Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

Chapter – 8

জীৱবিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ – মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে–

(a) কোষ প্রৰস।

(b) ক্ৰম’জম’। 

(c) কোষকেন্দ্ৰ প্ৰৰস।

(d) অতিকেন্দ্র।

উত্তৰঃ (b) ক্ৰম’জম’। 

2. তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয়— 

(a) কোষকেন্দ্র।

(b) DNA।

(c) অতিকেন্দ্র।

(d) কোষকেন্দ্ৰ প্ৰৰস।  

উত্তৰঃ (b) DNA।

3. তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে— 

(a) পুনৰুৎপত্তি।

(b) বিভংগন।

(c) ৰেণু গঠন।

(d) বিভাজন।

উত্তৰঃ (d) বিভাজন।

4. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম ‘ডিয়ামে প্রজনন কৰে — 

(a) দ্বি-ভাজন।

(b) পুনৰুৎপত্তি।

(c) বহুবিভাজন।

(d) মুকুলোদ্‌গম।

উত্তৰঃ (c) বহুবিভাজন।

5. তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে— 

(a) পুনৰুৎপত্তি।

(b) মুকুলোদ্‌গম।

(c) বিভাজন। 

(d) ৰেণু গঠন।

উত্তৰঃ (a)পুনৰুৎপত্তি।

6. ব্ৰায় ‘ফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ–

(a) মুকুলোদ্‌গম।

(b) আংগিক বিস্তাৰণ।

(c) বিভাজন।

(d) ৰেণু গঠন।

উত্তৰঃ (b) আংগিক বিস্তাৰণ।

7. ৰাইজ’ পাছে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতি–

(a) আংগিক বিস্তাৰণ।

(b) মুকুলোদ্‌গম।

(c) বিভাজন।

(d) ৰেণু গঠ।

উত্তৰঃ (d) ৰেণু গঠন।

8. পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়—

(a) ভ্রূণ।

(b) ডিম্বাণু।

(c) যোজন কোষ।

(d) শুক্রাণু।

উত্তৰঃ (c) যোজন কোষ।

9. পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়— 

(a) অংকুৰণ।

(b) নিষেচন।

(c) ইতৰ – পৰাগযোগ।

(d) স্ব – পৰাগযোগ।

উত্তৰঃ (b)নিষেচন।

10. ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়।  

(a) ডিম্বক। 

(b) গর্ভাশয়। 

(c) গর্ভমুণ্ড। 

(d) স্ত্রীস্তৱক। 

উত্তৰঃ (a) ডিম্বক। 

11. ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়— 

(a) ডিম্বক। 

(b) গর্ভাশয়।

(c) পাহি।

(d) বেটুপাত।

উত্তৰঃ (b) গর্ভাশয়।

12. পিউবাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—

(a) এষ্ট্ৰ’জেন।

(b) থাইৰ’ক্সিন।

(c) টেষ্ট’ষ্টেৰণ।

(d) ইনচুলিন।

উত্তৰঃ (c) টেষ্ট’ষ্টেৰণ।

13. পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিধ—

(a) ইনচুলিন।

(b) বৃদ্ধি হৰম’ন।

(c) টেষ্ট’ষ্টেৰণ।

(d) এষ্ট্ৰ’জেন।

উত্তৰঃ (d) এষ্ট্ৰ’জেন ।

14. মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়— 

(a) মূত্রপথ।

(b) ফেল’পিয়ান নলী। 

(c) শুক্রবাহী নলী।

(d) প্রষ্টেট গ্রন্থি।

উত্তৰঃ (b) ফেল’পিয়ান নলী। 

15. তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয়–

(a) ডিম্ববাহী নলী।

(b) জৰায়ু। 

(c) ডিম্বাশয়।

(d) যোনি।

উত্তৰঃ (c) যোনি।

16. তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয়—  

(a) প্রষ্টেট গ্রন্থি।

(b) শুক্রবাহী নলী।

(c) শুক্ৰাধাৰ।

(d) শুক্রাশয়।

উত্তৰঃ (d) শুক্রাশয়।

17. প্লেচেণ্টাই মাতৃগৰ্ভত ভ্রূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে–

(a) পৰিপুষ্টি।

(b) ৰেচন। 

(c) শ্বসন।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

18. তলৰ কোনটো জীৱত মুকুলোদ্‌গমৰ জৰিয়তে অযৌন প্রজনন সম্পন্ন হয়— 

(a) এমিবা।

(b) ইষ্ট।

(c) প্লাজম’ডিয়াম।

(d) লাইছমেনিয়া।

উত্তৰঃ (b) ইষ্ট।

19. তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয়— 

(a) ডিম্বাশয়।

(b) জৰায়ু।

(c) শুক্রবাহী নলী।

(d) ডিম্ববাহী নলী বা ফেল’পিয়ান নলী।

উত্তৰঃ (c) শুক্রবাহী নলী।

Very Short & Short Type Questions and Answers

1. প্রজনন কি? 

উত্তৰঃ প্ৰজনন হল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নতুন জীৱৰ সৃষ্টি কৰে, যিবিলাক দেখাত প্ৰায় সিহতৰ দৰেই হয়। 

2. অযৌন প্রজনন কাক বোলে? 

উত্তৰঃ  যি প্ৰজনন পদ্ধতিত মাথো এটা জীৱৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি হয় তাক অযৌন প্রজনন বোলে।

3. যৌন প্রজনন কাক বোলে? 

উত্তৰঃ যি প্ৰজনন পদ্ধতিত নতুন প্ৰজন্মৰ সৃষ্টিৰ লগত দুটা ব্যক্তি জড়িত থাকে, তাক যৌন প্রজনন বোলে।

4. অপত্য জীৱসমূহ পিতৃ-মাতৃৰ সৈতে দেখাত সদৃশ হোৱাৰ লগত জড়িত প্ৰজননৰ প্ৰণালীটোৰ নাম কি? 

উত্তৰঃ DNA ৰ নকল প্ৰস্তুতকৰণ।

5. প্ৰজননৰ লগত জড়িত কোনটো প্ৰক্ৰিয়াৰ বাবে অপত্য জীৱসমূহ পিতৃ-মাতৃৰ লগত সদৃশ হৈও হুবহু একে নহয়?

উত্তৰঃ প্ৰজননৰ সময়ত হোৱা DNA ৰ নকল বা প্ৰতিৰূপ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ ত্ৰুটিৰ বাবে অপত্য জীৱ সমূহ পিতৃ-মাতৃৰ লগত সদৃশ হৈও হুবহু একে নহয়।

6. আমাৰ কোষৰ কোষকেন্দ্ৰৰ কোনটো অংশত পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অপত্য জনুলৈ উত্তৰাধিকাৰৰ বাৰ্তা থাকে? 

উত্তৰঃ ক্ৰম’জমত।

7. প্ৰটিন সংশ্লেষণৰ বাবে বাৰ্তাৰ উৎস বুলি কাক কোৱা হয়? 

উত্তৰঃ কোষৰ কোষকেন্দ্ৰত থকা DNA ক।

8. প্ৰজননৰ মৌলিক পৰিঘটনা কোনটো? 

