Class 9 Elective Home Science Chapter 5 পাৰিবাৰিক সম্পদ পৰিচালনা Questipon Answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Home Science Chapter 5 পাৰিবাৰিক সম্পদ পৰিচালনা Notes, Class 9 Elective Home Science Chapter 5 পাৰিবাৰিক সম্পদ পৰিচালনা Notes in Assamese Medium and select need one.
Class 9 Elective Home Science Chapter 5 পাৰিবাৰিক সম্পদ পৰিচালনা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 9 Elective Home Science Chapter 5 পাৰিবাৰিক সম্পদ পৰিচালনা These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Home Science Chapter 5 পাৰিবাৰিক সম্পদ পৰিচালনা Solutions for All Chapters, You can practice these here.
পাৰিবাৰিক সম্পদ পৰিচালনা
Chapter – 5
| TEXTUAL QUESTION ANSWER |
১। উপযুক্ত শব্দ প্রয়োগ কৰি তলত দিয়া বাক্যবোৰৰ খালী ঠাই পূৰণ কৰা-
(ক) গৃহ-পৰিচালনাৰ বাবে সবাতোকৈ প্রয়োজন হয় __________ ৰ।
উত্তৰঃ গৃহ-পৰিচালনাৰ বাবে সবাতোকৈ মানসিক প্ৰস্তুতিৰ আৱশ্যক আৰু শুদ্ধ সিদ্ধান্তৰ বাবে জ্ঞানৰ উপৰিও অভিজ্ঞতাৰ প্ৰয়োজন হয়।
(খ) কিউলেক্স মহে কামুৰিলে _____________ হয়।
উত্তৰঃ কিউলেক্স মহে কামুৰিলে ডেংগু জ্বৰ আৰু ফাইলেৰিয়া হয়।
(গ) মাখি নিধন কৰিবলৈ বহুতে ___________ ট্রেপ ব্যৱহাৰ কৰে।
উত্তৰঃ মাখি নিধন কৰিবলৈ বহুতে ফ্লাইট্রেপ ব্যৱহাৰ কৰে।
(ঘ) পইতাচোৰাই আন্ধাৰ আৰু ___________ ঠাইত থাকিবলৈ ভাল পায়।
উত্তৰঃ পইতাচোৰাই আন্ধাৰ আৰু সেমেকা ঠাইত থাকিবলৈ ভাল পায়।
(ঙ) তিনি প্ৰকাৰৰ মহ হ’ল- এনোফেলিচ, কিউলেক্স আৰু __________।
উত্তৰঃ তিনি প্ৰকাৰৰ মহ হ’ল- এনোফেলিচ, কিউলেক্স আৰু ষ্টেগ’মিয়া।
২। তলত দিয়া বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা-
(ক) গৃহ-পৰিচালনাৰ প্ৰক্ৰিয়াটো অতি সহজ।
উত্তৰঃ অশুদ্ধ।
(খ) শীত-তাপৰ পৰা নিজক ৰক্ষা কৰাৰ বাবে গৃহত আশ্রয় লোৱা হয়।
উত্তৰঃ শুদ্ধ।
(গ) গৃহ-পৰিচালনাক ‘পাৰিবাৰিক জীৱনৰ প্রশাসন ব্যৱস্থা’ বুলি কোৱা হয়।
উত্তৰঃ শুদ্ধ।
(ঘ) গৃহ-পৰিচালনা হ’ল শাৰীৰিক প্ৰক্ৰিয়া।
উত্তৰঃ অশুদ্ধ।
(ঙ) মানুহৰ মাজত অন্তর্নিহিত হৈ থকা গুণসমূহ মানৱ সম্পদ।
উত্তৰঃ শুদ্ধ।
(চ) উপযুক্ত গৃহ-পৰিচালনাত শক্তিৰ প্ৰয়োজন নহয়।
উত্তৰঃ অশুদ্ধ।
৩। গৃহ-পৰিচালনা বুলিলে কি বুজা?
