Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি

Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি Questipon Answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি Notes, Elective Home Science Class 9 SEBA Notes in Assamese Medium and select need one.

Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Home Science Chapter 2 খাদ্য আৰু পৰিপুষ্টি Solutions for All Chapters, You can practice these here.

খাদ্য আৰু পৰিপুষ্টি

Chapter – 2

TEXTUAL QUESTION ANSWER

১। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(i) পাউদাৰ গাখীৰত এইবিধ পৰিপোষকৰ অভাৱ-

(ক) কেলচিয়াম।

(খ) চর্বী।

(গ) প্র’টিন।

(ঘ) ভিটামিন বি।

উত্তৰঃ (ঘ) ভিটামিন বি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ii) গাখীৰৰ পৰিপূৰক হিচাবে ব্যৱহাৰ কৰিব পৰা খাদ্য হ’ল-

(ক) শস্যজাতীয় খাদ্য।

(খ) সেউজীয়া শাক-পাচলি।

(গ) মাহজাতীয় খাদ্য।

(ঘ) পনীৰ।

উত্তৰঃ (খ) সেউজীয়া শাক-পাচলি।

(iii) উৎকৃষ্ট প্র’টিনযুক্ত খাদ্য হ’ল-

(ক) আপেল।

(খ) কণী।

(গ) পালেং শাক।

(ঘ) বন্ধাকবি।

উত্তৰঃ (গ) পালেং শাক।

(iv) সকলোবিলাক পৰিপোষক থকা খাদ্য হ’ল-

(ক) মাখন।

(গ) মাংস।

(খ) কণী।

(ঘ) মাহজাতীয় খাদ্য।

উত্তৰঃ (গ) মাংস।

(v) মাংসত উচ্চ শ্ৰেণীৰ প্ৰ’টিনৰ বাহিৰেও থকা পৰিপোষক হ’ল-

(ক) আহঁযুক্ত দ্রব্য।

(খ) কার্বহাইড্রেট।

(গ) বি ভিটামিন।

(ঘ) ভিটামিন চি।

উত্তৰঃ (ক) আহঁযুক্ত দ্রব্য।

(vi) সেউজীয়া শাক-পাচলিত বেছিকৈ থকা পৰিপোষক হ’ল-

(ক) কেলচিয়াম আৰু আইৰণ।

(খ) কেলচিয়াম আৰু কাৰ্বহাইড্রেট।

(গ) কার্বহাইড্রেট আৰু প্ৰটিন।

(ঘ) চর্বি আৰু প্ৰটিন।

উত্তৰঃ (ক) কেলচিয়াম আৰু আইৰণ।

(vii) আলু হ’ল এবিধ-

(ক) শৰীৰ গঠনকাৰী খাদ্য।

(খ) শক্তিদায়ক খাদ্য।

(গ) শৰীৰৰ ৰক্ষক খাদ্য।

(ঘ) সকলো পৰিপোষক যুক্ত খাদ্য।

উত্তৰঃ (ক) শৰীৰ গঠনকাৰী খাদ্য।

(viii) কেৱল শক্তি দিয়া খাদ্য হ’ল-

(ক) বজ্রা।

(খ) চাউল।

(গ) চেনী।

(ঘ) ঘেঁহু।

উত্তৰঃ (গ) চেনী।

(ix) ফল-মূলৰপৰা লাভ কৰা পৰিপোষক হ’ল-

(ক) শক্তি।

(খ) প্র’টিন

(গ) ভিটামিন বি।

(ঘ) ভিটামিন চি।

উত্তৰঃ (খ) প্র’টিন।

২। তলত দিয়া প্রতিভাগ খাদ্যৰ অন্তর্ভুক্ত ৫ টা খাদ্যৰ নাম লিখা-

(i) শস্যজাতীয় খাদ্য __________________।

উত্তৰঃ চাউল, ঘেহু, গোমধান, বজ্ৰা আৰু ৰাগী আদি।

(ii) মাহজাতীয় খাদ্য __________________।

উত্তৰঃ মচুৰমাহ, মাটিমাহ, মগুমাহ, বুটমাহ আৰু ৰহৰমাহ আদি।

(iii) হালধীয়া ফল-মূল আৰু পাচলি ____________।

উত্তৰঃ হালধীয়া ফল-মূল: পকা অমিতা, পকা আম,কঁঠাল,আনাৰস আৰু চেনী কল।

পাচলি: লাও, কোমোৰা, জিকা, ভেণ্ডি আৰু বেঙেনা।

(iv) মাংসজাতীয় খাদ্য _______________।

উত্তৰঃ ছাগলী, কুকুৰা, হাঁহ ,হৰিণ আৰু গাহৰি।

৩। খালী ঠাই পূৰ কৰা:

(ক) শস্যজাতীয় খাদ্যই আমাক _________দিয়ে। 

উত্তৰঃ শস্যজাতীয় খাদ্যই আমাক চাউল, ঘেহু, গোমধান, বজ্ৰা, ৰাগী, জোৱাৰ, যৱ আদি দিয়ে। 

