Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Question Answer can be of great value to excel in the examination.

Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 4 ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতীয় স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Chapter – 4

ইতিহাস

Multiple Choice Questions & Answers

1. ‘অসমীয়া লিটাৰেৰী ছচাইটী’ নামৰ সংগঠনটো গঠন হৈছিল—

(a) ১৮৬২ চনত।

(b) ১৮৬৭ চনত।

(c) ১৮৭২ চনত।

(d) ১৮৭৬ চনত।

উত্তৰঃ (c) ১৮৭২ চনত।

2. “অসমীয়া লিটাৰেৰী চ’চাইটী” নামৰ সংগঠনটো গঠন হৈছিল— 

(a) কলিকতাত।

(b) যোৰহাটত।

(c) গুৱাহাটীত।

(d) দৰঙত।

উত্তৰঃ (a) কলিকতাত।

3.অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল— 

(a) ১৮৮৮ চনত।

(b) ১৮৭৩ চনত।

(c) ১৯৮৮ চনত।

(d) ১৮৩৭ চনত।

উত্তৰঃ (a) ১৮৮৮ চনত।

4. “অসমীয়া ভাষা-উন্নতি সাধিনী” সভাই প্রকাশ কৰা আলোচনীখন হ’ল—

(a) অৰুণোদয।

(b) যুগান্তৰ।

(c) জোনাকী। 

(d) বন্দেমাতম।

উত্তৰঃ (c) জোনাকী। 

5. অসম ছাত্র সন্মিলন গঠন হৈছিল—

(a) ১৯১৪ চনত।

(b) ১৯১৫ চনত।

(c) ১৯১৬ চনত।

(d) ১৯১৭ চনত।

উত্তৰঃ (c) ১৯১৬ চনত।

6. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল— 

(a) মিলন।

(b) বন্তি।

(c) জ্ঞান বিকাশ।

(d) স্বাধীন।

উত্তৰঃ (a) মিলন।

7. গুৱাহাটীত অনুষ্ঠিত ‘অসম ছাত্ৰ সন্মিলন’ৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল—

(a) জ্যোতিপ্ৰসাদ আগৰৱালাই।

(b) চন্দ্ৰকুমাৰ আগৰৱালাই।

(c) লক্ষীনাথ বেজবৰুৱাই।

(d) মাণিক চন্দ্ৰ বৰুৱাই।

উত্তৰঃ (c) লক্ষীনাথ বেজবৰুৱাই।

8. সদৌ অসম ৰায়ত সভা গঠন হৈছিল—

(a) ১৯২৮ চনত।

(b) ১৯৩০ চনত।

(c) ১৯৩২ চনত।

(d) ১৯৩৩ চনত।

উত্তৰঃ (d) ১৯৩৩ চনত।

9. সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিবেশন বহিছিল— 

(a) দেৰগাঁৱত।

(b) তেজপুৰত।

(c) নগাঁৱত।

(d) শিৱসাগৰত।

উত্তৰঃ (a) দেৰগাঁৱত।

10. সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল—

(a) জ্যোতিপ্ৰসাদ আগৰৱালাই।

(b) তৰুণৰাম ফুকনে।

(c) নবীন চন্দ্ৰ বৰদলৈয়ে।

(d) যতীন্দ্ৰ নাথ দুৱৰাই।

উত্তৰঃ (c) নবীন চন্দ্ৰ বৰদলৈয়ে।

11. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল— 

(a) কুলধৰ চলিহা।

(b) গোপীনাথ বৰদলৈ।

(c) অম্বিকাগিৰী ৰায় চৌধুৰী।

(d) লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰঃ (a) কুলধৰ চলিহা।

12. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল— 

(a) পদ্মনাথ গোহাঞিবৰুৱা।

(b) অমিয় কুমাৰ দাস।

(c) নবীন চন্দ্ৰ বৰদলৈ।

(d) কুলধৰ চলিহা।

উত্তৰঃ (c) নবীন চন্দ্ৰ বৰদলৈ।

13. অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল— 

(a) ১৯৬২ চনত।

(b) ১৯৬৮ চনত।

(c) ১৯৬৫ চনত।

(d) ১৯৬৯ চনত।

উত্তৰঃ (d) ১৯৬৯ চনত।

14. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল —

(a) ১৯৪৭ চনৰ ২১ জানুৱাৰী।

(b) ১৯৪৭ চনৰ ২৫ জানুৱাৰী।

(c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।

(d) ১৯৪৮ চনৰ ১১ জানুৱাৰী।

উত্তৰঃ (c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।

15. শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল— 

(a) ১৯৬৮ চনত।

(b) ১৯৬০ চনত।

(c) ১৯৬৪ চনত।

(d) ১৯৬৬ চনত।

উত্তৰঃ (a) ১৯৬৮ চনত।

16. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল—

(a) ১৯৫৯ চনৰ ২০ আগষ্টত।

(b) ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত।

(c) ১৯৬০ চনৰ ২০ আগষ্টত।

(d) ১৯৬০ চনৰ ২৫ ছেপ্টেম্বৰত।

উত্তৰঃ (b) ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত।

17. উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খন হ’ল—

(a) অসম কৃষি বিশ্ববিদ্যালয়।

(b) গুৱাহাটী বিশ্ববিদ্যালয়।

(c) অসম পশু চিকিৎসা মহাবিদ্যালয়।

(d) অসম চিকিৎসা মহাবিদ্যালয়। 

উত্তৰঃ (a) অসম কৃষি বিশ্ববিদ্যালয়।

18. উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল— 

(a) ডিব্ৰুগড়ত।

(b) গুৱাহাটীত।

(c) শিলচৰত।

(d) যোৰহাটত।

উত্তৰঃ (a)ডিব্ৰুগড়ত।

19. আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? 

(a) শিৱসাগৰত।

(b) যোৰহাটত।

(c) ডিব্ৰুগড়ত।

(d) গোলাঘাটত।

উত্তৰঃ (a) শিৱসাগৰত।

20. তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল?

(a) হেমচন্দ্ৰ বৰুৱা।

(b) লক্ষ্মীনাথ বেজবৰুৱা।

(c) হেমচন্দ্ৰ গোস্বামী।

(d) চন্দ্ৰকুমাৰ আগৰৱালা।

উত্তৰঃ (d) চন্দ্ৰকুমাৰ আগৰৱালা।

21. ১৯০৩ চনত কোনে আছাম এছ’চিয়েচন গঠন কৰিছিল?

