যদিও সামান্য পৰিমাণে থাকি যায়। গতিকে কাপোৰখন ধোৱাৰ পাছতো খমীয়া হৈ থাকে।

৬। শণ।

উত্তৰঃ তিচি গছৰ ডালৰ ভিতৰৰ আঁহবোৰৰ পৰা শণ সূতা প্ৰস্তুত কৰা হয়। শণ সূতাৰে তৈয়াৰী কাপোৰক লিনেন বোলা হয়। তিচি গছৰ আঁহক শণ বা ফ্লাক্স (Flax) বোলা হয়। তিচি গছবোৰ অতি ওচৰা-ওচৰিকৈ ৰোৱা হয়- যাতে তাৰ ডাল বাঢ়িব নোৱাৰে। ইয়াৰ ফুলবোৰ নীলা বৰণীয়া। ফুলবোৰ মৰহি যোৱাৰ আগতেই গছবোৰ উঘালি আনি মুঠি মুঠিকৈ বান্ধি পানীত গোৰাই থোৱা হয়। পাছত জ্বালৰ কোমলাংশ উলিয়াই সূতা কটা হয়। এই আঁহবোৰ ১০ ইঞ্চিৰপৰা কেইবা ফুটো দীঘল হয়। এই আঁহবোৰ বৰ মিহি আৰু উজ্জ্বল। সূতা কাটোতে সামান্য পাক দিয়া হয় বাবে সূতাবোৰ চিচিকিয়া হয়।

৭। মৰাপাট।

উত্তৰঃ অসম আৰু পশ্চিমবংগত মৰাপাটৰ খেতি বেছিকৈ হয়। মৰাপাটৰ গছবোৰ বেছি ডাঙৰ নহয়। ইয়াৰ ফুলবোৰ শুকাই যোৱাৰ লগে লগে গছবোৰ উঘালি অনা হয় আৰু পানীত গোৰাই থোৱা হয়। ঠাৰিবোৰ কোমল হ’লে ভালদৰে ধুই শুকোৱাই আঁহবোৰ উলিয়াই সূতা কটা হয়। মৰাপাটৰ সূতাৰ পৰা কেনভাচ ক্লথ, বস্তা, চট্‌কাপোৰ (Hessian Cloth), দলিচা, পঘা, শিকিয়া আদি তৈয়াৰ কৰা হয়। আজিকালি পোছাকৰ ওপৰত পিন্ধা ওৱেষ্ট কোটি আদিও বনোৱা হয়।

৮। নাৰিকল।

উত্তৰঃ উৎকৃষ্ট আঁহৰ বাবে নাৰিকলবোৰ পুৰঠ হ’ব লাগিব, কিন্তু শুকাই যাব নালাগিব। বাকলিৰ ৰং সেউজীয়া আৰু হালধীয়া ৰঙৰ মাজতে থাকিব লাগিব। চিপৰাঙেৰে বাকলিবোৰ গুচাই, থৈলাত ভৰাই বাকলিবোৰ পানীত গোৰাই থব লাগে। বাকলিবোৰ পচাৰ পাছত আঁহ উলিয়াই সূতা কটা হয়। নাৰিকলৰ সূতাৰ পৰা পাপোচ, ৰছী আদি তৈয়াৰ কৰা হয় আৰু সৰু সৰু আঁহবোৰ গাদী (Mattress) আদিত ব্যৱহাৰ কৰা হয়।

৯। উল।

উত্তৰঃ জন্তুৰ নোমৰ পৰা প্ৰস্তুত কৰা সূতাক উল সূতা বুলি কোৱা হয়। উল সূতা তাপৰ কু-পৰিবাহী বাবে শীতকালৰ বাবে উপযোগী। ভেড়াৰ নোমৰ পৰাই উল তৈয়াৰ হয় বুলি জনা যায় যদিও আলপাকা, লেমা, এংগোৰা শহা, এংগোৰা ছাগলী, কাশ্মীৰী ছাগলী, মেৰিনো ভেড়া, ভিকুনা আদি বিভিন্ন ঠাইৰ নোমাল জন্তুৰ পৰাও বিভিন্ন প্ৰকাৰৰ উল তৈয়াৰ কৰা হয়। তদুপৰি ছাগলী, শহাপহু আদি জন্তুৰ নোমাল ছালৰ পৰাও বিভিন্ন ধৰণৰ পোছাক তৈয়াৰ কৰা হয়।

