Class 10 Science MCQ Chapter 12 বিদ্যুৎ

Class 10 Science MCQ Chapter 12 বিদ্যুৎ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 12 বিদ্যুৎ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 12 বিদ্যুৎ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 12 বিদ্যুৎ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 12 বিদ্যুৎ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বিদ্যুৎ

Chapter – 12

পদার্থ বিজ্ঞান

Multiple Choice Questions & Answers

(a) এম্পিয়াৰ।

(b) ভল্ট।

(c) কুলম্ব।

(d) ৱাট। 

উত্তৰঃ (c) কুলম্ব।

2. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা–

(a) 6.25 x 10¹⁹

(b) 6.25 x 10²⁰ 

(c) 6.25 x 10¹²

(d) 6.25 x 10¹⁸

উত্তৰঃ (d) 6.25 x10¹⁸

3. বৈদ্যুতিক প্ৰবাহৰ SI একক –

(a) ভল্ট। 

(b) ৱাট।

(c) কুলম্ব।

(d) এম্পিয়াৰ।

উত্তৰঃ (d) এম্পিয়াৰ।

4. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ –

(a) 1.6 × 10 ⁻¹⁹C

(b) 1.6 × 10 ⁻¹⁸C

(c) 1.6 × 10⁻¹¹C

(d) 1.6 × 10⁻⁶C

উত্তৰঃ (a) 1.6 × 10 ⁻¹⁹C

5. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য–

(a) বৈদ্যুতিক প্ৰবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ।

(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।

(c) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত। 

(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়।

উত্তৰঃ (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।

6. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়।

(a) IC/ IV

(b) IV/ IC

(c) IC/ IS

(d) IJ/ IC

উত্তৰঃ (c) IC/ IS

7. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল–

(a) ভল্টমিটাৰ।

(b) এমিটাৰ।

(c) গেলভেন’মিটাৰ। 

(d) পৰিৱৰ্তনশীল ৰোধ।

উত্তৰঃ (b) এমিটাৰ।

8. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব–

(a) 5C

(b) 50C

(c) 600C

(d) 300C

উত্তৰঃ (c) 600C

9. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব? 

(a) 1.6 × 10¹⁵

(b) 1.6 × 10¹⁹

(c) 1.6 × 10¹²

(d) 1.6 × 10⁶

উত্তৰঃ (c) 1.6 × 10¹²

10. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায় –

(a) 1JC⁻¹

(b) 1Cs⁻¹

(c) 1Js⁻¹

(d) 1VC⁻¹

উত্তৰঃ (a) 1JC⁻¹

11. বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ’ল–

(a) এমিটাৰ।

(b) ভল্টমিটাৰ।

(c) গেলভেন’মিটাৰ। 

(d) পৰিৱৰ্তনশীল ৰোধ।

উত্তৰঃ (b) ভল্টমিটাৰ।

12. বর্তনীত বিভৱভেদ জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্টমিটাৰ এটা সংযোগ কৰা হয়–

(a) সমান্তৰালভাৱে।

(b) শ্রেণীবদ্ধভাৱে।

(c) শ্রেণীবদ্ধ বা সমান্তৰালভাৱে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) সমান্তৰালভাৱে।

13. বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বৰ্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয়–

(a) সমান্তৰালভাৱে।

(b) শ্রেণীবদ্ধভাৱে।

(c) শ্রেণীবদ্ধ বা সমান্তৰালভাৱে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) শ্রেণীবদ্ধভাৱে।

14. 6V বিভৱভেদৰ দুটা বিন্দুৰ মাজত 4C আধান চালিত কৰোঁতে কৰিবলগীয়া কাৰ্য–

(a) 1.5 J

(b) 12 J

(c) 2/ 3

(d) 24 J

উত্তৰঃ (d) 24 J

15. 2mA প্রবাহ বোৱা ৰোধক এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ 9V হ’লে, ৰোধকটোৰ ৰোধ হ’ব –

(a) 2Ω

(b) 4Ω

(c) 4.8 × 10³Ω

(d) 4.8Ω

উত্তৰঃ (c) 4.8 × 10³Ω

16. 20Ω ৰোধক এটাৰ মাজেৰে 3μA (মাইক্ৰ’এম্পিয়াৰ) প্ৰবাহ চালিত হ’লে, ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ হ’ব–

(a) 60V 

(c) 6 × 10⁻⁷V

(b) 10V

(d) 6 × 10⁻⁵ V

উত্তৰঃ (d) 6 × 10⁻⁵ V

17. 15Ω ৰোধৰ বৈদ্যুতিক হিটাৰ এটাই 3kV বিভৱভেদত কাম কৰিলে, ই কঢ়িওৱা প্ৰবাহ হ’ব 

(a) 200A

(b) 45A

(c) 45000A 

(d) 5A

উত্তৰঃ (a) 200A

18. বৈদ্যুতিক ৰোধৰ SI একক–

(a) Ω

(b) Ωm

(c) C

(d) A

উত্তৰঃ (a) Ω

19. তলৰ কোনটোই 1 ওমক সূচায় –

(a) 1V/ 1s

(b) 1V/ 1A

(c) 1J/ 1C

(d) 1C/ 1s

উত্তৰঃ (b) 1V/1A

20. বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ হ’ল—

(a) গেলভেন’মিটাৰ।

(b) এমিটাৰ।

(c) ভল্টমিটাৰ।

(d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)।

উত্তৰঃ (d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)।

21. পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকটো হ’ল –

(a) পৰিবাহীৰ দৈৰ্ঘ্য।

(b) পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি।

(c) পৰিবাহীৰ উষ্ণতা।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

22. বৰ্তনী এটাৰ পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ’ল। বৰ্তনীৰ প্ৰবাহৰ মান— 

(a) দুগুণলৈ বৃদ্ধি হ’ব।

(b) পূৰ্বতকৈ 1/2 হ’ব।

(c) পূৰ্বৰ প্ৰবাহৰ 1/3 গুণ হ’ব।

(d) একে থাকিব।

উত্তৰঃ (b) পূৰ্বতকৈ 1/2 হ’ব।

23. বিভৱভেদ স্থিৰে ৰাখি বৈদ্যুতিক উপাদান এটাৰৰোধৰ মান আধা কৰিলে, ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান আগৰ মানৰ তুলনাত হ’ব—

(a) আধা।

(b) একে।

(c) দুগুণ।

(d) 4 গুণ।

উত্তৰঃ (c) দুগুণ।

24. ৰোধ স্থিৰে থকা অৱস্থাত বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে, ইয়াৰ মাজেৰে চালিত প্রবাহৰ মান আগৰ মানৰ হ’ব-

(a) দুগুণ।

(b) তিনিগুণ।

(c) চাৰিগুণ।

(d) আধা।

উত্তৰঃ (d) আধা।

25. এটা পদাৰ্থৰ ৰোধকতাৰ SI একক- 

(a) Ω

(b) Ωm

(c) Ωm⁻¹

(d) Ωm⁻²

উত্তৰঃ (b) Ωm

26. 2Ω ৰোধৰ তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ’ল। অংশ চাৰিটা সমান্তৰাল সজ্জাত সংযোগ কৰা হ’ল। সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ R ৰে বুজালে, 2Ω : R হ’ব— 

(a) 16 

(b) 1/4

(c) 1/8

(d) 8

উত্তৰঃ (a) 16 

27. দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধ, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2, তাঁৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ’ব?

