Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়

Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

নিয়ন্ত্ৰণ আৰু সমন্বয়

Chapter – 7

জীৱবিজ্ঞান

Multiple Choice Questions & Answers

1. তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে—

(a) এক্সন। 

(b) ডেনড্রাইট। 

(c) মায়েলিন আৱৰণী।

(d) কোষদেহ।

উত্তৰঃ (b) ডেনড্রাইট। 

2. এটা নিউৰণৰ পৰা তাৰ পৰৱৰ্তী নিউৰণলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়–

(a) বৈদ্যুতিক প্ৰেৰণা। 

(b) চুম্বকীয় প্ৰেৰণা।

(c) তাপ।

(d) ৰাসায়নিক পদার্থ।

উত্তৰঃ (d) ৰাসায়নিক পদার্থ।

3. বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়— 

(a) এক্সন।

(b) কোষদেহ।

(c) ডেনড্রাইট।

(d) মায়েলিন আৱৰণী।

উত্তৰঃ (a) এক্সন।

4. পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ’ল— 

(a) ঐচ্ছিক ক্রিয়া।

(b) অনৈচ্ছিক ক্রিয়া।

(c) প্রতীপ ক্রিয়া। 

(d) স্বতঃস্ফূর্ত ক্রিয়া।

উত্তৰঃ (c) প্রতীপ ক্রিয়া। 

5. আমাৰ ভোক লাগিলে লালটি ক্ষৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ — 

(a) ঐচ্ছিক ক্রিয়া। 

(b) প্রতীপ ক্রিয়া।

(c) অনৈচ্ছিক ক্রিয়া।

(d) হৃদ ক্রিয়া।

উত্তৰঃ (b) প্রতীপ ক্রিয়া।

6. তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়–

(a) মস্তিষ্ক।

(b) স্নায়ু।

(c) স্নায়ুৰজ্জু। 

(d) মেৰুদণ্ড।

উত্তৰঃ (c) স্নায়ুৰজ্জু। 

7. আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়— 

(a) স্নায়ুতন্ত্র।

(b) প্রান্তীয় স্নায়ুতন্ত্র।

(c) প্রতীপ ক্রিয়া। 

(d) প্রতীপ ধনু।

উত্তৰঃ (d) প্রতীপ ধনু।

8. তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ— 

(a) স্নায়ুৰজ্জু।

(b) মস্তিষ্ক।

(c) স্নায়ু ।

(d) নিউৰণ।

উত্তৰঃ (b) মস্তিষ্ক।

9. মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়—

(a) প্রান্তীয় স্নায়ুতন্ত্র।

(b) স্বয়ংক্রিয় স্নায়ুতন্ত্র।

(c) কেন্দ্রীয় স্নায়ুতন্ত্র। 

(d) অন্তঃস্রাবী তন্ত্র।

উত্তৰঃ (c) কেন্দ্রীয় স্নায়ুতন্ত্র। 

10. কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্ৰবিধ হ’ল—

(a) প্রান্তীয় স্নায়ুতন্ত্র।

(b) অন্তঃস্রাবী তন্ত্র।

(c) স্বয়ংক্রিয় স্নায়ুতন্ত্র। 

(d) ৰেচন তন্ত্ৰ।

উত্তৰঃ (a) প্রান্তীয় স্নায়ুতন্ত্র।

11. তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ— 

(a) মধ্যমস্তিষ্ক। 

(b) ছেৰিবেলাম।

(c) প্রমস্তিষ্ক।

(d) মেদুলা। 

উত্তৰঃ (c) প্রমস্তিষ্ক।

12. আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটি হ’ল— 

(a) মেদুলা।

(b) ছেৰিবেলাম।

(c) মধ্যমস্তিষ্ক। 

(d) প্রমস্তিষ্ক।

উত্তৰঃ (d) প্রমস্তিষ্ক।

13. ঐচ্ছিক ক্রিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি —

(a) প্রমস্তিষ্ক।

(b) মধ্যমস্তিষ্ক। 

(c) পশ্চাদ মস্তিষ্ক।

(d) স্নায়ুৰজ্জু।

উত্তৰঃ (a) প্রমস্তিষ্ক।

14. ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি— 

(a) প্রমস্তিষ্ক।

(b) মধ্যমস্তিষ্ক। 

(c) মেদুলা।

(d) ছেৰিবেলাম।

উত্তৰঃ (c) মেদুলা।

15. ৰচী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়া – কলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি—

(a) মেদুলা।

(b) ছেৰিবেলাম।

(c) ছেৰিব্ৰাম।

(d) মধ্যমস্তিষ্ক।

উত্তৰঃ (b) ছেৰিবেলাম।

16. তলৰ কোনবিধ অণুৰ পুনৰসজ্জাৰ দ্বাৰা প্ৰাণীৰ পেশীকোষে কোনো স্নায়বিক প্ৰেৰণাৰ প্ৰতিক্রিয়া স্বৰূপে চলন দেখুৱায়। 

(a) লিপিড। 

(b) কার্বহাইড্রেট।

(c) প্রটিন।

(d) পানী।

উত্তৰঃ (c) প্রটিন।

17. তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলন নহয়— 

(a) পোহৰৰ দিশত কাণ্ড বেকা হোৱা।

(b) সংবেদনশীল উদ্ভিদৰ পাত জই পৰা।

(c) কাণ্ডৰ ঊৰ্ধ্বমুখী চলন। 

(d) পানীৰ দিশলৈ শিপা বেকা হোৱা।

উত্তৰঃ (b) সংবেদনশীল উদ্ভিদৰ পাত জই পৰা।

18. তলত উল্লেখ কৰা কোনটো উপায়েৰে উদ্ভিদকোষে নিজৰ আকৃতি সলনি কৰে— 

(a) প্ৰটিনৰ পুনৰসজ্জাৰ দ্বাৰা।

(b) কোষলৈ অধিক পৰিমাণে অক্সিজেন আনি।

(c) পানীৰ বাষ্পীভৱনৰ দ্বাৰা।

(d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা। 

উত্তৰঃ (d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা। 

19. তলৰ কোনটো পৰিঘটনাই উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলনক নুবুজায়— 

(a) জলানুবেগী।

(b) ৰসায়নুবেগী। 

(c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত চলন।

 (d) ভূকেন্দ্রাবেগী।

উত্তৰঃ (c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত চলন।

20. পৃথিৱীৰ মধ্যাকৰ্ষণৰ প্ৰতিক্ৰিয়া ৰূপে উদ্ভিদৰ অংশৰ চলনক বোলা হয়–

(a) জলানুবেগী।

(b) ভূকেন্দ্রাবেগী।

(c) ৰসায়নুবেগী। 

(d) পোহৰানুবেগী।

উত্তৰঃ (b) ভূকেন্দ্রাবেগী।

21. ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি তলৰ কোনটো পৰিঘটনাৰ এক উদাহৰণ–

