Class 10 Social পাঠ-1 বংগ বিভাজন আৰু স্বদেশী আন্দোলন

Class 10 Social পাঠ-1 বংগ বিভাজন ( ১৯০৫-১৯১১ ) আৰু স্বদেশী আন্দোলন সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social পাঠ-1 বংগ বিভাজন ( ১৯০৫-১৯১১ ) আৰু স্বদেশী আন্দোলন সমাধান and select needs one.

Class 10 Social পাঠ-1 বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – ইতিহাস– সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social পাঠ-1 বংগ বিভাজন ( ১৯০৫-১৯১১ ) আৰু স্বদেশী আন্দোলন – সমাধান Solutions for All Subject, You can practice these here…

বংগ বিভাজন ( ১৯০৫-১৯১১ ) আৰু স্বদেশী আন্দোলন

প্রথম খণ্ড  ইতিহাস

[ PARTITION OF BENGAL ( 1905-1911 A.D. ) AND SWADESHI MOVEMENT ]

অতি চমু উত্তৰৰ প্ৰশ্ন :

 ১। বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ? 

উত্তৰঃ   বংগবিভাজন লর্ড কার্জন  ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। 

২।  ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ  বিভাজন কার্যকৰী হৈছিল ? 

উত্তৰঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ  বিভাজন কার্যকৰী হৈছিল ।

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল ? 

উত্তৰঃ ১১০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰােহিত্যত অনুষ্ঠিত এক বিশাল জনসভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্রহণ কৰা হৈছিল ।

৪। স্বদেশী আন্দোলনৰ সময়ছােৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল ? 

উত্তৰঃ  স্বদেশী আন্দোলনৰ সময়ছােৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা  ভূপেন্দ্রনাথ দত্তই কৰিছিল। 

৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?

উত্তৰঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ ’ নামৰ অনুষ্ঠানটো ১৯০৬ খ্রীষ্টাব্দৰ ১১ মার্চত গঠন কৰা হৈছিলল ।

৭। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?

উত্তৰঃ বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা হ’ল-

 আচার্য প্রফুল্লৰায় । 

৮। কাৰ পৌৰােহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ  দাদাভাই নৌৰজীৰ পৌৰােহিত্যত ১৯০৬ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্রেছৰ বার্ষিক অধিৱেশনত স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰঃ বংগদেশৰ একত্ৰিকৰণ  ১৯১১ খ্রীষ্টাব্দৰ ২ ডিচেম্বৰত হৈছিল ।

চমু উত্তৰৰ প্রশ্ন : 

১ । বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগােলিক সংমণ্ডল উল্লেখ কৰা ।

উত্তৰঃ  বংগদেশত দ্রুতভাৱে উন্মেষ হােৱা জাতীয়তাবাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰাহিন্দু – মুছলমানৰ মাজৰ একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লর্ড কার্জনৰ প্রতিনিধিত্বত ব্রিটিছ চৰকাৰে বংগদেশক দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিন্ধান্ত গ্রহণ কৰে । অসমৰ লগত বংগদেশৰ নিমােক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি ‘পূৰ্ববংগ আৰু অসম’ নামৰ নতুন প্রদেশখন গঠন কৰা হয়–

 ( ক ) ঢাকা ।

 ( খ ) চট্টগ্রাম ।

( গ ) ৰাজশাহী ।

 ২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ।

উত্তৰঃ  ব্রিটিছ চৰকাৰে প্ৰশাসনীয় সুবিধা প্রাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য বুলি ঘােষণা কৰিছিল যদিও ইয়াৰ অন্তর্নিহিত উদ্দেশ্য ভিন্ন আছিল । ব্রিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্রধান উদ্দেশ্যসমূহ হল-

 (ক) বংগ প্রদেশত দ্রুতভাৱে উন্মেষ হােৱা জাতীয়তাবাদৰ ঢৌ প্রতিবােধ কৰা । বংগ প্রদেশক জাতীয়তাবাদৰ প্রাণকেন্দ্র হিচাপে বিবেচনা কৰা হৈছিল ।

