Class 12 Accountancy Chapter 11 নগদ প্রবাহৰ বিবৃতি

Class 12 Accountancy Chapter 11 নগদ প্রবাহৰ বিবৃতি Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 11 নগদ প্রবাহৰ বিবৃতি Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 11 নগদ প্রবাহৰ বিবৃতি Notes and select needs one.

Class 12 Accountancy Chapter 11 নগদ প্রবাহৰ বিবৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 11 নগদ প্রবাহৰ বিবৃতি Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 11 নগদ প্রবাহৰ বিবৃতি Solutions for All Subjects, You can practice these here.

নগদ প্রবাহৰ বিবৃতি

ACCOUNTANCY

Chapter: 11

PART – II

I. উদ্দেশ্যধর্মী প্রশ্নঃ

A. খালী ঠাই পূৰণ কৰাঃ

(i) নগদ প্রবাহৰ বিবৃতি _______ ভিত্তিত কৰা হয়।

উত্তৰঃ নগদ।

(ii) নগদত নগদ জমাৰ লগতে ______ অন্তর্ভূক্ত হৈ থাকে।

উত্তৰঃ নগদৰ সমতুল্য।

(iii) নগদ প্ৰবাহৰ বিবৃতি হৈছে ______ বিশ্লেষণৰ এবিধ আহিলা।

উত্তৰঃ বিত্তীয়।

(iv) নগদ প্রবাহ হৈছে নগদৰ আৰু _______ ৰ আন্তঃপ্রবাহ আৰু বহিঃপ্রবাহ।

উত্তৰঃ নগদৰ সমতুল্য।

(v) নগদ হিচাপৰ বিকল্প হিচাপে নগদ প্রবাহৰ বিবৃতি প্ৰস্তুত কৰিব ______।

উত্তৰঃ নোৱাৰি।

(vi) পণ্য কমিলে নগদৰ _______ প্রবাহ হয়।

উত্তৰঃ আন্তঃ।

(vii) সামগ্রী ক্ৰয় কৰিলে নগদৰ ______ প্রবাহ হয়।

উত্তৰঃ বহিঃ।

(viii) স্থায়ী সম্পত্তি নগদত ক্ৰয় কৰিলে ______ কার্যকলাপত নগদ প্রবাহ হোৱা বুলি।

উত্তৰঃ বিনিয়োগ।

(ix) হ্রস্বকালীন ঋণ আদায় কৰিলে নগদৰ ______ প্রবাহ হয়।

উত্তৰঃ আন্তঃ।

(x) আয়কৰ ঘূৰাই পালে নগদৰ ______ হয়।

উত্তৰঃ আস্তঃ।

(xi) বিত্তীয় প্রতিষ্ঠানে লভ্যাংশ পালে নগদ প্রবাহৰ বিবৃতিৰ ______ কার্যকলাপত দেখুওৱা হয়।

উত্তৰঃ ব্যৱসায়।

(xii) অবিত্তীয় প্রতিষ্ঠানে লভ্যাংশ পালে নগদ প্রবাহৰ বিবৃতিৰ ______ কার্যকলাপত দেখুওৱা হয়।

