Class 8 Social Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Class 8 Social Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা and select needs one.

Class 8 Social Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 21 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা Solutions for All Subject, You can practice these here.

গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা—

(ক) গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছে–

(১) গ্ৰাহক সজাগ আৰু সচেতন নহলে আৰ্থিকভাৱে লোকচান হ’ব পাৰে।

(২) বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা-সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থাৰ প্ৰতিও ভাবুকি আহিব পাৰে।

(খ) গ্ৰাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি?

উত্তৰঃ এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা শোষিত হব পাৰে। 

উদাহৰণস্বৰূপে-

(১) বস্তুৰ ওজন সঠিকভাবে নকৰা।

(২) ভেজাল বস্তু বিক্ৰী কৰা।

(৩) বস্তু বা সেৱা উপযুক্ত স্থানবিশিষ্ট নোহোৱা।

(৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া।

(৫) সামগ্রী প্রস্তুতকৰণৰ প্রকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা।

(৬) প্রকৃত মূল্য ওপৰত নকল মূল্যৰ লেবেল লগোৱা।

(৭) মানসূচক চিহ্নসমূহ নকল কৰা।

(৮) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা।

(গ) গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত?

উত্তৰঃ গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদায় সজাগ আৰু সচেতন হৈ থকাটো আমাৰ কৰ্তব্য। গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে। 

সেই বিষয়বোৰ হ’ল-

(১) বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হব লাগে।

(২) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে- দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।

(৩) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা।

(৪) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে- এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।

(৫) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেন্টি কার্ড বিচৰা।

(৬) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি।

(ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহক অধিকাৰ বোলে। 

গ্রাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে-

(১) বস্তু/সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে  বস্তুটোৰ সন্দৰ্ভত যিকোনো তথ্য গ্ৰাহক এজনে বিক্ৰেতাৰ পৰা আহৰণ কৰিব পাৰে।

উদাহৰণস্বৰূপে-সামগ্ৰীৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পাৰে। বিক্ৰেতাই উক্ত তথ্যসমূহ গ্ৰাহকক প্ৰদান কৰিবলৈ বাধ্য।

(২) বস্তু/সামগ্ৰী বা সেৱা  ক্ৰয় কৰাৰ সময়ত সেই সম্পৰ্কত গ্ৰাহকৰ যদি কিবা অভাৱ-অভিযোগ থাকে সেইবোৰ সুৰক্ষা সমিতি বা গ্রাহক আদালতত দাখিল কৰিব পাৰে। গ্ৰাহকে আইনী ব্যৱস্থা গ্ৰহণ কৰি নিজৰ সমস্যা নিৰাময় কৰিব পাৰে।

(ঙ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ (১) ৰেডিঅ’, টেলিভিচন, বাতৰি কাকত আদিৰ দৰে প্ৰচাৰ মাধ্যমত প্ৰায়ে গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয় য’ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্যনিহিত হৈ থাকে। চৰকাৰৰ জনসংযোগ বিভাগে এনে কামবোৰৰ দায়িত্ব লয়।

(২) গ্ৰাহক স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ দেশৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। 

সেইবোৰৰ ভিতৰত-

(ক) গ্ৰাহকক অধিকাৰৰ মান্যতা প্ৰদান।

(খ) গ্ৰাহকৰ অধিকাৰ ৰক্ষাৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গঠিত গ্ৰাহক সুৰক্ষা আইন।

(গ) গ্ৰাহকৰ বিবাদ নিষ্পত্তিৰ বাবে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম গঠন ইত্যাদি।

২। চমু টোকা লিখা—

(ক) গ্ৰাহক সুৰক্ষা আইন।

উত্তৰঃ ২০১৯ চনৰ আগষ্ট মাহৰ ৯ তাৰিখৰপৰা ভাৰতত গ্ৰাহক সুৰক্ষা আইন, ২০১৯ প্ৰৱৰ্তিত হয়। পূৰ্বৰ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ ৰ সলনি বৰ্তমান এই আইনৰ অধীনত গ্ৰাহকৰ সুৰক্ষাৰ বিষয়টো চোৱাচিতা কৰা হ’ব। এই আইনে গ্ৰাহকৰ বিভিন্ন প্ৰকাৰৰ ওজৰ- আপত্তি সঠিক সময়ত আৰু সঠিক ধৰণে নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰি বিভিন্ন ক্ষেত্ৰত গ্ৰাহকক সুৰক্ষা প্ৰদান কৰিব। গ্ৰাহকৰ অধিকাৰ আৰু বিবাদ নিষ্পত্তিকৰণ সম্পৰ্কীয় বিষয়ত পৰামৰ্শ প্ৰদান কৰাৰ বাবে এই আইনৰ অধীনত কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত ‘গ্ৰাহক সুৰক্ষা পৰিষদ’ (Consumer Protection Council) নামেৰে উপদেষ্টাধৰ্মী পৰিষদ গঠন কৰা হয়। এই আইনৰ অধীনতে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদানৰ হকে আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে ‘কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ’ স্থাপন কৰে।

