Class 3 Environment Chapter 17 আমাৰ ৰাজ্যখন আৰু ইয়াৰ জিলাসমূহ

Class 3 Environment Chapter 17 আমাৰ ৰাজ্যখন আৰু ইয়াৰ জিলাসমূহ, SEBA Chapter 17 আমাৰ ৰাজ্যখন আৰু ইয়াৰ জিলাসমূহ Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ ৰাজ্যখন আৰু ইয়াৰ জিলাসমূহ

Chapter – 17

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) তোমাৰ জিলাখনৰ নাম কি?

উত্তৰ : মোৰ জিলাখনৰ নাম নলবাৰী।

(খ) তোমাৰ জিলাখনৰ গাতে লাগি থকা জিলা কেইখনৰ নাম লিখা। 

উত্তৰ : মোৰ জিলাখনৰ গাতে লাগি থকা জিলা কেইখন হ’ল—বৰপেটা, বাক্সা, কামৰূপ জিলা।

(গ) তোমাৰ জিলাৰ মাজেৰে কি কি নৈ উপনৈ বৈ গৈছে। তালিকা প্রস্তুত কৰা।

উত্তৰ : মোৰ জিলাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নৈ বৈ গৈছে আৰু উপনৈবোৰ হৈছে— বুঢ়াদিয়া, পাগলাদিয়া, মৰা পাগলাদিয়া, পুঠিমাৰী, বৰলীয়া আদি। 

(ঘ) তোমাৰ জিলাৰ সীমাত আন কোনো ৰাজ্য আছে নেকি? যদি আছে লিখা।

উত্তৰ : মোৰ জিলাৰ সীমাত আন কোনো ৰাজ্য নাই। 

(ঙ) তোমাৰ জিলাৰ সীমাত আন বিদেশী ৰাষ্ট্ৰ বা দেশ আছে নেকি ? যদি আছে লিখা।

উত্তৰ : মোৰ জিলাৰ সীমাত আন বিদেশী ৰাষ্ট্ৰ বা দেশ নাই।

প্রশ্ন ২। দলগত আলোচনা কৰি নিজৰ জিলাৰ কথাখিনি লিখা।

(ক) জিলাখনৰ সদৰ ঠাইৰ নাম –––নলবাৰী। 

(খ) মহকুমাৰ নাম –––নলবাৰী।

(গ) ডাঙৰ পখুৰীৰ নাম –––(শিক্ষকৰ সহায় লবা) 

(ঘ) প্রধান বিলৰ নাম –––(শিক্ষকৰ সহায় লবা)

(ঙ) সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ নাম যদি আছে –––(শিক্ষকৰ সহায়ত লবা)।

(চ) পাহাৰৰ নাম (যদি আছে) –––(শিক্ষকৰ সহায় লবা)

★নিজৰ নিজৰ অঞ্চলৰ পুখুৰী, বিল, সংরক্ষিত বনাঞ্চল বা অভয়াৰণ্য, পাহাৰ আদিৰ নাম শিক্ষকৰ সহায় লৈ লিখা।

প্রশ্ন ৩। তোমাৰ নিজৰ জিলাখনত থকা উদ্যোগ সমূহত কি কি সামগ্রী উৎপাদিত হয়? দলগতভাবে আলোচনা কৰা। 

উত্তৰ। মোৰ জিলাখনত বাঁহ-বেতৰ উদ্যোগ, হস্ত-তাঁত শিল্প উদ্যোগ আছে। এই উদ্যোগত বিভিন্ন বাঁহ-বেতৰ সঁজুলি তৈয়াৰ কৰা হয়। বিভিন্ন ধৰণৰ কাপোৰ আদি উৎপাদিত হয়। 

প্রশ্ন ৪। পাঠ্যপুথিত থকা অসমৰ মানচিত্ৰখন চাই আমাৰ চাৰিসীমাত কি কি ৰাজ্য আৰু দেশ আছে লিখা। 