(a) ভূকেন্দ্রাবেগী।

(b) পোহৰানুবেগী।

(c) ৰসায়নুবেগী।

(d) জলানুবেগী।

উত্তৰঃ (c) ৰসায়নুবেগী।

22. বহুকোষী জীৱৰ ক্ষেত্ৰত ৰাসায়নিক সংযোগ তলৰ কোনটোৰ সহায়ত সাধিত হয়— 

(a) হৰম’ন।

(b) বৈদ্যুতিক প্ৰেৰণা।

(c) চুম্বকীয় সংকেত।

(d) পোহৰ।

উত্তৰঃ (a) হৰম’ন।

23. উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা   উদ্ভিদ হৰম’নবিধ— 

(a) জিবাৰেলিন।

(b) অক্সিন।

(c) ছাইট’কাইনিন।

(d) ইথিলিন।

উত্তৰঃ (b) অক্সিন।

24. তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি হৰম’ন নহয়— 

(a) অক্সিন।

(b) ছাইট’কাইনিন।

(c) এবছিছিক এছিড। 

(d) জিবাৰেলিন।

উত্তৰঃ (c) এবছিছিক এছিড। 

25. উদ্ভিদদেহত কোষ বিভাজনত সহায় কৰা হন নবিধ হল–

(a) ছাইট’কাইনিন।

(b) অক্সিন। 

(c) জিবাৰেলিন।

(d) এবছিছিক এছিড।

উত্তৰঃ (a) ছাইট’কাইনিন।

26. উদ্ভিদৰ পাত লেৰেলি যোৱাৰ লগত জড়িত উদ্ভিদ হৰম’নবিধ— 

(a) ছাইটকাইনিন। 

(b) এবছিছিক এছিড।

(c) জিবাৰেলিন।

(d) অক্সিন।

উত্তৰঃ (b) এবছিছিক এছিড।

27. উদ্ভিদদেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম’নবিধ— 

(a) ছাইট’কাইনিন।

(b) জিবাৰেলিন।

(c) অক্সিন।

(d) এবছিছিক এছিড।

উত্তৰঃ (d) এবছিছিক এছিড।

28. তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম’নসমূহ অংশ–

(a) কেন্দ্রীয় স্নায়ুতন্ত্র।

(b) প্রান্তীয় স্নায়ুতন্ত্র।

(c) অন্তঃস্রাবী তন্ত্র।

(d) পাচন তন্ত্র।

উত্তৰঃ (c) অন্তঃস্রাবী তন্ত্র।

29. তলৰ কোনটো হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন আৱশ্যকীয়—

(a) থাইৰ ‘ক্সিন।

(b) ইনচুলিন।

(c) বৃদ্ধি হৰম’ন।

(d) এষ্ট্র’জেন।

উত্তৰঃ (a) থাইৰ ‘ক্সিন।

30. তলৰ কোনটো হৰম’নৰ অভাৱত গৰল ৰোগ হয় –

(a) ইনচুলিন।

(b) টেষ্ট’ষ্টাৰণ।

(c) থাইৰ’ক্সিন। 

(d) এড্রিনেলিন।

উত্তৰঃ (c) থাইৰ’ক্সিন। 

31. তলৰ কোনটো হৰম’নৰ অভাৱে ডায়েবেটিছ ৰোগ সৃষ্টি কৰে—

(a) থাইৰ’ক্সিন।

(b) ইনচুলিন।

(c) এষ্ট্ৰ’জেন।

(d) এড্রিনেলিন।

উত্তৰঃ (b) ইনচুলিন।

32. শৈশৱ কালত হোৱা তলৰ কোনটো হৰম’নৰ অভাৱে কিছুমান ব্যক্তিক বাওনা কৰে — 

(a) থাইৰ’ক্সিন।

(b) ইনচুলিন।

(c) এড্রিনেলিন।

(d) বৃদ্ধি হৰম’ন। 

উত্তৰঃ (d) বৃদ্ধি হৰম’ন। 

33. পুৰুষৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম’নবিধ— 

(a) এষ্ট্ৰ’জেন।

(b) টেষ্ট’ষ্টাৰণ।

(c) এড্রিনেলিন। 

(d) থাইৰ ‘ক্সিন।

উত্তৰঃ (b) টেষ্ট’ষ্টাৰণ।

34. স্ত্ৰীৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম’নবিধ— 

(a) টেষ্ট’ষ্টাৰণ।

(b) ইনচুলিন।

(c) থাইৰ ‘ক্সিন।

(d) এষ্ট্ৰ’জেন।

উত্তৰঃ (d) এষ্ট্ৰ’জেন।

35. পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ হ’ল— 

(a) থাইৰ’ক্সিন।

(b) ইনচুলিন।

(c) বৃদ্ধি হৰম’ন।

(d) টেষ্ট’ষ্টাৰণ।

উত্তৰঃ (c) বৃদ্ধি হৰম’ন।

36. অগ্নাশয়ে ক্ষৰণ কৰা হৰম’নবিধ — 

(a) ইনচুলিন।

(b) এড্রিনেলিন।

(c) বৃদ্ধি হৰম’ন।

(d) এষ্ট্ৰ’জেন।

উত্তৰঃ (a) ইনচুলিন।

37. থাই ৰইড গ্রন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ – 

(a) এড্রিনেলিন।

(b) বৃদ্ধি হৰম’ন।

(c) থাইৰ’ক্সিন।

(d) ইনচুলিন।

উত্তৰঃ (c) থাইৰ’ক্সিন।

38. শুক্রাশয়ে ক্ষৰণ কৰা হৰম’নবিধ হ’ল — 

(a) এষ্ট্ৰ’জেন।

(b) টেষ্ট’ষ্টাৰণ।

(c) বৃদ্ধি হৰম’ন। 

(d) ইনচুলিন।

উত্তৰঃ (b) টেষ্ট’ষ্টাৰণ।

39. ডিম্বাশয়ে ক্ষৰণ কৰা হৰম’নবিধ হ’ল— 

(a) এষ্ট্ৰ’জেন।

(b) ইনচুলিন।

(c) থাইৰ ‘ক্সিন।

(d) টেষ্ট’ষ্টাৰণ।

উত্তৰঃ (a) এষ্ট্ৰ’জেন।

40. তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম’নৰ অভাৱত হোৱা ৰোগ— 

(a) মেলেৰিয়া।

(b) কুকুৰীকণা।

(c) ডায়েবেটিছ।

(d) উচ্চ ৰক্তচাপ। 

উত্তৰঃ (c) ডায়েবেটিছ।

41. তলৰ কোনবিধ হৰম’নৰ অভাৱত হোৱা ৰোগ বা অবস্থা নহয়— 

(a) গৰল।

(b) ডায়েবেটিছ।

(c) বাওনা হোৱা।

(d) উচ্চ ৰক্তচাপ।

উত্তৰঃ (d) উচ্চ ৰক্তচাপ।

42. তলৰ কোনবিধ প্রাণী হৰম’নে বিপদসংকুল পৰিস্থিতিত প্ৰাণীৰ শৰীৰক সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু কৰি তোলে— 

(a) এড্রিনেলিন।

(b) বৃদ্ধি হৰম’ন।

(c) থাইৰ’ক্সিন। 

(d) ইনচুলিন।

উত্তৰঃ (a) এড্রিনেলিন।

43. ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে দায়ী মস্তিষ্কৰ অংশটো হ’ল–

(a) প্রমস্তিষ্ক।

(b) মধ্যমস্তিষ্ক। 

(c) পশ্চাৎমস্তিষ্ক।

(d) হাইপ’থেলামাচ।

উত্তৰঃ (a) প্রমস্তিষ্ক।

Very Short & Short Type Questions and Answers

1. জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আবশ্যকতা কি? 

উত্তৰঃ জীৱদেহত বিভিন্ন ধৰণৰ চলাচল সংঘটিত হ’বৰ বাবে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যক হয়।

2. প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা কি কি? 

উত্তৰঃ স্নায়ু কলা আৰু পেশী কলা। 

3. স্নায়ুকোষৰ মাজেৰে কি উপায়ে বাৰ্তা সঞ্চালিত হয়? 

উত্তৰঃ বৈদ্যুতিক প্ৰেৰণা হিচাপে।

4. দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে কোনো বাৰ্তাই কেনেদৰে পাৰ হয়?  

উত্তৰঃ স্নায়ুকোষৰ এক্সনৰ মূৰত, বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদাৰ্থসমূহে দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে পাৰ হয়।

5. ছাইনেপ্‌ছ কি?

উত্তৰঃ দুটা আনুক্রমিক স্নায়ুকোষৰ মাজৰ ফাকটোক ছাইনেপ্‌ছ বোলে। 

6. নিউৰণ কি? 

উত্তৰঃ স্নায়ু কলা গঠন কৰা প্ৰতিটো কোষকে স্নায়ুকোষ বা নিউৰণ বোলে। 

7. স্নায়ু কলা কাক বোলে?  

উত্তৰঃ যি কলাৰ বিশেষত্বপূর্ণ কোষসমূহে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বিভিন্ন বার্তা কঢ়িয়াই নিয়ে, তেনে কলাক স্নায়ু কলা বোলে। 

৪. নিউৰণৰ কোনটো অংশত বিভিন্ন তথ্য আহৰণ কৰা হয়? 

উত্তৰঃ ডেনড্ৰাইট।

9. নিউৰণৰ কোনটো অংশৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত বিভিন্ন বার্তা পৰিবাহিত হয়?

উত্তৰঃ দেহকোষৰ আৰু এক্সনৰ মাজেৰে।

10. নিউৰণৰ কোনটো অংশত বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হয়? 

উত্তৰঃ  এক্সনৰ।

11. প্রতীপ ক্রিয়া কি? 

উত্তৰঃ প্ৰতীপ ক্রিয়া হ’ল পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰৰ কিছুমান হঠাতে আৰু স্বতঃস্ফূর্তভাৱে সংঘটিত হোৱা ক্ৰিয়া। 

12. প্রতীপ ধনু কি? 

উত্তৰঃ প্ৰতীপ ধনু হ’ল আমাৰ স্নায়ুৰজ্জুত গঠন হোৱা কিছুমান সংযোগ য’ত কোনো উদ্দীপনা চিনাক্ত কৰা স্নায়ুসমূহ পেশীক সাধাৰণভাৱে চলাচল কৰোৱা স্নায়ুসমূহৰ লগত সংযোজিত হৈ থাকে। 

13. প্রতীপ ধনু ক’ত গঠিত হয়? 

উত্তৰঃ  স্নায়ুৰজ্জুত।  

14. স্নায়ুৰজ্জু কেনেদৰে সুৰক্ষিত হয়? 

উত্তৰঃ আমাৰ শৰীৰৰ মেৰুদণ্ড বা ৰাজহাড়ডালে স্নায়ুৰজ্জুক সুৰক্ষা প্ৰদান কৰে। 

15. কেন্দ্রীয় স্নায়ুতন্ত্র কি? 

উত্তৰঃ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত স্নায়ুতন্ত্ৰটোক কেন্দ্ৰীয় স্নায়ুতন্ত্র বোলা হয়। 

16. আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ কি? 

উত্তৰঃ (i) মস্তিষ্ক। আৰু 

(ii) স্নায়ুৰজ্জু। 

17. কেন্দ্রীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা স্নায়ুতন্ত্রবিধ কি? 

উত্তৰঃ প্ৰান্তীয় স্নায়ুতন্ত্র। 

18. আমাৰ মস্তিষ্কৰ মুখ্য অংশকেইটা কি কি? 

উত্তৰঃ প্রমস্তিষ্ক, মধ্যমস্তিষ্ক আৰু পশ্চাদমস্তিষ্ক।

19. আমাৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশটি কি? 

উত্তৰঃ  প্ৰমস্তিষ্ক।

20. টেবুল এখনৰ পৰা পেঞ্চিল এডাল তুলি লোৱাৰ দৰে ঐচ্ছিক ক্ৰিয়াৰ সঠিকতাৰ লগত জড়িত পশ্চাদমস্তিষ্কৰ অংশটিৰ নাম কি? 

