Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 9 বংশগতি আৰু ক্ৰমবিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বংশগতি আৰু ক্ৰমবিকাশ

Chapter – 9

জীৱবিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম –  

(a) TT 

(b) Tt

(c) tt

(d) tT

উত্তৰঃ (c) tt

2. তলৰ কোনযোৰ যৌন ক্ৰম জ’মে এটি ছোৱালী শিশুক সূচায়— 

(a) XY

(b) XX

(c) YY

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (b) XX

3. তলৰ কোনযোৰ এযোৰ সমবৃত্তিক অংগ- 

(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং।

(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং।

(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত।

(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

উত্তৰঃ (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

4. যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সর্বপ্রথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব— 

(a) F₂ জনুত।

(b) F₃ জনুত।

(c) F₁ জনুত।

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (a) F₂ জনুত।

5. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয় — 

(a) 1 : 9

(b) 9 : 3 : 3 : 1 

(c) 3 : 1

(d) 9 : 1 : 3 : 3

উত্তৰঃ (c) 3 : 1

6. তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়— 

(a) 9 : 1 : 1 : 3 

(b) 9 : 3 : 3 : 1

(c) 1 : 3 : 9 : 3

(d) 9 : 3 : 1 : 3

উত্তৰঃ (b) 9 : 3 : 3 : 1

7. তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয় – 

(a) ডাৰউইন।

(b) জোহানসেন। 

(c) বেটিছন।

(d) মেণ্ডেল।

উত্তৰঃ (d) মেণ্ডেল।

8. বংশগতিৰ ভৌতিক আধাৰ হ’ল— 

(a) কোষকেন্দ্র।

(b) কোষপ্রৰস।

(c) ক্ৰম’জ’ম। 

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (c) ক্ৰম’জ’ম। 

9. জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিবৰ্তন ঘটি নতুন চাৰিত্ৰিক বৈশিষ্ট্য সম্পন্ন জীৱৰ সৃষ্টি হয়, তাক বোলা হয়— 

(a) প্ৰজাতিকৰণ।

(b) ক্রমবিকাশ।

(c) বংশানুক্রম। 

(d) বিভিন্নতা।

উত্তৰঃ (a) প্ৰজাতিকৰণ।

10. এটা মেণ্ডেলীয় পৰীক্ষাত বেগুনীয়া ফুলবিশিষ্ট এজোপা ওখ মটৰমাহৰ গছ আৰু বগা ফুল বিশিষ্ট এজোপা চাপৰ মটৰমাহৰ গছৰ মাজত সংগম কৰোৱা হয়। সকলোবোৰ অপত্যই বেগুনীয়া ফুল ধাৰণ কৰিছিল, কিন্তু সিহঁতৰ প্ৰায় আধাই চাপৰ আছিল৷ ইয়ে সূচায় যে ওখ পৈতৃক গছজোপাৰ আণুবংশিক সজ্জা প্ৰকাশ কৰিব পৰা যায়—

(a) TTWW

(b) TTww

(c) TtWW

(d) TtWw

উত্তৰঃ (c) TtWW

11. সমসংস্থ অংগৰ এটা উদাহৰণ হ’ল — 

(a) আমাৰ হাত আৰু এটা কুকুৰৰ আগঠেং। 

(b) আমাৰ দাঁত আৰু এটা হাতীৰ দাঁত।

(c) আলু আৰু ঘাঁহবনৰ আধাৰ কাণ্ড।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

12. বিৱৰ্তনৰ ফালৰ পৰা তলৰ কোনবিধৰ লগত আমাৰ বেছি মিল আছে–

(a) এজন চীনা স্কুলীয়া ল’ৰা।

(b) এটা চিম্পাঞ্জী। 

(c) এটা মকৰা।

(d) এটা বেক্টেৰিয়া। 

উত্তৰঃ (a) এজন চীনা স্কুলীয়া ল’ৰা।

13. বেলেগ উৎপত্তি কিন্তু দেখাত আৰু কার্যত একে ধৰণৰ অংগবোৰ হ’ল–

(a) সমসংস্থ।

(b) সমবৃত্তিক।

(c) নিকটবর্তী। 

(d) অৱশেষাংগ।

উত্তৰঃ (b) সমবৃত্তিক।

14. মানুহৰ বিকাশ হৈছিল–

(a) এছিয়া।

(b) আফ্রিকা।

(c) অষ্ট্ৰেলিয়া।

(d) ইউৰোপ।

উত্তৰঃ (b) আফ্রিকা।

15. উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে ধৰণৰ কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ অংসসমূহ হ’ল –

(a) সমসংস্থ।

(b) সমবৃত্তিক।

(c) নিকটৱৰ্তী।

(d) অৱশেষাংগ।

উত্তৰঃ (a) সমসংস্থ।

Very Short & Short Type Questions and Answers 

1. বংশগতি কাক বোলে? 

