Class 3 Environment Chapter 18 আজৰি সময়ৰ ব্যৱহাৰ

Class 3 Environment Chapter 18 আজৰি সময়ৰ ব্যৱহাৰ, SEBA Chapter 18 আজৰি সময়ৰ ব্যৱহাৰ Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

আজৰি সময়ৰ ব্যৱহাৰ

Chapter – 18

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম লিখা।

উত্তৰ : ‘বুঢ়ী আইৰ সাধু।

(খ) তুমি ভালপোৱা দুটা খেলৰ নাম লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰ : ফুটবল আৰু কাবাডি ৷

(গ) তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলৰ নাম লিখা।

উত্তৰ : খেলুৱৈ কৃষ্ণ দাস। তেওঁ খেলা খেলখন হ’ল—ক্রিকেট।

(ঘ) তুমি জনা এখন শিশু আলোচনীৰ নাম লিখা।

উত্তৰ : শিশু আলোচনী—‘মৌচাক’।

(ঙ) তুমি খেলা কিছুমান খেলৰ নাম লিখা। 

উত্তৰ : মই খেলা খেল হ’ল—মাৰ্বল, ফুটবল, ক্রিকেট, কেৰম, লুডু, কাবাড়ি আদি।

প্রশ্ন ২। শুদ্ধ উত্তৰটোত ‘✓’ চিন দিয়াঃ

(ক) আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে।

উত্তৰ : ✓

(খ) আজৰি সময়ত কৰা ভ্রমণৰ যোগেদি বহুত কথা শিকিব পাৰি।

উত্তৰ : ✓

(গ) পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি।

উত্তৰ : X

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা :

(ক) সময় ––––ধন।

উত্তৰ : সময় অমূল্য ধন।

(খ) সময়বোৰ অবাবত ––––কৰিব নালাগে।

উত্তৰ : সময়বোৰ অবাবত নষ্ট কৰিব নালাগে।

(গ) বাতৰি কাকত পঢ়ি বহুত ––––জানিব পাৰি।

উত্তৰ : বাতৰি কাকত পঢ়ি বহুত কথা জানিব পাৰি।

(ঘ) নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাচত যি সময় পোৱা যায় সেয়াই হ’ল ––––৷

উত্তৰ : নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাচত যি সময় পোৱা যায় সেয়াই হ’ল আজৰি সময়। 

প্রশ্ন ৪। বাতৰি কাকত, আলোচনী আদি পঢ়িলে কি কি লাভ হয় লিখা ৷

উত্তৰ : বাতৰি কাকত পঢ়িলে অভিজ্ঞতা বাঢ়ে বাতৰি কাকত পঢ়িলে নিজৰ ঠাইৰ লগতে দেশ-বিদেশৰ বিভিন্ন ঘটনাৰ বিষয়ে জানিব পাৰি। ইয়াৰ উপৰি বাতৰি কাকত আৰু আলোচনীত থকা গল্প, প্রবন্ধ, সাধুকথা পঢ়িব পাৰি আৰু বুৰঞ্জী, ভূগোল আদিৰ বিষয়ে জানিব পাৰি।

প্রশ্ন ৫। যোৱা বছৰ স্কুলৰ বার্ষিক খেল-ধেমালিত তুমি কি কি প্রতিযোগিতাত অংশ গ্রহণ কৰিছিল লিখা।

উত্তৰ : মই দৌৰ, লং জাম্প, মনোযোগী থেল প্রতিযোগিতাত অংশ গ্ৰহণ কৰিছিলোঁ।

প্রশ্ন ৬। দলত আলোচনা কৰি তলত দিয়া বিষয় কেইটাক লৈ দুটাকৈ বাক্য লিখা।

(ক) পুথিভঁৰাল। 

(খ) খেল-ধেমালি।

(গ) বাতৰি কাকত। 

উত্তৰ : (ক) পুথিভঁৰাল : পুথিভঁৰালত বিভিন্ন ধৰণৰ কিতাপ আলোচনী আদি থাকে। বিদ্যালয়, মহাবিদ্যালয়ৰ উপৰিও ৰাজহুৱা পুথিভঁৰাল আছে।

(খ) খেল-ধেমালি : খেল-ধেমালিয়ে মনত আনন্দ দিয়ে। খেল ধেমালি কৰিলে স্বাস্থ্য ভালে থাকে।

