Class 4 Environment Chapter 7 জীৱ আৰু পৰিৱেশ

Class 4 Environment Chapter 7 জীৱ আৰু পৰিৱেশ, SEBA Chapter 7 জীৱ আৰু পৰিৱেশ Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

জীৱ আৰু পৰিৱেশ

Chapter – 7

পৰিৱেশ অধ্যয়ন


⇒ তলৰ ছবিকেইখন চাই কোনে কাক খায় লিখা – 

উত্তৰঃ ওপৰৰ ছবিখনৰ মতেৰে বাঘে হৰিণক আৰু হৰিণে ঘাঁহ খায় ৷ 

⇒ চিন্তা কৰি লিখা –

১। হৰিণা , জিৰাফ , হাতী আদি প্রাণীক আমি কিয় তৃণভূমিত দেখা পাওঁ ? 

উত্তৰঃ কাৰণ হৰিণা , জিৰাফ , হাতী আদি প্ৰাণীয়ে ঘাঁহ – বন খাই জীয়াই থাকে ৷ 

২। তৃণভোজী প্রাণীবোৰ আমাৰ পৰিৱেশৰ পৰা নোহোৱা হ’লে কি হ’ব ? 

উত্তৰঃ তৃণভোজী প্রাণীবোৰ আমাৰ পৰিৱেশৰ পৰা নোহোৱা হ’লে মাংসভোজী প্রাণীবোৰৰ বাবে খাদ্য নোহোৱা হৈ যাব । 

৩। সাপৰ সংখ্যা কমি গ’লে কি হ’ব বাৰু ? 

উত্তৰঃ সাপৰ সংখ্যা কমি গ’লে এন্দুৰৰ সংখ্যা বাঢ়ি যাব । 

৪। এন্দুৰৰ সংখ্যা বাঢ়ি গ’লে কি হ’ব ? 

উত্তৰঃ এন্দুৰৰ সংখ্যা বাঢ়ি গ’লে ধান , চাউল নোহোৱা হ’ব । তেনেস্থলৰ মানুহৰ বহুতো অসুবিধা হ’ব । 

৫। তলৰ ছবিকেইখনত কি দেখিছা খালী ঠাইত লিখা । 

উত্তৰঃ প্রথম চিত্ৰ খনত গৰুৱে হাল বায় থকা দেখা গৈছে । 

দ্বিতীয় চিত্ৰখনত ঘোঁৰাৰে বস্তু কঢ়িয়াই থকা দেখা গৈছে । 

তৃতীয় চিত্ৰখনত গৰুৰ গাখীৰ খিৰাই থকা দেখা গৈছে । 

চতুৰ্থ চিত্ৰখনত কুকুৰাই কণী পৰা দেখা গৈছে । 

৬। চিত্ৰ চাই তলৰ খালী ঠাইবোৰ নিজেই চিন্তা কৰি লিখা –

উত্তৰঃ গাখীৰৰ বাবে →  গৰু , ম’হ । 

          কণীৰ বাবে   →  হাঁহ , কুকুৰা ৷ 

          মাংসৰ বাবে  →  ছাগলী , কুকুৰা । 

৭। মানুহে পুখুৰীত কিয় মাছ পোহে ভাবি লিখা – 

উত্তৰঃ পুখুৰীত মাছ পুহিলে খাব মন গ’লেই মাৰি আনি খাব পাৰি । বজাৰৰ মাছতকৈ নিজৰ পুখুৰীৰ মাছ স্বাস্থ্যৰ বাবে উপযোগী ৷ পুখুৰীত মাছ পুহি বহুতো লোকে ব্যৱসায়ো কৰে । 

⇒ কি কৰিবা ভাবি চাই কোৱা –

৮। চৰাইৰ বাহৰ পৰা পোৱালী এটা পৰি যোৱা দেখিলে মৰম কৰি ঘৰলৈ আনিম / বাহত আকৌ তুলি দিম / পৰি থাকিবলৈ দিম । 

উত্তৰঃ চৰাইৰ বাহৰ পৰা পোৱালী এটা পৰি যোৱা দেখিলে আকৌ তুলি দিম । 

৯। অসহায় কুকুৰৰ পোৱালী এটাই চিঞৰি থকা দেখিলে খেদি দিম / ঘৰলৈ আনি পুহিম / চিঞৰি থাকিবলৈ দিম ।

উত্তৰঃ অসহায় কুকুৰৰ পোৱালী এটাই চিঞৰি থকা দেখিলে ঘৰলৈ আনি পুহিম । 

১০। গৰুৱে বাৰীৰ গছ এজোপা খাই থকা দেখিলে খাবলৈ দিম / খেদি দিম / জেওৰা দিয়া ব্যৱস্থা কৰিম । 

উত্তৰঃ গৰুৱে বাৰীৰ গছ এজোপা খাই থকা দেখিলে জেওৰা দিয়া ব্যৱস্থা কৰিম । 

অনুশীলনী 

১। উত্তৰ লিখা –

( ক ) কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ খাদ্যৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে । 

( খ ) পোহনীয়া প্ৰাণীবোৰক আমি কিয় যত্ন ল’ব লাগে ? 