উত্তৰঃ পিতৃ – মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হোৱাকে বংশগতি বোলে। 

2. বিৱর্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে কাক গণ্য কৰা হয়? 

উত্তৰঃ প্ৰাকৃতিক কাৰকৰ দ্বাৰা ভিন্নতাৰ নিৰ্বাচনকেই বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে গণ্য কৰা হয়। 

3. প্ৰভাৱী লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অর্থাৎ F, জনুত প্ৰকাশ পোৱা লক্ষণটোকে প্রভাৱী লক্ষণ বোলে। 

4. অপ্ৰভাৱী বা পৰাহত লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অর্থাৎ F₁ জনুত প্ৰকাশ নোপোৱা লক্ষণটোকে অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে।

5. এক সংকৰণ পৰীক্ষা কি? 

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত এযোৰ মাথো বিপৰীতধর্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক একসংকৰণ পৰীক্ষা বোলে। 

6. দ্বিসংকৰণ পৰীক্ষা কি? 

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত দুযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক দ্বিসংকৰণ পৰীক্ষা বোলা হয়।

7. কণীৰ ভিতৰত বিকশিত হোৱা কোনো প্রাণী মতা হ’ব নে মাইকী হ’ব, সেয়া কেনেদৰে নিৰ্ধাৰিত হয়? 

উত্তৰঃ নিষেচিত কণীটোক ৰখা উষ্ণতাৰ ওপৰত। 

 8. এনে এবিধ প্ৰাণীৰ উদাহৰণ দিয়া যাৰ লিংগ আণুবংশিকভাৱে নিৰ্ধাৰিত নহয়।

উত্তৰঃ শামুক।

9. বিৱৰ্তন কাক বোলে? 

উত্তৰঃ ধীৰ অথচ নিৰৱচ্ছিন্ন পৰিবৰ্তনৰ ফলশ্ৰুতিত পৃথিৱী পৃষ্ঠত নতুন জীৱৰ উৎপত্তি আৰু বিকাশকেই বিৱৰ্তন বোলে। 

10. আর্জিত লক্ষণ কাক বোলে?

উত্তৰঃ জীৱন-কালৰ অভিজ্ঞতাৰ দ্বাৰা কোনো জীবই লাভ কৰা লক্ষণসমূহক আর্জিত লক্ষণ বোলে। 

11. বংশানুক্রমিক লক্ষণসমূহ কি? 

উত্তৰঃ যিবোৰ লক্ষণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰিত হ’ব পাৰে,তাক বংশানুক্ৰমিক লক্ষণ বোলে। 

12. বিবর্তন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা কাৰকসমূহ কি?  

উত্তৰঃ (i) প্রাকৃতিক নিৰ্বাচন। আৰু 

(ii) জিনীয় পথচ্যুত। 

13. জিনীয় পথচ্যুত বুলিলে কি বুজা? 

উত্তৰঃ এটা সৰু আৱাদীত ঘটা কোনো দুৰ্ঘটনাৰ ফলত আৱাদীটোত কিছুমান জিনৰ বাৰংবাৰ্তা (frequency) সলনি হ’ব পাৰে, যদিও ই কোনো উৎবৰ্তনৰ সুবিধা নিদিয়ে। ইয়াকে জিনীয় পথচ্যুত বোলে।

14. প্রাকৃতিক নির্বাচন কি? 

উত্তৰঃ কিছুমান প্ৰকাৰণ জীৱৰ প্ৰজাতি এটাৰ উৎবৰ্তনৰ বাবে সুবিধাজনক। অন্য অর্থত প্রকৃতিয়ে এই প্রকাৰণসমূহ নিৰ্বাচিত কৰে আৰু এনে প্ৰকাৰণযুক্ত জীৱসমূহকহে পৃথিৱীত জীয়াই থাকিবলৈ অনুমতি দিয়ে। ইয়াকে প্রাকৃতিক নির্বাচন বোলে।

15. প্ৰজাতিকৰণ কি?

উত্তৰঃ দীর্ঘ সময় ধৰি ভিন্নতাৰ সঞ্চয়ৰ ফলত কোনো এটা জীৱৰ প্ৰজাতিৰ পৰা আন এটা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিকৰণ বোলে। 

16. প্ৰজাতিকৰণত অৰিহণা যোগোৱা কাৰক দুটা কি কি? 

