Class 9 Elective Home Science Chapter 3 শিশুৰ বিকাশ আৰু পৰিয়াল অধ্যয়ন

Class 9 Elective Home Science Chapter 3 শিশুৰ বিকাশ আৰু পৰিয়াল অধ্যয়ন Questipon Answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Home Science Chapter 3 শিশুৰ বিকাশ আৰু পৰিয়াল অধ্যয়ন Notes, Elective Home Science Class 9 SEBA Notes in Assamese Medium and select need one.

Class 9 Elective Home Science Chapter 3 শিশুৰ বিকাশ আৰু পৰিয়াল অধ্যয়ন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Home Science Chapter 3 শিশুৰ বিকাশ আৰু পৰিয়াল অধ্যয়ন Solutions for All Chapters, You can practice these here.

শিশুৰ বিকাশ আৰু পৰিয়াল অধ্যয়ন

Chapter – 3

TEXTUAL QUESTION ANSWER

১। খালী ঠাই পূৰ্ণ কৰা:

(ক) ___________এক গতিশীল ধাৰণা।

উত্তৰঃ বিকাশ এক গতিশীল ধাৰণা।

(খ) ____________ পৰিমাণগত পৰিবৰ্তন।

উত্তৰঃ ‘বৃদ্ধি’ হৈছে পৰিমাণগত পৰিবৰ্তন।

(গ) বিকাশ ____________পৰিৱৰ্তন।

উত্তৰঃ বিকাশ হৈছে গুণগত পৰিৱৰ্তন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) বৃদ্ধি অবিহনে __________হ’ব নোৱাৰে।

উত্তৰঃ বৃদ্ধি অবিহনে বিকাশ হ’ব নোৱাৰে।

২। চমুকৈ লিখা:

(ক) শিশুৰ বিকাশত কি কি কাৰকে প্রভাৱ পেলায়?

উত্তৰঃ শিশুৰ বিকাশত আকৌ কিছুমান কাৰকেও প্ৰভাৱ পেলায়। সেইবিলাক হৈছে বংশগতি, পৰিৱেশ ইত্যাদি।

(খ) শিশুৰ জন্মতে সুপ্ত হৈ থকা গুণসমূহ কি কি?

উত্তৰঃ শিশুৰ জন্মতে সুপ্ত হৈ থকা গুণসমূহ মানসিক আৰু দৈহিক দুয়োটাই হ’ব পাৰে। ওখ-চাপৰ, গাৰ গঠন, চুলিৰ ৰং, চকু, কথা কোৱাৰ ধৰণ, ইত্যাদি।

(গ) বৃদ্ধি আৰু বিকাশৰ অৰ্থ লিখা?

উত্তৰঃ ‘বৃদ্ধি’ আৰু ‘বিকাশ’ দুয়োটা শব্দৰে অৰ্থ সম্পূর্ণ বেলেগ যদিও ইটোৰ লগত সিটোৰ সম্বন্ধ অতি নিবিড়। ‘বৃদ্ধি’ হৈছে পৰিমাণগত পৰিৱৰ্তন, অৰ্থাৎ শিশুৰ আকাৰ, গঠন, ওজন, উচ্চতা আদিৰ ক্ৰমাগত পৰিৱৰ্তন। শাৰীৰিক বৃদ্ধিৰ লগে লগে শিশুৰ আভ্যন্তৰীণ বৃদ্ধি হোৱাও দেখা যায়। যেনে- অংগসমূহৰ বৃদ্ধি, মগজুৰ বৃদ্ধি আদি।

আনহাতে ‘বিকাশ’ৰ অৰ্থ হৈছে গুণগত পৰিৱৰ্তন। অর্থাৎ গুণগতভাৱে কাৰ্য আৰু কৌশলৰ আয়ত্বকৰণ। বিকাশ সদায় ক্রমান্বয়ে আগবাঢ়ে। কেতিয়াও পিছুৱাই নাহে।

(ঘ) মানৱ জীৱনৰ স্তৰসমূহ কি কি?

উত্তৰঃ মানৱ জীৱনৰ স্তৰসমূহ হল –

(ক) মাতৃ গর্ভত স্থিতি লোৱাৰপৰা জন্মৰ সময়লৈকে প্রাক প্রসূতি কাল (Prenatal).

(খ) জন্মৰ পৰা ২ বছৰলৈ-কেঁচুৱাকাল (Infancy).

(গ) ৩ বছৰৰ পৰা ৯ বছৰলৈ শৈশৱকাল (Babyhood).

(ঘ) ১০ বছৰৰ পৰা ১৯ বছৰলৈ- কৈশোৰকাল (Adolescencedy).

(ঙ) ১৯ বছৰৰ পাছত – প্রাপ্তবয়স্ক কাল (Adulthood).

(চ) ৬০ বছৰ আৰু তাৰ পাছত- বৃদ্ধকাল (Old age).

(ঙ) প্রাক প্রসূতিকাল বুলিলে কি বুজা?

উত্তৰঃ এটি শিশু মাতৃগর্ভত স্থিতি লোৱাৰ পৰা জন্মৰ সময়লৈকে ২৮০ দিন থাকে। এই কালছোৱাকে প্রাক-প্রসূতি কাল বুলি কোৱা হয়। 

(চ) কেঁচুৱাকালত শিশুৰ বিকাশ কেনেধৰণৰ হয়?

উত্তৰঃ কেঁচুৱা অৱস্থাত শিশুৰ শাৰীৰিক বিকাশ অতি দ্রুত হয়। জন্মৰ কেইদিনমান পাছৰ পৰাই শৰীৰৰ ওজন বৃদ্ধি পাবলৈ ধৰে আৰু হাত, ভৰি, মাংসপেশী আদি সৱল হ’বলৈ ধৰে। সৰহ সংখ্যক শিশুৱেই চাৰিমাহ মান বয়সত আনৰ সহায়ত নোলোৱাকৈ মূৰটো চিধা কৰি ৰাখিব পৰা হয়, হাঁহিব পৰা হয়, মাত মাতিলে বুজি পোৱা হয়। ছয়মাহ বয়সত বহুৱাই দিলে বহিব পৰা হয়, এবছৰ বয়সত খোজ কাঢ়িব পৰা হয় আৰু ডেৰ বছৰ বয়সত দৌৰিব পৰা হয়।

(ছ) শিশুৰ শৈশৱকাল বুলিলে কি বুজা শৈশৱকালত শিশুৰ বিকাশৰ বিষয়ে লিখা।

উত্তৰঃ ৩ বছৰৰ পৰা ৯ বছৰলৈকে এই কালছোৱাক শিশুৰ শৈশৱকাল বুলি কোৱা হয়।

এই শৈশৱ কালছোৱাক দুটা ভাগত ভাগ কৰা হৈছে –

(i) প্রাক্-বিদ্যালয় কাল (Pre school age) আৰু

(ii) বিদ্যালয় কাল (School age).