উত্তৰঃ বিনিয়োগ।

(xiii) অংশপত্র বিক্ৰী কৰি পোৱা টকা _______ কার্যকলাপত দেখুওৱা হয়।

উত্তৰঃ বিত্তীয়।

(xiv) অবিত্তীয় প্রতিষ্ঠানে সুত পালে ______ কার্যকলাপত দেখুওৱা হয়।

উত্তৰঃ বিনিয়োগ।

(xv) বিনিয়োগ বিক্ৰী কৰি পোৱা টকা ______ কার্যকলাপত দেখুওৱা হয়।

উত্তৰঃ বিনিয়োগ।

B. তলৰ কোনসমূহ নগদ প্রবাহৰ বিবৃতিত অন্তর্ভূক্ত হ’ব?

(i) লভ্যাংশ প্রাপ্তি।

(ii) বোনাচ অংশপত্র বিলি।

(iii) ঋণ পৰিশোধ।

(iv) অ-চলিত সম্পত্তিৰ পূৰ্ণমূল্যায়ত হোৱা লাভ।

(v) সংযোজিত লাভ।

(vi) লভ্যাংশ পৰিশোধ।

(vii) অংশপত্ৰৰ দ্বাৰা ঋণপত্ৰৰ পৰিশোধ।

(viii) ঋণপত্র বিলি কৰি যন্ত্রপাতি ক্রয়।

(ix) ঋণপত্ৰক অংশপত্ৰলৈ স্থানান্তৰ।

উত্তৰঃ (i) লভ্যাংশ প্রাপ্তি।

(iii) ঋণ পৰিশোধ।

(vi) লভ্যাংশ পৰিশোধ।

C. তলৰ নগদ প্রবাহসমূহ—

(i) ব্যৱসায়িক কার্যকলাপ।

(ii) বিনিয়োগ কার্যকলাপ। আৰু

(iii) বিত্তীয় কাৰ্য্যকলাপত ভাগ কৰা।

(a) নগদ বিক্রী।

(b) যন্ত্রপাতিৰ ক্ৰয়।

(c) বিনিয়োগ ক্রয়।

(d) বিনিয়োগ কৰা সম্পত্তিৰ পৰা ঘৰ ভাড়া লাভ।

(e) আয়কৰ পৰিশোধ।

(f) পাওনাদাৰক পৰিশোধ।

(g) লভ্যাংশ পৰিশোধ।

(h) দৰমহা পৰিশোধ।

(i) অগ্ৰাধিকাৰ অংশ পৰিশোধ।

(j) বিনিয়োগৰ পৰা সুত আহৰণ।

(k) ঋণপত্ৰৰ সূত পৰিশোধ।

(l) পুৰণি আচবাব বিক্রী।

(m) বিক্ৰী আৰু বিতৰণ খৰচ।

(n) মধ্যকালীন লভ্যাংশ পৰিশোধ।

(o) দীর্ঘকালীন ঋঋণ আহৰণ।

(p) দেনাদাৰৰ পৰা নগদ সংগ্ৰহ।

(q) নগদ ক্ৰয়।

(r) সামগ্ৰী প্ৰস্তুতকৰণৰ খৰচ।

উত্তৰঃ (i) – (a) নগদ বিক্ৰী।

(e) আয়কৰ পৰিশোধ।

(f) পাওনাদাৰক পৰিশোধ।

(h) দৰমহা পৰিশোধ।

(m) বিক্ৰী আৰু বিতৰণ খৰচ।

(p) দেনাদাৰৰ পৰা নগদ সংগ্রহ।

(q) নগদ ক্রয়।

(r) সামগ্রী প্রস্তুতকৰণৰ খৰচ।

(ii) – (b) যন্ত্রপাতিৰ ক্ৰয। 

(c) বিনিয়োগ ক্রয়।

(d) বিনিয়োগ কৰা সম্পত্তি পৰা ঘৰ ভাড়া লাভ। 

(j) বিনিয়োগৰ পৰা সুত আহৰণ।

(l) সুৰণি আচবাব বিক্ৰী।

(iii) – (g) লভ্যাংশ পৰিশোধ।

(i) অগ্ৰাধিকাৰ অংশ পৰিশোধ।

(K) ঋণপত্ৰৰ সুত পৰিশোধ।

(n) মধ্যকালীন লভ্যাংশ পৰিশোধ।

(০) দীর্ঘকালীন ঋণ আহৰণ।

II. চমু প্রশ্নোত্তৰঃ

1. নগদ প্রবাহৰ বিবৃতি কি?

উত্তৰঃ এটা নগদ প্ৰবাহৰ বিবৃতিয়ে এটা কোম্পানীৰ এটা নিৰ্দিষ্ট সময়ৰ বিভিন্ন কার্যৰ পৰা হোৱা নগদ আৰু নগদৰ সমতুল্যৰ আন্তঃপ্রবাহ আৰু বহিঃপ্রবাহ দেখুৱায়।

2. নগদ প্রবাহৰ বিবৃতি কোনটো হিচাপৰ মানকৰ অন্তৰ্ভূক্ত?

উত্তৰঃ হিচাপৰ মানক – 3 (AS-3)।

3. নগদ প্রবাহৰ বিবৃতিৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ (i) এটা ব্যৱসায়ৰ এটা নিৰ্দিষ্ট সময়ৰ কাৰ্যকৰী কাৰ্যকলাপৰ পৰা হোৱা নগদ প্ৰবাহৰ প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা।

(ii) এটা ব্যৱসায়ৰ এটা নিৰ্দিষ্ট সময়ৰ বিনিয়োগী কাৰ্যৰ পৰা হোৱা নগদ প্ৰবাহৰ প্ৰয়োজনীয় তথ্যৰ যোগান ধৰা।

4. নগদ প্রবাহৰ বিবৃতিৰ এটা সীমাবদ্ধতা লিখা।

উত্তৰঃ ই অনাৰ্থিক কাৰকসমূহ যেনে স্থায়ী সম্পত্তিৰ ক্ৰয়ৰ ওপৰত অংশপত্ৰৰ বিলিকৰণ বা ঋণপত্ৰ অংশপত্ৰলৈ পৰিবৰ্তন, অৱজ্ঞা কৰে।

5. নগদ প্রবাহ বুলিলে কি বুজা?

উত্তৰঃ নগদ প্রবাহে অ-নগদ বিষয়বোৰৰ পৰা নগদ অহা আৰু যোৱাৰ চলাচল সুচায়।

6. নগদৰ প্ৰবাহ কেতিয়া হয়?

উত্তৰঃ যেতিয়া এটা লেনদেনৰ প্ৰকৃত ফল নগদ আৰু নগদৰ সমতুল্যত বৃদ্ধি বা হ্ৰাস হয় তেতিয়াই নগদ প্ৰবাহৰ উদ্ভৱ হয়।

7. নগদৰ সমতুল্য কি?