(খ) উখোৱা চাউলত __________ভিটামিন বেছিকৈ থাকে।

উত্তৰঃ উখোৱা চাউলত B₁ ভিটামিন বেছিকৈ থাকে।

(গ) ________ত আটাইতকৈ বেছি কেলচিয়াম পোৱা যায়।

উত্তৰঃ ৰাগীত আটাইতকৈ বেছি কেলচিয়াম পোৱা যায়।

(ঘ) গজালি ওলোৱা মাহজাতীয় খাদ্যত __________ বেছিকৈ থাকে।

উত্তৰঃ গজালি ওলোৱা মাহজাতীয় খাদ্যত ভিটামিন ‘চি’ বেছিকৈ থাকে।

(ঙ) _____________ ভিটামিন ‘এ’ ৰ উৎকৃষ্ট উৎস।

উত্তৰঃ মূল আৰু কন্দজাতীয় পাচলি ভিটামিন ‘এ’ ৰ উৎকৃষ্ট উৎস।

(চ) ___________ আমাৰ কৌষ্ঠকাঠিন্যতা দূৰ কৰে।

উত্তৰঃ ভিটামিন ‘চি’ আমাৰ কৌষ্ঠকাঠিন্যতা দূৰ কৰে।

(ছ) এক গ্রাম চর্বী বা তেলে ________কিলো কেলৰি শক্তি দিব পাৰে।

উত্তৰঃ এক গ্রাম চর্বী বা তেলে ৯ কিলো কেলৰি শক্তি দিব পাৰে।

(জ) _________ত বহু অসংপৃক্ত স্নেহজ এচিদ থাকে।

উত্তৰঃ চৰ্বীত বহু অসংপৃক্ত স্নেহজ এচিদ থাকে।

(ঝ) গাখীৰত থকা চেনীবিধৰ নাম ___________।

উত্তৰঃ গাখীৰত থকা চেনীবিধৰ নাম লেক্টজৰ।

(ঞ) মাছ, মাংস আৰু কণীত _________ জৈৱিক মানবিশিষ্ট প্র’টিন পোৱা যায়।

উত্তৰঃ মাছ, মাংস আৰু কণীত উচ্চ জৈৱিক মানবিশিষ্ট প্র’টিন পোৱা যায়।

(ট) _________ৱে তেজত থকা অতিৰিক্ত কলেষ্টৰেল কমায়।

উত্তৰঃ চাৰটৰোল ৱে তেজত থকা অতিৰিক্ত কলেষ্টৰেল কমায়।

৪। খাদ্য আৰু পৰিপুষ্টিৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছে চমুকৈ লিখা।

উত্তৰঃ খাদ্য আৰু পৰিপুষ্টিৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে। পুষ্টিৰ অভাৱ হ’লে জীৱ জীয়াই থাকিব নোৱাৰে। খাদ্যৰ প্ৰধানকৈ পাঁচবিধ সাৰ উপাদানে আমাৰ দেহৰ পুষ্টি সাধন কৰে। আমাক নিতৌ প্রয়োজন হোৱা এই ৰাসায়নিক সাৰ উপাদান কেইবিধ হৈছে কাৰ্ব ‘হাইড্রেট (শৰ্কৰা), প্র’টিন, স্নেহ-পদার্থ বা চর্বী, ভিটামিন আৰু খনিজ লবণ। খাদ্যৰ এই উপাদানবোৰেই পুষ্টিকার্য দ্রব্য। এই দ্রব্যসমূহে আমাৰ দেহক শক্তি প্রদান কৰি দেহৰ গঠন আৰু মেৰামতি কৰে আৰু দেহক সুৰক্ষা প্ৰদান কৰি পৰিপুষ্টি সাধন কৰে। 

খাদ্য আৰু পৰিপুষ্টি দুয়োটাই এটা আনটোৰ পৰিপূৰক। দেহৰ পৰিপুষ্টিৰ বাবে প্রয়োজন হোৱা আটাইবোৰ সাৰ উপাদান নির্ধাৰিত পৰিমাণে বিভিন্ন খাদ্যই যোগান ধৰিব লাগিব। গতিকে যি খাদ্যই আমাৰ দেহৰ বাবে প্রয়োজনীয় সকলোবোৰ সাৰ উপাদান উচিত মাত্রাত যোগান ধৰে তাকে পুষ্টিকৰ খাদ্য বোলে। পুষ্টিকৰ খাদ্য বুলিলে কেবল দামী খাদ্য নুবুজায়। দেহৰ আৱশ্যকীয় উপাদান থকা পুষ্টিকৰ খাদ্যইহে শৰীৰৰ পৰিপুষ্টি সাধন কৰে। পৰিপুষ্টি বুলিলে শৰীৰৰ এক সর্বোৎকৃষ্ট যোগ্য অৱস্থাকে বুজায়। শৰীৰৰ বাবে প্রয়োজনীয় সকলোবোৰ সাৰ উপাদান যি প্ৰক্ৰিয়াৰ দ্বাৰা উচিত ব্যৱহাৰ হৈ শৰীৰৰ বৰ্ষন আৰু সর্বোৎকৃষ্ট দৈহিক অৱস্থা প্রদান কৰে তাকেই পৰিপুষ্টি (Nutrition) বোলে। পৰিপোষকৰ পৰিমাণৰ মাত্রা প্রয়োজনতকৈ বেছি বা কম হ’লেও দেহৰ পুষ্টি সাধন নহয়। 

