Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি Questipon Answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি Notes, Elective Home Science Class 9 SEBA Notes in Assamese Medium and select need one.
Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি Solutions for All Chapters, You can practice these here.
খাদ্য আৰু পৰিপুষ্টি
Chapter – 2
| TEXTUAL QUESTION ANSWER |
১। শুদ্ধ উত্তৰ বাছি উলিওৱা-
(i) পাউদাৰ গাখীৰত এইবিধ পৰিপোষকৰ অভাৱ-
(ক) কেলচিয়াম।
(খ) চর্বী।
(গ) প্র’টিন।
(ঘ) ভিটামিন বি।
উত্তৰঃ (ঘ) ভিটামিন বি।
(ii) গাখীৰৰ পৰিপূৰক হিচাবে ব্যৱহাৰ কৰিব পৰা খাদ্য হ’ল-
(ক) শস্যজাতীয় খাদ্য।
(খ) সেউজীয়া শাক-পাচলি।
(গ) মাহজাতীয় খাদ্য।
(ঘ) পনীৰ।
উত্তৰঃ (খ) সেউজীয়া শাক-পাচলি।
(iii) উৎকৃষ্ট প্র’টিনযুক্ত খাদ্য হ’ল-
(ক) আপেল।
(খ) কণী।
(গ) পালেং শাক।
(ঘ) বন্ধাকবি।
উত্তৰঃ (গ) পালেং শাক।
(iv) সকলোবিলাক পৰিপোষক থকা খাদ্য হ’ল-
(ক) মাখন।
(গ) মাংস।
(খ) কণী।
(ঘ) মাহজাতীয় খাদ্য।
উত্তৰঃ (গ) মাংস।
(v) মাংসত উচ্চ শ্ৰেণীৰ প্ৰ’টিনৰ বাহিৰেও থকা পৰিপোষক হ’ল-
(ক) আহঁযুক্ত দ্রব্য।
(খ) কার্বহাইড্রেট।
(গ) বি ভিটামিন।
(ঘ) ভিটামিন চি।
উত্তৰঃ (ক) আহঁযুক্ত দ্রব্য।
(vi) সেউজীয়া শাক-পাচলিত বেছিকৈ থকা পৰিপোষক হ’ল-
(ক) কেলচিয়াম আৰু আইৰণ।
(খ) কেলচিয়াম আৰু কাৰ্বহাইড্রেট।
(গ) কার্বহাইড্রেট আৰু প্ৰটিন।
(ঘ) চর্বি আৰু প্ৰটিন।
উত্তৰঃ (ক) কেলচিয়াম আৰু আইৰণ।
(vii) আলু হ’ল এবিধ-
(ক) শৰীৰ গঠনকাৰী খাদ্য।
(খ) শক্তিদায়ক খাদ্য।
(গ) শৰীৰৰ ৰক্ষক খাদ্য।
(ঘ) সকলো পৰিপোষক যুক্ত খাদ্য।
উত্তৰঃ (ক) শৰীৰ গঠনকাৰী খাদ্য।
(viii) কেৱল শক্তি দিয়া খাদ্য হ’ল-
(ক) বজ্রা।
(খ) চাউল।
(গ) চেনী।
(ঘ) ঘেঁহু।
উত্তৰঃ (গ) চেনী।
(ix) ফল-মূলৰপৰা লাভ কৰা পৰিপোষক হ’ল-
(ক) শক্তি।
(খ) প্র’টিন
(গ) ভিটামিন বি।
(ঘ) ভিটামিন চি।
উত্তৰঃ (খ) প্র’টিন।
২। তলত দিয়া প্রতিভাগ খাদ্যৰ অন্তর্ভুক্ত ৫ টা খাদ্যৰ নাম লিখা-