(খ) ভাৰতত ব্রিটিছ সাম্রাজ্যৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুৰি অৱতাৰণা কৰিব পৰা হিন্দু – মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা ।

(গ) বংগ প্রদেশক এনেদৰে ভাগ কৰা  যাতে নতুনকৈ বিভক্ত হােৱা প্ৰদেশৰ এখনত হিন্দুসকল সংখ্যালঘুত পৰিণত হয় আৰু আনখন প্ৰদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হয় । এই পদক্ষেপে দুয়ােটা গােটে সংঘবদ্ধভাৱে চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হােৱাৰ সম্ভাৱনা নাইকিয়া কৰিব । 

(ঘ) মুছলমান নেতাসকলক সন্তুষ্ট কৰা আৰু জাতীয়তাবাদ বিকাশত অগ্রণী ভূমিকা লােৱা হিন্দু বঙালীসকলক দুর্বল কৰা ।

 ( ঙ ) কংগ্ৰেছ দলৰ ব্রিটিছ বিৰােধী চৰমপন্থীসকলক নিয়ন্ত্রণ কৰা । 

৩। বংগ বিভাজনবিৰােধী ‘আন্দোলনে স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ।

উত্তৰঃ  ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰত ব্রিটিছ কর্তৃপক্ষই বংগ বিভাজনৰ প্রস্তাৱ উত্থাপন কৰে । অতি সােনকালে সুৰেন্দ্রনাথ বেনার্জী , বিপিন চন্দ্র পাল , অৰবিন্দ ঘােষ , ৰবীন্দ্রনাথ ঠাকুৰ , ৰাসবিহাৰীবসু আদি নেতাসকলে বংগ প্ৰদেশত তীব্রভাৱে বংগ বিভাজনবিৰােধী আন্দোলন গঢ়ি তােলে ।

তেওঁলােকে অনুভৱ কৰিছিল যে প্রদেশখনত বিৰাজ কৰা হিন্দু – মুছলমানৰ একতা বিনষ্ট কৰিবলৈহে এই প্রয়াস কৰা হৈছিল । তেওঁলােকে তীব্র জনমত গঠনৰ উদ্দেশ্যে আৰু জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে স্বাক্ষৰ সংগ্রহৰ অভিযান আৰম্ভ কৰিছিল । তেওঁলােকে ভাৰত সচিবৰ ওচৰত ৭০,০০০ স্বাক্ষৰ থকা প্রতিবাদপত্র অৰ্পণ কৰিছিল যদিও ব্রিটিছ চৰকাৰ আঁকোৰগােজ হৈ থাকিল ।

জনসাধাৰণে ব্রিটিছ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে প্রবল প্রতিবাদীকাৰ্যসূচী আৰু বিক্ষোভ গঢ়ি তুলিছিল । ব্রিটিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বংগদেশত তীব্র জনসংগ্ৰামৰ অৱতাৰণা হয় । জাতি – বর্ণ নির্বিশেষে সকলাে লােকে এই আন্দোলনত যােগদান কৰে ।

জাতীয় কংগ্ৰেছ নেতাসকলে এই নতুন গণ আন্দোলনৰ বৃহৎ সম্ভাৱনা উপলব্ধি কৰি ইয়াকজাতীয় আন্দোলনলৈ ৰূপান্তৰিতকৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে ।১৯০৫ চনৰ ডিচেম্বৰত বাৰাণসীত অনুষ্ঠিত অধিৱেশনত তেওঁলােকে বিভাজন বিষয়টোৰ উধ্বলৈ গতি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।এই নতুন আন্দোলনক স্বদেশী আন্দোলন বুলি অভিহিতৰা হৈছিল ।