৫। খাদ্য বুলিলে কি বুজা? খাদ্যৰ বিভিন্ন কাৰ্যসমূহ বর্ণনা কৰা।

উত্তৰঃ আমি খোৱা যি গোটা বা জুলীয়া বস্তুৱে আমাৰ দেহৰ গঠন, বৃদ্ধি, বিকাশ আৰু মেৰামতি কৰি দৈহিক ক্রিয়াসমূহ সুচাৰুৰূপে চলাই নি শক্তিৰ যোগান ধৰে আৰু দেহৰ পুষ্টি সাধন কৰে, তাকে খাদ্য বোলে।

খাদ্যই আমাৰ দেহত প্রধানকৈ তিনিটা কাৰ্য কৰে-

১। তাপ আৰু শক্তি উৎপাদন।

২। শৰীৰৰ গঠন আৰু মেৰামতি।

৩। ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বা পৰিচালন।

১। তাপ আৰু শক্তি উৎপাদন: আমাৰ শৰীৰত অবিৰাম গতিত বিভিন্ন ক্রিয়া চলি থাকে। আনকি যেতিয়া আমি টোপনি যাওঁ, তেতিয়াও আমাৰ দেহৰ কিছুমান প্রক্রিয়া যেনে- শ্বাস-প্রশ্বাস, পৰিপাক, হৃদপিণ্ড আদিৰ ক্ৰিয়া চলি থাকে। আমাৰ দৈনিক কার্য-কলাপ যেনে- খোজ-কঢ়া, দৌৰা, ঘৰুৱা কাম-কাজ, খেলা- ধূলা আদি কৰিবলৈ শক্তি লাগে। তদুপৰি আমাৰ দেহৰ উষ্ণতা স্বাভাৱিক কৰি ৰাখিবলৈ তাপ শক্তিৰ প্রয়োজন হয়। এই শক্তি প্রধানকৈ কার্ব হাইড্রেট আৰু চৰীৰ জাৰণৰ ফলত উৎপন্ন হয়। প্র’টিনযুক্ত খাদ্যৰ পৰাও কিছু শক্তি পোৱা যায়। গতিকে দেখা গ’ল কার্ব’হাইড্রেট, চর্বী আৰু প্ৰ’টিনযুক্ত খাদ্যই আমাৰ দেহত তাপ আৰু শক্তি উৎপাদনৰ কাৰ্য কৰে।

২। শৰীৰৰ গঠন আৰু মেৰামতি: এটি শিশু জন্মতে ২.৫-৩.২ কে.জি ওজনৰ হয়। সেই শিশুৱেই বাঢ়ি গৈ পূর্ণ বয়সত ৪৫-৬০ কে.জি ওজনৰ হয়। খাদ্যৰ যোগেদিয়েই দেহৰ এই বাঢ়ন কার্য সম্পন্ন হয়। গতিকে খাদ্যৰ এক প্রধান কাম হৈছে আমাৰ দেহৰ গঠন আৰু বৃদ্ধি। এই প্ৰ’টিনেই আমাৰ হাড়, মাংসপেশী, তেজ, চুলি আদিৰ গঠন আৰু মেৰামতি কৰে। লো, কেলচিয়াম, ফচফৰাচজাতীয় খনিজ লৱণেও আমাৰ তেজ আৰু হাড়ৰ গঠনত ভাগ লয়। শৰীৰৰ কোনো অংশত কটা-চিঙা হ’লে প্র’টিনে সেই ঠাইত নতুন কোষৰ সৃষ্টি কৰি মেৰামতি কৰে। গতিকে দেখা গ’ল যে খাদ্যত থকা প্র’টিনে আৰু কিছুমান খনিজ পদার্থই আমাৰ দেহৰ গঠন, বৃদ্ধি আৰু মেৰামতি কৰে।

৩। ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বা পৰিচালন: খাদ্যৰ আন এটি প্রধান কাৰ্য হৈছে আমাৰ দেহৰ ভিতৰত ঘটি থকা সকলোবোৰ ক্রিয়া-প্রক্রিয়া পৰিচালনা কৰা আৰু আমাৰ দেহটোক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰতিৰোধ ক্ষমতা প্রদান কৰা। দেহৰ গঠন, বৃদ্ধি, হজম প্রক্রিয়া, দৃষ্টি শক্তি, ছাল, দাঁত আদিৰ গঠনত ভিটামিন আৰু খনিজ লৱণে এক প্রধান ভূমিকা পালন কৰাৰ উপৰিও শৰীৰৰ প্ৰক্ৰিয়াসমূহ নিয়ন্ত্রণ কৰে। পানীয়ে পৰিপাক ক্রিয়াত, শৰীৰৰ অলাগতিয়াল পদার্থ বৰ্জনত, দেহৰ উষ্ণতা আৰু খনিজ লোণৰ সমতা ৰক্ষা কৰা কাৰ্যত সহায় কৰে। আনহাতে আঁহজাতীয় খাদ্যই নিয়মীয়া কোষ্ঠ পৰিষ্কাৰ কৰে। গতিকে আমাৰ খাদ্যত থকা ভিটামিন, খনিজ লবণ, পানী আৰু আঁহজাতীয় পদার্থই দেহৰ ৰোগ প্ৰতিৰোধ কৰি বিভিন্ন প্রক্রিয়াসমূহ ভালদৰে পৰিচালনা কৰে।