(i) শস্যজাতীয় খাদ্য __________________।
উত্তৰঃ চাউল, ঘেহু, গোমধান, বজ্ৰা আৰু ৰাগী আদি।
(ii) মাহজাতীয় খাদ্য __________________।
উত্তৰঃ মচুৰমাহ, মাটিমাহ, মগুমাহ, বুটমাহ আৰু ৰহৰমাহ আদি।
(iii) হালধীয়া ফল-মূল আৰু পাচলি ____________।
উত্তৰঃ হালধীয়া ফল-মূল: পকা অমিতা, পকা আম,কঁঠাল,আনাৰস আৰু চেনী কল।
পাচলি: লাও, কোমোৰা, জিকা, ভেণ্ডি আৰু বেঙেনা।
(iv) মাংসজাতীয় খাদ্য _______________।
উত্তৰঃ ছাগলী, কুকুৰা, হাঁহ ,হৰিণ আৰু গাহৰি।
৩। খালী ঠাই পূৰ কৰা:
(ক) শস্যজাতীয় খাদ্যই আমাক _________দিয়ে।
উত্তৰঃ শস্যজাতীয় খাদ্যই আমাক চাউল, ঘেহু, গোমধান, বজ্ৰা, ৰাগী, জোৱাৰ, যৱ আদি দিয়ে।
(খ) উখোৱা চাউলত __________ভিটামিন বেছিকৈ থাকে।
উত্তৰঃ উখোৱা চাউলত B₁ ভিটামিন বেছিকৈ থাকে।
(গ) ________ত আটাইতকৈ বেছি কেলচিয়াম পোৱা যায়।
উত্তৰঃ ৰাগীত আটাইতকৈ বেছি কেলচিয়াম পোৱা যায়।
(ঘ) গজালি ওলোৱা মাহজাতীয় খাদ্যত __________ বেছিকৈ থাকে।
উত্তৰঃ গজালি ওলোৱা মাহজাতীয় খাদ্যত ভিটামিন ‘চি’ বেছিকৈ থাকে।
(ঙ) _____________ ভিটামিন ‘এ’ ৰ উৎকৃষ্ট উৎস।
উত্তৰঃ মূল আৰু কন্দজাতীয় পাচলি ভিটামিন ‘এ’ ৰ উৎকৃষ্ট উৎস।
(চ) ___________ আমাৰ কৌষ্ঠকাঠিন্যতা দূৰ কৰে।
উত্তৰঃ ভিটামিন ‘চি’ আমাৰ কৌষ্ঠকাঠিন্যতা দূৰ কৰে।
(ছ) এক গ্রাম চর্বী বা তেলে ________কিলো কেলৰি শক্তি দিব পাৰে।
উত্তৰঃ এক গ্রাম চর্বী বা তেলে ৯ কিলো কেলৰি শক্তি দিব পাৰে।
(জ) _________ত বহু অসংপৃক্ত স্নেহজ এচিদ থাকে।
উত্তৰঃ চৰ্বীত বহু অসংপৃক্ত স্নেহজ এচিদ থাকে।
(ঝ) গাখীৰত থকা চেনীবিধৰ নাম ___________।
উত্তৰঃ গাখীৰত থকা চেনীবিধৰ নাম লেক্টজৰ।
(ঞ) মাছ, মাংস আৰু কণীত _________ জৈৱিক মানবিশিষ্ট প্র’টিন পোৱা যায়।
উত্তৰঃ মাছ, মাংস আৰু কণীত উচ্চ জৈৱিক মানবিশিষ্ট প্র’টিন পোৱা যায়।
(ট) _________ৱে তেজত থকা অতিৰিক্ত কলেষ্টৰেল কমায়।
উত্তৰঃ চাৰটৰোল ৱে তেজত থকা অতিৰিক্ত কলেষ্টৰেল কমায়।
৪। খাদ্য আৰু পৰিপুষ্টিৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে চমুকৈ লিখা।
