Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে and select needs one.

Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 History Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্নোত্তৰ 

প্রশ্ন ১। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ চমু ইতিহাস ব্যাখ্যা কৰা । 

উত্তৰঃ লর্ড কার্জনৰ বংগ বিভাজনে ভাৰতীয় জনগণৰ মনত যি অসন্তুষ্টিৰ বীজ ৰােপণ কৰিছিল তাৰ ফলতে ভাৰতবৰ্ষত সাম্রাজ্যবাদী আন্দোলন গঢ় লৈ উঠে । সেয়েহে ইংৰাজ চৰকাৰেও এই সন্ত্রাসবাদ প্রতিৰােধ কৰাৰ কিছুমান ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে ৰাওলাট চাহাবৰ নেতৃত্বত এটা আয়ােগ গঠন কৰে । ৰাওলাট বিল সংসদত উত্থাপন কৰাৰ লগে লগে গােটেই ভাৰত ব্যাপী ইয়াৰ প্রতিবাদ আৰম্ভ হয় ।

দিল্লী , আহমেদাবাদৰ লগতে ৰাওলাট আইনৰ ফলত পঞ্জাৱতাে কিছুমান বিক্ষিপ্ত ঘটনা ঘটিবলৈ লয় । চৰকাৰে আফগানিস্তানৰ প্রতি লক্ষ্য ৰাখি পঞ্জাৱৰ প্রতি বিশেষ মনােযােগ দিছিল আৰু প্রতিবাদৰ আশংকা কৰি তাৰ নেতৃস্থানীয় লােক ডা° সত্যপাল আৰু ডা° কিছলুক পঞ্জাৱৰ গৱৰ্ণৰে আটক কৰি গােপন কোনাে এক অজ্ঞাত ঠাইলৈ প্ৰেৰণ কৰে । চৰকাৰৰ এনে কার্যত পঞ্জাৱৰ জনগণ ক্ষুব্ধ হয় আৰু ইয়াৰ প্রতিবাদ জনাবলৈ অমৃত সৰত এক শান্তি সমদল উলিয়ায় । কিন্তু শান্তিপূর্ণভাৱে সমদলত যােগদান কৰা লােকৰ ওপৰত চৰকাৰী সেনাই গুলীচালনা কৰাৰ ফলত কেইবাজনাে লােক নিহত হয় । পৰৱৰ্তী কালৰ যিকোনাে বিক্ষোভৰ পৰা হাত সৰাৰ কাৰণে ১৯১৯ খ্রীৰ মার্চ মাহৰ ১২ তাৰিখে জেনেৰেল ডায়াৰৰ নেতৃত্বত পঞ্জাৱক মিলিটাৰী শাসনৰ অধীনস্থ কৰা হয় । আৰু সেইদিনাই ডায়াৰে সকলাে সভা – সমিতি পতাৰ নিষেধাজ্ঞা বলবৎ কৰে । 

ইতিমধ্যে শান্তিপ্রিয় লােকক গুলীয়াই হত্যা কৰাৰ প্রতিবাদ কৰা উদ্দেশ্যে ১৩ মার্চৰ দিনা এখন প্রতিবাদ সভা আহ্বান কৰে । কিন্তু ১২ তাৰিখৰ নিষেধাজ্ঞা ঘােষণা ভালদৰে প্ৰচাৰ নােহােৱাত ১২ তাৰিখে হ’ব লগা জালিয়ানৱালাবাগৰ সভাত যােগ দিয়াৰ কাৰণে বহু হেজাৰ লােক সমাগম হয় । এনেদৰে বিশাল গণসমাবেশৰ উমান পােৱাৰ লগে লগে জেনেৰেল ডায়াৰে সশস্ত্ৰ কিছুমান সৈন্যৰ সৈতে আহি তাত উপস্থিত হয় । উল্লেখযােগ্য যে এই ঠাইখিনিৰ চাৰিওফালে পকা দেৱালেৰে ঘেৰ আছিল আৰু অহা – যােৱাৰ বাবে মাত্র এটা পথ আছিল । ডায়াৰে সসৈন্যে এই পথটোত অৱস্থান কৰি এবাৰাে সাৱধানবাণী নুশুনােৱাকৈ শান্তিপূর্ণ জনগণৰ ওপৰত অবাধ গুলীবর্ষণ কৰিছিল । এই গুলী চালনাৰ ফলত অসংখ্য মানুহ আহত আৰু নিহত হৈছিল । 