উত্তৰঃ DNA ৰ প্ৰতিৰূপ সৃষ্টি।

9. বিবৰ্তনৰ ভিত্তি বুলি কাক গণ্য কৰা হয়? 

উত্তৰঃ  প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ প্ৰস্তুতকৰণত থকা প্ৰকাৰণৰ সহজাত প্ৰৱণতাক বিবৰ্তনৰ ভিত্তি বুলি গণ্য কৰা হয়। 

10. বিভাজন কি? 

উত্তৰঃ  বিভাজন হ’ল অযৌন প্ৰজননৰ এক পদ্ধতি য’ত এককোষী জীৱসমূহে কোষ বিভাজনৰ দ্বাৰা দুটা বা ততোধিক অপত্য কোষলৈ বিভাজিত হয়। 

11. দ্বি – বিভাজন কি? 

উত্তৰঃ দ্বি-বিভাজন হ’ল অযৌন প্ৰজননৰ এক পদ্ধতি য’ত এককোষী জীৱসমূহে কোষ বিভাজনৰ দ্বাৰা দুটা সমান ভাগত বিভাজিত হৈ যায়।

12. বহু – বিভাজন কি? 

উত্তৰঃ বহু-বিভাজন হ’ল অযৌন প্ৰজননৰ এক পদ্ধতি য’ত কিছুমান এককোষী জীৱে একে সময়তে বহুতো অপত্য কোষলৈ বিভাজিত হৈ যায়। 

13. এমিবাই দেখুওৱা অযৌন প্ৰজননৰ পদ্ধতিটোৰ নাম কি? 

উত্তৰঃ দ্বি – বিভাজন। 

14. লাইছমেনিয়া ই কেনেদৰে প্ৰজনন কৰে? 

উত্তৰঃ লাইছমেনিয়াই দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে। এই দ্বি-বিভাজন লাইছমেনিয়াৰ এটা মূৰে থকা চাবুকৰ দৰে গঠন সাপেক্ষে এক বিশেষ অৱস্থানত সংঘটিত হয়।

15. ইষ্টে কেনেদৰে প্ৰজনন কৰে? 

উত্তৰঃ মুকুলোদ্‌গম পদ্ধতিৰে।  

16. বিভংগন বুলিলে কি বুজা? 

উত্তৰঃ বিভংগন হ’ল অযৌন প্ৰজননৰ এক পদ্ধতি য’ত এক আপেক্ষিকভাৱে সৰল দৈহিক সংগঠন বিশিষ্ট বহুকোষী জীৱ কিছুমানে পৈণত অৱস্থাত সৰু সৰু অংশ বা খণ্ডলৈ ভাঙি যায়। এই খণ্ডসমূহে পিছত নতুন ব্যক্তি হিচাপে বিকশিত হয়। 

17. পুনৰ জীৱন কি? 

উত্তৰঃ যেতিয়া কোনো এটা জীৱ কিবাকৈ কটা যায় বা বহুতো অংশলৈ ভাঙি যায়, ইয়াৰ বহুতো অংশই পৃথক ব্যক্তি হিচাপে বিকশিত হ’ব পাৰে। অযৌন প্ৰজননৰ এই পদ্ধতিক পুনৰুৎপত্তি বা পুনৰ জীৱন বোলে। 

18. ৰাইজ’পাছ বা ব্লেড ম’ল্ডে কি উপায়ে প্রজনন কৰে?

উত্তৰঃ ৰেণু গঠনৰ দ্বাৰা।

19. ফুলৰ কোনটো অংশই পৰাগৰেণু উৎপন্ন কৰে?

উত্তৰঃ পুংস্তবকে।

20. স্ত্রীস্তৱক এডালৰ অংশসমূহৰ নাম লিখা। 

উত্তৰঃ গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড। 

21. ফুলৰ কোন দুটা অংশই ক্রমে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ সৃষ্টি কৰে? 

উত্তৰঃ পুং জনন কোষ সৃষ্টি কৰা ফুলৰ অংশটো হ’ল পৰাগৰেণু আৰু স্ত্ৰী জনন কোষ সৃষ্টি কৰা অংশটো হ’ল ডিম্বক। 

22. নিষেচন কি?

উত্তৰঃ নিষেচন হ’ল এক প্ৰক্ৰিয়া য’ত পৰাগৰেণুই উৎপন্ন কৰা পুংজনন কোষ ডিম্বকত থকা স্ত্রী জনন কোষৰ সৈতে পৰস্পৰ যোজিত হয়। 

23. যোজন কোষ কি? 

উত্তৰঃ জীৱৰ নিষেচন প্ৰক্ৰিয়াৰ সময়ত পুং জনন কোষ আৰু স্ত্রী জনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ বা জাইগত বোলে। 

24. পৰাগযোগ বা পৰাগন কি?

উত্তৰঃ ফুলৰ পুংস্তৱকৰ পৰা স্ত্ৰীস্তৱকৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণকেই পৰাগযোগ বা পৰাগন বোলে।

25. স্ব – পৰাগযোগ কাক বোলে?

উত্তৰঃ যেতিয়া একেটি ফুলৰে পুংস্তৱকৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ সংঘটিত হয়, তেতিয়া ইয়াক স্ব-পৰাগযোগ বোলা হয়। 

26. ইতৰ – পৰাগযোগ কি? 

উত্তৰঃ যেতিয়া দুটা বেলেগ বেলেগ ফুলৰ মাজত পুংস্তৱকৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ সংঘটিত হয়, তেতিয়া তাক ইতৰ পৰাগযোগ বোলা হয়।

27. পৰাগযোগত সহায় কৰা তিনিটা কাৰকৰ নাম লিখা। 

উত্তৰঃ (i) বতাহ।

(ii) পানী।

(iii) প্রাণী।

28. ফুলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়?

উত্তৰঃ ফুলৰ গৰ্ভাশয়ত থকা ডিম্বকবোৰ বীজলৈ ৰূপান্তৰিত হয়। 

29. ফুলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়? 

উত্তৰঃ গৰ্ভাশয়।

30. অংকুৰণ বুলিলে কি বুজা? 

উত্তৰঃ গৰ্ভাশয়ৰ ভিতৰত থকা বীজত ভৱিষ্যতৰ উদ্ভিদজোপা অর্থাৎ ভ্রূণটো থাকে। সি উপযুক্ত অৱস্থা পালে এটা পুলিলৈ বিকশিত হয়। এই প্রক্রিয়াকে অংকুৰণ বোলা হয়। 

31. যৌৱন কাল কি?

উত্তৰঃ কৈশোৰ দশাৰ শেষত যিখিনি সময়ত মানুহৰ সাধাৰণ দৈহিক বৃদ্ধিৰ হাৰ মন্থৰ হ’বলৈ আৰম্ভ কৰে আৰু প্রজনন কলাসমূহ পৈনত হ’বলৈ আৰম্ভ কৰে, সেইখিনি সময়ক পিউবাৰটি বা যৌৱন কাল বুলি কোৱা হয়।

32. মানুহৰ শৰীৰৰ কোনটো অংশ পুং জননকোষ বা শুক্রাণু সৃষ্টিৰ লগত জড়িত? 

