Class 10 Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণবিভাজন, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণবিভাজন Question Answer can be of great value to excel in the examination.
SEBA Class 10 Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণবিভাজন
SEBA Class 10 General Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণবিভাজন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণবিভাজন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণবিভাজন
Chapter – 5
ৰসায়ন বিজ্ঞান
Multiple Choice Questions & Answers
1. তলত দিয়া মৌলবোৰৰ পৰা ধাতুকল্পটো বাছি উলিওৱা –
(a) ছ’ডিয়াম।
(b) এলুমিনিয়াম।
(c) ক্ল’ৰিণ।
(d) ব’ৰণ।
উত্তৰঃ (d) ব’ৰণ।
2. মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে–
(a) বাঢ়ে।
(b) কমে।
(c) একেই থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) কমে।
3. তলৰ কোনটো এটা ড’বেৰেইনাৰৰ ট্ৰায়াড?
(a) Li, Na, Ca
(b) K, Sr, Ba
(c) Ca, Sr, Be
(d) Cl, Br, I
উত্তৰঃ (d) Cl, Br, I
4. মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক— এই কথাষাৰি কোনে আগবঢ়াইছিল?
(a) মেণ্ডেলিভ।
(b) ড’বেৰেইনাৰ।
(c) ব’ৰ।
(d) হেনৰী ম’জলে।
উত্তৰঃ (d)হেনৰী ম’জলে।
5. দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্রমে Li, Be B, C, N, O, F আৰু Ne – ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ?
(a) Li
(b) Be
(c) Ne
(d) F
উত্তৰঃ (a) Li
6. প্ৰথম বৰ্গৰ ধাতুসমূহ একাদিক্রমে Li, Na, K Rh, Cs, Fr ৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰমাণু থকা মৌলটো হ’ল-
(a) Rb
(b) Cs
(c) Li
(d) Fr
উত্তৰঃ (d) Fr
7. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ’লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে —
(a) বাঢ়ে।
(b) কমে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) বাঢ়ে।
8. আধুনিক পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে–
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) একে থাকে।
9. আধুনিক পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লৈ মৌলবোৰৰ যোজ্যতা ক্রমান্বয়ে–
(a) কমে।
(b) থাকে।
(c) একে থাকে।
(d) প্রথমে বাঢ়ি পিছত কমে।
উত্তৰঃ (d) প্রথমে বাঢ়ি পিছত কমে।
10. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে–
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাঢ়ে।
11. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা (ধাতৱীয় ধর্ম) ক্রমান্বয়ে–
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) কমে।
12. পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ’লৈ মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্রৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে-
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) বাঢ়ে।
13. পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা (অধাতৱীয় ধর্ম) ক্রমান্বয়ে –
(a) কমে।
(b) বাঢ়ে।
(c) একে থাকে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) কমে।
14. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা K মৌলৰ অক্সাইডৰ সংকেত হ’ল–
(a) KO₂
(b) K₂O
(c) K₂O₃
(d) KO
উত্তৰঃ (b) K₂O
15. এটা মৌল Xয়ে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি X₂O সংকেতেৰে যৌগ গঠন কৰে। মৌল X তলৰ কোনটো মৌলৰ সৈতে পর্যাবৃত্ত তালিকাত একেটা বৰ্গত থাকিব?
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰঃ (a) Na

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.



