Class 4 Environment Chapter 3 পানী

Class 4 Environment Chapter 3 পানী, SEBA Chapter 3 পানী Class 4 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

পানী

Chapter – 3

পৰিৱেশ অধ্যয়ন

১। তোমালোকে জনা কিছুমান পানীৰ উৎসৰ নাম লিখা । 

উত্তৰঃ পানীৰ উৎসসমূহ হ’ল – সাগৰ , মহাসাগৰ , নদী , হ্রদ , জান – জুৰি , পুখুৰী , খাল – বিল , নদ – নদী , কুৱা , দমকল ইত্যাদি । 

২। কৰি চাওঁ আহা –

এচপৰা শুকান মাটি লৈ তাত পানী ঢালি দিয়া । কি দেখিলা ? 

উত্তৰঃ শুকান মাটি চপৰাত পানী ঢালি দিয়াৰ লগে লগে পানীখিনি মাটিৰ চপৰাটোৰ মাজেৰে সোমাই গ’ল । 

৩। তোমালোকৰ বহুতেই ঘৰত টেপ খুলিলে পানী পোৱা । এই পানীবোৰৰ উৎস কি ? 

উত্তৰঃ এই পানীবোৰৰ উৎস হ’ল – নদী , হ্রদ , পুখুৰী , কুঁৱা , দমকল আদি ৷ এই উৎসবোৰত পানী পাম্পৰ সহায়ত উঠাই টেংকিত জমা কৰি থোৱা হয় । আৰু নলীৰ মাজেৰে নি বিভিন্ন কামত ব্যৱহাৰ কৰা হয় । 

ক্রিয়া কলাপ

তোমালোকৰ চুবুৰীত তিনিঘৰ মানুহে ব্যৱহাৰ কৰা পানীৰ উৎস জানি লোৱা । এতিয়া তলৰ তালিকাত কোনঘৰ মানুহে কোন উৎসৰ পৰা পায় তাত ‘✔’ চিন দিয়া –

উত্তৰঃ  

⇒ চিন্তা কৰি লিখা –

প্রশ্ন ১। ভূগৰ্ভৰ পানী শুকাই গ’লে আমাৰ কি কি অসুবিধা হ’ব পাৰে ? 

উত্তৰঃ ভূগৰ্ভত পানী শুকাই গ’লে আমাৰ বিভিন্ন অসুবিধা হ’ব – কাৰণ পানী অবিহনে কোনো জীৱ – জন্তু , গছ – গছনি জীয়াই থাকিব নোৱাৰে। 

( ১ ) খোৱাপানীৰ ব্যৱস্থা নোহোৱা হ’ব । 

( ২ ) মানুহে ৰন্ধা – বঢ়া কৰাৰ বাবে পানী নোপোৱা হ’ব ।

( ৩ ) পানী নোহোৱা মানে খেতি পথাৰ নষ্ট হৈ যাব। গতিকে পানীৰ অবিহনে আমি বহুতো সমস্যাৰ সন্মুখীন হ’ব লাগিব ৷

অনুশীলনী

১৷ উত্তৰ লিখা –    

( ক ) পানীৰ উৎসসমূহ কি কি ?

উত্তৰঃ পানীৰ উৎসসমূহ হ’ল – সাগৰ , মহাসাগৰ , নদী , হ্রদ , জান – জুৰি , পুখুৰী , খাল – বিল , নদ – নদী , কুৱা , দমকল ইত্যাদি । 

( খ ) ভূ – গৰ্ভত পানী নাটনি হ’ব পৰাৰ দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ ভূ – গৰ্ভত পানী নাটনি হ’ব পৰা কাৰণ দুটা হ’ল – 

( ক ) মানুহে গছ – গছনি কাটি শেষ কৰিলে । 

( খ ) বাৰিষা যদি বৰষুণ কম পৰিমানে হয় ৷ 

( গ ) বতাহত ভাঁহি থকা ক্ষুদ্র ক্ষুদ্ৰ পানীৰ কণিকাবোৰক কি বুলি কোৱা হয় ? 

উত্তৰঃ বতাহত ভাঁহি থকা ক্ষুদ্র ক্ষুদ্ৰ পানীৰ কণিকাবোৰ হ’ল ডাৱৰ ৷ 

( ঘ ) কুঁৱাৰ পানীৰ উৎস কি ? 