প্রশ্ন ২। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ বৈশিষ্ট্যবোৰ আলােচনা কৰা । 

উত্তৰঃ ১৯৩৫ চনত সন্নিৱিষ্ট ভাৰত চৰকাৰ আইনখন ভাৰতৰ সাংবিধানিক ইতিহাসৰ এক উল্লেখযােগ্য পদক্ষেপ বুলি ক’ব পাৰি । স্বাধীন ভাৰতৰ নতুন সংবিধান বলবৎ নােহােৱা পর্যন্ত এই আইনৰ যােগেদি ভাৰতৰ শাসনভাৰ নিয়ন্ত্রিত হৈছিল । এই আইনখনৰ মুখ্য বৈশিষ্ট্যসমূহ তলত আলােচনা কৰা হল । 

( ক ) এই আইনখনৰ যােগেদি প্রদেশবােৰত দ্বৈত শাসন ব্যৱস্থা তুলি দি তাৰ ঠাইত স্বায়ত্ত শাসন ব্যৱস্থা প্রতিষ্ঠা কৰিছিল । ১৯৩৯ খ্রীঃৰ আইনত প্রদেশবােৰত দ্বৈত সংৰক্ষিত আৰু হস্তান্তৰিত এই দুই ভাগত ভাগ কৰি প্রথম বিষয়ৰ দায়িত্ব জনসাধাৰণে নির্বাচন কৰি দিয়া মন্ত্রীসকলৰ ওপৰত ন্যস্ত কৰা হৈছিল । কিন্তু প্রদেশবােৰত ভাৰত চৰকাৰ আইনে দ্বৈত শাসন ব্যৱস্থা তুলি দি প্রদেশবােৰত স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে । 

( খ ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে ভাৰতৰ সকলােবােৰ দিশতে ব্রিটিছ চৰকাৰৰ প্রাধান্য স্বীকাৰ কৰিছিল । ভাৰতৰ সংবিধান সংশােধন , পৰিৱৰ্তন কৰা দায়িত্বসমূহ ব্রিটিছ পার্সিয়ামেণ্টক ওপৰত ন্যস্ত আছিল । অর্থাৎ এই আইনে বৃটিছ পার্সিয়ামেণ্টৰ সার্বভৌম কর্তৃপক্ষ বুলি স্বীকাৰ কৰি লৈছিল । 

( গ ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে প্রদেশসমূহত দ্বৈত শাসন ব্যৱস্থা তুলি দিছিল যদিও কেন্দ্ৰত দ্বৈত শাসন ব্যৱস্থা কৰিছিল । প্রতিক্ষা , বৈদেশিক পৰিক্ৰমা , ধর্মীয় বিষয়সমূহ  আৰু জনজাতীয় বিষয় — এই চাৰিটা বিষয় গৱৰ্ণৰ জেনেৰেলে তেওঁৰ পৰিষদৰ সদস্যসকলৰ সহায়ত তেওঁৰ নিজা বিচাৰ বুদ্ধিৰে শাসন চলাব পাৰিছিল । বাকীবােৰ কেন্দ্রীয় বিষয় গৱৰ্ণৰ জেনেৰেলে মন্ত্ৰীৰ পৰামর্শতে চলাব লাগিছিল । দেশীয় ৰাজ্য আৰু প্ৰদেশবােৰৰ মাজত সংঘটিত বিবাদ মীমাংসাৰ কাৰণে যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় ব্যৱস্থা কৰা হয় । 

( ঘ ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে গৱৰ্ণৰ জেনেৰেল আৰু প্রাদেশিক গৱৰ্ণৰসকলক বিশেষ দায়িত্ব দিছিল । ইয়াৰ ফলত ভাৰতত গণতান্ত্রিক আৰু দায়িত্বশীল শাসনৰ প্রৱর্তন হােৱাত বাধাৰ সৃষ্টি হয় । 