কিয়নাে ই বংগৰ সীমা অতিক্রম কৰিছিল আৰু সমগ্র দেশৰ মানুহে বিদেশী বস্তু বর্জন , স্বদেশী বস্তু গ্রহণ আৰু চৰকাৰ প্রদত্ত খিতাপ আৰু পদবী প্রত্যাহাৰৰ ধাৰণা আকোৱালি লৈছিল । এনেদৰে , ব্রিটিছৰ বিৰুদ্ধে হােৱা এই আন্দোলনৰ পৰ্যায়টোক স্বদেশী আন্দোলন’বুলি অভিহিত হৈছিল ।

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ  স্বদেশী আন্দোলনৰ এটা বৃহৎঅৱদান এয়ে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্টঅৰিহণা আগবঢ়াইছিল । এই আন্দোলনে ছাত্র সমাজৰ মনােযােগ আকর্ষণ কৰিছিল আৰু বহুতাে ছাত্রই স্বদেশী আন্দোলনত সক্রিয়ভাৱে অংশ গ্রহণ কৰিছিল ।

ইয়াৰ পৰিণতিত বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে ১৯০৫ চনৰ ১০ অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰ বিৰােধী আন্দোলনত অংশ গ্রহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল।এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্রভাৱে প্রতিবাদ সাব্যস্ত কৰিলে আৰু শ্রেণীকোঠা ত্যাগৰ কাৰ্যসূচী গ্রহণ কৰিলে ।

১৯০৫ চনৰ ৪ নৱেম্বৰত চৰকাৰৰ অন্যার্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাৱেশ সংগঠিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নির্দেশনা অমান্য কৰিবলৈ ‘এন্টি – চার্কুলাৰ ছ’চাইটি ’ গঠন কৰিলে । বিপিন চন্দ্র পাল , ৰবীন্দ্রনাথ ঠাকুৰ , আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে ।

সতীশ চন্দ্র মুখার্জীয়ে ডন ছ’চাইটি’নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিলে । এই ছ’চাইটিয়ে কার্জনৰ বিশ্ববিদ্যালয় আইন ( ১৯০৪ ) আৰু   কাৰ্লাইয়ৰ জাননী ( ১৯০৫ ) সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল । এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল ।

১৯০৫ খ্রীষ্টাব্দত ৰবীন্দ্রনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত ‘বংগ জাতীয় বিদ্যালয়’নামেৰে দুখন শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে । ৰবীন্দ্রনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্রদেশত বহুতাে বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰে।ৰাসবিহাৰী বসুৰ নেতৃত্বত ১৯০৬ খ্রীষ্টাব্দতকলিকতাৰ টাউন হলত জাতীয় শিক্ষা পৰিষদ’গঠন হয় । ১৯০৬ খ্রীষ্টাব্দৰ ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয় ।

এনেদৰে স্বদেশী আন্দোলনৰ সময়ছেৱাত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক বিদ্যালয় স্থাপন হয় । এই সময়ছােৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হয় যি পৰবৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হয় । একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশেত জাতীয় বিদ্যালয় স্থাপন হয় ।

ইয়াৰে কেইখনমান হৈছে বিহাৰ বিদ্যাপীঠ ( পাটনা ) , সমর্থ বিদ্যালয় ( মহাৰাষ্ট্র ) আৰু গুজৰাট বিদ্যালয় ( গুজৰাট ) । 

৫। স্বদেশী আন্দোলনৰ সময়ছােৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?

উত্তৰঃ  স্বদেশী আন্দোলনে আত্মশক্তি বিকাশৰ উদ্যম বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশৰ পথ প্রশস্ত হৈছিল । বিদেশী বস্তু বর্জনৰ মানসিকতা গঢ়ি উঠাত মানুহে স্থানীয়ভাৱে নির্মিত বস্তুৰ প্রতি হাবিয়াহ কৰিলে । ইয়াৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান আৰু বহুতাে ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছিল ।

