Class 11 Political Science Important Chapter 16 নাগৰিকত্ব

Class 11 Political Science Important Chapter 16 নাগৰিকত্ব Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Political Science Important Chapter 16 নাগৰিকত্ব Solutions in Assamese and select need one. Class 11 Political Science Additional Solutions Assamese Medium Download PDF. HS 1st Year Political Science Important Question Answer in Assamese.

Class 11 Political Science Important Chapter 16 নাগৰিকত্ব

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Political Science Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Political Science Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 16

দ্বিতীয় খণ্ড
IMPORTANT QUESTION AND ANSWER

খালী ঠাই পূৰ কৰা-

১। নাগৰিকত্ব বুলিলে ৰাষ্ট্ৰৰ সৈতে __________ আইনী আৰু নৈতিক সম্পর্কক বুজায়।

উত্তৰঃ নাগৰিকত্ব বুলিলে ৰাষ্ট্ৰৰ সৈতে ব্যক্তিৰ আইনী আৰু নৈতিক সম্পর্কক বুজায়।

২। টি. এইচ. মার্শালে নাগৰিকত্বক __________ সদস্যপদৰ মৰ্যাদা হিচাপে বর্ণনা কৰিছে।

উত্তৰঃ  টি. এইচ. মার্শালে নাগৰিকত্বক সম্পূর্ণ আৰু সমান সদস্যপদৰ মৰ্যাদা হিচাপে বর্ণনা কৰিছে।

৩। দক্ষিণ আফ্ৰিকাত বর্ণবৈষম্য নীতিক ___________ বোলা হৈছিল।

উত্তৰঃ দক্ষিণ আফ্ৰিকাত বর্ণবৈষম্য নীতিক ‘Policy of Apartheid’ বোলা হৈছিল।

৪। ভাৰতৰ নাগৰিকত্ব আইন প্ৰথম প্ৰণয়ন কৰা হৈছিল __________ চনত।

উত্তৰঃ ভাৰতৰ নাগৰিকত্ব আইন প্ৰথম প্ৰণয়ন কৰা হৈছিল ১৯৫৫ চনত।

৫। কোনো লোকে অন্য ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিলে তেওঁৰ ভাৰতীয় নাগৰিকত্ব ___________ হয়।

উত্তৰঃ কোনো লোকে অন্য ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিলে তেওঁৰ ভাৰতীয় নাগৰিকত্ব হানি হয়।

সত্য/অসত্য-

১। নাগৰিকত্ব কেৱল জন্মৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰঃ অসত্য।

২। ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য নাগৰিকতাৰ এটা গুৰুত্বপূৰ্ণ অৰ্হতা।

উত্তৰঃ সত্য।

৩। এৰিষ্টটলৰ মতে, যিজন ব্যক্তি চৰকাৰত অংশগ্ৰহণ কৰে, তেওঁক নাগৰিক বুলি কোৱা হয়।

উত্তৰঃ সত্য।

৪। ‘Jus Soli’ নীতিত পিতৃ-মাতৃৰ বংশক গুৰুত্ব দিয়া হয়।

উত্তৰঃ অসত্য।

৫। ভাৰতত কেৱল জন্মগতভাৱে নাগৰিকত্ব লাভ কৰিব পাৰি।

উত্তৰঃ অসত্য।

চুটি প্রশ্ন-উত্তৰ-

১। নাগৰিকত্ব বুলিতে কি বুজা?

উত্তৰঃ নাগৰিকত্ব হৈছে ৰাষ্ট্ৰৰ সৈতে ব্যক্তিৰ আইনী আৰু নৈতিক সম্পর্ক, যাৰ মাধ্যমে তেওঁ অধিকাৰ উপভোগ কৰে আৰু কৰ্তব্য পালন কৰে।

২। কে এৰিষ্টটলৰ মতে নাগৰিক কোন?

উত্তৰঃ যিজন ব্যক্তি আইন প্ৰণয়ন বা ন্যায়িক প্ৰশাসনত অংশ লয়, তেওঁক নাগৰিক বুলি কোৱা হয়।

৩। ‘Policy of Apartheid’ কি আছিল?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগসকলৰ ওপৰত বৰ্ণবৈষম্যৰ ভিত্তিত চলোৱা প্ৰথা।

৪। ভাৰতীয় নাগৰিকত্ব কিদৰে হানি হয়?

উত্তৰঃ নাগৰিকত্ব ত্যাগ, অৱসান অথবা বঞ্চিত হোৱাৰ জৰিয়তে।

৫। ‘Jus Soli’ নীতি বুলিলে কি বুজা?

উত্তৰঃ যি ৰাষ্ট্ৰত কোনো শিশু জন্মে, সেই ৰাষ্ট্ৰত তেওঁ নাগৰিকত্ব লাভ কৰে তাকে Jus Soli নীতি বুলি জনা যায়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top