(a) পদ্মনাথ গোহাঁই বৰুৱা।

(b) হেমচন্দ্ৰ গোস্বামী।

(c) নবীন চন্দ্ৰ বৰদলৈ।

(d) মাণিক চন্দ্ৰ বৰুৱা।

উত্তৰঃ (d) মাণিক চন্দ্ৰ বৰুৱা।

22. ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল?

(a) কুলধৰ চলিহা।

(b) গোপীনাথ বৰদলৈ।

(c) নবীন চন্দ্ৰ বৰদলৈ।

(d) বিষ্ণুৰাম মেধি।

উত্তৰঃ (a) কুলধৰ চলিহা।

23. অসমীয়া ভাষাক স্কুল, অফিচ-কাছাৰীত মাধ্যম হিচাবে পুনৰ প্ৰতিষ্ঠা কৰা বছৰটো হ’ল— 

(a) ১৮৭৩ চন।

(b) ১৮৭৫ চন।

(c) ১৮৭৯ চন।

(d) ১৮৭১ চন।

উত্তৰঃ (a) ১৮৭৩ চন।

24. অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা আলোচনীখন—

(a) অৰুণোদয়।

(b) জোনাকী।

(c) বাঁহী।

(d) সঞ্জীৱনী।

উত্তৰঃ (b) জোনাকী।

25. সংগঠিত হোৱাৰ পৰা প্ৰায় ৪০ বছৰ আহোম সভাৰ সম্পাদক আছিল— 

(a) জগন্নাথ বৰুৱা।

(b) পদ্মনাথ গোঁহাই বৰুৱা।

(c) পদ্মধৰ চলিহা।

(d) মাণিক চন্দ্ৰ বৰুৱা।

উত্তৰঃ (b) পদ্মনাথ গোঁহাই বৰুৱা।

26. কোনটো অনুষ্ঠানে ১৮৯৩ চনত ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰিছিল—

(a) ৰায়ত সভা।

(b) আচাম এছ’চিয়েছন।

(c) আহোম সভা।

(d) যোৰহাট সার্বজনিক সভা।

উত্তৰঃ (c) আহোম সভা।

27. অসম প্রাদেশিক কংগ্ৰেছ কমিটীয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ কিমান তম অধিবেশন আহ্বান কৰিছিল— 

(a) ৪০ তম।

(b) ৪২ তম।

(c) ৪৫ তম।

(d) ৪১ তম।

উত্তৰঃ (d) ৪১ তম।

28. বংগ ভংগৰ সময়ত প্ৰস্তাৱিত নতুন প্রদেশখনৰ লগত ‘অসম’ শব্দাটো যোগ নোহোৱাত আপত্তি দেখুওৱা সংগঠনটো হ’ল—

(a) ইউৰোপীয় চাহ খেতিয়ক সংস্থা।

(b) অসম এছ’চিয়েছন।

(c) অসম প্রদেশ কংগ্ৰেছ কমিটি।

(d) আহোম সভা।

উত্তৰঃ (a) ইউৰোপীয় চাহ খেতিয়ক সংস্থা।

29. ‘সেৱা সংগঠন’ নামৰ বিপ্লৱী সংগঠনটো গঢ়ি তোলা ব্যক্তিজন আছিল—  

(a) ক্ষুদিৰাম বসু।

(b) প্রফুল্ল চন্দ্ৰ বয়।

(c) ত্রিগুণা বৰুৱা।

(d) অম্বিকাগিৰি ৰায়চৌধুৰী।

উত্তৰঃ (d) অম্বিকাগিৰি ৰায়চৌধুৰী।

30. মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া ব্যক্তিজন আছিল— 

(a) নবীন চন্দ্ৰ বৰদলৈ।

(b) লীলাধৰ বৰুৱা।

(c) তৰুণৰাম ফুকন।

(d) গোপীনাথ বৰদলৈ।

উত্তৰঃ (b) লীলাধৰ বৰুৱা।

31. সৰু পথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত ফাঁচী দিয়া ব্যক্তিজন কোন আছিল—

(a) কুশল কোঁৱৰ।

(b) দুতিৰাম বৰুৱা।

(c) মণিৰাম দেৱান।

(d) পিয়লি বৰুৱা।

উত্তৰঃ (a) কুশল কোঁৱৰ।

Very Short & Short Type Questions and Answers

1. গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰাত কোনটো অনুষ্ঠান সফল হৈছিল?

উত্তৰঃ অসম এছ’চিয়েছন।

2. স্বাধীনতা আন্দোলনৰ সময়ছোৱাত অসমত প্ৰতিষ্ঠা হোৱা দুটা অনুষ্ঠানৰ নাম লিখা। 

উত্তৰঃ ‘অসম এছ’চিয়েছন’ আৰু ‘যোৰহাট সার্বজনিক সভা’। 

3. ভাৰতবৰ্ষৰ শাসনভাৰ কেতিয়াৰ পৰা ব্ৰিটিছ চৰকাৰৰ হাতলৈ প্ৰত্যক্ষভাৱে গৈছিল?

উত্তৰঃ চিপাহী বিদ্ৰোহৰ পিচৰ পৰা ভাৰতৰ শাসনভাৰ ইংলেণ্ডৰ ৰাজমুকুটৰ অধীনলৈ গৈছিল। 

4. অসমত ‘কোম্পানীৰ ৰাজ্য’ বুলি কোনখিনি সময়ক কোৱা হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনৰ সময়ছোৱাক অসমত ‘কোম্পানীৰ ৰাজ্য’ বুলি কোৱা হৈছিল।

5. জ্ঞান প্রদায়িনী সভা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৭৫ চনত। 

6. জ্ঞান প্রদায়িনী সভা কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ আনন্দৰাম ঢেকীয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাই। 

7. ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৭২ চনত। 

8. ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ কোনে গঠন কৰিছিল?

উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গংগাগোবিন্দ ফুকনে গঠন কৰিছিল। 

9. অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবে প্রথম কোনটো অনুষ্ঠানৰ জন্ম হৈছিল? 

উত্তৰঃ অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবে জন্ম হোৱা প্ৰথমটো অনুষ্ঠান আছিল— ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’।

10. অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবে গঠন হোৱা প্ৰথমটো অনুষ্ঠান ‘অসমীয়া লিটিৰেৰী ছ’চাইটি’ ক’ত গঠন কৰা হৈছিল? 

উত্তৰঃ ১৮৭২ চনত কলিকতাত। 

11. ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ৰ প্ৰধান উদ্দেশ্য কি আছিল? 

উত্তৰঃ ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা, কিন্তু ইয়াত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। 

12. ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ৰ লগত জড়িত থকা ব্যক্তি দুজনৰ নাম লিখা? 