( ঙ ) প্রশাসনীয় বিষয়সমূহ তিনিটা ভাগত ভাগ কৰা হয় । যিবােৰ বিষয় জাতীয় স্বার্থ নিহিত সিবােৰ কেন্দ্রীয় সূচীত আৰু যিবােৰ স্থানীয় স্বার্থ নিহিত সিবােৰ ৰাজ্যিক সূচীত অন্তর্ভুক্ত কৰা হয় । 

( চ ) এই আইনৰ ফলত ব্রিটিছ সাম্রাজ্যভুক্ত ভাৰতীয় প্রদেশ আৰু দেশীয় ৰাজ্যসমূহক লৈ এখন যুক্তৰাষ্ট্ৰীয় গঠন কৰা হয় । যুক্তৰাষ্ট্ৰত যােগ দিবলৈ বাধ্য আছিল যদিও দেশীয় ৰাজ্যবােৰ যোগ দিবলৈ বাধ্য নাছিল । এই যুক্তৰাষ্ট্ৰত দ্বিসদনীয় বিধানমণ্ডল আছিল । সেয়া হ’ল উচ্চ সদন আৰু নিম্ন সদন । উচ্চ সদনত অসমৰ সংখ্যা হল ২৬০ খন আৰু নিম্ন সদনত ৩৭৫ খুনৰ ব্যৱস্থা কৰা হয় । 

প্রশ্ন ৩। আইন অমান্য আন্দোলনৰ বিষয়ে চমুকৈ উল্লেখ কৰা । 

উত্তৰঃ ভাৰতীয় ৰাজ্যিক সচিবে ছাইমন কমিছন গঠন কৰা সময়ত ভাৰতবাসীক সর্বসন্মত সংবিধানখন ৰচনা কৰাৰ যি প্রত্যাহ্বান জনাইছিল তাৰ ফলত নেহৰু কমিটিয়ে তেনেকুৱা সংবিধান এখন ৰচনা কৰে । ইতিমধ্যে ইংলণ্ডত বনুৱা দলে শাসনভাৰ গ্ৰহণ কৰাত লর্ড আৰউইনে ভাৰতবৰ্ষক অধিক মর্যাদা দিব বুলি ঘােষণা কৰে আৰু আন কিছুমান সুবিধা প্রদানৰ আশ্বাস দিয়ে । কিন্তু কংগ্ৰেছৰ কিছুমান নেতাই গৱৰ্ণৰ জেনেৰেলক প্রত্যক্ষ সাক্ষাৎ কৰি তেওঁৰ পৰা  তেনে কোনাে নিশ্চিত আশ্বাস লাভ কৰিব নােৱাৰিলে । তেতিয়া কংগ্ৰেছৰ নেতৃবর্গই অসন্তুষ্ট হৈ ১৯৩০ খ্রীঃৰ ৩১ ডিচেম্বৰৰ মাজনিশা লাহােৰ অধিবেশনত কংগ্ৰেছে পূর্ণ স্বাধীনতা আৰু আইন অমান্য আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰে । লগতে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিবস হিচাপে পালন কৰাৰাে সিদ্ধান্ত ঘােষণা কৰে । ইতিহাস প্রসিদ্ধ দাণ্ডি যাত্ৰাৰে গান্ধীজীয়ে এই আন্দোলন আৰম্ভ কৰে । 

১৯৩০ খ্রীঃৰ ১২ মাৰ্চৰ দিনা মহাত্মা গান্ধীয়ে নিজে প্রতিষ্ঠা কৰা আহমেদাবাদৰ সৱৰমতি আশ্ৰমৰ পৰা ৭৮ জন সহকর্মীক লৈ আৰব সাগৰৰ পাৰত অৱস্থিত দাণ্ডি নামৰ চহৰলৈ খােজকাঢ়ি যাত্রা কৰে । প্রায় ২৪ দিনত ২৪১ মাইল পথ অতিক্রম কৰি গান্ধীজীয়ে ৬ এপ্রিলৰ দিনা দাণ্ডিত উপস্থিত হয় আৰু সাগৰৰ পানী উতলাই লােণ তৈয়াৰ কৰি এই ব্যৱসায়ত চৰকাৰৰ একচেটিয়া অধিকাৰ খর্ব কৰি লােণ আইন ভংগ কৰে । ইয়াৰ লগে লগে সমগ্র দেশতে আইন অমান্য আন্দোলন আৰম্ভ হয় । 

