Class 4 Environment Chapter 9 পৰিভ্ৰমী চৰাই

Class 4 Environment Chapter 9 পৰিভ্ৰমী চৰাই, SEBA Chapter 9 পৰিভ্ৰমী চৰাই Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

পৰিভ্ৰমী চৰাই

Chapter – 9

পৰিৱেশ অধ্যয়ন


⇒ মানচিত্ৰখন চাই তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া –

১। দেওহাঁহ দেখা পোৱা এখন বনাঞ্চলৰ নাম লিখা । 

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।

২। দীপৰ বিল কোন জিলাৰ অন্তৰ্গত ? 

উত্তৰঃ দীপৰ বিল কামৰূপ ( মহানগৰ ) জিলাৰ অন্তৰ্গত । 

৩। ডিমা হাছাও জিলাত থকা পক্ষী উদ্যানখনৰ নাম কি ? 

উত্তৰঃ জাটিংগা পক্ষী উদ্যান । 

৪। গোলাঘাট জিলাত থকা বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ? 

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । 

৫। তিনিচুকীয়া আৰু ডিব্ৰুগড় এই দুয়োখন জিলাত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ? 

উত্তৰঃ ডিব্ৰু – চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ? 

⇒ তালিকাখনৰ সহায়ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা –

৬। বসন্ত কালত অসমলৈ অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা । 

উত্তৰঃ কুলি । 

৭। মুকলি আকাশত জাক পাতি উৰি ফুৰা এবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা । 

উত্তৰঃ চাতক চৰাই । 

৮। ‘ কাঁইট – কাঁইট ’ শব্দ কৰি আকাশেদি উৰি অহা চৰাইবিধৰ নাম কি ? 

উত্তৰঃ দেওহাঁহ । 

৯। ষ্টাৰলিং চৰাই কোন সময়ত অসমলৈ আহে ? 

উত্তৰঃ অক্টোবৰৰ পৰা জানুৱাৰী মাহলৈ । 

১০। ধৃতৰাজ চৰাই সাধাৰণতে ক’ত ক’ত দেখা যায় ? 

উত্তৰঃ নদীৰ পাৰৰ বালিত , মুকলি খেতি পথাৰত আৰু শস্যৰ পথাৰত৷ 

১১। পৰিভ্ৰমী চৰাইবিলাক আমাৰ অসমলৈ কিয় আহে জানানে ? 

উত্তৰঃ খাদ্যৰ সন্ধানত আৰু অতিপাত শীত আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাইবোৰ আমাৰ অসমলৈ আহে । 

ক্রিয়া-কলাপ

অসমত থকা বহুতো চৰাই তোমালোকৰ চিনাকি আৰু আন কিছুমান অচিনাকী ৷ কিছুমান চৰাই তোমালোকে কেতিয়াও দেখাই নাই ৷ তলৰ তালিকাত কিছুমান চৰাইৰ ছবি দিয়া আছে । এতিয়া চিনাকি চৰাইবোৰৰ কাষত ‘✔’ চিন দিয়া । 

 ওপৰৰ ছবিসমূহ চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা –

১। চিনাকি চৰাইবোৰৰ নাম লিখা ।

উত্তৰঃ চিনাকি চৰাইবোৰ হ’ল – মাছৰোকা , কপৌ , পাৰ , ৰাজহাঁহ , ঘৰচিৰিকিা , ভাটৌ , ফেঁচা , মইনা আৰু কুকুৰা । 

২। কোনটো চৰায়ে চিকাৰ কৰে ? 

উত্তৰঃ মাছৰোকা চৰায়ে চিকাৰ কৰে । 

৩। কোনটো চৰায়ে মাছ খায় ? 

উত্তৰঃ মাছৰোকা চৰায়ে মাছ খায় । 

৪। কোনটো চৰায়ে বহু দূৰলৈ উৰি যাব পাৰে ? 

উত্তৰঃ পাৰ চৰায়ে বহু দূৰলৈ উৰি যাব পাৰে । 

৫। কোনকেইটা চৰাই আমাৰ ঘৰত পৌঁহো ? 

উত্তৰঃ পাৰ , হাঁহ , কুকুৰা , ভাটৌ , ম‍ইনা , ৰাজহাঁহ ইত্যাদি ৷ 

৬। আমি প্ৰায়েই ঘৰৰ ওচৰত দেখি থকা দুটা চৰাইৰ নাম লিখা ৷ 

উত্তৰঃ পাৰ আৰু ঘৰচিৰিকা । 

৭। ইয়াৰ মাজত থকা পৰিভ্ৰমী চৰাইটোৰ নাম লিখা । 

উত্তৰঃ বালিমাহী । 

৮। তোমালোকে দেখা আৰু কিছুমান চৰাইৰ নাম লিখা । 

উত্তৰঃ বগলী , কাউৰী , ময়ুৰ , শগুণ , হাড়গিলা , বাঢ়ৈটোকা আদি । 

অনুশীলনী 

১। চমু উত্তৰ দিয়া – 

( ক ) যিকোনো দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা । 

উত্তৰঃ বালিমাহী আৰু কুলি ৷ 

( খ ) কোনবিধ চৰায়ে বাহ নাখাজে ? 

উত্তৰঃ কুলি চৰাই ৷

( গ ) আমাৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম কি ? 

