Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ

Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ and select needs one.

Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ Solutions for All Subject, You can practice these here…

ঝ) ” যেন যিটো যোগীৰ নুগুচৈ কাম কষ্ট ।

        বিষয়ক পাইলে পুনৰপি হৱৈ ভ্ৰষ্ট ।।” 

উত্তৰঃ- উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ নামৰ কাব্যাংশৰ অন্তৰ্গত ।

বৰ্ষা কালৰ বৰ্ণনা দিবলৈ যাওঁতে বিভিন্ন উপমা প্রয়োগ কৰি এনেদৰে উল্লেখ কৰিছে । বাৰিষাৰ ঘনঘোৰ দিনবোৰত ধাৰাষাৰে হোৱা বৰষুণৰ ফলত নদ নদীবোৰ ফেনে ফুটুকাৰে উপচি পৰে । নদ নদী মিলি সাগৰ সদৃশ সংগম স্থলত বিপুল ঢৌ আৰু সোঁতৰ সৃষ্টি কৰে । নাদিবোৰৰ এনে প্লাৱন প্ৰয়াসী ৰূপৰ পৰা এনেহে অনুভৱ হয় যেন তপস্যাৰত কোনো যোগীয়ে বিষয় বাসনাতে আবদ্ধ হৈ পৰে । বৰ্ষাৰ পূৰ্বৰ শান্ত সৌম্য নদীক কবিয়ে তপস্যাৰত যোগীৰ লগত আৰু বৰ্ষাৰ বাৰিধাৰাৰে প্লাৱিত নদ নদীক যোগীৰ বিষয় বাসনাত মত্ত অৱস্থাৰ লগত তুলনা কৰিছে ।

২২) শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু সাহিত্য কৃতিৰ বিশদ পৰিচয় দি এটি আলোচনা কৰা ।

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱ অসমৰ যুগান্তকাৰী মহাপুৰুষ । অসমৰ ধৰ্ম , সমাজ, সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱে যি অৱদান দি গল তাৰ তুলনা পাবলৈ বিৰল । তেওঁ আছিল একাধাৰে কবি, সমাজ সংস্কাৰক , ধৰ্ম প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত । বহু দেৱতাৰ ঠাইত এক দেৱতাৰ উপাসনাৰ প্ৰৱৰ্তন আৰু নানা ধৰ্মমতৰ সলনি সৰল, বিশুদ্ধ ভাগৱতী ধৰ্ম মাতবাদ স্থাপন কৰাৰ উদ্দেশ্যে তেওঁ সংস্কৃত বৈষ্ণৱ গ্ৰন্থৰাজিক অৱলম্বন কৰি জনসাধাৰণৰ ভাষাত কাব্য নাটক গীত আদি ৰচনা কৰি অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰে।

শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাত । বাল্য কালৰে পৰাই তেওঁ অসাধাৰণ মেধাৰ পৰিচয় দি মহেন্দ্ৰ কন্দলিৰ টোলত শিক্ষা সাং কৰে । শিক্ষা সমাপ্ত কৰি সূৰ্যৱতী নামৰ কন্যাৰ পানিগ্ৰহন কৰি গৃহাশ্ৰম ধৰ্ম পালন কৰে । কিন্তু এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত সূৰ্যৱতীৰ মৃত্যু হোৱাত তেওঁৰ বৈৰাগ্য উপজি বাৰ বছৰ ধৰি ভাৰতৰ বিভিন্ন তীৰ্থ পৰ্যটন কৰে । তীৰ্থৰ পৰা ঘূৰি আহি জ্ঞাতিসকলৰ অনুৰোধ এৰাব নোৱাৰি তেওঁ দ্বিতীয়বাৰ বিবাহ কৰে । তাৰ পিছতে তেওঁ নামঘৰ মণিকূট স্থাপন কৰি ভক্তি ধৰ্মৰ পাতনি মেলে। প্ৰথম অৱস্থাত ভক্তিধৰ্ম প্ৰচাৰত সমাজৰ প্ৰতিক্ৰিয়াশীল আৰু গোড়া লোকসকলৰ পৰা তেওঁ যথেষ্ট বাধাৰ সন্মুখীন হৈছিল । তেতিয়াই তেওঁ ‘ চিহ্নযাত্ৰা ‘ অভিনয় কৰি সকলো শ্ৰেণীৰ লোকক ভক্তিধৰ্মলৈ আকৃষ্ট কৰবলৈ সক্ষম হয় । 