উত্তৰঃ শুক্রাশয়।

33. মানুহৰ শৰীৰৰ অংশত শুক্রাশয় দুটা পোৱা যায়? 

উত্তৰঃ শুক্রাশয়থলী।

34. পুৰুষৰ শৰীৰত উদৰ গহ্বৰৰ বাহিৰত কিয় শুক্রাশয়থলী অংশটি থাকে।

উত্তৰঃ শুক্রাশয়থলীত শুক্রাশয় দুটা পোৱা যায়, যি পুৰুষৰ শৰীৰত পুং জনন কোষ বা শুক্রাণু উৎপন্ন কৰা স্থান। যিহেতু শুক্রাণু সৃষ্টিৰ বাবে সাধাৰণ দেহৰ উষ্ণতাতকৈ কম উষ্ণতাৰ দৰকাৰ হয়, সেয়ে শুক্রাশয়থলী অংশটি উদৰ গহ্বৰৰ বাহিৰত অৱস্থিত। 

35. পুৰুষৰ শৰীৰৰ কোনটো অংগৰ মাজেৰে শুক্রাশয়ত উৎপন্ন হোৱা শুক্রাণুৰ পৰিবহণ হয়? 

উত্তৰঃ শুক্রবাহী নলীৰ মাজেৰে।

36. স্ত্ৰীৰ দেহত স্ত্ৰী জননকোষ বা ডিম্বাণু গঠনৰ লগত জড়িত অংগটি কি? 

উত্তৰঃ ডিম্বাশয়।

37. স্ত্ৰীৰ শৰীৰত ডিম্বাশয়ৰ পৰা জৰায়ুলৈ ডিম্বাণু স্থানান্তৰ কৰা নলীডালৰ নাম কি? 

উত্তৰঃ ডিম্ববাহী নলী বা ফেল’পিয়ান নলী। 

38. জৰায়ু কি? 

উত্তৰঃ স্ত্ৰীৰ শৰীৰত দুডাল ডিম্ববাহী নলীয়ে এখন স্থিতিস্থাপক মোনাৰ দৰে গঠনত একেলগ হয়, যাক জৰায়ু বোলে। 

39. স্ত্ৰীৰ শৰীৰৰ কোন অংশত নিষেচন সংঘটিত হয়? 

উত্তৰঃ ডিম্ববাহী নলীত।

40. শ্ৰীৰ শৰীৰৰ কোন অংশত নিষেচিত ডিম্বাণু সংস্থাপিত হয়?

উত্তৰঃ জৰায়ুৰ অন্তঃ আৱৰণীত।

41. স্ত্ৰীৰ শৰীৰত ডিম্বাণু এটা নিষেচিত নহ’লে কি হয়?

উত্তৰঃ স্ত্ৰীৰ শৰীৰত ডিম্বাণু এটা নিষেচিত নহ’লে, জৰায়ুৰ ডাঠ হৈ পৰা অন্তঃআৱৰণীখন লাহে লাহে ছিগি যায় আৰু ই ৰক্ত আৰু শ্লেষ্মা, হিচাপে যোনিপথেৰে ওলাই আছে। 

42. বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱা দুবিধ যৌন ৰোগৰ নাম লিখা। 

উত্তৰঃ (i) গ’ণ’ৰিয়া। আৰু 

(ii) ছিফিলিছ। 

43. ভাইৰাছৰ দ্বাৰা সংক্ৰমিত যৌন ৰোগ দুবিধৰ উদাহৰণ দিয়া। 

উত্তৰঃ এইডচ, ৱাৰ্ট। 

44. গৰ্ভনিৰোধন কি? 

উত্তৰঃ গৰ্ভধাৰণত বাধা প্ৰদান কৰা পদ্ধতিসমূহকে গৰ্ভনিৰোধন বোলে। 

45. শুক্রাণুৱে ডিম্বাণুক ঢুকি নোপোৱাকৈ যান্ত্ৰিক বাধাৰ সৃষ্টি কৰা গৰ্ভনিৰোধক পদ্ধতিটো কি? 

উত্তৰঃ কনডমৰ ব্যৱহাৰ।  

46. স্ত্ৰীৰ শৰীৰত ডিম্বাণু নিষেচিত হ’ব নোৱাৰাকৈ শৰীৰৰ হৰম’নৰ সমতা পৰিৱৰ্তন কৰা গৰ্ভনিৰোধক পদ্ধতিটো কি? 

উত্তৰঃ খোৱা বড়িৰ ব্যৱহাৰ।  

47. গৰ্ভনিৰোধক উপায় হিচাপে খোৱা বড়ি ব্যৱহাৰৰ অসুবিধা কি?

 উত্তৰঃ ইহঁতে যিহেতু শৰীৰৰ হৰম’নৰ সমতা পৰিবৰ্তন কৰে, সেয়ে শৰীৰত সিহঁতৰ কিছুমান পার্শ্বক্ৰিয়া থাকিব পাৰে। 

48. গৰ্ভনিৰোধক উপায় হিচাপে লুপ বা কপাৰ- টি ব্যৱহাৰৰ অসুবিধা কি? 

উত্তৰঃ সিহঁতে জৰায়ুত বিষ আৰু পোৰণিৰ সৃষ্টি কৰি শৰীৰত পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। 

49. গৰ্ভনিৰোধক উপায় হিচাপে অস্ত্ৰোপচাৰ পদ্ধতি বা বন্ধ্যাকৰণে কেনেদৰে কাম কৰে? 

উত্তৰঃ শুক্রাণুৰ স্থানান্তৰণত বাধা দিবলৈ পুৰুষৰ শুক্রবাহী নলীত প্রতিবন্ধক সৃষ্টি কৰাৰ উদ্দেশ্যত আৰু ডিম্বাণুৱে জৰায়ু ঢুকি পাব নোৱাৰাকৈ ডিম্ববাহী নলীত প্রতিবন্ধক সৃষ্টি কৰাৰ উদ্দেশ্যত অস্ত্ৰোপচাৰ পদ্ধতি বা বন্ধ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। 

50. গৰ্ভনিৰোধক উপায় হিচাপে অস্ত্ৰোপচাৰ পদ্ধতিৰ অসুবিধা কি? 

উত্তৰঃ ইয়াক উপযুক্ত ধৰণে সম্পাদন নকৰিলে অস্ত্ৰোপচাৰে সংক্ৰমণ আৰু আন সমস্যাৰ সৃষ্টি কৰিব পাৰে। 

51. প্লেচেণ্টা বা অমৰা কি? 

উত্তৰঃ প্লেচেণ্টা হ’ল এক বিশেষ কলা যাৰ সহায়ত ভ্রূণে মাতৃৰ তেজৰ পৰা পৰিপুষ্টি লাভ কৰে।

52. ভ্রূণ এটাই সৃষ্টি কৰা বৰ্জনীয় পদাৰ্থসমূহ মাতৃৰ তেজলৈ স্থানাস্তৰ ঘটোৱা নাৰী দেহৰ বিশেষ কলাবিধ কি? 

উত্তৰঃ প্লেচেণ্টা। 

53. প্রজনন স্বাস্থ্য বুলিলে কি বুজা?