৬। কার্বহাইড্রেট কাক বোলে? জীৱদেহত কাৰ্ব’হাইড্রেটৰ প্রয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ কার্বহাইড্রেট বা শৰ্কৰা হৈছে কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেনেৰে গঠিত জৈৱ যৌগ। 

জীৱদেহত কাৰ্ব’হাইড্রেটৰ প্রয়োজনীয়তা: আমাৰ দেহত  লগা মুঠ শক্তিৰ ৭০-৮০ শতাংশ শক্তি এই কার্ব’হাইড্রেটে যোগান ধৰে। খাদ্যত থকা শক্তিৰ পৰিমাণ কেলৰিত (Calories) প্রকাশ কৰা হয়। এক গ্রাম কাৰ্ব’হাইড্রেটে চাৰি কেলৰি শক্তিৰ যোগান ধৰে। শৰ্কৰা আমি উদ্ভিদজগতৰ পৰা পাওঁ। গছৰ পাতৰ হৰিৎকণাই (Chlorophyll) পোহৰৰ সহায়ত বায়ুত থকা কার্বন-ডাই-অক্সাইড আৰু জলীয় বাষ্পৰ মাজত বিক্রিয়া ঘটাই কার্বহাইড্রেট উৎপন্ন কৰে। শস্যজাতীয় খাদ্য যেনে- চাউল, ঘেঁহু, গোমধান, বার্লি, শিপা আৰু কন্দ যেনে- কল, কুঁহিয়াৰ, চেনি, গুড়, মৌ ইত্যাদিত প্ৰচুৰ পৰিমাণে কাৰ্ব’হাইড্রেট থাকে। আটাইতকৈ বেছি পৰিমাণে লগা পৰিপোষক হ’ল কার্বহাইড্রেট। ই জীৱদেহত লগা শক্তিৰ মূল উৎস। অতিৰিক্ত কাৰ্ব’হাইড্রেট ভৱিষ্যতৰ বাবে গ্লাইক’জেন ৰূপে দেহত সঞ্চিত হৈ থাকে।

৭। প্র’টিন কাক বোলে? ইয়াৰ কাৰ্যৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ যিবোৰ প্ৰ’টিনত দেহৰ বাবে প্রয়োজনীয় সকলোবিধ এমিন’এচিড পৰিমিত মাত্রাত থাকে, তেনে প্র’টিনক সম্পূর্ণ প্র’টিন বোলা হয়। গাখীৰ, মাছ, মাংস, কণী আদি প্রাণীজ প্ৰ’টিনবোৰেই সম্পূর্ণ প্ৰ’টিন। 

প্র’টিন কাৰ্য দেহৰ ক্ষয় হোৱা আৰু আঘাতপ্রাপ্ত কোষৰ মেৰামতিৰ বাবে প্ৰ’টিনৰ আৱশ্যক হয়। তদুপৰি দেহৰ বিভিন্ন এন্যাইম, হ’ৰমন, ৰোগ প্ৰতিৰোধৰ বাবে এন্টিবডি তৈয়াৰ হ’বলৈ প্ৰ’টিনৰ আৱশ্যক হয়। প্র’টিন ঘাইকৈ কার্বন, হাইড্র’জেন, অক্সিজেন আৰু নাইট্ৰ’জেনৰ পৰমাণুৰে গঠিত। প্রায় ২২ প্ৰকাৰ এমিন’এচিডৰ অণু বান্ধ খাই প্র’টিন গঠন হয়। 

৮। আমাৰ দৈনিক আহাৰত শাক-পাচলিৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ আমাৰ দৈনিক আহাৰত শাক-পাচলিৰ প্ৰয়োজন হোৱা তিনিবিধ হল –

(ক) সেউজীয়া পাচলি (Green leafy vegetables).

(খ) মূল আৰু কন্দজাতীয় পাচলি (Roots and tubers).

(গ) অন্যান্য পাচলি (Other vegetables).

(ক) সেউজীয়া পাচলি (Green leafy vegetable)

আমাৰ দেশত বিভিন্ন ধৰণৰ সেউজীয়া শাক খাদ্য হিচাবে গ্রহণ কৰা হয়। সাধাৰণতে আমি খোৱা এই সেউজীয়া শাকসমূহৰ ভিতৰত লাই, লফা, পালেং, চুকা, মৰিছা, মেঠি, চজিনা, পদিনা, ধনীয়া, ঢেকীয়া, মানিমুনি, কচুশাক আদিয়ে প্রধান। সেউজীয়া শাকসমূহত যথেষ্ট পৰিমানে কেলচিয়াম, আইৰণ, বিটা কেৰটিন, ভিটামিন চি, ৰাইব’ফ্লেবিন আৰু ফলিক এচিদ থাকে। কম মূল্যত আহৰণ কৰিব পৰা এইবিধ খাদ্য আমাৰ দৈনিক আহাৰত অতি কমেও ৫০ গ্রাম অন্তর্ভুক্ত কৰা উচিত। শৰীৰৰ নিয়মিত পুষ্টিসাধন আৰু বৃদ্ধিৰ বাবে প্ৰায় সকলোখিনি পৰিপোষকেই ইয়াত থাকে। কণকণ শিশু, কিশোৰ-কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃ এই সকলোৰে বাবে অতি প্রয়োজনীয় বিটা কেৰটিন, কেলচিয়াম আৰু আইৰণ ইয়াৰ পৰা লাভ কৰিব পাৰি। শস্যজাতীয় খাদ্যকে প্রধান খাদ্য হিচাবে গ্রহণ কৰা লোকসকলৰ ক্ষেত্ৰত এই পৰিপোষকসমূহৰ অভাৱ ঘটা দেখা যায়। সেয়ে সেউজীয়া শাক আমাৰ দৈনিক আহাৰত অন্তর্ভুক্ত কৰাটো অতি আৱশ্যক।