উত্তৰঃ নগদৰ সমতুল্যৰ অৰ্থ হ’ল হ্রস্বম্যাদী অত্যন্ত তৰল বিনিয়োগ যিবোৰ সহজতে নগদলৈ পৰিবৰ্তন কৰিব পাৰি আৰু যিবোৰৰ মূল্য পৰিৱৰ্তনৰ নগণ্য প্রভাব পৰে।

8. হিচাপৰ মানক- 3 (AS-3) অনুসৰি নগদ প্ৰবাহৰ বিবৃতি প্ৰস্তুত কৰা কাৰ্য্যাবলীবোৰৰ শ্রেণী বিভাজন কেনেদৰে কৰা হয়?

উত্তৰঃ হিচাপৰ মানক – 3 ৰ অনুসৰি নগদ প্রবাহৰ বিবৃতি প্ৰস্তুত কৰা কাৰ্যবোৰক তিনিটা ভাগত শ্ৰেণীবিভাজন কৰা হয়—

(i) ব্যৱসায়িক।

(ii) বিনিয়োগী।

(iii) বিত্তীয় কার্যকলাপ।

9. ব্যৱসায়িক কাৰ্য্যকলাপ মানে কি?

উত্তৰঃ হিচাপৰ মানক 3ৰ অনুসৰি ব্যৱসায়িক কার্যকলাপবোৰ এটা ব্যৱসায়ৰ প্ৰাথমিক আৰু মূল কার্যকলাপেৰে গঠিত এবিধ কার্যকলাপ।

10. ব্যৱসায়িক কার্যকলাপৰ পৰা হোৱা নগদ প্রবাহৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (i) সামগ্ৰীৰ বিক্ৰী আৰু সেৱা আগবঢ়োৱাৰ পৰা-নগদ প্রাপ্তি।

(ii) স্বত্বকৰ, মাচুল, দস্তুৰী আৰু আন ৰাজহৰ পৰা নগদ প্রাপ্তি।

11. বিনিয়োগী কার্যকলাপ কি?

উত্তৰঃ হিচাপৰ মানক 3ৰ অনুসৰি, নগদৰ সমতুল্য অন্তর্ভুক্ত নোহোৱা দীর্ঘম্যাদী সম্পত্তি আৰু আন বিনিয়োগৰ অৰ্জন আৰু বিক্ৰীয়েই বিনিয়োগ কার্যকলাপ।

12. বিনিয়োগী কাৰ্যকলাপৰ পৰা হোৱা নগদ প্রবাহৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (i) অস্পৰ্শনীয়ৰ সৈতে স্থায়ী সম্পত্তি আৰু মূলধনীকৃত গৱেষণা আৰু উন্নয়ন অৰ্জনৰ বাবে নগদ প্রদান।

(ii) নগদৰ সমতুল্য বা ব্যৱসায়ৰ উদ্দেশ্যত ৰখা পত্ৰক বাদ দি আন ব্যৱসায়ৰ অংশ পৰোৱানা বা ঋণ পত্ৰ অৰ্জনৰ বাবে নগদ প্রদান।

13. বিত্তীয় কার্যকলাপ কি?

উত্তৰঃ হিচাপৰ মানক 3ৰ অনুসৰি বিত্তীয় কার্যকলাপ হ’ল যিবোৰ কাৰ্যৰ পৰা এটা ব্যৱসায়ৰ মালিকৰ মূলধন আৰু ধাৰসমূহৰ আকাৰ আৰু গঠনৰ পৰিৱৰ্তনৰ ফলত হোৱা কার্যকলাপ।

14. বিত্তীয় কার্যকলাপৰ পৰা হোৱা নগদ প্ৰবাহৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (i) অংশপত্র বা আন একে ধৰণৰ পত্ৰৰ বিলিৰ পৰা হোৱা নগদ প্রাপ্তি।

(ii) ধাৰ লোৱা পৰিমাণ পুনৰ ওভোতাই দিয়া।

15. ব্যৱসায়িক কার্যকলাপৰ পৰা নগদ প্রবাহ, বিনিয়োগ কার্যকলাপৰ পৰা নগদ প্রবাহ আৰু বিত্তীয় কাৰ্যকলাপৰ পৰা নগদ প্রবাহ লগ লাগি কি হয়?

উত্তৰঃ নগদ আৰু নগদৰ সমতুল্যৰ প্ৰকৃত বৃদ্ধি বা হ্রাস।

16. নগদ আৰু নগদৰ সমতুল্যৰ প্ৰকৃত বৃদ্ধি বা হ্ৰাস, আৰম্ভণি নগদ আৰু নগদৰ সমতুল্য মিলি কি হয়?

