Class 12 Chemistry MCQ Chapter 1 দ্ৰৱ

Class 12 Chemistry MCQ Chapter 1 দ্ৰৱ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 1 দ্ৰৱ and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 1 দ্ৰৱ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 1

MCQ

১। কণীৰ বহিঃকোষটো প্রথমে HCI-ত ডুবাই পিচত NaCl-ৰ গাঢ় দ্ৰৱত ডুবালে, তলৰ কোনটো পৰিঘটনা ঘটে?

(ক) কণীটো ফুলি উঠে।

(খ) কণীটোৰ একোৱে নহয়।

(গ) কণীটো সংকুচিত হয়।

(ঘ) কণীৰ ভিতৰভাগ নিমখীয়া হয়।

উত্তৰঃ (খ) কণীটোৰ একোৱে নহয়।

২। উদ্ভিদ কোষ এটা সংকুচিত হয়, যেতিয়া ইয়াক—

(ক) হাইপ’ট’নিক দ্রৱত।

(খ) হাইপাৰট’নিক দ্রৱত।

(গ) HCl-ত।

(ঘ) পানীত থোৱা হয়।

উত্তৰঃ (খ) হাইপাৰট’নিক দ্রৱত।

৩। তলত দিয়া জলীয় দ্ৰৱসমূহৰ কোনটোৰ নিম্ন হিমাংক হ’ব?

(ক) 0.1m গ্লুক’জ (C₆H₁₂O₆)।

(খ) 0.1m NaCl.

(গ) 0.1m ছুত্রু’জ (C₁₂H₂₂O₁₁)।

(ঘ) 0.1m BaCl₂.

উত্তৰঃ (ঘ) 0.1m BaCl₂.

৪। তলত দিয়া দ্রৱসমূহৰ বায়ুমণ্ডলীয় চাপত কোনটো দ্ৰৱৰ উচ্চ উতলাংক হ’ব?

(ক) 0.1M FeCl₃.

(খ) 0.1M BaCl₂.

(গ) 0.1M NaCl.

(ঘ) 0.1m Urea.

উত্তৰঃ (ক) 0.1M FeCl₃.

৫। তলত দিয়াসমূহৰ কোনটো সংখ্যাগত ধর্ম?

(ক) পৃষ্ঠটান।

(খ) (viscosity) সান্দ্রতা।

(গ) ৰসাকর্ষী চাপ।

(ঘ) উতলাংক।

উত্তৰঃ (গ) ৰসাকর্ষী চাপ।

৬। শীতপ্রধান দেশত, শীতকালত মটৰগাড়ীৰ ৰেডিয়েটৰত পানীৰ সৈতে ইথিলিন গ্লাইক’ল যোগ কৰা হয়। ইয়াৰ ফলত—

(ক) হিমাংক কমি যায়।

(খ) সান্দ্রতা কমি যায়।

(গ) আপেক্ষিক তাপ কমি যায়।

(ঘ) পানী বিদ্যুতৰ সুষম পৰিবাহী হয়।

উত্তৰঃ (ক) হিমাংক কমি যায়।

৭। তৰলত গেছীয় পদাৰ্থৰ দ্ৰৱণীয়তা—

(ক) উষ্ণতা বৃদ্ধিৰ।

(খ) গেছৰ চাপ হ্রাস মানৰ।

(গ) উষ্ণতা হ্রাস মানৰ।

(ঘ) তৰলৰ পৰিমাণৰ লগে লগে বৃদ্ধি পায়।

উত্তৰঃ (গ) উষ্ণতা হ্রাস মানৰ।

৮। পানীত চেনিৰ দ্ৰৱত—

(ক) মুক্ত পৰমাণু থাকে।

(খ) মুক্ত আয়ন থাকে।

(গ) মুক্ত অণু থাকে।

(ঘ) মুক্ত অণু আৰু পৰমাণু থাকে।

উত্তৰঃ (গ) মুক্ত অণু থাকে।

৯। পানীৰপৰা প্রলম্বিত আৰু কলয়ডীয় অশুদ্ধি আঁতৰাবৰ বাবে যোগ কৰিবলগীয়া বহিঃক্ষেপকটো হ’ল—

(ক) ZnCl₂

(খ) CuSO₄

(গ) ব্লিচিং পাউডাৰ।

(ঘ) Al₂(SO₄)₃

উত্তৰঃ (ঘ) Al₂(SO₄)

১০। ওখ ঠাইত পানীৰ উতলাংক কমিব, কাৰণ—

(ক) উষ্ণতা কম।

(খ) বায়ুমণ্ডলীয় চাপ বেছি।

(গ) বায়ুমণ্ডলীয় চাপ কম।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) বায়ুমণ্ডলীয় চাপ কম।

১১। প্ৰেছাৰ কুকাৰ এটাই বন্ধনৰ সময় কমাই দিয়ে, কাৰণ—

(ক) কুকাৰৰ ভিতৰত পানীৰ উতলাংক বাঢ়ে।

(খ) তাপ সমভাৱে বিস্তাৰিত হয়।

(গ) উচ্চ চাপে খাদ্যদ্রব্যক সংকুচিত কৰে।

(ঘ) দীঘল জুইৰ শিখা ব্যৱহাৰ কৰা হয়।

উত্তৰঃ (ক) কুকাৰৰ ভিতৰত পানীৰ উতলাংক বাঢ়ে।

১২। তলত দিয়া ধৰ্মবোৰৰ কোনটো একমাত্র দ্রাব্যৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে?

(ক) উতলাংকৰ উন্নয়ন।

(খ) বাষ্পীয় চাপৰ অৱনমন।

(গ) হিমাংকৰ অৱনমন।

(ঘ) ৰসাকর্ষী চাপ।

উত্তৰঃ (খ) বাষ্পীয় চাপৰ অৱনমন।

১৩। উষ্ণতা বৃদ্ধিত দ্রাব্যতা কমি যোৱা দ্ৰৱটো হ’ল—

(ক) NH₄CI.

(খ) KNO₃.

(গ) Cal₂.

(ঘ) Li₂SO₄.

উত্তৰঃ (ঘ) Li₂SO₄.

১৪। যেতিয়া আম এটা পনীয়া হাইড্র’ক্ল’ৰিক এচিডৰ জলীয় দ্রৱত থোৱা হয় ই—

(ক) সংকুচিত হয়।

(খ) ফুলি যায়।

(গ) ফুটি যায়।

(ঘ) একো নঘটে।

উত্তৰঃ (খ) ফুলি যায়।

১৫। সমৰসাকর্ষী দ্ৰৱৰ—

(ক) উতলাংক একে।

(খ) বাষ্পীয় চাপ একে।

(গ) গলনাংক একে।

(ঘ) ৰসাকর্ষী চাপ একে।

উত্তৰঃ (ঘ) ৰসাকর্ষী চাপ একে।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top