উত্তৰঃ গৃহ-পৰিচালনা হৈছে ‘পৰিয়ালৰ সম্পদসমূহ উপযুক্তবাৱে ব্যৱহাৰ কৰি পৰিয়ালৰ লক্ষ্যসমূহ পূৰণ কৰা।’ পাৰিবাৰিক জীৱন সু-পৰিকল্পিতভাৱে চলোৱা প্ৰক্ৰিয়াই হ’ল গৃহ-পৰিচালনা।
8। নিকেল আৰু দৰছিৰ গৃহ-পৰিচালনাৰ সংজ্ঞাটো লিখা।
উত্তৰঃ নিকেল আৰু দৰছিয়ে দিয়া সংজ্ঞামতে ‘পাৰিবাৰিক লক্ষ্যসমূহ পূৰণৰ উদ্দেশ্য পৰিয়ালৰ সীমিত সম্পদসমূহৰ ব্যৱহাৰৰ বাবে যি পৰিকল্পনা, নিয়ন্ত্ৰণ আৰু মূল্যায়ন কৰা হয় সেইয়া হ’ল গৃহ-পৰিচালনা।
৫। পৰিয়ালৰ প্ৰতিজন সদস্যৰ গৃহ-পৰিচালনা সম্পর্কে জ্ঞান থকাৰ কিয় প্রয়োজন?
উত্তৰঃ প্রকৃততে চাবলৈ গ’লে গৃহ-পৰিচালনা এক মানসিক প্রক্রিয়া। যিকোনো কাম কৰাৰ আগতে উচিত সিদ্ধান্ত বা নির্ণয় লোৱা আৱশ্যক। ইয়াৰ বাবে মানসিক প্ৰস্তুতিৰ আৱশ্যক আৰু শুদ্ধ সিদ্ধান্তৰ বাবে জ্ঞানৰ উপৰিও অভিজ্ঞতাৰ প্ৰয়োজন হয়।
৬। সম্পদ বুলিলে কি বুজা? ই কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ গৃহ-পৰিচালনাৰ বাবে সবাটোকৈ প্রয়োজন হয় ‘সম্পদ’ৰ। অৰ্থাৎ সম্পদ ব্যৱহাৰ কৰি গৃহ-পৰিচালনাৰ ক্ষেত্ৰত পৰিকল্পনা, ব্যৱস্থাপনা, নিয়ন্ত্ৰণ আৰু মূল্যায়ণ কৰি যিকোনো কাম কৃতকাৰ্যতাৰে সমাপন কৰা হয়। জীৱনৰ কোনো কাৰ্য্য সাধনৰ অৰ্থে জ্ঞান, বুদ্ধি অর্থ আদিৰ প্ৰয়োজন হয় আৰু ইয়াকে সম্পদ বুলি কোৱা হয়।
সম্পদক দুভাগত ভগোৱা হৈছে-
(ক) মানৱ সম্পদ।
(খ) অমানৱ সম্পদ।
৭। মানৱ সম্পদসমূহৰ বিষয়ে কি জানা লিখা?
উত্তৰঃ মানুহৰ মাজত অন্তর্নিহিত থকা শক্তি বা ক্ষমতা, জ্ঞান, ব্যুৎপত্তি বা পটুতা, মনোভাৱ বা দৃষ্টিভঙ্গী ইত্যাদি মানৱ সম্পদ বুলি ধৰা হয়। এগৰাকী গৃহিনীয়ে পুৱাৰপৰা ৰাতিলৈকে নানা কামৰ মাজত নিজকে ব্যস্ত কৰি ৰাখে। ৰন্ধা-বঢ়া কৰে, বজাৰ সমাৰ কৰে ল’ৰা-ছোৱালীৰ পঢ়া-শুনা চায়, পৰিয়ালৰ সকলোৰে আবেগ- অনুভূতিৰ প্ৰতি সজাগ হৈ ঘৰৰ পৰিৱেশ আনন্দ মুখৰ কৰি ৰাখিবলৈ চেষ্টা কৰে। লগতে কোনোৱে অর্থ উপার্জন কৰি পৰিয়ালৰ আৰ্থিক দিশতো অৰিহণা যোগায়। এই সকলোধৰণৰ কামৰ বাবে মহিলা গৰাকীয়ে নিজৰ দক্ষতা, নিপুনতা, বুদ্ধি, জ্ঞান আদিৰ ব্যৱহাৰ কৰে। এই বোৰেই হ’ল মানৱ সম্পদ।
৮। অমানৱ সম্পদ কোনবোৰ?
উত্তৰঃ যিবোৰ সম্পদ পাৰ্থিৱ বা বৈষয়িক যেনে- ধন, সময়, সা- সম্পত্তি, সামূহিক সা-সুবিধা ইত্যাদিক অমানৱ সম্পদ।
৯। ৰেফ্ৰিজাৰেটৰৰ ব্যৱহাৰ আৰু যত্ন সম্পর্কে লিখা?