১০। কৃত্ৰিম আঁহ।

উত্তৰঃ সকলো কৃত্রিম আঁহ থার্মপ্লাষ্টিক অর্থাৎ এনে আঁহ তাপৰ সংস্পৰ্শত আহিলে প্রথমতে কোমল হয় আৰু লাহে লাহে গলিব ধৰে। অধিক সময় থাকিলে গলি জ্বলিবলৈ আৰম্ভ কৰে। সকলো কৃত্রিম আঁহে তাপৰ কু-পৰিবাহী, এই আঁহৰ কাপোৰ গৰম জলবায়ুৰ বাবে আমনিদায়ক। এই আঁহৰ জলীয় বাষ্প শোষণ কৰিব পৰা ক্ষমতা কম। এই আঁহত জলীয় বাষ্প কাপোৰৰ পৃষ্ঠত বিয়পি পৰে। কৃত্ৰিম আঁহৰ কাপোৰ অধিক নমনীয় আৰু স্থিতিস্থাপক। এই গুণৰ বাবে কৃত্ৰিম আঁহৰ কাপোৰ সহজে সোঁত মোচ নহয়। হ’লেও পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব পাৰে। সেইবাবে এনে আঁহৰ কাপোৰ ভ্ৰমণৰ সাজ-পোছাকৰ বাবে সুবিধাজনক।

১১। কাপোৰৰ দাগ।

উত্তৰঃ দাগ হৈছে সাজ-পোছাকৰ পৃষ্ঠত বহিৰাগত সামগ্ৰীৰ সংস্পৰ্শত সৃষ্টি হোৱা এক অশোভনীয় চিহ্ন। এই চিহ্ন এটা সৰু বিন্দুৰপৰা আৰম্ভ কৰি সম্পূৰ্ণ কাপোৰত লাগিব পাৰে অথবা সৰু-ডাঙৰ অসংখ্য চিহ্ন হ’ব পাৰে। এই দাগ পোছাক ব্যৱহাৰ কৰি থকা সময়ত যেনে খাওঁতে, কাম কৰোঁতে, ভ্রমণ কৰোঁতে, খেলোঁতে আদি বিভিন্ন সময়ত যিকোনো অসতর্ক মূহুৰ্তত লাগিব পাৰে। কেতিয়াবা অসাৱধানতাৰে কাপোৰ সংৰক্ষণ কৰিলে বহু সময় সেমেকা অৱস্থাত ৰাখিলেও বৰমোহি দাগ লাগিব পাৰে। শৰীৰৰ পৰা ওলোৱা ঘাঁমৰ পৰাও দাগৰ সৃষ্টি হয়। 

১২। দাগ আঁতৰোৱা প্ৰণালী।

উত্তৰঃ কাপোৰত অন্য বস্তুৰ দ্বাৰা সৃষ্টি হোৱা চিহ্নক দাগ, ব্যৱহাৰ কৰা দ্ৰব্যক বিৰঞ্জক দ্ৰব্য আৰু অনুকৰণ কৰা পদ্ধতিক দাগ আতঁৰোৱা প্রণালী বোলে।

দাগ আঁতৰোৱা প্ৰণালী (Method of Stain removal): বিভিন্ন প্ৰকাৰে কাপোৰৰ পৃষ্ঠত লগা দাগত দাগ বিজাৰক প্ৰয়োগ কৰিব পাৰি। প্ৰতিটো পদ্ধতিতে যথেষ্ট সাৱধানতা অৱলম্বন কৰি দাগ আঁতৰাব লাগে।

(১) জুবুৰিওৱা পদ্ধতি (Dip method): এই পদ্ধতিত দাগ লগা অংশ দাগ আঁতৰাবলৈ তৈয়াৰ কৰি লোৱা দ্রৱণত সম্পূর্ণ সংস্পর্শত অহাকৈ জুবুৰিয়াব লাগে। এইদৰে কিছু সময় থৈ দিয়াৰ পিছত, দাগ কুমলিলে সেই অংশ ঘঁহিব লাগে। আৱশ্যক মতে ব্রাছ মৰাও হয়। দাগ আঁতৰিলে অথবা পাতল হ’লে কেবাবাৰো চাবোন পানীত ধুই পৰিষ্কাৰ পানীত আওডালিব লাগে।