উত্তৰঃ (i) প্রাকৃতিক নিৰ্বাচন। আৰু 

(ii) জিনীয় পথচ্যুত। 

17. বিৱৰ্তনীয় সম্পৰ্কৰ চিনাক্তকৰণৰ বাবে ব্যৱহৃত দুটা পদ্ধতিৰ নাম উল্লেখ কৰা। 

উত্তৰঃ (i) সমসংস্থ চৰিত্ৰৰ অধ্যয়ন।

(ii) জীৱাশ্মৰ অধ্যয়ন আৰু সময়-গণনা।

18. সমসংস্থ চৰিত্ৰবোৰ কি? 

উত্তৰঃ যিবিলাক চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ, তেনে চৰিত্ৰক সমসংস্থ চৰিত্ৰ বোলে। যেনেঃ ভেকুলী, জেঠী, চৰাইৰ আগঠেং।

19. সমবৃত্তিক চৰিত্ৰবোৰ কি?

উত্তৰঃ যিবিলাক চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠ ফালৰ পৰা ভিন্ন, কিন্তু কাৰ্যৰ ফালৰ পৰা একে, তেনে চৰিত্ৰক সমবৃত্তি চৰিত্ৰ বোলা হয়। যেনেঃ চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা। 

20. জীৱাশ্ম কাক বোলে? 

উত্তৰঃ ভূ-পৃষ্ঠ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ নাইবা জীৱটোৱে এৰি যোৱা সাঁচকে জীৱাশ্ম বোলে। 

21. ভিন্নতা কি? 

উত্তৰঃ একেটা আবাদীৰ ভিন্ন ব্যক্তিৰ মাজত বা একে পিতৃ-মাতৃৰ সন্তানবিলাকৰ মাজত থকা DNA ৰ সামান্য তাৰতম্যকে ভিন্নতা বা বৈসাদৃশ্যতা বোলে।

22. মহিলাৰ ক্ষেত্ৰত লিঙ্গ নির্ণায়ক ক্ৰম’জমযোৰ কি? 

উত্তৰঃ মহিলাৰ ক্ষেত্ৰত লিঙ্গ নির্ণায়ক ক্ৰম’জ’মযোৰ হ’ল XX। 

23. পুৰুষৰ ক্ষেত্ৰত লিঙ্গ নির্ণায়ক ক্ৰম’জ’মযোৰ কি? 

উত্তৰঃ পুৰুষৰ ক্ষেত্ৰত লিঙ্গ নির্ণায়ক ক্ৰম’জ মযোৰ হ’ল XY।

অতি চমু প্ৰশ্নোত্তৰঃ

প্ৰশ্ন ১। বংশগতি কাক বোলে?

উত্তৰঃ পিতৃ – মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য পৰৱৰ্তী জনুলৈ সঞ্চাৰিত হোৱাকে বংশগতি বোলে।

প্ৰশ্ন ২। বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে কাক গণ্য কৰা হয়?

উত্তৰঃ প্রাকৃতিক কাৰকৰ দ্বাৰা প্ৰকাৰণৰ নিৰ্বাচনকেই বিৱৰ্তনীয় প্ৰক্ৰিয়াৰ ভিত্তি হিচাপে কাক গণ্য কৰা হয়।

প্ৰশ্ন ৩। প্ৰভাৱী লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অৰ্থাৎ F₁ জনুত প্ৰকাশ পোৱা লক্ষণটোকে প্ৰভাৱী লক্ষণ বোলে।

প্ৰশ্ন ৪। অপ্ৰভাৱী বা পৰাহত লক্ষণ কি?

উত্তৰঃ মেণ্ডেলৰ সংকৰণ পৰীক্ষাত প্ৰথম অপত্য জনু অৰ্থাৎ F₁ জনুত প্ৰকাশ নোপোৱা লক্ষণটোকে অপ্ৰভাৱী বা পৰাহত লক্ষণ বোলে।

প্ৰশ্ন ৫। একসংকৰণ পৰীক্ষা কি?

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত এযোৰ মাথো বিপৰীত ধৰ্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক একসংকৰণ পৰীক্ষা বোলে।

প্ৰশ্ন ৬। দ্বিসংকৰণ পৰীক্ষা কি?

