Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া

Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 6 জীৱন প্ৰক্ৰিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱন প্ৰক্ৰিয়া

Chapter – 6

জীৱবিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায় –

(a) শ্বসন।

(b) প্রস্বেদন।

(c) পৰিপুষ্টি।

(d) ৰেচন।

উত্তৰঃ (c) পৰিপুষ্টি।

2. জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্রক্রিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ’ল।

(a) পৰিপুষ্টি।

(b) পৰিবহণ।

(c) ৰেচন।

(d) শ্বসন।

উত্তৰঃ (d) শ্বসন

3. জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল –

(a) শ্বসন।

(b) পৰিবহণ।

(c) পৰিপুষ্টি।

(d) ৰেচন।

উত্তৰঃ (b) পৰিবহণ।

4. জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল –

(a) পৰিপুষ্টি। 

(b) শ্বসন।

(c) ৰেচন।

(d) পৰিবহন।

উত্তৰঃ (c) ৰেচন।

5. যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্রয়োজনীয়তা পূৰ্ণ কৰা হয় তাক –

(a) সালোক সংশ্লেষণ বোলে।

(b) বাষ্পমোচন বোলে।

(c) স্থানান্তৰণ বোলে।

(d) ফটোফচফৰিলেচন বোলে।

উত্তৰঃ (a) সালোক সংশ্লেষণ বোলে।

6. অবাত শ্বসন সম্পন্ন হয়—

(a) মাইট’কণ্ড্ৰিয়াত।

(b) ক্ল’ৰ’প্লাষ্টত।

(c) কোষকেন্দ্ৰত।

(d) চাইট’প্লাজমত।

উত্তৰঃ (d) চাইট’প্লাজমত।

7. চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে — 

(a) ট্রিপাচিনে।

(b) পেপচিনে।

(c) পিত্ত লৱণে।

(d) এমাইলেজে।

উত্তৰঃ (c) পিত্ত লৱণে।

8. তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰ’জেন শোষণ কৰে— 

(a) ছালফেট আৰু ছালফাইট।

(b) কার্বনেট আৰু কাৰ্বাইড।

(c) নাইট্রেট আৰু নাইট্রাইট।

(d) এমিন’ এছিড আৰু প্ৰ’টিন।

উত্তৰঃ (c) নাইট্রেট আৰু নাইট্রাইট।

9. তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি পিছত তাক শোষণ কৰে — 

(a) কাঠফুলা।

(b) আকাশীলতা। 

(c) ফিটাকৃমি।

(d) মাখি।

উত্তৰঃ (d) মাখি।

10. তলৰ কোনবিধ জীৱে আন উদ্ভিদ বা প্রাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে –

(a) কাঠফুলা।

(b) ব্রেড ম’ল্ড। 

(c) ইষ্ট।

(d) আকাশীলতা।

উত্তৰঃ (d) আকাশীলতা।

11. আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ—

(a) লাইপেজ।

(b) পেপচিন। 

(c) ট্রিপচিন।

(d) লালটি এমাইলেজ।

উত্তৰঃ  (d) লালটি এমাইলেজ।

12. পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ — 

(a) পেপচিন।

(b) ট্রিপচিন।

(c) লালটি এমাইলেজ। 

(d) লাইপেজ।

উত্তৰঃ (a) পেপচিন।

13. তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত — 

(a) লালটি গ্রন্থি।

(b) আন্ত্রিক গ্রন্থি।

(c) পাকস্থলী গ্রন্থি।

(d) যকৃত।

উত্তৰঃ (c) পাকস্থলী গ্রন্থি।

14. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত খাদ্যদ্রব্যক ক্ষাৰৰ্কীয় গুণবিশিষ্ট কৰে—

(a) লালটি।

(b) পিত্তৰস।

(c) আন্ত্ৰিক ৰস। 

(d) অগ্নাশয় ৰস।

উত্তৰঃ (b) পিত্তৰস।

15. তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্রান্ত্ৰত চৰ্বী ডাঙৰ ডাঙৰ পিণ্ডবোৰক সৰু সৰু পিণ্ডলৈ ভাঙি দিয়ে–

(a) আন্ত্রিক ৰস।

(b) অগ্নাশয় ৰস। 

(c) লালটি।

(d) পিত্তৰস।

উত্তৰঃ (d) পিত্তৰস।

16. তলৰ কোনবিধ পাচক গ্রন্থিয়ে পিত্তৰস ক্ষৰণ কৰে— 

(a) অগ্নাশয়।

(b) যকৃত।

(c) লালটি গ্রন্থি।

(d) আন্ত্রিক গ্রন্থি।

উত্তৰঃ (b) যকৃত।

17. তলৰ কোনবিধ পাচক গ্রন্থিয়ে ট্রিপচিন নামৰ উৎসেচকবিধ নিঃসৰণ কৰে –

(a) যকৃত।

(b) পাকস্থলী গ্রন্থি। 

(c) আন্ত্রিক গ্রন্থি।

(d) অগ্নাশয়।

উত্তৰঃ (d) অগ্নাশয়।

18. শ্বেতসাৰৰ পাচনৰ লগত জড়িত উৎসেচকবিধ হ’ল— 

(a) লাইপেজ।

(b) ট্রিপচিন।

(c) লালটি এমাইলেজ।

(d) পেপচিন।

উত্তৰঃ (c) লালটি এমাইলেজ।

19. চৰ্বীৰ পাচনৰ লগত জড়িত উৎসেচকবিদ হ’ল–

(a) পেপচিন।

(b) লাইপেজ।

(c) লালটি এমাইলে।

(d) ট্রিপচিন।

উত্তৰঃ (b) লাইপেজ।

20. তলৰ কোনবিধ উৎসেচক প্ৰটিন বিশ্লেষণৰ লগত জড়িত— 

(a) লালটি এমাইলেজ।

(b) হাইড্ৰ’ক্লৰিক এছিড।

(c) লাইপেজ।

(d) ট্রিপচিন।

উত্তৰঃ (d) ট্রিপচিন।

21. প্ৰ’টিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ হ’ল–

(a) এমিন’ এছিড।

(b) গ্লুক’জ।

(c) ফেটি এছিড।

(d) গ্লিচাৰ’ল।

উত্তৰঃ (a) এমিন’ এছিড।

22. জটিল কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ —

(a) গ্লুক’জ।

(b) গ্লাইক’জেন।

(c) শ্বেতসাৰ।

(d) মাল্টজ।

উত্তৰঃ (a) গ্লুক’জ ।

23. ক্ষুদ্রান্ত্ৰত চৰ্বীৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হয়— 

(a) গ্লুক’জ।

(b) এমিন’ এছিড।

(c) চুক্র’জ।

(d) ফেটি এছিড আৰু গ্লিচাৰল।

উত্তৰঃ (d) ফেটি এছিড আৰু গ্লিচাৰল।

24. আমাৰ শৰীৰত কাৰ্বহাইড্রেট, প্ৰ’টিন আৰু চৰীৰ সম্পূৰ্ণ পাচনৰ স্থান হ’ল — 

(a) পাকস্থলী।

(b) মুখ-গহ্বৰ।

(c) ক্ষুদ্রান্ত্ৰ।

(d) বৃহদান্ত্র।

উত্তৰঃ (c) ক্ষুদ্রান্ত্ৰ।

25. তলৰ কোনবিধ সবাত শ্বসনৰ বিক্রিয়াজাত পদার্থ—

(a) কার্বন-ডাই অক্সাইড।

(b) পানী।

(c) শক্তি (ATP)।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

26. তলৰ কোনবিধ জীৱৰ শৰীৰত কিন্বন সংঘটিত হয়— 

(a) ইষ্ট।

(b) বেক্টেৰিয়া।

(c) সেউজীয়া উদ্ভিদ।

(d) এমিবা।

উত্তৰঃ (a) ইষ্ট।

27. সকলো জীৱৰে কোষৰ কোনটো অংশত গ্লুক ‘জৰ বিশ্লেষণ ঘটি পাইৰুভেট উৎপন্ন হয়– 

(a) মাইট’কন্ড্রিয়া।

(b) কোষ আৱৰণ।

(c) কোষ প্রৰস।

(d) প্লাষ্টিড।

উত্তৰঃ (c) কোষ প্রৰস।

28. সবাত শ্বসনকাৰী জীৱৰ কোষৰ কোনটো অংশত পাইৰুভেটৰ বিশ্লেষণৰ পৰা কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় — 

(a) কোষ প্রৰস।

(b) মাইট’কন্ড্রিয়া।

(c) কোষ আৱৰণ।

(d) গলজি সংঘ।

উত্তৰঃ (b) মাইট’কন্ড্রিয়া।

29. ইষ্টৰ কোষৰ কোনটো অংশত পাইৰুভেটৰ বিশ্লেষণ ঘটি ইথানল, কার্বন-ডাই-অক্সাইড আৰু শক্তি উৎপন্ন হয়? 

(a) মাইট’কন্ড্রিয়া।

(b) কোষ আৱৰণ।

(c) লাইছ’ছম।

(d) কোষ প্রৰস।

উত্তৰঃ (d) কোষ প্রৰস।

30. হঠাতে হোৱা শাৰীৰিক ক্রিয়া-কলাপৰ সময়ত আমাৰ মাংসপেশী টান খাই পৰাৰ লগত জড়িত পদার্থবিধ — 

(a) কার্বন-ডাই অক্সাইড।

(b) পানী।

(c) লেক্‌টিক এছিড।

(d) ইথানল।

উত্তৰঃ (c) লেক্‌টিক এছিড।

31. তলৰ কোনবিধ পদাৰ্থ ইষ্টৰ কোষত হোৱা কিন্বন প্ৰক্ৰিয়াত উদ্ভৱ হয়—

(a) পানী।

(b) লেক্‌টিক এছিড।

(c) মিথানল।

(d) ইথানল।

উত্তৰঃ (d) ইথানল।

32. তলৰ কোনবিধ মানৱ শৰীৰৰ অংগত গেছৰ আদান-প্রদান সংঘটিত হয় —

(a) বায়ুনলী।

(b) বায়ুকোষ।

(c) নেফ্রন।

(d) ট্রেকীয়া।

উত্তৰঃ (b) ট্রেকীয়া।

33. তেজৰ কোনটো অংশই আমাৰ শৰীৰত প্ৰধানকৈ অক্সিজেনৰ পৰিবহণ কৰে—

(a) লোহিত ৰক্ত কণিকা।

(b) শ্বেত ৰক্তকণিকা।

(c) প্লাজমা।

(d) অনুচক্রিকা।

উত্তৰঃ (a) লোহিত ৰক্ত কণিকা।

34. আমাৰ তেজৰ কোনটো অংশ কার্বন – ডাই – অক্সাইডৰ পৰিবহণৰ লগত জড়িত — 

(a) শ্বেত ৰক্তকণিকা।

(b) অনুচক্রিকা।

(c) প্লাজমা।

(d) লোহিত ৰক্ত কণিকা।

উত্তৰঃ (c) প্লাজমা।

35. আমাৰ হৃদপিণ্ডৰ কোনটো অংশই অক্সিজেনযুক্ত তেজ সংগ্ৰহ কৰে—

(a) সোঁ অলিন্দ।

(b) সোঁ নিলয়।

(c) বাঁও অলিন্দ।

(d) বাঁও নিলয়।

উত্তৰঃ (c) বাঁও অলিন্দ।

36. গোটেই শৰীৰৰ পৰা অক্সিজেনৰহিত তেজ সংগ্রহ কৰা হৃদপিণ্ডৰ কোঠালিটো হ’ল— 

(a) সোঁ অলিন্দ।

(b) সোঁ নিলয়।

(c) বাঁও অলিন্দ।

(d) বাঁও নিলয়।

উত্তৰঃ (a) সোঁ অলিন্দ।

37. হৃদপিণ্ডৰ কোনটো কোঠালিয়ে সংকুচিত হৈ অক্সিজেনযুক্ত তেজ গোটেই শৰীৰলৈ পঠাই দিয়ে— 

