Class 9 Elective Home Science Chapter 1 গৃহ বিজ্ঞান শিক্ষাৰ আদিকথা Questipon Answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Home Science Chapter 1 গৃহ বিজ্ঞান শিক্ষাৰ আদিকথা Notes, Elective Home Science Class 9 SEBA Notes in Assamese Medium and select need one.
Class 9 Elective Home Science Chapter 1 গৃহ বিজ্ঞান শিক্ষাৰ আদিকথা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Home Science Chapter 1 গৃহ বিজ্ঞান শিক্ষাৰ আদিকথা Solutions for All Chapters, You can practice these here.
গৃহ বিজ্ঞান শিক্ষাৰ আদিকথা
Chapter – 1
| TEXTUAL QUESTION ANSWER |
১। উত্তৰ লিখা।
(ক) গৃহ বিজ্ঞান কি? গৃহ বিজ্ঞানৰ অৰ্থ বুজাই লিখা।
উত্তৰঃ গৃহ বিজ্ঞান হ’ল এক ব্যৱহাৰিক শিক্ষা। কলা (Art) আৰু বিজ্ঞানৰ (Science) সমন্বয়ত এই বিজ্ঞানৰ সৃষ্টি হৈছে। গৃহ বিজ্ঞানক ‘বিজ্ঞান’ বুলিও কোৱা হয়।
সাধাৰণ অৰ্থত গৃহ বিজ্ঞান বুলিলে কেৱল ৰন্ধা-বঢ়া, ঘৰুৱা চিলাই কাম, ঘৰখন সজোৱা, ঘৰুৱা হিচাপ পত্ৰ ৰখা, কেঁচুৱা আৰু উঠি অহা ল’ৰা-ছোৱালীক লালন-পালনৰ বাবে দিয়া শিক্ষা বুলিহে গণ্য কৰিছিল। কিন্তু বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্ৰসাৰতাৰ লগে লগে ‘গৃহ বিজ্ঞান’ বিষয়ৰ প্রতি ধাৰণা পৰিবৰ্তিত হয়। ‘গৃহ বিজ্ঞান’ শব্দটোৰ পৰা স্পষ্টভাৱে প্রকাশ হয় যে যিকোনো প্রয়োজনীয় গৃহ আৰু পৰিয়াল সম্পর্কীয় বৈজ্ঞানিক আৰু কাৰিকৰী জ্ঞান প্রদান কৰা বিজ্ঞানেই হ’ল গৃহ বিজ্ঞান বা গার্হস্থ্য বিজ্ঞান। ঘৰ আৰু পৰিয়াল সম্বন্ধীয় সকলোবোৰ দিশ আৰু বিষয়বস্তু গৃহ বিজ্ঞানৰ অন্তৰ্গত।
(খ) গৃহ বিজ্ঞানৰ আৱশ্যকতা সম্পর্কে লিখা।
উত্তৰঃ গৃহ বিজ্ঞানৰ আৱশ্যকতা সম্পর্কে তলত উল্লেখ কৰা হল –
১। গৃহ বিজ্ঞান শিক্ষাৰ দ্বাৰা ছাত্রীসকলে জ্ঞান আহৰণ কৰি ঘৰুৱা সমস্যা দূৰ কৰাৰ উপৰিও ঘৰুৱা দায়িত্ব লোৱা আৰু সৃজনীমূলক কাম-কাজ সুকলমে কৰাত সুবিধা হয়।
২। গৃহ বিজ্ঞান পাঠ্যক্রমৰ যোগেদি বিজ্ঞান আৰু কাৰিকৰী জ্ঞান আয়ত্ব কৰি ছাত্রীসকল স্বাৱলম্বী, আত্মনির্ভৰশীল আৰু বৃত্তিধাৰী হোৱাৰ উপৰিও বৈজ্ঞানিক পদ্ধতিৰে কাম কৰাৰ কৌশল আয়ত্ব কৰি কম, সময় আৰু শক্তিৰ সু-ব্যৱহাৰ কৰিব পাৰে।
৩। পৰিকল্পনা, নিয়ন্ত্রণ আৰু মূল্যায়নৰ দ্বাৰা পাৰিবাৰিক সম্পদৰ পৰিচালনা কৰাৰ কৌশলসমূহ গৃহ বিজ্ঞান শিক্ষাৰ পৰা জনা যায়।