উত্তৰঃ  প্ৰজনন স্বাস্থ্য হ’ল ব্যক্তিৰ প্ৰজনন প্ৰণালীৰ সুস্থ, কাৰ্যক্ষম অৱস্থাৰ লগতে প্ৰজননৰ লগত জড়িত আৱেগিক, শাৰীৰিক, মানসিক আৰু সামাজিক – এই আটাইবোৰৰ সমুদায় স্বাভাৱিক সুস্থ অৱস্থা। 

54. স্ত্ৰীৰ শৰীৰৰ কোন অংশই এক বৰ্দ্ধিত ভ্রূণ গ্রহণ কৰি তাৰ পোষণ কৰে? 

উত্তৰঃ জৰায়ুয়ে।

অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১। প্রজনন এক জীৱন প্ৰক্ৰিয়া হয়নে? তোমাৰ উত্তৰৰ বাবে যুক্তি দর্শোৱা ৷

উত্তৰঃ প্ৰজনন এক জীৱন প্ৰক্ৰিয়া নহয়, কাৰণ জীৱৰ জীৱন এটা চলাই নিবৰ বাবে প্ৰজনন অত্যাৱশ্যকীয় নহয়। প্রজননে মাথো জীৱৰ বংশবৃদ্ধিত অৰিহণা যোগায়।

প্রশ্ন ২। জীৱই প্ৰজনন কিয় কৰে?

উত্তৰঃ জীৱই প্ৰজননৰ দ্বাৰা নতুন জীৱৰ সৃষ্টি কৰে, যিবোৰ দেখাত প্ৰায় সিহঁতৰ দৰে হয়। প্ৰজননৰ জৰিয়তে জীৱ এটাৰ অস্তিত্ব ৰক্ষা পৰে।

প্রশ্ন ৩। প্রজনন কি?

উত্তৰঃ প্রজনন হল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নতুন জীৱৰ সৃষ্টি কৰে, যিবিলাক দেখাত প্রায় সিহতৰ দৰেই হয়।

প্রশ্ন ৪। প্ৰজননৰ দুটা সুবিধা লিখা।

উত্তৰঃ প্ৰজননৰ দুটা সুবিধা হ’ল—

(i) ই জীৱৰ প্ৰজাতিৰ আবাদীৰ স্থিৰতা অক্ষুণ্ণ ৰাখে৷

(ii) যৌন প্রজননে জৈৱ বিবৰ্তনত অৰিহণা যোগায়।

প্রশ্ন ৫। অযৌন প্রজনন কাক বোলে?

উত্তৰঃ যি প্ৰজনন পদ্ধতিত মাথো এটা জীৱৰ পৰা নতুন প্ৰজন্মৰ সৃষ্টি হয় তাক অযৌন প্রজনন বোলে।

প্রশ্ন ৬। যৌন প্রজনন কাক বোলে?

উত্তৰঃ যি প্ৰজনন পদ্ধতিত নতুন প্ৰজন্মৰ সৃষ্টিৰ লগত দুটা ব্যক্তি জড়িত থাকে, তাক যৌন প্ৰজনন বোলে।

প্রশ্ন ৭। জীৱসমূহে প্ৰজননৰ দ্বাৰা নিজৰ হুবহু প্ৰতিৰূপ সৃষ্টি কৰেনে?

উত্তৰঃ জীৱসমূহে প্ৰজননৰ দ্বাৰা নিজৰ হুবহু প্ৰতিৰূপ সৃষ্টি নকৰে। অপত্য জীৱসমূহ পৈতৃক প্ৰজন্মৰ লগত প্রায় একে হলেও হুবহু একে নহয়।

প্রশ্ন ৮। অপত্য জীৱসমূহ পিতৃ-মাতৃৰ সৈতে দেখাত সদৃশ হোৱাৰ লগত জড়িত প্ৰজননৰ প্ৰণালীটোৰ নাম কি?

উত্তৰঃ অপত্য জীৱসমূহ পিতৃ-মাতৃৰ সৈতে দেখাত সদৃশ হোৱাৰ লগত জড়িত প্ৰজননৰ প্ৰণালীটোৰ নাম হ’ল DNA ৰ নকল প্রস্তুতকৰণ।

প্রশ্ন ৯। প্ৰজননৰ লগত জড়িত কোনটো প্ৰক্ৰিয়াৰ বাবে অপত্য জীৱসমূহ পিতৃ-মাতৃৰ লগত সদৃশ হৈও হুবহু একে নহয়?

উত্তৰঃ প্ৰজননৰ সময়ত হোৱা DNA ৰ নকল বা প্ৰতিৰূপ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ ত্রুটিৰ বাবে অপত্য জীৱ সমূহ পিতৃ-মাতৃৰ লগত সদৃশ হৈও হুবহু একে নহয়।

প্রশ্ন ১০। কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে?

উত্তৰঃ যৌন প্রজননত।

প্রশ্ন ১১। আমাৰ কোষৰ কোষকেন্দ্ৰৰ কোনটো অংশত পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অপত্য জনুলৈ উত্তৰাধিকাৰৰ বাৰ্তা থাকে?

উত্তৰঃ আমাৰ কোষৰ কোষকেন্দ্ৰ ক্ৰম ‘জমত পিতৃ-মাতৃৰ চাৰিত্রিক বৈশিষ্ট্যৰ অপত্য জনুলৈ উত্তৰাধিকাৰৰ বাৰ্তা থাকে।

প্রশ্ন ১২। প্রটিন সংশ্লেষণৰ বাবে বাৰ্তাৰ উৎস বুলি কাক কোৱা হয়?

উত্তৰঃ কোষৰ কোষকেন্দ্ৰত থকা DNA ক প্রটিন সংশ্লেষণৰ বাবে বাৰ্তাৰ উৎস বুলি কোৱা হয়।

প্রশ্ন ১৩। প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ তৈয়াৰ কৰিবলৈ কোষে কি উপায় অৱলম্বন কৰে?

উত্তৰঃ প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ তৈয়াৰ কৰিবলৈ কোষে ৰাসায়নিক বিক্রিয়া ব্যৱহাৰ কৰে।

প্রশ্ন ১৪। প্ৰজননৰ মৌলিক পৰিঘটনা কোনটো?

উত্তৰঃ DNA ৰ প্ৰতিৰূপ সৃষ্টি প্ৰজননৰ মৌলিক পৰিঘটনা বুলি গণ্য কৰা হয়। 

প্রশ্নঃ ১৫। বিবৰ্তনৰ ভিত্তি বুলি কাক গণ্য করা হয়?

উত্তৰঃ প্ৰজননৰ সময়ত DNA ৰ প্ৰতিৰূপ প্ৰস্তুতকৰণত থকা প্ৰকাৰণৰ সহজাত প্ৰৱণতাক বিবর্তনৰ ভিত্তি বুলি গণ্য কৰা হয়।

প্রশ্ন ১৬। জীৱৰ প্ৰজাতিৰ আবাদীসমূহৰ স্থিৰতা ৰক্ষাৰ লগত জড়িত প্ৰজননৰ কৌশলটোৰ নাম কি?