(a) 1 : 2

(b)1 : 4

(c) 4 : 1

(d) 1 : √2

উত্তৰঃ (d) 1 : √2

28. ৰোধকৰ শ্রেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য –

(a) প্ৰতিটো ৰোধকৰ মাজেৰে বোৱা প্ৰবাহৰ মান একে।

(b) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীৰ মুঠ বিভৱভেদৰ সমান।

(c) বৰ্তনীৰ মুঠ ৰোধৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়। 

(d) বৰ্তনীৰ মুঠ প্ৰবাহৰ পৰিমাণ যথেষ্ট কমি যায়। 

উত্তৰঃ (b)প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীৰ মুঠ বিভৱভেদৰ সমান।

29. ৰোধকৰ সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য–  

(a) বৰ্তনীৰ মুঠ প্ৰবাহৰ মান বৃদ্ধি পায়।

(b) বৰ্তনীৰ মুঠ ৰোধৰ মান হ্ৰাস পায়।

(c) প্ৰতিটো ৰোধকৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ বয়, যি বৰ্তনীৰ মুঠ প্ৰবাহৰ সমান। 

(d) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ সমান সমান আৰু ই বৰ্তনীৰ মুঠ বিভৱভেদৰ লগত একে। 

উত্তৰঃ (c) প্ৰতিটো ৰোধকৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ বয়, যি বৰ্তনীৰ মুঠ প্ৰবাহৰ সমান। 

30. তলৰ চিত্ৰত দিয়া সজ্জাটোৰ মুঠ ৰোধ হ’ব –

(a) 5Ω

(b) 2Ω

(c) 6Ω

(d) 21Ω

উত্তৰঃ (b) 2Ω

31. তলৰ চিত্ৰত দিয়া সজ্জাটোৰ সমতুল্য ৰোধ হ’ব– 

(a) 5Ω

(b) 2.5Ω

(c) 10Ω

(d) 1Ω

উত্তৰঃ (b) 2.5Ω

32. তলৰ কোনটো সমীকৰণ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্রক সূচায়—

(a) P = VI

(b) V = IR

(c) H = I²Rt

(d) P = V ²/R

উত্তৰঃ (c) H = I²Rt

33. বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ আধাৰত তলৰ কোনটো বৈদ্যুতিক সঁজুলিয়ে কাম নকৰে? 

(a) বৈদ্যুতিক ইস্ত্রি।

(b) বৈদ্যুতিক পাংখা।

(c) পাউৰুটি সেকা সঁজুলি।

(d) বৈদ্যুতিক কেটলি।

উত্তৰঃ (b) বৈদ্যুতিক পাংখা।

34. এটা বৈদ্যুতিক বর্তনীত শক্তিৰ খৰচৰ হাৰক বোলা হয়–

(a) বৈদ্যুতিক প্রবাহ।

(b) বৈদ্যুতিক ৰোধ।

(c) বৈদ্যুতিক বিভৱভেদ।

(d) বৈদ্যুতিক ক্ষমতা।

উত্তৰঃ (d) বৈদ্যুতিক ক্ষমতা।

35. বৈদ্যুতিক ক্ষমতাৰ SI একক–

(a) ওম।

(b) ভল্ট।

(c) ৱাট।

(d) এম্পিয়াৰ।

উত্তৰঃ (c) ৱাট।

36. তলৰ কোনটো প্ৰকাশৰাশিয়ে বৈদ্যুতিক ক্ষমতাক সূচায়–

(a) E/t

(b) Q/t

(c) W/Q

(d) V/R

উত্তৰঃ (a) E/t

37. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ৱাটক সূচায় –

(a) 1V × 1C

(b) 1V × 1A

(c) 1A × 1Ω

(d) 1J/1C

উত্তৰঃ 1V × 1A

38. তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক (বাণিজ্যিক) একক–

(a) জুন।

(b) কিলোৱাট।

(c) কিলোৱাট/ ঘণ্টা।

(d) ৱাট।

উত্তৰঃ (c) কিলোৱাট/ ঘণ্টা।

39. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক lkWh মানে –

(a) 36 × 10 ⁶J

(b) 3.6 × 10⁶ J

(c) 3.6 × 10⁵J

(d) 36 × 10 ⁴ J

উত্তৰঃ (b) 3.6 × 10⁶ J

40. বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট প্ৰস্তুত কৰিবলৈ তলৰ কোনটো ধাতু বহুলভাৱে ব্যৱহৃত হয়?

(a) তাম।

(b) এলুমিনিয়াম।

(c) নিকেল।

(d) টাংষ্টেন।

উত্তৰঃ (d) টাংষ্টেন।

41. বৈদ্যুতিক ফিউজে তলৰ কোনটো ক্ৰিয়াৰ আধাৰত কাম কৰে? 

(a) বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া।

(b) বিদ্যুৎ প্রবাহৰ পোহৰ ক্ৰিয়া।

(c) বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া।

(d) বিদ্যুৎ প্রবাহৰ যান্ত্ৰিক ক্রিয়া।

উত্তৰঃ (c) বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া।

42. বৈদ্যুতিক তাপীয় সঁজুলিৰ কুণ্ডলী তৈয়াৰ কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? 

(a) তাম ।

(b) নিকেল।

(c) টাংষ্টেন।

(d) নিক্ৰ’ম।

উত্তৰঃ (d) নিক্ৰ’ম।

43. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব—

(a) 1/25 

(b)1/5 

(c) 5

(d) 25

উত্তৰঃ (d) 25

44. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? 

(a) I²R 

(b) IR²

(e) VI 

(d) V²/ A

উত্তৰঃ (b) IR²

45. এটা বৈদ্যুতিক বাল্ব 220V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব— 

(a) 100W 

(b) 75W 

(c) 50W 

(d) 25W

উত্তৰঃ (d) 25W

46. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সঙ্গত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত—

(a) 1 : 2 

(b) 2 : 1 

(c) 1 : 4 

(d) 4 : 1

উত্তৰঃ (c) 1 : 4

Very Short & Short Type Questions and Answers

1. বিদ্যুৎ প্রৱাহ কি? 