এই আইন অমান্য আন্দোলনত দেশৰ ল’ৰা বুঢ়া , পুৰুষ – মহিলা সকলােৱে যােগদান কৰিছিল । দেশৰ নেতাসকলে সমুদ্র তীৰৰ নানা ঠাইত লােণ তৈয়াৰ কৰি আইন ভংগ কৰে । লােণ তৈয়াৰ কৰাৰ সুবিধা নথকা ঠাইবােৰত নিষিদ্ধ ৰাজনৈতিক পুস্তিকা বিক্রী , ১৪৪ ধাৰা ভংগ কৰি সভা সমিতি পতাৰ চেষ্টা আৰু বিদেশী সামগ্রী অগ্নিদগ্ধ কৰা আদিবােৰ পালন কৰা হৈছিল । 

গান্ধী – আউইন চুক্তি আৰু আইন অমান্য আন্দোলন প্রত্যাহাৰঃ কংগ্ৰেছৰ অসহযােগৰ ফলত ঘূৰণীয়া মেজমেলৰ অসাৰতালৈ লক্ষ্য ৰাখি চৰকাৰে কংগ্ৰেছৰ লগত আপােচলৈ আহিবলৈ সিদ্ধান্ত লয় । ১৯৩১ খ্রীঃৰ জানুৱাৰী মাহত আটাইবােৰ নিষেধাজ্ঞা তুলি গান্ধীজী প্রমুখ কংগ্ৰেছ নেতৃবর্গক মুক্তি দিয়ে । ইয়াৰ পিছত এক সুদীর্ঘ আলােচনাত মিলিত হয় আৰু শেষত ১৯৩১ খ্রীঃৰ মাৰ্চ মাহত গান্ধী আৰু লৰ্ড আৰউইনে এক চুক্তি সম্পাদন কৰে । এই চুক্তি অনুসৰি আটাইবােৰ দমনমূলক আইন পৰিহাৰ কৰে আৰু হিংসাত্মক কার্যত লিপ্ত থকা বন্দীসকলৰ বাহিৰে বাকী ৰাজনৈতিক বন্দীক মুক্তি কৰি দিয়ে । ইয়াৰ লগে লগে কংগ্ৰেছে আইন অমান্য আন্দোলন বন্ধ কৰি দ্বিতীয় ঘূৰণীয় মেজমেলত অংশগ্রহণ কৰাৰ সিদ্ধান্ত ঘােষণা কৰে । 

প্রশ্ন ৪। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকাৰ বিষয়ে আলােচনা কৰা । অথবা , অসহযােগ আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধীৰ যি বহুমূলীয়া অৱদান সি ভাৰতীয় ইতিহাসৰ এক গৌৰবােজ্জ্বল অধ্যায় । মহাত্মা গান্ধী ১৯১৯ খ্রীঃৰ ভাৰত ৰাজনৈতিক মঞ্চত প্রৱেশ কৰে । ১৯২০ খ্রীঃত লােকমান্য তিলকৰ মৃত্যুৰ পিছত মহাত্মা গান্ধী কংগ্ৰেছৰ অ – প্রতিদ্বন্দী নেতা হিচাপে পৰিগণিত হয় । 