৪। এই শিক্ষাৰ দ্বাৰা ছাত্রীসকলে বিদ্যালয় অৰু কলেজৰ বাহিৰত আনুষ্ঠানিকভাৱে পাৰিবাৰিক জীৱনৰ লগত জড়িত যিকোনো বিষয় সম্পর্কে জ্ঞান আৰু প্রশিক্ষণ প্রদান কবি সমাজ উন্নয়নত অংশ গ্রহণ কৰিব পাৰে।
৫। এই শিক্ষাৰ যোগেদি ছাত্র-ছাত্রীসকলে বিভিন্ন সংস্থা, সংগঠন আৰু অনুষ্ঠান প্রতিস্থানৰ হৈ সমাজসেৱাৰ কামত অংশ গ্রহণ কৰিবলৈ সক্ষম হয়।
৬। এই শিক্ষাই ছাত্রীসকলক নির্দিষ্ট লক্ষ্যস্থানত উপনীত হোৱাৰ বাবে প্রয়োজনীয় মানবীয় আৰু অমানবীয় সম্পদ ব্যবহাৰৰ বিষয়ে জ্ঞান প্রদান কৰে।
৭। গৃহ বিজ্ঞান শিক্ষাৰ দ্বাৰা ছাত্রীসকলে ব্যসিত স্বাস্থ্য ৰক্ষা আৰু সুস্বাস্থ্যৰ নীতি-নিয়ম সম্পর্কে সচেতন হয়।
৮। ছাত্রীসকলে এই শিক্ষাৰ যোগেদি নিজৰ কচিমতে কোনো এটা বিষয় নির্বাচন কৰি জীৱিকাৰ পথ বাছি ল’ব পাৰে। সাজ-সজ্জা,খাদ্য প্রস্তুতকৰণ, আভ্যন্তৰীন গৃহসজ্জা, সম্প্রসাৰণ বিষয়া, আহাৰ আৰু পথ্য পৰিকল্পনা কৰা, শিক্ষকতা, গৱেষণাকাৰী বিষয়া হিচাপে নিজক প্রতিষ্ঠা কৰিব পাৰে।
(গ) গৃহ বিজ্ঞানৰ লক্ষ্যসমূহ কি কি? উল্লেখ কৰা।
উত্তৰঃ গৃহ বিজ্ঞানৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা –
১। সুস্থ, সুন্দৰ আৰু শৃংখলাবদ্ধ পাৰিবাৰিক জীৱন- যাপনৰ বাবে ছাত্রীসকলক অর্হত্য প্রদান কৰা।
২। ছাত্রীসকলক বহুমুখী ব্যক্তিত্ব বিকাশত সহায় কৰা।
৩। পাৰিবাৰিক বিভিন্ন সমস্যা সমাধানৰ বাবে সিদ্ধান্ত গ্রহণৰ ক্ষেত্ৰত সহায় কৰা।
৪। পাৰিবাৰিক সম্পদসমূহ বিজ্ঞানসম্মত পদ্ধতিৰে ব্যৱহাৰ কৰাৰ কৌশল শিকোৱা।
৫। পৰিয়াল তথা সমাজৰ আৰ্থিক, সামাজিক, নৈতিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দিশৰ মান উন্নত কৰা।
৬। পৰিয়াল তথা আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়া আৰু অন্যান্যলোকৰ মাজত যোগাযোগ স্থাপন কৰা আৰু সু-সম্পর্ক গঢ়ি তোলা।
৭। প্রতিগৰাকী ছাত্র-ছাত্রীক নিজৰ ঘৰ, পৰিয়াল, সমাজ আৰু দেশৰ প্রতি কর্তব্যবোধ আৰু দায়িত্ব সম্পর্কে জ্ঞান প্রদান কৰা। সমাজৰ প্ৰচলিত পৰম্পৰা, ৰীতি-নীতি, মূল্যবোধ আৰু কলা- A সংস্কৃতিৰ প্রতি সচেতন কৰা।
৮। সমাজ সেৱা আৰু সম্প্রসাৰণ কার্যৰ প্রতি সুস্থ মনোবৃত্তিৰ বিকাশ ঘটোৱা আৰু সমাজ হিতকৰ কামৰ প্ৰতি ছাত্ৰীসকলক উৎসাহিত কৰা।
৯। গৃহ বিজ্ঞান আৰু ইয়াৰ আন সম্পর্কীয় বিষয়ৰ ক্ষেত্ৰত জ্ঞান আহৰণ কৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা।