উত্তৰঃ কোনো পৰিবাহীৰ এটা প্ৰস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্রৱাহ বোলে।

2. আধানৰ SI একক কি?

উত্তৰঃ কুলম্ব।  

3. বিদ্যুৎ প্ৰৱাহৰ SI একক কি? 

উত্তৰঃ এম্পিয়াৰ।

4. 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া।

উত্তৰঃ এডাল পৰিবাহীৰ কোনো এক প্রস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ’লে প্রস্থচ্ছেদটোৰ মাজেৰে চালিত প্রবাহক৷ এম্পিয়াৰ বুলি কোৱা হয়। 1A = 1c/1s

5. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান? 

উত্তৰঃ 6.25 x 10¹⁸ টা।

6. বিদ্যুৎ প্রবাহৰ প্ৰচলিত দিশ কি? 

উত্তৰঃ  বৈদ্যুতিক বর্তনী এটাৰ বৈদ্যুতিক কোষ বা বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ।

7. বৈদ্যুতিক বর্তনী এটাত ইলেক্ট্ৰনৰ গতিৰ দিশ কি? 

উত্তৰঃ বৈদ্যুতিক কোষ বা বেটাৰীৰ ঋণাত্মক মেৰু (কম বিভৱৰ অঞ্চল) ৰ পৰা ধনাত্মক মেৰু (বেছি বিভৱৰ অঞ্চল) লৈ। 

8. পৰিবাহী এডালৰ মাজেৰে আধানৰ পৰিবহণৰ বাবে প্রয়োজনীয় চৰ্তটো কি? 

উত্তৰঃ পৰিবাহীৰ দুয়ো মূৰৰ মাজত এক বিভৱভেদ স্থাপন। 

9. এমিটাৰ কি?

উত্তৰঃ এমিটাৰ হ’ল বৈদ্যুতিক বর্তনী এটাত বৈদ্যুতিক প্ৰবাহৰ পৰিমাণ জোখা এবিধ সঁজুলি। 

10. বৈদ্যুতিক বর্তনী এটাত এমিটাৰ এটা কেনেদৰে সংযোগ কৰা হয়? 

উত্তৰঃ বৰ্তনীৰ উপাদানসমূহৰ লগত শ্রেণীবদ্ধভাৱে। 

11. বৈদ্যুতিক বিভৱভেদ কাক বোলে? 

উত্তৰঃ এখন বৈদ্যুতিক ক্ষেত্ৰৰ কোনো দুটা বিন্দুৰ মাজত এটা একক ধনাত্মক আধান সৰবহাৰ কৰিবলৈ কৰিবলগীয়া কাৰ্যৰ পৰিমাণকে উক্ত বিন্দু দুটাৰ মাজৰ বৈদ্যুতিক বিভৱভেদ বোলে। 

12. বৈদ্যুতিক বিভৱভেদৰ SI একক কি? 

উত্তৰঃ ভল্ট। 

13. 1 ভল্ট বিভৱভেদৰ সংজ্ঞা লিখা। 

উত্তৰঃ  এখন বৈদ্যুতিক ক্ষেত্ৰৰ কোনো দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান সৰবৰাহ কৰোঁতে যদি 1 জুল কাৰ্য কৰিবলগীয়া হয়, তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱভেদক 1 ভল্ট বুলি কোৱা হয়। অর্থাৎ, IV = 1J/1C

14. ভল্টমিটাৰ কি? 

উত্তৰঃ বৈদ্যুতিক বর্তনী এটাৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ হোৱা সঁজুলিবিধক ভল্টমিটাৰ বোলে। 

15. ওমৰ সূত্ৰটো লিখা। 

উত্তৰঃ উষ্ণতা স্থিৰে থকা অৱস্থাত বর্তনীত সংযোজিত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, তাঁৰডালৰ মাজেৰে চালিত প্রবাহৰ সমানুপাতিক। ইয়াকে ওমৰ সূত্ৰ বোলে।

16. ওমৰ সূত্ৰৰ গাণিতিক প্রকাশ লিখা।

উত্তৰঃ যদি পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ V আৰু ইয়াৰ মাজৰে চালিত প্রবাহ I হয়, তেন্তে—

 V ∝ I

⇒ V/I =R [ য’ত R ধ্রুবক।]

⇒ V = IR

ইয়াত ধ্ৰুৱক R = পৰিবাহীৰ ৰোধ। 

17. এডাল নিক্ৰ’ম তাঁৰৰ বাবে V-I লেখ অংকন কৰা।

উত্তৰঃ  

18. পৰিবাহীৰ ৰোধ কি? 

উত্তৰঃ পৰিবাহীৰ ৰোধ হ’ল পৰিবাহীডালৰ এক ধৰ্ম, যাৰ বাবে ই ইয়াৰ মাজেৰে যোৱা আধানৰ গতিক বাধা দিয়ে। 

19. ৰোধৰ SI একক কি? 

উত্তৰঃ ওম (Ω)।

20. 1 Ω ৰোধৰ সংজ্ঞা লিখা।

উত্তৰঃ যদি পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ IV থকা অৱস্থাত ইয়াৰ মাজেৰে IA বিদ্যুৎ প্রবাহ চালিত হয়, তেন্তে পৰিবাহীডালৰ ৰোধক 1Ω বুলি কোৱা হয়। অর্থাৎ, 1Ω =1V/1A

21. পৰিবৰ্তনশীল ৰোধ কি? 

উত্তৰঃ বিভৱভেদৰ উৎস সলনি নকৰাকৈ বর্তনীত প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধক পৰিৱৰ্তনশীল ৰোধ বোলে।

22. পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল?

উত্তৰঃ পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক (R∝ι )। 

23. একে ধাতুৰে গঠিত, একে প্রস্থচ্ছেদৰ এডাল দীঘল তাঁৰ আৰু এডাল চুটি তাঁৰৰ ভিতৰত কোনডালত প্রবাহ সহজে ব’ব?

উত্তৰঃ চুটি তাঁৰডালত। কাৰণ পৰিবাহীৰ দৈৰ্ঘ্য বাঢ়িলে ইয়াৰ ৰোধো বাঢ়ে। ফলত দীঘল তাঁৰডালত প্রবাহ সহজে বব নোৱাৰে। 

24. পৰিবাহীৰ বোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল হয়?

উত্তৰঃ পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপতিক[R∝ 1/A]অর্থাৎ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে পৰিবাহীৰ ৰোধ কমে আৰু প্ৰস্থচ্ছেদৰ কালি কমিলে ৰোধ বাঢ়ে। 

25. কোনো পদাৰ্থৰ ৰোধকতাই কি বুজায়? 