উত্তৰঃ সামৰণিত নগদ আৰু নগদৰ সমতুল্য।

17. ব্যবসায়িক কার্যকলাপ আৰু বিত্তীয় কার্যকলাপৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ ব্যৱসায়িক কার্যকলাপবোৰ সামগ্ৰী আৰু সেৱাৰ ক্ৰয়-বিক্ৰয়ৰ লগত জড়িত। আনহাতে, বিত্তীয় কার্যকলাপবোৰ দীৰ্ঘম্যাদী সম্পত্তিসমূহৰ ক্রয়-বিক্ৰয়ৰ লগত জড়িত।

18. ব্যৱসায়িক কার্যকলাপৰ পৰা নগদ প্রবাহ নিৰ্ণয় কৰা পদ্ধতিসমূহ কি কি?

উত্তৰঃ প্রত্যক্ষ পদ্ধতি আৰু পৰোক্ষ পদ্ধতি।

19. ব্যবসায়িক কার্যকলাপৰ পৰা নগদ প্রবাহ নিৰ্ণয় কৰোতে স্থায়ী সম্পত্তি বিক্ৰীত হোৱা লাভ বা ক্ষতি কি কৰা হয়?

উত্তৰঃ স্থায়ী সম্পত্তি বিক্ৰীত হোৱা ক্ষতি যোগ কৰা হয় আৰু স্থায়ী সম্পত্তি বিক্ৰীত হোৱা লাভ প্ৰকৃত লাভৰ পৰা বিয়োগ কৰা হয়।

20. ব্যৱসায়িক কার্যকলাপৰ পৰা নগদ প্রবাহ উলিয়াওতে অৱক্ষয় কি কৰা হয়?

উত্তৰঃ অৱক্ষয় প্রকৃত লাভৰ স’তে যোগ কৰা হয়।

III. চমু প্রশ্নোত্তৰঃ

1. নগদ প্রবাহৰ বিবৃতি কি?

উত্তৰঃ নগদ প্ৰবাহৰ বিবৃতিয়ে এটা কোম্পানীৰ এটা নিৰ্দিষ্ট সময়ৰ বিভিন্ন কাৰ্যৰ পৰা হোৱা নগদ আৰু নগদৰ সমতুল্যৰ আন্তঃপ্ৰবাহ আৰু বহিঃপ্ৰবাহ দেখুৱায়। নগদ প্ৰবাহৰ বিবৃতিয়ে এটা ব্যৱসায়ৰ ব্যৱসায়িক, বিনিয়োগ আৰু বিত্তীয় কাৰ্যৰ শ্ৰেণীভুক্ত কৰি নগদ আৰু নগদৰ সমতুল্যৰ অতীত পৰিৱৰ্তনৰ বাবে তথ্যৰ যোগান ধৰে।

2. সংশোধিত হিচাপৰ মানক -3 (AS-3) অনুসৰি নগদ প্ৰবাহৰ বিবৃতি তৈয়াৰ কৰোতে কিদৰে বিভিন্ন কাৰ্যবোৰ শ্ৰেণী বিভাজন কৰা হয়?

উত্তৰঃ হিচাপৰ মানক 3-ৰ অনুসৰি বিভিন্ন কাৰ্যবোৰ—

(i) ব্যৱসায়িক।

(ii) বিনিয়োগী। আৰু

(iii) বিত্তীয় কার্যকলাপ।

এই তিনিটা ভাগত শ্রেণীবিভাজন কৰা হয়।

(i) ব্যৱসায়িক কার্যকলাপঃ হিচাপৰ মানক – 3 ৰ অনুসৰি ব্যৱসায়িক কার্যকলাপবোৰ এটা ব্যৱসায়ৰ প্ৰাথমিক আৰু মূল কাৰ্যকলাপেৰে গঠিত এবিধ কার্যকলাপ।

(ii) বিনিয়োগ কার্যকলাপঃ হিচাপৰ মানক 3 ৰ অনুসৰি নগদৰ সমতুল্য অন্তৰ্ভুক্ত নোহোৱা দীর্ঘম্যাদী সম্পত্তি আৰু আন বিনিয়োগৰ অৰ্জন আৰু বিক্ৰীয়েই বিনিয়োগ কার্যকলাপ।

(iii) বিত্তীয় কার্যকলাপঃ হিচাপৰ মান 3ৰ অনুসৰি বিত্তীয় কার্যকলাপবোৰ হ’ল যিবোৰ কাৰ্যৰ পৰা এটা ব্যৱসায়ৰ মালিকৰ মূলধন আৰু ধাৰসমূহৰ আকাৰ আৰু গঠনৰ পৰিবৰ্তনৰ ফলত হোৱা কার্যকলাপবোৰ।