(খ) মূল আৰু কন্দজাতীয় পাচলি (Roots and Tubers): আমাৰ দেশত সাধাৰণতে খোৱা মূল আৰু কন্দজাতীয় পাচলি হ’ল গাজ ওলকচু, আলু, মিঠাআলু, গাজৰ, মূলা, কাঠ আলু ইত্যাদি। এইবিলাক খাদ্য কার্বহাইড্রেটত চহকী আৰু আমাৰ দৈনিক আহাৰত ই শক্তিৰ প্ৰধান উৎস হিচাবে কাম কৰে। গাজৰত সকলোতকৈ বেছি এ-ভিটামিন আছে। বাকলিৰে সৈতে সিজোৱা আলুত কম পৰিমানে ভিটামিন ‘চি’ পোৱা যায়। ওলকচু, আলু, কাঠ আলুত কেলচিয়াম থাকে।

(গ) অন্যান্য পাচলি (Other Vegetables): সেউজীয়া শাক, মূল আৰু কন্দজাতীয় পাচলি এই দুয়োটা ভাগতে অন্তর্ভুক্ত নোহোৱা পাচলিসমূহ এই ভাগত পৰে। খাদ্যৰ এই ভাগত সাধাৰণতে লাও, কোমোৰা, জিকা, ভেণ্ডি, বেঙেনা, ফ্রেন্সবীন, বিলাহী, কেৰেলা আদি সকলো পাচলি অন্তর্ভূক্ত হয়। আমাৰ দৈনিক আহাৰত এই খাদ্যসমূহে ভিন্নতা আনে আৰু ভিটামিন ‘চি’, খনিজ লৱণৰ যোগান ধৰে। এইবিধ খাদ্যৰ পৰা আমি খাদ্য আই অর্থাৎ চেলুল’জ লাভ কৰো। এই চেলুল’জে আমাৰ কোষ্ঠকাঠিন্যতা দূৰীকৰণত সহায় কৰে।

৯। “গাখীৰ সকলো বয়সৰ লোকৰ বাবে উত্তম আহাৰ” বহলাই লিখা। 

উত্তৰঃ গাখীৰ হ’ল কেচুৱা, সৰু ল’ৰা-ছোৱালী, কিশোৰ- কিশোৰীৰ বাবে উত্তম আহাৰ আৰু প্ৰাপ্তবয়স্কলোকৰ বাবে ই আটাইতকৈ পুষ্টিকৰ পৰিপূৰক খাদ্য। গাখীৰত উৎকৃষ্ট শ্ৰেণীৰ প্ৰ’টিনৰ উপৰিও কেলছিয়াম, ছ’ডিয়াম, পটাছিয়াম, থায়ামিন, ৰাইব’ফ্লেবিন আদি খনিজ লৱণ আৰু ভিটামিন পোৱা যায়। ইয়াৰ বাহিৰেও গাখীৰ হ’ল স্নেহ পদাৰ্থৰ উৎস। গৰম কৰিলে এই স্নেহপদার্থসমূহ গাখীৰৰ ওপৰত গোট খায়। গাখীৰত শতকৰা ৫ ভাগ লেক্টজ চেনী পোৱা যায়।

বেলেগ বেলেগ উৎসৰপৰা পোৱা গাখীৰত যদিও প্রায় সমপৰিমাণৰ পৰিপোষক থাকে, তথাপি মাকৰ গাখীৰ আৰু গৰুৰ গাখীৰত ইয়াৰ কিছু তাৰতম্য দেখিবলৈ পোৱা যায়। মাকৰ গাখীৰত লেক্টজৰ (চেনী) পৰিমান গৰুৰ গাখীৰতকৈ বেছি। গৰু আৰু ম’হৰ গাখীৰৰ মাজতো কিছু তাৰতম্য দেখা যায়। ম’হৰ গাখীৰত অধিক পৰিমানে চর্বী থাকে। চর্বী নিষ্কাষিত গাখীৰৰ পাউদাৰত চৰ্বী নাথাকে যদিও বেছি পৰিমাণে চেনি, প্রটিন পোৱা যায়।

নিৰামিষ আহাৰীলোকৰ দৈনিক আহাৰত গাখীৰ অন্তৰ্ভূক্ত কৰাটো অতি আৱশ্যকীয়। কাৰণ কেৱল উদ্ভিজ খাদ্যৰ পৰা প্ৰয়োজনীয় প্ৰ’টিন, কেলচিয়াম, ৰাইব’ফ্লেবিন আদি আহৰণ কৰা সম্ভৱ নহয়। প্রাপ্তবয়স্ক লোকৰ খাদ্যত দৈনিক কমেও ১৫০ মিঃলিঃ গাখীৰ আৰু ল’ৰা ছোৱালী,গৰ্ভৱতী, প্রসূতি মাতৃক অতি কমেও ২৫০ মিঃলিঃ গাখীৰৰ যোগান ধৰা আৱশ্যক।