ষোড়শ  শতিকাৰ দ্বিতীয় দশকমানত কছাৰীৰ উপদ্ৰব্যৰ বাবে তেওঁ উত্তৰপাৰে গাংমৌ আৰু ধুৱাহাটা বেলগুড়িত বসতি কৰিবলৈ লয় । ইয়াতেই মাধৱদেৱৰ লগত  তেওঁৰ মিলন হয় আৰু ইয়েই অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী অভ্যূত্থানৰ সূচনা কৰে । কিছুদিন তাত থকাৰ পিছত আহোম ৰজাৰ অত্যচাৰৰ বাবে তেওঁ ভটিয়াই আহি কামৰূপৰ পাঠবাউসীত সত্ৰ পাতে । ইয়াৰে পৰাই তেওঁ মাধৱদেৱৰ সৈতে দ্বিতীয়বাৰ তীৰ্থলৈ যায় । তীৰ্থ ভ্ৰমণৰ পৰা আহি পুনৰ ধৰ্ম প্ৰচাৰত মনোনিবেশ কৰে । এই সময়তে খল সূচকবিলাকে  তেওঁৰ বিৰুদ্ধে কোচ ৰজা মহাৰাজ নৰণাৰায়নক লগায় । সেই সময়ত কামৰূপ কোচ ৰজা সকলৰ অধীনত আছিল  । পিছে ৰজা নাৰণাৰায়নে শংকৰদেৱৰ প্ৰকৃত পৰিচয় পাই সন্মানেৰে ভেলা মধুপুৰত সত্ৰ পাতি দি ধৰ্ম প্ৰচাৰৰ সুবিধা কৰি দিয়ে । এই সত্ৰতে প্ৰায় ছকুৰি বছৰ বয়সত ১৫৬৮ খ্ৰীষ্টাব্দত মহাপুৰুষগৰাকীয়ে ইহলীলা সম্বৰণ কৰে । 

শঙ্কৰদেৱৰ সাহিত্যিক অৱদান : – ধৰ্ম প্ৰচাৰতকৈও  সাহিত্যিক হিচাপেহে শংকৰদেৱ অধিক প্ৰসিদ্ধ । অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ শংকৰদেৱৰ বহুমুখী অৱদানৰ কথা বাদ দিলেও কেৱল সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান সেয়েই তেওঁক অমৰত্ব দান কৰাৰ পক্ষে যথেষ্ট । ৰচনাৰ গঢ় আৰু ৰূপ অনুসৰি শংকৰদেৱ বিৰচিত পুথিসমূহ ছটা ভাগত বিভক্ত কৰিব পাৰি–

১) কাব্য,

২) ভক্তিতত্ব প্ৰকাশক সংগ্ৰহ,

৩) অনুবাদমূলক ৰচনা,

৪) অংকীয়া নাট,

৫) বৰগীত আৰু

৬) নাম প্ৰসংগৰ গ্ৰন্থ ।

ক) কাব্য : – শংকৰদেৱ বিৰচিত কাব্যৰ সংখ্যা হল সাতখন । সেইকেইখন হল – হৰিশচ‌‌ন্দ্ৰ উপাখ্যান , ৰুক্মিণী হৰণ , অ অজামিল উপাখ্যান , গ্ৰাহ – গজেন্দ্ৰৰ যুদ্ধ , অমৃত মন্থন বলিছলন আৰু কুৰুক্ষেত্ৰ । হৰিশচন্দ্ৰ উপাখ্যানেই শংকৰদেৱৰ প্ৰথম ৰচনা । এই কাব্যকেইখন মূলতঃ ভাগৱত পুৰাণৰ কাহিনীৰ পৰাই শংকৰদেৱে ৰচনা কৰিছে যদিও বৰ্ণনাৰ সৌন্দৰ্যৰ বাবে তেওঁৰ মৌলিকত্বৰ স্বাক্ষৰো কাব্যকেইখনত আছে ।

খ) ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ :- শংকৰদেৱ বিৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখন হল – ভক্তি প্ৰদীপ , অনাদি পাতন আৰু মিনি নৱসিদ্ধ সংবাদ । এই পুথিকেইখনত কাব্যসুলভ ৰসৰ পৰিবেশন নাই । কিন্তু গধুৰ দাৰ্শনিক কথা সহজ সৰলভাৱে প্ৰকাশ কৰিব পৰা ক্ষমতা পৰিস্ফুট হৈছে । 

