Class 12 Accountancy Chapter 10 হিচাপৰ অনুপাতসমূহ

Class 12 Accountancy Chapter 10 হিচাপৰ অনুপাতসমূহ Question Answer in Assamese Medium, AHSEC Class 12 Accountancy Chapter 10 হিচাপৰ অনুপাতসমূহ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Accountancy Chapter 10 হিচাপৰ অনুপাতসমূহ Notes and select needs one.

Class 12 Accountancy Chapter 10 হিচাপৰ অনুপাতসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Accountancy Chapter 10 হিচাপৰ অনুপাতসমূহ Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Accountancy Chapter 10 হিচাপৰ অনুপাতসমূহ Solutions for All Subjects, You can practice these here.

হিচাপৰ অনুপাতসমূহ

ACCOUNTANCY

Chapter: 10

PART – II

I. উদ্দেশ্যধর্মী প্রশ্নঃ

A. খালী ঠাই পূৰণ কৰাঃ

(i) অনুপাত হৈছে এটা সংখ্যাৰ লগত থকা আন এটা ______ ৰ লগত থকা সম্পর্ক।

উত্তৰঃ সংখ্যা।

(ii) চলিত অনুপাত হৈছে ______ সম্পত্তি আৰু ______ দেনাৰ মাজৰ সম্পর্ক।

উত্তৰঃ চলিত, চলিত।

(iii) তৰল সম্পত্তি চলিত সম্পত্তিৰ পৰা ______ আৰু ______ বিয়োগ কৰিলে পোৱা যায়।

উত্তৰঃ মজুত পণ্য, অগ্রিম খৰচ।

(iv) ত্বৰিবা তৰল অনুপাতৰ আন এটা নাম হ’ল ______।

উত্তৰঃ অগ্নি পৰীক্ষা।

(v) তৰিৎ অনুপাতে ব্যৱসায়ৰ ______ পৰিশোধ ক্ষমতা নির্ণয় কৰে।

উত্তৰঃ চলিত দেনা।

(vi) এটা বছৰৰ ভিতৰত পৰিশোধ কৰিবলগীয়া দেনাক ______ দেনা বোলা হয়।

উত্তৰঃ চলিত দেনা।

(vii) প্রয়োজনীয় চলিত অনুপাতটো হৈছে ______।

উত্তৰঃ 2:1.

(vii) ঋণ-সমাংশ অনুপাত হৈছে বাহ্যিক দীৰ্ঘকালীন ঋণ আৰু ______ ৰ পুঁজিৰ অনুপাত।

উত্তৰঃ সমাংশ ধাৰক।

(ix) মুঠ মূলধন হৈছে মুঠ ______।

উত্তৰঃ সম্পত্তি।

(x) মজুত পণ্য হৈছে ______ সম্পত্তিৰ এটা অংশ।

উত্তৰঃ চলিত।

(xi) এটা ব্যৱসায়ৰ ______ জোখা হয় ইয়াৰ হ্ৰস্বকালীন দেনা পৰিশোধ কৰা ক্ষমতাৰ ওপৰত।

উত্তৰঃ তৰলতা।

(xii) বিভিন্ন হিচাপসমূহ নগদ বা বিক্ৰীলৈ পৰিৱৰ্তন কৰা গতিৰ জোখ ল’বলৈ ______ অনুপাত ব্যৱহাৰ হয়।

উত্তৰঃ কাৰ্য্যফল।

(xiii) তৰলতাৰ জোখৰ বাবে ব্যৱহাৰ হোৱা দুটা অনুপাত হ’ল চলিত অনুপাত আৰু ______ অনুপাত।

উত্তৰঃ তৰলতাৰ।

(xiv) ______ আৱৰ্তনে পণ্যৰ কাৰ্যাৱলী জোখে।

উত্তৰঃ মজুত পণ্য।

B. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) এটা ব্যৱসায়ৰ হ্ৰস্বকালীন দেনা পৰিশোধ কৰা ক্ষমতা নির্ণয় কৰে—

(a) তৰলতাই।

(b) কার্যক্ষমে।

(c) দেনা।

(d) লাভ।

উত্তৰঃ (a) তৰলতাই।

(ii) বিভিন্ন হিচাপসমূহ নগদলৈ ৰূপান্তৰ কৰাক নিৰ্ধাৰণ কৰিবলৈ এই অনুপাত ব্যৱহাৰ হয়—

(a) কার্যক্ষম।

(b) দেনা-সমাংশ।

(c) তৰলতা।

(d) লাডযোগ্যতা।

উত্তৰঃ (c) তৰলতা।

(iii) তৰলতা জোখাৰ বাবে দুটা অনুপাত হ’ল–

(a) চলিত অনুপাত আৰু মজুত পণ্য আৱৰ্তন।

(b) চলিত অনুপাত আৰু তৰলতা অনুপাত।

(c) মুঠ লাভ অনুপাত আৰু কাৰ্যাৱলীৰ অনুপাত।

উত্তৰঃ (b) চলিত অনুপাত আৰু তৰলতা অনুপাত।

(iv) এই অনুপাতে আয়ৰ জোখ নিৰ্ণয় কৰে–

(a) তৰলতা।

(b) কাৰ্য্যক্ষম।

(c) দেনা-সমাংশ।

(d) লাভযোগ্যতা।

উত্তৰঃ (d) লাভযোগ্যতা।

(v) তৰলতা জোখাৰ এক অনুপাত হৈছে ______ যিয়ে ______ ক হিচাপত নলয়।

(a) চলিত অনুপাত; দেনাদাৰ।

(b) তৰলতা অনুপাত; দেনাদাৰ।

(c) চলিত অনুপাত; মজুত পণ্য।

(d) তৰলতা অনুপাত, মজুত পণ্য।

উত্তৰঃ (d) তৰলতা অনুপাত, মজুত পণ্য।

(vi) ঋণ আৰু পাবলগা ধনৰ নীতিসমূহ বিশ্লেষণৰ বাবে সহায় কৰে _____।

(a) চলিত হিচাপ।

(b) চলিত সম্পত্তিৰ আৱৰ্তন।

(c) গড় পৰিশোধ সময়।

(d) প্ৰাপ্যধনৰ আৱর্তন।

উত্তৰঃ (d) প্ৰাপ্যধনৰ আৱৰ্তন।

(vii) ব্যৱসায়ৰ মজুত পণ্যৰ কৰ্মদক্ষতা নিৰূপণ কৰে—

(a) তৰল অনুপাত।

(b) চলিত অনুপাত।

(c) মজুত পণ্যৰ আৱৰ্তন।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) মজুত পণ্যৰ আৱৰ্তন।

(viii) ABC কোম্পানীয়ে গ্ৰাহকসকলক 45 দিনলৈ বাকী পৰিশোধ কৰা সময় দিয়ে। ইয়াৰ বাকী সংগ্ৰহ একেবাৰে দুখ লগা হ’ব যেতিয়া গড় সংগ্রহ সময় হ’ব—

(a) 30 দিন।

(b) 36 দিন।

(c) 47 দিন।

(d) 57 দিন।

উত্তৰঃ (d) 57 দিন।

(ix) কোনটো পক্ষই বিশেষকৈ গড় পৰিশোধ সময়ৰ প্ৰতি আগ্রহ দেখুৱায়—

(a) গ্রাহক।

(b) অংশধাৰক।

(c) পাওনাদাৰ।

(d) ক্রেতা।

উত্তৰঃ (c) পাওনাদাৰ।

II. চমু প্রশ্নোত্তৰঃ

1. অনুপাত বুলিলে কি বুজা?

উত্তৰঃ এটা অনুপাতে হৈছে দুটা বা তাতোধিক সংখ্যাৰ সম্বন্ধৰ প্ৰসঙ্গত গণনা কৰা গণিত সম্বন্ধীয় সংখ্যা আৰু ইয়াক ভগ্নাংশ, সমানুপাত, শতকৰা হাৰ আৰু সংখ্যাৰ গুণ বা বাৰ হিচাপে প্ৰকাশ কৰা হয়। বিত্তীয় প্রতিবেদনসমূহৰ পৰা উদ্ধৱ হোৱা সম্পর্কযুক্ত দুটা হিচাপ সম্পৰ্কীয় সংখ্যাৰ দ্বাৰা যেতিয়া অনুপাত গণনা কৰা হয়, তেতিয়া ইয়াকে হিচাপকৰণৰ অনুপাত বুলি কোৱা হয়।

2. অনুপাত বিশ্লেষণে কি বুজায়?