(i) প্রাক্-বিদ্যালয় কাল (Pre school age): ২ বছৰৰ পৰা ৫ বা ৬ বছৰ বয়সলৈ শিশুৰ এই কালছোৱাক প্রাক্- বিদ্যালয় বা প্রাক্-প্রাথমিক কাল বুলি কোৱা হয়। এই কালছোৱাত শিশুক যদিও বিদ্যালয়লৈ পঠিওৱা হয়, তাত কিন্তু আনুষ্ঠানিক শিক্ষা দিয়া নহয়। খেলা-ধূলাৰ মাজেৰে শিশুৰ কল্পনা শক্তিৰ বিকাশ হয়, লগৰীয়াৰ লগত মিলিব পৰা হয়, বিভিন্ন বিষয়ৰ প্ৰতি ৰাপ আৰু দক্ষতা দেখুৱাব পৰা হয়। এই সময়ছোৱাত শিশুৱে পেঞ্চিল, চক্ আদি লৈ কিবাকিবি আঁকি বৰ ভাল পায়। আন্ধাৰ, অচিনাকি মানুহ আদিলৈ ভয় কৰে।

(ii) বিদ্যালয় কাল (School age): শিশুৰ ৬ বছৰৰ পৰা এই সময়ছোৱা বিদ্যালয় কালৰ অন্তর্গত। এই সময়ছোৱাত শিশুৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা হয়। এই কালছোৱাতেই শিশুৰ ভাষাৰ বিকাশ হয়, খেলা-ধূলাৰ শাৰীৰিক কৌশল আয়ত্ত কৰিব পৰা হয়, নৈতিকতাৰ বিকাশ হয় আৰু ব্যক্তিগত স্বাধীনতা লাভ কৰে।

(জ) কৈশোৰকালৰ বিকাশ কেনেধৰণৰ?

উত্তৰঃ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ পৰা ১৯ বছৰ বয়সলৈকে শিশুৰ এই সময়ছোৱাক কৈশোৰ বা বয়ঃসন্ধি কাল বুলি কোৱা হয়। এই কালছোৱাত, শাৰীৰিক,মানসিক, সামাজিক আৰু নৈতিক দিশত অভিনৱত্ব প্রকাশ পায়। এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ শৰীৰৰ ওজন, উচ্চতা বৃদ্ধি পায়। ল’ৰা- ছোৱালী যৌৱনপ্রাপ্ত হয়। স্মৃতি (Memory), মনোযোগ (Attention), ধ্যান (Concentration) আদিৰ উৎকৰ্ষ সাধনো হয়। চিন্তা, বুদ্ধি, যুক্তি আদি মানসিক গুণসমূহৰ বিকাশ হয় আৰু পৰিপক্কতা লাভ কৰে। কিশোৰ- কিশোৰীহঁত অতি কল্পনা প্রিয় হৈ উঠে।

৩। শিশুৰ বৃদ্ধি আৰু বিকাশৰ এটা চমু ধাৰণা দিয়া।

উত্তৰঃ প্রত্যেক মানুহে এটি কেঁচুৱা হিচাপে জন্ম লাভ কৰি লাহে লাহে ডাঙৰ- দীঘল হৈ প্রাপ্তবয়স্ক ব্যক্তিত পৰিণত হয় আৰু লাহে লাহে বৃদ্ধ হৈ মৃত্যুবৰণ কৰে। জন্মৰপৰা মৃত্যুলৈকে জীৱনটো নিৰবিচ্ছিন্ন প্রক্রিয়া। জন্মৰ পৰা এটি শিশু ডাঙৰ হোৱাৰ লগে লগে বিকাশো আগবাঢ়ে। বিকাশ এক গতিশীল ধাৰণা। প্ৰতিটো শিশুৱেই কিছুমান অন্তর্নিহিত গুণ যেনে- মৰম-স্নেহ, ভয়, খং, অনুসন্ধিৎসা আদি লৈ জন্ম গ্রহণ কৰে আৰু এই গুণসমূহ সুপ্ত অৱস্থাত থাকে। শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে এই গুণসমূহ বিকশিত হৈ পৰে। তদুপৰি শিশুৰ ভাষা, আবেগ, খেল-ধেমালিৰ প্রতি অভিৰুচি, বৌদ্ধিক (বুদ্ধিমত্তা) শক্তি আদিও বিকশিত হয়। 

৪। বৃদ্ধি আৰু বিকাশ কাক বোলে? বিকাশৰ মূল নীতিসমূহ কি কি বহলাই লিখা।

উত্তৰঃ ‘বৃদ্ধি’ হৈছে পৰিমাণগত পৰিৱৰ্তন, অর্থাৎ শিশুৰ আকাৰ, গঠন, ওজন, উচ্চতা আদিৰ ক্ৰমাগত পৰিৱৰ্তন। 

‘বিকাশ’ হৈছে গুণগত পৰিৱৰ্তন। অর্থাৎ গুণগতভাৱে কাৰ্য আৰু কৌশলৰ আয়ত্বকৰণ। বিকাশ সদায় ক্রমান্বয়ে আগবাঢ়ে। কেতিয়াও পিছুৱাই নাহে।

বিকাশৰ মূলনীতিসমূহ হৈছে: 

১। বিকাশ পৰিৱৰ্তনৰ লগত জড়িত (Development involves Change): বিকাশত পৰিৱৰ্তন হয় বুলি আমি আগতেই পঢ়ি আহিছোঁ। জন্মৰপৰা শিশু বৃদ্ধি হৈ ক্রমান্বয়ে ডাঙৰ হয় আৰু তেতিয়া শিশুৰ দৈহিক পৰিৱৰ্তন হয়। ছৱিত দেখাৰ দৰে সৰু অৱস্থাত এটি শিশুৰ মূৰটো ডাঙৰ থাকে আৰু শৰীৰটোৰ তুলনাত ভৰিকেইটা ছুটি থাকে। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে মূৰটো সৰু হৈ আহে, শৰীৰৰ তুলনাত ভৰিকেইটা দীঘল হয়।