(a) সোঁ অলিন্দ।

(b) সোঁ নিলয়।

(c) বাঁও অলিন্দ।

(d) বাঁও নিলয়।

উত্তৰঃ (b) সোঁ নিলয়।

38. তলৰ কোনটো হৃদপিণ্ডৰ কোঠালিয়ে সংকুচিত হৈ অক্সিজেনৰহিত তেজ অক্সিজেনযুক্ত কৰিবলৈ হাওঁফাওঁলৈ পঠাই দিয়ে–

(a) সোঁ অলিন্দ।

(b) সোঁ নিলয়।

(c) বাঁও অলিন্দ।

(d) বাঁও নিলয়।

উত্তৰঃ (d) বাঁও নিলয়।

39. তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেন যুক্ত তেজ হৃদপিণ্ডৰ পৰা শৰীৰলৈ উলিয়াই নিয়ে — 

(a) মহাধমনী।

(b) ক্লোম ধমনী।

(c) মহাসিৰা।

(d) ক্লোম সিৰা।

উত্তৰঃ (a) মহাধমনী।

40. তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা হৃদপিণ্ডলৈ কঢ়িয়ায়–

(a) মহাসিৰা।

(b) ক্লোম সিৰা।

(c) মহাধমনী।

(d) ক্লোম ধমনী।

উত্তৰঃ (b) ক্লোম সিৰা।

41. তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনৰহিত তেজ গোটেই শৰীৰৰ পৰা হৃদপিণ্ডলৈ কঢ়িয়ায়— 

(a) মহাধমনী।

(b) ক্লোম ধমনী।

(c) ক্লোমসিৰা।

(d) মহাসিৰা।

উত্তৰঃ (d) মহাসিৰা।

42. তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনৰহিত তেজ হৃদপিণ্ডৰ পৰা হাঁওফাওঁলৈ কঢ়িয়ায় —

(a) মহাসিৰা।

(b) ক্লোম সিৰা।

(c) ক্লোম ধমনী।

(d) মহাধমনী।

উত্তৰঃ (c) ক্লোম ধমনী।

43. তেজৰ কোনটো অংশ ৰক্তনলীসমূহৰ মেৰামতিৰ কামত জড়িত—

(a) লোহিত ৰক্তকণিকা।

(b) শ্বেত ৰক্তকণিকা।

(c) প্লাজমা।

(d) অণুচক্রিকা।

উত্তৰঃ  (d) অণুচক্রিকা।

44. তলৰ কোনাটোৱে ক্ষুদ্রান্ত্ৰৰ পৰা পাচিত আৰু শোষিত চর্বী পৰিবহণ কৰে — 

(a) প্লাজমা।

(b) লোহিত ৰক্তকণিকা।

(c) লসিকা।

(d) শ্বেত ৰক্তকণিকা।

উত্তৰঃ (c) লসিকা ।

45. উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহণৰ লগত জড়িত কলাবিধ হ’ল — 

(a) ফ্লোৱেম।

(b) জাইলেম।

(c) ক’লেনকাইমা।

(d) স্ক্লেৰেনকাইমা।

উত্তৰঃ (b) জাইলেম।

46. উদ্ভিদদেহত খাদ্যদ্রব্য পৰিবহণৰ লগত জড়িত কলাবিধহ’ল—

(a) ফ্লোৱেম।

(b) জাইলেম।

(c) স্ক্লেৰেনকাইমা।

(d) ক’লেনকাইমা।

উত্তৰঃ (a) ফ্লোৱেম।

47. তলৰ কোনটো প্ৰক্ৰিয়া জাইলেম কলাৰ মাজেৰে পানীৰ ঊৰ্ধ্বমুখী পৰিবহণৰ লগত জড়িত— 

(a) শ্বসন।

(b) পৰিপুষ্টি।

(c) বৃদ্ধি।

(d) প্রস্বেদন।

উত্তৰঃ (d) প্রস্বেদন।

48. তলৰ কোনটো বৃক্কৰ মৌলিক পৰিস্ৰাৱন একক—

(a) বায়ুকোষ।

(b) নেফ্রন।

(c) মূত্ৰনলী।

(d) মূত্রাশয়।

উত্তৰঃ (b) নেফ্রন।

49. নেফ্ৰনৰ কাপ – আকৃতিৰ মূৰটোক বোলা হয়–

(a) গ্ল’মেৰুলাছ।

(b) সংগ্রাহক নলীকা।

(c) মূত্ৰনলী।

(d) ব’মেনৰ সম্পূট।

উত্তৰঃ (d) ব’মেনৰ সম্পূট।

50. আমাৰ লালটিত থকা উৎসেচক বিধ হ’ল— 

(a) এমাইলেজ।

(b) পেপচিন। 

(c) ট্রিপচিন।

(d) লাইপেজ।

উত্তৰঃ (a) এমাইলেজ।

51. স্পাই’মেনোমিটাৰ এবিধ যন্ত্ৰ, যাক মানুহৰ –  জুখিবলৈ ব্যৱহাৰ কৰা হয়।

(a) ৰক্তচাপ।

(b) তেজত O₂ ৰ মাত্ৰা।

(c) তেজত শৰ্কৰাৰ মাত্ৰা।

(d) তেজত ইউৰিয়াৰ মাত্ৰা।

উত্তৰঃ (a) ৰক্তচাপ ।

Very Short & Short Type Questions and Answers

1. জীবন প্রক্রিয়া কি?

উত্তৰঃ যিবোৰ প্ৰক্ৰিয়াই একেলগে সংঘটিত হৈ জীৱ এটাৰ জীৱনটোক চলাই নিয়ে, সেই প্রক্রিয়াসমূহক জীৱন প্রক্রিয়া বোলে। 

2. পৰিপুষ্টি কাক বোলে? 

উত্তৰঃ যি প্ৰক্ৰিয়াৰ সহায়ত জীৱ এটাৰ শৰীৰৰ বাহিৰৰ পৰা শক্তিৰ উৎস এটা শৰীৰৰ ভিতৰলৈ স্থানান্তৰিত কৰা হয়, তাক পৰিপুষ্টি বোলে। 

3. শ্বসন কি? 

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰা হয় আৰু তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত ব্যৱহাৰ কৰা হয়; তাক শ্বসন বোলে।

4. স্বপোষিত জীৱ কি? 

উত্তৰঃ  কিছুমান জীৱে অজৈৱ উৎস যেনে কার্বন- ডাই-অক্সাইড আৰু পানীৰ পৰা প্ৰস্তুত কৰা সৰল খাদ্যদ্রব্য গ্ৰহণ কৰে। এনে জীৱক স্বপোষিত জীৱ বোলে। 

5. পৰপোষিত জীৱ কাক বোলে? 

উত্তৰঃ কিছুমান জীৱে খাদ্য হিচাপে জটিল দ্ৰব্য ব্যৱহাৰ কৰে, যাক শৰীৰটো চলাই নিয়া আৰু বৃদ্ধিৰ কামত ব্যৱহাৰ কৰাৰ আগতে সৰল অৱস্থালৈ বিশ্লেষণ কৰিবলগীয়া হয়। এনেবোৰ জীৱক পৰপোষিত জীৱ বোলে। 

6. উৎসেচক কি? 

উত্তৰঃ উৎসেচকবোৰ হ’ল কিছুমান জৈৱ-অনুঘটক, যিয়ে খাদ্যৰ জটিল অণুসমূহৰ বিশ্লেষণ কৰি সৰল অণুলৈ ৰূপান্তৰিত কৰে।

7. স্বপোষিত জীৱসমূহৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজন পূৰোৱা প্ৰক্ৰিয়াটোৰ নাম কি? 

উত্তৰঃ  সালোক সংশ্লেষণ। 

8. সালোক-সংশ্লেষণ কাক বোলে? 

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষিত জীৱসমূহে বহিঃ পৰিৱেশৰ পৰা কাৰ্বন-ডাই-অক্সাইড আৰু পানী আহৰণ কৰি, সিহঁতক পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰে, তাক সালোক-সংশ্লেষণ বোলে। 

9. সালোক – সংশ্লেষণৰ লগত জড়িত ৰাসায়নিক বিক্ৰিয়াটোৰ সমীকৰণ উল্লেখ কৰা। 

উত্তৰঃ        

10. পত্ৰহৰিৎ সঞ্চিত কৰি ৰখা অংগাণুবিধৰ নাম লিখা।

উত্তৰঃ হৰিৎকণা। 

11. পাতত থকা সেউজীয়া বিন্দুবোৰ কি? ইহঁতৰ কার্য লিখা। 

উত্তৰঃ হৰিৎকলা। ইহঁতৰ কাৰ্য হ’ল– সালোক- সংশ্লেষণ সংঘটিত কৰা। 

12. ৰক্ষী কোষ (Guard cells) কি?  

উত্তৰঃ  উদ্ভিদৰ পাতত থকা পত্ৰবন্ধৰ ছিদ্রটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰা কোষ দুটাক ৰক্ষী কোষ বোলে। 

13. পত্ৰৰন্ধৰ ছিদ্রটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্যৰ লগত জড়িত কোষ দুটাৰ নাম কি? 

উত্তৰঃ ৰক্ষী কোষ।

14. উদ্ভিদৰ বাবে নাইট্ৰ’জেন কিয় প্রয়োজনীয়?

উত্তৰঃ উদ্ভিদে প্ৰ’টিন আৰু আন কিছুমান যৌগৰ সংশ্লেষণৰ বাবে নাইট্ৰ’জেন ব্যৱহাৰ কৰে। সেয়েহে উদ্ভিদৰ বাবে নাইট্ৰ’জেন অতিকৈ আৱশ্যকীয়।

15. উদ্ভিদে বহিঃ পৰিৱেশৰ পৰা নাইট্ৰ’জেন কেনেদৰে আহৰণ কৰে? 

উত্তৰঃ উদ্ভিদে বহিঃ পৰিৱেশৰ পৰা নাইট্ৰ’জেন অজৈৱ নাইট্রেট আৰু নাইট্ৰাইটৰ ৰূপত আহৰণ কৰে ।

 16. পৰপোষিত পুষ্টি কি?

উত্তৰঃ যি পুষ্টিত এটা জীৱই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, তেনে পুষ্টিক পৰপোষিত পুষ্টি বোলে।

17. কাৰ্বহাইড্ৰেটৰ পাচনত ব্যৱহাৰ হোৱা লালটিত থকা উৎসেচকবিধ কি? 

উত্তৰঃ লালটি এমাইলেজ।

18. খাদ্যৰ পাচনত লালটি এমাইলেজৰ ভূমিকা কি? 

উত্তৰঃ খাদ্যৰ পাচনত লালটি এমাইলেজৰ ভূমিকা হ’ল শ্বেতসাৰ নামৰ এক জটিল কার্বহাইড্রেটক বিশ্লেষণ কৰি শৰ্কৰাৰ সৰল অণুৰ সৃষ্টি কৰা।

19. মুখ গহ্বৰত থকা পাচক গ্ৰন্থিৰ নাম কি? 