উত্তৰঃ ছেৰিবেলাম। 

21. পশ্চাদমস্তিষ্কৰ মুখ্য অংশ দুটা কি কি? 

উত্তৰঃ (i) মেদুলা। আৰু 

(ii) ছেৰিবেলাম। 

22. পশ্চাদমস্তিষ্কৰ মেদুলাৰ কাম কি? 

উত্তৰঃ পশ্চাদমস্তিষ্কৰ মেদুলাৰ কাম হ’ল ৰক্ত চাপ, লালটিৰ ক্ষণ, বমি কৰা, হৃদস্পন্দন আদিৰ দৰে অনৈচ্ছিক ক্রিয়াসমূহ নিয়ন্ত্ৰণ কৰা। 

23. পশ্চাদমস্তিষ্কৰ ছেৰিবেলামৰ কাম কি? 

উত্তৰঃ পশ্চাদমস্তিষ্কৰ ছেৰিবেলামৰ মুখ্য কাম হ’ল আমাৰ ঐচ্ছিক ক্ৰিয়াসমূহক সঠিকতা প্ৰদান কৰা আৰু আমাৰ শৰীৰৰ ভংগীমা আৰু সন্তুলন ৰক্ষা কৰা। 

24. পোহৰানুবেগী বা ফট’ট্রপিজিম কি?

উত্তৰঃ  পোহৰৰ প্ৰতি প্ৰতিক্ৰিয়া হিচাপে উদ্ভিদৰ অংশৰ চলনক পোহৰানুবেগী বা ফট’ট্ৰপিজিম বোলা হয়। উদ্ভিদৰ কাণ্ডই পোহৰৰ দিশত আৰু শিপাই পোহৰৰ বিপৰীত দিশত বেকা হয়। 

25. ভূকেন্দ্রাবেগী বা জিঅ’ট্রপিজিম কি?

উত্তৰঃ পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ প্ৰতি প্ৰতিক্ৰিয়া হিচাপে উদ্ভিদ অংশৰ চলনক ভূকেন্দ্ৰাবেগী বা জিঅ’ট্রপিজিম বোলা হয়। উদ্ভিদৰ কাণ্ডই সদায় পৃথিৱীৰ বিপৰীত দিশত, ওপৰৰ ফালে গতি কৰে আৰু আনহাতে উদ্ভিদৰ শিপাই অধোমুখী দিশত অৰ্থাৎ মধ্যাকৰ্ষণৰ দিশত গতি কৰে৷

26. জলানুবেগী বা হাইড্ৰট্ট’পিজিম (Hydrotropism) কি? 

উত্তৰঃ  পানী বা আৰ্দ্ৰতাৰ প্ৰতি প্ৰতিক্ৰিয়া হিচাপে উদ্ভিদৰ অংশৰ চলনক জলানুবেগী বা হাইড্র ট্রপিজিম বোলা হয়। উদ্ভিদৰ শিপাই সদায় আর্দ্রতা বা পানীৰ দিশত বেকা হয়। 

27. ৰসায়নুবেগী বা কেম’ট্রপিজিম কি? 

উত্তৰঃ কিছুমান ৰাসায়নিক পদাৰ্থৰ প্ৰতি প্ৰতিক্ৰিয়া হিচাপে উদ্ভিদৰ চলনক কেম’ট্রপিজিম বোলা হয়। 

28. উদ্ভিদত দেখা যোৱা কেম’ট্ৰপিজিমৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি।

29. হৰম’নসমূহ কি? 

উত্তৰঃ  হৰম’নসমূহ হ’ল বহুকোষী জীৱৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ বাবে ব্যৱহাৰ হোৱা কিছুমান ৰাসায়নিক যৌগ। 

30. অন্তঃস্রাবী তন্ত্র কাক বোলে? 

উত্তৰঃ  অন্তঃস্রাবী তন্ত্ৰ হ’ল কিছুমান বিশেষ গ্ৰন্থিৰে গঠিত তন্ত্ৰ, যিয়ে প্ৰাণীৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ত অংশগ্ৰহণ কৰা হৰম’ন নামৰ এবিধ ৰাসায়নিক পদার্থ নিঃসৰণ কৰে। 

31. থাইৰ’ক্সিনৰ সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা মৌলবিধৰ নাম কি? 

উত্তৰঃ আয়ডিন। 

32. গৰল ৰোগ কি? 

উত্তৰঃ গৰল হ’ল আয়ডিনৰ অভাৱত আমাৰ শৰীৰত দেখা দিয়া এবিধ অভাৱজনিত ৰোগ। এই ৰোগৰ এটা উপসৰ্গ হ’ল ডিঙি ফুলি উঠা। 

33. শৈশৱ কালত মানুহৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰা হৰম’নবিধ কি?

উত্তৰঃ  বৃদ্ধি হৰম’ন।

34. কিছুমান মানুহ বাওনা আৰু কিছুমান অতিকায় হোৱাৰ লগত জড়িত হৰম’নবিধ কি? 

উত্তৰঃ বৃদ্ধি হৰম’ন। 

35. পুৰুষ আৰু মহিলাৰ শৰীৰত যথাক্রমে টেষ্ট’ষ্টাৰণ আৰু এষ্ট্ৰ’জেন হৰম’ন ক্ষৰণ কৰা গ্ৰন্থি দুবিধ কি কি? 

উত্তৰঃ পুৰুষৰ শৰীৰত টেষ্ট’ষ্টাৰণ হৰমন ক্ষৰণ কৰা গ্রন্থিবিধ হ’ল শুক্রাশয় আৰু স্ত্ৰীৰ শৰীৰত এষ্ট্ৰ’জেন হৰম’ন ক্ষৰণ কৰা গ্ৰন্থিবিধ হ’ল ডিম্বাশয়। 

36. অগ্নাশয়ে ক্ষৰণ কৰা হৰম’নবিধৰ নাম কি? 

উত্তৰঃ ইনচুলিন। 

37. আমাৰ শৰীৰত ইনচুলিনৰ মুখ্য কাৰ্য কি? 

উত্তৰঃ আমাৰ শৰীৰত ইনচুলিনৰ মুখ্য কাৰ্য হ’ল তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা। 

38. আমাৰ শৰীৰত ইনচুলিন নামৰ হৰম’নবিধৰ অভাৱত দেখা দিয়া ৰোগবিধৰ নাম কি? 

উত্তৰঃ ডায়েবেটিছ। 

39. আমাৰ শৰীৰত হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰা প্ৰণালীটোৰ নাম কি? 

উত্তৰঃ ফিডবেক্ প্ৰণালী 

40. ফিডবেক্ প্রণালী কি? 

উত্তৰঃ আমাৰ শৰীৰৰ যিটো প্ৰণালীয়ে হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰে, তাক ফিডবেক্ প্রণালী বোলে।

অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১। জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা কি?

উত্তৰঃ জীৱদেহত বিভিন্ন ধৰণৰ চলাচল সংঘটিত হ’বৰ বাবে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যক হয়।

প্রশ্ন ২। প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা কি কি?

উত্তৰঃ প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা হ’ল স্নায়ু কলা আৰু পেশী কলা ।

প্রশ্ন ৩। সোৱাদ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম কি?

উত্তৰঃ আমাৰ শৰীৰৰ সোৱাদ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম হ’ল গাছটেট’ৰী (gustatory) গ্রাহক।

প্রশ্ন ৪। গোন্ধ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম কি?

উত্তৰঃ গোন্ধ চিনাক্ত কৰা আমাৰ শৰীৰৰ গ্ৰাহকবিধৰ নাম হ’ল অ’লফেক্টৰী গ্ৰাহক (olfactory receptor)।

প্রশ্ন ৫। স্নায়ুকোষৰ মাজেৰে কি উপায়ে বার্তা সঞ্চালিত হয়?

উত্তৰঃ স্নায়ুকোষৰ মাজেৰে বিভিন্ন বাৰ্তা বৈদ্যুতিক প্ৰেৰণা হিচাপে সঞ্চালিত হয়।

প্রশ্ন ৬। স্নায়ুকোষ এটাত কি উপায়ে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰা হয়?

উত্তৰঃ স্নায়ুকোষৰ ডেনড্ৰাইটৰ অগ্ৰাংশত আহৰণ কৰা পৰিৱেশৰ কোনো তথ্যই এক ৰাসায়নিক বিক্রিয়া সংঘটিত কৰায়, যিয়ে স্নায়ুকোষত এক বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে।

প্রশ্ন ৭। দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে কোনো বাৰ্তাই কেনেদৰে পাৰ হয়?

উত্তৰঃ স্নায়ুকোষৰ এক্সনৰ মূৰত, বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদার্থসমূহে দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে পাৰ হয়।

প্রশ্ন ৮। ছাইনেপ্‌ছ (Synapse) কি?

উত্তৰঃ দুটা আনুক্রমিক স্নায়ুকোষৰ মাজৰ ফাকটোক ছাইনেপ্‌ছ বোলে।

প্রশ্ন ৯। নিউৰণ কি?

উত্তৰঃ স্নায়ু কলা গঠন কৰা প্ৰতিটো কোষকে স্নায়ুকোষ বা নিউৰণ বোলে।

প্রশ্ন ১০। নিউৰণৰ অংশসমূহ কি?

উত্তৰঃ নিউৰণৰ অংশ মুখ্যতঃ দুটা— 

(i) কোষদেহ, য’ত কোষৰ কোষকেন্দ্ৰটো পোৱা যায়। আৰু 

(ii) স্নায়ু প্ৰবৰ্ধ, যি দুইধৰণৰ— এক্সন আৰু ডেনড্ৰাইট।

প্রশ্ন ১১। স্নায়ু কলা কাক বোলে?