উত্তৰঃ অনুপাত বিশ্লেষণ হৈছে এক কৌশল যাৰ দ্বাৰা পাটিগণিতিক সম্বন্ধসমূহ প্ৰয়োগৰ দ্বাৰা তথ্যসমূহ পুনৰ শ্ৰেণী বিভাজন কৰা হয়। তথ্য ব্যৱহাৰ কৰোতাসকল ই চূড়ান্ত বিত্তীয় তথ্যৰ যোগান ধৰে আৰু অনুসন্ধানৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহ দেখুৱাই দিয়ে।

3. অনুপাত বিশ্লেষণৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ (i) ব্যৱসায়ৰ যিবোৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন তাক জানিবলৈ পাৰি।

(ii) ব্যৱসায়ৰ লাভযোগ্যতা, তৰলতা, শোধক্ষমতা আৰু দক্ষতাৰ স্তৰসমূহৰ গভীৰভাৱে বিশ্লেষণ কৰিব পাৰি।

4. অনুপাতৰ দুটা ব্যৱহাৰ লিখা।

উত্তৰঃ অনুপাতৰ দুটা ব্যৱহাৰ হ’ল—

(i) ব্যৱসায়ৰ লাভযোগ্যতা বিচাৰ কৰাত ই সহায় কৰে।

(ii) ব্যবসায়ৰ তৰলতা বিচাৰ কৰাত ই সহায় কৰে।

5. চলিত অনুপাত কি?

উত্তৰঃ চলিত অনুপাত হৈছে চলিত সম্পত্তি আৰু চলিত দেনাসমূহৰ মাজৰ অনুপাত। ইয়াক নিম্নলিখিত ধৰণেৰে প্ৰকাশ কৰা হয়ঃ

চলিত অনুপাত = চলিত সম্পত্তিসমূহঃ চলিত দেনাসমূহ বা,

চলিত সম্পত্তিসমূহ / চলিত দেনাসমূহ

6. চলিত সম্পত্তিসমূহ কি কি?

উত্তৰঃ চলিত সম্পত্তিসমূহৰ ভিতৰত নগদ হাতে জমা, বেংকত থকা জমাধন, দেনাদাৰ, প্রাপ্য বিনিময় বিল, মজুত পণ্য, অগ্রিম প্রদত্ত খৰচসমূহ, উপার্জিত আয় আৰু হ্রস্বকালীন বিনিয়োগসমূহ তথা বিক্রয়যোগ্য প্রতিভূতিসমূহ অন্তর্গত হয়।

7. চলিত দেনাসমূহ কি কি?

উত্তৰঃ চলিত দেনাসমূহৰ ভিতৰত পাওনাদাৰ, প্ৰদেয় বিনিময় বিল, অপ্রদত্ত খৰচসমূহ, অগ্রিম কৰ, সংযোজন কৰাৰ পিচৰ প্ৰকৃত কৰা আৰোপণৰ ভৱিষ্যৎ ব্যৱস্থা বেংকৰ জমাতিৰিক্ত, হ্রস্বকালীন ঋন, অগ্রিম প্রাপ্ত আয় আদি অন্তর্ভুক্ত।

৪. চলিত অনুপাত সাধাৰণতে কিমান হোৱা উচিত?

উত্তৰঃ চলিত অনুপাত সাধাৰণতে 2:1 হোৱা উচিত।

9. তৰল বা ত্বৰিৎ অনুপাত কি?

উত্তৰঃ তৰল বা ত্ববিৎ অনুপাত হৈছে তৰল বা ত্ববিৎ সম্পত্তিসমূহৰ লগত চলিত দেনাসমূহৰ অনুপাত। ইয়াক নিম্নলিখিত ধৰণেৰে প্ৰকাশ কৰা হয়।

ত্বৰিৎ অনুপাত = ত্বৰিত সম্পত্তিসমূহঃ চলিত দেনাসমূহ বা,

ত্বৰিৎ সম্পত্তিসমূহ / চলিত দেনাসমূহ

10. ত্বৰিৎ বা তৰল সম্পত্তিসমূহ কি?

উত্তৰঃ যিবোৰ সম্পত্তি সোনকালে নগদ টকালৈ ৰূপান্তৰ কৰিব পৰা যায় সেইবোৰ সম্পত্তিকেই ত্বৰিৎ সম্পত্তি বোলা হয়। ত্বৰিৎ সম্পত্তিৰ পৰিমাণ গণনা কৰোতে সামৰণি মজুত পণ্য আৰু অগ্রিম প্রদত্ত খৰচসমূহৰ পৰিমাণ চলিত সম্পত্তিৰ পৰিমাণৰ পৰা বিয়োগ কৰিব লাগে।

11. ত্বৰিৎ অনুপাত সাধাৰণতে কিমান হোৱা উচিত?

উত্তৰঃ ত্বৰিৎ বা তৰল অনুপাত সাধাৰণতে 1 : 1 হোৱা উচিত।

12. চলিত অনুপাত বৃদ্ধিৰ বাবে কি কৰিব লাগে?

উত্তৰঃ চলিত অনুপাত বৃদ্ধিৰ বাবে—

(i) চলিত দেনাসমূহ পৰিশোধ কৰা।

(ii) অংশপত্র মূলধন বিলিকৰণ।

13. অনুপাত বিশ্লেষণৰ এটা সীমাবদ্ধতা লিখা।

উত্তৰঃ (i) মূল্য স্তৰৰ পৰিবৰ্তনৰ অৱস্থা কৰাঃ মূল্যস্তৰৰ পৰিবৰ্তনে বিভিন্ন হিচাপবৰ্ষৰ বিত্তীয় প্রতিবেদনৰ মাজত কৰা বিশ্লেষণ অৰ্থহীন কৰি তোলে; কিয়নো লিপিবদ্ধ কৰা হিচাপকৰণৰ তথ্যই মুদ্ৰাৰ মূল্যৰ পৰিবৰ্তন ইচ্ছাকৃতভাৱে অগ্রাহ্য কৰে।

14. চলিত অনুপাত আৰু তৰল অনুপাতৰ এটা পার্থক্য লিখা।

উত্তৰঃ

চলিত অনুপাততৰল অনুপাত
চলিত অনুপাতে চলিত সম্পত্তি। আৰুতৰল অনুপাতে তৰল সম্পত্তি। আৰু
চলিত দেনাসমূহৰ মাজৰ সম্বন্ধ বুজায়।চলিত দেনাসমূহৰ মাজৰ সম্বন্ধক বুজায়।

15. চলিত আৰু ত্বৰিৎ বা তৰল অনুপাত একে হ’ব পাৰেনে?

উত্তৰঃ পাৰে। যদিহে ব্যৱসায়ত সামৰণি মজুতপণ্য আৰু অগ্রিম প্রদত্ত খৰচসমূহ নাথাকিব ৷

16. তৰল অনুপাত চলিত অনুপাততকৈ কিয় উত্তৰম বুলি কোৱা হয়?

উত্তৰঃ তৰল অনুপাত উত্তম কাৰণ ই সোনকালে নগদ টকালৈ ৰূপান্তৰ কৰিব পৰা সম্পত্তি সমূহকহে সামৰি লয়। সামৰণি মজুতপণ্য তৰল সম্পত্তিৰ ভিতৰত ধৰা নহয় কিয়নো সামৰণি মজুত পণ্যক টকালৈ ৰূপান্তৰ কৰিবৰ বাবে বহুত সময়ৰ প্ৰয়োজন হয়।

17. তৰল সম্পত্তি উলিয়াবৰ বাবে চলিত সম্পত্তিৰ পৰা মজুত পণ্য কিয় বিয়োগ কৰা হয়?

উত্তৰঃ কাৰণঃ

(i) সামৰণি মজুত পণ্য সমূহ বিক্ৰী হ’বনে নহয় আৰু কি দামত বিক্ৰী হ’ব, তাৰ কোনো নিশ্চিয়তা নাই।

(ii) সামৰণি মজুত পণ্যসমূহক নগদ টকালৈ ৰূপান্তৰ কৰিবৰ বাবে অধিক সময়ৰ প্রয়োজন।

18. ঋণ সমাংশ অনুপাত কি?