উত্তৰঃ কোনো এবিধ, পদাৰ্থৰে তৈয়াৰী 1 মিটাৰ দীঘল আৰু 1 মিটাৰ ² প্ৰস্থচ্ছেদৰ কালিবিশিষ্ট তাঁৰ এডাল ৰোধকে পদাৰ্থবিধৰ ৰোধকতা বোলে। 

26. বিদ্যুৎ প্রবাহৰ তাপীয় ক্রিয়া কাক বোলে? 

উত্তৰঃ যদি বৈদ্যুতিক বর্তনী এটা সম্পূৰ্ণৰূপে ৰোধকীয় হয়, অর্থাৎ কেৱল ৰোধকৰ সজ্জা এটাহে বেটাৰী এটাৰ লগত সংযোগ কৰা থাকে, তেন্তে উৎসৰ শক্তিৰ গোটেইখিনি কেৱল তাপশক্তি হিচাপে অপচয় হয়। ইয়াকে বৈদ্যুতিক প্ৰৱাহৰ তাপীয় ক্রিয়া বোলে। 

27. তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা। 

উত্তৰঃ R ৰোধৰ ৰোধক এটাৰ মাজেৰে t সময়ত l স্থিৰ প্ৰবাহ চালিত হ’লে, ৰোধকটোৱে উৎপন্ন কৰা তাপৰ পৰিমাণ হ’ব— H = l²Rt এই সমীকৰণটোকে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বোলে। 

28. বৈদ্যুতিক বাল্বৰ ফিলামেণ্টৰ জীৱনকাল কেনেদৰে দীঘলীয়া কৰা হয়? 

উত্তৰঃ ইয়াৰ বাবে সাধাৰণতে বাল্ববিলাকত ৰাসায়নিকভাৱে নিষ্ক্রিয় আর্গন আৰু নাইট্ৰ’জেন গেছ ভৰাই ৰখা হয়। 

29. বৈদ্যুতিক ফিউজ কি? 

উত্তৰঃ বৈদ্যুতিক ফিউজ হ’ল ঘৰুৱা বৈদ্যুতিক বর্তনীত ব্যৱহাৰ হোৱা এবিধ নিৰাপত্তামূলক ব্যৱস্থা, যিয়ে অবাঞ্ছিত উচ্চ প্রবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি ৰাখে।

30. বৈদ্যুতিক ফিউজৰ মূলনীতি কি? 

উত্তৰঃ বৈদ্যুতিক ফিউজ বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ওপৰত আধাৰিত। 

31. বৈদ্যুতিক ক্ষমতা কি? 

উত্তৰঃ এটা বৈদ্যুতিক বর্তনীত শক্তিৰ খৰচৰ হাৰক বৈদ্যুতিক ক্ষমতা বোলে। 

32. বৈদ্যুতিক ক্ষমতাৰ SI একক কি? 

উত্তৰঃ ৱাট (W)।

33. 1 বাট ক্ষমতাৰ সংজ্ঞা দিয়া। 

উত্তৰঃ IV বিভৱভেদত কাম কৰা কোনো বৈদ্যুতিক সঁজুলিয়ে 1A প্রবাহ কঢ়িয়ালে তাত খৰচ হোৱা ক্ষমতাক 1 বাট বোলে। অর্থাৎ, 1W = IV × 1A

34. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক বা বাণিজ্যিক একক কি?  

উত্তৰঃ কিলোৱাট ঘণ্টা (kwh)।

35. এটা 2V বেটাৰী, এটা 10Ω ৰোধক, এটা প্লাগচাবি, প্ৰবাহ জুখিবৰ বাবে এমিটাৰ আৰু 10Ω ৰোধকটোৰ দুয়োমূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি বৰ্তনীৰ নক্সা আঁকা।

উত্তৰঃ  

36. সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R₁ > R₂ > R₃ হয়, তেন্তে সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্রবাহৰ সম্পৰ্ক কি? 

উত্তৰঃ l₁ > l₂ > l₃

37. বৈদ্যুতিক সঁজুলি যেনে বৈদ্যুতিক ইস্ত্রি, বৈদ্যুতিক হিটাৰ, পাউৰুটি সেকা সঁজুলি আদিৰ মূলনীতি কি?

উত্তৰঃ বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্রিয়া। 

38. বৈদ্যুতিক ফিলামেন্টযুক্ত বাল্বৰ দ্বাৰা পোহৰ উৎপাদনৰ আঁৰৰ মূলনীতিটো কি? 

উত্তৰঃ বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্রিয়া। 

39. বৈদ্যুতিক বাল্বৰ ফিলামেন্ট বনাবলৈ ব্যৱহাৰ হোৱা ধাতুবিধৰ নাম আৰু চিহ্ন লিখা।

উত্তৰঃ  টাংষ্টেন (W)।  

40. বিভৱভেদ স্থিৰে ৰাখি কোনো বৰ্তনীৰ ৰোধ আগৰ মানৰ দুগুণ কৰিলে বৰ্তনীত প্রবাহ কেনেদৰে সলনি হ’ব? 

উত্তৰঃ প্ৰবাহ আগৰ মানৰ আধা হ’ব, কাৰণ 1∝ l/R

41. পদাৰ্থৰ ৰোধ আৰু ৰোধকতা উষ্ণতাৰ সৈতে কেনেদৰে পৰিৱৰ্তিত হয়? 

উত্তৰঃ উষ্ণতা বাঢ়িলে ৰোধ আৰু ৰোধকতা দুয়োটাই বাঢ়ে। 

42. 1 কিলোৱাট ঘণ্টা শক্তিৰ সংজ্ঞা দিয়া। 

উত্তৰঃ 1 কিলোৱাট ক্ষমতাৰ বৈদ্যুতিক সঁজুলি এটাই 1 ঘণ্টাত খৰচ কৰা শক্তিক 1 কিলোৱাট ঘণ্টা বোলে। অর্থাৎ, 1kwh = 1kw × 1h

43. R₁, R₂ আৰু R₃ ৰোধ বিশিষ্ট তিনিটা ৰোধকক শ্রেণীবদ্ধ ভাবে সংযোজিত কৰি এই সজ্জাক এটা এমিটাৰ আৰু প্লাগ ছাবিৰ মাজেৰে বেটাৰী এটাৰ লগত সংযোগ কৰা দেখুৱাই বৰ্তনী চিত্র আঁকা। ৰোধকৰ সজ্জাটোৰ দুয়ো মূৰৰ মাজৰ বিভৱভেদ জুখিবলৈ এটা ভল্টমিটাৰৰ সংযোগ দেখুৱাবা৷

উত্তৰঃ 

44. R₁, R₂ আৰু R₃ ৰোধিবিশিষ্ট তিনিটা ৰোধকৰ সমান্তৰাল সজ্জা এটিক এটা এমিটাৰ আৰু প্লাগ ছাবি মাজেৰে বেটাৰী এটাৰ লগত সংযোজিত কৰা দেখুৱাই বর্তনী চিত্র আঁকা। লগতে সজ্জাটোৰ দুয়োমূৰৰ মাজৰ বিভৱভেদ জুখিবলৈ এটা ভল্টমিটাৰ দেখুৱাবা।

উত্তৰঃ

অতি চমু প্ৰশ্নোত্তৰঃ

প্রশ্ন ১। বিদ্যুৎ প্রবাহ কি?