উত্তৰঃ জীৱৰ প্ৰজাতিৰ আবাদীসমূহৰ স্থিৰতা ৰক্ষাৰ লগত জড়িত প্ৰজননৰ কৌশলটোৰ নাম হল DNA ৰ প্ৰতিৰূপ প্ৰস্তুতকৰণ।

প্রশ্ন ১৭। জীৱৰ প্ৰজননৰ বিভিন্ন পদ্ধতিসমূহে জীৱৰ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ জীৱৰ প্ৰজননৰ বিভিন্ন পদ্ধতিসমূহে জীৱৰ দেহৰ আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন ভিন্ন হয়।

প্রশ্ন ১৮। ভাজন (Fission) কি?

উত্তৰঃ ভাজন হ’ল অযৌন প্ৰজননৰ এক পদ্ধতি য’ত এককোষী জীৱসমূহে কোষ বিভাজনৰ দ্বাৰা দুটা বা ততোধিক অপত্য কোষলৈ বিভাজিত হয়।

প্রশ্ন ১৯। দ্বি-ভাজন (Binary Fission) কি?

উত্তৰঃ দ্বি-ভাজন হ’ল অযৌন প্ৰজননৰ এক পদ্ধতি য’ত এককোষী জীৱসমূহে কোষ বিভাজনৰ দ্বাৰা দুটা সমান ভাগত বিভাজিত হৈ যায়।

প্রশ্ন ২০। বহু-ভাজন (Multiple Fission) কি?

উত্তৰঃ বহু-ভাজন হ’ল অযৌন প্ৰজননৰ এক পদ্ধতি য’ত কিছুমান এককোষী জীৱে একে সময়তে বহুতো অপত্য কোষলৈ বিভাজিত হৈ যায়।

প্রশ্ন ২১। এমিবাই দেখুওৱা অযৌন প্ৰজননৰ পদ্ধতিটোৰ নাম কি ?

উত্তৰঃ এমিবাই দেখুওৱা অযৌন প্ৰজননৰ পদ্ধতিটোৰ নাম হ’ল দ্বি-ভাজন (Binary fission)।

প্রশ্ন ২২। দ্বি-ভাজনৰ দ্বাৰা প্ৰজনন কৰা দুবিধ জীৱৰ নাম লিখা।

উত্তৰঃ দ্বি-ভাজনৰ দ্বাৰা প্ৰজনন কৰা দুবিধ জীৱ হ’ল বেক্টেৰিয়া আৰু প্ৰট’য’ৱা (এমিবা)।

প্রশ্ন ২৩। লাইছ্‌মেনিয়া (Leishmania) ই কেনেদৰে প্ৰজনন কৰে?

উত্তৰঃ লাইছ্‌মেনিয়াই দ্বি-ভাজন পদ্ধতিৰে প্ৰজনন কৰে। এই দ্বি-ভাজন লাইছ্‌মেনিয়াব এটা মূৰে থকা চাবুকৰ দৰে গঠন সাপেক্ষে এক বিশেষ অৱস্থানত সংঘটিত হয়।

প্রশ্ন ২৪। বহু-ভাজন পদ্ধতিৰে প্ৰজনন কৰা এবিধ জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ বহু-ভাজন পদ্ধতিৰে প্ৰজনন কৰা এবিধ জীৱ হ’ল-মেলেৰিয়া ৰোগ সৃষ্টিকাৰী পৰজীৱী প্লাজম’ডিয়াম।

প্রশ্ন ২৫। ইষ্টে কেনেদৰে প্ৰজনন কৰে?

উত্তৰঃ ইষ্টে দেহত কিছুমান মুকুলৰ সৃষ্টি কৰে যি পিছত পৈনত হৈ পৃথক হৈ স্বকীয় জীৱ হিচাপে বৃদ্ধি পায়। ইষ্টে এনেদৰে মুকুলোদ্‌গম পদ্ধতিৰে প্ৰজনন কৰে।

প্রশ্ন ২৬। পুনৰুৎপত্তিৰ দ্বাৰা প্ৰজনন সম্পন্ন কৰা দুবিধ জীৱৰ নাম উল্লেখ কৰা।

উত্তৰঃ পুনৰুৎপত্তিৰ দ্বাৰা প্ৰজনন সম্পন্ন কৰা দুবিধ জীৱ হ’ল হাইড্ৰা আৰু প্লেনেৰিয়া।

প্রশ্ন ২৭। মুকুলোদ্‌গমৰ সহায়ত প্ৰজনন কৰা এবিধ জীৱৰ নাম লিখা।

উত্তৰঃ মুকুলোদ্‌গমৰ সহায়ত প্ৰজনন কৰা এবিধ জীৱ হ’ল হাইড্রা।

প্রশ্ন ২৮। আংগিক বিস্তাৰণ (Vegetative propagation) কি?

উত্তৰঃ কিছুমান উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, কাণ্ড আৰু পাতে উপযুক্ত অৱস্থা পালে নতুন উদ্ভিদলৈ বিকশিত হ’ব পাৰে। অযৌন প্ৰজননৰ এই পদ্ধতিক আংগিক বিস্তাৰণ বোলে।

প্রশ্ন ২৯। আংগিক বিস্তাৰণৰ সময়ত পাতৰ সহায়ত প্ৰজনন সম্পন্ন কৰা এবিধ উদ্ভিদৰ উদাহৰণ দিয়া।

উত্তৰঃ আংগিক বিস্তাৰণৰ সময়ত পাতৰ সহায়ত প্ৰজনন সম্পন্ন কৰা এবিধ উদ্ভিদ হ’ল দুপৰটেঙা বা ব্ৰায় ফাইলাম।

প্রশ্ন ৩০। ৰাইজ’পাছ বা ব্রেড ম’ল্ডে কি উপায়ে প্ৰজনন কৰে?

উত্তৰঃ ৰাইজ’পাছ বা ব্লেড ম’ল্ডে ৰেণু গঠনৰ দ্বাৰা প্ৰজনন সম্পন্ন কৰে।

প্রশ্ন ৩১। স্পৰেঞ্জিয়া (sporangia) কি?

উত্তৰঃ স্পৰেঞ্জিয়া হ’ল ৰাইজ’পাছৰ দৰে জীৱৰ দেহত পোৱা কিছুমান পিণ্ডৰ দৰে গঠন, যত জনন কোষ বা ৰেণুসমূহ পোৱা যায়।  

প্ৰশ্ন ৩২। ফুলৰ বিভিন্ন অংশসমূহ কি?

উত্তৰঃ ফুলৰ বিভিন্ন অংশসমূহ হল – বেটুপাত, পাহি, পুংস্তৱক আৰু স্ত্ৰীস্তৱক।

প্ৰশ্ন ৩৩। জটিল জীৱসমূহৰ দেহত পোৱা জনন কোষৰ প্ৰকাৰবোৰ কি?

উত্তৰঃ জটিল জীৱসমূহৰ দেহত পোৱা জনন কোষৰ প্ৰকাৰ দুটা হ’ল – 

(i) পুংজনন কোষ। আৰু 

(ii) স্ত্রীজনন কোষ। 

প্রশ্ন ৩৪। ফুলৰ জনন অংশসমূহৰ নাম লিখা।

উত্তৰঃ ফুলৰ জনন অংশসমূহ হ’ল পুংস্তৱক আৰু স্ত্ৰীস্তৱক।

প্রশ্ন ৩৫। ফুলৰ কোনটো অংশই পৰাগৰেণু উৎপন্ন কৰে?