উত্তৰঃ খাদ্য আৰু পৰিপুষ্টিৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। পুষ্টিৰ অভাৱ হ’লে জীৱ জীয়াই থাকিব নোৱাৰে। খাদ্যৰ প্ৰধানকৈ পাঁচবিধ সাৰ উপাদানে আমাৰ দেহৰ পুষ্টি সাধন কৰে। আমাক নিতৌ প্রয়োজন হোৱা এই ৰাসায়নিক সাৰ উপাদান কেইবিধ হৈছে কাৰ্ব ‘হাইড্রেট (শৰ্কৰা), প্র’টিন, স্নেহ-পদার্থ বা চর্বী, ভিটামিন আৰু খনিজ লবণ। খাদ্যৰ এই উপাদানবোৰেই পুষ্টিকার্য দ্রব্য। এই দ্রব্যসমূহে আমাৰ দেহক শক্তি প্রদান কৰি দেহৰ গঠন আৰু মেৰামতি কৰে আৰু দেহক সুৰক্ষা প্ৰদান কৰি পৰিপুষ্টি সাধন কৰে।
খাদ্য আৰু পৰিপুষ্টি দুয়োটাই এটা আনটোৰ পৰিপূৰক। দেহৰ পৰিপুষ্টিৰ বাবে প্রয়োজন হোৱা আটাইবোৰ সাৰ উপাদান নির্ধাৰিত পৰিমাণে বিভিন্ন খাদ্যই যোগান ধৰিব লাগিব। গতিকে যি খাদ্যই আমাৰ দেহৰ বাবে প্রয়োজনীয় সকলোবোৰ সাৰ উপাদান উচিত মাত্রাত যোগান ধৰে তাকে পুষ্টিকৰ খাদ্য বোলে। পুষ্টিকৰ খাদ্য বুলিলে কেবল দামী খাদ্য নুবুজায়। দেহৰ আৱশ্যকীয় উপাদান থকা পুষ্টিকৰ খাদ্যইহে শৰীৰৰ পৰিপুষ্টি সাধন কৰে। পৰিপুষ্টি বুলিলে শৰীৰৰ এক সর্বোৎকৃষ্ট যোগ্য অৱস্থাকে বুজায়। শৰীৰৰ বাবে প্রয়োজনীয় সকলোবোৰ সাৰ উপাদান যি প্ৰক্ৰিয়াৰ দ্বাৰা উচিত ব্যৱহাৰ হৈ শৰীৰৰ বৰ্ষন আৰু সর্বোৎকৃষ্ট দৈহিক অৱস্থা প্রদান কৰে তাকেই পৰিপুষ্টি (Nutrition) বোলে। পৰিপোষকৰ পৰিমাণৰ মাত্রা প্রয়োজনতকৈ বেছি বা কম হ’লেও দেহৰ পুষ্টি সাধন নহয়।
৫। খাদ্য বুলিলে কি বুজা? খাদ্যৰ বিভিন্ন কাৰ্যসমূহ বর্ণনা কৰা।
উত্তৰঃ আমি খোৱা যি গোটা বা জুলীয়া বস্তুৱে আমাৰ দেহৰ গঠন, বৃদ্ধি, বিকাশ আৰু মেৰামতি কৰি দৈহিক ক্রিয়াসমূহ সুচাৰুৰূপে চলাই নি শক্তিৰ যোগান ধৰে আৰু দেহৰ পুষ্টি সাধন কৰে, তাকে খাদ্য বোলে।
খাদ্যই আমাৰ দেহত প্রধানকৈ তিনিটা কাৰ্য কৰে-
১। তাপ আৰু শক্তি উৎপাদন।
২। শৰীৰৰ গঠন আৰু মেৰামতি।
৩। ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বা পৰিচালন।