3. তলৰ কাৰ্যকলাপবোৰ ব্যৱসায়িক, বিনিয়োগ আৰু বিত্তীয় কার্যকলাপত বিভক্ত কৰা।

(a) স্থায়ী সম্পত্তিৰ ক্ৰয়।

(b) অংশপত্র বিলিকৰণ।

(c) আয়কৰ আদায়।

(d) লভ্যাংশ আদায়।

(e) সুদ আদায়।

(f) দীর্ঘম্যাদী বিনিয়োগ বিক্ৰী।

(g) সুদ প্রাপ্তি।

(h) লভ্যাংশ প্রাপ্তি।

উত্তৰঃ ব্যৱসায়িক কার্যকলাপ  — c

বিনিয়োগ কার্যকলাপ  — a, f, g, h

বিত্তীয় কার্যকলাপ  — b, d, e

4. তলৰ পদসমূহ ব্যাখ্যা কৰাঃ

(a) নগদৰ সমতুল্য।

(b) নগদ প্রবাহ।

উত্তৰঃ (a) নগদৰ সমতুল্যঃ নগদৰ সমতুল্যৰ অৰ্থ হ’ল হ্রস্বম্যাদী অত্যন্ত তৰল বিনিয়োগ যিবোৰ সহজতে নগদলৈ পৰিৱৰ্তন কৰিব পাৰি আৰু যিবোৰৰ মূল্য পৰিৱৰ্তনৰ নগণ্য প্ৰভাৱ পৰে। গতিকে নগদৰ সমতুল্যই তেনে ধৰণৰ বিনিয়োগৰ কথা সুচায় যিবোৰ হ্রস্বম্যাদী নগদৰ চাহিদা পূৰণ কৰিব পাৰে কিন্তু আন বিনিয়োগ বা উদ্দেশ্যৰ বাবে নহয়। এটা বিনিয়োগ সাধাৰণতে নগদ সমতুল্যৰ যোগ্য কৰে যেতিয়া এইবোৰ কম সময়ৰ ভিতৰত পৰিপক্ক হয়। অংশত কৰা বিনিয়োগ নগদ সমতুল্যৰ পৰা নগদ সমপৰ্যায়ৰ প্ৰচুৰ নহ’লে বাদ দিয়া হয়।

(b) নগদ প্রবাহঃ ‘নগদ প্রবাহে’ অ-নগদ বিষয়বোৰৰ পৰা নগদ অহা আৰু যোৱাৰ চলাচল সূচায়। অনগদ বিষয়ৰ পৰা নগদ প্রাপ্তিয়ে নগদৰ আন্তঃপ্রবাহ আৰু সেই একে বিষয়ত নগদ পৰিশোধে নগদৰ বহিঃপ্রবাহ সূচায়। হিচাপৰ মান 3-ৰ অনুসৰি, নগদ প্রবাহে নগদ বা নগদৰ সমতুল্যৰ গঠিত বিষয়বোৰৰ মাজৰ গতিবিধি বাদ দিয়ে কাৰণ এই উপাদানবোৰ কাৰ্যকৰী, বিনিয়োগ বা বিত্তীয় কাৰ্যৰ পৰিৱৰ্তে এইবোৰ এটা ব্যৱসায়ৰ নগদ ব্যৱস্থাপনাৰ অংশ। নগদ ব্যৱস্থাপনাই নগদ আৰু নগদৰ সমতুল্য বিনিয়োগ অন্তৰ্ভুক্ত কৰে।

5. ব্যৱসায়িক কার্যকলাপৰ পৰা প্ৰধান নগদ প্রবাহসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ হিচাপৰ মানক 3ৰ অনুসৰি ব্যৱসায়িক কার্য- কলাপবোৰ এটা ব্যৱসায়ৰ প্ৰাথমিক আৰু মূল কার্যকলাপেৰে গঠিত এবিধ কার্যকলাপ।

ব্যৱসায়িক কার্যকলাপৰ পৰা নগদ আন্তঃপ্রবাহ–

(i) সামগ্ৰীৰ বিক্ৰী আৰু সেৱা আগবঢ়োৱাৰ পৰা নগদ প্রাপ্তি।

(ii) স্বত্বকৰ, মাছুল, দস্তুৰী আৰু আন ৰাজহৰ পৰা নগদ প্রাপ্তি।

ব্যৱসায়িক কার্যকলাপৰ পৰা নগদৰ বহিঃপ্রবাহ—

(i) সামগ্ৰী আৰু সেৱাৰ বাবে যোগানকাৰীক নগদ প্রদান।

(ii) কৰ্মচাৰীক আৰু তেওঁলোকৰ হৈ নগদ প্ৰদান।

(iii) কিস্তি আৰু দাবী, বার্ষিক ভাত্তা আৰু আন বীমা পত্ৰৰ সুবিধাৰ বাবে বীমা ব্যৱসায়িক নগদ প্রদান।

(iv) বিত্তীয় আৰু বিনিয়োগ কার্যকলাপৰ লগত বিশেষভাৱে চিনাক্ত নকৰালৈকে আয়কৰ বাবে নগদ প্রদান।

IV. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. নগদ প্রবাহ বিবৃতি প্রস্তুত কৰাৰ প্ৰক্ৰিয়া আলোচনা কৰা।

