Class 12 Accountancy Important Chapter 6 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Accountancy Important Chapter 6 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ Solutions and select need one. Class 12 Accountancy Important Notes Download PDF. Important Question Answer For Class 12 Accountancy in Assamese.
Class 12 Accountancy Important Chapter 6 ঋণপত্ৰৰ বিলি আৰু পৰিশোধ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Accountancy Additional Solutions Assamese Medium are part of All Subject Solutions. Here we have given Accountancy Class 12 Additional Solutions in Assamese for All Chapters, You can practice these here.
ঋণপত্ৰৰ বিলি আৰু পৰিশোধ
Chapter: 6
| দ্বিতীয় খণ্ড |
| IMPORTANT QUESTION AND ANSWER |
১। ঋণপত্ৰ (Debenture) কি?
উত্তৰঃ ঋণপত্ৰ হৈছে কোম্পানীৰ দ্বাৰা ঋণ গ্ৰহণৰ প্ৰমাণ স্বৰূপে ছীল-মোহৰ থকা লিখিত দলিল, যাৰ দ্বাৰা কোম্পানীয়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত মূলধন আৰু সুদ পৰিশোধ কৰাৰ প্ৰতিশ্রুতি দিয়ে।
২। অংশপত্ৰ আৰু ঋণপত্ৰৰ মাজত এটা মুখ্য পাৰ্থক্য কি?
উত্তৰঃ অংশপত্ৰ মালিকীস্বত্ব দিয়ে আৰু ভোটাধিকাৰ থাকে, কিন্তু ঋণপত্ৰধাৰকে কেৱল ঋণপত্ৰৰ বিপৰীতে সুদ পায় আৰু সাধাৰণতে ভোটাধিকাৰ নাথাকে।
৩। ঋণপত্ৰৰ কিছুমান প্ৰকাৰ কি কি?
উত্তৰঃ প্ৰতিভূত ঋণপত্ৰ, অপ্ৰতিভূত ঋণপত্ৰ, পৰিশোধনীয় ঋণপত্ৰ, অপৰিশোধনীয় ঋণপত্ৰ, ৰূপান্তৰযোগ্য ঋণপত্ৰ, অৰূপান্তৰযোগ্য ঋণপত্ৰ আদি।
৪। ঋণপত্ৰ সমহাৰত বিলি কৰাৰ সময়ত কেনেকুৱা লিপিবদ্ধি হয়?
উত্তৰঃ যেতিয়া ঋণপত্ৰ লিখিত মূল্যৰ সমান মূল্যত বিলি হয়, তেতিয়া আবেদন মাচুল হিচাপে টকা গ্ৰহণ কৰা হয় আৰু ঋণপত্ৰ আবেদন আৰু আবণ্টন হিচাপত লিপিবদ্ধ কৰা হয়।
৫। পৰিশোধনীয় ঋণপত্ৰ কি?
উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ পাছত যিকোনো পৰিমাণত বা কিস্তিত কোম্পানীৰ জীৱনকালত পৰিশোধ কৰা ঋণপত্ৰ।
৬। অপৰিশোধনীয় ঋণপত্ৰৰ বিশেষত্ব কি?
উত্তৰঃ এই ঋণপত্ৰক স্থায়ী ঋণপত্ৰ বোলা হয়; কোম্পানীয়ে তাত ধাৰ কৰা টকা পৰিশোধৰ কোনো প্রতিশ্রুতি নিদিয়ে।
৭। ৰূপান্তৰযোগ্য ঋণপত্ৰ কি?
উত্তৰঃ যিবোৰ ঋণপত্ৰ অংশপত্ৰ বা আন প্রতিভূত পত্ৰলৈ পৰিৱৰ্তন কৰিব পৰা যায়।
৮। নির্দিষ্ট হাৰৰ কুপন ঋণপত্ৰৰ কুপন হাৰ কেনেকুৱা হয়?