উত্তৰঃ কোনো পৰিবাহীৰ এটা প্রস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্রবাহ বোলে।

প্রশ্ন ২। বিদ্যুৎ প্রবাহৰ গাণিতিক প্ৰকাশটো লিখা।

উত্তৰঃ I = Q/t, য’ত I = প্রবাহ, Q = আধান আৰু t = সময়।

প্রশ্ন ৩। আধানৰ SI একক কি?

উত্তৰঃ কুলম্ব (C)।

প্রশ্ন ৪। বিদ্যুৎ প্ৰৱাহৰ SI একক কি?

উত্তৰঃ এম্পিয়াৰ (A)।

প্রশ্ন ৫। 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া।

উত্তৰঃ এডাল পৰিবাহীৰ কোনো এক প্রস্থচ্ছেদৰ মাজেৰে । ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ’লে প্ৰস্থচ্ছেদটোৰ মাজেৰে চালিত প্রবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়। 1A = 1c/1s।

প্রশ্ন ৬। 1 কুলম্ব আধানত থকা ইলেক্ট্রনৰ সংখ্যা কিমান?

উত্তৰঃ 6.25 × 10⁸ টা।

প্রশ্ন ৭। বিদ্যুৎ প্রবাহৰ প্ৰচলিত দিশ কি?

উত্তৰঃ বৈদ্যুতিক বর্তনী এটাৰ বৈদ্যুতিক কোষ বা বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ ৷

প্রশ্ন ৮। বৈদ্যুতিক বর্তনী এটাত ইলেক্ট্ৰনৰ গতিৰ দিশ কি?

উত্তৰঃ বৈদ্যুতিক কোষ বা বেটাৰীৰ ঋণাত্মক মেৰু (কম বিভৱৰ অঞ্চল) ৰ পৰা ধনাত্মক মেৰু (বেছি বিভৱৰ অঞ্চল)লৈ।

প্রশ্ন ৯। পৰিবাহী এডালৰ মাজেৰে আধানৰ পৰিবহণৰ বাবে প্ৰয়োজনীয় চৰ্তটো কি?

উত্তৰঃ পৰিবাহীৰ দুয়ো মূৰৰ মাজত এক বিভৱভেদ স্থাপন।

প্রশ্ন ১০। এমিটাৰ কি?

উত্তৰঃ এমিটাৰ হ’ল বৈদ্যুতিক বর্তনী এটাত বৈদ্যুতিক প্ৰবাহৰ পৰিমাণ জোখা এবিধ সঁজুলি।

প্রশ্ন ১১। বৈদ্যুতিক বর্তনী এটাত এমিটাৰ এটা কেনেদৰে সংযোগ কৰা হয়?

উত্তৰঃ বৰ্তনীৰ উপাদানসমূহৰ লগত শ্ৰেণীৱদ্ধভাৱে।

প্রশ্ন ১২। বৈদ্যুতিক বিভৱ কাক বোলে?

উত্তৰঃ বৈদ্যুতিক ক্ষেত্ৰ এখনৰ কোনো এক বিন্দুলৈ অসীমৰ পৰা এটা একক ধনাত্মক আধান সৰবৰাহ কৰিবলৈ প্ৰয়োজনীয় কাৰ্যৰ পৰিমাণকে উক্ত বিন্দুটোৰ বৈদ্যুতিক বিভৱ বোলে।

প্রশ্ন ১৩। বৈদ্যুতিক বিভৱৰ SI একক কি?

উত্তৰঃ ভল্ট (V)।

প্রশ্ন ১৪। বৈদ্যুতিক বিভৱভেদ কাক বোলে?

উত্তৰঃ এখন বৈদ্যুতিক ক্ষেত্ৰৰ কোনো দুটা বিন্দুৰ মাজত এটা একক ধনাত্মক আধান সববহাৰ কৰিবলৈ কৰিবলগীয়া কাৰ্যৰ পৰিমাণকে উক্ত বিন্দু দুটাৰ মাজৰ বৈদ্যুতিক বিভৱভেদ বোলে।

প্রশ্ন ১৫। বৈদ্যুতিক বিভৱভেদৰ প্ৰকাশৰাশি লিখা।

উত্তৰঃ V = W/Q, য’ত V = বিভৱভেদ, W= কাৰ্য আৰু Q = আধান।

প্রশ্ন ১৬। বৈদ্যুতিক বিভৱভেদৰ SI একক কি?

উত্তৰঃ ভল্ট (V)।

প্রশ্ন ১৭। 1 ভল্ট বিভৱভেদৰ সংজ্ঞা লিখা।

উত্তৰঃ এখন বৈদ্যুতিক ক্ষেত্ৰৰ কোনো দুটা বিন্দুৰ মাজত 1 কুলম্ব আধান সৰবৰাহ কৰোঁতে যদি 1 জুল কাৰ্য কৰিবলগীয়া হয়, তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱভেদক। ভল্ট বুলি কোৱা হয়। অর্থাৎ, 1V = 1J/1C

প্রশ্ন ১৮। ভল্টমিটাৰ কি?

উত্তৰঃ বৈদ্যুতিক বর্তনী এটাৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ হোৱা সঁজুলিবিধক ভল্টমিটাৰ বোলে।

প্রশ্ন ১৯। ওমৰ সূত্ৰটো লিখা।

উত্তৰঃ উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। ইয়াকে ওমৰ সূত্র বোলে।

প্রশ্ন ২০। কোনো পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মাজত কি সম্পর্ক আছে?

উত্তৰঃ উষ্ণতা স্থিৰে থকা অৱস্থাত কোনো পৰিবাহীৰ দুই মূৰৰ মাজত বিভৱভেদ ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক।

প্রশ্ন ২১। কোনো পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভেদ (V) আৰু ইয়াৰ মাজেৰে চালিত প্ৰৱাহ (I) ৰ মাজৰ লেখৰ প্ৰকৃতি কি?

উত্তৰঃ মূলবিন্দুৰ মাজেৰে যোৱা এডাল সৰলৰেখা।

প্রশ্ন ২২। পৰিবাহীৰ ৰোধ কি?