উত্তৰঃ এটা নগদ প্রবাহৰ বিবৃতিয়ে এটা কোম্পানীৰ এটা নিৰ্দিষ্ট সময়ৰ বিভিন্ন কাৰ্যৰ পৰা হোৱা নগদ আৰু নগদৰ সমতুল্যৰ আন্তঃপ্রবাহ আৰু বহিঃপ্রবাহ দেখুৱায়। এটা নগদ প্ৰবাহৰ বিবৃতিয়ে এট ব্যৱসায়ৰ ব্যৱসায়িক, বিনিয়োগ আৰু বিত্তীয় কাৰ্যৰ শ্ৰেণীভুক্ত কৰি নগদ আৰু নগদৰ সমতুল্যৰ অতীত পৰিবৰ্তনৰ বাবে তথ্যৰ যোগান ধৰে। নগদ প্ৰবাহৰ বিবৃতিয়ে এটা বছৰৰ ভিতৰত, এটা ব্যৱসায়ৰ নগদ আৰু নগদ সমতুল্যৰ স্থিতিৰ পৰিবৰ্তনৰ তথ্যবোৰ জানিবলৈ দিয়ে। এই পৰিবৰ্তনৰ অংশ দান কৰা কাৰ্যসমূহ ব্যৱসায়িক বিনিয়োগ আৰু বিত্তীয় কার্যকলাপ হিচাবে শ্রেণীবিভাজন কৰা হৈছে। এই তিনিটা কাৰ্যকলাপৰ পৰা এটা বছৰত হোৱা নগদ প্ৰবাহৰ গণনা কৰা কাৰ্যপ্রণালী তলৰ চিত্ৰত দেখুওৱা হৈছে। নগদ প্রবাহ বিবৃতি তৈয়াৰ কৰাৰ সময়ত শিতানৰ তলত ইয়াৰ পৰা হোৱা প্ৰকৃত নগদ প্ৰবাহৰ সৈতে আন্তঃপ্রবাহ আৰু বহিঃপ্রবাহ সম্পূর্ণ বিতংভাৱে দিয়া হৈছে। 

প্ৰকৃত নগদ প্রবাহৰ সমষ্টিৰ গণনা এইদৰে দেখুৱা হ’ল—নগদ আৰু নগদৰ সমতুল্যৰ প্ৰকৃত বৃদ্ধি। হ্ৰাসৰ লগত আৰম্ভণিৰ নগদ আৰু নগদৰ সমতুল্য যোগ কৰা হয় আৰু সামৰণিৰ নগদ আৰু নগদৰ সমতুল্য নিৰ্ণয় কৰা হয় এই পৰিমাণখিনি উদ্ধৃত্ত পত্ৰত দিয়াৰ দৰে হাতে থকা নগদ, বেংকত থকা নগদ আৰু নগদৰ সমতুল্যৰ লগতে একে হ’ব। যেতিয়া পৰোক্ষ পদ্ধতিত কাৰ্যকৰী কাৰ্যকলাপৰ পৰা নগদ প্রবাহ গণনা কৰা হয় আৰু ইয়াক নগদ প্রবাহ বিবৃতিত দেখুৱা হয়। তেতিয়া বিবৃতিখনক ‘পৰোক্ষ পদ্ধতিৰ নগদ প্রবাহ বিবৃতি’ বুলি জনা যায়। একেদৰে যদি নগদ প্রবাহ বিবৃতি তৈয়াৰ কৰাৰ সময়ত কাৰ্যকৰী কাৰ্যকলাপৰ নগদ প্রবাহ প্রত্যক্ষ পদ্ধতিত উলিওৱা হয়। তেতিয়া ইয়াক ‘প্ৰত্যক্ষ পদ্ধতিৰ নগদ প্রবাহ বিবৃতি’ বুলি জনা যায়। কোনটো পদ্ধতি ব্যৱহাৰ কৰিব স্পষ্ট নকৰালৈকে পৰোক্ষ পদ্ধতিত নগদ প্রবাহ বিবৃতি তৈয়াৰ কৰাই শ্রেয়।

নগদ প্রবাহৰ বিবৃতি—

2. ব্যৱসায়িক কার্যকলাপৰ পৰা ‘প্ৰত্যক্ষ’ আৰু ‘পৰোক্ষ’ পদ্ধতিত নগদ প্রবাহ নিৰ্ণয়ৰ আলোচনা কৰা।

উত্তৰঃ ব্যৱসায়িক কার্যকলাপবোৰ এটা ব্যৱসায়ৰ ৰাজহ আৰু ব্যয়ৰ মূল উৎস। নগদ প্ৰবাহ বিবৃতি তৈয়াৰ কৰোতে এই বিষয়বোৰ অতি জটিল আৰু মুখ্য সমস্যা হিচাবে বিবেচনা কৰা হয়।

হিচাপৰ মানক 3 ৰ অনুসৰি এটা ব্যৱসায়ে ব্যৱসায়িক কার্যকলাপৰ পৰা নগদ প্ৰবাহৰ বিষয়ে তলৰ যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰি—

(i) প্রত্যক্ষ পদ্ধতিঃ প্রত্যক্ষ পদ্ধতি অনুসৰি নগদ অন্তঃপ্ৰবাহ আৰু বহিঃপ্ৰবাহ বিবেচনা কৰা হয়।