উত্তৰঃ স্থিৰ বা ভাসমান, যি সাধাৰণতে বেংকৰ হাৰৰ সৈতে মিল থাকে।
৯। পঞ্জীকৃত ঋণপত্ৰ আৰু বাহক ঋণপত্ৰত কি পাৰ্থক্য?
উত্তৰঃ পঞ্জীকৃতত কোম্পানীয়ে ধাৰকৰ নাম আৰু তথ্য নথিভুক্ত কৰে; বাহক ঋণপত্ৰত কোনো তথ্য নথিভুক্ত নকৰা হয়।
১০। ঋণপত্ৰ সমহাৰত বিলি মানে কি?
উত্তৰঃ লিখিত মূল্যৰ সমান মুল্যত ঋণপত্ৰ বিলি কৰা।
১১। ঋণপত্ৰৰ সুদ দিবলৈ কোনটো হিচাব ডেবিট হয়?
উত্তৰঃ ঋণপত্ৰৰ সুদ দিবলৈ ঋণপত্ৰৰ সুদ হিচাব (Debenture Interest Account) ডেবিট কৰা হয়। এইতকৈ কোম্পানীৰ খৰচ বা দায় হিচাপে সুদ খৰচ কৰি লোৱা হয়।
১২। ঋণপত্ৰধাৰকক সুদ প্ৰদান কৰাৰ সময়ত কোনটো হিচাব ডেবিট হয়?
উত্তৰঃ ঋণপত্ৰধাৰকসকলৰ হিচাব ডেবিট হয় আৰু বেংক হিচাব ক্রেডিট হয়।
১৩। সুদ লাভ-লোকচানত স্থানান্তৰ কৰাৰ সময়ত কোনটো ডেবিট হয়?
উত্তৰঃ লাভ-লোকচান হিচাব ডেবিট হয় আৰু ঋণপত্ৰৰ সুদ হিচাব ক্রেডিট হয়।
১৪। আয়কৰ কাটি প্ৰদান কৰাৰ সময়ত কোনটো ডেবিট হয়?
উত্তৰঃ আয়কৰ প্ৰদান হিচাব ডেবিট হয় আৰু বেংক হিচাব ক্রেডিট হয়।
১৫। ঋণপত্ৰ বিলিৰ বাট্টা/ক্ষতি ক’ত দেখুওৱা হয়?
উত্তৰঃ মূলধনী লোকচান হিচাবত দেখুওৱা হয়।
১৬। স্থায়ী কিস্তি পদ্ধতি মানে কি?
উত্তৰঃ বাট্টাৰ মুঠ পৰিমাণ সমান কিস্তিত ঋণপত্ৰৰ মেয়াদকালত বিলোপ কৰা পদ্ধতি।
১৭। পৰিৱৰ্তনশীল কিস্তি পদ্ধতি মানে কি?
উত্তৰঃ বছৰৰ শেষত অপ্রদত্ত ঋণপত্ৰৰ অনুপাতত বাট্টা কমি বিলোপ কৰা পদ্ধতি।
১৮। মুক্ত বজাৰত ঋণপত্ৰ কেনেকৈ পৰিশোধ হয়?
উত্তৰঃ কোম্পানীয়ে নিজা ঋণপত্ৰ বজাৰৰ পৰা ক্ৰয় কৰি বাতিল কৰে।
১৯। ঋণপত্ৰ পৰিশোধ সংৰক্ষিত পুঁজি কেতিয়া সৃষ্টি কৰিব লাগে?
উত্তৰঃ ঋণপত্ৰৰ পৰিশোধ সময় ১৮ মাহতকৈ বেছি হ’লে।
২০। ঋণপত্ৰ পৰিশোধ পুঁজি পদ্ধতিৰ উদ্দেশ্য কি?
উত্তৰঃ পৰিশোধৰ বাবে বছৰি লাভৰ পৰা যথেষ্ট পুঁজি সংগ্ৰহ কৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.






