Class 4 Environment Chapter 11 আকষ্মিক দুর্ঘটনা

Class 4 Environment Chapter 11 আকষ্মিক দুর্ঘটনা, SEBA Chapter 11 আকষ্মিক দুর্ঘটনা Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

আকষ্মিক দুর্ঘটনা

Chapter – 11

পৰিৱেশ অধ্যয়ন


১। ঘৰতে চিকিৎসা কৰিব পৰাকৈ কিছুমান দৰকাৰী বস্তু তোমালোকৰ ঘৰত আছেনে ? যদি আছে বস্তুবোৰৰ নাম লিখা। 

উত্তৰঃ ঘৰতে চিকিৎসা কৰিব পৰাৰ বাবে ডেটল , বিশুদ্ধ কপাহ , বেণ্ডেজ , কেচী , বীজাণুনাশক মলম , বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম আদি আছে । 

২। তলৰ ছবিখনলৈ চোৱা আৰু তাৰ পৰা হ’ব পৰা তিনিটা আকষ্মিক দুর্ঘটনাৰ নাম লিখা ।

উত্তৰঃআকষ্মিক দুর্ঘটনা তিনিটা হ’ল – 

( ক ) ভৰি মোচোকা খোৱা ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

( খ ) হাত – ভৰি ভঙা । 

( গ ) পৰি চাল – বাকলি যোৱা ।  

অনুশীলনী 

১। উত্তৰ লিখা –

( ক ) প্রাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু সংগ্ৰহ কৰি ৰাখিব লাগে ?

উত্তৰঃ প্রাথমিক চিকিৎসা বাকচত ডেটল , বিশুদ্ধ কপাহ , বেণ্ডেজ , কেচী , বীজাণুনাশক মলম , বিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা মলম আদি ৰাখিব লাগে । 

( খ ) খেঁলোতে হাত – ভৰিত মোচোকা খালে কি কৰিব লাগে ? 

উত্তৰঃ মোচোকা খোৱা ঠাইত লগে লগে পৰিষ্কাৰ পানী ঢালিব লাগে ৷ যদি পোৱা যায় বৰফ লগাব লাগে ৷ 

( গ ) কটা – ছিঙাত তেজ ওলালে কি কৰিব লাগে ? 

উত্তৰঃ ( i ) কটা ঠাই ডোখৰ টিপা মাৰি ধৰিব লাগে । 

( ii ) কটা ঠাই ডোখৰ পৰিষ্কাৰ পানীৰে ধুব লাগে । 

( iii ) পৰিষ্কাৰ কপাহত ডেটল লগাই কটা ঠাইত লগাব লাগে ৷ 

( iv ) নার্জিফুল , মানিমুনি , দুৱৰি বন , বিশল্যকৰণী আদিৰ যিকোনো এটাৰ পাত ভালদৰে ধুই পিহি তেজ ওলোৱা ঠাইত লগাব লাগে । 

( v ) ক’লা কচুৰ ঠাৰিৰ আঠা লগালেও তেজ ওলোৱা বন্ধ হয় ।

( vi ) বৰফ লগালেও তেজ ওলোৱা বন্ধ হয় । 

( ঘ ) কীট – পতঙ্গই কামুৰিলে কি কি ব্যৱস্থা ল’ব পাৰি ? 

উত্তৰঃ ( i ) জোকে কামোৰা ঠাইত ডেটল লগাব লাগে । জোকে কামুৰিলে নিমস , কেঁচা হালধি বা ধপাত আদি সানিলেও জোক সৰি পৰে । তেজ ওলোৱা বন্ধ হয় আৰু ঘা শুকায় । 

( ii ) মৌ – মাখি বা বৰলে কামুৰিলে আদাৰ ৰস বা পিঁয়াজৰ ৰস লগাব লাগে । 

( ঙ ) মূর্ছা গ’লে কি কৰা উচিত ? 

উত্তৰঃ ( i ) চকুৱে মুখে ঠাণ্ডা পানী ছটিয়াই দিব লাগে ।

( ii ) চোলাৰ বুটাম , পেণ্টৰ বেল্ট আৰু জোতা খুলি দিব লাগে । 

( iii ) হাত আৰু ভৰিৰ তলুৱা মোহাৰি দিব লাগে । 

( iv ) ভৰি চেঁচা হ’লে তেল মালিচ কৰিব লাগে । 

( চ ) পানীত পৰা মানুহক আৰোগ্য কৰিবৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি ? 

উত্তৰঃ ( i ) পানীত ডুবা মানুহক তলমূৰকৈ মাটিত শুৱাই দিব লাগে । 

( ii ) পিন্ধি থকা তিতা কাপোৰ সলাই দিব লাগে ৷ 

( iii ) তলমূৰকৈ শুৱাই আঁঠু দুটা কোঁচ খুৱাই বুকুৰ ওচৰলৈ কেইবাৰমান অনা – নিয়া কৰিব লাগে , যাতে পেটৰ পৰা পানী বাহিৰলৈ ওলায় । 

( ছ ) জুয়ে পুৰিলে কি কৰিব লাগে ? 

উত্তৰঃ ( i ) জুই পোৰা ঠাই ডোখৰত লগে লগে ঠাণ্ডা পানী ঢালি দিব লাগে বা বৰফ লগাই দিব লাগে । 

( ii ) জুয়ে পোৰা ঠাইত আলু ৰুকি লগাই দিলে পোৰা ঠাইৰ জ্বলা – পোৰা কম হয় । 

( iii ) পোৰা ঠাইত অমিতাৰ আঠা , গাজৰ পিহি লগালে ঢৌ নুঠে ৷ 

( জ ) খেলোঁতে কি কি সাৱধনতা লোৱা উচিত ? 