উত্তৰঃ লালটি গ্রন্থি।

20. পাকস্থলী গ্রন্থীয়ে নিঃসৰণ কৰা পদাৰ্থসমূহৰ নাম লিখা। 

উত্তৰঃ (i) হাইড্ৰ’ক্লৰিক এছিড।

(ii) একপ্ৰ’টিন বিশ্লেষী উৎসেচক পেপচিন। আৰু 

(iii) শ্লেষ্মা। 

21. পাকস্থলী গ্ৰন্থিয়ে ক্ষৰণ কৰা পেপচিন নামৰ উৎসেচকবিধৰ কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ পাকস্থলী গ্ৰন্থিয়ে ক্ষৰণ কৰা পেপচিন নামৰ উৎসেচকবিধৰ কাৰ্য হ’ল খাদ্যত থকা বিশ্লেষণ কৰি তাক সৰল অৱস্থালৈ ৰূপান্তৰিত কৰা। 

22. পাকস্থলী গ্ৰন্থিয়ে ক্ষৰণ কৰা শ্লেষ্মাৰ কাৰ্য কি? 

উত্তৰঃ পাকস্থলী গ্ৰন্থিয়ে ক্ষৰণ কৰা শ্ৰেষ্মাই পাকস্থলীৰ অন্তঃআৱৰণীখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে। 

23. প্ৰ’টিন আৰু চৰ্বীৰ পাচনৰ বাবে ব্যৱহাৰ হোৱা অগ্নাশয় ৰসত থকা উৎসেচক দুবিধ কি কি?

উত্তৰঃ অগ্নাশয় ৰসত থকা প্ৰ’টিন বিশ্লেষী উৎসেচকবিধ হ’ল ট্রিপচিন আৰু চৰ্বীৰ পাচনত সহায় কৰা উৎসেচকবিধ হ’ল অগ্নাশয় লাইপেজ। 

24. যকৃতে ক্ষৰণ কৰা পিত্তৰসৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ ক্ষাৰকীয়।

25. আমাৰ ক্ষুদ্ৰান্ত্ৰত ট্ৰিপচিনৰ ভূমিকা কি? 

উত্তৰঃ আমাৰ ক্ষুদ্ৰান্ত্ৰত ট্ৰিপচিনৰ ভূমিকা হ’ল প্ৰ’টিনক বিশ্লেষণ কৰি তাৰ সৰল অৱস্থানলৈ ৰূপান্তৰিত কৰা। 

26. অগ্নাশয় লাইপেজৰ কাৰ্য কি?

উত্তৰঃ অগ্নাশয় গ্রন্থিয়ে ক্ষৰণ কৰা অগ্নাশয় লাইপেজৰ কাৰ্য হ’ল ক্ষুদ্ৰান্তত চৰীৰ পাচন সম্পন্ন কৰা। 

27. ভিলাই কি?

উত্তৰঃ আমাৰ ক্ষুদ্রান্ত্ৰৰ অন্তঃআৱৰণীখনত অসংখ্য আঙুলি সদৃশ প্রবর্ধ থাকে, যিয়ে পাচিত খাদ্যৰ শোষণৰ বাবে পৃষ্ঠকালিৰ বৃদ্ধি ঘটায়। এই প্ৰবৰ্ধবোৰক ভিলাই বোলা হয়।

28. সবাত শ্বসন কি? 

উত্তৰঃ যি শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত গ্লুক’জৰ বিশ্লেষণ ঘটি কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়, তাক সবাত শ্বসন বোলে।

29. অবাত শ্বসন কি? 

উত্তৰঃ যি শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ অনুপস্থিতিত গ্লুকজৰ বিশ্লেষণ ঘটি শক্তি উৎপন্ন হয়, তাক অবাত শ্বসন বোলে। 

30. কিন্বন কি? 

উত্তৰঃ ইষ্টৰ কোষৰ কোষ প্রৰসত প্ৰথমে গ্লুক’জৰ বিশ্লেষণ ঘটি পাইৰুভেট উৎপন্ন হয়। ইয়াৰ পিছৰ পৰ্যায়ত কোষ প্রৰসতে অক্সিজেনৰ অনুপস্থিতিত পাইৰুভেট বিশ্লেষণ ঘটি ইথানল, কার্বন-ডাই-অক্সাইড আৰু কিছু পৰিমাণে শক্তি উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক কিন্বন বোলে ।

31. সকলো জীৱৰে ক্ষেত্ৰত শ্বসনৰ প্ৰথম স্তৰত গ্লুক ‘জৰ বিশ্লেষণ ঘটি উৎপন্ন হোৱা পদার্থবিধ কি?

উত্তৰঃ পাইকভেট। 

32. ইষ্টৰ কোষত ঘটা অবাত শ্বসনৰ অন্তিম বিক্রিয়াজাত পদার্থসমূহ কি কি?

উত্তৰঃ ইষ্টৰ কোষত ঘটা অবাত শ্বসনত অন্তিম পদার্থ হিচাপে আৰু কাৰ্বন – ডাই – অক্সাইড উৎপন্ন হোৱাৰ লগতে, এই প্ৰক্ৰিয়াত কিছু পৰিমাণে শক্তিও নির্গত হয়।

33. কোষৰ মাইট’কণ্ড্ৰিয়াত সংঘটিত হোৱা সবাত শ্বসনৰ অন্তিম বিক্রিয়াজাত পদার্থসমূহ কি কি? 

উত্তৰঃ কোষৰ মাইট’কন্ড্রিয়াত সংঘটিত হোৱা সবাত শ্বসনত অন্তিম বিক্রিয়াজাত পদাৰ্থ হিচাপে কাৰ্বন-ডাই- অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ লগতে প্ৰচুৰ পৰিমাণে শক্তি নির্গত হয়। 

34. আমাৰ পেশীকোষত সংঘটিত হোৱা অবাত শ্বসনৰ অন্তিম পদার্থবিধ কি? 

উত্তৰঃ আমাৰ পেশীকোষত সংঘটিত হোৱা অবাত শ্বসনৰ অন্তিম পদার্থবিধ হ’ল লেক্‌টিক এছিড। এই প্ৰক্ৰিয়াত কিছু পৰিমাণে শক্তিও নির্গত হয়।

35. হঠাতে হোৱা শাৰীৰিক ক্ৰিয়াৰ সময়ত আমাৰ পেশীকোষত উৎপন্ন হোৱা কোনবিধ পদাৰ্থৰ বাবে আমাৰ মাংসপেশী টান খাই পৰে? 

উত্তৰঃ লেক্‌টিক এছিড।

36. বায়ুকোষ কি?

উত্তৰঃ হাওঁফাওঁৰ ভিতৰত বায়ুনলীডাল অসংখ্য সৰু সৰু নলীকালৈ বিভাজিত হৈ যায়, যিবোৰ কিছুমান বেলুন সদৃশ গঠনত গৈ শেষ হয়।এই বেলুনৰ দৰে গঠনবোৰক  বায়ুকোষ বোলে। 

37. দ্বৈত ৰক্ত সংবহন কি?

উত্তৰঃ মাছৰ বাহিৰে আন মেৰুদণ্ডী প্ৰাণীৰ শৰীৰত তেজৰ পৰিবহণত প্ৰতিটো চক্ৰতে তেজে হৃদপিণ্ডৰ মাজেৰে দুবাৰ গতি কৰিবলগীয়া হয়। ইয়াকে দ্বৈত ৰক্ত সংবহন বোলে। 

38. ক্ষতস্থানত তেজ গোট মৰাত সহায় কৰা তেজত থকা কোষবিধৰ নাম কি? 

উত্তৰঃ অনুচক্রিকা।  

39. মানুহৰ শৰীৰত পৰিবহণ প্ৰক্ৰিয়াৰ লগত জড়িত দুটা তৰল পদাৰ্থৰ নাম লিখা। 

উত্তৰঃ ৰক্ত আৰু লসিকা।

40. লসিকা কি?

উত্তৰঃ ৰক্তকেশিকাৰ বেৰত থকা ৰন্ধ্ৰৰে কিছু পৰিমাণে প্লাজমা, প্ৰ’টিন আৰু ৰক্তকণিকা কলাৰ আন্তঃকোষীয় স্থানলৈ সৰকি যায়। ইয়াকে লসিকা বা কলাৰস বোলে। 

41. উদ্ভিদদেহত পৰিবহণ প্ৰক্ৰিয়াৰ লগত জড়িত সংবহন কলা দুবিধৰ নাম লিখা।

উত্তৰঃ জাইলেম আৰু ফ্লোৱেম। 

42. উদ্ভিদদেহৰ জাইলেম ক’লাৰ মাজেদি পানী আৰু খনিজ লৱণৰ ঊৰ্ধ্বমুখী পৰিবহণত ব্যৱহাৰ হোৱা দুটা কৌশলৰ নাম লিখা। 

উত্তৰঃ (i) মূলচাপ। আৰু

(ii) প্রস্বেদন টান। 

43. প্রস্বেদন কি?  

উত্তৰঃ উদ্ভিদৰ বায়বীয় অংশৰ পৰা জলীয় বাষ্প হিচাপে পানীৰ অপসৰণকে প্রস্বেদন বা বাষ্পমোচন বোলে। 

44. খাদ্যস্থানান্তৰণ মানে কি? 

উত্তৰঃ সালোক-সংশ্লেষণৰ দ্রৱণীয় বিক্রিয়াজাত পদাৰ্থৰ উদ্ভিদদেহৰ ফ্লোৱেম কলাৰ মাজেদি হোৱা পৰিবহণকে খাদ্যস্থানান্তৰণ বোলে। 

45. নেফ্রন কি?  

উত্তৰঃ নেফ্রনবোৰ হ’ল বৃক্কৰ মৌলিক পৰিস্ৰাৱন একক। 

46. প্রাথমিক মূত্ৰৰ পৰা নেফ্ৰনৰ কুণ্ডলীকৃত অংশই পুনৰাই শোষণ কৰি লোৱা পদাৰ্থসমূহ কি কি? 

উত্তৰঃ গ্লুকজ, এমিন’ এছিড, লৱণ আৰু এক বৃহৎ পৰিমাণৰ পানী। 

47. মূত্ৰ নিৰ্গত কৰাৰ ইচ্ছাক মানুহ এজনে কেনেদৰে নিয়ন্ত্ৰিত কৰিব পাৰে? 

উত্তৰঃ মানুহৰ মূত্রথলীটো পেশীযুক্ত আৰু সেয়ে ই স্নায়ৱিক নিয়ন্ত্ৰণৰ অধীন। ফলস্বৰূপে, মানুহ এজনে মূত্র নিৰ্গত কৰাৰ ইচ্ছাক সহজেই নিয়ন্ত্ৰণ কৰিব পাৰে। 

48. উদ্ভিদে কি প্ৰক্ৰিয়াৰে অক্সিজেন আৰু কার্বন – ডাই – অক্সাইড বৰ্জন কৰে? 

উত্তৰঃ ব্যাপন প্ৰক্ৰিয়াৰে।

অতি চমু প্ৰশ্নোত্তৰ

প্রশ্ন ১। জীৱন প্ৰক্ৰিয়া কি?

উত্তৰঃ যিবোৰ প্ৰক্ৰিয়াই একেলগে সংঘটিত হৈ জীৱ এটাৰ জীৱনটোক চলাই নিয়ে, সেই প্রক্রিয়াসমূহক জীৱন প্ৰক্ৰিয়া বোলে।

প্রশ্ন ২। পৰিপুষ্টি কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ সহায়ত জীৱ এটাৰ শৰীৰৰ বাহিৰৰ পৰা শক্তিৰ উৎস এটা শৰীৰৰ ভিতৰলৈ স্থানান্তৰিত কৰা হয়, তাক পৰিপুষ্টি বোলে।

প্রশ্ন ৩। শ্বসন কি?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰা হয় আৰু তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণত ব্যৱহাৰ কৰা হয়; তাক শ্বসন বোলে।

প্রশ্ন ৪। জীৱৰ পৰিবহণ বুলিলে কি বুজা?