উত্তৰ : অসমৰ উত্তৰে–ভূটান দেশ আৰু অৰুণাচল প্রদেশ ৰাজ্য। 

পূর্বে ––অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য। 

দক্ষিণে—নাগালেণ্ড, মেঘালয়, মিজোৰাম ৰাজ্য। 

পশ্চিমে ―পশ্চিমবঙ্গ, মেঘালয়, ত্রিপুৰা ৰাজ্য আক বাংলাদেশ স্বাধীন দেশ বা ৰাষ্ট্ৰ। 

প্রশ্ন ৫। অসমৰ মানচিত্ৰখন আঁকি তলত দিয়াবোৰ বহুওৱা। 

(ক) নিজৰ জিলাখন বিচাৰি উলিয়াই যথাস্থানত জিলাৰ সদৰ বহুওৱা।

(খ) অসমৰ ৰাজধানী যথাস্থানত বহুওৱা। 

(গ) মানচিত্ৰৰ দিশ খালী ঘৰত লিখা।

উত্তৰ :

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। তোমাৰ ৰাজ্যখনৰ নাম কি ? 

উত্তৰ : মোৰ ৰাজ্যখনৰ নাম অসম।

প্রশ্ন ২। অসম ভাৰতৰ, কোন দিশত অৱস্থিত?

উত্তৰ : অসম ভাৰতৰ পূৱ দিশত অৱস্থিত। 

প্রশ্ন ৩। অসমৰ সীমাত থকা দুখন বিদেশী বাষ্ট্ৰৰ নাম লিখা।

উত্তৰ : অসমব সীমাত থকা দুখন বিদেশী বাষ্টু হল— ভূটান আৰু বাংলাদেশ।

প্রশ্ন ৪। অসমৰ পুৰণি নাম কি কি ?

উত্তৰ : অসমৰ পুৰণি নাম প্রাগজ্যোতিষ আৰু কামৰূপ।

প্রশ্ন ৫। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী কি আছিল ?

উত্তৰ : প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল।

প্রশ্ন ৬। অসমৰ ৰাজধানী কি ?

উত্তৰ। অসমৰ ৰাজধানী দিছপুৰ।

প্রশ্ন ৭। কোন দুখন মহাকাব্যত প্রাগজ্যোতিষ আৰু কামৰূপ নাম দুটাৰ উল্লেখ আছে ?

উত্তৰ : মহাভাৰত আৰু ৰামায়ণ মহাকাব্য দুখনত প্ৰাগজ্যোতিষ আৰু কামৰূপ নাম দুটাৰ উল্লেখ আছে।

প্রশ্ন ৮। কামদেৱ কাৰ অভিশাপত ভস্ম হৈছিল ? 

উত্তৰ : কামদেৱ মহাদেৱৰ অভিশাপত ভস্ম হৈছিল।

প্রশ্ন ৯। কামদেৱৰ পত্নীৰ নাম কি আছিল ?

উত্তৰ : কামদেৱৰ পত্নীৰ নাম ৰতি দেবী আছিল।

প্রশ্ন ১০। কাৰ প্ৰাৰ্থনাত মহাদেৱে কামদেৱক পুনৰ জীৱন দান দিছিল ?

উত্তৰ : কামদেৱৰ পত্নী ৰতি দেৱীৰ প্ৰাৰ্থনাত মহাদেৱে কামদেৱক পুনৰ জীৱন দান দিছিল।

প্রশ্ন ১১। আহোম সকল কিমান খ্ৰীষ্টাব্দত অসমলৈ আহিছিল ? 

উত্তৰ : আহোম সকল ১৩ শতিকাত (খ্রীষ্টাব্দত) অসমলৈ আহিছিল।

প্রশ্ন ১২। অসমত বাস কৰা দুটা জনজাতিৰ নাম লিখা। 

উত্তৰ : অসমত বাস কৰা জনজাতি দুটা হল বড়ো আৰু কাৰ্বি।

প্রশ্ন ১৩। তোমালোকৰ অঞ্চলত কি কি ভাষা কোৱা লোক আছে লিখা। 

উত্তৰ : আমাৰ অঞ্চলত বড়ো, অসমীয়া, হিন্দী আদি ভাষা কোৱা লোক আছে।

প্রশ্ন ১৪। অসমৰ দুখন নদীৰ নাম লিখা। 

উত্তৰ : অসমৰ দুখন নদী হল ব্ৰহ্মপুত্ৰ আৰু বৰাক।

প্রশ্ন ১৫। পাহাৰ কাক বোলে ? 

