Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ

Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Table of Contents

SEBA Class 10 General Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ

Chapter – 10

পদার্থ বিজ্ঞান

Multiple Choice Questions & Answers

1. গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য আৰু ভাজব্যাসাদ্ধৰ অনুপাত হ’ল—  

(a) 0.5 

(b) 1 

(c) 2 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(d) 3

উত্তৰঃ (a) 0.5

2. অৱতল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব। 

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

3. উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব —

(a) সৎ, বিবর্ধিত।

(b) সৎ, সংকুচিত।

(c) অসৎ, বিবর্ধিত।

(d) অসৎ, সংকুচিত।

উত্তৰঃ (d) অসৎ, সংকুচিত।

4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়–

(a) উত্তল দাপোণ।

(b) অৱতল দাপোণ। 

(c) সমতল দাপোণ।

(d) ইয়াৰ নহয়। 

উত্তৰঃ (a) উত্তল দাপোণ।

5. সমতল দাপোণত উৎপন্ন প্রতিবিম্ব–

(a) সৎ, অলোটা, সংকুচিত।

(b) অসৎ, থিয়  বিবর্ধিত।

(c) অসৎ থিয় সমান। 

(d) অসৎ, থিয় সংকুচিত।

উত্তৰঃ (c) অসৎ থিয় সমান। 

6. তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহুল–

(a) সমতল।

(b) উত্তল। 

(c) অৱতল।

(d) এটাও নহয়।

উত্তৰঃ (b) উত্তল। 

7. এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ’ব লাগিব –

(a) মেৰু আৰু মুখ্য ফ’কাছৰ মাজত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত। 

(c) ভাঁজকেন্দ্ৰত।

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (c) ভাঁজকেন্দ্ৰত।

8. তলৰ কোনটো লক্ষ্যৰন্তৰ অৱস্থানৰ বাবে অতল দাপোণ এখনে সৎ গুলোটা প্রতিবিম্ব গঠন নকৰে – 

(a) অসীমত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত। 

(d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

9. অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –

(a) ভাঁজকেন্দ্ৰত।

(b) মুখ ফ’কাছত। 

(c) মুখ্য ফ’কাছ আৰু ভীজকেন্দ্ৰৰ মাজত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

 উত্তৰঃ (b) মুখ ফ’কাছত। 

10. অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –

(a) মুখ্য ফ’কাছত। 

(b) মুখ্য ফ ‘কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত। 

উত্তৰঃ (d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত। 

11. অৱতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান –

(a) ভাঁজকেন্দ্ৰত।

(b) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(c) অসীমত।

(d) মুখ্য ফ’কাছত।

উত্তৰঃ (c) অসীমত।

12. অৱতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তু বাবে উৎপন্ন প্রতিবিম্বৰ স্থান –

(a) ভাঁজকেন্দ্র।

(b) অসীম।

(c) মুখ্য ফ’কাছ। 

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (a) ভাঁজকেন্দ্র।

13. এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব –

(a) মুখ্য ফ’কাছত। 

(b) অসীমত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(d) মুখ্য ফ’কাছ আৰু মেৰুৰ মাজত।

উত্তৰঃ (b) অসীমত।

14. এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব – 

(a) অসীমত।

(b) ভাজকেন্দ্ৰত।

(c) ভাঁজকেন্দ্র আৰু মুখ্য ফ’কাছৰ মাজত।

(d) মুখ্য ফ’কাছত।

উত্তৰঃ (d) মুখ্য ফ’কাছত।

15. উত্তল লেন্‌ছত উৎপন্ন প্রতিবিম্ব –

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top