উত্তৰঃ যি কলাৰ বিশেষত্বপূর্ণ কোষসমূহে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ বিভিন্ন বাৰ্তা কঢ়িয়াই নিয়ে, তেনে কলাকু স্নায়ু কলা বোলে।

প্রশ্ন ১২। দুই ধৰণৰ স্নায়ু প্ৰৱৰ্ধকৰ নাম লিখা।

উত্তৰঃ এক্সন আৰু ডেনড্ৰাইট।

প্রশ্ন ১৩। নিউৰণৰ কোনটো অংশত বিভিন্ন তথ্য আহৰণ কৰা হয়?

উত্তৰঃ নিউৰণৰ বিভিন্ন তথ্য আহৰণ কৰা অংশটি হ’ল ডেনড্রাইট।

প্রশ্ন ১৪। নিউৰণৰ কোনটো অংশৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত বিভিন্ন বার্তা পরিবাহিত হয়?

উত্তৰঃ বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত বিভিন্ন বার্তা নিউৰণৰ কোষদেহৰ মাজেৰে আৰু এক্সনৰ মাজেৰে ইয়াৰ মূৰলৈ পৰিবাহিত হয়।

প্রশ্ন ১৫। নিউৰণৰ কোনটো অংশত বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হয়?

উত্তৰঃ নিউৰণৰ এক্সনৰ মূৰত বৈদ্যুতিক প্ৰেৰণা ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হয়।

প্রশ্ন ১৬। প্রতীপ ক্রিয়া কি?

উত্তৰঃ প্রতীপ ক্রিয়া হ’ল পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰৰ কিছুমান হঠাতে আৰু স্বতঃ স্ফূর্তভাৱে সংঘটিত হোৱা ক্রিয়া।

প্রশ্ন ১৭। আমি কেনেদৰে চিন্তা কৰো?

উত্তৰঃ চিন্তাকাৰ্য এক জটিল ক্রিয়া য’ত বিভিন্ন নিউৰণৰ পৰা অহা বিভিন্ন স্নায়ু প্ৰেৰণাৰ জটিল আন্তঃক্রিয়া জড়িত হৈ থাকে।

প্রশ্ন ১৮। প্রতীপ ধনু ক’ত গঠিত হয়?

উত্তৰঃ প্রতীপ ধনু আমাৰ শৰীৰৰ স্নায়ুৰজ্জুত গঠিত হয়।

প্রশ্ন ১৯। প্রতীপ ক্রিয়াই আমাক কেনেদৰে সহায় কৰে?

উত্তৰঃ প্রতীপ ক্রিয়াই আমাক শাৰীৰিক ক্ষতিৰ পৰা ৰক্ষা কৰে।

প্রশ্ন ২০। স্নায়ুজ্জ কি?

উত্তৰঃ স্নায়ুজ্জু হ’ল স্নায়ুৰে গঠিত এটা কণা বা আটিৰ (bundle) দৰে গঠন, য’ত সমগ্ৰ শৰীৰৰ স্নায়ুসমূহ একেলগ হৈ মস্তিষ্কলৈ গতি কৰে।

প্রশ্ন ২১। স্নায়ুৰজ্জু কেনেদৰে সুৰক্ষিত হয়?

উত্তৰঃ আমাৰ শৰীৰৰ মেৰুদণ্ড বা ৰাজহাড়ডালে স্নায়ুৰজ্জুক সুৰক্ষা প্রদান কৰে।

প্রশ্ন ২২। কেন্দ্রীয় স্নায়ুতন্ত্র কি?

উত্তৰঃ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত স্নায়ুতন্ত্রটোক কেন্দ্রীয় স্নায়ুতন্ত্র বোলা হয়।

প্রশ্ন ২৩। আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ কি?

উত্তৰঃ আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ হ’ল— 

(i) মস্তিষ্ক। আৰু 

(ii) স্নায়ুৰঞ্জু।

প্রশ্ন ২৪। আমাৰ শৰীৰৰ মুখ্য সমন্বয়ৰ কেন্দ্র কি?

উত্তৰঃ মস্তিষ্ক হ’ল আমাৰ শৰীৰৰ মুখ্য সমন্বয়ৰ কেন্দ্ৰ।

প্রশ্ন ২৫। আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্রই নিয়ন্ত্ৰণ কৰা শাৰীৰিক ক্রিয়াসমূহ কি কি প্ৰকাৰৰ?

উত্তৰঃ আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্রই নিয়ন্ত্ৰণ কৰা শাৰীৰিক ক্রিয়াসমূহৰ প্ৰকাৰবোৰ হ’ল— ঐচ্ছিক ক্রিয়া, অনৈচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়া।

প্রশ্ন ২৬। ঐচ্ছিক ক্ৰিয়াৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ ঐচ্ছিক ক্ৰিয়াৰ তিনিটা উদাহৰণ হ’ল— লিখা, কথা কোৱা আৰু চকী এখন টানি অনা।

প্রশ্ন ২৭। অনৈচ্ছিক ক্ৰিয়াৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ অনৈচ্ছিক ক্ৰিয়াৰ তিনিটা উদাহৰণ হ’ল— আমাৰ শৰীৰৰ ধমনীৰ ৰক্ত চাপ, লালটিৰ ক্ষৰণ আৰু বমি কৰা।

প্রশ্ন ২৮। কেন্দ্রীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা স্নায়ুতন্ত্রবিধ কি?

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা স্নায়ুতন্ত্রবিধ হ’ল প্রান্তীয় স্নায়ুতন্ত্র।

প্রশ্ন ২৯। প্রান্তীয় স্নায়ুতন্ত্ৰ বুলিলে কি বুজা?

উত্তৰঃ মস্তিষ্কৰ পৰা ওলোৱা ক্রেনিয়েল স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা ওলোৱা ৰজ্জুস্নায়ুৰ দ্বাৰা গঠিত স্নায়ুতন্ত্ৰটোক প্রান্তীয় স্নায়ুতন্ত্র বোলে।

প্রশ্ন ৩০। প্রান্তীয় স্নায়ুতন্ত্ৰৰ অংশসমূহ কি?

উত্তৰঃ প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশসমূহ হ’ল– 

(i) ক্ৰেনিয়েল স্নায়ু। আৰু 

(ii) ৰজ্জুস্নায়ু।

প্রশ্ন ৩১। প্রান্তীয় স্নায়ুতন্ত্ৰৰ মুখ্য কাৰ্য কি?

উত্তৰঃ প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ মুখ্য কাৰ্য হ’ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা।

প্রশ্ন ৩২। আমাৰ মস্তিষ্কৰ মুখ্য অংশকেইটা কি কি?

উত্তৰঃ আমাৰ মস্তিষ্কৰ মুখ্য অংশকেইটা হ’ল— প্ৰমস্তিষ্ক, মধ্যমস্তিষ্ক আৰু পশ্চাদমস্তিষ্ক।

প্রশ্ন ৩৩। আমাৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশটি কি?

উত্তৰঃ প্ৰমস্তিষ্ক হ’ল আমাৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ।

প্রশ্ন ৩৪। আমাৰ মধ্যমস্তিষ্কৰ মুখ্য কাৰ্য কি?

উত্তৰঃ আমাৰ মধ্যমস্তিষ্কৰ মুখ্য কাৰ্য হ’ল চকুৰ পেশীৰ ক্রিয়াকলাপ নিয়ন্ত্ৰণ কৰা।

প্রশ্ন ৩৫। ৰক্ত চাপ, লালটিৰ ক্ষৰণ আৰু বমি কৰা আদি অনৈচ্ছিক ক্ৰিয়াৰ নিয়ন্ত্ৰণৰ লগত জড়িত মস্তিষ্কৰ অংশটি কি?

উত্তৰঃ ৰক্ত চাপ, লালটিৰ ক্ষৰণ আৰু বমি কৰা আদি অনৈচ্ছিক ক্ৰিয়াৰ লগত জড়িত মস্তিষ্কৰ অংশটি হ’ল আমাৰ পশ্চাদমস্তিষ্কৰ মেদুলা।

প্রশ্ন ৩৬। টেবুল এখনৰ পৰা পেঞ্চিল এডাল তুলি লোৱাৰ দৰে ঐচ্ছিক ক্ৰিয়াৰ সঠিকতাৰ লগত জড়িত পশ্চাদমস্তিষ্কৰ অংশটিৰ নাম কি?

উত্তৰঃ টেবুল এখনৰ পৰা পেঞ্চিল এডাল তুলি লোৱাৰ দৰে ঐচ্ছিক ক্ৰিয়াৰ সঠিকতাৰ লগত জড়িত পশ্চাদমস্তিষ্কৰ অংশটিৰ নাম হ’ল ছেৰিবেলাম।

প্রশ্ন ৩৭। পশ্চাদমস্তিষ্কৰ মুখ্য অংশ দুটা কি কি?

উত্তৰঃ পশ্চাদমস্তিষ্কৰ মুখ্য অংশ দুটা হ’ল—

(i) মেদুলা। আৰু 

(ii) ছেৰিবেলাম।

প্রশ্ন ৩৮। পশ্চাদমস্তিষ্কৰ মেদুলাৰ কাম কি?

উত্তৰঃ পশ্চাদমস্তিষ্কৰ মেদুলাৰ কাম হ’ল ৰক্ত চাপ, লালটিৰ ক্ষৰণ, বমি কৰা, হৃদস্পন্দন আদিৰ দৰে অনৈচ্ছিক ক্রিয়াসমূহ নিয়ন্ত্ৰণ কৰা।

প্রশ্ন ৩৯। পশ্চাদমস্তিষ্কৰ ছেৰিবেলামৰ কাম কি?