উত্তৰঃ ৰেফ্ৰিজাৰেটৰৰ ব্যৱহাৰ: ৰেফ্ৰিজাৰেটৰত সতেজ পাচলি, ৰন্ধা খাদ্য, ৰাহি হোৱা খাদ্য, ঠাণ্ডা কৰি খোৱা খাদ্য আদি সংৰক্ষণ কৰা হয়। ই খাদ্যৰ সকলো গুণ অটুট ৰাখে। অণুজীৱৰ জন্মৰোধ কৰে আৰু খাদ্যত থকা জলীয় বাষ্প ধৰি ৰাখে। আমাৰ দৈনিক আহাৰ পৰিকল্পনা কৰাত এই যন্ত্রটোৱে সহজ সাধ্য কৰি তোলে। কাৰণ নিদ্দিষ্ট দিনৰ ২-৩ দিন আগতীয়াকৈ সকলোধৰণৰ খাদ্য বজাৰৰপৰা কিনি ইয়াত মজুত কৰি ৰাখিব পাৰি। সাধাৰণতে ঘৰুৱাভাৱে ব্যৱহাৰ কৰিব পৰা ৰেফ্ৰিজাৰেটৰ দুইধৰণৰ পোৱা যায় এবিধ হ’ল মটৰ বা কমপ্ৰেচৰ ধৰণৰ আৰু আনবিধ হ’ল শোষক ধৰণৰ।
ৰেফ্ৰিজাৰেটৰসমূহ বিভিন্ন আকাৰত পোৱা যায়। ইয়াত প্রয়োগ কৰা বঙো বেলেগ বেলেগ হয়। ইয়াৰ ভিতৰত থকা খাপবিলাক সজোৱাৰ ধৰণো বেলেগ বেলেগ হয়। দুৱাৰখনতো খাদ্য মজুত কৰি ৰাখিব পৰা খাপ থাকে আৰু কিছুমান বিশেষ ধৰণৰ কক্ষ থাকে য’ত মাখন, কণী,পনীৰ আদি মজুত কৰি ৰাখিব পাৰি। শাক-পাচলি আদি থ’বলৈ প্লাষ্টিকৰ বাকচ নাইবা ট্রে থাকে।
ৰেফ্ৰিজাৰেটৰৰ যত্ন:
১। ৰেফ্ৰিজাৰেটৰৰ ভিতৰৰ অংশত খাদ্য পৰিলে লগে লগে মচি পৰিষ্কাৰ কৰিব লাগে।
২। প্রত্যেক পোন্ধৰ দিনৰ অন্তৰে অন্তৰে ইয়াৰ ভিতৰত জমা হোৱা বৰফ গলিবলৈ দিব লাগে। ভিতৰত থকা খাদ্য বাহিৰলৈ উলিয়াই আনি গলি যোৱা বৰফবিলাক তলৰ ট্রেখনত জমা হ’বলৈ দিব লাগে। এনে কৰোতে ইয়াৰ দুৱাৰখনো খুলি ৰাখিব লাগে। গোটেইখিনি বৰফ গলাৰ পিচত পানী পেলাই দি ভিতৰখন কাপোৰেৰে ভালদৰে মচিব লাগে।
৩। ৰেফ্ৰিজাৰেটৰৰ ভিতৰখন পৰিষ্কাৰ কৰোঁতে কোনো ধৰণৰ চাবোন বা অন্য খাৰ থকা বস্তু ব্যৱহাৰ কৰিব নালাগে।
১০। কাপোৰ ধোৱা মেচিনত কাপোৰ কেনেকৈ ধোৱ পাৰি? ইয়াৰ যত্ন কেনেকৈ ল’ব লাগে?