উত্তৰঃ ফুলৰ পুংস্তৱকে পৰাগৱেণু উৎপন্ন কৰে।

প্রশ্ন ৩৬। ফুলৰ পুং জনন অংশ কোনটো?

উত্তৰঃ ফুলৰ পুংজনন অংশটো হ’ল পুংস্তৱক।

প্রশ্ন ৩৭। ফুলৰ স্ত্রী জনন অংশ কোনটো?

উত্তৰঃ ফুলৰ স্ত্ৰী জনন অংশটো হ’ল স্ত্ৰীস্তৱক।

প্রশ্ন ৩৮। স্ত্ৰীম্ভৱক এডালৰ অংশসমূহৰ নাম লিখা।

উত্তৰঃ স্ত্ৰীস্তৱক এডালৰ অংশসমূহ হ’ল – গৰ্ভাশয়, গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড।

প্রশ্ন ৩৯। ফুলৰ কোন ছুটা অংশই ক্রমে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ সৃষ্টি কৰে?

উত্তৰঃ পুং জনন কোষ সৃষ্টি কৰা ফুলৰ অংশটো হ’ল পৰাগৰেণু আৰু স্ত্রী জনন কোষ সৃষ্টি কৰা অংশটো হ’ল ডিম্বক।

প্রশ্ন ৪০। নিষেচন কি?

উত্তৰঃ নিষেচন হ’ল এক প্ৰক্ৰিয়া য’ত পৰাগৰেণুই উৎপন্ন কৰা পুং জনন কোষ ডিম্বকত থকা স্ত্রী জনন কোষৰ সৈতে পৰস্পৰ যোজিত হয়।

প্রশ্ন ৪১। যোজন কোষ (zygote) কি?

উত্তৰঃ জীৱৰ নিষেচন প্ৰক্ৰিয়াৰ সময়ত পুং জনন কোষ আৰু স্ত্রী জনন কোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ বা জাইগত বোলে।

প্রশ্ন ৪২। পৰাগযোগ বা পৰাগন কি?

উত্তৰঃ ফুলৰ পুংস্তৱকৰ পৰা স্ত্ৰীস্তৱকৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণকেই পৰাগযোগ বা পৰাগন বোলে।

প্রশ্ন ৪৩।  স্ব-পৰাগযোগ কাক বোলে?

উত্তৰঃ যেতিয়া একেটি ফুলৰে পুংস্তৱকৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ সংঘটিত হয়, তেতিয়া ইয়াক স্ব-পৰাগযোগ বোলা হয়।

প্রশ্ন ৪৪। ইতৰ-পৰাগযোগ কি?

উত্তৰঃ যেতিয়া দুটা বেলেগ বেলেগ ফুলৰ মাজত পুংস্তৱকৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰণ সংঘটিত হয়, তেতিয়া তাক ইতৰ পৰাগযোগ বোলা হয়।

প্রশ্ন ৪৫। পৰাগযোগত সহায় কৰা তিনিটা কাৰকৰ নাম লিখা।

উত্তৰঃ পৰাগযোগত সহায় কৰা তিনিটা অভিকর্তা হ’ল – 

(i) বতাহ। 

(ii) পানী। 

(iii) প্রাণী।

প্রশ্ন ৪৬। গৰ্ভাশয়ত থকা স্ত্রী জনন কোষ পৰাগৰেণুৱে কেনেদৰে ঢুকি পায়?

উত্তৰঃ গৰ্ভাশয়ত থকা স্ত্রী জননকোষ পৰাগৰেণুৱে এডাল পৰাগনলীৰ সহায়ত ঢুকি পায়। এই নলীডাল পৰাগৰেণুৰ পৰা ওলাই গৰ্ভ দণ্ডৰ মাজেৰে গৈ গৰ্ভাশয় পায়।

প্রশ্ন ৪৭। ফুলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়?

উত্তৰঃ ফুলৰ গৰ্ভাশয়ত থকা ডিম্বকবোৰ বীজলৈ ৰূপান্তৰিত হয়।

প্রশ্ন ৪৮। ফুলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়?

উত্তৰঃ ফুলৰ গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত হয়।

প্রশ্ন ৪৯। অংকুৰণ (Germination) বুলিলে কি বুজা?

উত্তৰঃ গৰ্ভাশয়ৰ ভিতৰত থকা বীজত ভৱিষ্যতৰ উদ্ভিদজোপা অৰ্থাৎ ভ্রূণটো থাকে। সি উপযুক্ত অৱস্থা পালে এটা পুলিলৈ বিকশিত হয়। এই প্রক্রিয়াকে অংকুৰণ বোলা হয়।

প্রশ্ন ৫০। পিউবাৰটিৰ সময়ত মানুহৰ শৰীৰে যৌন পূর্ণতা পোৱাৰ উদ্দেশ্য কি?

উত্তৰঃ পিউবাৰটিৰ সময়ত মানুহৰ শৰীৰে যৌন পূর্ণতা পোৱাৰ উদ্দেশ্য হ’ল জনন কোষৰ সৃষ্টি কৰা, যিয়ে যৌন প্রজননত অংশ গ্ৰহণ কৰে।

প্রশ্ন ৫১। মানুহৰ শৰীৰৰ কোনটো অংশ পুং জননকোষ বা শুক্রাণু সৃষ্টিৰ লগত জড়িত?

উত্তৰঃ মানুহৰ শৰীৰৰ শুক্রাশয় পুংজননকোষ বা শুক্রাণুৰ সৃষ্টিৰ লগত জড়িত।

প্রশ্ন ৫২। মানুহৰ শৰীৰৰ পুং জনন তন্ত্ৰৰ অংশসমূহ কি কি?

উত্তৰঃ মানুহৰ শৰীৰৰ পুং জননতন্ত্ৰৰ অংশসমূহ হ’ল – 

(i) শুক্রাশয়। 

(ii) শুক্রবাহী নলী (vas deferens) 

(iii) শুক্ৰাধাৰ (seminal vesicles) 

(iv) প্রষ্টেট গ্রন্থি। 

(v) মূত্রপথ। আৰু 

(vi) শিশু।

প্রশ্ন ৫৩। মানুহৰ শৰীৰৰ স্ত্ৰী জননতন্ত্ৰৰ অংশসমূহ কি কি?

উত্তৰঃ মানুহৰ শৰীৰৱ স্ত্ৰী জননতন্ত্ৰৰ অংশসমূহ হ’ল – 

(i) ডিম্বাশয়। 

(ii) ডিম্ববাহী নলী। 

(iii) জৰায়ু। আৰু 

(iv) যোনি।

প্রশ্ন ৫৪। মানুহৰ শৰীৰৰ কোনটো অংশত শুক্রাশয় দুটা পোৱা যায়?