উত্তৰঃ জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱা। 

13. ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ কেতিয়ালৈকে সক্রিয় আছিল? 

উত্তৰঃ ১৮৮৫ চনলৈকে। 

14. অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? 

উত্তৰঃ ১৮৮৮ চনত। 

15. ‘হেমকোষ’ কাৰ অত্যুৎকৃষ্ট কৃতি? 

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।  

16. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বাৰা প্রকাশিত আলোচনীখনৰ নাম কি আছিল?

উত্তৰঃ ‘জোনাকী’। 

17. ‘জোনাকী’ৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালা। 

18. অসম ছাত্র সম্মিলনৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 

উত্তৰঃ ১৯১৬ চনত। 

19. অসম ছাত্ৰ সম্মিলনৰ প্ৰথমখন অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ গুৱাহাটীত।

20. অসম ছত্র সন্মিলনৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ লক্ষীনাথ বেজবৰুৱাই।

21. অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰঃ অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।

22. সদৌ অসম ৰায়ত সভা’ৰ প্ৰথমখন অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ যোৰহাটৰ টিলিকি আমত।

23. ১৯৩৩ চনৰ ৮ এপ্রিল তাৰিখে অনুষ্ঠিত ‘সদৌ অসম ৰায়ত সভা’ৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ নবীন চন্দ্ৰ বৰদলৈয়ে।

24. ১৯৩৪ চনত দেৰগাঁৱত অনুষ্ঠিত ‘সদৌ অসম ৰায়ত সভা’ৰ দ্বিতীয় অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ড° হৰেকৃষ্ণ দাসে।

25. দেৰগাঁওত অনুষ্ঠিত ‘সদৌ অসম ৰায়ত সভা’ৰ দ্বিতীয় অধিৱেশনত কিমানজন কৃষকে অংশ গ্রহণ কৰিছিল?

উত্তৰঃ প্ৰায় ৩০০০ কৃষকে অংশ গ্ৰহণ কৰিছিল। 

26. আহোম সভা কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৯৩ চনত।

27. আহোম সভাৰ প্ৰথমখন অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ শিৱসাগৰ জিলাত। 

28. কোন চনত ‘আহোম সভা’ক ‘আহোম এছ’চিয়েছন’ নাম দিয়া হয়?

উত্তৰঃ ১৯১০ চনত। 

29. কোন চনৰ পৰা আহোম সভা ক্রমান্বয়ে দুর্বল হৈ পৰিছিল?

উত্তৰঃ ১৯৫০ চনৰ পৰা।

30. যোৰহাট সার্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৮৪ চনত।

31. যোৰহাট সার্বজনিক সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?

উত্তৰঃ ৰজা নাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা।

32. যোৰহাট সার্বজনিক সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?

উত্তৰঃ জগন্নাথ বৰুৱা।

33. ব্যামফিল্ড ফুলাৰ কোন আছিল?

উত্তৰঃ ব্যামফিল্ড ফুলাৰ ১৯০৫ চনত অসমৰ মুখ্য আয়ুক্ত আছিল।

34. ‘আছাম এছ’চিয়েছন’ কেতিয়া গঠন কৰা হৈছিল? 

উত্তৰঃ ১৯০৩ চনত।

35. ‘আছাম এছ’চিয়েছন’ কাৰ নেতৃত্বত গঠন?

উত্তৰঃ মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত।

36. অসম প্রদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯২১ চনত।

37. ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? 

উত্তৰঃ ১৮৮৫ চনত।

38. আছাম এছ’চিয়েছনে কোনটো প্ৰতিবেদনৰ আধাৰত প্রস্তাৱিত শাসন সংস্কাৰত অসমকো সাঙুৰি লোৱাৰ দাবী তুলিছিল?

উত্তৰঃ ‘মন্টেগ’ চেমছফ’ৰ্ড ৰিপৰ্ট।

39. অসম প্রাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি কোন আছিল?

উত্তৰঃ কুলধৰ চলিহা।

40. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সম্পাদক কোন আছিল?

উত্তৰঃ নবীন চন্দ্ৰ বৰদলৈ।

41. অসম প্রাদেশিক কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ক’ত আছিল?

উত্তৰঃ গুৱাহাটীত আছিল।

42. অসম প্রাদেশিক কংগ্ৰেছ কমিটিৰ উদ্যোগত অসহযোগৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল?

উত্তৰঃ ১৯২১ চনৰ আগষ্ট মাহত। 

43. অসম প্রাদেশিক কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন ব্যক্তি কোন আছিল? 

উত্তৰূ বিষ্ণুৰাম মেধি। 

44. অসমৰ প্ৰথম প্ৰধানমন্ত্রী কোন আছিল? 

উত্তৰঃ গোপীনাথ বৰদলৈ।

45. ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে অসমত কেইখন আসন পাইছিল?

উত্তৰঃ ১০৮ খন আসনৰ ৫৮ খন আসন পাইছল। 

46. কোনটো চনত ভাৰত আৰু চীনৰ মাজত মনোমালিন্য বৃদ্ধি হৈছিল?

উত্তৰঃ ১৯৬২ চনত।

47. কোন চনত কৰিমগঞ্জত কৃষি গৱেষণা কেন্দ্র স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯১৩ চনত। 

48. কোন চনত তিতাবৰত কৃষক গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯২৩ চনত।

49. অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল? 

উত্তৰঃ যোৰহাটত ১৯৪৮ চনত।

50. অসমত পশু চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৪৮ চনত নগাঁৱত।

51. গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

52. ছাৰ মাইকেল ছেডলাৰ কোন আছিল?

উত্তৰঃ ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ আছিল।

53. বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো কি নামেৰে জনা যায়?

উত্তৰঃ গোপীনাথ বৰদলৈ নগৰ হিচাপে জনা যায়।

54. অসম চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?

উত্তৰঃ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল।

55. অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৰ নাম কি আছিল? 

উত্তৰঃ বেৰী হোৱাইট মেডিকেল স্কুল।

56. বেৰী হোৱাইট মেডিকেল স্কুল কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯০০ চনত। 

57. ড° জনবেৰী হোৱাইট কোন আছিল?

উত্তৰঃ ড° জনবেৰী হোৱাইট লক্ষীমপুৰ জিলাৰ চিভিল চাৰ্জন আছিল।

58. কোন চনত বেৰী হোৱাইট মেডিকেল স্কুলক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নাম দিয়া হৈছিল? 