উত্তৰঃ কাৰণ পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে । 

( গ ) কোন কোন প্রাণীৰ পৰা কি কি খাদ্য পাওঁ লিখা । 

উত্তৰঃ আমি বিভিন্ন প্ৰাণীৰ পৰা বিভিন্ন খাদ্য পাওঁ । যেনে- গৰু , ছাগলী , ম’হৰ পৰা গাখীৰ । ছাগলী , হাঁহ , কুকুৰা , পাৰ আদিৰ পৰা মাংস । হাঁহ , কুকুৰাৰ পৰা কণী আদিও পাওঁ । 

( ঘ ) খাদ্য – শৃংখল বুলিলে কি বুজা ? 

উত্তৰঃখাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্রক্রিয়াকেই খাদ্য – শৃংখল বুলি কোৱা হয় । 

( ঙ ) গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰৰ নাম লিখা । 

উত্তৰঃ গাখীৰৰ পৰা তৈয়াৰ হোৱা আহাৰ দুবিধৰ নাম হ’ল – মাখন আৰু পনীৰ । 

২। তলত দিয়া নামবোৰৰ পৰা খাদ্যশৃংখল সাজা : 

( ক ) গৰু , ঘাঁহ , বাঘ । 

উত্তৰঃ ঘাঁহ ← গৰু ← বাঘ ।

( খ ) গছৰ পাত , ভেকুলি , ফৰিং । 

উত্তৰঃ গছৰ পাত ← ফৰিং ← ভেকুলি । 

( গ ) শিয়াল , কেঁচু , হাঁহ । 

উত্তৰঃ কেঁচু ← হাঁহ ← শিয়াল । 

( ঘ ) সাপ , এন্দুৰ , চিলনী । 

উত্তৰঃ এন্দুৰ ← সাপ ← চিলনী । 

৩। খালী ঠাই পূৰ কৰা –

( ক ) বায়ু , পানী , মাটি , উদ্ভিদ আৰু প্ৰাণীকলৈ আমাৰ ___ গঠিত হৈছে । 

উত্তৰঃ বায়ু , পানী , মাটি , উদ্ভিদ আৰু প্ৰাণীকলৈ আমাৰ পৰিৱেশ গঠিত হৈছে । 

( খ ) উদ্ভিদে ___ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । 

উত্তৰঃ উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ।

( গ ) ফৰিঙে সৰু সৰু ___খায় । 

উত্তৰঃ ফৰিঙে সৰু সৰু ঘাঁহ খায় ৷

( ঘ ) পোহনীয়া প্ৰাণীক আমি ___ল’ব লাগে ।

উত্তৰঃ পোহনীয়া প্ৰাণীক আমি যত্ন ল’ব লাগে । 

( ঙ ) হাতীয়ে হাবিত ____ কঢ়িয়ায় ।

উত্তৰঃ হাতীয়ে হাবিত কাঠ কঢ়িয়ায় । 

৪। শুদ্ধ উত্তৰ বাছি উলিওৱা –

( ক ) প্রাণীয়ে / উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে । 

উত্তৰঃ উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে ।

( খ ) খাদ্যৰ / বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে ৷ 

উত্তৰঃ খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে ।

( গ ) প্ৰাণীবোৰ পৰিৱেশৰ সমতা / ক্ষমতা ৰক্ষা কৰে । 

উত্তৰঃ প্রাণীবোৰ পৰিৱেশৰ সমতা ৰক্ষা কৰে ।

( ঘ ) বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্রাণীক প্রতিষেধক বেজী দিব লাগে / নালাগে । 

উত্তৰঃ বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্রাণীক প্রতিষেধক বেজী দিব লাগে ।

৫। ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলাই লিখা –

‘ ক ’‘ খ ’
তৃণভোজী প্রাণীকপৰিৱেশৰ সমতা ৰক্ষা কৰে৷
প্ৰাণীবোৰেমাংশভোজী প্রাণীয়ে খায়।
পোহনীয়া প্ৰাণীবোৰেপৰিৱেশ পৰিষ্কাৰ কৰে।
কাউৰী , চিলনীয়েআমাক সহায় কৰে৷

উত্তৰঃ

‘ ক ’‘ খ ’
তৃণভোজী প্রাণীকমাংশভোজী প্রাণীয়ে খায়। 
প্ৰাণীবোৰেপৰিৱেশৰ সমতা ৰক্ষা কৰে৷
পোহনীয়া প্ৰাণীবোৰেআমাক সহায় কৰে৷
কাউৰী , চিলনীয়েপৰিৱেশ পৰিষ্কাৰ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top