উত্তৰঃ ঋণ সমাংশ অনুপাতে দীর্ঘকালীন ধাৰ তথা ঋণ আৰু সমাংশৰ মাজত থকা সম্বন্ধ পৰিমাণ কৰে। এই অনুপাতটোৱে এখন প্ৰতিষ্ঠানৰ ঋণগ্রস্ততাৰ মাত্ৰা পৰিমাপ কৰে আৰু ঋণৰ প্ৰতিভূতিৰ পৰিমাণৰ বিষয়ে দীর্ঘকালীন ধাৰ দিওঁতাক এক ধাৰণা দিয়ে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়ঃ

ঋণ সমাংশ অনুপাত = দীর্ঘকালীন ঋণ / অংশপত্ৰ ধাৰকসকলৰ পুঁজি

য’ত, অংশ পত্ৰধাৰক সকলৰ পুঁজি সমাংশ

= সমাংশ পত্রিক মূলধন + সঞ্চিত পুঁজি আৰু ৰাহি—

অবাস্তৱ সম্পত্তি + অগ্রাধিকাৰযুক্ত অংশপাত্রিক মূলধন

দীর্ঘকালীন ধাৰসমূহ = ঋণপাত্রসমূহ + দীর্ঘকালীন ঋণসমূহ

19. মালিকানা অনুপাত কি?

উত্তৰঃ মালিকানা অনুপাতে মালিকৰ অৰ্থাৎ অংশপত্ৰ ধাৰকসকলৰ পুঁজিৰ লগত প্ৰকৃত সম্পত্তিৰ সম্বন্ধকে প্ৰকাশ কৰে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়ঃ

মালিকানা অনুপাত = অংশ পত্ৰধাৰকসকলৰ পুঁজি / নিয়োজিত মূলধন বা প্রকৃত সম্পত্তি

20. মুঠ সম্পত্তিৰ তুলনাত ঋণৰ অনুপাত কি?

উত্তৰঃ মুঠ সম্পত্তিৰ তুলনাত ঋণৰ অনুপাতটোৱে সম্পত্তিসমূহৰ দ্বাৰা দীর্ঘকালীন ধাৰাসমূহ কিমানখিনি সামৰি লয় তাৰ বিস্তৃতিৰ বিষয়ে পৰিমাপ কৰে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়।

মুঠ সম্পত্তিৰ তুলনাত ঋণৰ অনুপাত = মুঠ সম্পত্তি / দীর্ঘকালীন ঋণ

21. বিক্ৰী ফলৰ অনুপাতে কি সুচায়?

উত্তৰঃ কাৰ্য বা আৱৰ্তন বা বিক্ৰীফলৰ অনুপাতসমূহে ব্যৱসায়ৰ যোগ্যতাৰ দ্বাৰা বিক্ৰী তথা আৱৰ্তন বৃদ্ধি কৰিবলৈ সক্ষম হোৱা সক্ৰিয়তাৰে স্তৰ প্ৰদৰ্শন কৰে।

22. মুঠ লাভৰ অনুপাত কি?

উত্তৰঃ বিক্ৰীৰ শতকৰা হিচাপে মুঠ লাভৰ মাত্ৰাৰ বিষয়ে আভাস পাবৰ বাবে মুঠ লাভৰ অনুপাত গণনা কৰা হয়। ইয়াক নিম্নলিখিত সূত্ৰৰ সহায়ত গণনা কৰা হয়ঃ

মুঠ লাভৰ অনুপাত = মুঠ লাভ / প্রকৃত বিক্ৰী × 100

23. প্ৰকৃত লাভৰ অনুপাত কি?

উত্তৰঃ প্রকৃত লাভৰ অনুপাত সৰ্বসন্মত লাভৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰে। কাৰ্য সম্পাদন আৰু অনাকার্য সম্পাদন সম্পৰ্কীয় খৰচ আৰু আয়সমূহ ধৰাৰ পিচত নিৰ্ধাৰণ কৰা প্ৰকৃত লাভৰ সৈতে বিক্ৰীৰ পৰিমাণৰ সম্পৰ্কৰ বিষয়ে ই জড়িত। ইয়াক নিম্নলিখিত সূত্ৰৰ সহায়ত গণনা কৰা হয়ঃ

প্ৰকৃত লাভৰ অনুপাত = প্রকৃত লাভ / বিক্রী x 100

24. ব্যৱসায়িক কার্য পৰিচালনা অনুপাত কি?

উত্তৰঃ কাৰ্য পৰিচালন অনুপাত বিক্ৰীৰ তুলনাত কার্য সম্পাদন ব্যয় বিশ্লেষণ কৰিবৰ বাবে গণনা কৰা হয়। ইয়াক নিম্নলিখিত সূত্ৰত সহায়ত গণনা কৰা হয়।

পৰিচালন অনুপাত = (বিক্ৰী কৰা পণ্যৰ কিনাদাম + কাৰ্য পৰিচালন খৰচসমূহ)/প্রকৃত বিক্রী × 100

25. মজুত পণ্য আৱৰ্তন অনুপাত কি?

উত্তৰঃ এক নিৰ্দিষ্ট কৰা হিচাপবৰ্ষৰ ভিতৰত মজুত পণ্য কিমানবাৰ বিক্ৰীলৈ পৰিৱৰ্তিত তাক মজুত পণ্য আবর্তন অনুপাতে নিৰ্ধাৰণ কৰে। ই বিক্ৰী কৰা পণ্যৰ কিনা দাম আৰু মজুত পণ্যৰ মূল্যৰ মাজত থকা সম্বন্ধ প্রকাশ কৰে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়। 

মজুত পণ্য আৱৰ্তন অনুপাত = বিক্ৰী কৰা পণ্যৰ কিনাদাম / গড় মজুত পণ্যৰ মূল্য

26. দেনাদাৰৰ আবৰ্তন অনুপাত কি?

উত্তৰঃ দেনাদাৰ বা প্ৰাপ্যধনৰ আৱৰ্তন অনুপাতে বাকী বিক্ৰী আৰু দেনাদাৰসকলৰ মাজৰ সম্বন্ধ প্ৰকাশ কৰে ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়ঃ

দেনাদাৰৰ আৱৰ্তন অনুপাতঃ প্রকৃত বাকী বিক্ৰী / গড় প্রাপ্য ধনৰ হিচাপসমূহ

য’ত

গড় প্ৰাপ্যধনৰ হিচাপসমূহ = (আৰম্ভণি দেনাদাৰ + আৰম্ভণি প্রাপ্য বিনিময় বিল + সামৰণি দেনাদাৰ + সামৰণি প্ৰাপ্য বিনিময় বিল)।

27. দেনাদাৰৰ আৱৰ্তন অনুপাতৰ তাৎপর্য কি?

উত্তৰঃ দেনাদাৰ বা প্রাপ্যধনৰ আৱৰ্তন অনুপাতে প্ৰতিষ্ঠানৰ তৰলতা অৱস্থা দেনাদাৰসকলৰ হাতত সোমাই থকা প্রাপ্য ধনসমূহ আদায় কৰাৰ ক্ষিপ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। এই অণুপাতটোৱে হিচাপবৰ্ষৰ ভিতৰত কিমানবাৰ প্ৰাপ্য ধনসমূহৰ আবৰ্তন আৰু নগদ টকালৈ ৰূপান্তৰ হৈছে তাক নিৰ্দেশ কৰে। এই অনুপাতটোৱে গড় সংগ্রহ কাল গণনা কৰাত সহায় কৰে।

28. পাওনাদাৰৰ আৱৰ্তন অনুপাত কি?

উত্তৰঃ পাওনাদাৰৰ আৱৰ্তন অনুপাতে দেয়ধনৰ হিচাপসমূহৰ পৰিশোধৰ নমুনা নির্দেশ কৰে। যিহেতু দেয়ধনৰ হিচাপসমূহৰ পৰিমাণ বাকী ক্ৰয়ৰ বাবে উদ্ভৱ হয়, সেয়ে ই বাকী ক্রয় আৰু পৰিশোধ কৰিবলগীয়া হিচাপসমূহৰ মাজত থকা সম্বন্ধ প্রকাশ কৰে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়ঃ

পাওনাদাৰ আবৰ্তন অনুপাত = প্ৰকৃত বাকী ক্ৰয়ৰ পৰিমাণ /

গড় পৰিশোধ কৰিবলগীয়া হিচাপসমূহৰ পৰিমাণ

ইয়াত, গড় পৰিশোধ কৰিবলগীয়া হিচাপসমূহৰ পৰিমাণ = (আৰম্ভণি পাওনাদাৰ + আৰম্ভণি প্ৰদেয় বিলৰ পৰিমাণ) + সামৰণি পাওনাদাৰ + সামৰণি প্ৰদেয় বিলৰ পৰিমাণ)/2

III. চমু প্রশ্নোত্তৰঃ

1. অনুপাত বিশ্লেষণ বুলিলে কি বুজায়?