১০। আমাৰ দৈনিক আহাৰত মাছ-মাংস আৰু কণীৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা।

উত্তৰঃ আমাৰ দৈনিক আহাৰত মাছ-মাংস আৰু কণীৰ প্ৰয়োজনীয়তা সম্পর্কে তলত লিখা হল –

১। মাছ (Fish): মাছত প্রধানকৈ প্ৰ’টিন থাকে। ইয়াৰ বাহিৰেও স্নেহপদার্থ, ভিটামিন ‘এ’, ভিটামিন ‘ডি’, কেলছিয়াম, ফছফৰাছ আদিও মাছত পোৱা যায়। কিছুমান বিশেষ মাছ যেনে-বৰালি, আবি, ইলিছ আদিত শতকৰা ১৯ ভাগ স্নেহ পদার্থ থাকে। মাছৰ কণীত শতকৰা ৩০ ভাগ প্র’টিন থাকে।

২। মাংস (Meat): মাংসৰ ভিতৰত জন্তু আৰু চৰাইৰ মাংসই প্রধান। ইয়াত উচ্চ জৈবিক মানবিশিষ্ট প্র’টিন পোৱা যায়। উদ্ভিজ খাদ্যত নোপোৱা ভিটামিন বি, এই মাংসজাতীয় খাদ্যত পোৱা যায়। লিভাৰত ভিটামিন ‘এ’ পোৱা যায়।

৩। কণী (Egg): কণীত উচ্চ জৈৱিক মানবিশিষ্ট প্র’টিন পোৱা যায়। প্ৰ’টিনৰ উপৰিও ইয়াত খনিজ লবণ, ভিটামিন, স্নেহপদার্থ পোৱা যায়। কণীৰ বগা অংশত শতকৰা ১০.৫ ভাগ প্রটিন আৰু হালধীয়া অংশত শতকৰা ১৬.৫ ভাগ প্ৰ’টিনৰ লগতে শতকৰা ৩৩ ভাগ স্নেহপদার্থ, ভিটামিন এ,ডি, ই, কে আৰু কলেষ্টবেল পোৱা যায়।

১১। মছলা জাতীয় খাদ্যৰ পুষ্টিগুণ সম্পর্কে লিখা।

উত্তৰঃ খাদ্য ৰান্ধোতে সুগন্ধিকৰ কৰি তুলিবলৈ মছলাজাতীয় খাদ্য ব্যৱহাৰ কৰা হয়। খুব কম পৰিমানে আমাৰ দৈনিক আহাৰত মছলা ব্যৱহাৰ কৰা হয় বাবে ইয়াৰপৰা পোৱা পৰিপোষকৰ পৰিমাণ তেনেই নগণ্য। আমি সাধাৰণতে ব্যৱহাৰ কৰা জলকীয়া, ধনীয়া আদিত বিটা কেৰটিন থাকে। কেঁচা জলকীয়াত বিটা কেৰটিন আৰু ‘চি’ ভিটামিন পোৱা যায়। নহৰুত বেক্টেৰীয়া ধ্বংশকাৰী গুণ আছে বাবে ই বিভিন্ন ৰোগ নিৰাময় কৰে। ইয়াৰ উপৰি নহৰুৱে তেজত থকা অতিৰিক্ত কলেষ্টৰেল নাইকিয়া হোৱাত সহায় কৰে। মছলাজাতীয় খাদ্যই লালটি, এনজাইম আৰু পাকস্থলীৰ এচিদ নিঃসৰণত সহায় কৰে।

১২। খাদ্যৰ প্ৰস্তুতকৰণৰ বিষয়ে আমি কিয় জানিব লাগে।

উত্তৰঃ খাদ্য হ’ল বিভিন্ন ৰাসায়নিক উপাদানৰ এক মিশ্রণ। সেয়ে খাদ্য প্ৰস্তুতকৰণৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে ইয়াত প্রয়োগ কৰা তাপ, মাধ্যম আদিয়ে ইয়াৰ উপাদানসমূহক কেনেদৰে পৰিৱৰ্তন কৰে তাক জানিব লাগিব।

১৩। ৰন্ধন কাক বোলে? ৰন্ধনৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ তাপ প্রয়োগ কৰি খাদ্যক খোৱাৰ উপযোগী কৰি তোলাকে ৰন্ধন বুলি কোৱা হয়। 

ৰন্ধনৰ উদ্দেশ্যসমূহ হল –

১। খাদ্যৰ সোৱাদ আৰু গুণাগুণ বঢ়োৱা।

২। অণুজীব ধ্বংস কৰা।

৩। খাদ্যক হজমৰ উপযোগী কৰি তোলা।

৪। খাদ্যত বিভিন্নতা অনা।

৫। খাদ্যৰ গ্ৰহণীয়তা বঢ়োৱা।

১৪। বিভিন্ন ৰন্ধন প্রণালীসমূহৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ ৰন্ধনৰ মাধ্যম ঘাইকৈ তিনিটা- পানী, তেল আৰু শুকান গৰম বায়ু।