১০। ছাত্রীসকলক কলাত্মক দিশৰ লগত পৰিচয় কৰা আৰু সৌন্দর্যবোধ সম্পর্কে সচেতন কৰা।
১১। আত্মনিয়োগ অথবা স্ব-নিয়োগৰ বাবে উপযুক্ত প্রশিক্ষণ আৰু ব্যৱহাৰিক জ্ঞান প্রদানেৰে অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা।
(ঘ) গৃহ বিজ্ঞান শিক্ষাৰ বিভিন্ন বিভাগবোৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গৃহ বিজ্ঞান শিক্ষাৰ বিভিন্ন বিভাগবোৰৰ বিষয়ে চমুকৈ তলত লিখা হল –
গৃহ বিজ্ঞানৰ শিক্ষাৰ বিভাগসমূহ হৈছে-
(১) খাদ্য আৰু পৰিপুষ্টি।
(২) শিশুৰ বিকাশ।
(৩) পোছাক-পৰিচ্ছদ আৰু বস্ত্ৰ।
(৪) গৃহ পৰিচালনা।
(৫) গৃহ বিজ্ঞান শিক্ষা আৰু সম্প্ৰসাৰণ।
১। খাদ্য আৰু পৰিপুষ্টি: গৃহ বিজ্ঞানৰ এটি অতি প্রয়োজনীয় বিভাগ হৈছে খাদ্য আৰু পৰিপুষ্টি। সুস্থ শৰীৰ গঠন আৰু বৃদ্ধিৰ বাবে সুষম আৰু আদর্শ আহাৰৰ আৱশ্যক হয়। দেহৰ বাবে লাগতিয়াল বিভিন্ন পৰিপোষক যেনে- প্র’টিন,কার্ব ‘হাইড্রেট, ভিটামিন, স্নেহপদার্থ আৰু খনিজ লৱণ আদি খাদ্যবস্তুৰ পৰা আহৰণ কৰা হয়। এই বিষয়টো অধ্যয়ন কৰি ছাত্ৰীসকলে পৰিপোষকৰ কার্য, প্রয়োজনীয়তা, খাদ্য বস্তুত নিহিত হৈ থকা পৰিপোষকৰ পৰিমাণ আৰু দৈনিক বয়স অনুসৰি পৰিয়ালৰ সদস্যসকলৰ কিমান পৰিমাণৰ পৰিপোষকৰ প্ৰয়োজন সেই বিষয়ে জানিব পাৰে। খাদ্যৰ শ্ৰেণীবিভাজন, খাদ্যৰ কাৰ্য সম্পর্কে আৰু বিভিন্ন পৰিপোষকৰ অভাৱত হোৱা ৰোগ, ৰোগৰ লক্ষণ, সেইবিলাকৰ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ ব্যৱস্থা সম্পর্কে যথেষ্ট জ্ঞান আহৰণ কৰিব পৰা যায়।
২। শিশুৰ বিকাশ: এই বিভাগত অন্তর্ভুক্ত বিভিন্ন বিষয়সমূহ হৈছে শিশু বিকাশ সম্পর্কে ধাৰণা, বৃদ্ধি আৰু বিকাশৰ মূলনীতিসমূহ, বিভিন্ন দিশ যেনে- শাৰীৰিক, আৱেগিক, সামাজিক, প্রচেষ্টক, নৈতিক আৰু প্রজ্ঞাত্মক ইত্যাদি। বৃদ্ধি আৰু বিকাশত প্রভাৱ পেলোৱা কাৰকসমূহ যেনে- বংশগতি আৰু পৰিৱেশ, পৰিপক্কতা আৰু শিক্ষণৰ বিষয়েও কিছু কথা জানিব পৰা যায়। শিশু আৰু কিশোৰ-কিশোৰীৰ বিকাশাত্মক ক্রিয়া, শিশুৰ সু-অভ্যাস, গঠন আৰু অভিৰুচি, শিশুৰ বিভিন্ন সমস্যাৰ উপৰিও প্রাক্ বিদ্যালয় শিক্ষা, শিশুৰ বাবে উপযোগী খেলৰ সামগ্ৰী নিৰ্বাচন কৰা ইত্যাদি নানা কথা জনা যায়। এই বিষয়টো অধ্যয়ন কৰিলে প্ৰাক্ প্রসূতিকালত শিশুৰ বিকাশ, গৰ্ভৱতী মহিলাৰ যতন, নৱ জাতকৰ আৰু শিশু মাতৃকাৰ যতন সম্পর্কে জানিব পাৰি।