উত্তৰ : শিল, মাটি, গছ-গছনি আদিৰে ভৰা ওথ ঠাইক পাহাৰ বোলে।

প্রশ্ন ১৬। জিলাধিপতিক আৰু কি বুলি কয় ?

উত্তৰ : জিলাধিপতিক উপায়ুক্ত বুলিও কয়।

প্রশ্ন ১৭। অসমত কেইখন জিলা আছে ? 

উত্তৰ : অসমত ২৭ খন জিলা আছে।

প্রশ্ন ১৮। বর্তমান অসমত কিমানটা মহকমা আছে ? 

উত্তৰ : বৰ্তমান অসমত ৫৭টা মহকুমা আছে।

প্রশ্ন ১৯। নলবাৰী জিলাৰ প্ৰধান শিল্প উদ্যোগ দুটাৰ নাম লিখা। 

উত্তৰ : নলবাৰী জিলাৰ প্ৰধান শিল্প উদ্যোগ দুটা হল—বাঁহ-বেত উদ্যোগ আৰু হস্ত-তাঁত শিল্প।

প্রশ্ন ২০। নলবাৰী জিলাৰ প্ৰধান যাতায়াত ব্যবস্থা কি কি ? 

উত্তৰ : নলবাৰী জিলাৰ প্ৰধান যাতায়াত ব্যবস্থা হ’ল ৰেলপথ, অলিবাট আৰু জলপথ।

প্রশ্ন ২১। নলবাৰী জিলাৰ ৫টা উপনৈৰ নাম লিখা।

উত্তৰ : পুঠিমাৰী, বৰলীয়া, বুঢ়াদিয়া, পাগলাদিয়া, মৰা পাগলাদিয়া।

প্রশ্ন ২২। নলবাৰী জিলাৰ প্ৰধান ঠাই ৫ খনৰ নাম লিখা। 

উত্তৰ : নলবাৰী জিলাৰ প্ৰধান ঠাই ৫খন হ’ল – নলবাৰী, চামতা, টিহু, ধর্মধমা, কৈঠালকুছি।

প্রশ্ন ২৩। কামৰূপ নামটো কেনেকৈ উৎপত্তি হৈছিল লিখা। 

উত্তৰ : পুৰণি সাধুমতে এই ঠাইত কামদের নামৰ এজন দেবতা মহাদেৱৰ অভিশাপত ভস্ম হৈছিল। কিন্তু কামদেৱৰ পত্নী ৰতিদেবীৰ প্রার্থনাত সন্তুষ্ট হৈ মহাদেৱে কামদেৱক পুনৰ জীয়াই তুলিছিল আৰু কামদেৱে পুনৰ নিজৰ ৰূপ ঘূৰাই পাইছিল। সেই কাৰণে ঠাইখনৰ নাম কামৰূপ নামে জনাজাত হল।

প্রশ্ন ২৪। অসম নামটো কেনেকৈ হয়—– যিকোনো এটা মতৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ : কিছুমানৰ মতে আমাৰ ৰাজ্যখনৰ উপবিভাগ পর্বত পাহাৰ, নদ-নদী, সমভূমি আদিবে অসমান হৈ থকা বাবে অসম নামটোর উৎপত্তি হোৱা বুলি কয়।

প্রশ্ন ২৫। অসমৰ পশ্চিম দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি ? 

উত্তৰ : অসমৰ পশ্চিম দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম বাংলাদেশ। 

প্রশ্ন ২৬। অসমৰ উত্তৰ দিশত থকা বিদেশী রাষ্ট্রখন কি ?

উত্তৰ : অসমৰ উত্তৰ দিশত থকা বিদেশী ৰাষ্ট্ৰখন ভূটান।

প্রশ্ন ২৭। অসমৰ মুঠ জিলা কেইখন ?

উত্তৰ : অসমৰ মুঠ জিলা ২৭ খন।

প্রশ্ন ২৮। অসমৰ ২৭ খন জিলাৰ নাম লিখা।

উত্তৰ : তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, দৰং, ওদালগুবি, নগাঁও, মৰিগাঁও, কামৰূপ (মহানগৰ), কামৰূপ (গ্রাম্য), নলবাৰী, বৰপেটা, বাক্সা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, কাৰ্বি আংলং, ডিমা হাছাও (আগৰ নাম উত্তৰ কাছাৰ পাৰ্বত্য জিলা), কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top