উত্তৰঃ পশ্চাদমস্তিষ্কৰ ছেৰিবেলামৰ মুখ্য কাম হ’ল আমাৰ ঐচ্ছিক ক্ৰিয়াসমূহক সঠিকতা প্ৰদান কৰা আৰু আমাৰ শৰীৰৰ ভংগীমা আৰু সন্তুলন ৰক্ষা কৰা।

প্রশ্ন ৪০। উদ্ভিদে দেখুওৱা বিভিন্ন ধৰণৰ চলাচলসমূহ কি কি?

উত্তৰঃ উদ্ভিদে দুই ধৰণৰ চলাচল দেখুৱায়– 

(i) বৃদ্ধি নিৰ্ভৰশীল। আৰু 

(ii) স্বতন্ত্র।

প্রশ্ন ৪১। উদ্ভিদৰ বৃদ্ধি-অনিৰ্ভৰশীল বা স্বতন্ত্র চলনৰ উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদৰ বৃদ্ধি অনিৰ্ভৰশীল চলনৰ এটা উদাহৰণ হ’ল— চুই দিলে লাজুকীলতাৰ পাতসমূহ জই পৰি যোৱা।

প্রশ্ন ৪২। উদ্ভিদকোষে কেনেদৰে নিজৰ আকৃতি পৰিৱৰ্তন কৰে?

উত্তৰঃ উদ্ভিদকোষে ইহঁতৰ গাৰ পানীৰ পৰিমাণৰ সলনি কৰি স্ফীত বা সংকুচিত হৈ পৰে, যাৰ ফলত ইহঁতৰ আকৃতিৰ পৰিৱৰ্তন হয়।

প্রশ্ন ৪৩। বৃদ্ধি নিৰ্ভৰশীল উদ্ভিদৰ চলনত প্ৰভাৱ পেলোৱা পৰিৱেশৰ কাৰক তিনিটাৰ উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদৰ বৃদ্ধি-নিৰ্ভৰশীল চলনত প্ৰভাৱ পেলোৱা পৰিৱেশৰ তিনিটা কাৰক হ’ল— পোহৰ, মধ্যাকৰ্ষণ আৰু পানী।

প্রশ্ন ৪৪। জলানুবেগী বা হাইড্রট্র’পিজিম (Hydrotropism) কি?

উত্তৰঃ পানী বা আৰ্দ্ৰতাৰ প্ৰতি প্ৰতিক্ৰিয়া হিচাপে উদ্ভিদৰ অংশৰ চলনক জলানুবেগী বা হাইড্ৰ’ট্রপিজিম বোলা হয়। উদ্ভিদৰ শিপাই সদায় আর্দ্রতা বা পানীৰ দিশত বেকা হয়।

প্রশ্ন ৪৫। কেম’ট্রপিজিম (Chemotropism) কি?

উত্তৰঃ কিছুমান ৰাসায়নিক পদাৰ্থৰ প্ৰতি প্রতিক্রিয়া হিচাপে উদ্ভিদৰ অংশৰ চলনক কেম’ট্রপিজিম বোলা হয়।

প্রশ্ন ৪৬। উদ্ভিদত দেখা যোৱা কেম’ট্ৰপিজিমৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ উদ্ভিদত দেখা যোৱা কেম’ট্ৰপিজিমৰ এটা উদাহৰণ হ’ল— ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি।

প্রশ্ন ৪৭। ৰাসায়নিক সংযোগ কি?

উত্তৰঃ বহুকোষী প্ৰাণীৰ শৰীৰত বিভিন্ন কোষৰ মাজত হৰম’ন নামৰ ৰাসায়নিক পদাৰ্থবিধৰ দ্বাৰা সংঘটিত হোৱা সংযোগক ৰাসায়নিক সংযোগ বোলা হয়।

প্রশ্ন ৪৮। হৰম’নসমূহ কি?

উত্তৰঃ হৰম’নসমূহ হ’ল বহুকোষী জীৱৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ বাবে ব্যৱহাৰ হোৱা কিছুমান ৰাসায়নিক যৌগ।

প্রশ্ন ৪৯। উদ্ভিদ হৰম’নৰ মৌলিক কাৰ্যসমূহ কি?

উত্তৰঃ উদ্ভিদ হৰম’নৰ মৌলিক কাৰ্য হ’ল— উদ্ভিদৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ প্রতি সহাঁৰিৰ সমন্বয় সাধন কৰা।

প্রশ্ন ৫০। উদ্ভিদদেহৰ কোন অংশত অক্সিন সংশ্লেষিত হয়?

উত্তৰঃ উদ্ভিদদেহৰ কাণ্ডৰ অগ্ৰাংশত অক্সিন সংশ্লেষিত হয়।

প্রশ্ন ৫১। অক্সিনৰ মুখ্য কাম কি?

উত্তৰঃ অক্সিনৰ মুখ্য কাম হ’ল উদ্ভিদ কোষৰ দৈৰ্ঘ্য বৃদ্ধি কৰা।

প্রশ্ন ৫২। উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা দুবিধ উদ্ভিদ হৰম’নৰ নাম লিখা।

উত্তৰঃ উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা দুবিধ হৰম’ন হ’ল— অক্সিন আৰু জিবাৰেলিন।

প্রশ্ন ৫৩। উদ্ভিদৰ কোষ বিভাজনত অৰিহণা যোগোৱা উদ্ভিদ হৰম’নবিধৰ নাম লিখা।

উত্তৰঃ উদ্ভিদৰ কোষ বিভাজনত অৰিহণা যোগোৱা উদ্ভিদ হৰম’নবিধ হ’ল চাইট’কাইনিন।

প্রশ্ন ৫৪। উদ্ভিদ হৰম’ন চাইট’কাইনিন অধিক পৰিমাণে পোৱা উদ্ভিদৰ দুটা অংশৰ নাম লিখা।

উত্তৰঃ উদ্ভিদ হৰম’ন চাইট’কাইনিন অধিক পৰিমাণে পোৱা উদ্ভিদৰ দুটা অংশ হ’ল ফল আৰু বীজ, কাৰণ এই দুটা অংশ হ’ল উদ্ভিদৰ দ্ৰুত কোষ বিভাজনৰ অংশ।

প্রশ্ন ৫৫। উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া উদ্ভিদ হৰম’নবিধ কি?

উত্তৰঃ উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া উদ্ভিদ হৰম’নবিধ হ’ল এবছিছিক এছিড।

প্রশ্ন ৫৬। উদ্ভিদৰ ক্ষেত্ৰত এবছিছিক এছিডৰ দুটা প্ৰভাৱ লিখা।

উত্তৰঃ উদ্ভিদৰ ক্ষেত্ৰত এবছিছিক এছিডৰ দুটা প্ৰভাৱ হ’ল—

(i) পাত লেৰেলি যোৱা।

(ii) ফল আৰু পাত সৰি পৰা।

প্রশ্ন ৫৭। এড্রিনেল গ্রন্থিয়ে ক্ষৰণ কৰা প্ৰাণী হৰম’নবিধ কি?

উত্তৰঃ এড্রিনেল গ্রন্থিয়ে ক্ষৰণ কৰা প্ৰাণী হৰম’নবিধ হ’ল— এড্রিনেলিন।

প্রশ্ন ৫৮। কোনো বিপদ-সংকুল পৰিস্থিতিত প্ৰাণীৰ শৰীৰক সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কৰি তোলাত সহায় কৰা প্ৰাণী হৰম’নবিধ কি?

উত্তৰঃ কোনো বিপদ-সংকু ল পৰিস্থিতিত প্ৰাণীৰ শৰীৰক সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু কৰি তোলাত সহায় কৰা প্ৰাণী হৰমনবিধ হ’ল— এড্রিনেলিন।

প্রশ্ন ৫৯। প্ৰাণী হৰম’নসমূহ প্ৰাণীৰ শৰীৰৰ যি তন্ত্ৰৰ অংশ, সেই তন্ত্ৰটোৰ নাম কি?

উত্তৰঃ প্রাণী হৰম’নসমূহ প্ৰাণীৰ শৰীৰৰ যি তন্ত্ৰৰ অংশ সেই তন্ত্ৰটোৰ নাম হ’ল অন্তঃস্রাবী তন্ত্র।

প্রশ্ন ৬০। অন্তঃস্রাবী তন্ত্র কাক বোলে?

উত্তৰঃ অন্তঃস্রাবী তন্ত্ৰ হ’ল কিছুমান বিশেষ গ্ৰন্থিৰে গঠিত তন্ত্ৰ, যিয়ে প্ৰাণীৰ শৰীৰৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ত অংশগ্ৰহণ কৰা হৰম’ন নামৰ এবিধ ৰাসায়নিক পদার্থ নিঃসৰণ কৰে।

প্রশ্ন ৬১। আমাৰ শৰীৰৰ কোনবিধ অন্তঃস্রাবী গ্রন্থিয়ে থাইৰ’ক্সিন হৰম’নবিধ নিঃসৰণ কৰে?