(২) স্পঞ্জ পদ্ধতি (Sponging method): এই পদ্ধতিত দাগৰ ওপৰত প্ৰকৃত বিৰঞ্জক দ্রব্য প্রয়োগ কৰি দাগ কোমলাই শোষকৰ দ্বাৰা শোষণ কৰাই দাগ আঁতৰোৱা হয়। ইয়াৰ বাবে-

(ক) কেবাতৰপো কাপোৰ ডাঠকৈ জাপি লোৱা হয়। ইয়াৰ ওপৰত দাগ লগা অংশ পাৰি লৈ তাৰ বিপৰীত দিশৰ পৰা বিৰঞ্জক দ্রব্য দাগৰ ওপৰত স্পঞ্জেৰে ঘঁহা হয়। এই দ্রব্য লাগি কাপোৰখনে সম্পূৰ্ণৰূপে দাগ আৰু দ্রব্য শুহি লোৱালৈকে কেবাবাৰো বিৰঞ্জক ব্যৱহাৰ কৰা হয়।

(খ) কাপোৰৰ সলনি আমি ব্লটিং কাগজো কেবা তৰপকৈ জাপি দাগৰ তলত পাৰি ল’ব পাৰো। এতিয়া দাগৰ ওপৰত বিৰঞ্জক দি ঘঁহিব লাগে। দাগ গলিলে ব্লটিং কাগজেৰে শোষণ কৰে।

(গ) দাগৰ তলত কোমল কাপোৰ জাপি লোৱা হয় আৰু এখন কাপোৰ জাপি বিৰঞ্জক দ্রব্যত তিয়াই দাগৰ ওপৰত বাহিৰৰ পৰা কেন্দ্ৰলৈ ঘূৰণীয়াকৈ ঘঁহা হয়। ঘঁহা কাপোৰ আৰু তলত পৰা কাপোৰ আৱশ্যক অনুযায়ী সলনি কৰি ল’ব পৰা যায়। এইদৰে স্পঞ্জ পদ্ধতিৰ দ্বাৰা দাগ আঁতৰোৱা হয়।

(৩) টোপাল পদ্ধতি (Drop method): এই পদ্ধতিত কাপোৰৰ দাগ লগা অংশ এটা পাত্ৰৰ কেন্দ্ৰত থকাকৈ টানকৈ বান্ধি ল’ব লাগে। এতিয়া দাগৰ ওপৰ টোপ-টোপকৈ বিৰঞ্জক ড্ৰপাৰৰ সহায়ত দিয়া হয়। এনে কৰিলে দাগ গলি আঁতৰি যাব। পিছত কাপোৰখন ঠাণ্ডা পানী আৰু চাবোন পানীৰে ভালদৰে ধুব লাগে। অথবা দাগৰ ওপৰ আৰু তল উভয় দিশত শোষক গুড়ি দি তাৰ ওপৰত বিৰঞ্জক দি ভালদৰে ঘঁহিব লাগে। দাগ গলাই শোষক পাউডাৰৰ দ্বাৰা শোষণ কৰি আঁতৰোৱা হয়।

(৪) ভাপ পদ্ধতি (Steam method): উল, চিল্ক অথবা ৰঙীন কাপোৰত দাগ লাগিলে এই পদ্ধতিৰ দ্বাৰা আঁতৰোৱা হয়। ইয়াৰ বাবে এটা কেল্লী বা আন পাত্ৰত পানী গৰম কৰি ভাপ তৈয়াৰ কৰা হয়। দাগৰ ওপৰত এটোপাল বিৰঞ্জক দি ভাপৰ সন্মুখ বা ওপৰত ধৰিব লাগে।

১৩। বিৰজ্ঞক।

উত্তৰঃ বিৰঞ্জক দ্রব্য (Bleaching agent): যিবোৰ দ্ৰব্যৰ সহায়ত মলিন বগা কাপোৰ উজ্জ্বল বগা আৰু বহিৰাগত সামগ্ৰীৰপৰা উৎপন্ন হোৱা ৰঙীন দাগ ৰংবিহীন কৰা হয়, তেনেবোৰ দ্রব্যকে বিৰঞ্জক দ্ৰব্য আৰু ব্যৱহাৰ কৰা প্রণালীক বিৰঞ্জীকৰণ প্ৰণালী বুলি কোৱা হয়। 