উত্তৰঃ এটা অনুপাত হৈছে দুটা ততোধিক সংখ্যাৰ সম্বন্ধৰ প্ৰসঙ্গত গণনা কৰা গণিত সম্বন্ধীয় সংখ্যা আৰু ইয়াক ভগ্নাংশ, সমানুপাত, শতকৰা হাৰ আৰু সংখ্যাৰ গুণ বা বাৰ হিচাপে প্ৰকাশ কৰা হয়।

অনুপাত বিশ্লেষণ বিত্তীয় প্রতিবেদনসমূহৰ দ্বাৰা ব্যক্ত কৰা ফলাফল ব্যাখ্যা কৰাৰ এক অপৰিহাৰ্য অংশ। অনুপাত বিশ্লেষণ হৈছে এক কৌশল যাৰ দ্বাৰা পাটি গাণিতিক সম্বন্ধসমূহ প্ৰয়োগৰ দ্বাৰা তথ্যসমূহ পুনৰ শ্ৰেণীবিভাজন কৰা হয়।

অনুপাত বিশ্লেষণৰ উদ্দেশ্য হ’ল—

(i) ব্যৱসায়ৰ যিবোৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন তাক জনাটো।

(ii) ব্যৱসায়ৰ লাভযোগ্যতা, তৰলতা শোধক্ষমতা আৰু দক্ষতাৰ স্তৰসমূহ গভীৰভাৱে বিশ্লেষণ কৰাটো।

2. অনুপাত বিশ্লেষণৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ অনুপাত বিশ্লেষণ হৈছে এক কৌশল যাৰ দ্বাৰা পাটিগাণিতিক সম্বন্ধসমূহ প্ৰয়োগৰ দ্বাৰা তথ্যসমূহ পুণৰ শ্ৰেণীবিভাজন কৰা হয়। ইয়াৰ উদ্দেশ্যসমূহ হ’ল—

(i) ব্যৱসায়ৰ যিবোৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন তাক জানিবলৈ।

(ii) সম্ভাৱনাসূচক ক্ষেত্রসমূহ, যিবোৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰচেষ্টাৰ সহায়ত উন্নতি সাধিব পাৰি তাক জানিবলৈ।

(iii) ব্যৱসায়ৰ লাভযোগ্যতা, তৰলতা শোধক্ষমতা আৰু দক্ষতাৰ স্তৰসমূহৰ গভীৰভাৱে বিশ্লেষণ কৰিবলৈ।

(iv) উত্তম শিল্পৰ মানৰ সৈতে সম্পাদিত কাৰ্য তুলনাৰ দ্বাৰা বিভিন্ন শাখাৰ বিশ্লেষণ কৰিবৰ বাবে তথ্যৰ যোগান ধৰিবলৈ।

(v) তথ্য পৰিকল্পনা কৰিবৰ বাবে উপযোগী আৰু ভৱিষ্যতৰ বাবে মূল্য নিৰ্ধাৰণ কৰিবৰ বাবে বিত্তীয় প্রতিবেদনসমূহৰ পৰা উদ্ভুত কৰা তথ্যৰ যোগান ধৰিবলৈ।

3. অনুপাতৰ প্ৰকাৰসমূহ কি কি?

উত্তৰঃ অনুপাতসমূহক দুই প্রকাৰে ভাগ কৰিব পাৰি।

(i) পৰম্পৰাগত শ্রেণীবিভাগ।

(ii) কর্মভিত্তিক শ্রেণীবিভাগ।

(i) পৰম্পৰাগত ভিত্তিৰ অধীনত অনুপাতসমূহ নিম্নলিখিত ধৰণেৰে শ্ৰেণীবিভাগ কৰা হয়ঃ

(a) আয়-প্রতিবেদন আধাৰিত অনুপাতঃ এটা অনুপাতৰ দুয়োটা চলক আয়ৰ প্ৰতিবেদনৰ পৰা ল’লে অনুপাতক আয় প্রতিবেদন আধাৰিত অনুপাত বোলা হয়।

(b) উদ্ধৃত্তপত্ৰ আধাৰিত অনুপাতঃ যদি অনুপাতৰ দুয়োটা চলক উদ্বৃত্তপত্ৰৰ পৰা লোৱা হয় তেনে অনুপাতক উদ্ধৃত্তপত্ৰ আধাৰিত অনুপাত হিচাপে শ্রেণীবিভাজন কৰা হয়।

(c) মিশ্রিত অনুপাতঃ যদি অনুপাত এটা গণনা কৰোতে এটা চলক আয়ৰ প্ৰতিবেদনৰ পৰা আৰু আনটো চলক উদ্ধৃত্তপত্ৰ পৰা লোৱা হয় তেনেদৰে গণনা কৰা অনুপাতক মিশ্রিত অনুপাত বোলা হয়।

(ii) কর্মভিত্তিক শ্রেণীবিভাগৰ অনুপাতসমূহ হ’লঃ

(a) তৰলতাৰ অনুপাতঃ দায়বহনকাৰীসকলৰ দেয়ধন দিদবলগীয়া হোৱা তাৰিখত পৰিশোধ কৰাৰ ব্যৱসায়ৰ ক্ষমতাকে তৰলতা বুলি জনা যায় আৰু ইয়াক পৰিমাণ কৰিবলৈ গণনা কৰা অনুপাতসমূহক ‘তৰলতা অনুপাত’ বোলে।

(b) শোধক্ষমতাৰ অনুপাতঃ শোধক্ষমতা অৱস্থা পৰিমাপ কৰিবৰ বাবে গণনা কৰা অনুপাতসমূহক ‘শোধক্ষমতাৰ অনুপাত’ বোলা হয়। ইহঁত অপৰিহাৰ্য ভাৱে দীর্ঘকালীন প্ৰকৃতিৰ হয়। 

(c) কাৰ্য বা বিক্ৰী ফলৰ অনুপাতঃ সম্পদৰ কাৰ্যকৰী ব্যৱহাৰৰ ভিত্তিত ব্যৱসায়ৰ কামকাজৰ দক্ষতা পৰিমাপ কৰিবৰ বাবে এই অনুপাতসমূহ গণনা কৰা হয়। গতিকে ইহঁতক দক্ষতাৰ অনুপাতো বোলা হয়।

(d) লাভযোগ্যতাৰ অনুপাতঃ ই বিক্ৰী বা ব্যৱসায়ত বিনিয়োগ কৰা পুঁজি অর্থাৎ সম্পত্তিৰ সম্বন্ধত লাভৰ বিশ্লেষণক বুজায় আৰু এই উদ্দেশ্য পূৰণৰ বাবে গণনা কৰা অনুপাতসমূহক ‘লাভযোগ্যতা অনুপাত’ বোলা হয়।

4. তলৰ অনুপাতসমূহ কিয় অধ্যয়ন কৰা হয়—

(i) মজুত পণ্যৰ আৱৰ্তন।

(ii) দেনাদাৰ আৱৰ্তন।

(iii) প্ৰদেয় ধনৰ আৱৰ্তন।

(iv) কাৰ্যকৰী মূলধনৰ আৱৰ্তন।

উত্তৰঃ (i) মজুত পণ্যত আৱৰ্তন বিক্ৰী পণ্যৰ কিনাদাম আৰু মজুত পণ্যৰ মূল্যৰ মাজত থকা সম্বন্ধ প্ৰকাশ কৰিবৰ বাবে অধ্যয়ন কৰা হয়।

(ii) দেনাদাৰ আবৰ্তনে বাকী বিক্ৰী আৰু দেনাদাৰসকলৰ মাজৰ সম্বন্ধ প্ৰকাশ কৰে।

(iii) প্রদেয় ধনৰ আবৰ্তনে বাকী ক্ৰয় আৰু পৰিশোধ কৰিবলগীয়া হিচাপসমূহৰ মাজত সম্বন্ধ প্ৰকাশ কৰে।

(iv) কাৰ্যকৰী মুলধনৰ আৱৰ্তনে প্রকৃত বিক্ৰী আৰু কাৰ্যকৰী মূলধনৰ মাজৰ সম্বন্ধ প্ৰকাশ কৰে।

5. হিচাপকৰণৰ অনুপাত কি? ইয়াৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা।