উত্তৰঃ ( i ) শিল , আইনা টুকুৰা , গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে । 

( ii ) ওখোৰা মোখোৰা ঠাইত খেলিব নালাগে ৷ 

( iii ) আলিবাটৰ মাজত খেলিব নালাগে ৷ 

( iv ) লাঠি , দা , কটাৰী , জুই হাতত লৈ খেলিব নালাগে ৷ 

( v ) খেলি থাকোতে ইজনে – সিজনৰ গালৈ বস্তু দলিয়াব নালাগে ৷ 

( vi ) খেলোতে অযথা ঠেলা – হেঁচা কৰিব নালাগে৷ 

( ঝ ) কাম কৰোঁতে কি কি ক্ষেত্ৰত সাৱধনা হ’ব লাগে ? 

উত্তৰঃ ( i ) কাম কৰোতে খৰধৰ কৰিব নালাগে ৷ 

( ii ) দা , কটাৰী , কোৰ আদিৰে কাম কৰোতে অন্য কথালৈ মন দিব নালাগে । দা , কটাৰীৰ ধাৰ থকা ফালটো হাতেৰে ধৰিব নালাগে । 

( iii ) তিতা হাতেৰে বিজুলী ছুইচ চুব নালাগে ৷ ছুইচৰ বিন্ধাত , পেঞ্চিল, গজাল আদি ভৰাব নালাগে । 

( iv ) গৰম কেট্‌লি , কেৰাহী আদিৰ নাল কাপোৰ বা কাগজেৰে ধৰিহে দাঙিব লাগে । 

( v ) জুইৰ কাষত কাগজ , কাপোৰ আদি ৰাখিব নালাগে । 

( vi ) দমকল মাৰোঁতে লাহে লাহে মাৰিব লাগে । 

২। খালী ঠাই পূৰ কৰা –

( ক ) শৰীৰৰ কম পৰিমাণে পোৱা আঘাত ___চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি । 

উত্তৰঃ প্রাথমিক।

( খ ) কটা ঠাই ডোখৰ ___মাৰি ধৰিব লাগে ৷ 

উত্তৰঃ টিপা।

( গ ) মৌ নাইবা বৰলে বিন্ধিলে ____ৰস লগাব লাগে ৷

উত্তৰঃ আদা বা পিয়াজৰ।

( ঘ ) ভৰি চেঁচা হ’লে তেল ____কৰিব লাগে ৷ 

উত্তৰঃ মালিচ।

( ঙ ) সাপে খোঁটা ঠাইডোখৰৰ দুয়োফালে ___মাৰিব লাগে ৷

উত্তৰঃ টানকৈ ৰচীৰে গাঁঠি।

( চ ) ___ৰুকি লগাই দিলে পোৰা ঠাইৰ জ্বলা – পোৰা কমে ।

উত্তৰঃ আলু।

( ছ ) তিতা হাতেৰে ___ নুচুবা । 

উত্তৰঃ বিজুলী ছুইচ।

( জ ) দা , কটাৰীৰ ___থকা ফালটো ধৰিব নালাগে।

উত্তৰঃ ধাৰ।

৩। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা –

‘ ক ‘‘ খ ‘
মূর্ছাতলমুৰকৈ মাটিত শুৱাই দিব লাগে।
পানীত ডুবা মানুহকচকুৱে মুখে পানী ছটিয়াব লাগে।
মোচোকা খালেআদা নাইবা পিঁয়াজৰ ৰস খুৱাব লাগে।
মৌ নাইবা বৰলে বিন্ধিলেঠাণ্ডা পানী ঢালিব লাগে।
দমকল মাৰোঁতেখেলিব নালাগে।
ওখোৰা – মোখোৰা ঠাইতলাহে মাৰিব লাগে।

উত্তৰঃ

‘ ক ‘‘ খ ‘
মূর্ছাচকুৱে মুখে পানী ছটিয়াব লাগে। 
পানীত ডুবা মানুহকতলমুৰকৈ মাটিত শুৱাই দিব লাগে।
মোচোকা খালেঠাণ্ডা পানী ঢালিব লাগে। 
মৌ নাইবা বৰলে বিন্ধিলেআদা নাইবা পিঁয়াজৰ ৰস খুৱাব লাগে।
দমকল মাৰোঁতেলাহে মাৰিব লাগে। 
ওখোৰা – মোখোৰা ঠাইতখেলিব নালাগে।

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

( ক ) চিকিৎসাৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকষ্মিক / প্রাথমিক চিকিৎসা বোলে । 

উত্তৰঃ চিকিৎসাৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকষ্মিক চিকিৎসা বোলে । 

( খ ) বৰফ লগালে তেজ ওলোৱা বন্ধ হয় / নহয় ৷

উত্তৰঃ বৰফ লগালে তেজ ওলোৱা বন্ধ হয় ।

( গ ) জুয়ে পোৰা ঠাইত অমিতাৰ / ছালকুঁৰীৰ পাত খুন্দি প্রলেপ দিব লাগে । 

উত্তৰঃ জুয়ে পোৰা ঠাইত ছালকুঁৰীৰ পাত খুন্দি প্রলেপ দিব লাগে । 

( ঘ ) তেজ ওৱোৱা বন্ধ হ’বলৈ অপৰাজিতাৰ শিপা / বিশল্যকৰণীৰ পাত লগাব লাগে । 

উত্তৰঃ তেজ ওৱোৱা বন্ধ হ’বলৈ বিশল্যকৰণীৰ পাত লগাব লাগে । 

( ঙ ) হাত – ভৰি মোচোকা খালে হালধি পিহি / আলু ৰুকি লগাব লাগে । 

উত্তৰঃ হাত – ভৰি মোচোকা খালে হালধি পিহি লগাব লাগে ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top