Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Question Answer can be of great value to excel in the examination.
SEBA Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
SEBA Class 10 General Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
Chapter – 11
পদার্থ বিজ্ঞান
Multiple Choice Questions & Answers
1. তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্রয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়—
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) স্ফটিকীয় লেন্ছ।
(d) চকুৰ মণি।
উত্তৰঃ (c) স্ফটিকীয় লেন্ছ।
2. তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে –
(a) চকুৰ মণি।
(b) কর্ণিয়া।
(c) লেন্ছ।
(d) চিলিয়াৰী পেশী।
উত্তৰঃ (a) চকুৰ মণি।
3. তলৰ কোনটো অংশই চকুৰ লেন্ছৰ বক্রতা সলনি কৰে?
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) চকুৰ মণি।
(d) চিলিয়াৰী পেশী।
উত্তৰঃ (d) চিলিয়াৰী পেশী।
4. সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা-
(a) অসীম।
(b) 25cm
(c) 2.5 cm
(d) 250m
উত্তৰঃ (b) 25cm
5. সুস্থ চকুৰ বাৰে চকুৰ দুৰ বিন্দু থাকে চকুৰ পৰা–
(a) 25 cm
(b) 100 cm
(c) অসীমত।
(d) 100km
উত্তৰঃ (c) অসীমত।
6. কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব–
(a) মায়’পিয়া।
(b) হাইপাৰমেট্ৰ ‘পিয়া।
(c) প্ৰেছবায়’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) মায়’পিয়া।
7. কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 cm তকৈ বেছি দূৰত্বত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব–
(a) প্ৰেছবায়’পিয়া।
(b) মায়’পিয়া।
(c) হাইপাৰমেট্ৰ’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) হাইপাৰমেট্ৰ’পিয়া।
8. বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ’ল–
(a) মায়’পিয়া।
(b) প্ৰেছবায়’পিয়া।
(c) হাইপাৰমেট্ৰ’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) প্ৰেছবায়’পিয়া।
9. প্রিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়–
(a) প্রিজমৰ কোণ।
(b) নির্গত কোণ।
(c) প্ৰতিসৰণ কোণ।
(d) বিচ্যুতি কোণ।
উত্তৰঃ (d) বিচ্যুতি কোণ।
10. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়?
(a) নীলা।
(b) বেঙুনীয়া।
(c) ৰঙা।
(d) কমলা।
উত্তৰঃ (c) ৰঙা।
11. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ পোহৰত থকা তলৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছিকৈ কেঁকা হয়?
(a) বেঙুনীয়া।
(b) ৰঙা।
(c) হালধীয়া।
(d) নীল।
উত্তৰঃ (a) বেঙুনীয়া।
12. সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্রথম বিজ্ঞানীগৰাকী আছিল–
(a) গেলিলিঅ’।
(b) টিণ্ডেল।
(c) নিউটন।
(d) ফ্লেমিং।
উত্তৰঃ (c) নিউটন।
13. বৰষুণ এজাকৰ পিছত আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনাটো হ’ল–
(a) প্রতিফলন।
(b) প্রতিসৰণ।
(c) বিক্ষেপণ।
(d) বিচ্ছুৰণ।
উত্তৰঃ (d) বিচ্ছুৰণ।
14. তলৰ কোনটো পৰিঘটনাৰ বাবে আমি অগ্রিম সূর্যোদয় আৰু পলম সূর্যাস্ত দেখো–
(a) প্ৰতিসৰণ।
(b) প্রতিফলন।
(c) বিচ্ছুৰণ।
(d) বিক্ষেপণ।
উত্তৰঃ (a) প্ৰতিসৰণ।
15. তলৰ কোনটো পোহৰৰ পৰিঘটনা তৰাৰ তিৰবিৰণিৰ লগত জড়িত–
(a) প্রতিফলন।
(b) বিক্ষেপণ।
(c) বিচ্ছুৰণ।
(d) প্রতিসৰণ।
উত্তৰঃ (d) প্রতিসৰণ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