সেইবোৰ তলত দিয়াৰ দৰে নগদ ভিত্তিত পৰিৱৰ্তনৰ বাবে কিছু সংযোজনৰ দৰকাৰ—

1. গ্ৰাহকৰ পৰা নগদ প্রাপ্তি = বিক্ৰী + আৰম্ভণিৰ দেনাদাৰ আৰু প্ৰাপ্য বিল—সামৰণিৰ দেনাদাৰ আৰু প্ৰাপ্য বিল।

2. পাওনাদাৰক নগদ আদায় = ক্রয় + আৰম্ভণিৰ পাওনাদাৰ আৰু প্ৰদেয় বিল–সামৰণিৰ পাওনাদাৰ আৰু প্ৰদেয় বিল।

3. ক্ৰয় = বিক্ৰী কৰা সামগ্ৰীৰ দাম – আৰম্ভণি মজুত পণ্য + সামৰণি মজুত পণ্য।

4. নগদ ব্যয় = উদ্ভূত ভিত্তিত ব্যয় – আৰম্ভণিৰ অগ্রিম প্রদত্ত ব্যয় আৰু সামৰণিৰ অপ্রদত্ত ব্যয় + সামৰণিৰ অগ্রিম প্রদত্ত ব্যয় – আৰম্ভণিৰ অপ্ৰদত্ত ব্যয়।

এই পদ্ধতিত তলৰ বিষয়বোৰ বিবেচনা কৰা নহয়—

1. অ-নগদ বিষয় যেনে অৱক্ষয়, অংশৰ বাট্টা ইত্যাদি বাদ দিয়া হয়।

2. বিনিয়োগ বা বিত্তীয় কার্যকলাপ হিচাপে যিবোৰ বিষয় শ্রেণীভুক্ত কৰা হয়, যেনে— সুদ প্রাপ্তি, লভ্যাংশ পৰিশোধ ইত্যাদি।

2. পৰোক্ষ পদ্ধতিঃ পৰোক্ষ পদ্ধতিত ব্যৱসায়িক কার্যকলাপৰ পৰা নগদ প্রবাহ নির্ণয় কৰিবলৈ প্ৰকৃত লাভ – লোকচানৰ পৰা আৰম্ভ কৰা হয়।

আকৌ, সুদ পৰিশোধ স্থায়ী সম্পত্তি বিক্রীত হোৱা লাভ-ক্ষতি ইত্যাদি নির্দিষ্ট অ-কাৰ্যকৰী বিষয় আৰু অ-নগদ বিষয় (অৱক্ষয় সুনাম বাদ দি) অন্তৰ্ভুক্ত কৰে।

এই পদ্ধতিত চলিত সম্পত্তিৰ বৃদ্ধি আৰু চলিত দেনাৰ হ্ৰাস প্ৰকৃত লাভৰ পৰা বিয়োগ কৰা হয়, আৰু চলিত সম্পত্তিৰ হ্ৰাস আৰু চলিত দেনাৰ বৃদ্ধি প্ৰকৃত লাভৰ লগত যোগ কৰা হয় যাতে ব্যৱসায়িক কার্যকলাপৰ পৰা প্ৰকৃত নগদ প্ৰবাহৰ সঠিক পৰিমাণ উলিয়াব পাৰি। হিচাপৰ মান-3 ৰ অনুসৰি পৰোক্ষ পদ্ধতিত কাৰ্যকৰী কাৰ্যকলাপৰ পৰা প্ৰকৃত নগদ প্রবাহ তলত দিয়াবোৰৰ প্ৰকৃত লাভ বা ক্ষতিৰ লগত সংযোজন কৰি নিৰ্ণয় কৰা হয়।

(i) অৱক্ষয়, বাদ দিয়া সুনাম, ভৱিষ্যৎ ব্যৱস্থা, স্থগিত কৰ ইত্যাদি অ-নগদ বিষয়বোৰ পুনৰ যোগ কৰিব লাগে।

(ii) বিনিয়োগ আৰু বিত্তীয় নগদ প্রবাহত প্ৰভাৱ পেলোৱা আন বিষয়বোৰ। সকলো বিনিয়োগ আৰু বিত্তীয় আয়সমূহ প্ৰকৃত লাভৰ পৰিমাণৰ পৰা বিয়োগ আৰু সেইবোৰৰ আয়বোৰ যোগ কৰিব লাগে।

(iii) বছৰটোত হোৱা চলিত সম্পত্তি আৰু দেনাৰ পৰিৱৰ্তন। চলিত সম্পত্তিৰ বৃদ্ধি আৰু চলিত দেনাৰ হ্ৰাস বিয়োগ আৰু চলিত দেনাৰ বৃদ্ধি আৰু চলিত সম্পত্তিৰ হ্ৰাস যোগ কৰিব লাগে।

