Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer can be of great value to excel in the examination.
SEBA Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়
SEBA Class 10 General Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
নিয়ন্ত্ৰণ আৰু সমন্বয়
Chapter – 7
জীৱবিজ্ঞান
Multiple Choice Questions & Answers
1. তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে—
(a) এক্সন।
(b) ডেনড্রাইট।
(c) মায়েলিন আৱৰণী।
(d) কোষদেহ।
উত্তৰঃ (b) ডেনড্রাইট।
2. এটা নিউৰণৰ পৰা তাৰ পৰৱৰ্তী নিউৰণলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়–
(a) বৈদ্যুতিক প্ৰেৰণা।
(b) চুম্বকীয় প্ৰেৰণা।
(c) তাপ।
(d) ৰাসায়নিক পদার্থ।
উত্তৰঃ (d) ৰাসায়নিক পদার্থ।
3. বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়—
(a) এক্সন।
(b) কোষদেহ।
(c) ডেনড্রাইট।
(d) মায়েলিন আৱৰণী।
উত্তৰঃ (a) এক্সন।
4. পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ’ল—
(a) ঐচ্ছিক ক্রিয়া।
(b) অনৈচ্ছিক ক্রিয়া।
(c) প্রতীপ ক্রিয়া।
(d) স্বতঃস্ফূর্ত ক্রিয়া।
উত্তৰঃ (c) প্রতীপ ক্রিয়া।
5. আমাৰ ভোক লাগিলে লালটি ক্ষৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ —
(a) ঐচ্ছিক ক্রিয়া।
(b) প্রতীপ ক্রিয়া।
(c) অনৈচ্ছিক ক্রিয়া।
(d) হৃদ ক্রিয়া।
উত্তৰঃ (b) প্রতীপ ক্রিয়া।
6. তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়–
(a) মস্তিষ্ক।
(b) স্নায়ু।
(c) স্নায়ুৰজ্জু।
(d) মেৰুদণ্ড।
উত্তৰঃ (c) স্নায়ুৰজ্জু।
7. আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়—
(a) স্নায়ুতন্ত্র।
(b) প্রান্তীয় স্নায়ুতন্ত্র।
(c) প্রতীপ ক্রিয়া।
(d) প্রতীপ ধনু।
উত্তৰঃ (d) প্রতীপ ধনু।
8. তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ—
(a) স্নায়ুৰজ্জু।
(b) মস্তিষ্ক।
(c) স্নায়ু ।
(d) নিউৰণ।
উত্তৰঃ (b) মস্তিষ্ক।
9. মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়—
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(c) কেন্দ্রীয় স্নায়ুতন্ত্র।
(d) অন্তঃস্রাবী তন্ত্র।
উত্তৰঃ (c) কেন্দ্রীয় স্নায়ুতন্ত্র।
10. কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্ৰবিধ হ’ল—
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) অন্তঃস্রাবী তন্ত্র।
(c) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(d) ৰেচন তন্ত্ৰ।
উত্তৰঃ (a) প্রান্তীয় স্নায়ুতন্ত্র।
11. তলৰ কোনটো মানুহৰ মস্তিষ্কৰ মুখ্য চিন্তা কৰা অংশ—
(a) মধ্যমস্তিষ্ক।
(b) ছেৰিবেলাম।
(c) প্রমস্তিষ্ক।
(d) মেদুলা।
উত্তৰঃ (c) প্রমস্তিষ্ক।
12. আমাৰ মস্তিষ্কৰ স্পৰ্শ, গোন্ধ, সোৱাদ আৰু দৃষ্টিৰ সংবেদন গ্ৰহণ কৰা অংশটি হ’ল—
(a) মেদুলা।
(b) ছেৰিবেলাম।
(c) মধ্যমস্তিষ্ক।
(d) প্রমস্তিষ্ক।
উত্তৰঃ (d) প্রমস্তিষ্ক।
13. ঐচ্ছিক ক্রিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি —
(a) প্রমস্তিষ্ক।
(b) মধ্যমস্তিষ্ক।
(c) পশ্চাদ মস্তিষ্ক।
(d) স্নায়ুৰজ্জু।
উত্তৰঃ (a) প্রমস্তিষ্ক।
14. ৰক্তচাপ আৰু বমি কৰাৰ দৰে অনৈচ্ছিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটি—
(a) প্রমস্তিষ্ক।
(b) মধ্যমস্তিষ্ক।
(c) মেদুলা।
(d) ছেৰিবেলাম।
উত্তৰঃ (c) মেদুলা।
15. ৰচী এডালেৰে খোজ কঢ়া বা চাইকেল চলোৱাৰ দৰে ক্ৰিয়া – কলাপত সঠিকতা প্ৰদান কৰা মস্তিষ্কৰ অংশটি—
(a) মেদুলা।
(b) ছেৰিবেলাম।
(c) ছেৰিব্ৰাম।
(d) মধ্যমস্তিষ্ক।
উত্তৰঃ (b) ছেৰিবেলাম।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