উত্তৰঃ জীৱৰ শৰীৰৰ ভিতৰত বিভিন্ন দ্রব্য এঠাইৰ পৰা সিঠাইলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোক পৰিবহণ বোলে।

প্রশ্ন ৫। ৰেচন কাক বোলে?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল আৰু হানিকাৰক উপজাত পদাৰ্থসমূহ শৰীৰৰ পৰা আঁতৰ কৰা হয়, তাকে ৰেচন বোলে।

প্রশ্ন ৬। খাদ্য কি?

উত্তৰঃ জীৱই শৰীৰৰ বাহিৰৰ পৰা গ্ৰহণ কৰা শক্তিৰ উৎসকেই খাদ্য বোলে।

প্রশ্ন ৭। স্বপোষিত জীৱ কি? দুটা উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান জীৱে অজৈৱ উৎস যেনে কার্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা প্ৰস্তুত কৰা সৰল খাদ্যদ্রব্য গ্রহণ কৰে। এনে জীৱক স্বপোষিত জীৱ বোলে।

দুটা স্বপোষিত জীৱৰ উদাহৰণ হ’ল— সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া।

প্রশ্ন ৮। উৎসেচক (Enzyme) কি?

উত্তৰঃ উৎসেচকবোৰ হ’ল কিছুমান জৈৱ-অনুঘটক, যিয়ে খাদ্যৰ জটিল অণুসমূহৰ বিশ্লেষণ কৰি সৰল অণুলৈ ৰূপান্তৰিত কৰে।

প্রশ্ন ৯। স্বপোষিত পুষ্টি বুলিলে কি বুজা?

উত্তৰঃ যি পুষ্টিত জীৱই বহিঃ পৰিৱেশৰ পৰা কাৰ্বন-ডাই- অক্সাইড আৰু পানী গ্রহণ কৰি সিহঁতক সঞ্চিত শক্তিৰ উৎস (কাৰ্বহাইড্ৰেট) লৈ ৰূপান্তৰিত কৰে, তাক স্বপোষিত পুষ্টি বোলে।

প্রশ্ন ১০। স্বপোষিত জীৱসমূহৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজন পূৰোৱা প্ৰক্ৰিয়াটোৰ নাম কি?

উত্তৰঃ স্বপোষিত জীৱসমূহৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজন পূৰোৱা প্ৰক্ৰিয়াটোৰ নাম হ’ল— সালোক সংশ্লেষণ। 

প্রশ্ন ১১। উদ্ভিদৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰ কৰাৰ বাবে আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধৰ নাম কি?

উত্তৰঃ উদ্ভিদৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰ কৰাৰ বাবে আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধৰ নাম হ’ল— শ্বেতসাৰ (Starch)।

প্রশ্ন ১২। প্ৰাণীৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰৰ উপযোগীকৈ আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধ কি?

উত্তৰঃ প্ৰাণীৰ শৰীৰত ভৱিষ্যতে ব্যৱহাৰৰ উপযোগীকৈ আভ্যন্তৰীণ শক্তিৰ ভাণ্ডাৰ হিচাপে সঞ্চিত হোৱা কাৰ্বহাইড্ৰেটবিধ হ’ল— গ্লাইক’জেন।

প্রশ্ন ১৩। পত্ৰহৰিৎ সঞ্চিত কৰি ৰখা অংগাণুবিধৰ নাম লিখা।

উত্তৰঃ পত্ৰহৰিৎ সঞ্চিত কৰি ৰখা কোষ অংগাণুবিধৰ নাম হ’ল হৰিকণা।

প্রশ্ন ১৪। পাতত থকা সেউজীয়া বিন্দুবোৰ কি? ইহঁতৰ কাৰ্য লিখা।

উত্তৰঃ হৰিকণা। ইহঁতৰ কাৰ্য হ’ল— সালোক-সংশ্লেষণ সংঘটিত কৰা।

প্রশ্ন ১৫। সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা কাৰ্বন-ডাই-অক্সাইড উদ্ভিদে কেনেদৰে আহৰণ কৰে?

উত্তৰঃ সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজন হোৱা কাৰ্বন-ডাই- অক্সাইড উদ্ভিদে পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডলৰ পৰা আহৰণ কৰে।

প্রশ্ন ১৬। ৰক্ষী কোষ (Guard cells) কি?

উত্তৰঃ উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ ছিদ্রটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্য নিয়ন্ত্ৰণ কৰা কোষ দুটাক ৰক্ষী কোষ বোলে।

প্রশ্ন ১৭। পত্ৰৰন্ধ্ৰৰ ছিদ্রটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্যৰ লগত জড়িত কোষ দুটাৰ নাম কি?

উত্তৰঃ পত্ৰৰন্ধ্ৰৰ ছিদ্রটি মুকলি হোৱা আৰু বন্ধ হোৱা কাৰ্যৰ লগত জড়িত কোষ দুটাৰ নাম হ’ল ৰক্ষী কোষ।

প্রশ্ন ১৮। শক্তিৰ প্ৰয়োজন পূৰাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে দৰকাৰ হোৱা উদ্ভিদৰ কেঁচা সামগ্ৰীসমূহ কি কি?

উত্তৰঃ শক্তিৰ প্ৰয়োজন পূৰাবলৈ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে উদ্ভিদক দৰকাৰ হোৱা কেঁচা’ সামগ্ৰীসমূহ হ’ল— কার্বন-ডাই- অক্সাইড, পানী আৰু খনিজ লৱণ।

প্রশ্ন ১৯। উদ্ভিদৰ বাবে নাইট্ৰ’জেন কিয় প্রয়োজনীয়?

উত্তৰঃ উদ্ভিদে প্ৰ’টিন আৰু আন কিছুমান যৌগৰ সংশ্লেষণৰ বাবে নাইট্ৰ’জেন ব্যৱহাৰ কৰে। সেয়েহে উদ্ভিদৰ বাবে নাইট্ৰ’জেন অতিকৈ আৱশ্যকীয়।

প্রশ্ন ২০। উদ্ভিদে বহিঃ পৰিৱেশৰ পৰা নাইট্ৰ’জেন কেনেদৰে আহৰণ কৰে?

উত্তৰঃ উদ্ভিদে বহিঃ পৰিৱেশৰ পৰা নাইট্ৰ’জেন অজৈৱ নাইট্রেট আৰু নাইট্রাইটৰ ৰূপত আহৰণ কৰে।

প্রশ্ন ২১। পৰপোষিত পুষ্টি কি?

উত্তৰঃ যি পুষ্টিত এটা জীৱই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, তেনে পুষ্টিক পৰপোষিত পুষ্টি বোলে।

প্রশ্ন ২২। পৰপোষিত পুষ্টিৰ মুখ্য প্ৰকাৰকেইটা কি কি?

উত্তৰঃ পৰপোষিত পুষ্টিৰ মুখ্য প্ৰকাৰকেইটা হ’ল— 

(i) পূর্ণগ্রাসী পুষ্টি। 

(ii) মৃতজীৱী পুষ্টি। 

(iii) পৰজীৱী পুষ্টি।

প্রশ্ন ২৩। পূর্ণগ্রাসী পুষ্টি (Holozoic nutrition) কি?

উত্তৰঃ যি পুষ্টিত জীৱই গোটেই খাদ্যদ্রব্যখিনি শৰীৰৰ ভিতৰলৈ নি পিছত তাক সৰল অৱস্থালৈ ভাঙি দিয়ে, তাক পূর্ণগ্রাসী পুষ্টি বোলে।

প্রশ্ন ২৪। মৃতজীৱী পুষ্টি (Saprophytic nutrition) কি?

উত্তৰঃ যি পৰপোষিত পুষ্টিত জীৱই খাদ্যদ্রব্যক শৰীৰৰ বাহিৰত প্ৰথমে বিশ্লেষণ কৰি পিছত তাক শোষণ কৰি লয়, তাক মৃতজীৱী পুষ্টি বোলে।

প্রশ্ন ২৫। পৰজীৱী পুষ্টি কি?

উত্তৰঃ যি পৰপোষিত পুষ্টিত জীৱই আন জীৱিত উদ্ভিদ বা প্রাণীৰ পৰা পুষ্টি আহৰণ কৰে, তাক পৰজীৱী পুষ্টি বোলে।

প্রশ্ন ২৬। পৰজীৱী জীৱৰ উদাহৰণ দিয়া।

উত্তৰঃ কেইটামান পৰজীৱী জীৱৰ উদাহৰণ হ’ল – কাচকাটা (cuscuta), টিক (ticks), ওকনি আৰু ফিটা-কৃমি।

প্রশ্ন ২৭। খাদ্যনলী (Alimentary canal) কি?

উত্তৰঃ মুখৰ পৰা গুহ্যদ্বাৰলৈ বিয়পা দীঘল নলীডালক খাদ্যনলী বোলে।

প্রশ্ন ২৮। কাৰ্বহাইড্ৰেটৰ পাচনত ব্যৱহাৰ হোৱা লালটিত থকা উৎসেচকবিধ কি?

উত্তৰঃ কাৰ্বহাইড্ৰেটৰ পাচনত ব্যৱহাৰ হোৱা লালটিত থকা উৎসেচকবিধ হ’ল লালটি এমাইলেজ বা চেলিভেৰী এমাইলেজ (Salivary amylase)।

প্রশ্ন ২৯। খাদ্যৰ পাচনত লালটি এমহিলেজৰ ভূমিকা কি?

উত্তৰঃ খাদ্যৰ পাচনত লালটি এমাইলেজৰ ভূমিকা হ’ল শ্বেতসাৰ নামৰ এক জটিল কার্বহাইড্রেটক বিশ্লেষণ কৰি শৰ্কৰাৰ সৰল অণুৰ সৃষ্টি কৰা।

প্রশ্ন ৩০। মুখ গহ্বৰত থকা পাচক গ্ৰন্থিৰ নাম কি?

উত্তৰঃ মুখগহ্বৰত থকা পাচক গ্রন্থিসমূহক লালটি গ্ৰন্থি নামেৰে জনা যায়।

প্রশ্ন ৩১। লালটি গ্রন্থিয়ে নিঃসৰণ কৰা পাচক ৰসক আমি কি নামেৰে জানো?

উত্তৰঃ লালটি গ্রন্থিয়ে নিঃসৰণ কৰা পাচক ৰসক আমি লালটি নামেৰে জানো।

প্রশ্ন ৩২। পাকস্থলীৰ বেৰত থকা পাচক গ্ৰন্থিৰ নাম কি?

উত্তৰঃ পাকস্থলীৰ বেৰত থকা পাচক গ্ৰন্থিৰ নাম পাকস্থলী গ্রন্থি (Gastric Glands)।

প্রশ্ন ৩৩। পাকস্থলী গ্ৰন্থীয়ে নিঃসৰণ কৰা পদাৰ্থসমূহৰ নাম লিখা।

উত্তৰঃ পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা পদার্থসমূহ হ’ল– 

(i) হাইড্ৰ’ক্লৰিক এছিড। 

(ii) এক প্র’টিন বিশ্লেষী উৎসেচক পেপচিন। আৰু 

(iii) মিউকাছ।

প্রশ্ন ৩৪। পাকস্থলী গ্রন্থিয়ে ক্ষৰণ কৰা পেপচিন নামৰ উৎসেচকবিধৰ কাৰ্য উল্লেখ কৰা।

উত্তৰঃ পাকস্থলী গ্ৰন্থিয়ে ক্ষৰণ কৰা পেপচিন নামৰ উৎসেচকবিধৰ কাৰ্য হ’ল খাদ্যত থকা প্ৰ’টিনক বিশ্লেষণ কৰি তাক সৰল অৱস্থালৈ ৰূপান্তৰিত কৰা।

প্রশ্ন ৩৫। পাকস্থলী গ্রন্থিয়ে ক্ষৰণ কৰা মিউকাছৰ কাৰ্য কি?

