Class 3 Environment Chapter 3 প্ৰাণীৰ বাসস্থান

Class 3 Environment Chapter 3 প্ৰাণীৰ বাসস্থান, SEBA Chapter 3 প্ৰাণীৰ বাসস্থান Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

প্ৰাণীৰ বাসস্থান

Chapter – 3

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

১। উত্তৰ লিখা :

(ক) তিনিটা পোহনীয়া প্ৰাণীৰ নাম লিখা। 

উত্তৰ : গৰু, ছাগলী, হাঁহ।

(খ) ঘৰ সাজোতে ব্যৱহাৰ কৰা তিনিবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰ : ইটা, বালি, চিমেন্ট। 

(গ) পানীৰ তলৰ গীতত সোমাই থকা দুবিধ মাছৰ নাম লিখা।

উত্তৰ : শিঙি, মাঙৰ।

(ঘ) হাবিৰ মাজত থকা গুহাত বাস কৰা দুবিধ প্ৰাণীৰ নাম লিখা। 

উত্তৰ : বাঘ, সিংহ।

২। খালী ঠাই পূৰ কৰা :

(ক) –––––প্রাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে।

উত্তৰ : পোহনীয়া প্ৰাণীক মানুহে থকা ঠাইৰ ব্যৱস্থা কৰি দিয়ে। 

(খ) পাতসীয়া চৰায়ে ––––– –––––সী বাহ সাজে।

উত্তৰ : পাতসীয়া চৰায়ে গছৰ পাত সী বাহ সাজে। 

(গ) কুলি চৰায়ে নিজে বাহ –––––৷

উত্তৰ : কুলি চৰায়ে নিজে বাহ নাসাজে।

(ঘ) মৌ-মাখিৰ বাহক –––––বোলে।

উত্তৰ : মৌ-মাখিৰ মৌচাক বোলে।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা :

‘ক’‘খ’
বাঘ, সিংহগছৰ খোৰোঙত বাস কৰে
চৰায়ে বাহতমাটিৰে বাহ সাজ
উইপৰুৱা, কুমাৰণীয়েকণী পাৰি পোৱালি জগায়
বাঢ়ৈটোকা চৰায়েগুহাত থাকে

উত্তৰ :

‘ক’‘খ’
বাঘ, সিংহগুহাত থাকে
চৰায়ে বাহতকণী পাৰি পোৱালি জগায়
উইপৰুৱা, কুমাৰণীয়েমাটিৰে বাহ সাজ
বাঢ়ৈটোকা চৰায়েগছৰ খোৰোঙত বাস কৰে

৪। শুদ্ধ বাক্যত ‘✓’ চিন দিয়া :

(ক) সকলো প্রাণীকে ৰ’দ, বৰষুণ আৰু শত্ৰুৰ 

পৰা ৰক্ষা পাবৰ বাবে বাসস্থান লাগে।

উত্তৰ : ✓

(খ) কপৌ চৰায়ে গছৰ গাত খোৰোং কৰি বাস কৰে।

উত্তৰ : X

(গ) টোকোৰা চৰায়ে তামোল, নাৰিকল, আদি গছত বাহ সাজে।

উত্তৰ : ✓

(ঘ) ঘৰৰ ভেঁটি ওখ আৰু ব’দ পৰা হ’ব লাগে। 

উত্তৰ : ✓

(ঙ) কণামুচৰি আৰু মাছৰোকা চৰায়ে সাঁতুৰি ভাল পায় বাবে ইহঁতে নৈ, বিল আদিৰ পাৰত থকা গছত বাহ সাজে। 

উত্তৰ : X

৫। কোন প্রাণী কত থাকে লিখা :

কেঁচু, জেঠী, হৰিণা, কাছ, সাপ

উত্তৰ : কেঁচু – মাটির তলত থাকে। 

জেঠী – ঘৰৰ বেৰত থাকে।

হৰিণা – জোপোহা উদ্ভিদৰ মাজত সোমাই থাকে।

কাছ – পানীত থাকে।

সাপ – গছৰ থোৰোঙত আৰু গীতত থাকে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। (ক) চৰায়ে কিয় বাহ সাজে ?

উত্তৰ : চৰায়ে কণী পাৰিবৰ বাবে আৰু পোৱালি জগাবৰ বাবে বাহ সাজে।

(খ) চৰায়ে কিহেৰে বাহ সাজে ?

উত্তৰ : খেৰ, কুটা, ঘাঁহ, বন, গছৰ সৰু ডাল আৰু শুকান পাত আদিৰে চৰায়ে বাহ সাজে।

(গ) বাঢ়ৈটোকা চৰায়ে ক’ত বাস কৰে ?

উত্তৰ : বাঢ়ৈটোকা চৰায়ে গছৰ গাত খোৰোং কৰি বাস কৰে।

(ঘ) কুলি চৰায়ে কতি পোৱালি জগায় ? 

উত্তৰ : কুলি চৰায়ে কাউৰীৰ বাহত কণী পাৰি পোৱালি জগায় ৷

(ঙ) পানীত থকা দুবিধ প্রাণীৰ নাম লিখা।

উত্তৰ : মাছ, কাছ।

(চ) গাঁতত থকা দুবিধ প্ৰাণীৰ নাম লিখা। 

উত্তৰ : শহাপছ, শিয়াল।

(ছ) হাতী, বনৰীয়া ম’হ আদি ক’ত বাস কৰে ?

উত্তৰ : হাতী, বনৰীয়া মই আদি ঘন হাবিৰ মাজত থাকে ৷

(জ) হাতি কিয় জাকপাতি থাকে ? 