( ক ) মহাত্মা গান্ধী আৰু অসহযােগ আন্দোলন :- ১৯২০ খ্রীঃৰ নাগপুৰ আৰু কলিকতা অধিবেশনত অসহযােগ আন্দোলনৰ সিদ্ধান্ত গৃহীত হয় । হিন্দু – মুছলমানৰ মাজত ঐক্য স্থাপন কৰাৰ কাৰণে গান্ধীজীয়ে খিলাফৎ আন্দোলনৰ প্রতি সমর্থন জনায় । হিন্দু – মুছলমান সকলাে পক্ষৰ পৰা পূর্ণ সমর্থন লাভ কৰাৰ পিছত গান্ধীজীয়ে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে অসহযােগ আন্দোলন আৰম্ভ কৰে । ভাৰতবৰ্ষৰ প্ৰায়বােৰ শ্ৰেণীৰ লােকে অসহযােগ আন্দোলন প্রতি সহাৰি জনায় আৰু গােটেই বছৰটো এই আন্দোলন চলি থাকে । চিত্তৰঞ্জন দাস , মতিলাল নেহৰু , জৱাহৰলাল নেহৰু , লালা লাজপট ৰায় , বল্লভভাই পেটেল , ৰাজেন্দ্র প্রসাদ আদিৰ নিচিনা গণ্যমান্য লােকসকলে ব্যৱসায় আদি ত্যাগ কৰি এই আন্দোলনত প্রত্যক্ষভাৱে অংশগ্রহণ কৰে । ছাত্র – ছাত্রীসকলে স্কুল – কলেজ পৰিহাৰ কৰি আন্দোলনত জঁপিয়াই পৰে । বিদেশী বস্তুৰ পৰিৱর্তে স্বদেশী বস্তুৰ ব্যৱহাৰৰ প্রচলন ঘটে । 

১৯২০ খ্রীঃত নৱেম্বৰ মাহত যি নির্বাচন সংঘটিত হৈছিল তাত প্রায় দুই তৃতীয়াংশ লােকেহে অংশগ্ৰহণৰ পৰা বিৰত থাকে । ইতিমধ্যে ইংৰাজ চৰকাৰে এই অসহযােগ আন্দোলন দমন কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ ওপৰত কঠোৰ নির্যাতন আৰম্ভ কৰে । চৰকাৰৰ এনে নির্যাতন সহিব নােৱাৰি চৌৰাচৌৰি নামে ঠাইত উন্মত্ত জনতাই হিংসাৰ আশ্ৰয় লৈ প্রায় । তেইছজন ইংৰাজ পুলিচক নিধন কৰে । এনেদৰে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত গান্ধীজীয়ে ১৯২২ খ্রীঃৰ ফেব্ৰুৱাৰী মাহত অসহযােগ আন্দোলনৰ কাৰ্যসূচী পৰিহাৰ কৰে । গান্ধীজীৰ এই কার্যত বহুতাে দেশপ্রেমিক ক্ষুন্ন হয় আৰু এই ছেগতে ইংৰাজে মহাত্মা গান্ধীক আটক কৰে । 

( খ ) ১৯৩০ খ্রীঃৰ আইন অমান্য আন্দোলন আৰু গান্ধীজী :- ১৯২৯ খ্রীঃত পূর্ব প্রতিশ্রুতি অনুসৰি ইংৰাজ চৰকাৰে ডমিনেন্ট ষ্টেটাছ’ৰ দাবী পূৰণ নকৰাত গান্ধীজীয়ে পুনৰ অসহযােগ আন্দোলন আৰম্ভ কৰে । ইয়াৰ পিছত তেওঁ লােণ আইন ভংগ কৰাৰ কাৰণে বহুতাে স্বেচ্ছাসেৱকৰ সৈতে গান্ধীজীয়ে দাণ্ডিলৈ যাত্রা কৰে । ইংৰাজ চৰকাৰে এখন অধ্যাদেশৰ জৰিয়তে কংগ্ৰেছক বে – আইনী বুলি ঘােষণা কৰে আৰু এসপ্তাহৰ ভিতৰত কংগ্ৰেছৰ লগত সম্পর্ক থকা সকলােবােৰ লােককে বন্দী কৰে । প্রায় আশীহাজাৰতকৈ অধিক লােকক আটক কৰা হয় । এনেহেন বিপদ সংকুল । পৰিৱেশ সৃষ্টি হােৱাত আৰউইন আৰু গান্ধীজীৰ মাজত এক চুক্তি সম্পাদন হােৱাত কংগ্ৰেছে আইন অমান্য আন্দোলন তুলি লয় । 