উত্তৰঃ পাকস্থলী গ্ৰন্থিয়ে ক্ষৰণ কৰা মিউকাছে পাকস্থলীৰ অন্তঃআৱৰণীখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে।

প্রশ্ন ৩৬। মানুহৰ শৰীৰৰ কোন অংগত কাৰ্বহাইড্রেট, প্ৰ’টিন আৰু চৰীৰ সম্পূৰ্ণ পাচন সম্পন্ন হয়?

উত্তৰঃ মানুহৰ শৰীৰৰ ক্ষুদ্ৰান্তত কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰীৰ সম্পূর্ণ পাচন সম্পন্ন হয়।

প্রশ্ন ৩৭। যকৃতে নিঃসৰণ কৰা পাচক ৰসবিধৰ নাম কি?

উত্তৰঃ যকৃতে নিঃসৰণ কৰা পাচক ৰসবিধৰ নাম হ’ল পিত্তৰস (bile juice)।

প্রশ্ন ৩৮। প্ৰ’টিন আৰু চৰীৰ পাচনৰ বাবে ব্যৱহাৰ হোৱা অগ্নাশয় বসত থকা উৎসেচক দুবিধ কি কি?

উত্তৰঃ অগ্নাশয় ৰসত থকা প্ৰ’টিন বিশ্লেষী উৎসেচকবিধ হ’ল ট্রিপচিন আৰু চৰীৰ পাচনত সহায় কৰা উৎসেচকবিধ হ’ল অগ্নাশয় লাইপেজ।

প্রশ্ন ৩৯। প্ৰ’টিনৰ পাচনত উৎপন্ন হোৱা অন্তিম পদার্থবিধ কি?

উত্তৰঃ প্ৰ’টিনৰ পাচনত উৎপন্ন হোৱা অন্তিম পদার্থবিধ হ’ল এমিন’ এছিড।

প্রশ্ন ৪০। কার্বহাইড্ৰেটৰ পাচনৰ দ্বাৰা উৎপন্ন হোৱা অন্তিম পদার্থবিধ কি?

উত্তৰঃ কাৰ্বহাইড্ৰেটৰ পাচনৰ দ্বাৰা উৎপন্ন হোৱা অন্তিম পদার্থবিধ হ’ল গ্লুক’জ বা শৰ্কৰা।

প্রশ্ন ৪১। চৰীৰ পাচনৰ দ্বাৰা উৎপন্ন হোৱা অন্তিম দুটা পদার্থ কি?

উত্তৰঃ চৰ্বীৰ পাচনৰ দ্বাৰা উৎপন্ন হোৱা অন্তিম পদাৰ্থ দুটা হ’ল ফেটি এছিড আৰু গ্লিচাৰ’ল৷

প্রশ্ন ৪২। যকৃতে ক্ষৰণ কৰা পিত্তৰসৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ যকৃতে ক্ষৰণ কৰা পিত্তৰসৰ প্ৰকৃতি ক্ষাৰকীয় (alkaline)।

প্রশ্ন ৪৩। আমাৰ ক্ষুদ্ৰান্ত্ৰত ট্ৰিপচিনৰ ভূমিকা কি?

উত্তৰঃ আমাৰ ক্ষুদ্রান্ত্ৰত ট্ৰিপচিনৰ ভূমিকা হ’ল প্ৰ’টিনক বিশ্লেষণ কৰি তাৰ সৰল অৱস্থানলৈ ৰূপান্তৰিত কৰা।

প্রশ্ন ৪৪। অগ্নাশয় লাইপেজৰ কাৰ্য কি?

উত্তৰঃ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা অগ্নাশয় লাইপেজৰ কাৰ্য হ’ল ক্ষুদ্ৰান্তত চৰীৰ পাচন সম্পন্ন কৰা।

প্রশ্ন ৪৫। ভিলাই কি?

উত্তৰঃ আমাৰ ক্ষুদ্ৰান্ত্ৰৰ অন্তঃআৱৰণীখনত অসংখ্য আঙুলি সদৃশ প্রবর্ধ থাকে, যিয়ে পাচিত খাদ্যৰ শোষণৰ বাবে পৃষ্ঠকালিৰ বৃদ্ধি ঘটায়। এই প্ৰবৰ্ধবোৰক ভিলাই বোলা হয়।

প্রশ্ন ৪৬। শ্বসনৰ প্ৰকাৰ দুটা কি?

উত্তৰঃ শ্বসনৰ প্ৰকাৰ দুটা হ’ল– 

(i) সবাত শ্বসন (Aerobic Respiration)। আৰু 

(ii) অবাত শ্বসন (Anaerobic Respiration)।

প্রশ্ন ৪৭। সবাত শ্বসন (Aerobic Respiration) কি?

উত্তৰঃ যি শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্থিতিত গ্লুক’জৰ বিশ্লেষণ ঘটি কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়, তাক সবাত শ্বসন বোলে।

প্রশ্ন ৪৮। অবাত শ্বসন (Anaerobic Respiration) কি?

উত্তৰঃ যি শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ অনুপস্থিতিত গ্লুক’জৰ বিশ্লেষণ ঘটি শক্তি উৎপন্ন হয়, তাক অবাত শ্বসন বোলে।

প্রশ্ন ৪৯। সকলো জীৱৰে ক্ষেত্ৰত শ্বসনৰ প্ৰথম স্তৰত গ্লুক’জৰ বিশ্লেষণ ঘটি উৎপন্ন হোৱা পদার্থবিধ কি?

উত্তৰঃ সকলো জীৱৰে ক্ষেত্ৰত শ্বসনৰ প্ৰথম স্তৰত গ্লুক’জৰ বিশ্লেষণ ঘটি উৎপন্ন হোৱা পদাৰ্থবিধ হ’ল পাইৰুভেট।

প্রশ্ন ৫০। ইষ্টৰ কোষত ঘটা অবাত শ্বসনৰ অন্তিম বিক্রিয়াজাত পদার্থসমূহ কি কি?

উত্তৰঃ ইষ্টৰ কোষত ঘটা অবাত শ্বসনত অন্তিম পদার্থ হিচাপে ইথানল আৰু কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হোৱাৰ লগতে, এই প্ৰক্ৰিয়াত কিছু পৰিমাণে শক্তিও নির্গত হয়।

প্রশ্ন ৫১। কোষৰ মাইট’কন্ড্রিয়াত সংঘটিত হোৱা সবাত শ্বসনৰ অন্তিম বিক্রিয়াজাত পদার্থসমূহ কি কি?

উত্তৰঃ কোষৰ মাইট’কন্ড্রিয়াত সংঘটিত হোৱা সবাত শ্বসনত অন্তিম বিক্রিয়াজাত পদার্থ হিচাপে কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন হোৱাৰ লগতে প্ৰচুৰ পৰিমাণে শক্তি নির্গত হয়।

প্রশ্ন ৫২। আমাৰ পেশীকোষত সংঘটিত হোৱা অবাত শ্বসনৰ অন্তিম পদার্থবিধ কি?

উত্তৰঃ আমাৰ পেশীকোষত সংঘটিত হোৱা অবাত শ্বসনৰ অন্তিম পদার্থবিধ হ’ল লেক্‌টিক এছিড। এই প্ৰক্ৰিয়াত কিছু পৰিমাণে শক্তিও নির্গত হয়।

প্রশ্ন ৫৩। হঠাতে হোৱা শাৰীৰিক ক্ৰিয়াৰ সময়ত আমাৰ পেশীকোষত উৎপন্ন হোৱা কোনবিধ পদাৰ্থৰ বাবে আমাৰ মাংসপেশী টান খাই পৰে?

উত্তৰঃ হঠাতে হোৱা শাৰীৰিক ক্ৰিয়াৰ সময়ত আমাৰ পেশীকোষত উৎপন্ন হোৱা লেক্‌টিক এছিডৰ বাবে আমাৰ মাংসপেশী টান খাই পৰে।

প্রশ্ন ৫৪। উদ্ভিদদেহ আৰু বায়ুমণ্ডলৰ মাজত কি প্ৰক্ৰিয়াৰে অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ আদান-প্রদান ঘটে?

উত্তৰঃ উদ্ভিদদেহ আৰু বায়ুমণ্ডলৰ মাজত ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডৰ আদান-প্রদান ঘটে।

প্রশ্ন ৫৯। বায়ুকোষ (Alveoli) কি?

উত্তৰঃ হাওঁফাওঁৰ ভিতৰত বায়ুনলীডাল অসংখ্য সৰু সৰু নলীকালৈ বিভাজিত হৈ যায়, যিবোৰ কিছুমান বেলুন-সদৃশ গঠনত গৈ শেষ হয়। এই বেলুনৰ দৰে গঠনবোৰক বায়ুকোষ বোলে।

প্রশ্ন ৬০। মানুহৰ শৰীৰৰ ভিতৰত গেছৰ আদান-প্ৰদানৰ স্থান কি?

উত্তৰঃ মানুহৰ শৰীৰৰ ভিতৰৰ গেছৰ আদান-প্ৰদানৰ স্থান হ’ল হাওঁফাওঁৰ ভিতৰৰ বায়ুকোষবোৰ।

প্রশ্ন ৬১। মানুহৰ শৰীৰৰ শ্বাসৰঞ্জক (Respiratory pigment) বিধৰ নাম কি?

উত্তৰঃ মানুহৰ শৰীৰৰ শ্বাসৰঞ্জকবিধৰ নাম হ’ল হিম’গ্লবিন। 

প্রশ্ন ৬২। মানুহৰ শৰীৰত পৰিবহণ প্ৰক্ৰিয়াৰ লগত জড়িত দুটা তৰল পদাৰ্থৰ নাম লিখা।

উত্তৰঃ মানুহৰ শৰীৰত পৰিবহণ প্ৰক্ৰিয়াৰ লগত জড়িত দুটা তৰল পদাৰ্থ হ’ল— ৰক্ত আৰু লসিকা।

প্রশ্ন ৬৩। লসিকা (Lymph) কি?

উত্তৰঃ ৰক্তকেশিকাৰ বেৰত থকা ৰন্ধ্ৰৰে কিছু পৰিমাণে প্লাজমা, প্ৰ’টিন আৰু ৰক্তকণিকা কলাৰ আন্তঃকোষীয় স্থানলৈ সৰকি যায়। ইয়াকে লসিকা (Lymph) বা কলাৰস (Tissue fluid) বোলে।

প্রশ্ন ৬৪। উদ্ভিদদেহত পৰিবহণ প্ৰক্ৰিয়াৰ লগত জড়িত সংবহন কলা দুবিধৰ নাম লিখা।

উত্তৰঃ উদ্ভিদদেহত পৰিবহণ প্ৰক্ৰিয়াৰ লগত জড়িত সংবহন কলা দুবিধ হ’ল— জাইলেম আৰু ফ্লোৱেম।

প্রশ্ন ৬৫। উদ্ভিদদেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰা কলাবিধ কি?