২। বয়স অনুযায়ী বৃদ্ধিৰ নিৰিখ পৃথক হয় (Rate of development at different age levels is different): শিশুৰ শাৰীৰিক বিকাশ বয়স অনুযায়ী বেলেগ বেলেগ হয়। এটি শিশুৰ জন্মৰপৰা ছয় বছৰ বয়সলৈকে শাৰীৰিক বিকাশ অতি দ্রুত হয়। তাৰ পাছত কিছু মন্থৰ হয়। আকৌ কৈশোৰ কালত (১০ বছৰৰ পৰা ১৯ বছৰ) পুনৰ বৃদ্ধি দ্রুত হয়। আনহাতে শিশুৰ ভাষাৰ বিকাশ প্রথম দুবছৰত অতি লাহে লাহে হয়। কিন্তু দুবছৰৰপৰা ছয় বছৰৰ ভিতৰত বেছি দ্রুত হোৱা দেখা যায়। সেই কাৰণেই কোৱা হয় যে বয়স অনুযায়ী বৃদ্ধিৰ নিৰিখ পৃথক হয়।

৩। বিকাশ অনুক্রমত আৰু শৃংখলাবদ্ধভাৱে আগবাঢ়ে (Development is Sequential and Orderly): শিশুৰ বৃদ্ধি আৰু বিকাশৰ এটা ধাৰণা আছে। অর্থাৎ অনুক্রম আৰু শৃংখলাবদ্ধভাৱেহে আগবাঢ়ে। দেখা যায় যে এটি শিশুৱে প্রথমতে বহিব, তাৰ পাছত থিয় হ’ব, তাৰ পাছত খোজ কাঢ়িব আৰু শেষতহে দৌৰিব পাৰে। ঠিক তেনেদৰে আমি লক্ষ্য কৰিলে দেখা পাওঁ যে এটি শিশুৱে বাক্য ক’বলৈ আৰম্ভ কৰাৰ আগতে এটা এটা শব্দহে উচ্চাৰণ কৰিবলৈ শিকে। এনেদৰে শিশুৱে নিয়ম মানিহে ক্রমান্বয়ে ডাঙৰ হৈ আহে।

৪। বিকাশ মূৰৰ পৰা ক্ৰমান্বয়ে তললৈ আগবাঢ়ে (Development takes place from head to downwards): জন্মৰ পিছতে এটি শিশুৰে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। প্রায় তিনিমাহ বয়সত নিজৰ মূৰটো শিশুৱে নিয়ন্ত্রণলৈ আনে আৰু ইফালে-সিফালে চাব পৰা হয়। তাৰ পাছত শিশুৱে বিছনাত বাগৰিব পৰা হয় আৰু তাৰ পাছত বহিব পৰা হয়। বহিব পৰা হোৱাৰ পাছত থিয় হ’ব আৰু তাৰ পাছত খোজ কাঢ়িব পৰা হয়। বিকাশ প্রথমতে মূৰৰ অংশত হয়, তাৰ পাছত ডিঙিৰ পৰা ভৰিৰ মাজৰ অংশত আৰু শেষতহে ভৰিকেইটাৰ হয়। সেয়েহে কোৱা হৈছে বিকাশ মূৰৰপৰা তললৈ হয়।

৫। বিকাশ মাজৰপৰা ক্ৰমান্বয়ে কাষলৈ আগবাঢ়ে (Development takes place from centre to the outside): কেতিয়াবা এটা শিশুৰে বস্তু এটা খামুচি ধৰিবলৈ চেষ্টা কৰা দেখিছানে? মন কৰিবা বস্তু এটা ধৰিবলৈ যাওঁতে কেঁচুৱাটোৱে গোটেই শৰীৰটোৱেই আগবঢ়াই নিয়ে। তাৰ পাছত লাহে লাহে গোটেই হাতখন আগবঢ়াই আৰু শেষতহে আঙুলিৰে ধৰিব পৰা হয়। যিহেতু বিকাশ মাজৰ পৰা কাষলৈ আগবাঢ়ে, গতিকে প্রথমে গোটেই শৰীৰটো, তাৰ পাছত হাতখন আৰু শেষতহে আঙুলিকেইটাৰে কাম কৰিব পৰা হয়।

৬। ব্যক্তি বিশেষে বিকাশৰ নিৰিখ বেলেগ বেলেগ (Rate of development is different for different individuals): একে বয়সৰ দুটা শিশুক লক্ষ্য কৰিলে দেখা যাব যে শিশু দুটাৰ ওজন, উচ্চতা বা বৃদ্ধি-বিকাশ একে ধৰণৰ নহয়। দুয়োটা শিশুৱে একে সময়তে খোজ কাঢ়িব পৰা নাই বা একে সময়তে কথা ক’বও পৰা নাই। এটা শিশুৰ হয়তো দাঁত আগতে সৰিছে,এটাৰ পাছত সৰিছে। একে মাকৰ সন্তান বা যমজ সন্তানৰ ক্ষেত্ৰতো বৃদ্ধি আৰু বিকাশৰ পাৰ্থক্য দেখা যায়। সেয়েহে প্রত্যেক শিশুৰে ব্যক্তিত্বও বেলেগ বেলেগ হয়। ইয়াৰপৰাই বুজা যায় যে প্রতিটো শিশুৰে বৃদ্ধি বিকাশৰ নিজস্ব নিৰিখ আছে।

৫। মানৱ জীৱনৰ বিভিন্ন স্তৰসমূহ বহলাই লিখা।

উত্তৰঃ মানৱ জীৱনৰ বিভিন্ন স্তৰসমূহ হল –

(ক) মাতৃ গৰ্ভত স্থিতি লোৱাৰপৰা জন্মৰ সময়লৈকে প্রাক প্রসূতি কাল (Prenatal).

(খ) জন্মৰপৰা ২ বছৰলৈ-কেঁচুৱাকাল (Infancy).

(গ) ৩ বছৰৰপৰা ৯ বছৰলৈ- শৈশৱকাল (Babyhood).

(ঘ) ১০ বছৰৰপৰা ১৯ বছৰলৈ- কৈশোৰকাল (Adolescence).

(ঙ) ১৯ বছৰৰপাছত- প্রাপ্তবয়স্ক কাল (Adulthood).

(চ) ৬০ বছৰ আৰু তাৰ পাছত- বৃদ্ধকাল (Old age).