উত্তৰঃ ময়ুৰ । 

( ঘ ) চাইবেৰিয়াৰ পৰা অহা এবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা। 

উত্তৰঃ বগজাতীয় চৰাই । 

( ঙ ) তুমি দেখা চাৰিবিধ চৰাইৰ নাম লিখা । 

উত্তৰঃ পাৰ , কুকুৰা , কাউৰী , ঘৰচিৰিকা । 

২। হুয়নে নহয় লিখা – 

( ক ) পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইন মতে নিষেধ ।

উত্তৰঃ হয় । 

( খ ) বহুতো লোকে চৰাইৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নির্বাহ কৰে । 

উত্তৰঃ হয় । 

( গ ) পৰিভ্ৰমী চৰাইবোৰ কেৱল অসমলৈহে আহে৷ 

উত্তৰঃ নহয় ৷ 

( ঘ ) পৰিভ্ৰমী চৰাই অহা ঠাইখিনিত বনভোজ খোৱা উচিত । 

উত্তৰঃ নহয় । 

( ঙ ) পৰিভ্ৰমী চৰাই আহি পৰা কিছুমান ঠাইক পক্ষী উদ্যান বুলি জনা যায় ।

উত্তৰঃ হয় ।

৩। খালী ঠাই পূৰ কৰা –

( ক ) পক্ষী উদ্যানত বিভিন্ন ___চৰাই দেখিবলৈ পোৱা যায় ৷ 

উত্তৰঃ পক্ষী উদ্যানত বিভিন্ন পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায় ।

( খ ) জাটিংগা এখন ___উদ্যান । 

উত্তৰঃ জাটিংগা এখন পক্ষী উদ্যান ।

( গ ) দূৰ – দূৰণিৰ পৰা পৰিভ্ৰমী চৰাই চাব অহা লোকক __ বোলে ।

উত্তৰঃ দূৰ – দূৰণিৰ পৰা পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক পৰ্যটক বোলে ।

( ঘ ) কিছুমান চৰাইৰ মাংস আৰু কণীক ____হিচাপে ব্যৱহাৰ কৰা হয়। 

উত্তৰঃ কিছুমান চৰাইৰ মাংস আৰু কণীক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় ।

৪। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা –

( ক ) দীপৰ বিল কামৰূপ ( মহানগৰ ) / শিৱসাগৰ / শোণিতপুৰ জিলাৰ অন্তর্গত । 

উত্তৰঃ দীপৰ বিল কামৰূপ ( মহানগৰ ) জিলাৰ অন্তৰ্গত । 

( খ ) পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক অভয়াৰণ্য / চিৰিয়াখানা / পক্ষী উদ্যান বুলি কোৱা হয় ৷ 

উত্তৰঃ পৰিভ্ৰমী চৰাই আহি পৰা ঠাইখিনিক পক্ষী উদ্যান বুলি কোৱা হয়।

( গ ) ষ্টাৰলিং চৰাই বসন্ত / বর্ষা / শীতকালত অসমলৈ আহে । 

উত্তৰঃ ষ্টাৰলিং চৰাই শীতকালত অসমলৈ আহে ।

( ঘ ) প্ৰতি বছৰে প্ৰায় ১০/১০০/১০০০ বিধ ভিন্ন ভিন্ন প্রজাতি পৰিভ্ৰমী চৰাই অসমলৈ আহে ।

উত্তৰঃ প্ৰতি বছৰে প্ৰায় ১০০ বিধ ভিন্ন ভিন্ন প্রজাতি পৰিভ্ৰমী চৰাই অসমলৈ আহে । 

( ঙ ) ধৃতৰাজ / শালিকা / শগুণ এবিধ পৰিভ্ৰমী চৰাই ৷ 

উত্তৰঃ ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই । 

৫। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা –

‘ ক ’‘ খ ’
পর্যটকএখন পক্ষী উদ্যান।
বালিমাহী এখন ৰাষ্ট্ৰীয় উদ্যান।
দীপৰ বিলএবিধ পৰিভ্ৰমী চৰাই।
কাজিৰঙা কাউৰীৰ বাহত কণী পাৰে।
কুলিবনাঞ্চলসমূহ চাবলৈ অহা দেশী – বিদেশী লোক।

উত্তৰঃ 

‘ ক ’‘ খ ’
পর্যটকবনাঞ্চলসমূহ চাবলৈ অহা দেশী – বিদেশী লোক। 
বালিমাহী এবিধ পৰিভ্ৰমী চৰাই। 
দীপৰ বিলএখন পক্ষী উদ্যান।
কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান। 
কুলিকাউৰীৰ বাহত কণী পাৰে।

৬। পৰিভ্ৰমী চৰাই কাক বোলে ? 

উত্তৰঃ যিবোৰ চৰাই একে ঠাইতে নাথাকি দেশে – বিদেশে ঘূৰি ফুৰে সেইবোৰ চৰাইক পৰিভ্ৰমী চৰাই বুলি কোৱা হয় ৷

৭। পৰিভ্ৰমী চৰাইবোৰ কিয় অসমলৈ আহে ? 

উত্তৰঃ খাদ্যৰ সন্ধানত আৰু অতিপাত শীত আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাইবোৰ আমাৰ অসমলৈ আহে । 

৮। চৰাইৰ পৰা পোৱা দুটা উপকাৰৰ উল্লেখ কৰা । 

উত্তৰঃ উপকাৰ :- 

( ১ ) শস্য আৰু অইন উদ্ভিদৰ অনিষ্টকাৰী পোক – পৰুৱা নিধন কৰি উদ্ভিদক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে । 

( ২ ) শগুণ জাতীয় চৰায়ে মৃত জন্তুবোৰ খাই আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top