উত্তৰঃ উদ্ভিদদেহত পানী আৰু খনিজ লৱণ পৰিবহণ কৰা কলাবিধ হ’ল জাইলেম।

প্রশ্ন ৬৬। উদ্ভিদদেহত খাদ্য আৰু এমিন’ এছিড পৰিবহণ কৰা কলাবিধৰ নাম লিখা।

উত্তৰঃ উদ্ভিদদেহত খাদ্য আৰু এমিন’ এছিড পৰিবহণ কৰা কলাবিধ হ’ল ফ্লোৱেম।

প্রশ্ন ৬৭। উদ্ভিদদেহৰ জাইলেম ক’লাৰ মাজেদি পানী আৰু খনিজ লৱণৰ ঊর্ধ্বমুখী পৰিবহণত ব্যৱহাৰ হোৱা দুটা কৌশলৰ নাম লিখা।

উত্তৰঃ উদ্ভিদদেহৰ জাইলেম কলাৰ মাজেদি পানী আৰু খনিজ লৱণৰ ঊর্ধ্বমুখী পৰিবহণত ব্যৱহাৰ হোৱা দুটা কৌশল হ’ল– 

(i) শিপাৰ চাপ। আৰু 

(ii) প্রস্বেদন টান।

প্রশ্ন ৬৮। প্রস্বেদন (Transpiration) কি?

উত্তৰঃ উদ্ভিদৰ বায়বীয় অংশৰ পৰা জলীয় বাষ্প হিচাপে পানীৰ অপসৰণকে প্রস্বেদন বা বাষ্পমোচন বোলে।

প্রশ্ন ৬৯। খাদ্যস্থানান্তৰণ (Translocation) মানে কি?

উত্তৰঃ সালোকসংশ্লেষণৰ দ্ৰৱণীয় বিক্রিয়াজাত পদাৰ্থৰ উদ্ভিদদেহৰ ফ্লোৱেম কলাৰ মাজেদি হোৱা পৰিবহণকে খাদ্যস্থানান্তৰণ বোলে।

প্রশ্ন ৭০। উদ্ভিদদেহৰ ফ্লোৱেম কলাৰ মাজেদি পৰিবাহিত হোৱা দুটা পদাৰ্থৰ নাম লিখা।

উত্তৰঃ উদ্ভিদদেহৰ ফ্লোৱেম কলাৰ মাজেদি পৰিবাহিত হোৱা দুটা পদাৰ্থ হ’ল— গ্লুক’জ আৰু এমিন’ এছিড।

প্রশ্ন ৭১। এককোষী জীৱৰ ক্ষেত্ৰত ৰেচনজাতীয় পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত ভৌতিক প্ৰক্ৰিয়াটো কি?

উত্তৰঃ এককোষী জীৱৰ ক্ষেত্ৰত ৰেচনজাতীয় পদাৰ্থৰ নিষ্কাশনৰ লগত জড়িত ভৌতিক প্ৰক্ৰিয়াটো হ’ল—ব্যাপন (Diffusion)।

প্রশ্ন ৭২। মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ কি?

উত্তৰঃ মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ হ’ল— 

(i) এযোৰ বৃক্ক। 

(ii) এযোৰ মূত্ৰনলী। 

(iii) এটা মূত্রথলী (urinary bladder)। আৰু 

(iv) এটা মূত্রাশয় (urethra)।

প্রশ্ন ৭৩। মানুহৰ শৰীৰৰ পৰা বৃক্কৰ সহায়ত নিষ্কাশন কৰা দুবিধ নাইট্ৰ’জেনজাতীয় ৰেচন পদাৰ্থৰ নাম লিখা।

উত্তৰঃ মানুহৰ শৰীৰৰ পৰা বৃক্কৰ সহায়ত নিষ্কাশন কৰা দুবিধ নাইট্ৰ’জেনজাতীয় ৰেচন পদাৰ্থ হ’ল ইউৰিয়া আৰু ইউৰিক এছিড।

প্রশ্ন ৭৪। নেফ্রন (Nephrons) কি?

উত্তৰঃ নেফ্ৰনবোৰ হ’ল বৃক্কৰ মৌলিক পৰিস্ৰাৱন একক।

প্রশ্ন ৭৫। নেফ্ৰনৰ অংশসমূহৰ নাম লিখা।

উত্তৰঃ নেফ্ৰনৰ মুখ্য অংশসমূহ হ’ল— 

(i) গ্ল’মেৰুলাছ। 

(ii) ব’মেনৰ সম্পুট। 

(iii) কুণ্ডলীকৃত অংশ। আৰু 

(iv) সংগ্ৰাহক নলীকা।

প্রশ্ন ৭৬। তেজৰ পৰা মূত্ৰ উৎপাদনৰ লগত জড়িত মানুহৰ শৰীৰৰ অংগবিধ কি?

উত্তৰঃ তেজৰ পৰা মূত্ৰ উৎপাদনৰ লগত জড়িত মানুহৰ শৰীৰৰ অংগবিধ বৃক্ক।

প্রশ্ন ৭৭। প্রাথমিক মূত্ৰৰ পৰা নেফ্ৰনৰ কুণ্ডলীকৃত অংশই পুনৰাই শোষণ কৰি লোৱা পদাৰ্থসমূহ কি কি?

উত্তৰঃ প্রাথমিক মূত্ৰৰ পৰা নেফ্ৰনৰ কুণ্ডলীকৃত অংশই পুনৰাই শোষণ কৰি লোৱা পদাৰ্থসমূহ হ’ল— গ্লু’কজ, এমিন’ এছিড, লৱণ আৰু এক বৃহৎ পৰিমাণৰ পানী।

প্রশ্ন ৭৮। বৃক্কত উৎপন্ন হোৱা মূত্ৰ মূত্রথলীলৈ পৰিবাহিত হোৱা নলীডালৰ নাম কি?

উত্তৰঃ বৃক্কত উৎপন্ন হোৱা মূত্ৰ মূত্রথলীলৈ পৰিবাহিত হোৱা নলীডালৰ নাম হ’ল মূত্রনলী (ureter)।

প্রশ্ন ৭৯। মূত্ৰ নিৰ্গত কৰাৰ ইচ্ছাক মানুহ এজনে কেনেদৰে নিয়ন্ত্ৰিত কৰিব পাৰে?

উত্তৰঃ মানুহৰ মূত্রথলীটো পেশীযুক্ত আৰু সেয়ে ই স্নায়ৱিক নিয়ন্ত্ৰণৰ অধীন। ফলস্বৰূপে, মানুহ এজনে মূত্ৰ নিৰ্গত কৰাৰ ইচ্ছাক সহজেই নিয়ন্ত্ৰণ কৰিব পাৰে।

প্রশ্ন ৮০। উদ্ভিদে কি প্ৰক্ৰিয়াৰে অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড বৰ্জন কৰে?

উত্তৰঃ উদ্ভিদে ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড বৰ্জন কৰে।

প্রশ্ন ৮১। উদ্ভিদদেহৰ পৰা অতিৰিক্ত পানীভাগ আঁতৰ কৰোৱা ভৌতিক প্ৰক্ৰিয়াটোৰ নাম কি?

উত্তৰঃ উদ্ভিদদেহৰ পৰা অতিৰিক্ত পানীভাগ আঁতৰ কৰোৱা ভৌতিক প্রক্রিয়াটো হ’ল প্রস্বেদন বা বাষ্পমোচন।

প্রশ্ন ৮২। উদ্ভিদৰ তিনিটা ৰেচনজাতীয় পদাৰ্থৰ নাম লিখা।

উত্তৰঃ উদ্ভিদৰ তিনিটা ৰেচনজাতীয় পদাৰ্থ হ’ল— অক্সিজেন, কার্বন-ডাই-অক্সাইড আৰু পানী।

প্রশ্ন ৮৩। খাদ্য কি?

উত্তৰঃ আমি পৰিপুষ্টিৰ বাবে শৰীৰৰ বাহিৰৰ পৰা গ্ৰহণ কৰা শক্তিৰ উৎসসমূহকে খাদ্য বোলে।

প্রশ্ন ৮৪। ৰক্ত কি? 

উত্তৰঃ ৰক্ত হ’ল এক তৰল সংযোজক কলা।

প্রশ্ন ৮৫। আমাৰ শৰীৰত থকা শ্বাস কণাবিধৰ নাম কি? ইয়াৰ কাৰ্য উল্লেখ কৰা।

উত্তৰঃ হিম’গ্লবিন। ইয়াৰ কাৰ্য হ’ল তেজত অক্সিজেনৰ পৰিবহন কৰা।

প্রশ্ন ৮৬। জৈৱ অনুঘটকবোৰ কি? ইহঁতৰ কাৰ্য কি?

উত্তৰঃ জীৱৰ শৰীৰত থকা পাচক উৎসেচকসমূহকে জৈৱ অনুঘটক বোলা হয়। ইহঁতৰ কাৰ্য হ’ল খাদ্যৰ জটিল অণুক সৰল অণুলৈ ৰূপান্তৰিত কৰা।

প্রশ্ন ৮৭। ATP কি?

উত্তৰঃ কোষীয় শ্বসনত উৎপন্ন হোৱা শক্তি আৱদ্ধ কৰি ৰখা অণুসমূহক ATP (Adenosine Triphosphate) বোলে। 

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায়—

(a) শ্বসন।

(b) প্রস্বেদন।

(c) পৰিপুষ্টি।

(d) ৰেচন।

উত্তৰঃ (c) পৰিপুষ্টি।

২। জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্রয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো হ’ল-

(a) পৰিপুষ্টি।

(b) পৰিবহণ।

(c) ৰেচন।

(d) শ্বসন।

উত্তৰঃ (d) শ্বসন।

৩। জীৱৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্যদ্রব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ’ল—

(a) শ্বসন।

(b) পৰিবহণ।

(c) পৰিপুষ্টি।

(d) ৰেচন।

উত্তৰঃ (b) পৰিবহণ।

৪। জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদার্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো হ’ল—

(a) পৰিপুষ্টি।

(b) শ্বসন।

(c) ৰেচন।

(d) পৰিবহন।

উত্তৰঃ (c) ৰেচন।

৫। যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক-

(a) সালোক সংশ্লেষণ বোলে।

(b) বাষ্পমোচন বোলে।

(c) স্থানান্তৰণ বোলে।

(d) ফটোফচফৰিলেচন বোলে।

উত্তৰঃ (a) সালোক সংশ্লেষণ বোলে।

৬। অবাত শ্বসন সম্পন্ন হয়-

(a) মাইট’কণ্ড্ৰিয়াত।

(b) ক্ল’ৰ’প্লাষ্টত।

(c) কোষকেন্দ্ৰত।

(d) চাইট’প্লাজমত।

উত্তৰঃ (d) চাইট’প্লাজমত।

৭। চৰ্বী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে—

(a) ট্রিপাচিনে।

(b) পেপচিনে।

(c) পিত্ত লৱণে।

(d) এমাইলেজে।

উত্তৰঃ (c) পিত্ত লৱণে।

৮। তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰ’জেন শোষণ কৰে—

(a) ছালফেট আৰু ছালফাইট।

(b) কার্বনেট আৰু কার্বাইড।

(c) নাইট্রেট আৰু নাইট্রাইট।

(d) এমিন’ এছিড আৰু প্ৰ’টিন।

উত্তৰঃ (c) নাইট্রেট আৰু নাইট্রাইট।

৯। তলৰ কোনবিধ জীৱে দেহৰ বাহিৰত খাদ্যৰ বিশ্লেষণ কৰি পিছত তাক শোষণ কৰে-

(a) কাঠফুলা। 

(b) কাচকাটা।

(c) ফিটাকৃমি।

(d) মাখি।

উত্তৰঃ (a) কাঠফুলা।

১০। তলৰ কোনবিধ জীৱে আন উদ্ভিদ বা প্রাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে— 