3. বিনিয়োগ কার্যকলাপৰ পৰা প্ৰধান নগদ প্রবাহসমূহ আলোচনা কৰা।

উত্তৰঃ ত্তি বা স্থায়ী সম্পত্তিৰ ক্ৰয় আৰু বিক্ৰয়ৰ লগত জড়িত। হিচাপৰ মানক 3-ৰ অনুসৰি, নগদৰ সামতুল্য অন্তর্ভুক্ত নোহোৱা দীৰ্ঘম্যাদী সম্পত্তি আৰু আন বিনিয়োগৰ অৰ্জন আৰু  বিক্ৰীয়েই বিনিয়োগ কার্যকলাপ।

বিনিয়োগ কার্যকলাপৰ পৰা নগদ প্ৰবাহৰ পৃথক প্রকাশ অতি প্রয়োজনীয় কাৰণ এইবোৰে ভৱিষ্যতে আয় আৰু নগদ প্রবাহ উৎপাদন কৰিবলৈ কিমান পৰিমাণ ব্যয়ৰ প্ৰতিনিধিত্ব কৰিছে।

বিনিয়োগ কার্যকলাপৰ পৰা নগদৰ আন্তঃপ্রবাহ—

(i) অস্পৰ্শনীয়ৰ সৈতে স্থায়ী সম্পত্তি বিক্ৰীৰ পৰা হোৱা নগদ প্রাপ্তি।

(ii) তৃতীয় পক্ষক আগবঢ়োৱা ঋণ আৰু আগধন পৰিশোধৰ পৰা হোৱা নগদপ্ৰাপ্তি (বিজয় প্রতিষ্ঠানক বাদ দি)।

(iii) ব্যৱসায়িক উদ্দেশ্যত ৰখা নগদ বা নগদৰ সমতুল্য আন পত্ৰক বাদ দি অংশ পৰোৱানা বা ঋণপত্ৰ বিক্ৰীৰ পৰা হোৱা নগদ প্রাপ্তি।

(iv) ঋণ বা আগধনৰ পৰা নগদত প্ৰাপ্তি কৰা সুদ।

(v) আন ব্যৱসায়ত কৰা বিনিয়োগৰ লভ্যাংশ প্রাপ্তি।

বিনিয়োগ কার্যকলাপৰ পৰা নগদৰ বহিঃপ্ৰবাহ—

(i) অস্পৰ্শণীয়ৰ সৈতে স্থায়ী সম্পত্তি আৰু মূলধনীকৃত গৱেষণা আৰু উন্নয়ন অৰ্জনৰ বাবে নগদ প্রদান।

(ii) নগদৰ সমতুল্য বা ব্যৱসায়ৰ উদ্দেশ্যত ৰখা পত্ৰক বাদ দি আন ব্যৱসায়ৰ অংশ পৰোৱানা বা ঋণ পত্ৰ অৰ্জনৰ বাবে নগদ প্রদান।

(iii) তৃতীয় পক্ষক আগবঢ়োৱা নগদ আগধন আৰু ঋণ।

4. বিত্তীয় কার্যকলাপৰ পৰা হোৱা নগদ প্রবাহসমূহ আলোচনা কৰা।

উত্তৰঃ বিত্তীয় কার্যকলাপ এটা ব্যৱসায়ৰ দীৰ্ঘম্যাদী পুঁজি আৰু মূলধনৰ লগত জড়িত। হিচাপৰ মানক 3-ৰ অনুসৰি বিত্তীয় কার্যকলাপবোৰ হ’ল যিবোৰ কাৰ্যৰ পৰা এটা ব্যৱসায়ৰ মালিকৰ মূলধন আৰু ধাৰসমূহৰ আকাৰ আৰু গঠনৰ পৰিৱৰ্তনৰ ফলত হোৱা কাৰ্যকলাপবোৰ। বিত্তীয় কার্যকলাপৰ পৰা হোৱা নগদ প্ৰবাহৰ পৃথক প্ৰকাশ দৰকাৰী কাৰণ, ইয়াৰ পৰা ব্যৱসায়ত পুঁজি যোগানকাৰীসকলে ভৱিষ্যতৰ নগদ প্ৰবাহৰ আগজাননী দিবলৈ সুবিধা হয়।

বিত্তীয় কার্যকলাপৰ পৰা নগদৰ অন্তঃপ্ৰবাহ—

(i) অংশপত্ৰ বা আন একে ধৰণৰ পত্ৰৰ বিলিৰ পৰা হোৱা নগদ প্ৰাপ্তি।

(ii) ঋণপত্ৰ, ঋণ, বস্তু আৰু আন হ্রস্বম্যাদী বা দীৰ্ঘম্যাদী ধাৰৰ পৰা লোৱা নগদ প্রাপ্তি।

বিত্তীয় কার্যকলাপৰ পৰা নগদৰ বহিঃপ্রবাহ—

(i) ধাৰ লোৱা পৰিমাণৰ পুনৰ ওভোতাই দিয়া।

(ii)ঋণ, ঋণপত্ৰ আৰু আগধনৰ ওপৰত সুদ প্রদান।

(iii) সমাংশ আৰু অগ্ৰাধিকাৰ অংশৰ ওপৰত লভ্যাংশ প্রদান।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top