সূতা কটা কল , ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ , সৰিয়হৰ তেল , চাবােন , চেনি , জুইশলা , বিস্কুট আদিৰ উদ্যোগ স্থাপন হয় । এই সময়ছােৱাতে জাতীয় বেংক আৰু জাতীয় বীমা প্রতিষ্ঠান স্থাপিত হৈছিল । এই সময়ছােৱাত প্রতিষ্ঠা হােৱা এটা প্রতিষ্ঠান আছিল ‘স্বদেশী ভাণ্ডাৰ’ যি পৰৱর্তী পর্যায়ত এক উল্লেখযােগ্য বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল।

ইয়াক ৰবীন্দ্রনাথ ঠাকুৰেপ্ৰতিষ্ঠা কৰিছিল । যোগেশ চন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ যৌথ প্রচেষ্টাত কলিকতাৰ বউবজাৰত ‘ ইণ্ডিয়ান ষ্টোৰছ’ স্থাপিত হৈছিল । কলিকতাৰ কর্ণৱালিছ ষ্ট্রীটত সৰলা দেৱী চৌধুৰীয়ে লক্ষী ভাণ্ডাৰ স্থাপন কৰিছিল । এই সময়ছােৱাতে ‘ইউনাইটেড বেংগল ষ্টেৰছ’ স্থাপিত হৈছিল ।

১৯০৬ খ্রীষ্টাব্দৰ আগষ্ট মাহত নীলৰতন চৰকাৰে ‘বংগলক্ষী কটন মিল’ স্থাপন কৰিছিল । আনহাতে ১৯০৬ খ্রীষ্টাব্দৰ জুলাই মাহত আচার্য প্রফুল্ল ৰায়ে ‘ বেংগল কেমিকেলছ ’ নামৰ উদ্যোগটো স্থাপন কৰে । ১৯০৭ খ্রীষ্টাব্দত জামছেদপুৰত জামছেদজী টাটাৰ দ্বাৰা টাটা লৌহ শিল্প কাৰখানাৰ স্থাপন এই ক্ষেত্ৰত অন্য এক উল্লেখনীয় পদক্ষেপ ।

১৯০৫ খ্রীষ্টাব্দৰ ১৭ ডিচেম্বৰত আৰ চি দাসৰ পৌৰােহিত্যত পােন প্রথমবাৰৰ বাবে বাৰাণসীত ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনে স্বদেশী উদ্যোগৰ সম্ভাৱনীয়তা সম্পর্কে ভাৰতীয় লােকসকলক সজাগ কৰিছিল । এনেদৰে , স্বদেশী আন্দোলনে দেশৰ ঔদ্যোগিক বিকাশক অনুপ্রাণিত কৰিছিল । 

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰােধী কার্যসূচী গ্রহণ কৰিছিল ? 

উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশে ব্রিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলনবিৰােধী কার্যসূচীসমূহ আছিল এনেধৰণৰ

 ( ক ) ব্রিটিছ চৰকাৰে জাতীয় কংগ্রেছৰ উদাৰপন্থী নেতাসকলক এই আশাতেই বিভিন্ন উপাধি , পদক আৰু পদ যাচিছিল যাতে তেওঁলােকে চৰকাৰৰ ক্রিয়াকলাপত সহযােগিতা কৰিব। উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ , ভাইচৰয় পৰিষদৰ সদস্য পদ , ব্রিটিছ সংসদ সদস্যপদ যচা হৈছিল।

সুৰেন্দ্ৰনাথ বেনাৰ্জী , গােপাল কৃষ্ণ গােখলে , বিপিন চন্দ্র পাল প্রমুখ্যে কংগ্ৰেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োৱা প্রস্তাৱ প্রত্যাখ্যান কৰিছিল । 

( খ ) ব্রিটিছচৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলােকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্রতি বিৰােধ প্রদর্শন কৰাৰ উদ্দেশ্যে মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলােকক উৎসাহিত কৰিছিল । এই ক্ষেত্ৰত তেওঁলােক যথেষ্টসফল হয় । 


See Next Page…

Leave a Reply

error: Content is protected !!
Scroll to Top