উত্তৰঃ আমাৰ শৰীৰৰ থাইৰইড গ্ৰন্থিয়ে থাইৰ’ক্সিন নামৰ হৰম’নবিধ নিঃসৰণ কৰে।

প্রশ্ন ৬২। থাইৰ’ক্সিন নামৰ প্ৰাণী হৰম’নবিধৰ কাৰ্য উল্লেখ কৰা।

উত্তৰঃ থাইৰ’ক্সিন নামৰ প্ৰাণী হৰম’নবিধৰ মুখ্য কাৰ্য হ’ল প্ৰাণীৰ শৰীৰত কাৰ্বহাইড্রেট, প্ৰটিন আৰু চৰ্বীৰ বিপাক নিয়ন্ত্ৰণ কৰি প্ৰাণীৰ শৰীৰৰ বৃদ্ধিৰ বাবে উপযুক্ত সমতা প্ৰদান কৰা।

প্রশ্ন ৬৩। থাইৰ’ক্সিনৰ সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা মৌলবিধৰ নাম কি?

উত্তৰঃ থাইৰ’ক্সিনৰ সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা মৌলবিধৰ নাম হ’ল আয়ডিন।

প্রশ্ন ৬৪। গৰল ৰোগ কি?

উত্তৰঃ গৰল হ’ল আয়ডিনৰ অভাৱত আমাৰ শৰীৰত দেখা দিয়া এবিধ অভাৱজনিত ৰোগ। এই ৰোগৰ এটা উপসর্গ হ’ল ডিঙি ফুলি উঠা।

প্রশ্ন ৬৫। সৰল গলগণ্ড বা গৰল ৰোগৰ এটা সাধাৰণ উপসর্গ উল্লেখ কৰা।

উত্তৰঃ সৰল গলগণ্ড ৰোগৰ এটা সাধাৰণ উপসর্গ হ’ল ডিঙি ফুলা।

প্রশ্ন ৬৬। বৃদ্ধি হৰম’ন ক্ষৰণ কৰা গ্ৰন্থিবিধৰ নাম কি?

উত্তৰঃ বৃদ্ধি হৰম’ন ক্ষৰণ কৰা গ্ৰন্থিবিধৰ নাম হ’ল পিটুইটাৰী গ্রন্থি।

প্রশ্ন ৬৭। শৈশৱ কালত মানুহৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰা হৰম’নবিধ কি?

উত্তৰঃ শৈশৱ কালত মানুহৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰা হম’নবিধ হ’ল বৃদ্ধি হৰম’ন।

প্রশ্ন ৬৮। কিছুমান মানুহ বাওনা আৰু কিছুমান অতিকায় হোৱাৰ লগত জড়িত হৰম’নবিধ কি?

উত্তৰঃ কিছুমান মানুহ বাওনা আৰু কিছুমান অতিকায় হোৱাৰ লগত জড়িত হৰম’নবিধ হ’ল বৃদ্ধি হৰম’ন।

প্রশ্ন ৬৯। পিউবাৰটি বা যৌৱনকাল সময়ত পুৰুষ শৰীৰৰ নাটকীয় পৰিৱৰ্তনৰ লগত জড়িত হৰম’নবিধ কি?

উত্তৰঃ পিউবাৰটি বা যৌৱনাৰম্ভৰ সময়ত পুৰুষ শৰীৰৰ নাটকীয় পৰিৱৰ্তনৰ লগত জড়িত হৰম’নবিধ হ’ল টেষ্ট’ষ্টাৰণ।

প্রশ্ন ৭০। পিউবাৰটিৰ সময়ত স্ত্ৰীৰ শৰীৰৰ পৰিৱৰ্তনৰ লগত জড়িত হৰম’নবিধ কি?

উত্তৰঃ পিউবাৰটিৰ সময়ত স্ত্ৰীৰ শৰীৰৰ পৰিৱৰ্তনৰ লগত জড়িত হৰম’নবিধ হ’ল ইষ্ট্ৰ’জেন।

প্রশ্ন ৭১। পুৰুষ আৰু মহিলাৰ শৰীৰত যথাক্রমে টেষ্ট’ষ্টাৰণ আৰু ইষ্ট্ৰ’জেন হৰম’ন ক্ষৰণ কৰা গ্ৰন্থি দুবিধ কি কি?

উত্তৰঃ পুৰুষৰ শৰীৰত টেষ্ট’ষ্টাৰণ হৰম’ন ক্ষৰণ কৰা গ্ৰন্থিবিধ হ’ল শুক্রাশয় আৰু স্ত্ৰীৰ শৰীৰত ইষ্ট্র’জেন হৰম’ন ক্ষৰণ কৰা গ্ৰন্থিবিধ হ’ল ডিম্বাশয়।

প্রশ্ন ৭২। অগ্নাশয়ে ক্ষৰণ কৰা হৰম’নবিধৰ নাম কি?

উত্তৰঃ অগ্নাশয়ে ক্ষৰণ কৰা হৰম’নবিধৰ নাম হ’ল ইনচুলিন।

প্রশ্ন ৭৩। আমাৰ শৰীৰত ইনচুলিনৰ মুখ্য কাৰ্য কি?

উত্তৰঃ আমাৰ শৰীৰত ইনচুলিনৰ মুখ্য কাৰ্য হ’ল তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰা।

প্রশ্ন ৭৪। আমাৰ শৰীৰত ইনচুলিন নামৰ হৰম’নবিধৰ অভাৱত দেখা দিয়া ৰোগবিধৰ নাম কি?

উত্তৰঃ আমাৰ শৰীৰত ইনচুলিন নামৰ হৰম’নবিধৰ অভাৱত দেখা দিয়া ৰোগবিধ হ’ল ডায়েবেটিছ।

প্রশ্ন ৭৫। আমাৰ শৰীৰত হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰা প্ৰণালীটোৰ নাম কি?

উত্তৰঃ আমাৰ শৰীৰত হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰা প্ৰণালীটো হ’ল ফিডবেক্ প্রণালী (Feedback mechanism)।

প্রশ্ন ৭৬। ফিডবেক্ প্রণালী (Feedback mechanism) কি?

উত্তৰঃ আমাৰ শৰীৰৰ যিটো প্ৰণালীয়ে হৰম’ন নিঃসৰণৰ সময় আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰে, তাক ফিডবেক্ প্রণালী বোলে।

প্রশ্ন ৭৭। প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ লগত জড়িত তন্ত্ৰ দুটা কি কি?

উত্তৰঃ প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ লগত জড়িত তন্ত্ৰ দুটা হ’ল— (i) স্নায়ৱিক তন্ত্ৰ আৰু (ii) অন্তঃস্রাবী তন্ত্র।

প্রশ্ন ৭৮। উদ্ভিদদেহত কি উপায়ে নিয়ন্ত্রণ আৰু সমন্বয় সাধন হয়?

উত্তৰঃ উদ্ভিদদেহত কিছুমান উদ্ভিদ হৰম’নৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয়।

প্রশ্ন ৭৯। আমি আমাৰ শৰীৰত স্নায়ৱিক তন্ত্ৰৰ প্ৰতিক্ৰিয়াসমূহৰ কেনেদৰে শ্ৰেণীবিভাজন কৰো?

উত্তৰঃ আমি আমাৰ শৰীৰত স্নায়ৱিক তন্ত্ৰৰ প্ৰতিক্ৰিয়াসমূহক তিনিটা শ্ৰেণীত শ্রেণীবিভাজন কৰিব পাৰো । যেনে – 

(i) ঐচ্ছিক ক্রিয়া। 

(ii) অনৈচ্ছিক ক্ৰিয়া। আৰু 

(iii) প্রতীপ ক্রিয়া।

প্রশ্ন ৮০। আমাৰ স্নায়ৱিক তন্ত্ৰই ক’ৰ পৰা বাৰ্তা আহৰণ কৰে?

উত্তৰঃ আমাৰ স্নায়ৱিক তন্ত্ৰই জ্ঞানেন্দ্ৰিয়সমূহৰ পৰা বাৰ্তা আহৰণ কৰে।

প্রশ্ন ৮১। বিভিন্ন উদ্দীপনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আমাৰ স্নায়ুতন্ত্রই কোনবিধ কলাৰ সহায়ত ক্রিয়া কৰে?

উত্তৰঃ বিভিন্ন উদ্দীপনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আমাৰ স্নায়ুতন্ত্ৰই পেশী কলাৰ সহায়ত ক্রিয়া কৰে।

প্রশ্ন ৮২। উদ্দীপনা কি?

উত্তৰঃ উদ্দীপনা হ’ল আমাৰ স্নায়ুতন্ত্ৰই পৰিৱেশৰ পৰা চিনাক্ত কৰা আৰু পাছত তাৰ প্ৰতি সঁহাৰি জনোৱা কিছুমান সংবেদন। যেনে— পোহৰ, গোন্ধ, স্পর্শ, তাপ আদি।

প্রশ্ন ৮৩। প্রতীপ ক্রিয়া কি?

উত্তৰঃ প্রতীপ ক্রিয়া হ’ল পৰিৱেশৰ কোনো উদ্দীপনাৰ বিপৰীতে প্ৰাণীৰ শৰীৰৰ এক অনৈচ্ছিক, খৰতকীয়া আৰু স্বতঃস্ফূৰ্ত প্রতিক্রিয়া।

প্রশ্ন ৮৪। অন্তঃস্ৰাৱী গ্রন্থি কি?

উত্তৰঃ যিবিলাক গ্ৰন্থিয়ে হৰম’ন নামৰ ৰাসায়নিক পদাৰ্থবোৰ তেজত ক্ষৰণ কৰে, সিহঁতক অন্তঃস্ৰাৱী গ্রন্থি বোলে।

প্রশ্ন ৮৫। অক্সিন কি? 