১। তাপ আৰু শক্তি উৎপাদন: আমাৰ শৰীৰত অবিৰাম গতিত বিভিন্ন ক্রিয়া চলি থাকে। আনকি যেতিয়া আমি টোপনি যাওঁ, তেতিয়াও আমাৰ দেহৰ কিছুমান প্রক্রিয়া যেনে- শ্বাস-প্রশ্বাস, পৰিপাক, হৃদপিণ্ড আদিৰ ক্ৰিয়া চলি থাকে। আমাৰ দৈনিক কার্য-কলাপ যেনে- খোজ-কঢ়া, দৌৰা, ঘৰুৱা কাম-কাজ, খেলা- ধূলা আদি কৰিবলৈ শক্তি লাগে। তদুপৰি আমাৰ দেহৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখিবলৈ তাপ শক্তিৰ প্রয়োজন হয়। এই শক্তি প্রধানকৈ কার্ব হাইড্রেট আৰু চৰীৰ জাৰণৰ ফলত উৎপন্ন হয়। প্র’টিনযুক্ত খাদ্যৰ পৰাও কিছু শক্তি পোৱা যায়। গতিকে দেখা গ’ল কার্ব’হাইড্রেট, চর্বী আৰু প্ৰ’টিনযুক্ত খাদ্যই আমাৰ দেহত তাপ আৰু শক্তি উৎপাদনৰ কাৰ্য কৰে।
২। শৰীৰৰ গঠন আৰু মেৰামতি: এটি শিশু জন্মতে ২.৫-৩.২ কে.জি ওজনৰ হয়। সেই শিশুৱেই বাঢ়ি গৈ পূর্ণ বয়সত ৪৫-৬০ কে.জি ওজনৰ হয়। খাদ্যৰ যোগেদিয়েই দেহৰ এই বাঢ়ন কার্য সম্পন্ন হয়। গতিকে খাদ্যৰ এক প্রধান কাম হৈছে আমাৰ দেহৰ গঠন আৰু বৃদ্ধি। এই প্ৰ’টিনেই আমাৰ হাড়, মাংসপেশী, তেজ, চুলি আদিৰ গঠন আৰু মেৰামতি কৰে। লো, কেলচিয়াম, ফচফৰাচজাতীয় খনিজ লৱণেও আমাৰ তেজ আৰু হাড়ৰ গঠনত ভাগ লয়। শৰীৰৰ কোনো অংশত কটা-চিঙা হ’লে প্র’টিনে সেই ঠাইত নতুন কোষৰ সৃষ্টি কৰি মেৰামতি কৰে। গতিকে দেখা গ’ল যে খাদ্যত থকা প্র’টিনে আৰু কিছুমান খনিজ পদার্থই আমাৰ দেহৰ গঠন, বৃদ্ধি আৰু মেৰামতি কৰে।
৩। ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বা পৰিচালন: খাদ্যৰ আন এটি প্রধান কাৰ্য হৈছে আমাৰ দেহৰ ভিতৰত ঘটি থকা সকলোবোৰ ক্রিয়া-প্রক্রিয়া পৰিচালনা কৰা আৰু আমাৰ দেহটোক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰতিৰোধ ক্ষমতা প্রদান কৰা। দেহৰ গঠন, বৃদ্ধি, হজম প্রক্রিয়া, দৃষ্টি শক্তি, ছাল, দাঁত আদিৰ গঠনত ভিটামিন আৰু খনিজ লৱণে এক প্রধান ভূমিকা পালন কৰাৰ উপৰিও শৰীৰৰ প্ৰক্ৰিয়াসমূহ নিয়ন্ত্রণ কৰে। পানীয়ে পৰিপাক ক্রিয়াত, শৰীৰৰ অলাগতিয়াল পদার্থ বৰ্জনত, দেহৰ উষ্ণতা আৰু খনিজ লোণৰ সমতা ৰক্ষা কৰা কাৰ্যত সহায় কৰে। আনহাতে আঁহজাতীয় খাদ্যই নিয়মীয়া কোষ্ঠ পৰিষ্কাৰ কৰে। গতিকে আমাৰ খাদ্যত থকা ভিটামিন, খনিজ লবণ, পানী আৰু আঁহজাতীয় পদার্থই দেহৰ ৰোগ প্ৰতিৰোধ কৰি বিভিন্ন প্রক্রিয়াসমূহ ভালদৰে পৰিচালনা কৰে।