১। পানীৰ মাধ্যমত ৰন্ধা পদ্ধতি হ’ল-

(ক) সিজোৱা।

(খ) ভাপত সিজোৱা।

(গ) প্ৰেচাৰ কুকাৰত সিজোৱা।

২। তেলৰ মাধ্যমত ৰন্ধা পদ্ধতি হ’ল-

(ক) কম তেলত ভজা।

(খ) বেছি তেলত ডুবাই ভজা।

৩। গৰম বায়ুৰ মাধ্যমত ৰন্ধা পদ্ধতি হ’ল-

(ক) পোৰা।

(খ) সেকা।

১। (ক) সিজোৱা (Boiling): কোনো খাদ্য পানীত দি ১০০০ চেন্টিগ্রেড উষ্ণতালৈকে উতলোৱাকে সিজোৱা বুলি কোৱা হয়। চাউল, দাইল, মাছ, মাংস, শাক-পাচলি আদি এই পদ্ধতিৰে ৰান্ধিলে কোমল হয় আৰু সোনকালে হজম হয়। এই পদ্ধতিত খাদ্য ৰন্ধা পানীখিনি পেলাই দিলে পুষ্টিকৰ উপাদানৰ অপচয় হয়। সেয়ে এই পানী কাঢ়িবলগা হ’লেও বেলেগ খাদ্যৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰিব লাগে।

(খ) ভাপত সিজোৱা (Steaming): এই পদ্ধতিত পানীখিনি পোনপটীয়াভাৱে খাদ্যৰ সংস্পৰ্শলৈ নাহে। ইয়াৰ পৰিবৰ্তে বন্ধনত ব্যৱহাৰ কৰা পানীখিনি ভাপলৈ ৰূপান্তৰিত হৈ, সেই ভাপে খাদ্যখিনি সিজাই তোলে। এই পদ্ধতিৰে বন্ধা খাদ্যৰ ৰং আৰু সোৱাদৰ পৰিৱৰ্তন নঘটে আৰু খাদ্যত থকা পৰিপোষক অটুট থাকে। ভাপত সিজোৱা পদ্ধতি ঘাইকৈ দুটা- প্রত্যক্ষ ভাপত সিজোৱা পদ্ধতি আৰু পৰোক্ষ ভাপত সিজোৱা পদ্ধতি।

প্রত্যক্ষ ভাপত সিজোৱা পদ্ধতি: এটা পাত্ৰত ৰান্ধিবলৈ লোৱা খাদ্যখিনিৰে পূৰ্ণ কৰি এখন পাতল কাপোৰেৰে ঢাকন মাৰি লোৱা হয়। তাৰ পিছত ইয়াক এখন ভাপ পাৰ হ’ব পৰা সাঁচত (ইল্লি ষ্টিমাৰ) ৰাখি এটা উতলা পানীৰ পাত্ৰৰ মুখখনত বহুৱাই দিয়া হয়। পাত্ৰৰ কোনোপিনে যাতে ভাপ ওলাই যাব নোৱাৰে সেই বিষয়ে সতর্ক হ’ব লাগে। ইদ্‌দল্লি, পিঠা আদি এই পদ্ধতিৰে ৰান্ধিব পাৰি।

পৰোক্ষ ভাপত দিয়া পদ্ধতি: ৰান্ধিবলৈ লোৱা খাদ্যখিনি এটা সৰু পাত্ৰত ৰাখি ঢাকোন মাৰি দিব লাগে। এতিয়া এটা ডাঙৰ চস্পেনত পানী উতলাই এই খাদ্যৰ পাত্ৰটো তাত ৰাখি চচপেনৰ ঢাকনিখন মাৰি দিব লাগে। এইদৰে চচপেনৰ পানীখিনি উতলি সৃষ্টি হোৱা ভাপখিনিয়ে পৰোক্ষভাৱে সৰু পাত্রটোত থকা খাদ্যখিনি সিজাই তোলে। এই পদ্ধতিৰে পুডিং তৈয়াৰ কৰিব পাৰি।

(গ) চাপত সিজোৱা (Pressure Cooking): চাপত থকা তাপ যেতিয়া ৰন্ধনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়, সেই পদ্ধতিক চাপত সিজোৱা পদ্ধতি বোলা হয়। এই পদ্ধতিত এটা বিশেষ পাত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰেচাৰ কুকাৰ বোলে। এইবিধ পাত্ৰত খাদ্যখিনি পানীৰ সৈতে মিহলাই ৰাখি তাপ প্রয়োগ কৰিলে পানীখিনি ভাপলৈ ৰূপান্তৰ হয় আৰু এই ভাপ বাহিৰলৈ ওলাই আহিব নোৱাৰে। ফলত উতলা পানী আৰু ভাপৰ উত্তাপ ১০০° চেন্টিগ্রেডতকৈও বেছি হয় আৰু ই অতি কম সময়ৰ ভিতৰত খাদ্য সিজাই তোলে।

২। তেলৰ মাধ্যমত ৰন্ধন প্রণালী:

ভজা: খাদ্য ৰন্ধাৰ আটাইকেইটা পদ্ধতিৰ ভিতৰত এই পদ্ধতি বেছি জনপ্রিয়। কাৰণ এই পদ্ধতিত খাদ্য ৰান্ধিলে খাবলৈ বেছি সোবাদ আৰু কচিকৰ হয়। ই এবিধ খৰতকীয়া পদ্ধতি। তেল বা ঘিউ গৰম হৈ উঠিবলৈ বিভিন্ন তাপৰ প্ৰয়োজন হয়। সাধাৰণতে ভজা পদ্ধতিত তেলৰ উত্তাপ ১৮০° ৰ পৰা ২২০০ চেন্টিগ্রেডলৈকে হয়। আমি খোৱা খাদ্যসমূহ সাদাৰণতে দুটা পদ্ধতিৰে ভাজো। 