উত্তৰঃ স্বাধীনতাৰ পিচত ১৯৪৭ চনৰ ৩ নবেম্বৰত।

59. ১৯৫৯ চনত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰঃ বিমলা প্ৰসাদ চলিহা আছিল।

60. ১৯৫৯ চনত অসমৰ বিত্তমন্ত্ৰী কোন আছিল?

উত্তৰঃ ফকৰুদ্দিন আলী আহমেদ আছিল।

61. ১৯৫৯ চনত অসমৰ স্বাস্থ্য মন্ত্ৰী কোন আছিল? 

উত্তৰঃ ৰূপনাথ ব্ৰহ্ম আছিল।

62. অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ উদ্দেশ্যে বিশেষজ্ঞ কমিটি কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫৯ চনৰ ৭ নৱেম্বৰ তাৰিখে।

63. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন কোন চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল? 

উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে। 

64. ড° এছ এন শৰ্মা কোন আছিল?

উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। 

65. শিলচৰ চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯৬৮ চনত। 

66. আহোম এছ’চিয়েছনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী কি আছিল?

উত্তৰঃ আহোম এছ’চিয়েছনৰ এক উল্লেখযোগ্য দাবী আছিল— আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্রদান কৰি তেওঁলোকৰ বাবে বিধান সভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা।

67. জাতীয়তাবাদী আহোম সন্মিলন কোনে গঠন কৰিছিল?

উত্তৰঃ সদৌ অসম আহোম এছ’চিয়েছনৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্ৰেৰিত হৈ এছ’চিয়েছনৰ পৰা ওলাই গৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল। 

68. ১৯০৫ খ্ৰীঃৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হোৱাৰ লগে লগে পূর্ববংগ আৰু অসম কাৰ শাসিত প্রদেশ হয়?

উত্তৰঃ লেফটেনেণ্ট গৱৰ্ণৰ শাসিত প্রদেশ হয়।

69. গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজ ঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন কোনটো আন্দোলনৰ পুঁজিলৈ দান কৰিছিল?

উত্তৰঃ স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল।

70. ‘তিলক সোৱৰণী স্কুল’ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত। 

71. অসমত অসহযোগ আন্দোলনৰ উল্লেখযোগ্য‌ প্রভাৱ কি আছিল?

উত্তৰঃ অসমত অসহযোগ আন্দোলনৰ উল্লেখযোগ্য প্ৰভাৱ হ’ল—কানিৰ প্ৰচলন বন্ধ।

72. অসমত অসহযোগ আন্দোলনৰ এটা উল্লেখযোগ্য গঠন মূলক কাম কি আছিল? 

উত্তৰঃ খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।

73. কুশল কোঁৱৰক কিয় ফাঁচী দিয়া হৈছিল?

উত্তৰঃ সৰুপথাৰত ৰে’ল বগৰোৱাৰ অভিযোগত। 

74. কনকলতা বৰুৱা কোন আছিল?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ গহপুৰত পুলিচৰ গুলীত নিহত হোৱা এগৰাকী ১৪ বছৰীয়া ছোৱালী।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। “অসমীয়া লিটাৰেৰী ছচাইটী” নামৰ সংগঠনটো গঠন হৈছিল—

(ক) ১৮৬২ চনত।

(খ) ১৮৬৭ চনত।

(গ) ১৮৭২ চনত।

(ঘ) ১৮৭৬ চনত।

উত্তৰঃ (গ) ১৮৭২ চনত।

২। “অসমীয়া লিটাৰেৰী চ’চাইটী” নামৰ সংগঠনটো গঠন হৈছিল—

(ক) কলিকতাত।

(খ) যোৰহাটত।

(গ) গুৱাহাটীত।

(ঘ) দৰঙত।

উত্তৰঃ (ক) কলিকতাত।

৩। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল—

(ক) ১৮৮৮ চনত।

(খ) ১৮৭৩ চনত।

(গ) ১৯৮৮ চনত।

(ঘ) ১৮৩৭ চনত।

উত্তৰঃ (ক) ১৮৮৮ চনত।

৪। “অসমীয়া ভাষা-উন্নতি সাধিনী” সভাই প্রকাশ কৰা আলোচনীখন হ’ল—

(ক) অৰুণোদয়।

(খ) যুগান্তৰ।

(গ) জোনাকী।

(ঘ) বন্দেমাত্ৰম।

উত্তৰঃ (গ) জোনাকী।

৫। অসম ছাত্র সন্মিলন গঠন হৈছিল—

(ক) ১৯১৪ চনত।

(খ) ১৯১৫ চনত।

(গ) ১৯১৬ চনত।

(ঘ) ১৯১৭ চনত।

উত্তৰঃ (গ) ১৯১৬ চনত।

৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল—

(ক) মিলন।

(খ) বস্তি।

(গ) জ্ঞান বিকাশ।

(ঘ) স্বাধীন।

উত্তৰঃ (ঘ) মিলন।

৭। গুৱাহাটীত অনুষ্ঠিত ‘অসম ছাত্ৰ সন্মিলন’ৰ প্ৰথম অধিৱেশনত সভাপতিত্ব কৰিছিল—

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাই।

(খ) চন্দ্ৰকুমাৰ আগৰৱালাই।

(গ) লক্ষীনাথ বেজবৰুৱাই।

(ঘ) মাণিক চন্দ্ৰ বৰুৱাই।

উত্তৰঃ (গ) লক্ষ্মীনাথ বেজবৰুৱাই।

৮। সদৌ অসম ৰায়ত সভা গঠন হৈছিল—

(ক) ১৯২৮ চনত।

(খ) ১৯৩০ চনত।

(গ) ১৯৩২ চনত।

(ঘ) ১৯৩৩ চনত।

উত্তৰঃ (ঘ) ১৯৩৩ চনত।

৯। সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিবেশন বহিছিল—

(ক) দেৰগাঁৱত।

(খ) তেজপুৰত।

(গ) নগাঁৱত।

(ঘ) শিৱসাগৰত।

উত্তৰঃ (ক) দেৰগাঁৱত।

১০। সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিবেশনত সভাপতিত্ব কৰিছিল—

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাই।

(খ) তৰুণৰাম ফুকনে।

(ঘ) যতিন্দ্ৰ নাথ দুৱৰাই।

(গ) নবীন চন্দ্ৰ বৰদলৈয়ে।

উত্তৰঃ (গ) নবীন চন্দ্ৰ বৰদলৈয়ে।

১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল—

(ক) কুলধৰ চলিহা।

(খ) গোপীনাথ বৰদলৈ।

(গ) অম্বিকাগিৰী ৰায় চৌধুৰী।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰঃ (ক) কুলধৰ চলিহা।