উত্তৰঃ কাপোৰ ধোৱা মেচিন দুই ধৰণৰ পোৱা যায়। সম্পূর্ণ স্বয়ংক্রিয় আৰু অর্দ্ধ স্বয়ংক্রিয়। সম্পূর্ণ স্বয়ংক্রিয় কাপোৰ ধোৱা মেচিনত কাপোৰ ধোৱা, আওডলা আৰু চেপা এই তিনিওটা কাম এটাৰ পিচত এটাকৈ নিজে নিজে চলি থাকে। আনহাতে অৰ্দ্ধ স্বয়ংক্রিয় মেচিনৰ কাৰ্য্যপ্রণালী স্বয়ংক্রিয় মেচিনৰ নিচিনাই যদিও কামৰ এটা স্তৰৰপৰা আনটো স্তৰলৈ নিজে নিজে যাব নোৱাৰে। ইয়াৰ বাবে বেলেগ বেলেগ বুটাম আছে আৰু এই বুটাম টিপিলেহে কামটো সমাধা হয়।
কাপোৰ ধোৱা মেচিনত এটা ডাঙৰ চিলিণ্ডাৰৰ ভিতৰত এটা সৰু চিলিণ্ডাৰ ভৰোৱা থাকে। এই সৰু চিলিণ্ডাৰটো ধাতুৰে নিৰ্মিত আৰু ইয়াৰ গাত ফুটা ফুটা থাকে। মলিয়ন কাপোৰবোৰ এই সৰু চিলিণ্ডাৰটোত ভৰোৱা হয়। বাহিৰৰ চিলিণ্ডাৰটো ধাতুৰে নিৰ্মিত আৰু তাত পৰিষ্কৰণ দ্রব্যটো আধালৈ ভৰাই লোৱা হয়। ভিতৰৰ চিলিণ্ডাৰটো এবাৰ ঘড়ীৰ কাটাৰ দিশত আৰু আনবাৰ বিপৰীত দিশত ঘূৰে। ইয়াৰ ফলত কাপোৰৰ আৰ্হৰ মাজেদি পৰিষ্কৰণ দ্ৰৱ এবাৰ এটা দিশত আৰু আনবাৰ বিপৰীত দিশত সঞ্চালন ঘটি কাপোৰৰ মলি আঁতৰাই নিয়ে।
ইয়াৰ যত্ন: যন্ত্ৰটোৰ সকলো নির্দেশনা পত্র আগেয়ে ভালদৰে পঢ়ি চাব লাগে। এই নিৰ্দ্দেশনা পত্ৰত যন্ত্ৰৰ প্ৰত্যেকটো অংশ কেনেদৰে পৰিষ্কাৰ কৰিব লাগে তাক লিখা থাকে। ব্যৱহাৰ কৰাৰ পিচত মেচিনটোৰ ভিতৰ অংশ ধুই থ’ব লাগে আৰু সৰু সূতা, কপাহ বা তেনে কোনো দ্রব্য ভিতৰফালে কৰবাত লাগি আছে নেকি পৰীক্ষা কৰি পৰিষ্কাৰ কৰিব লাগে।
১১। খাদ্য মিহলি কৰা আৰু গুৰি কৰা যন্ত্ৰৰ ব্যৱহাৰ আৰু যত্ন সম্পর্কে লিখা।
উত্তৰঃ খাদ্য মিহলি কৰা আৰু গুৰি কৰা যন্ত্ৰক সাধাৰণতে ‘মিক্সি’ বুলি জনা যায়। এই সৰঞ্জামবিধত প্ৰধানকৈ তিনিটা অংশ থাকে; তলৰ গধুৰ অংশ, খাদ্য কুটি মিহি, গুড়ি কৰিবলৈ ব্লেড আৰু এটা ঢাকনিৰে সৈতে পাত্র। বৈদ্যুতিক মিক্সাৰ বা খাদ্য গুড়ি কৰা আৰু মিহলি কৰা যন্ত্ৰ প্ৰধানকৈ খাদ্য ঘোঁটা, খুন্দা আদি কামৰ বাবে উপযোগী। ইয়াৰ লগতে খাদ্য মিহলোৱা লাচি, চৰবত ইত্যাদি প্ৰস্তুত কৰা, মচলা, চাটনি তৈয়াৰ কৰা, ফল-মূলৰ ৰস উলিওৱা আদি বেলেগ বেলেগ কামৰ বাবে বেলেগ বেলেগ অংশ থাকে। কিছুমান মিক্সাৰত আটা-ময়দা ইত্যাদি মাৰিব পৰা অংশও থাকে। মিক্সাৰ যন্ত্ৰৰ দ্বাৰা এগৰাকী গৃহিনীৰ সময় আৰু শ্রম ৰাহি হয়। পৰিয়ালৰ আকাৰ অনুযায়ী ইয়াক বাচনি কৰিব লাগে।