৩। পোছাক-পৰিচ্ছদ আৰু বস্ত্ৰ: এই বিষয়টো অধ্যয়ন কৰি ছাত্ৰীসকলে বিভিন্ন বয়ন আঁহৰ শ্ৰেণী বিভাজন, বৈশিষ্ট্য, ধর্ম, চিনাক্তকৰণ আৰু গুণাগুণ সম্পর্কে জ্ঞান আহৰণ কৰিব পাৰে। ইয়াৰোপৰি পৰিয়ালৰ বিভিন্ন বয়সৰ লোকৰ বাবে কাপোৰ আৰু সাজ-পোছাক নির্বাচন, ক্রয়, ঋতুভেদে পোছাক সংৰক্ষণ আৰু যতন, বস্ত্ৰ ধোৱন আৰু পূৰ্ণকৰণ পদ্ধতি সম্পর্কে জ্ঞান প্ৰদান কৰা হয়। ইয়াৰোপৰি কাপোৰৰ ওপৰত কৰিব পৰা বিভিন্ন ছাপ মৰাৰ পদ্ধতি, বঞ্জন প্রণালী, বয়ন, চিলাই কাম, বিভিন্ন ডিজাইন প্রয়োগ কৰি সাজ- পোছাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পাৰে। গৃহ সাজসজ্জাৰ বাবে বিশেষকৈ পর্দা, বিচনা, টেবুল আদিৰ বাবে উপযুক্ত কাপোৰ কিদৰে নিৰ্বাচন কৰিব লাগে সেইবিষয়ে জানিব পাৰে।
৪। গৃহ-পৰিচালনা: এই বিষয়টো অধ্যয়ন কৰি ছাত্ৰীসকলে পাৰিবাৰিক সম্পদৰ সু-ব্যৱহাৰ কৰিবলৈ শিকে। আবাসিক গৃহ পৰিকল্পনা, বাসগৃহ নির্বাচন, বাসগৃহ নির্মাণ সম্পর্কেও নানা কথা জানিব পাৰে। ইয়াৰোপৰি অৰ্থ পৰিচালনা, বাজেট পৰিকল্পনা, সঞ্চয়ৰ বিভিন্ন পদ্ধতি, বিনিয়োগ আদিৰ বিষয়ে জানিব পাৰে। গৃহ-সজ্জাৰ বিভিন্ন নীতিসমূহ যেনে- সমতা, অনুপাত, প্রাধান্য, ছন্দ আৰু সমন্বয় আদিৰ উপৰিও আচবাব-পত্র নির্বাচন আৰু বিন্যাসৰ আঁচনি আৰু পুষ্পসজ্জা কৰাৰ নীতিসমূহৰ বিষয়ে জানিব পাৰে। কামৰ সৰলীকৰণ, বিভিন্ন বৈদ্যুতিক সা-সৰঞ্জামৰ ব্যৱহাৰ আৰু যতন সম্পর্কে, গৃহ অনিষ্টকাৰী কীট-পতংগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে। ছাত্ৰীসকলে পাৰিবাৰিক সম্পদসমূহ সু-পৰিচালনা কৰি ব্যক্তিগত অথবা পাৰিবাৰিক লক্ষ্যসমূহ পূৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি গৃহ পৰিচালনাৰ প্ৰক্ৰিয়াসমূহৰ যোগেদি ঘৰখন নিয়াৰিকৈ আৰু সু-শৃংখলভাৱে পৰিচালনা কৰিব পাৰে।
৫। গৃহ বিজ্ঞান শিক্ষা আৰু সম্প্ৰসাৰণ: এই বিষয়টো অধ্যয়ন কৰি ছাত্ৰীসকলে গৃহ বিজ্ঞান শিক্ষাৰ উদ্দেশ্য, নীতি, শিক্ষণ পদ্ধতি, পৰিধি, গৃহ বিজ্ঞানৰ বিভাগসমূহ আৰু ইতিহাস সম্পর্কে জানিব পাৰে। ইয়াৰোপৰি গৃহ বিজ্ঞান সম্প্ৰসাৰণ শিক্ষাৰ নীতি, উদ্দেশ্য, সম্প্ৰসাৰণ বিষয়াৰ দায়িত্ব, কৰ্তব্য আৰু ভূমিকা সম্পর্কে জ্ঞান আহৰণ কৰিব পাৰে। বিভিন্ন শিক্ষণ পদ্ধতি আৰু শিক্ষণ সঁজুলিৰ ব্যৱহাৰ আৰু সঁজুলি তৈয়াৰ কৰিবলৈ সক্ষম হয়। শ্ৰেণীকোঠাৰ বাবে পাঠ পৰিকল্পনা কৰাৰ বিষয়েও শিক্ষা লাভ কৰে। ছাত্ৰীসকলে এই বিষয়টো অধ্যয়নৰ যোগেদি সম্প্ৰসাৰণ কাৰ্যসূচীত আগভাগ ল’বলৈ সক্ষম হ’ব পাৰে আৰু সমাজ সেৱা কামত আত্মনিয়োগ কৰিবলৈ সুবিধা পায়।
