Class 11 Political Science Important Chapter 17 জাতীয়তাবাদ

Class 11 Political Science Important Chapter 17 জাতীয়তাবাদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 17 জাতীয়তাবাদ Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 17 জাতীয়তাবাদ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 17

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰণ কৰা-

১। জাতীয়তা শব্দৰ উৎপত্তি __________ ভাষাৰ ‘Natio’ শব্দৰ পৰা হৈছে।

উত্তৰঃ জাতীয়তা শব্দৰ উৎপত্তি লেটিন ভাষাৰ ‘Natio’ শব্দৰ পৰা হৈছে।

২। ‘Nation is a union of masses of men’ বুলি কৈছিল চিন্তাবিদ __________।

উত্তৰঃ ‘Nation is a union of masses of men’ বুলি কৈছিল চিন্তাবিদ ব্লান্টছলিয়ে (Bluntschli)।

৩। __________ বিপ্লৱৰ ফলত ইউৰোপত জাতীয়তাবাদৰ বিস্তাৰ ঘটে।

উত্তৰঃ ফৰাচী বিপ্লৱৰ ফলত ইউৰোপত জাতীয়তাবাদৰ বিস্তাৰ ঘটে।

৪। ‘এক জাতি, এক ৰাষ্ট্ৰ’ নীতিক ___________ সন্ধিৰ পিছত প্ৰয়োগ কৰা হৈছিল।

উত্তৰঃ ‘এক জাতি, এক ৰাষ্ট্ৰ’ নীতিক ভাৰ্ছাইলছ সন্ধি (Treaty of Versailles) সন্ধিৰ পিছত প্ৰয়োগ কৰা হৈছিল।

৫। ভাৰতত জাতীয় পতাকা উত্তোলন কৰা হয় ___________ আৰু ২৬ জানুৱাৰীত।

উত্তৰঃ ভাৰতত জাতীয় পতাকা উত্তোলন কৰা হয় ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত।

সত্য/অসত্য-

১। জাতীয়তাবাদ হৈছে কেৱল এটা ৰাজনৈতিক ধাৰণা।

উত্তৰঃ অসত্য।

২। জাতীয়তাবাদে কেতিয়াবা উগ্র ৰূপ লৈ বিশ্বযুদ্ধৰ সৃষ্টি কৰিছিল।

উত্তৰঃ সত্য।

৩। হায়েছৰ মতে, জাতীয়তা আৰু দেশপ্ৰেমৰ মিলনেই জাতীয়তাবাদ।

উত্তৰঃ সত্য।

৪। জাতীয় আত্মনিয়ন্ত্ৰণৰ নীতি সকলোৰে বাবে উপযুক্ত আৰু নিৰাপদ।

উত্তৰঃ অসত্য।

৫। বহুগোষ্ঠী-সংস্কৃতিবাদ হৈছে জাতীয়তাবাদৰ বিপৰীত এক চিন্তা।

উত্তৰঃ অসত্য।

চুটি প্রশ্ন-উত্তৰ-

১। ‘জাতীয়তা’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘জাতীয়তা’ শব্দৰ অৰ্থ হৈছে- এটা জাতিৰ ভিতৰত ভাষা, সংস্কৃতি, ইতিহাস আদিৰ ওপৰত আধাৰিত ঐক্য আৰু আত্মিক সংহতি।

২। ‘জাতি’ কাক বোলে?

উত্তৰঃ যিসকল মানুহ উমৈহতীয়া ভাষা, সংস্কৃতি, বাসস্থান আদিত একত্ৰিত, তেওঁলোকেই হৈছে জাতি।

৩। জাতীয়তাবাদৰ মূল উদ্দেশ্য কি?

উত্তৰঃ জাতীয়তাবাদৰ মূল উদ্দেশ্য হৈছে জাতিৰ বিকাশৰ বাবে এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠন কৰা।

৪। ‘Treaty of Versailles’ কেতিয়া স্বাক্ষৰিত হয়?

উত্তৰঃ ‘Treaty of Versailles’ ১৯১৯ চনৰ (প্ৰথম মহাযুদ্ধৰ পাছত) স্বাক্ষৰিত হয়।

৫। জাতীয় পতাকাই কি বুজায়?

উত্তৰঃ ৰাষ্ট্ৰৰ গৰিমা, গৌৰৱ আৰু জাতীয় ঐক্যৰ প্ৰতিক বুজায়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top