Class 12 Chemistry MCQ Chapter 2 বিদ্যুৎ ৰসায়ন

Class 12 Chemistry MCQ Chapter 2 বিদ্যুৎ ৰসায়ন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 2 বিদ্যুৎ ৰসায়ন and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 2 বিদ্যুৎ ৰসায়ন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 2

MCQ

১। তলত দিয়া অর্ধ বিক্রিয়া দুটাৰ E⁰-ৰ মান হ’ল—

Zn → Zn²⁺ + 2e, E⁰ = + 0.76V

Fe → Fe²⁺ + 2e, E⁰ = + 0.41V

গতিকে, Fe²⁺ +Zn → Zn²⁺ + Fe কোষ বিক্ৰিয়াটোৰ emf হ’ব—

(ক) – 0.35V 

(খ) + 0.35V

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) + 1.17V

(ঘ) – 1.17V

উত্তৰঃ (খ) + 0.35V

২। তিনিটা ধাতৱ কেটায়ন X, Y, Z-ৰ প্ৰমাণ বিজাৰণ বিভৱবোৰ ক্ৰমে 0.52, -3.03 আৰু -1.18V, অনুৰূপ ধাতুসমূহৰ বিজাৰণ ক্ষমতাৰ ক্ৰমটো হ’ল—

(ক) Y > Z > X

(খ) X > Y > Z

(গ) Z > Y > X

(ঘ) Z > X > Y

উত্তৰঃ (ক) Y > Z > X

৩। বিদ্যুৎ ৰাসায়নিক কোষ এটাই কিছু সময়ৰ পাচত কাৰ্য কৰা বন্ধ কৰে; কাৰণ—

(ক) দুয়োখন বিদ্যুৎ দ্বাৰৰ বিদ্যুৎ বিভৱ শূন্য হয়।

(খ) দুয়োখন বিদ্যুৎ দ্বাৰৰ বিদ্যুৎ বিভৱ সমান হয়।

(গ) বিক্রিয়াই বিপৰীতফালে ক্রিয়া কৰে।

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (খ) দুয়োখন বিদ্যুৎ দ্বাৰৰ বিদ্যুৎ বিভৱ সমান হয়।

৪। এটা অর্ধ কোষৰ বিদ্যুৎ বিভৱ নিৰ্ভৰ কৰে—

(ক) ধাতুৰ প্ৰকৃতি।

(খ) দ্রৱত ধাতৱ আয়নৰ গাঢ়তা।

(গ) উষ্ণতা।

(ঘ) সকলোকেইটা।

উত্তৰঃ (ঘ) সকলোকেইটা।

৫। বিদ্যুৎ দ্বাৰৰ বিজাৰণ বিভৱ—

(ক) আয়নৰ গাঢ়তা বাঢ়িলে বৃদ্ধি হয়।

(খ) আয়নৰ গাঢ়তা বাঢ়িলে হ্রাস হয়।

(গ) আয়নৰ গাঢ়তা বাঢ়িলে কোনো পৰিৱৰ্তন নহয়।

(ঘ) উষ্ণতা বাঢ়িলে বৃদ্ধি হয়।

উত্তৰঃ (ক) আয়নৰ গাঢ়তা বাঢ়িলে বৃদ্ধি হয়।

৬। তলত দিয়া দ্ৰৱসমূহৰ পৰিবাহিতা সর্বোচ্চ হ’ব?

(ক) 0.1M CH₃COOH

(খ) 0.1M NaCl

(গ) 0.1M KNO₃

(ঘ) 0.1MHCI

উত্তৰঃ (ঘ) 0.1MHCI

৭। তলত দিয়াসমূহৰ কোনটো পৰিবাহিতাৰ একক?

(ক) Ohm cm

(খ) Siemens (s)

(গ) S cm

(ঘ) S cm⁻¹

উত্তৰঃ (ঘ) S cm⁻¹

৮। তলত দিয়াসমূহৰ কোনটো কোষ ধ্ৰুৱকৰ একক?