(a) কাঠফুলা।

(b) ব্রেড ম’ল্ড (Bread mould)।

(c) ইষ্ট।

(d) কাচকাটা (Cuscuta)।

উত্তৰঃ (d) কাচকাটা (Cuscuta)।

১১। আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ—

(a) লাইপেজ।

(b) পেপচিন।

(c) ট্রিপচিন।

(d) লালটি এমাইলেজ।

উত্তৰঃ (d) লালটি এমাইলেজ।

১২। পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবি –

(a) পেপচিন।

(b) ট্রিপচিন।

(c) লালটি এমাইলেজ। 

(d) লাইপেজ।

উত্তৰঃ (a) পেপচিন।

১৩। তলৰ কোনটো গ্ৰন্থি আমাৰ শৰীৰত হাইড্ৰ’ক্লৰিক এছিড নিঃসৰণৰ লগত জড়িত-

(a) লালটি গ্রন্থি। 

(b) আন্ত্রিক গ্রন্থি।

(c) পাকস্থলী গ্রন্থি। 

(d) যকৃত।

উত্তৰঃ (c) পাকস্থলী গ্রন্থি।

১৪। তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্ৰান্ত্ৰত খাদ্যদ্রব্যক ক্ষাৰকীয় গুণবিশিষ্ট কৰে—

(a) লালটি।

(b) পিত্তৰস।

(c) আন্ত্ৰিক ৰস।

(d) অগ্নাশয় ৰস।

উত্তৰঃ (b) পিত্তৰস।

১৫। তলৰ কোনবিধ পাচক ৰসে ক্ষুদ্ৰান্ত্ৰত চৰ্ৰীৰ ডাঙৰ ডাঙৰ পিণ্ডৰোৰক সৰু সৰু পিণ্ডলৈ ভাঙি দিয়ে—

(a) আন্ত্ৰিক ৰস।

(b) অগ্নাশয় ৰস।

(c) লালটি।

(d) পিত্তৰস।

উত্তৰঃ (d) পিত্তৰস।

১৬। তলৰ কোনবিধ পাচক গ্ৰন্থিয়ে পিত্তৰস ক্ষৰণ কৰে—

(a) অগ্নাশয়।

(b) যকৃত।

(c) লালটি গ্রন্থি। 

(d) আন্ত্রিক গ্রন্থি।

উত্তৰঃ (b) যকৃত।

১৭। তলৰ কোনৰিধ পাচক গ্ৰন্থিয়ে ট্ৰিপচিন নামৰ উৎসেচকৰিধ নিঃসৰণ কৰে—

(a) যকৃত। 

(b) পাকস্থলী গ্রন্থি।

(c) আন্ত্রিক গ্রন্থি।

(d) অগ্নাশয়।

উত্তৰঃ (d) অগ্নাশয়।

১৮। শ্বেতসাৰৰ পাচনৰ লগত জড়িত উৎসেচকৰিধ হ’ল—

(a) লাইপেজ।

(b) ট্রিপচিন।

(c) লালটি এমাইলেজ। 

(d) পেপচিন।

উত্তৰঃ (c) লালটি এমাইলেজ।

১৯। চৰীৰ পাচনৰ লগত জড়িত উৎসেচকবিধ হ’ল—

(a) পেপচিন।

(b) লাইপেজ।

(c) লালটি এমাইলেজ। 

(d) ট্রিপচিন।

উত্তৰঃ (b) লাইপেজ।

২০। তলৰ কোনৰিধ উৎসেচক প্ৰটিন বিশ্লেষণৰ লগত জড়িত—

(a) লালটি এমাইলেজ। 

(b) হাইড্ৰ’ক্লৰিক এছিড। 

(c) লাইপেজ। 

(d) ট্রিপচিন।

উত্তৰঃ (d) ট্রিপচিন।

২১। প্ৰ’টিনৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থৰিধ হ’ল-

(a) এমিন’ এছিড।

(b) গ্লুক’জ।

(c) ফেটি এছিড। 

(d) গ্লিচাৰ’ল।

উত্তৰঃ (a) এমিন’ এছিড।

২২। জটিল কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ –

(a) গ্লুক’জ। 

(b) গ্লাইক’জেন। 

(c) শ্বেতসাৰ।

(d) মাল্টজ।

উত্তৰঃ (a) গ্লুক’জ।

২৩। ক্ষুদ্ৰান্ত্ৰত চৰ্বীৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হয়-

(a) গ্লুক’জ।

(b) এমিন’ এছিড।

(c) চুক্রজ।

(d) ফেটি এছিড আৰু গ্লিচাৰল।

উত্তৰঃ (d) ফেটি এছিড আৰু গ্লিচাৰল।

২৪। আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰীৰ সম্পূৰ্ণ পাচনৰ স্থান হ’ল—

(a) পাকস্থলী।

(b) মুখ-গহ্বৰ। 

(c) ক্ষুদ্রান্ত্র।

(d) বৃহদান্ত্র।

উত্তৰঃ (c) ক্ষুদ্রান্ত্র।

২৫। তলৰ কোনবিধ সবাত শ্বসন বিক্রিয়াজাত পদার্থ-

(a) কার্বন-ডাই অক্সাইড। 

(b) পানী। 

(c) শক্তি (ATP)। 

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

২৬। তলৰ কোনবিধ জীৱৰ শৰীৰত কিম্বন (Fermentation) সংঘটিত হয়—

(a) ইষ্ট।

(b) বেক্টেৰিয়া।

(c) সেউজীয়া উদ্ভিদ। 

(d) এমিবা।

উত্তৰঃ (a) ইষ্ট।

২৭। সকলো জীৱৰে কোষৰ কোনটো অংশত গ্লুক’জৰ বিশ্লেষণ ঘটি পাইৰুভেট উৎপন্ন হয়-

(a) মাইট’কন্ড্রিয়া। 

(b) কোষ আৱৰণ।

(c) কোষ প্ৰৰস।

(d) প্লাষ্টিড।

উত্তৰঃ (c) কোষ প্ৰৰস। 

২৮। সবাত শ্বসনকাৰী জীৱৰ কোষৰ কোনটো অংশত পাইৰুভেটৰ বিশ্লেষণৰ পৰা কার্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়-

(a) কোষ প্ৰৰস।

(b) মাইট’কন্ড্রিয়া।

(c) কোষ আৱৰণ। 

(d) গলজি সংঘ।

উত্তৰঃ (b) মাইট’কন্ড্রিয়া।

২৯। ইষ্টৰ কোষৰ কোনটো অংশত পাইৰুভেটৰ বিশ্লেষণ ঘটি ইথানল, কার্বন-ডাই-অক্সাইড আৰু শক্তি উৎপন্ন হয়?

(a) মাইট’কন্ড্রিয়া। 

(b) কোষ আৱৰণ। 

(c) লাইছছম। 

(d) কোষ প্ৰৰস।

উত্তৰঃ (d) কোষ প্ৰৰস।

৩০। হঠাতে হোৱা শাৰীৰিক ক্রিয়া-কলাপৰ সময়ত আমাৰ মাংসপেশী টান খাই পৰাৰ লগত জড়িত পদার্থবিধ-

(a) কার্বন-ডাই অক্সাইড। 

(b) পানী। 

(c) লেক্‌টিক এছিড।

(d) ইথানল।

উত্তৰঃ (c) লেক্‌টিক এছিড।

৩১। তলৰ কোনবিধ পদাৰ্থ ইষ্টৰ কোষত হোৱা কিম্বন প্ৰক্ৰিয়াত উদ্ভৱ হয়—

(a) পানী।

(b) লেক্‌টিক এছিড। 

(c) মিথানল। 

(d) ইথানল।

উত্তৰঃ (d) ইথানল।

৩২। তলৰ কোনবিধ মানৱ শৰীৰৰ অংগত গেছৰ আদান-প্রদান সংঘটিত হয়—

(a) বায়ুনলী (wind pipe) 

(b) বায়ুকোষ (Alveoli)

(c) নেফ্রন।

(d) ট্ৰেকীয়া।

উত্তৰঃ (b) বায়ুকোষ (Alveoli)

৩৩। তেজৰ কোনটো অংশই আমাৰ শৰীৰত প্ৰধানকৈ অক্সিজেনৰ পৰিবহণ কৰে—

(a) লোহিত ৰক্ত কণিকা।

(b) শ্বেত ৰক্তকণিকা। 

(c) প্লাজমা।

(d) অনুচক্রিকা।

উত্তৰঃ (a) লোহিত ৰক্ত কণিকা।

৩৪। আমাৰ তেজৰ কোনটো অংশ কার্বন-ডাই- অক্সাইডৰ পৰিবহণৰ লগত জড়িত—

(a) শ্বেত ৰক্তকণিকা। 

(b) অনুচক্রিকা। 

(c) প্লাজমা। 

(d) লোহিত ৰক্ত কণিকা।

উত্তৰঃ (c) প্লাজমা।

৩৫। আমাৰ হৃদপিণ্ডৰ কোনটো অংশই অক্সিজেনযুক্ত তেজ সংগ্ৰহ কৰে –

(a) সোঁ অলিন্দ। 

(b) সোঁ নিলয়।

(c) বাঁও অলিন্দ। 

(d) বাঁও নিলয়।

উত্তৰঃ (c) বাঁও অলিন্দ।

৩৬। গোটেই শৰীৰৰ পৰা অক্সিজেনৰহিত তেজ সংগ্ৰহ কৰা হৃদপিণ্ডৰ কোঠালিটো হল-

(a) সোঁ অলিন্দ। 

(b) সোঁ নিলয়।

(c) বাঁও অলিন্দ। 

(d) বাঁও নিলয়।

উত্তৰঃ (a) সোঁ অলিন্দ।

৩৭। হৃদপিণ্ডৰ কোনটো কোঠালিয়ে সংকুচিত হৈ অক্সিজেনযুক্ত তেজ গোটেই শৰীৰলৈ পঠাই দিয়ে-

(a) বাঁও অলিন্দ। 

(b) বাঁও নিলয়।

(c) সোঁ অলিন্দ। 

(d) সোঁ নিলয়।

উত্তৰঃ (b) বাঁও নিলয়।

৩৮। তলৰ কোনটো হৃদপিণ্ডৰ কোঠালিয়ে সংকুচিত হৈ অক্সিজেনৰহিত তেজ অক্সিজেনযুক্ত কৰিবলৈ হাওঁফাওঁলৈ পঠাই দিয়ে—

(a) বাঁও অলিন্দ।

(b) বাঁও নিলয়।

(c) সোঁ অলিন্দ।

(d) সোঁ নিলয়।

উত্তৰঃ (d) সোঁ নিলয়।

৩৯। তলৰ কোনটো প্ৰাণীৰ চাৰি কোঠালিযুক্ত হৃদপিণ্ড আছে—

(a) পক্ষী।

(b) জেঠী।

(c) সাপ।

(d) মাছ।

উত্তৰঃ (a) পক্ষী।

৪০। তলৰ কোনটো প্ৰাণীৰ তিনি কোঠালিযুক্ত হৃদপিণ্ড আছে—

(a) মানুহ।

(c) মাছ।

(b) বান্দৰ।

(d) ভেকুলী।

উত্তৰঃ (d) ভেকুলী।

৪১। তলৰ কোনো প্রাণীৰ দুটা কোঠালিযুক্ত হৃদপিণ্ড আছে—

(a) মাছ।

(b) সাপ।

(c) বান্দৰ।

(d) ভেকুলী।

উত্তৰঃ (a) মাছ।

৪২। তলৰ কোনটো প্ৰাণীৰ চাৰি-কোঠালিযুক্ত হৃদপিণ্ড আছে—

(a) সাপ।

(b) ঘঁৰিয়াল।

(c) জেঠী।

(d) কাছ।

উত্তৰঃ (b) ঘঁৰিয়াল।

৪৩। তলৰ কোনটো প্ৰাণীৰ শৰীৰত তেজ প্রৰাহিত হওঁতে ই একোটা চক্ৰত মাথো এবাৰহে হৃদপিণ্ডৰ মাজেৰে গতি কৰে-