উত্তৰঃ পৰিবাহীৰ ৰোধ হ’ল পৰিবাহীডালৰ এক ধৰ্ম, যাৰ বাবে ই ইয়াৰ মাজেৰে যোৱা আধানৰ গতিক বাধা দিয়ে।

প্রশ্ন ২৩। ৰোধৰ SI একক কি?

উত্তৰঃ ওম।

প্রশ্ন ২৪। পৰিৱৰ্তনশীল ৰোধ কি?

উত্তৰঃ বিভৱভেদৰ উৎস সলনি নকৰাকৈ বৰ্তনীত প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধক পৰিৱৰ্তনশীল ৰোধ বোলে।

প্রশ্ন ২৫। কোনো বর্তনীত প্ৰবাহ ৰোধৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল?

উত্তৰঃ বিভৱভেদ স্থিৰে থকা অৱস্থাত প্রবাহ ৰোধৰ ব্যস্তানুপাতিক [I∝ 1/R] অর্থাৎ, বৰ্তনীত ৰোধ বাঢ়িলে প্ৰবাহৰ মান কমে আৰু ৰোধ কমিলে প্ৰবাহৰ মান বাঢ়ে।

প্রশ্ন ২৬। বিভৱভেদ স্থিৰে ৰাখি কোনো বৰ্তনীৰ ৰোধ আগৰ মানৰ দুগুণ কৰিলে বৰ্তনীত প্রবাহ কেনেদৰে সলনি হ’ব?

উত্তৰঃ প্রবাহ আগৰ মানৰ আধা হ’ব, কাৰণ [I∝ 1/R]

প্রশ্ন ২৭। পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল?

উত্তৰঃ পৰিবাহীৰ ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক (R∝ι) ।

প্রশ্ন ২৮। একে ধাতুৰে গঠিত, একে প্রস্থচ্ছেদৰ এডাল দীঘল তাঁৰ আৰু এডাল চুটি তাঁৰৰ ভিতৰত কোনডালত প্রবাহ সহজে ব’ব?

উত্তৰঃ চুটি তাঁৰডালত। কাৰণ পৰিবাহীৰ দৈৰ্ঘ্য বাঢ়িলে ইয়াৰ ৰোধো বাঢ়ে। ফলত দীঘল তাঁৰডালত প্রবাহ সহজে বব নোৱাৰে।

প্রশ্ন ২৯। পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল হয়?

উত্তৰঃ পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক [I∝ 1/A] অৰ্থাৎ  পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে পৰিবাহীৰ ৰোধ কমে আৰু প্ৰস্থচ্ছেদৰ কালি কমিলে ৰোধ বাঢ়ে।

প্রশ্ন ৩০। কোনো পদাৰ্থৰ ৰোধকতাই কি বুজায়?

উত্তৰঃ কোনো এবিধ পদাৰ্থৰে তৈয়াৰী 1 মিটাৰ দীঘল আৰু 1 মিটাৰ প্ৰস্থচ্ছেদৰ কালিবিশিষ্ট তাঁৰ এডালৰ ৰোধকে পদার্থবিধৰ ৰোধকতা বোলে।

প্রশ্ন ৩১ ৰোধকতাৰ SI একক কি?

উত্তৰঃ ওম.মিটাৰ।

প্রশ্ন ৩২। পদাৰ্থৰ ৰোধ আৰু ৰোধকতা উষ্ণতাৰ সৈতে কেনেদৰে পৰিৱৰ্তিত হয়?

উত্তৰঃ উষ্ণতা বাঢ়িলে ৰোধ আৰু ৰোধকতা দুয়োটাই বাঢ়ে।

প্রশ্ন ৩৩।শ্ৰেণীৱদ্ধ সজ্জাত সংলগ্ন R₁, R₂, আৰু R₃ ৰোধৰ সমতুল্য ৰোধৰ প্ৰকাশ ৰাশিটো লিখা।

উত্তৰঃ Rₛ = R₁ + R₂ + R₃

প্রশ্ন ৩৪। সমান্তৰাল সজ্জাত সংলগ্ন R₁, R₂, আৰু R₃ ৰোধৰ সমতুল্য ৰোধৰ প্ৰকাশ ৰাশিটো লিখা।

উত্তৰঃ 1/Rₚ =  1/R₁ + 1/R₂ + 1/R₃

প্রশ্ন ৩৫। বৈদ্যুতিক বাল্বৰ ফিলামেন্টৰ জীৱনকাল কেনেদৰে দীঘলীয়া কৰা হয়?

উত্তৰঃ ইয়াৰ বাবে সাধাৰণতে বাল্ববিলাকত ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন আৰু নাইট্ৰ’জেন গেছ ভৰাই ৰখা হয়।

প্রশ্ন ৩৬। বৈদ্যুতিক ফিউজ কি?

উত্তৰঃ বৈদ্যুতিক ফিউজ হ’ল ঘৰুৱা বৈদ্যুতিক বৰ্তনীত ব্যৱহাৰ হোৱা এবিধ নিৰাপত্তামূলক ব্যৱস্থা, যিয়ে অবাঞ্ছিত উচ্চ প্রবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি ৰাখে।

প্রশ্ন ৩৭। বৈদ্যুতিক ফিউজৰ মূলনীতি কি?

উত্তৰঃ বৈদ্যুতিক ফিউজ বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ওপৰত আধাৰিত৷

প্রশ্ন ৩৮। বৈদ্যুতিক ক্ষমতা কি?

উত্তৰঃ এটা বৈদ্যুতিক বৰ্তনীত শক্তিৰ খৰচৰ হাৰক বৈদ্যুতিক ক্ষমতা বোলে।

প্রশ্ন ৩৯। বৈদ্যুতিক ক্ষমতাৰ প্ৰকাশ ৰাশিটো লিখা।

উত্তৰঃ P = E/t, য’ত, P = বৈদ্যুতিক ক্ষমতা, E = শকি, t = সময়।

প্রশ্ন ৪০। বৈদ্যুতিক ক্ষমতাৰ SI একক কি?

উত্তৰঃ ৱাট (W)।

প্রশ্ন ৪১। 1 ৱাট ঘণ্টা শক্তি কি?

উত্তৰঃ 1 ৱাট ক্ষমতাবিশিষ্ট বৈদ্যুতিক সঁজুলি এটা 1 ঘণ্টাৰ বাবে ব্যৱহাৰ কৰিলে খৰচ হোৱা বৈদ্যুতিক শক্তিক 1 ৱাট ঘণ্টা বোলে।

প্রশ্ন ৪২। বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক বা বাণিজ্যিক একক কি?

