Class 6 Social Science Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 6 Social Science Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা and select needs one.
SEBA Class 6 Social Science Chapter 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 6 Social Science Unit 24 স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা Solutions for All Subject, You can practice these here…
স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
পাঠ: 24
অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতি
চমুকৈ উত্তৰ দিয়া
১) প্ৰশ্ন :- গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি ?
উত্তৰঃ- গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাটো তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি , সেইকেইটা হল– গাঁও অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থা
গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ ।
২) গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান ?
উত্তৰঃ- একোখন গাঁও পঞ্চায়তত একোজন সভাপতি/ সভানেত্রী থাকে আৰু ১০ জন সদস্য থাকে ।
৩) কোন চনত অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে ?
উত্তৰঃ- ১৯৯৪ চনত ।
৪) আঞ্চলিক পঞ্চায়তৰ কার্যকাল কেইবছৰ ?
উত্তৰঃ- ৫ বছৰ ।
৫) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত ভাগ কৰা হয় ?
উত্তৰঃ- জিলা পৰিষদৰ সমষ্টিসমূহ প্ৰায় ৪০ হাজাৰ জনসংখ্যাৰ ভিত্তিত ভাগ কৰা হয় ।
৬) প্ৰশ্ন:- শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা –
ক) জিলা পৰিষদ কার্যকাল ২/৩/৫/ বছৰ ।
উত্তৰঃ- জিলা পৰিষদ কার্যকাল ৫ বছৰ ।
খ) গাঁও পঞ্চায়তত অনুসূচীত জাতি / জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসন আছে/ নাই ।
উত্তৰঃ- গাঁও পঞ্চায়তত অনুসূচীত জাতি / জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসন আছে ।
গ) অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ ২/৩/৪/ খন ।
উত্তৰঃ- অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ ২ খন ।
ঘ) আঞ্চলিক পঞ্চায়ত নগৰ সমিতি/ গাঁও পঞ্চায়ত/ জিলা পৰিষদৰ সদস্যৰে গঠিত ।
উত্তৰঃ- আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত সদস্যৰে গঠিত ।
ঙ) অসমত পৌৰ নিগম ১/২/৩ খন আছে ।
উত্তৰঃ- অসমত পৌৰ নিগম ১ খন আছে ।
৭) ক) বড়োলেণ্ড টেৰিটৰিয়েল – এখন স্বায়ত্ব শাসিত পৰিষদ ।
উত্তৰঃ- বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এখন স্বায়ত্ব শাসিত পৰিষদ ।
খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় – জনসংখ্যা থাকে ।
উত্তৰঃ- জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় ৪০ হাজাৰ জনসংখ্যা থাকে ।
গ) বি. টি. চি – খন জিলাক লৈ গঠন কৰা হৈছে ।
উত্তৰঃ- বি. টি. চি ৪ খন জিলাক লৈ গঠন কৰা হৈছে ।
৮) প্ৰশ্ন : – ক) স্বায়ত্ত শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ – অসম এখন বৈচিত্ৰ্য পূৰ্ণ ৰাজ্য । অতীতৰে পৰা এই ৰাজ্যত নানা জাতি আৰু জনজাতিৰ লোকে পাহাৰ ভৈয়াম সকলোতে বসবাস কৰি আহিছে । প্ৰত্যেক জাতি জনজাতিৰ নিজা নিজা ভাষা , কৃষ্টি , সংস্কৃতি , ৰীতি নীতি আৰু পৰম্পৰা আছে । এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ কাৰণে আমাৰ সংবিধানে বিশেষ সুবিধা প্ৰদান কৰিছে ।