খাদ্য মিহলি কৰা আৰু গুৰি কৰা যন্ত্ৰৰ যত্ন:
১। বিদ্যুৎ সংযোগী তাঁৰডাল মাজে-সময়ে পৰীক্ষা কৰি থাকিব লাগে।
২। ব্যৱহাৰ নকৰা সময়ত বিদ্যুৎ সৰবৰাহ বন্ধ কৰি প্লাগটো আঁতৰাই থ’ব লাগে।
৩। ব্যৱহাৰৰ পিচত ঢাকনী আৰু পাত্ৰটো ভালদৰে কুহুমীয়া পানীৰে ধুব লাগে যাতে ব্লেডৰ মাজত খাদ্য কণিকা লাগি নাথাকে।
৪। এখন শুকান কাপোৰেৰে মচি পেলাব লাগে।
৫। মিক্সাৰ কেতিয়াও পানীত ডুবাব নালাগে। কেৱল এখন সেমেকা কাপোৰেৰে ওপৰৰ অংশ মোহাৰি পৰিষ্কাৰ কৰিব লাগে।
১২। প্ৰেচাৰ কুকাৰৰ কাৰ্যনীতি বৰ্ণনা কৰা।
উত্তৰঃ ই হ’ল এটি বন্ধ চচপেনৰ নিচিনা পাত্ৰ আৰু ইয়াৰ ভিতৰত জলীয় বাস্প ৰুদ্ধ হৈ চাপৰ সৃষ্টি কৰে। এই জলীয় বাষ্পৰ চাপে খাদ্যখিনি খুব কম সময়ত সিজায়। ইয়াৰ কাৰণ হ’ল ৰুদ্ধচাপৰ উত্তাপ পানীৰ উতলাংকৰ উত্তাপতকৈ বেছি। কুকাৰৰ ভিতৰত সৃষ্টি হোৱা উত্তাপ বাহিৰলৈ ওলাই নাযাবৰ বাবে ইয়াৰ ঢাকনীৰ লগত এডাল ৰবৰৰ গাস্কেট থাকে। ঢাকনীৰ ওপৰৰ ফালে থকা নির্গমন নলীয়েদি পাত্ৰৰ ভিতৰত সৃষ্টি হোৱা অতিৰিক্ত চাপ বাহিৰলৈ ওলাই আহে। কেতিয়াবা কুকাৰত পানী কমকৈ দিলে নাইবা নির্গমন নলীডাল খাদ্য সোমাই বন্ধ হৈ থাকিলে কুকাৰটো ফাটি যাব পাৰে। এনে ঘটনা নোহোৱাকৈ ৰাখিবৰ বাবে ঢাকনীৰ ওপৰত এটা চেফ্ টি ভাল্ব থাকে। কেতিয়াবা কুকাৰৰ ভিতৰত অতিমাত্রা চাপৰ সৃষ্টি হ’লে চেফ্টি ভাল্বটো ফুটি যায় বা উৰি যায়।
১৩। বৈদ্যুতিক অ’ভেনত কেনেকৈ খাদ্য তৈয়াৰ কৰা হয়? ইয়াৰ যত্ন কেনেকৈ ল’ব লাগে লিখা।
উত্তৰঃ কেক্, বিস্কুট আৰু অন্যান্য খাদ্য প্ৰস্তুতকৰণত এইবিধ সৰঞ্জাম ব্যৱহাৰ কৰা হয়। বৈদ্যুতিক আৰু অবৈদ্যুতিক দুয়োধৰণৰ অ’ভেন বজাৰত কিনিবলৈ পোৱা যায়। বৈদ্যুতিক অ’ভেনত তাপ উৎপাদনকাৰী একক থাকে আৰু ই অ’ভেনৰ লগত আটিলভাৱে লাগি থাকে। তাপ উৎপাদনকাৰী একক সাধাৰণতে দুটা এটা ওপৰফালে আৰু আনটো তলৰফালে থাকে। বিদ্যুৎশক্তি পৰিবাহিত হোৱাৰ লগে লগে এই তাপ উৎপাদনকাৰী একক উত্তপ্ত হৈ উঠে আৰু অ’ভেনৰ ভিতৰখন সকলো ঠাইতে সমভাবে গৰম হৈ উঠে। ইয়াত থকা উত্তাপ নিয়ন্ত্ৰকৰ দ্বাৰা প্রয়োজন সাপেক্ষে তাপ কম বেছি কৰিব পাৰি। অ’ভেনৰ বাহিৰফালে বেৰ আৰু ঢাকনী বা দুৱাৰত প্রয়োজনীয় তাপবোধক ব্যৱস্থা থাকে যাতে বাহিৰৰ তাপ ভিতৰলৈ আৰু ভিতৰৰ তাপ বাহিৰলৈ অহা-যোৱা কৰিব নোৱাৰে।
বৈদ্যুতিক অ’ভেনৰ যত্ন:
১। অ’ভেন পৰিষ্কাৰ কৰিবলৈ কেতিয়াও জোঙা সজুলি ব্যৱহাৰ কৰিব নালাগে।
২। ভিজা কাপোৰেৰে কেতিয়াও ইয়াৰ ভিতৰখন মচিব নালাগে। এনে কৰিলে ভিতৰৰ আবৰণখনত কেতিয়াবা ফাট মেলিবও পাৰে।
৩। ডেই যোৱা খাদ্যবস্তু অ’ভেনৰ পৰা সদায় আঁতৰাই পেলাব লাগে।
৪। অ’ভেনৰ খাপবিলাক (বাকচৰ নিচিনা হ’লে) লৰচৰ কৰিব পৰা হ’লে বাহিৰলৈ উলিয়াই আনি পৰিষ্কাৰ কৰিব লাগে।
৫। ঠাণ্ডা হ’লে অ’ভেনত ভিতৰৰ পৰি ৰোৱা খাদ্য আঁতৰাই পেলাব লাগে।
৬। প্রত্যেকবাৰ ব্যৱহাৰৰ পিচত অ’ভেনৰ ভিতৰখন ভালদৰে শুকান কাপোৰেৰে মচি পেলাব লাগে।
১৪। ভেকুৱাম ক্লিনাৰৰ কাৰ্য প্রণালী বৰ্ণনা কৰা।
উত্তৰঃ বৈদ্যুতিক ভেকুৱাম ক্লিনাৰ হ’ল এবিধ শক্তি, সময় আৰু শ্রম লাঘৱকাৰী উন্নত সৰঞ্জাম। ইয়াৰ দ্বাৰা মজিয়া, কার্পেট, ৰাগ, চিলিং, ডাঠ পর্দা, চকীৰ কুচন আদিত থকা ধূলি-মাকতি আঁতৰাই লৈ আনিব পাৰি। যান্ত্রিক পদ্ধতিৰে ইয়াৰ ভিতৰত ঋণাত্মক বায়ুৰ চাপ সৃষ্টি হয় আৰু সেই বায়ুৰ চাপে বিপৰীত দিশত প্রচণ্ড বেগত এই ধূলি-মাকতিবোৰ লৈ আহে। এই সজুলিটোৰ গাটো গোলাকৃতিৰ, ইয়াক এখন ফিল্টাৰ ডিস্কে দুভাগ কৰিছে। ইয়াৰ ওপৰৰ ভাগ হ’ল “ফিল্টাৰমোনা” (Filter bag) আৰু তলৰ ভাগ হ’ল “বায়ুক্ষয় কক্ষ” (Exhaust Chamber)। ফিল্টাৰ মোনাৰ লগত এডাল লেতু-সেতু হোঁচ পাইপ সংলগ্নহৈ থাকে। এই পাইপডালে পৰিষ্কাৰকটোক বায়ুশূন্য মুখনল (vacuum nozzle) ৰ লগত লগ লগাই থয়। বায়ুক্ষয় কক্ষত নিৰ্দ্দিষ্ট অক্ষদণ্ডত ঘূৰিব পৰা এখন বিচনী থাকে। এই বায়ুক্ষয় কক্ষত থকা বিচনীৰ চালিকা শক্তিয়ে কাম আৰম্ভ কৰাৰ লগে লগে বিচনীয়ে বায়ু বাহিৰলৈ পঠিয়াই দিয়ে আৰু লগে লগে ফিল্টাৰমোনা, হোচ পাইপত কিছু খালী ঠাইৰ সৃষ্টি হয়। এই অংশটো খালী হোৱাৰ লগে লগে স্বাভাবিকতে বায়ুশূন্য মুখনলটোতো কিছু অংশ বায়ু নাইকীয়া হৈ পৰে। ইয়াৰ ফলস্বৰূপে বায়ুশূন্য মুখনলে ধূলি-মাকতি আদি দ্রুতগতিত শুহি ফিল্টাৰ বেগলৈ লৈ আনে। ফিল্টাৰ বেগৰ ফিল্টাৰে ধূলি-বালি চেকি পেলায় আৰু ধূলিহীন বায়ু বাহিৰলৈ উলিয়াই দিয়ে। এইদৰে একেলেথাৰিয়ে চলি থকা প্ৰক্ৰিয়াত শুহি অনা ধূলি-বালিবোৰ ফিল্টাৰবেগত জমা হয় আৰু নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে এই ধূলি-বালি বাহিৰলৈ উলিয়াই পৰিষ্কাৰ কৰা হয়।
১৫। মাইক্ৰ’ৱেভ অভেন কি? ইয়াত কেনেকৈ খাদ্য প্রস্তুত হয়?