(গ) বাতৰি কাকত : বাতৰি কাকত পঢ়িলে বহুতো নজনা কথা জানিব পাৰি। বাতৰি কাকত পঢ়িলে নিজৰ দেশৰ লগতে বিভিন্ন দেশৰ ঘটনাবোৰৰ বিষয়ে জানিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। খালী ঠাই পূৰ কৰা :

(ক) আজৰি সময়ত কৰা কামে মনত ––––দিয়ে।

উত্তৰ : আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে।

(খ) কিতাপ আলোচনী আদি পঢ়িলে বহুতো ––––জানিব পাৰি। 

উত্তৰ : কিতাপ আলোচনী আদি পঢ়িলে বহুতো নতুন কথা জানিব পাৰি।

(গ) সময় অমূল্য ––––৷

উত্তৰ : সময় অমূল্য ধন।

(ঘ) খেলা-ধেমালি কৰিলে শৰীৰ ––––হয়।

উত্তৰ : খেলা-ধেমালি কৰিলে শরীর সুস্থ-সবল হয়। 

(ঙ) খেল খেলোতে লগত মিলা-প্রীতি বাঢ়ে।

উত্তৰ : খেল খেলোঁতে লগৰীয়া সকলৰ লগত মিলা-প্রীতি বাঢ়ে।

(চ) ঘৰত নাথাকিলে ––––পৰা কিতাপ আলোচনী আনি পঢ়িব পাৰি।

উত্তৰ : ঘৰত নাথাকিলে পুথিভঁৰালৰ পৰা কিতাপ আলোচনী আনি পঢ়িব পাৰি।

প্রশ্ন ২। আজৰি সময় কাক বোলে ?

উত্তৰ : নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাচত যি সময় পোৱা যায় তাকে আজৰি সময় বোলে।

প্রশ্ন ৩। ৰেডিঅ’ত শিশুসকলৰ কাৰণে প্ৰচাৰ কৰা দুটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰ : ‘অকণিৰ মেল’ আৰু ‘চেমনীয়াৰ চৰা’।

প্রশ্ন ৪। টেলিভিছনত শিশুসকলৰ কাৰণে উপযোগী এটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰ : টেলিভিছনৰ ‘কুইজ’ নামৰ অনুষ্ঠান শিশুসকলৰ কাৰণে উপযোগী এটা অনুষ্ঠান।

প্রশ্ন ৫। আজৰি সময়ত তোমালোকে কি কি কৰি ভাল পোৱা। 

উত্তৰ : আজৰি সময়ত আমি মা-দেউতাকক সহায় কৰি দিও। নিজব বয়বস্তুবোৰ পৰিপার্টি কৰি থওঁ। গছপুলি ৰোপণ কৰোঁ। ফুলনি বাগিছাৰ যত্ন লোৱা আদি কামবোৰ আজৰি সময়ত কৰি ভাল পাওঁ। 

প্রশ্ন ৬। তুমি জনা দুখন অসমীয়া বাতৰি কাকতৰ নাম লিখা।

উত্তৰ : ‘দৈনিক অসম’ আৰু ‘অসমীয়া খবৰ’।

প্রশ্ন ৭। বর্তমান সময়ত খেলা দুবিধ খেলৰ নাম লিখা।

উত্তৰ : বৰ্তমান সময়ত খেলা দুবিধ খেল হল ―টেনিছ, ফুটবল।

প্রশ্ন ৮। খেলাধূলা কৰিলে আমাৰ কি ধৰণৰ উপকাৰ হয় লিখা।

উত্তৰ : খেলাধূলা কৰিলে মনত আনন্দ পোৱা যায়। শৰীৰ সুস্থ সবল হয়। খেলধূলা কৰিলে লগৰীয়া সকলৰ লগত মিলা প্রীতি বাঢ়ে ৷

প্রশ্ন ৯। আজৰি সময়ত কেনেধৰণৰ কিতাপ পঢ়া উচিত ?

উত্তৰ : আজৰি সময়ত সাধুকথা, দেশফুৰাৰ কাহিনী, (ভ্রমণ কাহিনী) আৰু শিশু আলোচনী পঢ়া উচিত। 

প্রশ্ন ১০। কোনবোৰ কামে নতুন নতুন সৃষ্টিৰ গুণটো বঢ়াই তোলে ?

উত্তৰ : কুমাৰ মাটি অথবা পুটিনেৰে পুতলা-মূৰ্ত্তি আৰু অন্যান্য সামগ্ৰী গঢ় দি নতুন সৃষ্টিৰ গুণটো বঢ়াই তোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top