🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

SEBA Class 10 General Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বংশগতি আৰু ক্ৰমবিকাশ

Chapter – 9

জীৱবিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম –  

(a) TT 

(b) Tt

(c) tt

(d) tT

উত্তৰঃ (c) tt

2. তলৰ কোনযোৰ যৌন ক্ৰম জ’মে এটি ছোৱালী শিশুক সূচায়— 

(a) XY

(b) XX

(c) YY

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (b) XX

3. তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ- 

(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং।

(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং।

(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত।

(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

উত্তৰঃ (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

4. যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব— 

(a) F₂ জনুত।

(b) F₃ জনুত।

(c) F₁ জনুত।

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (a) F₂ জনুত।

5. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় — 

(a) 1 : 9

(b) 9 : 3 : 3 : 1 

(c) 3 : 1

(d) 9 : 1 : 3 : 3

উত্তৰঃ (c) 3 : 1

6. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়— 

(a) 9 : 1 : 1 : 3 

(b) 9 : 3 : 3 : 1

(c) 1 : 3 : 9 : 3

(d) 9 : 3 : 1 : 3

উত্তৰঃ (b) 9 : 3 : 3 : 1

7. তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয় – 

(a) ডাৰউইন।

(b) জোহানসেন। 

(c) বেটিছন।

(d) মেণ্ডেল।

উত্তৰঃ (d) মেণ্ডেল।

8. বংশগতিৰ ভৌতিক আধাৰ হ’ল— 

(a) কোষকেন্দ্র।

(b) কোষপ্রৰস।

(c) ক্ৰম’জ’ম। 

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (c) ক্ৰম’জ’ম। 

9. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিবৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ সৃষ্টি হয়, তাক বোলা হয়— 

(a) প্ৰজাতিকৰণ।

(b) ক্রমবিকাশ।

(c) বংশানুক্রম। 

(d) বিভিন্নতা।

উত্তৰঃ (a) প্ৰজাতিকৰণ।

10. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটৰমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল৷ ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আণুবংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়—

(a) TTWW

(b) TTww

(c) TtWW

(d) TtWw

উত্তৰঃ (c) TtWW

11. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল — 

(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং। 

(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত।

(c) আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

12. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে–

(a) এজন চীনা স্কুলীয়া ল’ৰা।

(b) এটা চিম্পাঞ্জী। 

(c) এটা মকৰা।

(d) এটা বেক্টেৰিয়া। 

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ল’ৰা।

13. বেলেগ উৎপত্তি কিন্তু দেখাত আৰু কার্যত একে ধৰণৰ অংগবোৰ হ’ল–

(a) সমসংস্থ।

(b) সমবৃত্তিক।

(c) নিকটবর্তী। 

(d) অৱশেষাংগ।

উত্তৰঃ (b) সমবৃত্তিক।

14. মানুহৰ বিকাশ হৈছিল–

(a) এছিয়া।

(b) আফ্রিকা।

(c) অষ্ট্ৰেলিয়া।

(d) ইউৰোপ।

উত্তৰঃ (b) আফ্রিকা।

15. উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংসসমূহ হ’ল –

(a) সমসংস্থ।

(b) সমবৃত্তিক।

(c) নিকটৱৰ্তী।

(d) অৱশেষাংগ।

উত্তৰঃ (a) সমসংস্থ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top