উত্তৰঃ মাইক্ৰ’ৱেভ অভেন হ’ল একপ্ৰকাৰ ইলেকট্রনিক অ’ভেন। এই অ’ভেনৰ ভিতৰত মেগনেট্রনভাণ্ড (magnetron ware) স্থাপন কৰি মাইক্ৰৱেভ সৃষ্টি কৰা হয়। এই মাইক্রৱেভ সঞ্চালনে অ’ভেনৰ ভিতৰত থকা খাদ্য বস্তুৰ অণু- পৰমাণু বিলাকক উত্তেজিত (agitated) কৰি তোলে আৰু সিহঁতৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয়। এই ঘৰ্ষনৰ ফলত যি তাপ সৃষ্টি হয় সেই তাপে খাদ্য বস্তু সিজাই তোলে। এনেকৈ খাদ্য প্রস্তুত হয়। এই সজুলিৰ দ্বাৰা খাদ্য বস্তুৰ ৰন্ধনত খুব কম সময় লাগে আৰু পৰিপোষকৰ অপচয় কম হয়।
১৬। শক্তিৰ ৰাহি কৰাৰ উপায় উল্লেখ কৰা।
উত্তৰঃ শক্তিৰ ৰাহি কৰাৰ উপায় তলত উল্লেখ কৰা হল —
১। ৰান্ধনি ঘৰৰ কামৰ প্ৰকৃত পৰিকল্পনা: ৰান্ধিবলৈ আৰম্ভ কৰাৰ আগতে প্রাথমিক প্রস্তুতি কৰি ল’ব লাগে অর্থাৎ চাউল, দাইল ধুই পৰিষ্কাৰ কৰি আৰু শাক-পাচলি ধুই কাটি ল’ব লাগে। কোনখন আঞ্জা কেনেদৰে ৰন্ধা হ’ব তাৰ পৰিকল্পনা আগতেই কৰি লব লাগে। অকলে এখন আঞ্জা ৰন্ধাতকৈ একেলগে দুখন বা তিনিখন আঞ্জা কিদৰে ৰান্ধিব পৰা যায় তাৰ পৰিকল্পনা কৰি ল’ব লাগে।
২। কায্যকৰণ প্ৰণালী: কাম নিৰ্দ্দিষ্ট অনুক্রম অনুযায়ী কৰিব লাগে। এটা গধুৰ কামৰ লগত এটা পাতল কামৰ পৰিকল্পনা কৰিব লাগে। শৰীৰৰ অৱস্থান সকলো সময়তে একে হোৱাৰ আৱশ্যক। শৰীৰৰ অৱস্থান তল-ওপৰ অথবা বেঁকা বা হাউলী পৰা হ’ব নালাগে এনে কৰিলে শৰীৰত চাপ পৰে আৰু মাংস পেশীত টন্টনায়। ফলত ব্যক্তিজন ভাগৰি পৰে। সেয়েহে কাৰ্য কৰাৰ প্ৰকৃত পৰিকল্পনা অতি আৱশ্যক।
৩। অফিচত কৰা কাম: অফিচত কাম কৰা টেবুল, চকী আদি প্রকৃত উচ্চতাৰ হ’ব লাগে, যাতে কাম কৰোঁতে শৰীৰৰ অৱস্থান শুদ্ধ হয়। আৱশ্যকীয় সকলো বস্তু হাতেৰে ঢুকি পোৱাত থ’ব লাগে আৰু কামৰ ক্ৰম অনুযায়ী সজাই ল’ব লাগে।