উত্তৰঃ যিবোৰ সংকৰণ পৰীক্ষাত দুযোৰ বিপৰীত ধৰ্মী চৰিত্ৰৰ বংশগতি বিচাৰ কৰি চোৱা হয়, তাক দ্বিসংকৰণ পৰীক্ষা বোলে।

প্রশ্ন ৭। কণীৰ ভিতৰত বিকশিত হোৱা কোনো প্রাণী মতা হ’ব নে মাইকী সেয়া কেনেদৰে নিৰ্ধাৰিত হয়?

উত্তৰঃ কণীৰ ভিতৰত বিকশিত হোৱা কোনো প্রাণী মতা হ’ব নে মাইকী হ’ব, সেয়া নিষেচিত কণীটোক ৰখা উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। 

প্ৰশ্ন ৮। এনে এবিধ প্ৰাণীৰ উদাহৰণ দিয়া যাৰ লিংগ আনুবংশিকভাৱে নিৰ্ধাৰিত নহয়।

উত্তৰঃ আনুবংশিকভাৱে লিংগ নিৰ্ধাৰিত নোহোৱা এবিধ প্ৰাণী হল শামুক। ইহঁতে লিংগ পৰিৱৰ্তন কৰিব পাৰে।

প্ৰশ্ন ৯। মহিলাৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’মযোৰ কি?

উত্তৰঃ মহিলাৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’মযোৰ হল XX।

প্রশ্ন ১০। পুৰুষৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’মযোৰ কি?

উত্তৰঃ পুৰুষৰ ক্ষেত্ৰত যৌন ক্ৰম’জ’ম হ’ল XY।

প্রশ্ন ১১। বিৱৰ্তন কাক বোলে?

উত্তৰঃ ধীৰ অথচ নিৰৱচ্ছিন্ন পৰিবৰ্তনৰ ফলশ্ৰুতিত পৃথিৱী পৃষ্ঠত নতুন জীৱৰ উৎপত্তি আৰু বিকাশকেই বিৱৰ্তন বোলে।

প্রশ্ন ১২। আর্জিত লক্ষণ কাক বোলে?

উত্তৰঃ জীৱন-কালৰ অভিজ্ঞতাৰ দ্বাৰা কোনো জীৱই লাভ কৰা লক্ষণসমূহক আৰ্জিত লক্ষণ বোলে।

প্রশ্ন ১৩। বংশানুক্রমিক লক্ষণসমূহ কি?

উত্তৰঃ যিবোৰ লক্ষণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰিত হ’ব পাৰে,তাক বংশানুক্রমিক লক্ষণ বোলে৷

প্রশ্ন ১৪। বিৱৰ্তন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা কাৰকসমূহ কি?

উত্তৰঃ বিৱৰ্তন প্ৰক্ৰিয়াত অৰিহণা যোগোৱা কাৰকসমূহ হ’ল— 

(i) প্রাকৃতিক নির্বাচন (Natural selection)। আৰু 

(ii) জিনীয় পথত্যুত (Genetic drift)।

প্রশ্ন ১৫। প্ৰজাতিকৰণ (speciation) কি?

উত্তৰঃ দীর্ঘ সময় ধৰি প্ৰকাৰণৰ সঞ্চয়ৰ ফলত কোনো এটা জীৱৰ প্ৰজাতিৰ পৰা আন এটা নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিকৰণ (speciation) বোলে।

 প্রশ্ন ১৬। প্ৰজাতিকৰণত অৰিহণা যোগোৱা কাৰক দুটা কি কি? বা নতুন প্ৰজাতিৰ উৎপত্তিত অৰিহণা যোগোৱা কাৰক দুটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ প্ৰজাতিকৰণত অৰিহণা যোগোৱা দুটা কাৰক হ’ল— 

(i) প্রাকৃতিক নির্বাচন। আৰু 

(ii) জিনীয় পথচ্যুত।

প্রশ্ন ১৭। সমসংস্থ চৰিত্ৰবোৰ কি?

উত্তৰঃ যিবিলাক চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে, কিন্তু কাৰ্যৰ ফালৰ পৰা বেলেগ, তেনে চৰিত্ৰক সমসংস্থ চৰিত্ৰ বোলে। যেনে: ভেকুলী, জেঠী, চৰাইৰ আগঠেং।

প্রশ্ন ১৮। সমবৃত্তি চৰিত্ৰবোৰ কি?

উত্তৰঃ যিবিলাক চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা ভিন্ন, কিন্তু কাৰ্যৰ ফালৰ পৰা একে, তেনে চৰিত্ৰক সমবৃত্তি চৰিত্ৰ বোলা হয়। যেনেঃ চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকা৷

প্রশ্ন ১৯। জীৱাশ্ম কাক বোলে?