( গ ) ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আৰু গান্ধীজী :- মহাত্মা গান্ধীজীয়ে ১৯৪২ চনৰ মে’ত তেওঁৰ হৰিজন’কাকতৰ যােগেদি ইংৰাজৰ ভাৰত ত্যাগ দাবী উত্থাপন কৰে । সেই বছৰে আঠ আগষ্ট তাৰিখে মুম্বাইৰ কংগ্ৰেছ অধিবেশনৰ যােগেদি ভাৰত ত্যাগ ’ প্রস্তাব গৃহীত কৰে আৰু পুনৰাই জনসাধাৰণক ব্যাপক সংগ্রামৰ বাবে আহ্বান জনায় । ৯ আগষ্টৰ কাহিলীপুৱাতে গান্ধীজী প্রমুখ্যে ৱৰ্কিং কমিটীৰ সদস্য সকলক ইংৰাজে গ্রেপ্তাৰ কৰে । ভাৰত ত্যাগ আন্দোলনে গােটেই ভাৰততে বিস্তাৰ লাভ কৰে আৰু লগে লগে হিংসাত্মক ৰূপ ধাৰণ কৰে । ইতিমধ্যে ইয়াক দমনৰ কাৰণে চৰকাৰে পাৰ্যমানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । গান্ধীজীয়ে চৰকাৰৰ অত্যাচাৰ বা আন্দোলন কাৰীসকলৰ হিংসাত্মক কার্যৰ সমর্থক নাছিল । সেইকাৰণে জেলৰ ভিতৰতে গান্ধীজীয়ে ২১ দিনৰ বাবে অনশন আৰম্ভ কৰে । 

( ঘ ) দ্বি – খণ্ডিত ভাৰত আৰু গান্ধীজী :- ১৯৪৪ চনৰ মে ’ মাহত ব্রিটিছ চৰকাৰে গান্ধীজী প্ৰমুখ্যে ৱৰ্কিং কমিটীৰ কেইবা জনাে নেতাক মুকলি কৰি দিয়ে । ইতিমধ্যে দ্বিতীয় বিশ্বযুদ্ধৰ অৱসান ঘটাত ১৯৪৫ চনত ইংলণ্ডৰ সাধাৰণ নির্বাচন অনুষ্ঠিত হয় । এই নির্বাচনত চার্চিল মন্ত্রীসভাৰ পতন ঘটে আৰু লেবাৰ পাৰ্টিৰ নেতা এলিয়ে নতুন চৰকাৰ গঠন কৰে । এইখিনিতে উল্লেখযােগ্য যে লেবাৰ পাৰ্টিৰ ভাৰতৰ স্বাধীনতাৰ বাবে সহানুভূতিশীল আছিল । 

প্রধানমন্ত্রী এটলিয়ে ভাৰতৰ স্বাধীনতা সম্পর্কে মীমাংসা কৰাৰ উদ্দেশ্যে ১৯৪৬ খ্রীঃৰ মার্চ মাহত ভাৰতলৈ কেবিনেট মিছ পঠিয়ায় । কেবিনেট মিছনে কংগ্রেছ আৰু লীগৰ মাজত মতানৈক্য দূৰ ক্ৰাৰ কাৰণে কিছুমান ব্যৱস্থা আগবঢ়ায় । কিন্তু দুয়ােপক্ষ এই প্রস্তাৱত মান্তি নহ’ল । ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্রধানমন্ত্রী এটলিয়ে অৱশেষত ভাৰতবৰ্ষক স্বাধীনতা প্রদান কৰাৰ কথা ঘােষণা কৰে । এই কার্য সম্পন্ন কৰাৰ উদ্দেশ্যে লর্ড মাউন্ট বেটেনক ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি কৰি পঠিয়ায় । মাউন্ট বেটেনে গান্ধী , জিন্না আদি ভাৰতীয় নেতৃস্থানীয় লােকসকলৰ লগত আলােচনাত মিলিত হয় । শেষত তেওঁ ভাৰতবর্ষ দ্বি – খণ্ডিত হ’ব লাগে বুলি আগবঢ়োৱা পৰিকল্পনা মতে পাৰ্লিয়ামেন্টে ১৯৪৭ চনৰ জুলাই মাহত স্বাধীন ভাৰত আইন’গ্রহণ কৰে আৰু সেই চনৰে ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হয় । ভাৰতবর্ষ স্বাধীন হ’ল সঁচা , কিন্তু দ্বি – খণ্ডিত ভাৰতবৰ্ষই গান্ধীজীক সন্তুষ্ট কৰিব নােৱাৰিলে । শেষত ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে এখন প্রার্থনা সভালৈ যােৱাৰ পথত নাথুৰাম গড়ছে নামৰ এজন আততায়ীৰ গুলীত গান্ধীজীয়ে স্বর্গগামী হয় । 