উত্তৰঃ এটা অনুপাত হৈছে দুটা বা ততোধিক সংখ্যাৰ সম্বন্ধৰ প্ৰসঙ্গত গণনা কৰা গণিত সম্বন্ধীয় সংখ্যা আৰু ইয়াক ভগ্নাংশ, সমানুপাত, শতকৰা হাৰ আৰু সংখ্যাৰ গুণ বা বাৰ হিচাপে প্ৰকাশ কৰা হয়। বিত্তীয় প্রতিবেদন সমূহৰ পৰা উদ্ভৱ হোৱা সম্পর্কযুক্ত দুটা হিচাপ সম্পৰ্কীয় সংখ্যাৰ দ্বাৰা যেতিয়া অনুপাত গণনা কৰা হয়, তেতিয়া ইয়াক হিচাপকৰণৰ অনুপাত বোলা হয়।

অনুপাতসমূহৰ সীমাবদ্ধতাঃ

(i) অনুপাত হ’ল উপায়হে অস্তিম নহয়ঃ অনুপাতসমূহ শেষ প্রান্তত উপনীত হোৱাৰ উপায়হে, ইহঁত নিজে অন্তিম নহয়।

(ii) সমস্যাসমূহ সমাধান কৰা যোগ্যতাৰ অভাৱঃ অনুপাতসমূহৰ বিশ্লেষণৰ ভূমিকা হৈছে অপৰিহাৰ্যভাৱে নির্দেশাত্মক আৰু ইহঁতে চূড়ান্তভাৱে সমস্যা সমাধানৰ ব্যৱস্থা নকৰে। 

(iii) মানবিশিষ্ট সংজ্ঞাৰ অভাৱঃ অনুপাতসমূহৰ বিশ্লেষণত ব্যৱহাৰ কৰা বিভিন্ন ধাৰণাসমূহৰ মানবিশিষ্ট সংজ্ঞাৰ অভাৱ।

(iv) সার্বজনীনভাৱে গ্রহণযোগ্য স্তৰৰ অভাৱঃ আদৰ্শৱান অনুপাতৰ স্তৰ বিশেষভাৱে উল্লেখ কৰা কোনো সাৰ্বজনীন জোখ-মাখ নাই। সার্বজনীনভাৱে গ্ৰহণযোগ্য স্তৰসমূহৰে কোনো মানবিশিষ্ট তালিকা নাই।

(v) অসম্বন্ধীয় সংখ্যাৰ ওপৰত ভিত্তি কৰা অনুপাতঃ সম্বন্ধ নথকা সংখ্যাৰ বাবে অনুপাত গণনা কৰাটো আৱশ্যকভাৱে এক অর্থহীন অনুশীলন হয়।

6. চলিত অনুপাত আৰু তৰল অনুপাতৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ চলিত অনুপাত আৰু তৰল অনুপাতৰ পাৰ্থক্য—

(i) চলিত অনুপাত হৈছে চলিত সম্পত্তি আৰু চলিত দেনাসমূহৰ মাজৰ অনুপাত। আনহাতে, তৰল অনুপাত হৈছে তৰল সম্পত্তিসমূহৰ লগত চলিত দেনাসমূহৰ অনুপাত।

(ii) স্বাভাৱিকতে, নিৰাপদ হ’বলৈ চলিত অনুপাত 2:1 হোৱাটো বাঞ্ছনীয়। আনহাতে, নিৰাপদ হ’বলৈ তৰল অনুপাত 1:1 হ’ব লাগে বুলি বিবেচনা কৰা হয়।

7. মজুত পণ্যৰ আৱৰ্তনৰ অনুপাত কি? ইয়াক কেনেদৰে গণনা কৰা হয়?

উত্তৰঃ মজুত পণ্যৰ আৱৰ্তন অনুপাতে বিক্ৰী কৰা পণ্যৰ কিনাদাম আৰু মজুত পণ্যৰ মূল্যৰ মাজত থকা সম্বন্ধ প্রকাশ কৰে। এক নিৰ্দিষ্ট কৰা হিচাপ বৰ্ষৰ ভিতৰত মজুত পণ্য কিমানবাৰ বিক্ৰীলৈ পৰিৱৰ্তিত হৈছে তাক এই অনুপাতে নিৰ্ধাৰণ কৰে। ইয়াক নিম্নলিখিত সূত্ৰৰ সহায়ত গণনা কৰা হয়—

মজুত পণ্য আৱর্তন অনুপাত = বিক্ৰী কৰা পণ্যৰ কিনাদাম / গড় মজুত পণ্যৰ মূল্য

মজুত পণ্যৰ নিম্ন আৱৰ্তন নিম্নমানৰ ক্ৰয়, পণ্যৰ অপ্ৰচলন আদিৰ বাবে হ’ব পাৰে আৰু ই এক বিপদ সংকেত দিয়ে। আৱৰ্তনৰ উচ্চহাৰ ভাল, ই কম পৰিমাণত বা নগদ ধন আদায় কৰিবলৈ কম লাভতে সোনকালে পণ্য বিক্ৰী কৰা বাবে হ’ব পাৰে।

৪. দেনাদাৰৰ আৱৰ্তনে কি নিৰ্দেশ কৰে? ইয়াক কেনেদৰে গণনা কৰা হয়?

উত্তৰঃ দেনাদাৰ বা প্ৰাপ্যধনৰ আৱৰ্তন অনুপাতে বাকী বিক্ৰী আৰু দেনাদাৰসকলৰ মাজৰ সম্বন্ধ প্ৰকাশ কৰে। এই অনুপাতটোৱে হিচাপবৰ্ষৰ ভিতৰত কিমানবাৰ প্ৰাপ্য ধনসমূহৰ আৱৰ্তন আৰু নগদ টকালৈ ৰূপান্তৰ হৈছে তাক নিৰ্দেশ কৰে। ইয়াক নিম্নলিখিত সূত্ৰৰ সহায়ত গণনা কৰা হয়—

দেনাদাৰৰ আৱৰ্তন অনুপাত = প্রকৃত বাকী বিক্ৰী / গড় প্ৰাপ্য ধনৰ হিচাপসমূহ

9. দেনাদাৰৰ উচ্চ পৰিমাণৰ আৱৰ্তনে কি বুজায়?

উত্তৰঃ দেনাদাৰ বা প্ৰাপ্যধনৰ আৱৰ্তন অনুপাতে বাকী বিক্ৰী আৰু দেনাদাৰসকলৰ মাজৰ সম্বন্ধ প্রকাশ কৰে। উচ্চ পৰিমাণৰ দেনাদাৰ আৱৰ্তন বুলিলে বুজিব লাগিব যে দেনাদাৰসকলৰ পৰা ধন ক্ষিপ্ৰতাৰে সংগ্ৰহ কৰা হৈছে। এই অনুপাতটোৱে গড় সংগ্রহ কাল গণনা কৰাত সহায় কৰে। ইয়াক এবছৰৰ দিন বা মাহৰ সংখ্যাক দেনাদাৰ আৱৰ্তন অনুপাতেৰে হৰণ কৰি গণনা কৰা হয়।

IV. ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

1. তৰলতা অনুপাতসমূহ কি কি? এই অনুপাতৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ তৰলতা অনুপাতসমূহৰ ভিতৰত চলিত অনুপাত আৰু তৰল অনুপাতক অন্তৰ্ভুক্ত কৰা হয়।

চলিত অনুপাতঃ চলিত অনুপাত হৈছে চলিত সম্পত্তি আৰু চলিত দেনাসমূহৰ মাজৰ অনুপাত। চলিত সম্পত্তিসমূহৰ ভিতৰত নগদ হাতে জমা, বেংকত থকা জমা ধন, দেনাদাৰ আদি অন্তৰ্গত হয়। আনহাতে চলিত দেনাসমূহে পাওনাদাৰ, প্ৰদেয় বিনিময় বিল, অপ্ৰদত্ত খৰচসমূহ আদি সামৰি লয়।

চলিত সম্পত্তিয়ে কিমানখিনি চলিত দেনা সামৰি লৈছে সেই পৰিমাণৰ পৰিমাপৰ বিষয়ে তথ্যৰ যোগান ধৰে। এই অনুপাতটো বেছিও হ’ব নালাগে বা অতি কমো হ’ব নালাগে। এটা অতি উচ্চ চলিত অনুপাতে চলিত সম্পত্তিত অধিক পৰিমাণৰ বিনিয়োগ কৰাকে বুজায়। এটা নিম্ন অনুপাতে ব্যৱসায়লৈ বিপদ মাতি আনে আৰু ইয়াক এনে এটা অৱস্থাৰ সন্মুখীন কৰায় য’ত ব্যৱসায়টোৱে সময়ত হ্রস্বকালীন ধাৰসমূহ পৰিশোধ কৰিবলৈ সক্ষম নহয়। স্বাভাৱিকতে এই অনুপাতটো 2:1 হোৱাটো বাঞ্ছনীয়।