বিৰঞ্জক দুই প্ৰকাৰৰ-

(ক) অক্সিডাইজিং বা জাৰক বিৰঞ্জক। আৰু

(খ) বিজাৰক বিৰঞ্জক।

(ক) অক্সিডাইজিং বা জাৰক বিৰঞ্জক (Oxidising agent): এই প্ৰকাৰ দ্রব্যই দাগৰ সৈতে ক্ৰিয়া কৰি জায়মান অক্সিজেন (Nacesnt oxygen) উৎপন্ন কৰে আৰু দাগ ৰংবিহীন কৰে। 

কেই প্ৰকাৰমান জাৰক দ্রব্য হৈছে-

(১) সূৰ্য্যৰ পোহৰ (Sunlight).

(২) চ’ডিয়াম হাইপ’ক্লৰাইট অথবা জেভেলি ওৱাটাৰ (Sodium hypochlorite or Javelle Water).

(৩) চ’ডিয়াম পাৰব’ৰেট (Sodium Perborate)

(৪) হাইড্রজেন পেৰ’ক্সাইড (Hydrogon peroxide).

উপকৰণ (ক) ১ চামুচ কাপোৰ ধোৱা চ’ড়া, ১ লিটাৰ গৰম পানী।

উপকৰণঃ (খ) ১/২ চামুচ ক্লৰাইড অব লাইম, ২ লিটাৰ পানী।

(খ) বিজাৰক বিৰঞ্জক: এই প্ৰকাৰ দ্ৰৱই দাগৰ সৈতে ক্ৰিয়া কৰি অক্সিজেন ভাগ আঁতৰাই দাগ ৰঙবিহীন কৰে। 

উদাহৰণ- (১) চডিয়াম হাইড্রছালফেট (Sodium hydrosulphate).

(২) চডিয়াম বাইছালফেট (Sodium bisulphate).

(৩) চডিয়াম থায়োছালফেট (Sodium-thio-sulphate): বিজাৰক বিৰঞ্জক জাৰক বিৰঞ্জকৰ দৰে শক্তিশালী নহয়। এই বিৰঞ্জক ব্যৱহাৰ কৰি দাগ আঁতৰালেও অক্সিজেনৰ সংস্পৰ্শত পুনৰ ঘূৰি আহিব পাৰে।

১৪। জাৰণ বিৰঞ্জক।

উত্তৰঃ এই বিৰঞ্জকৰ সহায়ত স্থায়ীভাৱে দাগ আঁতৰাব পাৰি। জাৰণ বিৰঞ্জক বিশেষকৈ উদ্ভিজ আঁহৰ কাপোৰত লগা দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়, বিশেষকৈ কপাহৰ কাপোৰত। জাৰণ বিৰঞ্জক অধিক শক্তিশালী। ইয়াৰ লঘু দ্ৰৱণ দাগ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয়।

১৫। জেভেলি ৱাটাৰ।

উত্তৰঃ জেভেলি ৱাটাৰ বা চ’ডিয়াম হাইপ’ক্লৰাইট প্রস্তুত প্রণালী: 

উপকৰণ – (ক) ১ চামুচ কাপোৰ ধোৱা চ’ডা, ১ লিটাৰ গৰম পানী।

উপকৰণ: (খ) ১/২ চামুচ ক্লৰাইড অৱ লাইম, ২ লিটাৰ পানী।

দ্ৰৱন ‘ক’ আৰু ‘খ’ তৈয়াৰ কৰি অকনো নলৰোৱাকৈ পৃথকে পৃথকে থৈ দিয়া হয়। দ্ৰৱনকেইটা ফট্ফটিয়া পৰিষ্কাৰ হ’লে এটা ৰঙীণ বটলত পৰিস্ৰৱনৰ দ্বাৰা প্ৰথমতে দ্ৰৱণ ‘ক’ আৰু পিছত দ্ৰৱণ ‘খ’ ভৰাই ভালদৰে জোকাৰি মিহলোৱা হয়। এই দ্ৰৱন এন্ধাৰ ঠাইত সংগ্ৰহ কৰিব লাগে।

৩০। নিম্নোক্ত দাগসমূহ কেনেদৰে আঁতৰাৱা?