উত্তৰঃ মানুহৰ শৰীৰৰ স্ক্রোটাম (scrotum) নামৰ অংশত শুক্রাশয় দুটা পোৱা যায়।

প্রশ্ন ৫৫। পুৰুষৰ শৰীৰৰ কোনটো অংগৰ মাজেৰে শুক্রাশয়ত উৎপন্ন হোৱা শুক্রাণুৰ পৰিবহণ হয়?

উত্তৰঃ পুৰুষৰ শৰীৰৰ শুক্ৰবাহী নলীৰ মাজেৰে শুক্রাশয়ত উৎপন্ন হোৱা শুক্রাণুৰ পৰিবহণ হয়।

প্রশ্ন ৫৬। পুৰুষৰ শৰীৰত শুক্ৰবাহী নলীৰ ভূমিকা কি?

উত্তৰঃ পুৰুষৰ শৰীৰত শুক্ৰবাহী নলীৰ কাম হ’ল শুক্রাশয়ত উৎপন্ন হোৱা শুক্রাণুৰ পৰিবহণ কৰা।

প্রশ্ন ৫৭। স্ত্ৰীৰ দেহত স্ত্রী জননকোষ বা ডিম্বাণু গঠনৰ লগত জড়িত অংগটি কি?

উত্তৰঃ স্ত্ৰীৰ দেহত স্ত্রী জননকোষ বা ডিম্বাণু গঠনৰ লগত জড়িত অংগটি হ’ল ডিম্বাশয়। 

প্রশ্ন ৫৮। স্ত্ৰীৰ শৰীৰত ডিম্বাশয়ৰ পৰা জৰায়ুলৈ ডিম্বাণু স্থানান্তৰ কৰা নলীডালৰ নাম কি?

উত্তৰঃ স্ত্ৰীৰ শৰীৰত ডিম্বাশয়ৰ পৰা জৰায়ুলৈ ডিম্বাণু স্থানান্তৰ কৰা নলীডালৰ নাম হ’ল ডিম্ববাহী নলী বা ফেল’পিয়ান নলী।

প্রশ্ন ৫৯। স্ত্ৰীৰ শৰীৰত ডিম্ববাহী নলীৰ কাম কি?

উত্তৰঃ স্ত্ৰীৰ শৰীৰত ডিম্ববাহী নলীৰ কাম হ’ল ডিম্বাশয়ৰ পৰা জৰায়ুলৈ ডিম্বাণু কঢ়িয়াই নিয়া।

প্রশ্ন ৬০। জৰায়ু কি?

উত্তৰঃ স্ত্ৰীৰ শৰীৰত দুডাল ডিম্ববাহী নলীয়ে এখন স্থিতিস্থাপক মোনাৰ দৰে গঠনত একেলগ হয়, যাক জৰায়ু বোলে।

প্রশ্ন ৬১। স্ত্ৰীৰ শৰীৰৰ কোন অংশত নিষেচন সংঘটিত হয়?

উত্তৰঃ স্ত্ৰীৰ শৰীৰৰ ডিম্ববাহী নলীত নিষেচন সংঘটিত হয়।

প্রশ্ন ৬২। স্ত্ৰীৰ শৰীৰৰ কোন অংশত নিষেচিত ডিম্বাণু সংস্থাপিত হয়?

উত্তৰঃ স্ত্ৰীৰ শৰীৰৰ জৰায়ুৰ অন্তঃ আৱৰণীত নিয়েচিত ডিম্বাণু বা যোজন কোষটো সংস্থাপিত হয়।

প্রশ্ন ৬১। এক বৰ্দ্ধিত ভ্রূণৰ গ্ৰহণ আৰু পোষণৰ বাবে জৰায়ুয়ে প্রতি মাহতে নিজকে কেনেকৈ প্ৰস্তুত কৰে?

উত্তৰঃ এক বৰ্দ্ধিত ভ্রূণৰ গ্ৰহণ আৰু পোষণৰ বাবে জৰায়ুৰ প্ৰস্তুতি হিচাপে জৰায়ুৰ অন্তঃ আৱৰণীখন ডাঠ হয়, আৰু ই অধিক পৰিমাণত তেজৰ যোগান পায়।

প্রশ্ন ৬২। বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱা দুৰিধ যৌন ৰোগ (STD) ৰ নাম লিখা।

উত্তৰঃ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱা দুৰিধ যৌন ৰোগ (STD) ৰ নাম হল – 

(ক) গ’ণ’ৰিয়া। আৰু 

(খ) ছিফিলিছ।

প্ৰশ্ন ৬৩। ভাইৰাছৰ দ্বাৰা সংক্ৰমিত যৌন ৰোগ এবিধৰ উদাহৰণ দিয়া।

উত্তৰঃ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত যৌন ৰোগ এবিধৰ নাম হল এইডচ।

প্রশ্ন ৬৪। গডনিৰোধন (contraception) কি?

উত্তৰঃ গৰ্ভধাৰণত বাধা প্ৰদান কৰা পদ্ধতিসমূহকে গর্ভনিৰোধন বোলে।

প্রশ্ন ৬৫। শুক্রাপুরে ডিম্বাণুক ঢুকি নোপোৱাকৈ যান্ত্ৰিক বাধাৰ সৃষ্টি কৰা গৰ্ভনিৰোধক পদ্ধতিটো কি?

উত্তৰঃ শুক্রাণুৱে ডিম্বাণুক ঢুকি নোপোৱাকৈ যান্ত্রিক বাধাৰ সৃষ্টি কৰা গৰ্ভনিরোধক পদ্ধতিটো হ’ল কনডমৰ ব্যৱহাৰ।

প্রশ্ন ৬৭। স্ত্ৰীৰ শৰীৰত ডিম্বাণু নিষেচিত হ’ব নোৱাৰাকৈ শৰীৰৰ হৰম’নৰ সমতা পৰিবৰ্তন কৰা গৰ্ভনিৰোধক পদ্ধতিটো কি?

উত্তৰঃ স্ত্ৰীৰ শৰীৰত ডিম্বাণু নিষেচিত হ’ব নোৱাৰাকৈ শৰীৰৰ হৰম’নৰ সমতা পৰিবৰ্তন কৰা গৰ্ভনিৰোধক পদ্ধতিটো হ’ল খোৱা বড়িৰ ব্যৱহাৰ।

প্রশ্ন ৬৮। গৰ্ভনিৰোধক উপায় হিচাপে লুপ (Loop) বা কপাৰ-টি ব্যৱহাৰৰ অসুবিধা কি?

উত্তৰঃ গৰ্ভনিৰোধক উপায় হিচাপে লুপ বা কপাৰ-টি ব্যৱহাৰৰ প্ৰধান অসুবিধা হ’ল সিহঁতে জৰায়ুত খজুৱতিৰ সৃষ্টি কৰি শৰীৰত কুপ্ৰভাৱ সৃষ্টি কৰিব পাৰে।

প্রশ্ন ৬৯। প্লেচেণ্টা বা অমৰা কি?