(a) ভেকুলী।

(b) জেঠী।

(c) কাছ।

(d) মাছ।

উত্তৰঃ (d) মাছ।

৪৪। তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেন যুক্ত তেজ হৃদপিণ্ডৰ পৰা শৰীৰলৈ উলিয়াই নিয়ে—

(a) মহাধমনী। 

(b) ক্লোম ধমনী। 

(c) মহাসিৰা।

(d) ক্লোম সিৰা।

উত্তৰঃ (a) মহাধমনী।

৪৫। তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা হৃদপিণ্ডলৈ কঢ়িয়ায়-

(a) মহাসিনা। 

(b) ক্লোম সিবা। 

(c) মহাধমনী।

(d) ক্লোম ধমনী।

উত্তৰঃ (b) ক্লোম সিবা।

৪৬। তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনৰহিত তেজ গোটেই শৰীৰৰ পৰা হৃদপিণ্ডলৈ কঢ়িয়ায়—

(a) মহাধমনী।

(b) ক্লোম ধমনী। 

(c) ক্লোমসিৰা। 

(d) মহাসিৰা।

উত্তৰঃ (d) মহাসিৰা।

৪৭। তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনৰহিত তেজ হৃদপিণ্ডৰ পৰা হাঁওফাঁওলৈ কঢ়িয়ায়—

(a) মহাসিৰা।

(b) ক্লোম সিৰা।

(c) ক্লোম ধমনী। 

(d) মহাধমনী।

উত্তৰঃ (c) ক্লোম ধমনী।

৪৮। তেজৰ কোনটো অংশ ৰক্তনলীসমূহৰ মেৰামতিৰ কামত জড়িত—

(a) লোহিত ৰক্তকণিকা। 

(b) শ্বেত ৰক্তকণিকা। 

(c) প্লাজমা। 

(d) অণুচক্রিকা।

উত্তৰঃ (d) অণুচক্রিকা।

৪৯। তলৰ কোনাটোৱে ক্ষুদ্ৰান্ত্ৰৰ পৰা পাচিত আৰু শোষিত চৰী পৰিবহণ কৰে-

(a) প্লাজমা। 

(b) লোহিত ৰক্তকণিকা। 

(c) লসিকা। 

(d) শ্বেত ৰক্তকণিকা।

উত্তৰঃ (c) লসিকা।

৫০। উদ্ভিদদেহত পানী আৰু খনিজ লৱণৰ পৰিবহণৰ লগত জড়িত কলাৰিধ হল—

(a) ফ্লোৱেম।

(b) জাইলেম। 

(c) ক’লেনকাইমা। 

(d) স্ক্লেৰেনকাইমা।

উত্তৰঃ (b) জাইলেম।

৫১। উদ্ভিদদেহত খাদ্যদ্ৰৰ পৰিবহণৰ লগত জড়িত কলাৰিধ হ’ল—

(a) ফ্লোৱেম।

(b) জাইলেম। 

(c) স্ক্লেৰেণকাইমা। 

(d) কলেনকাইমা।

উত্তৰঃ (a) ফ্লোৱেম।

৫২। তলৰ কোনটো প্ৰক্ৰিয়া জাইলেম কলাৰ মাজেৰে পানীৰ ঊর্ধ্বমুখী পৰিবহণৰ লগত জড়িত—

(a) শ্বসন।

(b) পৰিপুষ্টি। 

(c) বৃদ্ধি।

(d) প্রস্বেদন।

উত্তৰঃ (d) প্রস্বেদন।

৫৩। খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া তলৰ কোনটো ক্ৰিয়া-কলাপৰ লগত জড়িত—

(a) পানীৰ পৰিবহন।

(b) খনিজ লৱণৰ পৰিবহণ।

(c) খাদ্য আৰু এমিন’ এছিডৰ পৰিবহণ। 

(d) অক্সিজেনৰ পৰিবহণ।

উত্তৰঃ (c) খাদ্য আৰু এমিন’ এছিডৰ পৰিবহণ।

৫৪। তলৰ কোনটো বৃক্কৰ মৌলিক পৰিস্ৰাৱন একক-

(a) বায়ুকোষ। 

(b) নেফ্রন।

(c) মূত্রনালী।

(d) মূত্রাশয়।

উত্তৰঃ (b) নেফ্রন।

৫৫। নেফ্ৰনৰ কাপ-আকৃতিৰ মূৰটোক বোলা হয়—

(a) গ্ল’মেৰুলাছ। 

(b) সংগ্রাহক নলীকা।

(c) মুত্রনলী। 

(d) ব’’মেনৰ সম্পূট।

উত্তৰঃ (d) ব’’মেনৰ সম্পূট।

৫৬। তলৰ কোনবিধ উদ্ভিদৰ ৰেচনজাতীয় পদার্থ-

(a) কার্বন-ডাই-অক্সাইড।

(b) পানী।

(c) অক্সিজেন।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

৫৭। মানুহৰ শৰীৰত খাদ্যৰ শোষণৰ স্থান হ’ল-

(a) বায়ুকোষ। 

(b) নেফ্রন।

(c) ভিলাই।

(d) পাচক গ্রন্থি।

উত্তৰঃ (c) ভিলাই।

৫৮। মানুহৰ শৰীৰত মূত্র উৎপাদন স্থান হ’ল—

(a) নেফ্রন। 

(b) বায়ুকোষ।

(c) ভিলাই।

(d) মূত্রাশয়।

উত্তৰঃ (a) নেফ্রন।

৫৯। তলৰ কোনটো মানুহৰ শৰীৰৰ খাদ্য পাচন হোৱা স্থান নহয়-

(a) পাকস্থলী।

(b) মুখ গহ্বৰ। 

(c) ক্ষুদ্রান্ত্র।

(d) বৃহদাস্ত্র।

উত্তৰঃ (d) বৃহদাস্ত্র।

৬০। মানুহৰ শৰীৰত তেজৰ দ্বাৰা অক্সিজেন শোষণৰ স্থান হ’ল-

(a) বায়ুকোষ।

(b) ভিলাই।

(c) নেফ্রন।

(d) ফেৰিক্স।

উত্তৰঃ (a) বায়ুকোষ।

৬১। তলৰ কোনবিধ মানুহৰ শৰীৰত উৎপন্ন নাইট্ৰ’জেনজাতীয় ৰেচন পদার্থ—

(a) গ্লুক’জ।

(b) এমিন’ এছিড।

(c) ইউৰিয়া।

(d) প্ৰ’টিন।

উত্তৰঃ (c) ইউৰিয়া।

৬২। তলৰ কোনবিধ অংগ মানৱ শৰীৰত তেজৰ সঞ্চালনৰ লগত জড়িত-

(a) যকৃত।

(b) অগ্নাশয়।

(c) হাওঁফাওঁ।

(d) হৃদপিণ্ড।

উত্তৰঃ (d) হৃদপিণ্ড।

৬৩। পাচক গ্ৰন্থিসমূহ তলৰ কোনটো জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত—

(a) শ্বসন। 

(b) ৰেচন। 

(c) পৰিপুষ্টি। 

(d) পৰিবহণ।

উত্তৰঃ (c) পৰিপুষ্টি।

৬৪। তলৰ কোনবিধ এবিধ অবাত শ্বসনৰ বিক্রিয়াজাত পদাৰ্থ –

(a) গ্লুক’জ।

(b) অক্সিজেন।

(c) পানী।

(d) ইথানল।

উত্তৰঃ (d) ইথানল।

৬৫। তলৰ কোনবিধ আমাৰ পেশীকোষত হোৱা শ্বসনৰ এবিধ বিক্রিয়াজাত পদার্থ—

(a) কার্বন-ডাই-অক্সাইড।

(b) ইথানল। 

(c) লেক্‌টিক এছিড। 

(d) পানী।

উত্তৰঃ (c) লেক্‌টিক এছিড।

৬৬। সকলো জীৱৰে কোষত শ্বসনৰ প্ৰথম স্তৰত গ্লুক’জৰ বিশ্লেষণৰ ফলত তলৰ কোনবিধ যৌগ উৎপন্ন হয়—

(a) ইথানল।

(b) পাইৰুভেট।

(c) কার্বন-ডাই-অক্সাইড। 

(d) লেক্‌টিক এছিড।

উত্তৰঃ (b) পাইৰুভেট।

৬৭। তলৰ কোনটো জীৱন প্ৰক্ৰিয়াৰ দ্বাৰা কোষৰ প্ৰয়োজনীয় শক্তি নির্গত হয়—

(a) শ্বসন।

(b) পৰিবহণ।

(c) ৰেচন।

(d) পৰিপুষ্টি।

উত্তৰঃ (a) শ্বসন।

৬৮। তলৰ কোনটো জীৱন প্ৰক্ৰিয়াৰ লগত হৃদপিণ্ড জড়িত—

(a) পৰিপুষ্টি।

(b) শ্বসন।

(c) পৰিবহন।

(d) ৰেচন।

উত্তৰঃ (c) পৰিবহন।

৬৯। তলৰ কোনটো পৰ্যায় পৰিপুষ্টিৰ অন্তৰ্গত নহয় –

(a) খাদ্যগ্রহণ।

(b) পাচন।

(c) শোষণ।

(d) ৰেচন।

উত্তৰঃ (d) ৰেচন।

৭০। নেফ্ৰনৰ কুণ্ডলীকৃত অংশই তলৰ কোনবিধ পদাৰ্থক প্ৰাথমিক সূত্ৰৰ পৰা পুনৰাই শোষণ কৰি নলয়-

(a) গ্লুক’জ।

(b) ইউৰিয়া।

(c) লৱণ।

(d) পানী।

উত্তৰঃ (b) ইউৰিয়া।

৭১। তলৰ কোনটো নেফ্ৰনৰ এটা অংশ নহয়—

(a) প্লমেৰুলাছ।

(b) ব’মৈনৰ সম্পুট। 

(c) সংগ্রাহক নলিকা। 

(d) মূত্রনলী।

উত্তৰঃ (d) মূত্রনলী।

৭২। তলৰ কোনটো মানুহৰ ৰেচন তন্ত্ৰৰ অংশ নহয়।

(a) বৃক্ক।

(b) মূত্রনালী।

(c) শুক্রাশয়।

(d) মূত্রাশয়।

উত্তৰঃ (c) শুক্রাশয়।

৭৩। আমাৰ লালটিত থকা উৎসেচক বিধ হ’ল—

(a) এমাইলেজ।

(b) পেপচিন।

(c) ট্রিপচিন।

(d) লাইপেজ।

উত্তৰঃ (a) এমাইলেজ।

৭৪। স্পাইগ্‌গ্ল’মেনোমিটাৰ এবিধ যন্ত্র, যাক মানুহৰ – জুখিবলৈ ব্যৱহাৰ কৰা হয়।

(a) ৰক্তচাপ।

(b) তেজত O₂ ৰ মাত্ৰা।

(c) তেজত শৰ্কৰাৰ মাত্ৰা। 

(d) তেজত ইউৰিয়াৰ মাত্ৰা।

উত্তৰঃ (a) ৰক্তচাপ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top