উত্তৰঃ কিলোৱাট ঘণ্টা (kwh)।

প্রশ্ন ৪৩। বৈদ্যুতিক শক্তি, বৈদ্যুতিক ক্ষমতা আৰু সময়ৰ মাজৰ সম্পৰ্কটো কি?

উত্তৰঃ E = P × t, য’ত E = বৈদ্যুতিক শক্তি, P = বৈদ্যুতিক ক্ষমতা, t = সময়।

প্রশ্ন ৪৪। 1 কিলোৱাট ঘণ্টা শক্তিৰ সংজ্ঞা দিয়া।

উত্তৰঃ 1 কিলোৱাট ক্ষমতাৰ বৈদ্যুতিক সঁজুলি এটাই 1 ঘণ্টাত খৰচ কৰা শক্তিক 1 কিলোৱাট ঘণ্টা বোলে। অর্থাৎ, 1kwh = 1kw x 1h।

প্রশ্ন ৪৫। সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R₁ > R₂ > R₃ হয়, তেন্তে সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্রবাহৰ সম্পর্ক কি?

উত্তৰঃ I₁ < I₂ < I₃

বিকল্পীধৰ্মী প্রশ্নোত্তৰ

প্রশ্ন 1. বৈদ্যুতিক আধানৰ SI একক হ’ল—

(a) এম্পিয়াৰ।

(b) ভল্ট।

(c) কুলম্ব।

(d) ৱাট।

উত্তৰঃ (c) কুলম্ব।

প্রশ্ন 2.1 কুলম্ব আধানত থকা ইলেক্ট্রনৰ সংখ্যা—

(a) 6.25 × 10¹⁹

(b) 6.25 × 10²⁰

(c) 6.25 × 10¹²

(d) 6.25 × 10¹⁸

উত্তৰঃ (d) 6.25 × 10¹⁸

প্রশ্ন 3. বৈদ্যুতিক প্ৰবাহৰ SI একক—

(a) ভল্ট।

(b) ৱাট।

(c) কুলম্ব।

(d) এম্পিয়াৰ।

উত্তৰঃ (d) এম্পিয়াৰ।

প্রশ্ন 4. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ—

(a) 1.6 x 10⁻¹⁹ C 

(b) 1.6 × 10⁻¹⁸ C 

(c) 1.6 x 10⁻¹¹ C

(d) 1.6 x 10⁻⁶ C

উত্তৰঃ (a) 1.6 x 10⁻¹⁹ C 

প্রশ্ন 5. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—

(a) বৈদ্যুতিক প্ৰবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্রান্তলৈ৷

(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে ইলেক্ট্ৰনৰ।

(c) ইলেক্ট্রনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত।

(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়।

উত্তৰঃ (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে ইলেক্ট্ৰনৰ।

প্রশ্ন 6. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়—

(a) 1C/1V 

(b) 1V/1C

(c) 1C/1S

(d) 1J/1C

উত্তৰঃ (c) 1C/1S

প্রশ্ন 7. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল—

(a) ভল্টমিটাৰ।

(b) এমিটাৰ।

(c) গেলভেন মিটাৰ।

(d) পৰিৱৰ্তনশীল ৰোধ। 

উত্তৰঃ (b) এমিটাৰ।

প্রশ্ন 8. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব –

(a) 5C

(b) 50C

(c) 600C

(d) 300C

উত্তৰঃ (c) 600C

প্রশ্ন 9. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব?

(a) 6.25 x 10¹⁵

(b) 6.25 x 10¹⁹

(c) 6.25 x 10¹²

(d) 6.25 x 10⁶

উত্তৰঃ (c) 6.25 x 10¹²

প্রশ্ন 10. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায়—

(a) 1JC⁻¹

(b) 1Cs⁻¹

(c) 1Js⁻¹

(d) 1VC⁻¹

উত্তৰঃ (a) 1JC⁻¹

প্রশ্ন 11. বৰ্তনীৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ’ল—

(a) এমিটাৰ।

(b) ভল্টমিটাৰ।

(c) গেলভেন’মিটাৰ।

(d) পৰিৱৰ্তনশীল ৰোধ।

উত্তৰঃ (b) ভল্টমিটাৰ।

প্রশ্ন 12. বৰ্তনীত বিভৱভেদ জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্টমিটাৰ এটা সংযোগ কৰা হয়—

(a) সমান্তৰালভাৱে।

(b) শ্ৰেণীৱদ্ধভাৱে।

(c) শ্ৰেণীৱদ্ধ বা সমান্তৰালভাৱে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) সমান্তৰালভাৱে।

প্রশ্ন 13. বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বৰ্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয়—

(a) সমান্তৰালভাৱে।

(b) শ্ৰেণীৱদ্ধভাৱে।

(c) শ্ৰেণীৱদ্ধ বা সমান্তৰাল ভাৱে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) শ্ৰেণীৱদ্ধভাৱে।

প্রশ্ন 14. 6V বিভৱভেদৰ দুটা বিন্দুৰ মাজত 4C আধান চালিত কৰোঁতে কৰিবলগীয়া কার্য-

(a) 1.5 J

(b) 12 J

(c) 1/2

(d) 24 J

উত্তৰঃ (d) 24 J

প্রশ্ন 15. তলৰ কোনটো প্রকাশে ওমৰ সূত্ৰক নুসূচায়—

(a) V = I/R

(b) V = IR

(c) l = V/R

(d) R = V/I

উত্তৰঃ (a) V = I/R

প্রশ্ন 16. তলৰ কোনটো ওমৰ সূত্ৰৰ গাণিতিক প্রকাশ –

(a) I = VR

(b) R = VI

(c) V = IR

(d) H = I² Rt

উত্তৰঃ (c) V = IR

প্রশ্ন 17. তলৰ কোনটোই 1 ওমক সূচায়—

(a) 1V/1S

(b) 1V/1A

(c) 1J/1C

(d) 1C/1S

উত্তৰঃ (b) 1V/1A

প্রশ্ন 18. বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিদ্ধ হ’ল—

(a) গেলভেন’মিটাৰ।

(b) এমিটাৰ।

(c) ভল্টমিটাৰ।

(d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)।

উত্তৰঃ (d) পৰিৱৰ্তনশীল ৰোধ (ৰিঅ’ষ্টেট)।

প্রশ্ন 19. পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকটো হ’ল—

(a) পৰিবাহীৰ দৈৰ্ঘ্য।

(b) পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি।

(c) পৰিবাহীৰ উষ্ণতা।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্ন 20. পৰিবাহীৰ উষ্ণতা বাঢ়িলে ইয়াৰ ৰোধ—