(ক) প্রাক-প্রসূতি কাল (Prenatal): এটি শিশু মাতৃগর্ভত স্থিতি লোৱাৰ পৰা জন্মৰ সময়লৈকে ২৮০ দিন থাকে। এই কালছোৱাকে প্রাক-প্রসূতি কাল বুলি কোৱা হয়। এই কালছোৱাতেই শিশুৱে সম্পূর্ণ মানৱ ৰূপ লয়। এটি শিশুৰ বৃদ্ধি আৰু বিকাশ সম্পূর্ণ ৰূপে মাতৃৰ খাদ্য আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এই সময়ছোৱাত মাতৃগৰাকীৰ খাদ্য যথেষ্ট উন্নত হ’ব লাগিব আৰু স্বাস্থ্যৰ প্রতি যতন ল’ব লাগিব। শিশুৱে শ্বাস-প্রশ্বাসৰ বাবেও মাকৰ ওপৰতে নিৰ্ভৰ কৰে।

(খ) কেঁচুৱাকাল (Infancy): জন্মৰপৰা দুই বছৰ বয়সলৈকে শিশুৰ এই কালছোৱাক কেঁচুৱাকাল বোলা হয়। শিশুৰ এই কেঁচুৱা অৱস্থাত শাৰীৰিক বিকাশ অতি দ্রুত হয়। জন্মৰ কেইদিনমান পাছৰপৰাই শৰীৰৰ ওজন বৃদ্ধি পাবলৈ ধৰে আৰু হাত, ভৰি, মাংসপেশী আদি সৱল হ’বলৈ ধৰে। সৰহ সংখ্যক শিশুবেই চাৰিমাহ মান বয়সত আনৰ সহায়ত নোলোৱাকৈ মূৰটো চিধা কৰি ৰাখিব পৰা হয়, হাঁহিব পৰা হয়, মাত মাতিলে বুজি পোৱা হয়। ছয়মাহ বয়সত বহুৱাই দিলে বহিব পৰা হয়, এবছৰ বয়সত খোজ কাঢ়িব পৰা হয় আৰু ডেৰ বছৰ বয়সত দৌৰিব পৰা হয়।

(গ) শৈশৱকাল (Babyhood): ৩ বছৰৰ পৰা ৯ বছৰলৈকে এই কালছোৱাক শিশুৰ শৈশৱকাল বুলি কোৱা হয়। এই শৈশৱকালছোৱাক দুটা ভাগত ভাগ কৰা হৈছে-

(i) প্রাক্-বিদ্যালয় কাল (Pre school age) আৰু

(ii) বিদ্যালয় কাল (School age)

(i) প্রাক্-বিদ্যালয় কাল (Pre school age): ২ বছৰৰ পৰা ৫ বা ৬ বছৰ বয়সলৈ শিশুৰ এই কালছোৱাক প্রাক্- বিদ্যালয় বা প্রাক্- প্রাথমিক কাল বুলি কোৱা হয়। এই কালছোৱাত শিশুক যদিও বিদ্যালয়লৈ পঠিওৱা হয়, তাত কিন্তু আনুষ্ঠানিক শিক্ষা দিয়া নহয়। খেলা-ধূলাৰ মাজেৰে শিশুৰ কল্পনা শক্তিৰ বিকাশ হয়, লগৰীয়াৰ লগত মিলিব পৰা হয়, বিভিন্ন বিষয়ৰ প্ৰতি ৰাপ আৰু দক্ষতা দেখুৱাব পৰা হয়। এই সময়ছোৱাত শিশুৱে পেঞ্চিল, চক্ আদি লৈ কিবাকিবি আঁকি বৰ ভাল পায়। আন্ধাৰ, অচিনাকি মানুহ অদিলৈ ভয় কৰে।

(ii) বিদ্যালয় কাল (School age): শিশুৰ ৬ বছৰৰপৰা এই সময়ছোৱা বিদ্যালয় কালৰ অন্তৰ্গত। এই সময়ছোৱাত শিশুৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰা হয়। এই কালছোৱাতেই শিশুৰ ভাষাৰ বিকাশ হয়, খেলা-ধূলাৰ শাৰীৰিক কৌশল আয়ত্ত কৰিব পৰা হয়, নৈতিকতাৰ বিকাশ হয় আৰু ব্যক্তিগত স্বাধীনতা লাভ কৰে।

(ঘ) কৈশোৰকাল (Adolescence): ৯ বছৰ সম্পূৰ্ণ হোৱাৰ পৰা ১৯ বছৰ বয়সলৈকে শিশুৰ এই সময়ছোৱাক কৈশোৰ বা বয়ঃসন্ধি কাল বুলি কোৱা হয়। ১০ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ সময়ছোৱাক প্ৰাৰম্ভিক কৈশোৰ কাল (Initial adolescence) আৰু ১৫ বছৰৰ পৰা ১৯ বছৰৰ ভিতৰৰ সময়ছোৱাক অন্তিম কৈশোৰ কাল (Late adolescence) বুলি কোৱা হয়। এই কালছোৱাত, শাৰীৰিক, মানসিক, সামাজিক আৰু নৈতিক দিশত অভিনৱত্ব প্রকাশ পায়। এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ শৰীৰৰ ওজন, উচ্চতা বৃদ্ধি পায়। ল’ৰা- ছোৱালী যৌৱনপ্রাপ্ত হয়। স্মৃতি (Memory), মনোযোগ (Attention), ধ্যান (Concentration) আদিৰ উৎকৰ্ষ সাধনো হয়। চিন্তা, বুদ্ধি, যুক্তি আদি মানসিক গুণসমূহৰ বিকাশ হয় আৰু পৰিপক্কতা লাভ কৰে। কিশোৰ- কিশোৰীহঁত অতি কল্পনা প্রিয় হৈ উঠে।

(ঙ) প্রাপ্তবয়স্ককাল (Adulthood): প্রাপ্তবয়স্ক কালত এজন ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পূর্ণ হয় আৰু এজন প্রাপ্তবয়স্ক লোক হিচাপে নিজকে থিয় কৰায়। ব্যক্তি হিচাপে সমাজত প্রতিষ্ঠা লা কৰিবলৈ চেষ্টা কৰে। মানসিক আৰু বৌদ্ধিক বিকাশো প্রায় সম্পূর্ণ হৈ উঠে। সেয়েহে তেওঁলোকে আত্মনিৰ্ভৰশীল ব্যক্তি হিচাপে চিনাকি দিবলৈ যত্ন কৰাৰ লগতে সামাজিক মর্যদা লাভৰ বাবেও চেষ্টা কৰে।