তৰল অনুপাতঃ তৰল বা ত্বৰিত অনুপাত হৈছে তৰল সম্পত্তিসমূহৰ লগত চলিত দেনাসমূহৰ অনুপাত। যিবোৰ সম্পত্তি সোনকালে নগদ টকালৈ ৰূপান্তৰ কৰিব পাৰি সেইবোৰ সম্পত্তিকেই তৰল সম্পত্তি বোলা হয়। ত্বৰিত সম্পত্তিৰ পৰিমাণ গণনা কৰোতে সামৰণি মজুত পণ্য আৰু অগ্রিম প্রদত্ত খৰচসমূহৰ পৰিমাণ চলিত সম্পত্তিৰ পৰিমাণৰ পৰা বিয়োগ কৰিব লাগে। ইয়াক ব্যৱসায়ৰ তৰলতা অৱস্থাৰ বাবে অতিৰিক্ত পৰীক্ষা হিচাপে কাম কৰিবৰ বাবে গণনা কৰা হয় আৰু সেয়ে ইয়াক অগ্নিপৰীক্ষা অনুপাত বোলা হয়। এই অনুপাতটোৱে কোনো প্ৰবাহ নোহোৱাকৈ ব্যৱসায়ৰ হ্রস্বকালীন দায়বদ্ধতাসমূহ পৰিশোধ কৰা ক্ষমতা পৰিমাপৰ ইঙ্গিত দিয়ে। স্বাভাৱিকতে, নিৰাপদ হ’বলৈ এই অনুপাতটো 1:1 হ’ব লাগে।

2. লাভ-যোগ্যতাৰ অনুপাতসমূহ কি কি? ইহঁতক কেনেকৈ গণনা কৰা হয়?

উত্তৰঃ লাভযোগ্যতা অনুপাতসমূহ আৰু ইহঁতক গণনা কৰিব পৰা সূত্ৰসমূহ তলত উল্লেখ কৰা হ’ল—

(i) মুঠ লাভৰ অনুপাতঃ বিক্ৰীৰ শতকৰা হিচাপে মুঠ লাভৰ মাত্ৰাৰ বিষয়ে আভাস পাবৰ বাবে মুঠ লাভৰ অনুপাত গণনা কৰা হয়। ইয়াক নিম্নলিখিত সূত্ৰৰ সহায়ত গণনা কৰা হয়—

মুঠ লাভৰ অনুপাত = মুঠ লাভ / প্রকৃত বিক্ৰী x 100

(ii) কার্য পৰিচালন অনুপাতঃ কাৰ্য পৰিচালন অনুপাত বিক্ৰীৰ তুলনাত কাৰ্য সম্পাদন ব্যয় বিশ্লেষণ কৰিবৰ বাবে গণনা কৰা হয়।

কার্য পৰিচালন অনুপাত = (বিক্ৰী কৰা পণ্যৰ কিনাদাম + কাৰ্য পৰিচালন খৰচসমূহ)। প্রকৃত বিক্ৰী × 100

(iii) কার্য পৰিচালন লাভৰ অনুপাতঃ ব্যবসায়িক কার্য পৰিচালন লাভৰ অনুপাতক পৰিচালন লাভৰ মাত্ৰা প্ৰকাশ কৰিবৰ বাবে গণনা কৰা হয়।

কাৰ্য পৰিচালন লাভৰ অনুপাত = 100 -পৰিচালন অনুপাত বিকল্প হিচাপে,

কাৰ্য পৰিচালন লাভৰ অনুপাত = কার্য পৰিচালন / বিক্ৰী × 100

ইয়াত, পৰিচালন লাভ = বিক্রী – কার্য সম্পাদন ব্যয়।

(iv) প্ৰকৃত লাভৰ অনুপাতঃ কার্য সম্পাদন আৰু অনাকার্য সম্পাদন সম্পৰ্কীয় খৰচ আৰু আয়সমূহ ধৰাৰ পিচত নিৰ্ধাৰণ কৰা প্ৰকৃত লাভৰ সৈতে বিক্ৰীৰ পৰিমাণৰ সম্পৰ্কৰ বিষয়ে ই জড়িত। ইয়াক নিম্নলিখিত সূত্ৰৰ সহায়ত গণনা কৰা হয়—

প্ৰকত লাভৰ অনুপাত = প্ৰকৃত লাভ/বিক্রী × 100

(v) নিয়োজিত মূলধন তথা বিনিয়োগৰ ওপৰত প্রত্যর্পণঃ নিয়োজিত মূলধন তথা বিনিয়োগৰ ওপৰত প্ৰত্যর্পণে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱহাৰ কৰা সমগ্ৰ পুঁজি সামৰি লয়। 

বিনিয়োগ তথা নিয়োজিত মূলধনৰ ওপৰত প্রত্যর্পণ = সুত আৰু আয়কৰ বাদ দিয়াৰ আগৰ লাভ / নিয়োজিত মূলধন x 100

(vi) প্ৰকৃত মূল্যৰ ওপৰত প্রত্যর্পণঃ অংশপত্ৰ ধাৰকসকলে ব্যৱসায় প্রতিষ্ঠানত বিনিয়োগ কৰা তেওঁলোকৰ ধনৰ পৰা প্ৰতিষ্ঠানখনে যুক্তিসন্মত প্রতিদান উপার্জন কৰিব পাৰিছে নে নাই তাক মূল্যায়ন কৰাত এই অনুপাতৰ গুৰুত্ব আতি বেছি। ইয়াক অংশপত্ৰ ধাৰকসকলৰ পুঁজিৰ ওপৰত প্রত্যর্পণো বোলা হয়। ইয়াক তলত দিয়া ধৰণে গণনা কৰা হয়—

প্ৰকৃত মূল্যৰ ওপৰত প্রত্যর্পণ = আয়কৰ বাদ দিয়াৰ পিছৰ লাভ / অংশপত্ৰ ধাৰকসকলৰ পুঁজি x 100

(vii) প্রতি অংশপত্ৰৰ অৰ্জনঃ এই অনুপাতটো সমাংশপত্ৰ ধাৰকসকলৰ বাবে আৰু ষ্টক বিনিময় বজাৰৰ ষ্টক মূল্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।

প্ৰতি অংশপত্ৰৰ অৰ্জন = সমাংশপত্ৰধাৰক সকললৈ লভ্য হোৱা লাভ / সমাংশপত্ৰৰ সংখ্যা

ইয়াত, সমাংশপত্ৰধাৰকসকললৈ লভ্য হোৱা লাভ = আয়কৰ বাদ দিয়াৰ পিচৰ লাভ – অগ্ৰাধিকাৰযুক্ত অংশপত্ৰৰ ওপৰত দিবলগীয়া লাভাংশ।

(vii) প্রতি অংশপত্ৰৰ বহীত লিখিত মূল্যঃ এই অনুপাতটো সমাংশপত্ৰ ধাৰকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ ই তেওঁলোকৰ অংশপত্ৰধাৰণৰ মূল্যৰ আৰু অংশপত্ৰৰ বজাৰ মূল্যৰ প্ৰভাৱ সমূহৰ বিষয়ে এক ধাৰণা দিয়ে।

প্রতি অংশপত্ৰৰ বহীত লিখিত মূল্য = সমাংশ পত্ৰধাৰকসকলৰ পুঁজিসমূহ / সমাংশপত্ৰৰ সংখ্যা। 

(ix) লাভ্যাংশ পৰিশোধ অনুপাতঃ এই অনুপাটোৱে অংশপত্ৰধাৰকসকলৰ বিপৰীতে বিতৰণ কৰা অৰ্জনৰ সমানুপাতক নিৰ্দেশ কৰে।

লাভ্যাংশ পৰিশোধ অনুপাত = প্ৰতি অংশপত্ৰৰ লভ্যাংশ / প্ৰতি অংশপত্ৰৰ অৰ্জন

(x) মূল্য অৰ্জন অনুপাতঃ ই ব্যৱসায়ৰ অৰ্জন বৃদ্ধিৰ প্ৰতি বিনিয়োগকাৰীসকলৰ প্ৰত্যাশা আৰু ইয়াৰ অংশপত্ৰসমূহৰ বজাৰ মূল্যৰ যুক্তিযুক্ততা প্রতিফলিত কৰে।

মূল্য অর্জন অনুপাত = প্রতি অংশপত্ৰৰ বজাৰ মূল্য / প্ৰতি অংশপত্ৰৰ অৰ্জন

3. ব্যৱসায় প্ৰতিষ্ঠানৰ শোধ ক্ষমতা কেনেকৈ নিৰ্ণয় কৰিব পাৰি?