১২। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল—

(ক) পদ্মনাথ গোহাঞিবৰুৱা।

(খ) অমিয় কুমাৰ দাস।

(গ) নবীন চন্দ্ৰ বৰদলৈ।

(ঘ) কুলধৰ চলিহা।

উত্তৰঃ (গ) নবীন চন্দ্ৰ বৰদলৈ।

১৩। অসমৰ প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা হৈছিল—

(ক) ১৯২১ চনৰ জানুৱাৰী মাহত।

(খ) ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত।

(গ) ১৯২২ চনৰ এপ্ৰিল মাহত।

(ঘ) ১৯২২ চনৰ ফেব্ৰুৱাৰী মাহত।

উত্তৰঃ (গ) ১৯২২ চনৰ এপ্ৰিল মাহত।

১৪। অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল—

(ক) ১৯৬২ চনত।

(খ) ১৯৬৮ চনত।

(গ) ১৯৬৫ চনত।

(ঘ) ১৯৬৯ চনত।

উত্তৰঃ (ঘ) ১৯৬৯ চনত।

১৫। গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল—

(ক) ১৯৪৭ চনৰ ২১ জানুৱাৰী।

(খ) ১৯৪৭ চনৰ ২৫ জানুৱাৰী।

(গ) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।

(ঘ) ১৯৪৮ চনৰ ১১ জানুৱাৰী।

উত্তৰঃ (গ) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।

১৬। শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল-

(ক) ১৯৬৮ চনত।

(খ) ১৯৬০ চনত।

(গ) ১৯৬৪ চনত।

(ঘ) ১৯৬৬ চনত।

উত্তৰঃ (ক) ১৯৬৮ চনত।

১৭। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল—

(ক) ১৯৫৯ চনৰ ২০ আগষ্টত।

(খ) ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত।

(গ) ১৯৬০ চনৰ ২০ আগষ্টত।

(ঘ) ১৯৬০ চনৰ ২৫ ছেপ্টেম্বৰত।

উত্তৰঃ (খ) ১৯২০ চনৰ ২০ ছেপ্টেম্বৰত।

১৮। উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খন হ’ল—

(ক) অসম কৃষি বিশ্ববিদ্যালয়।

(খ) গুৱাহাটী বিশ্ববিদ্যালয়।

(গ) অসম পশু চিকিৎসা মহাবিদ্যালয়।

(ঘ) অসম চিকিৎসা মহাবিদ্যালয়।

উত্তৰঃ (ক) অসম কৃষি বিশ্ববিদ্যালয়।

১৯। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল—

(ক) ডিব্ৰুগড়ত।

(খ) গুৱাহাটীত।

(গ) শিলচৰত।

(ঘ) যোৰহাটত।

উত্তৰঃ (ক) ডিব্ৰুগড়ত।

২০। আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল?

(ক) শিৱসাগৰত।

(খ) যোৰহাটত।

(গ) ডিব্ৰুগড়ত।

(ঘ) গোলাঘাটত।

উত্তৰঃ (ক) ডিব্ৰুগড়ত।

২১। তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল?

(ক) হেমচন্দ্ৰ বৰুৱা।

(গ) হেমচন্দ্র গোস্বামী।

(খ) লক্ষ্মীনাথ বেজবৰুৱা।

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা।

উত্তৰঃ (ঘ) চন্দ্ৰকুমাৰ আগৰৱালা।

২২। ১৯০৩ চনত কোনে আছাম এছ’চিয়েচন গঠন কৰিছিল?

(ক) পদ্মনাথ গোহাঁই বৰুৱা।

(খ) হেমচন্দ্র গোস্বামী।

(গ) নবীন চন্দ্ৰ বৰদলৈ।

(ঘ) মাণিক চন্দ্ৰ বৰুৱা।

উত্তৰঃ (ঘ) মাণিক চন্দ্ৰ বৰুৱা।

২৩। ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্রদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল?

(ক) কুলধৰ চলিহা।

(খ) গোপীনাথ বৰদলৈ।

(গ) নবীন চন্দ্ৰ বৰদলৈ।

(ঘ) বিষ্ণুৰাম মেধি।

উত্তৰঃ (ক) কুলধৰ চলিহা।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱতী হৈছিল?

উত্তৰঃ আসাম এছ’চিয়েচন নামৰ সংগঠনটোৱে।

প্রশ্ন ২। কোন তাৰিখে ‘যোৰহাট সাৰ্বজনিক সভাৰ’ সংগঠন গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৮৬ চনৰ ২ জুন তাৰিখে।

প্রশ্ন ৩। অসমত কেতিয়া শান্তি সেনাবাহিনী গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪০-৪২ চনৰ ভিতৰত।

প্রশ্ন ৪। ‘পূৰ্ণ স্বৰাজ দিৱস’ কেতিয়া পালন কৰা হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে।

প্রশ্ন ৫। ছাইমন কমিছন কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯২৭ চনত।

প্রশ্ন ৬। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন হৈছিল?

উত্তৰঃ ডিব্ৰুগড়ত।

প্রশ্ন ৭। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

প্রশ্ন ৮। ‘হেমকোষ’ খনৰ ৰচক কোন?

উত্তৰঃ হেমচন্দ্ৰ বৰুৱা।

প্রশ্ন ৯। অসমীয়া লিটাৰেৰী ছ’চাইটী কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটী গঠন হৈছিল।

প্রশ্ন ১০। কিমান চনত আৰু ক’ত ‘আসাম এছ’চিয়েচন’ গঢ়ি তোলা হৈছিল?

উত্তৰঃ ১৮৬৭ চনত গুৱাহাটী চৰকাৰী ইংলিছ ছেমিনাৰী প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত আসাম এছ’চিয়েচন নামৰ সংগঠন এটি গঢ়ি তোলা হৈছিল।

প্রশ্ন ১১। ‘আসাম এছ’চিয়েচন’ৰ দ্বিতীয় আৰু তৃতীয় সন্মিলন ক’ত বহিছিল?

উত্তৰঃ ‘আসাম এছ’চিয়েছন’ৰ দ্বিতীয় (১৮৮০) আৰু তৃতীয় সন্মিলন (১৮৮২) চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল।

প্রশ্ন ১২। ১৮৮০ আৰু ১৮৮২ চনত শিৱসাগৰত অনুষ্ঠিত আসাম এছ’চিয়েচন দুখনৰ সভাপতিত্ব কোনে কৰিছিল?