গ) অনুবাদমূলক ৰচনা :-  শংকৰদেৱে ৰচনা কৰা সকলোবোৰ গ্ৰন্থই অনুবাদমূলক । তথাপি কেইখনমান গ্ৰন্থ অনুবাদ কৰোতে তেওঁ মূলৰ ফালে সততে দৃষ্টি ৰাখি কল্পনা সংযত কৰি ৰাখিছিল । এনে অনুবাদমূলক গ্ৰন্থকেইখন হল – ভাগৱত পুৰাণৰ প্ৰথম  , দ্বিতীয় , দশম, একাদশ , দ্বাদশস্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ । এই গ্ৰন্থসমূহৰ ভিতৰত দশম স্কন্ধই মহাপুৰুষৰ শ্ৰেষ্ঠ ৰচনা ।

ঘ) অংকীয়া নাট :-  শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জনক । এনে নাট্য সাহিত্য বৈষ্ণৱ আন্দোলনৰে ফল । শংকৰদেৱে ভগৱানৰ লীলা আৰু মাহাত্ম্য জনসাধাৰণৰ মাজত সৰবৰহী কৰিবৰ কাৰণে আৰু জনসাধাৰণক বিমল আৰু পবিত্ৰ বিনোদনৰ এটা উপকৰণ দিবৰ বাবেই এই শ্ৰেণীৰ নাটক উদ্ভাৱন কৰে । এই নাটকবোৰত এটা অংক থকাৰ বাবেই অংকীয়া নাটক বোলা হয় । শংকৰদেৱে প্ৰথমে চিহ্নিযাত্ৰা নাটকৰ অভিনয় কৰি জনসাধাৰণক চমৎকৃত কৰিছিল । শংকৰদেৱ বিৰচিত অংকীয়া নাটককেইখন হল – পত্নীপ্ৰসাদ , কালিয় দমন , কেলিগোপাল , ৰুক্মিণী হৰণ , পাৰিজাত হৰণ আৰু ৰাম বিজয় ।

ঙ)  গীত :-  বৰগীতসমূহ শংকৰদেৱৰ অভিনৱ অৱদান । বৰগীত নামটো অৱশ্যে মহাপুৰুষে দিয়া নাই , পৰৱৰ্তী বৈষ্ণৱ ভক্তসকলেহে মহাপুৰুষ দুজনাৰ ৰচনা কৰা গীতসমূহক বৰগীত বুলি অভিহিত কৰিছে।দৰাচলতে বিষয়বস্তুৰ মহত্ত্ব , ৰচনা ভংগীৰ সৌষ্ঠৱ , শাস্ত্ৰীয় গাম্ভীৰ্য আৰু কল্পনাৰ সঙ্ঘমে মহাপুৰুষ বিৰচিত এই গীতসমূহক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰ পৰা পৃথক কৰিছে । শংকৰদেৱ বিৰচিত প্ৰথম বৰগীতটো হল – ‘মন মোৰ ৰাম চৰনেহি লাগু’  । শংকৰদেৱৰ গীতৰ শ্ৰেণীৰ ভিতৰতে ভটিমা , চপয় আৰু তোটয় গীতখিনিও পৰে । 

চ)  নাম – প্ৰসংগৰ পুথি :-  কীৰ্ত্তন আৰু গুণমালা শংকৰদেৱে বিৰচিত নাম – প্ৰসংগৰ পুথি । কীৰ্ত্তন গ্ৰন্থখনি মহাপুৰুষৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন । ই বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থ । বিষয়বস্তুৰ মনোৰম প্ৰকাশ , ছন্দৰ বৈচিত্ৰ্য আৰু লালিত্যৰ উপযুক্ত শব্দৰ ব্যৱহাৰ আৰু ভক্তিৰ মধুৰ প্ৰলেপে কীৰ্ত্তন পুথিখনি সকলোৰে আদৰণীয় কৰি তুলিছে । গুণমালা ছয় আখৰীয়া কুসুমমালা ছন্দৰ ৰচিত এখনি সৰু গ্ৰন্থ  । এই গ্ৰন্থ ভগৱানৰ সাৰস্বৰূপ ।

এনেদৰে শংকৰদেৱৰ বহুমুখী প্ৰতিভাই অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সূচনা কৰিলে । তেওঁৰ সাহিত্যক আদর্শই পৰৱৰ্তী কবি সাহিত্যিক সকলক অনুপ্ৰাণিত কৰি বিশাল বৈষ্ণৱ সাহিত্য সৃষ্টিত বৰঙণি যোগালে ।

২৩) বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে , পাঠৰ আধাৰত আলোচনা কৰা ।