(চ) বৃদ্ধকাল (Old age): ৬০ বছৰৰ পাছত মানুহ বৃদ্ধ অৱস্থালৈ আহে। এই সময়ছোৱাত মানুহৰ কর্ম শক্তি, হজম শক্তি, স্মৃতি শক্তি আদি লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰে। শাৰীৰিকভাৱে কিছু দুৰ্বল হৈ পৰে। উৎসাহ-উদ্দীপনা কমি আহে। কিছুমান সময়ত বা কামত লোকৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয়। বেমাৰ আজাৰে সোনকালে আক্রমণ কৰে।

৬। বৃদ্ধি আৰু বিকাশৰ দিশকেইটা চমুকৈ লিখা।

উত্তৰঃ বৃদ্ধি আৰু বিকাশৰ দিশকেইটা হৈছে শাৰীৰিক বিকাশ, সঞ্চালন ক্ষমতাৰ বিকাশ, বৌদ্ধিক বিকাশ, আৱেগিক বিকাশ, সামাজিক আৰু নৈতিক বিকাশ আৰু ভাষা বিকাশ।

১। শাৰীৰিক বিকাশ (Physical development): শাৰীৰিক বিকাশ বুলি ক’লে আকাৰ, আকৃতি, ওজন, উচ্চতা, অস্থি, দাঁত, মস্তিষ্ক, বিভিন্ন অংগ প্রত্যংগসমূহৰ কাৰ্য ক্ষমতা আদিৰ বিষয়ে বুজায়। এটি শিশুৰ জন্মৰ পাচতে বিকাশ অতি দ্রুত হয়। শিশুটিৰ দৈৰ্ঘ, ওজন আদি বৃদ্ধি পায়। লগে লগে আভ্যন্তৰীণ অংগসমূহ যেনে- হাওঁফাওঁ, হৃৎপিণ্ড, পাকস্থলী আদিও আকাৰত বাঢ়ে। হাড়বোৰ মজবুত হ’বলৈ ধৰে, দাঁতবোৰ গজিবলৈ আৰম্ভ কৰে আৰু পেশী, স্নায়ু আদিৰো বৃদ্ধি হ’বলৈ ধৰে। লাহে লাহে মগজুৰো বিকাশ হয়। বয়স বাঢ়ি অহাৰ লগে লগে দৈহিক গঠনৰ পৰিৱৰ্তন হ’বলৈ ধৰে। যৌৱন প্রাপ্তি হোৱাৰ পাছত দেহৰ গঠন বয়স্ক লোকৰ দৰে হয়।

২। সঞ্চালন ক্ষমতাৰ বিকাশ (Motor development): সকলো প্ৰকাৰৰ দৈহিক অংগ-প্রত্যংগৰ বাহ্যিকভাৱে কৰা উপযুক্ত সঞ্চালন অথবা গতিক্রিয়াই হৈছে সঞ্চালন ক্ষমতা বা প্রচেষ্টাৰ বিকাশ। এই সঞ্চালন ক্ষমতা মাতৃগৰ্ভত থকা অৱস্থাতেই আৰম্ভ হয়। মাতৃগৰ্ভত তিনিমাহ মানৰপৰাই সঞ্চালন আৰম্ভ হয় আৰু ক্ৰমান্বয়ে বাঢ়ি আহি আঠ মাহ মানত নৱজাত শিশুৰ সমান হয়গৈ। শিশুৱে বগুৱা, আঠু কঢ়া, থিয় হোৱা, খোজ কঢ়া দৌৰা, জঁপিওৱা, দলিওৱা, সাঁতোৰা, গছ বগোৱা, এইবোৰেই হৈছে- সঞ্চালন ক্ষমতাৰ বিকাশ। হাতৰ মুঠি ধৰা, চিলাই কৰা, লিখা, ছবি আঁকা, নৃত্য কৰা আদিও সঞ্চালন ক্ষমতাৰ বিকাশেই।

৩। বৌদ্ধিক বিকাশ (Intellectual development): পৰিৱেশৰ সকলো বস্তু, ঘটনাৰ অনুভূতি লৈ শিশুৱে লাভ কৰা জ্ঞানেই হৈছে বৌদ্ধিক বিকাশ। এই বৌদ্ধিক বিকাশৰ সহায়ত শিশুৱে ভাবিবলৈ শিকে, কল্পনা কৰিবলৈ আৰু কাৰণ দর্শাবলৈ শিকে আৰু বিভিন্ন সমস্যা সমাধান কৰিবলৈ শিকে। বৌদ্ধিক বিকাশ নতুন পৰিস্থিতিৰ, নতুন নতুন অভিজ্ঞতাই শিশুৰ জ্ঞানৰ জগতখন বহল কৰে। যিমানেই শিশুৰ ধাৰণাৰ বিকাশ হ’ব, সিমানেই জ্ঞানৰো বিকাশ হ’ব। শিশুৰ বৌদ্ধিক বিকাশত পৰিৱেশেও প্রভাৱ পেলায়। বৌদ্ধিক বিকাশ বয়সৰ লগে লগেহে আগবাঢ়ে। যিমানে ডাঙৰ হ’ব, সিমানে এটি শিশুৰ চিন্তা শক্তি, কল্পনা কৰিব পৰা শক্তি বঢ়া দেখা যায়।

৪। আৱেগিক বিকাশ (Emotional development): জন্মতে শিশুৱে মৰম-স্নেহ, ভয়, খং,অনুসন্ধিৎসা, হিংসা আদি অনুভূতিবোৰ লগত লৈ আহে। কিন্তু তেতিয়াই এই অনুভূতিবোৰ শিশুৱে প্ৰকাশ কৰিব নোৱাৰে। শিশু এটি ডাঙৰ হোৱাৰ লগে লগে শৰীৰ আৰু মুখত এই অনুভূতিবোৰ আৱেগ হিচাপে প্রকাশ পায়। আবেগ অনুভূতিবোৰক দুটা ভাগত ভগোৱা হৈছে। এটা হৈছে সুখদায়ক আৰু আনটো হৈছে দুখদায়ক। মৰম, স্নেহ, আনন্দ-উলাহ, হাঁহি-স্ফূর্তি- এইবোৰ হৈছে সুখদায়ক। আনহাতে দুখ, ভয়, খং, হিংসা, বিৰক্তি, লাজ, হতাশা অনুভূতিবোৰ হৈছে দুখদায়ক।

