Class 6 Science Chapter 15 আমাৰ চৌপাশৰ বায়ু Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board As Per New Syllabus Class 6 Science Notes and select needs one.
SEBA Class 6 Science Chapter 15 আমাৰ চৌপাশৰ বায়ু
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 6 Science Solutions for All Subject, You can practice these here.
আমাৰ চৌপাশৰ বায়ু
Chapter: 15
| পাঠভিত্তিক প্ৰশ্নোত্তৰ |
প্ৰশ্ন : – ১) বায়ুৰ উপদানসমূহ কি ?
উত্তৰঃ – বায়ু হৈছে নাইট্ৰজেন , অক্সিজেন , কাৰ্বন – ডাই – অক্সাইড , জলকনা আৰু আন কিছুমান গেছৰ মিশ্ৰণ ।
প্ৰশ্ন : – ২) বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক ?
উত্তৰঃ – অক্সিজেন ।
প্ৰশ্ন : – ৩) বায়ুৱে যে জুই জ্বলোৱাত সহায় কৰে সেয়া কেনেকৈ প্ৰমাণ কৰিবা ?
উত্তৰঃ – এডাল জ্বলি থকা মমবাতি লোৱা । মমবাতিডাল এটা কাঁচৰ জাৰৰ ভিতৰত সুমুৱাই দিয়া । কিছু সময়ৰ পাছত দেখা গল যে মমডাল নুমাই গল । ইয়ে প্ৰমাণ কৰে যে শ্বসনৰ বাবে বায়ুৰ প্ৰয়োজন হয় ।
প্ৰশ্ন : – ৪) পানীত যে বায়ু দ্ৰৱীভূত হৈ থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা ?
উত্তৰঃ – এটা গিলাচ অথবা বিকাৰত অলপমান পানী লোৱা । এটা ষ্টেণ্ডত ইয়াক লাহে লাহে গৰম কৰা । পানী উতলাৰ পূৰ্বে পাত্ৰটোৰ উপৰিভাগত কিছুমান বোৰবোৰণী উঠিব । ইয়াৰ পৰা বুজা যায় যে পানী গৰম কৰিলে পানীত দ্ৰৱীভূত হৈ থকা বায়ু বোৰবোৰণী আকাৰে বাহিৰলৈ ওলাই আহিছে ।
প্ৰশ্ন : – ৫) কপালৰ জোলা অথবা থুপ এটা পানীত কিয় কোঁচ খায় ?
উত্তৰঃ – কপাহৰ আহবোৰৰ ফাকত বায়ু সোমাই থাকে । পানীত কপাহৰ জোলা অথবা থুপ এটা ডুবাই দিলে পানীয়ে বায়ুৰ স্থান দখল কৰে । ফলত কপাহৰ জোলা অথবা থুপটো কোঁচ খায় ।
প্ৰশ্ন : – ৬) ভূ – পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ অৱৰণটোক ― বোলে ।
উত্তৰঃ – ভূ – পৃষ্ঠৰ চাৰিওফালে থকা বায়ুৰ অৱৰণটোক বায়ুমণ্ডল বোলে ।
প্ৰশ্ন : – ৭) সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপদানটো হৈছে ― ।
উত্তৰঃ – সেউজীয়া উদ্ভিদে সিহঁতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপদানটো হৈছে কাৰ্বন – ডাই – অক্সাইড ।
প্ৰশ্ন : – ৮) বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা ক্ৰিয়া – কলাপৰ তালিকা প্ৰস্তুত কৰা ।
উত্তৰঃ – বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা কাৰ্য হৈছে ―
১) জীয়াই থাকিবৰ বাবে শ্বাস – প্ৰশ্বাস ।
২) দহনৰ বাবে ।
৩) সালোক সংশ্লেষণৰ বাবে ।
৪) ফুলৰি বনাবৰ বাবে ।
৫) পৰিবেশ ঘড়ী তৈয়াৰ কৰিবৰ বাবে ।
প্ৰশ্ন : – ৯) বায়ুমণ্ডলৰ গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে ?
উত্তৰঃ – উদ্ভিদ আৰু প্ৰাণীয়ে শ্বসনৰ সময়ত অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন – ডাই – অক্সাইড এৰি দিয়ে । কিন্তু উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত কাৰ্বন – ডাই – অক্সাইড গেছ ব্যৱহাৰ কৰি অক্সিজেন এৰি দিয়ে । একেদৰে প্ৰাণী আৰু উদ্ভিদে গেছৰ আদান – প্ৰদান কৰি ইটোৱে সিটোক সহায় কৰে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


Generel scince class 6