Class 12 Chemistry MCQ Chapter 3 ৰাসায়নিক গতিবিজ্ঞান

Class 12 Chemistry MCQ Chapter 3 ৰাসায়নিক গতিবিজ্ঞান Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Chemistry MCQ Chapter 3 ৰাসায়নিক গতিবিজ্ঞান and select need one. AHSEC Class 12 Chemistry Objective Type Solutions in Assamese As Per AHSEC New Book Syllabus Download PDF. AHSEC Chemistry MCQ Class 12.

Class 12 Chemistry MCQ Chapter 3 ৰাসায়নিক গতিবিজ্ঞান

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 Chemistry Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 Chemistry MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 3

MCQ

১। তাপবর্জী বিক্ৰিয়াৰ সক্রিয়ন শক্তি—

(ক) শূন্য।

(খ) ঋণাত্মক।

(গ) ধনাত্মক।

(ঘ) ধাৰণা কৰিব নোৱাৰি।

উত্তৰঃ (গ) ধনাত্মক।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। বিক্ৰিয়াৰ সক্রিয়ন শক্তি হ’ল—

(ক) প্ৰাৰম্ভিক শক্তি + বিক্রিয়কৰ শক্তি।

(খ) প্ৰাৰম্ভিক শক্তি বিক্রিয়কৰ শক্তি।

(গ) বিক্ৰিয়াটোৰ প্ৰাৰম্ভিক শক্তি।

(ঘ) প্ৰাৰম্ভিক শক্তি বিক্রিয়াজাত পদাৰ্থৰ শক্তি।

উত্তৰঃ (খ) প্ৰাৰম্ভিক শক্তি বিক্রিয়কৰ শক্তি।

৩। তলত দিয়াসমূহৰ কোনটো নির্ণয় কৰিবলৈ লেখ কাগজত logK-ৰ বিপৰীতে 1/T বহুওৱা হয়?

(ক) সক্রিয়ন শক্তি।

(খ) বিক্ৰিয়াৰ হাৰ।

(গ) বিক্ৰিয়াৰ ক্ৰম।

(ঘ) সক্রিয়ন শক্তি আৰু কম্পনাংক গুণক।

উত্তৰঃ (ঘ) সক্রিয়ন শক্তি আৰু কম্পনাংক গুণক।

৪। ষ্ট্ৰেট’স্ফিয়াৰৰ অযন স্তৰটো ধ্বংস কৰা পদাৰ্থটো হ’ল—

(ক) CO₂

(খ) CFC

(গ) O₂²⁻

(ঘ) CH₄

উত্তৰঃ (খ) CFC

৫। A + 2B → বিক্রিয়াজাত পদার্থ

বিক্ৰিয়াটোৰ গতি সমীকৰণটো হ’ল -d [A]/dt = K [A] [B]²

যদি B-ৰ গাঢ়তা যথেষ্ট বেছি হয়, তেনেহ’লে বিক্রিয়াটো হ’ব—

(ক) শূন্য ক্ৰমৰ।

(খ) প্রথম ক্ৰমৰ।

(গ) দ্বিতীয় ক্ৰমৰ।

(ঘ) তৃতীয় ক্ৰমৰ।

উত্তৰঃ (ঘ) তৃতীয় ক্ৰমৰ।

৬। বিক্রিয়া এটাৰ আণৱিকতা হ’ব নোৱৰা মান,

(ক) 1

(খ) 2

(গ) 1.5

(ঘ) 3

উত্তৰঃ (গ) 1.5

৭। বিক্রিয়া এটাৰ হাৰ—

(ক) উষ্ণতা বৃদ্ধি কৰিলে বাঢ়ে।

(খ) উষ্ণতা বৃদ্ধি কৰিলে কমে।

(গ) উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে।

(ঘ) গাঢ়তাৰ ওপৰত নিৰ্ভৰ নকৰে।

উত্তৰঃ (ক) উষ্ণতা বৃদ্ধি কৰিলে বাঢ়ে।

৮। তলত দিয়াসমূহৰ কোনটো বিক্রিয়া এটাৰ ক্ৰমৰ বাবে শুদ্ধ?

(ক) গতি সমীকৰণত থকা বিক্ৰিয়কৰ গাঢ়তা পদৰ ঘাতসমূহৰ সমষ্টি।

(খ) ই সদায় গোটা সংখ্যা।

(গ) ই কেতিয়াও শূন্য নহয়।

(ঘ) ইয়াক নিৰ্ণয় কৰিব নোৱাৰি।

উত্তৰঃ (ক) গতি সমীকৰণত থকা বিক্ৰিয়কৰ গাঢ়তা পদৰ ঘাতসমূহৰ সমষ্টি।

৯। 2A + 3B → 2C বিক্ৰিয়াটোৰ বাবে বিক্রিয়া হাৰ হ’ল, dx/dt = k [A] [B]² বিক্ৰিয়াটোৰ ক্ৰম হ’ল—

(ক) 1

(খ) 2

(গ) 3

(ঘ) 5

উত্তৰঃ (গ) 3

১০। 

বিক্ৰিয়াটোৰ গতিবেগ হ’ল, dx/dt = K [Acetone] [H⁺] আয়’ডিনৰ সাপেক্ষে বিক্ৰিয়াটোৰ ক্ৰম হ’ল—

(ক) 0

(খ) 1

(গ) 2

(ঘ) 3

উত্তৰঃ (ক) 0

১১। বিক্রিয়া এটাৰ গতিবেগ সলনি হ’ব যেতিয়া,

(ক) অনুঘটক যোগ কৰা হয়।

(খ) বিক্ৰিয়কৰ গাঢ়তা সলনি কৰা হয়।

(গ) উষ্ণতা সলনি কৰা হয়।

(ঘ) চাপ সলনি কৰা হয়।

উত্তৰঃ (গ) উষ্ণতা সলনি কৰা হয়।

১২। এচিটেলডিহাইডৰ বিয়োজন বিক্রিয়াৰ ক্ৰম হ’ল—

(ক) 1

(খ) 2

(গ) 1.5

(ঘ) 2.5

উত্তৰঃ (গ) 1.5

১৩। শূন্য ক্রমৰ বিক্রিয়ার গতিবেগ তলত দিয়া কোনটোৰ ওপৰত নিৰ্ভৰ নকৰে?

(ক) বিক্রিয়াটোৰ উষ্ণতা।

(খ) পোহৰৰ উপস্থিতি।

(গ) বিক্রিয়কৰ গাঢ়তা।

(ঘ) বিক্রিয়া ঘটা পাত্ৰৰ ওপৰত।

উত্তৰঃ (গ) বিক্রিয়কৰ গাঢ়তা।

১৪। শূন্য ক্রমৰ বিক্ৰিয়াৰ গতিধ্ৰুৱকৰ একক হ’ল—

(ক) লিটাৰ ছেকেণ্ড⁻¹।

(খ) লিটাৰ ম’ল’⁻¹ ছেকেণ্ড⁻¹।

(গ) ম’ল লিটাৰ⁻¹ ছেকেণ্ড⁻¹।

(ঘ) ম’ল ছেকেণ্ড⁻¹।

উত্তৰঃ (গ) ম’ল লিটাৰ⁻¹ ছেকেণ্ড⁻¹।

১৫। বিক্রিয়া এটাৰ গতিবেগ আৰু গতিধ্ৰুৱকৰ একক একে হ’লে বিক্রিয়াটো হ’ব—

(ক) শূন্য ক্রমৰ।

(খ) প্রথম ক্রমৰ।

(গ) দ্বিতীয় ক্ৰমৰ।

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (ক) শূন্য ক্রমৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top