(ক) কম তেলত ভজা (Shallow frying)। আৰু 

(খ) বেছি তেলত ডুবাই ভজা (Deep frying)।

বহল সমান তাৱা এখনত কম তেল সানি ভজা পদ্ধতিক কম তেলত ভজা (Shallow frying) পদ্ধতি বোলে। সাধাৰণতে পৰঠা, অমলেট আদি এই পদ্ধতিৰে ৰন্ধা হয়। আনহাতে কেৰাহীত বেছি তেলত ডুবাই খাদ্য ভজা পদ্ধতিক তেলত ডুবাই ভজা (Deep frying) পদ্ধতি বোলে। লুচি, পকৰি, বেঙেনা, মাছ আদি এই পদ্ধতিৰে ভজা হয়।

৩। গৰম বায়ুৰ মাধ্যমত ৰন্ধা প্রণালী: গৰম বায়ুৰ মাধ্যমত সাধাৰণতে দুটা পদ্ধতিৰে খাদ্য ৰন্ধা হয়। যেনে- 

(ক) পোৰা (Roasting)। আৰু 

(খ) সেকা (Baking)।

(ক) পোৰা (Roasting): কোনো ঢাকনি ব্যৱহাৰ নকৰাকৈ পোনপটীয়াভাৱে গৰম কয়লা বা আঙঠাৰ মাজত ভৰাই গৰম বায়ুৰ দ্বাৰা খাদ্য ৰন্ধা পদ্ধতিকে পোৰা বোলে। আলু, বেঙেনা, মাছদি এই পদ্ধতিৰে ৰন্ধা হয়। এই পদ্ধতিৰে ৰন্ধা খাদ্যত পৰিপোষকৰ অপচয় নহয়।

(খ) সেকা (Baking): গৰম বায়ুৰ মাধ্যমত এই পদ্ধতিৰে খাদ্য ৰন্ধা হয়। এই পদ্ধতিত অ’ভেন নামৰ এক বিশেষ সৰঞ্জাম ব্যৱহাৰ কৰা হয়। সাধাৰণতে দুই ধৰণৰ অ’ভেন বজাৰত কিনিবলৈ পোৱা যায়। ইয়াৰে এবিধ গেছ বা কেৰাচিন স্তভৰ ওপৰত দিব পাৰি আৰু আনবিধ বিদ্যুতৰ দ্বাৰা চলাব পাৰি। ইয়াত থকা তাপ নিয়ন্ত্ৰণ ব্যৱস্থাৰ দ্বাৰা খাদ্য বেছি সিজি নোযোৱাকৈ ৰাখিব পাৰি।

১৫। মাইক্র’ৱেভ কুকিং আৰু ছ’লাৰ কুকিঙৰ মাজত পার্থক্য কি?

উত্তৰঃ মাইক্র’ৱেভ কুকিং: মাইক্ৰ’ৱেভ হ’ল এবিধ আধুনিক সৰঞ্জাম যাৰ জৰিয়তে অতি সোনকালে খাদ্য ৰান্ধিব পাৰি। এই সৰঞ্জামত সংযুক্ত মেগনেট্ৰনৰপৰা ওলাই অহা বৈদ্যুতিক চুম্বকীয় ঢৌ খাদ্যত শোষিত হয় আৰু ইয়াৰ ফলত খাদ্যসমূহ মুহূৰ্ততে উত্তপ্ত হৈ উঠে আৰু খাদ্যৰ অণু-পৰমাণুবিলাকৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয়। এইদৰে ঘৰ্ষণ হওঁতেও আকৌ তাপৰ সৃষ্টি হয় আৰু তাৰ ফলত অতি সোনকালে খাদ্যসমূহ সিজি উঠে। এই ৰন্ধন পদ্ধতিত খাদ্যত থকা পৰিপোষক নষ্ট নহয় আৰু ইয়াৰ দ্বাৰা অতি কম সময়তে সুস্বাদু খাদ্য প্রস্তুত কৰিব পাৰি।

ছ’লাৰ কুকিঙৰ মাজত: সৌৰশক্তিৰ সহায়ত খাদ্য ৰন্ধা প্রণালীকে ছ’লাৰ কুকিং বোলা হয়। সৌৰশক্তিৰ বাহিৰে এই পদ্ধতিত বাকী কোনো ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা নহয় বাবে আর্থিক দিশতো ই যথেষ্ট সহায় কৰে। এই ৰন্ধন প্রণালীয়ে গৃহিণীৰ সময় আৰু শক্তি দুয়োটাই ৰাহি কৰে। ছ’লাৰ কুকাৰটো এটা বাকচৰ নিচিনা সৰঞ্জাম। ইয়াত এখন আইনাৰ ঢাকনি থাকে। সূৰ্যৰ পোহৰ আইনাত পৰিলে তাৰপৰা তাপ বিকিৰণ হয় আৰু সেই তাপত খাদ্যবস্তু সিজি উঠে। বাকচৰ ভিতৰত খাদ্যখিনি ভৰাই খোলা ঠাইত মুকলিভাৱে ৰ’দ পৰা ঠাইত ৰাখিব লাগে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top