উত্তৰঃ ব্যৱসায় প্রতিষ্ঠানৰ শোধক্ষমতা ইয়াৰ দায়বহনকাৰী বিশেষকৈ বাহ্যিক দায়বহনকাৰীসকলৰ লগত চুক্তিবদ্ধ হোৱা দায়বদ্ধতাসমূহ পূৰণ কৰাৰ যোগ্যতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। শোধক্ষমতা অৱস্থা পৰিমাপ কৰিবৰ বাবে গণনা কৰা অনুপাতসমূহক ‘শোধক্ষমতাৰ অনুপাত’ বোলা হয়। ইহঁত অপৰিহাৰ্যভাৱে প্ৰকৃতিৰ হয়। শোধক্ষমতা অনুপাতসমূহ ব্যৱসায়ৰ দীৰ্ঘদিনৰ বাবে ইয়াৰ ধাৰৰ সেৱা আগবঢ়োৱাৰ যোগ্যতা নিৰ্ধাৰণ কৰিবৰ বাবে গণনা কৰা হয়। এটা ব্যৱসায়ৰ শোধক্ষমতা নিৰ্ধাৰণ কৰিবৰ বাবে নিম্নলিখিত অনুপাতসমূহ সাধাৰণতে গণনা কৰা হয়।

(i) ঋণ সমাংশ অনুপাতঃ ঋণ সমাংশ অনুপাতে দীর্ঘকালীন ধাৰ তথা ঋণ আৰু সমাংশৰ মাজত থকা সম্বন্ধ পৰিমাপ কৰে। ঋণ সমাংশ অনুপাত 2 : 1 হলে ইয়াক নিৰাপদ বুলি বিবেচনা কৰা হয়। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়।

ঋণ সমাংশ অনুপাত = দীর্ঘকালীন ধাৰ / অংশপত্ৰ ধাৰকসকলৰ পুঁজি

(ii) ঋণৰ অনুপাতঃ ঋণৰ অনুপাতে দীর্ঘকালীন দেনাৰ লগত মুঠ বাহ্যিক আৰু আভ্যন্তৰীণ পুঁজিৰ মুলধন বা প্রকৃত সম্পত্তি অনুপাতকে বুজায়। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়—

ঋণৰ অনুপাত = দীর্ঘকালীন দেনা / নিয়োজিত মূলধন (বা প্রকৃত সম্পত্তি)

(iii) মালিকানা অনুপাতঃ মালিকানা অনুপাতে মালিকৰ অৰ্থাৎ অংশপত্ৰ ধাৰকসকলৰ পুঁজিৰ লগত প্ৰকৃত সম্পত্তিৰ সম্বন্ধ প্রকাশ কৰে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়—

মালিকানা অনুপাত = অংশ পত্ৰধাৰকসকলৰ পুঁজি / নিয়োজিত মূলধন বা প্রকৃত সম্পত্তি

(iv) মুঠ সম্পত্তিৰ তুলনাত ঋণৰ অনুপাতঃ এই অনুপাতে সম্পত্তিসমূহৰ দ্বাৰা দীর্ঘকালীন ধাৰসমূহ কিমানখিনি সামৰি লয় তাৰ বিস্তৃতিৰ বিষয়ে পৰিমাপ কৰে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়।

মুঠ সম্পত্তিৰ তুলনাত ঋণৰ অনুপাত = মুঠ সম্পত্তি / দীর্ঘকালীন ঋণ

(v) সুত আবৃত অনুপাতঃ সুত আবৃত অনুপাতে সুত পৰিশোধ কৰিবৰ বাবে উপলদ্ধি হোৱা লাভৰ পৰিমাণ আৰু দিবলগীয়া সুতৰ পৰিমাণৰ মাজৰ সম্বন্ধ প্রকাশ কৰে। ইয়াক নিম্নলিখিত ধৰণেৰে গণনা কৰা হয়—

সুত আবৃত অনুপাত = সুত আৰু আয়কৰ বাদ 

দিয়াৰ আগৰ লাভ / দীর্ঘকালীন ধাৰৰ সুত

4. অনুপাত বিশ্লেষণৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ উল্লেখ কৰা।

উত্তৰঃ অনুপাত বিশ্লেষণৰ সুবিধাসমূহ—

(i) সিদ্ধান্তসমূহৰ উপযোগ্যতা বুজাত সহায়কঃ অনুপাত বিশ্লেষণে ব্যৱসায় প্রতিষ্ঠানে লোৱা পৰিচালন, বিনিয়োগ আৰু বিত্তীয় সিদ্ধান্তসমূহ নির্ভুলভাৱে লোৱা হৈছে নে নাই তাক বুজি পোৱাত সহায় কৰে।

(ii) জটিল সংখ্যাসমূহঃ সৰল কৰা আৰু ইহঁতৰ মাজত সম্বন্ধ স্থাপন অনুপাতে বিত্তীয় তথ্যসমূহ কাৰ্যকৰীভাৱে সংক্ষিপ্তকৰণত আৰু পৰিচালনাৰ দক্ষতা, প্ৰতিষ্ঠানৰ খ্যাতিৰ বিশ্বসাযোগ্যতা, অর্জন ক্ষমতা আদিৰ মূল্য নিৰ্ধাৰণত সহায় কৰে।

(iii) তুলনামূলক বিশ্লেষণত সহায়ঃ অনুপাতসমূহ মাত্ৰ এবছৰৰ বাবে গণনা কৰা নহয়। যেতিয়া কেইবাবছৰৰ সংখ্যা ওচৰা উচৰিকৈ ৰখা হয়, তেতিয়া সিহঁতে ব্যৱসায়ত দেখা পোৱা গতিধাৰা অন্বেষণ কৰাত যথেষ্ট সহায় কৰে।

(iv) সমস্যাৰ চিনাক্তকৰণঃ সমস্যাৰ আৰু উজ্জ্বল ক্ষেত্ৰসমূহত অধিক উন্নত ফলাফলৰ বাবে মনোনিবেশ কৰা প্ৰয়োজন। অনুপাতে ব্যৱসায়ৰ সমস্যাৰ ক্ষেত্ৰসমূহ আৰু উজ্জ্বল ক্ষেত্ৰসমূহ চিনাক্তকৰণত সহায় কৰে।

(v) স্বট্ বিশ্লেষণৰ সহায়কঃ অনুপাতসমূহে ব্যৱসায়ত ঘটা পৰিবৰ্তনসমূহ ব্যাখ্যা কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। পৰিবৰ্তনৰ তথ্যই পৰিচালনাক চলিত আশংকা আৰু সুযোগসমূহ বুজি পোৱাত যথেষ্ট সহায় কৰে আৰু ব্যৱসায়ক ইয়াৰ নিজৰ শক্তি, দুর্বলতা, সুবিধা আৰু আশংকা বিশ্লেষণ কৰিবলৈ সুযোগ দিয়ে।

অনুপাত বিশ্লেষণৰ সীমাবদ্ধতাসমূহ—

(i) হিচাপকৰণৰ তথ্যৰ সীমাবদ্ধতাঃ হিচাপকৰণৰ তথ্যই নির্ভুলতা আৰু চূড়ান্ত অৱস্থাৰ প্ৰভাৱৰ প্ৰতিশ্ৰুতি নিদিয়ে। এই কাৰণে বিত্তীয় প্রতিবেদনসমূহে শুদ্ধ অৱস্থা প্রকাশ কৰিব নোৱাৰে আৰু সেয়ে অনুপাতসমূহেও শুদ্ধ প্রতিচ্ছবি দাঙি ধৰিব নোৱাৰে।

(ii) মূল্য স্তৰৰ পৰিৱৰ্তনৰ অৱজ্ঞা কৰাঃ মূল্যস্তৰৰ পৰিবৰ্তনে বিভিন্ন হিচাপবৰ্ষৰ বিত্তীয় প্ৰতিবেদনৰ মাজত কৰা বিশ্লেষণ অৰ্থহীন কৰি তোলে; কিয়নো লিপিবদ্ধ কৰা হিচাপকৰণৰ তথ্যই মুদ্ৰাৰ মূল্যৰ পৰিৱৰ্তন ইচ্ছাকৃতভাৱে অগ্রাহ্য কৰে।