প্রশ্ন ৫। অসহযােগ আন্দোলন এক প্রকাৰ প্রতিবাদ ’ বহলাই লিখা ।

উত্তৰঃ ১৯২০ চনত মহাত্মা গান্ধীয়ে ব্রিটিছ চৰকাৰে কৰা কিছুমান অন্যায় জনক কার্যৰ বিৰুদ্ধে প্রতিবাদ স্বৰূপে অসহযােগ আন্দোলনৰ সিদ্ধান্ত লৈছিল । ভাৰতবাসীৰ প্ৰতি কৰা ন্যায়জনক কার্য হ’ল ৰাওলাট আইন , জালিৱানৱালাবাগৰ হত্যাকাণ্ড , পাঞ্জাৱৰ সামৰিক আইন , খিলাফৎ ঘটনা , স্বৰাজৰ দাবীৰ বিৰুদ্ধে প্রতিবাদ কৰি অহিংসা আৰু অসহযােগ আন্দোলনৰ সিদ্ধান্ত লয় । এই আন্দোলনত ছাত্ৰৰ স্কুল – কলেজ ত্যাগ , কোর্ট – কাছাৰী বর্জন কৰা হৈছিল । এই আন্দোলনে স্বাধীনতা আন্দোলনৰ ৰূপ সলনি কৰি তুলিছিল । 

প্রশ্ন ৬। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ চমু বুৰঞ্জী উল্লেখ কৰা । অথবা , অসমত হােৱা ভাৰত ত্যাগ আন্দোলনৰ ওপৰত এটি চমুটোকা লিখা । বা , ভাৰতীয়সকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীসমূহ কেনেকৈ ৰূপায়িত কৰিছিল ? 

উত্তৰঃ ক্রিছ মিছনৰ বিফলতাই ভাৰতবাসীক বিতুষ্ট কৰি তােলে । ফেচীবাদী বিৰােধী শক্তিসমূহৰ প্রতি সহানুভূতিশীল হৈ থাকিলেও দেশৰ প্রচলিত পৰিস্থিতি ভাৰতীয় জনসাধাৰণৰ কাৰণে অসহনীয় হৈ পৰিল । এনে পৰিস্থিতিত কংগ্ৰেছে ইংৰাজ চৰকাৰক ভাৰতৰ স্বাধীনতাৰ দাবী মানি ল’বলৈ বাধ্য কৰাৰ পৰা এক শক্তিশালী সংগ্রাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে । 

১৯৪২ চনৰ এপ্রিল মাহৰ হৰিজন’নামৰ সাপ্তাহিকীখনৰ এটা প্রবন্ধত গান্ধীজীয়ে ব্রিটিছক ভাৰত ত্যাগ কৰিবলৈ আহ্বান জনায় আৰু ১৫ জুলাইত ৰাধাত বহা কংগ্ৰেছ ৱর্কিং কমিটিৰ বৈঠকত ভাৰত ত্যাগ ’ প্রস্তাৱটো গ্ৰহণ কৰা হয় । 