উত্তৰঃ অক্সিন হ’ল উদ্ভিদৰ কাণ্ড আৰু শিপাৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা এবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে—

(a) এক্সন।

(b) ডেনড্রাইট।

(c) মায়েলিন আৱৰণী।

(d) কোষদেহ।

উত্তৰঃ (b) ডেনড্রাইট।

২। গাছটেট’ৰী গ্রাহক (Gustatory receptors) তলৰ কোনটো অনুভূতিৰ চিনাক্তকৰণৰ লগত জড়িত।

(a) সোৱাদ।

(b) গোন্ধ।

(c) স্পর্শ।

(d) দৃষ্টি।

উত্তৰঃ (a) সোৱাদ।

৩। অ’লফেক্টৰী গ্রাহক (Olfactory receptors) তলৰ কোনটো অনুভূতিৰ চিনাক্তকৰণৰ লগত জড়িত।

(a) সোৱাদ।

(b) স্পর্শ।

(c) শব্দ।

(d) গোন্ধ।

উত্তৰঃ (d) গোন্ধ।

৪। নিউৰণত বৈদ্যুতিক প্ৰেৰণা সৃষ্টিৰ লগত জড়িত বিক্রিয়াবিধ—

(a) ৰাসায়নিক।

(b) ভৌতিক।

(c) বৈদ্যুতিক।

(d) নিউক্লীয়।

উত্তৰঃ (a) ৰাসায়নিক।

৫। বৈদ্যুতিক প্ৰেৰণাই তলত দিয়া নিউৰণৰ কোনটো অংশৰ মূৰত কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে-

(a) ডেনড্রাইট।

(b) এক্সন।

(c) কোষদেহ।

(d) মায়েলিন আৱৰণী।

উত্তৰঃ (b) এক্সন।

৬। এটা নিউৰণৰ পৰা তাৰ পৰৱৰ্তী নিউৰণলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়—

(a) বৈদ্যুতিক প্ৰেৰণা।

(b) চুম্বকীয় প্ৰেৰণা।

(c) তাপ।

(d) ৰাসায়নিক পদার্থ।

উত্তৰঃ (d) ৰাসায়নিক পদার্থ।

৭। বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়-

(a) এক্সন।

(b) কোষদেহ।

(c) ডেনড্রাইট। 

(d) মায়েলিন আৱৰণী।

উত্তৰঃ (a) এক্সন।

৮। পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ’ল—

(a) ঐচ্ছিক ক্রিয়া।

(b) অনৈচ্ছিক ক্রিয়া। 

(c) প্রতীপ ক্রিয়া। 

(d) স্বতঃস্ফূর্ত ক্রিয়া।

উত্তৰঃ (c) প্রতীপ ক্রিয়া।

৯। আমাৰ ভোক লাগিলে লালটি ক্ষৰণ হোৱা ক্রিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ—

(a) ঐচ্ছিক ক্রিয়া। 

(b) প্রতীপ ক্রিয়া। 

(c) অনৈচ্ছিক ক্রিয়া। 

(d) হৃদ ক্রিয়া।

উত্তৰঃ (b) প্রতীপ ক্রিয়া।

১০। তলৰ কোনটো অংশত প্রতীপ ধনু (Reflex arc) গঠন হয়—

(a) মস্তিষ্ক।

(b) স্নায়ু।

(c) স্নায়ুজ্জু।

(d) মেৰুদণ্ড।

উত্তৰঃ (c) স্নায়ুজ্জু।

১১। আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়—

(a) স্নায়ুতন্ত্র।

(b) প্রান্তীয় স্নায়ুতন্ত্র। 

(c) প্রতীপ ক্রিয়া।

(d) প্রতীপ ধনু।

উত্তৰঃ (d) প্রতীপ ধনু।

১২। তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ –

(a) স্নায়ুৰজ্জু।

(b) মস্তিষ্ক।

(c) স্নায়ু।

(d) নিউৰণ।

উত্তৰঃ (b) মস্তিষ্ক

১৩। মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো স্নায়ুতন্ত্র গঠিত হয়–

(a) প্রান্তীয় স্নায়ুতন্ত্র।

(b) স্বয়ংক্রিয় স্নায়ুতন্ত্র।

(c) কেন্দ্রীয় স্নায়ুতন্ত্র।

(d) অন্তঃস্রাবী তন্ত্র।

উত্তৰঃ (c) কেন্দ্রীয় স্নায়ুতন্ত্র।

১৪। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা স্নায়ুতন্ত্রবিধ হ’ল-

(a) প্রান্তীয় স্নায়ুতন্ত্র।

(b) অন্তঃস্রাবী তন্ত্র।

(c) স্বয়ংক্রিয় স্নায়ুতন্ত্র।

(d) ৰেচন তন্ত্র।

উত্তৰঃ (a) প্রান্তীয় স্নায়ুতন্ত্র।

১৫। তলৰ কোনটো অংশৰ পৰা ক্রেনিয়েল স্নায়ু ওলায়—

(a) স্নায়ুৰজ্জু।

(b) হৃদপিণ্ড।

(c) মস্তিষ্ক।

(d) অগ্নাশয়।

উত্তৰঃ (c) মস্তিষ্ক।

১৬। ৰজ্জুস্নায়ু (spinal nerve) তলৰ কোনটো স্নায়ুতন্ত্ৰৰ অংশ–

(a) স্বয়ংক্রিয় স্নায়ুতন্ত্র।

(b) প্রান্তীয় স্নায়ুতন্ত্র।

(c) কেন্দ্রীয় স্নায়ুতন্ত্র।

(d) অন্তঃস্রাবী তন্ত্র।

উত্তৰঃ (b) প্রান্তীয় স্নায়ুতন্ত্র।

১৭। তলৰ কোনটো আমাৰ মস্তিষ্কৰ অংশ নহয়—

(a) ছেৰিব্ৰাম।

(b) ছেৰিবেলাম।

(c) মেদুলা।

(d) স্নায়ুৰজ্জু।

উত্তৰঃ (d) স্নায়ুৰজ্জু।

১৮। তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ—

(a) মধ্যমস্তিষ্ক।

(b) ছেৰিবেলাম।

(c) প্রমস্তিষ্ক।

(d) মেদুলা।

উত্তৰঃ (c) প্রমস্তিষ্ক।

১৯। আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটি হ’ল—

(a) মেদুলা।

(b) ছেৰিবেলাম। 

(c) মধ্যমস্তিষ্ক।

(d) প্রমস্তিষ্ক।

উত্তৰঃ (d) প্রমস্তিষ্ক।

২০। ঐচ্ছিক ক্ৰিয়াৰ নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি—

(a) প্রমস্তিষ্ক।

(b) মধ্যমস্তিষ্ক।

(c) পশ্চাদ মস্তিষ্ক। 

(d) স্নায়ুৰজ্জু।

উত্তৰঃ (a) প্রমস্তিষ্ক।

২১। ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্রিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি—

(a) প্রমস্তিষ্ক।

(b) মধ্যমস্তিষ্ক।

(c) মেদুলা।

(d) ছেৰিবেলাম।

উত্তৰঃ (c) মেদুলা।

২২। ৰচী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়া-কলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি-

(a) লিপিড।

(b) কার্বহাইড্রেট।

(c) প্রটিন।

(d) পানী।

উত্তৰঃ (b) কার্বহাইড্রেট।

২৩। তলৰ কোনবিধ অণুৰ পুনৰসজ্জাৰ দ্বাৰা প্ৰাণীৰ পেশীকোষে কোনো স্নায়ৱিক প্ৰেৰণাৰ প্ৰতিক্ৰিয়া স্বৰূপে চলন দেখুৱায়।

(a) মেদুলা।

(b) ছেৰিবেলাম। 

(c) ছেৰিব্ৰাম।

(d) মধ্যমস্তিষ্ক।

উত্তৰঃ (c) ছেৰিব্ৰাম।

২৪। তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলন নহয়— 

(a) পোহৰ দিশত কাণ্ড বেকা হোৱা।

(b) সংবেদনশীল উদ্ভিদৰ পাত জঁই পৰা।

(c) কাণ্ডৰ ঊৰ্ধ্বমুখী চলন।

(d) পানীৰ দিশলৈ শিপা বেকা হোৱা।

উত্তৰঃ (b) সংবেদনশীল উদ্ভিদৰ পাত জঁই পৰা।

২৫। তলত উল্লেখ কৰা কোনটো উপায়েৰে উদ্ভিদকোষে নিজৰ আকৃতি সলনি কৰে—

(a) প্ৰটিনৰ পুনৰসজ্জাৰ দ্বাৰা।

(b) কোষলৈ অধিক পৰিমাণে অক্সিজেন আনি।

(c) পানীৰ বাষ্পীভৱনৰ দ্বাৰা। 

(d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা।

উত্তৰঃ (d) পানীৰ পৰিমাণৰ সলনিৰ দ্বাৰা।

২৬। তলৰ কোনটো পৰিঘটনাই উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰশীল চলনক নুবুজায়—