(খ) গ্ৰাহক সজাগতা।

উত্তৰঃ গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদায় সজাগ আৰু সচেতন হৈ থকা আমাৰ কৰ্তব্য ǀ গ্ৰাহকে সামগ্ৰী বা সেৱা ক্ৰয় কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে। 

সেই বিষয়বোৰ হ’ল-

(১) বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হব লাগে।

(২) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।

(৩) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা।

(৪) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।

(৫) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেন্টি আছে নে নাই তাক লক্ষ্য কৰা।

(৬) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি।

(গ) গ্ৰাহক প্ৰতাৰণা।

উত্তৰঃ গ্ৰাহক হিচাপে আমি সদায় সচেতন হৈ থাকিব লাগে। আমি বিক্ৰেতাৰ দ্বাৰা যাতে প্ৰতাৰিত নহওঁ তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব। এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হব পাৰে। যেনে- 

(১) বস্তুৰ ওজন সঠিকভাবে নকৰা।

(২) ভেজাল বস্তু বিক্ৰী কৰা।

(৩) বস্তু বা সেৱা উপযুক্ত স্থানবিশিষ্ট নোহোৱা।

(৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া।

(৫) সামগ্রী প্রস্তুতকৰণৰ প্রকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা।

(৬) প্রকৃত মূল্য ওপৰত নকল মূল্যৰ লেবেল লগোৱা।

(৭) মানসূচক চিহ্নসমূহ নকল কৰা।

(৮) নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা।

(৯) ডাকসেৱা,টেলিফোন বা ইন্টাৰনেটযোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি।

(ঘ) গ্ৰাহকৰ অধিকাৰ।

উত্তৰঃ আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। এইবোৰকে গ্ৰাহক অধিকাৰ বোলে। 

গ্রাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে-

(১) যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা।

(২) গ্রাহক সুৰক্ষাৰ বাবে গ্রাহক সুৰক্ষা সমিতি গঠন কৰা।

(৩) গ্ৰাহকৰ অভাৱ-অভিযোগ আদি গ্রাহক সুৰক্ষা সমিতি বা গ্রাহক আদালতত দাখিল কৰা।

(৪) প্রয়োজন সাপেক্ষে গ্রাহক সুৰক্ষা আইনৰ সহায় লোৱা।

(৫) প্ৰতাৰণা কৰা বিক্রেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা।

(৬) গ্রাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি।

এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্রহী আৰু সচেতন হোৱা উচিত। ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে। সমগ্র বিশ্বত গ্রাহকৰ অধিকাৰৰ বিষয়টোৱে বর্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে। তাৰেই ভিত্তিত ১৫ মার্চ তাৰিখতাটো বিশ্বজুৰি গ্রাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।

(ঙ) গ্ৰাহক আদালত।

উত্তৰঃ গ্রাহকৰ বিবাদ নিস্পত্তিকৰণৰ বাবে ‘গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফ’ৰাম’ গঠন কৰা হয়। ইয়াক গ্রাহক আদালত বুলি কোৱা হয়। ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্রমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে। এনে ফ’ৰামসনূহ  তিনিটা পৰ্যায়ত গঠিত হয়। যেনে –

(ক) জিলা ভিত্তিতজিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
(খ) ৰাজ্যিক ভিত্তিতৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।
(গ) ৰাষ্ট্ৰীয় ভিত্তিতৰাষ্ট্ৰীয়  বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম।

৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰয়োজ্যে।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে।

উত্তৰঃ শুদ্ধ।

(গ) শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰামত গোচৰ তৰিব লাগে।

উত্তৰঃ শুদ্ধ।

(ঘ) কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰয়োজ্যে।

উত্তৰঃ অশুদ্ধ।

(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(চ) বিক্রেতাৰপৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ।

উত্তৰঃ শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top