(ক) চৰ্বী।

উত্তৰঃ শুকান গুড়ি পাউডাৰ দাগৰ দুয়োফালে ঘঁহিব লাগে। এইদৰে কেবাবাৰো ঘঁহি সম্পূর্ণৰূপে চৰ্বী ভাগ শুকুৱাই লব লাগে। ধুব পৰা কাপোৰ হ’লে কুহুমীয়া চাবোন পানীৰে ধুব লাগে। ধুব নোৱাৰা কাপোৰ হ’লে দ্ৰাৱক ব্যৱহাৰ কৰি চৰ্বী ভাগ গলাই পৰিষ্কাৰ কৰিব লাগে।

(খ) তামোলৰ পিক্।

উত্তৰঃ ঠাণ্ডা পানীত তিয়াই তামোল- পাণৰ ৰঙীণ অংশ ভালদৰে আঁতৰাই চাবোন পানীৰে ধুই ল’ব লাগে। দাগ নগ’লে হাইড্রজেন পেৰক্সাইড প্রয়োগ কৰা হয়।

(গ) চিয়াহীৰ দাগ।

উত্তৰঃ দাগৰ ওপৰত নিমখ আৰু নেমু-টেঙা ঘঁহি আধা ঘণ্টা সময় থৈ দিব লাগে। পাছত দাগটো ঠাণ্ডা পানীৰে ভালকৈ ধুই চাবোন পানীৰে ধুব লাগে। দাগ নগ’লে ছডিয়াম থায়ো- ছালফেটৰ দুটা বা তিনিটা দানা ভাঙি গুড়ি কৰি দাগৰ ওপৰত কিছু সময় থ’ব লাগে। পাছত ঠাণ্ডা পানীৰে ধুব লাগে।

(ঘ) নেইল পলি দাগ।

উত্তৰঃ দাগৰ ওপৰ আৰু তলত যিকোনো গুড়ি বা পাউদাৰ লৈ তাৰ ওপৰত এমিল এচিটেট দি ঘঁহিব লাগে। দাগটো সম্পূৰ্ণৰূপে গলি পাউডাৰে শোষণ কৰালৈ এমিল এচিটেট দি ঘঁহি থাকিব লাগে। পিছত ভালদৰে জোকাৰি, চাবোন পানীৰে ধুই হাইড্ৰ’জেনপে- ৰক্সাইড দিব লাগে। 

(ঙ) ফলৰ ৰস।

উত্তৰঃ ঠাণ্ডা পানীত তিয়াই ভালদৰে ধুব লাগে। পিছত চাবোন পানীৰে ধুই পৰিষ্কাৰ পানীৰে ধুব লাগে। দাগ নগ’লে হাইড্ৰ’জেন পেৰ’ক্সাই ডত কিছু সময় থৈ ভালদৰে পানীৰে ধুব লাগে।

(চ) লিপ্ ষ্টিক।

উত্তৰঃ প্রথমতে মিথিলেটেড স্পিৰিট স্পঞ্জ কৰিব লাগে। দাগ নগ’লে জেভেলি ওৱাটাৰেৰে বিৰঞ্জীকৰণ কৰিব লাগে। অথবা দাগৰ ওপৰত ভেলিন বা ঘী লগাই ঘূৰণীয়াকৈ ঘঁহি থাকিব লাগে। এনে কৰিলে লিপ্ ষ্টিক ৰং ঘীৰ লগত ওলাই আহিব। ঘী চুচি সেই অংশত যিকোনো পাউডাৰ দি ঘী বা ভেচলিন শুহি ল’ব লাগে। তাৰ পিছত চাবোন পানীৰে ধুই দাগ পৰীক্ষা কৰি দাগ নগ’লে হাই ড্র’জেন পেৰক্সাইদত কিছু সময় ৰাখিব লাগে। ধুব নোৱাৰা কাপোৰত লিপ্ষ্টিকৰ দাগ এচিটনৰ সহায়ত স্পঞ্জ পদ্ধতিৰে আঁতৰোৱা হয়।

(ছ) মামৰ।

উত্তৰঃ দাগৰ ওপৰত দৈ অথবা নেমুটেঙা লগাই কিছু সময় থৈ পিছত ভালদৰে ঘঁহি ঠাণ্ডা পানীৰে ধুব লাগে। দাগ নগ’লে কেবাবাৰো চাবোন পানীৰে ধুব লাগে। তথাপিও দাগ থাকিলে, অক্সেলিক এচিডৰ দ্ৰৱণত তিয়াই কিছু সময় ৰাখি পুনৰ ধুব লাগে।