(a) হাইড্ৰ’ট্ৰ’পিজিম।

(b) কেম’ট্রপিজিম।

(c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত্‌ চলন।

(d) জিঅ’ট্র’পিজিম।

উত্তৰঃ (c) সূর্যমুখী ফুলৰ দিন আৰু ৰাতিৰ প্ৰতি প্ৰতিক্ৰিয়াত্‌ চলন।

২৭। তলৰ কোনটো উক্তি সত্য নহয়—

(a) শিপা ধনাত্মকভাৱে জিঅ’ট্রপিক।

(b) শিপা ঋণাত্মকভাৱে ফট’ট্ৰ’পিক।

(c) শিপা ধনাত্মকভাৱে হাইড্ৰ’ট্রপিক।

(d) কাণ্ড ধনাত্মকভাৱে জিঅ’ট্রপিক।

উত্তৰঃ (d) কাণ্ড ধনাত্মকভাৱে জিঅ’ট্রপিক।

২৮। পৃথিৱীৰ মধ্যাকৰ্ষণৰ প্ৰতিক্ৰিয়া ৰূপে উদ্ভিদৰ অংশৰ চলনক বোলা হয়—

(a) হাইড্ৰ’ট্ৰ’পিজিম। 

(b) জিঅ’ট্রপিজিম। 

(c) কেম’ট্রপিজিম। 

(d) ফট’ট্ৰ’পিক্তিম।

উত্তৰঃ (b) জিঅ’ট্রপিজিম।

২৯। ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি তলৰ কোনটো পৰিঘটনাৰ এক উদাহৰণ—

(a) জিঅ’ট্রপিজিম। 

(b) ফট’ট্ৰ’পিজিম। 

(c) কেম’ট্রপিজিম। 

(d) হাইড্ৰ’ট্রপিজিম।

উত্তৰঃ (c) কেম’ট্রপিজিম।

৩০। বহুকোষী জীৱৰ ক্ষেত্ৰত ৰাসায়নিক সংযোগ তলৰ কোনটোৰ সহায়ত সাধিত হয়-

(a) হৰম’ন।

(b) বৈদ্যুতিক প্ৰেৰণা। 

(c) চুম্বকীয় সংকেত। 

(d) পোহৰ।

উত্তৰঃ (a) হৰম’ন।

৩১। উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা উদ্ভিদ হৰম’নবিধ—

(a) জিবাৰেলিন।

(b) অক্সিন।

(c) ছাইট’কাইনিন।

(d) ইথিলিন।

উত্তৰঃ (b) অক্সিন।

৩২। তলৰ কোনবিধ উদ্ভিদৰ বৃদ্ধি হৰম’ন নহয়—

(a) অক্সিন।

(b) ছাইট’কাইনিন। 

(c) এবছিছিক এছিড। 

(d) জিবাৰেলিন।

উত্তৰঃ (c) এবছিছিক এছিড।

৩৩। উদ্ভিদদেহত কোষ বিভাজনত সহায় কৰা হৰম’নবিধ হ’ল—

(a) ছাইট’কাইনিন।

(b) অক্সিন।

(c) জিবাৰেলিন। 

(d) এবছিছিক এছিড।

উত্তৰঃ (a) ছাইট’কাইনিন।

৩৪। উদ্ভিদৰ পাত লেৰেলি যোৱাৰ লগত জড়িত উদ্ভিদ হৰম’নবিধ—

(a) ছাইটকাইনিন।

(b) এবছিছিক এছিড।

(c) জিবাৰেলিন।

(d) অক্সিন।

উত্তৰঃ (b) এবছিছিক এছিড।

৩৫। উদ্ভিদদেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম’নবিধ–

(a) ছাইট’কাইনি। 

(b) জিবাৰেলিন।

(c) অক্সিন।

(d) এবছিছিক এছিড।

উত্তৰঃ (d) এবছিছিক এছিড।

৩৬। তলৰ কোনটো তন্ত্ৰৰ প্ৰাণী হৰম’নসমূহ অংশ—

(a) কেন্দ্রীয় স্নায়ুতন্ত্র। 

(b) প্রান্তীয় স্নায়ুতন্ত্র।

(c) অন্তঃস্রাবী তন্ত্র। 

(d) পাচন তন্ত্র।

উত্তৰঃ (c) অন্তঃস্রাবী তন্ত্র।

৩৭। তলৰ কোনটো হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন আৱশ্যকীয়–

(a) থাইৰ’ক্সিন।

(b) ইনচুলিন।

(c) বৃদ্ধি হৰম’ন।

(d) ইষ্ট্ৰ’জেন।

উত্তৰঃ (a) থাইৰ’ক্সিন।

৩৮। তলৰ কোনটো হৰম’নৰ অভাৱত সৰল গলগণ্ড ৰোগ হয়—

(a) ইনচুলিন। 

(b) টেষ্ট’ষ্টাৰণ।

(c) থাইৰ’ক্সিন।

(d) এড্রিনেলিন।

উত্তৰঃ (c) থাইৰ ‘ক্সিন।

৩৯। তলৰ কোনটো হৰম’নৰ অভাৱে ডায়েবেটিছ ৰোগ সৃষ্টি কৰে—

(a) থাইৰ’ক্সিন।

(b) ইনচুলিন।

(c) ইষ্ট্ৰ’জেন।

(d) এড্রিনেলিন।

উত্তৰঃ (b) ইনচুলিন।

৪০। শৈশৱ কালত হোৱা তলৰ কোনটো হৰম’নৰ অভাৱে কিছুমান ব্যক্তিক বাওনা কৰে—

(a) থাইৰ’ক্সিন।

(b) ইনচুলিন।

(c) এড্রিনেলিন।

(d) বৃদ্ধি হৰম’ন।

উত্তৰঃ (d) বৃদ্ধি হৰম’ন।

৪১। পুৰুষৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম’নবিধ—

(a) ইষ্ট্ৰ’জেন। 

(b) টেষ্টষ্টাৰণ।

(c) এড্রিনেলিন।

(d) থাইৰ’ক্সিন।

উত্তৰঃ (b) টেষ্টষ্টাৰণ।

৪২। স্ত্ৰীৰ ক্ষেত্ৰত গৌণ যৌন চৰিত্ৰসমূহ নিয়ন্ত্ৰণকাৰী হৰম’নবিধ-

(a) টেষ্ট’ষ্টাৰণ।

(b) ইনচুলিন।

(c) থাইৰ’ক্সিন।

(d) ইষ্ট্ৰ’জেন।

উত্তৰঃ (d) ইষ্ট্ৰ’জেন।

৪৩। পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ হ’ল—

(a) থাইৰ’ক্সিন।

(b) ইনচুলিন।

(c) বৃদ্ধি হৰম’ন।

(d) টেষ্ট’ষ্টাৰণ।

উত্তৰঃ (c) বৃদ্ধি হৰম’ন।

৪৪। অগ্নাশয়ে ক্ষৰণ কৰা হৰম’নবিধ—

(a) ইনচুলিন।

(b) এড্রিনেলিন।

(c) বৃদ্ধি হৰম’ন।

(d) ইষ্ট্ৰ’জেন।

উত্তৰঃ (a) ইনচুলিন।

৪৫। থাইৰইড গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম’নবিধ—

(a) এড্রিনেলিন।

(b) বৃদ্ধি হৰম’ন।

(c) থাইৰ’ক্সিন।

(d) ইনচুলিন।

উত্তৰঃ (c) থাইৰ’ক্সিন।

৪৬। শুক্রাশয়ে ক্ষৰণ কৰা হৰম’নবিধ হ’ল—

(a) ইষ্ট্ৰ’জেন।

(b) টেষ্ট’ষ্টাৰণ।

(c) বৃদ্ধি হৰম’ন।

(d) ইনচুলিন।

উত্তৰঃ (b) টেষ্ট’ষ্টাৰণ।

৪৭। ডিম্বাশয়ে ক্ষৰণ কৰা হৰম’নবিধ হ’ল—

(a) ইষ্ট্ৰ’জেন।

(b) ইনচুলিন।

(c) থাইৰ’ক্সিন।

(d) টেষ্ট’ষ্টাৰণ।

উত্তৰঃ (a) ইষ্ট্ৰ’জেন।

৪৮। তলৰ কোনবিধ মানুহৰ শৰীৰত হৰম’নৰ অভাৱত হোৱা ৰোগ—

(a) মেলেৰিয়া।

(b) কুকুৰীকণা।

(c) ডায়েবেটিছ।

(d) উচ্চ ৰক্তচাপ।

উত্তৰঃ (c) ডায়েবেটিছ।

৪৯। তলৰ কোনবিধ হৰম’নৰ অভাৱত হোৱা ৰোগ বা অৱস্থা নহয়–

(a) সৰল গলগণ্ড। 

(b) ডায়েবেটিছ।

(c) বাওনা হোৱা। 

(d) উচ্চ ৰক্তচাপ।

উত্তৰঃ (d) উচ্চ ৰক্তচাপ।

৫০। তলৰ কোনটো উক্তি সত্য নহয়—

(a) উদ্ভিদে হৰম’নৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে।

(b) উদ্ভিদে স্নায়বিক সমন্বয় দেখুৱায়।

(c) প্ৰাণীয়ে হৰম’নৰ সহায়ত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে।

(d) প্ৰাণীয়ে স্নায়ৱিক সমন্বয় দেখুৱায়।

উত্তৰঃ (b) উদ্ভিদে স্নায়বিক সমন্বয় দেখুৱায়।

৫১। তলৰ কোনবিধ প্রাণী হৰম’নে বিপদসংকুল পৰিস্থিতিত প্ৰাণীৰ শৰীৰক সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু কৰি তোলে –

(a) এড্রিনেলিন।

(b) বৃদ্ধি হৰম’ন।

(c) থাইৰ’ক্সিন।

(d) ইনচুলিন।

উত্তৰঃ (a) এড্রিনেলিন।

৫২। ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে দায়ী মস্তিষ্কৰ অংশটো হ’ল—

(a) প্রমস্তিষ্ক।

(b) মধ্যমস্তিষ্ক। 

(c) পশ্চাৎমস্তিষ্ক। 

(d) হাইপ’থেলামাচ।

উত্তৰঃ (a) প্রমস্তিষ্ক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top