উত্তৰঃ কুঁৱাৰ পানীৰ উৎস হ’ল – ভূ – গর্ভ । 

( ঙ ) নৈ , হ্রদ , সাগৰ , জান – জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে ? 

উত্তৰঃ সূৰ্যৰ তাপে নৈ , হ্ৰদ , সাগৰ , জান – জুৰিৰ পানীক ভাপলৈ পৰিৱৰ্তন কৰে । 

২। শুদ্ধ উত্তৰটোত ‘✔ ’ চিন দিয়া – 

( ক ) পুখুৰীৰ পানী হৈছে ভূ – পৃষ্ঠৰ / ভূগৰ্ভৰ পানী ৷ 

উত্তৰঃ পুখুৰীৰ পানী হৈছে ভূ – পৃষ্ঠৰ পানী ।

( খ ) বৰষুণৰ পানী মাটিৰে নিগৰি / দমকলেৰে ভূ – গর্ভ পায় ৷ 

উত্তৰঃ বৰষুণৰ পানী মাটিৰে নিগৰি  – গর্ভ পায় ৷

( গ ) পকী ঠাইৰে / মাটিৰে পানী সহজে নিগৰি ভূ – গৰ্ভলৈ যাব পাৰে ।

উত্তৰঃ পকী মাটিৰে পানী সহজে নিগৰি ভূ – গৰ্ভলৈ যাব পাৰে ।

( ঘ ) শিল বৰষুণত শিল / বৰফ থাকে ৷

উত্তৰঃ শিল বৰষুণত বৰফ থাকে ৷

৩। খালী ঠাই পূৰণ কৰা :

( ক ) দমকলৰ পানীৰ উৎস হৈছে ___।

উত্তৰঃ দমকলৰ পানীৰ উৎস হৈছে ভূ – গর্ভ ।

( খ ) পৰ্বতৰ শীতল অঞ্চলত পানী ____হিচাপে থাকে ৷

উত্তৰঃ পৰ্বতৰ শীতল অঞ্চলত পানী বৰফ হিচাপে থাকে । 

( গ ) সাগৰৰ পানী ____।

উত্তৰঃ সাগৰৰ পানী লুণীয়া । 

৪। ভূ – গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল’ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা ৷ 

উত্তৰঃ ভূ – গৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল’ব পৰা ব্যৱস্থা দুটা হ’ল— 

( ১ ) গছ – গছনি ৰোপণ কৰিব লাগে । 

( ২ ) বৰষুণৰ পানী সংৰক্ষণ কৰি ভূ – গৰ্ভলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে । 

৫। সাগৰৰ পানী কিয় পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি ? 

উত্তৰঃ সাগৰৰ পানী ভূ – পৃষ্ঠৰ পানী । এই পানী লুণীয়া হোৱাৰ বাবে পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি । 

৬। ভূ – গৰ্ভৰ পানী কি কি কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ভূ – গৰ্ভৰ পানী সকলো কামতে ব্যৱহাৰ কৰা হয় । ঘৰুৱা কামত ব্যৱহাৰ কৰাৰ উপৰিও উদ্যোগ , জলসিঞ্চন আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয় । 

৭। শিল বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য লিখা। 

উত্তৰঃ শিল আৰু বৰষুণৰ পাৰ্থক্য হ’ল :- 

বৰষুণৰ সৃষ্টি পানীৰ কণিকাবোৰ গোট খাই হয় । আৰু শিল বৰষুণৰ সৃষ্টি এই কণিকাবোৰ যেতিয়া অধিক ঠাণ্ডা বায়ুৰ মাজেৰে যায় , তেতিয়া হয় । 

অতিৰিক্ত প্ৰশ্নোত্তৰ 

১। পৃথিৱীৰ কিমান ভাগ পানীয়ে আগুৰি আছে ? 

উত্তৰঃ আমাৰ পৃথিৱীখন চাৰিভাগৰ প্ৰায় তিনিভাগেই পানীয়ে আগুৰি আছে । 

২। জলাশয় কাক বোলে ? 

উত্তৰঃ পুখুৰী , পিতনি , বিল , হ্রদ , সাগৰ , মহাসাগৰ আদি পানীৰে পূৰ্ণ দ ’ ঠাইবোৰক জলাশয় বোলে । 

৩। বৰষুণৰ পানী ক’ত জমা থাকে ? 

উত্তৰঃ বৰষুণৰ পানী সাগৰ , খাল , বিল , নদী , পুখুৰী , হ্রদ আদিত জমা থাকে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top