(ঙ) গৃহ বিজ্ঞান শিক্ষা গ্রহণ কৰি এগৰাকী ছাত্ৰীয়ে সমাজ সেৱা কৰিব পাৰিব নে লিখা।
উত্তৰঃ গৃহ বিজ্ঞান শিক্ষা গ্রহণ কৰি এগৰাকী ছাত্ৰীয়ে সমাজ সেৱা কৰিব পাৰিব।
গৃহ বিজ্ঞান শিক্ষাৰ যোগেদি ছাত্র-ছাত্রীসকলে বিভিন্ন সংস্থা, সংগঠন আৰু অনুষ্ঠান প্রতিস্থানৰ হৈ সমাজসেৱাৰ কামত অংশ গ্রহণ কৰিবলৈ সক্ষম হয় আৰু এই শিক্ষাৰ দ্বাৰা ছাত্রীসকলে বিদ্যালয় অৰু কলেজৰ বাহিৰত আনুষ্ঠানিকভাৱে পাৰিবাৰিক জীৱনৰ লগত জড়িত যিকোনো বিষয় সম্পর্কে জ্ঞান আৰু প্রশিক্ষণ প্রদান কৰি সমাজ উন্নয়নত অংশ গ্ৰহণ কৰিব পাৰে।
(চ) গৃহ বিজ্ঞান শিক্ষাৰ এটি চমু ইতিহাস বর্ণনা কৰা।
উত্তৰঃ কুৰি শতিকাৰ আৰম্ভণিতে কেইগৰাকীমান শীর্ষস্থানীয় মহিলাই গৃহ বিজ্ঞান শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি ছাত্ৰীসকলৰ নিয়মীয়া পাঠ্যক্রমত অন্তৰ্ভূক্ত কৰাৰ বাবে যত্ন কৰিছিল বুলি উল্লেখ আছে। সেই মর্মে ১৯২৭ চনত গঠিত হোৱা সদৌ ভাৰত মহিলা সম্মিলনৰ এটা গোটক এই শিক্ষাৰ বিষয়ে আলোকপাত কৰাৰ ওপৰত দায়িত্ব দিয়া হৈছিল। ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে ব্ৰিটিছৰ আমোলত ১৯৪০ চনৰ ভিতৰত ভাৰতবৰ্ষত মাত্ৰ কেইখনমান মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রমত গৃহ বিজ্ঞান বিষয়টো সামৰি লোৱা হৈছিল। ঘৰ আৰু পাৰিবাৰিক জীৱনৰ প্ৰয়োজনীয় সকলো দিশ বৈজ্ঞানিক দৃষ্টিভংগীৰে ল’ব পৰাকৈ এই বিষয়টো নিয়মীয়া পাঠ্যক্ৰমত অন্তর্ভুক্ত কৰাৰ অনুমোদন লাভ কৰে।
(ছ) অসমৰ কেইখনমান মহাবিদ্যালয়ৰ নাম উল্লেখ কৰা য’ত গৃহ বিজ্ঞান বিষয়টো খোলা হৈছে?
উত্তৰঃ অসমৰ কেইখনমান মহাবিদ্যালয়ৰ নাম উল্লেখ কৰা হৈছে য’ত গৃহ বিজ্ঞান বিষয়টো খোলা হৈছে:
১। Cotton University (কটন বিশ্ববিদ্যালয়)।
২। Handique Girls’ College (হান্দিক গাৰ্লছ কলেজ)।
৩। J.B. College, Jorhat (যোৰহাট)।
৪। Dibrugarh University (ডিব্ৰুগড় বিশ্ববিদ্যালয়)।
৫। Tinsukia College (তিনিচুকীয়া কলেজ)।
৬। B. Borooah College (বি. বৰুৱা কলেজ)।
৭। Dhemaji College (ধেমাজি কলেজ)।
২। চমুটোকা লিখা:

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