উত্তৰঃ- ‘বৰ্ষা বৰ্ণন’  কবিতাত বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাৰো বৰ্ণনা কৰিছে । আকাশৰ চন্দ্ৰ , সূৰ্য , তৰা , নক্ষত্ৰসমূহক বাৰিষাৰ মেঘে ঢাকি ধৰি থকাৰ দৰে আমাৰ শৰীৰতো জীৱত্মা ঢাক খাই থাকে । খৰালিত শুকাই পৰা খাল – বিল , নদ – নদী , জান – জুৰিসমূহ বাৰিষা কালৰ বৰষুণে ওপচাই পেলায় , – যিদৰে মহামহন্তই দুখীয়াক উদাৰচিত্তে দান দিয়ে । তপ – উপবাসে শুকাই – খিনাই যোৱা তপসিসকলে তপৰ অন্তত খাই – বৈ পুষ্ট হোৱাৰ দৰে শুকাই যোৱা খাল – বিল , জান – জুৰিকো বৰষুণে পুষ্ট কৰি তোলে । 

কলিযুগত শাস্ত্ৰৰ বচন নুশুনি পাষণ্ডৰ বচনহে সাৰোগত কৰাৰ দৰে বতাহ , ধুমুহা, মেঘৰ গজনিতো বাৰিষা কাৰো মাত – বোল নুশুনি । গুৰুৱে বেদৰ পাঠ দিওঁতে শিষ্যই লগে লগে আওৰাই যোৱাৰ দৰে মেঘৰ মাতৰ লগে লগে বেঙেও টোৰটোৰায় । পৰম সা – সম্পত্তিৰে ৰাজ্য শ্ৰীবৃদ্ধি হোৱাৰ দৰে বাৰিষাৰ পানী পাই বসুমতীয়েও সেউজীয়া ৰূপেৰে মনোমোহা হৈ পৰে । অসম্ভৱ ৰূপে শুকাই পৰা পৃথিবীও দৈৱৰ বলত সুন্দৰ হৈ পৰে , যিদৰে হৰিভক্তিয়ে মানুহৰ মন – শৰীৰ সকলোকে সুন্দৰ পবিত্ৰ কৰি তোলে । 

যিসকল যোগী – ঋষি – মুনিৰ কাম – কষ্ট মনৰ পৰা আঁতৰ নহয় , সিসকলে বিষয় বাসনাত পৰিলেই পুনৰপি সেই কাম কষ্ট জাগি উঠে । মুষলধাৰে বৰষুণ দিলেও সেই বৰষুণে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে । ঠিক সেইদৰে কৃষ্ণত যাৰ মন আসক্ত তেওঁক কোনো দুখ – ক্লেশ , অপায় অমংগলেও কেতিয়াও টলাব নোৱাৰে । গুনৱন্ত , ভক্তিৱান লোকৰ গাত সত্ব , ৰজ : , তম এই তিনি গুণ প্ৰকাশিত হলেও তেওঁলোক সৎ , গুনৱান হৈ থাকে । মেঘে চন্দ্ৰক ঢাকি ধৰাৰ দৰে কিন্তু অহংকাৰী লোকৰ গুণসমূহ অহংকাৰেই ঢাকি ৰাখে , ― সেই গুণ কেতিয়াও প্ৰকাশ নাপায় । মেঘৰ শব্দ শুনি ময়ূৰৰ আনন্দ লগাৰ দৰে গৃহবাসীসকলে কেতিয়াবা দুখত তাপিত হলেও হৰিভক্তিত তেওঁলোকৰ মন শান্ত হৈ পৰে। 

এইদৰেই বাৰিষাৰ বিবিধ ৰিজনিৰে শংকৰদেৱে ভক্তিধৰ্মৰ তত্ত্বৰ কথা ব্যক্ত কৰিছে । 

২৪)  তলৰ প্ৰশ্ন বোৰৰ চমু উত্তৰ দিয়া ।

ক)  ‘গ্ৰীষ্মত আছিল শুখাই ৰৌদ্ৰতাপ সহি ‘ । – কোনে ৰৌদ্ৰ তাপ সহিছিল ?

উত্তৰঃ- পৃথিৱীখনে ৰৌদ্ৰতাপ সহিছিল ।

খ) পৰীক্ষিত ৰজা কাৰ পুতেক ?

উত্তৰঃ- পৰীক্ষিত ৰজা মহাভাৰতখ্যাত অভিমন্যুৰ পুতেক । 

গ) শুকমুনি কোন ?

উত্তৰঃ- শুকমুনি মহাভাৰত প্রানেতা বেদব্যাসৰ পুত্ৰ ।

ঘ) ‘মুষলধাৰে মেঘ বৰষিল’ । – ইয়াত মুষলধাৰ কি অৰ্থত ব্যৱহাৰ হৈছে ?