উত্তৰঃ দীননাথ বেজবৰুৱাই।

প্রশ্ন ১৩। ‘আসাম এছ’চিয়েচন’ৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য কি আছিল?

উত্তৰঃ কানি নিবাৰণ কৰাটো।

প্রশ্ন ১৪। মণ্টেগো ছেমফ’ড ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰৰ সময়ত অসমৰ চীফ কমিছনাৰ কোন আছিল?

উত্তৰঃ ছাৰ ৱিট্‌ছনৱেল।

প্রশ্ন ১৫। অসম চৰকাৰে ভূমি নীতি সম্বন্ধীয় “Assam Land and Revenue Regulation, 1886” অধিনিয়মখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰাৰ যো-জা চলাইছিল?

উত্তৰঃ ১৮৮৬ চনৰ ১ জুলাইৰ পৰা।

প্রশ্ন ১৬। ‘যোৰহাট সার্বজনীন সভা’ৰ জন্ম কেতিয়া হৈছিল আৰু এই সভাখনত কিমানজন লোক উপস্থিত হৈছিল?

উত্তৰঃ “যোৰহাট সাৰ্বজনীন সভা’ৰ জন্ম হৈছিল ১৮৮৬ চনৰ ২ জুন তাৰিখে আৰু এই ৰাজহুৱা সভাখনত প্ৰায় ১০,০০০ জন লোক উপস্থিত হৈছিল।

প্রশ্ন ১৭। যোৰহাট সাৰ্বজনিক সভাৰ তৰফৰ পৰা মহাত্মা গান্ধীক কেতিয়া সম্বর্ধনা জনাই অভিনন্দন পত্ৰ দিয়া হৈছিল?

উত্তৰঃ ১৯২১ চনৰ ২৪ আগষ্ট তাৰিখে।

প্রশ্ন ১৮। কিমান চন মানলৈকে যোৰহাট সার্বজনিক সভা বর্তি আছিল?

উত্তৰঃ ১৯২১ চন মানলৈকে।

প্রশ্ন ১৯। ক’ত আৰু কেতিয়া ‘অসম প্রাদেশিক কংগ্ৰেছ’ সমিতি গঠন হৈছিল?

উত্তৰঃ ১৯২১ চনৰ ৫ জুন তাৰিখে গুৱাহাটীত নবীন চন্দ্ৰ বৰদলৈৰ বাসভৱনত ‘অসম প্রাদেশিক কংগ্ৰেছ’ সমিতি গঠন হৈছিল।

প্রশ্ন ২০। ‘অসম প্রাদেশিক কংগ্ৰেছ’ সমিতিৰ প্ৰথমজন সভাপতি আৰু সাধাৰণ সম্পাদক কোন কোন আছিল?

উত্তৰঃ সভাপতি – কুলধৰ চলিহা, সম্পাদক – নবীন চন্দ্ৰ বৰদলৈ।

প্রশ্ন ২১। ‘তেজপুৰ ৰায়ত সভা’ আৰু ‘নগাঁও ৰায়ত সভা’ কেতিয়া গঢ়ি উঠিছিল?

উত্তৰঃ তেজপুৰ ৰায়ত সভা – ১৮৮৪-৮৫ চনত দৰঙত।

নগাঁও ৰায়ত সভা ১৮৮৬-৮৭ চনত নগাঁৱত।

প্রশ্ন ২২। ৰায়ত সভা গঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি আছিল?

উত্তৰঃ ভূমি ৰাজস্ব বৃদ্ধিকৰণৰ প্ৰতিবাদ কৰাটো।

প্রশ্ন ২৩। ১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ৰ পৰা অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসমত পুনৰ সূচনা হোৱা ৰায়ত সভাৰ অৰ্থনৈতিক কাৰ্যসূচী কেইমুখীয়া আৰু কি কি?

উত্তৰঃ দুই মুখীয়া কাৰ্যসূচী আছিল। যেনে—

(ক) অৰ্থনৈতিক। আৰু 

(খ) ৰাজনৈতিক৷

প্রশ্ন ২৪। দৰঙৰ ‘নদুৱাৰ’ আৰু ‘ছয়দুৱাৰ’ ৰায়তসভা দুখন কেতিয়া গঢ়ি উঠিছিল?

উত্তৰঃ দৰঙৰ ‘নদুৱাৰ’ ৰায়ত সভা ১৯৩১ চনৰ ১৮ এপ্রিল তাৰিখে।

দৰঙৰ ‘ছয়দুৱাৰ’ ৰায়ত সভা ১৯৩১ চনৰ ১৩-১৪ জুনত।

প্রশ্ন ২৫। ১৯৩৩ চনত হোৱা অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক’ত হৈছিল আৰু ইয়াত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৩৩ চনত যোৰহাটৰ ওচৰৰ টিলিকিয়ামত নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল।

প্রশ্ন ২৬। অসম ৰায়ত সভাৰ দ্বিতীয় অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৩৪ চনত প্ৰায় ৩,০০০ ৰায়তৰ উপস্থিতিত অসম ৰায়ত সভাৰ দ্বিতীয় অধিৱেশন অনুষ্ঠিত হৈছিল দেৰগাঁৱত। এই অধিৱেশনত সভাপতিত্ব কৰিছিল ডাঃ হৰেকৃষ্ণ দাসে।

প্রশ্ন ২৭। ১৯৩৪-৩৯ চন মানৰ ভিতৰত কিমানখন ৰায়তসভা আছিল?

উত্তৰঃ প্রায় ৩০০ খন মান।

প্রশ্ন ২৮। কাৰ নেতৃত্বত আৰু কেতিয়া কংগ্ৰেছ মন্ত্রীসভা গঠন হৈছিল?

উত্তৰঃ ১৯৩৯ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত।

প্রশ্ন ২৯। আহোম সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? তেওঁ কিমান বছৰ ধৰি আহোম সভাৰ সম্পাদক হৈ আছিল?

উত্তৰঃ প্রায় ৪০ বছৰ ধৰি আহোম সভাৰ সম্পাদক হৈ থকা ব্যক্তিজন আছিল পদ্মনাথ গোহাঁইবৰুৱা৷

প্রশ্ন ৩০। ক’ত আৰু কেতিয়া ‘আহোম সভা’ৰ গঠন হৈছিল?

উত্তৰঃ ১৮৯৩ চনত শিৱসাগৰ ছোৱালী হাইস্কুল প্ৰাংগণত এখন প্রতিনিধিত্বমূলক সভাত ‘আহোম সভা’ৰ জন্ম হৈছিল।

প্রশ্ন ৩১। ১৯৩৫ চনৰ ২০-২১এপ্রিল তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত ‘আহোম সভা’ৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ বাহাদুৰ ৰাধানাথ সন্দিকৈয়ে।

প্রশ্ন ৩২। বিভাজিত ‘আহোম সভা’ৰ এটা অংশ ওলাই গৈ গঠন কৰা সংগঠনটোৰ নাম কি?

