Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান

Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান and select needs one.

Join Telegram channel

Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান Solutions for All Subject, You can practice these here…

/ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শ সমূহ বৰ্ণনা কৰা

Table of Contents

উত্তৰ:- ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শ সমূহ হল –

১) এই আদৰ্শ মতে ” আমি ভাৰতীয় লোকসকলে ” বোলোতে ইয়াকে বুজায় যে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ । এই সংবিধান খন ভাৰতবাসীৰ দ্বাৰাই ৰচনা কৰি ভাৰতবৰ্ষৰ জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণক প্ৰদান কৰা হৈছে ।

২) ভাৰতবৰ্ষক এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি অভিহিত কৰা হৈছে । ইয়াৰ অৰ্থ হল ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নোহোৱাকৈ স্বাধীন ভাৱে দেশৰ অভ্যন্তৰীণ আৰু বৈদেশিক নীতি নিৰ্ধাৰণ কৰিব পাৰে ।

৩) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ১৯৭৬ চনৰ সংবিধানৰ ৪২ তম সংশোধনীৰ দ্বাৰা সমাজতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ আদৰ্শ সংযোজন কৰা হৈছে । সমাজতান্ত্ৰিক শব্দটোৰ ব্যৱহাৰে ইয়াকে বুজাইছে যে এই আদৰ্শ অনুসৰি দেশৰ সম্পদ যাতে মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত নহয় তাৰ বাবে ৰাষ্ট্ৰীই ব্যৱস্থা লব ।

সংবিধানে ধনী – দুখীয়াৰ মাজত আৰ্থ – সামাজিক বৈষম্য দূৰ কৰাত গুৰুত্ব দিছে । ৰাষ্ট্ৰৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থা যাতে ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

৪) ধৰ্ম নিৰপেক্ষ শব্দটোৱে ইয়াকে বুজাইছে যে ৰাষ্ট্ৰই কোনো ধৰ্মৰ পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধৰ্মকে  অগ্ৰাধিকাৰ নিদিয়ে । ইয়াত বসবাস কৰা সকলো ধৰ্মৰ মানুহে নিজ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম পালন, গ্ৰহণ, চৰ্চা আৰু প্ৰচাৰ বাধাহীনভাৱে কৰিব পাৰে । ৰাষ্ট্ৰই ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ বৈষম্য সৃষ্টি নকৰি নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰাৰ কথাকে বুজাইছে ।

৫) ভাৰতবৰ্ষক এখন লোকতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে গ্ৰহণ কৰা হৈছে । ইয়াৰ অৰ্থ হল জনগণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ খনেই ৰাষ্ট্ৰ পৰিচালনা কৰে ।

৬) ভাৰতবৰ্ষক এখন গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে । এই আদৰ্শ মতে ৰাষ্ট্ৰ শাসনৰ শীৰ্ষ স্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিক উপায়েৰে এই পদত থাকিব নোৱাৰে । সেয়ে আমাৰ দেশত ৰাষ্ট্ৰপ্ৰতিজন জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰোক্ষ ভাৱে পাঁচ বছৰৰ বাবে নিৰ্বাচিত হৈ কাৰ্য ভাৰ পৰিচালনা কৰে ।

/ চমু টোকা লিখা

() ° ভীমৰাও আম্বেদকাৰ

উত্তৰ:- ড° ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম হল – বাবাচাহেব ভীমৰাও আম্বেদকাৰ । তেওঁক জনপ্ৰিয় ভাৱে বাবা চাহেব বুলিও জনা যায় । আম্বেদকাৰ এজন অতি মেধাৱী লোক । তেওঁ ভাৰতীয় সংবিধানৰ খচৰা সমতিৰ সভাপতি আছিল ।

তেওঁ ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰাত এটি অতি বলিষ্ঠ পদক্ষেপ লৈছিল । তেওঁ মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তি অধিকাৰৰ সমতা ৰক্ষা কৰিছিল । ভাৰতৰ সকলো নকৰিকক সমান অধিকাৰ সাব্যস্ত কৰা অতি গুৰুত্ব পূৰ্ণ ভূমিকা লৈছিল।

() ° ৰাজেন্দ্ৰ প্ৰসাদ

উত্তৰ:- ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন উল্লেখযোগ্য নেতা আছিল । তেওঁ এজন অতি মেধাৱী লোক আছিল । তেওঁ ভাৰতীয় সংবিধান সভাৰ সভাপতি আছিল । তেওঁ ১৮৮৪ চনত বিহাৰৰ চাৰণ জিলাত জন্মগ্ৰহণ কৰিছিল । তেওঁ মেট্ৰিক পৰীক্ষাত কলকাতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান লৈ উত্তীৰ্ণ হৈছিল ।

তেওঁ এম এ পাছ কৰি কিছুদিন অধ্যাপক হিচাপে কাম কৰি স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীৰ লগত স্বাধীনতা সংগ্ৰামত ব্যস্ত হৈ পৰে । স্বাধীনতাৰ পিছত তেওঁ সংবিধান সভাৰ সভাপতিৰ কাৰ্য ভাৰ লব লগা হয় । পাছত তেওঁ ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ১৯৫০ চনৰ পৰা ১৯৬২ চনলৈ ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰিছিল ।

() সংসদীয় চৰকাৰ

উত্তৰ:- যি চৰকাৰত কাৰ্য পালিকা আৰু বিধান মণ্ডলৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থাকে আৰু প্ৰকৃত কাৰ্য পালিকা বিধান মণ্ডলৰ ওচৰত দায়বদ্ধ তাকে সংসদীয় চৰকাৰ বোলে । এই চৰকাৰত মুৰব্বী কাৰ্য পালকজন নাম মাত্ৰ শাসকহে ।

ইয়াত মন্ত্ৰী পৰিষদ খনহে প্ৰকৃত শাসক । এই মন্ত্ৰী সভাখনহে বিধান মণ্ডল বা সংসদৰ ওচৰত দায়বদ্ধ থাকে । সংসদৰ ক্ষমতা সৰ্বোচ্চ হোৱা দেখা যায় । তেনে কাৰণতে সংসদীয় চৰকাৰ বুলি জনা যায় ।

১০/ ভাৰতবৰ্ষৰ সংবিধানৰ বৈশিষ্ট সমূহ এটা এটাকৈ কাগজৰ সৰু টুকুৰাত লিখি লোৱা শ্ৰেণীৰ সকলো ছাত্ৰছাত্ৰীয়ে তাৰ ওপৰত এটি আকস্মিক বক্ততানুষ্ঠান কৰি বিষয় সমূহৰ ওপৰত বক্তব্য আগবঢোৱা অনুষ্ঠানটো তত্বাৱধান কৰিবলৈ বিষয় শিক্ষকক দায়িত্ব দিবা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

6 thoughts on “Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top