(iii) গুণগত বা আর্থিক দিশৰ অৱজ্ঞাঃ হিচাপকৰণে ব্যৱসায়ৰ কেৱল সংখ্যাগত তথা আর্থিক দিশসমূহৰ তথ্যহে যোগান ধৰে। সেই কাৰণে, অনুপাতসমূহেও অনার্থিক তথা গুণগত কাৰকসমূহ সম্পূৰ্ণকৈ অৱজ্ঞা কৰে।

(iv) হিচাপকৰণৰ পদ্ধতিৰ বিভিন্নতাঃ মজুত পণ্য মূল্যায়ন, অৱক্ষয় গণনা, অস্পর্শণীয় সম্পদসমূহৰ ব্যৱস্থাৱলী, কিছুমান বিত্তীয় চলকৰ সংজ্ঞা আদি ব্যৱসায়িক লেনদেনৰ বিভিন্ন দিশৰ বাবে বিভিন্ন হিচাপ সম্পৰ্কীয় কর্মপন্থা আছে। বিভিন্ন ব্যৱসায় প্রতিষ্ঠানে অনুসৰণ কৰা হিচাপকৰণৰ প্ৰণালিত যিহেতু ভিন্নতা আছে সেয়ে তেওঁলোকৰ বিত্তীয় প্রতিবেদন সমূহৰ বৈধ তুলনা সম্ভৱপৰ নহয়।

(v) পূর্বানুমানঃ কেৱলমাত্র ঐতিহাসিক বিশ্লেষণৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ গতিধাৰাৰ ওপৰত ভৱিষ্যদ্বাণী কৰাটো সম্ভৱ নহয়। উপযুক্ত ভৱিষ্যদ্বানী কৰিবলৈ হ’লে অনার্থিক কাৰকসমূহো বিবেচনাত লোৱাটো দৰকাৰ।

5. বিত্তীয় বিবৃতি বুলিলে কি বুজা? ইয়াৰ ব্যৱহাৰকাৰী পক্ষৰ বিষয়ে লিখা।

উত্তৰঃ ব্যৱসায়ৰ চূড়ান্ত ফলাফল জানিবৰ বাবে বিত্তীয় বছৰৰ শেষত যিবোৰ হিচাপ আৰু বিবৃতি প্ৰস্তুত কৰা হয় তাকে বিত্তীয় বিবৃতি (বা প্রতিবেদন) বোলা হয়। এই বিবৃত্তিসমূহৰ জৰিয়তে ব্যৱসায়ৰ আৰ্থিক লেনদেনবোৰৰ পৰা এটা বিত্তীয় বছৰত হোৱা লাভ বা লোকচানৰ পৰিমাণ আৰু বছৰৰ শেষৰ দিনত ব্যৱসায়ৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানিব পাৰি। এই বিবৃত্তিসমূহ পৰিচালকমণ্ডলী, বিনিয়োগকাৰী, পাওনাদাৰ, বেংক, কৰ্মচাৰী, চৰকাৰ আৰু জনসাধাৰণ সকলোৰে বাবে উপকাৰী। বিত্তীয় বিবৃত্তিৰ অন্তৰ্গত প্রধান দুবিধ বিবৃতি হল—

(ক) আয় বিবৃতি (বা ক্রয়-বিক্রয় হিচাপ আৰু লাভ-লোকচান হিচাপ)। আৰু

(খ) আর্থিক অৱস্থাৰ বিবৃতি (বা উদ্ধৃত্ত পত্র)।

বিত্তীয় বিবৃতিসমূহৰ পৰা সংশ্লিষ্ট বিভিন্ন পক্ষই বিভিন্ন ধৰণৰ তথ্য পাবলৈ ইচ্ছা কৰে। ইয়াৰ কাৰণ এয়ে যে এনে তথ্যৰ পৰা তেওঁলোকে ব্যৱসায়টোৰ সৈতে থকা নিজৰ স্বাৰ্থ ৰক্ষা কৰিব পাৰে।

তলত বিত্তীয় বিবৃত্তিসমূহৰ ব্যৱহাৰকাৰী সকলৰ ব্যাখ্যা কৰা হ’ল—

(ক) পৰিচালনা গোষ্ঠীঃ বিত্তীয় বিবৃতিসমূহ পৰিচালনা গোষ্ঠীৰ বাবে অত্যন্ত প্রয়োজনীয়।পৰিচালনা গোষ্ঠীয়ে ব্যৱসায়ৰ উন্নতিৰ বাবে যথোপযুক্ত আঁচনি প্রস্তুত কৰে। আঁচনি ৰূপায়ণ কাৰ্যৰ কোন দিশত ত্রুটি হৈ গৈছে সেই কথা বিত্তীয় বিবৃতিসমূহে আগবঢ়োৱা তথ্যৰ পৰা জানি ৰৈ সেই ত্রুটি নিৰাকৰণৰ ব্যৱস্থা ল’ব পাৰি।

(খ) বিনিয়োগকাৰীঃ ব্যৱসায়ত ধন বিনিয়োগ কৰিব খোজা ব্যক্তিয়ে ব্যৱসায়টোৰ লাভদায়কতা, আর্থিক স্থিতি আদিৰ বিষয়ে বিত্তীয় বিবৃতিসমূহে আগবঢ়োৱা তথ্যৰ পৰা জানিব পাৰে। বিত্তীয় প্রতিবেদনসমূহত উল্লেখ থকা বিভিন্ন উন্নয়নমূলক আঁচনি পৰীক্ষা কৰি ব্যৱসায়টোৰ সম্ভাব্য অগ্ৰগতিৰ বিষয়েও বিনিয়োগকাৰীয়ে বুজ ল’ব পাৰে।

(গ) পাওনাদাৰঃ ব্যৱসায়ৰ বিত্তীয় প্রতিবেদন পৰীক্ষা কৰি ব্যৱসায়টোৰ ঋণ পৰিশোধ ক্ষমতাৰ বিষয়ে পাওনাদাৰ বা ঋণদাতাসকলে সিদ্ধান্ত লয় অর্থাৎ আর্থিক স্বচ্ছলতা থাকিলেহে তেওঁলোকে ঋণ অনুমোদন কৰে। পাওনাদাৰসকলে বিত্তীয় বিবৃতিসমূহত থকা তথ্যৰ পৰা সম্পত্তিৰ তৰলতাৰ কথা জানিব পাৰে।

(ঘ) কৰ্মচাৰীঃ কৰ্মচাৰীসকল ব্যৱসায়ৰ স্বাৰ্থৰ সৈতে ওতঃপ্রোতভাবে জড়িত। ব্যৱসায়ৰ স্থায়িত্বৰ ওপৰত তেওঁলোকৰ অন্ন সংস্থান নির্ভৰ কৰে। কিছুমান ব্যৱসায়ত বাৰ্ষিক লাভৰ ওপৰত নিৰ্ভৰ কৰি শতকৰা এক নিৰ্দিষ্ট হাৰত লাভৰ এটা অংশ কৰ্মচাৰীসকলৰ মাজত ভাগ কৰি দিয়া হয়। ইয়াক বনাচ বোলে। বিত্তীয় বিবৃতিসমূহৰ তথ্যৰ পৰা বাৰ্ষিক লাভৰ পৰিমাণ জানি লৈ তেওঁলোক উপযুক্ত হাৰত বনাচ পাইছে নে নাই সেই কথা জানিব পাৰে।

(ঙ) চৰকাৰঃ ব্যৱসায়ীসকলৰ পৰা চৰকাৰে আয় কৰ, বিক্ৰী কৰ আদি সংগ্ৰহ কৰে। বিত্তীয় বিবৃতিত থকা তথ্যৰ ওপৰত ভিত্তি কৰি কৰ নিৰ্ধাৰণ কৰা হয়। সঠিক মানৰ পণ্য বা সেৱা জনসাধাৰণক উচিত মূল্যত ব্যৱসায়সমূহে যোগান ধৰিছে নে নাই সেই বিষয়টো চৰকাৰে চোকা দৃষ্টি ৰাখিব লাগে। এইবোৰ কাৰণতে ব্যৱসায়ৰ বিবৃতিসমূহৰ সৈতে চৰকাৰৰো স্বার্থ জড়িত থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top