৫। সমাজিক আৰু নৈতিক বিকাশ (Social and Moral development): জন্মতেই শিশুৱে সামাজিক আচৰণ দেখুৱাব নোৱাৰে। ডাঙৰ হৈ অহাৰ লগে লগেহে শিশুৰ সামাজিক আচৰণৰ বিকাশ হ’বলৈ ধৰে। মানুহ সমাজপ্রিয় জীৱ। প্রত্যেক ব্যক্তিয়েই সমাজৰ অন্যান্য লোকৰ আৰু পৰিস্থিতিৰ লগত সম্বন্ধ স্থাপন কৰে আৰু তাকেই সামাজিক বিকাশ বুলি কয়। যিখন সমাজত শিশু ডাঙৰ হয়, সেইখন সমাজৰেই নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ শিশুৱে আহৰণ কৰে। শিশুৰ বংশ আৰু পৰিৱেশেও সামাজিক বিকাশত অৰিহণা যোগায়। যেতিয়াৰ পৰা এটি শিশু বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে, তেতিয়াৰ পৰাই শিশুৱে গৰ লগৰীয়াৰ লগত মিলামিচা কৰিব পৰা হয়। খেলাৰ নীতি-নিয়ম শিকে। ফলত সামাজিক বিকাশ হ’বলৈ ধৰে।

৬। ভাষা বিকাশ (Language development): জন্মতে শিশুৱে একো ভাষা শিকি নাহে। কন্দাৰ বাহিৰে আন একোৱেই শিশুৱে প্রকাশ কৰিব নোৱাৰে। তিনিমাহৰপৰা শিশুৱে কলকলাবলৈ আৰম্ভ কৰে আৰু কোনোবাই মাতিলে বুজি পোৱা হয়। এবছৰ বয়সত এটা, দুটা শব্দ ক’ব পৰা হয়। দুবছৰ বয়সৰপৰা দুটা শব্দৰ বাক্য ক’বলৈ আৰম্ভ কৰে। তিনিবছৰৰপৰা তিনি-চাৰিটা শব্দৰ বাক্য ক’বলৈ লয়। চাৰি বছৰ বয়সত ছটাৰপৰা আঠটা শব্দৰ ভিতৰত বাক্য ক’ব পৰা হয়। পাঁচ বছৰ বয়সত প্রায় ২৫০০ শব্দ শিশুৱে শিকে আৰু দীঘল-দীঘল বাক্য ডাঙৰ মানুহৰ দৰে কয়।

৭। শিশুৰ সঞ্চালন ক্ষমতাৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ সকলো প্ৰকাৰৰ দৈহিক অংগ-প্রত্যংগৰ বাহ্যিকভাৱে কৰা উপযুক্ত সঞ্চালন অথবা গতিক্রিয়াই হৈছে সঞ্চালন ক্ষমতা বা প্রচেষ্টাৰ বিকাশ। এই সঞ্চালন ক্ষমতা মাতৃগৰ্ভত থকা অৱস্থাতেই আৰম্ভ হয়। মাতৃগৰ্ভত তিনিমাহ মানৰপৰাই সঞ্চালন আৰম্ভ হয় আৰু ক্রমান্বয়ে বাঢ়ি আহি আঠমাহ মানত নৱজাত শিশুৰ সমান হয়গৈ। শিশুৱে বগুৱা, আঠু কঢ়া, থিয় হোৱা, খোজ কঢ়া দৌৰা, জঁপিওৱা, দলিওৱা, সাঁতোৰা, গছ বগোৱা, এইবোৰেই হৈছে- সঞ্চালন ক্ষমতাৰ বিকাশ। হাতৰ মুঠি ধৰা, চিলাই কৰা, লিখা, ছবি আঁকা, নৃত্য কৰা আদিও সঞ্চালন ক্ষমতাৰ বিকাশেই। সঞ্চালন ক্ষমতাৰ বিকাশ হ’বলৈ কোনো বিশেষ শিক্ষাৰ প্ৰয়োজন নহয়। এই বিকাশ দৈহিক পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ কৰে। শিশুৰ সঞ্চালন ক্ষমতাৰ বিকাশত কিছু পৰিমাণে পৰিৱেশ আৰু সা-সুবিধায়ো প্রভাৱ পেলায়।

৮। বৌদ্ধিক বিকাশত শিশুৰ কি কি পৰিৱৰ্তন হয়।

উত্তৰঃ পৰিৱেশৰ সকলো বস্তু, ঘটনাৰ অনুভূতি লৈ শিশুৱে লাভ কৰা জ্ঞানেই হৈছে বৌদ্ধিক বিকাশ। এই বৌদ্ধিক বিকাশৰ সহায়ত শিশুৱে ভাবিবলৈ শিকে, কল্পনা কৰিবলৈ আৰু কাৰণ দর্শাবলৈ শিকে আৰু বিভিন্ন সমস্যা সমাধান কৰিবলৈ শিকে। নতুন পৰিস্থিতিৰ, নতুন নতুন অভিজ্ঞতাই শিশুৰ জ্ঞানৰ জগতখন বহল কৰে। যিমানেই শিশুৰ ধাৰণাৰ বিকাশ হ’ব, সিমানেই জ্ঞানৰো বিকাশ হ’ব। শিশুৰ বৌদ্ধিক বিকাশত পৰিৱেশেও প্রভাৱ পেলায়। বৌদ্ধিক বিকাশ বয়সৰ লগে লগেহে আগবাঢ়ে। যিমানে ডাঙৰ হ’ব, সিমানে এটি শিশুৰ চিন্তা শক্তি, কল্পনা কৰিব পৰা শক্তি বঢ়া দেখা যায়।

৯। শিশুৰ আৱেগিক বিকাশসমূহ কি কি?

উত্তৰঃ শিশু এটি ডাঙৰ হোৱাৰ লগে লগে শৰীৰ আৰু মুখত এই অনুভূতিবোৰ আৱেগ হিচাপে প্রকাশ পায়। আৱেগ অনুভূতিবোৰক দুটা ভাগত ভগোৱা হৈছে। এটা হৈছে সুখদায়ক আৰু আনটো হৈছে দুখদায়ক। মৰম, স্নেহ, আনন্দ-উলাহ, হাঁহি-স্ফূর্তি- এইবোৰ হৈছে সুখদায়ক। আনহাতে দুখ, ভয়, খং, হিংসা, বিৰক্তি, লাজ, হতাশা অনুভূতিবোৰ হৈছে দুখদায়ক। সুখদায়ক আবেগে ব্যক্তিত্ব বিকাশত সহায় কৰে আৰু দুখদায়ক আবেগে ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি কৰে।

১০। সামাজিক আৰু নৈতিক বিকাশে শিশুৰ ব্যক্তিত্ব বিকাশত কেনেদৰে সহায় কৰে?