(ক) Ω⁻¹

(খ) Ω⁻¹ cm⁻¹

(গ) cm⁻¹

(ঘ) Ωcm

উত্তৰঃ (গ) cm⁻¹

৯। যদি x দ্ৰৱৰ বিশিষ্ট পৰিবাহিতা আৰু N দ্ৰৱৰ নৰ্মেলিটি হয়, তেন্তে দ্ৰৱৰ তুল্যাংক পৰিবাহিতা হ’ব—

(ক) 1000x/N

(খ) 1000/Nx

(গ) 1000N/x

(ঘ) Nx/1000

উত্তৰঃ (খ) 1000/Nx

১০। বিদ্যুৎ বিশ্লেষ্যৰ বিশিষ্ট পৰিবাহিতা হ’ল—

(ক) প্রতি ঘন চে.মি.-ত থকা 1 গ্রাম বিদ্যুৎ বিশ্লেষ্যৰ পৰিবাহিতা।

(খ) এক ঘন চে/মি/-ত থকা বিদ্যুৎ বিশ্লেষৰ দ্ৰৱৰ পৰিবাহিতা।

(গ) ৰোধৰ বিপৰীত।

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (খ) এক ঘন চে/মি/-ত থকা বিদ্যুৎ বিশ্লেষৰ দ্ৰৱৰ পৰিবাহিতা।

১১। Zn/Zn²⁺ (1.0M) || Cd²⁺ (1.0M) | Cd কোষটোৰ তলত দিয়াসমূহৰ কোনটোৱে কোষ বিক্রিয়া নিৰ্দেশ কৰে?

(ক) Cd → Cd²⁺ + 2e⁻

(খ) Zn²⁺ → Zn – 2e⁻

(গ) Cd + Zn²⁺ → Zn + Cd²

(ঘ) Zn + Cd²⁺ → Zn²⁺ + Cd

উত্তৰঃ (ঘ) Zn + Cd²⁺ → Zn²⁺ + Cd

১২।

কোষটোত KCI-ক কোষটোৰ লৱণ সেতু হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি; কাৰণ,

(ক) CuCl₂-ৰ অধঃক্ষেপ পৰে।

(খ) Cl₂ গেছ নির্গত হয়।

(গ) AgCl-ৰ অধঃক্ষেপ পৰে।

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (গ) AgCl-ৰ অধঃক্ষেপ পৰে।

১৩। গেলভেনীয় কোষ এটাত সংঘটিত হোৱা বিক্রিয়াটো স্বতঃস্ফূর্ত হ’লে—

(ক) E⁰ ঋণাত্মক হ’ব।

(খ) ∆G ধনাত্মক হ’ব।

(গ) emf ধনাত্মক হ’ব।

(ঘ) (G + E⁰) ধনাত্মক হ’ব।

উত্তৰঃ (গ) emf ধনাত্মক হ’ব।

১৪। তলত দিয়াসমূহৰ কোনটো লেখে এচিটিক এচিডৰ λₘ আৰু গাঢ়তাৰ পৰিৱৰ্তন নির্দেশ কৰে?

(ক) 

(খ) 

(গ) 

(ঘ) 

উত্তৰঃ (গ) 

১৫। যিংকৰ দণ্ড এডাল কপাৰ ছালফেট দ্ৰৱত ডুবালে—

(ক) দ্ৰৱৰ উষ্ণতা বৃদ্ধি হয়।

(খ) দ্ৰৱৰ উষ্ণতা হ্রাস হয়।

(গ) দ্ৰৱৰ উষ্ণতাৰ পৰিৱৰ্তন নহয়।

(ঘ) যিংকৰ দণ্ডত কপাৰ জমা হ’ব আৰু ফলত ভৰ বৃদ্ধি হ’ব।

উত্তৰঃ (ক) দ্ৰৱৰ উষ্ণতা বৃদ্ধি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top