(জ) ঘী বা মাখন।

উত্তৰঃ শুকান গুড়ি পাউডাৰ দাগৰ দুয়োফালে ঘঁহিব লাগে। এইদৰে কেবাবাৰো ঘঁহি সম্পূর্ণৰূপে চব্বী ভাগ শুকুৱাই লব লাগে। ধুব পৰা কাপোৰ হ’লে কুহুমীয়া চাবোন পানীৰে ধুব লাগে। ধুব নোৱাৰা কাপোৰ হ’লে দ্রাৱক ব্যৱহাৰ কৰি চৰ্বী ভাগ গলাই পৰিষ্কাৰ কৰিব লাগে।

(ঝ) তেজ।

উত্তৰঃ কপাহী আৰু লিনেন: ঠাণ্ডা পানীত কিছু সময় তিয়াই থব লাগে। ভালদৰে ঘঁহি ধুলে দাগ আঁতৰি যায়। নগ’লে চাবোন পানীৰে ধুই এমোনিয়াৰ পাতল দ্ৰৱণত তিয়াই থ’ব A লাগে।

চিল্ক বা উল: ঠাণ্ডা পানীৰে স্পঞ্জ কৰিব লাগে। ধুব নোৱাৰা কাপোৰ হ’লে ষ্টাৰ্চ পাউডাৰ দি ঘঁহিব লাগে। শুকালে ব্ৰাচ মাৰি গুড়িবোৰ আঁতৰাই দিব লাগে।

কৃত্ৰিম আঁহৰ কাপোৰ: ঠাণ্ডা পানীৰে ধুলেই দাগ আঁতৰি যায়।

(ঞ) তৰকাৰী।

উত্তৰঃ যিকোনো পাউডাৰ অথবা শুকান গুড়ি দাগৰ তলে-ওপৰে দি ভালদৰে ঘঁহিব লাগে। এনে কৰিলে দাগৰ চৰ্বী ভাগ গুড়িয়ে শোষণ কৰি লব। দাগৰ পৰা গুড়ি ভালদৰে আঁতৰাই ঠাণ্ডা পানীত তিয়াই থ’ব লাগে। দাগ কোমল হ’লে হাতেৰে ঘঁহি ধুব লাগে। তৰকাৰিৰৰ অংশ সম্পূৰ্ণৰূপে আঁতৰি গ’লে চাবোন পানীৰে ভালদৰে ধুই হাইড্ৰ’জেন পেৰক্সাইড দি কিছু সময় থৈ পুনৰ ঠাণ্ডা পানীৰে ধুই ৰ’দত শুকাৱ লাগে।

(ট) চাহ বা কফি।

উত্তৰঃ চাহ – চাহ পৰাৰ লগে লগে দাগৰ ওপৰত জোৰেৰে পানী পৰিবলৈ দিয়া হয়। নগলে নেমুটেঙাৰ ৰস নাইবা বৰাক্সৰ পাতল লঘু দ্ৰৱণ তৈয়াৰ কৰি কিছু সময় তিয়াই থ’ব লাগে।

কফি – চেঁচা পানীত তিয়াই থ’ব লাগে। হাতেৰে ভালদৰে ঘঁহি চাবোন পানীৰে ধুব লাগে, দাগ নগ’লে হাইপ’ক্লৰাইট বিৰঞ্জক ব্যৱহাৰ কৰিব লাগে।

(ঠ) ফলৰ ৰস।

উত্তৰঃ ঠাণ্ডা পানীত তিয়াই ভালদৰে ধুব লাগে। পিছত চাবোন পানীৰে ধুই পৰিষ্কাৰ পানীৰে ধুব লাগে। দাগ নগ’লে হাইড্ৰ’জেন পেৰ’ক্সাই ডত কিছু সময় থৈ ভালদৰে পানীৰে ধুব লাগে।

(ড) ঔষধ।

উত্তৰঃ ঠাণ্ডা পানীত বহু সময় তিয়াই থ’লে দাগ কুমলিব আৰু কেবাবাৰো ঠাণ্ডা পানীৰে ধুব লাগে। কেতিয়াবা  ঔষধ ৰং ৰৈ যায়, তেতিয়া কেইটোপালমান হাইড্ৰ’জেন পেৰক্সাইড দি কিছু সময় থৈ পুনৰ পৰিষ্কাৰ পানীৰে ধুৱ লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top