উত্তৰঃ যিখন সমাজত শিশু ডাঙৰ হয়, সেইখন সমাজৰেই নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ শিশুৱে আহৰণ কৰে। শিশুৰ বংশ আৰু পৰিৱেশেও সামাজিক বিকাশত অৰিহণা যোগায়। যেতিয়াৰ পৰা এটি শিশু বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে, তেতিয়াৰ পৰাই শিশুৱে লগৰ লগৰীয়াৰ লগত মিলামিচা কৰিব পৰা হয়। খেলাৰ নীতি-নিয়ম শিকে। ফলত সামাজিক বিকাশ হ’বলৈ ধৰে। এনেদৰেই ক্রমান্বয়ে শিশুৰ সামাজিক বিকাশ হয়। সামাজিক বিকাশৰ লগত নৈতিক বিকাশৰ নিবিড় সম্বন্ধ আছে। প্ৰতিখন সমাজৰেই কিছুমান নীতি-নিয়ম, বিশ্বাস আদি আছে আৰু এইবোৰ মানি চলাটোৱেই হৈছে নৈতিকতা। নৱজাত শিশু এটাৰ নৈতিকতা সম্বন্ধে কোনো জ্ঞান নাথাকে। সামাজিক বিকাশৰ লগে লগেহে শিশুৰ নৈতিক বিকাশো হ’বলৈ ধৰে। কৈশোৰ কালৰ প্ৰায় অন্তত শিশুৱে নৈতিকতাৰ প্ৰকৃত অৰ্থ বুজি পায় আৰু বয়ঃপ্রাপ্ত কালত নৈতিক বিকাশৰ মানদণ্ড উন্নত হয়। কাৰণ জন্মৰপৰা বয়ঃপ্রাপ্ত কাললৈকে এই সুদীর্ঘ কালছোৱাত জীৱনৰ বহুতো অভিজ্ঞতা লাভ কৰে। শিশুৰ নৈতিক বিকাশত গৃহ পৰিৱেশে প্রধান প্রভাৱ পেলায়। পিতৃ-মাতৃৰ আচৰণ, বিচাৰ- বিবেচনাৰ ওপৰত শিশুৰ নৈতিক বিকাশ নিৰ্ভৰ কৰে। তাৰ পাছত বিদ্যালয়, ওচৰ- চুবুৰীয়া আদিয়েও শিশুৰ নৈতিক বিকাশত প্রভাৱ পেলায়। সেয়েহে দেখা যায় ভাল পৰিৱেশত থকা শিশুৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি উন্নত মানৰ হয়।

১১। চমুটোকা লিখা:

(ক) বৃদ্ধি আৰু বিকাশ।

উত্তৰঃ ‘বৃদ্ধি’ আৰু ‘বিকাশ’ দুয়োটা শব্দৰে অৰ্থ সম্পূর্ণ বেলেগ যদিও ইটোৰ লগত সিটোৰ সম্বন্ধ অতি নিবিড়। ‘বৃদ্ধি’ হৈছে পৰিমাণগত পৰিবৰ্তন, অর্থাৎ শিশুৰ আকাৰ, গঠন, ওজন, উচ্চতা আদিৰ ক্ৰমাগত পৰিৱৰ্তন। শাৰীৰিক বৃদ্ধিৰ লগে লগে শিশুৰ আভ্যন্তৰীণ বৃদ্ধি হোৱাও দেখা যায়। যেনে- অংগসমূহৰ বৃদ্ধি, মগজুৰ বৃদ্ধি আদি। আনহাতে ‘বিকাশ’ৰ অৰ্থ হৈছে গুণগত পৰিৱৰ্তন। অর্থাৎ গুণগতভাৱে কাৰ্য আৰু কৌশলৰ আয়ত্বকৰণ। বিকাশ সদায় ক্রমান্বয়ে আগবাঢ়ে। কেতিয়াও পিছুৱাই নাহে। ‘বৃদ্ধি’ আৰু ‘বিকাশ’ এই শব্দকেইটা অকলে অকলে ব্যৱহাৰ কৰিব নোৱাৰি। শিশুৰ বৃদ্ধিৰ কথা ক’লে বিকাশৰ বিষয়ে ক’বই লাগিব। বৃদ্ধি অবিহনে বিকাশ হ’ব নোৱাৰে। উদাহৰণস্বৰূপে এটি শিশুৰ গঠনত ভৰিকেইটা বৃদ্ধি হ’ল। লগে লগে তাৰ থিয় হোৱা, খোজকঢ়া, জঁপিওৱা আদি কৌশলসমূহো বিকশিত হ’ব। গতিকে দেখা গ’ল যে বৃদ্ধি আৰু বিকাশৰ ওতঃপ্রোতঃ সম্বন্ধ আছে।

(খ) শাৰীৰিক বিকাশ।

উত্তৰঃ শাৰীৰিক বিকাশ বুলি ক’লে আকাৰ, আকৃতি, ওজন, উচ্চতা, অস্থি, দাঁত, মস্তিষ্ক, বিভিন্ন অংগ প্রত্যংগসমূহৰ কাৰ্য ক্ষমতা আদিৰ বিষয়ে বুজায়। এটি শিশুৰ জন্মৰ পাচতে বিকাশ অতি দ্রুত হয়। শিশুটিৰ দৈৰ্ঘ, ওজন আদি বৃদ্ধি পায়। লগে লগে আভ্যন্তৰীণ অংগসমূহ যেনে- হাওঁফাওঁ, হৃৎপিণ্ড, পাকস্থলী আদিও আকাৰত বাঢ়ে। হাড়বোৰ মজবুত হ’বলৈ ধৰে, দাঁতবোৰ গজিবলৈ আৰম্ভ কৰে আৰু পেশী, স্নায়ু আদিৰো বৃদ্ধি হ’বলৈ ধৰে। লাহে লাহে মগজুৰো বিকাশ হয়। বয়স বাঢ়ি অহাৰ লগে লগে দৈহিক গঠনৰ পৰিৱৰ্তন হ’বলৈ ধৰে। যৌৱন প্রাপ্তি হোৱাৰ পাছত দেহৰ গঠন বয়স্ক লোকৰ দৰে হয়।