(a) বাঢ়ে।

(b) কমে।

(c) একে থাকে।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) বাঢ়ে।

প্রশ্ন 21. পৰিবাহীৰ দৈৰ্ঘ্য দুগুণ কৰিলে ইয়াৰ ৰোধৰ মান আগৰ মানৰ তুলনাত হ’ব—

(a) আধা।

(b) দুগুণ।

(c) একে।

(d) চাৰিগুণ।

উত্তৰঃ (b) দুগুণ।

প্রশ্ন 22. পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি দুগুণ কৰিলে ইয়াৰ ৰোধ আগৰ মানৰ তুলনাত-

(a) আধা।

(b) দুগুণ।

(c) চাৰিগুণ।

(d) একে।

উত্তৰঃ (a) আধা।

প্রশ্ন 23. বৰ্তনী এটাৰ পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ’ল। বৰ্তনীৰ প্ৰবাহৰ মান—

(a) দুগুণলৈ বৃদ্ধি হ’ব।

(b) পূৰ্বতকৈ 1/2 হ’ব।

(c) পূৰ্বৰ প্ৰবাহৰ 1/3 গুণ হ’ব।

(d) একে থাকিব।

উত্তৰঃ (b) পূৰ্বতকৈ 1/2 হ’ব।

প্রশ্ন 24. বৰ্তনী এটাৰ পৰিবাহী তাঁৰডালৰ প্ৰস্থচ্ছেদৰ কালি দুগুণ কৰা হ’ল৷ বৰ্তনীৰ প্ৰবাহৰ মান আগৰ মানৰ তুলনাত হ’ব-

(a) দুগুণ।

(b) আধা।

(c) 1/3 গুণ।

(d) একে।

উত্তৰঃ (a) দুগুণ।

প্রশ্ন 25. বিভৱভেদ স্থিৰে ৰাখি বৈদ্যুতিক উপাদান এটাৰ ৰোধৰ মান আধা কৰিলে, ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান আগৰ মানৰ তুলনাত হ’ব—

(a) আধা।

(b) একে।

(c) দুগুণ।

(d) 4 গুণ।

উত্তৰঃ (c) দুগুণ।

প্রশ্ন 26. ৰোধ স্থিৰে থকা অৱস্থাত বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে, ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মান আগৰ মানৰ হ’ব-

(a) দুগুণ।

(b) তিনিগুণ।

(c) চাৰিগুণ।

(d) আধা।

উত্তৰঃ (d) আধা।

প্রশ্ন 27. দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধ, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2, তাঁৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ’ব?

(a) 1:2

(b) 1:4

(c) 4:1

(d) 1 : √2

উত্তৰঃ (d) 1 : √2

প্রশ্ন 28. ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—

(a) প্ৰতিটো ৰোধকৰ মাজেৰে বোৱা প্ৰবাহৰ মান একে।

(b) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বর্তনীৰ মুঠ বিভৱভেদৰ সমান।

(c) বৰ্তনীৰ মুঠ ৰোধৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায়।

(d) বৰ্তনীৰ মুঠ প্ৰবাহৰ পৰিমাণ যথেষ্ট কমি যায়।

উত্তৰঃ (b) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ বর্তনীৰ মুঠ বিভৱভেদৰ সমান।

প্রশ্ন 29. ৰোধকৰ সমান্তৰাল সজ্জাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—

(a) বৰ্তনীৰ মুঠ প্ৰবাহৰ মান বৃদ্ধি পায়।

(b) বৰ্তনীৰ মুঠ ৰোধৰ মান হ্রাস পায়।

(c) প্ৰতিটো ৰোধকৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ বয়, যি বৰ্তনীৰ মুঠ প্ৰবাহৰ সমান।

(d) প্ৰতিটো ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ সমান সমান আৰু ই বৰ্তনীৰ মুঠ বিভৱভেদৰ লগত একে।

উত্তৰঃ (c) প্ৰতিটো ৰোধকৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ বয়, যি বৰ্তনীৰ মুঠ প্ৰবাহৰ সমান।

প্রশ্ন 30. তলৰ কোনটো সমীকৰণ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰক সূচায়—

(a) P = VI

(b) V = IR

(c) H = I² Rt

(d) P = V²/R

উত্তৰঃ (c) H = I² Rt

প্রশ্ন 31. এটা ৰোধকে উৎপন্ন কৰা তাপৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—

(a) উৎপন্ন হোৱা তাপ ৰোধৰ সমানুপাতিক।

(b) উৎপন্ন হোৱা তাপ সময়ৰ সমানুপাতিক। 

(c) উৎপন্ন হোৱা তাপ প্ৰবাহৰ সমানুপাতিক।

(d) উৎপন্ন হোৱা তাপ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক।

উত্তৰঃ (c) উৎপন্ন হোৱা তাপ প্ৰবাহৰ সমানুপাতিক।

প্রশ্ন 32. বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ আধাৰত তলৰ কোনটো বৈদ্যুতিক সঁজুলিয়ে কাম নকৰে?

(a) বৈদ্যুতিক ইস্ত্রি।

(b) বৈদ্যুতিক পাংখা।

(c) পাউৰুটি সেকা সঁজুলি।

(d) বৈদ্যুতিক কেটলি।

উত্তৰঃ (b) বৈদ্যুতিক পাংখা।

প্রশ্ন 33. এটা বৈদ্যুতিক বৰ্তনীত শক্তিৰ খৰচৰ হাৰক বোলা হয় –

(a) বৈদ্যুতিক প্রবাহ।

(b) বৈদ্যুতিক ৰোধ।

(c) বৈদ্যুতিক বিভৱভেদ।

(d) বৈদ্যুতিক ক্ষমতা।

উত্তৰঃ (d) বৈদ্যুতিক ক্ষমতা।

প্রশ্ন 34. বৈদ্যুতিক ক্ষমতাৰ SI একক—

(a) ওম।

(b) ভল্ট।

(c) ৱাট।

(d) এম্পিয়াৰ।

উত্তৰঃ (c) ৱাট।

প্রশ্ন 35. তলৰ কোনটো প্ৰকাশৰাশিয়ে বৈদ্যুতিক ক্ষমতাক সূচায়—

(a) E/t

(b) Q/t

(c) W/Q

(b) V/R

উত্তৰঃ (a) E/t

প্রশ্ন 36. তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক (বাণিজ্যিক) একক –

(a) জুল।

(b) কিলোৱাট। 

(c) কিলোৱাট/ঘণ্টা।

(d) ৱাট।

উত্তৰঃ (c) কিলোৱাট/ঘণ্টা।

প্রশ্ন 37. বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1kWh মানে— 

(a) 36 × 10⁶ J 

(b) 3.6 x 10⁶J 

(c) 3.6 x 10⁵ J 

(d) 36 x 10⁴ J

উত্তৰঃ (b) 3.6 x 10⁶J

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top