সেইমতে পাহাৰীয়া কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ ( নতুন নামাকৰণ ডিমা হাছাও ) জিলাত পঞ্চায়ত ব্যৱস্থাৰ সলনি স্বায়ত্ত শাসিত জিলা পৰিষদ আছে আৰু ভৈয়ামৰ বড়ো জনজাতি অধ্যুষিত এলেকাসমূহত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ( বি . টি . চি ) গঠন কৰা হৈছে । ভৈয়ামৰ মিচিং , ৰাভা , দেউৰী , তিৱা , আদি জনজাতি সমলৰ বাবে সুকীয়া স্বায়ত্ত পৰিষদ আছে । কাৰ্বি আংলং জিলা আৰু উত্তৰ কাছাৰ ( ডিমা হাছাও ) জিলাত স্বায়ত্ত শাসিত জিলা পৰিষদ আছে ।
খ) ভৈয়ামৰ যিকোনো দুখন স্বায়ত্ত শাসিত পৰিষদৰ নাম লিখা ।
উত্তৰঃ – ভৈয়ামৰ যিকোনো দুখন স্বায়ত্ত শাসিত পৰিষদৰ নাম হল –
১) ৰাভা স্বায়ত্ত শাসিত পৰিষদ।
২) বড়ো স্বায়ত্ত শাসিত পৰিষদ ।
৯) প্ৰশ্ন : – জিলা পৰিষদৰ কাৰ্যৱলীৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ – আমাৰ ৰাজ্যৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা আটাইতকৈ উচ্চ পৰ্যায়ৰ স্থানীয় শাসন ব্যৱস্থাটো হল জিলা পৰিষদ । প্ৰত্যেকখন জিলাতে জিলাখনৰ উন্নয়নৰ হকে কাম কাজ কৰে । আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কাম কাজসমূহ প্ৰায় একে । বিভিন্ন জনজাতিৰ কামৰ লগতে ক্ষুদ্ৰ সঞ্চয় অভিযান , আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তক অনুদান আগবঢ়োৱা আদি কামসমূহ জিলা পৰিষদে বিভিন্ন উৎসৰ পৰা টকা পইচা সংগ্ৰহ কৰে । সেই উৎসমূহ হল ―
ক) ভূমি ৰাজহ ।
খ) বিভিন্ন কৰ , অনুজ্ঞা মাচুল , বজাৰ মাচুল ।
গ) জিলা পৰিষদৰ মাটি বা সম্পত্তিৰ পৰা পোৱা উপাৰ্জন
ঘ) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ শিতানত দিয়া আৰ্থিক অনুদান আদি ।
জিলা পৰিষদৰ সমষ্টিসমূহ জনসংখ্যাৰ ভিত্তিত ভাগ কৰা হয় । এটা সমষ্টিত প্ৰায় ৪০ হাজাৰ জনসংখ্যা থাকে । প্ৰতিটো সমষ্টিৰ জনসাধাৰনে ভোটদান কৰি সদস্যসকলক নিৰ্বাচন কৰি জিলা পৰিষদলৈ পঠায় । জিলা পৰিষদৰ কার্যকাল পাঁচ বছৰ পৰ্যন্ত থাকে । জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ হকে প্ৰায় ২০ টা ভাগত কামসমূহ ভাগ কৰি লৈছে । ইয়াৰ ভিতৰত কেইবিধমান উল্লেখযোগ্য বিষয় উল্লেখ কৰা হল ―
ক) জিলা পৰিষদৰ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম কাজসমূহ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে ।
খ) গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে ।
গ) আশ্ৰম , ছাত্ৰাবাস , শিক্ষানুষ্ঠান , সমবায় সমিতি , সাংস্কৃতিক বিকাশ কেন্দ্ৰ , হাট – বজাৰ আদি প্ৰতিষ্ঠা কৰে ।
ঘ) জলপথত নাও , ফেৰী আদিৰ ব্যৱস্থা কৰে ।
১০) প্ৰশ্ন : – আঞ্চলিক পঞ্চায়তৰ কাৰ্যৱলীৰ বিষয়ে এটি টোকা যুগুত কৰা ।
উত্তৰঃ – আমাৰ দেশত প্ৰশাসন সুবিধাৰ কাৰণে প্ৰতিটো উন্নয়ন খণ্ডতে একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় । গাঁও পঞ্চয়তৰ দৰে আঞ্চলিক পঞ্চায়তেও নিজাববীয়াকৈ কিছুমান আঁচনি হাতত লয় , যেনে ― ৰাজহুৱা পুথিভঁৰাল , ৰাস্তা পদূলি , গ্ৰাম্য বাসভৱন , পৰিয়াল কল্যান , ভূমি সংৰক্ষণ , খোৱা পানী যোগান আদি । কিছুমান শিক্ষিত যুৱক – যুৱতীক স্বাৱলম্বী হ’বৰ বাবে আৰ্থিক অনুদানো আগবঢ়ায় । যেনে ― বাঁহ বেতৰ উদ্যোগ , মীন পালন , গো আৰু হাঁহ কুকুৰা পালন, বৃক্ষৰোপন ইত্যাদি ।
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলা – মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰতবৰ্ষ |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপথ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.