উত্তৰঃ ‘জাতীয়তাবাদী আহোম সন্মিলন’।

প্রশ্ন ৩৩। ‘জাতীয়তাবাদী আহোম সন্মিলন’ৰ প্ৰথম অধিৱেশন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৪১ চনৰ ৫-৬ এপ্রিল তাৰিখে শিৱসাগৰৰ ওচৰৰ লাহিঙত।

প্রশ্ন ৩৪। ‘জাতীয়তাবাদী আহোম সন্মিলন’ অধিৱেশন খনত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ পদ্মেশ্বৰ গগৈয়ে।

প্রশ্ন ৩৫। বিভাজিত ‘আহোম সভা’ৰ কোনটো গোট কংগ্ৰেছৰ সমৰ্থক আছিল?

উত্তৰঃ ‘জাতীয়তাবাদী আহোম সন্মিলন’।

প্রশ্ন ৩৬। অসহযোগ আন্দোলনৰ সময়ত কিমান চনৰ কোন মাহত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল?

উত্তৰঃ ১৯২১ চনৰ আগষ্ট মাহত।

প্রশ্ন ৩৭। মহাত্মা গান্ধীৰ মতে তেওঁৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই ৭৫ জন উকিলৰ ভিতৰত মুঠতে কিমান জন উকিলে ওকালতি বৰ্জন কৰি অসহযোগ আন্দোলনত জড়িত হৈ পৰিছিল?

উত্তৰঃ ১৫ জন উকিলে।

প্রশ্ন ৩৮। চৰকাৰী হিচাপ মতে ১৯২১ চনৰ ২৪ নৱেম্বৰৰ পৰা ১৯২২ চনৰ ৩১ জানুৱাৰী ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত আটক কৰা অসহযোগকাৰীৰ সংখ্যা কিমান আছিল?

উত্তৰঃ মুঠতে ৪৭৭ জন অসহযোগকাৰীক গ্ৰেপ্তাৰ কৰি জেলত আটক কৰি ৰাখিছিল।

প্রশ্ন ৩৯। কেতিয়া আৰু কি কি ৰোগত আক্ৰান্ত হৈ অসহযোগ আন্দোলনৰ নেতা চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯২২ চনৰ জুলাই মাহৰ ২০ তাৰিখে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ শ্বিলঙত চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু হৈছিল।

প্রশ্ন ৪০। চৰকাৰী হিচাপ মতে ১৯২২ চনৰ ১৬ ফেব্ৰুৱাৰীলৈ অসমত কলেজ বৰ্জন কৰা ছাত্ৰৰ সংখ্যা কিমান?

উত্তৰঃ ৩৮ জন।

প্রশ্ন ৪১। অসহযোগ আন্দোলনৰ ফলত ১৯২১-২২ চনত অসমত স্কুলৰ ছাত্র সংখ্যা কিমানলৈ হ্রাস পাইছিল?

উত্তৰঃ প্রায় ৭ শতাংশলৈ হ্রাস পাইছিল।

প্রশ্ন ৪২। অসমত জাতীয় স্কুল স্থাপনৰ ক্ষেত্ৰত কোনখন ঠায়ে বেছিকৈ আগভাগ লৈছিল?

উত্তৰঃ গুৱাহাটীয়ে।

প্রশ্ন ৪৩। কেতিয়া আৰু ক’ত প্ৰথমখন জাতীয় স্কুল স্থাপিত হৈছিল?

উত্তৰঃ ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখ বাসভৱনৰ চৌহদতেই অসমৰ প্ৰথমখন জাতীয় স্কুল স্থাপিত হৈছিল।

প্রশ্ন ৪৪। ১৯২১ চনত ফেব্ৰুৱাৰীত ৰোহিণী কুমাৰ চৌধুৰীৰ বাসভৱনত স্থাপিত অসমৰ প্ৰথমখন জাতীয় স্কুলৰ হেডমাষ্টৰজনৰ নাম কি আছিল? পিছলৈ এই স্কুলখনৰ নাম কি হ’ল?

উত্তৰঃ হেড্‌ মাষ্টৰ গোপীনাথ বৰদলৈ । পিছত স্কুলখন উজান বজাৰৰ অসম ক্লাবত তিলক সোঁৱৰণী স্কুল নামে জনাজাত হৈ পৰিছিল।

প্রশ্ন ৪৫। ৬০ জন ছাত্রই গর্ডন স্কুল ত্যাগ কৰি নলবাৰীত গঢ়ি উঠা জাতীয় বিদ্যাপীঠৰ হেড মাষ্টৰজনৰ নাম কি আছিল?

উত্তৰঃ দেৱেন্দ্ৰ নাথ উজীৰ।

প্রশ্ন ৪৬। লোণ আইন ভংগ কৰা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ পৰা কোনে অংশ লৈছিল?

উত্তৰঃ লীলাধৰ বৰুৱা।

প্রশ্ন ৪৭। ১৯৩০ চনত চৰকাৰে কানি-মদ-ভাঙৰ বাবদ কিমান টকাৰ ক্ষতিৰ সন্মুখীন হৈছিল?

উত্তৰঃ প্রায় ১৪ লাখ টকাৰ।

প্রশ্ন ৪৮। কিমান তাৰিখে কংগ্ৰেছে কাৰ্যকৰী সমিতিয়ে ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ ১৪ জুলাই তাৰিখে।

প্রশ্ন ৪৯। অসমত কোন তাৰিখে ‘পঞ্চবীৰ দিৱস’ পালন কৰা হয়?

উত্তৰঃ ১৬ ছেপ্টেম্বৰৰ দিনটো।

প্রশ্ন ৫০। কেতিয়া ভোগেশ্বৰী ফুকননীৰ মৃত্যু হৈছিল?

উত্তৰঃ ২০ ছেপ্টেম্বৰত (১৯৪২ চনত)।

প্রশ্ন ৫১। নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ কাৰ্যালয়ৰ সচিৰজনৰ নাম কি আছিল? তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কি ছদ্মনামেৰে অসম ভ্ৰমণ কৰিছিল?