(গ) বৌদ্ধিক বিকাশ।

উত্তৰঃ পৰিৱেশৰ সকলো বস্তু, ঘটনাৰ অনুভূতি লৈ শিশুবে লাভ কৰা জ্ঞানেই হৈছে বৌদ্ধিক বিকাশ। এই বৌদ্ধিক বিকাশৰ সহায়ত শিশুৱে ভাবিবলৈ শিকে, কল্পনা কৰিবলৈ আৰু কাৰণ দর্শাবলৈ শিকে আৰু বিভিন্ন সমস্যা সমাধান কৰিবলৈ শিকে। নতুন পৰিস্থিতিৰ, নতুন নতুন অভিজ্ঞতাই শিশুৰ জ্ঞানৰ জগতখন বহল কৰে। যিমানেই শিশুৰ ধাৰণাৰ বিকাশ হ’ব, সিমানেই জ্ঞানৰো বিকাশ হ’ব। শিশুৰ বৌদ্ধিক বিকাশত পৰিৱেশেও প্রভাৱ পেলায়।বৌদ্ধিক বিকাশ বয়সৰ লগে লগেহে আগবাঢ়ে। যিমানে ডাঙৰ হ’ব, সিমানে এটি শিশুৰ চিন্তা শক্তি, কল্পনা কৰিব পৰা শক্তি বঢ়া দেখা যায়।

(ঘ) ভাষা বিকাশ।

উত্তৰঃ জন্মতে শিশুৱে একো ভাষা শিকি নাহে। কন্দাৰ বাহিৰে আন একোৱেই শিশুৱে প্রকাশ কৰিব নোৱাৰে। তিনিমাহৰপৰা শিশুৱে কলকলাবলৈ আৰম্ভ কৰে আৰু কোনোবাই মাতিলে বুজি পোৱা হয়। এবছৰ বয়সত এটা, দুটা শব্দ ক’ব পৰা হয়। দুবছৰ বয়সৰপৰা দুটা শব্দৰ বাক্য ক’বলৈ আৰম্ভ কৰে। তিনিবছৰৰপৰা তিনি-চাৰিটা শব্দৰ বাক্য ক’বলৈ লয়। চাৰি বছৰ বয়সত ছটাৰপৰা আঠটা শব্দৰ ভিতৰত বাক্য ক’ব পৰা হয়। পাঁচ বছৰ বয়সত প্রায় ২৫০০ শব্দ শিশুৱে শিকে আৰু দীঘল-দীঘল বাক্য ডাঙৰ মানুহৰ দৰে কয়।

খেলা-ধূলাৰ জৰিয়তে শিশুৰে কথা ক’বলৈ আৰু বিভিন্ন খেলৰ সামগ্ৰীৰ নাম জানিবলৈ সুবিধা পায়। ফুৰা-চকাৰ জৰিয়তেও আৰু বিদ্যালয়লৈ যোৱাৰ পাছত শিশুৰে নতুন নতুন শব্দ শিকিবলৈ সুবিধা পায়। শিশুৰ আগত মাক-দেউতাক বা আন ডাঙৰ মানুহে সদায় স্পষ্ট আৰু শুদ্ধ কথা ক’ব লাগে, তেতিয়া শিশুৰ ভাষা বিকাশ শুদ্ধ আৰু স্পষ্ট হয়।

(ঙ) নৈতিক বিকাশ।

উত্তৰঃ সামাজিক বিকাশৰ লগত নৈতিক বিকাশৰ নিবিড় সম্বন্ধ আছে প্রতিখন সমাজৰেই কিছুমান নীতি-নিয়ম, বিশ্বাস আদি আছে আৰু এইবোৰ মানি চলাটোৱেই হৈছে নৈতিকতা। নৱজাত শিশু এটাৰ নৈতিকতা সম্বন্ধে কোনো জ্ঞান নাথাকে। সামাজিক বিকাশৰ লগে লগেহে শিশুৰ নৈতিক বিকাশো হ’বলৈ ধৰে। কৈশোৰ কালৰ প্ৰায় অন্তত শিশুৱে নৈতিকতাৰ প্ৰকৃত অর্থ বুজি পায় আৰু বয়ঃপ্রাপ্ত কালত নৈতিক বিকাশৰ মানদণ্ড উন্নত হয়। কাৰণ জন্মৰপৰা বয়ঃপ্রাপ্ত কাললৈকে এই সুদীর্ঘ কালছোৱাত জীৱনৰ বহুতো অভিজ্ঞতা লাভ কৰে। শিশুৰ নৈতিক বিকাশত গৃহ পৰিৱেশে প্রধান প্রভাৱ পেলায়। পিতৃ-মাতৃৰ আচৰণ, বিচাৰ- বিবেচনাৰ ওপৰত শিশুৰ নৈতিক বিকাশ নিৰ্ভৰ কৰে। তাৰ পাছত বিদ্যালয়, ওচৰ-চুবুৰীয়া আদিয়েও শিশুৰ নৈতিক বিকাশত প্রভাৱ পেলায়। সেয়েহে দেখা যায় ভাল পৰিৱেশত থকা শিশুৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি উন্নত মানৰ হয়।

(চ) সামাজিক বিকাশ।

উত্তৰঃ জন্মতেই শিশুৱে সামাজিক আচৰণ দেখুৱাব নোৱাৰে। ডাঙৰ হৈ অহাৰ লগে লগেহে শিশুৰ সামাজিক আচৰণৰ বিকাশ হ’বলৈ ধৰে। মানুহ সমাজপ্রিয় জীৱ। প্রত্যেক ব্যক্তিয়েই সমাজৰ অন্যান্যলোকৰ আৰু পৰিস্থিতিৰ লগত সম্বন্ধ স্থাপন কৰে আৰু তাকেই সামাজিক বিকাশ বুলি কয়। যিখন সমাজত শিশু ডাঙৰ হয়, সেইখন সমাজৰেই নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ শিশুৱে আহৰণ কৰে। শিশুৰ বংশ আৰু পৰিৱেশেও সামাজিক বিকাশত অৰিহণা যোগায়। যেতিয়াৰ পৰা এটি শিশু বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে, তেতিয়াৰ পৰাই শিশুৱে লগৰ লগৰীয়াৰ লগত মিলামিচা কৰিব পৰা হয়। খেলাৰ নীতি-নিয়ম শিকে। ফলত সামাজিক বিকাশ হ’বলৈ ধৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top