Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া Question Answer can be of great value to excel in the examination.
SEBA Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া
SEBA Class 10 General Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
জীৱন প্ৰক্ৰিয়া
Chapter – 6
জীৱবিজ্ঞান
Multiple Choice Questions & Answers
1. তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায় –
(a) শ্বসন।
(b) প্রস্বেদন।
(c) পৰিপুষ্টি।
(d) ৰেচন।
উত্তৰঃ (c) পৰিপুষ্টি।
2. জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্রক্রিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ’ল।
(a) পৰিপুষ্টি।
(b) পৰিবহণ।
(c) ৰেচন।
(d) শ্বসন।
উত্তৰঃ (d) শ্বসন
3. জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল –
(a) শ্বসন।
(b) পৰিবহণ।
(c) পৰিপুষ্টি।
(d) ৰেচন।
উত্তৰঃ (b) পৰিবহণ।
4. জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল –
(a) পৰিপুষ্টি।
(b) শ্বসন।
(c) ৰেচন।
(d) পৰিবহন।
উত্তৰঃ (c) ৰেচন।
5. যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্রয়োজনীয়তা পূৰ্ণ কৰা হয় তাক –
(a) সালোক সংশ্লেষণ বোলে।
(b) বাষ্পমোচন বোলে।
(c) স্থানান্তৰণ বোলে।
(d) ফটোফচফৰিলেচন বোলে।
উত্তৰঃ (a) সালোক সংশ্লেষণ বোলে।
6. অবাত শ্বসন সম্পন্ন হয়—
(a) মাইট’কণ্ড্ৰিয়াত।
(b) ক্ল’ৰ’প্লাষ্টত।
(c) কোষকেন্দ্ৰত।
(d) চাইট’প্লাজমত।
উত্তৰঃ (d) চাইট’প্লাজমত।
7. চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে —
(a) ট্রিপাচিনে।
(b) পেপচিনে।
(c) পিত্ত লৱণে।
(d) এমাইলেজে।
উত্তৰঃ (c) পিত্ত লৱণে।
8. তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰ’জেন শোষণ কৰে—
(a) ছালফেট আৰু ছালফাইট।
(b) কার্বনেট আৰু কাৰ্বাইড।
(c) নাইট্রেট আৰু নাইট্রাইট।
(d) এমিন’ এছিড আৰু প্ৰ’টিন।
উত্তৰঃ (c) নাইট্রেট আৰু নাইট্রাইট।
9. তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি পিছত তাক শোষণ কৰে —
(a) কাঠফুলা।
(b) আকাশীলতা।
(c) ফিটাকৃমি।
(d) মাখি।
উত্তৰঃ (d) মাখি।
10. তলৰ কোনবিধ জীৱে আন উদ্ভিদ বা প্রাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে –
(a) কাঠফুলা।
(b) ব্রেড ম’ল্ড।
(c) ইষ্ট।
(d) আকাশীলতা।
উত্তৰঃ (d) আকাশীলতা।
11. আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ—
(a) লাইপেজ।
(b) পেপচিন।
(c) ট্রিপচিন।
(d) লালটি এমাইলেজ।
উত্তৰঃ (d) লালটি এমাইলেজ।
12. পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ —
(a) পেপচিন।
(b) ট্রিপচিন।
(c) লালটি এমাইলেজ।
(d) লাইপেজ।
উত্তৰঃ (a) পেপচিন।
13. তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত —
(a) লালটি গ্রন্থি।
(b) আন্ত্রিক গ্রন্থি।
(c) পাকস্থলী গ্রন্থি।
(d) যকৃত।
উত্তৰঃ (c) পাকস্থলী গ্রন্থি।
14. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত খাদ্যদ্রব্যক ক্ষাৰৰ্কীয় গুণবিশিষ্ট কৰে—
(a) লালটি।
(b) পিত্তৰস।
(c) আন্ত্ৰিক ৰস।
(d) অগ্নাশয় ৰস।
উত্তৰঃ (b) পিত্তৰস।
15. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত চৰ্বী ডাঙৰ ডাঙৰ পিণ্ডবোৰক সৰু সৰু পিণ্ডলৈ ভাঙি দিয়ে–
(a) আন্ত্রিক ৰস।
(b) অগ্নাশয় ৰস।
(c) লালটি।
(d) পিত্তৰস।
উত্তৰঃ (d) পিত্তৰস।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.




School starts tomorrow