উত্তৰঃ- ইয়াত মুষলধাৰ শব্দই ডাঙৰ ডাঙৰ টোপালেৰে অহা বৰষুণক বুজাইছে  ।

ঙ) ‘পলুৰঙ্গা থানে থান’ – ইয়াত পলুৰঙ্গা কি অৰ্থত ব্যৱহাৰ হৈছে ?

উত্তৰঃ – ইয়াত পলুৰঙ্গা শব্দই বাৰিষা কালত সৃষ্টি হোৱা কণ কণ মাটিৰ দম বা কেঁচুমটা অৰ্থত ব্যৱহাৰ হৈছে ।

চ) ‘পৰ্বতৰ নিৰঝৰৰ নাদ শুনি অতি ‘ । ― নিৰঝাৰ মানে কি ?

উত্তৰঃ- নিৰঝাৰ মানে নিজৰা , জুৰি । 

ছ) বৰ্ষা বৰ্ণন কাব্যাংশ কোন পুথিৰ পৰা অনা হৈছে ?

উত্তৰঃ- বৰ্ষা বৰ্ণন কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱৰ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে ।

জ) বৰ্ষা বৰ্ণন কাব্যাংশ কোনে কাৰ আগত বৰ্ণন কৰিছে ?

উত্তৰঃ- বৰ্ষা বৰ্ণন কাব্যাংশ শুকুমনিয়ে পৰীক্ষিত ৰজাৰ আগত কৈছে ।

ঝ) গুৱালী পলু কি ?

উত্তৰঃ – গুৱালী পলু এবিধ পোক , ইহঁতৰ বৰণ ৰঙা ।

ঞ) বেঙছতা কি ?

উত্তৰঃ- বেঙছতা মানে কাঠফুলা ।

ট) ‘লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক’ ― ‘তিৰমিৰি’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ- তিৰবিৰণি ।

ঠ) ‘আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ তত্ব ।’ ― ‘সত্ত্ব’ শব্দই কি বুজাইছে ?

উত্তৰঃ- পৃথিৱীৰ ৰস বা জীপ বুজাইছে । 

ড) ‘যান্ত কৃষ্ণে গোষ্ঠক আগত ধেনু লৈ ‘ ―  ইয়াত গোষ্ট কি অৰ্থত ব্যৱহাৰ হৈছে ?

উত্তৰঃ- ‘গৰু বন্ধা ঠাই’ অৰ্থত ।

ঢ) ‘নিৰন্তৰে মেঘগণে বৰষিল জল ।।’ – কেতিয়া ?

উত্তৰঃ- বাৰিষা কালত ।

ণ) ‘বৰ্ষা বৰ্ণন’ কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোৱা যায় ?

উত্তৰঃ- ভাগৱতৰ দশম স্কন্ধত ।

ত) ‘যেন মহামহন্তে দুখীক দিলা দান ।।’ ― এই দান কিহৰ লগত তুলনা কৰিছে ? 

উত্তৰঃ –  খাল – বাম ভৰি উপচি পৰা বাৰিষাৰ পানীৰ লগত ।

থ) ‘নানাবিধ বস্ত্ৰে কাঁচি – পাৰি সামৰাজ ।’ ― সামৰাজ মানে কি ?

উত্তৰঃ- সমজুৱা , সভাসদ । 

দ) নিৰ্গুণ ইন্দ্ৰধনুৰ বৰণ কেইটা ? 

উত্তৰঃ- পাঁচটা ।

ধ) শ্ৰী শংকৰদেৱ কোন যুগৰ কবি ?

উত্তৰঃ- শংকৰী যুগৰ কবি ।

ন) বৰ্ষা বৰ্ণন কবিতাটিৰ কবিজনৰ এখন কাব্যগ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ- ‘ৰুক্মিণী হৰণ কাব্য’ । 

প) শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগমূলক এখন গ্ৰন্থৰ নাম লিখা । 

উত্তৰঃ- কীৰ্ত্তন ঘোষা ।

ফ) শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্য গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ- ‘ৰুক্মিণী হৰণ’  ।

ব) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম লিখা ।

উত্তৰঃ- কীৰ্ত্তন ঘোষা ।

ভ) শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ ভাঙনি কৰিছিল ?

উত্তৰঃ- উত্তৰাকাণ্ডৰ । 

ম) পৰীক্ষিত ৰজাৰ আগত কোনো বৰ্ষাৰ বৰ্ণনা দিছিল ?

উত্তৰঃ- শুকমুনিয়ে ।

য) শংকৰদেৱৰ শেষ নাটকখনৰ নাম লিখা । 

উত্তৰঃ- ৰাম – বিজয় ।

7 thoughts on “Class 12 Adv Assamese Chapter 1 বৰ্ষা বৰ্ণন -শংকৰদেৱ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top