৪। ঘৰ সজা স্থান: ঘৰ সজা স্থানত ডাঙৰ, সৰু, গধুৰ, লঘু বিভিন্ন প্ৰকাৰৰ শাৰীৰিক শ্ৰমৰ কাম থাকে। এনে কাম কৰোতে কেৱল গধুৰ কামেই কৰিব নালাগে, মিশ্রিতভাৱে কৰিব লাগে। ঘৰ বন্ধা কামত শ্রমিকসকলক এজনৰ পিছত এজনকৈ ছান্দিক গতিত কামত আগবাঢ়িব দিয়া হয়। উদাহৰণস্বৰূপে বালি আদি কঢ়িয়াওতে এজনে বালি পাচিত ভৰাই দিয়ে, এজনে পাচিটো আনজনক দিয়ে, তেওঁৰ পৰা খালি পাচি আনি পুনৰ প্ৰথমজনে বালি ভৰাই আগৰ দৰে আগবঢ়াই দিয়ে। সেইদৰে দ্বিতীয়জনে তৃতীয়জনক, তৃতীয়জনে চতুর্থজনক আগবঢ়াই দি নির্দিষ্ট স্থানলৈ নিয়ে। এনে কৰিলে এজনৰ গাত অকলে কামৰ ভাৰ নপৰে। শৰীৰৰ অৱস্থানো একে থাকে। তেওঁলোকে এনেদৰে কাম কৰিলেও শৰীৰত বিশেষ প্ৰভাৱ নপৰে।
১৭। কামৰ সৰলীকৰণ বুলিলে কি বুজা?
উত্তৰঃ কামৰ সৰলীকৰণ বুলি কলে যি কোনো কাম সহজ সৰল উপায়েৰে সময়, শক্তি আৰু শাৰীৰিক শ্ৰমৰ অপচয় নকৰাকৈ সম্পন্ন কৰাকেই বুজায়। ই হ’ল এক মানৱ কৌশল। যিকোনো কাম সম্পন্ন কৰিবলৈ মানুহে বিজ্ঞান সম্মত পদ্ধতি আৰু শ্রম লাঘৱকাৰী সা-সৰঞ্জাম ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে প্রত্যেক ব্যক্তি বিশেষকৈ গৃহিনীয়ে সময় আৰু শক্তি উভয়ৰে ৰাহি কৰিব পাৰে।
১৮। ড’ভটেইলিং মানে কি?
উত্তৰঃ ড’ভটেইলিং কাম কৰাৰ এক প্ৰণালী। এই প্রণালীয়ে একে সময়তে দুটা কাম কৰাকে বুজায়। ভাত ৰান্ধোতে দাইল আৰু ভাজি বহাই দি মাজৰ সময়খিনিত আগৰে পৰা পৰি থকা লেতেৰা বাচন ধুব পাৰি। সেইদৰে যিকোনো কাম কৰোতে একে লগে দুটা কাম কৰাৰ পৰিকল্পনা কৰিব লাগে, ভাত ৰন্ধাৰ মাজে মাজে টিফিন তৈয়াৰ কৰাৰ প্ৰাথমিক প্রস্তুতি কৰিব পাৰি। কে’ক্ অভেনত বেক কৰিব দিলে কমেও আধাঘণ্টা পঞ্চল্লিশ মিনিট সময় লাগে। সেই সময়ছোৱাত আন বহুতো কাম কৰিব পৰা যায়। আমি কম্পিউটাৰত বহু সংখ্যাক কাগজ ছাপ মাৰিব দি সেই সময়খিনিত আন কাম কৰিব পাৰো।
১৯। কামৰ সৰলীকৰণৰ বিভিন্ন পদ্ধতিসমূহ বর্ণনা কৰা।
উত্তৰঃ কামৰ সৰলীকৰণৰ বিভিন্ন পদ্ধতিসমূহ হল –
১। শৰীৰৰ অৱস্থান আৰু গতি পৰিৱৰ্তন।
২। কামত ব্যৱহাৰ কৰা সা-সৰঞ্জাম আৰু কামৰ ব্যৱস্থাপনৰ পৰিৱৰ্তন।
৩। কামৰ ক্ৰমৰ পৰিৱৰ্তন।
8। উৎপাদিত সামগ্ৰীৰ পৰিৱৰ্তন।
৫। কেঁচা সামগ্ৰীৰ পৰিৱৰ্তন।
৬। ড’ভ টেইলিং অথবা দুটা কাম একে সময়তে সম্পন্ন কৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