উত্তৰ : শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে জাক পাতি থাকে ৷

(ঝ) মৌ-মাখিয়ে কিহেৰে বাহ সাজে ?

উত্তৰ : মৌ-মাখিয়ে নিজৰ দেহত থকা মমেৰে বাহ সাজে ৷

(ঞ) পাহাৰীয়া আৰু নৈপৰীয়া মানুহে কিয় চাং ঘৰ

সাজে ৷

উত্তৰ : পাহাৰৰ পৰা বাগৰি অহা পানী আৰু বানপানীৰ ৰক্ষা পাবলৈ আৰু বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা হাত সাৰি থাি পৰাৰ কাৰণে পাহাৰীয়া আৰু নৈপৰীয়া মানুহে চাং ঘৰ সাজি থাকে ৷

২। খালী ঠাই পূৰ কৰা :

(ক) কুচিয়া পানীৰ তলৰ –––––সোমাই থাকে।

উত্তৰ : কুচিয়া পানীৰ তলব গাঁতত সোমাই থাকে।

(খ) –––––ওখ ঘাঁহনিৰ মাজত থাকে। 

উত্তৰ : গঁড় ওখ ঘাঁহনিৰ মাজত থাকে।

(গ) কপৌ চৰায়ে গছৰ –––––বাহ সাজে।

উত্তৰ : কপৌ চৰায়ে গছৰ ফেৰেঙনিত বাহ সাজে।

(ঘ) হাঁহ, কুকুৰা –––––প্রাণী।

উত্তৰ : হাঁহ, কুকুৱা পোহনীয়া প্ৰাণী।

(ঙ) কুমাৰণী, উইপৰুৱাই ––––– ৰে বাহ সাজে।

উত্তৰ : কুমাৰণী, উইপৰুৱাই মাটিবে বাহ সাজে।

(চ) ঘৰৰ চৌহদৰ পৰা পানী ওলাই যাবৰ বাবে –––––ব্যবস্থা থাকিব লাগে। 

উত্তৰ : ঘৰৰ চৌহদৰ পৰা পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা থাকিব লাগে।

(ছ) বাঘ, সিংহ –––––থাকে।

উত্তৰ : বাঘ, সিংহ গুহাত থাকে।

(ঝ) কণামুচৰি আৰু মাছৰোকা চৰায়ে বিলৰ –––––থাকে।

উত্তৰ : কণামুচৰি আৰু মাছৰোকা চৰায়ে বিলৰ পাৰত থাকে। 

(ঝ) ঘৰৰ ভেঁটি ওখ আৰু –––––পৰা হ’ব লাগে।

উত্তৰ : ঘৰৰ ভেঁটি ওখ আৰু ৰ’দ পৰা হ’ব লাগে।

(ঞ) চৰায়ে বাহত –––––পোৱালি জগায়।

উত্তৰ : চৰায়ে বাহত কণী পাৰি পোৱালি জগায়।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

‘ক’‘খ’
গৰু, ছাগলীবনৰীয়া প্ৰাণী
কর্পেী চৰায়ে গছৰপোহনীয়া প্রাণী
মৌ-মাখিৰ বাহকফেৰেঙনিত বাহ সাজে
বাঘ, সিংহমৌচাক বোলে

উত্তৰ : 

‘ক’‘খ’
গৰু, ছাগলীপোহনীয়া প্ৰাণী
কর্পেী চৰায়ে গছৰফেৰেঙনিত বাহ সাজে
মৌ-মাখিৰ বাহকমৌচাক বোলে
বাঘ, সিংহবনৰীয়া প্ৰাণী

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) সাপ গাঁতত সোমাই নাথাকে/থাকে।

উত্তৰ : সাপ গাঁতত সোমাই থাকে।

(খ) মৌ-মাখিয়ে ঘৰৰ বেৰত বাহ সাজে/নাসাজে। 

উত্তৰ : মৌ-মাখিয়ে ঘৰৰ বেৰত বাহ সাজে। 

(গ) দিনৰ ভাগত বতাহ সোমাব পৰাকৈ খিৰিকী খুলি ৰাখিব লাগে/নালাগে।

উত্তৰ : দিনৰ ভাগত বতাহ সোমাব পৰাকৈ খিৰিকী খুলি ৰাখিব লাগে।

(ঘ) কুলি চৰায়ে নিজে বাহ সাজে/নাসাজে।

উত্তৰ : কুলি চৰায়ে নিজে বাহ নাসাজে।

(ঙ) নলাৰ পানী বন্ধ হৈ থাকিব লাগে/নালাগে।

উত্তৰ : নলাৰ পানী বন্ধ হৈ থাকিব নালাগে।

(চ) কুকুৰ বনৰীয়া/পোহনীয়া জন্তু।

উত্তৰ : কুকুৰ পোহনীয়া জন্তু।

(ছ) পাৰ পোহনীয়া/বনৰীয়া প্রাণী। 

উত্তৰ : পাৰ পোহনীয়া প্রাণী।

(জ) ভালুক পানীত/গুহাত থাকে।

উত্তৰ : ভালুক গুহাত থাকে। 

(ঝ) ইটা, বালিৰে বাহ/ঘৰ সজা হয়।

উত্তৰ : ইটা, বালিৰে ঘৰ সজা হয়।

(ঞ) ঘঁৰিয়ালে গাঁতত/পানীত থাকে। 

উত্তৰ : ঘঁৰিয়ালে পানীত থাকে।

৪। দহটামান চৰাইৰ নাম লিখা।

উত্তৰ : কাউৰী, পাৰ, কপৌ, শালিকা, ভাটো, ঘনচিৰিকা, বগলী, মাছৰাকা, ফেঁচা আৰু কুলি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top