উত্তৰঃ প্লেচেণ্টা হ’ল এক বিশেষ কলা যাৰ সহায়ত ভ্রূণে মাতৃৰ তেজৰ পৰা পৰিপুষ্টি লাভ কৰে।

প্রশ্ন ৭০। ভ্রূণ এটাই সৃষ্টি কৰা বৰ্জনীয় পদার্থসমূহ মাতৃৰ তেজলৈ স্থানান্তৰ ঘটোৱা নাৰী দেহৰ বিশেষ কলাবিধ কি?

উত্তৰঃ ভ্রূণ এটাই সৃষ্টি কৰা বৰ্জনীয় পদার্থসমূহ মাতৃৰ তেজলৈ স্থানান্তৰ ঘটোৱা নাৰী দেহৰ বিশেষ কলাবিধ হ’ল প্লেচেণ্টা।

প্রশ্ন ৭১। স্ত্ৰীৰ শৰীৰৰ কোন অংশই এক ৰৰ্দ্ধিত ভ্ৰূণ গ্ৰহণ কৰি তাৰ পোষণ কৰে?

উত্তৰঃ স্ত্ৰীৰ শৰীৰৰ জৰায়ুয়ে এক বৰ্দ্ধিত ভ্রূণ গ্ৰহণ কৰি তাৰ পোষণ কৰে।

শুদ্ধ উত্তৰটো ৰাছি উলিওৱা

(ক) তলৰ কোনটো জীৱন প্ৰক্ৰিয়া নহয়—

(a) পৰিপুষ্টি।

(b) ৰেচন।

(c) প্রজনন।

(d) শ্বসন।

উত্তৰঃ (c) প্রজনন।

(খ) তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্রজন্মলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে-

(a) কোষ প্রস।

(b) ক্ৰম’জম’। 

(c) কোষকেন্দ্ৰ প্ৰৰস।

(d) অতিকেন্দ্ৰ।

উত্তৰঃ (b) ক্ৰম’জম’।

(গ) ডলৰ কোনটোক প্ৰটি’ন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয়—

(a) কোষকেন্দ্র।

(b) DNA

(c) অতিকেন্দ্ৰ।

(d) কোষকেন্দ্ৰ প্ৰৰস।

উত্তৰঃ (b) DNA

(ঘ) তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে –

(a) পুনৰুৎপত্তি।

(b) বিভংগন।

(c) ৰেণু গঠন।

(d) ভাজন।

উত্তৰঃ (d) ভাজন।

(ঙ) তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজম’ডিয়ামে প্ৰজনন কৰে—

(a) দ্বি-ভাজন।

(b) পুনৰুৎপত্তি। 

(c) বহুভাজন।

(d) মুকুলোদ্‌গম।

উত্তৰঃ (c) বহুভাজন।

(চ) তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনেৰিয়াই প্ৰজনন কৰে–

(a) পুনৰুৎপত্তি।

(b) মুকুলোদগম।

(c) ভাজন।

(d) ৰেণু গঠন।

উত্তৰঃ (a) পুনৰুৎপত্তি।

(ছ) ব্রায়’ফাইলাম বা দুপৰটেঙাত হোৱা প্ৰজনন তলৰ কোনটোৰ উদাহৰণ –

(a) মুকুলোদ্গম।

(b) অংগজ প্রজনন। 

(c) ভাজন।

(d) ৰেণু গঠন।

উত্তৰঃ (b) অংগজ প্রজনন।

(জ) পুং আৰু স্ত্ৰীজননকোষৰ মিলনৰ ফলত সৃষ্টি হোৱা কোষটোক কোৱা হয়-

(a) ভ্রূণ।

(b) ডিম্বাণু। 

(c) যোজন কোষ। 

(d) শুক্রাণু।

উত্তৰঃ (c) যোজন কোষ।

(ঝ) তলৰ কোনটো ফুলৰ স্ত্ৰীস্তৱকৰ অংশ নহয়–

(a) গর্ভাশয়।

(b) গর্ভদণ্ড।

(c) গর্ভমুণ্ড।

(d) পৰাগধানী।

উত্তৰঃ (d) পৰাগধানী।

(ঞ) পুং আৰু স্ত্ৰীজননকোষৰ মিলনক কোৱা হয়— 

(a) অংকুৰণ।

(b) নিষেচন।

(c) ইতৰ-পৰাগযোগ।

(d) স্ব-পৰাগযোগ।

উত্তৰঃ (b) নিষেচন।

(ট) ফুলত থকা তলৰ কোনটো অংশ ৰীজলৈ ৰূপান্তৰিত হয়।

(a) ডিম্বক।

(b) গর্ভাশয়।

(c) গৰ্ভযুক্ত।

(d) স্ত্ৰীস্তৱক।

উত্তৰঃ (a) ডিম্বক।

(ঠ) ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়–

(a) ডিম্বক।

(b) গর্ভাশয়।

(c) পাহি।

(d) বেটুপাত।

উত্তৰঃ (b) গর্ভাশয়।

(ড) পিউৰাৰটিৰ সময়ত ল’ৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম’নবিধ–

(a) ইষ্ট্ৰ’জেন।

(b) থাইৰ’ক্সিন।

(c) টেষ্ট ষ্টাৰণ।

(d) ইনচুলিন।

উত্তৰঃ (c) টেষ্ট ষ্টাৰণ।

(ঢ) পিউবাৰটিৰ সময়ত ছোৱালীৰ দৈহিক পৰিবৰ্তনৰ লগত জড়িত হৰম’নবিথ—

(a) ইনচুলিন। 

(b) বৃদ্ধি হৰম’ন।

(c) টেষ্ট ষ্টাৰণ।

(d) ইষ্ট্ৰ’জেন।

উত্তৰঃ (d) ইষ্ট্ৰ’জেন।

(ণ) মানুহৰ পুং জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়–

(a) মূত্রপথ।

(b) ফেল’পিয়ান নলী। 

(c) শুক্রবাহী নলী।

(d) প্রষ্টেট গ্রন্থি।

উত্তৰঃ (b) ফেল’পিয়ান নলী।

(ত) মানুহৰ স্ত্ৰী জননতন্ত্ৰৰ কোনটো এটা অংশ নহয়–

(a) ফেলপিয়ান নলী। 

(b) শুক্রবাহী নলী। 

(c) ডিম্বাশয়।

(d) জৰায়ু।

উত্তৰঃ (b) শুক্রবাহী নলী।

(থ) তলৰ কোনটো অংশত মানুহৰ স্ত্ৰী জননকোষ গঠিত হয়–

(a) ডিম্ববাহী নলী।

(b) জৰায়ু।

(c) ডিম্বাশয়।

(d) যোনি।

উত্তৰঃ (c) ডিম্বাশয়।

(দ) তলৰ কোনটো অংশত মানুহৰ পুং জননকোষ বা শুক্রাণু গঠিত হয়–

(a) প্রষ্টেট গ্রন্থি।

(b) শুক্রবাহী নলী।

(c) শুক্ৰাধাৰ।

(d) শুক্রাশয়।

উত্তৰঃ (d) শুক্রাশয়

(ধ) প্লেচেণ্টাই মাতৃগৰ্ভত ভ্ৰূণ এটাৰ কোনটো প্ৰক্ৰিয়াত সহায় কৰে–

(a) পৰিপুষ্টি।

(b) ৰেচন।

(c) শ্বসন।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top