ইংৰাজ চৰকাৰে যুদ্ধকালীন অৱস্থাত কোনাে আন্দোলন সহ্য কৰিবলৈ সন্মত নহ’ল । সেয়ে ৯ আগষ্টৰ পুৱাই গান্ধী , জৱাহৰলাল , আজাদ আদি বহুর্তে নেতা গ্রেপ্তাৰ কৰিলে । সমগ্র প্রদেশজুৰি এই গ্রেপ্তাৰ অভিযান চলিল । কংগ্ৰেছক বে আইনী বুলি ঘােষণা কৰা হ’ল । চৰকাৰৰ এনে কাৰ্যৰ বাবে সকলো পক্ষৰ লােকে আন্দোলনত অংশগ্রহণ কৰে ই তীব্রৰূপ ধাৰণ কৰে আন্দোলন কাৰীসকল হিংসাত্মক কার্যত লিপ্ত হয় । কিছুমান পুলিচ থানা , ডাকঘৰ , ৰেল লাইন , টেলিগ্রাফ লাইন আদি ধ্বংস কৰা হ’ল । ঠায়ে ঠায়ে ব্রিটিছ শাসনৰ অৱসান ঘটিল আৰু জাতীয় চৰকাৰ প্ৰতিষ্ঠা হ’ল । উত্তৰ প্রদেশ , বিহাৰ , পশ্চিমবংগ , উৰিষ্যা , অন্ধ্রপ্রদেশ , তামিলনাড়ু আৰু মহাৰাষ্ট্রৰ অনেক ঠাইত শাসকসকলে চহৰ আৰু গাৱৰ শাসনভাৰ নিজৰ দখললৈ আনিলে ।এইআন্দোলনে অসমতাে ভয়ানক ৰূপ ধাৰণ কৰিলে ।

ঠায়ে ঠায়ে শান্তি সেনা গঠিত হ’ল আৰু ইয়াৰ সদস্যসকলে আন্দোলনৰ উপৰিও আন জনকল্যাণমূলক কামতাে আত্মনিয়ােগ কৰিলে । পুৰুষ – মহিলা , যুৱক – যুবতী , কিশােৰ – কিশােৰী আদি সকলাে লােকে আন্দোলনত যােগ দিয়ে ।মহম্মদ তৈয়বুল্লা , গােপীনাথ বৰদলৈ , ফখৰুদ্দিন আলী আহমেদ , দেৱেশ্বৰ শৰ্মা , পুষ্পলতা দাস , বিষ্ণুৰাম মেধি আদি সকলাে নেতা নেত্রীক আটক কৰি কাৰাৰুদ্ধ কৰে । পুলিচ মিলিটাৰীয়ে আন্দোলন দমন কৰাৰ নামত জধে – মধে হত্যাকাণ্ডত লিপ্ত হয় । বর্তমানৰ শােণিতপুৰ জিলাৰ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা পুলিচৰ গুলীত নিহত হয়।বৰ পথাৰৰ ৰেল বগৰােৱা মিছ অভিযােগত কুশল কেঁৱৰক ফঁচী দিয়া হ’ল । ১৯৪২ চনৰ গণ আন্দোলনত অসমৰ আন কোৰাকীমান ছহিদ হ’ল— কমলা মিৰি , মুকুন্দ কাকতি , তিলক ডেঙ্কা , মদন ৰাওতা , মদন বর্মন , ওটা কঘৰী, মংগল কুৰ্মী , ঠগীৰাম সূত , লেৰেলা কছাৰী , তিলেশ্বৰ কোচ , হেমকান্ত বনিয়া , গুণাভিৰাম বৰদলৈ , ভােগেশ্বৰী ফুকননী আদি লােকসকল ।

মহাত্মা গান্ধীয়ে আন্দোলন কাৰীৰ হিংসাত্মক কার্য অথবা চৰকাৰৰ অত্যাচাৰ কোনােটোৱে সমর্থন কৰা নাছিল । সেয়েহে তেওঁ জেলৰ ভিতৰতে ২১ দিনৰ কাৰণে অনশন আৰম্ভ কৰে । শেষত কঠোৰ হাতেৰে চৰকাৰে এই আন্দোলন দমন কৰে । তথাপিও ১৯৪২ চনৰ গণবিপ্লৱে সম্পূৰ্ণৰূপে কৃতকার্য হ’ব নােৱাৰিলে যদিও ই ভাৰতবাসীৰ জাতীয়তাবাদী মনােভাৱ গঢ়ি তুলিছিল আৰু স্বাধীনতাৰ কাৰণে সর্বোচ্চ ত্যাগ কৰি অতুলনীয় মানসিক দৃঢ়তা আৰু ক্ষমতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top