উত্তৰঃ নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ কাৰ্যালয় সচিব জনৰ নাম আছিল ছাদিক আলি। তেওঁ অনিল বাবু ছদ্মনাম লৈ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসম ভ্ৰমণ কৰিছিল।

প্রশ্ন ৫২। কেতিয়া পুলিচৰ গুলীচালনাত ১৪ বছৰীয়া ছাত্র মদন চন্দ্ৰ বৰ্মন আৰু ৰাউত ৰাম দাসৰ থিতাতে মৃত্যু হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ ২৫ ছেপ্টেম্বৰত বজালীত।

প্রশ্ন ৫৩। নগাঁৱৰ বহমপুৰত কিমান তাৰিখে ‘পঞ্চবীৰ দিৱস’ পালন কৰে?

উত্তৰঃ ১৮ ছেপ্টেম্বৰৰ দিনা।

প্রশ্ন ৫৪। গহপুৰত কোনে গহপুৰ থানাৰ মুধচত পতাকা উত্তোলন কৰিছিল?

উত্তৰঃ ৰামপতি ৰাজখোৱা আৰু আন কেইবাজনৰো সহযোগত।

প্রশ্ন ৫৫। ঢেকিয়াজুলিত কোনে ঢেকিয়াজুলি থানাৰ মৃধচত পাতাকা উত্তোলন কৰিছিল?

উত্তৰঃ মনবৰ নাথে।

প্রশ্ন ৫৬। চতিয়াত কোনে চতিয়া থানাৰ মূধচত পতাকা উত্তোলন কৰিছিল?

উত্তৰঃ চতিয়া থানাৰ কৰ্মী – বিষয়া গোপন সহযোগত।

প্রশ্ন ৫৭। তেজপুৰ থানাৰ মূধচত কোনে পতাকা উত্তোলন কৰিছিল?

উত্তৰঃ জীতেন্দ্ৰ কুমাৰ ভূঞা নামৰ কেতেকীবাৰীৰ যুৱক এজনে।

প্রশ্ন ৫৮। কেতিয়া আৰু কিহৰ অভিযোগত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ ১৫ জুন তাৰিখে সৰুপথাৰত ৰে’ল দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল।

প্রশ্ন ৫৯। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱতী হৈছিল?

উত্তৰঃ আসাম এছ’চিয়েচন নামৰ সংগঠনটোৱে।

প্রশ্ন ৬০। অসমত কেতিয়া শান্তি সেনাবাহিনী গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪০-৪২ চনৰ ভিতৰত।

প্রশ্ন ৬১। ‘পূৰ্ণ স্বৰাজ দিৱস’ কেতিয়া পালন কৰা হৈছিল?

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে।

প্রশ্ন ৬২। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন হৈছিল?

উত্তৰঃ ডিব্ৰুগড়ত।

প্রশ্ন ৬৩। শিলচৰ মেডিবে কলেজ কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

প্রশ্ন ৬৪। অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান কি?

উত্তৰঃ যোৰহাট সার্বজনীন সভা।

প্রশ্ন ৬৫। অসমীয়া লিটাৰেৰী ছ’চাইটী কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?

উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটী গঠন হৈছিল।

প্রশ্ন ৬৬। অসম এছ’চিয়েচনৰ প্ৰথমখন অধিবেশনত নির্বাচিত হোৱা সভাপতি আৰু সম্পাদকৰ নাম লিখা।

উত্তৰঃ সভাপতি গৌৰীপুৰৰ ৰজা প্রভাত চন্দ্ৰ বৰুৱা আৰু সম্পাদক মাণিক চন্দ্ৰ বৰুৱা।

প্রশ্ন ৬৭। ইয়াণ্ডাবু সন্ধিৰ ফলাফল কি আছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ ফলাফলস্বৰূপে ব্ৰিটিছে সেই সময়লৈ সম্পন্ন কৰা আটাইতকৈ খৰচী যুদ্ধখন শেষ কৰে।

প্রশ্ন ৬৮। প্রথম অসমীয়া বাতৰি কাকতখনৰ নাম কি?ই কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ অৰুণোদয়। ই ১৮৪৬ চনত প্ৰকাশ পাইছিল।

প্রশ্ন ৬৯। ‘জোনাকী’ আলোচনীখন প্রথমে কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ ১৯৮৯ চনত প্ৰকাশ পাইছিল। ইয়াৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল।

প্রশ্ন ৭০। অসমত নতুন যুগৰ ইতিহাস ৰচা কেইজনমান ব্যক্তিৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, পদ্মনাথ গোহাঞিবৰুৱা, জগন্নাথ বৰুৱা আদি।

প্রশ্ন ৭১। স্বাধীনতাৰ পাছত অসমৰ প্ৰথম গৱৰ্ণৰ আৰু প্ৰথম মুখ্যমন্ত্ৰী কোন কোন আছিল?

উত্তৰঃ প্রথম গৱৰ্ণৰ – ছাৰ আকবৰ হায়দৰী।

 প্রথম মুখ্যমন্ত্রী— গোপীনাথ বৰদলৈ।

প্রশ্ন ৭২। বৰদলৈ মন্ত্ৰীসভাৰ চাৰ্জিন সদস্যৰ নাম লিখা।

উত্তৰঃ অমিয় কুমাৰ দাস, ৰামনাথ দাস, কামিনী কুমাৰ ডেকা, ৰূপনাথ ব্ৰহ্ম।

প্রশ্ন ৭৩। স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা।

উত্তৰঃ স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম হ’ল— 

(ক) আসাম এছ’চিয়েচন। আৰু 

(খ) যোৰহাট সাৰ্বজনিক সভা। 

প্রশ্ন ৭৪। কংগ্ৰেছ নেতৃত্বাধীন ৰায়ত সভাৰ সংগঠন কেইখলপীয়া আৰু কি কি আছিল?

উত্তৰঃ কংগ্ৰেছ নেতৃত্বাধীন ৰায়ত সভাৰ সংগঠন তিনিখলপীয়া আছিল— 

(ক) প্রাদেশিক ৰায়ত সভা। 

(খ) জিলা ৰায়ত সভা। 

(গ) মৌজা ৰায়ত সভা।

প্রশ্ন ৭৫। কানিংহাম চার্কুলাৰৰ মূল লক্ষ্য কি আছিল?

উত্তৰঃ কানিংহাম চার্কুলাৰৰ মূল লক্ষ্য আছিল স্কুল-কলেজৰ ছাত্ৰসকলক আইন অমান্য আন্দোলনৰ পৰা আঁতৰাই ৰখা।

প্রশ্ন ৭৬। আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল?

উত্তৰঃ পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভা গঠন কৰা হৈছিল । কানি বিৰোধী আন্দোলন আহোম সভাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top