উত্তৰঃ ভূ-পৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ নাইবা জীৱটোৱে এৰি যোৱা সাঁচকে জীৱাশ্ম বোলে।

প্রশ্ন ২০। ভিন্নতা কি?

উত্তৰঃ একেটা আবাদীৰ ভিন্ন ব্যক্তিৰ মাজত বা একে পিতৃ-মাতৃৰ সন্তানবিলাকৰ মাজত থকা DNA ৰ সামান্য তাৰতম্যকে ভিন্নতা বা বৈসাদৃশ্যতা বোলে।

প্রশ্ন ২১। সমসংস্থ চৰিত্ৰ কাক বোলে? 

উত্তৰঃ জীৱৰ যিবিলাক চৰিত্ৰ উৎপত্তি আৰু মৌলিক গঠনৰ ফালৰ পৰা একে, কিন্তু কাৰ্যৰ ফালৰ পৰা ভিন্ন, তেনে চৰিত্ৰবোৰক সমসংস্থ চৰিত্ৰ বোলে।

প্রশ্ন ২২। জীৱাশ্ম কি? 

উত্তৰঃ ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সংৰক্ষিত হোৱা কোনো জীৱৰ দেহ বা দেহৰ অংশ নাইবা জীৱটোৱে এৰি যোৱা সাঁচকে জীৱাশ্ম বোলে।

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। তলৰ কোনযোৰ কাৰকৰ বাবে আমি এজোপা চুটি উদ্ভিদ পাম –

(a) TT

(b) Tt

(c) tt

(d) tT

উত্তৰঃ (c) tt

২। তলৰ কোন যোৰ যৌন ক্রম’জ’মে এটি ছোৱালী শিশুক সূচায়–

(a) XY

(b) XX

(c) YY

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (b) XX

৩। তলৰ কোনযোৰ এযোৰ সমবৃত্তি অংগ—

(a) ভেকুলীৰ আগঠেং আৰু চৰাইৰ আগঠেং 

(b) বান্দৰৰ আগঠেং আৰু চৰাইৰ আগঠেং

(c) বাদুলীৰ হাত আৰু চৰাইৰ হাত 

(d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা

উত্তৰঃ (d) বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

৪। যদি এযোৰ বিপৰীতধর্মী চৰিত্ৰৰ বাবে সংকৰণ পৰীক্ষা কৰা হয়, তেনেহলে তলৰ কোনটো জনুত সৰ্বপ্ৰথম অপ্ৰভাৱী লক্ষণটো প্রকাশ পাব—

(a) F₂ জনুত।

(b) F₃ জনুত।

(c) F₁ জনুত।

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (a) F₂ জনুত।

৫। তলৰ কোনটো অনুপাতক মেণ্ডেলৰ একসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়-

(a) 1: 9

(b) 9: 3: 3: 1 

(c) 3: 1

(d) 9: 1: 3: 3

উত্তৰঃ (c) 3: 1

৬। তলৰ কোনটো অনুপাতক মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ ব্যক্তৰূপ অনুপাত বোলা হয়—

(a) 9: 1: 1: 3 

(b) 9: 3: 3: 1 

(c) 1: 3: 9: 3 

(d) 9: 3: 1: 3

উত্তৰঃ (b) 9: 3: 3: 1 

৭। তলৰ কোন গৰাকী বিজ্ঞানীক বংশগতিবিদ্যাৰ জনক আখ্যা দিয়া হয়–

(a) ডাউইন।

(b) জোহান্‌সেন।

(c) বেটিছন।

(d) মেণ্ডেল।

উত্তৰঃ (d) মেণ্ডেল।

৮। বংশগতিৰ ভৌতিক আধাৰ হ’ল—

(a) কোষকেন্দ্র। 

(b) কোষপ্ৰৰস। 

(c) ক্ৰম’জ’ম।

(d) এটাও শুদ্ধ নহয়।

উত্তৰঃ (c) ক্ৰম’জ’ম।

৯। জীৱৰ ক্ৰমবিকাশ প্ৰক্ৰিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্রিক বৈশিষ্ট্যৰ বিভিন্ন কাৰকৰ প্ৰভাৱত পৰিবৰ্তন ঘটি নতুন চাৰিত্রিক বৈশিষ্ট্য, সম্পন্ন জীৱৰ সৃষ্টি হয়, তাক বোলা হয়—

(a) প্ৰজাতিকৰণ।

(b) ক্রমবিকাশ।

(c) বংশানুক্রম।

(d) বিভিন্নতা।

উত্তৰঃ (a) প্ৰজাতিকৰণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top