৬। কার্বহাইড্রেট কাক বোলে? জীৱদেহত কাৰ্ব’হাইড্রেটৰ প্রয়োজনীয়তাৰ বিষয়ে লিখা।
উত্তৰঃ কার্বহাইড্রেট বা শৰ্কৰা হৈছে কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেনেৰে গঠিত জৈৱ যৌগ।
জীৱদেহত কাৰ্ব’হাইড্রেটৰ প্রয়োজনীয়তা: আমাৰ দেহত লগা মুঠ শক্তিৰ ৭০-৮০ শতাংশ শক্তি এই কার্ব’হাইড্রেটে যোগান ধৰে। খাদ্যত থকা শক্তিৰ পৰিমাণ কেলৰিত (Calories) প্রকাশ কৰা হয়। এক গ্রাম কাৰ্ব’হাইড্রেটে চাৰি কেলৰি শক্তিৰ যোগান ধৰে। শৰ্কৰা আমি উদ্ভিদজগতৰ পৰা পাওঁ। গছৰ পাতৰ হৰিৎকণাই (Chlorophyll) পোহৰৰ সহায়ত বায়ুত থকা কার্বন-ডাই-অক্সাইড আৰু জলীয় বাষ্পৰ মাজত বিক্রিয়া ঘটাই কার্বহাইড্রেট উৎপন্ন কৰে। শস্যজাতীয় খাদ্য যেনে- চাউল, ঘেঁহু, গোমধান, বার্লি, শিপা আৰু কন্দ যেনে- কল, কুঁহিয়াৰ, চেনি, গুড়, মৌ ইত্যাদিত প্ৰচুৰ পৰিমাণে কাৰ্ব’হাইড্রেট থাকে। আটাইতকৈ বেছি পৰিমাণে লগা পৰিপোষক হ’ল কার্বহাইড্রেট। ই জীৱদেহত লগা শক্তিৰ মূল উৎস। অতিৰিক্ত কাৰ্ব’হাইড্রেট ভৱিষ্যতৰ বাবে গ্লাইক’জেন ৰূপে দেহত সঞ্চিত হৈ থাকে।
৭। প্র’টিন কাক বোলে? ইয়াৰ কাৰ্যৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ যিবোৰ প্ৰ’টিনত দেহৰ বাবে প্রয়োজনীয় সকলোবিধ এমিন’এচিড পৰিমিত মাত্রাত থাকে, তেনে প্র’টিনক সম্পূর্ণ প্র’টিন বোলা হয়। গাখীৰ, মাছ, মাংস, কণী আদি প্রাণীজ প্ৰ’টিনবোৰেই সম্পূর্ণ প্ৰ’টিন।
প্র’টিন কাৰ্য দেহৰ ক্ষয় হোৱা আৰু আঘাতপ্রাপ্ত কোষৰ মেৰামতিৰ বাবে প্ৰ’টিনৰ আৱশ্যক হয়। তদুপৰি দেহৰ বিভিন্ন এন্যাইম, হ’ৰমন, ৰোগ প্ৰতিৰোধৰ বাবে এন্টিবডি তৈয়াৰ হ’বলৈ প্ৰ’টিনৰ আৱশ্যক হয়। প্র’টিন ঘাইকৈ কার্বন, হাইড্র’জেন, অক্সিজেন আৰু নাইট্ৰ’জেনৰ পৰমাণুৰে গঠিত। প্রায় ২২ প্ৰকাৰ এমিন’এচিডৰ অণু বান্ধ খাই প্র’টিন গঠন হয়।
৮। আমাৰ দৈনিক আহাৰত শাক-পাচলিৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


